উদাৰতাবাদৰ বিৰুদ্ধে যুঁজ (ছেপ্টেম্বৰ ৭, ১৯৩৭)-(মূল-মাও জে দং, অনুবাদ : পৱিত্ৰপ্ৰাণ গোস্বামী)

আমি সক্ৰিয় আদর্শগত সংগ্ৰামৰ পক্ষত থিয় দিওঁ, কাৰণ সেইটোৱেই হ’ল আমাৰ যুঁজৰ স্বার্থত দল আৰু বিপ্লৱী সংগঠনসমূহৰ আভ্যন্তৰীণ ঐক্য সুনিশ্চিত কৰাৰ একমাত্ৰ অস্ত্ৰ৷

উদাৰতাবাদে কিন্তু আদর্শগত সংগ্ৰামক নাকচ কৰে আৰু অনীতিনিষ্ঠ শান্তিৰ পক্ষত থিয় দি এক পতনমুখী, স্থূল দৃষ্টিভংগীৰ জন্ম দিয়ে আৰু দল আৰু বিপ্লৱী সংগঠনসমূহৰ কিছুসংখ্যক গোট আৰু ব্যক্তিৰ মাজত ৰাজনৈ‍তিক অধঃপতনৰ সূচনা কৰে৷

উদাৰতাবাদে বিভিন্ন ৰূপত আত্মপ্ৰকাশ কৰে৷

কোনো এজন ব্যক্তিয়ে ভুল কৰাৰ স্পষ্ট প্ৰমাণ পোৱাৰ পাছতো শান্তি আৰু বন্ধুত্বৰ স্বার্থতে কথাটো আওকাণ কৰা, আৰু মানুহজন পুৰণি চিনা-জনা, একে চহৰবাসী, সহপাঠী ঘনিষ্ঠ বন্ধু, প্ৰেমাস্পদ, পুৰণি সহকর্মী নাইবা পুৰণি তলতীয়া কর্মী হোৱা বাবেই তেওঁৰ লগত নীতিনিষ্ঠ তর্কবাদ এৰাই চলা, অথবা মানুহজনৰ লগত সদ্ভাৱ বর্তাই ৰখাৰ স্বার্থতে বিষয়টো পুংখানুপুংখৰূপে আলোচনা নকৰি গুৰুত্বহীনভাৱে উত্থাপন কৰাটোও একধৰণৰ উদাৰতাবাদ৷ ইয়াৰ ফলত সংগঠনৰ লগতে সংশ্লিষ্ট ব্যক্তিজনৰো ক্ষতি হয়৷

দ্বিতীয়ধৰণৰ উদাৰতাবাদৰ প্ৰকাশ ঘটে এনেবোৰ কার্যত :

সংগঠনৰ প্ৰতি নিজৰ দিহা-পৰামর্শ সক্ৰিয়ভাৱে আগ বঢ়োৱাৰ পৰিৱর্তে ব্যক্তিগতভাৱে দায়িত্বহীন সমালোচনাত লিপ্ত হোৱা, মুখামুখিকৈ কাকো একো নকৈ কাৰোবাৰ অনুপস্থি‍তিত তেওঁৰ বিষয়ে আনৰ সৈতে ফুচফুচীয়া কথা পতা, নাইবা সভা-সমিতিত মুকলিকৈ একো নকৈ পাছতে গুজগুজীয়া মেল মৰা৷ সমূহীয়া জীৱনৰ নীতি‍-নিয়মবোৰৰ প্ৰতি তিলমানো শ্রদ্ধাশীল নহৈ কেৱল নিজৰ ৰুচি‍-অভিৰুচিৰদ্বাৰা পৰিচালিত হোৱা৷

নিজৰ স্বার্থত আঘাত নপৰিলে কথাবোৰ আওকাণ কৰা; ভুলটো সঠিকভাৱে জনাৰ পাছতো সেই বিষয়ে যিমান পাৰি কমকৈ কোৱা, নিজে দোষমুক্ত হৈ থাকিবলৈ বুদ্ধিমানৰ দৰে নিৰাপদ অৱস্থান গ্ৰহণ কৰা, এইবোৰ তৃতীয়ধৰণৰ উদাৰতাবাদৰ লক্ষণ৷

নির্দেশ অমান্য কৰা, আৰু নিজৰ মতামতক উচ্চ স্থান দিয়া, সংগঠনৰপৰা বিশেষ গুৰুত্ব দাবী কৰা অথচ ইয়াৰ নিয়ম-শৃংখলা উলংঘা কৰা, এইবোৰ চতুর্থধৰণৰ উদাৰতাবাদ৷

পঞ্চমবিধৰ লক্ষণ হ’ল - ঐক্য অথবা প্ৰগতিৰ স্বার্থত নাইবা কাম এটা সঠিকভাৱে সম্পাদিত হোৱাৰ স্বার্থত অশুদ্ধ মতামতৰ বিৰুদ্ধে বিতর্ক আৰু সংগ্ৰামত অৱতীর্ণ হোৱাৰ পৰিৱর্তে ব্যক্তিগত আক্ৰমণ, কাজিয়া, বিদ্বেষ অথবা প্ৰতিশোধৰ ইচ্ছাক প্ৰশ্রয় দিয়া৷

ষষ্ঠ প্ৰকাৰৰ উদাৰতাবাদৰ লক্ষণ হ’ল - প্ৰতিবাদবিহীনভাৱে অশুদ্ধ মতামত শুনি যোৱা, আৰু আনকি প্ৰতি-বিপ্লৱী মন্তব্য শুনিও কাকো নজনাই, একোৱেই যেন হোৱা নাই এনে ভাবত শান্তভাৱে গ্ৰহণ কৰা৷

সপ্তম প্ৰকাৰৰ লক্ষণ হ’ল - জনগণৰ মাজতে থাকিও তেওঁলাকৰ মাজত প্ৰচাৰ চলোৱাত আৰু আন্দোলন সংগঠিত কৰাত ব্যর্থ হোৱা, নাইবা সভাই-সমিতিয়ে কথা ক’ব নোৱৰা, জনগণৰ মাজত কোনো অনুসন্ধান চলাব নোৱৰা, তাৰ পৰিৱর্তে জনগণৰ সুখ-দুখৰ প্ৰতি নির্বিকাৰ হোৱা, নিজে এজন কম্যুনিষ্ট বুলি পাহৰি যোৱা আৰু এজন সাধাৰণ অকম্যুনিষ্টৰ দৰে আচৰণ কৰা৷

অষ্টম প্ৰকাৰৰ উদাৰতাবাদ হ’ল - কোনোবাই জনগণৰ স্বার্থ বিঘ্নিত কৰা দেখিও খং নুঠা আৰু যুক্তি‍-তর্কৰে বুজাই তেওঁক তেনে কৰাৰপৰা বিৰত ৰাখিবলৈ যত্ন নকৰি যি কৰে কৰি যাবলৈ এৰি দিয়া৷

নৱম প্ৰকাৰৰ লক্ষণ হ’ল – কোনো নির্দিষ্ট আঁচনি বা লক্ষ্য নোহোৱাকৈ উদ্যমহীনভাৱে কাম কৰিব লাগে বাবেই কৰি যোৱা আৰু খপজপাই ফুৰা - “পুৰোহিত হৈ থকালৈকে ঘণ্টাটো বজাবই লাগিব”, এনে ভাবত৷

দশম প্ৰকাৰৰ উদাৰতাবাদ হ’ল - নিজে বিপ্লৱৰ প্ৰতি বহুত কিবা অৱদান আগ বঢ়োৱা বুলি ভাবি থকা, নিজে জ্যেষ্ঠ, অভিজ্ঞ কর্মী বুলি গৌৰৱ কৰা, সৰুসুৰা কামক অৱজ্ঞা কৰা অথচ গুৰুত্বপূর্ণ কামৰ বাবেও যোগ্য নোহোৱা, কামত অসাৱধান আৰু পঢ়া-শুনাতো চেলেং-পেটেং হোৱা৷

একাদশ প্ৰকাৰৰ লক্ষণ হ’ল - নিজৰ ভুলবোৰ গম পায়ো শুধৰাবলৈ যত্ন নকৰা, নিজৰ প্ৰতি এক উদাৰ মনোভাব পোষণ কৰা৷

আৰু বহুত উদাহৰণ দিব পৰা যায়, কিন্তু এই এঘাৰ প্ৰকাৰেই প্ৰধান৷ এই সকলোবিলাক উদাৰতাবাদৰেই প্ৰকাশ৷

বিপ্লৱী গোটৰ ক্ষেত্ৰত উদাৰতাবাদ সাংঘাতি‍কভাৱে অনিষ্টকাৰী৷ ই এনেকুৱা এটা পোক যি ঐক্য কুটি খায়, সংহতিত সিন্ধি দিয়ে, নির্লিপ্ততাৰ জন্ম দিয়ে আৰু কাজিয়াৰ সূত্ৰপাত কৰে৷ ই বিপ্লৱী কর্মীসকলৰ মাজত নিকপকপীয়া সংগঠন আৰু কঠোৰ শৃংখলা বিনষ্ট কৰে, কোনো কর্মসূচী বা নীতি-আদর্শৰ সঠিক ৰূপায়ণত বাধাৰ সৃষ্টি কৰে আৰু দলীয় সংগঠনসমূহক দলেই নেতৃত্ব দিয়া জনগণৰপৰা বিচ্ছিন্ন কৰে৷ এইটো এটা সাংঘাতি‍ক ধৰণেৰে বেয়া প্ৰৱণতা৷

পেট্টি‍-বুর্জোৱা স্বার্থপৰতাৰপৰাই উদাৰতাবাদৰ জন্ম৷ ই ব্যক্তিগত স্বার্থক অগ্ৰাধিকাৰ দি বিপ্লৱৰ স্বার্থক গৌণ কৰে আৰু তেনেদৰেই জন্ম হয় আদর্শগত, ৰাজনৈতিক আৰু সাংগঠনিক উদাৰতাবাদৰ৷

উদাৰতাবাদীসকলে মার্ক্সবাদৰ সূত্ৰসমূহক বিমূর্ত বি‍শ্বাসৰ দৰে জ্ঞান কৰে৷ তেওঁলোকে‍ মার্ক্সবাদক সমর্থন কৰে‍, কিন্তু ইয়াক অনুশীলন কৰিবলৈ অথবা সম্পূর্ণৰূপে অনুশীলন কৰিবলৈ প্ৰস্তুত নহয়৷ তেওঁলোকে তেওঁলোকৰ উদাৰতাবাদৰ স্থানত মার্ক্সবাদক বহুৱাবলৈ প্ৰস্তুত নহয়৷ এই মানুহবোৰৰ হাতত মার্ক্সবাদো থাকে, উদাৰতাবাদো থাকে৷ মুখেৰে মার্ক্সবাদ আওৰায়, কিন্তু অনুশীলন কৰে উদাৰতাবাদৰ৷ আনৰ ক্ষেত্ৰত মার্ক্সবাদ প্ৰয়োগ কৰে, কিন্তু নিজৰ বেলিকা উদাৰতাবাদ৷ তেওঁলোকে দুয়োটা বস্তুকে মজুত ৰাখে আৰু সময়ত দুয়োটাকে প্ৰয়োগ কৰে৷ কিছুমান মানুহৰ মনবোৰে এনেকৈয়ে কাম কৰে৷

উদাৰতাবাদ সুবিধাবাদৰেই নামান্তৰ আৰু ই মূলতঃ মার্ক্সবাদৰ সৈতে সংঘাতত আহে৷ ই এক নেতিবাচক প্ৰৱণতা আৰু ই বস্তুতঃ শত্ৰুপক্ষকে সহায় কৰে৷ সেইবাবেই শত্ৰুপক্ষই আমাৰ মাজত ইয়াৰ সংৰক্ষণক স্বাগতম জনায়৷ ইয়াৰ চৰিত্ৰ যিহেতু এনেকুৱাই, বিপ্লৱৰ সেনানীৰ মাজত ই মুঠেই স্থান পাব নালাগে৷

আমি নেতিবাচক উদাৰতাবাদক মর্মবস্তুত ইতিবাচক মার্ক্সবাদৰ প্ৰয়োগেৰে জয় কৰিব লাগিব৷ কম্যুনিষ্ট এজন বহল মনৰ, দৃঢ় আৰু সক্ৰিয় হোৱা উচিত৷ তেওঁৰ বাবে বিপ্লৱৰ স্বার্থই জীৱন হোৱা উচিত, য’ত ব্যক্তিগত স্বার্থই অগ্ৰাধিকাৰ নাপায়৷ সদায় সকলো স্থানতে তেওঁ নীতিত থকা উচিত আৰু দলৰ সামূহিক জীৱনক সুসংহত কৰি দল আৰু জনগণৰ মাজৰ সম্পর্কক মজবুত কৰাৰ স্বার্থতে ভুল ধ্যান-ধাৰণা আৰু কামৰ বিৰুদ্ধে এক নিৰন্তৰ সংগ্ৰাম চলাই যোৱা উচিত৷ কোনো ব্যক্তিবিশেষতকৈ তেওঁ দল আৰু জনগণক লৈহে‍ বেছি চিন্তিত হ’ব লাগে৷ একেদৰেই তেওঁ নিজতকৈ আনৰ কথাহে বেছিকৈ ভাবিব লাগে৷ তেনেকুৱাজনকহে কম্যুনিষ্ট আখ্যা দিব পৰা যায়৷

সকলো অনুগত, সৎ, সক্ৰিয় আৰু উদ্যমী কম্যুনিষ্টে একগোট হৈ আমাৰ মাজৰে কিছুমান মানুহে প্ৰদর্শন কৰা উদাৰতাবাদী প্ৰৱণতাসমূহৰ বিৰুদ্ধে থিয় দি তেওেঁলাকক শুদ্ধ পথলৈ আনিব লাগিব৷ এইটো আমাৰ আদর্শগত ক্ষে‍ত্ৰত কৰিবলগীয়া অন্যতম কাম৷

Share Button
Print Friendly, PDF & Email

No Comments : "উদাৰতাবাদৰ বিৰুদ্ধে যুঁজ (ছেপ্টেম্বৰ ৭, ১৯৩৭)-(মূল-মাও জে দং, অনুবাদ : পৱিত্ৰপ্ৰাণ গোস্বামী)"

Leave a Comment

Your email address will not be published. Required fields are marked *