প্ৰসেনজিৎ চৌধুৰীৰ উত্তৰণ আৰু উত্তৰাধিকাৰ : মনৰ বন্ধ দুৱাৰ খোলাৰ এক সঁচাৰকাঠি - (ৰাচিদা ৰহমান)

প্ৰদূষিত সময়ৰ এই সন্ধিক্ষণত সুস্থ চিন্তন আৰু মননৰ অভাৱ পৰিলক্ষিত হয় সমাজৰ প্ৰায় প্ৰতিটো অলিয়ে-গলিয়ে‌। এক সামগ্ৰিক সস্তীয়া পণ্যায়নে গ্ৰাস কৰা প্ৰতিটো ক্ষেত্ৰৰপৰা গ্ৰন্থৰ ক্ষেত্ৰখনো সাৰি যোৱা নাই‌। গ্ৰন্থ অধ্যয়নৰ প্ৰতি সমাজৰ গৰিষ্ঠসংখ্যক শিক্ষিত লোকেই পিঠি দি সস্তীয়া বিনোদনৰ নানানটা মাধ্যমত নিজকে হেৰুৱাই দিছে বুলি সঘন অভিযোগ উত্থাপিত হোৱা দেখা গৈছে‌। এই অভিযোগৰ সত্যতা নিশ্চয় নুই কৰিব নোৱাৰি‌। আৰু সেইসকল লোকৰ মাজতেই যিহেতু গ্ৰন্থ আন্দোলন এটা চলাই নিয়াটোও দৰকাৰী, আন নহ’লেও গ্ৰন্থ ব্যৱসায় টিকি থকাৰ স্বাৰ্থতে দৰকাৰী, সেই বাবেই নানা চতকদাৰী বিষয়বস্তুৰ গ্ৰন্থৰে গ্ৰন্থৰ জগতখনো ভৰি পৰাটো লক্ষ্য কৰিব লগা কথা হৈ পৰিছে‌। জাকজমকীয়া গ্ৰন্থমেলাত সেয়েহে পংকজ পাঠকৰ গ্ৰন্থই বেষ্ট ছেলাৰৰ যোগ্যতা অৰ্জন কৰে‌।

এনে এক হতাশাজনক পৰিস্থিতিত নতুনকৈ আত্মপ্ৰকাশ কৰা অপেশাদাৰী প্ৰকাশন গোষ্ঠী ‘মুক্ত চিন্তা প্ৰকাশন, যুক্তি বিকাশ সমিতি, অসম’ৰদ্বাৰা প্ৰকাশ কৰা প্ৰসেনজিৎ চৌধুৰীৰ উত্তৰণ আৰু উত্তৰাধিকাৰএ এক আশাৰ বতৰা কঢ়িয়াই আনিছে‌।

অসমৰ অধ্যয়নশীল পাঠকৰ বাবে যুক্তিবাদী লেখক প্ৰসেনজিৎ চৌধুৰী এক অন্যতম আগ্ৰহ উদ্ৰেককাৰী নাম‌। প্ৰবল বস্তুনিষ্ঠতা, তথ্যনিৰ্ভৰ গভীৰ বিশ্লেষণে তেখেতৰ লেখাক এক অন্য মাত্ৰা প্ৰদান কৰিছে‌। তেখেতৰ নৱতম গ্ৰন্থ উত্তৰণ আৰু উত্তৰাধিকাৰতো তাৰ স্বাক্ষৰ পাতে পাতে পোৱা যায়‌।

“মৃত্যুৰ মাজেৰে মৃত্যুঞ্জয়ী হোৱা জনহিতৈষী যুক্তিবাদী নৰেন্দ্ৰ ডাভোলকাৰৰ সমুজ্জ্বল সোঁৱৰণত” উৎসৰ্গিত গ্ৰন্থখনত লেখকে চাৰিটা মূল গোটত প্ৰবন্ধলানি অন্তৰ্ভুক্ত কৰিছে‌। সেই গোটকেইটা হ’ল, ক) যুক্তিৰ বাটেৰে এখোজ-দুখোজ, খ) আখ্যান-ব্যাখ্যানৰ দাপোণত অতীত, গ) বৈপ্লৱিক অৱলোকনৰ আভাস, ঘ) মনীষাৰ পোহৰত নিৰীক্ষণ‌।

এই গোটেইকেইটা গোটতে কেইবাটাও বৈচিত্ৰ্যময় আৰু চিত্তাকৰ্ষক বিষয় সামৰি লৈছে‌। আৰু এই বৈচিত্ৰ্যময় বিষয়বোৰৰ যোগসূত্ৰ ৰক্ষা কৰিছে যুক্তিবাদী চিন্তাই‌। যুক্তিনিৰ্ভৰতা, ধৰ্ম আৰু অযুক্তি, শাস্ত্ৰীয় ঐতিহ্যৰ প্ৰসংগ, অনুসন্ধিৎসা আৰু ভগৱান, অসমীয়াৰ অন্ধবিশ্বাস, ইতিহাস-চৰ্চা আৰু সাম্প্ৰদায়িকতা, ধৰ্ম/ধৰ্মান্ধতা বনাম ইতিহাস-চৰ্চা, মন্দিৰ প্ৰসংগ, বিজ্ঞানমনস্কতা, প্ৰাৰ্থনা, গুৰু-শিষ্য সংবাদ, আত্মা, মৃত্যু, ধৰ্ম আৰু হেমচন্দ্ৰ বৰুৱা, ধৰ্ম, ঐতিহ্য, যুক্তিমনস্কতা আৰু ৰবীন্দ্ৰনাথ, দুৰ্গাপূজা, পৌত্তলিকতা আৰু পশুবলি, পেৰিয়াৰৰ নাৰী চিন্তা, চাৰ্লছ ব্ৰেডল’ আদি বিষয়ৰ আলোচনা কৰা হৈছে।

বিজ্ঞানমনস্কতাৰ বিষয়ে ক'বলৈ গৈ তেখেতে লিখিছে যে যিসকল লোকে যুক্তিৰ ওপৰত ভৰ দি চিন্তা-চৰ্চা কৰে, তেওঁলোকে অন্ধভাৱে বা নিৰ্বিচাৰে কোনো আচৰণ বা বিশ্বাসক সমৰ্থন নকৰে, কাৰ্যকাৰণ সম্পৰ্কৰ ওপৰত তেওঁলোকে সৰ্বাধিক গুৰুত্ব দিয়ে, প্ৰশ্ন কৰে, প্ৰমাণ বিচাৰে, সেইবোৰেই আচলতে বিজ্ঞানমনস্কতাৰ ঘাই লক্ষণ । কিন্তু এই বিজ্ঞানৰ যুগত বিজ্ঞানৰ প্ৰসাৰতা লাভ কৰাৰ পাছতো আজিও দেখা যায় বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী লোকে হাতত বিভিন্ন গ্ৰহৰ আঙুঠি পিন্ধি কোনো বাবাজী-মাতাজীৰ চৰণত লুটি খাই পৰে ।

ধৰ্মৰ কথা তেখেতে কৈছে যে ধৰ্মৰ লগত আত্মা, ঈশ্বৰ, পৰকাল, পাপ, পুণ্য আদিৰ ধাৰণা যুক্ত হৈ আছে । ঈশ্বৰ যদি মংগলময় হয় তেন্তে পৃথিৱীখনত ইমান অন্যায়-অবিচাৰ নহ'লহেঁতেন । আমি ভাল কাম কৰিলে ভাল হয় আৰু বেয়া কিবা এটা হ'লে পাপ কৰিছিলো কাৰণে হয় বুলি কওঁ । কিন্তু ঈশ্বৰ যদি প্ৰকৃততে আছে আৰু মংগলময় হয় তেন্তে পাপ কৰাৰপৰা লোকসকলক কিয় দূৰত নাৰাখে ? কথাষাৰ ভাবিবলগীয়া ।

নাৰী আৰু শূদ্ৰৰ প্ৰতি নিষ্ঠুৰ ইংগিত বহন কৰা মনুসংহিতাৰ অনুশাসনকেইটামানৰ কথাও গ্ৰন্থখনত ধুনীয়াকৈ বিশ্লেষণ কৰিছে । ১৮৪৭ চনত 'অৰুনোদই'ত ওলোৱা বিৱৰণটোৰ কথা পঢ়িহে আচৰিত হ'লো । কলেৰাৰপৰা ৰক্ষা পাবলৈ গাঁওবাসীয়ে বোলে বুঢ়া ডাঙৰীয়াক পূজা কৰিছিল, ছাগলী, হাঁহ আদি সংগ্ৰহ কৰি নৈৰ পাৰত পূজাৰ ব্যৱস্থা কৰিছিল । মিশ্যনেৰী ব্ৰনছনে আমেৰিকাৰপৰা অনা ঔষধ দি পাদুৰী চাহাবে যে গাওঁবাসী অনেকৰ জীৱন বচাইছিল তেতিয়া 'অৰুনোদই'ত প্ৰকাশ পাইছিল । এক কথাত 'অৰুনোদই'য়ে এই অন্ধবিশ্বাসৰ স্বৰূপ উদঙাই দিছিল । অৱশ্যে অসমীয়া লোকক সোনকালে অন্ধবিশ্বাসৰপৰা দূৰ কৰিব পৰা নাযায়, তাৰ উদাহৰণস্বৰূপে মিশ্যনেৰী ব্ৰনছনৰ জীয়েকৰ মৃত্যু হওঁতে কবৰ দিবলৈ কোনো মানুহ নোলালে । ঘৰত কাম কৰা বনুৱাকেইজনেও শ-টোৰ কবৰত মাটি দিয়া নাছিল ব্ৰনছন একে জাতৰ নাছিল বাবে ।

বৰ্তমান চলি থকা এটা প্ৰসংগ হৈছে মন্দিৰ-মছজিদ ভঙা । চৌধুৰীদেৱে কেইবাখনো গ্ৰন্থৰ কথা উল্লেখ কৰি জনাইছে যে মন্দিৰ-মছজিদ ভঙাৰ মূল কাৰণটো অন্য ধৰ্মৰ প্ৰতি বিদ্বেষ নহ’বও পাৰে, কাৰণটো সম্পদ আহৰণৰ লক্ষ্যও হ'ব পাৰে । ধন-সম্পদ লুণ্ঠন কৰাৰ উদ্দেশ্যেও ৰজা-মহাৰজাই তেওঁলোকৰ সধৰ্মীয়েই হওক বা বিধৰ্মীয়েই হওক মঠ-মন্দিৰ লুটপাট কৰিব পাৰে । সুভট বৰ্মন নামৰ ৰজা এজনে গুজৰাট আক্ৰমণ কৰাৰ সময়ত বহু জৈন মন্দিৰ লুট কৰিছিল । চিকন্দৰ লোডীয়ে জৌনপুৰৰ মছজিদ ভাঙিছিল অৰ্থাৎ হিন্দু ৰজাইও মন্দিৰ ভাঙিছিল আৰু মুছলমান ৰজাইও মছজিদ ধ্বংস কৰাৰ প্ৰমাণ ইতিহাসত আছে । আৰু এটা কথা তেখেতে উল্লেখ কৰিছে যিটোক তেখেতে অপ্ৰিয় সত্য বুলি কৈছে আৰু কথাটো হৈছে মুছলমান ৰজাসকলৰ পৰধৰ্ম-সহিঞ্চুতা । মধ্যপ্ৰদেশত প্ৰাপ্ত ১৩২৮ চনৰ এটা লিপিৰপৰা জনা যায় যে মহম্মদ বিন টোঘলকৰ নিৰ্দেশত এটা গো-মঠ নিৰ্মাণ কৰা হৈছিল । জনৈক ঐতিহাসিকৰ মতে মুছলমান নবাবসকলৰ সমৰ্থনৰ ফলতে হিন্দু তীৰ্থক্ষেত্ৰ হিচাপে অযোধ্যাৰ বিকাশ ঘটিছিল । বাবৰে হুমায়ুনক দিয়া পৰামৰ্শৰ অংশও গ্ৰন্থখনত উদ্ধৃত কৰা হৈছে - যে ভাৰতত বিভিন্ন লোকে বসবাস কৰে, ধৰ্মীয় পক্ষপাতিত্ব ল'ব নালাগিব, গো-হত্যাৰপৰা আঁতৰি থাকিব পাৰিলেহে ভাৰতবাসীৰ অন্তৰত হুমায়ুনে এডুখৰি ঠাই পাবলৈ সক্ষম হ'ব ।

আৰু কেইটামান অতি শিহৰণকাৰী ঘটনাৰ কথা গ্ৰন্থখনত উল্লেখ কৰা হৈছে । কেনেকৈ কবীৰ আহমেদ নামৰ লোকজনে সপোনতে গুৰুৰ আদেশ শুনি নিজৰ পুতেকক বলি দিছিল আল্লাহক সন্তুষ্ট কৰিবলৈ । ৱাৰেন জ'নছে যি নিজকে ঈশ্বৰ বুলি পৰিচয় দিছিল, পাছত যেতিয়া তেখেতৰ আশ্ৰম পৰিদৰ্শন কৰি তেখেতৰ অপকৰ্ম ধৰা পেলাইছিল, ভক্তসকলক গোট খুৱাই শেষ নিৰ্দেশ দিছিল যে তোমালোক সকলোৱেই আত্মহত্যা কৰা আৰু ৯০০জনতকৈও বেছি সন্মোহন-আৱিষ্ট ভক্তই আত্মহত্যা কৰিছিল । ১৯৯৩ চনৰ ৬ মে'ৰ দিনা বালক ব্ৰহ্মচাৰীৰ মৃত্যু হয় কিন্তু তেওঁৰ মৃতদেহ দাহ কৰা হয় দুমাহৰ পাছত । কাৰণটো হৈছে ভক্তগণে বিশ্বাস কৰিছিল যে তেওঁ পুনৰ জাগ্ৰত হ'ব‌। পাছত গেলি-পচি যোৱা মৃতদেহটো পুলিচ বাহিনীয়ে পৰিয়ালৰ লোকক গতাই দিয়ে । ভক্তসকলৰ আক্ৰমণত ৬০জন পুলিচ আহত হয় । পাছত আশ্ৰমখনৰপৰা মদৰ বটলৰ বাকছ, অশ্লীল ছবিৰ কেছেট পুলিচে আৱিষ্কাৰ কৰে, যিয়ে ধৰ্মগুৰুজনৰ ভণ্ডামিৰ পৰিচয় দিয়ে ।

গ্ৰন্থখনত জ্যোতিষ, ধৰ্ম-ঐতিহ্য, যুক্তিমনস্কতা আৰু ৰবীন্দ্ৰনাথৰ বিষয়ে, দ্বাৰকানাথৰপৰা ৰবীন্দ্ৰনাথলৈ দুৰ্গাপূজা, পৌত্তলিকতা আৰু পশুবলিৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় । শেষত তেখেতে পেৰিয়াৰে ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে যি যুদ্ধ চলাইছিল তাৰ বিষয়ে সুন্দৰকৈ লিখিছে । গ্ৰন্থখনত গান্ধী, পেৰিয়াৰ, ব্ৰ্যেডল’ৰ বিষয়ে বহুত নজনা কথা জানিব পৰা গ'ল । ব্ৰ্যেডল’ৱে তেওঁৰ 'A plea for Athesism' নামৰ প্ৰবন্ধত সহজ ভংগী আৰু আত্মপ্ৰত্যয়েৰে কৈছে যে বৈজ্ঞানিক জ্ঞানৰ অভাৱ যিমানেই বেছি হয় সিমানেই মানুহ ধৰ্মবিশ্বাসৰ কবলত পৰে। ধৰ্ম আৰু ঈশ্বৰৰ বিৰুদ্ধে চিন্তাশক্তি আৰু বিজ্ঞানৰ যাত্ৰাৰ বিৱৰণ যি ব্ৰ্যেডল’ৰ ৰচনাত পায় সেইখিনি বহলকৈ বুজাই দিয়া হৈছে ।

গ্ৰন্থখনৰ প্ৰচ্ছদ চিত্ৰশিল্পী অনুপম শইকীয়াৰ ‘reflection’ (প্ৰতিবিম্ব) নামৰ ছবিখনেৰে সুন্দৰকৈ সজাইছে সমুদ্ৰ কাজল শইকীয়াই‌। সামগ্ৰিকভাৱে ছপা আৰু বন্ধা কামো উন্নত বুলি ক’ব পৰা যায়‌।

মুঠতে উত্তৰণ আৰু উত্তৰাধিকাৰৰ অধ্যয়নে যে পাঠকৰ চিন্তন-মননৰ সামগ্ৰিক উত্তৰণ ঘটাব সেইটো নিশ্চিতভাৱে ক’ব পৰা যায়‌। ‘মুক্ত চিন্তা প্ৰকাশন’ৰ এই প্ৰথম প্ৰয়াসক ৰাইজে আদৰি ল’ব বুলিয়েই আশা কৰা যায়‌।

Share Button
Print Friendly, PDF & Email

No Comments : "প্ৰসেনজিৎ চৌধুৰীৰ উত্তৰণ আৰু উত্তৰাধিকাৰ : মনৰ বন্ধ দুৱাৰ খোলাৰ এক সঁচাৰকাঠি - (ৰাচিদা ৰহমান)"

Leave a Comment

Your email address will not be published. Required fields are marked *