অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ সংখ্যা (দ্বিতীয় বছৰ)তৃতীয় সংখ্যা (দ্বিতীয় বছৰ)সাক্ষাৎকাৰ

সাক্ষাৎকাৰ : জেৰিফা ৱাহিদ – (সাক্ষাৎ গ্ৰহণ : ফাৰ্ণাজ নাৰ্গিচ দুৱৰা)

 

* অভিনয়ৰ প্ৰতি কেনেদৰে আকৰ্ষিত হ’ল?

: অভিনয়ৰ প্ৰতি আগতে কেতিয়াও আকৰ্ষিত হোৱা নাছিলোঁ। সময়বোৰ ঘড়ীৰ কাটা মতে চলা নাছিল। সেইবাবেই ভাল নাপাইছিলোঁ। কিন্তু বিজু ফুকনক যিদিনা লগ পাইছিলোঁ তেওঁ মোক খুব অনুপ্ৰেৰণা দিছিল। কৈছিল – ‘তুমি এটা সময়ত বৰ ডাঙৰ অভিনেত্ৰী হ’বা।’ মই প্ৰথম শিশু অভিনেত্ৰীৰূপে ‘অভিমান’ ছবিত আত্মপ্ৰকাশ কৰিছিলোঁ। তাৰ পাছত ক’ত, কেনেদৰে অভিনয়ৰ নিচা হৈ গ’ল মই নিজেই গম নাপালোঁ।

* পেছাত আপুনি এগৰাকী অধিবক্তা। ওকালতি আৰু অভিনয় দুয়োটা পথ একেই নোহোৱা সত্ত্বেও কেনেদৰে ‘মেনেজ’ কৰে?

: আচল কথাটো হ’ল দুয়োটা একেলগে কৰি থাকিলে এটাও ‘দেওবাৰ’ হাতত নাথাকে। এটাও ছুটী নাপাওঁ। প্ৰতিটো দিন পাৰ হয় কাম আৰু কাম কৰি। কিন্তু কামৰ মাজত জীয়াই থকাটোও মই এক বিশেষ আশীৰ্বাদ বুলিয়েই ভাবো। এটা ‘প্ৰফেছন’ত ব্যস্ত হৈ থাকিলে আনটোক ‘মিছ’ কৰোঁ।

* বোলছবিৰ লগতে ভ্ৰাম্যমাণৰ জগতখনতো আপুনি সমানেই খোজ থৈছে‌। এই দুয়োখন জগতৰ মাজত কিবা পাৰ্থক্য বিচাৰি পায় নেকি?

: নিশ্চয় বিচাৰি পাওঁ‌। আচলতে mobile theatre, মানে ভ্ৰাম্যমাণৰ জগতখন সম্পূৰ্ণ বেলেগ বুলি মই কওঁ‌। বোলছবি বা চিনেমাৰ যিটো অভিনয় শৈলী সেয়া সম্পূৰ্ণ natural, আগতে অলপ acting type অভিনয় কৰিছিল, কিন্তু এতিয়া সেইটো নহয়‌। এতিয়া যিটো characterঅত এজন অভিনেতা অথবা অভিনেত্ৰীয়ে অভিনয় কৰিব, সেয়া যদি হৃদয়ংগম কৰিব নোৱাৰে তেন্তে অভিনয় কৰিব নোৱাৰে‌। মেকানিকেল এক্টিঙৰ স্থান নাই, আৰু তেনেদৰে অভিনয় কৰিলেও ধৰা পৰে‌। লগতে দৰ্শকেও তেনে অভিনয় আদৰি নলয়‌। কিন্তু ভ্ৰাম্যমাণ সম্পূৰ্ণ বেলেগ‌। ভ্ৰাম্যমাণত যেতিয়া দুখন ডাঙৰ মঞ্চত দুটা Floor Mikeএৰে নিজৰ নিজৰ ৰোল প্লে কৰিব লগা হয়‌, তেতিয়া প্ৰতিগৰাকী অভিনেতাই নিজৰ অভিনয় ফুটাই তুলিবলৈ অভিনয়ৰ লগতে নিজৰ কণ্ঠও loud হ’ব লাগিব‌। ভ্ৰাম্যমাণৰ আগশাৰীৰপৰা গেলাৰিৰ দৰ্শকে বুজি পোৱাকৈ তেওঁ যেতিয়া loud voiceঅত অভিনয় কৰে তেতিয়া কণ্ঠৰ লগতে শৰীৰৰ বিভিন্ন অংগশৈলীয়ে সমানেই কাম কৰিব লগা হয়‌। ফলস্বৰূপে অভিনয় হৈ পৰে শাৰীৰিক‌। মাইকটো আগত লৈ অভিনয় কৰোঁতে অভিনেতা-অভিনেত্ৰীয়ে যেতিয়া ‘মা মই তোমাক ভাল পাওঁ’ বুলি কয়, তেতিয়া তেওঁ, উচ্চ কণ্ঠৰ লগতে অংগী-ভংগীৰো দৰকাৰ হয়‌। সেইখিনি অবিহনে গেলেৰিৰ দৰ্শকে তেওঁৰ অভিনয় বুজি নাপাব‌। এটা Floor mikeএ গোটেই অভিনয় শৈলীটো ধৰি ৰাখে‌।

