ৰাষ্ট্ৰসংঘত হিন্দী : কিছু বিতৰ্ক আৰু কিছু ইতিহাস

   যোৱা বছৰৰ ছেপ্টেম্বৰ মাহৰ কথা। ভূপালত অনুষ্ঠিত দশম বিশ্ব হিন্দী সন্মিলনৰ পূৰ্বে অনুষ্ঠিত এখন সংবাদমেলত ভাৰতৰ বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে সদৰি কৰিছিল যে হিন্দীক ৰাষ্ট্ৰসংঘৰ এটা অফিচিয়েল ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়োজনীয় ১২৯টা ভোট আহৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সক্ৰিয়ভাৱে কাম কৰি আছে। পাছত 'বিশ্ব হিন্দী সন্মিলন'ৰ উদ্বোধনী সভাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ভাষণ প্ৰসংগত কয় যে ইংৰাজী আৰু চীনা ভাষাৰ লগতে হিন্দীৰো বৰ্তমানৰ ডিজিটেল পৃথিৱীখনত বিশ্বৰ ভিতৰতে এটা নেতৃস্থানীয় ভাষা হিচাপে অৰিহণা যোগাব পৰাৰ সম্ভাৱনা আছে আৰু হিন্দী ভাষাৰ প্ৰচাৰৰ ক্ষেত্ৰত অমনোযোগী হ'লে দেশৰে এটা বৃহৎ ক্ষতি হ'ব। এইখিনিতে উল্লেখনীয় যে ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ ৬৯তম সাধাৰণ সভা ( General Assembly )ৰ অধিবেশনত তেখেতৰ বক্তৃতা হিন্দী ভাষাত দিছিল আৰু এই বক্তৃতাৰ ইংৰাজী তৰ্জমা বিতৰণৰ কাৰণে বিশেষ ব্যৱস্থা কৰা হৈছিল।

     ইয়াৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনত ৰাষ্ট্ৰসংঘৰ ৰেডিঅ' ( UN Radio) ৱেবছাইটত হিন্দী ভাষাত ৰাষ্ট্ৰসংঘৰ বিভিন্ন পদক্ষেপ আৰু বাতৰি সাপ্তাহিকভাৱে সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হয়। ২০০৯ চনত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনত ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ এখন প্ৰেছ বিজ্ঞপ্তিত হিন্দীক ৰাষ্ট্ৰসংঘৰ এটা অফিচিয়েল ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বৈদেশিক মন্ত্ৰণালয়ে সক্ৰিয়ভাৱে কাম কৰি আছে বুলি প্ৰকাশ পাইছিল। ২০০৮ চনৰ ফেব্ৰুৱাৰি মাহত মৰিছাছত (Mauritius) বিশ্ব হিন্দী সচিবালয় (World Hindi Secretariat) আৰম্ভ কৰা হয়, যাৰ মুখ্য উদ্দেশ্য হ'ল হিন্দীক এটা আন্তঃৰাষ্ট্ৰীয় ভাষা হিচাপে প্ৰতিষ্ঠা কৰা, যাতে হিন্দীক ৰাষ্ট্ৰসংঘৰ এটা অফিচিয়েল ভাষা হিচাপে প্ৰতিষ্ঠা কৰাৰ পথ মুকলি হয়। তাৰ আগতে ২০০৭ চনত বৈদেশিক মন্ত্ৰণালয়ৰ এখন প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পাইছিল যে হিন্দীক ৰাষ্ট্ৰসংঘৰ এটা অফিচিয়েল ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়োজনীয় সমৰ্থন বিচাৰি অচিৰেই আৱশ্যকীয় কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে হিন্দী ভাষা ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ সহযোগী সংগঠন UNESCO ( United Nations Educational, Scientific and Cultural Organisation )ৰ এটা অফিচিয়েল ভাষা হিচাপে স্বীকৃতিপ্ৰাপ্ত।

       এইখিনিতে উল্লেখ কৰা ভাল হ'ব যে বৰ্তমান ৰাষ্ট্ৰসংঘৰ অফিচিয়েল ভাষা ৬টা – ইংৰাজী , ফৰাচী, স্পেনিছ, চীনা, ৰাছিয়ান আৰু আৰবী। এই ছ-টা ভাষা বিশ্বৰ প্ৰায় ২.৮ বিলিয়ন মানুহে প্ৰথম বা দ্বিতীয় ভাষা হিচাপে ব্যৱহাৰ কৰে (ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, ২০১১ চনৰ আগষ্ট মাহত বিশ্বৰ সৰ্বমুঠ জনসংখ্যাই ৭ বিলিয়ন সীমা স্পৰ্শ কৰে ) আৰু বিশ্বৰ সৰ্বমুঠ ৰাষ্ট্ৰৰ আধাতকৈ বেছি (প্ৰায় ১০০খন) ৰাষ্ট্ৰত অফিচিয়েল ভাষা হিচাপে স্বীকৃতিপ্ৰাপ্ত। ৰাষ্ট্ৰসংঘৰ বিভিন্ন যাৱতীয় কাম-কাজ বৰ্তমান এই ছ-টা ভাষাৰ মাধ্যমতে কৰা হয়। আনহাতে, কোনো নতুন ভাষাই ৰাষ্ট্ৰসংঘৰ অফিচিয়েল ভাষা হিচাপে স্বীকৃতি পাবলৈ প্ৰথমে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ (General Assembly) মুঠ সদস্য ৰাষ্ট্ৰৰ এক সাধাৰণ সংখ্যাগৰিষ্ঠ সমৰ্থনেৰে কোনো বিধেয়ক সাধাৰণ সভাৰ বৈঠকত উত্থাপিত হ'ব লাগিব আৰু এই বিধেয়কখন সাধাৰণ সভাৰ সৰ্বমুঠ সদস্যৰ দুই-তৃতীয়াংশ সদস্যৰ (বৰ্তমানৰ সংখ্যাত ১২৯খন ৰাষ্ট্ৰ) সমৰ্থনেৰে অনুমোদিত হ'ব লাগিব।

          হিন্দী সন্মিলনসমূহে ১৯৭৫ চনৰপৰাই ধাৰাবাহিকভাৱে হিন্দীক ৰাষ্ট্ৰসংঘৰ এটা অফিচিয়েল ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ল’বলগীয়া প্ৰয়োজনীয় পদক্ষেপসমূহ ল’বলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাই আহিছে । তেতিয়াৰেপৰাই কেন্দ্ৰত অধিষ্ঠিত চৰকাৰসমূহে এই দিশত সংগঠিত পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও কেন্দ্ৰীয় চৰকাৰৰ তৰফৰপৰা লোৱা যিকোনো পদক্ষেপেই ভাৰতৰ বিভিন্ন প্ৰান্তৰ আঞ্চলিক ৰাজনৈতিক দল,সংগঠন আৰু চিভিল ছ'চাইটিৰ সমালোচনা আৰু বিৰোধিতাৰ সন্মুখীন হৈ আহিছে ।

       যোৱা বছৰৰ ছেপ্টেম্বৰ মাহতো সুষমা স্বৰাজৰ ঘোষণাৰ সন্দৰ্ভত দেশজুৰি বিভিন্ন অঞ্চলত,বিশেষকৈ দাক্ষিণাত্যত,প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। সকলোকে আচৰিত কৰা বাতৰিটো আছিল হিন্দীক ৰাষ্ট্ৰসংঘৰ এটা অফিচিয়েল ভাষা হিচাপে প্ৰতিষ্ঠা কৰিলে প্ৰয়োজনীয় আন্তঃগাঁথনি (ৰাষ্ট্ৰসংঘৰ বিভিন্ন সভাৰ বিভিন্ন নথি-পত্ৰ হিন্দী ভাষালৈ বা/আৰু হিন্দীৰপৰা আন ছ-টা অফিচিয়েল ভাষালৈ তৰ্জমা কৰাৰ লগত জড়িত কামবোৰ) নিয়াৰিকৈ চলাই নিবলৈ বছৰি প্ৰায় ৪১ মিলিয়ন মাৰ্কিন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ২৭৫ কোটি টকা) ব্যয় হ'ব। মন কৰিবলগীয়া কথা হ'ল বৈদেশিক মন্ত্ৰণালয়ে এই সিদ্ধান্ত লোৱাৰ ক্ষেত্রত আন ৰাজনৈতিক দল, সংগঠন বা চিভিল ছ'চাইটিৰ লগত কোনো আলোচনা কৰা নাছিল । যদিও বৈদেশিক নীতি সংক্ৰান্তীয় যিকোনো সিদ্ধান্তই কেন্দ্ৰৰ একচেটিয়া অধিকাৰৰ বিষয়, তথাপি সমগ্ৰ দেশকে প্ৰতিনিধিত্ব কৰিবলগীয়া ভাষা এটা নিৰ্ধাৰণ কৰাৰ প্ৰশ্নটো কেৱল বৈদেশিক নীতি সম্বন্ধীয় প্ৰশ্ন নিশ্চয় নহয়। তামিলনাডুৰ (য'ত হিন্দী-বিৰোধিতা আৰু ভাষাৰ ৰাজনীতিৰ প্ৰভাৱ ভাৰতৰ ভিতৰতে সৰ্ব্বোচ্চ বুলি ঐতিহাসিকভাৱে মানি অহা হৈছে ) DMK দলৰ নেতা এম. কৰুণানিধিয়ে প্ৰতিবাদ প্ৰকাশ কৰি কয় যে এনেধৰণৰ যিকোনো পদক্ষেপেই ভাৰতবৰ্ষৰ ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতি চৰম ভাবুকি। যদিও কৰুণানিধিৰ এই প্ৰতিবাদ প্ৰথম দৃষ্টিত প্ৰয়োজনাধিক সংবেদনশীল, বা অত্যধিক উগ্ৰ যেন লাগিব পাৰে,তথাপিও বৈদেশিক মন্ত্ৰণালয়ৰ এই সিদ্ধান্ত ভাৰতীয় গণৰাজ্যৰ আন আন অনুসূচিত ভাষাসমূহৰ হিন্দী ভাষাৰ লগত সমমৰ্যাদা দাবীৰ অৰ্ধ-শতিকাৰো পুৰণি সংঘৰ্ষখনৰ পৃষ্ঠভূমিত এবাৰ বিবেচনা কৰি চোৱাৰ প্ৰয়োজন আছে বুলি আমাৰ অনুভৱ ।

            স্বাধীনতা অৰ্জন কৰাৰ পৰৱৰ্তী কালত ভাৰতীয় গণৰাজ্যৰ সবলীকৰণ আৰু পুনৰ্গঠনৰ সন্দৰ্ভত ভাৰতৰ বিভিন্ন অঞ্চলৰ মাজত থকা ভাষিক বৈচিত্ৰ্যই সৃষ্টি কৰা তাৎক্ষণিক সমস্যাবোৰৰৰ ভিতৰত মুখ্য সমস্যা দুটা আছিল – (১) ভাৰতীয় গণৰাজ্যৰ যাৱতীয় কাম-কাজৰ বাবে এটা চৰকাৰী (অফিচিয়েল) ভাষা নিৰ্ধাৰণ কৰা আৰু (২) স্বাধীন ভাৰতৰ বিভিন্ন প্ৰদেশসমূহৰ সীমা ভাষাৰ ভিত্তিত পুনৰ নিৰ্ধাৰণ কৰা। ইতিমধ্যেই ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ গৰিষ্ঠসংখ্যক নেতাই ভাৰতৰ ভাষিক বৈচিত্ৰ্যৰ প্ৰতি নজৰ ৰাখি ৰাষ্ট্ৰীয় চিনাকি (National Identity)ৰ বাবে এটা ৰাষ্ট্ৰীয় ভাষা (National Language) প্ৰয়োজনীয় বুলি ভবা ধাৰণাটো নাকচ কৰিছিল আৰু সেইমৰ্মে পৰৱৰ্তী সময়ত সংবিধান প্ৰণেতাসকলে ভাৰতৰ প্ৰমুখ ১৫টা  ভাষা (১৪টা আঞ্চলিক ভাষা + সংস্কৃত) সমমৰ্যাদা-সহকাৰে সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰিছিল (বৰ্তমান এই সংখ্যা ২২)। কিন্তু সংবিধান প্ৰণেতাসকলে সেই সময়ত ভাবিছিল যে ভাৰতৰ ৰাজপত্ৰিত (Official) কাম-কাজসমূহ একেলগে ইমানবোৰ ভাষাত একে সময়তে সুচাৰুৰূপে কৰিবলৈ জটিল হ'ব বা সম্ভৱ নহ’ব আৰু সেয়ে কোনো এটা অনুসূচিত ভাষা সৰ্বভাৰতীয় সংযোগী ভাষা (Link Language) হিচাপে নিৰ্ধাৰণ কৰাটো আৱশ্যকীয়, যাৰ মাধ্যমত কেন্দ্ৰীয় চৰকাৰে নিজৰ যাৱতীয় কাম-কাজ কৰাৰ লগতে ৰাজ্যিক চৰকাৰসমূহৰ লগত আৰু ৰাজ্যিক চৰকাৰসমূহে পৰস্পৰৰ মাজত  নিয়াৰিকৈ যোগাযোগ ৰাখিব পাৰিব। প্ৰশ্ন উঠিছিল – কোনটো ভাষাই সৰ্বভাৰতীয় যোগাযোগৰ মাধ্যম হিচাপে কাম কৰিব পাৰিব ? বা ভাৰতীয় গণৰাজ্যৰ চৰকাৰী (Official) আৰু সংযোগী ভাষা (Link Language) কি হ'ব? এই প্ৰশ্নৰ উত্তৰ হিচাপে দুটা ভাষাৰ গ্ৰহণযোগ্যতা ব্যাপক বুলি ভবা হৈছিল – (১) হিন্দী বা হিন্দুস্তানী (সকলোতকৈ অধিক মানুহে ব্যৱহাৰ কৰিছিল আৰু বুজি পাইছিল। হিন্দুস্তানী হিন্দী ভাষাৰে এটা প্ৰকাৰ, যাৰ উৰ্দু ভাষাৰ লগত সামঞ্জস্য  তুলনামূলকভাৱে বেছি) আৰু (২) ইংৰাজী (ব্ৰিটিছ প্ৰশাসনে চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰাৰ সূত্ৰে ইতিমধ্যেই সৰ্বভাৰতীয় সংযোগী ভাষা হৈ উঠিছিল)। কিন্তু ইতিমধ্যেই স্বাধীনতা সংগ্ৰামৰ কালতে ভাৰতীয় নেতাসকলে মত পোষণ কৰিছিল যে স্বাধীন ভাৰতৰ অফিচিয়েল ভাষা হিচাপে ইংৰাজী ভাষা বাহাল ৰখা নহ’ব। সেয়ে সংবিধান প্ৰণয়নকাৰী সভাত (Constituent  Assemby) ভাৰতীয় গণৰাজ্যৰ চৰকাৰী ভাষা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত মুখ্য বিতৰ্কৰ বিষয় আছিল দুটা – (১) হিন্দী বা হিন্দুস্তানীয়ে চৰকাৰী ভাষা হিচাপে ইংৰাজীক পদচ্যুত কৰিবনে ? (২) যদিহে হিন্দী বা হিন্দুস্তানীয়ে চৰকাৰী ভাষা হিচাপে ইংৰাজীক পদচ্যুত কৰে,তেন্তে সেই সালসলনিৰ সময়সীমা কি হ'ব ? যদিও এই দুয়োটা প্ৰশ্নৰ উত্তৰ নিৰ্ধাৰণৰ ইতিহাস যথেষ্ট ঘটনাবহুল,আৰু এই লিখনিৰ শিৰোনামাৰ প্ৰসংগৰ লগত বৰ্তমানৰ পৰিস্থিতিত কোনো বিশেষ তাৎক্ষণিক প্ৰভাৱ নাই,তথাপি বিষয়টোৰ ঐতিহাসিক বিৱৰ্তনৰ এটা থূলমূল আভাস স্থাপনৰ স্বাৰ্থত চুটিকৈ সেই ইতিহাসত আলোকপাত কৰাৰ এটা চেষ্টা কৰাটো হয়তো সমীচীন হ'ব।

        ভাৰতীয় গণৰাজ্যৰ চৰকাৰী ভাষা হিন্দী হ'বনে হিন্দুস্তানী হ'ব, সেইটো এটা  বহুবিতৰ্কিত প্ৰশ্ন আছিল। গান্ধী আৰু নেহৰু,দুয়োৱে হিন্দুস্তানীৰ (দেৱনাগৰী বা উৰ্দু লিপিত)পোষকতা কৰিছিল আৰু বহু হিন্দীৰ সমৰ্থকেয়ো গান্ধী-নেহৰুৰ মতৰ প্ৰতি সন্মতি দিছিল। কিন্তু ব্ৰিটিছ ভাৰতৰ বিভাজন হৈ পাকিস্তান গঠন হোৱাত আৰু পাকিস্তানে উৰ্দু ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়াত ভাৰতত হিন্দীৰ  সপক্ষে জনমতৰ ঢৌ বয়। হিন্দীৰ সমৰ্থকসকল ভাৰতত হিন্দী ভাষাক (দেৱনাগৰী লিপিত) ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত সোচ্চাৰ হৈ পৰে। ভাষাৰ ভিত্তিত বিভিন্ন প্ৰদেশৰ সীমা নিৰ্ণয়  কৰিবলৈ লোৱা পদক্ষেপৰ এক পৰ্যালোচনাত (Thoughts on Linguistic States, 1955)  ড০ বি. আৰ. আম্বেদকাৰে প্ৰসংগক্ৰমে  লিখিছিল যে হিন্দী ভাষাক ভাৰতীয় গণৰাজ্যৰ অফিচিয়েল ভাষা হিচাপে স্বীকৃতি দিব বিচৰা সিদ্ধান্তটোৰ সমান বিতৰ্কিত সিদ্ধান্ত সংবিধানত প্ৰণয়নকাৰী সভাত দ্বিতীয় এটা নাছিল। এই বিষয়ত সংবিধান প্ৰণেতাসকলৰ মাজত হোৱা তীব্ৰ মতানৈক্য আৰু বাক-বিতণ্ডাৰ পিছত যেতিয়া ভোটযোগে সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰ্যায় আহে, প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত হিন্দীৰ সপক্ষে ৭৮টা আৰু হিন্দুস্তানীৰ সপক্ষে ৭৮টা ভোট গৃহীত হৈছিল। পৰৱৰ্তী পৰ্যায়ত মাত্ৰ এটা ভোটৰ ব্যৱধানত (৭৮-৭৭) হিন্দীয়ে বিজয় লাভ কৰে যদিও হিন্দীৰ সমৰ্থকসকলক মানি ল’বলৈ বাধ্য কৰা হয় যে হিন্দীক ৰাষ্ট্ৰভাষা হিচাপে মৰ্যাদা দিয়া নহ’ব, বৰঞ্চ ই ভাৰতীয় গণৰাজ্যৰ অফিচিয়েল ভাষা হিচাপে ব্যৱহৃত হ'ব । এই সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত হিন্দীৰ সপক্ষে আৰু বিপক্ষে গৃহীত হোৱা ভোটৰ ব্যৱধানে পৰিষ্কাৰকৈ বুজাই দিয়ে যে হিন্দীক ভাৰতীয় গণৰাজ্যৰ অফিচিয়েল ভাষা হিচাপে স্বীকৃতি দিয়াৰ সময়ত সংবিধান প্ৰণেতাসকলৰ মাজত মতবিৰোধ কিমান তীব্ৰ আৰু ব্যাপক আছিল।

        আনহাতে, হিন্দীয়ে ইংৰাজীক ক্ৰমান্বয়ে অপসাৰণ কৰি ভাৰতীয় গণৰাজ্যৰ একমাত্ৰ চৰকাৰী হিচাপে মৰ্যাদা লাভৰ সময়সীমা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত হিন্দীভাষী অঞ্চলসমূহ আৰু অনা-হিন্দীভাষী অঞ্চলসমূহৰ মাজত তীব্ৰ মতানৈক্যৰ সূত্ৰপাত ঘটে । হিন্দীৰ সমৰ্থকসকলে এই সালসলনি তাৎক্ষণিকভাৱে হোৱাটো দাবী কৰাৰ বিপৰীতে অনা-হিন্দীভাষী অঞ্চলসমূহৰপৰা এই সালসলনিৰ ম্যাদ অনিৰ্দিষ্ট কালৰ বাবে নহ’লেও কিছু দীঘলীয়া সময়ৰ ভিত্তিত হোৱাটো পোষকতা কৰে। অনা-হিন্দীভাষীসকলৰ মূল ভয় হৈছিল যে হিন্দীক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিলে তেওঁলোক শৈক্ষিক আৰু অৰ্থনৈতিকভাৱে হিন্দীভাষীসকলৰ তুলনাত দুৰ্বল অৱস্থানত থাকিব, বিশেষকৈ চৰকাৰী বিভাগ আৰু চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানত নিযুক্তি লাভৰ ক্ষেত্ৰত । সেয়ে তেওঁলোকে যুক্তি আগ বঢ়াইছিল যে হিন্দী বলবৎ কৰিলে অনা-হিন্দীভাষী অঞ্চলসমূহৰ ওপৰত হিন্দীভাষী অঞ্চলৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক আধিপত্য আৰম্ভ হ'ব। শেষত বহু বিতৰ্কৰ পিছত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে যদিও সংবিধানত হিন্দীক ভাৰতীয় গণৰাজ্যৰ অফিচিয়েল ভাষা হিচাপে ঘোষণা কৰা হ'ব, তৎসত্ত্বেও ২৬ জানুৱাৰি, ১৯৬৫ চনলৈকে ভাৰতীয় গণৰাজ্যৰ সকলো অফিচিয়েল কামত ইংৰাজীৰ ব্যৱহাৰ চলি থাকিব । হিন্দীৰ ব্যৱহাৰ পৰ্যায়ক্ৰমে বঢ়াই নি ১৯৬৫ চনৰ পিছত ইয়াক একমাত্ৰ চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰা হ'ব আৰু ইংৰাজীৰ ব্যৱহাৰ ১৯৬৫ চনৰ পিছতো বাহাল ৰাখিবলগীয়া কোনো পৰিস্থিতি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ অধিকাৰ সংসদৰ ওপৰত ন্যস্ত কৰা হয়। লগতে সংবিধানে কেন্দ্ৰীয়  চৰকাৰক হিন্দী ভাষাৰ প্ৰসাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ দায়িত্ব বান্ধি দিয়ে। আনহাতে ৰাজ্যিক পৰ্যায়ত চৰকাৰী ভাষা নিৰ্ধাৰণ কৰাৰ দায়িত্ব ৰাজ্যিক বিধানসভাসমূহৰ ওপৰত ন্যস্ত কৰা হয়।

      সংবিধান প্ৰণেতাসকলে ভাবিছিল যে ১৯৬৫ চন অহালৈকে হিন্দীৰ সমৰ্থকসকলে অন্য ভাষিক অঞ্চলসমূহৰ বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু হিন্দী ভাষা শিক্ষাৰ প্ৰসাৰৰদ্বাৰা হিন্দীৰ প্ৰতি বিৰোধৰ তীব্ৰতা কমি আহিব । কিন্তু হিন্দী ভাষা শিক্ষাৰ প্ৰসাৰৰ গতি লেহেমীয়া হোৱাৰ লগতে হিন্দীৰ সমৰ্থকসকলৰ একাংশই ক্ৰমাগতভাৱে আৰু বন্ধুত্বসুলভ মনোভাবেৰে অনা-হিন্দীভাষী লোকৰ বিশ্বাস অৰ্জন কৰাৰ পৰিবৰ্তে চৰকাৰী আইন প্ৰণয়ন যোগে হিন্দী প্ৰসাৰ কৰিব বিচৰাত হিন্দী-বিৰোধী আন্দোলনৰ সূত্ৰপাত ঘটিবলৈ লয়। এই প্ৰসংগত ১৯৫৯ চনত সংসদত নেহৰুৱে কৈছিল যে হিন্দী সমৰ্থকসকলৰ অত্যুৎসাহী মনোভাৱেই অনা-হিন্দীভাষী অঞ্চলত  হিন্দীৰ প্ৰসাৰ আৰু গ্ৰহণ প্ৰক্ৰিয়াত বাধা আনিছে । ('...the way they approach this subject often iritates others, as it irritates me.' - Speeches, Nehru, Vol. 4 )

      ২৬ জানুৱাৰি,১৯৬৫ৰ সময়সীমা চাপি অহাৰ লগে লগে অনা-হিন্দীভাষী অঞ্চলসমূহত এক সংশয়গ্ৰস্ততাৰ পৰিবেশ আৰম্ভ হয়, বিশেষকৈ তামিলনাডুত । ১৭ জানুৱাৰিৰ দিনা DMK দলে মাদ্ৰাজ ৰাজ্যিক হিন্দী-বিৰোধী অভিবৰ্তন (Madras State Anti-Hindi Conference) অনুষ্ঠিত কৰে, য'ত আগন্তুক ২৬ জানুৱাৰি দিনটোক শোক দিৱস হিচাপে পালন কৰাৰ আহ্বান দিয়া হয়। এই হিন্দী-বিৰোধী প্ৰতিবাদে বিষম ৰূপ ধাৰণ কৰি ৰাজ্যজুৰি ব্যাপক হিংসাত্মক কাৰ্যৰ সূত্ৰপাত কৰে আৰু পাছত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰত্যক্ষ অভয়বাণীৰ পৰিপ্ৰেক্ষিততহে সেই প্ৰতিবাদী  আন্দোলনৰ সামৰণি পৰে। শাস্ত্ৰীয়ে সকাহবাণী দিছিল যে যেতিয়ালৈকে  প্ৰদেশসমূহে বিচাৰিব, তেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী কাম-কাজত  ইংৰাজী ভাষাৰ প্ৰয়োগ অব্যাহত থাকিব। পাছত ১৯৬৭ চনত ইন্দিৰা গান্ধীৰ চৰকাৰৰ দিনত Official Language Act, 1963 সংশোধন কৰি অনা-হিন্দীভাষী ৰাজ্যসমূহে নিবিচৰা পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী কাম-কাজ আৰু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰসমূহৰ মাজত যোগাযোগৰ মাধ্যম হিচাপে হিন্দীৰ সহযোগী ভাষা হিচাপে ইংৰাজীৰ ব্যৱহাৰ অব্যাহত থাকিব বুলি ন্যায়িক বৈধতা প্ৰদান কৰা হয়। অৰ্থাৎ ভাৰতীয় গণৰাজ্যৰ চৰকাৰী কাম-কাজত ইংৰাজী ভাষাৰ ব্যৱহাৰ বাহাল ৰখা বা নৰখাৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্রত অনা-হিন্দীভাষী ৰাজ্যসমূহক সম্পূৰ্ণ ভেটো শক্তি (Veto Power) প্ৰদান কৰা হয় আৰু ইংৰাজীৰ ব্যৱহাৰ আজিও বাহাল আছে ।

       পুনৰ মূল প্ৰসংগলৈ ঘূৰি আহোঁ। হিন্দীক ৰাষ্ট্ৰসংঘৰ এটা অফিচিয়েল ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দিয়া আহ্বানৰ সমৰ্থকসকলে আগ বঢ়োৱা মুখ্য যুক্তিটো হ'ল ভাৰতবৰ্ষত হিন্দী ভাষা ব্যৱহাৰ কৰা লোকৰ সংখ্যাই সবাতোকৈ বেছি । ২০০১ চনৰ লোকপিয়ল (ভাষাৰ পৰিসংখ্যা প্ৰকাশিত শেষৰটো লোকপিয়ল) অনুসৰি ভাৰতবৰ্ষৰ প্ৰায় ৪২.২ কোটি মানুহৰ হিন্দী ভাষা কয় (Hindi Speakers)। হিন্দী ভাষাৰ সমৰ্থকসকলৰ যুক্তি হ'ল যে যদিহে কোনো এটা ভাৰতীয় ভাষাই বিশ্বৰ দৰবাৰত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলগা হয়, তেন্তে সেই ভাষাটো সকলোতকৈ বেছিসংখ্যক মানুহৰদ্বাৰা ব্যৱহাৰ হোৱাটো দৰকাৰ। আৰু কেৱল এই যুক্তিৰ আধাৰত বিবেচনা কৰিলে নিঃসন্দেহে হিন্দী ভাষাই ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত প্ৰতিনিধিত্ব কৰাৰ বাবে যোগ্য দাবীদাৰ ।

       কিন্তু হিন্দী ভাষাক এই মৰ্যাদা দিয়াত অনীহা প্ৰকাশ কৰাসকলে যুক্তি আগ বঢ়ায় যে লোকপিয়লৰ সময়ত নিজকে হিন্দীভাষী (Hindi Speakers) বুলি নথিভুক্ত কৰা মানুহখিনিৰ বহুতেই দৈনন্দিন জীৱনত হিন্দীৰ পৰিবৰ্তে হিন্দীৰ লগত সাদৃশ্য থকা আন কোনো ভাষাহে (যেনে, ভোজপুৰী, অৱধী, বাঘেলী, ছত্তিছগড়ী আদি) নিজৰ মাতৃভাষা (Mother Tongue) হিচাপে ব্যৱহাৰ কৰে । হিন্দীক নিজৰ মাতৃভাষা হিচাপে ঘোষণা কৰা মানুহৰ সংখ্যা প্ৰায় ২৫.৭  কোটি (ভাৰতৰ সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় এক-চতুৰ্থাংশ)ৰ বিপৰীতে হিন্দী-সদৃশ অন্য ভাষা নিজৰ মাতৃভাষা হিচাপে ব্যৱহাৰ কৰা মানুহৰ সংখ্যা প্ৰায় ১৬.৪ কোটি। আৰু ভাৰতৰ সৰ্বমুঠ নাগৰিকৰ অৰ্ধেকৰো বেছিয়ে (প্ৰায় ৫৮%) মানুহে নিজকে হিন্দীভাষী বুলি পৰিচয় নিদিয়ে (অন্ততঃ লোকপিয়লৰ নথিভুক্ত তথ্যমতে)। গতিকে যদিহে ভাৰতবৰ্ষত কেৱল সংখ্যাগৰিষ্ঠতাৰ আধাৰতেই বিভিন্ন ৰাষ্ট্রীয় বিষয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়, তেন্তে এনে ব্যৱস্থাই কেৱল সংখ্যালঘুৰ ( ভাষিক আৰু ধৰ্মী ) অধিকাৰৰ প্ৰতিয়েই ভাবুকি কঢ়িয়াই আনিব তেনে নহয়, লগতে এনে প্ৰক্ৰিয়াই ভাৰতীয় সংবিধানৰ সমতা আৰু সমমৰ্যাদাৰ (Equality) ধাৰণাটোকে ব্যাহত কৰি তুলিব । এইক্ষেত্ৰত ১৯৫০ৰ দশকত চলা হিন্দী-বিৰোধী আন্দোলনৰ সময়ত DMK দলৰ প্ৰতিষ্ঠাপক চি.এন. আন্নাদুৰাইৰ সেই ইতিহাস-প্ৰসিদ্ধ উক্তিষাৰ প্ৰণিধানযোগ্য – সংখ্যাত গৰিষ্ঠ হোৱাৰ পিছতো কাউৰীক কিয় ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পক্ষীৰ (National Bird) মৰ্যাদা দিয়া হোৱা নাই !!

     বৰ্তমানেও হিন্দী ভাষাক ৰাষ্ট্ৰসংঘৰ এটা অফিচিয়েল ভাষা হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা পদক্ষেপৰ সপক্ষে আৰু বিপক্ষে প্ৰায় সেই একেইবোৰ যুক্তিয়েই উত্থাপন হৈছে, যিবোৰ যুক্তি প্ৰথমে এসময়ত হিন্দীক ভাৰতৰ ৰাষ্ট্ৰভাষা (National Language) প্ৰতিষ্ঠা কৰিবলৈ বিচৰা প্ৰচেষ্টাৰ সন্দৰ্ভত আৰু তাৰ পৰৱৰ্তী সময়ত হিন্দীক ভাৰতৰ একমাত্ৰ অফিচিয়েল ভাষা (সহযোগী অফিচিয়েল ভাষা হিচাপে ইংৰাজীৰ ব্যৱহাৰ পৰ্যায়ক্ৰমে বাতিল কৰি আনি) হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কৰা প্ৰচেষ্টাৰ প্ৰসংগত হৈছিল। কেৱল বিশ্ব হিন্দী সন্মিলনক প্ৰমুখ্য কৰি অনান্য হিন্দী সন্মিলনসমূহত অধিগৃহীত হোৱা প্ৰস্তাৱসমূহৰ আধাৰত হিন্দী ভাষাক ৰাষ্ট্ৰসংঘৰ এটা অফিচিয়েল ভাষা হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ যিকোনো পদক্ষেপৰ বিৰুদ্ধে ভাৰতৰ অন্যান্য ভাষিক গোষ্ঠীসমূহৰ বিৰোধ অহাটো অনিবাৰ্য। কাৰণ ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত (Eighth Schedule) অন্তৰ্ভুক্ত সকলো ভাষাকে (বৰ্তমান ২২টা, হিন্দীক ধৰি) ভাৰতীয় গণৰাজ্যৰ চৰকাৰী ভাষা (কেন্দ্ৰীয়ভাৱে) হিচাপে ঘোষণা কৰি  সংসদীয়,প্ৰশাসনিক,কেন্দ্ৰ আৰু কোনো প্ৰদেশৰ মাজত বা বিভিন্ন প্ৰদেশৰ মাজত যোগাযোগ আদি কাম-কাজৰ ক্ষেত্রত ব্যৱহাৰ কৰিব পৰাকৈ হিন্দী ভাষাৰ সমমৰ্যাদা দিবলৈ যিটো দাবী স্বাধীনতাৰ পিছৰেপৰা উত্থাপিত হৈ আহিছে, সেই দাবীক প্ৰত্যাখ্যান কৰি অহাৰ যুক্তি আছিল যে তাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ। তেন্তে কি যুক্তিত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে হিন্দীক ৰাষ্ট্ৰসংঘৰ এটা অফিচিয়েল ভাষা হিচাপে প্ৰতিষ্ঠা কৰি তাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি বৰ্তাই ৰাখিবলৈ বাৰ্ষিক প্ৰায় ২৭৫ কোটি টকা ব্যয় বহন কৰিবলৈ প্ৰস্তুত হৈছে ? এই টকাখিনিৰে ভাৰতৰ ঘৰুৱা ক্ষেত্ৰখনত বাকী ২১টা অনুসূচিত ভাষাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ আন্তঃগাঁথনি নিৰ্মাণ কৰিব পৰা নাযায়নে? যদিহে অৰ্থ কোনো সমস্যা নহয়, তেন্তে কেন্দ্ৰই কিয় বাকী ২১টা অনুসূচিত ভাষাক হিন্দীৰ সমমৰ্যাদা দিয়াত পিছ হুঁহকি আছে? যদিহে হিন্দী সন্মিলনসমূহত গৃহীত হোৱা প্ৰস্তাৱে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ক (প্ৰকাৰান্তৰে কেন্দ্ৰীয় চৰকাৰক) ইমান প্ৰভাৱিত কৰিব পাৰে, তেন্তে বাকী অনুসূচিত ভাষাসমূহৰ (প্ৰকাৰান্তৰে ভাষিক অঞ্চলসমূহৰ) দাবীৰ (সংবিধান সংশোধন কৰি কেন্দ্ৰীয়ভাৱে চৰকাৰী ভাষাৰ স্বীকৃতি দি হিন্দীৰ সমমৰ্যাদা দিয়া) প্ৰতি কেন্দ্ৰ ইমান উদাসীন কিয় ? এইক্ষেত্ৰত কেন্দ্ৰই ঘৰুৱা ভাষিক সমতা প্ৰতিষ্ঠাৰ প্ৰতি উদাসীন হৈ কেৱল হিন্দী ভাষাৰ প্ৰচাৰৰ (আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো) প্ৰতি ইমান সক্ৰিয় হৈ পৰাটোৱে হিন্দী ভাষাৰ প্ৰতি পক্ষপাতদুষ্টতা প্ৰতীয়মান নকৰেনে ?

       ৰাষ্ট্ৰসংঘত হিন্দীক এটা অফিচিয়েল ভাষা হিচাপে স্থাপন কৰিব বিচৰা প্ৰসংগটো বাদ দিও হিন্দী ভাষাৰ প্ৰসাৰৰ ক্ষেত্রত কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া কেইবাটাও পদক্ষেপ অলপ মন কৰিবলগীয়া । যোৱা বছৰ ছেপ্টেম্বৰ মাহত বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC)দ্বাৰা এখন অধিসূচনা জাৰি কৰা হৈছিল, যাৰদ্বাৰা বিশ্ববিদ্যালয়সমূহত উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে হিন্দীক এটা প্ৰাথমিক ভাষা হিচাপে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশনা দিয়া হৈছিল। পাছত বিভিন্ন ভাষিক গোষ্ঠী আৰু আঞ্চলিক ৰাজনৈতিক দলৰ, বিশেষকৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী জয়াললিতাৰ, তীব্র প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত এই অধিসূচনা প্ৰত্যাহাৰ কৰা হয়। তাৰ কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰৰ বিভিন্ন মন্ত্ৰণালয় আৰু বিভাগৰ অফিচিয়েল টুইটাৰ আৰু ফেইচবুক একাউন্টসমূহত হিন্দী ভাষাৰ ব্যৱহাৰৰদ্বাৰা হিন্দীৰ আধিপত্যবাদী সম্প্ৰসাৰণ কৰিব বিচৰা হৈছে বুলি বিভিন্ন আঞ্চলিক ৰাজনৈতিক দল আৰু ভাষিক সংগঠনসমূহে প্ৰতিবাদ প্ৰকাশ কৰিছিল । যদিও কেন্দ্ৰত অধিষ্ঠিত প্ৰায় প্ৰতিখন চৰকাৰেই হিন্দী ভাষাৰ প্ৰসাৰৰ  ক্ষেত্রত এক আগ্ৰহী স্থিতি গ্ৰহণ কৰা আৰু সময়ে সময়ে বিভিন্ন পদক্ষেপ লৈ অহা পৰিলক্ষিত হৈ আহিছে,যাৰ বিৰুদ্ধে প্ৰতিবাদৰ ইতিহাসো স্বাধীনতা অৰ্জনৰ সমানেই পুৰণি, কিন্তু যিহেতু বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য সাংগঠনিক ভিত্তি এনে এটা বলয়ত অৱস্থিত,য'ৰপৰা 'হিন্দী, হিন্দু,হিন্দুস্তান'ধাৰণাটো আধিপত্যবাদী মনোভাবেৰে পৃষ্ঠপোষকতা কৰা হয় বুলি এক বহুজনগ্ৰাহ্য ধাৰণা আছে (যি ধাৰণা সমূলি ভিত্তিহীন নহয় বুলি এই লেখকৰো ব্যক্তিগত বিশ্বাস),সেয়ে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনৰ এনে পদক্ষেপসমূহৰ প্ৰতি এটা সংশয়মূলক সন্দেহ আৰু তাৰ ভিত্তিত প্ৰতিবাদৰ ঢৌ উঠাটো স্বাভাৱিক ।

       হিন্দীক ৰাষ্ট্ৰসংঘৰ অফিচিয়েল ভাষা হিচাপে প্ৰতিষ্ঠা কৰাৰ সমৰ্থকসকলে যুক্তি আগ বঢ়ায় যে যিহেতু ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (United Nations Security Council) স্থায়ী সদস্যৰ আসনৰ বাবে নিৰন্তৰে দাবী জনাই আহিছে আৰু এই দিশত বিভিন্ন দেশৰ সমৰ্থনো লাভ কৰিছে, তেনে পৰিস্থিতিত হিন্দী ৰাষ্ট্ৰসংঘৰ এটা অফিচিয়েল ভাষা হিচাপে পৰিগণিত হ'লে ভাৰতৰ প্ৰাৰ্থিত্ব অধিক সবল হ'ব। তাৰ বিপৰীতে এই প্ৰচেষ্টাৰ সমালোচকসকলে মত পোষণ কৰে যে যদিহে হিন্দীক ৰাষ্ট্ৰসংঘৰ এটা অফিচিয়েল ভাষা হিচাপে প্ৰতিষ্ঠা কৰা হয়, তেন্তে ৰাষ্ট্ৰসংঘৰ চাৰিওটা অফিচত – নিউয়ৰ্ক, জেনেভা, ভিয়েনা আৰু নাইৰোবি – বিভিন্ন নথি-পত্ৰ হিন্দী ভাষালৈ বা/আৰু হিন্দীৰপৰা অন্য অফিচিয়েল ভাষালৈ অনুবাদ, ছপা, ডকুমেন্টেশ্যন আদি কৰিবলৈ এটা বৃহৎ আন্তঃগাঁথনি প্ৰতি বছৰে এক বুজন পৰিমাণৰ অৰ্থৰ বিনিময়ত চলাই ৰাখিব লাগিব আৰু এই কথাই বিতৰ্কাতীতভাৱে প্ৰমাণ কৰে যে ৰাষ্ট্ৰসংঘৰ সৰহসংখ্যক সদস্য দেশৰ প্ৰতিনিধিয়েই হিন্দী ভাষাৰ লগত যথাযোগ্যভাৱে বা সমূলি পৰিচিত নহয়। গতিকে হিন্দীক ৰাষ্ট্ৰসংঘৰ এটা অফিচিয়েল ভাষা হিচাপে সফলতাৰে স্থাপন কৰিব পাৰিলেও সি কেৱল সাম্প্ৰতিক সময়ত ভাৰতৰ ক্ৰমবৰ্ধিত শক্তি আৰু প্ৰভাৱৰ এক 'প্ৰতীকী স্বীকৃতি'হে হ'ব,তাৰ বাহিৰে বিশেষ একো লাভ নহয় ।

       সেয়ে দেখা যায় যে হিন্দী ভাষা প্ৰসাৰৰ ক্ষেত্রত লোৱা উদ্যোগী মনোভাবৰ বিপৰীতে অন্যান্য দেশীয় ভাষাসমূহক (অনুসূচিত ভাষা বুলি পঢ়িব) দেশৰ ভিতৰতে সমমৰ্যাদা দিয়াৰ ক্ষেত্রত স্বাধীনতাৰ পিছৰেপৰা আজিলৈকে কেন্দ্ৰৰ যি এক অনীহা বা বিলম্ব চকুত পৰি আহিছে, তেনে এক ঐতিহাসিক পৃষ্ঠভূমিত হিন্দীক ৰাষ্ট্ৰসংঘৰ এটা অফিচিয়েল ভাষা হিচাপে স্থাপিত কৰিবলৈ লোৱা যিকোনো পদক্ষেপকে প্ৰকাৰান্তৰে সমগ্ৰ ভাৰতবাসীকে বিশ্বৰ আগত হিন্দীভাষী হিচাপে চিনাকি কৰি দিয়াৰ প্ৰয়াস বুলি সন্দেহৰ আঙুলি উঠাটো খাটাং। এই প্ৰসংগত স্বনামধন্য ইতিহাসবিদ আৰু লিখক ৰামচন্দ্ৰ গুহই কিছুদিন পূৰ্বে টুইট কৰিছিল, "One should remember that Pakistan split and Sri Lanka plunged into civil war because of the mistaken belief in a single national language ." এই লিখকে আশা প্ৰকাশ কৰে যে কেন্দ্ৰীয় চৰকাৰে কেৱল হিন্দীৰ প্ৰসাৰতে ব্যস্ত নাথাকি অন্যান্য অনুসূচিত ভাষাসমূহকো হিন্দীৰ সমানেই মৰ্যাদা দিয়াৰ ক্ষেত্রত আৰু অৱশিষ্ট বিভিন্ন আঞ্চলিক ভাষাসমূহৰ বিকাশৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ সময়ানুবৰ্তিতাৰে আৰু দূৰদৃষ্টি-সহকাৰে গ্ৰহণ কৰাত বিশেষভাৱে মনোনিৱেশ কৰিব।

বিপ্লৱ বৰা

Share Button
Print Friendly, PDF & Email

No Comments : "ৰাষ্ট্ৰসংঘত হিন্দী : কিছু বিতৰ্ক আৰু কিছু ইতিহাস"

Leave a Comment

Your email address will not be published. Required fields are marked *