প্ৰতিবাদী সাহিত্যৰ যৎকিঞ্চিৎ - (অচ্যুৎ মাধৱ দাস)

সাম্প্ৰতিক সময় আৰু সমাজখনৰ প্ৰেক্ষাপটত সাহিত্যৰ বিভিন্ন দিশবোৰৰ ভিতৰত আলোচনাৰ বাবে অতিশয় প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ এটি দিশ হৈ পৰিছে প্ৰতিবাদী সাহিত্য। সাহিত্যৰ তথাকথিত মূল ধাৰাবোৰৰ পৰা কিছু নিলগত অৱস্থান কৰা “প্ৰতিবাদী সাহিত্য”ৰ ধাৰাটো উত্তৰণৰ সূক্ষ্মাতিসূক্ষ্ম বিশ্লেষণ আমাৰ দীৰ্ঘ আকাংক্ষিত বিষয়। লগতে প্ৰতিবাদ, বিদ্ৰোহী চেতনা আৰু সাহিত্যৰ পাৰস্পৰিক সম্পৰ্কৰ তাৎপৰ্য আলোচনাও এই সংখ্যাৰ প্ৰতিবাদী শিতানৰ অন্যতম উদ্দেশ্য আছিল। শিল্প সাহিত্যৰ সৃষ্টি আৰু বিকাশ আমি সচৰাচৰ ভবাৰ দৰে সাংঘাতিক কিবা বৌদ্ধিক সুনিপুণতাৰে উত্তম সৃজনশীল সৃষ্টি অথবা বাল্মীকিৰ মুখেৰে নিগৰিত সংস্কৃত শ্লোক বুলি বুজিলে শুদ্ধ নহ’ব। কবিতাৰ ক্ষেত্ৰত এই ভাব আৰু তীব্ৰ। সৃষ্টিৰ বাবে যেন অপাৰ্থিৱ জগত, ঈশ্বৰপ্ৰদত্ত শক্তি, “সকলেই কবি নয়, কেউ কেউ কবি” ইত্যাদি ইত্যাদি। পিছে বস্তুনিষ্ঠ অধ্যয়নে প্ৰতিপন্ন কৰে যে শ্ৰমজীৱী মানুহৰ জীৱন যাত্ৰাৰ ঘাত-প্ৰতিঘাতৰ মাজেদিহে সেই সৃষ্টিশীলতাই প্ৰাণ পাই উঠিছিল৷ যেনে, চিকাৰ কৌশলৰ বৰ্ণনা, খাদ্য-সংগ্ৰহৰ বাবে জীৱন পৰিক্ৰমাৰ ঘটনাবহুল অভিজ্ঞতাৰ বিনিময় ইত্যাদি। প্ৰথম অৱস্থাত এইবোৰ মৌখিক আৰু পাছলৈ লাহে লাহে লিখিত ৰূপ পাবলৈ ধৰিলে। পিছে সমাজৰ অৰ্থনৈতিক ব্যৱস্থাৰ পৰিবৰ্তনে এটা সময়ত সমাজক দুটা শ্ৰেণীত বিভাজন কৰিলে আৰু এক বিশেষ শ্ৰেণীয়ে নিজ অন্তৰ্মহলত‌ সাংস্কৃতিক উপাদানবোৰক অৰ্থাৎ গীত-কবিতা-সাহিত্যক কুক্ষিগত কৰিলে। গীত-কবিতা-সাহিত্যক তাৰ স্ৰষ্টাৰ পৰা আঁজুৰি আনি এইসকলে একচেটিয়া চৰ্চাৰ নৈ-বিল, চৰাই-চিৰিকটি, তৰা-ফুলৰে ৰোমাণ্টিক বিলাসৰ আধাৰ হৈ কৰি পেলালে। এই বিলাসিতাই অনধিকাৰভাৱে কব্জা কৰি ল’লে কাব্য চৰ্চা বা সামগ্ৰিকভাৱে সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনক। এই ৰোমাণ্টিক বিলাসৰ বিপৰীতে সমাজ বাস্তৱতাক প্ৰতিফলিত কৰা তথা প্ৰগতিশীল পৰিবৰ্তনৰ ভাবেৰে উজ্জীৱিত কাব্য আৰু সাহিত্যইও নিৰৱচ্ছিন্নভাৱে প্ৰত্যাহ্বান জনোৱাৰ লগতে যথেষ্ট প্ৰভাৱ বিস্তাৰো কৰি আহিছে‌। শোষণৰ পৰা মুক্তি তথা স্বাধীনতাকামী চেতনা-স্বপ্ন-আশাবাদেৰে পৃথিৱীৰ বহু কবি সাহিত্যিকে কলম তুলি লৈছিল‌ বা বৰ্তমানেও লৈ আছে‌। বাংলা কবি সুকান্তই অতি দৃঢ় কণ্ঠৰে কৈছে –

হে মহাজীবন,
আর এ কাব্য নয়
এবার কঠিন,
কঠোর গদ্যে আনো,
পদ-লালিত্য ঝঙ্কার মুছে যাক
গদ্যের কড়া হাতুড়িকে আজ হানো!
প্রয়োজন নেই কবিতার স্নিগ্ধতা—
কবিতা তোমায় দিলাম আজকে ছুটি,
ক্ষুধার রাজ্যে পৃথিবী গদ্যময়:
পূর্ণিমা-চাঁদ যেন ঝল্‌সানো রুটি।।
(হে মহাজীবন)

সেই ‘ক্ষুধাৰ ৰাজ্য’ত যুঁজিবলৈ শোষণ-নিষ্পেষণৰ পৰা মানুহৰ মুকুতিৰ বাবে যে সাহিত্যকো আহিলা হিচাপে ল’ব পাৰি তাক অসমৰো বহু কবিয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল। অমূল্য বৰুৱা, ভবানন্দ দত্ত, অমলেন্দু গুহ, হীৰেন ভট্টাচাৰ্য, নলিনীধৰ ভট্টাচাৰ্য, সমীৰ তাঁতী, সনন্ত তাঁতি, জ্ঞান পূজাৰী আদি অগ্ৰজ কবিৰ কবিতাত প্ৰতিবাদ বা বিপ্লৱৰ তেজোদীপ্ত প্ৰকাশ দেখা গৈছিল। এইখিনিতে শোষণ আৰু বঞ্চনাৰ কৌটিকলীয়া পৰম্পৰাৰ বিৰুদ্ধে মানুহৰ যুঁজ আৰু আশাবাদৰ সুতীক্ষ্ণতা প্ৰকাশ পোৱা সমীৰ তাঁতীৰ এটি স্তৱকেৰে কথাখিনি আভাস দিব পাৰি –

সূৰ্যয়ো পঢ়িছিল তোমাৰ কবিতা ।
কাৰখানাৰ কাষেদি যাওঁতে
ৰাতিপুৱাই ক'লে
শ্ৰমিকবোৰেও শুনিলে তোমাৰ কথা
মোৰ শিল্পীসকলে হেনো আঁকিব এখন ছবি তোমাৰ ভাষাৰে
তুমি যে কৈছিলা –
জয় কৰিব লাগিব মৰণৰ অনন্ত নীৰৱতাক
(জোনাক ৰাতি তোমাক খোজ কাঢ়ি যোৱা দেখিছোঁ)

ঠিক তেনেদৰেই হেমাংগ বিশ্বাসে তেওঁৰ ‘কুলখুৰাৰ চোতাল’ৰ পাতনিত খুব উদাত্ত আৰু স্পষ্ট ভাষাৰে এই প্ৰতিবাদৰ ভাষাকেই ব্যক্ত কৰিছে -- “মই বিশ্বাস কৰোঁ – কুলখুৰাৰ চোতালতেই বহিব লাগিব, আজিৰ কবি সাহিত্যিকৰ মেল‌। তাতেই আজিৰ আত্মকেন্দ্ৰিক বন্ধ্যা কাব্যৰ মুক্তি‌। মোৰ কবিতা কাব্য হিচাপে কিমান উত্তীৰ্ণ এই বিচাৰ কৰিব ৰাইজে‌। বিপ্লৱী চেতনাৰে উদ্বুদ্ধ অসমৰ অগণিত ডেকা-গাভৰুৱে যদি মোৰ কবিতাৰ পৰা অকণো প্ৰেৰণা নাপায়, - মোৰ কবিতা অসাৰ্থক‌।”

প্ৰতিবাদী সাহিত্যৰ সৃষ্টিত এটা কথা প্ৰণিধানযোগ্য যে সাহিত্যই হওক, গানেই হওক, নাটকেই হওক বা চিত্ৰশিল্পই হওক, এই সকলোবোৰ কলা‌। কলাত্মক গুণ নথকা যান্ত্ৰিকতাই তাক শ্লোগানধৰ্মী কৰি পেলোৱাৰ সম্ভাৱনা থাকে‌। অথবা বাৰে বাবে একেই ফৰ্ম একেখিনিৰ কথাৰে কৈ থাকিলেও সি হৈ পৰে ক্লিচে-ধর্মী। লগতে প্ৰতিবাদৰ সেই কথাখিনিয়ে সমাজখনক কিমান প্ৰভাৱিত কৰিব পাৰিছে সেয়াও চিন্তা কৰিবলগীয়া কথা। মাত্ৰ কিছু সময়ৰ বাবে সাময়িক উত্তেজনা দিব বিচৰা প্ৰতিবাদৰ নামত কৰা প্ৰতিবাদ বা বাহ্যিক প্ৰতিবাদী সাহিত্যই এই ক্ষণস্থায়িতাৰ বিপৰীতে বিপ্লৱৰ দীৰ্ঘম্যাদী প্ৰভাৱক মানুহৰ মনৰ একোণত স্থিৰ কৰিব পাৰে। প্ৰকৃততে এই গোটেই কথাটো নিৰ্ভৰ কৰিব স্ৰষ্টাৰ সাধনা আৰু চৰ্চাৰ ওপৰত‌। আনহাতে, নান্দনিকতাও এক আপেক্ষিক প্ৰপঞ্চ‌হে। কিয়নো এক শ্ৰেণীৰ বাবে নান্দনিকতাৰে ভৰপূৰ শিল্প এটা আন এক শ্ৰেণীৰ বাবে বিৰক্তিকৰ তথা অৰুচিকৰো হ'ব পাৰে‌। তথাপি সামগ্ৰিকভাৱে প্ৰতিবাদী সাহিত্যই যাতে তাৰ কলাত্মক মূল্য নেহেৰুৱাই তাৰ প্ৰতি সচেতন হোৱা প্ৰয়োজন‌।

সাম্প্ৰতিক সময়ত প্ৰতিবাদী, প্ৰগতিশীল সাহিত্যৰ গুৰুত্ব মৰ্মে মৰ্মে উপলব্ধি কৰি এই সংখ্যাৰ 'মুক্ত চিন্তা' আলোচনীৰ অতিথি চ’ৰাৰ বিষয় হিচাপে বাছি লোৱা হৈছিল ‘প্ৰতিবাদী সাহিত্য’ বিষয়টো‌। বিষয়টো সজাই-পৰাই পাঠকৰ সন্মুখলৈ আগ বঢ়াই নিয়াত যিসকল লেখকে আমাক বিভিন্ন লেখা আৰু উপদেশেৰে সমৃদ্ধ কৰিলে সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জনালোঁ‌। সম্পাদকীয়ৰ বাবে এখন সুন্দৰ চিত্ৰ উপহাৰ দিয়াৰ বাবে শিল্পী সীমান্ত শাণ্ডিল্য আৰু নাট্যকাৰ সীতানাথ লহকৰৰ সুদীৰ্ঘ সাক্ষাৎকাৰটো ইউনিক'ড ৰূপান্তৰ কৰি মোৰ কষ্ট লাঘৱ কৰাৰ বাবে মৃদুলা সোণোৱালক বিশেষভাবে ধন্যবাদ জনালোঁ‌। সদৌ শেষত মুক্ত চিন্তন আৰু 'মুক্ত চিন্তা' আলোচনীৰ দীৰ্ঘায়ু আৰু উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ।

Share Button
Print Friendly, PDF & Email

1 Comment : "প্ৰতিবাদী সাহিত্যৰ যৎকিঞ্চিৎ - (অচ্যুৎ মাধৱ দাস)"

  1. Kalyani barman

    প্ৰথম অতিথি সম্পাদকৰ দায়িত্ব নিষ্ঠা সহকাৰেই পালন কৰিছে আপুনি। সম্পাদকীয় লেখা পঢ়ি ইয়াৰ উমান পাব পাৰি। অভিনন্দন। আগলৈও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Leave a Comment

Your email address will not be published. Required fields are marked *