*২০০২ চনত ‘অগ্নিসাক্ষী’ চিনেমাখনৰ বাবে শ্ৰেষ্ঠা অভিনেত্ৰী সন্মান লাভ কৰে‌। সেই চিনেমাখনক জীৱনৰ অন্য এক টাৰ্নিং পইন্ট বুলি ক’ব খোজে নেকি?

: মই কিছুমান বস্তু আশা নকৰোঁ যদিও সেই একেই চনতে বেলেগ এখন চিনেমাৰ বাবেহে আশা কৰি আছিলোঁ ৷ ‘অগ্নিসাক্ষী’ৰ চৰিত্ৰটো সৰু মৰমলগা ৷ কিন্তু সময়ত বয়স কম আছিল বাবে মই চৰিত্ৰটো কিমান দূৰ ফুটাই তুলিব পাৰিছিলোঁ সেয়া মোতকৈ দৰ্শকেহে বেছি ভালদৰে জানিব ৷ সেইবাবেই মোৰ সেই বঁটাটোৰ একমাত্ৰ গৰাকী মই নহয় ৷ চিনেমাখনৰ গোটেই “Team”টো, লগতে একেষাৰতে ‘টাৰ্নিং পইন্ট’ বুলিও মই এইবাবেই ক’ব খোজা নাই৷ নাই, ‘বটা’ পোৱা বা নোপোৱা ডাঙৰ কথা নহয়, মই অভিনয় কৰি আছোঁ ৷ অভিনয় মোৰ ‘হবি’ নহয়, অভিনয় খুব ‘serious thing’ মোৰ বাবে ৷ ‘অগ্নিসাক্ষী’ মোৰ প্ৰিয় চিনেমা ঠিক ৷

*’নায়ক’, ‘গুণ-গুণ গানে গানে’,’কাদম্বৰী’, ‘অহিৰ ভৈৰৱ’, ‘তুমি মোৰ মাথোঁ মোৰ’, ‘প্ৰেম গীত’, ‘ এইবোৰৰ আপোনাৰ অন্যতম সফল ছবি ৷ এই চিনেমাবোৰৰ সফলতাৰ সেই বিশেষ কাৰণটো কি?

: সৌভাগ্যক্ৰমে এই গোটেইকেইখন চিনেমাৰ শক্তিশালী দিশটো আছিল কাহিনী আৰু চিত্ৰনাট্য ৷ লগতে, পৰিচালকসকল‌। বিশেষকৈ পৰিচালক বিদ্যুৎ চক্ৰৱৰ্তীৰ কথা ক’ব বিচাৰিছো‌। তেওঁৰ চিনেমা নিৰ্মাণ শৈলীটোক প্ৰকৃতাৰ্থত ‘চিনেমা’ বুলি ক’ব পাৰি‌। অতি নিপুণ। লগতে পৰিচালক ৰাজীৱ ভট্টাচাৰ্য, মুনীন বৰুৱা, মঞ্জু বৰা ইত্যাদিৰ নামো ল’ব লাগিব‌। তেওঁলোকে প্ৰকৃতাৰ্থত জানিছিল চিনেমা কি‌।

* ২০১৪ চনত বিদ্যুৎ চক্ৰৱৰ্তী পৰিচালিত ‘দুৱাৰ’ত প্ৰথম ফিল্মফেয়াৰ এৱাৰ্ড, শ্ৰেষ্ঠা অভিনেত্ৰীৰ খিতাপ পায়‌। সেই চিনেমাখনৰ প্ৰিয় ‘ডায়লগ’?

: তাতে এটা ‘ডায়লগ’ বৰ সুন্দৰ আছিল‌। তাত মনোৰোগ বিশেষজ্ঞৰ সন্মুখত নিজৰ স্বামীৰ কথা পত্নীয়ে বৰ্ণনা কৰিব লগা হৈছিল‌। য’ত নায়িকাৰ স্বামী মানে দ্বিজেন আৰু নায়িকা মানে মোৰ এখন সুখৰ সংসাৰ‌। আমি একমাত্ৰ সন্তানক লৈ ফুৰোঁ‌। ৰবীন্দ্ৰ ভৱনত নাটক চাওঁ‌। মুঠৰ ওপৰত ক’তো খোকোজা নলগা এখন সুখৰ সংখাৰ ৷ কিন্তু লাহে লাহে যেন দ্বিজেন মোৰপৰা আঁতৰি গৈছে ৷ দিন যোৱাৰ লগে লগে দ্বিজেন যেন সলনি হৈ গৈছে ৷ সেই দিনকেইটা মনত পেলাই সেই স্মৃতি মই মনোৰোগ বিশেষঞ্জৰ ওচৰত বৰ্ণনা কৰিব লাগে ৷ বিদ্যুৎ দাই বিচাৰিছিল সেই ছিনটোত মই চকু টিপ নমৰাকৈ মোৰ অতীত ৰোমন্থন কৰাটো ৷ চকুপানী নিজে নিজেই নিগৰি পৰাটো ৷ সেইটো আছিল কাম৷ তেওঁ বিচৰা ধৰণেই মই ‘shot’টো দিব পাৰিছিলোঁ ৷ এগৰাকী অভিনেত্ৰী হিচাপে সেয়াও যেন মই মনেৰে জুমি চাইছিলোঁ ৷ অভিনেত্ৰী হিচাপে মই ছিনটো খুব challenging আছিল ৷

*2016 ভাস্কৰ হাজৰিকা পৰিচালিত ‘কথানদী’য়ে দৰ্শকক বাৰুকৈয়ে আপ্লুত কৰে ৷ ‘কথানদী’ সম্পৰ্কে কিবা অলপ ক’ব নেকি?

 : ‘কথানদী’ সম্পৰ্কে বহুত কথা ক’বলৈ থাকে‌। প্ৰথমবাৰৰ বাবে পৰিচালক হিচাপে ভাস্কৰ হাজৰিকাৰ চিনেমা‌। খুব ভাল ‘টিম ৱৰ্ক’, খুব শক্তিশালী স্ক্ৰিপ্ট। গোটেইকেইজন অভিনেতা-অভিনেত্ৰীয়ে, আদিল হুছেইনৰপৰা কপিল বৰালৈকে সকলোৱে খুব সাংঘাতিক অভিনয় কৰিছে‌। কাচভী শৰ্মাৰ অভিনয় শলাগিবলগীয়া‌। প্ৰথমবাৰ অভিনয় কৰি তেওঁ দৰ্শকক ‘তেজীমলা’ হৈ যি দেখুৱালে, সেয়া মানিব লগীয়া‌। যেন এখন Institution‌। মোৰ শিকিব লগা যেন বহুত আছে‌। বিশেষকৈ সীমা বিশ্বাস বাইদেউক মই ধন্যবাদ দিব খোজোঁ‌। তেওঁ Workshop এটা কৰিলে অভিনয়ৰ ওপৰত, যি আমাক বাৰুকৈয়ে সহায় কৰিছিল‌। এইখন দ্বিতীয়খন ভাৰতীয় চিনেমা, যিখনে ‘পোশান’ত Post production grantএৰে সন্মানিত হৈছে‌।

* প্ৰিয় পৰিচালক?

: বিদ্যুৎ চক্ৰৱৰ্তী‌। লগতে ৰজনী বসুমতাৰীৰ নামটোও উল্লেখ কৰিবলৈ ভাল পাম‌, যি মোক খুব বিশ্বাস কৰি ‘ৰাগ’ৰ চৰিত্ৰটো দিছিল‌। তেওঁ মোক যিধৰণৰ মৰম আৰু বিশ্বাসেৰে শিকাইছিল সেয়া মই কেতিয়াও পাহৰিব নোৱাৰিম‌। মঞ্জু বৰাকো মই সাংঘাতিক ভাল পাওঁ‌। লগতে ল’ব বিচাৰিম মোৰ অন্যতম প্ৰিয় পৰিচালক জাহ্নু বৰুৱাৰ নাম‌।

* আপোনাক ‘বাৰ্বি ডল’ বুলি কয় অভিনয় জগতখনত‌। কেনেকুৱা অনুভৱ হয়? কোনোবা অভিনেত্ৰী ঈৰ্ষান্বিত হয় নেকি?

: মই আচলতে নাজানো, কিয় মোক এই খিতাপটো দি থৈছে‌। কিন্তু মোৰ ভাল লাগে‌। মই খুব উৎফুল্লিত হওঁ‌। খুব অনুপ্ৰেৰণা জগায়‌। আজিলৈ মই জনাত তেনেকুৱাকৈ কোনো ঈৰ্ষান্বিত হোৱা নাই‌। কিন্তু এই খিতাপটো মোৰ কাৰণে এটা আশীৰ্বাদ‌।

* প্ৰিয় সহ অভিনেতা/ অভিনেত্ৰী?

: কপিল বৰাৰ লগত মই বহুত কাম একেলগে কৰিছিলো‌। খুব ভাল অভিনেতা তেওঁ‌। ব্যক্তিগত জীৱনত অৱশ্যে আমি দুয়োৰে সম্পৰ্ক বৰ এটা ভাল নহয়‌। আমি খুব তৰ্কও কৰোঁ‌। কিন্তু professionally মই প্ৰিয় সহ অভিনেতা বুলি কপিল বৰাৰ নাম ল’বলৈ ভাল পাম‌।

সহ অভিনেত্ৰী বুলিলে নতুন চামৰ আশা বৰদলৈ। তেওঁ খুব ভাল অভিনয় কৰে, লগতে তেওঁ সময়মতে কাম কৰিবও জানে। আৰু বহুতো আছে।

* যদি অভিনেত্ৰী নহ’লহেঁতেন?

: ওকালতি কৰিলোঁহেঁতেন। লগতে আৰু এটা ইচ্ছাও আছে। সৰুৰেপৰাই শিক্ষয়িত্রী হোৱাৰো মোৰ মন। খুব ডাঙৰ স্কুল এখনৰ প্ৰধান শিক্ষয়িত্রী হোৱাৰ মন এতিয়াও মোৰ আছে।

* প্রিয় বাণী?

: When the heart desires, the universe conspires… এই কথাষাৰ মোৰ ক্ষেত্ৰত কেইবাবাৰো ফলিয়াইছে।

* আপুনি প্ৰথম অসমীয়া চিনেমাৰ অভিনেত্ৰী, যাৰ নিজা প্ৰডাকচন হাউছ আছে, প্ৰথম আপুনিয়ে অসমীয়া চিনেমাৰ অভিনেত্ৰী হৈ, জেৰিফা ৱাহিদ প্ৰডাকচন হাউছৰ আৰম্ভণি কৰে৷ প্ৰডাকচন হাউছটোক লৈ এইবছৰৰ পৰিকল্পনা –

: 2017 চনত সদ্যহতে আমাৰ দুখন নাটকৰ পৰিকল্প‌না আছে৷ এখন ইংৰাজী, য’ত ইংৰাজী-অসমীয়া দুয়োটা ভাষাই থাকিব৷ আৰু এখন অসমীয়া নাটক৷ ইংৰাজী নাটকখনৰ অসমীয়া নামটো এতিয়াও ঠিক কৰা নাই৷ অসমীয়াখন হ’ল শূদ্ৰকৰ  ‘মৃচ্ছকটিক’, লগতে খুউব সোনকালে নতুন চিনেমাৰ কামো আৰম্ভ কৰিম৷ এই চলিত বছৰটোতে৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *