অনুবাদকবিতা

সিহঁতে ভয় কৰে-(মূল: গোৰখ পাণ্ডেয়, অনুবাদ- বিতোপন গগৈ)

অস্তমিত হেঙুলীয়া সুৰুয উপভোগ কৰি
ভাল পাই সিহঁতে
কিন্তু সিহঁতে ভয় কৰে
পুৱাৰ উদিত ৰঙা সুৰুয

হাজাৰ ৱাটৰ এলইডি জ্বলাই
আন্ধাৰ খেদে সিহঁতে
কিন্তু সিহঁতে ভয় কৰে
দিনৰ পোহৰ

কাৰণ, 
সূৰ্যৰ সত্য সিহঁতে সহিব নোৱাৰে
পোহৰত নচলে সিহঁতৰ বেপাৰ।

অজস্ৰ ধন-সোণেৰে
ধনৱান সিহঁত
তথাপি সিহঁতে ভয় কৰে
ধনহীন দুখীয়া-নিচলাক

সীমাহীন ক্ষমতাৰে
বলীয়ান সিহঁত
তথাপি সিহঁতে ভয় কৰে
ক্ষমতাহীন শোষিত জনতাক

সহস্ৰ গোলা-বাৰুদেৰে
বলৱান সিহঁত 
তথাপি সিহঁতে ভয় কৰে
অস্ত্ৰহীন দুৰ্বল জনতাক

পুলিচ-মিলিটেৰীৰ সশস্ত্ৰ আৱেষ্টনীত
নিৰাপদ সিহঁত
তথাপি সিহঁতে ভয় কৰে
নিঃকিন জনতাক

সিহঁতে ভয় কৰে
প্ৰকৃততে সিহঁতে ভয় কৰে
এই ধনহীন দুখীয়া-নিচলাই
এই ক্ষমতাহীন শোষিত জনতাই
এই অস্ত্ৰহীন দুৰ্বল জনতাই
এই নিঃকিন জনতাই
এদিন সিহঁতক ভয় নকৰা হ’ব!

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *