চৰ : ৰেডক্লিফ ৰেখাৰ ইপাৰে আৰু সিপাৰে - (আব্দুল কালাম আজাদ)

আমাৰ বাংলাদেশ ভ্ৰমণৰ অভিজ্ঞতাৰ সৈতে জড়িত এইটো লেখাত আমি বাংলাদেশৰ সামাজিক তথা মানৱ-উন্নয়ন বিষয়ক দিশসমূহ আলোচনা কৰাৰ চেষ্টা কৰিম৷ আমাৰ বাংলাদেশ ভ্ৰমণৰ এটা অন্যতম মূল উদ্দেশ্য আছিল দেশখনে সামাজিক তথা মানৱ-উন্নয়নত যি যুগান্তকাৰী সফলতা লাভ কৰিছে তাৰ বিস্তাৰিত অধ্যয়ন কৰা৷ আমাৰ হোষ্ট সংস্থা ‘ইক’ ছ’চিয়েল ডেভেলপমেন্ট অৰ্গেনাইজেশ্বন, বাংলাদেশ’-এ আমাৰ এই উদ্দেশ্য সফলকামত কৰাত চেষ্টাৰ ত্ৰুটি কৰা নাছিল৷ চৰ বুলি ক’লে আমি অসমীয়া হিচাপে যি প্ৰতিচ্ছবি আমাৰ চকুৰ আগত চিত্ৰায়িত হয়, বাংলাদেশত ঠিক একে ছবি আমি দেখা নাপালো৷ বাংলাদেশ ভ্ৰমণৰ প্ৰায় ৮ মাহ আগতে ধুবুৰী জিলাৰ বাংলাদেশ সীমান্ত সংলগ্ন কিছু চৰ আমি ভ্ৰমণ কৰিছিলোঁ৷ আমাৰ লগত আছিল বিশ্বৰ আগশাৰীৰ সংবাদপত্ৰ ‘দ্য নিউয়ৰ্ক টাইমছ’ৰ ‘ইন্ডিয়া ইঙ্ক’ৰ সম্পাদক বাশ্বাৰাত পীৰ৷ আমাৰ চৰজমিন অধ্যয়নত দেখা পোৱা হৃদয়বিদাৰক প্ৰতিচ্ছবিয়ে আমাক হতাশ কৰিছিল৷ শিক্ষা, স্বাস্থ্য, যাতায়াত ব্যৱস্থা, নাৰী সবলীকৰণ ইত্যাদিৰ বাবে যেন চৰৰ পৰিবেশ তথা পৰিস্থিতি কোনোটোৱে অনুকূল নহয়৷ কিন্তু ধুবুৰীৰপৰা মাত্ৰ এক-ডেৰ শ কিলোমিটাৰ দূৰৈৰ বাংলাদেশৰ চৰাঞ্চল ভ্ৰমণ কৰি আমাৰ সম্পূৰ্ণ এক বিপৰীত অভিজ্ঞতা হৈছিল৷ এই আলোচনাত এইবোৰ কথাকে বিশদভাৱে আলোচনা কৰিবলৈ যত্ন কৰিম৷ প্ৰথমতে লালনিড়হাট জিলাৰ হাতিবান্ধা উপ-জিলাৰ পশ্চিম হালধিবাৰী নামৰ এক প্ৰত্যন্ত চৰৰ কথালৈ আহো ৷ ইক’ছ’চিয়েল ডেভেলপমেন্ট অৰ্গেনাইজেশ্বনৰ জ্যেষ্ঠ প্ৰকল্প বিষয়া আব্দুল মান্নান চাহাবৰ নেতৃত্বত আমি ৰাতিপুৱাতেই পশ্চিম হালধিবাৰীলৈ ৰাওনা হ’লো৷ পাটিকাপাড়া ইউনিয়ন পৰিষদৰ নয়াৰহাটত থকা কাৰ্যালয় চৌহদত আমাৰ দুচকীয়া বাহনসমূহ ৰাখি আমি পদযাত্ৰা আৰম্ভ কৰিলোঁ৷ তিনি কিলোমিটাৰ বাট বালিচৰত খোজ কাঢ়ি তিস্তা নদীৰ পাৰঘাট পাৰ হ’ব লাগিব৷ তিস্তাৰ পানী শুকাবলৈ আৰম্ভ কৰিছে৷ আব্দুল মান্নানে অভিযোগ মানি ল’লে, পশ্চিমবংগৰ মমতা দিদিৰ চৰকাৰে প্ৰয়োজনতকৈ বহু কম পৰিমাণৰ পানীহে এৰি দি আছে৷ বাৰিষাত তিস্তাৰ পানীয়ে কিন্তু আজিও সজোৰে তৰ্জন-গৰ্জন কৰি তান্ডৱ চলাবলৈ নেৰে৷ আমি বালিচৰৰ মাজেৰে খোজ কাঢ়ি গৈ থাকিলো৷ কহুঁৱা বন, গুল্মজাতীয় ঝাওবন, ক’ৰবাত আকৌ উদ্বাস্তু একো একোজোপা মেটেকা বালি মাটি খামুচি পৰি আছে৷ আমাৰ কেৰেলাৰ সহকৰ্মীয়ে মেটেকা ফুলৰ প্ৰতিচ্ছবি কেমেৰাত বন্দী কৰিলে৷ সকলোতকৈ চকুত লগা দৃশ্য আছিল, সু-বিস্তাৰিত শংকৰ প্ৰজাতিৰ ধাননি৷ অসমৰ চৰত কাহানিও সেই প্ৰজাতিৰ ধান আমি দেখা মনত নপৰিল৷ কিছু নিলগত ট্ৰেক্টৰ লগাই চৰৰ মাটি চহাই থকা দেখা পাই আব্দুল মান্নান চাহাবক সুধিলোঁ, “এতিয়া কিহৰ বতৰ? কি লগাব?” থাইলেন্ডৰপৰা আমদানিকৃত মাকৈৰ সংকৰ প্ৰজাতিৰ বিজ ৰোপণ কৰিব৷ প্ৰতিকূল পৰিস্থিতিতো ভাল ফলন হয়৷ কিন্তু যি সময়ত গোটেই বিশ্বই Sustainable Developmentঅৰ ওপৰত সঘন আলোচনা কৰি আছে সেই সময়ত সংকৰ প্ৰজাতিৰ বিজ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কিমান সমীচীন সেয়া কোৱা মুস্কিল; কিন্তু বাংলাদেশৰ দৰে দেশ এখনে দৰিদ্ৰতা দূৰীকৰণৰ বাবে হয়তো ইয়াৰ প্ৰয়োগৰ বিকল্পও নাই৷ তিস্তা পাৰ হৈ, পাৰে পাৰে আৰু প্ৰায় দুই কিলোমিটাৰ খোজ কাঢ়ি গৈ পশ্চিম হালধিবাৰীত উপস্থিত হ’লো৷ প্ৰায় পাঁচশ পৰিয়ালৰ বাসস্থান এই অস্থায়ী ভূখন্ড৷ আমাক ই এছ ডি অ’ আৰু প্লান বাংলাদেশৰ সংহত সামাজিক উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত বহিবলৈ দিলে৷ আটকধুনীয়া আচবাব-পত্ৰ, সৌৰশক্তিচালিত পাংখা তথা অন্যান্য বিদ্যুৎচালিত সা-সৰঞ্জামেৰে সেয়া চহৰাঞ্চলৰ কোনোবা আধুনিক কাৰ্যালয়তকৈ কোনোগুণে কম নহয়৷ কাৰ্যালয়ৰ বিষয়াবৰ্গৰ লগত পৰিচয় হৈ প্ৰকল্পৰ মূল বিষয়সমূহ বুজি লোৱাৰ চেষ্টা কৰিলোঁ৷

দিনটোৰ কাৰ্যসূচী মতে আমি ঠিক বাৰ বজাত পশ্চিম হালধিবাৰী প্ৰাথমিক বিদ্যায়লত উপস্থিত হ’লো৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্বামিম কবিৰ পাটোৱাৰীয়ে আমাক উষ্ম আদৰণি জনালে৷ বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলো উপস্থিত হ’ল৷ পৰিচয় পৰ্ব শেষ কৰিয়ে আমি মূল কথালৈ আহিলো৷ বিদ্যালয় পৰিচালনা সমিতিয়ে তেওঁলোকৰ কাৰ্যবিৱৰণী আমাৰ আগত বৰ্ণনা কৰি গ’ল৷ প্ৰত্যন্ত চৰৰ অশিক্ষিত বা নামমাত্ৰ শিক্ষাৰে শিক্ষিত অবিভাৱকসকলৰ শিক্ষাৰ প্ৰতি থকা আগ্ৰহ আৰু গাম্ভীৰ্য প্ৰত্যক্ষ কৰি আমি আচৰিত হ’লো৷ বছৰৰ আৰম্ভণিতে পৰিচালনা সমিতিয়ে বছৰটোৰ বাবে বিদ্যালয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰে আৰু আৰু গোটেই বছৰ সেই আকাংক্ষিত লক্ষ্যত উপনীত হ’বলৈ কাম কৰি যায়৷ প্ৰধান শিক্ষকৰ কাৰ্যালয়ৰ দেৱালত আঁৰি থোৱা তেনে এটি ‘লক্ষ্য’ই আমাৰ দৃষ্টি আকৰ্ষণ কৰিলে – “অঞ্চলৰ এশ শতাংশ শিশু ভৰ্তি হ’ব আৰু পঞ্চম শ্ৰেণীলৈকে সকলো শিক্ষাৰ্থীয়ে শ্ৰেণীভিত্তিক নিৰ্ধাৰিত যোগ্যতা অৰ্জন কৰি পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ হ’ব৷” কেৱল লক্ষ্য নিৰ্ধাৰণেই নহয়, মাহেকীয়া অগ্ৰগতিৰ খতিয়ানো দেৱালত আঁৰি থোৱা আছে৷ প্ৰধান শিক্ষকসহ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে আমাক শ্ৰেণীকোঠা পৰিদৰ্শন কৰিবলৈ লৈ গ’ল৷ তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰে ঠাহ খাই থকা বিদ্যায়লয়ৰ প্ৰত্যেকটো শ্ৰেণীকোঠাত পূৰ্ণ গতিত পাঠদান চলি আছিল৷ প্ৰত্যন্ত চৰৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ চকুত লগা উপস্থিতিৰ আঁৰত কেৱল পৰিচালনা সমিতিৰ এশ শতাংশ নামভৰ্তিৰ বছৰেকীয়া ‘লক্ষ্য’ই একমাত্ৰ কাৰণ নাছিল৷ পশ্চিম হালধিবাৰী চৰৰ লগতে বাংলাদেশৰ বিভিন্ন পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বাংলাদেশ চৰকাৰে সাৰ্বজনীন বৃত্তিৰ ব্যৱস্থা কৰিছে৷ বিভিন্ন এন জি অ’ তথা সামাজিক প্ৰতিষ্ঠানে বিদ্যালয়-বহিৰ্ভূত শিশুৰ সংখ্যা হ্ৰাস কৰাৰ বাবে বিশেষ কাৰ্যাৱলী গ্ৰহণ কৰিছে৷ আমাৰ হোষ্ট সংস্থা ই এছ ডি অ’-ই এই বিদ্যালয়ত দুজনকৈ শিক্ষা সেচ্ছাসেৱক নিয়োগ কৰিছে৷ প্লান ইন্টাৰনেশ্বনেলৰ বাংলাদেশ শাখাই বাৰিষা কালত ছাত্ৰ-ছাত্ৰীৰ যাতায়াতৰ বাবে বিশেষ নাৱৰ ব্যৱস্থা কৰি দিছে৷ জামালপুৰ জিলাৰ এখন চৰত বিশ্বৰ অন্যতম বৃহত্তম এন জি অ’ ব্যাকৰ ‘শিক্ষাতৰী’ নামৰ এক বিশেষ ভাসমান বিদ্যালয় আমি প্ৰত্যক্ষ কৰিছিলোঁ৷ ২০১৩ চনত ‘দ্য নিউইয়ৰ্ক টাইমছ’-এ বাংলাদেশৰ ‘শ্বিধুলাই স্বনিৰ্ভৰ সংস্থা’ নামৰ এন জি অ’ৰ ভাসমান বিদ্যালয়ৰ প্ৰশংসা কৰি এক বিশেষ প্ৰতিবেদন প্ৰকাশ কৰিছিল৷ প্ৰতিবেদনটোৱে উল্লেখ কৰিছিল যে উক্ত এন জি অ’টোৱে ২০১৩ চনলৈকে সত্তৰ হেজাৰ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিছে৷ চলিত পাঁচ বছৰত (২০১৩-২০১৮) সংস্থাটোৱে আৰু এক লাখ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হ’ব৷ বাংলাদেশৰ চৰাঞ্চলত এনে বহু সামাজিক সংস্থাই শিক্ষাৰ লগতে বিভিন্ন সমাজ উন্নয়নমূলক কাম-কাজেৰে চৰবাসীৰ কষ্ট লাঘৱ কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে৷ যিটো আমি ধুবুৰী বা বৰপেটাৰ চৰত দেখা নাপাওঁ৷
sikhay-tori-of-brac
যি কি নহওক, আমি পশ্চিম হালধিবাৰী প্ৰাথমিক বিদ্যালয়লৈ উভতি আহোঁ৷ চৰত বিদ্যুৎ যোগান নাই বুলি আমি আগতেই উল্লেখ কৰিছো৷ প্ৰতিকূল প্ৰাকৃতিক পৰিস্থিতিৰ বাবে বিদ্যুতৰ আশাও কৰিব নোৱাৰি৷ কিন্তু চৰৰ বিদ্যালয়ৰ শৌচাগাৰত ফ্লাছ টয়লেট দেখিহে তবৎ মানিবলগীয়া হ’ল৷ ঊৰ্ধ্বমুখী হেন্ড পাম্পৰ জৰিয়তে পানী টেংকিত জমা ৰখাৰ ব্যৱস্থা কৰিছে৷ যিসময়ত অসমৰ চৰৰ বিদ্যালয়ত দমকলতো দূৰৰে কথা, পায়খানা বিচাৰি পোৱা টান সেই সময়ত বাংলাদেশী চৰৰ বিদ্যালয়ত এই সা-সুবিধা দেখি আচৰিত নহৈ নোৱাৰিলোঁ৷ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে পৰিচালনা সমিতিৰ সদস্য-সদস্যাসকলৰ সৈতে আমি এক দীৰ্ঘ সময় অতিবাহিত কৰিলোঁ৷ হঠাৎ দেখা পালো, প্ৰায় বিছজনীয়া কণ কণ ছাত্ৰ ছাত্ৰীৰ দল এটাই হালধীয়া টি শ্বাৰ্ট পিন্ধি খেলপথাৰৰ এটা চুকত একত্ৰিত হৈ আছে৷ প্ৰধান শিক্ষক পাটোৱাৰী চাহাবে আমাক তালৈকে লৈ গ’ল৷ ইউনিচেফৰ সহযোগত স্থানীয় সংস্থা এটাই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক নিৰাপদ সাঁতোৰৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে৷ আমাৰ অত্যুৎসাহী সহকৰ্মী নিহাদ, বিজু আৰু মনোজেও ছাত্ৰ-ছাত্ৰীৰ লগত জীৱন দক্ষতাৰ প্ৰশিক্ষণৰ ‘ৱাৰ্মআপ ছেশ্বন’ত ভাগ ল’লে৷ বাংলাদেশত গড় হিচাপত প্ৰতিদিনে ৫০জনকৈ শিশু পানীত ডুবি মৃত্যুবৰণ কৰে৷ অসমৰ চৰতো যে এই হাৰ কোনোগুণে কম নহ’ব সেয়া ধুৰুপ৷ কিন্তু আমাৰ চৰত সাঁতোৰ প্ৰশিক্ষণ বা সচেতনতা বৃদ্ধিৰ বাবে কোনো কাৰ্যকৰী ব্যৱস্থা লোৱাৰ খবৰ কেতিয়াবা শুনিছিলো বুলি মনত নপৰে৷ মাতৃ আৰু শিশু স্বাস্থ্য বিষয়ক ই এছ ডি অ’ৰ এক প্ৰকল্পৰ অধীনত বাংলাদেশৰ এক বৃহৎ এলেকাত ‘মাতৃ সভা’, ‘চোতাল বৈঠক’, ‘উন্নয়নৰ বাবে নাটক’ আদিৰ জৰিয়তে সজাগতা বৃদ্ধিৰ বাবে অহৰহ প্ৰচেষ্টা চলাই থকা হৈছে৷

life-skill-training

মন কৰিবলগীয়া কথাটো হ’ল যে অসমৰ চৰ আৰু বাংলাদেশৰ চৰৰ মাজত ভৌগোলিক কোনো অমিল নাই, মানুহৰ জীৱন-জীৱিকা, সংস্কৃতি আদিৰো কোনো বিশেষ অমিল নাই, এনেকি সমস্যাৰো কোনো পাৰ্থক্য নাই৷ কিন্তু অমিল এটাই – আজি বাংলাদেশৰ চৰ বিশ্বৰ আগশাৰীৰ উন্নয়ন সংস্থাসমূহৰ বাবে গৱেষণাগাৰত পৰিণত হৈছে আৰু আমাৰ চৰসমূহ দৰিদ্ৰতা, পুষ্টিহীনতা, নিৰক্ষৰতা, কু-সংস্কাৰ আদিৰ যাদুঘৰত পৰিণত হৈছে৷ কিন্তু কিহৰ বাবে? অসমৰ চৰত ‘চৰ জীৱিকা কৰ্মসূচী’ৰ দৰে প্ৰকল্পৰ উদ্ভাৱন কিয় নহয়? এই জটিল প্ৰশ্নৰ উত্তৰ বিচৰাৰ আগতে বাংলাদেশৰ জামালপুৰত লাভ কৰা আমাৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি লোৱা যাওক৷ ঠাকুৰ গাঁৱৰপৰা ৰংপুৰ হৈ গাইবান্ধা জিলাৰ ফেৰীঘাটৰপৰা যন্ত্ৰচালিত নাৱত ব্ৰহ্মপুত্ৰৰ বুকুৰে আমি জামালপুৰ জিলাৰ দেৱানগঞ্জ উপজিলালৈ যাত্ৰ কৰিছিলোঁ৷ দেৱানগঞ্জত এসপ্তাহ থাকি ই এছ ডি অ’ আৰু Char Livelihood Programmeঅৰ চৰ উন্নয়নমূলক প্ৰকল্পসমূহ অধ্যয়ন কৰাৰ পৰিকল্পনাৰে এই যাত্ৰা৷ সুবিশাল ব্ৰহ্মপুত্ৰৰ (বাংলাদেশত যমুনা নাম লৈছে) এটি আলোকচিত্ৰ আমি জনপ্ৰিয় ছ’চিয়েল মেডিয়া ফে’চবুকত আপলোড কৰিছিলোঁ৷ আই আই টি গুৱাহাটীৰ গৱেষক বন্ধু এজনে ‘ধুবুৰীৰ দৰে’ বুলি মন্তব্য কৰাত ধুবুৰীৰপৰা বেছি দূৰ নহয় বুলি আমি জনালোঁ৷ পিছ মুহূৰ্তত তেওঁ আকৌ মন্তব্য কৰিলে – “Enter India then . . . just like so-called ‘bangladeshi ghuspaithi’ hahahaha”৷ নিজকে কিছু সময়ৰ বাবে হালধিবাৰী চৰৰ এজন বাসিন্দা হিচাপে কল্পনা কৰি বৰপেটাৰ সুঁতিৰ চৰলৈ প্ৰব্ৰজিত হোৱাৰ কথা ভাবিলোঁ৷ সঁচাকৈ, বাংলাদেশী হত-দৰিদ্ৰ চৰবাসী এজন অসমৰ চৰত গৈ আশ্ৰয় ল’বনে? আমাৰ মনে সদৰ্থক উত্তৰ বিচাৰি নাপালে৷ প্ৰায় তিনি ঘন্টাৰ যাত্ৰাৰ অন্তত দেৱানগঞ্জৰ পাৰঘাটত আমাৰ নাও উপস্থিত হ’ল৷ আমাক আগুবঢ়াই নিয়াৰ বাবে ESDO-CLP প্ৰকল্পৰ কৰ্মীবৃন্দ আহি পাৰঘাটত ৰৈ আছিল৷ দেৱানগঞ্জ ব্ৰহ্মপুত্ৰৰ চাপৰিৰ এখন সৰু মফছল এলেকা৷ আধুনিক সা-সুবিধা থকা কাৰ্যালয়ৰ লগতে থকা আলহী কক্ষত আমাৰ তিনিজনৰ থকাৰ ব্যৱস্থা কৰি দিলে৷ আমাৰ মহিলা সহকৰ্মী ছৈয়দা নিহাদ ফাৰহিনক মহিলা কৰ্মীৰ ভাৰাঘৰত থাকিবলৈ দিলে৷ সন্ধিয়া প্ৰকল্প বিষয়াৰ লগত আলোচনা কৰি পিছদিনা ৰাতিপুৱাৰপৰাই কামত লাগি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ৷ নিহাদৰ বাবে মহিলা কৰ্মীয়ে ইলিচ মাছ আনি ৰাখিছিল৷ পদ্ধাৰ ইলিচৰ লোভে হয়তো তাইক অকলে থাকিবলগীয়া হোৱাৰ বেজাৰ পাহৰাই ৰাখিছিল । পিছদিনাই ৰাতিপুৱাই আমি বাহাদুৰাবাদৰ মদন চৰৰ ‘সাপ্তাহিক সামাজিক উন্নয়ন’ সভাত উপস্থিত হ’লো৷ ESDO-CLPয়ে চৰৰ দৰিদ্ৰতম পৰিয়ালবোৰক সামৰি লৈ এই প্ৰকল্প বাস্তৱায়িত কৰি আছে৷ চি এল পিয়ে বাংলাদেশৰ ছখন চৰ অধ্যুষিত জিলাত দৰিদ্ৰতা দূৰীকৰণৰ লগতে সামাজিক উন্নয়নৰ বাবে কাম কৰি আছে৷ প্ৰত্যেকটো হিতাধিকাৰী পৰিয়ালক দৰিদ্ৰতাৰপৰা উদ্ধাৰ কৰিবলৈ বিভিন্ন পৰ্যায়ত সহায় আৰু সহযোগ কৰি ১৮ মাহৰ ভিতৰত স্বাৱলম্বী কৰি তোলাৰ প্ৰয়াস কৰা হয় আৰু চি এল পিয়ে এতিয়ালৈকে এক বিশাল সাফল্য লাভ কৰিবলৈ সক্ষমো হৈছে৷ আমি অংশগ্ৰহণ কৰা সভাত সেইদিনাৰ কাৰ্যসূচীমতে চৰকাৰী বিভাগসমূহৰ বিষয়ে চৰৰ মহিলাসকলক শিক্ষা দি থকা হৈছিল৷ ৪৫ সপ্তাহৰ বাবে চি এল পিয়ে এক বিশেষ পাঠ্যক্ৰম সৃষ্টি কৰি প্ৰত্যেক সপ্তাহত চৰবাসীক বিভিন্ন বিষয়, যেনে- চৰকাৰৰ বিভিন্ন বিভাগ আৰু নাগৰিক অধিকাৰ, পঞ্চায়ত, শিক্ষা, স্বাস্থ্য, পৰিয়াল পৰিকল্পনা, পশুপালন ইত্যাদিৰ ওপৰত শিক্ষা প্ৰদান কৰা হয়৷ সভাত উপস্থিত থকা মহিলাসকলে আমাক জনালে যে তেওঁলোকে প্ৰত্যেকে এই প্ৰকল্পৰপৰা এটা ঘৰ (প্ৰয়োজন ঘৰৰ ভেটিত মাটি পেলাই ওখ কৰাও হৈছে), এখন পাচলিৰ বাগিছা, এটা অনাময় পায়খানা, এটা পচন সাৰ সৃষ্টি কৰা গাঁত তথা চালি আৰু এজনী গাই গৰু লাভ কৰিছে৷ গো-পালনৰ বাবে প্ৰথম ১ বছৰ ৭৫০ টাকা আৰু পৰৱৰ্তী ৬ মাহ ৬০০ টাকা মাহেকীয়া ভাট্টাও লাভ কৰি আছে৷ ১৮ মাহৰ ভিতৰত যিকোনো প্ৰকাৰে পৰিয়ালটোক দৰিদ্ৰতাৰ পঙ্কিল চক্ৰৰপৰা যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিবই লাগিব৷ সভা শেষ কৰি আমি চৰৰ আৰু কিছু পৰিয়ালক লগ কৰিবলৈ গ’লো৷ এঘৰত আমি কথা পাতি থাকোতে এগৰাকী যুৱতীয়ে হাতত ডাঙৰ বহী এখন লৈ ক’ৰবাৰপৰা আহিল৷ আমাৰ লগত থকা ESDO-CLPৰ কৰ্মকৰ্তাজনে পৰিচয় কৰাই দিলে – এখেত “পুষ্টি বাইদেউ”৷ প্ৰকল্প চলি থকা প্ৰত্যেকটো চৰত একোজনকৈ পুষ্টি কৰ্মীয়ে প্ৰত্যেকজন চৰবাসীৰ ঘৰে ঘৰে গৈ পুষ্টিহীনতাৰ লক্ষ্যণ, কাৰণ আৰু প্ৰতিকাৰৰ বাবে সচেতনতা বৃদ্ধি কৰি আছে৷ গোটেই দিনটো বিভিন্ন এলেকা পৰিদৰ্শন কৰি এনেকুৱা অনুভৱ হ’ল যেন দৰিদ্ৰতা, পুষ্টিহীনতা, নিৰক্ষৰতা, বাল্য বিবাহ, এনেকি নিবনুৱা সমস্যাৰ বিৰুদ্ধে এক বিৰাট যুদ্ধহে চলি আছে আৰু যি যুদ্ধ যিকোনো মূল্যৰ বিনিময়ত জয়ী হ’বই লাগিব৷

social-development-meeting-collecting-rice-for-non-beneficiary-poor-as-a-community-safety-net

পিছদিনা চাৰুমখাৱাৰ মৌলবীৰ চৰলৈ গ’লো৷ তাতো একে পৰিস্থিতি৷ প্ৰত্যন্ত চৰ৷ প্ৰথমতে আমাক এটা বিশেষ প্ৰশিক্ষণ শিবিৰলৈ লৈ যোৱা হ’ল৷ নৱবিবাহিত দম্পতিক পৰিয়াল পৰিকল্পনা, নাৰী সবলীকৰণ, নাৰী অধিকাৰ, বৰ্ধিত আয় ইত্যাদিৰ ওপৰত প্ৰশিক্ষণ দি থকা হৈছিল৷ ইছলামিক ষ্টাডিজৰ স্নাতোকত্তৰ ডিগ্ৰিধাৰী প্ৰশিক্ষক আবু বাক্কাৰ ছিদ্দিকে সাৱলীলভাৱে ধৰ্মীয় নীতি-নিৰ্দেশনাৰ অধীনত কিদৰে সুস্থ আৰু সৰ্বাঙ্গসুন্দৰ দাম্পত্য জীৱন গঢ়িব পাৰি তাৰ ওপৰত গুৰুত্ব দি এক বিশেষ বক্তব্য প্ৰদান কৰিলে৷ ধৰ্মীয় আনুগত্যক কিদৰে উন্নয়নৰ কামত লগাব পাৰি তাৰ এক সুন্দৰ উদাহৰণ আমি প্ৰত্যক্ষ কৰিলোঁ৷ কেৱল সেয়াই নহয়, আমি প্ৰত্যক্ষ কৰিছিলো কিদৰে বাংলাদেশ চৰকাৰৰ বিভিন্ন প্ৰচাৰপ্ৰত্ৰৰ জৰিয়তে ধৰ্মীয় নেতৃত্বক চৰৰ উন্নয়নমূলক কামত ব্যৱহাৰ কৰি আছে৷ যি সময়ত আমাৰ দেশত ‘স্বচ্ছ ভাৰত অভিযান’ৰ নামত ৰাজনৈতিক দলৰ ৰথী-মহাৰথীৰ নাটকৰ অন্ত নাই, সেই সময়ত মৌলবীৰ চৰৰ আন এটা সভাত আমি এক ভিন্নধৰ্মী অভিজ্ঞতা লাভ কৰিলোঁ৷ ১০০ শতাংশ অনাময় পায়খানাৰ লক্ষ্যত চৰবাসী কিদৰে উপনীত হ’ল সেয়া জানিবলৈ বৰ ইচ্ছা গ’ল৷ এই সাফল্যৰ আঁৰৰ ৰহস্য জানিব বিচৰাত পঞ্চাশোৰ্ধ মহিলা এগৰাকীয়ে টপৰাই উত্তৰ দিলে, “আমাৰ এটা সিদ্ধান্তই এই লক্ষ্যত উপনীত হ’বলৈ সহায় কৰিছে, সেয়া হ’ল – চকীদাৰৰ মল-মূত্ৰ সভাপতিক ভক্ষণ কৰিবলৈ নিদিওঁ।” মানুহজনীৰ লেগামহীন কথাত আচৰিত নহৈ নোৱাৰিলোঁ৷ তথাপিও সুধিলো, “সেয়া কেনেকৈ?” আমাৰ প্ৰশ্নৰ উত্তৰ দি ক’লে যে তেওঁলোকে প্ৰথমতে চৰৰ আটাইতকৈ দুখীয়া পৰিয়ালবোৰক টাৰ্গেট কৰি লৈছিল; যাতে কোনো কাৰণতে এটা পৰিয়ালো সম্পূৰ্ণ অনাময়ৰ বাহিৰত নাথাকে৷ এটা খোলা পায়খানাই গোটেই চৰবাসীৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি হ’ব পাৰে৷ খোলা পায়খানাৰ মল-মূত্ৰৰ জৰিয়তে বিয়পিব পৰা বেমাৰ আজাৰৰপৰা আঁতৰত থকাৰ এইটোৱে আটাইতকৈ ফলপ্ৰসূ উপায়৷

toitel-at-lp-school-in-char

কিন্তু অসমৰ কোনোবা চৰত ‘স্বচ্ছ ভাৰত অভিযান’ৰ অধীনত এনে কোনো কাম কৰা হৈছেনে যাৰদ্বাৰা চৰবাসীক অনাময়ৰ প্ৰয়োজনীয়াতা উপলব্ধি কৰাব পৰা হৈছে? ‘The Economist’ নামৰ আলোচনীয়ে বাংলাদেশৰ ওপৰত প্ৰকাশ কৰা এটা বিশেষ প্ৰতিবেদনত উল্লেখ কৰিছিল যে বাংলাদেশে সমাজৰ নিম্নবৰ্গৰ মানুহৰ জীৱনধাৰণৰ মান উন্নত কৰাত এক যুগান্তকাৰী সফলতা লাভ কৰিছে৷ আজিৰ তাৰিখত প্ৰায় আাটাইবোৰ গুৰুত্বপূৰ্ণ মানৱ উন্নয়ন সূচক, যেনে, Maternal Mortality Rate, Infant Mortality Rate, Life Expectancy ইত্যাদিত বাংলাদেশে ভাৰততকৈ ভাল ফলাফল প্ৰদৰ্শন কৰি আছে৷ অকল অসমৰ পৰিসংখ্যাৰ লগত তুলনা কৰিলে এই ব্যৱধান আৰু বেছি৷ অসমৰ এজন শিশুৰ আকাংক্ষিত আয়ু বাংলাদেশৰ এজন শিশুৰ আকাংক্ষিত আয়ুতকৈ প্ৰায় দহ বছৰ কম! বাংলাদেশৰ এই চমকপ্ৰদ সাফল্যত আমাৰ প্ৰাক্তন কেন্দ্ৰীয় গ্ৰাম উন্নয়ন মন্ত্ৰী জয়ৰাম ৰমেশে কৈছিল যে সমাজ পৰিবৰ্তনৰ বাবে উচ্চ অৰ্থনৈতিক বৃদ্ধিলৈ অপেক্ষা কৰাৰ কোনো প্ৰয়োজন নাই আৰু বাংলাদেশে সেয়া কৰি দেখুৱাইছে৷ কিন্তু অসমৰ চৰত আৰ্থ-সামাজিক পৰিবৰ্তনৰ যাত্ৰা আৰম্ভ নোহোৱাৰ কাৰণ কি? বাংলাদেশৰ চৰবাসীৰ বাবে যদি পশ্চিমীয়া দেশ তথা ৰাষ্ট্ৰসংঘৰ উন্নয়নকামী সংস্থাসমূহে অহৰহ প্ৰচেষ্টা কৰি যাব পাৰে, অসমৰ চৰবাসীৰ বাবে কিয় নোৱাৰে? অসমৰ চৰবাসীয়ে কি অপৰাধ কৰিছে? এইখিনিতে এটা ঘটনা মনত পৰিছে, মোৰ সহকৰ্মী মনোজে দেৱানগঞ্জত ৰাষ্ট্ৰসংঘৰ “World Food Programme”অৰ বিষয়াসকলৰ লগত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি WFPৰ Logo অংকিত গাড়ীত আগত থিয় হৈ ফটো উঠিলে৷ WFPয়ে, দেৱানগঞ্জ সমন্বিতে বাংলাদেশৰ এক বৃহৎ এলেকাত কাম কৰি আছে৷ বিশেষকৈ বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক খাদ্য যোগান ধৰি আছে৷ মনত এক বুজাব নোৱৰা কষ্ট অনুভৱ কৰিলোঁ৷ যি সময়ত এজন অসমীয়াই WFPৰ গাড়ীৰ আগত থিয় হৈ ফটো উঠি আত্মতৃপ্তি লাভ কৰিছে, ঠিক প্ৰায় একে সময়তে অসমৰ গোৱালপাৰা জিলাৰ বানপীড়িতৰ ওপৰত অসম আৰক্ষীয়ে বৰ্বৰভাৱে আক্ৰমণ চলাইছে৷ বানপীড়িতৰ অপৰাধ আছিল যে তেওঁলোকে উপযুক্ত সাহায্যৰ দাবী কৰিছিল৷ অসমৰ বানপীড়িতৰ বাবে WFPএ কিয় কাম কৰিব নোৱাৰে? অসমৰ বানপীড়িত বা চৰবাসীৰ দুৰ্দশাক লৈ কোনেও চিন্তা কিয় নকৰে? আচলতে কেৰোণটো ক’ত? আমি আজিৰ আলোচনাৰ আৰম্ভণিতে ধুবুৰীৰ চৰাঞ্চল ভ্ৰমণ কৰাৰ কথা উল্লেখ কৰিছিলো৷ বাশ্বাৰাত পীৰ চাহাবৰ লগত ধুবুৰী জিলাৰ বাংলাদেশ সীমান্তৰ চৰসমূহ ভ্ৰমণ কৰি আহি গুৱাহাটীত কিছু দল-সংগঠনৰ কৰ্মকৰ্তাৰ সৈতে আলোচনা কৰিছিলোঁ৷ তেনে এটি আলোচনাত, চৰ-চাপৰিৰ এজন যুৱ-নেতাই চৰৰ মানুহৰ দুৰ্দশাৰ কথা পীৰ চাহাবৰ আগত বৰ্ণনা কৰি আছিল৷ তেখেতে কিছু সময় মনযোগ দি শুনি ওলোটাই প্ৰশ্ন কৰিলে, “আপুনি সেই দুৰ্গতসকলৰ বাবে কি কৰিছে?” যুৱ নেতাৰ মুখৰ বৰণ পৰিবৰ্তন হৈ গ’ল৷ “আজি পৃথিৱীৰ কেইজন মানুহে অসমৰ চৰবাসীৰ অৱস্থাৰ কথা গম পায়? আপোনাৰ সমস্যাৰ কথা বেলেগে কিয় ক’বলৈ যাব?” কেৱল সেই যুৱ নেতাজনেই নহয়, আচলতে পীৰ চাহাবৰ প্ৰশ্নবোৰৰ উত্তৰ দিবৰ জোখাৰে আমি সমাজজীৱনৰ লগত জড়িত কেইজন ব্যক্তিয়ে কাম কৰিছোঁ? আমাৰ দায়বদ্ধতা কেৱল চৰকাৰ বা শাসক শ্ৰেণীক সমালোচনা কৰোতেই শেষ হৈ যায়নে? আমি বাংলাদেশৰ চৰ-চাপৰি ভ্ৰমণ কৰি গভীৰভাৱে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছোঁ যে আচলতে অসমৰ চৰবাসীৰ দুৰ্দশাৰ কাৰণ প্ৰতিকূল প্ৰাকৃতিক পৰিবেশ নহয়, বৰঞ্চ চৰকাৰ, ৰাজনৈতিক তথা সামাজিক নেতৃত্বৰ অনীহা আৰু পৰিকল্পতিত বৈষম্যমূলক আচৰণহে ইয়াৰ বাবে দায়ী৷ আজিৰ অসমৰ চৰৰ আৰ্থ-সামাজিক পৰিস্থিতিত অকল ৰাজনৈতিক একত্ৰীকৰণে সমস্যাৰ সমাধান কৰিব বুলি আমাৰ মনে নকয়; বাংলাদেশী চৰৰ দৰে ইয়াতো স্থিতাৱস্থাৰ পৰিবৰ্তনৰ বাবে সামাজিক আৰু মানৱ উন্নয়নমূলক এক বিপ্লৱ অপৰিহাৰ্য৷

Share Button
Print Friendly, PDF & Email

No Comments : "চৰ : ৰেডক্লিফ ৰেখাৰ ইপাৰে আৰু সিপাৰে - (আব্দুল কালাম আজাদ)"

Leave a Comment

Your email address will not be published. Required fields are marked *