পুলক গগৈৰ সৈতে মুক্তচিন্তাৰ সাক্ষাৎকাৰ - সাক্ষাৎ গ্ৰহণ চন্দন কুমাৰ

'খোজ', 'সেন্দূৰ' আদি চলচ্চিত্ৰৰ জৰিয়তে অসমীয়া চিনেমা জগতত এজাক নতুন বতাহ বোৱাবলৈ সক্ষম হোৱা চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক, স্বনামধন্য চিত্ৰকৰ পুলক গগৈৰ স’তে 'মুক্ত-চিন্তা'ৰ হৈ চন্দন কুমাৰৰ সাক্ষাৎগ্ৰহণ
? আপোনালৈ পোনপটীয়াকৈ প্ৰথম প্ৰশ্ন এয়েই যে এই চলচ্চিত্ৰ জগতখনলৈ আপোনাৰ আগমন কেনেদৰে হ'ল?
– সেয়া এক ইন্টাৰেষ্টিং অধ্যায়। এক কাকতালীয় সংযোগ। ১৯৭২ চনত আমেৰিকাত মই এক চিত্ৰ প্ৰদৰ্শনীৰপৰা ঘূৰি আহোতে ফ্ৰেংকফুৰ্টত মোৰ ছুটকেছবোৰ ৰৈ যায়। বোম্বাই অহাৰ পিছত AIR INDIAই মোক পাঁচদিন তেওঁলোকৰ খৰচত মুম্বাইতে থকাৰ সুবিধা কৰি দিয়ে। মেৰিন ড্ৰাইভৰ কাষত এখন ডাঙৰ হোটেলত। পিছে থাকিবলৈ বৰ বেয়া। নিমাওমাও পৰিৱেশ। সেই সময়ত বিজয় চৌধুৰীয়ে এজন এডিটৰ হিচাপে মুম্বাইত কাম কৰি আছিল। তেওঁ থাকে চেম্বুৰত। মই তালৈকে গুচি আহিলো। তাতেই আড্ডা চলে। ভূপেন দাও (হাজৰিকা) আহে। দেৰগাঁৱৰ পিনৰ ছোৱালী আছিল তিনিজনীমান। সিহঁতো আহিছিল। তিনিদিন পিছত মোৰ ছুটকেছ আহি গ'ল। পিছে AIR INDIAই পাঁচদিনৰ টকা এডভান্স দি থৈছে। সবেই ক'লে, থাকি যা। মোৰ ছুটকেছত তিনিটা মদৰ বটল ৰবাৰ্ট কেনেডিৰ কোম্পানিৰ ৰাতিটোৰ ভিতৰত সবেই মিলি ডেৰ বটলমান শেষ। বাকীখিনি ঘূৰাই নিদিলে। (হাঁহি)। সেইদিনাই ৰাতি বিজয় চৌধুৰী, ভূপেনদা সবেই প্ৰথম কথাটো উলিয়ায়। মোক সুধিলে,"পেইন্টিং বিক্ৰী কৰি কিমান পালি!" মই বোলো এক লাখ ষাঠি হেজাৰ। মোৰ দৰমহা আছিল ২৫০ টকা। গতিকে চবেই ক'লে - "চিনেমা এখন কৰা।" মইতো একোৱে নাজানো। গতিকে একেষাৰে 'না' ক'লো। কিন্তু তেওঁলোকেও নেৰে। শেষত মই ভূপেনদাক ক'লো যে যদি তেওঁ সঙ্গীত কৰে তেতিয়াহে মই চিনেমা কৰিম। মই মনে মনে প্ৰস্তুত হৈ আছিলো যে তেওঁতো সময় দিব নোৱাৰিব। পিছে তেওঁ কৈ দিলে, 'হ'ব; কৰি দিম।' [হাঁহি] আচলতে মোক ভূপেন দাইহে ফচালে।

? ফচাই ভালেই কৰিলে। তাৰ পিছত আপুনি কেনেদৰে প্ৰথম ছবিখন শেষ কৰিলে কওকচোন। যিহেতু আপুনি কৈছে যে সেই সময়ত আপুনি Film Makingঅৰ একো নাজানিছিল।
– [হাঁহি] আচলতে মোৰ বিপদটো নিজৰ কাৰণেই হ'ল। আগতে, ১৯৬৫-৬৬ চনত গুৱাহাটীত আমি কিছুমান কথা কৈছিলোঁ। ধৰা 'কাঠফুলা' গল্পটো যেতিয়া আৰম্ভ হ'ব কেমেৰাৰে সেইটো কেনেকৈ তুলি ধৰিম জাতীয় কথা। আমি – মানে কুল বৰুৱা, ঈশান বৰুৱা, জয়ন্ত হাজৰিকা ইত্যাদি। গতিকে আড্ডাত সেই কথাবোৰ কাণত পৰাত চবেই ধৰিয়েই ল'লে যে মই পাৰিম। ঘূৰি আহি মই scriptঅৰ কাম আৰম্ভ কৰিলোঁ। যোৰহাটৰ অৱনী বৰুৱাৰ প্ৰেছত তেওঁ মোক সুবিধা কৰি দিলে। তাতেই বহি বহি একেবাৰে আৰম্ভণিৰপৰা শেষলৈ লিখি পেলালোঁ। তিনি মাহমান লাগিল। আৰু সেইখনৰ একেটাই draft - first and last। তাৰ পাছত ভূপেনদাক ফোন কৰিলোঁ। তেওঁ সুধিলে ''নাম কি''; মই ক'লো - ''খোজ''; যিহেতু মোৰ জীৱনৰ প্ৰথম খোজ। তেওঁ পিছত চিঠি এখন দি মাটি পঠিয়ালে। চিঠিখনতে তেওঁ আকৌ খোজ দুটামান আঁকি পঠালে। [হাঁহি] চিঠিখন আছে এতিয়াও। তাৰ পিছত মুম্বাই গ'লোঁ। ভূপেনদাই কাহিনী জানিবলৈ বিচাৰিলে। ক'লো। তাৰ পিছত শ্বুটিং।
? শ্বুটিঙৰ সময়ত অভিজ্ঞতা কেনেকুৱা হৈছিল? যিহেতু আপুনি practically একো নাজানিছিল।
– শিকি লৈছিলোঁ। যিজন কেমেৰামেন আছিল তেওঁৰপৰা বিশেষ শিকা নাছিলোঁ। কেমেৰাৰ care taker হিচাপে ল'ৰা এজন আহিছিল; বিনয় নামৰ মাৰাঠী ল'ৰা। তাৰপৰা মই কেমেৰা সম্পৰ্কে শিকিছিলো। তাৰপৰাই লেন্সৰ বিষয়ে জানিছিলো। trolley কি, crane কি বুজিছিলোঁ। তাক ছবি আঁকি আঁকি সুধিছিলো, এইটো কি shot, সেইটো কি shot। সি মোক এনেয়ে কোৱা বুলি ভাবি কয়, “আপ ক্যা মজাক কৰ ৰহে হ্যে!” মই কওঁ “চুপ!” [হাঁহে]। তেনেকৈয়ে তেওঁৰপৰা কোনখন কি লেন্স সেয়াও শিকিলোঁ।
? তাৰ মানে 'খোজ' আপোনাৰ কাৰণে Film Making Schoolঅৰ দৰে আছিল?
– হয়তো হয়। তাতেই মই শিকিছোঁ। পিছলৈ যেতিয়া মই কওঁ, যে মোক ইমান Distanceঅৰ এই characterঅৰ এটা Mid shot লাগে, camera person হায়ৰান হৈ যায়। ভাবে চাগে - এওঁ আকৌ এইবোৰ ক'ত কেনেকৈ শিকিলে [হাঁহে]। আচলতে বিনয়ে মোৰ গুৰু। মই লিখিছোঁ এইবোৰ মোৰ আহিব লগীয়া কিতাপ এখনত। এনেকৈয়ে আৰম্ভ হ'ল মোৰ film making জীৱন।
? তাৰ পিছত আহিল 'শ্ৰীমতী মহিমাময়ী'। এই Jumpটো কিভাৱে আহিল? 'খোজ'ৰপৰা চিধা 'শ্ৰীমতী মহিমাময়ী'। দুখন opposite genreঅৰ চিনেমা!
– (হাঁহি) 'খোজ'খনত মোৰ এটা অভিজ্ঞতা হ'ল। মই এটা কথা গম পালোঁ, মই ভাল সাহিত্যিক বা story teller নহয়। যদি হ'লোহেঁতেন, হয়তো 'খোজ'খনৰ Storyটো আৰু ভালদৰে বনাব পাৰিলোহেঁতেন। যদিও গল্পটোৰ বাবে মই পুৰস্কাৰ পাইছিলোঁ, সেইটো আছিল student lifeঅত লিখা - ১৯৫৬তে। মোৰ লগৰ studentবোৰৰ মাজত হয়তো মই ভাল লিখিছিলোঁ, কিন্তু সেয়া আছিল Immature লিখা। গতিকে মই ঠিক কৰিলোঁ, মই নিজৰ গল্প লৈ আৰু চিনেমা নকৰোঁ। 'শ্ৰীমতী মহিমাময়ী'ৰ মূল গল্পটো হ'ল কবীন্দ্ৰনাথ ফুকনৰ। এগৰাকী কৃপণ মহিলাৰ। তাৰ পিছত কথা আহিল Script writingঅৰ। 'খোজ'খনৰ Script লিখি মোৰ এটা Experience হ'ল। ক'ত কাটিব লাগিব, ক'ত ধৰিব লাগিব....সেইখিনি গম পালোঁ। কিন্তু মই script writer নাছিলোঁ, মই বন্ধু মহেন্দ্ৰ বৰঠাকুৰক এবাৰ চাই দিবলৈ দিছিলোঁ। পিছত ক'লো, অলপ Touch এটা দি দিয়ক। আৰু তেওঁ সুন্দৰকৈ Final script কৰি দিলে। ময়ো তেওঁৰ নামটোকে দি দিলোঁ পিছত।
? সেই Touch টোৱেই বহুত কাম দিলে –
– বহুত। বহুত কাম দিলে। চিনেমাখন অভাবনীয়ভাৱে সফল হ'ল। বাৰ বছৰ বয়সত মই যেতিয়া ভাবিছিলোঁ, সেই সময়ত অসমীয়া ছবিবোৰ মূলতঃ আছিল Melodramatic, Finally drama, কিন্তু মই নজনাকৈয়ে মই দুটামান বেলেগধৰণৰ কাম কৰি পেলাইছিলোঁ ছবিখনত। প্ৰথমতে মই এটা Children dance sequence ব্যৱহাৰ কৰিছিলোঁ। তাৰ আগতে অসমীয়া ছবিৰ নৃত্যৰ ব্যৱহাৰ নাছিল। মাত্ৰ 'পিয়লি ফুকন' ছবিত ‘গাঁৱৰে জীয়ৰী’ গানটোত অকণমান নৃত্যৰ লেখীয়া ভাব-ভঙ্গী আছিল। দ্বিতীয়তে, মই 'optical illusion'অৰ কাম কৰিছিলো 'খোজ' কৰি থাকোতেই। মই এজন পাহাৰী মানুহক লগ পাইছিলোঁ। কলিকতাত। তেওঁৰ ওচৰত এটা কেমেৰা আছিল, যিটোৰ সহায়ত optical illusion কৰিব পাৰি। Éclair কেমেৰা আছিল সেইটো। flexible and compact. সেইটো কেমেৰাক আমি বিভিন্নধৰণে ব্যৱহাৰ কৰি পৰী উৰি থকা বা যাদুৰ sceneবোৰ কৰিছিলো। হলত চলি থাকোঁতে মানুহে সেই গোটেইবোৰ কাৰবাৰ দেখি জঁপিয়াই, হাত-তালি মাৰিছিল। তাৰ মাজতে আকৌ ৰূপজ্যোতিক কল্পনাতে নচাই দিলোঁ। তাই আচলতে নাচিব নাজানিছিল। গৰিমা হাজৰিকাই অলপ শিকাই দিছিল। ময়ো মাজে মাজে cut কৰি scene বহুৱাই দিলো। চিনেমাখন চলিল, মোৰ আগৰ লোকচানো অলপ cover হ'ল। তাৰ পিছত 'সাদৰী' কৰিলোঁ ব্ৰজেন বৰাক লৈ। সেই Black & white আছিল। ছবিখন হেৰাল পিছে। এতিয়া FTIIলৈ লিখিবলৈ তেওঁলোকৰ ওচৰত এটা print আছে।
? 'সাদৰী' অৱশ্যে ময়ো চাবলৈ পোৱা নাই...
– ভাল ছবি আছিল। প্ৰায় পোন্ধৰ বছৰ পিছত এজন মানুহে লিখিছিল, মোৰ 'সাৰদী' আৰু 'সেন্দূৰ'ৰ বক্তব্য আতি সুন্দৰ আৰু শক্তিশালী আছিল।
? নিশ্চয়। 'সেন্দূৰ'তো অসমীয়া বাণিজ্য ছবি হিচাপে মাইলৰ খুঁটি।
– 'সেন্দূৰ'ৰ কাহিনীটো সঁচা কাহিনী আছিল। আৰু সেই সময়ত বাণিজ্যিক সফল ছবি হিচাপে দুখন ছবিয়েই বাটকটীয়া আছিল। 'সেন্দূৰ' আৰু ব্ৰজেন বৰুৱাৰ 'ডাঃ বেজবৰুৱা'। 'আজলী নবৌ' হিট আছিল যদিও copy আছিল। আৰু 'সাদৰী'ৰদ্বাৰা মই এটা নতুন বস্তু introduce কৰিলোঁ। মাৰ-পিট; অসমীয়া মাৰ-পিট [হাঁহি]। থাপৰ মাৰে - এটা ঘাপত গছ কাটি পেলায় - ইত্যাদি। অলপ ভয়ো লাগিছিল, মানুহে বা কেনেদৰে লয়! পিছে দৰ্শকে ভাল পালে আৰু তাকে দেখি শিৱ প্ৰসাদ ঠাকুৰ আৰু অন্যান্যসকলে নিজৰ ছবি আৰম্ভ কৰি দিলে। মোৰ ছবিৰ পিছত বহুতে dream sequence, dance ইত্যাদি নিজৰ ছবিত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিলে। দুজনমান ডাঙৰ ডাইৰেক্টৰেতো মোৰ চিনেমাৰ দৃশ্যাংশ হুবহু নিজৰ চিনেমাত ব্যৱহাৰ কৰি দিছে। মোৰ অৱশ্যে বেয়া নালাগে - আমোদহে পাওঁ। মই influence কৰিব পাৰিছোঁ। 'সেন্দূৰ'ৰ পিছত আৰম্ভ কৰিলোঁ 'সূৰুয'। পিছে 'সূৰুয'ৰ কাহিনী সম্পূৰ্ণৰূপে মোৰ মগজুৰ নাছিল। তাত influence আছিল - বিভিন্ন কথাছবি আৰু চিত্ৰৰ। এখন ইংৰাজী ছবি চাইছিলোঁ। তাত দেখুৱাইছিল, এজন সৰু দুখীয়া ল'ৰা গুণ্ডাৰ মাজত ডাঙৰ হৈছিল। ডাঙৰ হৈ 'danger' হৈ পৰে আৰু শেষত মৃত্যুমুখত পৰে। সেই ল'ৰাজন মৰাটো মোৰ মনত থাকি গ'ল। আৰু এখন চিনেমা আছিল; - Frank Sinatraৰ ছবি। তেওঁ গায়কো আছিল। চিনেমাখন War চিনেমা আছিল। নাম পাহৰিলোঁ। ক্লাছ এইটত আছিলোঁ তেতিয়া। আৰু এখন চিনেমা চাইছিলোঁ 'Ballad of soldier', ডাইৰেক্টৰ আছিল Grigori Chukhrai। সেই চিনেমাখন চাই মই কান্দি দিছিলোঁ। যদিও মই Language একো বুজি নাপাইছিলোঁ। এই ছবিবোৰেৰে influenced হৈয়ে 'সূৰুয' সৃষ্টি হৈছিল। সেইবাবে 'সূৰুয'খনৰ কিছু দৃশ্যাংশত Realismঅৰ প্ৰভাৱ আছে কিজানি।
? আপুনি দুখনকৈ Back to back হিট ছবি দিয়াৰ পাছতো বহুদিনলৈ ছবি নকৰাকৈ থাকিল যে কিয়?
– সেইবোৰ বহু কথা। কিছু পাৰ্ছনেল খং আছিল মানুহৰ ওপৰত। বহুত মানুহে মোৰ পিঠিৰ পিছত back biting কৰিছিল।
? তেন্তে আকৌ ঘূৰি চিনেমা বনোৱালৈ কেনেকৈ অহা হ'ল?
– (হাঁহি) সেইটো এটা চেলেঞ্জ আছিল মোৰ আচলতে। মই দূৰদৰ্শনলৈ গৈছিলো কিবা কামৰ সন্ধানত। তাত থকা বিষয়াজনে মোক সুধিলে যে মোৰ কিবা এৱাৰ্ড আছেনে? মানে মই কিবা এৱাৰ্ড পাইছোনে? মই ক'লো যে নাই পোৱা। তেওঁ ক'লে, ''য’ক, এৱাৰ্ড নাপালে নহ'ব।'' মোৰ খং উঠিল, ক'লো যে যদি এৱাৰ্ড এটা লৈ দেখুৱাওঁ, কিমান টকাৰ কাম দিব? তেওঁ ক'লে বোলে পাঁচ লাখ টকাৰ কাম দিব। মই ঘৰলৈ আহিয়ে ছবিৰ কাম আৰম্ভ কৰি দিলোঁ। সেই বিষয়াজন আছিল ৰণেন চক্ৰৱৰ্তী। তেওঁৰ লগত লগা চেলেঞ্জটোতেই মই আকৌ বুৰিলোঁ। আৰু ছবিখন কৰোঁতে মই খেয়ালী হিচাপেই কৰিলোঁ। শ্বুটিং স্পটত Character Introduce কৰি দিলো। Fourth wall বাৰে বাৰে break কৰিলোঁ আৰু এটা এৱাৰ্ড পালোঁ। ৰণেন চক্ৰৱৰ্তী পিছে Gentleman আছিল, ৫ লাখ নহ'লেও ৪ লাখ টকাৰ কাম দিছিল (হাঁহি)।
? যি হওক, ৰণেন চক্ৰৱৰ্তীক ধন্যবাদ। আপুনি এবাৰ উল্লেখ কৰিছিল কিছু লোকৰ Negative Attitudeঅৰ কথা...
– সেইটো এটা দুখৰ কথা। এখন ছবি ৰিলিজ হৈছিল, 'I Killed Him Sir' - ছবিখন ভাল হৈছিল, চলিছিল। Black marketঅত টিকেট বিক্ৰী হৈছিল। কেইজনমান বিশিষ্ট ছবি নিৰ্দেশক আৰু ছবিজগতৰ লগত জড়িত লোকে সভা আহ্বান কৰিছিল যাতে এই ছবিখন বন্ধ কৰিব পাৰি। কাৰণটো – এইধৰণৰ ছবিয়ে হেনো মানুহৰ Taste বেয়া কৰিব। সভাখনত ময়ো আছিলোঁ, সবেই কোৱাৰ পিছত ময়ো কোৱাৰ Chance পালো। মোৰ বেয়া লাগিছিল, বাণিজ্যিক ছবি বন্ধ কৰিব লাগে বুলি কোৱা কথাটোৰ কোনেও বিৰোধিতা নকৰিলে। মই ক'লো, ভাল বা বেয়া ছবি মানে কি, এইটো এটা গণ্ডগোলীয়া কথা। ভাল ছবি বুলি কোৱা ছবি এখন দৰ্শকে নাচায়, তাৰ বাবে দৰ্শকক দায়ী বুলি ক'ম নে?? বাহিৰত 'পথেৰ পাঁচালী', 'দো বিঘা জমিন' টাইপ ছবি হিট। লগতে বি আৰ চোপ্ৰা, ৰাজ কাপুৰো হিট। মোৰ নিজৰ ছবিও চাৰিটা শ্ব'লৈ চলিছিল। তেন্তে মই তেনে ছবি নবনাম নেকি? তেনেতে এজন ল'ৰাই মোক সুধিলে - "আপুনিও এখন নেচনেল এৱাৰ্ড পোৱা ছবি কৰিছে। তাৰ পাছত আৰু নাই কৰা। বাকীসকলে কৰি আছে আৰু অসমলে সন্মান আহি আছে।" মই বোলো - " তেওঁলোকে তেনে ছবি কৰি ভাল পায়। মই অলপ চঞ্চল।” ল'ৰাজনে সুধিলে বোলে – “তেন্তে কিয় এই ছবিখন কৰিছিল?” মই ৰণেন চক্ৰৱৰ্তীৰ ঘটনাটো ক'লোঁ। ক'লো - “আৰু মোৰ নামটোও গণ্ডগোলীয়া - পুলক। গতিকে পুলকিত হৈ থাকিবলৈকে ভাল পাওঁ। জেদত পৰি এখন চিনেমা বনালেও মই কওঁ, সেইখন ছবিতে আটাইতকৈ বেছি লাভ কৰিছোঁ - মাত্ৰ চাৰি লাখ খৰচ কৰি মুঠ ন লাখ টকা পাইছোঁ। কিন্তু কথা হ'ল তেনে ছবি হলত নচলে। আৰু সেয়ে মই হলত ৰিলিজ নকৰিলো।” ল'ৰাজনে ক'লে - “তেন্তে আপুনি আৰু তেনে ছবি নকৰে?” মই বোলো নকৰোঁ। তেওঁ ক'লে – “আপুনি নোৱাৰে নে নকৰে?” মই ক'লো - “চাগে নোৱাৰো। কিন্তু মই কিটিপটো জানো। আৰু ইয়াত বহি থকা আটাইবোৰেই জানে। ইচ্ছা কৰিলে প্ৰতি বছৰে তেনে ছবি বনাই থাকিব পাৰি। পিছে কথা হ'ল National Award এজনেহে পাব। গতিকে এজনৰ পিছত এজনকৈ কৰি থাকিলে ভাল।” মোৰ খং উঠিছিল তেতিয়া। শিৱ ঠাকুৰে মোক পিছত বহুৱাই দিলে। এইধৰণৰ কথা-বতৰাই মোক অলপ হতাশ কৰে। আৰু এবাৰ এটা Talk Showত এজন স্বনামধন্য চিত্ৰ সমালোচকৰ কথা শুনি মই কাণত আঙুলি দি বহি আছিলো। মই বুজি নাপাওঁ - অসমীয়া চিনেমাৰ কথা কওঁতে পোলেণ্ড, ফ্ৰান্সৰ কথা কিয় ক’ব লাগে। বাহিৰৰ ৰেফাৰেন্সত অসমীয়া ছবিৰ সমালোচনা কিয়?”
? হয়, কিছু পৰিমাণে কথাটো সমৰ্থন কৰোঁ বাৰু। হোৱাই-নোহোৱাই ism আৰু legendary ফিল্মমেকাৰৰ ৰেফাৰেন্সবোৰৰ দৰকাৰ হয়তো নাথাকে। সি যি নহওক, ইমান দিন অসমীয়া ছবিজগতৰ লগত জড়িত হৈ বৰ্তমান এই ছবিজগতখন কি অৱস্থাত থকা বুলি ভাবে?
– শেহতীয়া কেইখনমান ছবি চালো মই। পিছে বৰ ভাল অভিজ্ঞতা নহ'ল। ডিজিটেল হোৱাত অত্যন্ত সহজলভ্য হ'ল গোটেই কাৰবাৰটো। আগতে ফিল্ম কেমেৰা থাকোতে কামবোৰ বৰ সাৱধানে আৰু সুন্দৰভাৱে কৰিব লাগিছিল। এতিয়াতো ছুইচ টিপি কাম কৰিলেই হ'ল। অৱশ্যে মই এতিয়াও আশাবাদী। নতুন প্ৰজন্মৰ দুজনমান আগ বাঢ়ি আহিছে। তেওঁলোকৰপৰা ভাল কাম আশা কৰিছোঁ। তাৰ মাজত এজন মোৰ ল'ৰাও আছে। তেওঁ মোৰ প্ৰতিদ্বন্দ্বী হৈ পৰিল এতিয়া।(হাঁহি)।
? শেষত আপোনাক এটা কথা ক'ব বিচাৰো। আপোনাৰ সমসাময়িকভাৱে হিন্দী ছবিজগতত আৰু এজন নিৰ্দেশকে আত্মপ্ৰকাশ কৰিছিল। শ্যাম বেনেগাল আৰু ছবিখন আছিল 'অংকুৰ'। 'অংকুৰ' আৰু 'খোজ'ৰ শেষ দৃশ্য দুটা মোৰ একেই অৰ্থৱহ যেন লাগে। প্ৰচলিত সমাজ ব্যৱস্থাৰ প্ৰতি এক প্ৰত্যাহ্বান জনোৱাৰ মানসিকতাক জাগ্ৰত কৰাৰ প্ৰয়াস যেন দুয়োখন ছবিৰ শেষ দৃশ্যাংশ। আপুনি কি ভাবে?
– অহ....কথাটো মই তেনেকৈ কেতিয়াও ভবাই নাছিলো। (অলপ ভাবি)। হয় পিছে। কথাটো ভাবিব পাৰি।
? আপোনাৰ নতুন ছবি আকৌ চাবলৈ পাম বুলি আশা কৰিলো। সময়খিনি দিয়াৰ বাবে ধন্যবাদ।
– ধন্যবাদ।
(বিগত পাঁচ বছৰ ধৰি মুম্বাইত বিভিন্ন ধাৰাবাহিক আৰু বিজ্ঞাপন ইত্যাদিত সহকাৰী পৰিচালক হিচাপে কাম কৰি অহা চন্দন কুমাৰে নিজকে চিনেমা-শিল্পৰ শিকাৰু বুলি চিনাকি দিয়ে। সদ্য মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ 'বহ্নিমান'তো তেওঁ সহ-পৰিচালক হিচাপে কাম কৰিছিল।)

Share Button
Print Friendly, PDF & Email

No Comments : "পুলক গগৈৰ সৈতে মুক্তচিন্তাৰ সাক্ষাৎকাৰ - সাক্ষাৎ গ্ৰহণ চন্দন কুমাৰ"

Leave a Comment

Your email address will not be published. Required fields are marked *