প্ৰাচীন ভাৰতীয় চিকিৎসা বিজ্ঞান-(গৌতম শৰ্মা)

‘চিকিৎসা বিজ্ঞান’ অৰ্থাৎ ইংৰাজীৰ 'মেডিচিন' শব্দটো লেটিন ভাষাৰ ‘ars medicina’ শব্দৰ পৰা অহা, যাৰ অৰ্থ হৈছে 'The Medical Art' অৰ্থাৎ ‘চিকিৎসাৰ কলা’। মানৱ শৰীৰ তথা মনৰ স্বাস্থ্য ভালে ৰখোৱাৰ উদ্দেশ্যে ৰোগ নিৰাময় আৰু প্ৰতিষেধৰ বিষয়ে চিকিৎসা বিজ্ঞান বিষয়ত অধ্যয়ন কৰা হয়; লগতে প্ৰয়োজন অনুসৰি বিভিন্ন পদ্ধতিসমূহো প্ৰয়োগ কৰা হয়। উল্লেখযোগ্য যে, সময়ৰ দ্ৰুত পৰিৱৰ্তনৰ লগে লগে মানুহৰ চিন্তা, সৃষ্টি তথা উদ্ভাৱনী কলাসমূহলৈও দ্ৰুত পৰিৱৰ্তনসমূহ আহিছে, যাৰ প্ৰভাৱ সম্প্ৰতি চিকিৎসা বিজ্ঞান বিষয়টো ব্যাপকমাত্ৰাত পৰিছে। বিশ্বৰ অন্যান্য দেশসমূহৰ দৰেই আজি আমাৰ দেশ ভাৰতবৰ্ষৰ চিকিৎসা বিজ্ঞানেও বহুদূৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে কিন্তু এই সফলতাৰ আঁৰত থকা প্ৰাৰম্ভিক কথাখিনিক যদি আমি অৱজ্ঞা কৰোঁ তেন্তে বহু কথাই আমাৰ পৰা অজ্ঞাত হৈ ৰ'ব। ভাৰতীয় চিকিৎসা বিজ্ঞানৰ প্ৰাৰম্ভিক সময় বুলি ক'লে আমি প্ৰাচীন ভাৰতীয় চিকিৎসা বিজ্ঞানৰ কথাই বুজোঁ। যিখিনি সময়ক ‘আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি’ৰ জন্ম আৰু ক্ৰমবিকাশৰ সময় হিচাপেও আমি অভিহিত কৰিব পাৰোঁ। এইখিনিতেই এটা কথা উল্লেখ নকৰিলে ভুল কৰা হ’ব যে আৰ্যসকল ভাৰতভূমিলৈ অহাৰ আগেয়ে এই ভূখণ্ডত গঠিত হোৱা ভাৰতৰ প্ৰথম আৰু প্ৰাচীন সভ্যতা হিচাপে খ্যাত সিন্ধু সভ্যতাৰ ধ্বংসস্তুপত আৱিষ্কৃত বিজ্ঞানসন্মত আৰ্হিত নিৰ্মিত নলা-নৰ্দমা, স্বাস্থ্যসন্মত ঘৰ-দুৱাৰ, হাত-মুখ ধোৱা বেচিন, বিজ্ঞানসন্মত স্নানাগাৰ ইত্যাদিসমূহে এটা কথা স্পষ্টকৈ আমাক কয় যে হিন্দু সভ্যতাৰ অধিবাসীসকল চিকিৎসা, স্বাস্থ্যৰ প্ৰতি বিশেষ সতৰ্ক আছিল।

সি যি কি নহওক, সিন্ধু সভ্যতাৰ পৰৱৰ্তী বৈদিক সভ্যতা হৈছে ভাৰতীয় চিকিৎসা বিজ্ঞান উন্নয়নৰ এক সোণালী সময়। এই যুগৰ ভাৰতীয়সকলে শৰীৰ তত্ব, জৈৱিক ক্ৰিয়া-প্ৰক্ৰিয়া ইত্যাদি সম্পৰ্কে অনেক উচ্চ অধ্যয়ন, গৱেষণা কৰিছিল। ইয়াৰ উদাহৰণ অথৰ্ববেদত সুন্দৰৰূপত পোৱা যায়; এই বেদত উল্লেখ থকা 'আয়ুৰ্বেদ' হৈছে বিশ্বৰ এক অতি প্ৰাচীনতম চিকিৎসা বিজ্ঞান বিষয়ক গ্ৰন্থ। 'আয়ু' শব্দৰ অৰ্থ হৈছে ‘জীৱ’ বা ‘প্ৰাণ’ আৰু ‘বেদ’ শব্দৰ অৰ্থ হৈছে ‘জ্ঞান’, এই আয়ুৰ্বেদে গুৰুত্ব দিয়া প্ৰধান কথাষাৰ হৈছে- "Prevention is better than cure" অৰ্থাৎ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত দৰৱ বা ঔষধ ব্যৱহাৰ কৰি ৰোগ নিৰাময় কৰাতকৈ বেমাৰ নোহোৱাকৈ থকা আৰু লগতে বেমাৰক পুলিয়ে-পোখাই উভালি পেলোৱাৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হৈছিল। উল্লেখনীয় কথাটো হ'ল যে, প্ৰাচীন ভাৰতত জন্ম হৈ ক্ৰমাৎ বিকশিত হোৱা এই আয়ুৰ্বেদিক চিকিৎসা সেৱাই আজিও সমগ্ৰ বিশ্বজুৰি প্ৰবলভাৱে বিস্তাৰিত, সমাদৃত হৈ আছে। যি কথাই আমাক প্ৰতিপল প্ৰাচীন ভাৰতীয় চিকিৎসা বিজ্ঞানৰ চমৎকাৰ উন্নতি, বিভিন্নজন প্ৰাচীন ভাৰতীয় চিকিৎসকৰ অনবদ্য অৱদানৰ কথাকেই আমাক প্ৰতিপল কৈ আছে।

প্ৰাচীন ভাৰতত বিকশিত হোৱা আয়ুৰ্বেদ চিকিৎসা সেৱাৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ অন্তৰালত কেতবোৰ প্ৰবাদ, জনশ্ৰুতি তথা উপকথাৰ প্ৰচলন হৈ আহিছে। এইসমূহৰ উৰ্দ্ধত ঐতিহাসিক সাহিত্যিক সমলবোৰৰ ওপৰত ভিত্তি কৰি এটা কথা আমাৰ জ্ঞাত হৈছে যে মহামুনি ভৰদ্বাজৰ পৰা আত্ৰেয় আৰু তেওঁৰ শিষ্যসকলে পোনপ্ৰথমে আয়ুৰ্বেদৰ জ্ঞান লাভ কৰিছিল। আত্ৰেয় আছিল বুদ্ধদেৱৰ সময়ৰ সমসাময়িক অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ এজন প্ৰখ্যাত চিকিৎসক আৰু শিক্ষক। তেওঁ তক্ষশীলাত বহু বিখ্যাত ছাত্ৰক আয়ুৰ্বেদৰ শিক্ষা প্ৰদান কৰিছিল। সেইসমূহৰ ভিতৰত জীৱক, অগ্নিবেশ, ভেল, জতুকৰ্ণ, পৰাশৰ, ক্ষৰপনি, হৰি আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। যিসমূহ ছাত্ৰই পৰৱৰ্তী সময়ত প্ৰাচীন ভাৰতৰ একো-একোজন প্ৰখ্যাত চিকিৎসক ৰূপে নিজকে প্ৰতিষ্ঠা কৰি চিকিৎসা বিজ্ঞান সম্পৰ্কীয় বহুবোৰ গ্ৰন্থ আৰু সংহিতা ৰচনা কৰি গৈছিল। আত্ৰেয়ৰ জীৱনৰ মূল্যবান সম্পদ হৈছে 'আত্ৰেয় সংহিতা'। প্ৰায় ৪৬,৫০০ সংস্কৃত শ্লোকেৰে প্ৰণয়ন কৰা এই গ্ৰন্থই মূল আয়ুৰ্বেদ গ্ৰন্থখনৰ বিশালতাক সংক্ষিপ্তৰূপত উপস্থাপন কৰি গৈছে। উল্লেখযোগ্য যে, ৰোগ নিৰাময়ৰ বাবে তেল, ফল, মৌ, লতা, সোমৰস আদি ঔষধ ৰূপে ব্যৱহাৰ কৰাৰ প্ৰচলন প্ৰথম আত্ৰেয়ই কৰিছিল। এককথাত ইতিহাসে ঢুকি পোৱা লৈকে তেৱেঁই সৰ্বপ্ৰথমে আয়ুৰ্বেদ চিকিৎসা পদ্ধতিক ব্যৱহাৰিক দিশত প্ৰয়োগ কৰি সফলতা অৰ্জন কৰিছিল বুলি ক’ব পৰা যায়।

সুশ্ৰুত আছিল আত্ৰেয়ৰ সমসাময়িক অন্য এজন প্ৰাচীন ভাৰতীয় আয়ুৰ্বেদিক চিকিৎসক। শল্য চিকিৎসাৰ পিতৃপুৰুষ হিচাপে জনাজাত সুশ্ৰুতে দিবোদাস নামৰ চিকিৎসক এজনৰ তত্বাৱধানত শিক্ষাগ্ৰহণ কৰি জীৱনজোৰা কৰ্ম আৰু সাধনাৰে তেওঁৰ বিখ্যাত 'শল্যতন্ত্ৰ' নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। যিখন গ্ৰন্থক তেওঁৰ নামানুসৰী 'সুশ্ৰুত সংহিতা' নামেৰে কেইবাশ বছৰৰ পাছত নাগাৰ্জুন নামৰ চিকিৎসক, বিজ্ঞানী এজনে পুনৰ প্ৰকাশ কৰি উলিয়াইছিল। এই সুশ্ৰুত সংহিতা গ্ৰন্থখনত শল্যতন্ত্ৰৰ ‘সূত্ৰ’, ‘নিদান’, ‘শৰীৰ, চিকিৎসা’ আৰু ‘কল্প’ এই পাঁচটা বিশেষ ভাগত তেওঁ পোৱা চিকিৎসা বিদ্যাৰ তত্বসমূহ আলোচনা কৰা হৈছে। পৰৱৰ্তী কালত ‘শলক্য’, ‘ভূতবিদ্যা’ আৰু ‘কালমৰ ভৃত্য’ এই বিশেষ অন্য তিনিটা অতিৰিক্ত খণ্ডও এই গ্ৰন্থত লগ লগোৱা হয়। প্ৰাচীন ভাৰতৰ এজন অভিজ্ঞ শল্য চিকিৎসক হিচাপে সুশ্ৰুতৰ নাম বিশেষভাৱে সমাদৃত। তেওঁ তেতিয়াই ছেদন, ভেদন, লখন, ঈশন, বেদন, আহৰণ, বিশ্ৰুবন আৰু শ্ৰীবন নামৰ আঠ প্ৰকাৰৰ অস্ত্ৰোপচাৰৰ কথা উল্লেখ কৰিছিল। জটিল অস্ত্ৰোপচাৰসমূহ সম্পন্ন কৰাটো তেওঁৰ যথেষ্ট সুনাম আছিল। প্লাষ্টিক চাৰ্জাৰীৰ ক্ষেত্ৰত সুশ্ৰুতে অভূতপূৰ্ব সফলতা লভিছিল। নাকৰ প্লাষ্টিক চাৰ্জাৰী, তলপেটৰ অস্ত্ৰোপচাৰ, চকুৰ চানিকটা, গৰ্ভৱতী মহিলাৰ জটিল অস্ত্ৰোপচাৰ, মূত্ৰস্থলীৰ পাথৰ অপসাৰণ, হাড়জোৰা দিয়া, আঁতৰি যোৱা হাড় যথাস্থানলৈ অনা, অৰ্শ, হাৰ্নিয়া আদিৰ চিকিৎসা কাৰ্যত সুশ্ৰুত এজন অতি পাৰ্গত চিকিৎসক আছিল। তেওঁ এশ একৈশ বিধ বিভিন্ন আহিলা অস্ত্ৰোপচাৰৰ বাবে ব্যৱহাৰ কৰিছিল বুলি সুশ্ৰুত সংহিতাত উল্লেখ পোৱা যায়। অতি উন্নত সামগ্ৰীয়ে এইসমূহ আহিলা তৈয়াৰ কৰা হৈছিল। চিকিৎসা সম্পৰ্কীয় নানান দিহা-পৰামৰ্শৰে ভৰা গ্ৰন্থখনিত তেওঁ প্রায় ৭৬০ বিধ ভিন্ন প্ৰকাৰৰ মানুহৰ বাবে উপকাৰী উদ্ভিদৰ নামো উল্লেখ কৰিছে। মহৰ কামোৰেই যে মেলেৰিয়াৰ কাৰণ সেই কথাও তেওঁ তেতিয়াই সুশ্ৰুত সংহিতাত উল্লেখ কৰিছিল। তদুপৰি বিভিন্ন ধাতু আৰু সিহঁতৰ ধৰ্ম সম্পৰ্কে সুশ্ৰুতে ব্যাখ্যা আগবঢ়াই গৈছে। এজন প্ৰখ্যাত চিকিৎসক হিচাপে জনাজাত হোৱাৰ উপৰিও এজন শিক্ষক হিচাপেও সুশ্ৰুতৰ নাম জনপ্ৰিয় হৈ পৰিছিল। তাত্বিক আৰু ব্যৱহাৰিক দুয়ো দিশতেই শিক্ষা প্ৰদান কৰা সুশ্ৰুতৰ শিক্ষাই বহু ছাত্ৰক লাভাম্বিত কৰি তুলিছিল। এইখিনিতে এটা কথা বিশেষভাৱে মন কৰিবলগীয়া যে সুশ্ৰুতেই মৃতদেহৰ ব্যৱচ্ছেদ অৰ্থাৎ 'প'ষ্ট-মৰ্টেম' কাৰ্যক সামাজিক গ্ৰহণযোগ্যতাৰ শাৰীলৈ তেতিয়াই আনিবলৈ সক্ষম হৈছিল। ইয়াৰ আগৰলৈকে এনে কাৰ্য কৰা আৰু কৰোৱাসকলক সামাজিকভাৱে অৱহেলিত হিচাপে গণ্য কৰা হৈছিল।

কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা কনিষ্কৰ ৰাজসভা শুৱনি কৰা প্ৰাচীন ভাৰতৰ অন্য এজন বিখ্যাত আয়ুৰ্বেদ চিকিৎসক আছিল চৰক। চৰকে খ্ৰীষ্টীয় পঞ্চম শতিকাৰ শেষৰফালে প্ৰাচীন ভাৰতীয় চিকিৎসা বিজ্ঞানৰ বৃহৎ এছোৱা সময়ৰ গুৰি ধৰিছিল। আত্ৰেয়ৰ শিষ্য অগ্নিবেশে ৰচনা কৰি যোৱা 'অগ্নিবেশতন্ত্ৰ' শীৰ্ষক গ্ৰন্থখনৰ পুনৰ আলোচনা আৰু সংশোধন কৰি তেওঁ বিখ্যাত 'চৰক সংহিতা' গ্ৰন্থখন প্ৰণয়ন কৰি উলিয়াইছিল। এই চৰক সংহিতা গ্ৰন্থখন ভাৰতৰ আয়ুৰ্বেদ চিকিৎসা পদ্ধতিৰ এখন অতি বহু মূল্যবান গ্ৰন্থ হিচাপে আজিকোপতি বিবেচিত হৈ আহিছে। চৰকে গ্ৰন্থখনিত আয়ুৰ্বেদ চিকিৎসা পদ্ধতিৰ বিস্তৃত বিৱৰণ দাঙি ধৰিছে। সেই অনুসৰি আয়ুৰ্বেদ চিকিৎসা ব্যৱস্থা মতে, শৰীৰত থকা বায়ু, পিত্ত আৰু কফ এই তিনিবিধ শৰীৰ ৰসৰ ভাৰসাম্যতা বিনষ্ট হ'লেই শৰীৰত ৰোগৰ সৃষ্টি হয়; আৰু ইয়াকেই ত্ৰিদোষ বুলি কোৱা হয়। বায়ু বা বাত মানে হ'ল গতি; মানৱ শৰীৰৰ স্নায়বিক কাম-কাজবোৰ যেনে- চলন-ফুৰণ কৰা, উশাহ-নিশাহ লোৱা, চকুত কুটা পৰিলে জাপ খাই যোৱা ইত্যাদি কাৰ্যবোৰ এই বায়ু বা বাতৰ দ্বাৰাই পৰিচালিত হয়। আকৌ পিত্ত হ'ল তেজ, শ্ৰী বা জ্যোতি; ই অকল পাচক ৰসেই নহয় দেহৰ বৰণ, তেজস্বিতা আদিৰো কাৰক। অন্যহাতেদি কফ হৈছে ধৈৰ্য, স্থিৰতা, প্ৰশান্তি ইত্যাদিৰ প্ৰতীক।

চৰকৰ চৰক সংহিতাৰ মতে আয়ুৰ্বেদিয় বিধানমতে ইয়াৰ প্ৰতিষেধক তথা ঔষধসমূহ মূলত তিনিটা উৎসৰ পৰা প্ৰস্তুত তথা সংগ্ৰহ কৰা হয়। এই তিনিটা বিশেষ উপকৰণ হৈছে উদ্ভিদ, প্ৰাণী আৰু পাৰ্থিৱ। চৰকে তেওঁৰ চৰক সংহিতা গ্ৰন্থত খোৱা-বোৱাৰ নিয়ম, নীতি নির্দেশনা ইত্যাদিবোৰৰ কথাও কৈ গৈছে। মানৱ শৰীৰ, স্বাস্থ্য তথা চিকিৎসা সম্পৰ্কীয় অসংখ্য কথা এই চৰক সংহিতাত সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত ভ্ৰূণ সৃষ্টি আৰু গঠন, মানৱ শৰীৰৰ ক্ৰিয়া-কলাপ, শৰীৰৰ গঠন, শৰীৰৰ ত্ৰিধাতু, বিভিন্ন ৰোগ আৰু ইয়াৰ লক্ষণ, শ্ৰেণী বিভাগকৰণ, ৰোগৰ পূৰ্বাভাস, ৰোগ নিৰ্ণয় আৰু ৰোগৰ চিকিৎসা আদিয়েই প্ৰধান। যিগৰকী চিকিৎসকে ৰোগীক পৰীক্ষা কৰি নিজৰ জ্ঞান, বুদ্ধি আৰু অভিজ্ঞতাই ৰোগীৰ শৰীৰৰ ভিতৰভাগ স্পষ্টকৈ দেখিবলৈ পাই তেৱেঁই চৰকৰ মতে হৈছে আচল চিকিৎসক। ভেষজ বিজ্ঞানৰ বিষয়ে চৰকে বহু দীঘলীয়া বৰ্ণনা আগবঢ়াইছে। চৰক সংহিতাত প্ৰায় ১১০০ বিধ ঔষধি উদ্ভিদৰ নাম উল্লেখ পোৱা যায়। জীৱ-জন্তু, চৰাই আদি শৰীৰৰ পৰা সংগৃহীত বিভিন্ন পদাৰ্থ আৰু লগতে খনিজাত দ্ৰব্যৰ পৰাও ঔষধ প্ৰস্তুত কৰাৰ কথা তেওঁ উল্লেখ কৰি গৈছে। ত্ৰিধাতু অৰ্থাৎ বায়ু, পিত্ত আৰু কফৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনি ইয়াৰ ভাৰসাম্যতা অটুট ৰাখিলেই শৰীৰ সুস্থ হৈ থাকে বুলি বিশ্বাস কৰা চৰকে শৰীৰৰ ওপৰত ঔষধসমূহৰ ক্ৰিয়া লক্ষ্য কৰি এইসমূহক প্ৰায় পঞ্চাশটা ভাগত বিভক্ত কৰিছিল। উল্লেখযোগ্য যে, খ্ৰীষ্টীয় অষ্টম শতিকামনত কাশ্মীৰৰ প্ৰখ্যাত আয়ুৰ্বেদ চিকিৎসক, গৱেষক দুধবলে চৰক সংহিতাখনৰ গুৰুত্বলৈ চাই পুনৰ সম্পাদনা কৰি উলিয়াইছিল। আজি আমি চৰক সংহিতাৰ যিটো ৰূপ পঢ়িবলৈ পাইছোঁ সেইটো ৰূপ প্ৰকৃততে দুধবলেহে আমাক দিয়া। এইছোৱা সময়তেই এই গ্ৰন্থখন সংস্কৃতৰ পৰা আৰবী ভাষালৈ আৰু ১৮১৭ চনত গ্ৰন্থখন ইংৰাজীলৈও অনুবাদ কৰা হৈছিল। যাৰ যোগেদি প্ৰাচীন ভাৰতীয় আয়ুৰ্বেদ চিকিৎসা পদ্ধতিৰ জ্ঞান দেশীয় সীমা অতিক্ৰম কৰি বহু দূৰ-দিগন্তলৈ ক্ৰমাৎ প্ৰসাৰিত হৈ পৰিছে।

প্ৰাচীন ভাৰতত বিশেষকৈ ষোড়শ মহাজনপদৰ উত্থানৰ সময়তেই জনপ্ৰিয়তা অৰ্জন কৰা অন্য কেইজনমান প্ৰখ্যাত আয়ুৰ্বেদিক চিকিৎসক আছিল ক্ৰমে জীৱক, ধন্বন্তৰী আৰু ভেল। আত্ৰেয়ৰ এজন প্ৰধান শিষ্য জীৱক খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত বিকাশ হোৱা মগধ ৰাজ্যৰ ৰজা বিম্বিসাৰৰ ৰাজমহলৰ চিকিৎসক তথা ৰাজবদ্য আছিল। তেওঁ ৰজা বিম্বিসাৰৰ অৰ্শৰোগ নিৰাময় কৰাৰ লগতে অন্য এখন ৰাজ্য অৱন্তীৰ ৰজা কন্দৰ্পজোতৰ জণ্ডিছ ৰোগ ভাল কৰিছিল। মগধৰ ৰাজধানী ৰাজগৃহত এজন ধনী সদাগৰৰ মগজুৰ অস্ত্ৰোপচাৰ কৰি তেওঁ বহু খ্যাতি অৰ্জন কৰিছিল। উল্লেখ্য যে, জীৱকৰ আগত কোনো চিকিৎসকে মগজুৰ অস্ত্ৰোপচাৰ কৰাৰ কথা আজিলৈকে জনা হোৱা নাই। বৌদ্ধধৰ্মৰ জন্মদাতা গৌতম বুদ্ধৰ পিত্ত ৰসৰ বিকাৰৰ চিকিৎসাও জীৱকে কৰিছিল। তেওঁ বুদ্ধক ভৰিৰ আঘাতপ্ৰাপ্ত ঠাইত ঔষধ আৰু বেণ্ডেজৰ সহায়ত আৰোগ্য কৰি তুলিছিল। অন্যহাতেদি, ধন্বন্তৰী আছিল সুশ্ৰুতৰ সমসাময়িক অন্য এজন আয়ুৰ্বেদিক চিকিৎসক। সৰ্পদংশনৰ চিকিৎসা প্ৰদানত তেওঁ আছিল সিদ্ধহস্ত। আয়ুৰ্বেদ চিকিৎসা বিদ্যাৰ এগৰাকী শিক্ষক হিচাপেও ধন্বন্তৰীৰ নাম প্ৰখ্যাত। আকৌ ভেল আছিল আত্ৰেয়ৰে অন্য এজন শিষ্য। তেওঁ আত্ৰেয়ৰ ৰচনাৱলীক কেন্দ্ৰ কৰি আয়ুৰ্বেদ চিকিৎসা বিজ্ঞানৰ বিখ্যাত মূল্যৱান গ্ৰন্থ 'ভেল সংহিতা' প্ৰণয়ন কৰি উলিয়াইছিল।

এইসকল প্ৰখ্যাত চিকিৎসকৰ বাহিৰেও প্ৰাচীন ভাৰতীয় চিকিৎসা বিজ্ঞানলৈ অন্যান্য বহু চিকিৎসকে বিভিন্ন ধৰণেৰে বহু গুৰুত্বপূৰ্ণ অৱদানসমূহ আগবঢ়াই গৈছে। পৰৱৰ্তী কালৰ তেনে এজন বিখ্যাত চিকিৎসক আছিল তৰুণ নাগভট্ট। 'অষ্টাংগ সংগ্ৰহ' আৰু 'অষ্টাংগ হৃদয় সংহিতা' হৈছে তেওঁৰ মহান সৃষ্টি। ইয়াৰে অষ্টাংগ হৃদয় সংহিতাত তেওঁ আয়ুৰ্বেদিক চিকিৎসা ব্যৱস্থাক ‘শল্য’, ‘শালক্য’, ‘কায় চিকিৎসা’, ‘ভূতবিদ্যা’, ‘কৌমাৰ ভৃত্য’, ‘অংগদতন্ত্ৰ’, ‘ৰসায়ন’ আৰু ‘বীজকৰণ’ নামেৰে আঠভাগত বিভক্ত কৰিছে। অস্ত্ৰোপচাৰ আৰু ঔষধ প্ৰস্তুতকৰণৰ কথাও তেওঁ অষ্টাংগ হৃদয় সংহিতাত উল্লেখ কৰিছে। মাধৱকৰ আছিল খ্ৰীষ্টীয় নৱম শতিকাত জন্মগ্ৰহণ কৰা অন্য এজন আয়ুৰ্বেদিক চিকিৎসক আৰু বিজ্ঞানী। 'মাধৱনিদান' হৈছে তেওঁৰ প্ৰখ্যাত সৃষ্টি; যিখন গ্ৰন্থত তেওঁ দিয়া ৭০ টা ভিন্ন নিদানৰ কথা উল্লেখ পোৱা যায়। ইয়াৰ উপৰিও দলহানৰ ‘নিবন্ধ সংগ্ৰহ’, বৃন্দাৰ ‘সিদ্ধযোগ’, নাগাৰ্জুনৰ ‘ৰসৰত্নাকৰ’, সাৰংগধৰৰ ‘সাৰংগধৰ সংহিতা’, ভৱ মিশ্ৰৰ ‘ভৱ প্ৰকাশ’, শ্ৰীকান্ত দাসৰ ‘নৱনিতক’ আদি চিকিৎসা সম্পৰ্কীয় গ্ৰন্থসমূহে প্ৰাচীন ভাৰতত চিকিৎসা বিজ্ঞানৰ সফল অগ্ৰগতিৰ কথাকে সুন্দৰৰূপত কয়।

অন্যহাতেদি প্ৰাচীন ভাৰতীয় চিকিৎসা বিষয়ৰ সৈতেই সংপৃক্ত হৈ থকা অন্য এটি প্ৰধান বিষয় হৈছে 'ভেটেৰিনেৰী' অৰ্থাৎ ‘পশু চিকিৎসা বিজ্ঞান’। অতি প্ৰাচীন কালৰে পৰা মানুহে পশুপালনক এক প্ৰধান বৃত্তি হিচাপে লৈ এইসমূহক উপযুক্ত নিৰাপত্তা দিয়াৰ লগতে সিহঁতৰ বেমাৰ-আজাৰ তথা স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দি অহা দেখা পোৱা যায়। প্ৰাচীন ভাৰতত পশুৰ চিকিৎসা ক'ত, কেনেকৈ, কি ধৰণে কৰা হৈছিল তাৰ ওপৰতো অনেক গ্ৰন্থ প্ৰণয়ন কৰা হৈছিল। উল্লেখযোগ্য যে, শালিহোত্র প্ৰাচীন ভাৰতৰ এজন প্ৰখ্যাত পশু চিকিৎসক আছিল। শ্ৰাৱস্তী নগৰত খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাৰ প্ৰথমভাগত জন্মগ্ৰহণ কৰা শালিহোত্রই ঘোঁৰাৰ বিভিন্ন চিকিৎসা কৰি জনাজাত হৈ পৰিছিল। ঘোঁৰাৰ বিভিন্ন ৰোগ আৰু প্ৰতিকাৰৰ বিষয়ে তেওঁ তিনিখন বিশেষ গ্ৰন্থ ৰচনা কৰি গৈছে। সেই বিশেষ গ্ৰন্থকেইখন হৈছে 'অশ্ব প্ৰশংসা', 'অশ্বলক্ষণ শাস্ত্ৰ' আৰু 'হয় আয়ুৰ্বেদ'। ইয়াৰে শেষৰ অৰ্থাৎ 'হয় আয়ুৰ্বেদ' গ্ৰন্থখনক 'শালিহোত্ৰ সংহিতা' আৰু 'তুৰংগম শাস্ত্ৰ' বুলিও জনা যায়। আকৌ 'হস্তী আয়ুৰ্বেদ' বা 'গজায়ুৰ্বেদ' হৈছে ঋষি পালাকাপ্যই ৰচনা কৰা অন্য এখন হাতীৰ স্বাস্থ্য সম্পৰ্কীয় গ্ৰন্থ। নকুলৰ 'অশ্ব চিকিৎসা' আৰু শম্ভূ নাথৰ 'গজেন্দ্ৰ চিন্তামনি' হৈছে অন্য দুখন ক্ৰমে ঘোঁৰা আৰু হাতীৰ স্বাস্থ্য বিষয়ক বহু মূল্যৱান গ্ৰন্থ। যিসমূহ গ্ৰন্থৰ আলম লৈ আমি প্ৰাচীন ভাৰতৰ পশু চিকিৎসা বিজ্ঞান সম্পৰ্কেও হোৱা চিন্তা-চৰ্চা আৰু অগ্ৰগতিৰ উমান পাওঁ।

Share Button
Print Friendly, PDF & Email

No Comments : "প্ৰাচীন ভাৰতীয় চিকিৎসা বিজ্ঞান-(গৌতম শৰ্মা)"

Leave a Comment

Your email address will not be published. Required fields are marked *