সাধুকথা

...য’ত শেষ হৈছিল
একলব্যৰ উকমুকনি
সামন্তীয় পদতলত বিবশ হৈছিল
স্বাধীনতাৰ নিশ্বাস...

য’ত ভাগৰিছিল
গুৱেভেৰাৰ ছায়াৰ তাল
আৰু কাষ্ট্ৰোৰ চুলিত য’ত
উমনিত পৰিছিল বায়াম’জাক...

য’ত জ্বলিছিল
হিমলাৰৰ চকুৰ তৰা
বেলজেক্-বুখেনৱাল্ড-গ্ৰ’ছ ৰ’জেনত
যেতিয়া হে’ডিছৰ কৰ্মশালা...

যিদিনাই ঘুণে ধৰিলে
মোহনদাসৰ লাখুটিত
আৰু নটৰাজৰ ভংগীত উঠিল
প্ৰতীক কোঠাত মাণ্ডেলা...

ঠিক তাতেই,
ঠিক সিদিনাই
পাৰজনীয়ে উলাহত নাচি নাচি
বগা চাদৰ এখনিৰে
কংকালটো ঢাকি ল’লে তাইৰ ৷

বি. দ্ৰ.: শান্তি ৷

 

ৰাজীৱ শৰ্মা

Share Button
Print Friendly, PDF & Email

No Comments : "সাধুকথা"

Leave a Comment

Your email address will not be published. Required fields are marked *