স্থানীয় সাহিত্যানুষ্ঠান : উদ্দেশ্য আৰু কৰণীয়-(গিৰীশ্চন্দ্ৰ ভট্টাচাৰ্য্য)

Read everyday something no one else is reading.

Think everyday something no one else is thinking.

It is bad for the mind to be always part of unanimity.

                                                    – Christopher Morley

যি দিশতেই নাচাওঁ কিয়, ৰাজনীতি-সামাজিক-অৰ্থনীতিয়েই হওক বা সাহিত্য-সংস্কৃতি-আধ্যাত্মিকতাই হওক, সকলো ক্ষেত্ৰতে দেখা যায় সৰু-বৰ নানান সমস্যা, মতদ্বৈধ তথাপি এইবোৰ সমাজৰ সিৰাৰে বৈ থাকে প্ৰতিকূলতা আৰু অনুকূলতাৰ দোঘৰাৰে প্ৰৱেশ কৰি সভ্যতাই আনি দিয়া এই উপাদানবোৰে যিমানে মানৱ সমাজক উন্নতিৰ দিশত আগুৱাই নিছে সিমানে মানুহৰ স্বাভাৱিক গতি-প্ৰকৃতিত নানা বাধা-বিঘিনিৰো সৃষ্টি কৰিছে মানুহে সৃষ্টি কৰা নিয়ম-কানুনে আমাৰ অন্তৰ্জাত ভাব-অনুভূতিবোৰক মূৰ্ততাৰ বিপৰীতে চেপি ৰাখিব খোজে কি যে এক যুক্তিহীন ব্যৱস্থা! মানৱীয়তা, সততা, হৃদ্যতা, প্ৰেম আদি প্ৰমূল্যক বাধ্যবাধকতাৰ মাজত ৰাখিব খুজিলে মৰহি যায়েই আজ্ঞাধীনতা, ঈৰ্ষা, ভণ্ডামি (বক্ৰ) আৰু ভয়ৰ লগত জীণ যাব নোৱাৰে এফালে মুক্ততাৰ ৰেৱাজ, আনহাতে ঐশ্বৰিক ধৰ্মযুক্ত নতুন অযুক্তিৰ এডেও-দুডেওকৈ প্ৰৱেশ যিবোৰে বৌদ্ধিক আকৰ্ষণ, চিন্তা বিপ্লৱ আৰু নৈতিকতাৰ সৰলতাৰ ক্ষেত্ৰত এথেল-গেঁথেল ভাব এটাৰ উপস্থিতি পৰিলক্ষিত হোৱা দেখা গৈছে কিন্তু এচাম চিন্তাশীল ব্যক্তিয়ে (আনুষ্ঠানিকভাৱেই হওক বা ব্যক্তিগতভাৱে হওক) নিৰলসভাৱে ইয়াৰ মাজত প্ৰতিভূৰূপে সমাজ সন্তুলন বৰ্তাই ৰখাত অহোপুৰুষাৰ্থ কৰি যায়, যুগসাপেক্ষ আদৰ্শ আৰু দৃষ্টিভংগী লৈ

প্ৰথমতেই উল্লেখ কৰা ধাৰাবিলাকৰ পৰিৱৰ্তনীয়-অনুলংঘনীয় গুণৰ বিপৰীতে সাহিত্যৰ সত্য বা স্থায়িত্ব উল্লেখনীয় আৰু সৰ্বজনগ্ৰাহ্য আচলতেবিশ্বক শাসন কৰিছে মহৎ সাহিত্যইশব্দ আৰু ভাষাৰ মাহাত্ম্যই সৃষ্টি কৰা চিন্তাৰ প্লাৱনিক জোৱাৰ বা তাড়নাই সাহিত্যৰ ধন সভ্যতাৰ আদিত প্ৰাকৃতিকভাৱে ঘটা সেই শব্দবোৰ উচ্চ শিখৰত তপস্যাৰত ঋষি-মুনিসকলৰ মগজুত অকাশবাণী ৰূপত প্ৰৱেশ কৰিছিল কিন্তু সেইবোৰ আছিল আদিম সাধাৰণ মিশ্ৰিত জনগোষ্ঠীৰ বাবে ভয়ংকৰ আৰু আতংকময়তপস্বীসকলৰ কাৰণে সেই শব্দবোৰেই আছিল জ্ঞানৰ দুৱাৰ মুকলি কৰাৰ চাবিকাঠী আৰু আশ্চৰ্যজনকভাৱে উদ্গম হৈছিল প্ৰজ্ঞাৰ অমোঘ দ্যুতি কথিত ৰূপত বাগৰি অহা তাৰে কিছুমান হয়তো কালৰ সোঁতত হেৰাই আৰু কিছুমান অপ্ৰকাশিত হিচাপে জীৱনৰ বুকুতে লয় ; কিন্তু ৰূপান্তৰিত ৰূপত ইথাৰত থাকি তাৰ শক্তি কত সহস্ৰ কাল-যুগ পাৰ হৈ শব্দই ভিন ভিন কথিত, লিখিত ৰূপেৰে মানৱ কুলৰ হৃদয়ত স্থান লে সাহিত্য হৈ মানুহ মানুহ হোৱাৰ এক মনোজাগতিক প্ৰসাৰিত প্ৰক্ৰিয়া শব্দ, বাক্য, কাব্য, গদ্যত নিঃসৰিত মানুহৰ চিন্তাৰ ফচল, ৰুচিবোধ, দৃষ্টিভংগী, বৰ্ণন সূক্ষ্মতা, সৌন্দৰ্যবোধ, প্ৰেম ইত্যাদি ভাবিলে আচৰিত লাগে, প্ৰাকৃতিকভাৱে উদ্ভূত সেইসকল অতীজৰ ধীমানৰ গভীৰ চিন্তাৰ চোক বুজি প্ৰকৃতিয়েই চানেকি আছিল সেইসকলৰ পুৰুষানুক্ৰমে এই ধীগুণাত্মক চৰিত্ৰ হৰণ-ভগন-বহনযোগে প্ৰৱাহিত হৈ আছে মানুহৰ মনত কেতিয়াবা কোনো প্ৰান্তত অনুৰ্বৰ কাল অতিক্ৰমি লেও “The road to wrisdom? Err and err again but less and less and less,”– (Piet Hein).

উপৰ্যুক্ত কথাখিনিৰে পাতনি মেলাৰ অৰ্থ এই যে সমস্যাজৰ্জৰ সাম্প্ৰতিক অসমক্ষেত্ৰত গঢ় হৈ উঠা প্ৰান্তীয়-স্থানীয় সাহিত্যানুষ্ঠানবোৰে একনিষ্ঠ দায়বদ্ধতাৰে কাম কৰিলে কেনেকৈ অনেক জীৱনৰ বুকুত হেৰাই যাব ধৰা অমূল্য ধন উদ্ধাৰ, আৱেষ্টিত পতনুৱা সমাজাৱস্থাৰ লগত কিছু পৰিমাণে মোকাবিলা কৰিব পৰা পৰিৱেশ সৃষ্টি, নিজ নিজ আপাত উখৰা ক্ষেত্ৰত সৃষ্টিশীলতাৰ বীজাংকুৰণ আৰু বৌদ্ধিক দিশত গেইট মুকলি কৰা ইত্যাদি কামৰ সূচনা কৰিব পাৰে তাৰ কিয়ৎ আলোকপাত কৰা অৱশ্যে ভুকুতে কল পকোৱা কাৰবাৰ নহয় বহুতে কয়, এইবোৰ কৰি কি লাভসময়ৰ অপচয় উত্তৰত পাৰি - We want simply the consequences not the processes. পদ্ধতিগত প্ৰক্ৰিয়াৰ বাবে ধৈৰ্য ধৰিব লাগিব কেনেবাকে এবাৰ আৰম্ভ লে আৰু বৌদ্ধিক আকৰ্ষণৰ ছিৰিৰ পহিলা খাঁজত ভৰি লে, পাছৰ পৰ্যায়তমিনো এফে"’ দৰেই প্ৰখৰ ; অৱশ্যে প্ৰয়োজন একাংশৰ জীৱনজোৰা অধ্যৱসায় আৰু সাধনাৰ

ইউৰোপীয় নৱ-জাগৰণৰ অন্যতম ভেটি আছিললাইব্ৰেৰী অব আলেকজেড্ৰিয়া’– গ্ৰীচৰ পৰা নিয়া কেবা লাখ কিতাপৰ মাজত এৰিষ্টটলৰ মূল্যৱান কিতাপসমূহো আছিল এই বৌদ্ধিক চূড়াই জ্ঞানৰ পোহৰ বিলাই খ্ৰীষ্টীয় বাৰ- পঞ্চদশ শতিকাত সমগ্ৰ ইউৰোপকে বিস্ময়াতীতভাৱে বৌদ্ধিক আকৰ্ষণৰ ক্ষেত্ৰ কৰি পেলালে ইয়াৰ তত্তুল্য ৰোমাঞ্চকৰতো নহয়েই, অসমৰ নৱ-জাগৰণ (কালছোৱাঊনৈশ শতিকাৰ শেষাৰ্ধ আৰু কুৰি শতিকাৰ প্ৰথমাৰ্ধ) আনকি  চুবুৰীয়া বংগদেশৰ নৱ-জাগৰণতকৈও অনেক সেমেকা আৰু নিশকতীয়া অসমৰ নৱ-জাগৰণৰ উল্লেখ এই প্ৰবন্ধৰ প্ৰাসংগিক নহয় যদিও, পলমকৈ অহা নৱ-জাগৰণক সমগতিসম্পন্ন কৰি তুলিবলৈ এশ বছৰ পিছৰ সংকটপূৰ্ণ সময় (যুগসন্ধি) সামগ্ৰিকভাৱে নিম্নস্তৰৰ পৰা এক বৌদ্ধিক উদ্দীপন আৰু চিন্তা বিপ্লৱৰ সূচনা কৰাত স্থানীয় সাহিত্যানুষ্ঠানৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰিবলৈ যত্ন কৰা

সম্প্ৰতি অসমত চহৰে-নগৰে, গাঁৱে-ভূঞে নতুন নতুন ক্ষুদ্ৰ সাহিত্যানুষ্ঠান গঢ় লৈ উঠা পৰিলক্ষিত হৈছে মূল জাতীয় সাহিত্যানুষ্ঠান (অসম সাহিত্য সভা) অংগীভূত শাখা অনুষ্ঠানৰ নিৰূপিত পৰিসংখ্যা থকাৰ বিপৰীতে স্বতন্ত্ৰ (বা অন্যভাৱে অংগীভূত) ক্ষুদ্ৰ সাহিত্যানুষ্ঠানৰ নিৰ্ভৰযোগ্য পৰিসংখ্যা হাতত নাই যদিও অঞ্চলভিত্তিক পৰ্যবেক্ষণৰ পৰা ইয়াৰ সংখ্যাধিক্য সহজে অনুমেয় কেৱল সাহিত্য ক্ষেত্ৰখনৰ বাবেই নহয়, সামগ্ৰিকভাৱে সমাজৰ বাবে এক শুভংকৰ কথা ইয়াৰ জমিত যিবোৰ সৃষ্টিৰ অংকুৰণ হৈছে, সকলোবোৰ নহলেও (গভীৰ চিন্তা-নিষ্ঠাযুক্ত প্ৰয়াস অক্ষুণ্ণ থাকিলে সম্ভৱ) কিছুভাগেই যে সাহিত্যৰ ভঁৰাল টনকিয়াল কৰাত অৰিহণা যোগাইছে ধুৰুপ সৰহকৈ ধান, অলপ পতান মিলিয়েতো ভঁৰাল এই ভঁৰালৰ উপাদানযোগনিয়াৰ আৰু উপভোক্তা উভয়ৰে মনৰ খাদ্য-প্ৰাণ সাহিত্য চেতনাস্ৰোত প্ৰৱাহিত সমাজ-অংশই পৰোক্ষভাৱে অস্পৰ্শ্য-অংশকো স্ৰোতত চামিলকৰণৰ আপাত-অদৃশ্য প্ৰভাৱ পেলাই সমাজ সন্তুলনত মুখ্য ভূমিকা পাৰে কিছু পৰিমাণে লৈছেও

এই ক্ষেত্ৰত কৰণীয় যথেষ্ট আছে সেই কাৰণেইতো অনুষ্ঠানৰ প্ৰয়োজনীয়তা একক প্ৰচেষ্টাৰে কৰিব নোৱৰা কিছুমান কাম সামূহিক প্ৰচেষ্টাৰে কৰাৰ সুচল আছে কিন্তু এইটোও সঁচা যে সমূহীয়া মনত চামিল বলৈ কেতিয়াবা ব্যক্তিগত মনটোক একাষৰীয়া কৰি লগা হয় একপ্ৰকাৰ মনস্তাত্ত্বিক কথা বা  দ্বন্দ্ব অৱশ্যে সাহিত্যানুষ্ঠানৰ ক্ষেত্ৰত স্বাভাৱিকতে মিতদ্বন্দ্ব (বৌদ্ধিক) পৰ্যায়ত হোৱাটো বাঞ্ছনীয় যি হওক, আমাৰ সাহিত্য-সংস্কৃতিৰ মূল উৎসবোৰৰ যিবোৰ এতিয়াও কিছু পৰিমাণে অৱহেলিত হৈ আছে, সিবোৰক খুঁচৰি সাৰ-পানী যোগাব লাগিব সমাজজীৱনক সম্প্ৰতি নানা দ্বন্দ্ব-সংঘাতে ঘেৰি ধৰিছে গতিকে সাহিত্যানুষ্ঠানৰ সামাজিক দায়বদ্ধতাৰ মাত্ৰাও নিশ্চিতকৈ বাঢ়িছে ইয়াত যিবোৰ অন্তৰায় আছে সেইবোৰ সকলোৰে জ্ঞাত, দোহৰাৰ প্ৰয়োজন নাই সংক্ষেপতে বৰ লে, মধ্যবিত্তৰ তৃষিত এচামে সমাজক কুৰুচিৰ কবলৰ পৰা মুক্তিৰ পথ উন্মেষ ঘটোৱাত ব্ৰতী হোৱাৰ বিপৰীতে আন এচাম উৎকট ধৰ্মীয় উন্মাদনা, কুসংস্কাৰ-অন্ধবিশ্বাস আৰু আন কিছুমান উতনুৱা ধামখুমীয়াৰ জালত আবদ্ধ হৈছে এতিয়া আৰু এটা ৰূপান্তৰিত শ্ৰেণীৰ উদ্ভৱ হৈছে, যিয়ে ছদ্মবেশী ৰূপ লৈ সাহিত্যৰ চন্দ্ৰাতপৰ আঁৰত একদেশদৰ্শিতাৰ উদ্ভট মন্ত্ৰ সিঁচি প্ৰান্তীয় সীমাবদ্ধতাৰ সীমা অতিক্ৰম কৰিব নোৱৰাৰ অৰ্থাৎ মনৰ বন্ধ হৈ থকা দুৱাৰ-খিৰিকীবোৰ খোল খুওৱাৰ পৰিৱৰ্তে খিলি লগোৱাৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত এটা তলসুঁতীয়া প্ৰতিযোগিতায়ো গা কৰি উঠিছে এই প্ৰতিযোগিতা বস্তুটোৱেই ভয়ংকৰ

এই ক্ৰিছ-ক্ৰছ পৰিস্থিতিত ক্ষুদ্ৰ আৰু মজলীয়া স্থানীয় সাহিত্যানুষ্ঠানবোৰে বৌদ্ধিক পৱিত্ৰতাৰে সন্তৰ্পণে আগ বাঢ়িব লাগিব গ্ৰন্থ আন্দোলন আৰু চিন্তা বিপ্লৱৰ সূচনাৰে অভিজ্ঞতাৰ ভিত্তিত পৰা কথাটো এই যে কামটো কঠিন আৰু দীৰ্ঘম্যাদী লেও অসম্ভৱ নহয় অসম্ভৱৰ গৰ্ভত সম্ভাৱনীয়তাৰ জন্ম The word impossible itself is meant for Im possible. দীৰ্ঘসূত্ৰিতাক প্ৰশ্ৰয় দিব নালাগিব যুগসাপেক্ষ চিন্তা-চেতনাৰে উদ্বুদ্ধ হৈ , ৰাইজে কি বিচাৰে নহয়, ৰাইজক কি দিয়া উচিত, তেনে ধৰণৰ সাহিত্য-কৰ্মত মনোনিৱেশ কৰিলে স্থানীয় সাহিত্যানুষ্ঠানবোৰে যে সমাজত ইতিবাচক প্ৰভাৱ পেলাব ধুৰুপ প্ৰতিকূলতাৰ মাজত লেও অনুষ্ঠানবোৰৰ পাৰস্পৰিক সম্পৰ্কত সমমিতিক (Symmetrical) প্ৰৱাহ এটা বোওৱাৰ প্ৰচেষ্টাটো গুৰুত্বপূৰ্ণ কথা

ভিন ভিন অনুষ্ঠানৰ (বৈভিন্ন্য-বৈচিত্ৰ্য গুণে) ধৰণ-কৰণ, কামৰ প্ৰকৃতি, ভাবাদৰ্শ, সামাজিক সংস্থিতি বেলেগ হোৱাটো স্বাভাৱিক স্থানীয় সাহিত্যানুষ্ঠানৰ ভাবাদৰ্শ কিছু পৰিমাণে বিমূৰ্ত আৰু কিছু পৰিমাণে মূৰ্ত-প্ৰকাশ্য এই বিমূৰ্ত ধাৰাটোৰ সংশ্লেষণ ঘটোৱাটোত আমি বিশেষভাৱে আগ্ৰহান্বিত হোৱা উচিত এই ধাৰাটোৰ উৎকৰ্ষই মূৰ্ত ধাৰাটোৰ স্বতঃস্ফূৰ্ত প্ৰকাশ সংঘটিত কৰিব পাৰেপৰিস্থিতি আৰু সময়ৰ তাগিদাত

ধৰ্মীয় অনুষ্ঠান, মন্দিৰ আদিৰ প্ৰয়োজনীয়তাৰ তুলনাত মানৱীয় আৰু বৌদ্ধিক দিশত উদ্ভূত ফলপ্ৰাপ্তিৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি, এই ধৰণৰ নৈষ্ঠিক সাহিত্যানুষ্ঠান অধিক প্ৰয়োজনীয় বুলি আমি বিশ্বাস কৰোঁ শিক্ষানুষ্ঠানক জ্ঞান-মন্দিৰ বুলি ভবাৰ নিচিনাকৈ দৃঢ়-ব্ৰতী সাহিত্যানুষ্ঠানকো জ্ঞানমন্দিৰ হিচাপে গণ্য কৰি একধৰণৰ মননশীল মজ্জনৰ বাতাৱৰণ সৃষ্টিৰ পদক্ষেপ লোৱাৰ সাৰ্থকতাত আমি বিশ্বাসী

প্ৰমূল্যবোধৰ সনাতন আৰু শিক্ষাপ্ৰদ জগতখনক বাদ দি মানৱতাবাদী দৃষ্টিকোণৰ কথা ভবাটো আধা কেঁচেলুৱা যেন শিক্ষাৰ মাহাত্ম্য অসীম অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক ক্ষেত্ৰত যোগাত্মক প্ৰভাৱৰ অস্ত্ৰৰূপে শিক্ষাক ব্যৱহাৰ কৰাটোহে অতি গুৰুত্বপূৰ্ণ কথা এনেকুৱাধৰণৰ শিক্ষাৰ দিশত ব্ৰতী হোৱাসকল স্বাভাৱিকতে নীৰৱতাৰ চিকাৰ হয় এই নীৰৱতা কিন্তু  উদাত্ত ভাষণতকৈও অধিক ক্ৰিয়াশীল হৈ পৰে ধৈৰ্যশীল সময়হে এই ক্ষেত্ৰত কিছু পৰিমাণে প্ৰতিবন্ধক আমাৰ বিশ্বাস যে এই নীৰৱতাই চিন্তা-বিপ্লৱৰ পথত অগ্ৰসৰ হৈ সমাজ ৰূপান্তৰত বিশেষ ভূমিকা বলৈ সক্ষম কিতাপ পঢ়াৰ আন্দোলনো এই শাৰীৰ নীৰৱ আন্দোলনৰ অন্যতম বুলি বিশ্বাস কৰোঁ সেয়ে বৰ্তমান সময়ত কিতাপ পঢ়াৰ সমন্বয় গঢ়ি তুলিব পৰাটো স্থানীয় ক্ষুদ্ৰ মজলীয়া সাহিত্যানুষ্ঠানৰ বাবে ডাঙৰ প্ৰত্যহ্বান এষাৰ কথা আছে– Harmony brings wealth. ইয়াত Wealth মানে কোনো সংখ্যাগত ধন-সম্পদ নহয়, মানৱীয় সম্পদ যাৰ ক্ষয় বা হৰণ-ভগন নহয়, বৰং বৃদ্ধিহে হয় গুণগতভাৱে, আৰু প্ৰস্ফুটিত হয় তাৰ বিকিৰিত আভা, আত্মিক সৌন্দৰ্যৰ জৰিয়তে দৈহিক সৌন্দৰ্য উজ্জ্বলতৰ কৰিবলৈ ৰবীন্দ্ৰনাথেও কৈ গৈছে–‘জীবনেৰ ধন কখনো যাবে না ফেলা

স্থানীয় সাহিত্যানুষ্ঠানবোৰৰ পৰিৱেষ্টিত এলেকা সততে ঢুকি পাব পৰা হোৱা বাবে আত্মোপলব্ধি, আত্মােৎকৰ্ষ, দায়বদ্ধতা, কাৰ্যকুশলতা আদি প্ৰমূল্যবোৰৰ পাৰস্পৰিক বিনিময় আৰু প্ৰয়োগৰ ক্ষেত্ৰত সুচল হয় প্ৰথম পদক্ষেপ হিচাপে অনুষ্ঠানৰ সদস্যসকলৰ মুষ্টিমেয় সংখ্যকক 'লেও মহৎ গ্ৰন্থৰ দীক্ষিত পাঠক হিচাপে গঢ়ি তোলাৰ লগতে প্ৰসাৰিত চিন্তাজগতত প্ৰৱেশৰ দুৱাৰ নিশ্চিতভাৱে খোলাই দিব পাৰি কিছু পৰিমাণে অন্তৰ্জাত কাৰবাৰ লেও, অনুষ্ঠানে অনুঘটক হিচাপে তাৰ উদ্ৰেক ঘটাব পাৰে আকৰ্ষণৰ সূত্ৰ (like attracts like) অনুযায়ী অনুঘটনীয় প্ৰক্ৰিয়া সফল কৰাবলৈ নিজকে আকৰ্ষক সক্ষম কৰি গঢ়ি তুলিব লাগিব আনহাতে লাগিব, "Stay hungry, Stay foolish" মনোভাবৰ দুটা পাৰিপাৰ্শ্বিক তাড়না এটা আৱেগিক তাড়না আৰু আনটো চিন্তা প্ৰাৱণিক তাড়না এই প্ৰক্ৰিয়াত সদস্যসকলক উদ্বুদ্ধ কৰাৰ পৰিৱেশ ৰচনা কৰাত গ্ৰন্থ অধ্যয়ন, গ্ৰন্থ আলোচনা, জনপ্ৰিয় বক্তৃতা (চিন্তন-মননযুক্ত) আদিৰ বিকল্প নাই এইটোক একক ক্ষেত্ৰৰ ফলন (Function, গণিত) বুলি ভাবি যদি যথাযথ অনুকলিত (integrate, গণিত) ৰূপ এটা পোৱাৰ অৱস্থা হয়, তেনেহলে নিশ্চিতভাৱে অসমত নতুন  জাগৰণৰ সৃষ্টি

বৰ্তমান সময়ত সঘন-উচ্চাৰিত শব্দবোৰৰ অন্যতম পৰিৱৰ্তন ভেটিছোমনিক (infrastructural) পৰিৱৰ্তন, নিশ্চয় লাগিব; কিন্তু কেৱল ভেটিছোমনিক পৰিৱৰ্তনেই আচল পৰিৱৰ্তন আনিব নোৱাৰে, যদিহে সামূহিক মনৰ বৃহদাংশৰ মনৰ দুৱাৰ খোল খুওৱাই পৰমাৰ্থিক নিৰ্মাণৰ পৰিৱেশ এটা সঠিকভাৱে ৰচনা কৰা নহয় এই কামত বৃহৎ জাতীয় অনুষ্ঠানৰ ওপৰত নিৰ্ভৰশীল লেই নহ; স্থানীয়/প্ৰান্তীয় ক্ষুদ্ৰ সাহিত্যানুষ্ঠানবোৰেহে যোগাত্মক দৃষ্টিভংগীৰে আৰু আত্মোৎকৰ্ষৰ (Self actualisation) সাধনাৰে আগ বাঢ়িলে দ্ৰুত ফল পোৱাৰ আশা  কৰিব পাৰি আমি আশাবাদী - আমিষ আহাৰ খাই খাই আমনি লাগি নিৰামিষ আহাৰত তৃপ্তি পোৱাৰ দৰে, চিন্তন-মননৰ তৃপ্তি বলৈ মানুহ আকৰ্ষিত বই সময় বৰ্তনী (Time loop) আৰু অভ্যাস বৰ্তনী (Habit loop) গঠনৰ কথাও এই ক্ষেত্ৰত উল্লেখনীয়

এতিয়া আলোচিত বিষয়ৰ বিবৰ্ণ আৰু হতাশাৰ ছবি কেইটামান দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে সৃষ্টিশীলতাৰ কুসুমিত পৃথিৱীত অনুশীলন আৰু শ্ৰমৰ বিমল আনন্দ আছে সৃষ্টিশীলতাৰ ভ্ৰূকুঞ্চিত চিন্তনৰ বিশালতা আৰু গভীৰতা পৰম বিস্ময় আৰু কৌতূহলৰ বিষয় কিন্তু এই গভীৰতাক তেনেই তৰলতাৰ পৰ্যায়ত ৰাখি চলিব খোজা প্ৰৱণতা এটা দেখা যায় চমুকৈ বৰ 'লেযশপ্ৰাৰ্থী মন্দকবি, শ্ৰমযুক্ত বা আয়াসতে লেখা লিখাৰ পাছত শ্ৰমযুক্ত অনুশীলনত ব্ৰতী হোৱাৰ পৰিৱৰ্তে প্ৰশংসাসূচক কিবা এটা লিখি কাকতত দিবলৈ বিচাৰহীনভাৱেসাহিত্য-সমালোচক পিছ নেৰা লেখকৰ গুণোত্তৰ বৃদ্ধিয়ে সাহিত্যানুষ্ঠানৰ ওজস্বিতা হ্ৰাস কৰাৰ লগতে অনাকাংক্ষিত তৰলতা বৃদ্ধি ঘটোৱা

কিছুমান অনুষ্ঠানৰ দুই-এক কাৰ্যকৰ্তাই নিজৰ সীমাবদ্ধতা গুণে সাহিত্য-চৰ্চা বা জ্ঞান চৰ্চাক দ্বিতীয় স্থানত ৰাখি বা আওকাণ কৰি অনুষ্ঠানটোক আনন্দ বা স্ফূৰ্তি-তামাচাৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰাৰ মত পোষণ কৰে অকল মত পোষণ কৰাই নহয়, তাক প্ৰতিপন্ন কৰাবলৈ সেই মতক বাৰম্বাৰ উত্থাপন কৰি সামূহিক মনক তৰলতাৰ পিনলৈ আকৰ্ষিত কৰায় বিপৰীত ধাৰাৰ ব্যক্তিগত মন প্ৰতিক্ৰিয়াশীলভাৱে সমূহত চামিল নহৈ নিজস্ব ধাৰণাত অটল থাকে অৱশ্যে বৌদ্ধিক নিৰ্লিপ্ততা নহয়, বৌদ্ধিক অপেক্ষাহে কিন্তু সমূহত প্ৰতিফলিত কৰিব নোৱাৰা আৰু তৰল চৰ্বিত-চৰ্বণতাৰ বাবে ব্যক্তিগত পৰ্যায়ৰ মাধ্যমত সেই ভৰ কৰা তাড়িৎ-ভাবনাৰ প্ৰচাৰ-প্ৰসাৰ চলায়

আনহাতে, সীমাবদ্ধতা এটা আপেক্ষিক বস্তু ইয়াৰ কোনো নিৰ্ধাৰিত সীমা নাই এটা সাহিত্যানুষ্ঠানৰ ক্ষেত্ৰত অৱস্থিত যি সীমাবদ্ধতা থাকে তাক অতিক্ৰম কৰিবলৈ যথোচিত আলোচনা-সমালোচনাৰ দ্বাৰা বাট উলিয়াই পাৰিব লাগিব আচলতে সীমাবদ্ধতা আৰু বৌদ্ধিক আদৰ্শাত্মক সংঘাতে যোগাত্মক ভূমিকা পাৰে তাৰ বাবে নিষ্ণাত ব্যক্তিক স্থানোচিত মডেলহিচাপে লৈ, উদ্বেলিত কৰাৰ পৰিৱেশ সৃষ্টি কৰা উচিত তেতিয়া বৌদ্ধিক ক্ষেত্ৰত ক্ৰমান্বয়ে উদ্দীপন আৰু কিছু পৰিমাণে পৰিপক্বতা আহিব আৰম্ভণী যাত্ৰাত অকলশৰীয়া লেও হতোদ্যম নহৈ উৎসাহেৰে আগ বাঢ়িব লাগিব যথাৰ্থ পৰিকল্পনাক মূলাধাৰ হিচাপে লৈ অধ্যৱসায় আৰু কঠোৰ শ্ৰমেৰে খোজ নপৰা বাটত আগ বাঢ়ি সুফল পাব পাৰি  

কিছুমান সাহিত্য অনুষ্ঠান আছে, যিবোৰ কেৱল অনুষ্ঠানটো চলি থকা বা জীয়াই ৰখাৰ উদ্দেশ্যে চলাই ৰখা দেখা যায় কোনা উদ্দীপনা নাই, নতুন কথা-চিন্তাৰ উমঘাম নাই, অধ্যয়ন-বৌদ্ধিক সূচনাৰ আগ্ৰহ নাই, আৰ্হি স্থাপনৰো অনীহা

বিষয়-বাব, বঁটা-বাহন আদিৰ তলসুঁতীয়া কাৰবাৰবোৰেও আজিকালি এই ক্ষেত্ৰখনত বহু পৰিমাণে ম্লানিতা আনিছে আৰু দীক্ষিত-ৰুচিশীল সমাজক অস্বন্তিত পেলাইছে বৌদ্ধিক বিনম্ৰতা আৰু ধৈৰ্যৰ অভাৱেও অনুষ্ঠানৰ নিষ্প্ৰভতাত অনুঘটকৰ কাম কৰে

অনুষ্ঠানৰ  এচাম সদস্যৰ ভিন্নজনৰ ভিন্ন মত– ‘এৰিবও নোৱাৰো ধৰিবও নোৱাৰোঅৱস্থাৰে  সদস্য হৈ থকাৰ হতাশাজনক প্ৰৱণতা, বিষয়ৰ গভীৰলৈ সোমোৱাৰ অনিচ্ছুকতা, আয়াসতে চলি থাকিলেই যদি হৈ যায় চিন্তা কষ্ট কৰি লাভ কি এনে মনোভাব, সাহিত্যৰ সুদূৰপ্ৰসাৰী সুফলৰ প্ৰতি উদাসীন, কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ অপাৰগতা বা কেনেকৈ পঢ়িব লাগে তাৰ কিটিপ-কৌশলক আয়ত্ত নকৰা, তুচ্ছাতিতুচ্ছ কথাত মনোনিৱেশ কৰা, প্ৰজ্ঞাৰ ক্ষেত্ৰখনত অবৃদ্ধিজনিত ৰোগত আক্ৰান্ত হোৱা, বিশাল সময়ৰ বুকুত সময়ৰ দীনতা প্ৰকাশ ইত্যাদি

যি কি নহওক, আমাৰ বিশ্বাস নানা যান-জঁট ভাঙিয়েই হওক বা নতুন পথ সৃষ্টি কৰিয়ে হওক চলি থাকিব প্ৰজ্ঞাৰ অনঘ যাত্ৰা পৰিৱৰ্তনেই একমাত্ৰ সত্য ইয়াৰ ধাৰা বহুমাত্ৰিক লেও সমাজ জাগৰণৰ ক্ষেত্ৰত স্থানীয়/প্ৰান্তীয় সাহিত্যানুষ্ঠানৰ ভূমিকা অতুল্য ইউৰোপীয় নৱ-জাগৰণৰ ইতিহাস আমাৰ অবিদিত নহয় তত্তুল্য ৰোমাঞ্চকৰ বা বিশাল নহলেও আমাৰ চুবুৰীয়া বংগদেশৰ নৱ-জাগৰণ, অসমীয়া নৱ-জাগৰণৰো মূলাধাৰ আছিল সাহিত্য-সাংস্কৃতিক অনুষ্ঠান স্থানীয়/প্ৰান্তীয় সাহিত্যানুষ্ঠানৰ যোগেদি প্ৰজ্ঞাৰ বিকাশ আৰু জাগৰণ ঘটোৱাটোৱেই আজিৰ সময়ৰ এক আতুৰ আহ্বান

Share Button
Print Friendly, PDF & Email

No Comments : "স্থানীয় সাহিত্যানুষ্ঠান : উদ্দেশ্য আৰু কৰণীয়-(গিৰীশ্চন্দ্ৰ ভট্টাচাৰ্য্য)"

Leave a Comment

Your email address will not be published. Required fields are marked *