চফৰ (জোনামণি সাউদ)

চিলাখন উৰি গৈ থাকিল

এবাৰ ধৰি চোৱাৰ আশাত

চৰাইজনীও উৰি গৈ থাকিল

 

আকাশে কাণে কাণে ক’লে,

"থোৱা তোমাৰ অবিনশ্বৰ হাবিয়াস

কেলধেপ কেলধেপকৈ

জীয়াই থকাৰ অৰ্থহীন প্ৰয়াস!

 

দেখা নাই?

বাগৰি গৈছে কিমান সাগৰৰ লহৰ

হাতৰ মুঠিৰে সৰকি গৈছে বালিৰে সজা ঘৰ

দেখিও নেদেখা ছাঁ আৰু পোহৰ"

 

দেখিছোঁ,

ৰৈ থকা ইমানবোৰ মুহূৰ্ত

পৰিচিত অপৰিচিত

লিখিত অলিখিত

আৰু দেখিছোঁ

তাকে পহৰা দি ৰৈ থকা

ভাগি জোৰা লগা কলিজা অস্বস্থ!

 

তথাপি উৰিছোঁ

সন্মুখত যে সেয়া আঁত নিছিগা সূতা

হ’লেও কাঁচ দিয়া

কাটিলেও কাটক হাত

ওলালেও ওলাওক তেজ

বাধা নিদিবা মোক

এবাৰ, মাথোঁ এবাৰ উৰুৱাই চাওঁ

হেঁপাহৰ চিলা ৷

 

Share Button
Print Friendly, PDF & Email

No Comments : "চফৰ (জোনামণি সাউদ)"

Leave a Comment

Your email address will not be published. Required fields are marked *