সম্পাদকৰ টোকা : স্বাধীনতাৰ কল্পনা আৰু যুক্তি (কৌশিক দাস)

১.

২০১৭ চনৰ আৰম্ভণিতে দেশ-বিদেশৰ বহুতো সংবাদপত্রত এটা অগতানুগতিক বাতৰিয়ে গুৰুত্বসহকাৰে স্থান লাভ কৰিছিল। ছপা-মাধ্যমৰ উপৰিও উক্ত বাতৰিটো কিছুদিনলৈ হৈ পৰিছিল ফেইচবুক আদিৰ দৰে ছ'চিয়েল মিডিয়াৰ আলোচনা আৰু তৰ্ক-বিতৰ্কৰ কেন্দ্রবিন্দু। আমাৰ এই নিবন্ধৰ বাবে অতিকৈ প্রাসংগিক হোৱাৰ বাবে বাতৰিটোৰ এটা বিশেষ দিশৰ কথা আলোচনাৰ প্রথমতেই ক’বলৈ লৈছোঁ।

বাতৰিটোত প্রকাশ পাইছিল ৰোমানিয়াৰ এগৰাকী মডেল, ১৮ বছৰীয়া আলেকজেন্দ্রা কেফ্রেনে সংঘটিত কৰা আচহুৱা কাম এটাৰ কথা। মডেলগৰাকীয়ে নিজে, ৰাজহুৱাভাবে ঘোষণা কৰিছিল যে তেখেতৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ দুৰ্বাৰ হাবিয়াস আছে ; কিন্তু সেই স্বপ্নটি বাস্তৱায়িত কৰাৰ বাটত ধনৰ অভাৱ হৈ পৰিছে এক দুৰ্লংঘ্য হেঙাৰ ; কিবা ব্যৱসায় আৰম্ভ কৰি ধন সঞ্চয় কৰিবলৈও প্রথমতে টকাৰ প্রয়োজন। ধন সংগ্রহ কৰিবৰ বাবেই মডেলগৰাকীয়ে কৰি পেলালে এটা চমকপ্রদ কাণ্ড। তেখেতে অনলাইনযোগে নিলাম কৰি দিলে নিজৰ "কুমাৰীত্ব"। অৰ্থাৎ, যিগৰাকী লোকে নিলামত সকলোতকৈ অধিক ধন দিব, তেখেতেই লাভ কৰিব মডেলগৰাকীৰ জীৱনত প্রথমবাৰৰ বাবে যৌন-সংগম কৰাৰ অধিকাৰ। পৰৱৰ্তী বাতৰিত প্রকাশ হ’ল যে অনলাইনযোগে বুজন পৰিমাণৰ ধনৰ বিনিময়ত কেফ্রেনৰ "কুমাৰীত্ব" ক্রয় কৰিলে হংকঙৰ এগৰাকী ধনী ব্যৱসায়ীয়ে, ২.৩ মিলিয়ন ইউৰোত।

আলেকজেন্দ্রা কেফ্রেন । অনলাইনযোগে নিজৰ "কুমাৰীত্ব" নিলাম কৰাৰ পাছত এটি সাক্ষাৎকাৰ দিয়াৰ পৰত।

কোনো সন্দেহ নাই, তেনে বাতৰি আমাৰ বৰ্তমানৰ সমাজখনৰ বাবে অতি আচহুৱা। যৌনতাৰ ক্ষেত্রত বহুদূৰলৈ খোলামেলা পশ্চিমৰ দেশবোৰতেই ঘটনাটোৱে তীব্র বিতৰ্কৰ সৃষ্টি কৰিছিল। তেনে বিতৰ্কত সংগতভাৱেই নৈতিকতা-ঔচিত্যবোধ, নাৰীৰ সামাজিক অৱস্থান, পৰিৱৰ্তিত যৌন-মূল্যবোধ, ব্যক্তি-স্বাধীনতা আদিৰ প্রসংগ উত্থাপিত হৈছিল। নিঃসন্দেহে তেনে দিশসমূহত সুগভীৰ আৰু বিস্তাৰিত আলোচনাৰ প্রয়োজন আছে। কিন্তু আমাৰ এই আলোচনাত তেনে দিশসমূহ মুখ্য বিষয় নহয়। ঘটনাটোৰ প্রতিক্রিয়া হিচাপে উদ্ভূত অন্য এটি মাৰ্গৰ চিন্তাৰ কথাহে আলোচনাৰ আৰম্ভণিতেই উনুকিয়াব বিছাৰিছোঁ, আৰু তাৰ আঁত ধৰিয়েই আমি আগ বাঢ়িম কৰিম এই নিবন্ধৰ কেন্দ্রীয় বিষয়টোলৈ।

উক্ত মাৰ্গৰ চিন্তাই কয় যে গোটেই কথাটো মডেলগৰাকীৰ ব্যক্তি-স্বাধীনতাৰ সৈতে সম্পৰ্কিত। তেখেতে সংঘটিত কৰা “কুমাৰীত্ব”-ৰ নিলাম যিহেতু স্বেচ্ছাকৃত, তাত বল-প্রয়োগৰ কোনো প্রশ্নই উঠা নাই। লগতে ইয়াকো কোৱা হৈছে, মডেলগৰাকীয়ে কোনো সংকোচ নকৰাকৈ, ৰাজহুৱা ঘোষণা এটাৰ জৰিয়তে কাৰ্যটো কৰিবলৈ যে আগ বাঢ়িছে, সেই কথাটোৱে নাৰীৰ ক্রমবৰ্ধমান স্বাধীনতাৰ কথাকেই নিৰ্দেশ কৰিছে। “কুমাৰীত্ব” তেখেতৰ নিজৰ, গতিকে সেই “কুমাৰীত্ব”-ৰ সংৰক্ষণ, ব্যৱহাৰ আৰু অৱলুপ্তিৰ ক্ষেত্রত মডেলগৰাকীৰ নিজৰ ইচ্ছা আৰু সিদ্ধান্তই হ’ল শেষ কথা ; সেই সংক্রান্তৰ সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত তেখেত সম্পূৰ্ণ স্বাধীন।

আপাতদৃষ্টিত উক্ত ধাৰাৰ চিন্তাটো শুদ্ধ যেনেই লাগে। “কুমাৰীত্ব” তেখেতৰ নিজৰ, সেইটো তেখেতে নিজে যি কৰে, কৰিব ; তাত তেখেত স্বাধীন। এই প্রসংগটো ব্যক্তি-স্বাধীনতাৰ সৈতেও সম্পৰ্কিত কৰি উত্থাপন যে কৰা হৈছিল, সেই কথাটো উনুকিয়াই আহিছোঁ। এই কথাটোৰ আঁত ধৰিয়েই আমি আলোচনাটি অন্য দিশলৈও সম্প্রসাৰিত কৰাৰ প্রয়াস কৰিম। আলোচনাৰ শেষৰ ফালে ৰোমানিয়াৰ মডেলগৰাকীৰ প্রসংগটো আকৌ উভতি আহিব।

মডেলগৰাকীৰ কাৰ্যটোৰ প্রসংগত স্বাধীনতাৰ কথাটো যে উত্থাপিত হৈছে, সেই কথাটো আমি আকৌ এবাৰ গুৰুত্বসহকাৰে পুনৰাবৃত্তি কৰিছোঁ, কিয়নো স্বাধীনতাৰ প্রসংগটোৱেই এই নিবন্ধৰ কেন্দ্রীয় বিষয়। অলপ গমি চালেই ওলাই পৰে যে মানুহৰ স্বাধীনতাৰ প্রসংগত কিছুমান বৰ আউল-লগা সমস্যা বিদ্যমান। স্বাধীনতা মানে নো কি?  স্বাধীনতাৰ কোনো সৰ্বজনগ্রাহ্য সংজ্ঞা আছেনে? মানুহৰ স্বাধীনতাৰ কিবা সীমা আছেনে? স্বাধীনতা বাৰু সমাজ-বাস্তৱৰপৰা নিৰপেক্ষ কোনো স্বনিয়ন্ত্রিত প্রপঞ্চ নেকি? সন্দেহ নাই, এইসমূহ অতি কঠিন প্রশ্ন। সেইসমূহৰ উত্তৰৰ সন্ধান কৰিবলৈ সুগভীৰ জ্ঞান, প্রজ্ঞা আৰু অভিজ্ঞতাৰ প্রয়োজন। সেইসমূহত আমাৰ গুৰুতৰ ঘাটি থাকিলেও, চমুকৈ প্রশ্নকেইটিমান এই নিবন্ধত আমি উত্থাপন কৰাৰ প্রয়াস কৰিম। তাৰ আঁত ধৰি যোগ্যজনে আলোচনা আগ বঢ়ালেহে নতুন দিশ উন্মোচিত হ’ব।

২.

