স্বাধীনতা আন্দোলনত 'হিন্দুত্ববাদী'ৰ ভূমিকা (ডা: অজিত কুমাৰ পটঙ্গীয়া)  

কংগ্ৰেছ পৰিচালিত ইউ পি এ চৰকাৰৰ অপশাসন, সীমাহীন দুৰ্নীতি আৰু জনস্বাৰ্থবিৰোধী ভূমিকাৰ ফলত যোৱা লোকসভা নিৰ্বাচনৰ আগে আগে দেশৰ বিভিন্ন ঠাইত জনতাৰ ক্ষোভ আন্না হাজাৰেৰ দুৰ্নীতি-বিৰোধী সত্যাগ্ৰহী আন্দোলনত অংশগ্ৰহণৰ মাজৰে প্ৰকাশ পাইছিল। দেশৰ জনগণে যাতে দুৰ্নীতি-বিৰোধী সত্যাগ্ৰহী আন্দোলনৰপৰা জংগী পুঁজিবাদী শোষণৰ বিৰোধী আন্দোলনত ফাটি পৰিব নোৱাৰে তাৰ বাবে জনগণক বিপথে পৰিচালিত কৰিবলৈ পুঁজিপতি আৰু কৰ্প’ৰেট সন্থাসমূহৰ চক্ৰান্তত বাতৰিকাকত, টিভি আদিৰ বিপুল প্ৰচাৰৰ সহায়ত মুছলমান, খ্ৰিষ্টিয়ান আদি সংখ্যালঘুৰ তেজেৰে বিভিন্ন সময়ত হাত ৰাঙলী কৰা সাম্প্ৰদায়িকতাবাদৰ পুৰোহিত 'হিন্দুত্ববাদী'সকল জনগণৰ সন্মুখত ত্ৰাণকৰ্তা হিচাপে উপস্থাপন কৰাৰ ফলত যোৱা লোকসভা নিৰ্বাচনত দেশৰ শাসন ক্ষমতাত অধিষ্ঠিত হোৱাত সফল হ'ল। বৰ্তমান জনসাধাৰণৰ মাজত নিজকে প্ৰকৃত দেশপ্ৰেমিক হিচাপে পৰিচয় দি সকলোকে হিটলাৰী কায়দাৰে চেকনীৰ আগত 'ভাৰত মাতা কি জয়' ধ্বনিৰে দেশপ্ৰেমৰ পাঠ পঢ়াব খোজা এই হিন্দুত্ববাদীসকলৰ ভাৰতৰ ব্ৰিটিছ-বিৰোধী স্বাধীনতা আন্দোলনত দেশপ্ৰেমৰ ইতিহাস কেনেকুৱা বাৰু?

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বা চমুকৈ আৰ এছ এছক কোৱা হয় বিজেপিৰ জননীপ্ৰতিম সংগঠন। বিজেপি বা ভাৰতীয় জনতা পাৰ্টি নামৰ দলটি ভাৰতৰ স্বাধীনতাৰ পাছত মূলত আৰ এছ এছৰ কেডাৰসকলক লৈ গঠিত হোৱা এটি ৰাজনৈতিক দল। প্ৰথমতে ১৯৫১ চনত নাম আছিল 'ভাৰতীয় জনসংঘ', ১৯৮০ চনত দ'লটিৰ নাম হয় 'ভাৰতীয় জনতা পাৰ্টি'। আৰ এছ এছৰ তাত্ত্বিক নেতা  মাধৱ সদাশিৱ গোলৱালকাৰে (শ্ৰীগুৰুজীয়ে) ভাৰতৰ স্বাধীনতা যুঁজাৰুসকলক অভিহিত কৰিছিল 'বিশ্বাসঘাতক' হিচাপে আৰু সাম্প্ৰদায়িক সংঘৰ্ষকাৰীসকলক আখ্যা দিছিল 'দেশপ্ৰেমিক' হিচাপে। গোলৱালকাৰে  তেওঁৰ হিন্দুত্ববাদীৰ তত্ত্বগত পুথি 'উই এণ্ড আৱাৰ নেশনহুড ডিফাইণ্ড'ত কৈছে -'আঞ্চলিক জাতীয়তাবাদ আৰু সাৰ্বজনীন বিপদৰ তত্ত্বৰপৰা আমাৰ জাতিত্বৰ ধাৰণা সৃষ্টি হৈছে। তাৰ ফলত আমাৰ প্ৰকৃত হিন্দু জাতিত্বৰ সদৰ্থক অনুপ্ৰেৰণাৰপৰা আমি বঞ্চিত হৈছো আৰু আমাৰ স্বাধীনতা সংগ্ৰামৰ বহু আন্দোলনেই মাত্ৰ ব্ৰিটিছ-বিৰোধী আন্দোলনত পৰিণত হৈছে। ব্ৰিটিছ-বিৰোধিতাৰ লগত দেশপ্ৰেম, জাতীয়তাবাদক সমাৰ্থক কৰি চোৱা হৈছে। আমাৰ স্বাধীনতা সংগ্ৰামত, তাৰ নেতৃবৰ্গ আৰু জনসাধাৰণৰ ওপৰত এই প্ৰতিক্ৰিয়াশীল মতৰ প্ৰভাৱ সৰ্বনাশী হৈছে'। (১৪২ পৃষ্ঠা) গোলৱালকাৰে 'সমগ্ৰ দৰ্শন' (ভাৰতীয় বিচাৰ সাধনা, নাগপুৰ, ৪নং খণ্ড) নামৰ কিতাপখনত তেওঁলোকৰ অতি নমস্য আৰ এছ এছৰ প্ৰতিষ্ঠাপক কেশৱ বলিৰাম হেডগেৱাৰ (ডক্টৰজী)ৰ পৰামৰ্শ এটাৰ কথা এনেদৰে দোহাৰিছে – "দেশত দেখা দিয়া পৰিস্থিতিয়ে মাজে-সময়ে মনটো অশান্ত কৰি তোলে‌।  তেনে এক অশান্ত সময় আহিছিল ১৯৪২ চনত‌। তাৰো আগতে এবাৰ এনেধৰণৰ পৰিস্থিতি আহিছিল ১৯৩০-৩১ চনত‌।  সেই সময়ত বিভিন্ন মানুহ আহি ডক্টৰজীৰ ওচৰলৈ গৈছিল আৰু কৈছিলগৈ যে এই আন্দোলনেই ভাৰতৰ স্বাধীনতা আনিব আৰু তাত অংশ গ্ৰহণৰপৰা সংঘও পিছ পৰি থকা উচিত নহয়‌।  তেনে এটা সময়তে এদিন এজন লোক আহি ডক্টৰজীক ক’লেহি যে তেওঁ কাৰাবাস খাটিবলৈ সাজু হৈছে‌।  ডক্টৰজীয়ে ক’লে - 'তুমি কাৰাগাৰলৈ যাব খুজিছা যোৱা বাৰু, কিন্তু তোমাৰ পৰিয়াল কোনে পোহ-পাল দিব?'  মানুহজনে ক’লে -  'মই যথেষ্ট পৰিমাণে সকলো যা-যোগাৰ কৰি থৈছো। সেইখিনিৰে পৰিয়ালটোতো চলিব পাৰিবই, আনকি দৰকাৰ পৰিলে জৰিমনা আদিও নিশ্চিন্তে দিব পাৰিব।'  ডক্টৰজীয়ে ক’লে -  তুমি যদি পৰিয়ালৰ বাবে সমস্ত যা-যোগাৰ কৰি আজৰি হৈয়েই আছা, তেন্তে দুবছৰ আমাৰ সংঘৰ কাম কৰিবলৈকে গুচি আহা‌। ঘৰলৈ ঘূৰি গৈ সেই মানুহজনে অৱশ্যে কাৰাগাৰলৈ নগ’ল আৰু সংঘৰ কাম কৰিবলৈকো নাহিল‌।" (পৃ: ৩৯-৪০)‌। গতিকেই স্বাধীনতা আন্দোলনত ভাগ লোৱাৰ পৰিবৰ্তে সংঘৰ সেৱাতে লাগি থকাৰ সপক্ষে অশান্ত গোলৱালকাৰৰ মনক প্ৰবোধ দিবলৈ এইখিনি কথাই যেন সঞ্জীৱনীৰ দৰে কাম কৰিছিল‌। তেওঁৰ দৃষ্টিত ব্ৰিটিছ আছিল 'পৰম মিত্ৰ' আৰু ব্ৰিটিছৰ বিপক্ষে কোৱাসকলৰ প্ৰতি তেওঁৰ মন্তব্য সেয়েহে আছিল বিদ্বেষপূৰ্ণ - 'এবাৰ এজন বয়োজ্যেষ্ঠ ভদ্ৰলোক আমাৰ শাখাৰ ড্ৰিললৈ আহিল‌।  তেওঁ স্বয়ংসেৱকসকললৈ এটা নতুন বাৰ্তা লৈ আহিছিল। তেওঁক যেতিয়া আৰ এছ এছৰ শাখাৰ সেৱকসকলক সম্বোধন কৰাৰ সুযোগ দিয়া হ’ল, তেওঁ বৰ আকৰ্ষণীয় সুৰত ক’লে — আপোনালোকে এতিয়া মাত্ৰ এটা কামেই কৰক‌। ব্ৰিটিছবোৰক ধৰি আনক, ভালকৈ মাৰ শোধাওক আৰু গতিয়াই বাহিৰ কৰক‌। পাছত যি হয়, দেখা যাব‌। এইখিনিকে কৈ তেওঁ বহিল।' ব্ৰিটিছৰ শোষণ-অত্যাচাৰত জৰ্জৰিত এজন সাধাৰণ প্ৰজাৰ ক্ষোভ উক্ত বক্তাজনৰ কথাত স্বাভাৱিক সুৰতেই ফুটি উঠা বুলি যিকোনো দেশপ্ৰেমিক মানুহেই অনুভৱ কৰিব পাৰিব‌।  পিছে গোলৱালকাৰে সেই বক্তাজনৰ কথা এইবুলি ক'লে যে -  'এই আদৰ্শৰ আঁৰত দেশৰ প্ৰশাসকৰ প্ৰতি খং আৰু ক্ষোভ মিহলি হৈ আছিল‌। ই ঘৃণাৰ ভিত্তিত গঢ়ি উঠা প্ৰতিক্ৰিয়াশীল মনোভাব‌ৰ প্ৰকাশ‌। বৰ্তমানৰ ৰাজনৈতিক বিবৃতিবোৰৰ এইটোৱেই বেয়া যে এইবোৰৰ মূল ভিত্তি হৈছে প্ৰতিক্ৰিয়াশীলতা‌। বিজেতাসকলৰ প্ৰতি বন্ধুত্বৰ কথা পাহৰি কেৱল খং আৰু ক্ষোভৰ বহিঃপ্ৰকাশৰদ্বাৰা বিৰোধ কৰা‌ই তেওঁলোকৰ কাম।' (পৃ: ২) ইয়াত মুকলিকৈ প্ৰকাশ পাইছে আৰ এছ এছৰ গুৰু গোলৱালকাৰৰ ব্ৰিটিছপ্ৰীতি।  ব্ৰিটিছৰ ঔপনিবেশিক অত্যাচাৰ তেওঁলোকৰ বাবে যেন কোনো সমস্যাই নহয়‌। তেওঁ আনকি ৰাইজৰ দুখ-দুৰ্দশাৰ বাবে ব্ৰিটিছ জগৰীয়া নহয় বুলিয়েই ভাৰত ত্যাগ আন্দোলনৰ সেই ভৰপক সময়ছোৱাত খোলাখুলিকৈ কৈ দিছে। ১৯৪২ চনৰ ৮ জুন তাৰিখে তেওঁ দিয়া ভাষণত কৈছিল – 'সংঘই বৰ্তমান সমাজৰ অৱনতিৰ বাবে আনক জগৰীয়া কৰিব নোখোজে‌।  আনক দোষাৰোপ কৰাজনৰ আচলতে নিজৰেই দুৰ্বলতা থাকে‌।..... ডাঙৰ মাছে সৰু মাছক গিলেই‌। তাৰ বাবে ডাঙৰ মাছটোক দোষাৰোপ কৰাটো এটা পাগলামিৰ বাহিৰে একো নহয়‌। ভালেই হওক বা বেয়াই হওক প্ৰকৃতিৰ নিয়মেই সত্য‌।  তাক অন্যায় বুলি কৈ সলনি কৰিব পৰা নাযায়।'(পৃ: ১১-১২) অৰ্থাৎ ব্ৰিটিছৰ দৰে বৃহৎ শক্তি এটাৰ সকলো অত্যাচাৰ নিৰৱে সহ্য কৰাৰ বাহিৰে দুৰ্বল ভাৰতীয়ৰ আৰু গত্যন্তৰ নাই‌।  এই শক্তিৰ বিপক্ষে গ’লে অৰ্থাৎ আন্দোলন আদি কৰিলে যুৱ প্ৰজন্ম উচ্ছৃংখল হৈ পৰিব বুলিও তেওঁ ব্যক্ত কৰিছিল - 'আন্দোলনৰ কুফল থকাটো নিশ্চিত। ১৯২০-২১ চনৰ অসহযোগ আন্দোলনৰ পাছত ল’ৰাবোৰ উচ্ছৃংখল হৈ পৰিছিল‌। এই কথাৰে আন্দোলনৰ নেতাসকললৈ বোকা ছটিয়াব খোজা নাই। কিন্তু এইবোৰ হৈছে আন্দোলনৰ অৱধাৰিত ফলাফল‌। এই ফলবোৰক আমি ভালদৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ‌।  ১৯৪২ চনৰ আন্দোলনৰ পাছতো মানুহে আইনক অপ্ৰয়োজনীয় বুলি ভাবিবলৈ ল’লে‌।' (পৃ: ৪১)

১৯২০ৰ দশকৰপৰা 'হিন্দুত্ব'ৰ তাত্ত্বিক আৰু নেতা হিচাপে আত্মপ্ৰকাশ কৰা বিনায়ক দামোদৰ চাভাৰকাৰে জীৱনৰ প্ৰথমছোৱাত ব্ৰিটিছ-বিৰোধী সংগ্ৰামত অংশগ্ৰহণ কৰিলেও 'হিন্দুত্ববাদী' নেতা হোৱাৰ পাছত তেওঁ ব্ৰিটিছ-বিৰোধিতা ত্যাগ কৰে। ১৯৩৮ চনত তেওঁ কংগ্ৰেছক হিন্দুবিদ্বেষী আৰু জাতীয়তাবিৰোধী বুলি ঘোষণা কৰি জনতাক কংগ্ৰেছক বৰ্জন কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ মূল নেতৃত্ব বহনকাৰী কংগ্ৰেছ স্বাধীনতাৰ আগতে আজিৰ দৰে এটা জাতীয় বুৰ্জোৱা শ্ৰেণীৰ ৰাজনৈতিক দল নাছিল৷ এই কথা আন্তৰ্জাতিক সাম্যবাদী সংগঠন "কমিনটাৰ্ন"ৰ থেছিছত উল্লেখ আছে৷ যদিও প্ৰথমে সাম্ৰাজ্যবাদী ব্ৰিটিছ আমোলাৰ পৃষ্ঠপোষকতাতে ভাৰতীয়সকলক বিদ্ৰোহ বা বিপ্লৱৰ পথৰপৰা আঁতৰাই ৰাখিবলৈ দেশৰ শিক্ষিত আৰু সম্ভ্ৰান্ত শ্ৰেণীৰ লগত ৰাজনৈতিক আলাপ-আলোচনাৰ বাবে কংগ্ৰেছ গঠন কৰা হৈছিল, কিন্তু লোকমান্য তিলকৰদ্বাৰা প্ৰস্তাৱিত 'স্বৰাজ'ক জাতীয় লক্ষ্য হিচাপে গ্ৰহণ কৰাৰ পাছৰেপৰা সি হৈ পৰিছিল ভাৰতৰ স্বাধীনতা প্ৰাপ্তিৰ বাবে একত্ৰিত হোৱা বিভিন্ন আদৰ্শ তথা চিন্তাত বিশ্বাসী দল আৰু লোকৰ এখন মঞ্চ (Platform)|  কংগ্ৰেছৰ মাজত প্ৰধানতঃ দুটা পথেৰে স্বাধীনতা বিচৰা লোকৰ সমাবেশ ঘটিছিল৷ এচামে বিচাৰিছিল জাতীয় অভ্যুত্থান বা গণবিপ্লৱৰ জৰিয়তে ব্ৰিটিছক ভাৰতবৰ্ষৰপৰা খেদি স্বাধীন ভাৰত ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা - সেইটো আছিল যৌৱনদীপ্ত, আপোচহীন আৰু বৈপ্লৱিক ধাৰা আৰু আন এচামে বিছাৰিছিল ব্ৰিটিছৰ লগত আপোচ কৰি ক্ষমতা হস্তগত কৰা - যিটোৱে ক্ষমতা দখলৰ বাবে উদগ্ৰীব হৈ থকা ভাৰতৰ উঠি অহা সুবিধাবাদী বুৰ্জোৱা শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছিল৷ ১৯৪২ চনৰ আন্দোলনৰ সময়ত চাভাৰকাৰে বিভিন্ন পৌৰ আৰু স্থানীয় প্ৰতিষ্ঠান, আইনসভা আৰু বিভিন্ন চাকৰিত থকা হিন্দু মহাসভাৰ সদস্যসকলক আন্দোলনত যোগ দিয়াৰ বিপৰীতে ব্ৰিটিছৰ লগত সহযোগ কৰি নিজ নিজ পদত অবিচল থাকি দৈনন্দিন কামকাজ কৰি যাবলৈ আহ্বান জনাইছিল। যুদ্ধৰ সময়ত তেওঁৰ শ্লোগান আছিল 'ৰাজনীতিৰ হিন্দুকৰণ আৰু হিন্দু ধৰ্মৰ সামৰিকীকৰণ'। ইয়াৰ বাস্তৱ তাৎপৰ্য আছিল তীব্ৰ মুছলমান-বিৰোধী প্ৰচাৰ আৰু ব্ৰিটিছৰ লগত পূৰ্ণ সহযোগিতা কৰা।

১৯৪২ চনৰ 'ভাৰত ত্যাগ' আন্দোলনক হিন্দু মহাসভাৰ নেতা ড: শ্যামাপ্ৰসাদ মুখোপাধ্যায়ে তীব্ৰ ভাষাৰে গৰিহণা দি কৈছিল - 'মই নাভাবো যে যোৱা তিনি মাহত যিবোৰ অৰ্থহীন উচ্ছৃঙ্খলতা আৰু ধ্বংসমূলক কাম কৰা হৈছে তাৰদ্বাৰা আমাৰ দেশৰ স্বাধীনতা লাভত সহায়ক হ'ব।' (‘ৰাষ্ট্ৰীয় সংগ্ৰামেৰ আৰ এক অধ্যায়’) আৰু অলপ আগুৱাই গৈ তেওঁ ব্ৰিটিছক সহযোগিতা কৰাৰ কথাও কৈছিল - 'এতিয়া ভাৰতবৰ্ষ যুদ্ধকালীন অৱস্থাত.......জাতীয় চৰকাৰ এইভাৱে গঠিত হ'ব, যাতে মিত্ৰ পক্ষৰ লগত নিবিড় সহযোগিতাৰ জৰিয়তে যুদ্ধ কৰা সম্ভৱ হয়।' ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নিজস্ব বক্তব্য হ'ল - 'সংঘৰ অৰ্থ হিন্দুৰ সংগঠিত শক্তি। সংগঠিত শক্তি এইবাবেই যাতে হিন্দুৱেই এইখন দেশৰ ভাগ্যবিধাতা। সংঘৰ প্ৰতিজ্ঞাত হেডগেৱাৰে কৈছে 'পবিত্ৰ হিন্দু ধৰ্ম, হিন্দু সংস্কৃতি আৰু হিন্দু সমাজক ৰক্ষা কৰি হিন্দু ৰাষ্ট্ৰ স্বীকাৰ কৰাৰ কথা।' এই স্বাধীনতা ব্ৰিটিছৰ কবলৰপৰা মুক্তি পোৱাতো নহয়। সেই সময়ত যদিও দেখা গৈছিল হিন্দু মহাসভাই মাজে মাজে স্বাধীনতা আন্দোলনৰ কিছুমান কৰ্মসূচীত যোগ দিছে, কিন্তু আৰ এছ এছে কেতিয়াও সেইবোৰত যোগ দিয়া নাই। হিন্দু মহাসভাৰ নেতা শ্যামাপ্ৰসাদ মুখোপাধ্যায় এবাৰ আৰ এছ এছৰ নেতা হেডগেৱাৰক দেখা কৰি সংঘৰ ৰাজনীতিত অংশগ্ৰহণৰ কথা ক'লেও হেডগেৱাৰে সেয়া মানি লোৱা নাছিল। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ইতিহাসে কয়, ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন, ১৯৪০-৪১ৰ ব্যক্তিগত সত্যাগ্ৰহ, আজাদ হিন্দ ফৌজৰ বন্দী সৈনিকৰ বিচাৰ আৰু '৪৬ৰ নৌবিদ্ৰোহ - এই কোনোটোতেই আৰ এছ এছে যোগদান কৰা নাছিল।

আৰ এছ এছৰ ব্ৰিটিছ সহযোগিতাৰ আৰু স্পষ্ট প্ৰমাণ পোৱা যায় ব্ৰিটিছ চোৰাংচোৱা বিভাগৰপৰা। ১৯৪০ চনৰ ২ ডিচেম্বৰ তাৰিখে বম্বে প্ৰদেশৰ স্বৰাষ্ট্ৰ সচিবৰ লগত আৰ এছ এছৰ নেতা অভয়ংকৰ আৰু অন্যান্যসকলৰ লগত আলোচনা মৰ্মে স্বৰাষ্ট্ৰ দপ্তৰৰ এক টোকাত কোৱা হৈছে যে - 'অভয়ংকৰে আৰ এছ এছৰ পোছাক, কুচকাৱাজ ইত্যাদি বিষয়ত চৰকাৰী নিষেধাজ্ঞা মানি চলাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ আৰু প্ৰতিশ্ৰুতি দিয়ে যে সংঘই তাৰ সদস্যসকলক বৃহত্তৰ সংখ্যাত চিভিক গাৰ্ডত যোগদান কৰিবলৈ উৎসাহিত কৰিব। এইমৰ্মে বুজাবুজি হয় যে ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ সদস্য চিভিক গাৰ্ডত যোগদান কৰিলে চিভিক গাৰ্ডৰ প্ৰতি তেওঁলোকৰ দায়িত্ব সাৰ্বভৌম বুলি গ্ৰহণ কৰা হ'ব। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ পাছত ১৯৪৪ চনৰ ১৬ ফ্ৰেবুৱাৰিত বম্বেৰ স্বৰাষ্ট্ৰ সচিব এইচ ভি আঙ্গোৱাৰে কেন্দ্ৰীয় স্বৰাষ্ট্ৰ মন্ত্ৰণালয়ক জনায় যে - 'সংঘই নিষ্ঠাৰ সৈতে নিজকে চৰকাৰী আইনৰ গণ্ডীৰ মাজত ৰাখিছে আৰু বিশেষভাৱে উল্লেখনীয় যে ১৯৪২ চনৰ আন্দোলনত সংঘই কোনোধৰণে অংশগ্ৰহণ কৰা নাই।' ১৯৪৬ চনৰ ১৯ জুন তাৰিখে স্বৰাষ্ট্ৰ দপ্তৰৰ এটি টোকাত কোৱা হৈছে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংগ্ৰাম ব্ৰিটিছৰ বিৰুদ্ধে নহয়। হিন্দু মহাসভাৰ ১৯৩৩ চনৰ অধিবেশনৰ সভাপতি ভাষণত ভাই পৰমানন্দই অত্যন্ত স্পষ্ট ভাষাত কৈছে - 'চৰকাৰৰ বিৰোধিতা কৰি চৰকাৰী শুভদৃষ্টি হেৰুৱাটো হিন্দুসকলৰ অনুচিত। বিশেষকৈ যেতিয়া চৰকাৰে দৃঢ়ভাৱে ক্ষমতাসীন আৰু কৃপা কৰাৰ মনোভাব চৰকাৰৰ আছে।' ১৯৩৯ চনত ভি ডি চাভাৰকাৰে গোপনে ভাইচৰয়ক জনায় যে - 'ব্ৰিটিছ আৰু হিন্দু পৰস্পৰ বন্ধু হোৱা উচিত।' (তথ্য সূত্ৰ: এজি নুৰানী, আৰ এছ এছ এণ্ড বিজেপি; এনএমএমএল মুঞ্জে পেপাৰ, ছাবজেক্ট ফাইল, ই পি ডব্লিউ ২২-১-২০০০; খাকি পেন্ট, গেৰুৱা ঝাণ্ডা)

হিন্দুত্ববাদীসকলে ভাৰতবৰ্ষৰ এজন প্ৰকৃত হিন্দু ইতিহাসবিদ হিচাপে গণ্য কৰা আৰ চি মজুমদাৰৰ গ্ৰন্থ Penal Settlements in Andamans (Department of Culture, Government of India, 1975)ৰ ২১১-২১৩ পৃ:ত বিজেপিয়ে ভাৰতৰ এজন বীৰৰ আখ্যা দিয়া চাভাৰকাৰে ব্ৰিটিছ চৰকাৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰি কৰা আবেদন  প্ৰকাশ পাইছে এনেদৰে - Petition from V D Savarkar (Convict No. 32778) to the Home Member of the Government of India, dated the 14th November, 1913..

“I beg to submit the following points for your kind consideration:

(1) When I came here in 1911 June, I was along with the rest of the convicts of my party taken to the office of the Chief Commissioner. There I was classed as "D" meaning dangerous prisoner; the rest of the convicts were not classed as "D". Then I had to pass full 6 months in solitary confinement. The other convicts had not. During that time I was put on the coir pounding though my hands were bleeding. Then I was put on the oil-mill - the hardest labour in the jail. Although my conduct during all the time was exceptionally good still at the end of these six months I was not sent out of the jail; though the other convicts who came with me were. From that time to this day I have tried to keep my behaviour as good as possible.

(2) When I petitioned for promotion I was told I was a special class prisoner and so could not be promoted. When any of us asked for better food or any special treatment we were told, "You are only ordinary convicts and must eat what the rest do". Thus Sir, Your Honour would see that only for special disadvantages we are classed as special prisoners.

(3) When the majority of the casemen were sent outside I requested for my release. But, although I had been cased (caned?) hardly twice or thrice and some of those who were released, for a dozen and more times, still I was not released with them because I was their casemen. But when after all, the order for my release was given and when just then some of the political prisoners outside were brought into the troubles I was locked in with them because I was their casemen.

(4) If I was in Indian jails I would have by this time earned much remission, could have sent more letters home, got visits. If I was a transportee pure and simple I would have by this time been released, from this jail and would have been looking forward for ticket-leave, etc. But as it is, I have neither the advantages of the Indian jail nor of this convict colony regulation; though had to undergo the disadvanatges of both.

(5) Therefore will your honour be pleased to put an end to this anomalous situation in which I have been placed, by either sending me to Indian jails or by treating me as a transportee just like any other prisoner. I am not asking for any preferential treatment, though I believe as a political prisoner even that could have been expected in any civilized administration in the independent nations of the world; but only for the concessions and favour that are shown even to the most depraved of convicts and habitual criminals? This present plan of shutting me up in this jail permanently makes me quite hopeless of any possibility of sustaining life and hope. For those who are term convicts the thing is different, but Sir, I have 50 years staring me in the face! How can I pull up moral energy enough to pass them in close confinement when even those concessions which the vilest of convicts can claim to smoothen their life are denied to me? Either please to send me to Indian jail for there I would earn (a) remission; (b) would have a visit from my people come every four months for those who had unfortunately been in jail know what a blessing it is to have a sight of one's nearest and dearest every now and then! (c) and above all a moral - though not a legal - right of being entitled to release in 14 years; (d) also more letters and other little advantages. Or if I cannot be sent to India I should be released and sent outside with a hope, like any other convicts, to visits after 5 years, getting my ticket-leave and calling over my family here. If this is granted then only one grievance remains and that is that I should be held responsible only for my own faults and not of others. It is a pity that I have to ask for this - it is such a fundamental right of every human being! For as there are on the one hand, some 20 political prisoners - young, active and restless, and on the other the regulations of a convict colony, by the very nature of them reducing the liberties of thought and expression to lowest minimum possible; it is but inevitable that every now and then some one of them will be found to have contravened a regulation or two and if all be held responsible for that, as now it is actually done - very little chance of being left outside remains for me.

In the end may I remind your honour to be so good as to go through the petition for clemency, that I had sent in 1911, and to sanction it for being forwarded to the Indian Government? The latest development of the Indian politics and the conciliating policy of the government have thrown open the constitutional line once more. Now no man having the good of India and Humanity at heart will blindly step on the thorny paths which in the excited and hopeless situation of India in 1906-1907 beguiled us from the path of peace and progress. Therefore if the government in their manifold beneficence and mercy release me, I for one cannot but be the staunchest advocate of constitutional progress and loyalty to the English government which is the foremost condition of that progress. As long as we are in jails there cannot be real happiness and joy in hundreds and thousands of homes of His Majesty's loyal subjects in India, for blood is thicker than water; but if we be released the people will instinctively raise a shout of joy and gratitude to the government, who knows how to forgive and correct, more than how to chastise and avenge. Moreover my conversion to the constitutional line would bring back all those misled young men in India and abroad who were once looking up to me as their guide. I am ready to serve the Government in any capacity they like, for as my conversion is conscientious so I hope my future conduct would be. By keeping me in jail nothing can be got in comparison to what would be otherwise. The Mighty alone can afford to be merciful and therefore where else can the prodigal son return but to the parental doors of the Government?
Hoping your Honour will kindly take into notion these points.”

আৰ এছ এছ আৰু হিন্দু মহাসভাৰ ব্ৰিটিছ তোষামোদৰ বিৰুদ্ধে ক্ষুব্ধ হৈ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ আপোচহীন বলিষ্ঠ যোদ্ধা নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৈছিল – 'সন্ন্যাসী আৰু সন্ন্যাসিনীসকলক ত্ৰিশূল হাতত দি হিন্দু মহাসভাই ভোট ভিক্ষা কৰিবলৈ পঠিয়াইছে। ত্ৰিশূল আৰু গেৰুৱা বসন দেখিলে হিন্দু মাত্ৰেই শিৰ নত কৰে। ধৰ্মৰ সুযোগ লৈ ধৰ্মক কলুষিত কৰি হিন্দু মহাসভাই ৰাজনীতিৰ ক্ষেত্ৰত দেখা দিছে। হিন্দু মাত্ৰেই ইয়াক নিন্দা কৰা কৰ্তব্য।... এই বিশ্বাসঘাতকসকলক আপোনালোকে ৰাষ্ট্ৰীয় জীৱনৰপৰা আঁতৰাই দিয়ক। তেওঁলোকৰ কথা কোনেও নুশুনে যেন।' (ঝাড়গ্ৰামে ভাষণ, আনন্দবাজাৰ পত্ৰিকা, ১৪ মে, ১৯৪০)

আজি 'ভাৰত মাতা কি জয়' দিলেই কোনো ব্যক্তি বা সংগঠন একেদিনাই ঘোৰ দেশপ্ৰেমিকত পৰিণত হৈ নাযায়। ভাৰত মাতা মানে অকল ভাৰতবৰ্ষৰ মানচিত্ৰখন নহয়, ভাৰত মাতা মানে ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে এই দেশত বাস কৰা জনগণ। উপৰোক্ত তথ্যসমূহে প্ৰতীয়মান কৰে যে অতীতত মনুবাদত বিশ্বাসী বৰ্ণবাদী 'হিন্দুত্ববাদী'সকল ভাৰতবৰ্ষৰপৰা অহিন্দুসকলক নিঃশেষ কৰাৰ বাহিৰে কোনো মহৎ উদ্দেশ্যৰদ্বাৰা পৰিচালিত হোৱা নাছিল। তেওঁলোকে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণৰ প্ৰয়োজন অনুভৱ নকৰাটোৱে বুজায় যে ব্ৰিটিছৰ গোলামি কৰি হ'লেও তেওঁলোকে ভাৰতৰপৰা মাত্ৰ অহিন্দুসকলক নিঃশেষ কৰাৰ দৰে অমানৱীয় লক্ষ্যত উপনীত হোৱাটোহে বিচাৰিছিল। আশা কৰো, যিসকলে 'হিন্দুত্ববাদী'সকলৰ এই ভ্ৰান্ত বিনাশী দৰ্শনৰ মাজেৰে এখন শোষণ-নিষ্পেষণহীন সুন্দৰ প্ৰগতিশীল আধুনিক অসম, আধুনিক ভাৰতবৰ্ষ গঢ়াৰ সপোন দেখে তেওঁলোকে কথাবোৰ দ-কৈ ভাবি চাব।

(কৃতজ্ঞতা স্বীকাৰ: লেখিকা বৰ্ণালী বৰুৱাৰপৰা facebookৰ জৰিয়তে পোৱা অতিৰিক্ত তথ্যৰ বাবে)

 

Share Button
Print Friendly, PDF & Email

No Comments : "স্বাধীনতা আন্দোলনত 'হিন্দুত্ববাদী'ৰ ভূমিকা (ডা: অজিত কুমাৰ পটঙ্গীয়া)  "

Leave a Comment

Your email address will not be published. Required fields are marked *