প্ৰগতিশীল জাতীয়তাবাদেহে অসমৰ উত্তৰণৰ পথ দিব -(অদীপ কুমাৰ ফুকন)

১৯৪২ চনৰ ৮ আগষ্টৰ ‘ভাৰত ত্যাগ' প্ৰস্তাৱ কাৰ্যকৰী নকৰাকৈ ১৯৪৭ৰ ১৫ আগষ্টত দেশে স্বাধীনতা পালে। সেয়েহে স্বাধীনতা সংগ্ৰামৰ প্ৰকৃত কাৰ্যসূচী ১৯৪৭ত সমাপ্ত নহ'ল। আজি প্ৰায় ৬৯ বছৰেও অসমাপ্ত কাৰ্যসূচী হৈয়ে ৰ'ল। তাতেই আঞ্চলিক দৃষ্টিভংগী তথা প্ৰাদেশিক জাতীয়তাবাদৰ অংকুৰণ ঘটিল। ভাৰত ত্যাগ আন্দোলনৰ পটভূমিত দেশত এখন অস্থায়ী চৰকাৰ স্থাপন আৰু সংবিধান সভা অনুষ্ঠিত কৰি সংসদীয় অৰ্থাৎ ফেডাৰেল ভিত্তিত হোৱাৰ প্ৰস্তাৱ উত্থাপন হৈছিল। সংঘৰ ভিতৰত থকা ৰাজ্যসমূহৰ কাৰণে ব্যাপক পৰিমাণৰ স্বায়ত্ত শাসনৰ ক্ষমতা থকাৰ চিন্তা প্ৰকট হৈছিল। ১৯৪৬ত সংবিধান সভা গঠিত হ'ল। ১৯৪৬ৰ ১৩ ডিচেম্বৰত জৱাহৰলাল নেহৰুৱে দাখিল কৰা উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱত ঘোষণা কৰিছিল যে ভাৰত এখন স্বাধীন, সাৰ্বভৌম প্ৰজাতন্ত্ৰ হ'ব। ১৯৪৭ৰ ২২ জানুৱাৰিত গ্ৰহণ কৰা প্ৰস্তাৱটোত স্পষ্টভাৱে উল্লেখ আছিল যে ৰাজ্যসমূহৰ হাতত স্বায়ত্ত শাসনৰ সকলো ক্ষমতা আৰু মৰ্যাদা থাকিব। ১৯৫০ৰ ২৬ জানুৱাৰিত প্ৰৱৰ্তন কৰা সংবিধানত ৰাজ্যলৈ স্বায়ত্ত শাসনৰ প্ৰস্তাৱৰ পৰিৱৰ্তে ভাৰত গণৰাজ্য হ'ল। সংবিধানৰ জৰিয়তে অতিকেন্দ্ৰিক শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হ'ল। ৰাজ্যসমূহলৈ স্বায়ত্ত শাসন তথা আত্মনিয়ন্ত্ৰণৰ অধিকাৰক বাধা হিচাপে সংবিধানক থিয় কৰালে। ১৯৫০ চনতে সংবিধানত সমৱৰ্তী কাৰ্যসূচীৰ [Concurrent list] অৱতাৰণা কৰি কেন্দ্ৰৰ হাতত ক্ষমতা কুক্ষিগত কৰি ৰাজ্যবোৰৰ অধিকাৰ খৰ্ব কৰা হ'ল। লক্ষ্য কৰিবলগা বিষয়টো হ'ল, ভাৰতবৰ্ষৰ ৫৬২খন দেশীয় ৰাজ্যৰ লগত ব্ৰিটিছ চৰকাৰে যি চনদ প্ৰস্তুত কৰিছিল, সেই চনদ ১৫-৮-৪৭ত অন্ত পৰিল। সম্পূৰ্ণ নতুন চনদ তথা ব্যৱস্থাৰে সেই ৰাজ্যসমূহ ভাৰতৰ ভিতৰলৈ আহিল। ২৬-১-৫০ত গৃহীত ভাৰতীয় সংবিধানৰ কবলত ৰাজ্যৰ স্বায়ত্ত শাসনৰ অধিকাৰসমূহ নস্যাৎ কৰা হ'ল।
প্ৰশ্ন হ'ল, ভাৰতবৰ্ষ সঁচা অৰ্থত Union of State হয়নে? ভাৰতবৰ্ষৰ সংবিধান ৰচনা কৰা হৈছিল ইংৰাজ চৰকাৰৰ নিৰ্দেশত। ১৯৪৭ চনৰ ৩ জুনৰ চিমলা চুক্তি আৰু Indian Independent Act (June 23) 1947ৰ ধাৰামতে ৰাজ্যসমূহৰ অধিকাৰক আঘাত কৰা হ'ল। চিমলা চুক্তিৰ মাজেৰে দীৰ্ঘম্যাদী মৈত্ৰীৰ সূত্ৰত চুক্তি কৰিলে ভাৰতীয় নেতাই ব্ৰিটিছৰ লগত – ইংৰাজী ভাষা আৰু খ্ৰীষ্টান ধৰ্মৰ অগ্ৰগতিত ভাৰত চৰকাৰে বাধা আৰোপ কৰিব নোৱাৰিব। ভাৰতত নিয়োজিত বিদেশী পুঁজিৰ আৱশ্যক হ'লে ইংলেণ্ডলৈ ওভতাই নিয়াত ভাৰত চৰকাৰে বাধা দিব নোৱাৰিব। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰপৰা নব্য-ঔপনিৱেশিক শাসন ব্যৱস্থা ভাৰতত প্ৰৱৰ্তন কৰিলে। তাৰ বাবেই কৰা হ'ল Indian Independent Act (June 23) 1947, কেৱল শিৰোনামতহে Independent শব্দটো, ভিতৰত Transfer of Power। Transfer of Power to the Indian hands on the condition that...। ইংৰাজে বুজি পাইছিল যে ভাৰতত ৰাজনৈতিকভাৱে শাসন নকৰাকৈয়ে লুণ্ঠন চলাই যাব পাৰিব। ব্যৱসায়ৰ লগতে ইংৰাজী ভাষাৰ আগ্ৰাসন আৰু খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ তথা প্ৰসাৰত বাধা নাপায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতাসকলে ভাৰতবাসীক বিশ্বাসঘাতকতা কৰিলে। ইংৰাজসকলৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ দেশৰ শাসনৰ দায়িত্ব ল'লে। দেশত পুঁজিবাদী ব্যৱস্থাৰ অংকুৰণ ঘটিল। এককেন্দ্ৰিক ব্যৱস্থাৰে দেশত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হ'ল। অসমৰ ওপৰত এটাৰ পাছত আন এটাকৈ বিশ্বাসঘাতকৰ আঘাত আৰম্ভ হ'ল। অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত স্বাধীনতাৰ পাছৰেপৰা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিশ্বাস ভংগৰ অভিযোগ উত্থাপন হৈ আহিছে।
পুঁজিবাদী ৰাষ্ট্ৰই উন্নয়নশীল দেশবোৰক স্বাধীনতা প্ৰদান কৰিলেও মুক্ত কৰি দিব নিবিচাৰে। এই দেশবোৰৰ অৰ্থনৈতিক ব্যৱস্থাক উন্নত পুঁজিবাদী ৰাষ্ট্ৰবোৰে নব্য-ঔপনিৱেশিক ব্যৱস্থাৰে পৰিচালিত কৰিব বিচাৰে। এনে এক ব্যৱস্থাৰ ভিতৰতে ভাৰতে স্বাধীনতা পোৱাৰ বাবেই পুঁজিবাদী ব্ৰিটিছৰ পৃষ্ঠপোষকতাত আৰু সামন্ত প্ৰভুসকলৰ অৰিহণাত এচাম ভাৰতীয় উচ্চ মধ্যবিত্তৰ স্বাৰ্থত ভাৰতত পুঁজিবাদী ব্যৱস্থাৰ অংকুৰণ ঘটিল। ব্ৰিটিছে মুকলি কৰি যোৱা শোষণৰ পথকে ভাৰতৰ শাসকসকলে যাতে চলাব পাৰে আৰু ৰাজ্য চৰকাৰসমূহে ৰাজ্যৰ স্বাৰ্থত মাত মাতিব নোৱাৰে তাৰ সাংবিধানিক ব্যৱস্থা কৰা হ'ল। ইয়াৰ পৰিপ্ৰেক্ষিততে ভাৰত ৰাষ্ট্ৰত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ব্যৱহাৰিক প্ৰয়োগৰ ক্ষেত্ৰত হেঙাৰ পৰিল আৰু আন্তঃৰাষ্ট্ৰীয় পুঁজিবাদৰ ঔপনিৱেশিক ব্যৱস্থাক চলমান কৰাৰ স্বাৰ্থত ভাৰতৰ সংবিধান প্ৰণয়ন কৰা হ'ল। দেশৰ ঐক্য আৰু সংহতিৰ দোহাই দি নব্য-ঔপনিৱেশিক শোষণৰ পোষকতা কৰা কেন্দ্ৰই ৰাজ্যসমূহৰ ক্ষেত্ৰত অতিকেন্দ্ৰিক শাসন প্ৰৱৰ্তনৰ জৰিয়তে শোষণ আৰু লুণ্ঠনক এক নিয়মত পৰিণত কৰিছে। মূলতঃ যোৱা ৬৯টা বছৰত বিশেষভাৱে অসমৰ ক্ষেত্ৰত ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থাৰ আচৰণে সেইটোকে প্ৰকট কৰিছে। অসমৰ জনগণৰ ন্যায্য অধিকাৰৰ প্ৰশ্নত ভাৰতৰ সংবিধানৰ আজিৰ স্থিতি কিমান প্ৰাসংগিক আৰু সহযোগী, সেই বিষয়ৰ ওপৰত অধিক বিতৰ্কৰ প্ৰয়োজন হৈছে। আনহাতে, কেনেধৰণৰ সংশোধন আৰু আৰু সংযোজন হ'লে অসমৰ জনগণৰ অধিকাৰসমূহ প্ৰতিফলিত কৰিব পৰা যাব, সেই দিশটোৰ ওপৰতো মুক্ত আলোচনাৰ প্ৰয়োজন হৈছে।
সংবিধানৰ অতিকেন্দ্ৰিকতাৰ প্ৰভাৱ কমাই কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ সমবিতৰণৰ প্ৰতি লক্ষ্য ৰাখি তেতিয়াৰ মাদ্ৰাজৰ ডি এম কে দলৰ মুখ্য মন্ত্ৰী আন্নাদুৰায়ে প্ৰথমে স্বায়ত্ত শাসনৰ প্ৰশ্ন উত্থাপন কৰিছিল ১৯৬৭ চনত। পশ্চিমবংগৰ সংযুক্ত মৰ্চা চৰকাৰৰো ঠিক একেধৰণৰ মত প্ৰতিধ্বনিত হৈছিল ৬-৩-৬৭ত পশ্চিমবংগৰ বিধানসভাৰ মজিয়াত তদানীন্তন ৰাজ্যপাল ধৰমবীৰ দত্তৰ ভাষণত। ১৯৭০ চনত ডি এম কে চৰকাৰে স্বায়ত্ত শাসনৰ প্ৰশ্নটো পৰীক্ষা কৰিবলৈ তামিলনাডুৰ মুখ্য ন্যায়াধীশ ডঃ ৰাজামান্নাৰ অধ্যক্ষতাত মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ লক্ষ্মণস্বামী মুছালিয়াৰ আৰু মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত বিচাৰপতি পি চন্দ্ৰ ৰেড্ডীক লৈ এখন সমিতি গঠন কৰিছিল। ১৯৭১ চনত দিয়া ৰাজামান্না সমিতিৰ প্ৰতিবেদন মতে ভাৰতৰ সংবিধান যুক্তৰাষ্ট্ৰীয় ভিত্তিত হ'ব লাগে। কেন্দ্ৰ-ৰাজ্যৰ ক্ষমতা পুনৰ্বিন্যাসৰ দাবী তুলি ১৯৭৮ চনত পশ্চিমবংগত বাঁও মৰ্চা চৰকাৰে ৰাজ্যৰ বিধানসভাত গ্ৰহণ কৰা প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছিল। ১৯৭৮ চনত ৰাষ্ট্ৰপতি নীলম সঞ্জীৱা ৰেড্ডীয়ে কৈছিল – ভাৰত এখন ডাঙৰ দেশ আৰু দিল্লীৰপৰা সকলো বিষয়ত অধিককাল কেন্দ্ৰীভূত ব্যৱস্থা চলাই থকাৰ চেষ্টা কৰাটো সম্ভৱ নহ'ব। ই ভাঙোনৰ পথহে মুকলি কৰিব। সংসদীয় ব্যৱস্থাটো কিছু পৰিমাণে অধিক নমনীয় হ'বই লাগিব।
এনে পটভূমিতে আমাৰ মুকলি প্ৰশ্ন – অসমে ভাৰতীয় ইউনিয়নৰ স্বাৰ্থত আত্মসত্তা দলিয়াই পেলাবলৈ সন্মত হোৱা উচিত হ'বনে? ন্যায়াধীশ আৰ এছ ছাৰকাৰিয়াৰ নেতৃত্বত আয়োগ গঠন কৰা হৈছিল। ১৯৮৮ চনত ৫৯৪ পৃষ্ঠাৰ প্ৰতিবেদনত কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্ক পুনৰ্বিন্যাসৰ ক্ষেত্ৰত পৰামৰ্শ আগ বঢ়াইছিল। কেন্দ্ৰৰ অতিকেন্দ্ৰিক কাৰ্যব্যৱস্থা সলনি কৰি বাস্তৱমুখী কাৰ্যব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছিল। ছাৰকাৰিয়া আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰা নহ'ল। অতিকেন্দ্ৰিক ভাৰত ৰাষ্ট্ৰ এতিয়া মহা অতিকেন্দ্ৰিক হ'ল।
এই মহা অতিকেন্দ্ৰিক ব্যৱস্থাক আঘাত কৰাৰ লক্ষ্যৰে এতিয়া প্ৰায় প্ৰতিখন ৰাজ্যতে আঞ্চলিক ৰাজনীতিয়ে গা কৰি উঠিছে। উত্তৰ প্ৰদেশ, তামিলনাডু, জম্মু-কাশ্মীৰ, ওড়িশা, পঞ্জাব, পশ্চিমবংগ, কেৰালা, মহাৰাষ্ট্ৰ, বিহাৰ আদিত সেই ৰাজ্যবিলাকৰ নিজৰ মাটিত জন্ম লাভ কৰা ৰাজনৈতিক শক্তিসমূহক বিকল্প হিচাপে ৰাইজে গ্ৰহণ কৰিছে আৰু ৰাজ্যৰ আৰ্থ-সামাজিক দিশৰ গ্ৰাফডাল ঊৰ্ধ্বগামী কৰাইছে। ৰাজ্যসমূহৰ ভিতৰতে দলৰ পৰিৱৰ্তন কৰিছে, কিন্তু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক প্ৰৱেশ কৰাত বাধা হিচাপে থিয় হৈছে। এনে পটভূমিলৈ লক্ষ্য কৰি অসমত আঞ্চলিক ৰাজনীতিক কেনেকৈ জাতীয় ৰাজনীতিলৈ নিব পৰা যায়, তাৰ বিষয়ে বিশদভাৱে আলোচনা কৰাৰ সময় হৈছে।
জনগণৰ পক্ষত থাকিব লাগিব আঞ্চলিক ৰাজনীতি
অসমৰ সচেতন ৰাইজৰ এইটোও অভিজ্ঞতা আছে যে আজিৰ ৰাষ্ট্ৰব্যৱস্থাত ৰাজ্য চৰকাৰৰ এক সীমাবদ্ধতা আছে। আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ অৰ্থনীতি নিয়ন্ত্ৰণ কৰিছে আমোলাতান্ত্ৰিক ব্যৱস্থা আৰু বহিঃৰাষ্ট্ৰৰ পুঁজিয়ে। এনে ক্ষেত্ৰত আপোচৰ ৰাজনীতিৰে ক্ষমতাকেন্দ্ৰিক চিন্তাৰে দিছপুৰত বহিবলৈ যোৱা কোনো শক্তিৰদ্বাৰাই অসম আৰু অসমবাসীৰ পৰিৱৰ্তন সম্ভৱ নহয়। ভাৰতৰ বহু ৰাজ্যত কেন্দ্ৰৰ স্বৈৰতান্ত্ৰিক শাসনত অতিষ্ঠ হৈ বিকল্পৰ পম খেদি নতুন ৰাজনৈতিক শক্তিক গ্ৰহণ কৰাৰ দৰে অসমতো অসম গণ পৰিষদক গ্ৰহণ কৰিছিল। অসমৰ ৰাইজৰ সমৰ্থন লৈ ক্ষমতালৈ অহা অসম গণ পৰিষদ দল অসমৰ ৰাইজৰ ওচৰত দায়বদ্ধ। অসম আৰু অসমৰ ৰাইজৰ বাবে গণ পৰিষদে অধিক দৃঢ়ভাৱে আত্মনিয়োগ কৰা প্ৰয়োজন। আঞ্চলিক ৰাজনীতিয়ে কেন্দ্ৰৰ বাধ্য ছাত্ৰ হিচাপে নিজকে থিয় কৰালে তেনে দুৰ্বলতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰ আৰু অপশক্তিসমূহে। ৰাষ্ট্ৰৰ সম্পূৰ্ণ পক্ষ ল'লে জনগণৰ পক্ষত থকাটো সম্ভৱ নহয়। অসমৰ আঞ্চলিক ৰাজনীতিক পৃষ্ঠপোষকতা কৰাসকলে এইটো উপলব্ধি কৰিছে যে অসমৰ জনবিন্যাসে আজি একক আঞ্চলিক ৰাজনীতি গঢ়ি তোলাটো সম্ভৱ কৰি ৰখা নাই। সেইবাবেই অসমৰ বিভিন্ন জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক শক্তিসমূহৰ এক সৌহাৰ্দ্য আৰু সহযোগৰ ভিত্তিত আঞ্চলিক ৰাজনীতিৰ যৌথ মঞ্চ গঢ়ি তোলাৰ প্ৰয়োজন আছে। অৱশ্যে এই ক্ষেত্ৰত নেতৃবৰ্গৰ সহযোগী আৰু বহল দৃষ্টিভংগী থকা প্ৰয়োজন। অসমৰ আজিৰ মুহূৰ্তত অতি প্ৰয়োজনীয় দিশটো হ'ল সমস্যাসমূহ চিনাক্ত কৰা আৰু সমাধান সূত্ৰ ঐক্যবদ্ধভাৱে নিশ্চিত কৰা। ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত ক্ৰমাগতভাৱে পিছলৈ যোৱা অসমৰ সামূহিক উত্তৰণৰ বাবে সকলোৱে ঐক্যবদ্ধভাৱে দায়িত্ব পালন কৰাৰ সময় হৈছে।
আজিৰ প্ৰচলিত ব্যৱস্থাত জনগণৰ মাজত থাকি ৰাজনৈতিক সংগ্ৰাম গঢ়ি তোলাটো ৰাষ্ট্ৰৰ বাবে সমৰ্থনযোগ্য নহয়। ৰাষ্ট্ৰৰ চৰিত্ৰৰ বিপৰীতমুখী ৰাজনৈতিক দৃষ্টিভংগী ৰাষ্ট্ৰৰ বাহক কেন্দ্ৰীয় চৰকাৰে সহ্য নকৰে। দেশৰ ঐক্য-সংহতিৰ নামত কেন্দ্ৰই ৰাজ্যসমূহৰ ওপৰত কেন্দ্ৰীভূত শাসন প্ৰৱৰ্তনৰ জৰিয়তে শোষণ আৰু লুণ্ঠনক এক নিয়মত পৰিণত কৰিছে। দেশৰ আজিৰ প্ৰচলিত ব্যৱস্থাই অসমৰ জাতীয় জীৱনত এক সংকটপূৰ্ণ অৱস্থাৰ লগতে সামাজিক ক্ষেত্ৰখনতো সংঘাতময় পৰিৱেশৰ সৃষ্টি কৰিছে। ভ্ৰষ্টাচাৰ, দুৰ্নীতি, লুণ্ঠন, হত্যা, বিভাজন, সাম্প্ৰদায়িকতা আদি কদৰ্য ব্যৱস্থাসমূহ এক নিয়মত পৰিণত হৈছে। এই বিষয়সমূহৰ বিষয়ে অসমৰ ৰাইজ অভিজ্ঞ। এতিয়া সমস্যা সমাধানৰ সূত্ৰ নিৰ্ণয়ৰ সময়। অসমৰ সমূহ জনজাতি, জনগোষ্ঠীয়ে আজি ঐক্যবদ্ধভাৱে সমস্যাসমূহৰ সমাধান সূত্ৰ নিৰ্ণয় কৰাৰ সময় হৈছে। আমাৰ মাজত আজি সংঘাতৰ বীজ ৰোপণ কৰিবলৈ চেষ্টা কৰা হৈছে – যাতে আমি ঐক্যবদ্ধভাৱে প্ৰাপ্যৰ বাবে থিয় হ'ব নোৱাৰোঁ। আমি আজি পৰস্পৰক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছোঁ – ফলত কেন্দ্ৰীয় চৰকাৰক আমি প্ৰত্যাহ্বান জনাব পৰাৰ সামৰ্থ্য হেৰুৱাইছোঁ। এনে অৱস্থাৰপৰা পৰিত্ৰাণৰ এটাই উপায় – ঐক্যবদ্ধ ৰাজনৈতিক সংগ্ৰাম। অসমবাসীক এনে কদৰ্য পৰিস্থিতিৰপৰা স্থায়ীভাৱে উদ্ধাৰ কৰাৰ বাবে অসমত এক প্ৰগতিশীল জাতীয়তাবাদী সংগ্ৰামৰ প্ৰয়োজন হৈছে।

Share Button
Print Friendly, PDF & Email

No Comments : "প্ৰগতিশীল জাতীয়তাবাদেহে অসমৰ উত্তৰণৰ পথ দিব -(অদীপ কুমাৰ ফুকন)"

Leave a Comment

Your email address will not be published. Required fields are marked *