বৰ্তমান শংকৰদেৱ-অধ্যয়নৰ প্ৰাসংগিকতা

সীমা ভূঞা গগৈ

০.০০ প্ৰস্তাৱনা
নৱবৈষ্ণৱ আন্দোলনৰ জৰিয়তে অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰোঁতা হিচাপে শংকৰদেৱে স্বাভাৱিকতে অসমৰ ভকতীয়া বা ধৰ্মীয় পৰম্পৰাত স্থান লাভ কৰিছিল৷ প্ৰকৃতাৰ্থত কেৱল ধৰ্মীয় দিশতে নহয়, অসমৰ জাতীয় জীৱনৰ লগত শংকৰদেৱৰ সমগ্ৰ সত্তা সম্পৃক্ত হৈ আছে৷ সেয়ে, অসমীয়া সমাজ আৰু সাহিত্যত বিভিন্ন দৃষ্টিকোণৰপৰা শংকৰদেৱৰ প্ৰসংগ আলোচিত হৈ আহিছে৷ বিশেষকৈ ঊনবিংশ শতিকাৰ নৱজাগৰণৰ পাছৰপৰা শংকৰদেৱক কেৱল এজন ধৰ্মীয় নেতাৰ মাজত আবদ্ধ নাৰাখি বিভিন্ন দিশৰপৰা শংকৰদেৱ-অধ্যয়নৰ প্ৰয়াস আৰম্ভ হয়৷ ফলস্বৰূপে, আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱ-চৰ্চাৰ বহু নতুন দিশ উন্মোচনৰ পথ মুকলি হয়৷ আধুনিক অসমীয়া সাহিত্যত হোৱা শংকৰদেৱৰ এনেধৰণৰ অধ্যয়নৰপৰাই শংকৰদেৱ-অধ্যয়নৰ প্ৰাসংগিকতা অনুধাৱন কৰিব পৰা যায়৷ এই আলোচনাত আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱ-চৰ্চাৰ সম্যক আভাস দাঙি ধৰি তাৰ আলমতে বৰ্তমান সময়ত এনে অধ্যয়নৰ প্ৰয়োজনীয়তা বা প্ৰাসংগিকতা নিৰ্ণয় কৰাৰ চেষ্টা কৰা হৈছে৷
এই বিষয়টোৰ অধ্যয়নৰ উদ্দেশ্য যথেষ্ট গুৰুত্বপূৰ্ণ৷ বিষয়টো অধ্যয়ন কৰাৰ প্ৰধান উদ্দেশ্য হ'ল–আধুনিক কালত হোৱা শংকৰদেৱ-অধ্যয়নৰ প্ৰকৃত স্বৰূপ আৰু গতি-প্ৰকৃতিৰ আভাস লোৱা আৰু শংকৰদেৱ-অধ্যয়নৰ বিভিন্ন দৃষ্টিভংগীৰ আলমত বৰ্তমান সময়ৰ পটভূমিত শংকৰদেৱৰ দৰে এগৰাকী ঐতিহাসিক ব্যক্তিৰ এনেধৰণৰ অধ্যয়নৰ প্ৰাসংগিকতা কোনখিনিত, সেয়া যুক্তিনিষ্ঠ বিশ্লেষণেৰে উপস্থাপনৰ প্ৰয়াস কৰা৷ এই বিষয়ৰ অধ্যয়নৰ যোগেদি কেতবোৰ নতুন তথ্যৰ সন্ধান কৰাৰ লগে লগে ভৱিষ্যতে শংকৰদেৱ সম্পৰ্কীয় অধিক অধ্যয়নৰ বাবে পথ মুকলি কৰাৰ ক্ষেত্ৰতো ই আলোকপাত কৰিব বুলি ক'ব পৰা যায়৷

১.০০ আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱ-চৰ্চাৰ পৃষ্ঠভূমি : চমু দৃষ্টিপাত
নৱবৈষ্ণৱ আন্দোলনৰ গুৰি ধৰোতা তথা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰোতা হিচাপে অসমৰ ধৰ্মীয় পৰম্পৰাত শংকৰদেৱে এখন সুদৃঢ় আসন লাভ কৰিছিল৷ ঊনবিংশ শতিকাৰ নৱজাগৰণৰ পূৰ্বলৈকে অসমৰ সৰল জনমানসত শংকৰদেৱৰ স্থান কেৱল ধৰ্মীয় গুৰুৰ মাজতে সীমাবদ্ধ আছিল৷ কিন্তু, নৱজাগৰণৰ ফলত পাশ্চাত্য শিক্ষা-সংস্কৃতিৰ সংস্পৰ্শ লাভ কৰি অসমৰ জনমানসে আধুনিকতাৰ লগত পৰিচিত হোৱাৰ সুযোগ পালে৷ মানুহৰ মানসিকতালৈ অহা এনে পৰিৱৰ্তনৰ ফলস্বৰূপে অন্যান্য দিশৰ লগতে শংকৰদেৱ সম্পৰ্কীয় ধাৰণালৈও পূৰ্বৰ ধাৰণাতকৈ পৰিৱৰ্তন আহিল৷ সেয়ে, অসমৰ জনমানসত সোমাই থকা শংকৰদেৱৰ ধৰ্মীয় গুৰুৰ স্থানৰো পৰিৱৰ্তন ঘটিল৷ এইক্ষেত্ৰত ছপা মাধ্যমসমূহে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ পুৰণি পদপুথিবিলাকে ছপা মাধ্যমযোগে প্ৰকাশ লাভ কৰাটোৱেই এই ক্ষেত্ৰত এক ঐতিহাসিক পদক্ষেপ আছিল বুলি ক'ব পাৰি৷ সেই সময়ছোৱাৰ বিভিন্ন প্ৰত্যাহ্বানকো নেওচি হৰিবিলাস গুপ্তই কলিকতাত শংকৰদেৱৰ কেইবাখনো পুথি ছপা কৰোৱাত সেয়া সৰ্বসাধাৰণৰ বাবে সহজলভ্য হোৱাৰ উপৰি এই সম্পৰ্কীয় সংস্কাৰ দূৰীকৰণতো সহায়ক হ'ল৷ অৱশ্যে, সাধাৰণজনৰ মনত সোমাই থকা বিশ্বাস, পবিত্ৰতা সত্ত্বেও পুৰণি পদপুথিবোৰ ছপা হোৱাৰ পিছত ছপা গ্ৰন্থতে পূৰ্বৰ পবিত্ৰতা আৰোপ কৰি লোৱা হ'ল৷ ১৮৪৬ চনত অৰুণোদই সংবাদপত্ৰ প্ৰকাশ হোৱাৰ পৰৱৰ্তী সময়ত আউনীআটীৰ দৰে এখন সত্ৰৰ ভিতৰত ‘ধৰ্মপ্ৰকাশ' ছপাযন্ত্ৰ প্ৰতিষ্ঠা কৰি আসাম বিলাসিনীৰ লগতে অন্যান্য ধৰ্মীয় পুথিও প্ৰকাশ কৰিবলৈ লোৱা হয়৷ অসমৰ প্ৰথমখন সংবাদপত্ৰ অৰুণোদইৰ পাততে চৰিত পুথিৰ অলৌকিকতা অতিক্ৰমি শংকৰদেৱৰ প্ৰকৃত অধ্যয়নৰ বা প্ৰকৃত চৰ্চাৰ বাবে এক অনুকূল পৰিৱেশৰ সূচনা হয়৷ এইক্ষেত্ৰত মাইলছ ব্ৰন্সনৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ প্ৰকৃত ঈশ্বৰৰ স্বৰূপ বুজি পোৱাৰ বাবে আৰু সংস্কৃত ভাষা নজনা সত্ত্বেও সৰল অসমীয়া ভাষাৰে সাহিত্য সৃষ্টি কৰাৰ বাবে ব্ৰন্সনে শংকৰদেৱক অৰুণোদইৰ পাতত যথেষ্ট উচ্চ আসন দি গৈছে৷ এই বিষয়ে সুকীয়া বিস্তৃত আলোচনাৰ অৱকাশ আছে৷ অৰুণোদইৰ পৰৱৰ্তী সময়তো শংকৰদেৱ-চৰ্চাৰ এই গতি অব্যাহত থাকে আৰু ধৰ্মীয় গুৰুৰ পৰিধিৰপৰা আঁতৰাই এজন পূৰ্ণমানৱ চৰিত্ৰ হিচাপে বিভিন্ন দিশৰপৰা শংকৰদেৱৰ অধ্যয়ন হ'বলৈ ধৰে৷ অলৌকিকতাক পৰিহাৰ কৰি শংকৰদেৱৰ গাত নতুন দৃষ্টিৰে মানৱ চৰিত্ৰ আৰোপ কৰি তেওঁক সম্পূৰ্ণ মানুহ ৰূপত উদ্ভাসিত কৰি তোলাৰ এই প্ৰয়াসৰপৰাই আধুনিক দৃষ্টিৰে শংকৰদেৱ-অধ্যয়নৰ প্ৰয়াস আৰম্ভ হোৱা বুলি ক'ব পাৰি৷ গতিকে, নৱজাগৰণৰ ফলত পাশ্চাত্য শিক্ষা-সংস্কৃতিৰ সংস্পৰ্শ লাভ কৰি মানসিক দিগন্ত প্ৰসাৰিত হোৱাৰ সময়ৰপৰাহে শংকৰেদেৱৰ প্ৰকৃত চৰ্চাৰ পথ মুকলি হ'ল৷ সেয়ে, সৃষ্টিশীল সাহিত্যৰ বিভিন্ন প্ৰকাৰত স্থান পোৱাৰ উপৰি শংকৰদেৱ সম্পৰ্কীয় বিশ্লেণাত্মক অধ্যয়নো হ'বলৈ ধৰে৷ এনেধৰণৰ অধ্যয়নৰপৰাই বৰ্তমান সময়ত শংকৰদেৱৰ দৰে এগৰাকী ঐতিহাসিক ব্যক্তিৰ প্ৰাসংগিকতা অনুধাৱন কৰিব পৰা যায়৷

২.০০ আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱ-চৰ্চা :
অৰুণোদই যুগত শংকৰদেৱ-চৰ্চাৰ এক অনুকূল পৰিৱেশৰ সূচনা হয় যদিও, প্ৰকৃতাৰ্থত লক্ষ্মীনাথ বেজবৰুৱাৰ বাঁহী আলোচনীতহে শংকৰদেৱক প্ৰতিষ্ঠা কৰাৰ পৰীক্ষা-নিৰীক্ষা চলিল৷ আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱৰ চৰ্চাৰে তেখেতক সম্পূৰ্ণৰূপে প্ৰতিষ্ঠা কৰাত লক্ষ্মীনাথ বেজবৰুৱাই বিশেষ ভূমিকা গ্ৰহণ কৰে৷ বেজবৰুৱাই নিজে শংকৰদেৱৰ দুখন জীৱনী ৰচনা কৰাৰ উপৰি বাঁহীত এই সম্পৰ্কীয় চৰ্চাৰ বাবে এক মঞ্চ তৈয়াৰ কৰি দিছিল৷ ইয়াৰপৰাই অসমীয়া সাহিত্যত শংকৰদেৱ-চৰ্চাৰ বহল পথ মুকলি হ'ল৷ সাহিত্যৰ বিভিন্ন প্ৰকাৰত ভিন্ন দৃষ্টিকোণৰপৰা শংকৰদেৱক চোৱা হ'ল৷ ইয়াত সীমিত পৰিসৰত এই সকলোবোৰ দিশ সামৰি নলৈ উপস্থাপনৰ সুবিধাৰ বাবে তলত দিয়াৰ দৰে ভাগ কৰি আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱ-চৰ্চা আৰু শংকৰদেৱ-অধ্যয়নৰ প্ৰাসংগিকতা সম্পৰ্কে আলোচনা কৰিবলৈ লোৱা হৈছে৷

২.০১ আধুনিক অসমীয়া সৃষ্টিশীল সাহিত্যত শংকৰদেৱ-চৰ্চা :
আধুনিক অসমীয়া সৃষ্টিশীল সাহিত্যত শংকৰদেৱ-চৰ্চাক এক নতুন গতি দান কৰাত শংকৰদেৱৰ জীৱন-আধাৰিত উপন্যাসসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ তদুপৰি, কাব্য সাহিত্য আৰু গীতি সাহিত্যৰ মাজতো শংকৰদেৱৰ প্ৰসংগ চৰ্চিত হোৱাটো মন কৰিবলগীয়া৷
অসমীয়া সাহিত্যত শংকৰদেৱ-চৰ্চাত গতি প্ৰদান কৰা শংকৰদেৱৰ জীৱনভিত্তিক উপন্যাসকেইখন হ'ল –
১. ধন্য নৰ তনু ভাল – চৈয়দ আব্দুল মালিক
২. যাকেৰি নাহিকে উপাম – লক্ষ্মীনন্দন বৰা
৩. সৰ্বগুণাকৰ – নিৰূপমা মহন্ত৷
30_MILON_NEOG_ চৈয়দ আব্দুল মালিকৰদ্বাৰা ৰচিত ধন্য নৰ তনু ভাল উপন্যাসত ঔপনাসিকে আধুনিক যুগৰ পটভূমিত শংকৰদেৱৰ প্ৰাসংগিকতা প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে৷ চৰিত পুথিৰ অলৌকিকতা বৰ্জন কৰি অলৌকিক গুণসম্পন্ন দেৱতাৰ পৰিৱৰ্তে শংকৰদেৱক এগৰাকী পূৰ্ণমানৱৰূপে প্ৰতিষ্ঠা কৰাটো এক উল্লেখনীয় পদক্ষেপ৷ সৰ্বমুঠ চাৰিটা খণ্ডত বিভক্ত উপন্যাসখনত শংকৰদেৱৰ জীৱনৰ আদিছোৱাৰপৰা জীৱনৰ শেষছোৱালৈকে গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰ ঔপন্যাসিকে সাৰ্থকভাৱে ব্যৱহাৰ কৰিছে৷ ধন্য নৰ তনু ভালত প্ৰতিফলিত শংকৰদেৱৰ কৰ্মমুখী সাংস্কৃতিক জীৱন-পদ্ধতি, জাত-পাতৰ বিভেদহীনতা আদিৰ প্ৰাসংগিকতা বৰ্তমান সময়ত নিশ্চিতভাৱে আছে৷ শংকৰদেৱৰ মহত্ত্ব, প্ৰতিভা আৰু জনসাধাৰণৰ প্ৰতি থকা দায়বদ্ধতাৰ সমাহাৰত এগৰাকী সম্পূৰ্ণ মানৱ চৰিত্ৰ হিচাপে ধন্য নৰ তনু ভালত শংকৰদেৱক অংকিত কৰা হৈছে৷ শংকৰদেৱৰ চৰিত্ৰ আৰু কাৰ্যাৱলীত প্ৰতিফলিত এই গুণাৱলী বা দিশবোৰৰ প্ৰাসংগিকতা থকাৰ বাবেই উপন্যাসখনত তেখেতক বৰ্তমান সময়ৰ প্ৰাসংগিক ৰূপত চিত্ৰিত কৰা সম্ভৱ হৈ উঠিছে৷
সেইদৰে, লক্ষ্মীনন্দন বৰাৰ যাকেৰি নাহিকে উপামতো শংকৰদেৱৰ ব্যক্তিত্ব, আদৰ্শ আৰু কৰ্মৰাজিৰ প্ৰাসংগিকতাৰ বাবে জাতীয় জীৱনৰ প্ৰতীক ৰূপত তেখেতৰ চৰিত্ৰ অংকন কৰা হৈছে৷ সুদূৰ অতীতৰ ঐতিহাসিক ব্যক্তিগৰাকীক পাঠকৰ ওচৰ চপাই অনাৰ স্বাৰ্থত ঔপন্যাসিকে শিশু শংকৰৰ ক্ষেত্ৰত তৃতীয় পুৰুষ ‘সি'ৰ ব্যৱহাৰ কৰাটো লক্ষণীয়৷ কথা গুৰুচৰিতৰ আশ্ৰয় লোৱা সত্ত্বেও ইয়াত চৰিত পুথিৰ অলৌকিকতা অতিক্ৰমি মানৱীয় গুণসম্পন্ন শংকৰদেৱ উদ্ভাসিত হৈ উঠিছে৷ বিস্তৃত অধ্যয়ন, সাধনা, অন্তহীন জ্ঞানস্পৃহা আৰু মহত্তম উপলব্ধিৰ যোগেদি বিকাশ ঘটা শংকৰদেৱৰ প্ৰতিভা, সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক ক্ষেত্ৰলৈ আগ বঢ়োৱা তেখেতৰ অৱদানৰ প্ৰাসংগিকতা আদি উপন্যাসখনৰ মাজত প্ৰতিফলিত হৈছে৷ এই জীৱনভিত্তিক উপন্যাসখনত এগৰাকী ঐতিহাসিক ব্যক্তি হোৱা সত্ত্বেও বৰ্তমান সময়ৰ পটভূমিত শংকৰদেৱক প্ৰতিষ্ঠা কৰি তেখেতৰ প্ৰাসংগিকতা বিচাৰ কৰা হৈছে বুলি ক'ব পৰা যায়৷
নিৰূপমা মহন্তৰ সৰ্বগুণাকৰ উপন্যাসখনত ‘উদয়', ‘মধ্যাহ্ন' আৰু ‘অপৰাহ্ন' – এই তিনি খণ্ডত শংকৰদেৱৰ জীৱনৰ আৰম্ভণিৰপৰা সমাপ্তিলৈকে চিত্ৰিত কৰা হৈছে ৷ ‘উদয়'ত শংকৰদেৱৰ শৈশৱৰপৰা বাল্যকালৰ পঢ়াশলীয়া শিক্ষা সমাপ্ত কৰি স্বগৃহলৈ প্ৰত্যাৱৰ্তনৰ কাহিনী শিশু উপযোগীকৈ বৰ্ণিত হৈছে৷ ‘মধ্যাহ্ন' খণ্ডত শংকৰদেৱৰ ৰাজ্য শাসন, গাহস্থ্য ধৰ্ম পালন, বৰদোৱাত নামঘৰ প্ৰতিষ্ঠা আদিৰ বৰ্ণনাৰ যোগেদি সাংস্কৃতিক কাৰ্যসূচী আৰু সাংসাৰিক দায়িত্ব পালন – জীৱনৰ মধ্য বয়সছোৱাত পালন কৰা এই দুটা গধুৰ কৰ্তব্যৰ দিশ ফুটি উঠিছে৷ ইয়াত জীৱনৰ মধ্যাহ্ন কালছোৱাত পালিত শংকৰদেৱৰ কৰ্মময় জীৱনটোৰ প্ৰাসংগিকতাও প্ৰতিফলিত হৈছে৷ ‘অপৰাহ্ন' অধ্যায়ত শংকৰদেৱৰ অতীত ৰোমন্থন বৰ্ণিত হৈছে৷ এই অধ্যায়ত তেখেতৰ কৰ্মজীৱনৰ নিৰ্মোহ বিশ্লেষণৰ লগতে বাস্তৱ সমাজ আৰু আদৰ্শৰ মাজত উদ্ভৱ হোৱা বিৰোধ আদিৰে আত্মানুসন্ধানত ব্ৰতী হোৱা শংকৰদেৱৰ পূৰ্ণতাৰ প্ৰতিচ্ছবি শেষৰ অংশত প্ৰতিবিম্বিত হৈছে৷

আধুনিক অসমীয়া সৃষ্টিশীল সাহিত্যৰ কেৱল উপন্যাসৰ মাজতে নহয়, কাব্য সাহিত্যৰ মাজতো শংকৰদেৱৰ প্ৰসংগ উল্লিখিত হৈছে আৰু তেখেতৰ প্ৰাসংগিকতা প্ৰতিষ্ঠিত হৈছে৷ আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱক প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা লক্ষ্মীনাথ বেজবৰুৱাৰ ‘অসম সংগীত', ‘ব্ৰহ্মপুত্ৰ সংগীত' আদি কবিতাত শংকৰদেৱৰ প্ৰসংগ উল্লিখিত হৈছে৷ কেৱল ধৰ্মীয় দিশতে নহয়, অন্যান্য দিশৰপৰাও শংকৰদেৱৰ প্ৰসংগিকতা থকাৰ পিছতো এটা সময়ত সৰল জনমানসে শংকৰদেৱক কেৱল ভকতীয়া পৰম্পৰাত আবদ্ধ কৰি থ'ব খোজাত আক্ষেপ প্ৰকাশ কৰি কমলাকান্ত ভট্টাচাৰ্যই তেখেতৰ কবিতাত লিখিছে –
শংকৰদেৱ দেখোঁ জীৱনৰ
চৰিত্ৰ কেৱল ভকতৰ সীমা৷
বাঁহী আলোচনীৰ পাতত যতীন্দ্ৰনাথ দুৱৰাই শংকৰদেৱক লৈ লিখা সবাতোকৈ শ্ৰেষ্ঠ কবিতা ‘শ্ৰী শ্ৰী শংকৰদেৱ' প্ৰকাশ পাইছিল৷ কবিতাটোত কবিয়ে সমগ্ৰ অসমলৈ আগ বঢ়োৱা শংকৰদেৱৰ অৱদানৰ প্ৰাসংগিকতা প্ৰতিপন্ন কৰি তেখেতক কৃতজ্ঞতাৰে সোঁৱৰণ কৰি শেষত নিজৰ কাব্যিক প্ৰতিভাৰ অসমৰ্থতা দেখুৱাই কৈছে –
তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্য কাৰ
গোটেই অসমজুৰি বিস্তৃত জীৱনী যাৰ৷
অসমত পাহাৰ-ভৈয়াম, উচ্চ-নীচ একাকাৰ কৰি একতাৰ এনাজৰী গঢ়িবলৈ প্ৰয়াস কৰা দিশৰ প্ৰাসংগিকতা উপলব্ধি কৰি নলিনীবালা দেৱীয়ে লিখিছে –
শংকৰে অসমত নৱযুগৰ ভূ-স্বৰ্গ কৰিলে স্থাপন
এনে দেশ শংকৰৰ পৃথিৱীত নহয় তুলনা
জগতৰ শ্ৰেষ্ঠতীৰ্থ শুৱনি অসম৷
শংকৰদেৱৰ সাংস্কৃতিক অৱদানৰ প্ৰাসংগিকতা প্ৰতিপন্ন কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই শংকৰ-মাধৱৰ সংস্কৃতিয়ে কেৱল অসমকে নহয়, সমগ্ৰ বিশ্বকে পোহৰাই তুলিছিল বুলি উল্লেখ কৰিছে এনেদৰে –
সোণৰ দেশৰ মহাপুৰুষৰ শংকৰ-মাধৱৰ
সোণমূলীয়া সংস্কৃতিয়ে পোহৰ দিয়ে এই পৃথিৱীত৷
বিষ্ণুপ্ৰসাদ ৰাভায়ো অসমীয়া যুৱশক্তিক শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাকৈ গীত ৰচনা কৰিছিল৷ শংকৰদেৱৰ আদৰ্শৰাজিৰ প্ৰাসংগিকতা প্ৰমাণিত কৰা ৰাভাৰ এটি গীতৰ কিছু অংশৰ তলত উদ্ধৃত কৰা হ'ল –
অ' অসমীয়া ডেকা দল
সুন্দৰ শংকৰে কৰিছিল তল
দেখুৱাইছিল জগতজুৰি অসীম বাহুৰ বল৷
তদুপৰি, শংকৰদেৱৰ নাটৰ শেষ গীত ‘কল্যাণ খৰমান'ৰ দৰে ৰাভায়ো জীৱনৰ শেষ গীত ‘এয়ে মোৰ শেষ গান'ত ‘কল্যাণ খৰমান' ৰাগৰ কথা কৈছে৷ বহুতো ৰাভা সংগীতত নান্দী, ভকতবৃন্দ, শৰাই যতনে থাপনা পাতি, পৰসাদ আদি শংকৰী সংস্কৃতিৰে সম্পৰ্কিত চিত্ৰৰ প্ৰয়োগ লক্ষণীয়৷ শংকৰদেৱৰ বিশাল ব্যক্তিত্ব, আদৰ্শ, প্ৰতিভা আদিৰ বাবে এগৰাকী ঐতিহাসিক ব্যক্তি হোৱা সত্ত্বেও সকলো সময়ৰ, সকলো যুগৰ, সকলো পুৰুষৰ বাবে প্ৰাসংগিক হৈ থাকিব৷ সেয়ে, তেখেতৰ অবৰ্তমানত সৃষ্টি হোৱা শূন্যতাক উপলব্ধি কৰি ভূপেন হাজৰিকায়ো লিখিছে –
এটুপি দুটুপি চকুলো সৰে মোৰ
দুখনি চৰণক পাই
অসমৰ আকাশত দুখৰ ৰোল উঠিছে আজি
শ্ৰী শংকৰ গুৰু নাই৷
এনেদৰে চালে দেখা যায়, আধুনিক অসমীয়া সৃষ্টিশীল সাহিত্যৰ উপন্যাস আৰু কাব্য সাহিত্যত শংকৰদেৱৰ অধ্যয়নেৰে তেখেতৰ চৰ্চা যথেষ্ট পৰিমাণে হৈছে যদিও, নাট্য সাহিত্যৰ মাজত শংকৰদেৱে চৰ্চা এতিয়াও সীমাবদ্ধ হৈ আছে৷ সি যি নহওক, উপন্যাস আৰু কাব্য সাহিত্যৰ মাজত হোৱা শংকৰদেৱ-চৰ্চাৰপৰা এটা কথা প্ৰতীয়মান হয় যে আধুনিক অসমীয়া সৃষ্টিশীল সাহিত্যত শংকৰদেৱে ধমীয় গণ্ডীৰপৰা ওলাই পূৰ্ণমানৱৰ ৰূপত উজলি উঠিছে৷ আধুনিক অসমীয়া সাহিত্যত এগৰাকী সম্পূৰ্ণ মানৱ চৰিত্ৰ হিচাপে শংকৰদেৱৰ সুবিশাল ব্যক্তিত্ব, বহুমুখী প্ৰতিভা, তেখেতৰ আদৰ্শ চিন্তাধাৰা, বিশাল কৰ্মৰাজি আদিৰ প্ৰতিফলনেৰে শংকৰদেৱ-অধ্যয়নৰ প্ৰাসংগিকতাই প্ৰমাণিত হৈছে৷ বৰ্তমান সময়ৰ অস্থিৰ সামাজিক-ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শংকৰদেৱৰ দৰে এগৰাকী সু-সংস্কৃতিৱান ব্যক্তিৰ আদৰ্শ আৰু কৰ্মৰাজিৰ প্ৰাসংগিকতা অনস্বীকাৰ্য৷ এই প্ৰাসংগিকতাৰ বাবেই আধুনিক অসমীয়া সাহিত্যত বৰ্তমান সময়ৰ পটভূমিৰ লগত প্ৰাসংগিক হিচাপে শংকৰদেৱৰ চৰিত্ৰ অংকন কৰা হৈছে বুলি ক'ব পাৰি৷

২.০২ আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱ সম্পৰ্কীয় বিশ্লেষণাত্মক অধ্যয়ন :
বৰ্তমান সময়ৰ পটভূমিত শংকৰদেৱৰ প্ৰাসংগিকতা প্ৰতিপন্ন কৰাৰ ক্ষেত্ৰত শংকৰদেৱ সম্পৰ্কীয় বিশ্লেষণাত্মক অধ্যয়নৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱৰ কেইবাখনো জীৱনী ৰচিত হৈছে যদিও লেখকৰ যুক্তিবাদী আৰু বিশ্লেষণাত্মক দৃষ্টিভংগীৰ বাবে এই জীৱনীসমূহকো শংকৰদেৱ সম্পৰ্কীয় বিশ্লেষণাত্মক অধ্যয়নৰ মাজত সামৰা হৈছে৷ আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱৰ প্ৰাসংগিকতাৰে তেখেতক প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা লক্ষ্মীনাথ বেজবৰুৱাই শংকৰদেৱৰ জীৱন অধ্যয়নেৰে শ্ৰী শ্ৰী শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ লিখি উলিয়ায়৷ শংকৰদেৱৰ জীৱনবৃত্তৰ লগতে তেখেতৰ সাহিত্যৰাজি আৰু মহাপুৰুষীয়া ধৰ্মৰ তত্ত্বগধুৰ বিশ্লেষণৰ প্ৰাথমিক প্ৰয়াস হিচাপে এই দুখন গ্ৰন্থই পৰৱৰ্তী সময়ত এনে অধ্যয়নৰ পথ প্ৰশস্ত কৰিলে৷ বেজবৰুৱাৰ শংকৰদেৱৰ এই অধ্যয়ন আধুনিক অসমীয়া সাহিত্যত নতুনত্বৰ প্ৰদান, গভীৰতা আৰু বিস্তৃতি দিয়াৰ লগতে শংকৰদেৱ-অধ্যয়নৰ প্ৰাসংগিকতাকো পুনৰবাৰ প্ৰতিপন্ন কৰিলে৷

সেয়ে, মহেশ্বৰ নেওগৰ শ্ৰী শ্ৰী শংকৰদেৱ আৰু ডিম্বেশ্বৰ নেওগৰ যুগনায়ক শংকৰদেৱৰ দৰে গ্ৰন্থ ৰচনা সম্ভৱপৰ হ'ল৷ মহেশ্বৰ নেওগৰ বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধ অধ্যয়নৰ ফচল শ্ৰী শ্ৰী শংকৰদেৱ গ্ৰন্থত বিদ্যায়তনিক পদ্ধতিৰে শংকৰদেৱৰ প্ৰতি ঐকান্তিক ভক্তি অটুট ৰাখি মানুহ ৰূপতহে অংকন কৰিছে৷ শংকৰদেৱৰ জীৱনবৃত্ত, তেখেতৰ ৰচনাৰাজি আৰু সেইবোৰৰ দাৰ্শনিক আৰু সাহিত্যিক মূল্য নিৰ্ধাৰণৰ প্ৰয়াসেৰে শংকৰদেৱক সকলো সময়ৰ বাবে প্ৰাসংগিক কৰি ৰাখিছে৷ একেদৰে, ডিম্বেশ্বৰ নেওগেও সৰ্বভাৰতীয় ধৰ্মীয়, উপনিষদীয় দৰ্শনৰ আধাৰত শংকৰদেৱক প্ৰতিষ্ঠা কৰি তেখেতৰ প্ৰাসংগিকতা প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে৷ গ্ৰন্থখনত ‘শংকৰদেৱ প্ৰচাৰিত ধৰ্মনীতি', ‘সমাজ সংগঠনত শংকৰদেৱ', ‘মহাপুৰুষীয়া ধৰ্মৰ বিশ্বজনীনতা' আদি অধ্যায় সংযোগৰপৰাই ধৰ্মীয় আৰু সামাজিক দিশৰপৰা শংকৰদেৱৰ মূল্যৰ কথা বুজিব পাৰি৷
বাণীকান্ত কাকতিয়ে শংকৰদেৱৰ সাহিত্য, বিপুল কৰ্মৰাজি আৰু নৱবৈষ্ণৱ আদৰ্শৰ গুৰুত্ব আৰু প্ৰাসংগিকতা সম্পকে মনোজ্ঞ আলোচনা আগ বঢ়াই গৈছে৷ শংকৰদেৱ সম্পৰ্কীয় এনে বিশ্লেষণাত্মক অধ্যয়নে আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱক এক নতুন ৰূপত প্ৰতিষ্ঠা কৰাত সহায় কৰিলে৷ শিৱনাথ বৰ্মনৰ শংকৰদেৱ : কৃতি আৰু কৃতিত্ব গ্ৰন্থই শংকৰদেৱৰ দৃষ্টিভংগীৰ কেতবোৰ নতুন দিশৰ উন্মোচন কৰিলে৷ গ্ৰন্থখনত শংকৰী ধৰ্মৰ সৰলতা, নৈতিকতা, শংকৰদেৱ আৰু সাংসাৰিক জগত আদিৰ দৰে গুৰুত্বপূৰ্ণ দিশত বিশ্লেষণাত্মক আলোচনা কৰা হৈছে৷ অৱশ্যে, গ্ৰন্থখনত শংকৰদেৱে জাতিভেদ প্ৰথাত বিশ্বাস ৰখা তথা ‘প্ৰকৃতি পুৰুষে হৈবা একমতি' বুলি ক'লেও নাৰী জাতিৰ প্ৰতি এই ধৰ্মৰ সংকীণতা উদঙাই দেখুওৱা হৈছে৷ কিন্তু, এয়া সৰ্বভাৰতীয় ভক্তি আন্দোলনৰে প্ৰভাৱ বুলি লেখকে স্পষ্ট কৰি দিছে৷
শংকৰদেৱৰ প্ৰগতিশীল দৃষ্টিভংগীৰ প্ৰাসংগিকতা উপলব্ধি কৰি এই দৃষ্টিৰে শংকৰদেৱক অধ্যয়ন কৰাসকলৰ ভিতৰত ভবানন্দ দত্ত, ড হীৰেন গোহাঁই আদিৰ নাম উল্লেখযোগ্য৷ ড গোহাঁইৰ শংকৰদেৱ-অধ্যয়নৰ শেহতীয়া ফচল শংকৰদেৱ সন্দৰ্শনত শংকৰদেৱক বস্তুনিষ্ঠ দৃষ্টিৰে বিশ্লেষণ কৰাৰ প্ৰয়াস কৰিছে৷ গ্ৰন্থখনৰ ‘আগকথা'ত তেখেতে লিখিছে–শংকৰদেৱৰ বিষয়ে বস্তুনিষ্ঠ আলোচনাৰ বাবে প্ৰথম চৰ্ত হ'ল তেখেতক অলৌকিক সত্তাৰপৰা মানৱীয় হৃদয়-মনৰ অধিকাৰী যুগন্ধৰ মানৱ হিচাপে প্ৰতিষ্ঠা কৰা৷ সেয়ে এপিনে তেখেতৰ কিছুমান দুৰ্বলতা, ঐতিহাসিক সীমাবদ্ধতা আঙুলিয়াই দিয়াৰ লগে লগে তেখেতৰ মহৎ অন্তঃকৰণ, বিশাল প্ৰতিভা, দৃঢ়মনা আদৰ্শনিষ্ঠা তথা মোহমুক্ত চৰিত্ৰও আজিৰ সৰ্বসাধাৰণ ৰাইজে বুজি পাব পৰাকৈ প্ৰতিভাত কৰিব লাগিব৷
শংকৰদেৱৰ সাংস্কৃতিক আৰু বৈপ্লৱিক দৃষ্টিভংগীৰ প্ৰাসংগিকতাক লৈ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই শংকৰদেৱ-চৰ্চাত অগ্ৰসৰ হৈছিল৷ জ্যোতিপ্ৰসাদ আগৰৱালাই শংকৰদেৱ প্ৰৱৰ্তিত নৱবৈষ্ণৱ ধৰ্মৰ মূল আদৰ্শ ‘কৃষ্ণ চৰিত্ৰ'ক ‘কৃষ্ণ সংস্কৃতি' হিচাপে অভিহিত কৰি শংকৰী সংস্কৃতিৰ এক নতুন ব্যাখ্যা আগ বঢ়াইছিল৷ পিছলৈ তেখেতৰ চিন্তাজগতৰ উত্তৰণৰ পিছত শংকৰদেৱক বিপ্লৱী মনীষাৰ প্ৰতীকৰূপে গণ্য কৰিছিল৷ শংকৰদেৱৰ সেই বৈপ্লৱিক চিন্তাধাৰাৰ স্বাক্ষৰ নামঘৰৰ স্থাপত্য আৰু ভাস্কৰ্যৰ মাজতে বিচাৰি পোৱা যায় বুলি জ্যোতিপ্ৰসাদে অনুভৱ কৰিছিল৷ তেখেতৰ ‘শিল্পীৰ পৃথিৱী', ‘নতুনৰ পূজা', ‘অসমীয়া সংস্কৃতি' আদি ৰচনাত শংকৰদেৱৰ প্ৰসংগ উত্থাপিত হৈছে৷ বিষ্ণুপ্ৰসাদ ৰাভাই আধুনিক সমাজবাদী সমাজ এখনৰ কল্পনা কৰোঁতে শংকৰদেৱৰ বৈপ্লৱিক চেতনাক গ্ৰহণ কৰিছিল৷ ৰাভাই ভক্তি আন্দোলনৰ গাঢ়তাৰ কথা কোৱাৰ বিপৰীতে শংকৰদেৱে সৃষ্টি কৰা সৰ্বাত্মক বিপ্লৱৰ প্ৰতিহে আকৃষ্ট হৈছিল৷ সেয়ে, ৰাভাই লিওনাৰ্ড’ ডা ভিন্সি আৰু কৃষ্ণৰ সমপৰ্যায়ত শংকৰদেৱক স্থান দিছিল৷
এনেদৰে চালে দেখা যায়, আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱ-চৰ্চাই যথেষ্ট প্ৰসাৰতা লাভ কৰিছে৷ অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ গুৰি ধৰোঁতা হিচাপে অসমীয়া সমাজত শংকৰদেৱৰ প্ৰভাৱ আৰু প্ৰাসংগিকতা অনস্বীকাৰ্য৷ এগৰাকী মধ্যযুগৰ ব্যক্তি হোৱা সত্ত্বেও বৰ্তমান সময়ৰ আধুনিক যুগতো তেখেতৰ ধৰ্মীয়, দাৰ্শনিক, সাংস্কৃতিক, সাহিত্যিক আদি দিশৰ লগতে প্ৰগতিশীল আৰু বৈপ্লৱিক দৃষ্টিভংগী আদিৰ প্ৰাসংগিকতাৰ বাবে এইগৰাকী ব্যক্তিৰ প্ৰসংগ অন্যান্য ক্ষেত্ৰৰ দৰে সাহিত্যৰ ক্ষেত্ৰতো চৰ্চিত হৈ আহিছে৷ তলত শংকৰদেৱৰ অধ্যয়নৰ প্ৰাসংগিকতাৰ স্বাক্ষৰ বহন কৰা আৰু আধুনিক অসমীয়া সাহিত্যক শংকৰদেৱ-চৰ্চাৰে সমৃদ্ধ কৰা উল্লেখনীয় গ্ৰন্থসমূহৰ নাম দাঙি ধৰা হ'ল–
১. ঐতিহাসিক পটভূমিত মহাপুৰুষ শংকৰদেৱ (১৯৮৭)–বাপচন্দ্ৰ মহন্ত
২. আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱ প্ৰসংগ (১৯৮৮)–প্ৰফুল্লচন্দ্ৰ বৰা
৩. শংকৰদেৱ-অধ্যয়নৰ ঐতিহ্য আৰু সাম্প্ৰতিক চিন্তা-চৰ্চা (১৯৯৭)– প্ৰফুল্লচন্দ্ৰ বৰা
৪. কাব্যতত্ত্বৰ দৃষ্টিৰে শংকৰদেৱৰ কাব্য (২০০০)–কেশদা মহন্ত
৫. শ্ৰীমন্ত শংকৰদেৱ সমাজ আৰু সংস্কৃতি (২০০০)– প্ৰদীপজ্যোতি মহন্ত (সম্পাদিত)
৬. ভাৰতীয় পটভূমিত শংকৰদেৱৰ সাহিত্য আৰু সত্ৰীয়া সংগীত (২০০০)–কেশৱানন্দ দেৱগোস্বামী
৭. শংকৰদেৱৰ সাহিত্য সংস্কৃতি (২০০১)–নিবেদিত বড়া সন্দিকৈ (সম্পাদিত)
৮. সৰ্বভাৰতীয় ভক্তি আন্দোলন আৰু শংকৰদেৱৰ মূল্যায়ন (২০০৪)–জয়জ্যোতি গোস্বামী (সম্পাদিত)
৯. শংকৰদেৱৰ ব্যক্তিত্ব আৰু সমাজ ব্যৱস্থা (২০০৫)– বাপচন্দ্ৰ মহন্ত
১০. শংকৰী সাহিত্য আৰু সংস্কৃতিৰ বৈশিষ্ট্য (২০০৬)– ড সঞ্জীৱ কুমাৰ বৰকাকতী
১১. বিষয় শংকৰদেৱ (২০০৮)– নগেন শইকীয়া
১২. শংকৰদেৱৰ সন্দৰ্শন (২০১৩–হীৰেন গোহাঁই
[তালিকা অসম্পূৰ্ণ]'

৩.০০ বৰ্তমান সময়ৰ শংকৰদেৱ-অধ্যয়নৰ প্ৰাসংগিকতা :
অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ গুৰি ধৰোঁতা হিচাপে শংকৰদেৱৰ অধ্যয়নৰ প্ৰাসংগিকতা অনস্বীকাৰ্য৷ যি সময়ত সামাজিক-ৰাজনৈতিক-ধৰ্মীয় এই সকলো দিশৰপৰা অসমত এক অস্থিৰ পৰিৱেশে বিৰাজ কৰিছিল, সেই সময়ছোৱাতে শংকৰদেৱে সৰ্বভাৰতীয় ভক্তি-আন্দোলনৰ এটি শাখা হিচাপে অসমতো বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰি সেই অস্থিৰ পৰিৱেশক সুস্থিৰ ৰূপ দান কৰিছিল৷ যদিও শংকৰদেৱে প্ৰৱৰ্তন কৰা বৈষ্ণৱ ধৰ্ম সৰ্বভাৰতীয় ভক্তি আন্দোলনৰে এক শাখা আছিল, তথাপি তাতো তেখেতে নিজস্ব মৌলিক উদ্ভাৱনা শক্তিৰে এক নতুন মাত্ৰা দান কৰিছিল৷ ভক্তিধৰ্মৰ লগতে উচ্চ স্তৰৰ ধ্ৰুপদী সাহিত্য-সংস্কৃতি সৃষ্টি তথা উদাৰনৈতিক দৃষ্টিভংগীৰ গ্ৰহণে শংকৰদেৱৰ প্ৰাসংগিকতাও বৃদ্ধি কৰিছে৷ প্ৰাচীন অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সকলো ক্ষেত্ৰকে সমৃদ্ধ কৰাত অৰিহণা আগ বঢ়োৱাৰ বাবে সেই দিশৰপৰাও শংকৰদেৱ-অধ্যয়নৰ বাবে চিৰ প্ৰাসংগিক৷
শংকৰদেৱৰ বহুমুখী প্ৰতিভাৰ দিশটো এক বিৰল দিশ আৰু বৰ্তমান সময়তো শংকৰদেৱৰ দৰে প্ৰতিভাধৰ ব্যক্তিৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ কবিতা, সংগীত, নাটক, চিত্ৰকলা, ধৰ্ম, দৰ্শন, শৰীৰ চৰ্চা–সকলো দিশতে শংকৰদেৱৰ প্ৰতিভাৰ স্বাক্ষৰ আছে৷ অৰ্থাৎ, আধ্যাত্মিক আৰু মানসিক দিশৰ লগতে বাস্তৱিকতাৰো সু-সমন্বয় শংকৰী প্ৰতিভাত প্ৰতিভাত হৈছিল৷ বৰ্তমান সময়ত পূৰ্ণ সংস্কৃতিৰ প্ৰতীকৰূপে পৰিগণিত হোৱা এনে প্ৰতিভাৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা নিশ্চিতভাৱে আছে৷ শংকৰী দৰ্শনৰ দিশৰপৰাও বৰ্তমান সময়ত শংকৰদেৱক অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে৷ জীৱনৰ প্ৰতি বিতৰাগী হৈও জীৱনৰপৰা পলায়ন নকৰি সাহসেৰে জীৱনৰ মুখামুখি হোৱা, সংসাৰৰ বান্ধোনত থাকিও কামনা-বাসনাৰ মোহত বন্দী নোহোৱা আদি দিশৰ বাবে দাৰ্শনিক দিশৰপৰা শংকৰদেৱৰ অধ্যয়নৰ প্ৰাসংগিকতা আছে৷
সৰলতা আৰু নৈতিকতা শংকৰী ধৰ্মৰ এক প্ৰধান বিশেষত্ব৷ অনেক দেৱ-দেৱীৰ উপাসনাৰ সলনি এজন ঈশ্বৰৰ প্ৰাৰ্থনা কৰা, সকলো প্ৰাণীকে সমান দৃষ্টিৰে চোৱা, জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোককে একতাৰ এনাজৰীৰে বান্ধি পেলোৱা আদি দিশৰ বাবেও শংকৰদেৱৰ অধ্যয়নৰ প্ৰাসংগিকতা আছে৷ এক ভাবধাৰাৰ ধৰ্মীয় আদৰ্শৰ মাজত নিহিত থকা মানৱতাবাদী দৃষ্টিভংগী আৰু শংকৰী আদৰ্শৰ সাৰ্বজনীন আবেদনৰ বাবেও শংকৰদেৱ সকলো সময়ৰ বাবে প্ৰাসংগিক৷ শংকৰী আদৰ্শৰ এনে সাৰ্বজনীনতাৰ বাবে অসম বা ভাৰতৰ পৰিধি অতিক্ৰমি শংকৰী আদৰ্শই বিশ্বমুখী গতি লাভ কৰিছে আৰু বিশ্বজনীনতাৰ বাবে শংকৰদেৱক সকলো সময়তে অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা থাকিব৷
অসমৰ দৰে এখন ঠাইত শংকৰদেৱে কৰি থৈ যোৱা বিশাল কৰ্ম-সংস্কৃতিৰ ক্ষেত্ৰৰ ঐতিহাসিক ঘটনাৰ বৰ্তমান সময়ত নতুন নতুন দৃষ্টিকোণৰপৰা মূল্যায়ন কৰাৰ প্ৰয়োজনীয়তা আছে৷ অসমৰ নতুন প্ৰজন্মক কৰ্ম-সংস্কৃতি আৰু কৰ্মঠ কৰি গঢ়ি তোলাৰ স্বাৰ্থতে শংকৰদেৱৰ ঐতিহাসিক কৰ্মৰাজিৰ বৰ্তমান সময়ত বিচাৰ কৰি ইয়াৰ অধ্যয়নৰ প্ৰাসংগিকতা প্ৰতিপন্ন কৰাৰ সাৰ্থকতা আছে৷
অসমৰ জাতি গঠন প্ৰক্ৰিয়াটো শক্তিশালী কৰাত শংকৰদেৱে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷ ভিন ভিন ৰাজনৈতিক শক্তিৰদ্বাৰা শাসিত ভিন ভিন খণ্ডবোৰ ‘অসম' নামেৰে একত্ৰিত কৰাটো সহজ কথা নাছিল৷ বৰ্তমান অসমৰ চুবুৰীয়া সীমান্ত অঞ্চলবোৰক লৈ যি সমস্যা দীৰ্ঘ দিনৰপৰা সৃষ্টি হৈ আহিছে আৰু অসমৰে জাতি-গোষ্ঠীবোৰৰ মাজত যি অসন্তুষ্টি বৃদ্ধি পাইছে, তেনে ক্ষেত্ৰত শংকৰদেৱে গ্ৰহণ কৰা এনে সুদূৰপ্ৰসাৰী মনোভাব প্ৰাসংগিকৰূপে পৰিগণিত হৈ উঠিছে৷ কাৰণ, বৰ্তমান সময়ত এনে মনোভাব আৰু পদক্ষেপৰ অভাৱৰ বাবে অসমৰ বিভিন্ন জাতি-গোষ্ঠীৰ মাজত হিংসা, শত্ৰুতা আৰু অৰাজকতা বৃদ্ধি পাইছে৷ গতিকে, সাম্প্ৰতিক সময়ৰ পটভূমিত এই দিশৰপৰা শংকৰদেৱক অধ্যয়ন কৰাৰ প্ৰাসংগিকতা নিশ্চয় আছে৷

গ্ৰন্থপঞ্জী
গোহাঁই, হীৰেন : শংকৰদেৱ সন্দৰ্শন, শান্তি প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ,২০১৩ চন
চলিহা, কীৰ্তিপ্ৰসাদ : প্ৰবন্ধ সুৰভি, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়, প্ৰথম প্ৰকাশ, ২০০৯ ডিচেম্বৰ
চৌধুৰী, মেদিনী : সৰ্বভাৰতীয় ভক্তি আন্দোলন আৰু শঙ্কৰদেৱৰ মূল্যায়ন, সুভদ্ৰ প্ৰকাশ, দিছপুৰ, প্ৰথম প্ৰকাশ, ২০০২
বৰ্মন, শিৱনাথ : শ্ৰীমন্ত শঙ্কৰদেৱ : কৃতি আৰু কৃতিত্ব, পুথিতীৰ্থ প্ৰকাশন, গোলাঘাট, প্ৰথম প্ৰকাশ ১৯৮৬, তৃতীয় প্ৰকাশ ১৯৯৭ চন৷
বৰা, প্ৰফুল্লচন্দ্ৰ : আধুনিক অসমীয়া সাহিত্যত শঙ্কৰদেৱৰ প্ৰসঙ্গ, প্ৰকাশক–ষ্টুডেণ্ট ষ্ট'ৰছ, বৰুৱা বামুণ গাঁও, প্ৰথম প্ৰকাশ ১৯৮৮
বৰা, প্ৰফুল্লচন্দ্ৰ : শঙ্কৰদেৱ অধ্যয়নৰ ঐতিহ্য আৰু সাম্প্ৰতিক চিন্তা-চৰ্চা, পুথিতীৰ্থ প্ৰকাশ, গোলাঘাট, প্ৰথম প্ৰকাশ ১৯৯৭
মহন্ত, বাপচন্দ্ৰ : ঐতিহাসিক পটভূমিত মহাপুৰুষ শঙ্কৰদেৱ, বনলতা প্ৰকাশ, প্ৰথম প্ৰকাশ ১৯৮৭ জুলাই, বনলতা সংস্কৰণ ১৯৯৯ জুন
শইকীয়া, নগেন : বিষয় শংকৰদেৱ, কিৰণ প্ৰকাশন, ধেমাজি, প্ৰথম প্ৰকাশ ২০০৮
শৰ্মা, গোবিন্দপ্ৰসাদ : জীৱনী আৰু অসমীয়া জীৱনী, ষ্টুডেণ্ট ষ্ট'ৰছ, গুৱাহাটী, প্ৰথম প্ৰকাশ ১৯৮৮

সহায়ক আলোচনী
গোস্বামী, ডক্টৰ বসন্তকুমাৰ (সম্পাদক) : অসম সাহিত্য সভা পত্ৰিকা (শংকৰদেৱ শ্ৰদ্ধাঞ্জলি সংখ্যা), চতুঃপঞ্চাশত্তম বৰ্ষ, দ্বিতীয় সংখ্যা, অক্টোবৰ, ১৯৯৮ খ্ৰীঃ, প্ৰকাশক–শৈলেন দাস, সাধাৰণ সম্পাদক, অসম সাহিত্য সভা, চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট৷
শইকীয়া, চন্দ্ৰপ্ৰসাদ (সম্পাদক) : গৰীয়সী (অসমৰ সৰ্বতোকলৰ মহত্তম পুৰুষ শঙ্কৰদেৱ শ্ৰদ্ধাৰ্ঘ্য), পঞ্চম বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ ১৯৯৯, প্ৰকাশক–সাহিত্য প্ৰকাশ৷

Share Button
Print Friendly, PDF & Email

No Comments : "বৰ্তমান শংকৰদেৱ-অধ্যয়নৰ প্ৰাসংগিকতা"

Leave a Comment

Your email address will not be published. Required fields are marked *