সম্পাদকৰ টোকা : সোপাধৰা আৰু গণ-উন্মাদনা (‍কৌশিক দাস)

কাৰ্বি আংলঙৰ ডেনগাঁওৰ পাণজুৰিত সংঘটিত হৈছে এক মৰ্মন্তুদ ঘটনা। দুগৰাকী তজ্‌বজীয়া ডেকা নিলোৎপল দাস আৰু অভিজিত নাথ গৈছিল কাংথিলাংছ' জলপ্রপাতটি চাবলৈ। তাতেই “সোপাধৰা” বুলি এচাম উন্মত্ত মানুহে তেখেতসকলক নৃশংসভাৱে প্রহাৰ কৰি হত্যা কৰে। অতি কৰুণ, হৃদয়বিদাৰক ঘটনা। যুৱকদ্বয়ক কৰা অত্যাচাৰ-আক্রমণ-হত্যাৰ দুৰ্বিষহ দৃশ্যাৱলী কোনোবাই বৈদ্যুতিন সঁজুলিৰ দ্বাৰা ৰেকৰ্ড কৰে আৰু সেইটো ফেইচবুক-ৱাট্‌চেপ আদিৰ জৰিয়তে মানুহৰ মাজত তৰিৎ গতিত ব্যাপকভাৱে বিয়পি পৰে। পৰিণতিত এতিয়া ৰাজ্যজুৰি প্রচণ্ড প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

 

অসমৰ সাম্প্রতিক ঘটনাৱলী সতৰ্কভাৱে লক্ষ্য কৰিলে ধৰিব পাৰি যে এইটো কোনো বিচ্ছিন্ন ঘটনা নহয়। অলপ দিনৰ আগতে বিশ্বনাথৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত “সোপাধৰা”-ৰ সন্ধানত হাতত অস্ত্রশস্ত্রলৈ ওলাই আহিছিল বহুতো মানুহ। ঠায়ে ঠায়ে বহুতো নিমাখিত-নিৰীহ লোক অত্যাচাৰৰ বলি হৈছিল। কেইমাহমানৰ পূৰ্বে অসমতেই “পিচল” মানুহ বুলি বহুতো লোকক গণ-উন্মাদনাৰে আক্রমণ কৰা হৈছিল। কাৰ্বি আংলঙৰ ঘটনাটোৰ নিশাই শোণিতপুৰৰ মিছামাৰীত একাংশ লোকে সোপাধৰা বুলি ইমদাদুল ইছলাম নামৰ লোকজনক আক্রমণ কৰি গুৰুতৰভাৱে আহত কৰে। সেই একেদিনাই হোজাই, বৈঠালাংছ’ আদিতো “সোপাধৰা কাণ্ড”-ত বহুতো নিৰপৰাধী লোক আক্রান্ত হয়। এইবোৰ ধাৰাবাহিক ভয়াবহ কথা-কাণ্ডৰ আঁতি-গুৰি কি?

 

বহুতেই মত দিছে যে অন্ধবিশ্বাসেই তেনে ঘটনাসমূহৰ আঁৰৰ মূল নিৰ্ণায়ক অপশক্তি। কথাটো অলপ বিচাৰ কৰি চোৱা প্রয়োজন। আজিৰ পৰা প্রায় ষোল্ল বছৰ আগতে (২০০২ চনত) অন্ধবিশ্বাসৰ সন্দৰ্ভত আমাকে ধৰি কেইগৰাকীমান লিখকৰ প্রবন্ধ সংকলন এখনৰ প্রকাশ হৈছিল (“ডাইনী, জ্যোতিষ আৰু অলৌকিক চিকিৎসা”, ষ্টুডেন্টচ্‌ ষ্ট'ৰচ্‌, সম্পাদনা: পৰমানন্দ মজুমদাৰ)। উক্ত সংকলনখনৰ এটি চুটি অথচ অতি মূল্যৱান প্রবন্ধ আছিল "ডাইনী : অসমৰ জনগোষ্ঠী"। লিখক আছিল নিৰ্মোহ-নিৰ্মেদ-তথ্যাশ্রয়ী ৰচনাশৈলীৰ বাবে বিখ্যাত ইন্দিবৰ দেউৰীদেৱ। প্রবন্ধটো পাছলৈ তেখেতৰ একক প্রবন্ধ সংকলন "যুক্তি আৰু জনসমাজ"-ত পুনৰ সংকলিত হৈছিল (অসম প্রকাশন পৰিষদ, ২০০৭)। প্রবন্ধটোৰ শেষৰ ফালে এইখিনি কথা আমি প‌ঢ়িবলৈ পাওঁ: ".....প্রধানকৈ ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্যস্তস্বাৰ্থ পূৰ্ণ কৰিবলৈকে চাওঁতালসকলৰ দৰেই বড়োসকলৰ মাজতো ডাইনী নিগ্রহ-নিধন ঘটনাৰ বৃদ্ধি ঘটিছে আৰু অন্তৰ্দ্বন্দ্ব-জৰ্জৰ, সন্ত্রাস-জৰ্জৰ পৰিৱেশে ইয়াৰ বাবে উপযুক্ত ক্ষেত্র তৈয়াৰ কৰিছে।" এই কথাখিনিৰ পৰা "ডাইনী" নিগ্রহৰ আঁৰত যে কিছুমান আৰ্থ-ৰাজনৈতিক কাৰক থাকে, তাৰ উমান আমি পাওঁ। প্রবন্ধটোৰ মূল বিষয় যদিও আছিল "ডাইনী", তাত অন্য এটা পাৰ্শ্ব-প্রসংগও গুৰুত্বসহকাৰে স্থান পাইছিল : "এনে পৰিৱেশত, সাধাৰণতেই দেখা যায়, ল'ৰা-ধৰা, ডাইনী আদিৰ গণ-উন্মাদনা (mass hysteria) সৃষ্টি কৰি ৰাজনৈতিক তথা অৰ্থনৈতিক ন্যস্তস্বাৰ্থ পূৰণৰ উদ্দেশ্যে নিগ্রহ-নিধনত উচটনি দিয়া হয়। পশ্চিমবংগত নক্সাল-নিধনৰ কালত ল’ৰা-ধৰাৰ গণ-উন্মাদনা সৃষ্টিক যোগেদি বহুতো নিৰপৰাধী ব্যক্তিক হত্যা কৰা হৈছিল। অসমতো আলফা দমনৰ কালত ল’ৰা-ধৰাৰ গণ-উন্মাদনাৰ সৃষ্টি হৈছিল"। আমাৰ এই আলোচনাৰ বাবে উক্ত কথাখিনি অতিশয় প্রাসংগিক।

 

সচেতন লোকসকলে নিশ্চয় লক্ষ্য কৰিছে বিগত কেইটিমান বছৰৰ পৰা অসমৰ সামাজিক পৰিৱেশ অতি অস্থিৰ হৈ পৰিছে। চৌদিশে অবিশ্বাস, আস্থাহীনতা, সংশয় আৰু অনিশ্চয়তা। অসহিষ্ণুতাৰে পৰিপূৰ্ণ এই  বিপদসংকুল বাতাৱৰণৰ নেপথ্যৰ কাৰণ কি, সেইটো এটা ভিন্ন প্রসংগ। কিন্তু প্রচণ্ড উদ্বেগমিশ্রিত এই শ্বাসৰুদ্ধকৰ পৰিস্থিতি সাম্প্রতিক অসমৰ এটা ৰু‌ঢ় বাস্তৱ। এই পৰিৱেশটোক সৰ্বভাৰতীয় পৰিৱেশৰ পৰাও বিচ্ছিন্নকৈ অৱলোকন কৰা যুগুত নহ’ব। এনে এক বাৰুদভৰা পৰিৱেশত এটি সৰু স্ফুলিংগই সমাজত ভয়ংকৰ অগ্নিকাণ্ড ঘটোৱোৰ পূৰ্ণ আশংকা আছে।

 

পোহৰলৈ অহা নানান বাতৰিৰ পৰা অতি স্পষ্টকৈ ধৰিব পাৰি যে সমাজত অস্থিৰতা আৰু অশান্তি বিয়পাবলৈ এচাম মানুহ অতি সচেতনভাৱে তৎপৰ হৈ উঠিছে। অলপ দিনৰ আগতে নামনি অসমৰ এগৰাকী ব্যক্তিৰ ফেইচবুক-একাউন্টৰ পৰা অন্য এগৰাকী লোকে “পাকিস্তান জিন্দাবাদ” বুলি আপডেট দিছিল। প্রসংগক্রমে উল্লেখ কৰা প্রয়োজন যে একাউন্টটোৰ প্রকৃত গৰাকীজন আছিল ইছলামধৰ্মী লোক। ঘটনাটোৰ পৰা ভয়াবহ সাম্প্রদায়িক সংঘৰ্ষৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছিল। উত্তেজিত মানুহে হিংসাত্মক কাৰ্যৰ সূচনা কৰিছিল যদিও মূল অপৰাধী ধৰা পৰাত কথাটো ক্রমাৎ প্রশমিত হৈ পৰে। প্রসংগক্রমে ইয়াকো উল্লেখ কৰা প্রয়োজন যে অপৰাধীজন আছিল হিন্দুধৰ্মী লোক। সকলোৱে লক্ষ্য কৰিছে যে কোনো কোনো ধৰ্মানুষ্ঠানত “নিষিদ্ধ মাংস” অতি পৰিকল্পিতভাৱে দলিয়াই থৈ যোৱাৰ বাতৰি সুলভ হৈ পৰিছে। এই কথাবিলাক বাৰু বিচ্ছিন্ন নে? মুঠেই নহয়। এইবোৰৰ পৰা অতি স্পষ্ট, সমাজখনত অশান্তি-সংঘৰ্ষৰ জন্ম দিবলৈ তৎপৰ হৈ উঠিছে একাংশ দগাবাজ মানুহ।

 

এনে পৰিৱেশত আমি কথাবিলাক ভালদৰে গমি চোৱাটো বৰ জৰুৰী। উল্লেখ কৰি আহিছোঁ যে বহুতেই ধাৰণা কৰিছে, “সোপাধৰা”, “পিচল মানুহ” আদিৰ নিধন-নিগ্রহৰ আঁৰৰ অপশক্তিটো হৈছে মানুহৰ অন্ধবিশ্বাস। লক্ষনীয় কথা, আমি সাধাৰণতেই যেনেকুৱা কথা-কাণ্ডবোৰক অন্ধবিশ্বাস বুলি কওঁ, তেনে অৰ্থত “সোপাধৰা”-ৰ কথাটোক অন্ধবিশ্বাস বোলা নাযায়। অৱশ্যে এইটো কথা সঁচা যে বাস্তৱত নাথাকিলেও, “সোপাধৰা” আহি ল'ৰা-ছোৱালীক অপহৰণ কৰিব বুলি মানুহে কৰা এটা অযৌক্তিক আৰু অলীক শংকামিশ্রিত বিশ্বাস কথাটোৰ সৈতে সম্পৰ্কিত। গতিকে, আমাৰ আলোচ্য ঘটনাৱলীৰ তাৎক্ষণিক কাৰণ যে মানুহৰ যুক্তিহীন বদ্ধমূল বিশ্বাস, সেইটো অস্বীকাৰ কৰাৰ প্রশ্নই নুঠে। কিন্তু তাৰ লগতে আমি অন্য এটা জৰুৰী কথাও মনত ৰখা যুগুত।

 

আমি সকলোৱে জানোঁ, বিভিন্ন ধৰণৰ বিচিত্র আৰু বহুমাত্রিক যুক্তিহীন বিশ্বাস সমাজৰ মৰ্মেমৰ্মে প্রোথিত হৈ আছে। সেইবোৰে সমাজত কেনেকুৱা নেতিবাচক প্রভাৱ পেলায়, সেইবোৰ সমাজৰ পৰা কেনেকৈ আঁতৰ কৰা যায়, সেই প্রসংগত বহুতো পণ্ডিতে বিস্তাৰিতভাৱে আলোচনা কৰিছে। তেনে আলোচনাৰ পৰা এটা কথা স্পষ্ট যে সমাজৰ পৰা নেতিবাচক, যুক্তিহীন বিশ্বাসবোৰ একেদিনাই আঁতৰ নহয়। এইক্ষেত্রত নিৰন্তৰ-নিৰবচ্চিন্নভাৱে কৰা যুক্তিবাদ-বিজ্ঞানমানসিকতাৰ প্রচাৰ আৰু প্রসাৰ বহুদূৰলৈ উপযোগী বুলি ক’ব পৰা যায়। কিন্তু তেনে প্রয়াস সামাজিক দ্বন্দ্ব কিম্বা আৰ্থ-সামাজিক কাৰকৰ ঊৰ্ধত বুলি ধাৰণা কৰিলে ভুল হ’ব।

 

সামাজিক দ্বন্দ্ব-সংঘাতৰ পটভূমিত যুক্তিহীন কিম্বা যুক্তিহননকাৰী বিশ্বাস হ’ল প্রতিক্রিয়াশীল মহলৰ এটা নিৰ্ভৰযোগ্য আৰু ফলপ্রসূ হাথিয়াৰ। সেইবোৰক কেনেকৈ পৰিকল্পিতভাৱে শাসকশ্রেণীয়ে ব্যৱহাৰ কৰিব লাগে, তাৰ পুংখানুপুংখ আৰু বিস্তাৰিত বিৱৰণ তাহানিতেই কৌটিল্যই অৰ্থশাস্ত্রত লিপিবদ্ধ কৰি থৈ গৈছে। যুগ সলনি হলেও, আজিও শাসক শ্রেণীটোৰ বাবে তেনে যুক্তিহীন বিশ্বাসৰ প্রায়োগিক উপযোগিতা অকণো হ্রাস পাইছে বুলি ধাৰণা নহয়। আজিও সেইবোৰক ভিত্তি কৰি এচাম সংকীৰ্ণ স্বাৰ্থসন্ধানী লোকে সমাজত হিংসাত্মক গণ-উন্মাদনাৰ জন্ম দিবলৈ অহৰহ প্রচেষ্টা চলাই আহিছে। তেনে হিংসা-অস্থিৰতা শোষক-শাসক শ্রেণীটোৰ বাবে বৰ উপযোগী। সংঘৰ্ষজৰ্জৰ পৰিৱেশে শোষণৰ মূল কাৰণানুসন্ধানৰ সলনি শোষিত জনতাৰ দৃষ্টি অন্য দিশত আবদ্ধ কৰি পেলায়। শোষিত জনগণ শোষকৰ বিৰুদ্ধে একত্রিত হোৱাৰ পৰিৱৰ্তে গোষ্ঠী-ভাষা-ধৰ্ম আদিৰ ভিত্তিত বিভক্ত হৈ পৰে। মূল শত্রু তেনে পৰিৱেশত অচিনাক্ত-অনিৰ্দিষ্ট হৈয়েই ৰৈ যায়। এই কথাটো যে শাসক শ্রেণীটোৰ বাবে কিমান সুবিধাজনক, সেইটোৰ বৰ্ণনা বাহুল্যহে হ’ব।

 

উপৰিউক্ত কথাখিনি কাৰোবাৰ বাবে হয়তো কাৰ্বি আংলঙৰ কৰুণ ঘটনাটোৰ প্রসংগত অপ্রয়োজনীয় তত্ত্বকথা যেন লাগিব পাৰে। কিন্তু বিগত সময়চোৱাৰ ৰেহৰূপ অলপ ফঁহিয়াই চালেই আমাৰ আশংকা যে যুক্তিসংগত, সেইটো বুজা যাব। “পাকিস্তান জিন্দাবাদ”, ধৰ্মানুষ্ঠানত “নিষিদ্ধ মাংস”-ৰ নিক্ষেপ আদি কথা উনুকিয়াই আহিছোঁ। আমি দেখিছোঁ, বিগত সময়ত ফেইচবুক-ৱাট্‌চেপৰ যোগেদি “সোপাধৰা”-ৰ সন্দৰ্ভত অবিৰাম উৰাবাতৰি প্রচাৰ কৰা হৈ আহিছে। তেনে বহুতো উদ্দেশ্যপ্রণোদিত উৰাবাতৰিৰ মাজৰ পৰা নমুনা হিচাপে দুটি তলত উদ্ধৃত কৰিছোঁ। দুয়োটাই ৱাট্‌চেপৰ যোগেদি প্রাপ্ত (ভাষা আৰু বানানত হাত দিয়া নাই):-

১. “সাৱধান : অতি গুৰুত্বপূৰ্ণ এটা খবৰ। যদি কোনো ব্যক্তি আহি ঘৰত কয় যে আমি ভাৰতীয় মেডিকেল কাউঞ্চিলৰ পৰা আহিছো এটা test কৰিবলৈ, সকলো ভাৰতীয় নাগৰিকৰ তেজত কিমান কিমান পৰিমাণৰ blood sugar আছে ! আৰু এই পৰীক্ষাৰ খৰছ সম্পূৰ্ণ বিনামূলীয়া। সকলোকে হাত যোৰ কৰিছো যে এই test ভুলতো যেন নকৰে। তেওঁলোকে identity পৰিচয় পত্ৰ ও দেখাব পাৰে, তথাপিও এই test নকৰে যেন, কাৰণ ISI, আৰু ISIS ৰ agent তে আমাৰ দেশত সোমাইছে আৰু আমাৰ দেশৰে কিছুমান মানুহক টকাৰ বিনিময়ত agent কৰি লৈছে। এই থলুৱা agent বিলাকে injection (বেজীৰ দ্বাৰা)ৰ  জৰিয়তে ভাৰতৰ মানুহৰ মাজত AIDS ৰ বিজানু বিয়পাই আছে। এনেকুৱা কোনো ঘটনা দেখা মাত্ৰেই আৰক্ষীক অথবা থানাত খবৰ দিয়ক॥ সাৱধান অসমবাসী ৰাইজ...”।

২. “বিহাৰৰ পৰা 500 মান নৰপিশাচ আহি আমাৰ ডিমাপুৰ হেন ঠাইত হিজৰা ভাও ধৰি ভিক্ষা মাগিবলৈ সোমাই, তাৰ পাছত মতা মানুহ নথকা সুজুগত ঘৰৰ সকলোকে কাটিমাৰি লুতপাত কৰি সকলো লৈ গৈছে....তাৰে কিছুমান আৰক্ষী হাতত ধৰা পৰিছে..সকলোকে জনাব বিছাৰো যে , কাপোৰ বেপাৰী পৰা লৈকে অচিনাকি ব্যক্তি ঘৰৰ ভিতৰত সোমাব নিদিব ... Plz shair আৰু এই খবৰ আপোনাৰ প্ৰিয় জনকো দিয়ে যেন। ।। ধন্যবাদ।।”

 

অলপ গমি চালেই ধৰিব পাৰি যে সেইবোৰ উৰাবাতৰিহে। আৰু অলপ গভীৰভাৱে চিন্তা কৰিলেই স্পষ্ট হৈ পৰে, তেনে উৰাবাতৰি কি উদ্দেশ্যেৰে মানুহৰ মাজত এৰি দিয়া হৈছে। লক্ষনীয়, উক্ত উৰাবাতৰি দুটা প্রত্যক্ষভাবে অন্ধবিশ্বাসৰ সৈতে সম্পৰ্কিত নহয়। উদ্ধৃত উৰাবাতৰি দুটাৰ ফলত যে কোনো নিৰপৰাধ লোক আক্রান্ত হোৱাৰ সম্ভাৱনা আছে, সেইটো বুজাত অকণো অসুবিধা নহয়। তাৰ পাছত, অৰ্থাৎ, উৰাবাতৰিক ভিত্তি কৰি নিগ্রহ-অত্যাচাৰ-হত্যা আদিৰ দৰে জঘন্য কাণ্ড হৈ যোৱাৰ পাছত, ঘটনাটো গুণগতভাৱে একেবাৰেই পৃথক হৈ পৰে। তেনে কাণ্ডৰ তাৎক্ষণিক কাৰণ অযুক্তিকৰ বিশ্বাসৰ বৃত্তৰ বাহিৰলৈ আহি ঘটনাবোৰ গোষ্ঠীগত-ভাষাগত-ধৰ্মীয় সাম্প্রদায়িকতালৈ সম্প্রসাৰিত হৈ পৰে। এইটোৱেই হৈছে ঘটনাক্রমৰ পৰিকল্পকৰ অভীপ্সিত লক্ষ্য আৰু একান্ত কাম্য। কাৰ্বি আংলঙৰ সকৰুণ ঘটনাটোৰ পাছত একাংশ লোকে কথাটোত গোষ্ঠীগত আৱেগৰ ৰহণ সনা পৰিলক্ষিত হৈছে। “অসমীয়া আক্রান্ত হৈছে অসভ্য জনগোষ্ঠী এটাৰ হাতত”, এই ধৰণৰ নিৰ্বুদ্ধিতাৰে ভৰা মত-মন্তব্যও একাংশ মানুহে প্রদান কৰা দেখা গৈছে। এই কথাটোৱে প্রতিক্রিয়াশীল মহলটোৰ উদ্দেশ্য সফল কৰাত যে সহায় কৰিব, তাত সন্দেহ নাই।

 

গোষ্ঠীগত আৱেগ আমাৰ সমাজত বৰ গভীৰলৈ শিপাই আছে। উদাহৰণ এটা দিছোঁ। কাৰ্বি আংলঙৰ ঘটনাটোৰ দিনাই, “ডাইনী” বুলি সন্দেহ কৰি, বালিচাঙৰ খেৰবাৰীত খেলান চেঙনা নামৰ বৃদ্ধ এগৰাকীক শুই থকা অৱস্থাৰ পৰা চোঁচোৰাই আনি মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে এচাম উন্মত্ত মানুহে। একেই মানুহৰ প্রাণ, কিন্তু এই ঘটনাটো বাতৰি কাকতৰ এচুকতহে পৰি ৰ’ল, “অসমীয়া মূল সুঁতি”-ত বাতৰিটো সামান্য ঢৌ এটি তুলিবলৈও পৰ্যাপ্ত বুলি পৰিগণিত নহ’ল।  তাৰ কাৰণ হয়তো নিহত লোকজনৰ শ্রেণীগত-গোষ্ঠীগত অৱস্থান। লগে লগে কিন্তু আমি বিপৰীত দিশটোৰ কথাও বিবেচনা কৰি চোৱা উচিত। অসমৰ সকলো “প্রান্তীয়” জনগোষ্ঠীৰ সৰ্বসাধাৰণ লোকসকল নিপীড়িত আৰু বহুমুখী সামাজিক সমস্যাত ভাৰাক্রান্ত। এইটো পটভূমি, তেওঁলোকৰ দিশৰ পৰা, গোষ্ঠীগত বিদ্বেষৰ বাবে অতি অনুকূল। গতিকে, কাৰ্বি আংলঙৰ কাণ্ডটোৰ দৰে ঘটনাবোৰত, তাৎক্ষণিক কাৰক হিচাপে গোষ্ঠীগত বিদ্বেষৰ কিবা ভূমিকা আছে নে, সেইটোও এটা বিচাৰ্য বিষয়।

 

সম্প্রতি প্রতিক্রিয়াশীল দুষ্কৃতিকাৰীৰ হাতৰ এটি শক্তিশালী হাথিয়াৰ হৈ পৰিছে আধুনিক প্রযুক্তিপ্রদত্ত নানান উপাদান। তাৰ মাজত অত্যাধুনিক প্রচাৰ-মাধ্যমো অন্যতম। দেখা গৈছে যে টিভি, বাতৰি কাকত আদিত অলপ দিনৰ আগতে “পিচল মানুহ”-ৰ কথা ব্যাপকভাৱে প্রচাৰ কৰা হৈছিল। এইবোৰৰ পৰা দেখা যায় যে সম্প্রতি প্রচাৰ মাধ্যমৰ নিয়ন্ত্রণ এচাম অশিক্ষিত, অৰ্ধশিক্ষিত আৰু ধান্দাবাজ লোকৰ হাতলৈ গুছি গৈছে। তেনে মাধ্যমত এতিয়াও বহুতো শিক্ষিত, বিবেকবান আৰু কথা-বতৰাসমূহ ফঁহিয়াই চোৱা ব্যক্তি আছে, সেইটো সঁচা। কিন্তু ধান্দাবাজীৰে পৰিপূৰ্ণ, স্বাৰ্থান্বেষী বাতাৱৰণত তেওঁলোক ক্রমাৎ নিষ্প্রভ হৈ পৰিছে। এইটো এটা অতি উদ্বেগৰ বিষয়। সেইবাবেই লক্ষ্য কৰা যায়, প্রচাৰ মাধ্যমত “সোপাধৰা”, “পিচল মানুহ” আদিৰ বাতৰি উপস্থাপনৰ শৈলীটোৱেই কিম্ভূত-কিমাকাৰ, যেন “সোপাধৰা”, “পিচল মানুহ” এইবোৰ সঁচাই আমাৰ চৌপাশে পিটপিটাই ঘূৰি ফুৰিছে! যুক্তি-আশ্রয়ী বিচাৰ-বিশ্লেষণক তেনে বাতৰিত সাধাৰণতেই অপাংক্তেয় কৰি ৰখা হয়। আমাৰ সমাজখনত এনেও যুক্তিৰে চিন্তা কৰি চোৱা মানুহৰ সংখ্যা অতি তাকৰ। তেনে পটভূমিত উপৰিউক্ত কথা-বতৰাবোৰক সমৰ্থন কৰি প্রকাশ কৰা বা-বাতৰিসমূহে যুক্তিহীন উৰাবাতৰিবোৰক নতুন জীৱন প্রদান কৰে, সিহঁতৰ প্রচাৰ-প্রসাৰ ত্বৰাণ্বিত কৰে, মানুহৰ মনটো বিজ্ঞানমনস্কতাৰ পৰা আঁতৰাই ৰাখে।

 

কাৰ্বি আংলঙৰ ঘটনাটোৰ পাছত বহুতো লোক এতিয়া আক্রান্ত অসমীয়া গোষ্ঠীগত আৱেগত। “ভৈয়ামলৈ আহিলে চাই ল’ম”, “সিহঁত সঁচাই জংঘলী” আদি ভয়ংকৰ জিঘাংসাৰে ভৰা মন্তব্যও চকুত পৰিছে। অথচ, দুদিনমানৰ আগলৈকে সেই একেখিনি মানুহেই উৎসাহেৰে “সোপাধৰা”-ৰ উৰাবাতৰি ফেইচবুক-ৱাট্‌চেপৰ যোগেদি প’ষ্ট-ফৰোৱাৰ্ড কৰি আছিল! এইসকল লোক সমগ্র পৰিকল্পনাটোৰ অসচেতন ক্রীড়নক। তেওঁলোকে উৰাবাতৰি এটি পালে বাচ-বিচাৰ নকৰাকৈ আনলৈ প্রেৰণ কৰে; ঘটনা এটা ঘটাৰ পাছত চিন্তাহীনভাৱে মত-মন্তব্য প্রদান কৰে। তেওঁলোক যে বিৰাট-বিশাল এক প্রতিক্রিয়াশীল চক্রৰ দ্বাৰা ব্যৱহৃত, সেইটো তেওঁলোকে নিজে গমেই নাপায়। পৰিহাসৰ কথা, তেওঁলোকে সমগ্র ঘটনাটো অমানৱীয় (ঘটনাটো যে অমানৱীয়, সেইটো সঁচা) বুলি কৈ, অপৰাধীক যিবোৰ শাস্তিৰ দিহা দিছে, তাত মানৱীয়তাৰ বিপৰীতে জঘন্য পৈশাচিক-প্রতিশোধাত্মক জিঘাংসাহে প্রতিফলিত হৈছে। সময়ে সময়ে তেখেতসকলেই হৈছে অপৰাধীক “ৰাইজ”-ৰ হাতত এৰি দি মুণ্ডচ্ছেদ, লিংগচ্ছেদ আদিৰ দৰে অসভ্য-বৰ্বৰ শাস্তি-প্রদানৰ অমানৱীয় পন্থা এটাৰ প্রবক্তা। আজি এইসকল লোকে অমানৱীয় গণ-উন্মাদনাক ধিক্কাৰ দিছে, কিন্তু ভিন্ন পৰিৱেশত তেওঁলোকেই গণ-উন্মাদনাৰে হাতত অস্ত্র তুলি ভয়ংকৰ কাণ্ড ঘটোৱাৰ সম্ভাৱনা আছে। সেয়েহে, সমূহীয়া প্রচেষ্টাৰে তেনে লোকসকলৰ মাজত সজাগতা অনাটোও বৰ জৰুৰী হৈ পৰিছে। কোনো কথাৰ বিচাৰ-বিশ্লেষণত আৱেগ-পূৰ্বধাৰণা-জনশ্রুতি-উৰাবাতৰি আদিক যুক্তিবাদে গ্রাহ্য নকৰে। অন্ধবিশ্বাসৰ প্রতিমুখে যুক্তিবাদে যিদৰে বস্তুনিষ্ঠ বিচাৰ-বিশ্লেষণৰ শিক্ষা প্রদান কৰে, সেই পন্থাটো এই ক্ষেত্রতো বহুদূৰলৈ ফলপ্রসূ হ'ব বুলি ধাৰণা হয়।

গণ-উন্মাদনা অতি ভয়ংকৰ, যুক্তিহননকাৰী। এক দীৰ্ঘ সময় ধৰি অসমবাসী বিভিন্ন ধৰণৰ গণ-উন্মাদনাৰ মাজেৰে বাট বুলি আছে। তথাপি, নতুন নতুন ঘটনাই বাৰম্বাৰ অসমক ভয়াবহ গণ-উন্মাদনাত নিমজ্জিত কৰি আহিছে। নাগৰিকত্ব সংশোধনী বিলখনৰ প্রতিমুখে থিয় দিয়া অসমীয়া জাতীয়তাক অন্য দিশে ঢাল খুৱাবলৈ কোনো প্রচেষ্টা এই সাম্প্রতিক ঘটনাৱলীৰ মাজেদি কোনোবাই কৰিবলৈ যত্ন কৰিছে নেকি, সেইটো কথাও লক্ষনীয় হ'ব।

 

সাম্প্রতিক সময়ৰ পৈশাচিক উন্মাদনাৰ বলি হোৱা সকলো লোকৰ প্রতি আমি শ্রদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। আইন-ব্যৱস্থাই যেন প্রকৃত বিচাৰ আগ ব‌ঢ়ায়, সেইটোৱেই আমাৰ কাম্য।

 

 

 

Share Button
Print Friendly, PDF & Email

2 Comments : "সম্পাদকৰ টোকা : সোপাধৰা আৰু গণ-উন্মাদনা (‍কৌশিক দাস)"

  1. Pankaj Puran

    আধুনিক শিক্ষাৰে শিক্ষিত যদিও আমাৰ মাজৰ বহুতে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে কিছুমান নকৰিব লগিয়া কৰ্মক প্ৰশ্ৰয় দিয়ে।

  2. মনোজ কুমাৰ মহন্ত

    অতি প্ৰাসংগিক আৰু যুক্তিনিৰ্ভৰ বিশ্লেষণ। ডাইনী, সোপাধৰা, পিচল মানুহ আদি উৰাবাতৰিজনিত ঘটনাবোৰ
    সাম্প্ৰতিক অসমৰ সমাজ জীৱনত একো একোটা পুতি ৰখা মাইন সদৃশ বিয়াগোম বোমা। ইয়াৰ সুযোগত গণ উন্মাদনা সৃষ্টি কৰি সমাজত গোষ্ঠীগত বিভেদ, হিংসা সৃষ্টিৰে এটা চক্ৰই ন্যস্তস্বাৰ্থ পূৰণ কৰাত যে লাগি পৰে সেই কথা অস্বীকাৰ কৰিব নোৱাৰি। অন্ধবিশ্বাস বিৰোধ. কাৰ্যসূচীত সমাজৰ এচাম যুক্তিবাদী লোকে নিৰলস প্ৰচেষ্টাৰে ব্ৰতী হৈ আছে যদিও মন কৰিলে দেখা যায় যে এতিয়াও প্ৰায়ে অসমত ডাইনী, সোপাধৰা আদি অপবাদ লৈ নিৰ্যাতন, হত্যা পৰ্যন্ত সংঘটিত হোৱা ঘটনা হৈয়ে আছে। দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাই তাকেই কয়। এইক্ষেত্ৰত অসমৰ সংবাদ মাধ্যমৰ অৱদান যথেষ্ট নহয় বুলিব পাৰি। যি নহওক কিয় এনে অন্ধবিশ্বাস, উৰাবাতৰিৰ আঁৰৰ অন্য কাৰণবোৰৰ লগতে বৰ্তমান চৰকাৰ তথা প্ৰশাসনৰ প্ৰতক্ষ্য পৃষ্ঠপোষকতাত আৰম্ভ হোৱা পূজা -পাতল, যজ্ঞ পতা আদি কাৰ্যৰ দ্বাৰা সাধাৰণ লোকৰ ওপৰত পৰা সামাজিক -মানসিক প্ৰভাৱেও এই ঘটনা বোৰৰ আংশিক প্ৰেক্ষাপট এটা তৈয়াৰ কৰি দিয়া নাই বুলি একেষাৰে ক'ব নোৱাৰি।

    লেখাটোত আঙুলিয়াই দিয়া দৃষ্টিকোণ কেইটা আজিৰ পৰিস্থিতিত খুবেই গুৰুত্বপূৰ্ণ আৰু বাস্তৱ সন্মত। বিশেষকৈ "এই কাণ্ডৰ তাৎক্ষণিক কাৰণ অযুক্তিকৰ অতি বিশ্বাস-অন্ধবিশ্বাসৰ বৃত্তৰ বাহিৰলৈ আহি ঘটনাবোৰ গোষ্ঠীগত-ভাষাগত-ধৰ্মীয় সাম্প্রদায়িকতালৈ সম্প্রসাৰিত হৈ পৰে। এইটোৱেই হৈছে ঘটনাক্রমৰ পৰিকল্পকৰ অভীপ্সিত লক্ষ্য আৰু একান্ত কাম্য। কাৰ্বি আংলঙৰ সকৰুণ ঘটনাটোৰ পাছত একাংশ লোকে কথাটোত গোষ্ঠীগত আৱেগৰ ৰহণ সনা পৰিলক্ষিত হৈছে। “অসমীয়া আক্রান্ত হৈছে অসভ্য জনগোষ্ঠী এটাৰ হাতত”, এই ধৰণৰ নিৰ্বুদ্ধতাৰে ভৰা মত-মন্তব্যও একাংশ মানুহে প্রদান কৰা দেখা গৈছে। এই কথাটোৱে প্রতিক্রিয়াশীল মহলটোৰ উদ্দেশ্য সফল কৰাত যে সহায় কৰিব, তাত সন্দেহ নাই।"

    আৰু
    "নাগৰিকত্ব সংশোধনী বিলখনৰ প্রতিমুখে থিয় দিয়া অসমীয়া জাতীয়তাক অন্য দিশে ঢাল খুৱাবলৈ কোনো প্রচেষ্টা এই সাম্প্রতিক ঘটনাৱলীৰ মাজেদি কোনোবাই কৰিবলৈ যত্ন কৰিছে নেকি, সেইটো কথাও লক্ষনীয় হ'ব।"
    সম্ভাৱনাটো আজিৰ পৰিস্থিতিত ভৱাৰ থল নিশ্চয় নথকা নহয়।

    আনহাতে ঘটি যোৱা নৃশংস আৰু মৰ্মস্তুদ ঘটনাটোৰ পিছত আমাৰে মাজৰ এচাম শিক্ষিত (!) লোকে কৰা প্ৰতিক্ৰিয়া সমানে অমানৱিক আৰু তৰাং আৱেগিক চিন্তা তথা জাতি ধ্বংশী অহমিকাৰ প্ৰতিফলন বাদে একো নহয়। মনকৰিবলগীয়া "কাৰ্বি আংলঙৰ ঘটনাটোৰ পাছত বহুতো লোক এতিয়া আক্রান্ত অসমীয়া গোষ্ঠীগত আৱেগত। “ভৈয়ামলৈ আহিলে চাই ল’ম”, “সিহঁত সঁচাই জংঘলী” আদি ভয়ংকৰ জিঘাংসাৰে ভৰা মন্তব্যও চকুত পৰিছে। অথচ, দুদিনমানৰ আগলৈকে সেই একেখিনি মানুহেই উৎসাহেৰে “সোপাধৰা”-ৰ উৰাবাতৰি ফেইচবুক-ৱাট্‌চেপৰ যোগেদি প’ষ্ট-ফৰোৱাৰ্ড কৰি আছিল! এইসকল লোক সমগ্র পৰিকল্পনাটোৰ অসচেতন ক্রীড়নক। তেওঁলোকে উৰাবাতৰি এটি পালে বাচ-বিচাৰ নকৰাকৈ আনলৈ প্রেৰণ কৰে; ঘটনা এটা ঘটাৰ পাছত চিন্তাহীনভাৱে মত-মন্তব্য প্রদান কৰে। তেওঁলোক যে বিৰাট-বিশাল এক প্রতিক্রিয়াশীল চক্রৰ দ্বাৰা ব্যৱহৃত, সেইটো তেওঁলোকে নিজে গমেই নাপায়। পৰিহাসৰ কথা, তেওঁলোকে সমগ্র ঘটনাটো অমানৱীয় (ঘটনাটো যে অমানৱীয়, সেইটো সঁচা) বুলি কৈ, অপৰাধীক যিবোৰ শাস্তিৰ দিহা দিছে, তাত মানৱীয়তাৰ বিপৰীতে জঘন্য পৈশাচিক-প্রতিশোধাত্মক জিঘাংসাহে প্রতিফলিত হৈছে। সময়ে সময়ে তেখেতসকলেই হৈছে অপৰাধীক “ৰাইজ”-ৰ হাতত এৰি দি মুণ্ডচ্ছেদ, লিংগচ্ছেদ আদিৰ দৰে অসভ্য-বৰ্বৰ শাস্তি-প্রদানৰ অমানৱীয় পন্থা এটাৰ প্রবক্তা। আজি এইসকল লোকে অমানৱীয় গণ-উন্মাদনাক ধিক্কাৰ দিছে, কিন্তু ভিন্ন পৰিৱেশত তেওঁলোকেই গণ-উন্মাদনাৰে হাতত অস্ত্র তুলি ভয়ংকৰ কাণ্ড ঘটোৱাৰ সম্ভাৱনা আছে। সেয়েহে, সমূহীয়া প্রচেষ্টাৰে তেনে লোকসকলৰ মাজত সজাগতা অনাটোও বৰ জৰুৰী হৈ পৰিছে।"

    লেখাটোৰ লগত সম্পূৰ্ণ একমত হৈ নিজা মন্তব্য হিচাপে কওঁ যে এনে গণ উন্মাদনাৰ আন এক কাৰণ হ'ব পাৰে সাধাৰণ ৰাইজৰ পুলিচ প্ৰশাসনৰ প্ৰতি জন্ম হোৱা গভীৰ বিশ্বাসহীনতা। জনমানসৰ প্ৰথম দৃষ্টিত সততে ৰাজনৈতিক নেতা-পালিনেতাৰ নিৰপত্তাত ব্যস্ত থকা আৰু অপৰাধ তথা প্ৰকৃত অপৰাধীক ৰোধ কৰিবলৈ ব্যৰ্থ হোৱা অথচ 'ঘোচখোৰ', তলৰ পৰা ওপৰলৈকে গেলিব ধৰা বা গেলিবলৈ বাধ্য কৰা পুলিচী প্ৰশাসন যন্ত্ৰটো এইধৰণৰ অৰাজক পৰিস্থিতিৰ দায়ৰ অংশীদাৰ। (তাৰমাজত থকা সংখ্যাত তাকৰ কিছু সৎলোক সকলক ধৰা হোৱা নাই)। ফলত ঘটনাত জড়িত অপৰাধ প্ৰৱণ লোকবোৰৰ ওপৰিও সাধাৰণ লোকেও উন্মাদনাত 'পুলিচৰ হাতত পৰিলে সাৰি হে যাব ' ধৰণৰ ভাৱৰে প্ৰভাৱিত হৈ আইন হাতত তুলি লোৱাত লিপ্ত হৈ পৰে।
    যুক্তিপূৰ্ণ আৰু দ্বায়িত্বশীল এই লেখাটো সকলো স্তৰৰ লোকে পঢ়াটো প্ৰয়োজন।

Leave a Comment

Your email address will not be published. Required fields are marked *