আশীৰ পৰৱর্তী প্রতিবাদৰ গল্প আৰু একোটা চিঞৰ- (বিপাশা বৰা)


You can make anything by writing.
- CS Lewis

চৌপাশে ইমান কোলাহল-হট্টগোল, জাক জাক চিনিকৰ মিছিল, শতিকাৰ শেষৰ দুই দশকৰ আমাৰ নাকত এতিয়াও লাগি থকা শ-পোৰা গোন্ধ, হাজাৰজনী কুলছুমা-ভনীমাইৰ দেদাউৰি-আত্রাহি, শাৰী শাৰী শিশুৰ মৃতদেহ মুখৰ আগত লৈ যদি লেখককুলৰ কলমেদি কেৱল ফুল-তৰা-গানৰ বন্দনাই ওলাইছে, তেন্তে আমি কোনখন জগতৰ বাসিন্দা? নিজৰ মধ্যবিত্তীয় ভণ্ডামিৰে আৰু কিমানদিন অসংখ্য অভুক্ত-উচ্ছেদিতৰ চিৎকাৰ, অসংগঠিত শ্ৰমিকৰ চিঞৰ আওকাণ কৰি যাম? যদি আমি এই দুঃসহ সময়ক কলমেৰে ধৰি ৰাখিবই পৰা নাই, তেন্তে সচেতন লেখক হিচাপে আমি কোনোবাখিনিত ব্যর্থ। আমাক ইতিহাসে ক্ষমা নকৰিব।

এদিন কথা-প্রসংগত গল্পকাৰ ৰত্না ভৰালী তালুকদাৰ আৰু মই মণিপুৰৰ গান-কবিতা গদ্যৰ কথা পাতি আছিলোঁ। তেওঁ কৈছিল,

- জানা বিপাশা, অসমীয়া লেখক-কবিসকলৰ জীৱন-জিজ্ঞাসা আছে, জীৱনৰ উপলব্ধি আছে, কিন্তু কুৱেষ্ট ফ'ৰ আইডেন্টিটিটো নাই। মানে চিজাৰিয়ান বেবীৰ দৰে। স্বাস্থ্য ভাল, সমালোচনা কৰিবলৈ ভাল। কিন্তু মাতৃগৰ্ভত বিদ্রোহ কৰি থলৰকৈ ওলাই অহা কেঁচুৱাৰ দমটো নাই। মণিপুৰৰ লেখকসকলৰ কবিতাই হওক, গল্পই হওক সেই দমটো আছে।

হয়। তেওঁলোকৰ প্রতিবাদী ধাৰাটো খুব শক্তিশালী। ৰাষ্ট্ৰযন্ত্ৰৰ প্রতিটো অন্যায়ৰ বিৰুদ্ধে তেওঁলোক সৰৱ। যদিও অসমীয়া গল্প-সাহিত্যই ইতিমধ্যেই এক উজ্জ্বল পর্ব আৰু পর্যায় পাৰ কৰি আহিছে, তথাপি এতিয়াও লেখক এজনে তেওঁৰ চৌপাশে ঘটি থকা ঘটনাসমূহক আওকাণ কৰিব নোৱাৰে। দেখা যায়, জীৱন-ধাৰণৰ মান যিমানেই সলনি নহওক, অতীজৰে পৰাই মানুহৰ মনোৰঞ্জনৰ প্রিয় মাধ্যম পিছে এতিয়াও কাহিনী কোৱা আৰু শুনা। ই মানুহৰ এক স্বাভাৱিক প্ৰৱণতা। ফ্রেডেৰিক জেমছনে কৈছিল, গল্প-সাহিত্য একধৰণৰ সমাজ-প্রতীকী কার্য। তত্ত্বগধুৰ প্ৰবন্ধ এটিয়ে ক'ব বিচৰা একেখিনি কথা কাহিনী এটাৰ মাধ্যমেৰেও মানুহৰ মাজলৈ লৈ যাব পাৰি, যি কাম প্রত্যক্ষ সংগ্রামী সংগঠকৰ জটিল জীৱনৰ মাজে মাজে জেহিৰুল হুছেইনৰ দৰে প্ৰসিদ্ধ প্রগতিশীল গল্পকাৰে কৰিছিল। কিছু সীমাবদ্ধতা থকা সত্ত্বেও ‘ভেটি’, ‘ভাল মানুহৰ সংজ্ঞা’, ‘সাত নম্বৰৰ সন্ধানত' আদি গল্পৰে তেওঁ নিজৰ ক'বলগীয়াখিনি সমাজক কৈ গৈছে। অৱশ্যে সচৰাচৰ হোৱাৰ দৰে এইজন মার্ক্সবাদী লেখকৰ গল্পসমূহ একমাত্রিকতাৰ দোষৰ পৰা মুক্ত নহয়।

দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰৱৰ্তী কালছোৱাত বিশ্বৰ বৌদ্ধিক ক্ষেত্ৰখনত আমূল পৰিৱৰ্তন ঘটিছিল। লাহে লাহে আধুনিক ইউৰোপীয় চিন্তাবিদসকলৰ সৈতে অসমৰ বৌদ্ধিক সমাজখন পৰিচিত হৈছিল। তেনে সময়ত সামাজিক অন্যায়-শোষণ আদিৰ বিৰুদ্ধে এচাম গল্পকাৰৰ কলম গৰজিও উঠিছিল। বেজবৰুৱাৰ সমসাময়িক শৰৎ গোস্বামী, তাৰ পিছৰ কালছোৱাত নগেন্দ্র নাথ চৌধাৰী, নকুলচন্দ্র ভূঞা আদিৰ গল্পত নতুন যুগৰ পদধ্বনি শুনা গ'ল। ৰামধেনু যুগত মার্ক্সীয় চিন্তা-চেতনাৰ বিস্তাৰৰ উমান গল্পবোৰত পোৱা গ'ল। এই তালিকাত সৌৰভ কুমাৰ চলিহাৰ নামটোও আমি যোগ দিব পাৰোঁ। বহুতেই নাজানে যে, জীৱনৰ প্ৰথমছোৱাত তেওঁ আৰ চি পি আই আন্দোলনৰ লগত জড়িত আছিল। উপেন্দ্রনাথ শৰ্মাই চলিহাৰ আত্মপ্রকাশৰ প্রসংগত ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী'ত কৈছিল – ‘কৈশোৰত মার্ক্সবাদী লেখক হিচাপে আত্মপ্রকাশ কৰা চলিহাৰ বাবে ‘বিশুদ্ধ কলাকাৰ’ৰ আখ্যা নেতিবাচক নহয়। মানৱীয় পৰিস্থিতিৰ অংগীভূত দৈন্যসমূহৰ প্রতি তেওঁ উদাসীন নহয়। তেওঁৰ ভ্ৰমণ বিৰতি, গোলাম আদি গল্পত সামাজিক চেতনাৰ চাপ অনস্বীকার্য।' সৌৰভ কুমাৰ চলিহাৰ অনন্য প্রতিভাৰ স্বাক্ষৰ 'অশান্ত ইলেকট্রন' গল্পটো তেওঁ মাথোঁ সোতৰ বছৰ বয়সতে লিখিছিল। ছেক্সৰপৰা সমাজনীতি, দ্বন্দ্ব, ৰাজনীতি, ফিজিক্সলৈকে সকলো উপলব্ধ গল্পটোক চলিহাই নিজেই পিছে খিচিৰি আখ্যাহে দিছিল। গল্পটোত ‘কেপিটেলিজম ষ্টেণ্ডছ অন ইটছ লাষ্ট লেগছ' বুলি মন্তব্য কৰা যতি বাবুৰ তীর্যক মন্তব্যসমূহো কৌতূহলোদ্দীপক।

কোনো লেখকেই সমাজবহিৰ্ভূত নহয়। কিন্তু আমাৰ দৰে তৃতীয় বিশ্বৰ ঔপনিৱেশিকতাবাদৰ কৰাল গ্রাসত পৰা দেশ এখনৰ অৱহেলিত চুক এটাৰ সমাজ আৰু অর্থনীতি পাশ্চাত্যৰ পুঁজিবাদৰপৰা পৃথক। আমাৰ বহুধাবিভক্ত সমাজখন আৰু ইয়াৰ ৰাজনীতিও জটিল। আমি বাতৰিকাকত জোটাই জোটাই পঢ়িবলৈ লোৱা সময়খিনি আছিল দেশ আৰু জাতিৰ বাবে সংকটকাল। আশী-নব্বৈ দশকৰ ৰাজনৈতিক আৰু সামাজিক অস্থিৰতাক সফলভাৱে গল্পত ধৰি ৰাখিছিল অৰূপা পটংগীয়া কলিতা, বিপুল খাটনিয়াৰ, মনোৰমা দাস মেধি, মনোজ কুমাৰ গোস্বামী আদিৰ গল্পই। দেশ-সমাজ-জীৱনৰ দ্বন্দ্ব-বিষয়ক বহু চিত্তাকর্ষক গল্প সেই সময়ছোৱাতে ৰচিত হৈছিল। অৰূপা পটংগীয়া কলিতাৰ দৰে গল্পকাৰে অসম আন্দোলনৰ সময়ছোৱা বৰ সুন্দৰকৈ ধৰি ৰাখিছে ব’হাগ, বৰষুণ, অস্থি, মৰুযাত্ৰা আদি গল্পত। আন্দোলন-বিৰোধী স্থিতিত অটল হৈ থাকি তেওঁ জীৱন্তভাৱে অংকিত কৰিছে গুপ্তহত্যাৰ ভয়াৱহ বিভীষিকাক - চক্ৰবেহুৰ অৰুণিমা, পুত্ৰৰ মৃতদেহ বিচাৰি ফুৰা পমীলা বেঙীৰ দৰে চৰিত্ৰৰ চিত্রায়ণৰ মাজেৰে। সাম্প্রতিক সাময়িকী, নতুন পৃথিৱী আদিত দায়বদ্ধতাৰে প্রগতিশীল গল্পচর্চা অব্যাহত ৰাখিছিল বিপুল খাটনিয়াৰে।

নব্বৈৰ দশকত আত্মপ্রকাশ কৰা ৰত্না ভঁৰালী তালুকদাৰ আৰু ৰশ্মিৰেখা বৰা এই ধাৰাৰ দুগৰাকী শক্তিশালী কথক। দুয়ো নিম্নবর্গীয় সমাজ চেতনাক গদ্যৰ সাঁচত অতি নিপুণতাৰে ঢালিছে। দুয়োৰে গল্পৰ প্রতিবাদৰ ভাষা অনন্য। ৰশ্মিৰেখা বৰাৰ কাউৰী এজাকে খেদিছে, অৰণ্যগাঁথা, ইয়াত নদী আছিল, আচমত আলিৰ চাৰিকোণীয়া পৃথিৱী, কাহিনী এটাৰ গল্প অথবা কাহিনীকাৰৰ, চুবাচীৰ মা, দাওহুদুৰ গান, নৈপৰীয়া মালিতা আদি গল্পই আমাক সমাজ-বাস্তৱতাৰ উলংগ ছবিবোৰ দেখুৱায়। বৃত্তিত ফ্রি-লান্সাৰ সাংবাদিক ৰত্না ভঁৰালী তালুকদাৰে উত্তৰ-পূব ভাৰতৰ সংঘর্ষপীড়িত অঞ্চল তথা ইবোৰৰ বিভিন্ন মানৱীয় সমস্যাসমূহক লৈ সংৱেদনশীল গল্প লিখি আহিছে। সমস্যাৰ সৈতে যুঁজি যুঁজি ভাগৰি পৰা মানুহবোৰক ভোকে মাৰিব নোৱাৰে। একো খাবলৈ নোহোৱা দিনবোৰতো নৈৰ পাৰৰ পলসুৱা মাটিত গজি উঠা আঠিয়া কলৰ পচলা সিজোৱাত ব্লকৰ পৰা দিয়া নিমখ সানি খাই মানুহবোৰে এটা ভাল জীৱনৰ সপোন দেখে।

“বুঢ়া-মেথাসকলে কৈছিল– দুর্ভিক্ষ আৰু বুভুক্ষাৰ এই পঢ়াশালিৰ পৰাই শিক্ষা ল’বলৈ শিক। প্ৰতিকুলতাত বাচি থাকিবলৈ শিক আৰু বিচাৰি উলিয়া প্রতিবাদ প্রতিৰোধৰ কঠোৰ-কঠিন ৰাস্তা। (দ্য স্পার্ক আৰু বেঙুনীয়া ৰাস্তাৰ ভায়’লিন)| ৰত্না ভৰালী তালুকদাৰৰ গল্পৰ স্পষ্ট বক্তব্য আৰু সাম্প্ৰতিক ঘটনাপ্রবাহৰ প্রতি প্রকাশ কৰা তীর্যক শ্লেষে তেওঁৰ গল্পবোৰ কৰি তুলিছে অনন্য।

শেহতীয়াকৈ পঢ়া দুটিমান উল্লেখযোগ্য গল্প হ'ল, দিব্যজ্যোতি বৰাৰ 'গৰু' আৰু অৰূপ কুমাৰ নাথৰ ‘অন্নখন’। দেশৰ সাম্প্রতিক গো-ৰাজনীতি আৰু অসমৰ প্রসংগৰে দিব্যজ্যোতি বৰাই চৈয়দ আব্দুল মালিক ছাৰৰ সুৰুযমুখী স্বপ্নৰ গুলছক লৈ আহিছে গল্পৰ মাজলৈ। ঠিক একেদৰে অৰূপ কুমাৰ নাথে মন-মগজু জোকাৰি যোৱা কেইবাটাও সফল গল্প লিখিছে। তেওঁলোকক একে আষাৰে প্রগতিশীল গল্পকাৰ বুলি অভিহিত কৰিব নোৱাৰি যদিও দুয়ো এই ধাৰাৰ কেইটামান ভাল গল্প লিখিছে।

এতিয়া শতিকাশেষৰ ক্লান্তিকালত ওপজা আমাৰ নতুন গল্পকাৰসকলে সূর্যস্বপ্নৰ কথা কয়। তেওঁলোকৰ হাততেই আছে সময় সলনি কৰাৰ পণ। তেওঁলোকৰ স্থিতিত প্রজ্ঞা, নৈৰাশ্য, ক্ষোভ, হতাশা, তর্কৰ ধূলিময় সহাৱস্থান। জুৰি বৰুৱাৰ গল্পবোৰে আমাৰ চৌপাশৰ পৃথিৱীখনকে আকৌ নতুন ৰূপত দেখুৱায়। জুৰিৰ গল্পত চহৰ এখনো মূর্ত হৈ উঠে আৰু আমাক কাহিনী ক’বলৈ লয়। 'বতাহত খোজ পানীত ছাঁ' এটা পাহৰিব নোৱৰা নিটোল গল্প। বিদ্রোহী-বিপ্লৱীৰ প্রত্যক্ষ জীৱন গল্পটোত বর্ণিত হোৱা নাই। বিপ্লৱী পিতৃ-মাতৃৰ একমাত্র সন্তান আইমানুৰ জৰিয়তে ৰাজনৈতিক প্রশ্নবোৰ বৰ চতুৰতাৰে উত্থাপন কৰা হৈছে। পঞ্চানন হাজৰিকাৰ জীৱনৰ প্ৰথমছোৱাৰ গল্পবোৰ কেৱল কেম্পাছ পলিটিক্স-কেন্দ্রিক আছিল। কিন্তু পঞ্চাননে সামগ্রিকভাৱে এই সময় আৰু সমাজক লৈ দায়বদ্ধতাৰে গল্প লিখি আছে। ছাত্ৰ ৰাজনীতিৰ বহু দিশ পঞ্চানন হাজৰিকাই উন্মোচন কৰিবলৈ সক্ষম হৈছে।

“সিহঁতে বিচাৰিছে – আমাৰ নদীবোৰ নদীৰ দৰে বৈ থাকিবলৈ দিয়া। সিহঁতে বিচাৰিছে – আমাৰ মাটিবোৰ আমাৰ হৈ থাকিবলৈ দিয়া। কোনোবাই কৈছে– সিহঁত ফিৰিঙতি। সিহঁত বৰদৈচিলা। সিহঁত মানেই এটা হতাশ, বিভ্রান্ত প্রজন্মৰ মূল্যহীন অস্থিৰতা। আৰু মই কৈছোঁ– সিহঁত জুই। সিহঁত সূৰ্য। সিহঁত শিল্পী। বিপ্লৱী। সিহঁত জাতি আৰু মাটিক ভাল পোৱা সংগ্রামী।” (সূর্যস্বপ্ন, পঞ্চানন হাজৰিকা)। আৰু এজন প্রতিভাশালী গল্পকাৰৰ ‘চকী' গল্পটোৱে প্ৰকাশৰ লগে লগে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সর্বত্র এতিয়া বহিখোৱাৰ ৰাজত্ব। বহিখোৱাৰ চকীপ্রীতিয়ে আজিৰ সমাজখনৰ ৰূঢ় আৰু ফোঁপোলা স্বৰূপটো উদঙাই দিয়ে। কিন্তু দুটিমান গল্প লিখাৰ পিছত তৰুণ গল্পকাৰ প্রদ্যুম্ন কুমাৰ গগৈৰ আৰু নতুন গল্প আমাৰ চকুত পৰা নাই।

চৌপাশৰ সমস্ত ঘটনাৰাজি দেখি-শুনি উন্নাসিক হৈ নিৰপেক্ষতাৰ ভাও দিয়াসকলৰো কেতিয়াবা জাকৰ মাজৰ পৰা হ'লেও চিঞৰ একোটা মাৰিবলৈ মন যায়। কিন্তু যিসময়ত সমাজৰ মূধা-ফুটাসকলেই সাম্প্রদায়িক বিষবাস্প বিয়পোৱাত আগভাগ লৈছে, সেই সময়ত লেখকসকলেই গঢ়ি তুলিব লাগিব প্রবল প্ৰতিৰোধ। নিজৰ কলমত দিব লাগিব শাণ। অন্ধ শাসকৰ বুকু কঁপোৱা একোটা চিঞৰ হওক জীয়া কাহিনীবোৰ। মানুহেই মানুহৰ পাঠ আৰু পাথেয় হওক।।

Share Button
Print Friendly, PDF & Email

No Comments : "আশীৰ পৰৱর্তী প্রতিবাদৰ গল্প আৰু একোটা চিঞৰ- (বিপাশা বৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *