সমাজবাদৰ সপোন আৰু গণতন্ত্র- (ধ্রুৱজ্যোতি বৰা)

(এক)

আজিকালি সমাজবাদৰ সপোন দেখা লোকৰ সাক্ষাৎ মিলা টান। দুর্ভাগ্যৰ কথা, বিকল্প কোনো প্রগতিশীল ভাবাদৰ্শৰ দ্বাৰা যে মানুহৰ চিন্তা-চেতনাৰ উদ্দীপন ঘটিছে, তেনে কথাও ক'ব নোৱাৰি। বৰং নব্য-উদাৰতাবাদী ভাবাদর্শই দেখুওৱা স্বার্থপৰতাৰ অন্ধ গলিৰে মানুহে বাট বুলিছে। ইয়াত প্রত্যেকে প্রত্যেকৰ প্রতিযোগী বা শত্রু। সমাজ-চিন্তা, পৰহিতৈষণা তেনে লোকৰ বাবে যুগৰ লগত খাপ নোখোৱা কথা।

১৯৯০ৰ দশকৰ আৰম্ভণিলৈ আহি দেখা গৈছিল যে কেইখনমানক বাদ দি পৃথিৱীৰ প্রায় আটাইবোৰ সমাজবাদী দেশতে সমাজবাদৰ পতন ঘটিছে। চীন, ভিয়েটনাম, উত্তৰ কোৰিয়া, কিউবা আদি এই বাদ পৰি যোৱা দেশ। অৱশ্যে এইকেইখন দেশ, বা সমাজবাদৰ বিপর্যয় ঘটা তৎকালীন ছোভিয়েট ৰুছিয়া তথা পূর্ব ইউৰোপৰ দেশবোৰৰ ‘সমাজবাদ’ কিমান পৰিমাণে সমাজবাদী আছিল, সেই লৈয়ো প্রশ্ন উত্থাপিত হৈছে। এইদৰে প্রশ্ন উত্থাপন হোৱাটো আদৰণীয়।

উত্তৰ প্ৰদেশৰ 'সমাজবাদী পার্টি’য়েও সমাজবাদৰ কথা কয়। কিন্তু মার্ক্সীয় অর্থৰ সমাজবাদহে আমাৰ আলোচ্য বিষয়। অনেকে ভবাৰ দৰে, কেৱল উৎপাদনৰ উপায়-উপকৰণবোৰ ৰাষ্ট্রায়ত্ত হ'লেই সমাজবাদ নাহে। তেনে হোৱা হ'লে আৰবৰ ক্ষুদ্র দেশ কুৱেইটকে এখন সমাজবাদী দেশ বুলি ক'ব পৰা গ'লহেঁতেন। কাৰণ, উৎপাদনৰ উপায়-উপকৰণবোৰ তাত ৰাষ্ট্রৰ মালিকানাধীন।(১) আৰু কি চর্ত পূৰণ হ'লে এখন দেশক সমাজবাদী বুলিব পৰা যায়, সেইটো পৰৱর্তী আলোচনাত স্পষ্ট হৈ পৰিব। সমাজবাদৰ প্ৰকল্পটো বহু পুৰণি। কার্ল মার্ক্সৰ হাতত পৰি সি এক সুসংবদ্ধ আৰু বৈজ্ঞানিক ৰূপ পৰিগ্ৰহ কৰিছিল। এই বৈজ্ঞানিক ৰূপ পৰিগ্ৰহ কৰা কথাটোৰ মানে হ’ল, সমাজবাদৰ তাত্ত্বিক প্ৰকল্পৰ শুদ্ধতাৰ বিচাৰ একান্তভাৱে প্রয়োগ তথা অনুশীলন-নিৰ্ভৰ। অনুশীলনে চিন্তা-চৰ্চাৰ স্তৰত তত্ত্বৰ প্ৰয়োগৰ উপৰি ব্যৱহাৰিক ৰাজনীতিকো সূচায়। সেয়ে, তত্ত্বৰ ভুল উপলব্ধি তথা সেই অনুসৰি ঘটা প্রয়োগে ঈপ্সিত ফল দেখুৱাব নোৱাৰে। তেতিয়া এই ফলৰ ভিত্তিত তত্ত্বটোকে ভ্রান্ত বুলি সিদ্ধান্ত ল'লে সি আন এক ভ্ৰান্তিৰ নিদর্শন হৈ পৰিব। কিন্তু দেখা যায়, সমাজবাদৰ সমালোচকসকলৰ সৰহভাগ চর্চাতে এনে ভ্ৰান্তিৰ ছায়াপাত ঘটে।

সমাজ-সংশ্লিষ্ট তত্ত্বৰ বেলিকা সদায় ইচ্ছা কৰিলেই তত্ত্বটোৰ প্ৰমাণ চাব নোৱাৰি। কাৰণ, তাকে কৰিবলৈ নিজৰ ধ্যান-ধাৰণাবোৰ বাস্তৱত প্ৰয়োগ কৰাৰ সুবিধা অর্জন কৰিব লাগিব। ৰাজনৈতিক ক্ষমতা হস্তগত নকৰাকৈ সমাজৰ আমূল পৰিৱৰ্তনৰ পথ নির্দেশ কৰা তত্ত্বৰ সফল প্রয়োগৰ কথা ভাবিব নোৱাৰি। কিন্তু কামটো মুঠেই সহজসাধ্য নহয়। ফলত এনে তত্ত্বৰ সত্যতা নিৰূপণ প্রায় অনিশ্চিত ভৱিষ্যতৰ গৰ্ভত। সেয়ে, তেনে দিন নহালৈকে কেৱল যুক্তিয়েই হ’ল এনে তত্ত্বৰ একমাত্ৰ অৱলম্বন। ১৯১৭ চনৰ সমাজতান্ত্রিক বিপ্লৱে ৰুছিয়াৰ বলছেভিক দললৈ সমাজবাদী তত্ত্ব প্রয়োগৰ সুৱর্ণ সুযোগ আনি দিছিল। সমাজবাদী সমাজ গঠনৰ প্রায় ৭০ বছৰীয়া ছোভিয়েট বুৰঞ্জী সেয়ে আমাৰ বাবে ইমান মূল্যৱান। আন সমাজবাদী দেশবোৰৰ ক্ষেত্ৰতো কথাটো একে। বর্তমান আলোচনা অৱশ্যে ছোভিয়েট ৰুছিয়াৰ মাজতে সীমিত থাকিব। সমাজবাদী তত্ত্বৰ অনুৰাগী বা তাৰ প্ৰতি সংশয়ী, এই উভয়ে এতিয়া সমাজবাদী তত্ত্বৰ মূল্যায়ন কৰিবলৈ ইচ্ছুক। সমাজবাদী সমাজ গঠনৰ বাস্তৱ অনুশীলনৰ ফলেই হ’ব এই মূল্যায়নৰ ভিত্তি। দেখা যায় যে তত্ত্ব আৰু প্রয়োগ, প্রত্যাশা আৰু বাস্তৱ পৰিণতি– এইবিলাকৰ মাজত অনেক ব্যৱধান। কেৱল ইমানেই নহয়, বাঢ়ি অহা ব্যৱধান অৱশেষত গঢ়ি তোলা ব্যৱস্থাটোৰ সার্বিক পতনৰে কাৰণ হৈ পৰিছিল। ফলত অৱধাৰিত সিদ্ধান্ত– সমাজবাদী তত্ত্ব ভুল! প্রকৃতিবিজ্ঞানৰ পৰা দুটামান উদাহৰণ বুটলি অনা যাওক। এনে উদাহৰণ এই কাৰণেই প্রাসংগিক যে সমাজ সম্পর্কীয় বৈজ্ঞানিক তত্ত্বতো সত্যত উপনীত হোৱাৰ প্ৰায় একে নীতি মানি চলা হয়। নহ'লে সেইবোৰ ধাৰণা বৈজ্ঞানিক তত্ত্ব নামৰে উপযুক্ত নহ'লহেঁতেন। পর্যবেক্ষণ-যৌক্তিক বিশ্লেষণ-প্ৰাৰম্ভিক সিদ্ধান্ত-প্রায়োগিক অনুশীলন-প্ৰাৰম্ভিক সিদ্ধান্তৰ পৰিবৰ্ধন, গ্রহণ বা নহ'লে একেবাৰে বৰ্জন— সত্যত উপনীত হোৱাৰ এয়ে হৈছে বৈজ্ঞানিক নীতি। পার্থক্য ইমানেই যে প্রাকৃতিক প্রপঞ্চৰ পূর্বানুমান যিমান সুনির্দিষ্টভাৱে কৰাটো সম্ভৱ, সামাজিক প্রপঞ্চৰ বেলিকা তেনে নহয়। অৱশ্যে কোৱাণ্টাম বলবিদ্যাৰ অগ্ৰগতিৰ ফলত দেখা গ’ল, নির্দিষ্টতাৰ নির্ণয়বাদী যি বৈশিষ্ট্য ভৌতবিজ্ঞানৰ অহংকাৰ আছিল, অন্ততঃ কণিকাৰ জগতখনত সিও ধূলিসাৎ হয়। এই কোৱান্টাম বলবিদ্যা মতে অণু-পৰমাণুৰ দৰে কোনো কণিকাৰ স্থান আৰু ভৰবেগৰ বিষয়ে একে সময়তে সম্পূর্ণ নিখুঁত জ্ঞান অর্জন কৰিব পৰা নেযায়। কোনো নির্দিষ্ট স্থান-কালত কোনো এটা কণিকাৰ উপস্থিতি ধৰা পেলোৱাৰ সম্ভাৱনা কিন্তু সুনির্দিষ্টভাৱে গণনা কৰি উলিয়াব পাৰি। সামাজিক পৰিঘটনাৰ বেলিকা আনকি তেনে সম্ভাৱনা গণনাৰো সিমান সুযোগ নেথাকে। ফলত সাংখ্যিক বা পৰিমাণগত এক স্পষ্ট চিত্ৰৰ সলনি সম্ভাৱনাৰ এক যুক্তিনির্ভৰ, কিন্তু অ-পৰিমাণগত ধাৰণা অর্জন কৰিয়ে সন্তুষ্ট থাকিবলগীয়া হয়। আন কেতবোৰ আহুকালৰ কথাও আছে। ধৰা যাওক, নিউটনৰ মহাকর্ষণৰ তত্ত্ব আৰু গতি সম্পর্কীয় সমীকৰণবোৰ ব্যৱহাৰ কৰি কোনো ধূমকেতু আকাশত দেখা পোৱাৰ পূর্বানুমান কৰা হ'ল। কিন্তু সেইমতে আকাশত ধূমকেতুটো নোলাল। ইয়াৰ ভিত্তিতে নিউটনৰ বলবিদ্যা ভুল বুলি কোনোবাই ক’বলৈ বিচাৰিব পাৰে। এনে এক চৰম সিদ্ধান্ত এটা-দুটা পর্যবেক্ষণৰ আলমতে কৰিব পৰা যায় নে নেযায়, সেই প্রশ্নলৈ অহাৰ আগতে আন কেইটামান কথাও বিবেচনা কৰিবলগীয়া আছে। যথা, গণনা কার্যত ভুল থাকিব পাৰে, বা অন্যান্য ক্ষেত্ৰত পর্যবেক্ষণৰ বাবে ব্যৱহৃত আহিলা-পাতিত থকা আসোঁৱাহেও ভুল ফল দেখুৱাব। সেই ভুলৰ বাবে নিউটনৰ তত্ত্বক পোনছাটেই দায়ী কৰাটো গ্রহণযোগ্য হ'ব নে? ডাক্তৰৰ নিদানমতে ৰোগীয়ে সঠিকভাৱে দৰব সেৱন কৰিব লাগিব। তাকে নকৰি, কম বা বেছি পৰিমাণে বা অনিয়মীয়াকৈ দৰব সেৱন কৰিলে ৰোগৰ উপশম ঘটা টান। কেৱল ৰোগৰ উপশম নঘটা কথাটোৰ গাতে ভেঁজা দি নিশ্চয় এনে সিদ্ধান্ত কৰিব পৰা নেযায় যে সংশ্লিষ্ট ৰোগটোৰ ক্ষেত্ৰত চিকিৎসাবিজ্ঞানৰ সিদ্ধান্ত ভুল আছিল।

এতিয়া সমাজবাদী সমাজ গঠনৰ অভিজ্ঞতাৰ প্ৰশ্নলৈ উভতি অহা যাওক। সমাজবাদী তত্ত্বৰ নীতিবোৰ সঠিকভাৱে অনুসৰণ নকৰাৰ কাৰণে যদি ঈপ্সিত ফল লাভ কৰা নাযায় বা বৰং সমাজবাদী ব্যৱস্থাটোৱেই ভাগি পৰে, তেতিয়া কার্ল মার্ক্স (১৮১৮-৮৩)-প্রদত্ত সমাজবাদী তত্ত্বৰ ব্যর্থতা সূচিত হ'ব নে? মার্ক্সীয় সমাজবাদ বা তেওঁৰ তত্ত্ববোৰৰ বিষয়ে চূড়ান্ত ৰায় দিবলৈ যোৱাৰ আগতে তৎকালীন বা বর্তমান অৱশিষ্ট থকা সমাজবাদী দেশবোৰত কিমান সঠিকভাৱে মার্ক্সীয় তত্ত্ব অনুসৃত হৈছিল বা হৈ আছে, সেই কথাৰ অনুসন্ধানো জৰুৰী। তাৰ পিছতহে ভুল-শুদ্ধ বিচাৰৰ কথাটো আহিব।

(দুই)

বাতৰি কাকতৰ স্বাধীনতা, চৰকাৰ নির্বাচিত কৰাৰ অধিকাৰ, মত প্রকাশৰ স্বাধীনতা— এইবোৰ মাত্র আনুষ্ঠানিক গণতন্ত্র, বুর্জোৱা গণতন্ত্র; সেয়ে, বিশেষ গুৰুত্বপূৰ্ণ নহয়। কিন্তু সমাজবাদী গণতন্ত্র এই বুর্জোৱা আনুষ্ঠানিক গণতন্ত্ৰতকৈ মহত্তৰ। গণতন্ত্র সম্পর্কে সমাজবাদীসকলৰ এয়ে চিৰাচৰিত ধাৰণা। কিন্তু সমাজবাদৰ মহত্ত্বই আনুষ্ঠানিক গণতন্ত্রই দিব পৰা অধিকাৰবোৰৰ নেতিকৰণ নুবুজায়। বৰং বুর্জোয়া গণতন্ত্রই আগবঢ়াব পৰা সুযোগ-সুবিধাৰ অতিৰিক্ত আৰু কিছু মানুহে লাভ কৰিবলৈ পাব লাগিব। সেই অতিৰিক্তখিনিৰ ভিতৰত দেশৰ আর্থিক নীতিৰ প্ৰশ্নত শ্রমকাৰী মানুহৰ সক্রিয় ভূমিকাৰ নিশ্চিতি অন্যতম। ১৯১৭-ৰ নৱেম্বৰত ঘটা পেট্রগ্রাডৰ সশস্ত্র বলছেভিক অভ্যুত্থানৰ পিছদিনা ভ্লাদিমিৰ ইলিচ লেনিন (১৮৭০-১৯২৪)-এ আর্থিক প্রতিষ্ঠানত শ্রমিকনিয়ন্ত্রণ বিধিৰ এক খচৰা প্ৰস্তুত কৰি উলিয়াইছিল। (২) উৎপাদনী গোটত নিয়োজিত কর্মীবাহিনীৰ হস্তক্ষেপ বা নিয়ন্ত্ৰণৰ এক ৰূপৰেখা এই খচৰাত পোৱা যায়। বিপ্লৱৰ একেবাৰে প্রত্যুষতে গণতন্ত্র প্রতি দেখুওৱা তেওঁৰ এই দায়বদ্ধতা সঁচায়ে বিস্ময়কৰ। কেৱল উৎপাদনৰ কামত মূৰৰ ঘাম মাটিত পেলোৱাতে শ্রমিকশ্রেণী বা শ্রমকাৰী মানুহৰ ভূমিকা শেষ হৈ নেযায়। যোৱা হ'লে সেইখন সমাজৰ সৈতে পুঁজিবাদী সমাজৰ বিশেষ পার্থক্যই নেথাকিলহেঁতেন। সমাজবাদী গণতন্ত্ৰত একেবাৰে তৃণমূল স্তৰৰ পৰা ধাপে ধাপে ওপৰলৈকে আর্থিক বিষয়ৰ নীতি নির্ধাৰণত শ্রমকাৰী মানুহৰ নিৰ্ণায়ক ভূমিকা থাকে। অর্থাৎ ইয়াত চৰুক সুধিয়ে চাউল বহুৱাব লাগিব। কেৱল পাঁচ বছৰৰ মূৰে মূৰে এবাৰ ভোট দি প্রতিনিধি নির্বাচিত কৰাৰ আনুষ্ঠানিকতাতকৈ এনে এটা ব্যৱস্থা নিশ্চয় অধিক অর্থবহ তথা ফলপ্রসূ। কিন্তু সেইবুলি ভোটদানৰ জৰিয়তে প্রতিনিধি নির্বাচনৰ অধিকাৰ বা মত প্ৰকাশৰ অধিকাৰ নোহোৱা হৈ যোৱাটো নুবুজায়। কাৰণ, নাগৰিকৰ এইবোৰ অধিকাৰ নেথাকিলে সমাজতান্ত্রিক গণতন্ত্ৰৰ প্ৰস্ফুটনেই নঘটে। আগৰটো ব্যৱস্থাৰ সকলোখিনি সুযোগ অটুট থাকিলেহে সমাজবাদৰ শ্রেষ্ঠত্ব জনমানসত প্রতীয়মান হয়।

পুঁজিবাদী ব্যৱস্থাত পৰিলক্ষিত হোৱা অধিকাৰবোৰ বুর্জোৱাসকলে সাধাৰণ মানুহক দয়া কৰি দিয়া অধিকাৰ নহয়। প্রাকপুঁজিবাদী ব্যৱস্থাৰ বিৰুদ্ধে বুর্জোৱাৰ নেতৃত্বত চলা সংগ্ৰামৰ মূল চালিকা শক্তি আছিল গাঁও আৰু চহৰৰ শ্রমজীৱী মানুহ। তেওঁলোক সক্রিয়ভাৱে জড়িত থকা তিক্ত আৰু ত্যাগপূর্ণ দীঘলীয়া সংগ্ৰামৰ পৰিণতিতহে এইবোৰ অধিকাৰ অর্জিত হৈছিল। এতিয়া সেইবোৰ নাকচ কৰাৰ প্ৰশ্নতো নুঠেই, বৰং সেইবোৰক অধিক অর্থবহ তথা সুৰক্ষিত কৰাৰ দিহা কৰিলেহে সমাজবাদৰ মহত্ত্ব ফুটি ওলাব।

সমাজবাদী দেশবোৰত গণতন্ত্র নাছিল বা নাই; মত প্ৰকাশৰ স্বাধীনতা নাই; চৰকাৰ-বিৰোধিতা কঠোৰ হাতেৰে দমন কৰা হয়– এনেবোৰ সমালোচনা বহুদিনীয়া। সমাজবাদ-অনুৰাগী লোকক এনে সমালোচনাই বিবুধিত পেলায়। কিন্তু সেইবোৰ কেৱল চিআইএ-ৰ অপপ্ৰচাৰ বুলিলে মানুহ পতিয়ন যোৱা টান। বৈজ্ঞানিক সমাজবাদৰ আৰ্হি মার্ক্সবাদৰ তাত্ত্বিক অৱদান। সমাজবাদীসকলৰ দায়বদ্ধতা এই আৰ্হিটোৰ প্ৰতিহে। ইয়াত আৰ্হি মানে সমাজবাদৰ কোনো প্রস্তুত-ফর্মুলা বুলি ভাবিলে ভুল হ'ব, য'ত কেৱল প্ৰয়োগৰ সমস্যাটোহে বাকী আছেগৈ। ভৱিষ্যতৰ সমাজবাদী সমাজখনৰ পুঙ্খানুপুঙ্খ বিৱৰণ কোনো তত্ত্বৰ পৰাই পাব নোৱাৰি। সেই অর্থত ই এক অসম্পূর্ণ তত্ত্ব। প্রয়োগ বা অনুশীলনেহে এই অসম্পূর্ণতা আঁতৰ কৰে। তাত্ত্বিক ক্ষেত্ৰত ইতিমধ্যে অর্জিত অগ্রগতিয়েই হ’ল এই অনুশীলনৰ ভিত্তি। সেইফালৰ পৰা চাবলৈ গ'লে প্ৰক্ৰিয়াটোত প্রতি পদক্ষেপতে ভুল-ভ্রান্তিৰ সম্ভাৱনা। অধিক অগ্রগতি তথা কৃতকার্যতাৰ প্রাথমিক চৰ্তই হ’ল ভুলবোৰৰ চিনাক্তকৰণ আৰু সিবোৰৰ ক্ষিপ্র সংশোধন। এইদৰেই নতুন যুগৰ উপযোগীকৈ মার্ক্সবাদৰ ‘মুগ্ধবোধ’ ৰচিত হৈ গৈ থাকে।

কোনো সমাজবাদী দেশত ঘটা অবাঞ্ছিত ধৰণৰ ঘটনাৰ কাৰণে কেৱল কোনো নেতা বিশেষক জগৰীয়া কৰাৰ পথটো তেনেই সহজ। এনে সহজ পথৰ লোভ সামৰা টান। কিন্তু তেনে কৰিলে বাঞ্ছিত ফল লাভ কৰিব নোৱাৰি। সমাজবাদৰ শৰীৰ আৰু আত্মাত দেখা দিয়া গুৰুতৰ ব্যাধিবোৰ তেতিয়া চিনাক্ত নোহোৱাকৈয়ে থাকি যাব পাৰে। সেয়ে, ব্যক্তিৰ ভূমিকাৰ ওপৰত অত্যধিক গুৰুত্ব নিদি দেশৰ বাস্তৱ আর্থসামাজিক ব্যৱস্থাৰ বিশ্লেষণ কৰাটোহে অধিক জৰুৰী। ঐতিহাসিক তথ্য-উদঘাটন, ইতিমধ্যে উদঘাটিত তথ্যৰ ব্যাখ্যা-বিশ্লেষণ-সত্যতা নিৰূপণ আদি কাম এক বৃহৎ আৰু সুচিন্তিত সামূহিক প্রচেষ্টাৰ দ্বাৰা আৰম্ভ কৰিলে সুফল নিশ্চয় ফলিব।

সমাজবাদৰ বিপৰ্যয়ৰ পাছ মুহর্ততে দেখা গৈছিল যে এনে দায়িত্ব পালনৰ বাবে আগবাঢ়ি অহাৰ সলনি এই সমাজবাদীসকলৰ অনেকেই একেবাৰে শিবিৰ ত্যাগ কৰি গুচি গৈছে। পৃথিৱীৰ বহুবিলাক কমিউনিষ্ট বা ওৱৰ্কাচ পার্টি ভাগি একেবাৰে নোহোৱা হৈ যায় অথবা দুটা বা ততোধিক দলত বিভক্ত হৈ যায় অথবা অনেকে কমিউনিষ্ট নামটোকে গাৰ পৰা গুচাই দিয়ে অথবা মার্ক্সবাদী আদর্শ বর্জন কৰে– এনেকুৱাই আছিল এইবোৰ দলৰ নেতা-কর্মীৰ আত্মপ্রত্যয়ৰ নমুনা!

ভাৰতৰ ক্ষেত্ৰত কিন্তু কথাবোৰ অলপ বেলেগ আছিল। ছত্রভংগ দিয়াৰ ঘটনা ইয়াত নঘটিল। কমিউনিজমৰ ঘোৰ কৃষ্ণপক্ষ; তাৰ মাজতে তিনিখনকৈ ৰাজ্য (পশ্চিমবংগ, কেৰালা আৰু ত্ৰিপুৰা)-ত দীঘলীয়া সময়ৰ বাবে বাঁওপন্থী বা কমিউনিষ্টসকল শাসনৰ দায়িত্বত আছিল বা এখন ৰাজ্যত এতিয়াও আছে। নির্বাচনৰ অগ্নিপৰীক্ষাত উত্তীর্ণ হোৱাৰ মাজেদিহে তেওঁলোকৰ এই সাফল্য অর্জিত হৈছিল। ভাৰতৰ নির্বাচনী ৰাজনীতিত যি ধনবল আৰু বাহুবলৰ প্ৰতাপ চলে, তাত কমিউনিষ্ট দলে লাভ কৰা এনে জয় সঁচায়ে বিস্ময়কৰ। ইয়াত বাঁওপন্থী দল এটাই বৈধ ভোটৰ ১০-১৫% মান লাভ কৰিব পাৰিলেই আচলতে এক বিৰাট সাফল্য বুলি গণ্য কৰিব পাৰি। কিন্তু একেবাৰে ৰাজ্য চৰকাৰ গঠনৰ পর্যায় পোৱাৰ ঘটনাই ঘটিছে। আমাৰ দেশত এক বিকল্প ৰাজনীতিৰ পতাকা তেওঁলোকেই আজি তুলি ধৰি ৰাখিছে।

(তিনি)

১৯১৭চনৰ বিপ্লৱৰ পিছৰ বছৰতে ৰোজা লুক্সেমবার্গ (১৮৭১-১৯১৯)-এ এখন দীঘলীয়া ৰচনাৰ (৩) জৰিয়তে এই বিপ্লৱৰ বিশ্লেষণ আগবঢ়ায়। ৰচনাখন লিখাৰ পৰত তেওঁ জার্মানীত কাৰাবাস খাটি আছিল। সেয়ে, প্রয়োজনীয় খা-খবৰ বা তথ্য-পাতি আহৰণৰ ক্ষেত্ৰত অৱশ্যেই তেওঁৰ সীমাবদ্ধতা নুই কৰিব নোৱাৰি। কিন্তু ৰচনাখনত অন্তর্ভেদী বিশ্লেষণৰ জৰিয়তে তেওঁ সেই বিপ্লৱৰ এনে কেতবোৰ দুর্বলতা চিহ্নিত কৰিছিল, পৰৱৰ্তীকালৰ প্রতিবিপ্লৱ সেইবোৰ দুর্বলতাৰে অৱধাৰিত পৰিণতি বুলিলে খুব এটা ভুল নহ'ব।

একে সময়তে এণ্টনিঅ’ গ্রামছি (১৮৯১-১৯৩৭)-এও এই বিপ্লৱৰ বিষয়ে কিছু মূল্যায়ন (৪) আগবঢ়াইছিল। পর্যাপ্ত তথ্য-পাতিৰ অভাৱৰ কথা তেৱো উনুকিয়াইছে। কিন্তু লুক্সেমবার্গৰ ৰচনাখনত যিধৰণৰ বিশ্লেষণী শক্তিৰ আভাস পোৱা যায়, গ্রামছি-ৰ ৰচনাত সেইটো অনুপস্থিত। দর্শনগন্ধী বিমূর্ত উক্তিৰ প্রাধান্য গ্রামছি-ত অধিক। লুক্সেমবার্গৰ ৰচনাত পৰিলক্ষিত হোৱা সমালোচনাৰ সুৰো তাত তেনেকৈ পাবলৈ নাই।

ৰোজা লুক্সেমবার্গতকৈ গ্রামছি ২০ বছৰমানৰ কনিষ্ঠ। কিন্তু ৰুছিয়াৰ বিপ্লৱ উভয়ৰে জীৱনকালত ঘটা এক যুগান্তকাৰী ঘটনা। জন্মসূত্রে লুক্সেমবার্গ পোলেণ্ডৰ যদিও তেওঁ জার্মানিৰ কমিউনিষ্ট দলৰ একেবাৰে আগশাৰীৰ নেতাত পৰিণত হৈছিল। ফেছিবাদী আততায়ীৰ হাতত তেওঁৰ প্রাণ হানি হয়। তেওঁৰ ৰচিত ‘একামুলেছন অব কেপিটেল’ মার্ক্সীয় অর্থশাস্ত্ৰৰ এখন ধ্রুপদী গ্রন্থ। আনপিনে গ্রামছি ইতালিৰ কমিউনিষ্ট দলৰ শীর্ষ নেতা। দীর্ঘদিন বেনিট’ মুচোলিনি (১৮৮৩-১৯৪৫)-ৰ কাৰাবাসত কটোৱাৰ পৰিণতিত তেওঁৰ স্বাস্থ্য একেবাৰে ভাগি পৰিছিল। সেয়ে কাৰাগাৰৰ পৰা মুকলি হোৱাৰ কেইদিনমানৰ পিছতে তেওঁৰ মৃত্যু ঘটে। কাৰাবাস কালত লিখা তেওঁৰ প্রিজন নোটবুক পৰৱৰ্তী কালত ছপা হৈ ওলায়। এক বিশিষ্ট শৈলীত ৰচিত এই নোটবুক-এ এখন অগতানুগতিক মার্ক্সীয় ধ্রুপদীৰূপে প্রসিদ্ধি লাভ কৰিছে। চৰকাৰী কর্তৃপক্ষৰ চকুত ধূলি দিবলৈকে তেওঁ বিশিষ্ট ভাষা বা শৈলীৰ আশ্ৰয় লৈছিল বুলি কোৱা হয়।

অৱশ্যে এই দুগৰাকী চিন্তাবিদ বক্তব্যৰ আৰু কিছু পার্থক্যৰ কথাও সংক্ষেপে উল্লেখ্য। ফৰাছী বিপ্লৱৰ তথাকথিত জেকবিনসকলৰ উত্তৰাধিকাৰী হিচাপে বলছেভিকসকলক লুক্সেমবার্গ-এ চিহ্নিত কৰিছিল। কিন্তু গ্রামছিৰ ভিন্ন মত— জেকবিনসকলৰ পথ বলছেভিক বিপ্লৱত অনুসৃত হোৱা নাই৷ ফৰাছী বিপ্লৱৰ সময়ত প্রচণ্ডভাৱে যি গিল'টিনৰ সন্ত্রাস চলিছিল, তাৰ প্ৰধান হোতা আছিল এই জেকবিনসকল। মূৰ দাঙি উঠিব খোজা প্রতিবিপ্লৱীক নিঃশেষ কৰাৰ উদ্দেশ্যেহে এনে ‘বিপ্লৱী ত্রাস’ আৱশ্যক আছিল বুলি কোৱা হয়। কিন্তু অনেকেই এই ব্যাখ্যাত পতিয়ন যাব নোখোজে। তেওঁলোকৰ মতে ৰক্তপাত প্রয়োজনাতিৰিক্ত আছিল। ফ্রান্সত ‘চ’চাইটি অক্ দি ফ্রেণ্ডচ অক্ দি কষ্টিটিউচন’ নামৰ সংগঠন এটা ১৭৯২ চনত ‘চ'চাইটি অক্ দি জেকবিনচ’ বা ‘জেকবিন ক্লাব’ নামে পৰিচিত হয়। ৰাজতন্ত্ৰৰ পতনৰ পিছত মেক্সিমিলিয়ে ৰবচেপীয়েৰ (১৭৫৮-৯৪) এই ক্লাবৰ মধ্যমণিত পৰিণত হৈছিল। ১৭৯৩ চনৰ মে মাহত পেৰিছৰ জনতাৰ সমৰ্থনত তেওঁলোকৰ গোটটোৱে অভ্যুত্থান ঘটাই ক্ষমতা দখল কৰে। তেওঁলোকৰ উদ্যোগত ব্যাপক হাৰত সন্ত্রাস-ৰাজ বলৱৎ হয়। আকৌ ১৭৯৪ চনৰ জুলাইত ৰবচেপীয়েৰৰ প্রাণদণ্ড হয়। এইদৰে তথাকথিত ‘থাৰ্মিডৰীয়’ প্রতিক্রিয়াৰ মাজেৰে জেকবিনসকলৰ ক্ষমতাচ্যুতি ঘটে। ‘থার্মিডৰ’ হ’ল ফৰাছী বিপ্লৱী কেলেণ্ডৰৰ ৯ম মাহ।

ফৰাছী বিপ্লৱৰ ক্ষেত্ৰত দেখা গ'ল— ইজনৰ পিছত সিজনকৈ বিপ্লৱৰ মুধাফুটা নেতাৰ গিলটিনত শিৰচ্ছেদ ঘটিছে। আচৰিত কথা, কোনো প্রতিবিপ্লৱীয়ে এই কাণ্ড সংঘটিত কৰা নাছিল। নৱ প্রতিষ্ঠিত বিপ্লৱী চৰকাৰবোৰেই বিপদৰ কাৰণ বুলি ভবা আন বিপ্লৱীৰ শিৰচ্ছেদ ঘটাইছিল। এই সীমাহীন ৰক্তপাতে নেপোলিয়ান ব’নাপার্ট (১৭৬৯-১৮২১)-ৰ ক্ষমতাৰোহণৰ মাজেৰে পৰিণতি লাভ কৰে। ৰুছিয়াৰ বিপ্লৱৰ ক্ষেত্ৰতো যেন প্রায় একেখন নাটকৰে পুনৰাভিনয় অনুষ্ঠিত হ’ল। অৱশ্যে এটা পার্থক্য অতি গুৰুত্বপূর্ণ। নেপোলয়িনৰ আগমনে ফৰাছী দেশত আগৰ সামন্তবাদী ব্যৱস্থা ঘূৰাই আনিব পৰা নাছিল। কিন্তু এটা দীঘলীয়া সময়ৰ অন্তত ৰাছিয়াত যি প্রতিবিপ্লৱে মূৰ দাঙি উঠিছিল, তাৰ ফলত তাত পুঁজিবাদৰ পুনৰাগমন ঘটে।

(চাৰি)

১৯৩০ৰ দশকত ছোভিয়েট ইউনিয়নত লাখ লাখ মানুহক কেৱল চৰকাৰ-বিৰোধী হোৱাৰ অপৰাধত কাৰাগাৰলৈ বা চাইবেৰিয়াৰ তথাকথিত শ্ৰমশিবিৰলৈ পঠোৱা হৈছিল, লক্ষাধিক লোকক মৃত্যুদণ্ড বিহা হৈছিল— ধৰি লোৱা যাওক সমাজবাদৰ বিৰুদ্ধে এইবাোৰ অপপ্ৰচাৰ। দৰাচলতে এইবিলাক কথা অপপ্ৰচাৰ বুলিয়েই বাঁওপন্থী শিবিৰত প্ৰচাৰিত হৈ আহিছে। কিন্তু ‘অল্ড পার্টি গার্ড’ নামে খ্যাত লেনিনৰ দিনৰ বা লেনিনৰ ঘনিষ্ঠ বলছেভিকসকলৰো যে ‘বিপ্লৱী’ চৰকাৰৰ হাতত প্রাণ গ’ল, সেই তথ্যহে কেৱল চি আই এ-ৰ অপপ্ৰচাৰ বুলি মানিবলৈ টান। ২য় মহাযুদ্ধৰ সময়লৈ লেনিনৰ দিনৰ বলছেভিক দলৰ কেন্দ্ৰীয় সমিতিৰ সৰহখিনিকে প্রাণদণ্ড বিহা হয়। ৰেড আর্মিৰ বিচক্ষণ সেনাপতিসকলো সাৰি নগ'ল। এইদৰে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ছোভিয়েট নেতাসকলৰ ভিতৰত আলেক্সেই ৰাইকভ (১৮৮১-১৯৩৮), লিঅ কামেনেভ (১৮৮৩-১৯৩৬), গ্রিগৰি জিনভিয়েভ (১৮৮৩-১৯৩৬), নিকোলাই বুখানি (১৮৮৮-১৯৩৮), য়েভগেনি আলেক্সেয়েভিচ প্রিয়’ব্রেজেস্কি (১৮৮৬-১৯৩৭), গ্রেগৰি লিঅনডভিচ পিয়াকভ (১৮৯০-১৯৩৭) আদি বিখ্যাত। মেক্সিকোত দেশান্তৰী জীৱন যাপন কৰা লিঅ ডাভিদভিচ ট্রটস্কি (১৮৭৯-১৯৪০)-ক আততায়ীয়ে হত্যা কৰে। মিখাইল ইভানভিচ কালিনিন (১৮৭৫-১৯৪৬)-ৰ দৰে নিৰ্বিৰোধ বলছেভিকৰো ঘৰ পুলিচৰ এজেন্টে অনবৰত নজৰত ৰাখিছিল।

থাওকতে পোৱা তথ্য হিচাপে তেওঁলোকৰ দুজনমানৰ বিষয়ে লেনিনৰ ধাৰণানো কেনে আছিল, সেইটো গম ল'ব পাৰি। লেনিনৰ মতে ট্রটস্কি তৎকালীন বলছেভিক দলৰ কেন্দ্ৰীয় সমিতিৰ আটাইতকৈ সামর্থ্যৱান সদস্য। বুখাৰিন আৰু পিয়াকভ তেওঁৰ মতে তৰুণচামৰ মাজৰ আটাইতকৈ জাকত জিলিকা। বুখানিক দলৰ কেৱল উৎকৃষ্ট আৰু প্রধান তত্ত্ববিদ বুলিয়েই নহয়, গোটেই দলটোৰে অতি প্রিয়পাত্র বুলিও তেওঁ স্বীকৃতি দিছে।(৫) উল্লেখ্য যে বুখাৰিনে লিখা ‘ইম্পেৰিয়েলিজম এণ্ড ওৱর্ল্ড ইকনমি’ নামৰ কিতাপখনৰ এটা নাতিদীর্ঘ পাতনি লিখি দিছিল লেনিনে নিজে। অতি হৃদয় বিদাৰক কথা, যিবোৰ অভিযোগৰ ভিত্তিত মাত্র ৪৭ বছৰ বয়সতে পিয়াতাকভৰ জীৱনবন্তি নুমুৱাই দিয়া হৈছিল, ১৯৮৮ চনত ছোভিয়েট দেশৰ সর্বোচ্চ আদালতে সেইবোৰ ভিত্তিহীন বুলি তেওঁক দোষমুক্ত কৰে !

(পাঁচ)

বিজ্ঞান, সাহিত্য তথা শিল্প-কলা— ছোভিয়েট সমাজৰ প্ৰতিটো দিশেই কেনেদৰে আমোলাতান্ত্রিক অতিচাৰৰ বলি হৈছিল, সেই কাহিনী পাহৰি যাব নোৱাৰি। ভৱিষ্যতে তেনে ইতিহাসৰ পুনৰাবৃত্তি ৰোধ কৰাৰ স্বার্থতে সেই স্মৃতি সজীৱ কৰি ৰখা আৱশ্যক।

ক্ষমতাৰ চাবিকাঠি ব্যৱহাৰ কৰি ত্রোফিম ডেনিচ’ভিচ লাইছেঙ্কো (১৮৯৮-১৯৭৬) ছোভিয়েট জীৱবিজ্ঞানৰ হর্তা-কর্তাত পৰিণত হৈছিল। ইভান ম্লাদিমিভিচ মিচুৰিন (১৮৫৫-১৯৩৫) উদ্যান-বিজ্ঞানী। তেওঁ হেনো ৩০০ৰো অধিক নতুন তৰহৰ ফলৰ গছ উদ্ভাৱন কৰিছিল। কিন্তু এই উদ্ভাৱনৰ দাবি বা তেওঁৰ পদ্ধতি সম্পর্কে বিজ্ঞানীসকলৰ অনেকেই নিঃসন্দেহ নহয়। মিচুৰিনক কোৱা হয় নব্য ডাৰউইনীয় সমাজতান্ত্রিক জীৱবিজ্ঞানৰ উদ্ভাৱক। সমাজতান্ত্রিক জীৱ-বিজ্ঞান বোলা অদ্ভুত ধাৰণা এটাও যে সম্ভৱ হ'ব পাৰে, সেইটো ভাবিবলৈকে টান। লাইছেঙ্কোৱে মেণ্ডেলীয় জেনেটিক্সক ‘বুর্জোৱা বিজ্ঞান বুলি তাৰ বিৰুদ্ধে প্রচাৰ চলায়। তেওঁ উদ্দেশ্য সিদ্ধিৰ নিমিত্তে মিচুৰিনৰ ধাৰণাবোৰ ব্যৱহাৰ কৰিছিল। চৰকাৰী মহলত থকা প্রতিপত্তি কামত লগাই এই লাইছেঙ্কোৱে ছোভিয়েট ইউনিয়নত জেনেটিক্সৰ চৰ্চা কার্যতঃ বন্ধ কৰি দিয়াৰ দিহা কৰে। ১৯৬০ দশকৰ পৰা অৱশ্যে লাইছেঙ্কোৰ ৰাহুগ্রাসৰ পৰা ছোভিয়েট দেশৰ জীৱবিজ্ঞান মুক্ত হ'বলৈ আৰম্ভ কৰে। অনেক বিজ্ঞানীয়ে লাইছেঙ্কোৰ বিজ্ঞান ভুৱা বিজ্ঞান বুলি সাব্যস্ত কৰি জেনেটিক্সৰ এই পুনর্বাসন সহজ কৰি তুলিছিল।

বিজ্ঞানসন্মত বিচাৰধাৰাৰ পৰা ফালৰি কটা চৰকাৰী বিজ্ঞান-নীতি কিমান হাস্যকৰ তথা বিজ্ঞানৰ বাবে ই কিমান ক্ষতিকৰ হ'ব পাৰে, ‘লাইছেঙ্কো-কেলেঙ্কাৰি’য়ে সেইটো স্পষ্ট কৰি দিয়ে। ছোভিয়েট দেশ কুৰি শতিকাৰ শেষ ভাগলৈ আহি জীৱবিজ্ঞানৰ ক্ষেত্ৰত পৃথিৱীৰ আন উন্নত দেশকৈ ভীষণভাৱে পাছ পৰি যায়। আন এটা উদাহৰণ লাোৱা যাওক। লেভ লাণ্ডাও (১৯০৮-১৯৬৮) ছোভিয়েট ইউনিয়নৰ আন্তর্জাতিক খ্যাতিসম্পন্ন নোবেলজয়ী পদার্থবিজ্ঞানী। কেজিবি-ৰ গোপন প্রতিবেদন মতে লাণ্ডাও-এ চৰকাৰ বিৰোধী প্ৰচাৰ-পুস্তিকা এখনত স্বাক্ষৰ কৰিছিল। সেই ‘অপৰাধ’তে ১৯৩৮-ৰ ২৮এপ্রিলত তেওঁক গ্ৰেপ্তাৰ কৰি লুবিয়াঙ্কা কাৰাগাৰলৈ পঠোৱা হয়। লাণ্ডাওৰ কৃতি দহ খণ্ডৰ কৰ্চ অব থিয়ৰেটিকেল ফিজিক্স-এ আন এজন নোবেল জয়ী আমেৰিকাৰ পদার্থবিজ্ঞানী ৰিচাৰ্ড ফিলিচ ফাইনমেন (১৯১৮-১৯৮৮)-ৰ কথা মনত পেলাই দিয়ে। তেওঁৰখন আছিল তিনিটা খণ্ডৰ দি ফাইনমেন লেকচাৰচ অন ফিজিক্স। লুবিয়াঙ্কাতকৈ অধিক ভয়াবহ লেফর্টভো কাৰাগাৰলৈ বদলি কৰাৰ ভয় দেখুৱাই তেওঁৰ পৰা জোৰ কৰি স্বীকাৰোক্তি আদায় কৰি লোৱা হৈছিল। এনে পৰিস্থিতিৰ মাজতে সেই দেশৰ বিজ্ঞানীসকলে তেওঁৰ মুক্তিৰ দাবিত চৰকাৰৰ ওপৰত হেঁচা প্রয়োগ কৰিবলৈ ধৰে। পিটাৰ কাপিৎজা (১৮৯৪-১৯৮৪) নামৰ এগৰাকী পদার্থবিজ্ঞানীয়ে আনকি এই বুলিও ঘোষণা কৰিলে যে লাণ্ডাওক মুক্তি নিদিয়ালৈকে তেওঁ বিজ্ঞান-চর্চা বন্ধ ৰাখিব। কাপিৎজা আৰু ডেনমার্ক নীলচ ব’ৰ (১৮৮৫-১৯৬২)-এ ছোভিয়েট চৰকাৰৰ মুৰব্বীলৈ বিষয়টো সম্পর্কে পত্ৰ প্ৰেৰণ কৰিছিল। অৱশেষত ১৯৩৯ চনত লাণ্ডাওক মুক্তি দিবলৈ চৰকাৰ বাধ্য হয়।

চার্গেই আইজেনষ্টাইন (১৮৯৮-১৯৪৮) বিশ্ববন্দিত চলচ্চিত্র নির্মাতা। ৪র্থ আইভান ভাচিলিয়েভিচ (১৫৩০-১৫৮৪) ১৫৪৭ৰ পৰা ১৫৮৪লৈ ৰুছিয়াৰ জাৰ আছিল। স্বেচ্ছাচাৰী শাসন আৰু অন্ধ ক্রোধ তথা বদমেজাজৰ বাবে এইজন জাৰৰ খ্যাতি। তেওঁৰ হাতত নিজ পুত্ৰৰে নিধন ঘটিছিল। আজেনষ্টাইন-এ তেওঁৰে জীৱনভিত্তিক এখন ঐতিহাসিক চিনেমা ‘আইভান দি টেবিল’ দুটা খণ্ডত নির্মাণ কৰি উলিয়ায়। চিনেমাখন আচলতে ৩টা খণ্ডত সম্পূর্ণ হোৱাৰ কথা। ১ম খণ্ড ১৯৪৪চনত মুক্তি পায় যদিও ২য় খণ্ড নিষিদ্ধ কৰি দিয়া হয়। ফলত ৩য় খণ্ড নির্মাণৰ কামো বন্ধ হৈ যায়। চৰকাৰী কর্তৃপক্ষৰ সন্দেহ– চিনেমাখনৰ ২য় খণ্ডই যেন তেওঁলোকৰে শাসন ব্যৱস্থাক সিয়াঁৰিছে। ১৯২০ৰ দশকলৈকে ছোভিয়েট ইউনিয়নত কলা-সাহিত্যৰ প্রাঙ্গণ সৃষ্টিশীলতাৰ উত্তেজনাত তগবগাই আছিল। ১৯২০ চনত ছোভিয়েট চৰকাৰে প্রযোজনা আৰু পৰিবেশনাৰ দায়িত্ব কান্ধ পাতি লোৱাত ছোভিয়েট নির্বাক চিনেমাত স্বর্ণযুগৰ সূচনা হয়। আইজেনষ্টাইন, চেভলড ইল্লাৰিয়নভিচ পুদোভকিন (১৮৯৩-১৯৫৩), আলেক্সেণ্ডাৰ ট্রেভিচ ডোভচেঙ্কো (১৮৯৪-১৯৫৬), জিগা ভাৰ্টভ (১৮৯৬-১৯৫৪), মার্ক চেমিঅনভিচ ডনস্কয় (১৯০১-৮১) আদি চিনেমাশিল্পৰ উজ্জ্বল জ্যোতিষ্ক। নিকোলাই আলেক্সেয়েভিচ অষ্ট্রভস্কি (১৯০৪ - ৩৬) আৰু মিখাইল আলেক্সেভিচ চলখভ (১৯০৫-৮৪) দৰে বিস্ময়কৰ প্রতিভা বিশ্বসাহিত্যত বিৰল। তেওঁলোক আটাইকেইজনকে নৱেম্বৰ বিপ্লৱৰ সন্তান বুলিলেও বঢ়াই কোৱা নহয়। সবাক চিনেমা যুগৰ আগমনৰ পিছত ১৯৩০ৰ দশকলৈ চৰকাৰী বাধা-নিষেধৰ প্রকোপ বাঢ়িবলৈ ধৰে। কিন্তু স্বাধীন সষ্টিশীলতা বাৰে বাৰে বিঘ্নিত হোৱা সত্ত্বেও অনেক অবিস্মৰণীয় চিনেমা তেওঁলোকৰ পৰা পৃথিবীবাসীয়ে লাভ কৰিবলৈ সক্ষম হৈছে। উৎকট বাধা-নিষেধ তথা চৰকাৰী বা দলীয় হস্তক্ষেপৰ মাজতে নির্মিত হৈছিল ‘বেট্‌ল ছিপ পটেমনি', 'থ্ৰী চংচ অব লেনিন’ৰ দৰে কালজয়ী চিনেমা।

বিপ্লৱপৰৱৰ্তী ছোভিয়েট ইউনিয়ন পৃথিৱীৰ ধ্রুপদী সাহিত্যৰ গ্ৰন্থসমূহ অনুদিত ৰূপত লক্ষ লক্ষ কপি নামমাত্র দামতে সর্বসাধাৰণৰ মাজত বিতৰণৰ দিহা কৰা হৈছিল। কিন্তু সেই ধাউতি পিছলৈ অটুট নেথাকিল। নহ'লে বৰিচ পেষ্টাৰনক (১৮৯০-১৯৬০) বা আলেক্সেণ্ডাৰ চলজেনিটচিনৰ (১৯১-২০০৮) উপন্যাস নিষিদ্ধ কৰি সমাজবাদৰ বেৰ সুৰক্ষিত কৰাৰ কথা তাত কোনোবাই ভাবিব পাৰিলেহেঁতেন নে? কিতাপ নিষিদ্ধ কৰা বা বাজহুৱাকৈ দহন কৰাৰ দৰে অপকৰ্মৰ কথা ভাবিলে ফেছীবাদীসকলৰ চেহেৰাহে আমাৰ প্রথমে মনলৈ আহে।

‘প্রলেটকাল্ট' নামক এক বিশেষ সাংস্কৃতিক সংগঠন ১৯১৭ চনতে ছোভিয়েট ৰাছিয়াত গঢ়ি তোলা হৈছিল। নানান কাৰণত তাক ১৯২৩ চনত ভংগ কৰি দিয়া হয়। সংগঠনটো ভংগ হলেও সি সৃষ্টি কৰা পৰম্পৰা নোহোৱা হৈ নগ'ল। এই পৰম্পৰাতে ১৯৩৭ চনমানৰ পৰা দমন-পীড়নৰ প্ৰাৱল্যই তীব্র মাত্রা লাভ কৰে। সামান্য কথাতে শিল্পী-সাহিত্যিক শাস্তি বিহা হৈছিল। অনেকৰ কাৰাবাস আৰু প্রাণদণ্ড হয়। কিছুমানৰ শুংসুত্ৰই চিৰদিনলৈ নোহোৱা হৈ যায়। এই উৎকট পৰিস্থিতি সহিব নোৱাৰি মেৰিনা চেটিভাৰ দৰে (১৮৯২-১৯৪১) কবিয়ে আত্মহত্যা কৰিছিল। চোটভাৰ কন্যা দেৰিদনা-ই প্রায় ১৬ বছৰ ছোভিয়েট কাৰা-শিবিত কটাব লগীয়া তথা দেশান্তৰ হৈ থাকিবলগীয়া হৈছিল। কবি চাৰ্গেই ইচেনিন (১৮৯৫-১৯২৫) আৰু ভ্লাডিমিৰ মায়াকভস্কি (১৮৯৩-১৯৩০)-এ আগতেই আত্মহত্যা কৰে। এই মায়াকভস্কি, ইচেনিন আৰু মেৰিনা চেটিভা যিটো কবিচক্ৰৰ সদস্য আছিল, কবি আন্না আখমতভা (১৮৮৯-১৯৩৫)-ও তাৰ সদস্য। চৰকাৰী আমোলাতন্ত্ৰৰ ৰোষত পৰি এই কবিৰ জীৱন একেবাৰে অসহনীয় হৈ পৰিছিল। কর্তৃপক্ষৰ দ্বাৰা নিন্দিত তেওঁৰ লেখাত আৰোপিত হৈছিল চেঞ্চৰৰ কঢ়া নিষেধ। নিজে নিৰ্বাসন বা কাৰাবাসৰ পৰা বাচি থাকে যদিও তেওঁৰ প্ৰথম স্বামীৰ প্রাণদণ্ড হয়। তেওঁৰ ফালৰ পুত্র সন্তানে বহু বছৰ শ্ৰমশিবিৰত কটাবলগীয়া হৈছিল। দ্বিতীয় স্বামীৰো এই শ্রমশিবিতে মৃত্যু ঘটে। এয়ে হৈছে তথাকথিত ‘গ্রেট পাৰ্জ’ বা শুদ্ধিকৰণ অভিযান (১৯৩৬-৩৮)- চিত্র।

কবি ৰবীন্দ্রনাথ ঠাকুৰ (১৮৬১-১৯৪১)-এ ১৯৩০চনত ছোভিয়েট দেশ ভ্রমণ কৰে। তাত নতুন সমাজ নিৰ্মাণৰ বিৰাট কর্মযজ্ঞ প্রত্যক্ষ কৰি মুগ্ধ হোৱা এই কবিয়ে ছোভিয়েট দেশ ভ্রমণ তীর্থযাত্ৰাৰ সৈতে ৰিজাইছিল। তথাপি তাৰ সমাজত ফুটি ওলোৱা কেতবোৰ বিসংগতি তেওঁৰ সতৰ্ক দৃষ্টিত ধৰা নপৰাকৈ নেথাকিল। ৰাচিয়াৰ চিঠি -ত তাৰ সবিশেষ উল্লেখ আছে। (৬)

বিপ্লৱ-পৰৱর্তী প্রথম দহবছৰমান ছোভিয়েট দেশ তীব্র অর্থ সংকটৰ মাজেৰে পাৰ হয়। ১৯২৮চনত প্রথম পঞ্চবার্ষিক পৰিকল্পনা সুচনা হোৱাৰ পিছৰে পৰা ই দোপত-দোপে আর্থিক বৃদ্ধিৰ দিশে আগুৱাই যায়। ২য় মহাযুদ্ধ ফেছীবাদী শক্তিক পৰাভূত কৰাত ছোভিয়েট দেশৰ অগ্রণী ভূমিকা আর্থিক ক্ষেত্ৰত অর্জিত সাফল্য অবিহনে সম্ভৱেই নহ'লহেতেন। ১৯৩০ৰ দশকৰ আৰম্ভণিতে সর্বগ্রাসী মহামন্দাৰ কবলত পৰি বিশ্বৰ পুঁজিবাদ একেবাৰে বিপর্যস্ত হৈ পৰিছিল। কিন্তু সমাজবাদী আর্থিক পৰিকল্পনাৰ এনে মহিমা যে ছোভিয়েট ইউনিয়ন সঙ্কটৰ কোনো প্রভাৱ নপৰিল। মহাযুদ্ধৰ পিছত কম দিনৰ ভিতৰতেই ২য় বৃহৎ ঔদ্যোগিক দেশত পৰিণত হয়। ইমানেই নহয়, নিৰক্ষৰতা আৰু নিবনুৱা সমস্যা তাত সম্পূর্ণ দূৰ হয়। দেশবাসীয়ে উন্নত মানৰ বিনামূলীয়া চিকিৎসাসেৱা লাভ কৰিবলৈ আৰম্ভ কৰে। সর্বোপৰি এক বৈষম্যহীন সমাজ প্রতিষ্ঠাৰ নমুনা ছোভিয়েত সমাজবাদে দাঙি ধৰিছিল। ফলত বিশ্বৰৰ শুভবুদ্ধিসম্পন্ন ওকৰ মাজত সমাজবাদ অনুৰাগীৰ সংখ্যা বাঢ়িবলৈ ধৰে। উপনিবেশবোৰৰ স্বাধীনতা আন্দোলনৰ সমুখত সমাজবাদী ব্যৱস্থা এক অক্ষয় প্ৰেৰণা হৈ দেখা দিছিল। আনকি মানুহৰ মন যাতে বেছিকৈ সমাজবাদৰ ফালে ঢাল নেখায়, তাৰ বাবে ইউৰোপৰ পুঁজিবাদী দেশবোৰে তথাকথিত কল্যাণকামী আর্থিক নীতি প্রচলন কৰিবলৈ বাধ্য হয়। কিন্তু সমাজবাদৰ এই গৌৰৱোজ্জ্বল সাফল্যত মুগ্ধ হৈ তাৰ গণতন্ত্রৰ সঙ্কুচিত অৱস্থাটোৰ প্রতি অমনোযোগী হোৱা অনুচিত। গণতন্ত্র এই সঙ্কোচনেইতো অৱশেষত সমাজবাদৰ গৌৰৱধ্বজা ভুলুণ্ঠিত কৰিছিল।

ছোভিয়েট ৰুছিয়াত ঘটাৰ লেখীয়া এলানি অবাঞ্ছিত ঘটনা আমেৰিকাতে ঘটা দেখিবলৈ পোৱা গৈছিল। সেইটো প্রায় এটা দশকৰ পিছৰ কথা। বাজনৈতিক বিৰোধী, বিশেষকৈ কমিউনিষ্টসকল ইয়াত আক্ৰমণৰ লক্ষ্য হৈ পৰে। আন ভিন্নমত পোষণকাৰীৰ চৰিত্ৰ তথা দেশপ্রেমৰ বিষয়েও কুৎসা ৰটা হয়। এয়ে মেকাৰ্থিজিম বা মেকার্থিবাদ। ১৯৪৬ চনত চিনেটলৈ নির্বাচিত হোৱা জোচেফ মেকাৰ্থি (১৯০-১৯৫৭)-এ ওষণা কৰিলে (১৯৫০) যে চৰকাৰৰ গৃহ-বিভাগত নিয়োজিত হৈ থকা ২০৫জন কমিউনিষ্ট আৰু গুপ্তচৰৰ এখন তালিকা তেওঁৰ হাতত আছে। এই মেকাৰ্থিক আমেৰিকাৰ ‘চিনেট কমিটি অন গভৰ্ণমেন্ট অপাৰেচন’-ৰ অধ্যক্ষ পতা হৈছিল। এই সমিতিৰ এখন উপসমিতি ‘চিনেট পার্মানেন্ট চাবকমিটি অন ইনভেষ্টিগোন'। এই উপসমিতিয়ে প্রথমেই ‘ভয়চ অব আমেৰিকা’ৰ ওপৰত কমিউনিষ্ট প্রভাৱৰ অনুসন্ধান আৰম্ভ কৰে। এই প্রচাৰ সংগঠনৰ কর্মী তথা বিষয়াসকলক ভুৱা অভিযোগ তীব্ৰ হাৰাশাস্তি কৰা হয়। অত্যাচাৰ সহিব নোৱাৰি সংস্থাটোৰ এজন অভিযন্তাই আত্মহত্যাৰ পথ বাছি লৈছিল‌। আমেৰিকাৰ গৃহ বিভাগে কমিউনিষ্ট ভাৱাদৰ্শৰ কোনো কিতাপ পত্ৰ নাৰাখিবলৈ

বিভিন্ন দেশত থকা তেওঁলোকৰ পুথিভড়ালবোৰলৈ নির্দেশ পঠালে। আনকি এনেবোৰ ‘অবাঞ্চিত গ্ৰন্থ’ৰ দাহন কার্য সম্পন্ন কৰা হৈছিল। এই সময়ছোৱাত গঠিত কমিউনিষ্ট-বিৰোধী সমিতি-উপসমিতিবোৰৰ ভিতৰত ‘হাউছ অন-এমেৰিকান এক্টিভিষ্ট' প্রধান। হলিউডৰ চিনেমা শিল্প পর্যন্ত এনে তদন্ত হাত সাৰি যোৱা নাছিল। ফলত সহস্রাধিক লোকে জীৱিকা হেৰুৱায় আৰু শ শ লোকৰ কাৰাবাস ঘটে। এনে অত্যাচাৰৰ ফলত ১৯৫৬চনমানৰ পৰা মেকার্থিবাদৰ জনপ্রিয়তা কমি আহে। মেকাৰ্থিবাদক সমর্থন কৰাবোৰৰ অন্যতম আছিল খৃষ্টান মৌলবাদী শক্তি। এইবোৰ সোঁপন্থীয়ে চৰকাৰৰ জনকলাণমূলক আঁচনি সম্পর্কতো উদ্বেগ প্রকাশ কৰিছিল। কাৰণ, এইবোৰে হেনো মানুহৰ মাজত কমিউনিষ্ট ভাবধাৰাৰ প্ৰভাৱ বৃদ্ধি কৰে।

চিনেমা শিল্পী চাৰ্লি চেপলিন (১৮৮৯১৯৭৭), বিজ্ঞানী লিনছি পাউলিং (১৯০১-১৯৯৪), জুলিয়ছ ৰবাৰ্ট ওপেনহাইমাৰ (১৯০৪-১৯৬৭), ডেভিড ব’ম (১৯১৭-১৯৯২), লেখক লেংষ্টন হিউজ (১৯০২১৯৪৭), হাওয়ার্ড ফাষ্ট (১৯১৪-২০০৩), আর্থাৰ মিলাৰ (১৯১৫-২০০৫), গায়ক পিট চিগাৰ (১৯১৯-২০১৪), অর্থশাস্ত্রী পল মাৰ্লৰ চুইজি (১৯১০-২০০৪) আদি হ'ল মেকাৰ্থিবাৰ বলি হোৱা কেইজনমান অতি উল্লেনীয় ব্যক্তি। গণতন্ত্রৰ এই স্বঘোষিত পীঠস্থানতে এনেবোৰ অত্যাচাৰৰ ঘটনা ঘটিছিল।

এখন দেশ (যেনে, ছোভিয়েট ৰুছিয়া)-ত কর্তৃপক্ষই বিচৰা ধৰণৰ কমিউনিষ্ট ভাবধাৰা অনুসরণ নকৰাৰ জগৰত, আকৌ আনখন (আমেৰিকা)-ত কমিউনিষ্ট ভাবধাৰা বিশ্বাস কৰা বা অনুসৰণ কৰাৰ জগৰত লোকক শাস্তি বিহা হ'ল। কিন্তু পার্থক্যও আছে। ছোভিয়েট ৰুছিয়াত অসংখ্য প্রাণদণ্ডৰ ঘটনা ঘটিল, অথচ অতি নিন্দিত পুঁজিবাদী আমেৰিকাত মেকার্থিবাদৰ সময়ছোৱাত তেনে প্রাণদণ্ডৰ ঘটনা নঘাটলেই। এই অস্বস্তিকৰ সত্যৰ গুৰুভাৰ বহন কৰি ফুৰা সঁচাকৈয়ে কষ্টকৰ।

ৰুছিয়াত সমাজবাদৰ যি আৰ্হিৰ নিৰিখত কর্তৃপক্ষই বিৰোধীসকলক চিনাক্ত কৰিছিল, সেই আহি সম্পর্কেও নকৈ বিচার-বিবেচনাৰ প্ৰয়োজন আছে। কোৱা ভাল যে সমাজবাদ নহয়, বৰং আমোলা-নিৰ্ভৰ এটা ব্যবস্থা নিষ্কণ্টক কৰাই আছিল এই অভিযানৰ প্ৰধান উদ্দেশ্য; সমাজবাদৰ নামত উচ্চাৰিত ঘোষণাবোৰ মাত্র এই অভিপ্রায় গোপন কৰাৰ কৌশলহে।

(সাত)

সমাজবাদী গণতন্ত্র মানে সর্বহাৰা শ্ৰেণীৰ একনায়কত্ববাদ। বুৰ্জোৱা গণতন্ত্র মানে বুর্জোয়া শ্রেণীৰ এনায়কত্ব। এয়ে লেনিন মত। পুঁজিবাদী ব্যৱস্থাত একাধিক দলৰ সক্রিয়তাৰ মাজেৰে এই একনায়কত্ব কার্যকৰী কৰা হয়। কিন্তু সমাজবাদী ব্যৱস্থাত তাত কার্যত: এটাহে দল দেখা যায়। নিশ্চয়কৈ এই দলটো কমিউনিষ্ট দল। কমিউনিষ্ট দল শ্রমিকশ্রেণীর প্রতিনিধি। সমাজবাদী ব্যৱস্থাত শাসনৰ দায়িত্বত থকা দলটোৰ উপৰি আন কমিউনিষ্ট দলৰ ভূমিকা থাকে নে? পুঁজিবাদী শ্ৰেণীটোৰ প্রতিনিধিত্ব একাধিক দলৰ দ্বাৰা যে ৰূপায়িত হয়, সেইটো ভাৰতলৈ চকু দিলেই গম পায়। ইয়াত আনকি শ্রমিকশ্রেণীৰ প্রতিনিধি হিচাপে একাধিক কমিউনিষ্ট দল আছে। এতিয়া এই দলবোৰৰ শক্তি কম হোৱাৰ কাৰণে যে শ্ৰমিক শ্ৰেণীৰ স্বাৰ্থ বা তেওঁলোকৰ প্রতিনিধিত্ব সুচারুভাৱে ৰূপায়িত হ'বলৈ নেপায়, সেইটো এটা সুকীয়া বিষয়।

গ্রামছিৰ ‘প্ৰিজন ন’টবুক’ত কোৱা হৈছে যে প্রত্যেকটো ৰাজনৈতিক দলেই এটা, মাত্র এটাহে সামাজিক গোটৰ স্বাৰ্থৰ অভিব্যক্তি। বিশেষ অৱস্থাত আকৌ একাধিক দলে এটা নিদিষ্ট সামাজিক গেটকো প্রতিনিধিত্ব কৰিব পাৰে। (৭) হয়তো জেল কৰ্তৃপক্ষৰ চকুত ধুলি দিবলৈকে তেওঁ 'চ'চিয়েল গ্রুপ’ বা ‘সামাজিক গোট’ অভিধাটো ব্যৱহাৰ কৰিছিল। তাৰ সলনি আমি তাক 'সামজিক শ্রেণী' বুলি পঢ়িলে অর্থৰ স্পষ্টতা বাঢ়ে। অবশ্যে এটা দলে কেৱল এটাহে গোট বা শ্রেণীক প্রতিনিধিত্ব কৰে বোলা তেওঁৰ উক্তি মানি ল'বলৈ টান। কাৰণ, এটা কমিউনিষ্ট দল কেৱল শ্রমিকশ্রেণীৰ দল নহয়, ই একে সময়তে গাঁৱৰ কৃষি-মজুৰসকলৰো দল‌। ভাৰততে বর্তমান বৃহৎ পুঁজিপতি আৰু ভুস্বামী শ্রেণীক একেলগে প্রতিনিধিত্ব কৰা দল আছে। এতিয়া তেওঁৰ পিছৰ বক্তব্যল‌ৈ অহা যাওক। একাধিক দলে এটা শ্রেণীক প্রতিনিধিত্ব কৰা সম্পর্কে তেওঁৰ যি বক্তব্য, তাৰ যুক্তিৰে আৰু এখোজ আগুৱালে এই সিদ্ধান্তত সহজেই উপনীত হ'ব পাৰি যে শ্রমিকশ্রেণী বা সর্বহারা শ্রেণীকে একাধিক দলে প্রতিনিধিত্ব কৰিব পাৰে।

ভবিষ্যতে বিপ্লৱ-পৰৱৰ্তী কালত কমিউনিষ্ট নামধাৰী কোনটো বা কোন কেইটা দলে নিজৰ শ্রেণী চবিত্র, বিপ্লবী চৰিত্ৰ অটুট ৰাখিবলৈ সক্ষম হ'ব, সেইটো বুৰঞ্জীয়েহে ক'ব পাৰিব। হয়তো বহুবিলাক দল ইতিহাসৰ ডাষ্টবীনলৈ নিক্ষেপিত হ'ব পাৰে। ইতিহাসৰ জুইত পুৰি নিশ্চয় কোনোবাটো দল সোণৰ দৰে উজ্বল হৈ ওলাই আহিব। এটা দলৰ ক্ষেত্ৰতে যে সেইটা হ’বই, তেনে কথা ক’ব নোৱালি। সফলতাৰ বিভিন্ন মাত্রাৰে একাধিক দলকো তেনে গৰিমাৰে আত্মপ্রকাশ কৰা দেখা যাব পাৰে। গতিকে সেই অগ্নিপৰীক্ষা অনুষ্ঠিত নোহোৱালৈকে এই সম্পর্কে আগতীয়া বাক-বিতণ্ডা নিষ্ফল।

ৰুছিয়াৰ ক্ষেত্ৰত দেখা গ'ল, লেনিনৰ নেতৃত্বত থকা বলছেভিক দলটো বিপ্লৱৰ অগ্ৰণী দলৰূপে প্রতিষ্ঠিত হৈছে। পৰৱৰ্তী কালত সমাজবাদ নির্মাণ আৰু শ্রমিকশ্রেণীর একনায়কত্ব প্রতিষ্ঠাত তেওঁলোকৰে উজ্জ্বল ভূমিকা‌। চীনতো চীনৰ কমিউনিষ্ট পাটিয়ে সেই ভূমিকা পালন কৰিছিল। এই দুখন দেশতে দেখা গ'ল, আন কমিউনিষ্ট দলৰ বিশেষ নিৰ্ণায়ক ভূমিকা নাই। সমাজবাদ নির্মাণৰ কালত এটা দলৰ বাহিৰে আন দল দেখাই নগ'ল। দুটা সম্ভাৱনা – (ক) বিপ্লৱ-বিৰোধী ভূমিকা বা মাৰাত্মক তত্ত্বগত বিভ্রান্তিৰ কাৰণে ইতিহাসেই সেই দলবোৰ এনেদৰে বাতিল কৰিলে যে কার্যতঃ সিবোৰৰ চিন-চাবেই নেথাকিল। (খ) ক্ষমতা দখল কৰি নেতৃত্বকাৰী দলটোৱেও এনে এটা পৰিস্থিতি সৃষ্টি কৰিলে যে আন কমিউনিষ্ট দলৰ উপস্থিতি বা ভূমিকা তাত সম্ভৱেই নহয়। ভবিষ্যতৰ নিখুত সমাজবাদী সমাজ এখনৰ পৰিকল্পনা ৰচিৰলৈ যাওঁতে এই আটাইবোৰ দিশ চালি জাৰি নেচালে নহয়। বাহিৰা শত্ৰুৰ দ্বাৰা পৰিবেষ্টিত হোৱা, আক্রান্ত হোৱা বা ভীষণ গৃহযুদ্ধৰ ৰূপ লোৱা শ্রেণীসংগ্ৰামৰ দিনবোৰ অবশ্যই ব্যতিক্রমী। ছাভিয়েট দেশত আটাইতকৈ দুর্ভাগ্যজনক ঘটনাবোৰ ঘাটছিল ২য় মহাযুদ্ধৰ ঠিক আগে পিছে। এনে যুক্তি দলিয়াই দিব নোৱাৰি যে যুদ্ধকালীন পৰিস্থিতিত শত্ৰু দেশৰ দ্বাৰা পৰিবেষ্টিত হৈ থকা অৱস্থাত গণতন্ত্র অনুশীলন বাস্তৱসন্মত নহয়। ছোভিয়েট দেশত নতুন বিপ্লৱী চৰকাৰখনৰ জন্ম হৈছে মাত্র, জল সৰাই নাই, তেনেতে বিদেশী সাম্রাজ্যবাদী শক্তির চক্রান্ত তথা আগ্রাসন আৰম্ভ হৈ যায়। ১৯১৮ মার্চত তথাকথিত 'এলায়ড পাৱাৰ' বা মিত্ৰ শক্তিয়ে ৰুছিয়াৰ দক্ষিণ-পূবৰ ভ্লাদিভস্তক বন্দৰলৈ যুদ্ধ জাহাজ প্রেৰণ কৰিছিল। মিত্র শক্তি মানে বৃটেইন, ফ্রান্স, ইতালি, আমেৰিকা আদি। পৰৱৰ্তী কালত বৃটিছ আৰু ফৰাছী সৈন্যই ছোভিয়েট ভু-খণ্ডত প্ৰৱেশ কৰিছিল। বিপ্লৱ-বিৰোধী তথাকথিত শ্বেতবাহিনী এইবোৰ শক্তিৰ দ্বাৰা অস্ত্রসজ্জিত হৈ পৰে। প্রচণ্ড গৃহযুদ্ধ হ'ল এনে প্ৰৰোচনাৰ অৱধাৰিত পৰিণতি। ১৯১৯চনত ১ম মহাযুদ্ধ অন্ত পৰাৰ পিছতো ডন, বাকু আদি অনেক অঞ্চল সাম্ৰাজ্যবাদী শক্তিবোৰৰ দখলমুক্ত হোৱা নাছিল। গৃহযুদ্ধত প্রতিবিপ্লবী শক্তিবোৰৰ পৰাজয় ঘটাত দখলদাৰী বাহিনীবোৰ ক্ৰমে পাছ হোঁহুকিবলৈ বাধ্য হয়। কিন্তু ১৯২২ নৱেম্বৰ পর্যন্ত আমেৰিকাৰ যুদ্ধজাহাজ ক্রুজাৰ চেক্ৰেমেন্টোৱে ছোভিয়েট জলভাগ ত্যাগ কৰাই নাছিল। পৰৱর্তী কালতো এইবোৰ শক্তিয়ে সমাজবাদক নানানভাৱে পর্যুদস্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। যুদ্ধকালীন এই পৰিবেশৰ ধাৰাবাহিকতা একেবাৰে ২য় মহাযুদ্ধৰ পাছলৈকে থাকি যায়। পৱৰ্তী কালত ছোভিয়েট দেশৰ সমাজলৈ সুস্থিৰতা ঘূৰি আহে।

সুস্থিৰ অৱস্থাত সমাজবাদে মানুহৰ ভিন্ন ৰাজনীতিৰ অধিকাৰ, মত প্রকাশৰ অধিকাৰ, শিল্প সাহিত্য অধিকাৰৰ নিশ্চয়তা যে দিব লাগিব, সেই লৈ দ্বিমত পোষণ কৰাৰ দিন উকলিল। ভিন্ন ৰাজনীতিৰ অধিকাৰ মানে ইয়াত বুৰ্জোৱা ৰাজনীতিৰ অধিকাৰ নহয়। এক সমাজবাদী সাংবিধানিক চৌহদৰ ভিতৰতে একাধিক কমিউনিষ্ট দলৰ ৰাজনৈতিক সক্রিয়তাহে এই ভিন্ন বাজনীতিৰ মর্মবস্তু। ভিন্নচিন্তা, ভিন্নমতব অধিকাৰেই কেবল নহয়, দেশৰ নীতি-নিৰ্দ্ধাৰণতো সিবোৰৰ এক নির্ণায়ক ভূমিকা তাত সুনিশ্চিত হ'ব লাগিব। অন্যথা পূর্ণাঙ্গ গণতন্ত্ৰতো বাদেই আসেই আধা কেচেৰুৱা বুৰ্জোৱা গণতন্ত্ৰৰ সৈতেও শাৰী পুৰোৱা সমাজবাদৰ পক্ষে টান।

ভাৰতৰ সাংবিধানিক বাজনৈতিক ব্যৱস্থাত দেখা যায়, ধর্মনিৰপেক্ষতাৰ নির্দিষ্ট চৌহদৰ ভিতৰত থাকি ইয়াত একাধিক বুৰ্জোৱা আৰু বাওঁপন্থী দল সক্রিয় হৈ আছে। ধৰ্মনিৰপেক্ষতাৰ সীমা লংঘন নকৰালৈকে কাৰো বিশেষ অসুবিধা হ’ব নেলাগে, অস্তুতঃ কাগজে-কলমে সেইটো স্থিৰ হৈ আছে। কিন্তু ধর্মনিরপেক্ষতা প্রত্যাহান জনোৱাৰ অধিকাৰ কাৰো নাই। অৱশ্যে আমাৰ দেশত যে ধর্মনিৰপেক্ষতাৰ ধাৰণা তথা অধিকাৰ ক্ৰমাগত আক্ৰমণৰ সমুখীন হৈছে, তাক অস্বীকাৰ কৰিব নোৱাৰি। সমাজবাদকো তেনে বহু (কমিউনিষ্ট) দলীয় ব্যৱস্থা ৰূপে ভাবিব পাৰি। মাথোন তাৰ ৰাজনীতিৰ প্ৰাণত সমাজবাদৰ প্রশ্ন কৰা বা প্রতাজিন জনোৱাৰ অধিকাৰ কাৰো নেথাকিব। কিন্তু এনে গণতান্ত্রিক অধিকাৰৰ সুযোগ ব্যৱহাৰ কৰি সমাজবাদ-বিৰোধী শক্তিবোৰে তলে তলে সমাজবাদ উচ্ছেদৰে ষড়যন্ত্র দিব পাৰে দেখোন - এইটো একেবাৰে উলাই কৰিব পৰা বিষয় নহয়। কিন্তু এই মুহুৰ্তত গণতন্ত্রৰ আন বিকল্পও চকুত নপৰে। তদুপৰি এই কথাও সঁচা যে এইবোৰ অধিকাৰ অস্বীকাৰ কৰি ছোভিয়েট ৰুছিয়া বা পুৰ ইউৰোপত কিন্তু সমাজবাদ সুৰক্ষিত কৰিব পৰা নগৈছিল। এই অধিকাৰবোৰৰ অনুপস্থিতিত এক খর্বাকৃতিৰ সমাজবাদহে অৱশিষ্ট থাকেগৈ, যিকোনো মুহূৰ্ততে যাব পতন ঘটিব পাৰে। পূর্ণাঙ্গ গণতন্ত্র যিদৰে সমাজবাদেহে সুনিশ্চিত কৰিব পাৰে, তেনেদৰে সমাজবাদৰ ভৱিষ্যতৰ সুৰক্ষাও এই গণতন্ত্রৰ শ্ৰীবৃদ্ধিৰ ওপৰত নিৰ্ভৰশীল। শীর্ণকায় গণতন্ত্রত বা তাৰ একেবাৰে অনুপস্থিতিত শ্রমিক শ্রেণী বা সর্বসাধাৰণ দেশৰ ৰাজনীতি তথা আর্থিক নীতি-নির্ধাৰণৰ প্ৰক্ৰিয়াত সক্রিয়ভাৱে অংশ ল'বলৈ নেপায়। ফলত তেওঁলোকে সমাজবাদী ব্যৱস্থাটোক নিজৰ বুলি ভাবিবলৈ এৰে। তেতিয়া এই ব্যৱস্থালৈ নামি আহিৰ পৰা যিকোনো বিপদ ৰা আক্ৰমণৰ সময়ত শ্রমিক শ্রেণী বা সাধাৰণ মানুহক আৰু পোৱা নেযায়; তাক কক্ষা কৰিবলৈ তেওঁলোক আগুৱাই নাহে। একমাত্র আমোলাৰ বাহিৰে তেতিয়া সমাজবাদৰ আন ভৰসা নেথাকে। কিন্তু আমোলা নিৰ্ভৰতা মানে বুজিব লাগিব, পৰাজয়ৰ পটভূমি ইতিমধ্যেই বচিত হৈ গৈছে।

(আঠ)

সমাজবাদত চলে শ্ৰেণীৰ একনায়কত্ব। শ্ৰেণীৰ অভিব্যক্তি দলৰ মাজেৰে প্ৰকাশিত হয়। সেয়ে, দেখাত শ্ৰেণীৰ একনায়কত্ব দলৰে একনায়কত্ব যেন লাগে। ফলত, সমাজবাদ মানে এটা এদলীয় শাসন এনে এক ধাৰণাই পীৰা পাৰি বহিবলৈ সুবিধা পালে। এই ধাৰণাৰ নাগপাশৰ পৰা ওলাই আহিলে দেখা যাব যে শ্রেণী শাসনৰ ফলপ্রসূ ৰূপায়ণ এদলীয় ব্যৱস্থাৰে সম্ভৱ নহয় – অন্ততঃ সমাজবাদৰ বিপৰ্যৰ অভিজ্ঞতাই তাকে শিকায়। শ্ৰেণীটোক প্রতিনিধিত্ব কৰিব পৰা সম্ভৱপৰ আটাইবোৰ দলৰ উপস্থিতি কাম্য। সমাজবাদী গণতন্ত্রৰ সেইটো আবশ্যিক চৰ্ত বুলি ধৰিলে অনেকবিলাক ধাৰণগত জটিলতাৰ অৱসান ঘটে। গণতন্ত্রৰ এই পূর্ণতৰ ৰূপ ব্যবস্থাটোৰ সুৰক্ষাৰ কাৰণেও জৰুৰী। এদলীয় ব্যৱস্থাত ডাঙৰ ডাঙৰ নীতিগত বা বাৱহাৰিক সিদ্ধান্ত এটা দলৰ সামর্থ্য তথা মৰ্জিৰ ওপৰত নিৰ্ভৰশীল। দলটোৰ গঠন তথা কার্যপ্রণালী যিমানেই গণতান্ত্রিক নহওঁক লাগে, অৱশেষত কথাবোৰ এটা দলৰে কাৰবাৰ হৈ থাকে। ইয়াত বিপদাশঙ্কা প্রবল। একাধিক দল জড়িত থাকিলে এটা দলৰ ভুল সিদ্ধান্ত সহজে ৰূপায়িত হোৱা টান। ফলত গোটেই ব্যৱস্থাটো ভাগি পৰাৰ বিপদ ভালেখিনি কমে, আৰু সেইটোৱে কাম্য। কিবা কাৰণত প্রধান দলটোৱে মূল পোলোকা মাৰিবলৈ খুজিব পাৰে। যেনে মিখাইল গর্বাচেভ (১৯৩১- ) এ সাধাৰণ সম্পাদক হিচাপে কমিউনিষ্ট দলটাকে ভাঙি (১৯৯১) দিছিল। এনে বিপদৰ ক্ষণত সমাজবাদক ধৰি ৰখাৰ দায়িত্ব পালন কৰিবলৈ তাৰ এদলীয় ব্যৱস্থাটোত আন কোনো দলেই নাছিল। বহু (কমিউনিষ্ট) দলীয় প্রস্তাবিত এই দিহাত শ্রমিকশ্রেণীৰ একনায়কত্বৰ ধাৰণাটো যে অস্বীকৃত হোৱা নাই, সেইটো নিশ্চয় এতিয়া স্পষ্ট হৈ পৰিছে।

সমাজবাদীৰ দায়বদ্ধতা শ্ৰেণীৰ একনায়কত্বৰ প্ৰতিহে‌, দলীয় একনায়কত্বৰ প্ৰতি নিশ্চয় নহয়‌। কিন্তু শ্ৰেণীৰ একনায়কত্বও এক অস্থায়ী দিহাহে‌। সম্পূৰ্ণ একনায়কত্বহীন এক সুন্দৰ ভৱিষ্যৎ নিশ্চয় সকলোৰে কাম্য‌। কিন্তু সমাজ সেই দিশে আগুৱাবলৈ হ'লে শ্রমিকশ্রেণীৰ একনায়কত্বৰ চোতাল গচকি যাবই লাগিব। তাক এৰাই চলাৰ কোনো উপায় নাই।

পাদটিকা:

১) “If socialism were reduced simply to state ownership of the means of production and generous provision of ‘social wages’, Kuwait would appear to be one of the most obviously socialist countries in the world!” (Dreze, Jean & Amartya Sen, 1993, Hunger and Public Action, New Delhi-110001: Oxford University Press, p-192)

২) “Workers’ control over the production, storage, purchase and sale of all products and raw materials shall be introduced in all industrial, commercial, banking, agricultural and other enterprises. . .” (Lenin, V. I., 1977, Lenin Selected Works in three volumes, vol-2, Moscow: Progress Publishers, p-431)

৩) ‘The Russian Revolution’ (1918).উৎস Hudis, Peter & Kevin B. Anderson (eds), 2005, The Rosa Luxemburg Reader, Kharagpur: Cornerstone Publications.

৪)‘Notes on the Russian Revolution’ (29 April, 1917), ‘The Revolution Against Capital’ (24 December, 1917), ‘The Price of History’ (24 December, 1917) ইত্যাদি। উৎস Bellamy, Richard (ed) 1994, Gramsci Pre Prison Writings, New York: Cambridge University Press.

৫) “Comrade Trotsky . . . is distinguished not only by outstanding ability. He is personally perhaps the most capable man in the present C.C. . . . I wish to say a few words about Bukharin and Pyatakov. They are in my opinion, the most outstanding figures (among the youngest ones), . . . Bukharin is not only a most valuable and major theorist of the Party; he is also rightly considered the favourite of the whole Party.” (Lenin, V. I., 1977, Lenin Selected Works in three volumes, Vol-3, Moscow: Progress Publishers, pp-680 & 681)

৬)”... রাশিয়ায় এসেছি - না এলে এ জন্মের তীর্থদর্শন অত্যন্ত অসমাপ্ত থাকত।... গিয়ে যা দেখলাম তাতে বিস্ময়ে অভিভুত হয়েছি।... শোনা যায়, যথেষ্ট জবৰ্দস্তি আছে, বিনা বিচারে দ্রুত পদ্ধতিতে শাস্তি, সেও চলে, আর সব বিষয় স্বাধীনতা আছে কিন্তু কর্তৃপক্ষের বিধানের বিরুদ্ধে নেই। এটা গেল চাঁদের কলঙ্কের দিক, কিন্তু আমাদের দেখার প্রধান লক্ষ্য ছিল আলোকের দিক। সে দিকটাতে যে দীপ্তি দেখা গেল সে অতি আশ্চর্য – যারা একেবারেই অচল ছিল তারা সচল হয়ে উঠেছে। ... সোভিয়েট রাশিয়ায় মার্কসীয় অর্থনীতি সম্বন্ধে ... স্বাধীন আলোচনায় পথ জোর করে অবৰুদ্ধ করে দেওয়া হয়েছে। এই অপবাদকে আমি সত্য বলে বিশ্বাস করি।” ( ঠাকুর, রবীন্দ্রনাথ, ১৯৭০, রাশিয়ার চিঠি, কলকাতা-৭, বিশ্বভারতী গ্ৰন্থন বিভাগ, পৃষ্ঠা - ১৬, ৬৫, ৬৬ এবং ১১৫)

৭) “Although every party is the expression of a social group, and of one social group only, nevertheless in certain given conditions certain parties represent a single social group . . .” (Gramsci, Antonio, 1996, Selection from the Prison Notebooks of Antonio Gramsci, Chennai- 600002: Orient Longman, p-148)

Share Button
Print Friendly, PDF & Email

1 Comment : "সমাজবাদৰ সপোন আৰু গণতন্ত্র- (ধ্রুৱজ্যোতি বৰা)"

  1. দিব্যজ্যোতি নেওগ

    ঐতিহাসিক তথ্যৰ আলোকত সমাজবাদৰ দোষ-ক্ৰুটিৰ সুন্দৰ বিশ্লেষণ।সাপ্ৰতিক সমাজ বাস্তৱতাত সমাজবাদৰ ভৱিষ্যতৰ স্বাৰ্থত আৰু অধিক বিশ্লেষণৰ প্ৰয়োজন সদায় আছে।সমাজবাদৰ বিচ্যুতিৰ সম্পৰ্কত কিছু নতুন তথ্যৰ সম্ভেদ দিয়াৰ লগতে সম্ভাৱনাৰ দিশতো আলোকপাত কৰাৰ বাবে ভাল লাগিল।ধন্যবাদ।

Leave a Comment

Your email address will not be published. Required fields are marked *