অলপ বিজ্ঞান, অলপ আড্ডা - (কৌশিক তালুকদাৰ)

(১)

: বিজ্ঞাননো ক’ত আছে?

: কিতাপৰ পাতত, নোটবুকত আৰু মাৰ্কচীট-ছাৰ্টিফিকেটত!

: ওহো, নহয় ৷ মাৰ্কচীট-ছাৰ্টিফিকেটত বিজ্ঞানৰ ডিগ্ৰীটোহে থাকে৷ আৰু কিতাপ-নোটবুকত লিপিবদ্ধ থাকে বিজ্ঞানৰ ইতিহাস৷ সেই ইতিহাসৰ পৰা দৰ্শনখিনি উদ্ধাৰ কৰিব পাৰিলেই বিজ্ঞান আপোনাৰ হৃদয়ত থাকিব, আৰু থাকিব আপোনাৰ বিবেকত৷ বিজ্ঞান আপোনাৰ চৌপাশে আছে, প্ৰকৃতিৰ প্ৰতিটো নিয়ম-ঘটনা-পৰিঘটনাত আছে৷ আহক, আমি বিজ্ঞানেৰে বিজ্ঞান আবিষ্কাৰ কৰোঁ৷

(২)

বিজ্ঞান পঢ়িলেও আমাৰ বহুতৰে মন-মগজুত বিজ্ঞান-চেতনা বিদ্যমান নহয়৷ সেয়ে গ্ৰহদোষ খণ্ডনৰ বাবে দহোটা আঙুলিত এঘাৰটা আঙুঠি পিন্ধিলেও আমি টিভিৰ পৰ্দাত অন্ধবিশ্বাসৰ বিৰোধিতা কৰিব পাৰো৷ নামজ্বলা মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ বিজ্ঞান শিক্ষক-শিক্ষয়িত্ৰী হৈও আমি জীৱনৰ সমস্যা সমাধানৰ বাবে সঘনে জ্যোতিষীৰ ওচৰলৈ যাওঁ৷ আমাৰ বিজ্ঞান-মনস্কতা শূন্য৷ তেনেহ’লে ছাত্ৰ-ছাত্ৰীকনো আমি কিদৰে বৈজ্ঞানিক মানসিকতা গঢ়াৰ শিক্ষা দিব পাৰিম? ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে নামমাত্ৰ আনুষ্ঠানিক শিক্ষাৰ সুবিধা পোৱা বীৰুৱালা ৰাভাই মানুহক জগাই তুলিছে৷ অথচ বিজ্ঞানৰ উচ্চতম ডিগ্ৰী লোৱা আমাৰ বহুতে অন্ধবিশ্বাসৰ নৰ্দমাত আজিও লুতুৰি-পুতুৰি হৈ বাগৰি আছো৷ ব্যক্তিগত জীৱনত অন্ধবিশ্বাসী হোৱা বহুতে আকৌ বাতৰি-কাকতত অন্ধবিশ্বাসৰ বিৰুদ্ধে লিখোঁ, বিজ্ঞান-মনস্কতাৰ সমৰ্থন কৰি ৰাজহুৱা মঞ্চত ভাষণ দিওঁ আৰু টিভিৰ পৰ্দাত ডাইনী হত্যাৰ বিৰোধিতা কৰোঁ৷ কিন্তু ব্যক্তিগত জীৱনত অন্ধবিশ্বাসী হোৱা শিক্ষিত ব্যক্তি এগৰাকীনো কিদৰে সামাজিক জীৱনত যুক্তিবাদী আৰু বিজ্ঞান-মনস্ক হ’ব পাৰে?

(৩)

জ্যোতিষ (astrology) আৰু হস্তৰেখা-বিদ্যা (palmistry)ৰ কোনো বৈজ্ঞানিক ভিত্তি নাই৷ আকাশৰ গ্ৰহ-নক্ষত্ৰৰ অৱস্থান আৰু আপোনাৰ হাতৰ তলুৱাৰ আঁক বা ৰেখাবোৰ চাই কোনেও আপোনাৰ ভূত-ভৱিষ্যত ব্যাখ্যা তথা নিয়ন্ত্ৰণ কৰিব নোৱাৰে৷ বিজ্ঞানৰ সূত্ৰমতে গ্ৰহ-নক্ষত্ৰবোৰে মহাকাশত গতি কৰি আছে৷ আপুনি, মই কাকূতি-মিনতি কৰিলেও বিজ্ঞানৰ নিয়মবোৰ ভাঙি কোনো জ্যোতিষীৰ ইচ্ছা-বিধান মতে গ্ৰহ-নক্ষত্ৰবোৰে অৱস্থান সলনি নকৰে৷ হাজাৰটকীয়া আঙুঠি পিন্ধি আপুনি জ্যোতিষীক চহকী কৰিব পাৰে, গ্ৰহ-নক্ষত্ৰৰ অৱস্থান সলনি কৰিব নোৱাৰে৷ ১৯৮৪ চনত গঠিত আন্তৰ্জাতিক বৈজ্ঞানিক সমিতি এখনৰ পৰ্যবেক্ষণ মতে ব্যক্তি বা ৰাষ্ট্ৰ সম্পৰ্কে জ্যোতিষীয়ে কোৱা কথাবোৰ যিমান মিলে, এজন সাধাৰণ মানুহে অনুমান কৰি কোৱা কথাও সিমানেই মিলে৷ গতিকে হস্তৰেখা বা জ্যোতিষবিদ্যা আপোনাক মনোৰঞ্জন দিব পৰা এক ধৰণৰ খেলহে৷ যদি হাতত অফুৰন্ত সময় আছে তেন্তে বাতৰি কাকত, টিভি, ৰেডিঅ’ আদি সকলোতে দিয়া ৰাশিফল পঢ়ি আমোদ লওঁক৷ মনত ৰাখিব, ৰাশিফল পঢ়ি জীৱনটো যাপন কৰিব খোজা মানুহবোৰ দুৰ্বল মনৰ অধিকাৰী৷ মনটো ইতিবাচক চিন্তাৰে ভৰাই তোলক, আত্মবিশ্বাস সুদৃঢ় কৰক৷ অতীতৰ অভিজ্ঞতাৰে বৰ্তমানত কৰা কামেহে আপোনাৰ ভৱিষ্যত নিৰ্মাণ/নিয়ন্ত্ৰণ কৰে, আপোনাৰ হস্তৰেখা নতুবা আকাশৰ গ্ৰহ-নক্ষত্ৰই নহয়৷ তৎসত্ত্বেও জ্যোতিষী, হস্তৰেখাবিদৰ ওচৰত গৈ নিজৰ ভাগ্য জানিব খোজা সকললৈ উৰ্দু ভাষাৰ প্ৰখ্যাত কবি মিৰ্জা গালীবৰ কবিতা কেইশাৰীমান আগবঢ়াইছো-

 

“হাথো কী লকীৰো পে মত যা য়ে গালীব

নচীব উনকে ভী হোতে হ্যায় জিন কে হাথ নেহী হোতে৷”

(Don’t go by the lines on the palm of your hand Ghalib,

Luck is bestowed even on those who don’t have hands.)

 

(৪)

বিজ্ঞান-মনস্কতা এখন প্ৰগতিশীল সমাজ গঢ়াৰ অপৰিহাৰ্য চৰ্ত৷ কিন্তু আমাৰ সমাজত ইয়াৰ বৰ অভাৱ৷ শিক্ষিত নাগৰিকসকলো বিজ্ঞানমনস্ক বুলি একে আষাৰে ক’ব নোৱাৰি৷ গৰিষ্ঠসংখ্যক লিখা-পঢ়া কৰিব জনা, বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰী লোৱা ব্যক্তিৰ মন-মগজুত বৈজ্ঞানিক মানসিকতা গঢ়ি তুলিব নোৱাৰাটো আমাৰ শিক্ষা-ব্যৱস্থাৰ প্ৰধান বিফলতা৷ যি দেশত ৰাষ্ট্ৰৰ নীতি-নিৰ্ধাৰণ কৰা নেতা-মন্ত্ৰী-আমোলাসকলৰ বিজ্ঞান সম্পৰ্কে সামান্য ধাৰণাখিনিও নাই, সেই দেশৰ শিক্ষা-ব্যৱস্থা বিজ্ঞান-মনস্কতাসম্পন্ন হ’বনো কেনেকৈ?

সমাজ এখনৰ মানসিকতা যিধৰণৰ, তেওঁলোকৰ নেতাও তেনেকুৱাই হয়৷ নতুবা, নেতা এগৰাকী যি মানসিকতাৰ অধিকাৰী, তেওঁৰ সমাজখনো তেনেকুৱা হোৱাটো তেওঁ বিচাৰে৷ ভাৰতবৰ্ষৰ নেতাসমূহৰ গৰিষ্ঠসংখ্যকৰে বিজ্ঞান-মনস্কতা শূন্য৷ বেছিভাগ নেতাৰ বিজ্ঞানৰ প্ৰতি কোনো ধাউতি নাই৷ আজিকালিৰ নেতা-মন্ত্ৰীয়ে অবৈজ্ঞানিক কথা-কামৰ প্ৰচাৰ আৰু প্ৰসাৰতহে গুৰুত্ব দিয়ে৷ বিজ্ঞানত পি এইচ ডি ডিগ্ৰী পোৱা মন্ত্ৰীয়ে কোনো বিজ্ঞানসন্মত যুক্তি-প্ৰমাণ নোহোৱাকৈয়ে ডাৰউইনৰ বিৱৰ্তনবাদ নস্যাৎ কৰি ঘোষণা কৰিব পাৰে- পাঠ্যপুথিৰপৰা ডাৰউইনৰ তত্ত্ব উঠাই দিব লাগে৷ সমগ্ৰ বিশ্বৰ বিজ্ঞানীমহলত ডাৰউইনৰ যুগান্তকাৰী তত্ত্ব আজিও প্ৰাসংগিক৷ কিন্তু ‘কেৱল ঈশ্বৰেহে পৃথিৱীত জীৱকূল সৃষ্টি কৰিব পাৰে’ বুলি বিশ্বাস কৰা ধৰ্মান্ধসকলেহে ডাৰউইনৰ চিন্তাক মান্যতা দিয়া নাই৷ বিজ্ঞান এক বিশ্বাস নহয়, ই তথ্য-প্ৰমাণৰ ভিত্তিত প্ৰতিষ্ঠিত এক সত্যানুসন্ধানী প্ৰক্ৰিয়া৷ পিছে বিজ্ঞানৰ দৰ্শন বুজিব নোৱৰা চৰকাৰ-নেতা-মন্ত্ৰীয়ে অবিজ্ঞান বা ভুৱা-বিজ্ঞানক বিজ্ঞান বুলি গাৰ জোৰেৰে প্ৰচাৰ চলাই সৰ্বসাধাৰণক বিভ্ৰান্ত কৰিছে৷ এনেক্ষেত্ৰত প্ৰকৃত বিজ্ঞানক বচোৱা আৰু সৰ্বসাধাৰণৰ মাজত বিজ্ঞান প্ৰচাৰ কৰাৰ বাবে কোনে আগভাগ ল’ব? শিক্ষিত সমাজে, বিশেষকৈ বিজ্ঞান অধ্যয়ন কৰা নাগৰিকসকলে, নহয়নে? পিছে গৰিষ্ঠসংখ্যক শিক্ষিত নাগৰিক নিজেই দেখোন বিজ্ঞান-বিৰোধী! সি যি নহওক, তথাপিতো বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান বচোৱাৰ দায়িত্ব ল’ব বুলি আমি আশাবাদী৷ অৱশ্যে বিজ্ঞান বচাবৰ বাবে বিজ্ঞানৰ ছাত্ৰ বা ছাত্ৰী হোৱাটো অপৰিহাৰ্য নহয়৷ কিন্তু তাৰ আগতে ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞানৰ দৰ্শন অনুধাৱন কৰিব পাৰিব লাগিব৷

(৫)

“Anyone who claims to understand quantum theory is either lying or crazy” - ৰিচাৰ্ড পি. ফ্যাইনমেন৷

কোৱাণ্টাম তত্ত্বই কুৰি শতিকাৰ বিজ্ঞান জগতত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল৷ মেক্স প্লেংক, আৰউইন, স্ৰ’ডিনজাৰ, ৱাৰ্নাৰ হাইজেনবাৰ্গ, নীলছ ব’ৰ, মেক্স ব’ৰ্ন আদিৰ দৰে মহান বিজ্ঞানীৰ চিন্তা-চৰ্চাৰ অৱদান হ’ল কোৱাণ্টাম তত্ত্ব৷ এই তত্ত্বই প্ৰতিষ্ঠিত পদাৰ্থ বিজ্ঞানৰ ভেটি লৰাই দিছিল৷ চকুৰে মণিব নোৱৰা সৰু সৰু কণা বা বস্তুবোৰে নিউটনৰ গতিসূত্ৰ মানি নচলে৷ কোৱাণ্টাম বলবিদ্যাৰ সূত্ৰই নিয়ন্ত্ৰণ কৰে ক্ষুদ্ৰাতিক্ষুদ্ৰ বস্তুৰ গতি-বিধি৷ কোৱাণ্টাম জগতত অন্তৰ্নিহিত সম্ভাৱিতা (probability) আৰু অনিয়শ্চয়তা (uncertainty)ৰ ধাৰণাই বহুতো প্ৰতিষ্ঠিত পদাৰ্থ বিজ্ঞানীক এই নতুন তত্ত্বটোৰ প্ৰতি সন্দিহান কৰি তুলিছিল৷ আইনষ্টাইনৰ দৰে মহৎ বিজ্ঞানীয়েও আৰম্ভণিতে কোৱান্টাম তত্ত্ব মানি লোৱা নাছিল৷ সেয়ে আইনষ্টাইনৰ মুখেৰে নিগৰিত হৈছিল - ‘God does not play dice with the universe’৷ পিছে সেই আইনষ্টাইনেই কোৱাণ্টাম বলবিদ্যাৰ সহায়ত আলোক-বৈদ্যুতিক পৰিঘটনা (photo-electric effect) ব্যাখ্যা কৰি নোবেল বঁটা লাভ কৰিছিল৷ পৰমাণুৰ পৰা আৰম্ভ কৰি অসীম মহাশূন্যৰ বিভিন্ন ৰহস্য ভেদ কৰাত আজি কোৱাণ্টাম তত্ত্বই সহায় কৰিছে৷ সি যি নহওক, কোৱাণ্টাম তত্ত্বৰ বিষয়ে বিস্তৰ আলোচনা কৰাৰ পৰা বিৰত থাকিও এটা কথা উল্লেখ কৰিব খুজিছোঁ - নিউটনীয় বলবিদ্যাত ‘চেতনা’ (consciousness)ৰ কোনো স্থান নাই যদিও কোৱাণ্টাম তত্ত্বত ইয়াৰ অৱস্থিতি আছে৷ মানুহৰ মন(mind)ৰ গতিবিধিৰ লগত কোৱাণ্টাম বলবিদ্যাৰ সম্পৰ্ক কি তাৰ বিষয়ে উচ্চ পৰ্যায়ৰ গৱেষণা ইতিমধ্যে আৰম্ভ হৈ গৈছে৷ আশা কৰিছোঁ সময়ত বহুতো ৰহস্যৰ সম্ভেদ পোৱা যাব৷ কোৱাণ্টাম টানেলিং (quantum tunneling) বুলি কোৱাণ্টাম বিজ্ঞানত এটা পৰিঘটনা আছে৷ একদম সহজ ভাষাত ক’বলৈ হ’লে - ক্ষুদ্ৰাতিক্ষুদ্ৰ বস্তু এটাই কোনো বাধাৰ প্ৰাচীৰ অতিক্ৰম কৰি আগুৱাই যোৱাটোৱেই হ’ল কোৱাণ্টাম টানেলিং৷ বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন ভৌতিক প্ৰক্ৰিয়াত কোৱাণ্টাম টানেলিঙৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ উদাহৰণস্বৰূপে, কোৱাণ্টাম টানেলিঙৰ ফলত সূৰ্যত নিউক্লীয় সংযোজন (nuclear fusion) প্ৰক্ৰিয়া সংঘটিত হ’ব পাৰে৷ নিউক্লীয় সংযোজন প্ৰক্ৰিয়াৰ বাবেই আমাৰ সূৰ্যটো হৈ পৰিছে অফুৰন্ত শক্তিৰ ভঁৰাল৷ সি যি কি নহওক, কোৱাণ্টাম টানেলিঙে আমাৰ জীৱনলৈ এটা গুৰুত্বপূৰ্ণ বাৰ্তা দিছে- barriers are there to be overcome, অৰ্থাৎ প্ৰতিবন্ধকতা অতিক্ৰম কৰি সকলোৱে আগুৱাই যাব লাগে৷ যদি আপোনাৰ জীৱনত কিবা প্ৰতিবন্ধকতা আছে তেন্তে জ্যোতিষীৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই, আত্মবিশ্বাসেৰে বাধাৰ প্ৰাচীৰ ভাঙি আগুৱাই যাওঁক৷ ষ্টিফেন হকিঙৰ দৰে বিশ্ববিশ্ৰুত বিজ্ঞানীৰ কাহিনী পঢ়ক, মনোবল বাঢ়িব৷

শেষত আপোনালোকলৈ, বিজ্ঞানী ব’ৰে কোৱা তাৎপৰ্যপূৰ্ণ মন্তব্য এটা আগবঢ়াই কোৱাণ্টামৰ সাধু সাধু লগা কথাবোৰ সামৰিছো - ‘If quantum mechanics hasn’t profoundly shocked you, you haven’t understood it yet’৷ হয়, ঠিকেই বুজিছে, কোৱাণ্টাম তত্ত্ব সঁচাকৈয়ে অতি বিস্ময়কৰ, ৰোমাঞ্চকৰ আৰু অতি আমোদজনক৷

(৬)

ঈশ্বৰ বিশ্বাসী ছাত্ৰ এজনে বিজ্ঞানৰ শিক্ষকজনক সুধিলে - ছাৰ, আপুনি যদি এই মুহূৰ্তত ঈশ্বৰক লগ পায়, কি ক’ব?

“জীৱন আৰু প্ৰকৃতিৰ ৰহস্য ভেদ কৰিবলৈ মই কাহানিও আপোনাৰ প্ৰয়োজনবোধ নকৰিলো৷” শিক্ষকজনে হাঁহি মাৰি ক’লে৷

Share Button
Print Friendly, PDF & Email

No Comments : "অলপ বিজ্ঞান, অলপ আড্ডা - (কৌশিক তালুকদাৰ)"

Leave a Comment

Your email address will not be published. Required fields are marked *