বৰ্তমানৰ মানুহ আৰু মানৱ-সমাজ এক সুদীৰ্ঘ বিৱৰ্তনৰ দৈহিক আৰু সামাজিক পৰিণতি। এই বিৱৰ্তনৰ দুটা দিশ আছে, শাৰীৰিক বিৱৰ্তন আৰু সামাজিক বিৱৰ্তন। আপাতদৃষ্টিত দুয়োটা দিশ পৃথক যেন লাগিলেও প্রকৃততে সিহঁত এক নিবিড় আৰু গতিশীল আত্মসম্পৰ্কৰে বান্ধ খাই থাকে। স্বাধীনতাৰ ইচ্ছা-আকাংক্ষাৰ উন্মেষ উক্ত আত্মসম্পৰ্কৰ সৈতে ঐতিহাসিকভাৱে জড়িত হৈ আছে।

কথাটো সহজকৈ বুজিবলৈ প্রসংগান্তৰৰ উদাহৰণ এটা লওঁ। মানুহৰ যৌনতা প্রত্যক্ষভাৱে শাৰীৰিক বিৱৰ্তনৰ সৈতে সম্পৰ্কিত। কিন্তু মানুহৰ যৌন-সম্পৰ্ক স্থাপনৰ ধৰণ-কৰণৰ ক্ষেত্রত সামাজিক বিৱৰ্তনহে হৈছে নিৰ্ণায়ক কাৰক। দেখা যায় যে ক্রমবিকাশৰ সুদীৰ্ঘ পথত মানৱ-জাতিয়ে আহৰণ কৰা নানান গুণ, চৰিত্র আৰু প্রমূল্য প্রকৃততে পাকে-প্রকাৰে তেনে শাৰীৰিক আৰু সামাজিক বিৱৰ্তনৰ সৈতে সম্পৰ্কিত হৈ থাকে। মন কৰিবলগীয়া কথা, হ’ম ছেপিয়েন্সৰ উদ্ভৱৰ পাছত মানৱ-জাতিৰ তেনে কোনো তাৎপৰ্যপূৰ্ণ আৰু সুদূৰপ্রসাৰী শাৰীৰিক বিৱৰ্তন সংঘটিত হোৱা নাই। কিন্তু মানৱ-সমাজখনৰ বিকাশৰ আপেক্ষিকভাৱে পাছৰ পৰ্যায়ত, বিশেষকৈ কৃষিৰ উদ্ভাৱনৰ পৰৱৰ্তী যুগত, সামাজিক বিৱৰ্তনৰ ক্ষেত্রত ঘটা উল্লম্ফন হৈছে বিৰাট আৰু বৈপ্লৱিক। তেনে বিৱৰ্তনৰ মাজেদিয়েই ক্রমশঃ আহৰণ কৰা কিছুমান উপাদান সভ্যতাৰ বাবে অপৰিহাৰ্য বুলি বিবেচিত হ’বলৈ ধৰিলে। উদাহৰণ কেইটিমানলৈ লক্ষ্য কৰা যাওক। প্রেম, শান্তি আৰু ন্যায়,— এইকেইটা যে মানৱ-সভ্যতাৰ একো একোটা অংগাংগী উপাদান, বা উপাদান হোৱা উচিত, সেইটো প্রায় তৰ্কাতীতভাৱেই স্বীকাৰ কৰি লোৱা হয়। এই তিনিওটাৰ প্রথমটো হৈছে এটা মানৱীয় গুণ বা চৰিত্র ; দ্বিতীয়টো এটা পৰিস্থিতি-পৰিৱেশভিত্তিক প্রপঞ্চ; শেষৰটো মানুহৰ সামাজিক আন্তঃসম্পৰ্কজনিত নীতিবোধৰ সৈতে সম্পৃক্ত। দেখা যায় যে যিবোৰ মানৱীয় প্রমূল্য, ধ্যান-ধাৰণা আৰু আকাংক্ষা মানুহৰ সামগ্রিক বিৱৰ্তনৰ সৈতে সংগতিপূৰ্ণ, সেইবোৰহে ক্রমাৎ সভ্য মানৱ-সমাজৰ বাবে উপযোগী কিম্বা অপৰিহাৰ্য উপাদান বুলি সাধাৰণতে বিবেচিত হ’বলৈ ধৰে। ওপৰৰ উদাহৰণকেইটাৰ বিপৰীত দিশবোৰ বিবেচনালৈ আনিলেই কথাটো পৰিষ্কাৰ হৈ পৰিব ; হিংসা-দ্বেষ, অশান্তি আৰু অন্যায়— এইবোৰেৰে সমাজখন ভৰি পৰিলে, বিৱৰ্তনৰ কথা বাদেই, পৃথিৱীত প্রজাতিটো টিকি থকাই দুৰূহ হৈ পৰিব। সেইবাবেই, প্রেম, শান্তি আৰু ন্যায়— এইসমূহ সদায়েই শুভ আৰু ইতিবাচক বুলি পৰিগণিত হৈ আহিছে। স্বাধীনতাও হৈছে তেনেকুৱা এটা বস্তু, যিটো মানৱ-সভ্যতাৰ বাবে এক অপৰিহাৰ্য আৰু আকাংক্ষিত শুভংকৰ উপাদান বুলি ধৰা হয়।

এইখিনিতে প্রশ্ন উঠিব, স্বাধীনতাক কিয় সাৰ্বজনীনভাৱে সভ্যতাৰ এটা আকাংক্ষিত স্থিতি বুলি গণ্য কৰা হয়? ভাববাদী আদৰ্শগত অৱস্থানৰপৰা এইটো প্রশ্নৰ কোনো যুক্তিগ্রাহ্য উত্তৰ ওলাব বুলি ধাৰণা নহয়। স্বাধীনতাই মানৱ-সভ্যতাক মহীয়ান কৰে, সেইবাবেই স্বাধীনতা শুভংকৰ আৰু আদৰণীয়— মূল প্রশ্নটোৰ এইটো কোনো সন্তোষজনক আৰু পূৰ্ণাংগ উত্তৰ নহয়। কিয়নো, উক্ত সমিধানত মাত্র প্রশ্নটোহে ওলোটাই উত্তৰ হিচাপে প্রদান কৰা হৈছে। স্বাধীনতা মানৱ-সভ্যতাৰ গৌৰৱ, সেইটো বাৰু সঁচা ; কিন্তু স্বাধীনতাই কিয় সভ্যতাক মহীয়ান কৰে, কিয়ই বা স্বাধীনতা সভ্যতাৰ এটা অত্যুৎকৃষ্ট উপাদান, সেই কথাটো উক্ত উত্তৰৰ মাজত বিচাৰি পাবলৈ নাই। গতিকে প্রশ্নটোৰ যুক্তিসংগত উত্তৰ আমি ভাববাদী আদৰ্শগত অৱস্থানৰপৰা পাব নোৱাৰোঁ। সেয়েহে এইক্ষেত্রত আমি লক্ষ্য কৰা উচিত, স্বাধীনতাৰ সৈতে সম্পৰ্কিত সাৰ্বজনীন ইতিবাচক ধ্যান-ধাৰণাৰ বস্তুগত ভিত্তি কি?

দেখা যায় যে পৰিস্থিতিগত পৰাধীনতা প্রজাতি এটাৰ বিৱৰ্তনৰ বাবে বিসংগতিপূৰ্ণ। কিন্তু এইখিনিতেই আমি সতৰ্ক হৈ এটা দিশ গমি চোৱা উচিত। কথাটো হ’ল, প্রকৃতিত স্বাধীনতা স্বাভাৱিক নে অস্বাভাৱিক, মাত্র সেইটো কথা বিবেচনা কৰি স্বাধীনতাক আদৰণীয় বুলি প্রতীয়মান কৰিবলৈ কৰা প্রয়াস যুক্তিসংগত নহয়। কথাটো আমি গুৰুত্বসহকাৰে এইখিনিতেই উনুকিয়াই থৈছোঁ, কিয়নো মানৱ-সমাজৰ সৈতে সম্পৰ্কিত কোনো কোনো ঘটনাক (যেনে, লিংগভিত্তিক অসাম্যক) যুক্তিসংগত আৰু প্রয়োজনীয় বুলি পৰিগণিত কৰিবলৈ, সেইসমূহ প্রকৃতিত স্বাভাৱিক হয় নে নহয়, সেইটোক নিৰ্ণায়ক ভিত্তি হিচাপে গণ্য কৰা হয়। এইটো “যুক্তি-বিন্যাস”-ৰ এটা গুৰুতৰ যৌক্তিক বিভ্রান্তি আছে। কিয়, সেইটো সহজকৈ ব্যাখ্যা কৰিবলৈ, স্থূল হ'লেও, স্বাধীনতাৰ সৈতে সম্পৰ্কিত দুটামান উদাহৰণৰ সহায় লওঁ। যিকোনো বন্যপ্রাণীৰ বাবে—যেনে, বাঘ এটাৰ বাবে— পিঞ্জৰাবদ্ধ পৰিস্থিতি এটা অসহজ-অবাঞ্ছনীয় ; তেনে বান্ধোনৰপৰা সামান্য সুযোগ পালেই সি মুক্ত হ’বলৈ আগ বাঢ়িব। স্বাধীনতাৰ সামান্য ধাৰণাও মগজুত প্রোথিত নোহোৱা এটা অবোধ শিশুৱেও তাৰ/তাইৰ  হাত-ভৰিৰ বিচৰণত বাধা আৰোপ কৰি “স্বাধীনতা খৰ্ব কৰিলে” শিশুটিৰ ক্রোধ-বেদনা প্রতিধ্বনিত হ’ব প্রতিবাদী ক্রন্দনত। তেনেসমূহৰপৰা আপাতদৃষ্টিত এনে লাগে যেন স্বাধীনতাৰ আকাংক্ষা প্রাণী-জগতত স্বাভাৱিকেতই বিদ্যমান। কিন্তু কথাটো তেনে নহয়। অলপ যুকিয়াই চালেই আমি দেখিম যে স্বাধীনতাৰ অনুপস্থিতি প্রজাতিৰ বিৱৰ্তনৰ সৈতে সংগতিপূৰ্ণ নহয়। সেইবাবেই তেনে প্রতিকূলতাৰ প্রতিমুখে প্রজাতিবোৰে সংগ্রাম অব্যাহত ৰাখে। তেনে সংগ্রাম প্রজাতিটো পৃথিৱীত বৰ্তি থকাৰ ক্ষেত্রত সহায়ক হয়। তেনে প্রৱণতাৰহিত প্রজাতি, কিম্বা প্রজাতিৰ অন্তৰ্গত কোনো একক প্রাণীয়ে প্রকৃতিত বৰ্তি থাকিবলৈ অসুবিধাৰ সন্মুখীন হয়। সামগ্রিকভাৱে যিবোৰৰ মাজত তেনে প্রৱণতা থাকে, সেইবোৰহে পৃথিৱীত টিকি থাকে। সেইবোৰৰ মাজত যিহেতু স্বাধীনতাৰ আকাংক্ষা বিদ্যমান, সেইবাবে স্বাধীনতাক এটা স্বাভাৱিক বস্তু যেন লাগিবলৈ ধৰে। গতিকে দেখা গ’ল যে প্রকৃতিত স্বাধীনতা কোনো ভিত্তি নোহোৱাকৈ, স্বাভাৱিক প্রপঞ্চৰূপে নিজে নিজেই আৱিৰ্ভূত হোৱা বস্তু নহয় ; স্বাধীনতা প্রাণীৰ জীৱন আৰু প্রজাতি বৰ্তাই ৰখাৰ সংগ্রামৰ সৈতে সংগতিপূৰ্ণ, আৰু সেয়েহে যি আমাৰ চকুত এটা স্বাভাৱিক প্রাকৃতিক কথা বুলি ধৰা দিয়ে।

৩.

প্রাণীজগতত স্বাধীনতা-প্রৱণতাৰ উপস্থিতি প্রাণীৰ বিৱৰ্তনৰ সৈতে সম্পৰ্কিত। মানৱ-জাতিৰ ক্ষেত্রতো একে কথাই যে প্রযোজ্য, সেই কথাটো আমি উনুকিয়াই আহিছিলোঁ। কিন্তু মানৱ-জাতিৰ ক্ষেত্রত স্বাধীনতাৰ কথাটোৱে পৰৱৰ্তী যুগত এটা একেবাৰেই ভিন্নৰূপ ধাৰণ কৰিলে। এই কথাটো মানুহৰ সামাজিক-সাংস্কৃতিক বিৱৰ্তনৰ সৈতে সম্পৰ্কিত।

প্রকৃতিত বৰ্তি থকাৰ সহায়ক আৰু অনুকূল প্রবৃত্তি স্বাধীনতাৰ ধাৰণাৰ আদি-উৎস হ'লেও, সমাজ-বিৱৰ্তনৰ সৈতে সংগতি ৰাখি গোটেই কথাটোৱেই কালক্রমত পৰিৱৰ্তিত আৰু সংস্কৃত হ’বলৈ ধৰিলে। স্বাধীনতাৰ আদিম জৈৱিক প্রবৃত্তিটো মানৱ-চেতনাৰ অংগ হৈ পৰিল। গতিকে বৰ্তমানৰ সময়ত আমি স্বাধীনতা বুলিলে যেনেকুৱা এটা কথা মনলৈ আহে, সেইটো সেই আদিম জৈৱিক স্বাধীনতা-প্রৱণতাতকৈ গুণগতভাৱে পৃথক, বহুগুণে বিস্তাৰিত, পৰিশ্রুত, জটিল আৰু বহুধাবিভক্ত। স্বাভাৱিকতেই, বৰ্তমান কালত স্বাধীনতা সংক্রান্তীয় চিন্তা-চৰ্চা, আলাপ-আলোচনাও যথেষ্ট জটিল হৈ পৰিছে। উল্লেখ কৰি থোৱা উচিত হ’ব, উক্ত জটিলতা আমাৰ ভাষাত পৰিভাষাগত সীমাবদ্ধতাই বহুগুণে বৃদ্ধি কৰে। ইংৰাজী ভাষাৰ তিনিটা শব্দ—Freedom, Liberty আৰু Independence— এই আটাইকেইটাৰেই অসমীয়া প্রতিশব্দ হৈছে স্বাধীনতা। কিন্তু ইংৰাজীত উক্ত তিনিওটা শব্দৰ অন্তৰ্নিহিত অৰ্থ আৰু তাৎপৰ্য একেই নহয়। গতিকে স্বাভাৱিকতেই এই প্রশ্নটো উত্থাপিত হ’ব, বৰ্তমানৰ আলোচনাত আমি স্বাধীনতাৰ মানে কি বুজিব লাগিব? কথাটো বিপৰীত দিশ এটাৰপৰা অৱলোকন কৰা যাওক। স্বাধীনতাৰ বিপৰীতটো হৈছে পৰাধীনতা ; এইটো এটা স্বতন্ত্রতা সংকুচিত হোৱাৰ পৰিস্থিতি এটা।  আমি এই নিবন্ধত শব্দটো তেনে এটা অৰ্থতেই, কাম চলি যাব পৰাকৈ, শিথিলভাৱে ব্যৱহাৰ কৰিছোঁ। আমি যিহেতু তেনে পৰিভাষাগত সীমাবদ্ধতাক সংগী কৰিয়েই আলোচনা চলাই যাব লাগিব, সেইবাবে উক্ত দিশটো আমি মনত ৰাখিলেহে কিছুমান কথা অধিক স্পষ্ট হ’ব।

স্বতন্ত্রতা সংকুচিত হোৱাৰ অৱস্থা এটা সাধাৰণভাৱে শুভ বুলি গণ্য কৰা নহয়। এই শুভাশুভৰ কথাটো বিভিন্ন আৰু বৈচিত্র্যময় দিশৰ সৈতে সম্পৰ্কিত কৰি উত্থাপিত হয়। কোৱা হয় যে নৱ নৱ সৃষ্টিৰ বাবে শিল্পী-সাহিত্যিকক স্বাধীনতাৰ প্রয়োজন; বৈজ্ঞানিক আৱিষ্কাৰ-উদ্ভাৱনৰ বাবে বিজ্ঞানীসকলক স্বাধীনতা লাগে; চিন্তাবিদৰ উজ্জীৱিত চিন্তাৰ বাবে স্বাধীনতা অপৰিহাৰ্য। কিন্তু এই মাৰ্গৰ উদাৰনৈতিক চিন্তাত এটা মুখ্য আৰু বুনিয়াদী দিশ প্রায়েই উপেক্ষা কৰা যেন লাগে। স্বাধীনতাক অপৰিহাৰ্য বুলি গণ্য কৰিলেও, তেনে স্বাধীনতাৰ স্বৰূপ কি—এই প্রশ্নত তেনে মত হয়তো অস্পষ্ট কিম্বা একেবাৰেই নীৰৱ। এই প্রসংগত বিশ্ববিশ্রুত চিন্তাবিদ খ্রীষ্টোফাৰ কড্‌ৱেলৰ এটা মন্তব্য বৰ প্রাসংগিক, “The Greeks, the Romans, the Buddhists, the Mahomedans, the Catholics, the Jansenists and the Calvinists, have each different ideas of liberty. Why, then do all these bourgeois intellectuals assume that liberty is a clear concept, understood in the same way by all their hearers, and therefore needing no definition?"কড্‌ৱেলে উক্ত প্রসংগত আধুনিক যুগৰ এগৰাকী যুক্তিবাদী দাৰ্শনিক, তীক্ষ্ণধী গণিতজ্ঞ বাৰ্ট্রাণ্ড ৰাছেলৰ চিন্তাৰ এটি দিশৰ সীমাবদ্ধতাৰ কথা উল্লেখ কৰিছে। ৰাছেল আছিল উদাৰনৈতিক ব্যক্তি-স্বতন্ত্রতা আৰু ব্যক্তি-স্বাধীনতাৰ এগৰাকী অতি সৰৱ প্রবক্তা। কড্‌ৱেলে লিখিছিল যে সংখ্যা (Number)-ৰ সন্তোষজনক সংজ্ঞা এটি দিবলৈ ৰাছেলে যিদৰে প্রাণপণ প্রয়াস কৰিছিল, কিন্তু—স্বাধীনতাৰ বাবে সততে সৰৱ হোৱা সত্বেও—“স্বাধীনতা” শব্দটোৰ কোনো সুসংহত ব্যাখ্যা দিয়া পৰিলক্ষিত নহয়। কড্‌ৱেলে কৰা এই ৰাছেল-মূল্যায়নৰ যৌক্তিক ভিত্তি আছে।

যুক্তিবাদী দাৰ্শনিক, বাৰ্ট্রাণ্ড ৰাছেল আছিল উদাৰনৈতিক ব্যক্তি-স্বতন্ত্রতাৰ সৰৱ প্রবক্তা।

বিশ্ববিশ্রুত চিন্তাবিদ খ্রীষ্টোফাৰ কড্‌ৱেল । কড্‌ৱেলে ৰাছেলৰ স্বাধীনতা-চিন্তাৰ সীমাবদ্ধতাৰ কথা ব্যাখ্যা কৰিছিল।

আমি আগতেই উনুকিয়াই আহিছিলোঁ যে স্বাধীনতা যে সভ্যতাৰ বাবে এটা ইতিবাচক শুভংকৰ উপাদান, সেই কথাটো প্রায় সাৰ্বজনীনভাৱে স্বীকৃত। কিন্তু এইখিনিতে এটা আমোদজনক ঘটনা চকুত পৰে। স্বাধীনতাক সকলোৱে ইতিবাচক বুলি গণ্য কৰিলেও, স্বাধীনতাৰ মৰ্ম কি, সেই প্রশ্নটোৰ কোনো সৰ্বজনগ্রাহ্য উত্তৰ নাই। বৰঞ্চ, তেনে উত্তৰসমূহৰ মাজত দ্বন্দ্ব-বিৰোধহে প্রকট হৈ দেখা দিয়ে। কড্‌ৱেল আৰু ৰাছেল— এই দুই প্রখ্যাত বিদ্বানৰ মাজৰ মতৰ পাৰ্থক্যৰ কথা আমি পাই আহিছোঁ। এই প্রসংগত আমি আৰু এটা উদাহৰণলৈ লক্ষ্য কৰিব পাৰোঁ। একাংশ উদাৰনৈতিক লোকৰ দৃষ্টিত স্বাধীনতা হৈছে ব্যক্তিৰ অবাধ মানসিক আৰু শাৰীৰিক বিচৰণ; তেনে বিচৰণৰ কোনো সীমা নাই। এই ক্ষেত্রত ব্যক্তি-বিশেষৰ ইচ্ছাই হৈছে শেষ কথা। তেনে ইচ্ছাত অন্যই কৰা হস্তক্ষেপে ব্যক্তিৰ স্বাধীনতা খৰ্ব কৰে। ব্যক্তি-স্বাধীনতাৰ এগৰাকী চিন্তাশীল প্রবক্তা আছিল জন ষ্টুৱাৰ্ট্‌ মিল। ব্যক্তি-স্বাধীনতাৰ প্রসংগত তেখেতে লিখি থৈ যোৱা কথা এটি উদাৰনৈতিকসকলৰ মাজত অতি জনপ্রিয়, “If all mankind minus one, were of one opinion, and only one person were of the contrary opinion, mankind would be no more justified in silencing that one person, than he, if he had the power, would be justified in silencing mankind.”

ব্যক্তি-স্বাধীনতাৰ এগৰাকী প্রবক্তা জন ষ্টুৱাৰ্ট্‌ মিল ।

এইখিনিতেই আমি ৰোমানিয়াৰ সেই যুৱতী মডেলগৰাকীৰ কাৰ্যটোৰ সংক্রান্তত এটা মহলে দাঙি ধৰা মতামতৰ কথাটো স্মৰণ কৰিব পাৰোঁ। কোৱা হৈছিল যে “কুমাৰীত্ব”ৰ ক্ষেত্রত মডেলগৰাকীৰ নিজৰ ইচ্ছাই হ’ল চূড়ান্ত কথা ; সেই সংক্রান্তৰ যিকোনো সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত তেখেত সম্পূৰ্ণ স্বাধীন। তেনে মাৰ্গৰ চিন্তাই স্বাধীনতাক সম্পূৰ্ণৰূপে এটা ব্যক্তিকেন্দ্রিক প্রপঞ্চ বুলি গণ্য কৰে। কিন্তু তেনে ধাৰাৰ বিপৰীতে অৱস্থান লোৱা অন্য এটি মাৰ্গে কয় যে স্বাধীনতাক ব্যক্তিনিৰ্ভৰ বুলি ধাৰণা কৰাটো মাত্র ভুলেই নহয়, অযুগুতো। ব্যক্তি-মানুহক কেন্দ্রত স্থাপন কৰি নহয়, মানুহক সমাজবদ্ধ প্রাণী হিচাপে বিবেচনা কৰিহে স্বাধীনতাৰ মৰ্মানুসন্ধান কৰাটো যুক্তিসংগত।

গতিকে দেখা গ’ল, স্বাধীনতাৰ মৰ্ম আৰু তাৎপৰ্যৰ সংক্রান্তত বিভিন্ন মহলৰ মাজত গুৰুতৰ মতপাৰ্থক্য বিদ্যমান। তেনে মতবিৰোধ প্রকৃততে মতাদৰ্শগত দ্বন্দ্বৰেই প্রতিফলন। এই কথাটো আমি আলোচনাৰ পাছৰ অংশ এটিত ব্যাখ্যা কৰিবলৈ প্রয়াস কৰিম।

৪.

স্বাধীনতাৰ স্বৰূপৰ সংক্রান্তত মানুহৰ চিন্তা-ভাবনা একমাত্রিক নহয়। তেনে মতবিৰোধৰ কাৰণানুসন্ধানে স্বাধীনতাৰ স্বৰূপৰ ক্ষেত্রত আমাৰ ধাৰণা অধিক পৰিষ্কাৰ কৰাত সহায় কৰিব। কথাটো সহজভাৱে ব্যাখ্যা কৰিবলৈ এটা উদাহৰণ আমাৰ আলোচনাৰ মাজলৈ আনিছোঁ।

একেখন সমাজতেই বাস কৰা তিনিজন ব্যক্তিৰ কথা। প্রথমগৰাকী ব্যক্তি অতিশয় চহকী ব্যৱসায়ী।  দামী বিলাসী গাড়ীত উঠাৰ হাবিয়াস তেওঁৰ অতি প্রবল। তেওঁৰ হাতত যিহেতু ধনৰ কোনো অভাৱ নাই, সেয়েহে তেনে এখন গাড়ী ক্রয় কৰাত তেওঁ কোনো বাধাৰ সন্মুখীন নহয় ; এই ক্ষেত্রত তেওঁ একেবাৰেই স্বাধীন। দ্বিতীয়গৰাকী ব্যক্তিৰো বিলাসী গাড়ীত আৰোহণ কৰাৰ ইচ্ছা অতি বেছি। এইটো হৈছে তেওঁৰ প্রথমগৰাকী ব্যক্তিৰ সৈতে থকা সাদৃশ্য। কিন্তু এই দ্বিতীয়গৰাকী ব্যক্তি হৈছে এগৰাকী অতি সাধাৰণ মধ্যবিত্ত ব্যৱসায়ী ; হাতত ধন তেনেই তাকৰ। গতিকে প্রবল ইচ্ছা থাকিলেও তেওঁ কোনোপধ্যেই তেনে এখন গাড়ী ক্রয় কৰিব নোৱাৰে। মন কৰিবলগীয়া কথা, এই দ্বিতীয়গৰাকী ব্যক্তিৰ বাবে বিলাসী গাড়ীত আৰোহণ কৰাৰ ইচ্ছা বা কল্পনা কৰাত কোনো বাধা নাই ; সেই ক্ষেত্রত তেওঁ সম্পূৰ্ণ স্বাধীন। কিন্তু আৰ্থিক অৱস্থাই বান্ধি দিয়া সীমাৰ বাবে বাস্তৱত তেওঁ এখন চাইকেলৰহে গৰাকী। তৃতীয়গৰাকী ব্যক্তি এজন শ্রমিক, সম্প্রতি কৰ্মসংস্থানহীন ; তেওঁৰ ওচৰত ধন উপাৰ্জনৰ কোনো বাট নাই। তেওঁ যদিও গাড়ী অথবা চাইকেলৰ সপোন দেখাত একেবাৰেই স্বাধীন, কিন্তু এই বাস্তৱ জগতখনত তেওঁৰ গাড়ী বা চাইকেল ক্রয় কৰাৰ সামৰ্থ নাই। গতিকে প্রশ্ন উঠিব, দ্বিতীয় আৰু তৃতীয় ব্যক্তি দুগৰাকীৰ সেই মনোগত “স্বাধীনতা”-ৰ বাস্তৱ মূল্য আৰু তাৎপৰ্য কিবা আছেনে বাৰু? প্রকৃত অৰ্থত তেওঁলোক প্রথমগৰাকী ব্যক্তিৰ দৰে স্বাধীন নে? তৃতীয়গৰাকী ব্যক্তি দেখোন দ্বিতীয়গৰাকীৰ দৰে এখন চাইকেল ক্রয় কৰাতো স্বাধীন নহয়! স্পষ্টতঃ, দ্বিতীয় আৰু তৃতীয় ব্যক্তি দুগৰাকী গাড়ী ক্রয় কৰাৰ ক্ষেত্রত প্রথমগৰাকী মানুহৰ দৰে কেতিয়াও স্বাধীন নহয়। তাতোতকৈও ডাঙৰ কথা, এই দুয়োজনৰ বাবে আকৌ স্বাধীনতাৰ ব্যাপ্তি আৰু পৰিসীমা বেলেগ বেলেগ। কথাটো বিপৰীত দিশৰপৰা লক্ষ্য কৰিলে স্পষ্ট হৈ ওলাই পৰে যে সমাজ-বাস্তৱত বিদ্যমান পৰাধীনতাৰ তীব্রতা, প্রাবল্য আৰু স্তৰ সমমাত্রিক নহয়। স্বাধীনতা-পৰাধীনতাৰ ধাৰণাটো বহুদূৰলৈ আপেক্ষিক।

অৰ্থাৎ, বৰ্তমানৰ মানৱ-সমাজখন বহুতৰপীয়া পৰাধীনতাৰে ভাৰাক্রান্ত। অন্যহাতেদি স্বাধীনতাক যে মানৱ-সভ্যতাৰ এক আকাংক্ষিত ইতিবাচক উপাদান বুলি গণ্য কৰা হয়, সেই কথাটোও আমি পাই আহিছিলোঁ। গতিকে, তেনে পৰাধীনতাৰপৰা পৰিত্রাণ লাভ কৰাৰ কথাটো অৱধাৰিতভাৱেই উত্থাপিত হ’ব। কিন্তু পৰাধীনতাৰপৰা পৰিত্রাণ কেনেকৈ পোৱা যাব— এইটো প্রশ্নৰ উত্তৰত প্রদান কৰা মতসমূহৰ মাজত কেৱল ভিন্নতাই নহয়, প্রকট বিৰোধো পৰিলক্ষিত হয়। আলোচনাৰ সুবিধাৰ্থে সেই সকলোবোৰ মতক আমি ঘাইকৈ দুটা ভাগত বিভক্ত কৰিব পাৰোঁ। প্রথমটো হৈছে কল্পনাশ্রয়ী (Utopian); আৰু দ্বিতীয়টো যুক্তিভিত্তিক। মানৱ-জাতিৰ অগ্রগতিৰ ক্ষেত্রত দুয়োটা ধাৰাৰেই প্রশ্নাতীত আন্তৰিকতা আৰু শুভেচ্ছা থাকিলেও সিহঁতৰ মাজত দুস্তৰ আৰু অলংঘ্যনীয় ব্যৱধান বিদ্যমান। প্ৰথম ধাৰাটোৰ বিচাৰ-বিশ্লেষণ কল্পনাৰ ৰহণেৰে ৰঞ্জিত ; তাৰ বিপৰীতে অন্য শিবিৰৰ চিন্তা-চৰ্চাৰ ভিত্তি হৈছে অৱাস্তৱ কল্পনাৰ পৰিৱৰ্তে বাস্তৱ পৰিস্থিতিৰ যৌক্তিক বিচাৰ-বিশ্লেষণ। কথাটো পৰিষ্কাৰ কৰিবলৈ আমি আগৰ উদাহৰণটোৰ তিনিগৰাকী মানুহক কথা আকৌ মনলৈ আনিছোঁ। উক্ত তিনিওগৰাকী মানুহৰ স্বাধীনতাৰ পৰিসৰ পৃথক পৃথক। প্রথমগৰাকী ব্যক্তিৰ আপেক্ষিক স্বাধীনতা অন্য দুয়োগৰাকীতকৈ অধিক। পাছৰ দুগৰাকীৰ মাজত আকৌ শেষৰগৰাকীৰ স্বাধীনতা একেবাবেই সংকুচিত। এই অসাম্য কেনেদৰে আঁতৰ কৰা যায়?

এইটো প্রশ্নৰ সমাধানত কোৱা হয় যে দ্বিতীয় আৰু তৃতীয়গৰাকী ব্যক্তিক প্রথম ব্যক্তিগৰাকীৰ আৰ্থিক অৱস্থানটোলৈ উন্নীত কৰিব পাৰিলেই সমাজৰপৰা আপেক্ষিক পৰাধীনতা আঁতৰি যাব। এই কথাটো সাধাৰণ যুক্তিৰ আলম লৈয়েই সহজে ধৰিব পাৰি ; আৰু এই কথাটো কল্পনাশ্রয়ী আৰু যুক্তিভিত্তিক—এই দুয়োটা শিবিৰৰেই সাধাৰণ মত। কিন্তু কেনেকৈ, কি পদ্ধতিৰে দ্বিতীয় আৰু তৃতীয়গৰাকী ব্যক্তিক প্রথমগৰাকীৰ স্তৰলৈ লৈ যাব, সেইটো প্রশ্নত দুয়োটা শিবিৰৰ মত একেবাৰেই বেলেগ। প্রথমটো ধাৰাই এই ক্ষেত্রত গুৰুত্ব দিয়ে দ্বিতীয় আৰু তৃতীয়গৰাকী পৰাধীন মানুহৰ ব্যক্তিগত প্রয়াসৰ ওপৰত। ব্যক্তিগত প্রচেষ্টা, কষ্ট, অধ্যৱসায় আদিৰ জৰিয়তে— তেওঁলোকে ধাৰণা কৰে,—পৰাধীন লোকসকলেও পৰাধীনতাৰ শৃংখলৰপৰা নিজকে মুক্ত কৰাটো সম্ভৱ। কিয়নো, তেওঁলোকৰ মতে, তেনে প্রচেষ্টা আৰু কষ্ট কৰাত সমাজখনৰ সকলো লোক স্বাধীন।

ওপৰে ওপৰে চালে এইটো শিবিৰৰ উপৰিউক্ত মতটি সমস্যাটোৰ সমাধানৰ অব্যৰ্থ সঁচাৰ-কাঠি যেন লাগে। কিন্তু সমাজ-বাস্তৱে দেখুৱায় যে যদিও কৰ্মসংস্থানহীন শ্রমিকগৰাকীক কৰ্মসংস্থানৰ সন্ধান কৰাত কোনেও বাধা নিদিয়ে—সেই ক্ষেত্রত তেওঁ স্বাধীন,— কিন্তু তেনে স্বাধীনতাৰ বাস্তৱ আৰু প্রায়োগিক মূল্য এটা বিৰাট শূন্য। সঁচা কথা, ব্যক্তিগত প্রচেষ্টা আৰু অধ্যৱসায়ৰ জৰিয়তে দুই-এগৰাকী শ্রমিক চহকী ব্যৱসায়ীৰ স্তৰত প্রৱেশ কৰাটো সম্ভৱ। কিন্তু তাৰপৰা সমস্যাটোৰ সমাধান হ’বনে? কিয়নো এই সমাজ-ব্যৱস্থাটোত সমগ্র দৰিদ্র লোক ব্যক্তিগত প্রচেষ্টাৰ ফলত স্বাধীন হৈ পৰিব বুলি ভাবিব নোৱাৰি। গতিকে সমাজৰপৰা পৰাধীনতা অৱলুপ্তিৰ এই শিবিৰৰ মত বাস্তৱ-যুক্তিবিবৰ্জিত আৰু কল্পনাশ্রয়ী।

উক্ত ধাৰাটোৰ বিপৰীতে অন্যটো শিবিৰে সমাজ-বাস্তৱতাৰ ওপৰত কেন্দ্রীয় গুৰুত্ব প্রদান কৰি  যৌক্তিক বিচাৰ-বিশ্লেষণ আগ বঢ়াবলৈ প্রয়াস কৰে। সমাজখনত আৰ্থিক, জাতিগত, লিংগভিত্তিক— এনেকুৱা বহুতো দিশত পৰাধীনতাৰ বহুমাত্রিকতা পৰিলক্ষিত হয়। সংগত কাৰণতেই এইটো প্রশ্ন উত্থাপিত হ’ব যে তেনে বহুস্তৰীয় পৰাধীনতাৰ মূলতে কি আছে? এইটো মাৰ্গৰ চিন্তা-চৰ্চাই যুক্তিসন্মতভাৱে দেখুৱায় যে সমাজত বিদ্যমান হৈ থকা বহুমাত্রিক পৰাধীনতা হৈছে সমাজখনৰেই বহুতৰপীয়া শ্রেণী-বিন্যাসৰ অন্যতম পৰিণতি। গতিকে দেখ দেখ কথা, পৰাধীনতাৰ মূল উৎস হৈছে বৰ্তি থকা সমাজ-ব্যৱস্থাটো, কিয়নো সমাজৰ শ্রেণীভিত্তিক বিন্যাস এই সমাজ-ব্যৱস্থাটোৰেই অবিচ্ছেদ্য আৰু অত্যাৱশ্যকীয় অংগ। গতিকে সমাজ-ব্যৱস্থা আৰু মানুহৰ পৰাধীন অৱস্থা—এই দুয়োটা কাৰ্য-কাৰণ (Cause and Effect) সম্বন্ধেৰে বান্ধ খাই থাকে। মানুহৰ পৰাধীনতাৰ আঁৰৰ মূল কাৰণ হৈছে বৈষম্যপূৰ্ণ সমাজব্যৱস্থাটো। আমাৰ সেই উদাহৰণটোৰ শ্রমিকগৰাকী কৰ্মসংস্থানহীন হোৱাৰ বাবেহে পৰাধীন, তেওঁ পৰাধীন বাবে কৰ্মসংস্থানহীন হোৱা নাই। এই কাৰ্য-কাৰণ সম্বন্ধটো কেতিয়াবা কল্পনাশ্রয়ী শিবিৰটোৱে ওলোটাই উপস্থাপন কৰা দেখা যায়। উদাৰনৈতিক আৰু কল্যাণকামী শুভবুদ্ধিৰ জৰিয়তে পৰাধীন লোকক ব্যক্তি-স্বাধীনতাৰ বাণীৰে উজ্জীৱিত কৰিলেই তেওঁলোকে স্বাধীনতা লাভ কৰিব—এই ভ্রান্ত মতটোৰ উদ্ভৱ হয় উক্ত কাৰ্য-কাৰণ সম্বন্ধটোক ওলোটাই দি বিচাৰ-বিশ্লেষণ কৰাৰ বাবে। সেইবাবেই এই মাৰ্গৰ চিন্তা মাথোন কল্পনাশ্রয়ীয়েই নহয়, অযৌক্তিকো।

৫.

গতিকে দেখা গ’ল যে সমাজৰ বহুমাত্রিক পৰাধীনতা মানৱ-সমাজখনৰ শ্রেণীভিত্তিক বিন্যাসটোৰ অন্যতম পৰিণতি। মন কৰিবলগীয়া কথা, বৰ্তমানৰ সমাজ-ব্যৱস্থাটোৱেই যে মানুহৰ স্বাধীনতা খৰ্ব কৰাৰ মূল নিৰ্ণায়ক শক্তি, সেইকথাটো যুক্তিসংগতভাৱে প্রতিষ্ঠিত হোৱাৰ পাছতো কিন্তু সমস্যাটোৰ সমাধান নহয়। স্বাভাৱিকতেই পৰৱৰ্তী প্রশ্নটো এইদৰে উত্থাপিত হ’ব, মানুহে পৰাধীন অৱস্থাটোৰপৰা মুক্তি লাভ কৰাৰ বাস্তৱসন্মত পন্থা কি? এই প্রসংগত দুটিমান কথা উনুকিয়াই আমি এই আলোচনাৰ শেষৰ অংশলৈ আগ বাঢ়িম।

আমি দেখিলোঁ যে বৈষম্যপূৰ্ণ সমাজ-ব্যৱস্থাটোৱেই হৈছে পৰাধীনতাৰ মূল উৎস। এই বাস্তৱতাক আওকাণ কৰি পৰাধীনতাৰপৰা পৰিত্রাণৰ উপায় বিচাৰিলে সি অনিবাৰ্যৰূপে কল্পনাশ্রয়ী হৈ পৰে। গতিকে সুধিব পাৰি, সমস্যাটোৰ সমাধানসূত্রৰ মূল যৌক্তিক ৰূপৰেখাটো কি?

সহজ কথাত, যিহেতু সমাজ-ব্যৱস্থাটোৱেই স্বাধীনতা খৰ্ব হোৱাৰ আঁৰৰ মূল কাৰণ, সেইবাবে তেনে ব্যৱস্থাটোৰ পৰিৱৰ্তনেই হৈছে পৰাধীনতাৰ অৱলুপ্তিৰ অপৰিহাৰ্য পূৰ্বচৰ্ত। কিন্তু দেখদেখ কথা, তেনে পৰিৱৰ্তনৰ বাবে প্রচলিত ব্যৱস্থাটোৱে পৰিৱৰ্তনকামী মানুহক কেতিয়াও অনুমোদন নজনায়। অৰ্থাৎ, স্বাধীনতাৰ বাটত অগ্রসৰ হোৱাৰ প্রথম খোজটোতেই প্রচলিত ব্যৱস্থাটোৱে মানুহক স্বাধীনতা নিদিয়ে ! তদুপৰি সমাজ-পৰিৱৰ্তনৰ সৈতে স্বাধীনতাক সম্পৰ্কিত কৰিলেও, স্বাধীনতাৰ মৰ্ম কেতিয়াবা বিপৰ্যস্ত হৈ পৰিবও পাৰে। এই প্রসংগত দুটা ঐতিহাসিক সাক্ষ্যলৈ দৃষ্টি দিলে কথাটো পৰিষ্কাৰ হ’ব।

ফৰাচীবিপ্লৱৰ সময়ত সমাজ-ব্যৱস্থাটোৰ পৰিৱৰ্তনৰ বাবে ফৰাচী জনগণে গর্জন কৰি উঠিছিল। বিপ্লৱৰ অন্যতম ঘোষিত লক্ষ্য আছিল স্বাধীনতা। সর্বসাধাৰণে ভাবিছিল— বিপ্লৱে সমাজ-ব্যৱস্থাটোৰ পৰিৱৰ্তনৰ সাধিব, সমাজৰপৰা অসাম্যৰ অৱসান ঘটিব আৰু মানুহে লাভ কৰিব পৰিপূৰ্ণ স্বাধীনতা। নিঃসন্দেহে ফৰাচীবিপ্লৱে সমাজ-ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন সাধন কৰিছিল। কিন্তু সময়ৰ লগে লগে স্বাধীনতাৰ মোহময়ী বাণীৰ মূল তাৎপৰ্য ক্রমাৎ বিপৰ্যস্ত হ’বলৈ ধৰিলে। স্বাধীনতাৰ বাণীৰ প্রকৃত স্বৰূপ দেখা গ’ল পুঁজিপতিয়ে সম্পত্তি আহৰণ কৰাৰ অবাধ স্বাধীনতাত, মানুহে মানুহক শোষণ কৰাৰ স্বাধীনতাত, অবাধ বাণিজ্যৰ স্বাধীনতাত। অৰ্থাৎ, স্বাধীনতাৰ কথা যেতিয়া প্রচাৰ কৰা হৈছিল, তেতিয়া কিন্তু সেই বাণীৰ মৰ্মকথাত দৰিদ্র শ্রেণীটোৰ কথা বিবেচনাই কৰা হোৱা নাছিল। তাৰ শেষ পৰিণতি কি হৈছিলগৈ? সমাজ-ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা নতুন ব্যৱস্থটোৱে জন্ম দিলে শ্রমিক আৰু মালিকৰ মাজৰ প্রকট অসমতাৰ। একেদৰেই, মানুহৰ সাৰ্বিক মংগল আৰু স্বাধীনতাৰ বাটত অভিনৱ দিগন্তৰ উন্মোচন কৰিছিল ৰুছ মহাবিপ্লৱে। কিন্তু নানান ঐতিহাসিক কাৰণৰ বাবে মানৱ-সমাজত সাম্যবাদ প্রতিষ্ঠা কৰাৰ সেই অসামান্য প্রয়াস সেই দেশত সফল নহ’ল। কিন্তু আমাৰ এই আলোচনাৰ বাবে অতি প্রাসংগিক কথা এটি আমি বিপ্লৱোত্তৰ ৰুছ দেশত দেখিবলৈ পাওঁ। মানুহৰ স্বাধীনতাৰ বাটত নতুন বাটৰ সন্ধান দিয়া ছোভিয়েট য়ুনিয়নত পৰৱৰ্তী সময়ত ৰাষ্ট্রই পৃষ্ঠপোষকতা কৰা আমোলাতান্ত্রিক অৱদমনে স্বাধীনতাৰ প্রাৰম্ভিক প্রতিশ্রুতিক তেনেই অসাৰ কৰি পেলাইছিল। গতিকে, স্বাধীনতাৰ প্রসংগত যদিও সমাজ-ব্যৱস্থাটোৰ পৰিৱৰ্তনৰ কথাটোৱে কেন্দ্রীয় স্থান লাভ কৰাটো যুক্তিসংগত, তথাপিও তাৰ সৈতে সম্পৰ্কিত আৰু কেইটিমান গুৰুত্বপূৰ্ণ দিশ আছে।

কোনো সন্দেহ নাই, যিকোনোধৰণৰ (আৰ্থিক, লিংগভিত্তিক, জাতিকেন্দ্রিক, বৰ্ণভিত্তিক আদি) অৱদমন, শোষণ আৰু প্রভুত্ব—এইবোৰ হ’ল স্বাধীনতা লাভ কৰাৰ বাটৰ হেঙাৰ, পৰাধীনতাৰ সহায়ক। কিন্তু এইখিনিতে এটা গুৰুতৰ আৰু মৌলিক প্রশ্নৰ উদ্ভৱ হয়—অৱদমন, শোষণ আৰু প্রভুত্বৰ অৱসান বা অনুপস্থিতিতেই মানৱ-স্বাধীনতাৰ চূড়ান্ত তাৎপৰ্য নিহিত হৈ আছে নেকি? কথাটো ওপৰে ওপৰে চালে হয় যেনেই লাগিব। কিন্তু বাস্তৱ ক্ষেত্রত কথাটো ইমান সহজ-সৰল হ’ব বুলি ধাৰণা নহয়। পৰাধীনতাৰ অনুপস্থিতিয়ে যদি সমাজ আৰু ব্যক্তিক এটা অনিয়ন্ত্রিত যথেচ্ছাচাৰী অৱস্থানলৈ অৱনমিত কৰে, সেইটোক মানৱ-স্বাধীনতাৰ কোনো উন্নত ৰূপ বুলি জানোগণ্য কৰিব পৰা হ’ব? অৱদমনৰ অনুপস্থিতি স্বাধীনতাৰ এটা দিশ, সেইটো সঁচা। কিন্তু তেনে পৰিৱেশটো যদি সমাজ আৰু ব্যক্তিৰ আত্ম-নিয়ন্ত্রণ, আত্ম-অনুসন্ধান আৰু আত্ম-বিকাশৰ সৈতে সম্পৰ্কিত নহয়, তেনেহ'লে তেনে “স্বাধীনতা”-ৰ তাৎপৰ্য অতিশয় সংকুচিত হৈ পৰাটো অনিবাৰ্য। কিন্তু কোনো কোনো উদাৰনৈতিক বুৰ্জোৱা চিন্তাবিদে ধাৰণা কৰে যে অৱদমনৰ অনুপস্থিতিয়েই স্বাধীনতাৰ মৰ্মকথা। এটা উদাহৰণ লৈছোঁ। উক্ত মাৰ্গৰ চিন্তাৰ অনুগামী কোনো কোনোৱে ধাৰণা কৰে যে অবাধ আৰু মুক্ত আচৰণ, শ্লীল-অশ্লীলৰ প্রশ্নক অগ্রাহ্য আনকি অস্বীকাৰ কৰা, লেগামহীন অনিয়ন্ত্রিত যৌনতা আদি হৈছে স্বাধীনতাৰ নামান্তৰ। কিয়নো, তেওঁলোকৰ মতে, সমাজত প্রচলিত পৰম্পৰাগত ধ্যান-ধাৰণাই তেনে মুক্ততাক যিহেতু অৱদমিত কৰি ৰাখে, সেয়েহে তেনে মুক্ত আচৰণে সমাজৰ অৱদমনক ওফৰাই স্বাধীনতাৰ বাটত আগ বঢ়াত সহায় কৰিব। কেতিয়াবা হয়তো বিশেষ ক্ষেত্রত তেনে মুক্ততা প্রতিবাদৰ সাময়িক ৰূপ হিচাপে পৰিগণিত হ’ব পাৰে। কিন্তু তেনে নঞৰ্থক মুক্ততাকেই স্বাধীনতা বা স্বাধীনতাৰ মৰ্মমূল বুলি ধাৰণা কৰাটো এটা মাৰাত্মক ভ্রান্তি। আলোচনাৰ আৰম্ভণিতেই পাই অহা ৰোমানিয়াৰ সেই মডেলগৰাকীৰ ঘটনাটো আকৌ এবাৰ মনত পেলাই লওঁ। তেখেতৰ উক্ত কাৰ্য—“কুমাৰীত্ব” নিলাম কৰা কামটো—তেখেতৰ ব্যক্তি-স্বাধীনতাৰ পৰিসৰৰ কথা বুলি কোনো কোনোৱে মত দিছিল হয়; কিন্তু প্রচলিত ব্যৱস্থাটোৱেহে যে তেওঁ উক্ত কাৰ্যটো সম্পাদিত কৰাৰ আঁৰৰ মূল কাৰণ, সেই কথাটো তেনে মতত বিচাৰি পাবলৈ নাই। মডেলগৰাকীৰ বাবে অক্সফোৰ্ডত শিক্ষা গ্রহণ কৰাৰ ক্ষেত্রত বাধা কি আছিল? অন্য ব্যৱসায় কৰি ধন সঞ্চয় কৰাত তেখেতৰ বাবে হেঙাৰেই বা আছিল কি? ক্রেতাগৰাকীয়ে “কুমাৰীত্ব” ক্রয় কৰাৰ নেপথ্যত কেনেকুৱা মানসিকতা সক্রিয় হৈ আছিল; তেনে মানসিকতাৰ ভিত্তিমূলেই বা আছিল কি? ক্রেতা আৰু বিক্রেতাৰ আৰ্থিক অৱস্থাৰ তাৰতম্যই কি নিৰ্দেশ কৰে? এইসমূহ কথা যুকিয়াই চালে সহজেই ধৰিব পাৰি, ব্যক্তি-স্বাধীনতাৰ চমকপ্রদ বৈপ্লৱিক কাৰ্য বুলি যিটো ঘটনাক প্রক্ষেপ কৰা হৈছে, সেইটো প্রকৃততে সামাজিক পৰাধীনতাৰপৰা উদ্ভূত এটা মৰ্মান্তিক কৰুণ কাহিনী।

গতিকে মানুহৰ আকাংক্ষিত স্বাধীনতা অৰ্জনৰ কথাটো দুটা দিশৰ সৈতে ওতপ্রোতভাৱে সংলগ্ন কৰাটো জৰুৰী। প্রথম দিশটো হৈছে অৱদমন, শোষণ, প্রভুত্ব— এইবোৰৰ অৱসান ঘটোৱা। দ্বিতীয় দিশটো হৈছে সমাজ আৰু ব্যক্তিৰ আত্ম-নিয়ন্ত্রণ, আত্ম-অনুসন্ধান, আত্ম-বিকাশ আৰু আত্ম-সৃজনীশীলতাৰ স্ফুৰণ ঘটোৱা। প্রথম দিশটো জড়িত হৈ আছে পুৰণি সমাজব্যৱস্থাৰ কন্টক বিধ্বংস কৰাৰ সৈতে; দ্বিতীয়তো সম্পৰ্কিত হৈ আছে নতুন প্রমূল্যৰ সংশ্লেষণৰ লগত। কোৱা বাহুল্য, দ্বিতীয় দিশটো প্রথমটোৰ অবিহনে যিদৰে অসম্ভৱ, তেনেদৰেই প্রথম দিশটো দ্বিতীয়টোৰ অবিহনে তাৎপৰ্যহীন। গতিকে বিভংগন আৰু সংশ্লেষণ—এই দুয়োটাৰ হাত ধৰি, এক সন্তুলিত যাত্রাৰ মাজেদিহে মানুহে স্বাধীনতাৰ উৰ্বৰ আৰু উন্মুক্ত প্রাংগণত প্রৱেশ কৰিবলৈ সমৰ্থ হ’ব।

Share Button
Print Friendly, PDF & Email

No Comments : "সম্পাদকৰ টোকা : স্বাধীনতাৰ কল্পনা আৰু যুক্তি (কৌশিক দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *