সম্পাদকৰ টোকা : উৰাবাতৰিৰ বতৰা : বিজ্ঞানমনস্কতা আৰু ইটো-সিটো ‍(কৌশিক দাস)

১. দুটামান মজাৰ কথা

উৰাবাতৰি বুলিলে আমি কি বুজোঁ? উৰাবাতৰিৰ সামাজিক তাৎপৰ্যই বা কি? উৰাবাতৰিৰ সৈতে বিজ্ঞানমনস্কতাৰ কিবা সমন্ধ আছেনে? এইসমূহ কথা এই নিবন্ধত যথাসময়ত স্বাভাৱিকতেই উত্থাপিত হ’ব। কিন্তু প্রথমতেই, বিষয়টোৰ সৈতে সম্পৰ্কিত দুটামান মজাৰ কথা উল্লেখ কৰি থোৱা যাওক।

(ক)

২০১৪ চনৰ ছেপ্টেম্বৰ মাহৰ কথা। এমেৰিকা যুক্তৰাষ্ট্রৰ ফ্ল’ৰিডাৰ জেজ্‌মিন ট্রাইডেভ’ল (Jasmine Tridevil) নামৰ এগৰাকী ২১ বছৰীয়া গাভৰুৱে ইন্টাৰনেটৰ ছ’চিয়েল মিডিয়াৰ যোগেদি বাতৰি দিলে যে অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁৰ বক্ষত তিনি নম্বৰ স্তন এটি সংলগ্ল (implant) কৰা হৈছে। কছমেটিক ছাৰ্জাৰিটোৰ বাবদ খৰছ পৰিছে গোটে গোটে ২০,০০০ ডলাৰ। গাভৰুগৰাকীয়ে তিনিটা স্তনেৰে সমৃদ্ধ প্রায়-উন্মুক্ত বক্ষৰ ফ’টো আৰু ভিডিও ইন্টাৰনেটত আপলোড কৰি দিলে (চিত্র-১)। বাতৰিটো বনজুইৰ দৰে বিয়পি পৰিল; কেউফালে লাগি গ’ল অভাবনীয় হুলস্থূল। বাতৰিকাকততো উক্ত কথাটোৱে গুৰুত্বসহকাৰে স্থান লাভ কৰিলে। জেজ্‌মিন ট্রাইডেভ’লক এই বিশ্বৰ প্রথমগৰাকী কৃত্রিম তৃতীয়-স্তনযুক্তা মহিলা বুলি অভিহিত কৰা হ’ল।

চিত্র-১:-জেজ্‌মিন ট্রাইডেভ’ল ওৰফে এলিছা হেছলাৰ। ছবিখন ইন্টাৰনেটৰ পৰা সংগ্রহ কৰা।

অলপ দিনৰ পাছত গম পোৱা গ’ল যে গাভৰুগৰাকীৰ প্রকৃত নাম এলিছা হেছলাৰ (Alisha Hessler)। কোনো কোনো মানুহে তেখেতৰ কথাটোত সন্দেহ প্রকাশ কৰিলেও, যুৱতীগৰাকী তেখেতৰ দাবীত অটল হৈ থাকিল। তেখেতে সদৰি কৰিলে যে প্রায় ৫০গৰাকী শল্য চিকিৎসকে প্রত্যাখ্যান কৰাৰ পাছতহে উক্ত অস্ত্ৰোপচাৰটো কৰাবলৈ এজনক মান্তি কৰোৱা হৈছিল। তিনি নম্বৰ স্তনটিৰ বাবে মঙহ-চৰ্ম আদি অত্যাৱশ্যকীয় কেঁচামাল সংগ্রহ কৰা হৈছিল তেখেতৰেই পেটৰ নিম্ন অংশৰপৰা। নিজৰ অৰ্ধ-নগ্ন ফ’টো আৰু ভিডিও ৰাজহুৱাকৈ প্রদৰ্শন কৰা যুৱতীগৰাকীয়ে গোপনীয়তা ৰক্ষাৰ স্বাৰ্থত তাতোকৈ আৰু বেছি একো ক’ব নোৱাৰি বুলি ঘোষণা কৰিছিল। গতিকে কৃত্রিম তৃতীয় স্তনৰ বাতৰিটোৰ সত্যাসত্য নিৰূপণ কৰিবলৈ তেখেতে আপলোড কৰা ফ’টো আৰু ভিডিওৰ বাহিৰে অন্য কোনো সমল নাছিল।

যি কি নহওক, বিশ্বৰ প্রথমগৰাকী কৃত্রিম তৃতীয়-স্তনযুক্তা মহিলা হোৱাৰ সুবাদত তৰুণীগৰাকীৰ ব্যস্ততা অতিকৈ বা‌ঢ়ি আহিছিল। মেল-মিটিং-সভা-সম্বৰ্ধনাতো আছেই, লগতে আছে টেলিভিশ্বনৰ সাক্ষাৎকাৰ। তেনে এটি সাক্ষাৎকাৰ লৈছিল জাৰ্মান টেলিভিশ্বন নেটৱৰ্ক আৰ.টি.এল-ৰ ডেকা সাংবাদিক হান্স হ’ব্‌নাৰে (Hans Huebner)। সাক্ষাৎকাৰৰ সময়ত তেখেতে থাৰ্মেল ইমেজিং কেমেৰা এটাৰে এলিছা হেছলাৰৰ ছবি তুলি লৈছিল। সেই ছবিবোৰৰপৰা ওলাই পৰিল যে “তৃতীয় স্তনটি”-ত দেহৰ অন্য জীৱন্ত অংগত থকাৰ দৰে উত্তাপ নাই (চিত্র-২;  লক্ষণীয়, ছবিখনত দেহৰ স্বাভাৱিক উত্তাপ থকা অংশবোৰৰ ৰং ৰঙা। কিন্তু উত্তাপহীন “তৃতীয় স্তন”-ৰ অংশটিৰ ৰং নীলা)। মহিলাগৰাকীৰ তৃতীয় স্তনৰ মালিকীস্বত্ব বিপদাপন্ন হৈ পৰিল। তেনেতে ঘটিল আৰু এটা ঘটনা। মহিলাগৰাকীৰ মোনা এটি ফ্লোৰিডাৰ এটি বিমান বন্দৰৰপৰা চুৰি হ’ল। পুলিচক দিয়া এজাহাৰত তেখেতে উল্লেখ কৰিলে যে মোনাৰ ভিতৰত পৰিধানীয় কৃত্রিম অংগ (wearable prosthetic) এটিও আছিল !

চিত্র-২:-থাৰ্মেল ইমেজিং কেমেৰাৰে লোৱা ফ'ট। দেহৰ স্বাভাৱিক উত্তাপ থকা অংশবোৰৰ ৰং ৰঙা ; উত্তাপহীন “তৃতীয় স্তন”-ৰ অংশটিৰ ৰং নীলা।

এইদৰেই ওলাই পৰিল যে তৃতীয় স্তনৰ বাতৰিটো বাতৰি নাছিল, সেইটো আছিল এটা নিৰ্ভেজাল উৰাবাতৰি। এলিছা হেছলাৰৰ বাতৰি কিন্তু তাতেই শেষ নহ’ল। এইবাৰ বাতৰিত প্রকাশ পালে যে মহিলাগৰাকীৰ মৃতদেহ ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে; মৃতদেহৰপৰা টানি-আঁজুৰি ছিঙি দিয়া হৈছে সেই বিশ্ববিখ্যাত তৃতীয় স্তনটি।

সেইটোও আছিল এটা বিশুদ্ধ উৰাবাতৰি, অৱশ্যে তাৰ জন্মদাত্রী এলিছা হেছলাৰ নাছিল!

(খ)

ৰুছ মহাবিপ্লৱৰ ৰূপকাৰ ভ্লাডিমিৰ লেনিনৰ মৃত্যু হৈছিল ১৯২৪ চনত। মৃত্যুৰ পাছতেই লেনিনৰ মৃতদেহটো ছেভিয়েট য়ুনিয়নৰ চৰকাৰে মস্কোৰ ৰেড স্কোৱাৰত বিশেষ প্রাযুক্তিক কৌশলৰ সহায়েৰে সংৰক্ষণ কৰি থোৱাৰ ব্যৱস্থা কৰিছিল। দৈনিক হাজাৰ হাজাৰ পৰ্যটক-দৰ্শনাৰ্থীয়ে লেনিনৰ শৱদেহটি চাবলৈ ভিৰ কৰিছিল ৰেড স্কোৱাৰত।

এক জংগম ঐতিহাসিক ঘটনাক্রমৰ পাছত, ১৯৯১ চনৰ ২৬ ডিচেম্বৰত আনুষ্ঠানিকভাৱে ছোভিয়েট য়ুনিয়নৰ অৱলুপ্তি ঘটিল। ভয়াৱহ অৰ্থনৈতিক মন্দাৱস্থাই ৰুছ দেশৰ অৱস্থা অতি শোচনীয় কৰি পেলালে। তেনে সময়তেই এমেৰিকা যুক্তৰাষ্ট্রত বাতৰি এটা অতি দ্রুতভাৱে বিয়পি পৰিল। আৰ্থিক মন্দাৱস্থাৰপৰা অলপ সকাহ পাবলৈ লেনিনৰ মৃতদেহটো হেনো ৰুছ চৰকাৰে নিলাম কৰি দিব। নিলাম আৰম্ভ হ’ব নিম্নতম ১৫ মিলিয়ন ডলাৰৰপৰা।

চিত্র-৩:-ৰুছ মহাবিপ্লৱৰ ৰূপকাৰ ভ্লাডিমিৰ লেনিনৰ সংৰক্ষিত মৃতদেহ।

উৰহী গছৰ ওৰ ওলাল অলপ দিনৰ পাছতেই। এমেৰিকাৰপৰা প্রকাশিত এখন ব্যৱসায়-বাণিজ্য সংক্রান্তীয় পত্রিকাৰ নাম Forbes FYI । এই পত্রিকাখনত ১৯৯১ চনৰ নৱেম্বৰ মাহৰ সংখ্যাটোত ৰুছ দেশৰ ভাঙি পৰা অৰ্থনৈতিক অৱস্থাটো সন্দৰ্ভত নিবন্ধ এটা ছপা হৈছিল।  লক্ষ্য কৰিবলগীয়া কথা, নিবন্ধটো প্রকাশিত হৈছিল ছেভিয়েট য়ুনিয়নৰ আনুষ্ঠানিক অৱলুপ্তিৰ আগতে। ৰুছ দেশৰ অৱস্থা যে অতি শোচনীয়, সেইটো প্রকট ৰূপত দেখুৱাবলৈ বুলি লেনিনৰ মৃতদেহটি নিলাম কৰা হ’ব বুলি মিছাকৈ লিখা হৈছিল নিবন্ধটোত। ৰুছ বিপ্লৱৰ পাছৰেপৰাই সুদীৰ্ঘ কাল ধৰি এমেৰিকাৰ সিংহভাগ মানুহৰ মনত ছেভিয়েট য়ুনিয়নৰ প্রতি অন্তহীন বিতৰাগ নানা উপায়েৰে ৰোপণ কৰা হৈছিল। স্বাভাৱিকতেই লেনিনৰ মৃতদেহৰ নিলামৰ কথাটোৱে এমেৰিকাত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিলে; ছেভিয়েটবিদ্বেষী এমেৰিকান মানুহচামৰ মাজত কথাটো বিয়পি পৰিল অতি দ্রুতগতিত। সিমানেই নহয়, ABC News আৰু USA Today নামৰ বহুল প্রচাৰিত পত্রিকা দুখনতো বাতৰিটোৱে স্থান লাভ কৰিলে। কথাটো ইমানলৈ শিপালে যে শেষত ৰুছ দেশৰপৰা চৰকাৰীভাৱে ঘোষণা কৰিবলগীয়া হ’ল যে কথাটো সন্মানহানিকৰ এটা নিৰ্লজ্জ মিথ্যাচাৰ। অৰ্থাৎ, সেই নিলামৰ বাতৰিটো বাতৰি নাছিল, সেইটো আছিল এটা উৰাবাতৰি। লেনিনৰ শৱদেহ আজি ২০১৭ চনতো ৰে‌ড স্কোৱাৰত দৰ্শনাৰ্থীৰ বাবে উন্মুক্ত হৈ আছে (চিত্র-৩)।

(গ)

যোৱাটো শতিকাৰ অষ্টম দশকৰ প্রথমভাগৰ অসমৰ কথা। বাতৰি এটাই চৌ-দিশে আতংকৰ সৃষ্টি কৰিলে। বিভিন্ন ঠাইৰপৰা খবৰ আহিল যে হঠাতে, কোনো আগজাননী নিদিয়াকৈ পুৰুষৰ যৌন অংগটি প্রচণ্ড বিষ হৈ মুহূৰ্ততে দেহৰ ভিতৰলৈ সোমাই গৈ অৱলুপ্ত হৈ পৰে। বাতৰিবোৰ আছিল এনেধৰণৰ; চাইকেলেৰে বজাৰলৈ আৰামত গৈ থকা মানুহ এজনে হঠাতে বিকট চিঞৰ মাৰি বাগৰি পৰিল। কথাটো কি? ওচৰলৈ গৈ দেখা গ’ল যে ইতিমধ্যেই তেখেতৰ যৌনাংগটি হেৰাল। কিবা পৰিত্রাণৰ উপায় আছেনে? নাই, এবাৰ আক্রান্ত হ’লে আৰু উপায় নাই; কিন্তু এটা অব্যৰ্থ প্রতিষেধক ইতিমধ্যেই কোনোবাই আৱিষ্কাৰ কৰি পেলাইছিল। কাণৰ লতিত চূণ অকণ সানি থ’লে অংগটিৰ স্থানান্তৰণ সম্ভৱ নহয়। চূণখনি গুচি গ’লেই বিপদ। সেয়েহে চৌবিছ ঘন্টাই কাণত চূণৰ বগা দাগ এটা লাগি থকাটো অপৰিহাৰ্য।

সেই সময়ত এই উৰাবাতৰিটোৱে বিস্তাৰ কৰা আতংক আছিল অভাবনীয়। বহুতো মানুহৰ কাণত চূণৰ ফোঁট উজলি উঠিছিল। আমি তেতিয়া আছিলোঁ বিদ্যালয়ৰ ছাত্র। বিদ্যালয়ৰ শিক্ষক এগৰাকীয়ে কথাটো অলপ ঢাকি-ঢুকি, লাজ লাজকৈ, আমাক চূণ প্রয়োগ কৰাৰ দিহা দিছিল। অৱশ্যে, তেতিয়াও কিছুমান অবিশ্বাসী আৰু গুৰু-গোসাঁই নমনা ধিটিঙা ল’ৰা আছিল। তাৰে এটাই, মহিলাসকল সেই ৰোগত আক্রান্ত হ’লে তাৰ লক্ষণ কেনেকুৱা হ’ব — এই প্রশ্নটো উত্থাপন কৰি শিক্ষকগৰাকীক বিব্রত কৰি তুলিছিল।

পুৰুষাংগ অৱলুপ্তিৰ কথাটোক আজি হয়তো বহুতেই এটা বৰ হাঁহি উঠা উৰাবাতৰি বুলিব। কিন্তু ইমান উদ্ভট বাতৰিটোৰ অভাবনীয় ব্যাপকতা আৰু তাত বিশ্বাস স্থাপন কৰা মানুহৰ বিপুল সংখ্যাটোৱে কিছুমান তাৎপৰ্যপূৰ্ণ দিশলৈ আঙুলিয়াই দিয়ে। সেইটো কথা পাছলৈ থৈ এতিয়া মাত্র উনুকিয়াই থওঁ যে উক্ত উৰাবাতৰিটি বহু বছৰ পাছত আকৌ এবাৰ বিয়পি পৰিছিল, যদিও তাৰ তীব্রতা আছিল পূৰ্বতকৈ কম।

(ঘ)

অসমত তেতিয়া অসম আন্দোলনৰ ভৰপক সময়। ডিব্রুগড় নগৰৰ এটা অঞ্চলৰ মানুহবোৰৰ মাজত হুৱাদুৱা লাগিল। ৰাজপথেদি বহুতো লোক পলাবলৈ ধৰিলে। কাৰোবাৰ হাতত দা-লাঠী-জোং; কাৰোবাৰ কোলাত কেঁচুৱা, হাতত পাউডাৰ গাখীৰৰ টেমা। কাৰণ, হঠাতে খবৰ আহিছে, পলাব লাগে; “সিহঁত আহি আছে....হেজাৰ হেজাৰ....হাতত দা-যাঠী-বন্দুক-পিষ্টল...”। “সিহঁত” মানে হ’ল এটা অন্য ভাষিক সম্প্রদায়ৰ মানুহ। আক্রমণ কৰিবলৈ আহিছে।

উদ্বেগ-আতংক-ক্রোধেৰে ভৰা বহুতো সময় পাৰ হৈ গ’ল, “সিহঁত” কিন্তু আহি নেপালেহি। সকলো ঘৰলৈ উভতিল। পাছত গম পোৱা গৈছিল, ৰে’লৰ আলিত এটা প্রকাণ্ড ষাঁড়ৰ খেদাত কেইজনমান লোকে প্রাণটাকি দৌৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকৰ দৌৰ আঁতৰৰপৰা দেখি কেইজনমানে সিদ্ধান্তই লৈ পেলাইছিল যে “সিহঁত আহি আছে.....”। “সিহঁত আহি আছে”— এই উৰাবাতৰিটো বিয়পি পৰিছিল মেজিকৰ দৰে।

২. উৰাবাতৰিৰ ৰেহৰূপ

 

ওপৰৰ দফাটোৰ আটাইকেইটিয়েই আছিল উৰাবাতৰি বা গুজব। এই উৰাবাতৰিনো কি?

সহজ কথাত, মিথ্যা বাতৰিবোৰেই হ’ল উৰাবাতৰি। উৰাবাতৰি সদায় মিথ্যাচাৰভিত্তিক; মিথ্যাচাৰ হৈছে উৰাবাতৰিৰ প্রথম আৰু প্রধান লক্ষণ। কিন্তু মন কৰিবলগীয়া কথা, সকলো মিছা উক্তি বা অসত্য খবৰ উৰাবাতৰি নহয়। খবৰ এটাক উৰাবাতৰি বুলি আখ্যা দিবলৈ হ’লে সেই খবৰটোৰ সৈতে অতিৰিক্ত কেইটামান গুণ বা চৰিত্র সম্পৰ্কিত হৈ থকাৰ প্রয়োজন হয়। উৰাবাতৰিৰ সামাজিক তাৎপৰ্য বুজিবলৈ, আৰু উৰাবাতৰিৰ প্রসংগত বিজ্ঞানমনস্কতাৰ গুৰুত্বৰ কথা হৃগয়ংগম কৰিবলৈ তেনে গুণ বা চৰিত্রসমূহ ভালদৰে যুকিয়াই চোৱাটো জৰুৰী।

বেলেগ বেলেগ উৰাবাতৰিবোৰে দিয়া “খবৰ”-বোৰো বেলেগ বেলেগ। এই কথাটো আমাৰ আলোচনাৰ প্রথম অংশটোৰপৰা নিশ্চয় স্পষ্ট হৈছে। কিন্তু দেখা যায় যে বেলেগ বেলেগ মেজাজৰ হ’লেও সকলোবোৰ উৰাবাতৰিৰ কিছুমান ৰেহৰূপ চকুত পৰাকৈ অভিন্ন। এইসমূহক আমি উৰাবাতৰিৰ সাধাৰণ ধৰ্ম বুলিও অভিহিত কৰিব পাৰোঁ। উৰাবাতৰিৰ তেনে কেইটিমান সাধাৰণ ধৰ্ম এনেধৰণৰ—

১. উৰাবাতৰিৰ প্রথম আৰু প্রধান ধৰ্ম যে মিথ্যাচাৰ, সেইটো উল্লেখ কৰি আহিছোঁ। কিন্তু আমোদজনক কথা, উৰাবাতৰিবোৰ ক‌ঢ়িয়াই ফুৰা লোকসকলে সেইবোৰক সত্য বুলি গভীৰভাৱে বিশ্বাস কৰে। অৰ্থাৎ, যিমানেই উদ্ভট আৰু অবান্তৰ নহওক, মিথ্যাশ্রয়ী উৰাবাতৰিবোৰে নিজকে সত্যভিত্তিক খবৰ বুলি পৰিগণিত কৰিবলৈ সমৰ্থ হয়। এইটো হৈছে উৰাবাতৰিৰ এটা অন্যতম ঘাই ধৰ্ম। আমি উল্লেখ কৰি অহা গুজববোৰৰ ফালে লক্ষ্য কৰিলেই এই কথাটো পৰিষ্কাৰ হ’ব।

২. কোনো এটা মিথ্যা খবৰ মানুহৰ মুখ বাগৰি ফুৰাৰ পৰিৱৰ্তে নিশ্চল হৈ থাকিলে সেইটোক উৰাবাতৰি বুলি আখ্যা দিয়া নহয়। কোনো এটা মিছা বা ভুৱা খবৰ উৰাবাতৰি বুলি পৰিগণিত হ’বলৈ হ’লে, তেনে খবৰ অতি দ্রুতগতিত মানুহৰ মাজত বিস্তাৰিত হৈ পৰিবই লাগিব।  এলিছা হেছলাৰ নামৰ মহিলাগৰাকীৰ কথালৈ লক্ষ্য কৰা যাওক। তেখেতে ঘোষণা কৰা তৃতীয় স্তনৰ অসত্য কথাটো যদি কম সময়ৰ ভিতৰতে মানুহৰ মাজত বিয়পি নপৰিলেহেঁতেন, তেনেহ’লে সেইটো কেতিয়াও উৰাবাতৰি বুলি পৰিগণিত নহ’লহেঁতেন। বহুতেই বহুত সময়ত কিছুমান অসত্য বাতৰি সত্য বুলি ঘোষণা কৰে, সেইবোৰ প্রচাৰ কৰাৰ প্রয়াসো কৰে। কিন্তু সেই আটাইবোৰ মানুহৰ মাজত বিস্তাৰিত হৈ নপৰে। গতিকে সেইবোৰ মিথ্যাশ্রয়ী যদিও উৰাবাতৰি নহয়। গতিকে দেখা যায়, উৰাবাতৰিৰ অন্য এটা প্রধান ধৰ্ম হৈছে অতি দ্রুত চলমান চৰিত্র।

৩. অতীতৰ কোনো এটা উৰাবাতৰি, বৰ্তমান সময়ত যদি মানুহৰ মাজত প্রচলিত হৈ থকা নাই, মানুহৰ মুখে মুখে বাগৰি ফুৰা নাই, তেন্তে তাক আৰু উৰাবাতৰি বোলা নাযায়। এলিছা হেছলাৰৰ তৃতীয় স্তনৰ কথাটো অতীতত বহুতো মানুহৰ মাজত বহুলভাৱে প্রচলিত হৈ আছিল এটা বিশ্বাসযোগ্য খবৰ হিচাপে। তেতিয়া সেইটো আছিল এটা উৰাবাতৰি। কিন্তু বৰ্তমান সময়ত উক্ত “খবৰ”-টো মানুহৰ মাজত আৰু প্রচলিত হৈ থকা নাই। গতিকে সেইটো আৰু এতিয়া উৰাবাতৰি নহয়। গতিকে, উৰাবাতৰি সদায় এটা বৰ্তমান কালৰ প্রপঞ্চ।

৪. উৰাবাতৰিবোৰৰ উদ্ভৱ আৰু বিস্তাৰণৰ অন্তৰালত সাধাৰণতেই নানান সামাজিক-ৰাজনৈতিক-মনস্তাত্ত্বিক-সাংস্কৃতিক কাৰক বিদ্যমান হৈ থাকে। উদাহৰণস্বৰূপে, আমি পাই অহা লেনিনৰ শৱদেহ সংক্রান্তৰ গুজবটোৰ নেপথ্যত যিদৰে ৰাজনৈতিক কাৰক আছে, তেনেদৰেই পুৰুষাংগ অৱলুপ্তিৰ উৰাবাতৰিৰ অন্তৰালত মানুহৰ মনস্তাত্ত্বিক উপাদান থকাটো অনুমান কৰিব পাৰি। কথাটো অলপ গমি চালে দেখিম যে উৰাবাতৰি এটাৰ জন্ম আৰু জন্মৰ পাছতেই তাৰ দ্রুত সঞ্চাৰণৰ আঁৰত পূৰ্বৰপৰাই বিদ্যমান কিছুমান কাৰকে ক্রিয়া কৰে। “সিহঁত আহি আছে”— উদাহৰণস্বৰূপে এই উৰাবাতৰিটোকে লোৱা যাওক। “সিহঁত”-ৰ সম্প্রদায়ৰ মানুহে দল বান্ধি “আমাৰ” সম্প্রদায়ক আক্রমণ কৰিবলৈ অহা কথাটোৱেই আছিল সেই উৰাবাতৰিটোৰ মৰ্মকথা। এই উৰাবাতৰিৰ জন্মৰ নেপথ্যত কি কাৰক আছিল? “সিহঁতৰ” সম্প্রদায়ৰ প্রতি “আমাৰ” সম্প্রদায়ৰ বিদ্বেষ আৰু অবিশ্বাসেই আছিল উৰাবাতৰিটোৰ জন্মৰ আঁৰৰ শক্তিশালী কাৰক। এই কথাটোৰ লগে লগে আৰু এটি কথাও সকলোৰে চকুত পৰিব। মাত্র উদ্ভৱৰ ক্ষেত্রতেই নহয়, উৰাবাতৰিটোৰ দ্রুত সঞ্চাৰণৰ বেলিকাও মানুহৰ মনত পূৰ্বৰপৰাই সোমাই থকা তেনে বিদ্বেষ-অবিশ্বাস হৈ পৰিছিল এটা নিৰ্ণায়ক শক্তি। অৱশ্যে কোনো কোনো ক্ষেত্রত উৰাবাতৰি এটাৰ উদ্ভৱৰ আঁৰৰ কাৰক অস্পষ্ট হৈ ৰয়, আৰু সেয়েহে তাক সুনিৰ্দিষ্টকৈ নিৰ্দেশ কৰাত আহুকাল হয়। উদাহৰণ, “পুৰুষাংগ অৱলুপ্তি”-ৰ গুজবটোৰ জন্মৰ আঁৰৰ কথাটো সিমান স্পষ্ট নহয়। যদিও অনুমান কৰিব পাৰি, সেই উৰাবাতৰিটোৰ উদ্ভৱৰ নেপথ্যত কোনো মনস্তাত্ত্বিক কাৰক আছে, তথাপি তাক নিকপকপীয়াকৈ প্রতিষ্ঠা কৰা টান। কিন্তু লগে লগে মন কৰিব লাগিব, সেই গুজবটোৰ বিস্তাৰণৰ ক্ষেত্রত মানুহৰ যৌন-মনস্তত্ত্ব, আত্মনিৰাপত্তাজনিত শংকা-ভীতি আদি সক্রিয় হৈ আছিল বুলি যুক্তিযুক্তভাৱে অনুমান কৰা যায়। যি কি নহওক, সাধাৰণভাৱে আমি ক’ব পাৰো যে উৰাবাতৰিবোৰ যিমানেই উদ্ভট কিম্বা অসত্য নহওক, সেইবোৰৰ কোনো নিৰালম্ব প্রপঞ্চ নহয়; উৰাবাতৰিবোৰৰ উদ্ভৱ আৰু প্রসাৰ সমাজ বা মনত পূৰ্বৰেপৰাই বিদ্যমান কিছুমান কাৰকৰ সৈতে সম্পৰ্কিত।

৫. উৰাবাতৰিবোৰৰ আঁৰত কিছুমান সামাজিক-ৰাজনৈতিক-মনস্তাত্ত্বিক-সাংস্কৃতিক আদি কাৰক থাকিলেও, সাধাৰণতেই উৰাবাতৰিবোৰে কিন্তু নিজে প্রমূল্য-নিৰপেক্ষ বস্তু হিচাপেহে আত্মপ্রকাশ কৰে। এটা উদাহৰণে কথাটো পৰিষ্কাৰ কৰিব। আমি পাই অহা “সিহঁতে অস্ত্র-শস্ত্র লৈ খেদি অহা” উৰাবাতৰিটোৰ আঁৰত যে সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক কাৰক বিদ্যমান, সেইটো এটা নিশ্চিত সত্য। কিন্তু, উৰাবাতৰিটো নিজে মাত্র এটা খবৰ—“সিহঁত আহি আছে”।  “লেনিনৰ মৃতদেহ নিলামত দিয়া হ’ব”, “মহিলাগৰাকীয়ে তিনি নম্বৰ স্তন এটা লগাই লৈছে” অথবা “পুৰুষাংগ নিজৰ দেহতেই বিলীন হৈ যায়”—এই উৰাবাতৰিবোৰৰ আঁৰত বহু বিচিত্র কাৰক থাকিলেও, এইবোৰ যেন বাতৰি-কাকতৰ হেডিঙৰ নিৰপেক্ষ উক্তিহে! অৰ্থাৎ, সাধাৰণতেই একো একোটা উৰাবাতৰি হৈছে একো একোটা তথ্য যেন লগা খবৰধৰ্মী প্রমূল্য-নিৰপেক্ষ উক্তি সদৃশ।

৬. উৰাবাতৰি নিজে নিৰপেক্ষ উক্তিৰ দৰে হ’লেও, উৰাবাতৰি বিয়পাই দিয়া, ক‌ঢ়িয়াই লৈ ফুৰা মানুহসকলে উৰাবাতৰিটোৰ সংক্রান্তত প্রদান কৰা মন্তব্য, বিচাৰ-বিশ্লেষণৰ চৰিত্র হৈ পৰে চৰম পক্ষপাতদুষ্ট। মানুহে উৰাবাতৰিটোৱে দিয়া চমু উক্তিসদৃশ “খবৰটোৰ” সংক্রান্তত  বিচাৰ-বিশ্লেষণ-মত-মন্তব্য আদি অতি সক্রিয়ভাৱে আগ ব‌ঢ়োৱা চকুত পৰে। তেনে বিচাৰ-বিশ্লেষণে উৰাবাতৰিত বিশ্বাস কৰা লোকসকলৰ নিজ নিজ দৃষ্টিকোণ প্রতিফলিত কৰে। “সিহঁত আহি আছে”— উক্তিধৰ্মী এই উৰাবাতৰিটোৰ সংক্রান্তত মানুহৰ আলোচনা-বিলোচনা-বিচাৰ-বিশ্লেষণৰ স্বৰূপ কেনেকুৱা হ’ব, সেইটো অলপ গমি চালেই কথাটো পৰিষ্কাৰ হৈ পৰিব।

৭. মানুহৰ মাজত চলিষ্ণু অৱস্থাত থকা উৰাবাতৰিবোৰ সত্যাসত্য অপৰীক্ষিত আৰু অনিৰ্ণেয়। এইটো উৰাবাতৰিৰ এটা ঘাই চৰিত্র। ধৰা হওক, কোনো এজন লোকৰ মৃত্যু হৈছে বুলি  বাতৰি এটা মানুহৰ মাজত বিয়পিবলৈ আৰম্ভ ধৰিলে। কথাটো হয় এটা সঁচা খবৰ, নহয় উৰাবাতৰি। এতিয়া যদি মানুহজন জীয়াই থকাৰ নিশ্চিত প্রমাণ লাভ কৰা যায়, তেনেহ’লে লগে লগেই বাতৰিটো হৈ পৰিব উৰাবাতৰি, তাকো অতীতৰ এটা গুজব। কাৰণ যেতিয়াই পৰীক্ষিত হৈ “খবৰ”-টোৰ সত্যাসত্য নিৰূপিত হৈ পৰিল, তেতিয়াই সেই “খবৰ”-টোৱে উৰাবাতৰিৰ চৰিত্র হেৰুৱাই পেলালে।

৮. উৰাবাতৰিৰ বিস্তাৰণৰ দ্রুতি গুজবটোৰ প্রাসংগিকতাৰ ওপৰত নিৰ্ভৰশীল। ওপৰৰ উদাহৰণটিলৈ আকৌ এবাৰ লক্ষ্য কৰা যাওক। এজন মানুহৰ মৃত্যু হৈছে বুলি উৰাবাতৰি এটা ওলাল। সেই উৰাবাতৰিটো বাৰু কোন কোন মানুহৰ মাজত বিস্তাৰিত হ’ব? নিঃসন্দেহে যিসকলৰ বাবে উক্ত ব্যক্তিগৰাকীৰ মৃত্যু এটা প্রাসংগিক বিযয়, তেওঁলোকৰ মাজতহে উৰাবাতৰিটো তাৎপৰ্যপূৰ্ণ হৈ পৰিব। যিসকলৰ বাবে কথাটো গুৰুত্বহীন, তেওঁলোকে উক্ত উৰাবাতৰিৰ প্রতি উদাসীনতা প্রদৰ্শন কৰাই স্বাভাৱিক। অৰ্থাৎ, মানুহৰ মাজত প্রাসংগিকতাৰ সৈতে সংগতি ৰাখি উৰাবাতৰি এটাৰ সঞ্চাৰণৰ দ্রুতিৰ ব‌ঢ়া-টুটা হয়।

মোটামুটিকৈ এইকেইটাই হ’ল উৰাবাতৰিৰ সাধাৰণ চৰিত্র। পুনৰাবৃত্তি কৰিয়েই কওঁ, উৰাবাতৰিৰ সামাজিক তাৎপৰ্য অনুধাৱন কৰিবলৈ, উৰাবাতৰিৰ প্রসংগত বিজ্ঞানমনস্কতাৰ কথা আলোচনা কৰিবলৈ উক্ত গুণ বা চৰিত্রসমূহৰ সৈতে পৰিচিত হৈ থকাটো এটা প্রয়োজনীয় কথা।

৩. উৰাবাতৰিৰ ইটো-সিটো : সামাজিক তাৎপৰ্য

 

১৯৩২ চনতেই বাৰ্টলেট্‌ (Frederic Charles Bartlett, 1886-1969) নামৰ কেমব্রিজ বিশ্ববিদ্যালয়ৰ বিদ্বান এগৰাকীয়ে উৰাবাতৰিৰ বৰ চিত্তাকৰ্ষক দিশ এটালৈ আঙুলিয়াই দিছিল। তেখেতে প্রতিপন্ন কৰিছিল যে বাতৰি এটা— সি যিমানেই অস্পষ্ট, অনিৰ্ণেয় আৰু অৰ্থহীন নহওক— মানুহৰ মাজত অবিৰতভাৱে প্রচলিত হৈ থাকিলে, মানুহে তাত নিজেই কিবা অৰ্থ আৰোপ কৰি পেলায়। অৰ্থহীনতাৰপৰা অলীক-অৰ্থৱহ দিশলৈ চালিত হোৱা এই প্রক্রিয়াটো সামাজিক দিশৰপৰা বৰ গুৰুত্বপূৰ্ণ। কিয়নো তেনে এটা প্রক্রিয়াৰ মাজেদিয়েই একেবাৰে মিথ্যা কথা এটা বুজনসংখ্যক মানুহৰ চকুত এটা স্বাভাৱিক আৰু গ্রহণযোগ্য কথালৈ উন্নীত হৈ পৰে; উৰাবাতৰিবোৰক বুজনসংখ্যক মানুহে তৰ্কাতীত কথা বুলি বিশ্বাস কৰি লয়। [এইখিনিতেই আমি নাজী জাৰ্মানিৰ প্রচাৰ-শিৰোমণি গোবেলছৰ (Paul Joseph Goebbels, 1897–1945) কথাটি মনত পেলাই ল’ব পাৰোঁ, “If you tell a lie big enough and keep repeating it, people will eventually come to believe it.”] তেনেদৰেই উৰাবাতৰিবোৰে সাময়িকভাৱে হ’লেও লাভ কৰে অবিসম্বাদী সত্যৰ মৰ্যাদা। এই কথাটোৰ সামাজিক তাৎপৰ্য অতি গভীৰ। তেনে তাৎপৰ্য আকৌ নিৰ্ভৰ কৰে উৰাবাতৰিবোৰৰ আঁতি-গুৰি আৰু ধৰণ-কৰণৰ ওপৰত।

উৰাবাতৰিৰ আঁতি-গুৰি আৰু ধৰণ-কৰণনো কি? দেখা যায় যে সকলোবোৰ উৰাবাতৰি সমসুৰীয়া নহয়। আমাৰ এই আলোচনাত কথাটো স্পষ্টভাৱে উপস্থাপন কৰিবলৈ উৰাবাতৰিবোৰৰ সাধাৰণ শ্রেণীবিভাজন এটাই আমাক সহায় কৰিব—

১. আপাত-নিৰীহ উৰাবাতৰি আৰু তাৎক্ষণিকভাৱে অপকাৰী উৰাবাতৰি

কিছুমান উৰাবাতৰি আপাতদৃষ্টিত একেবাৰেই নিৰীহ প্রকৃতিৰ। তাৰে কিছুমান আকৌ বৰ মজাৰ। পুৰুষাংগ-অৱলুপ্তিৰ গুজবটো তাৰ এটা চমৎকাৰ উদাহৰণ। তেনে উৰাবাতৰিয়ে—তাৎক্ষণিকভাৱে— সমাজত কোনো বৃহৎ অঘটন হয়তো সংঘটিত কৰিব নোৱাৰে। কিন্তু সকলোবোৰ উৰাবাতৰি তেনেকুৱা আপাত-নিৰীহ নহয়। কিছুমান উৰাবাতৰিয়ে জন্ম দিয়ে অন্যৰ প্রতি বিদ্বেষ, খং, ঘৃণা আদিৰ। “সিহঁত আহি আছে”, এইটো এটা তাৰ উদাহৰণ। তেনে উৰাবাতৰিয়ে সমাজত সাম্প্রদায়িক সংঘৰ্ষৰ দৰে ডাঙৰ অঘটন ঘটাই পেলাব পাৰে। গতিকে, প্রথম শ্রেণীবিভাজনটো হ’ল এনেধৰণৰ— আপাত-নিৰীহ উৰাবাতৰি আৰু তাৎক্ষণিকভাৱে অপকাৰী উৰাবাতৰি।

২. স্বতঃস্ফূৰ্ত আৰু নিৰ্মিত উৰাবাতৰি

কিছুমান উৰাবাতৰিৰ জন্ম হয় স্বতঃস্ফূৰ্তভাৱে। তেনে উৰাবাতৰিবোৰৰ কেনেকৈ জন্ম হয়, সেই কথাটো স্পষ্ট নহ’লেও সেইবোৰৰ উদ্ভৱ আৰু বিস্তাৰণত সাধাৰণতেই বৰ্তি থকা সামাজিক-মানসিক অৱস্থাই প্রভাৱ পেলায়। আমাৰ আগৰ উদাহৰণৰ “পুৰুষাংগ অৱলুপ্তি” কিম্বা “সিহঁত আহি আছে”— এই দুটা হৈছে স্বতঃস্ফূৰ্তভাবে উদ্ভৱ হোৱা গুজব। কিন্তু কিছুমান উৰাবাতৰি সচেতনভাৱে নিৰ্মাণ কৰি, সেইবোৰৰ পৰিকল্পিত প্রচাৰৰ দিহা কৰা হয়। “তৃতীয় স্তন” আৰু “লেনিনৰ মৃতদেহৰ নিলাম”— এই দুটা হৈছে এইবিধৰ গুজব। যুক্তিবাদী চিন্তাবিদ প্রসেনজিৎ চৌধুৰীদৱে এই দুইবিধৰ উৰাবাতৰিক কৃত্রিম আৰু অকৃত্রিম বুলি অভিহিত কৰিছে বৃত্তৰ বাহিৰত নামৰ তথ্য-সমৃদ্ধ গ্রন্থখনিত।

মন কৰিলগীয়া কথা, নিৰীহ আৰু অপকাৰী উৰাবাতৰি— এই শ্রেণীবিভাজনৰ সৈতে স্বতঃস্ফূৰ্ত আৰু নিৰ্মিত উৰাবাতৰিৰ পোনপটীয়া সম্পৰ্ক স্থাপন কৰিব নোৱাৰি। কিয়নো দেখা যায় যে সৰহভাগ নিৰ্মিত গুজবেই অপকাৰী; কিন্তু সেইবুলিয়েই যে স্বতঃস্ফূৰ্ত উৰাবাতৰিবোৰ প্রত্যেক ক্ষেত্রতেই যে নিৰীহ হ’ব, সেইটো নহয়। “সিহঁত আহি আছে”— এইটো এটা স্বতঃস্ফূৰ্তভাৱে উদ্ভূত ভয়ংকৰভাৱে অপকাৰী উৰাবাতৰি।

৩. ইতিবাচক আৰু নেতিবাচক উৰাবাতৰি

কোনো কোনো উৰাবাতৰিয়ে— স্বতঃস্ফূৰ্তই হওক বা কৃত্রিমেই হওক— কাৰোবাৰ বাবে হয়তো আতংক-উদ্বেগ-হতাশাৰ জন্ম দিয়ে। তেওঁলোকৰ বাবে তেনে উৰাবাতৰি নিঃসন্দেহে  নেতিবাচক। কিন্তু আমোদজনক অথচ তাৎপৰ্যপূৰ্ণ কথা, সেই একোটা গুজবেই হয়তো অন্য এচাম মানুহৰ বাবে সাহস-স্বস্তি-উদ্দীপনাৰ আধাৰ বুলিও পৰিগণিত হ’ব পাৰে। এটা চমৎকাৰ উদাহৰণ লোৱা যাওক। মোৱামৰীয়া বিদ্ৰোহী ৰাঘ মৰাণৰ পত্নী দুগৰাকীৰ নাম আছিল ৰাধা আৰু ৰুক্মিণী। শক্তিশালী আহোম বাহিনীটোৰ সৈতে মোৱামৰীয়া বিদ্ৰোহীসকলৰ ভয়াৱহ যুদ্ধ লাগিছিল ডিব্রু নৈৰ পাৰত। সেই যুদ্ধত অৱতীৰ্ণ হৈছিল ৰাধা আৰু ৰুক্মিণী। তেনেতে আহোম সৈন্যৰ মাজত এটা উৰাবাতৰি বিয়পি পৰিল। সকলোৱে ক’বলৈ ধৰিলে, গভীৰভাৱে বিশ্বাসো কৰিলে এইটো গুজব— ৰাধা আৰু ৰুক্মিণীয়ে শত্রুৱে নিক্ষেপ কৰা বন্দুকৰ গুলি হেলাৰঙে আঁচল পাতি ধৰি থয়। এই উৰাবাতৰিটোৱে যেনেদৰে আহোম সেনাৰ মাজত ভয়ংকৰ ত্রাসৰ সৃষ্টি কৰিছিল, তেনেদৰেই সেইটোৱে ৰণাংগণত মোৱামৰীয়া বিদ্রোহীক প্রদান কৰিছিল সাহস আৰু উদ্দীপনা। শেষত ত্রাসক সংগী কৰিয়েই উক্ত ৰণক্ষেত্রৰপৰা ছত্রভংগ দিছিল শক্তিশালী আহোম সেনাবাহিনীটোৱে।

দেখা যায় যে কোনো কোনো উৰাবাতৰিয়ে কোনো ব্যক্তি, দল, সংগঠন আদিৰ ইতিবাচক ভাবমূৰ্তি নিৰ্মাণ কৰে। উদাহৰণস্বৰূপে, অসম আন্দোলৰ সময়ত বুদ্ধিত একেবাৰেই ভোটা বহুতো আন্দোলনকাৰী নেতাৰ মগজুটো যে কিমান চোকা, সেইলৈ বহুতো উৰাবাতৰিৰ জন্ম হৈছিল (বা নিৰ্মাণ কৰা হৈছিল)। অন্যহাতেদি, আন্দোলনবিৰোধী বহুতো লোকৰ ভাবমূৰ্তি বিধ্বংস কৰা অনেক উৰাবাতৰিও মানুহৰ মুখে মুখে বাগৰি পৰিছিল তেতিয়া।

৪. অন্ধবিশ্বাসযুক্ত আৰু অন্ধবিশ্বাসবিমুক্ত উৰাবাতৰি

কোনো কোনো উৰাবাতৰি পোনপটীয়াকৈ অন্ধবিশ্বাসৰ সৈতে জড়িত হৈ থাকে। অসমত মাজে-সময়ে তোলপাৰ লগাই থকা “পিছল মানুহ” কিম্বা যোৱা শতিকাৰ শেষৰ দশকটোত সমগ্র ভাৰত কঁপাই দিয়া “গণেশৰ দুগ্ধপান” হৈছে তেনে উৰাবাতৰিৰ উদাহৰণ। সাধাৰণতেই দেখা যায়, তেনে অন্ধবিশ্বাসযুক্ত উৰাবাতৰিয়ে সহজতেই মানুহৰ মাজত গণ-উন্মাদনাৰ (Mass Hysteria) সৃষ্টি কৰে। অন্যহাতেদি, কিছুমান উৰাবাতৰি প্রচলিত অৰ্থৰ অন্ধবিশ্বাসৰপৰা একেবাৰেই মুক্ত। “তৃতীয় স্তন”-ৰ উৰাবাতৰিটো তাৰ এটা উদাহৰণ।

এতিয়া স্বাভাৱিকতেই প্রশ্ন উঠিব, উপৰিউক্ত শ্রেণীবিভাজনৰ সৈতে উৰাবাতৰিৰ সামাজিক তাৎপৰ্যৰ কথাটো কেনেদৰে সম্পৰ্কিত? বিজ্ঞানমনস্কতাৰ সৈতেই বা তাৰ প্রাসংগিকতা ক’ত?

উক্ত প্রসংগত আমি প্রথমতে আলোচনালৈ আনিছোঁ নিৰ্মিত উৰাবাতৰিৰ কথাটো। ইতিমধ্যেই উল্লেখ কৰি অহা হৈছে, কিছুমান উৰাবাতৰি অতি পৰিকল্পিত আৰু উদ্দেশ্যপ্রণোদিতভাৱে নিৰ্মাণ কৰি মানুহৰ মাজত এৰি দিয়া হয়। তাৰ এটা সুপ্রাচীন আৰু চমৎকাৰ উদাহৰণ পোৱা যায় ভাৰতীয় সাহিত্যিক-মহাকাব্যিক সমলৰপৰা। মহাভাৰতত বৰ্ণিত কুৰুক্ষেত্র যুদ্ধত কৌৰৱৰ সেনাপতি আছিল অপ্রতিৰোধ্য দ্রোণাচাৰ্য। পাণ্ডৱৰ পক্ষৰপৰা, অশ্বত্থামা নামৰ হাতী এটি বধ কৰি, “অশ্বত্থামা হতঃ” বুলি জোৰদাৰ প্রচাৰ চলোৱা হ’ল। দ্রোণপুত্রৰ নামো আছিল অশ্বত্থামা। বেচেৰা দ্রোণই কিন্তু সদা-সত্যবাদী বুলি পৰিচিত যুধিষ্ঠিৰক কথাটো সুধি উৰাবাতৰিটোৰ সত্যাসত্য ভেৰিফাই কৰাৰ চেষ্টা এটাও চলাইছিল। তাৰ পাছৰ কাহিনীটিতো সৰ্বজনবিদিত। “অশ্বত্থামা হতঃ, ইতি গজ”— এইটো বাৰু এটা মহাকাব্যিক-সাহিত্যিক সাক্ষ্য। উৰাবাতৰিক উদ্দেশ্যপ্রণোদিত আৰু অত্যন্ত সুচতুৰভাৱে ব্যৱহাৰ কৰাৰ দ্বিধাহীন উপদেশৰ কথা এই উপমহাদেশৰ অকাহিনীমূলক নীতি-নিৰ্দেশনাৰ মাজতো পোৱা যায়। তেনে এখন প্রাচীন গ্রন্থ হৈছে কৌটিল্যৰ অৰ্থশাস্ত্র। এই গ্রন্থখনিৰ ত্রয়োদশ অধিকৰণৰ একেবাৰেই আৰম্ভণিতেই গুজব-নিৰ্মাণ কৰাৰ যিবোৰ দিহা দিয়া হৈছে, তাৰপৰা নিৰ্দ্বিধায় ক’ব পাৰি যে নিৰ্মিত উৰাবাতৰিৰ সামাজিক-ৰাজনৈতিক গুৰুত্বৰ কথাটি তেতিয়াই দেশৰ শাসক শ্রেণীটোৱে ভালদৰেই অনুধাৱন কৰিছিল। তাত বুদ্ধি দিয়া হৈছে যে ৰজাৰ সৈতে দেৱতাৰ যোগাযোগ হৈছে বুলি প্রচাৰ চলাব লাগে। ক’ত আৰু কাৰ মাজত তেনে উৰাবাতৰি বিয়পাই দিব লাগে? গ্রন্থখনিত স্পষ্টকৈ নিৰ্দেশ দিয়া হৈছে যে তেনে গুজব স্বদেশ আৰু শত্রুদেশ— দুয়োতেই প্রচাৰ চলাব লাগে। তাৰ কাৰণো কোনো লুক‌ঢাক নকৰাকৈ বুজাই দিয়া হৈছে তাত— “তেনে উৰাবাতৰিয়ে নিজৰ পক্ষক আনন্দিত আৰু শত্রুপক্ষৰ মনত বিভীষিকাৰ উৎপাদন কৰিব”। এইখিনিতেই আমি আগতে উল্লেখ কৰি অহা, পাত্রভেদে উৰাবাতৰিৰ ইতিবাচক কিম্বা নেতিবাচক অভিঘাতৰ কথাটো স্মৰণ কৰি ল’ব পাৰোঁ। প্রাচীন ভাৰতৰ তেনে শঠতাৰে ভৰা চক্রান্তময় উৰাবাতৰিৰ পৰম্পৰা আধুনিক যুগলৈও প্রবাহিত হৈ থকা দেখা যায়। ১৯৪৮ চনৰ ২২ ডিচেম্বৰৰ নিশা এদল মানুহে অযোধ্যাৰ বাবৰি মছজিদত সোমাই তাত দুটা পুতলা থৈ আহিছিল। পিছদিনা পুৱা অযোধ্যা আৰু ফৈজাবাদৰ বাটে বাটে চাইকেল-ৰিক্সাত কিছুমান মানুহে মাইকযোগে ঘোষণা কৰি ফুৰিছিল যে বাবৰি মছজিদৰ ভিতৰত, নিজৰ জন্মস্থানত “ৰাম লালা স্বয়ং প্রকটিত হুৱা”।

সেয়া আছিল নিৰ্মিত উৰাবাতৰিৰ কথা। দেখা যায় যে স্বতঃস্ফূৰ্তভাৱে উদ্ভূত উৰাবাতৰিবোৰকো   কৌশলপূৰ্ণভাৱে নিজ স্বাৰ্থত ব্যৱহাৰ কৰাটো একো আচৰিত কথা নহয়। তেনে ক্ষেত্রত গুজবৰ স্বতঃস্ফূৰ্ত উৎসৰ সৈতে তাৰ উদ্দেশ্যপ্রণোদিত ব্যৱহাৰৰ সংগতি নোহোৱা হৈ পৰে। এনফিল্ড ৰাইফলৰ টোটাত গৰু-গাহৰিৰ চৰ্বি যোগ দিয়াৰ মূল কাৰণ ভাৰতীয় লোকৰ ধৰ্মভ্রষ্ট কৰা— সেই বিখ্যাত উৰাবাতৰিটোৰ সম্ভৱ স্বতঃস্ফূৰ্তভাবেই সৃষ্টি হৈছিল। কিন্তু এই গুজবটো চিপাহী বিদ্রোহৰ সময়ত সহায়ক হৈ পৰিছিল বিদ্রোহী ভাৰতীয় হিন্দু আৰু মুছলমান সেনাক ইংৰাজৰ বিপক্ষে চালনা কৰাত ।

ওপৰৰ আলোচনাৰপৰা নিশ্চয় পৰিষ্কাৰ হৈছে যে নিৰ্মিতই হওক বা স্বতঃস্ফূৰ্তই হওক, উৰাবাতৰিবোৰ সামাজিকভাৱে অতি তাৎপৰ্যপূৰ্ণ। কিয়নো উৰাবাতৰিবোৰে বুজনসংখ্যক মানুহৰ সামাজিক মনস্তত্ত্ব, মতামত আৰু তৎভিত্তিক কাৰ্যকলাপক নিৰ্মাণ আৰু নিয়ন্ত্রণ কৰি পেলায়। এইটো প্রক্রিয়াৰ মাজেদি উৰাবাতৰিবোৰ হৈ পৰেগৈ কোনো এটা সামাজিক শক্তিৰ হাতৰ শক্তিশালী আৰ্থ-ৰাজনৈতিক হাথিয়াৰ। এইখিনিতেই আমি ইতিমধ্যেই উল্লেখ কৰা বাৰ্টলেট্‌ নামৰ মনস্তাত্ত্বিকগৰাকীৰ মতটি স্মৰণ কৰি ল’ব পাৰোঁ। তেখেতে আঙুলিয়াই দিছিল যে উদ্ভট বাতৰি এটা মানুহৰ মাজত অবিৰতভাৱে প্রচলিত হৈ থাকিলে, বাতৰিটোত নিজে নিজেই কিবা অৰ্থ আৰোপিত হৈ পৰে। বাৰ্টলেট্‌ৰ উপৰিউক্ত ধাৰণাটো পাছলৈ (১৯৪৭ চনত) অধিক পৰিশ্রুত আৰু পৰিবৰ্ধিত কৰি উপস্থাপন কৰিলে এল্‌প’ৰ্ট (Gordon Willard Allport, 1897–1967) আৰু প’ষ্ট্‌মেন (Leo Joseph Postman, 1918-2004) নামৰ দুগৰাকী কলম্বিয়া বিশ্ববিদ্যালয়ৰ মনস্তত্ত্ববিদে। তেওঁলোকে দেখুৱালে যে উৰাবাতৰিবোৰ বিস্তাৰিত হোৱাৰ লগে লগে সেইবোৰ অধিক চমু আৰু নিকপ্‌কপীয়া (short and concise), তীক্ষ্ম (sharp) আৰু শ্রোতাৰ বাবে মজাদাৰ (interesting) হৈ পৰে। কোনো কোনো মনস্তত্ত্ববিদে আকৌ ধাৰণা কৰে যে নিজৰ মানসিক উদ্বেগ হ্রাস কৰিবলৈকে মানুহে বাৰে বাৰে উৰাবাতৰি একোটা ন ন শ্রোতাৰ আগত ব্যক্ত কৰি যায়। কিন্তু এই সংক্রান্তৰ ভিন্ন মত এটিও উত্থাপিত হৈছে। এই ধাৰণাটোৰ মতে, মানুহে বাৰে বাৰে, বেলেগ বেলেগ লোকৰ আগত উৰাবাতৰি একোটা পুনৰাবৃত্তি কৰি থকাৰ আঁৰত উদ্বিগ্নতা হ্রাস কৰাৰ কোনো ভূমিকা নাই। বিপৰীতপক্ষে, মানুহে শ্রোতাৰ সৈতে সামাজিক সম্পৰ্ক গ‌ঢ় দিবলৈ উদ্বেগক ব্যৱহাৰহে কৰে। [দ্রষ্টব্য: Guerin B and Miyazaki Y (2006), ‘Analyzing rumors, gossip, and urban legends through their conversational properties’, The Psychological Record, 56: 23-34]।

এইধৰণৰ গুৰুগম্ভীৰ বিষয়ত আমাৰ দৰে লোকে মতামত দিয়াটো সংগত নহয়। কিন্তু আমি সাধাৰণভাৱে তেনে আলোচনাৰপৰা কোনো সন্দেহ নোহোৱাকৈ অনুধাৱন কৰিব পাৰোঁ উৰাবাতৰিবোৰৰ বিস্তাৰণৰ দ্রুতিৰ গুৰুত্বৰ কথাটো। আমি পাই আহিছিলোঁ যে উৰাবাতৰিবোৰে মানুহৰ সামাজিক মনস্তত্ত্ব, মতামত আৰু কাৰ্যকলাপক অতি গভীৰভাৱে প্রভাৱান্বিত কৰে।  এই গুণটোৰ সৈতে দ্রুত সঞ্চাৰণশীলতাৰ কথাটো সম্পৃক্ত হৈ উৰাবাতৰিবোৰ সামাজিকভাৱে অতি তাৎপৰ্যপূৰ্ণ হৈ পৰে। সাধাৰণতেই উৰাবাতৰিবোৰ সত্য বাতৰিতকৈ আকৰ্ষণীয় আৰু চিন্তাকৰ্ষক হয়। এনেবোৰ কাৰণৰ বাবে অতি কম সময়ৰ ভিতৰতেই একোটা উৰাবাতৰিয়ে অভাবনীয়সংখ্যক লোকৰ ধ্যান-ধাৰণা আৰু তৎজনিত কৰ্মকাণ্ডক পৰিচালনা কৰিবলৈ ধৰে। এইটো প্রক্রিয়াৰ মাজেদি উৰাবাতৰিবোৰ হৈ পৰেগৈ কোনো সামাজিক শক্তিৰ হাতৰ শক্তিশালী আৰ্থ-ৰাজনৈতিক হাথিয়াৰ।

৪. ইন্টাৰনেট আৰু উৰাবাতৰি

 

আমি পাই আহিলোঁ যে গুজববোৰ যে সঁচা খবৰতকৈ কম সময়তে বিয়পি পৰে। ইন্টাৰনেটৰ জগতখনতো, বিস্তাৰণৰ দ্রুততাৰ বেলিকা উৰাবাতৰিবোৰে তথ্যভিত্তিক সত্য বাতৰিক সহজেই পৰাভূত কৰে। সহজেই চকুত পৰা এই কথাটোৰ সংখ্যাগত পৰিমাপ কৰিবলৈ কিন্তু কোনো নিৰ্ভৰযোগ্য পদ্ধতি নাছিল। ক্রেইগ্‌ ছিলভাৰমেন (Craig Silverman) নামৰ এগৰাকী সাংবাদিক তথা কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষকে ইন্টাৰনেটত মিছা আৰু অপ্রমাণিত বাতৰি বিয়পি পৰা কথাটো সংখ্যাগত ভিত্তিত পৰিমাপ কৰিব পৰা এবিধ সঁজুলি উদ্ভাৱন কৰে। সঁজুলিটোৰ নাম ইমাৰ্জেন্ট (Emergent)। এই সঁজুলিটোৰ সহায়েৰে দেখা গ’ল যে ইন্টাৰনেটত উৰাবাতৰিৰ বিস্তাৰণৰ ঘটে সঁচাই অতি প্রচণ্ড দ্রুতিত। তাৰ এটা চমৎকাৰ উদাহৰণ আমি আগতে উল্লেখ কৰি অহা তৃতীয় স্তনৰ উৰাবাতৰিটোৰপৰাই ল’ব পাৰোঁ। মহিলাগৰাকী তিনি নম্বৰ স্তন এটাৰ গৰাকী হোৱা উৰাবাতৰিটো ওলোৱাৰ খুব কম সময়ৰ ভিতৰতেই ইন্টাৰনেটৰ ছ’চিয়েল মিডিয়াত কথাটোৰ ১৮৮,০০০টা শ্বেয়াৰ হৈ যায়। কিন্তু বাতৰিটো মিছা বুলি প্রমাণ হোৱা খবৰটোৱে তাৰ মাত্র এক-তৃতীয়াংশ মানুহকহে আকৰ্ষিত কৰিছিল (চিত্র-৪)।

চিত্র-৪:- তৃতীয় স্তনৰ উৰাবাতৰিটো খুব কম সময়ৰ ভিতৰতেই ছ’চিয়েল মিডিয়াত বিস্তাৰিত হৈ পৰিছিল। কথাটো মিছা বুলি প্রমাণ হোৱা খবৰটোৱে অতি কম মানুহকহে আকৰ্ষিত কৰিছিল।

ইন্টাৰনেটৰ ব্যৱহাৰ দিনে দিনে বা‌ঢ়ি আহিছে আৰু কোনো সন্দেহ নাই, ভৱিষ্যতে ই অধিক বৃদ্ধি পাব। বৰ্তমান সময়ত সমাজৰ শিশুসকলেও কম বয়সতে ইন্টাৰনেট ব্যৱস্থাৰ সৈতে পৰিচিত হৈ উঠিছে। এইসমূহৰপৰা সাধাৰণতেই নতুন প্রজন্ম ইন্টাৰনেট ব্যৱহাৰত অতি পাৰদৰ্শী বুলি কোৱা হয়। কিন্তু এই পাৰদৰ্শিতাৰ প্রকৃত স্বৰূপ বাৰু কেনেধৰণৰ? এই সন্দৰ্ভত ষ্টেনফোৰ্ড গ্রেজুৱেট স্কুল অৱ্‌ এডুকেশ্বনৰ গৱেষকৰ দল এটাই ২০১৫ চনৰ জানুৱাৰি মাহৰপৰা ছাত্র-ছাত্রীসকলৰ মাজত অনুসন্ধান আৰম্ভ কৰে। ২০১৬ চনৰ নৱেম্বৰ মাহত তেওঁলোকে প্রকাশ কৰে তেওঁলোকৰ অনুসন্ধানৰ ফলাফল। উক্ত ফলাফলে প্রতীয়মান কৰিলে যে নতুন প্রজন্মৰ ছাত্র-ছাত্রীসকল সাধাৰণতে ভবাৰ দৰে ইন্টাৰনেট ব্যৱহাৰত পাৰদৰ্শীতো নহয়েই, বৰং কথাটো তাৰ একেবাৰে বিপৰীতহে। কথাটো উৰাবাতৰিৰ বিস্তাৰণৰ প্রসংগত অতি গুৰুত্বপূৰ্ণ; লগতে কথাটো এই আলোচনাত অতিকৈ প্রাসংগিক। সেইবাবে কথাটো অলপ বিশদভাৱে আলোচনা কৰা উচিত হ’ব।

উক্ত পৰীক্ষাটো কৰা হৈছিল ৭.৮০৪গৰাকী বিভিন্ন স্তৰৰ (বিদ্যালয় আৰু মহাবিদ্যালয়ৰ) ছাত্র-ছাত্রীৰ মাজত। গৱেষণা দলটিৰ কাণ্ডাৰী অধ্যাপক ছ্যেম উইনবাৰ্গে (Sam Wineburg) প্রকাশ কৰা ফলাফলে দেখুৱাই দিলে যে ছাত্র-ছাত্রীসকল ইন্টাৰনেট ব্যৱস্থাৰ সৈতে অতি অভ্যস্ত হ’লেও, সমগ্র কথাটোত কিছুমান গুৰুতৰ বিসংগতি আছে। দেখা গ’ল যে ছাত্র-ছাত্রীসকলে নানান বিষয় সন্দৰ্ভত ইন্টাৰনেটত পোৱা ব্যাখ্যা-বিৱৰণত অতি সহজেই বিশ্বাস কিম্বা আস্থা স্থাপন কৰে, কিন্তু সেইসমূহ কথাৰ মূল তথ্য-সূত্রৰ সংক্রান্তত তেওঁলোকৰ কোনোধৰণৰ উৎসুকতা নাই। আনকি, সিংহভাগ ছাত্র-ছাত্রীয়েই  ইন্টাৰনেটত পোৱা কথা এটা বাতৰি নে বিজ্ঞাপন, সেইটো সঠিকভাৱে নিৰ্ণয় কৰিবলৈ অসমৰ্থ। উদাহৰণস্বৰূপে, উক্ত পৰীক্ষালানিৰ এটা পৰ্যায়ত বিদ্যালয়-স্তৰৰ ছাত্র-ছাত্রীসকলক বিত্তীয় পৰিকল্পনাৰ সন্দৰ্ভত ইন্টাৰনেটত পোৱা নিবন্ধ এটি প‌ঢ়িবলৈ দিয়া হ’ল। তেওঁলোকক কোৱা হ’ল, উক্ত নিবন্ধটোৰ বিচাৰ-বিশ্লেষণ কিয় বিশ্বাসযোগ্য নহয়— সেইটো প্রতিষ্ঠা কৰিব লাগে। উল্লেখযোগ্য যে নিবন্ধটো লিখিছিল বেংক এটাৰ কৰ্মকৰ্তা এগৰাকীয়ে। সিমানেই নহয়, লিখাটোক পৃষ্ঠপোষকতা (sponsor) কৰিছিল উক্ত বেংকটোৱে। দেখা গৈছিল যে ছাত্র-ছাত্রীসকলে নিবন্ধটোৰ অ-বিশ্বাসযোগ্যতাৰ অন্যতম কাৰণ বুলি লিখকৰ কিম্বা বিত্তীয় প্রতিষ্ঠানটোৰ ভূমিকাৰ কথাটো ধৰিবই নোৱাৰিলে। মহাবিদ্যালয় পৰ্যায়ৰ ছাত্র-ছাত্রীসকলৰ মাজত সম্পাদন কৰা পৰীক্ষা এটাৰ ফলাফল অধিক চিত্তাকৰ্ষক। ছাত্র-ছাত্রীসকলক বিষয় এটি দি গুগোলৰ সহায়লৈ প‌ঢ়িবলৈ কোৱা হ’ল। বিষয়টো এনেধৰণে নিৰ্বাচিত কৰা হৈছিল যাতে সেই বিষয়টোত গুগোলত বিভিন্ন দৃষ্টিকোণৰপৰা প্রস্তুত কৰা পৰস্পৰবিৰোধী বহুতো ৰচনা পোৱা যায়। দেখা গৈছিল যে ছাত্র-ছাত্রীসকলে শুদ্ধ তথ্যৰ সৈতে নিৰ্ভেজাল মিথ্যা মিহলাই পেলাইছে।

গতিকে আমি নিৰ্দ্বিধায় ক’ব পাৰোঁ যে দিনে-নিশাই ইন্টাৰনেট ব্যৱহাৰ কৰি কোনো লোক ইন্টাৰনেট ব্যৱস্থাটোৰ সৈতে অতি অভ্যস্ত হৈ উঠিব পাৰে ঠিকেই, কিন্তু তেনে অভ্যস্ততাই লোকগৰাকীৰ ইন্টাৰনেট-পাৰদৰ্শিতাক প্রতিফলিত নকৰে। সঁচাই-মিছাই যিকোনো “তথ্য”  ইন্টাৰনেটৰপৰা অতি দ্রুততাৰে টানি অনাৰ ক্ষমতা থকা লোক নিশ্চয়কৈ ব্যৱস্থাটোৰ সৈতে অভ্যস্ত। কিন্তু তেনে লোক যদি সেইবোৰ “তথ্য”-ৰ উৎস, বিশ্বাসযোগ্যতা, উদ্দেশ্য আদিৰ সন্দৰ্ভত অজ্ঞ, তেনেহ’লে জানো তেওঁক এগৰাকী পাৰদৰ্শী লোক বোলাটো যুগুত হ’ব? কথাটোৰ উত্তৰ নিঃসন্দেহে নেতিবাচক। কিয়নো যধে-মধে, সত্যাসত্য বিচাৰ নকৰি কৰা “তথ্য”-সংগ্রহে তথ্য-সংগ্রাহকৰ ক্ষিপ্রতা প্রতিফলিত কৰিলেও সি তেওঁৰ প্রাজ্ঞতাৰ কোনো নিৰ্ভৰযোগ্য সূচক নহয়। তেনে প্রজ্ঞতাৰ অভাৱো উৰাবাতৰি বিস্তাৰিত হোৱাৰ এটা প্রধান কাৰণ।

আৱেগ-উদ্বেগ আদিৰ বিস্তাৰৰ ক্ষেত্রত ইন্টাৰনেটৰ ছ’চিয়েল নেটৱৰ্কৰ ভূমিকা আছেনে? এই প্রসংগত আডাম ক্রামাৰ (Adam D. I. Kramer), জেমি গোলৰি (Jamie E. Guillory) আৰু জেফ্‌ৰি হেনক’ক্‌ (Jeffrey T. Hancock)—এই তিনিগৰাকী গৱেষকে এখনি গৱেষণাপত্র প্রকাশ কৰে বিখ্যাত জাৰ্নেল Proceedings of the National Academy of Sciencesঅত, ২০১৪ চনত। গৱেষণাপত্রখনৰ শিৰোনাম হৈছে, “Experimental evidence of massive-scale emotional contagion through social networks.” এই গৱেষণাপত্রখনিয়ে প্রতিপন্ন কৰা কেইটিমান কথা যেনেকৈ অতি চিত্তাকৰ্ষক, তেনেকৈ সামাজিক দিশৰপৰা বৰ তাৎপৰ্যপূৰ্ণ।

গৱেষণাপত্রখনিৰ কথালৈ যোৱাৰ আগতে ইন্টাৰনেটৰ ছ’চিয়েল নেটৱৰ্কৰ এটা অতি প্রাৰম্ভিক কথা কৈ থোৱাটো যুগুত হ’ব। অতি জনপ্রিয় ফেইচবুকৰ কথাই কোৱা যাওক। তাত মানুহে সাধাৰণতে কি কৰে? বহুতেই ব্যক্তিগত-অব্যক্তিগত সুখৰ কিম্বা দুখৰ বাতৰি ফেইচবুকত দিয়ে। সেইবোৰ সুখ-দুখ-হাঁহি-কান্দোনৰ বাতৰি অন্য লোকে প্রত্যক্ষ কৰে। সেইমতে তেওঁলোকে ফেইচবুকত মত-মন্তব্য প্রদান কৰে। মত-মন্তব্য নিদিলেও নিৰৱে সেইসমূহ বাতৰি প‌ঢ়ে। এইখনি ফেইচবুকত অভ্যস্ত লোকৰ বাবে তেনেই সাধাৰণ কথা। কিন্তু ইন্টাৰনেটৰ এই ছ’চিয়েল নেটৱৰ্কৰ সৈতে সম্পৰ্ক নথকা লোকে পৰৱৰ্তী পেৰাগ্রাফ্‌টিত উজুটি খাব বুলি এইখিনি কথা উল্লেখ কৰিলোঁ।

উক্ত গৱেষণাপত্রখনত বৰ্ণনা কৰা ইন্টাৰনেট-ছ’চিয়েল নেটৱৰ্কৰ তাৎপৰ্যপূৰ্ণ দিশটো কি? দেখা গৈছিল যে কোনো ব্যক্তি এগৰাকীয়ে প‌ঢ়িবলৈ পোৱা ফেইচবুক আপডেটবোৰ যদি ঋণাত্মক ভাবধাৰাৰ হয়, তেন্তে সেই ব্যক্তিগৰাকীৰো আপডেটবোৰ ক্রমাৎ ঋণাত্মক চিন্তাৰে ভাৰাক্রান্ত হৈ পৰে। লগে লগে ধনাত্মক প’ষ্টৰ সংখ্যা ক্রমে হ্রাস পায়। ইয়াৰ বিপৰীত দিশটোও উপৰিউক্ত পৰীক্ষাটিত চকুত পৰিছিল। অৰ্থাৎ, ব্যক্তি এগৰাকীৰ নিউজ ফিডত অন্য ব্যক্তিৰ আপডেটবোৰ ধনাত্মক হ’লে, সেই ব্যক্তিজনৰ প’ষ্টবোৰো ধনাত্মক হ’বলৈ আৰম্ভ কৰিছিল। মন কৰিবলগীয়া কথা, তেনে পৰিৱৰ্তন ঘটিছিল ব্যক্তিগৰাকীৰ অজ্ঞাতে। গতিকে দেখা গ’ল যে ইন্টাৰনেট-ছ’চিয়েল নেটৱৰ্কৰ যোগেদি অন্য ব্যক্তিৰ আৱেগ অন্য এগৰাকী ব্যক্তিৰ মনলৈ সংক্রমিত হৈ পৰাটো সম্ভৱ।

এজন ব্যক্তিৰ আৱেগ অন্য এগৰাকী ব্যক্তিলৈ সংক্রমিত হৈ পৰাটো একো নতুন আৱিষ্কাৰ নহয়। কৰ্মযোগী কোনো উদ্যমী লোকৰ সৈতে ভাব বিনিময় কৰিলে উদ্দীপনা পোৱা যায়, কিম্বা হতাশাগ্রস্ত লোকৰ কথা শুনি থাকিলে নিজেও হতাশাগ্রস্ত হৈ পৰা যায়। কম-বেছি পৰিমাণে আমি সকলোৱে তেনে অভিজ্ঞতাৰ সন্মুখীন হওঁ। কিন্তু ইন্টাৰনেটৰ ছ’চিয়েল মিডিয়াৰ বেলিকা উক্ত গৱেষণাটোৰ গুৰুত্ব কি? আমাৰ মতেৰে, উক্ত গৱেষণালব্ধ সিদ্ধান্তটোৱে প্রতিপন্ন কৰা কথাটোৰ এটা সুদূৰপ্রসাৰী সামাজিক তাৎপৰ্য আছে। আমি পাই আহিছিলোঁ যে ইন্টাৰনেট-ছ’চিয়েল নেটৱৰ্কৰ জৰিয়তে বিপুলসংখ্যক মানুহৰ মাজলৈ আৱেগ সংক্রমিত হোৱাটো সম্ভৱ। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, অগণন মানুহৰ মাজলৈ আৱেগ অতি দ্রুত গতিত  উদ্দেশ্যপ্রণোদিতভাৱে সঞ্চাৰিত কৰা যায় উৰাবাতৰিৰ জৰিয়তে, ইন্টাৰনেটৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি।

সম্প্রতি হৈ যোৱা এমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতিৰ নিৰ্বাচনৰ পাছতেই, জনমত গঠনত উৰাবাতৰি আৰু ইন্টাৰনেটৰ ছ’চিয়েল মিডিয়াৰ ভূমিকা সন্দৰ্ভত ব্যাপক চিন্তা-চৰ্চা আৰম্ভ হৈছে।  এমেৰিকাৰ এটা প্রখ্যাত ইন্টাৰনেট মিডিয়া প্রতিষ্ঠান হৈছে BuzzFeed News। এই প্রতিষ্ঠানটোৱে ২০১৬ চনৰ নৱেম্বৰ-ডিচেম্বৰ মাহত ৩০১৫গৰাকী প্রাপ্তবয়স্ক লোকক সামৰি সমীক্ষা এটা চলাইছিল। সমীক্ষাটোৱে দেখুৱাইছিল যে ৭৫% প্রাপ্তবয়স্ক লোকেই ফেইচবুকৰ যোগেদি মিথ্যা বাতৰিবোৰ সঁচা বুলি বিশ্বাস কৰিছিল। সাধাৰণতে ভবা যায় যে নিজে ভবাধৰণৰ, নিজৰ ধ্যান-ধাৰণাৰ সৈতে সংগতিপূৰ্ণ বাতৰি হ’লেহে মানুহে সেইবোৰ সহজতে বিশ্বাস কৰে। কিন্তু উক্ত সমীক্ষাটোৰপৰা দেখা গৈছিল যে নিজৰ মতাদৰ্শগত পক্ষপাতিতাৰ একেবাৰে বিপৰীতে থকা উৰাবাতৰিবোৰো মানুহে সঁচা বুলি বিশ্বাস কৰিছিল। মন কৰিব লগীয়া কথা, উক্ত ৰাষ্ট্রপতিৰ নিৰ্বাচনৰ সময়ত উদ্দেশ্যপ্রণোদিতভাৱে, অতি পৰিকল্পিতভাৱে তেনে উৰাবাতৰি ইন্টাৰনেটৰ ছ’চিয়েল মিডিয়াত এৰি দিয়া হৈছিল বুলি যুক্তিগ্রাহ্যভাৱে অনুমান কৰা হৈছে। ৰুছ দেশৰ ফালে সন্দেহৰ আঙুলি টোঁৱাইছে বহুতো অনুসন্ধান সংস্থাই। কোৱা গৈছে যে ৰাছিয়া প্রত্যক্ষভাৱে উৰাবাতৰিৰ বিস্তাৰণৰ প্রক্রিয়াটোত জড়িত। ৰাষ্ট্রপতিৰ নিৰ্বাচনৰ সময়ত লোৱা সন্দেহজনক ভূমিকাৰ বাবে বহুকেইগৰাকী ৰুছ কূটনীতিবিদক এমেৰিকাৰপৰা বহিষ্কাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰপৰাই প্রতীয়মান হয় যে বৰ্তমান সময়ত ইন্টাৰনেটৰ ছ’চিয়েল মিডিয়া হৈ পৰিছে এক প্রভূত শক্তিশালী ৰাজনৈতিক হাথিয়াৰ।

৫. উপসংহাৰ : উৰাবাতৰি আৰু বিজ্ঞানমনস্কতা

 

উৰাবাতৰিবোৰ মিথ্যাচাৰভিত্তিক; সেইবোৰৰ কিছুমানে মানুহৰ মাজত উদ্বেগ-ঘৃণা-আতংক-বিদ্বেষ আদিৰ সৃষ্টি কৰি সেইবোৰৰ বিস্তাৰ আৰু সংক্রমণ ঘটায় অতি দ্রুততাৰে; উৰাবাতৰিক স্বাৰ্থান্ধ সামাজিক শক্তিয়ে সচেতনভাৱে ব্যৱহাৰ কৰে— এই কথাবোৰ আমি আলোচনা কৰি আহিলোঁ। উক্ত আলোচনাৰ আমি তৰ্কাতীতভাৱে সিদ্ধান্ত এটা ল’ব পাৰোঁ যে তেনেজাতীয় উৰাবাতৰি ব্যক্তি বা সমাজৰ বাবে অতিকৈ ক্ষতিকাৰক আৰু সেয়েহে তাৰপৰা পৰিত্রাণৰ কথা চিন্তা কৰাটো বৰ জৰুৰী।

এই নিবন্ধটোৰ এঠাইত আমি উৰাবাতৰিৰ এটা সাধাৰণ শ্রেণীবিভাজনৰ কথা আলচ কৰাৰ প্রয়াস কৰিছিলোঁ। সেই শ্রেণীবিভাজনৰ অন্তৰ্গত আপাত-নিৰীহ উৰাবাতৰিবোৰ বাৰু সঁচাই নিৰীহ আৰু অ-হানিকাৰক নেকি? এই প্রশ্নটোৰ উত্তৰ সন্ধানত বিজ্ঞানমনস্কতাৰ প্রসংগটো আহি পৰে অৱধাৰিতভাৱে। “পুৰুষাংগ নোহোৱা গৈ যোৱা” উৰাবাতৰিটোলৈ মনত পেলোৱা যাওক। আপাতদৃষ্টিত উক্ত উৰাবাতৰিটো সিমান একো ক্ষতিকাৰক যেন নালাগে। কিন্তু অলপ গমি চালেই গম পোৱা যায়, তেনে উদ্ভট কথাক সত্য বুলি বিশ্বাস কৰা লোকৰ মাজত এটা বস্তুৰ অতিকৈ অভাৱ। সেইটো হৈছে বিজ্ঞানমনস্কতা। দেখা যায় যে উৰাবাতৰি আৰু বিজ্ঞানমনস্কতাৰ সম্পৰ্কটো দ্বিমুখী। প্রথম দিশটো এনেকুৱা; অনগ্রসৰ-অনুন্নত সমাজ এখনত বিজ্ঞানমনস্কতাৰ শিপা সুদৃ‌ঢ় নহয়। তেনে এখন সমাজত উৰাবাতৰিৰ বিস্তাৰণ ঘটে অবাধ গতিত। অসমৰেই কোনো কোনো স্থানত “পিছল মানুহ”-ৰ গুজবৰ প্রাদুৰ্ভাৱলৈ লক্ষ্য কৰিলেই কথাটো পৰিষ্কাৰ হ’ব। দ্বিতীয় দিশটো অধিক গুৰুত্বপূৰ্ণ অথচ স্বল্পালোচিত। একেবাৰেই নিমাখিত যেন লগা উদ্ভট, অযৌক্তিক আৰু অবৈজ্ঞানিক উৰাবাতৰিৰ অহৰহ প্রচলনে মানুহৰ মাজত বিজ্ঞানমনস্কতাৰ বিকাশৰ কথা বাদেই, তাৰ উন্মেষ প্রক্রিয়াটোকেই বাধাগ্রস্ত কৰে। মানুহৰ মনটো তথ্যাশ্রয়ী জিজ্ঞাসা-অনুসন্ধানৰপৰা তেনে উৰাবাতৰিয়ে আঁতৰাই ৰাখে। গতিকে উৰাবাতৰিবোৰৰ অবাধ বিস্তাৰণৰ বাবে যেনেদৰে বিজ্ঞানমনস্কতাৰহিত পৰিৱেশে সহায় কৰে, তেনেদৰেই উৰাবাতৰিবোৰে বিজ্ঞানমনস্কতাৰ উন্মেষতো খেলিমেলি লগায়। গতিকে উৰাবাতৰিৰপৰা পৰিত্রাণৰ প্রসংগত বিজ্ঞানমনস্কতাৰ প্রসাৰৰ কথাটো অগ্রাহ্য কৰিব নোৱাৰি।

উৰাবাতৰিৰ এটা প্রধান চৰিত্র হৈছে যে গুজববোৰৰ সত্যাসত্য অপৰীক্ষিত আৰু অনিৰ্ণেয়। এই কথাটো আমি ইতিমধ্যেই আলোচনা কৰি আহিছোঁ। উৰাবাতৰিৰ উক্ত দিশটোৰ সৈতে বিজ্ঞানমনস্কতাৰ সম্পৰ্ক দেখদেখকৈ বৈৰীমূলক। বিজ্ঞানমনস্কতাৰ প্রথম ‌ঢাপটোৱেই হৈছে প্রশ্ন কৰা, যিকোনো কথা তথ্যভিত্তিক আৰু যুক্তিআশ্রয়ী হয় নে নহয়, সেইটো পৰীক্ষা কৰা। গতিকে বিজ্ঞানমনস্ক লোকসকলে এই প্রথম ‌ঢাপটিতেই উদ্ভট, অযৌক্তিক আৰু অবৈজ্ঞানিক “বাতৰি”ক উৰাবাতৰি বুলি চিনাক্ত কৰি পেলাবলৈ সক্ষম হয়। গতিকে বিজ্ঞানমনস্ক লোকসকল তেনেবিধৰ উৰাবাতৰিৰ কবলত পৰাৰ আশংকা কম। কোৱা বাহুল্য, তেওঁলোকে তেনেবিধৰ উৰাবাতৰিৰ প্রসাৰতো অৰিহণা নোযোগায়।

গতিকে, বিজ্ঞানমনস্কতাক গুৰুত্ব দিয়া লোকসকলে প্রথমতেই একোটা উৰাবাতৰিয়ে দিয়া “বতৰা”-টোৰ কিবা যৌক্তিক ভিত্তি আছে নে নাই, সেইটো গমি চাব লাগে। “পুৰুষাংগ-অৱলুপ্তি” – এইটো কথাক পোনছাটেই উৰাবাতৰি বুলি যিকোনো বিজ্ঞানমনস্ক লোকেই চিহ্নিত কৰিব। কিন্তু কিছুমান উৰাবাতৰিৰ ভিত্তি প্রথম দৃষ্টিত অযৌক্তিক যেন নেলাগিবও পাৰে। “লেনিনৰ মৃতদেহ নিলাম কৰা হ’ব”— এইটো তাৰ এটা উদাহৰণ। গতিকে বিজ্ঞানমনস্কতাক গুৰুত্ব দিয়া লোকসকলে তেনে বাতৰিৰ মূল তথ্য-সূত্রৰ সন্ধান চলোৱা উচিত। যুক্তিবাদী আন্দোলনৰ প্রায়োগিক ক্ষেত্রত কথাটোৰ কিন্তু এটা সম্প্রসাৰিত দিশো আছে। ব্যক্তি এগৰাকীয়ে নিজৰ মনত বিজ্ঞানমনস্কতাৰ কৰ্ষণ কৰাৰ উপৰিও, তেনে ভাবধাৰা অন্যৰ মাজত প্রচাৰ আৰু প্রসাৰ কৰাটো বৰ জৰুৰী। আমি আগতেই পাই আহিছিলোঁ যে কিছুমান উৰাবাতৰি প্রত্যক্ষভাৱে অন্ধবিশ্বাসৰ সৈতে জড়িত হৈ থাকে। সেইবোৰৰ প্রতিমুখে বিজ্ঞানমনস্ক লোকৰ দায়িত্বৰ সম্পৰ্কে কোৱাটো বাহুল্যহে হ’ব।

ইন্টাৰনেটৰ জগতখনৰ ছ’চিয়েল নেটৱৰ্কৰ নানান নেতিবাচক দিশ যে উন্মোচিত হৈছে, সেই কথাটো সঁচা। এই প্রসংগত আমি কিন্তু দুটা দিশলৈ সতৰ্ক দৃষ্টি দিয়া ভাল। প্রথম কথা, ইন্টাৰনেটৰ ছ’চিয়েল নেটৱৰ্কক আজি আৰু অগ্রাহ্য কৰাটো সম্ভৱ নহয়। দ্বিতীয় কথা, তেনে ব্যৱস্থাৰ প্রতি উদাসীনতা প্রদৰ্শন প্রকৃততে হ’বগৈ এটা কৌশলগত দিশৰ হঠকাৰিতা। কিয়নো ইন্টাৰনেটৰ জগতখনৰ নানান ছ’চিয়েল নেটৱৰ্কৰ বুজন অংশ আজি প্রতিক্রিয়াশীল দুষ্ট চক্রই হস্তগত কৰি পেলাইছে। তেনে চক্র ইন্টাৰনেটত ঘৃণা-উদ্বেগ-চৰিত্রহনন-সাম্প্রদায়িকতা-আতংক আদিৰ উৰাবাতৰি প্রচাৰ কৰাত অতিকৈ সক্রিয়। তেনে অৱস্থাত যুক্তিবাদী, বিজ্ঞানমনস্ক শুভবুদ্ধিসম্পন্ন লোকসকলে যদি ইন্টাৰনেটৰ ছ’চিয়েল নেটৱৰ্কক অপাংক্তেয় বুলি জ্ঞান কৰে, সেইটো জানো কৌশলগত দিশৰপৰা কোনো কামত অহা কথা হ’ব‌? কথাটো হ’বগৈ যেন বিপক্ষৰ অনুপস্থিতিত ফুটবলৰ খেলপথাৰত ৰক্ষকহীন গ’লপ’ষ্টৰ দৰে !

গতিকে প্রশ্ন উঠিব সংগত কাৰণতেই, যে ক্ষুদ্র পৰিসৰত হ’লেও, ইন্টাৰনেটৰ জগতখনিত উৰাবাতৰিৰ ক্ষেত্রত আমিনো কি কৰিব পাৰোঁ? কথাটো অতি গুৰুত্বপূৰ্ণ বুলি আমি জ্ঞান কৰিছোঁ, কিয়নো আজি ইন্টাৰনেট ব্যৱস্থাৰ মাধ্যমেৰে অভাবনীভাৱে বৃহৎসংখ্যক মানুহক গুজব-মিথ্যা বাতৰিৰে বিভ্রান্ত কৰি তোলাটো সম্ভৱ হৈ পৰিছে। তেনে ক্ষেত্রত আমি কি কৰা যুগুত?

প্রথম কথা, ফেইচবুকত আমি যিকোনো সন্দেহজনক আৰু ব্যতিক্রমী বাতৰি দেখিলে তৎমুহূৰ্ততেই কোনো প্রতিক্রিয়া প্রকাশ কৰা উচিত নহয়। ফেইচবুকত সাধাৰণতে লাইক, মন্তব্য আৰু শ্বেয়াৰ— এই তিনিধৰণে প্রতিক্রিয়া প্রকাশ কৰা হয়। দ্বিতীয়তে, বাতৰিটোৰ যুক্তিযুক্ততা বিচাৰ কৰি চোৱা উচিত। বিচাৰ কৰি চোৱা উচিত, বাতৰিটোৰ বাৰু কোনো যৌক্তিক ভিত্তি আছেনে? এই প্রসংগত আমি ইতিমধ্যেই আলচ কৰি অহা এই নিবন্ধৰ এটা অংশ প্রাসংগিক যেন বোধ হয়। বাতৰিটো একেবাৰেই উদ্ভট-অবান্তৰ হ’লে তাক আমি পোনে পোনেই গুজবৰ বাবে নিৰ্মিত বুলি ঠাৱৰ কৰিব পাৰিম। বাতৰিটোৰ যদি তেনেধৰণৰ অবান্তৰ-অসম্ভৱ নহয়, তেনেহ’লে আমি তৃতীয় ঢাপলৈ আগ বা‌ঢ়িব লাগিব। এই স্তৰত আমি কৰিব লাগিব অন্য কোনো নিৰ্ভৰযোগ্য উৎসৰ সহায়ত তেনে বাতৰিৰ সত্যাসত্য নিৰূপণৰ প্রচেষ্টা। লগতে লক্ষ্য কৰিব লাগিব, যিটো উৎসৰপৰা উক্ত বাতৰিটো প্রচাৰ কৰা হৈছে (ধৰক কোনো ছাইট), তাৰ বিশ্বাসযোগ্যতা কিমান? উক্ত বাতৰিটিৰ (বা ৰচনাৰ) লিখক কোন, তেওঁৰ পৰিচয়েই বা কি, তেওঁৰ সেই পৰিচয়টো প্রকৃত নে ভুৱা— এই দিশসমূহলৈও আমি চকু দিব লাগিব। যদি নিশ্চিত হয় যে সেইটো কোনো সত্যাশ্রয়ী শুদ্ধ তথ্যভিত্তিক বাতৰি নহয়, উৰাবাতৰিহে, তেনেহ’লে তাক হাইড কৰি পেলোৱা উচিত। প্রয়োজন যেন দেখিলে ফেইচবুকক ৰিপ’ৰ্ট কৰি কৰি দিয়া ভাল।

মন কৰিবলগীয়া কথা, এই সকলোখিনি ঢাপ ইন্টাৰনেটত অভ্যস্ত লোকে, ইন্টাৰনেটৰ গতি সন্তোষজনক থাকিলে, পাঁচৰপৰা দহ মিনিটৰ ভিতৰতেই শেষ কৰি পেলাব পাৰে। কিন্তু এইখিনিতেই আমি এই নিবন্ধৰ এঠাইত আলোচনা কৰি অহা অভ্যস্ততা আৰু প্রাজ্ঞতাৰ কথাটো স্মৰণ কৰি লোৱা ভাল। ইন্টাৰনেটত উৰাবাতৰিক প্রতিহত কৰিবলৈ প্রাজ্ঞতাবিহীন অভ্যস্ততা মুঠেও প্রশস্ত নহ’ব। তেনে প্রজ্ঞাৰ উন্মেষ সম্ভৱ হ’ব বিজ্ঞানমনস্কতাৰ অবিৰত কৰ্ষণ আৰু বিস্তাৰণৰ জৰিয়তে। তেনে অনুশীলন কিন্তু মাত্র ইন্টাৰনেটক জগতখনৰ ওপৰত নিৰ্ভৰ কৰি সম্পন্ন কৰা যাব বুলি ধাৰণা নহয়। সেইবাবেই, উৰাবাতৰিৰ প্রতিমুখে বিজ্ঞানমনস্ক বিজ্ঞান কৰ্মীসকল ভাৰ্চুৱেল আৰু বাস্তৱ— এই দুয়োখন জগততেই সক্রিয় হৈ থকা প্রয়োজন। ‌

Share Button
Print Friendly, PDF & Email

No Comments : "সম্পাদকৰ টোকা : উৰাবাতৰিৰ বতৰা : বিজ্ঞানমনস্কতা আৰু ইটো-সিটো ‍(কৌশিক দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *