প্ৰতিবাদী কবিৰ অজামিল উপাখ্যান-(সমুদ্ৰ কাজল শইকীয়া)

(ঘাই লেখা “প্ৰতিবাদৰ নন্দনতত্ত্ব”ৰ অংশ গোটাচেৰেক)


[সাৰাংশ জুমুঠি- "অসমীয়া মধ্যবিত্ত" এই অভিধাটো কেৱল এটা অৰ্থনৈতিক ভিত্তি-প্ৰসূত আৰু হৈ থকা নাই, ই এটা মনস্তাত্ত্বিক বিভাগো হৈ উঠিছে। মন কৰিবলগীয়া যে অসমীয়া কবিতাৰ ৰচয়িতা, পাঠক, সংকলক-সংগ্ৰাহক, প্ৰকাশক আৰু আলোচক সমন্বিতে এই ক্ষেত্ৰখনৰ সৈতে জড়িত সমস্ত ব্যক্তিয়েই মূলতঃ মধ্যবিত্তীয় সমাজখনৰ অংশীদাৰ। সেয়েহে অসমীয়া ভাষাৰ কবিতাৰ মাজত প্ৰতিবাদী কবিতাৰ কথা পাতিবলৈ গৈয়ো ইয়াক এৰাই চলিব নোৱাৰি। লগতে আৰু কিছুমান কথা অৱধাৰিতভাৱেই আহি পৰে যিখিনি বহুলাংশে চৰ্বিত চৰ্বণ হ'লেও উপেক্ষা কৰা নাযায়। সকলোৰে আৰম্ভণিতেই "প্ৰতিবাদী কবিতা" মানে কি, এই আখ্যাৰে একাংশ কবিতাক বিভূষিত কৰা উচিত নে অনুচিত, যদি উচিত তেনেহ'লে এই আখ্যাৰ অন্তৰালত কেনেধৰণৰ বিচাৰ-সঁজুলিয়ে কাম কৰিব এইখিনি প্ৰশ্ন আহি পৰে। এইখিনিৰ লগতে কবিতাৰ মানে কি আৰু কবিতাৰ উদ্দেশ্য কি - এই প্ৰাচীন তত্ৰাচ মূলগত প্ৰশ্নখিনিয়েও নতুনকৈ উকমুকাবলৈ ধৰে। প্ৰতিবাদী বোলোঁতেই যিহেতু সমাজ আৰু সময়ৰ অনুষংগটো অঁহিয়াঅঁহিকৈ জড়িত হৈ থাকে সেয়েহে সমাজ চিন্তনৰ আটাইতকৈ প্ৰভাৱশালী ধাৰা সাম্যবাদ বা মাৰ্ক্সবাদী দৰ্শন-চৰ্চাৰো সংযোগ আপোনআপুনি আহি পৰিব। ফলত কবিৰ ৰাজনৈতিক স্থিতিৰ প্ৰসংগটো এইখিনিত অংগাংগীভাৱে জড়িত। কবিতাৰ বাচিক, ‘শাব্দিক’ বা ছপাৰূপৰ দৃশ্যমান ৰূপটোৰ ব্যতিৰেকেও ইয়াৰ এটা স্থান-কাল নিৰ্ভৰ প্ৰায়োগিক পাৰফৰমেটিভ দিশ আছে যিয়ে প্ৰতিবাদী কবিতা মূলতঃ বিষয়বস্তু নিৰ্ভৰ বিভাজন বুলি থকা ধাৰণাটোৰ বিপৰীত মেৰুলৈ কথাখিনিক ঠেলি দি শিল্পৰ আংগিক বা ৰূপগত দিশটোলৈকো পোহৰ নিক্ষেপ কৰিবলৈ চেষ্টা কৰিব। কোনখিনি কবিতা সমাজ-বাস্তৱতাৰ কবিতা আৰু কেতিয়াৰ পৰা ই “প্ৰতিবাদী কবিতা”ৰ অভিধা গ্ৰহণ কৰিব পাৰে? এই প্ৰশ্নটো সেয়েহে যুগপৎভাৱে থাকিব।]

বছৰদিয়েক আগে হায়দৰাবাদৰ পৰা ছাত্ৰ এজনে ফোন কৰিছিল। এটা ছাত্ৰ আন্দোলনৰ অংশ হিচাপে আমাৰ লিখা এটা 'প্ৰতিবাদী' গান তেওঁলোকে গাইছিল আৰু তাৰ বাবে মোৰ কিবা আপত্তি থাকিব পাৰে নেকি অথবা অনুমতি ল'ব লাগিব নেকি সুধিছিল। সেইটোনো আৰু কি কথা অনুমতি কিহলৈ লাগে বুলি কওঁতেহে তেওঁ ক'লে যে তেওঁলোকৰ এজন ছিনিয়ৰে হেনো বাধা দিছিল। তেওঁৰ যুক্তি আছিল এই গানটো ২০০৭ চনৰ বৰোডাৰ আন এটা ছাত্ৰ আন্দোলনৰ অংশ আছিল। যিহেতু এটা প্ৰসংগৰ স্মৃতি জড়িত হৈ আছে সেয়ে সেই গানটো হায়দৰাবাদত গোৱাৰ তেওঁ পক্ষপাতী নহয়। কবিতা আৰু গান আদি সৃষ্টিমূলক কৰ্মই এহাতে সাৰ্বজনীনতা বিচাৰি যায় যদিও একোটা স্থান কাল নিৰ্ভৰ প্ৰসংগৰ পৰা সেয়া ঊৰ্ধ্বত নহয়। বাক্যটো ওলোটাই ক'বও পাৰি। একোটা প্ৰসংগ সাঙোৰ খাই থকাৰ পিছতো সৃষ্টিশীল কৰ্মই ইয়াৰ আৱেদন সাৰ্বিক হ'বলৈ আগ বাঢ়ি যায়। এটা কথকতাই যেতিয়া ৰূপক বা আন অলংকাৰিক ৰূপ লয় তেতিয়া সি প্ৰসংগৰ পৰা প্ৰসংগান্তৰলৈ গুচি যায়। শুনা যায়, এটা সাংস্কৃতিক অনুষ্ঠানত পৰিৱেশনৰ বাবে মাতি অনা লোকশিল্পীসকলৰ প্ৰতি দেখুওৱা অৱহেলা আৰু দুৰ্ব্যৱহাৰ প্ৰত্যক্ষ কৰাৰ পিছতেই ভূপেন হাজৰিকাই "তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ এপাহি ৰজনীগন্ধা, তোমাৰ মূল্য এনিশাৰ" গীতটো ৰচিছিল। কিন্তু মাত্ৰ এনিশাৰ মূল্যৰ ৰজনীগন্ধাৰ সৈতে মানৱীয় মূল্যক সাঙুৰি ৰূপকৰ সৃষ্টি কৰাৰ পিছত গানটোৱে এটা সাৰ্বজনিক ৰূপ পালে। ‘পাছ’ৰ বিখ্যাত “সকলোতকৈ বিপদজনক” কবিতাটো সাম্প্ৰদায়িকতা-বিৰোধী আন্দোলন, পেলেষ্টাইনৰ প্ৰতি সহমৰ্মিতাৰ অনুষ্ঠান, অথবা অতি শেহতীয়া “নফৰৎ কে খিলাফ” বা ঘৃণাৰ বিৰুদ্ধে একত্ৰ হোৱা স্বতঃস্ফূৰ্ত শৈল্পিক সমাৱেশ - সকলো আয়োজনতেই আকাশে বতাশে গুঞ্জিত হৈছিল। ফইজ আহমেদ ফইজৰ “মুঝছে পেহলি চি মুহাব্বত মেৰে মেহবুব না মাংগ” (“আগৰ দৰে আকৌ ভালপোৱাৰ কথা নক’বি সোণ”) বিপ্লৱৰ পথাৰত সততে প্ৰতিধ্বনিত হোৱা সামাজিক চেতনাৰ গান যদিও একে সময়তে প্ৰেমৰ গানৰ আসৰতো ই সঘনে আহি ভুমুকি মৰা এটা দুৰ্দান্ত প্ৰেমৰ গান। 

বিশেষকৈ প্ৰতিবাদী কবিতা আৰু গানৰ এটা ব্যৱহাৰিক বা প্ৰায়োগিক আৰু লগতে তাৎক্ষণিক দিশ থাকে। এই তাৎক্ষণিকতাৰ বাবেই এইবোৰ এটা সময়ৰ দাবীৰ সৈতে সাঙোৰ খাই ৰয়।  প্ৰতিবাদী কিম্বা সমাজৰ প্ৰতি প্ৰতিক্ৰিয়াসূচক কবিতা আদিক বুজাবলৈ সেয়েহে দুই-একে অন্তৰ্মুখীৰ বিপৰীতে বহিৰ্মুখী বুলি অভিহিত কৰাও দেখা যায়। (প্ৰাঞ্জল শৰ্মা বশিষ্টৰ ২০০৯ চনত লিখিত “১৯৯০ৰ পাছৰ আধুনিক অসমীয়া কবিতা: দুটা ধাৰাৰ আলোচনা”ত অন্তৰ্মুখী আৰু বহুমুখী ধাৰা বুলি উল্লেখ আছে)। একক ব্যক্তিসত্তা হিচাপে কবিৰ অন্তৰ্মনৰ ভাবপ্ৰকাশেই শেষ কথা হৈ নাথাকি এটা তাৎক্ষণিক কিম্বা সমসাময়িকতাৰ প্ৰায়োগিক দিশে ধাৱমান হোৱাৰ বাবেই এইখিনিক বহিৰ্মুখী বোলা হৈছে হয়তো। প্ৰতিবাদী কণ্ঠ বুলিলেই কেইটিমান প্ৰাতঃস্মৰণীয় নাম সন্মুখলৈ ভাহি আহে। কেইবাটাও প্ৰতিবাদী শৈল্পিক আয়োজনত উপস্থিত থকাৰ পিছত অনুভৱ হয় যেন ফইজ আহমদ ফইজ, দুষ্মন্ত কুমাৰ অথবা 'পাছ'ৰ গান আৰু কবিতা সেইসমূহৰ অপৰিহাৰ্য অংগ। অসমৰ ক্ষেত্ৰতো জ্যোতিসংগীত আৰু ৰাভা সংগীতৰ পৰা ভূপেন হাজৰিকালৈকে প্ৰতিবাদী গীত-মাতৰ সম্ভাৰ তেনেই তাকৰীয়া নহয়। কিন্তু এটা পৰ্যায়ৰ পৰা নতুন সৃষ্টিকৰ্তাসকলক আলোচনাৰ মাজলৈ আনিব খুজিলে যেন প্ৰভাৱী প্ৰতিবাদী কণ্ঠ অলপ স্তিমিত হৈ আহিছে। ইয়াৰ কাৰণটোনো কি?

আলোচনাৰ সুবিধাৰ বাবে কিছু আলোচকে “অন্তৰ্মুখী” আৰু “বহিৰ্মুখী” বুলি বহলাৰ্থত দুভাগ কবিতাৰ কথা ক'লেও মনত ৰখা ভাল যে বহিৰ্মুখী জাতৰ সকলো ৰচনাৰে চৰিত্ৰ একে নহয়। সমাজ বাস্তৱতা, সমাজ সচেতনতা কিম্বা ৰাজনৈতিক হ'লেই কবিতা এটা প্ৰতিবাদী নহ'বও পাৰে। সেয়ে সমাজ সচেতনতামূলক আৰু প্ৰতিবাদী - এই দুই ধাৰাক নিলগাই ৰখাই ভাল, যদিওবা দুইটা ক'লা-বগাৰ মাজৰ একাংশ ছাইৰঙী এলেকা সদায়েই থাকিব। ব্যৱহাৰিক বা প্ৰায়োগিক দিশটো প্ৰতিবাদী কবিতাৰ এটা প্ৰাথমিক দিশ। মতাদৰ্শৰ স্পষ্টতা আন এটা প্ৰাথমিক দিশ। নিজে স্পষ্ট হৈ নল'লে আপুনি কাৰ বিৰুদ্ধে আৰু কিয় প্ৰতিবাদ কৰিব? কাব্যৰ তথা সাহিত্যৰ নন্দনতত্ত্বৰ এটা প্ৰৱক্তা মহলে সমাজবিষয়ক কবিতা কেনেবাকৈ শ্লোগানধৰ্মী হৈ পৰিছে নেকি তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখে। কিন্তু প্ৰতিবাদী কবিকূলে তালৈ বৰকৈ ভ্ৰূক্ষেপ নকৰে। দুষ্মন্ত কুমাৰৰ "মেৰে চিনে মেঁ নহী ত’ তেৰে চিনে মেঁ চহী, হ' কহীঁ ভী আগ লেকিন আগ জলনি চাহিয়ে" - যদি এটা শ্লোগান হৈয়ো উঠে সেয়া সেই বিশেষ কাব্যকৃতিৰ দুৰ্বলতা নহয়, বৰঞ্চ অন্য এক সাৰ্থকতাহে হ'ব। এইটোৱেই আন সমাজ সচেতন কাব্যজিজ্ঞাসাৰ সৈতে প্ৰতিবাদী কবিতাৰ মূলগত পাৰ্থক্য। এইখিনিতেই প্ৰতিবাদী কবিতা মানেই একোটা পাৰফৰমেন্স টেক্সট। হয় পঠনযোগ্যতা বা আবৃত্তি-যোগ্যতাৰ ধাৰণাৰে এনে কবিতাই পাঠকক উৎসাহিত কৰিব, নহয় কবিতাটোৱে নিজৰ আংগিকেৰে নিজৰ মাজতেই এটা পাৰফৰমেন্স হৈ উঠিব। সেয়েহে “দেশ বুলিলে আদেশ নালাগে” বোলা বাক্যাংশ কেতিয়াবা শ্লোগান, কেতিয়াবা দেৱাল লিখন, কেতিয়াবা কবিতা।

অসমৰ শিল্প সাহিত্যৰ পৰিমণ্ডল, কৰ্মী, দ্ৰষ্টা আৰু পৃষ্ঠপোষক সমস্ত অত্যন্ত সাৱধানী। সুখৰ কথা যে "সমাজ সচেতনতা" আৰু "মাটিৰ গোন্ধ" অসমীয়া শিল্প সাহিত্য বিচাৰৰ এক মাপকাঠি। একে সময়তে দুখৰ কথা যে এক পৰিমাপক হৈ পৰাৰ ফলত বহুখিনি সৃষ্টিকৰ্মত এইখিনি উপাদান প্ৰাণহীন আড়ম্বৰ হৈহে উপস্থিত হয়হি। যিহেতু অসমীয়া বুলি চিহ্নিত মান্য অসমীয়া ভাষিক চৰ্চাসমূহ বহুলাংশে মধ্যবিত্তীয় এটা শ্ৰেণীৰ মাজতে আবদ্ধ, সেয়েহে মধ্যবিত্তীয় সেই মনস্তাত্ত্বিক শ্ৰেণীটোৰ আদৰ্শগত অৱস্থানখিনিৰ পৰা শৈল্পিক উপাদানখিনিও মুক্ত হ'বগৈ নোৱাৰে। এই কাৰণতেই অসমীয়া কবিসকল সংযত আৰু সাৱধানী। মধ্যবিত্তীয় নৈতিক বিধি-বিধানৰ পৰা কেনেবাকৈ অলপমানো কক্ষচ্যুতি ঘটিলেও তাৰ পৰাও উদ্ধাৰৰ বাট উলিয়াই থোৱা আছে। অজামিল উপাখ্যানত এবাৰ নাৰায়ণ নামটো লৈয়েই উদ্ধাৰ পোৱাৰ দৰেই চৰকাৰবিৰোধী কিম্বা স্থিতাৱস্থাবিৰোধীয়েও "সংবিধানত মোৰ পূৰ্ণ আস্থা আছে" বুলি কৈয়েই যেনেকৈ দোষমুক্ত হ'ব পাৰে তেনেকৈয়ে শিল্পী-সাহিত্যিকেও "মই আচলতে মানৱতাবাদীহে" বুলি কৈয়েই সংসাৰৰ পাপৰ ভাৰ ত্যাগ কৰি বৈতৰণী পাৰ হ'ব পাৰে। এনে পৰিৱেশত সমাজৰ প্ৰতি সচেতনতা প্ৰকাশ এটা মূল্য-আৰোপিত দিশ, কিন্তু অলিখিত চৰ্ত সাপেক্ষে সি জনতাক জাগ্ৰত কৰিব নালাগিব। সেই সূত্ৰেই প্ৰতিবাদী কবিতাতকৈ সমাজ-সচেতন কবিতাৰ পাল্লা ভাৰী। আধুনিকতাবাদ অসমত বহু পলমকৈ আৰম্ভ হোৱাৰ পিছত আধুনিকতাবাদী প্ৰপঞ্চখিনিয়ে সাৰ্বিক ৰূপত আৱৰি ৰখাত এতিয়াও বাস্তৱতাৰ ৰূঢ়তাৰ পৰা আঁ‌তৰত শিল্পীসমাজক নিৰ্বাসিত কৰি ৰখাৰ প্ৰৱণতাটো সক্ৰিয় হৈ ৰৈছে। সেয়েহে শিল্পীসমাজে সমাজ সচেতনতা বা দায়বদ্ধতাৰ নামত যিখন সমাজৰ কথা কয় সেইখন সমাজৰ তেওঁ আভ্যন্তৰীণ অংশ নহয়েই। অন্যত্ৰ আমি সেয়েহে "টুৰিষ্ট কবি" অভিধাটো ব্যৱহাৰ কৰিছোঁ‌। ফুল, তৰা আৰু প্ৰেম-বিৰহৰ স্বপ্নালোকৰ পৰা মাজে মাজে তেওঁলোকে টুৰিষ্টৰ দৰে সমাজ ভ্ৰমণ কৰিবলৈ আহে। গতিকে এটা নিৰ্দিষ্ট সুবিধাজনক দূৰত্ব বজাই ৰখা সৃষ্টিশীল ব্যক্তিৰ ৰচনাৰ ব্যৱহাৰিক আৰু প্ৰায়োগিক দিশটো উহ্য থকাটোৱেই স্বাভাৱিক।

যেনেকৈয়ে হওক, সমাজ আৰু সময়ৰ কথা আৰু তাৰ লগতে ব্যক্তিসত্তাৰ অনুভৱৰ প্ৰকাশ সকলো সময়তে আদৰণীয়। কিন্তু এইখিনিতো অলপ অসুবিধাৰ দিশ আছে। বহিৰ্মুখী, তাৎক্ষণিক, ৰাজনৈতিক, প্ৰতিবাদী ৰচনা চিৰকালেই অফ-বিট। বদনামী। কেতিয়াবা বিতৰ্কিত আৰু কেতিয়াবা সমাজৰ এটা বৰ্গত ক্ষুণ্ণ কৰিব পৰা। এই শ্ৰেণীৰ ৰচনাৰ সৈতে অনভ্যস্ত একোজন টুৰিষ্ট কবিয়ে হঠাতে আহি এদিন লিখিবলৈ বহিলে তেওঁলোকৰ দীৰ্ঘকালীন শৈল্পিক চৰ্চাৰে আয়ত্ত কৰা নান্দনিক উপলব্ধিখিনিয়ে সুবিচাৰ নাপায়। অসমীয়া কবিতালৈ অনবদ্য অৱদান আগ বঢ়োৱাৰ পিছতো মাজে মাজে কেইটিমান তাৎক্ষণিক কবিতা লিখিবলৈ গৈ নীলিম কুমাৰেও বেয়া লেখা লিখিছে। নৱকান্ত বৰুৱা প্ৰতিবাদী কবি নাছিল, বা বহিৰ্মুখী ধাৰাটোৰ অংশীদাৰ বুলিও কোনেও নকয়। তথাপি “পেলেস্তাইন”ৰ দৰে কবিতা তেওঁৰ দ্বাৰা সম্ভৱ হৈছিল। এনে ক্ষমতা সকলোৰে আয়ত্তত নাথাকিবও পাৰে। কেইজনমান নতুন টুৰিষ্ট গায়কৰনেই নিষ্প্ৰাণ যে জনতাৰ মাজলৈ তাৰ বাৰ্তা সম্প্ৰসাৰিতও নহয়গৈ, শিল্পীৰ কামৰ অন্য মাত্ৰা হিচাপেও একো সংযোজন নঘটে। এনে পৰিস্থিতিত শ্ৰোতা- দৰ্শক-পাঠকে ওলোটাই ক'বলৈ বাধ্য হয় - "নালাগে বোপাই, দেশ উদ্ধাৰ কৰিবগৈ নালাগে, ফুল তৰা পখিলাৰ গানকেই গা"। দায়বদ্ধতা প্ৰকাশক মাপকাঠি বা গুণগত মানৰ পৰিমাপক হিচাপে লোৱাসকলে মনত ৰখা ভাল যে কৈফী আজমী আছিল সাম্যবাদৰ কৰ্মী আৰু বিপ্লৱী সত্তাৰ মানুহ। কিন্তু যিখিনি প্ৰেমৰ গীত তেওঁ লিখি থৈ গৈছে সেইখিনি কেৱল নিভাঁজ প্ৰেমৰ গীত। প্ৰেম, বিৰহ, প্ৰকৃতি - কোনোটো বিষয়েই অপৰাধ নহয়। সমাজ, ৰাজনীতি বিষয়ক গানখিনি কাষৰীয়াকৈ থ'লেও ভূপেন হাজৰিকা দুৰ্দান্ত প্ৰেমিক। সেয়েহে “আন নালাগে অন্ততঃ প্ৰেমটোকে ভালকৈ কৰিবলৈ শিক” বুলি শ্ৰোতা-পাঠকে আটাহ পাৰিবলৈ বাধ্য হৈ উঠে।

এটা মজাৰ কথা যে প্ৰতিবাদী কবিতা সম্পৰ্কীয় কথা পাতিবলৈ ল'লেই কবিতা মানে কি, কবিতাৰ উদ্দেশ্য কি এনেধৰণৰ প্ৰশ্ন কিছুমানেৰে কবিতাৰ উৎপত্তিৰ পৰা দেহবিচাৰলৈকে বহু কথা আহি পৰে। কথাখিনি স্বাভাৱিক যেন লাগিলেও আচলতে এয়া একপ্ৰকাৰে চক্ৰান্তমূলক। কাৰণ এটা 'প্ৰেম'ৰ কবিতাৰ কথা পাতিবলৈ লৈ কোনেও নোসোধে কবিতা মানে কি, কবিতাই কি কাম কৰে। প্ৰতিবাদী কবিতাক আওহতীয়া আছুতীয়াকৈ ৰাখিবৰ বাবেই এই যো-জা। প্ৰতিবাদী কবিতা সম্পৰ্কে ভৱেন বৰুৱায়ো বৰ সদ্ভাৱ প্ৰকাশ কৰা নাছিল। হাস্যকৰ হ’লেও সত্য যে শস্য আৰু মৈথুনৰ প্ৰয়োজন থকালৈকে মানুহ থাকিব আৰু কবিতা থাকিব মানুহৰ ৰখীয়া হৈ বুলি কৈ ভয় নাই ভয় নাই বোলা মাভৈবাণীক আপ্তবাক্য বুলি মানি চলা, কবিতা মানৱ মনৰ চিৰন্তন সংগী বুলি মানি অহা সত্তায়ো হঠাৎ কবিতাৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰি দিয়ে যদিহে প্ৰতিবাদী কবিতাৰ প্ৰসংগ সন্মুখলৈ আহে। কবিতাৰ (বা শিল্পৰ আৰু সাহিত্যৰ) কোনো ব্যৱহাৰিক দিশ থাকিব নালাগিব, স্পষ্টকৈ এইখিনি কথা নোকোৱাকৈয়ো ইয়াৰ দ্বাৰা এনে এটা মানসিক অৱস্থানকেই সযতনে সংৰক্ষণ কৰি থকা হয়। এনে পৰিস্থিতিত কবিযশপ্ৰাৰ্থীৰ বাবে সঁচায়ে এটা দ্বিধা-দ্বন্দৰ অৱস্থা আহি পৰে। কাৰণ অল্পধতুৱা ন-কবিয়ে কবিতা হ’লেও হ’ল নহ’লেও নাই বুলি মৰসাহ কৰি আগ বাঢ়ি আহিবলৈ ভয় কৰে। ইয়াতকৈ হীৰেণীয়, ফুকনীয়া কিম্বা নৱকান্তীয় কাব্যভাষাৰ অনুকৰণীয় পথ এটাৰেই কবিতাৰ চৰ্চা কৰিবলৈ তেওঁলোকে উৎসাহ বিচাৰি পায়। বিপ্লৱী সত্তাৰ কবিয়েও কবিতাক সংজ্ঞায়িত কৰি চলিবৰ দায়িত্ব এটা কান্ধ পাতি লৈ আগ বাঢ়ে -

“ৰাতিয়ে উপহাৰ দিব নোৱাৰে সূৰ্য
কিন্তু ৰাতিৰ কবিতাই পাৰে…”
(হেমাংগ কুমাৰ দত্ত)

Share Button
Print Friendly, PDF & Email

1 Comment : "প্ৰতিবাদী কবিৰ অজামিল উপাখ্যান-(সমুদ্ৰ কাজল শইকীয়া)"

  1. Chandan Kumar

    "কবিতাৰ (বা শিল্পৰ আৰু সাহিত্যৰ) কোনো ব্যৱহাৰিক দিশ থাকিব নালাগিব, স্পষ্টকৈ এইখিনি কথা নোকোৱাকৈয়ো ইয়াৰ দ্বাৰা এনে এটা মানসিক অৱস্থানকেই সযতনে সংৰক্ষণ কৰি থকা হয়".... Can't agree more

Leave a Comment

Your email address will not be published. Required fields are marked *