বিজ্ঞানমনস্কতাৰ সপক্ষে : খণ্ড – ৫ -- (গৌৰী শংকৰ ভূঞা)

বিজ্ঞানৰ পৃথিৱীত হেনো সকলো সম্ভৱ! সঁচাকৈয়ে নে?

আমাৰ বৰ্তমান জীৱন-যাত্ৰা এনে কিছু সুবিধা বা উপাদানেৰে পৰিবেষ্টিত হৈ আছে, যিবোৰ হয়তো আজিৰপৰা এশ বছৰমানৰ আগতে তেনেই অসম্ভৱ বুলি বিবেচিত হৈছিল। উদাহৰণস্বৰূপে আমাৰ দৈনন্দিন জীৱনৰ সহচৰ স্মাৰ্টফোনটোৰ কথাই ভাবিব পাৰোঁ। আজিৰপৰা এশ বছৰ আগতে, যি সময়ত মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰপৰা ভাৰতত পদাৰ্পণ কৰিছেহে মাত্ৰ - সেই তেতিয়াৰ সাধাৰণ মানুহে এনে এটা যন্ত্ৰৰ কথা ভাবিব পাৰিছিলে জানো? যিটোত সঞ্চিত হ'ব পৃথিৱীৰ সমস্ত ভাণ্ডাৰ; যাৰ যোগেদি কোনো অসুবিধা নোহোৱাকৈ অতি সহজে পৃথিৱীৰ যিকোনো দুঠাইৰ মানুহে কথা পাতিব পাৰিব, তাকো ইজনে সিজনক দেখি থাকি!

শংকৰদেৱে ১২ বছৰ কালত কাশী-মথুৰা-বৃন্দাবন আদি তীৰ্থক্ষেত্ৰ পৰিভ্ৰমণ কৰিছিল। আৰু এতিয়া; পুৱাৰ জলপান ঘৰতে খাই
দুপৰীয়াৰ সাঁজ কাশী বা বৃন্দাবনত খাই পুনৰ ৰাতিৰ সাঁজ নিজৰ ঘৰতেই খাব পৰা ব্যৱস্থা হ'ল। যদিও এনে প্ৰযুক্তিৰ অগ্ৰগতিয়ে প্ৰদান কৰা সা-সুবিধাসমূহ বিশেষ এটা শ্ৰেণীৰ মানুহৰ বাবেহে সহজতে পাব পৰা - তথাপিও এই কথা কোনোপধ্যে অস্বীকাৰ কৰিব নোৱাৰি যে "অসম্ভৱ" বোলা শব্দটোৰ পৰিসীমা দিনে দিনে সংকুচিত হৈ আহিছে।
সেয়ে আমি বহুতেই গভীৰ আস্থাৰে কেতিয়াবা কৈ দিওঁ - "বিজ্ঞান-প্ৰযুক্তিৰ দুনিয়াত অসম্ভৱ বুলি একো নাই। আজি যি অসম্ভৱ, এদিন নহয় এদিন সম্ভৱ হ'বই; তাত একো সন্দেহৰ অৱকাশ থাকিবই নোৱাৰে।"

পিছে, কথাটো কিমান সঁচা? বিজ্ঞানৰ ক্ষেত্ৰখনত অসম্ভৱ বুলি একো নায়েই নেকি?

এই প্ৰবন্ধলানিৰ প্ৰথমভাগৰ দুটা প্ৰবন্ধতে আমি বিজ্ঞানৰ চৰিত্ৰ সম্পৰ্কে আলোচনা কৰি আহিছোঁ। বিজ্ঞান যে আন একো নহয় - মাত্ৰ প্ৰকৃতিজগতৰ প্ৰণালীবদ্ধ অধ্যয়নহে, সেয়া আমি ইতিপূৰ্বেই জানি আহিলোঁ। এই অধ্যয়নৰ মূল ভেঁটি হ'ল যুক্তি। এই যুক্তিৰ ওপৰত ভেঁটি কৰিয়েই প্ৰকৃতি জগতৰ কিছু চৰিত্ৰৰ অনুধাৱন কৰা হয়। ইয়াৰ লগত সম্ভৱ বা অসম্ভৱৰ সীমাৰেখাৰ কথাটো কিভাৱে জড়িত তাক বুজিবলৈ তেনেই সাধাৰণ এটা উদাহৰণ ল’ব পাৰোঁ।
"কোনো এটা বস্তু বল প্ৰয়োগ নকৰা পৰ্যন্ত বস্তুটো যদি ৰৈ আছে ৰৈয়ে থাকিব - বা যদি গৈ আছে, একে বেগত একেফালে গৈ থাকিব।" এই কথাটো নিউটনৰ প্ৰথম গতিসূত্ৰ বুলি জনা যায়। ই প্ৰকৃতি জগতৰ এক সত্য। এই সত্যক ব্যৱহাৰ কৰিয়েই নানা যন্ত্ৰপাতিৰ নক্সা প্ৰস্তুত কৰা হৈছে। কিমান বল প্ৰয়োগ কৰিলে একোটা বস্তুৰ অৱস্থা কেনেকুৱাকৈ পৰিৱৰ্তন হয়, সেয়া গাণিতিকভাৱে থিৰাং কৰি তৈয়াৰ কৰা হৈছে গাড়ী-মটৰৰ ইঞ্জিনৰপৰা ৰকেটপৰ্যন্ত।
এইসমূহেই হৈছে প্ৰযুক্তি, বিজ্ঞানৰ একোটা তত্ত্বৰ ব্যৱহাৰিক প্ৰয়োগ। এই প্ৰযুক্তিসমূহেই ক্ৰমে সংকুচিত কৰি আনিছে "অসম্ভৱ" বোলা সংজ্ঞাটোৱে সামৰি লোৱা কামবিলাকৰ পৰিসীমা।
পাছে, প্ৰতিটো তত্ত্বৰ আন এক বিশিষ্ট দিশো আমি মন নকৰাকৈ থাকিব নোৱাৰোঁ। সদ্যহতে এই তত্ত্বটো মানে নিউটনৰ প্ৰথম গতিসূত্ৰৰ কথাই ধৰা যাওক। এই সূত্ৰই কিভাৱে ৰৈ থকা বস্তু এটাত গতি দিব পাৰি, বা গৈ থকা বস্তু এটা ৰখাব পাৰি - সেই কথা অতি সৰলভাৱে কোৱাৰ লগে লগে এই কথাও কয় যে - "বল প্ৰয়োগ নকৰা পৰ্যন্ত কোনো ৰৈ থকা বস্তুৱে গতি লাভ কৰাটো সম্ভৱ নহয়।" গতিকে আমি লাগিলে যেনেকুৱা প্ৰযুক্তিয়েই ব্যৱহাৰ নকৰো কিয়, যিমানেই মাহ মাহ বছৰ বছৰ চেষ্টা নকৰোঁ কিয়; এই সম্ভৱক কেতিয়াও সম্ভৱ কৰি তুলিব পৰা নাযায়‌। প্ৰাকৃতিক বিজ্ঞানৰ 'অসম্ভৱ'ৰ উল্লেখ কোৱা/পোৱা যায়৷ তাৰে ভিতৰত আটাইতকৈ জনাজাত বুলি ক'ব পাৰি তাপগতিবিজ্ঞানৰ এই সূত্ৰ – "শক্তিৰ সৃষ্টি বা ধ্বংস কৰা সম্ভৱ নহয়।"

এই সূত্ৰ, বা এই সত্যৰ আমোদজনক দিশ দুটামান উলিয়াব খুজিছো ৷ এই সত্যক মনত ৰাখি অকণমান ভাবিলে এইটো কথা বুজিব পাৰি যে বাহিৰৰপৰা শক্তি নাপালে কোনো এক যান্ত্ৰিক সৰঞ্জাম নিজে নিজে চলিব নোৱাৰে৷ এই কথাটোৰ এটা উদাহৰণ লোৱা যাওক৷ ধৰক, এখন ফেন, বৈদ্যুতিক পাংখা, বিজুলী শক্তিৰে সংযোজিত হৈ চলি আছে, এতিয়া যদি ঘূৰি থকা ফেনখনকে বিজুলী শক্তি উৎপাদন কৰিব পৰা ডাইনেমো এটা লগাই দিওঁ, তেতিয়া কি হ'ব? আমি জানো যে ডাইনেমোৰ ধূৰাডাল এডাল চুম্বক আৰু ই তামৰ কুণ্ডলী এটাৰে পৰিবেষ্টিত৷ যেতিয়া ধূৰাডাল তামৰ কুণ্ডলীটোৰ মাজত ঘূৰিব, তেতিয়া কুণ্ডলীটোত আমি বিজুলী সোঁত পাম৷ সেই বিজুলী সোঁতখিনি, যিখিনি ফেনত লগাই থোৱা ডাইনেমোৰপৰা পালো, তাক যদি আমি ওলোটাই ফেনখনতে লগাই দিওঁ, তেতিয়া মনলৈ পোনতে অহা ধাৰণাটো এনেকুৱা : সেই বিজুলী শক্তিখিনিয়ে ফেনখন ঘূৰাব; ফলত ডাইনেমো ঘূৰিব, আকৌ বিদ্যুৎ উৎপন্ন হ'ব – সেইখিনিৰে ফেনখন ঘূৰি থাকিব....। এনেকুৱা যদি হয়, তেনেহ'লে ফেনখনত লগোৱা মূল শক্তিৰ উৎসটো বিছিন্ন কৰি দিলেও ই নিজে ডাইনেমো ঘূৰাই উৎপন্ন কৰা শক্তিৰেই চলি থাকিব ৷ কিন্তু এনেকুৱা হ'ব নে? এয়া অসম্ভৱ ৷

এয়া যদি সম্ভৱ হয়, তেন্তে এটা যান্ত্ৰিক সৰঞ্জাম নিজে শক্তি সৃষ্টি কৰি সেই শক্তিকে খৰচ কৰি চলি থকা যেন হ'ব৷ পিছে এয়া সম্ভৱ নহয়৷ কাৰণ শক্তিৰ যে সৃষ্টি আৰু বিনাশ নাই এয়া ধ্ৰুৱসত্য৷ এনেধৰণৰ যুক্তিসিদ্ধ 'অসম্ভৱ'বিলাক মানি লোৱাৰ পৰিৱৰ্তে আমি যদি প্ৰযুক্তিৰ ওপৰত প্ৰশ্নাতীত আস্থাৰে কওঁ যে আজিৰ প্ৰতিটো অসম্ভৱ অনাগত কোনো এক দিনত সম্ভৱ হ'বই বুলি – তেন্তে সেয়া হ'ব বিজ্ঞান-মানসিকতাৰেই পৰিপন্থী ৷

প্ৰকৃতিত কিছুমান কাম একেবাৰেই সম্ভৱ নহয় ৷ কোনো প্ৰযুক্তি, মানৱীয় চেষ্টা বা যুগপৎ অধ্যৱসায়েও তেনে অসম্ভৱক সম্ভৱ কৰিব নোৱাৰে৷ প্ৰযুক্তিৰ এই সীমাবদ্ধতা যুক্তিসিদ্ধভাৱে স্বীকাৰ কৰাটোও বিজ্ঞানমনস্কতাৰে এক অংশ৷

এনে এক 'অসম্ভৱ'ৰ উমান দিয়া আন এক বিশিষ্ট তত্ত্ব হ'ল হাইজেনবাৰ্গৰ অনিৰ্ণেয়তাৰ সূত্ৰ, এই সূত্ৰমতে কোনো বস্তুৰ বেগ আৰু স্থান একে সময়তে সম্পূৰ্ণ নিৰ্ভুলভাৱে নিৰ্ণয় কৰিব নোৱাৰি৷ যদি বেগ নিৰ্ভুলভাৱে জোখাৰ চেষ্টা কৰা হয়, তেন্তে স্থানৰ গণনাত আউল লাগিব‌। ইয়াৰ বিপৰীতে স্থানৰ গণনা কৰিলে বেগৰ গণনা কৰা সম্ভৱ নহয় ৷

মজাৰ কথাটো হ'ল- এই সীমাবদ্ধতাবোৰে মানুহৰ জ্ঞান আহৰণত বেমেজালিৰ সৃষ্টি নকৰে, বৰং সহায়হে কৰে ৷ যি যৌক্তিক পৰিকাঠামোবোৰৰ ওপৰত মানুহৰ জ্ঞান-বীক্ষা সংপৃক্ত হৈ আছে, তাৰ কিছুমান অৱশ্যম্ভাৱী সিদ্ধান্তহে এইবোৰ৷ যদি এই সীমাবদ্ধতাবোৰ প্ৰকৃতিত নাথাকিলেহেঁতেন, তেতিয়া আমাৰ যুক্তিৰ সৌধটোৱেই থিয় কৰাব পৰা নগ'লহেঁতেন৷

Share Button
Print Friendly, PDF & Email

No Comments : "বিজ্ঞানমনস্কতাৰ সপক্ষে : খণ্ড – ৫ -- (গৌৰী শংকৰ ভূঞা)"

Leave a Comment

Your email address will not be published. Required fields are marked *