অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰষষ্ঠ সংখ্যা (দ্বিতীয় বছৰ)

তিনি তালাক : মহিলাৰ অধিকাৰৰ ৰাজনীতিকৰণৰ প্রসংগত-(পাৰভিন চুলতানা)

 ছায়ৰা বানু নামৰ ৩৫ বছৰীয়া মহিলা এগৰাকীৰ আৱেদনপত্রই বৰ্তমান সময়ত তিনি তালাকৰ বিষয়ে চলি থকা বিবাদৰ মূল কাৰণ। প্রায় ১৫ বছৰ আগতে ৰিজৱান আহমেদ নামৰ ব্যক্তি এজনৰ লগত ছায়ৰা বানু বিবাহপাশত আবদ্ধ হৈছিল। পিছে বৈবাহিক জীৱন সুখৰ নাছিল। আৰম্ভণিৰেপৰা যৌতুকৰ বাবে ছায়ৰা বানুৰ ওপৰত স্বামীৰ পৰিয়ালে অত্যাচাৰ চলায়। ছায়ৰা বানুৱে দিয়া বিভিন্ন সাক্ষাৎকাৰ মতে তেওঁৰ স্বামীয়ে তেওঁক বহুবাৰ গর্ভপাত কৰিবলৈ বাধ্য কৰিছিল। শাৰীৰিক আৰু মানসিকভাৱে ছায়ৰা ভাগি পৰিছিল। কিন্তু ইমানখিনিৰ পিছতো ছায়ৰাই কেৱল নিজৰ সন্তান দুটিৰ মুখৰ ফালে চাই নিমাতে আছিল। স্বামীৰ অতিশয্যৰ বিৰুদ্ধে মুখ নোখোলাৰ একমাত্র কাৰণ – স্বামীয়ে যেন খঙৰ মূৰত সেই তিনিটা অভিশপ্ত শব্দ উচ্চাৰণ নকৰে। পিছে এদিন ছায়ৰা যেতিয়া অসুস্থ হৈ নিজ পৈতৃক বাসগৃহলৈ কিছু দিনৰ বাবে গৈছিল – তেওঁৰ দুঃস্বপ্ন সঁচা হৈ গ’ল। এলাহাবাদত থকা স্বামীৰ ঘৰৰপৰা আহিল তালাকনামা।

সমাজতত্ত্ব বিষয়ত স্নাতকোত্তৰ কৰা ছায়ৰাই কিন্তু ভাগ্যৰ এই নির্মম পৰিহাস মানি নল’লে। আৰু তেতিয়াৰেপৰা আৰম্ভ হ’ল ছায়ৰাৰ পুৰুষতান্ত্রিক ধর্মীয় ব্যৱস্থা এটাৰ বিৰুদ্ধে দীঘলীয়া আইনী যুদ্ধ। নিজৰ পৰিয়াল আৰু শুভাকাংক্ষীৰ উপদেশত ছায়ৰা বানুৱে উচ্চতম ন্যায়লয়ত থিতাতে দিয়া তিনি তালাক (তালাক এ বিদাত), বহুবিবাহ আৰু হালালা (এটা প্রথা য’ত তালাকৰ পিছত মহিলাগৰাকী আন এজন পুৰুষৰ লগত বিবাহপাশত আবদ্ধ হ’ব লাগিব, সেই দ্বিতীয় পুৰুষজনে তেওঁক তালাক দিলেহে তেওঁ প্রথম স্বামীৰ ওচৰলৈ ঘূৰি যাব পাৰিব), এই প্রচলিত প্রথাকেইটাৰ বিৰুদ্ধে এটা পিআইএল দাখিল কৰিলে। কিন্তু মন কৰিবলগীয়া কথা যে তেওঁৰ আৱেদনপত্রখনে বিতর্কিত ইউনিফর্ম চিভিল ক’ডৰ কথা উল্লেখ কৰা নাই বা মুছলিম পার্ছনেল ল-ৰ ‘ক’ডিফিকেচন’ৰ পৃষ্ঠপোষকতাও কৰা নাই। তেওঁ কেৱল আইনৰ চকুত সমান অধিকাৰ বিচাৰিছে আৰু ধর্ম আৰু লিংগভিত্তিক বৈষম্যৰ বিৰোধিতা কৰিছে।

ছায়ৰাৰ স্বামীৰ ভাষ্য মতে তেওঁ ছায়ৰাক কেতিয়াও শাৰীৰিক অত্যাচাৰ কৰা নাছিল আৰু ছায়ৰাক তেওঁ ইছলামিক শ্বৰিয়ৎ মতে তালাক দিছে। এতিয়া সেই তালাকৰ বিৰুদ্ধে যোৱা সম্ভৱ নহয়। দুখৰ বিষয় যে তালাকৰ পিছত ছায়ৰাক নিজৰ ১৪ বছৰীয়া পুত্র আৰু ১২ বছৰীয়া কন্যাৰ লগতো কোনো সম্পর্ক ৰাখিবলৈ দিয়া নাছিল তেওঁৰ স্বামীয়ে।

এই কঠিন যুদ্ধত ছায়ৰাৰ লগত থিয় দিলেহি তেওঁৰ পৈতৃক পৰিয়াল। কাশীপুৰৰ আর্মি কোৱার্টাৰত থকা ছায়ৰাৰ পৰিয়ালে তেওঁক সমাজৰ লাঞ্ছনাৰপৰা সুৰক্ষিত ৰখাৰ প্রাণপণে চেষ্টা কৰিছিল। ছায়ৰাৰ পিতৃ ইকবালৰ মতে তেওঁ নিজে এনে বহু পীড়িত মহিলাক দেখিছে আৰু তেওঁৰ নিজৰ ছোৱালীৰ লগত এনে ঘটনা ঘটাত তেওঁৰ বাবে মৌনতা অৱলম্বন কৰা সম্ভৱ নাছিল। ছায়ৰা বানুৱে তেওঁৰ আৱেদনত থিতাতে দিয়া তিনি তালাকৰ বিৰোধিতা কৰিছে, কিন্তু ইছলামিকভাৱে দিয়া তালাকৰ বিৰোধিতা কৰা নাই। এই বিবাহ বিচ্ছেদৰ প্রক্রিয়াত প্রায় তিনি মাহ সময় লাগে।

Muslim Personal Law (Shariat) Application Act, 1937ৰ মতে ভাৰতীয় মুছলমানসকল ব্যক্তিগত আইনৰ অধীন। কিন্তু আইনবোৰ নির্দিষ্টভাৱে লিপিবদ্ধ নোহোৱাৰ বাবে কিছু স্বনিয়োজিত সম্প্রদায়ৰ প্রতিনিধি, মূলতঃ ধর্মীয় গুৰুসকলে নিজ ইচ্ছা মতে এই প্রক্রিয়াটোৰ বিশ্লেষণ কৰি। মুছলমানসকলৰ বিবাহ দুজন মানুহৰ মাজত এটা চুক্তি আৰু এই চুক্তি ভংগ কৰাৰ অধিকাৰ দুয়োটা গোটৰে সমান হোৱা উচিত। পিছে স্বনিয়োজিত ধর্মৰ ঠিকাদাৰকেইজনে কেৱল স্বামীকহে তালাক দিয়াৰ অধিকাৰ দিছে। ১৯৩৯ৰ Dissolution of Muslim Marriages Actয়ে মুছলিম মহিলাসকলক ন্যায়ালয়ৰ বিবাহ বিচ্ছেদৰ বাবে ন্যায়ালয়ৰ ওচৰলৈ যাবলৈ অধিকাৰ দিছে।

তালাকক লৈ মুছলিম সম্প্রদায়ৰ মাজতো মতবিৰোধ দেখা যায়। এফালে বহুতৰে মতে এয়া ইছলামিক নহয়, কিছুসংখ্যক কাজী আৰু মৌলবীয়ে এই প্রথাটোক বৈধ বুলি মানিছে যদিও তেওঁলোকেও কৈছে যে এয়া এক জঘন্য পাপ আৰু মুছলমানসকল ইয়াৰপৰা বিৰত থকা উচিত। কিন্তু তথাপি তিনি তালাক নিষিদ্ধ কৰাৰ কথাত তেওঁলোক মান্তি নহয়। মুছলিম পার্ছনেল ল ব’র্ডৰ মতে মুছলিম পার্ছনেল ল-ত হস্তক্ষেপ কৰাৰ অধিকাৰ চৰকাৰৰ নাই। এয়া ভাৰতৰ সাংস্কৃতিক বৈচিত্র্যত আৰু সংখ্যালঘুসকলৰ সাংবিধানিক অধিকাৰত হস্তক্ষেপ কৰা হ’ব। কিন্তু দুর্ভাগ্যজনকভাৱে মুছলিম মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্রত ল ব’র্ডে কোনো সুকীয়া পদক্ষেপ লোৱা দেখা নাযায়। মে’ মাহত লখনৌত অনুষ্ঠিত এখন সংবাদমেলত পার্ছনেল ল ব’র্ডে কিছু সিদ্ধান্ত লৈছিল, যেনে – বিভিন্ন কর্মশালাৰ জৰিয়তে ভাৰতৰ মুছলমানসকলক ইছলামিক আইনৰ বিষয়ে অৱগত কৰাব যেন এই আইনৰ অপব্যৱহাৰ নহয়। তাৰ লগতে থিতাতে তিনি তালাক দিয়া ঘটনাৰ লগত জড়িত পৰিয়ালক সামাজিকভাৱে বহিষ্কাৰ কৰা হ’ব। কিন্তু এই সংবাদমেলৰ ঠিক পিছতে আৰু কেইটামান তালাকৰ ঘটনা ভাৰতৰ বিভিন্ন ঠাইত সংঘটিত হয়। তেনে ক্ষেত্রত সামাজিক বহিষ্কৰণৰ পদ্ধতি তিনি তালাক প্রতিৰোধ কৰাত কিমানখিনি ফলপ্রসূ হ’ব সেয়া চিন্তনীয়।

তিনি তালাকৰ ৰাজনীতি

পিছে তিনি তালাকৰ বিষয় লৈ বিভিন্ন স্তৰত ৰাজনীতি আৰম্ভ হৈ গৈছে। তিনি তালাকৰ বিষয়টো কেৱল মহিলাৰ অধিকাৰৰ বিষয় নে? ক্ষমতাধিষ্ঠ সোঁপন্থী ৰাজনৈতিক দলৰ বিভিন্ন বিভাজনমূলক নীতিয়ে সংখ্যালঘুক বহু ক্ষেত্রত হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে। তেনে ক্ষেত্রত তিনি তালাকত চৰকাৰৰ সৰৱ মাত ইয়াৰ ব্যতিক্রম নে? বহুতৰে মতে মুছলমান মহিলাৰ অধিকাৰৰ ঠাইত তিনি তালাকৰ বিষয় চৰকাৰে কেৱল সংখ্যালঘু সম্প্রদায়ক হায়ৰান কৰাৰ বাবেহে বাছি লৈছে।

কিছুদিন আগতে ট্রিবিউনত প্রকাশিত এটা লেখত NALSARঅৰ ফাইজান মুস্তাফাৰ মতে তিনি তালাকৰ ঘটনাৰ সংখ্যা মুছলমানৰ মাজত তেনেই কম। তেওঁ দাৰুল ইফতা (এনে কিছু ইছলামিক সংগঠন যিবোৰে ফতোৱা জাৰি কৰে)ৰ ১০খন ৰাজ্যৰ কেন্দ্রৰ তথ্য বিশ্লেষণ কৰি দেখালে যে এবছৰত দিয়া ৩৪০,২০৬টা ফতোৱাৰ ভিতৰত কেৱল ৬.৫%হে তিনি তালাকৰ লগত জড়িত। ইয়াতে আমি মনত ৰখা উচিত যে যেতিয়া এজন পীড়িতই কিবা সমস্যা লৈ এনে ইছলামিক সংগঠনৰ ওচৰ চাপে, তেতিয়াহে সেই সংগঠনে ফতোৱা (যিটো কেৱল এটা মতামতহে) আগ বঢ়ায়। এয়া উপদেশমূলক আৰু কোনো বাধ্যবাধকতা নাথাকে।

ইয়াৰ লগতে ফাইজান মুস্তাফাই ৩৩খন দাৰুল কাজাৰ তথ্য অধ্যয়ন কৰি চালে যে তেওঁলোকে থিতাতে দিয়া তিনি তালাকৰ বৈধতা মানি নলয়। তাৰ ঠাইত ইছলামিক পদ্ধতি মতে মধ্যস্থতা, আলোচনা আদি বিফল হ’লেহে বিবাহ বিচ্ছেদৰ অনুমতি দিয়ে। এনে ক্ষেত্রত চৰকাৰে কেৱল ৰাজনীতিৰ বাবেহে তিনি তালাকৰ বিষয়টো উত্থাপিত কৰিছে নেকি – এনে প্রশ্ন উদ্ভৱ হোৱাটো অস্বাভাৱিক নহয়।

তিনি তালাকৰ নিষিদ্ধকৰণ হৈ উঠিছে বিজেপি চৰকাৰৰ মূল মন্ত্র। উত্তৰ প্রদেশৰ নির্বাচনৰ আগে আগে মৃত মুছলমান মহিলাক ধর্ষণ কৰাৰ দৰে জঘন্য মন্তব্য কৰা যোগী আদিত্যনাথ হৈ পৰিছে মুছলমান মহিলাৰ এক নম্বৰ দৰদী!! বিজেপিৰ এনে নীতিয়ে আগতে প্রচলিত সহমত যে তিনি তালাকৰ প্রচলন বন্ধ হোৱাৰ সিদ্ধান্তটো মুছলমান সম্প্রদায়ে নিজে লওক, তাক আওকাণ কৰে। তেনে ক্ষেত্রত বিজেপিয়ে তিনি তালাকৰ বিষয়টোৰ ৰাজনীতিকৰণ কৰা নাই বুলি আমি ক’ব নোৱাৰো।

এফালে য’ত বিজেপিয়ে বিষয়টো মুছলমান সম্প্রদায়টোক হাৰাশাস্তি কৰাৰ বাবে ব্যৱহাৰ কৰি আছে, আনফালে মুছলিম পার্ছনেল ল ব’র্ডৰ দৰে সংগঠনেও তিনি তালাকৰ দৰে এটা অমানৱিক প্রথাক প্রচলিত ৰাখি সম্প্রদায়টোৰ ক্ষতিহে কৰি আছে। পার্ছনেল ল ব’র্ডে গোটেই বিষয়টোত মুছলমান মহিলাৰ দৃষ্টিকোণক কোনো গুৰুত্ব দিয়া নাই। তেওঁলোকে নিজৰ আধিপত্য বচাই ৰখাৰ আশাত মুছলমান মহিলাৰ কণ্ঠৰুদ্ধ কৰাতহে ব্যস্ত। থিতাতে খঙৰ মূৰত উচ্চাৰিত এই তিনি অভিশপ্ত শব্দই বহু মহিলাৰ জীৱন নষ্ট কৰিছে। মুছলমান মহিলাৰ দাবী কেৱল এয়াই যে ইছলামিক প্রথা মতে বিবাহ বিচ্ছেদ হওক – যি প্রথাই বিবাহ বিচ্ছেদৰ দৰে গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱাৰ আগতে স্বামী-স্ত্রীক পুনৰ্বিবেচনা কৰাৰ বাবে যথেষ্ট সময় প্রদান কৰে।

মুছলমান মহিলাৰ সমস্যাসমূহ বিভিন্ন ৰাজনৈতিক দলে কেৱল নিজৰ স্বার্থ ৰক্ষাৰ বাবেহে ব্যৱহাৰ কৰিছে। প্রায় তিনি দশক আগতে ছাহ বানুৰ ক্ষেত্রতো চৰকাৰে মুছলমান মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ ঠাইত সম্প্রদায়ৰ কিছু মানুহৰ ঠেক মানসিকতাৰ আগত নত হৈছিল। আজিলৈকে ৰাজনৈতিক শ্রেণীৰ মনোভাবৰ কোনো পৰিৱৰ্তন হোৱা পৰিলক্ষিত নহয়। সদ্যহতে চলা বিবাদে কিছু তথ্য পোহৰলৈ অনা দেখা নাযায় – যেনে বিভিন্ন উচ্চ ন্যায়ালয়ে একেৰাহে দিয়া তিনি তালাকক অবৈধ বুলি ঘোষণা কৰিছে। তিনি তালাকৰ দৰে অনা-ইছলামিক প্রথাৰ বিৰোধত মুছলমান মহিলা ওলাই আহিছে – ইয়াক কেৱল বিজেপি বা আৰএছএছৰ ষড়যন্ত্র বুলি ভবা অনুচিত।

মুছলমান মহিলাসকলে ব্যক্তিগত আইনৰ বিৰোধিতা কৰা নাই বা ইউনিফর্ম চিভিল ক’ডৰ দাবীও কৰা নাই। কিন্তু বিষয় বস্তুটোৰ ৰাজনীতিকৰণে এনে জঘন্য ৰূপ লৈছে যে তিনি তালাকৰ বিৰোধিতা কৰা প্রত্যেকজনকে আৰএছএছৰ এজেন্ট বুলি ইতিকিং কৰা হয় আৰু আনফালে বিজেপি হৈ পৰিছে মুছলমান মহিলাৰ অধিকাৰৰ স্বনিয়োজিত ৰক্ষক। তিনি তালাক কেৱল মুছলমান মহিলাৰ অধিকাৰৰ কথা নহ’বও পাৰে, কিন্তু মুছলমান মহিলাৰ অধিকাৰৰ পথত এয়া যে এটা ডাঙৰ হেঙাৰ হৈ আছে – তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। সমস্যাৰ সমাধানো আহিছে মুছলমান মহিলাৰ মাজৰেপৰা – পার্ছনেল ল ব’র্ডে এনে এখন আদর্শ নিকাহনামা জাৰি কৰক য’ত বিবাহৰ পিছত কোনোপধ্যে তিনি তালাক দিয়া নহ’ব বুলি উল্লেখিত থাকিব। কিন্তু আধিপত্যৰ এই উত্তাল যুঁজত পীড়িত মুছলমান মহিলাৰ কণ্ঠ যেন তল পৰি গৈছে।

 

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *