সৰু ধেমালি বৰ ধেমালি - (জেহিৰুল হুছেইন)

 

(“ৰাং কুকুৰৰ টুপী” গল্প সংকলনত প্রকাশিত, ২০০০ চন)

“এক বাজি গ’ল, দুই বাজি গ’ল, বীণাপাণিৰ...” বাক্যটো শেষ নৌহওঁতেই যোগেশ্বৰৰ এটা পূৰ্ণহতীয়া চৰত তোলন দাস ওৰফে পেলু বালিৰ ওপৰত হামখুৰি খাই পৰিল । পেলুৰ ঠেং দুটাৰ ওচৰত থিয় হৈ হিন্দী চিনেমাৰ হিৰ’ৰ প’জত গাঠলু যোগেশ্বৰে সোঁহাতৰ তৰ্জনী আঙুলি জোকাৰি তাক নির্দেশ দিলে, “উঠ। আজি তোৰ মুখ ভাঙি গুৰা কৰিম”।

পেলুৱে যোগেশ্বৰৰ মাৰ আগতেও খাইছে। কিন্তু আজিৰ দৰে তাৰ এই হিংস্র ভয়ংকৰ ৰূপ পেলুৱে কোনোদিন দেখা নাই। যোগেশ্বৰৰ ভয়ত তাৰ মুখ বিবৰ্ণ হ’ল। অসুৰটোৱে তাক বোধহয় আজি শেষ কৰি পেলাব। বালিত কিছু দূৰ চুঁচৰি গৈ সি যোগেশ্বৰক অনুনয়-বিনয় কৰিবলৈ ধৰিলে, “আৰু নেমাৰিবি, অ’ বায়ন। এই কাণত ধৰিছো চা। সিহঁতে মোক আগেয়ে জোকাই লৈছিল গুণেহে মই কৈছিলো।”

হুটা মাতেৰে যোগেশ্বৰ গৰজি উঠিল, “কি বুলি জোকাইছিল তোক?”

পেলুৱে ছোৱালীৰ দলটোলৈ আঙুলিয়াই ক’লে, “সেইকেইজনীয়ে মোক ছোৱালীৰ চৰ খোৱা গাখীৰৰ সৰ খোৱা বুলিছিল”।

“ছোৱালীৰ চৰনো তই কেলেই খাব লগা হ’ল”? যোগেশ্বৰৰ প্রশ্নৰ একো উত্তৰ নিদি পেলুৱে নাকেৰে শেঙুন উজাবলৈ ধৰিলে। বালি, শেঙুন, চকুপানী মিহলি হৈ মুখখন তাৰ কিম্ভূত কিমাকাৰ হৈছিল। অলপ দূৰত ৰৈ থকা বীণাহঁতৰ ছোৱালীৰ দলটোৱে পেলুৰ অৱস্থা দেখি মুখ টিপি হাঁহি উপভোগ কৰিছিল। ছোৱালীৰ দলটোৰ এজনীয়েও তাক চকু পাৰি দেখিব নোৱাৰে। প্রত্যেকজনীকে জোকাই সি হাৰাশাস্তি কৰে। বীণাই পালে তাৰ নেলুটোকে মুচৰি পেলাব যেন কৰে। পেলুৱে যাৰে-তাৰে লগত যাকে-তাকে যোৰা দিও জোকায়। বীণাপাণিক এবাৰ “যোগেশ্বৰৰ ঘৈণীয়েক” বুলি যোৰা দিওঁতে সি আজিৰ দৰে বোন্দা চৰ খাইছিল।

ছোৱালীৰ দলটোৰ ভিতৰত বীণাপাণি আৰু মামণি ডাঙৰ। দহ কি এঘাৰ দুইজনী, লাজ-কাজ আনকেইজনীতকৈ বেছি। মাটিত লেপেটা কাঢ়ি বহিলে ফ্রকটো টানি-টুনি আঁঠু ঢাকি বহিবলৈ শিকিছে। যোৰা দিলে সিহঁতে লাজ পায়। ৰণচণ্ডী মূৰ্তি ধৰি জোকোৱা ল’ৰাবোৰক খেদি নিয়ে। গতিকে সিহঁত দুজনীক জোকাই পেলুৱে আটাইতকৈ বেছি ফূৰ্তি পায়। খেদি নিলে সি দূৰৈৰপৰা আৰু দুগুণ উৎসাহেৰে চিঞৰে। নিলাজৰ দৰে দাঁত নিকটাই হি হিকৈ হাঁহে।

এদিন বালিৰ ওপৰত বীণাহঁতে “ইমান ইমান পানী গংগা ৰাণী” খেলি আছিল। কঁকালত হাত থৈ বীণা খেলত মছগুল। হঠাৎ ক’ৰবাৰপৰা সেইখিনিত পেলু আহি ওলালহি। সি এখোজ দুখোজকৈ বীণাৰ পাছফালে মনে মনে থিয় হৈ এবাৰ সাউতকৈ তাইৰ ফ্রকটো ওপৰলৈ দাঙি দি চিঞৰিলে, “দেখল’, দেখল’। দোপদী বস্ত হৰণ, দেখল’।”

পেলুৰ কাণ্ডত ল’ৰাজাকে কিৰিলি পাৰি জঁপিয়াবলৈ ধৰিলে। ছোৱালীবোৰে দেদাউৰি পাৰিলে, “অউ ৰাম ! কি অসভ্য ! লাজো নাই। ছোৱালীৰ ফ্রক দাঙিছে। ছিঃ ছিঃ !”

লাজ-অপমানত বীণাৰ চকু চলচলীয়া হ’ল। ল’ৰাজাকক শাসন কৰিবলৈও সেইদিনা যোগেশ্বৰ অনুপস্থিত। বীণা আৰু ৰৈ নাথাকিল। তাই চোঁচা মাৰি গৈ পেলুৰ গালত ঠাচকৈ এটা কাণতলীয়া চৰ শোধাই দিলে, “কুকুৰ পোৱালি, জহৰা, নিলাজ।”

পেলুৱে পলাবলৈ সময়কে নাপালে। অতর্কিতে বীণাৰ বোন্দা চৰ খাই সি হতভম্ব হ’ল। এইবাৰ ছোৱালীজাকে কিৰিলিয়াবলৈ ধৰিলে, “পালি মছলা। ছোৱালীৰ চৰ খালি।”

সেইদিনাৰপৰা পেলুৰ নতুন এটা উপনাম যোগ হ’ল, “ছোৱালীৰ চৰ খোৱা পেলু।”

পেলু-বীণাৰ শক্ৰতা আৰু বাঢ়িল। সুবিধা পালেই সি তাইক জোকায়। প্ৰত্যুৎত্তৰত তাইও তাক চৰ, গোৰ, ভুকু দেখুৱায়। সিহঁতৰ কাজিয়াৰ মাজত যোগেশ্বৰ সোমাই পৰিব লগা হয়। ল’ৰা-ছোৱালী দুয়োটা দলৰে অবিসম্বাদী নেতা যোগেশ্বৰ। তাৰ ক’লা মোটোহা গাটোত অসুৰৰ দৰে বল৷ ল’ৰা-ছোৱালী সকলোৱে তালৈ ভয় কৰে। তাৰ নির্দেশ সকলোৱে নির্বিবাদে মানি চলে।

অৱশেষত পেলুৰ অনুনয়-বিনয়ত যোগেশ্বৰৰ মন কুমলিল। যোগেশ্বৰে ছোৱালীৰ দলটোক নিৰ্দেশ জাৰি কৰিলে — আজিৰপৰা সিহঁতে তোলনক “ছোৱালীৰ চৰ খোৱা” বুলিব নোৱাৰিব। বিনিময়ত তোলনেও কোনো ছোৱালীক জোকাব নোৱাৰিব। অৱশ্যে এনেবোৰ চুক্তি আগতেও বহুবাৰ হৈছে। চুক্তিবোৰ বৰ খন্তেকীয়া। অলপ সময়ৰ পাছতে সিহঁতে সকলো পাহৰি যাব।

নতুন চুক্তি হোৱাৰ লগে লগে নৰেন বোলাটোৱে ক’লে, “মোকো আজিৰপৰা কোনেও “ডালডা’ বুলি জোকাব নোৱাৰিব। ‘ডালডা’ বুলি ক’লে মইও ভালকৈ দিম কৈ দিছো।”

নৰেনৰ কথাত গোটেইমখাই গির্জনি মাৰি উঠিল। নৰেনৰ সদায় পানী লাগি থাকে আৰু তাৰ নাকৰ ফুটাইদি দুসোঁতা শেঙুন অবিৰামভাৱে বৈ থাকে। গতিকে পেলুৱে তাৰ নতুন নামকৰণ কৰিলে 'ডালডা’৷ নৰেনৰ উচ্চাৰণত ‘ন’ আখৰটো ‘ল’হৈ যায়। কোনোবাই তাৰ নাম সুধিলে সি কয়, “মোৰ লাম লৰেল।”

লাৱণ্যৰ মাতটো ফেচ‌্‌ফেচ্‌কৈ ওলায় বাবে পেলুৱে তাইৰ নাম দিলে “পাতি হাঁহ”। লাৱণ্যৰ মুখ লাউপাত-কচুপাত। তাইও আজি সকলোৱে শুনাকৈ ক’লে —  “আমিও কাকো জোকাবলৈ নেযাওঁ। আমাক জোকালে কিন্তু শুদাই নেৰিম। কৈ থ’লো।”

তাইৰ কথাত ল’ৰাজাক জাঙুৰ খাই উঠিল, “আই পাতিহাঁহ, তোক আমি কেতিয়া জোকাইছো। মিছামিছি কথা নক’বি দেই। আৰু জোকালেনো আমাক কিডাল কৰিবি।”

লাৱণ্যই যোগেশ্বৰক গোচৰ দিলে, “শুনিলি, বায়ন। সিহঁতে কেনেকৈ পেক্‌পেক কৰিছে।”

যদুৱে ক’লে, “পেক্‌পেক পাতিহাঁহে কৰে। আমি নকৰো।”

গোটেই জাকৰ আকৌ গির্জনি।

পেলু ইতিমধ্যে স্বাভাৱিক হৈ পৰিছিল। বাক-বিতণ্ডাবোৰে তাক বেছ উৎসাহিত কৰি তুলিছিল। সি মনে মনে ৰ’ব নোৱাৰিলে। কঁকালটো বেঁকা কৰি লাৱণ্যৰ ফালে চোঁচা মাৰি আহি ক’লে, “নকৰিবি পেক্‌ পেক্‌, ফুলেশ্বৰীৰ নন্দেক৷”

গহীন-গভীৰ যোগেশ্বৰৰ কাৰ্য সিদ্ধি নহয়। ধেলা বগা, চুটি-চাপৰ ল’ৰাটো কূটবুদ্ধিৰ ভঁৰাল। যোগেশ্বৰৰ গাত হাতীৰ সমান বল থাকিলে কিটো হ’ব? বুদ্ধিত সি একেবাৰে ভোটা। সংকট কালত পেলুৰ বুদ্ধি নহ’লে তাৰ নচলে। পেলুৰ আৰু এটা গুণ হ’ল সি ধুনীয়াকৈ ছন্দ মিলাই ধ্বনি দিব পাৰে। তাৰ ধ্বনিৰ ছন্দে ছন্দে ল’ৰা-ছোৱালীবোৰেও মাতাল হৈ ধ্বনি দিয়ে।

ছোৱালীখিনি নহ’লেও যোগেশ্বৰহঁতৰ খেলত মন নবহে। ঔ বখলীয়া গালৰ বগী মেমৰ দৰে পুতলীয়ে তাৰ ফালে চাই কেনেকৈ হাঁহে। সি বুজিব নোৱাৰে কিয় জানো তাইৰ চাৱনি তাৰ ইমান ভাল লাগে। তাই নেথাকিলে যোগেশ্বৰৰ খেলাত মন নবহে।

যোগেশ্বৰৰ ভয় — সিহঁতৰ হাই-কাজিয়াবোৰ, পেলুৰ কাণ্ড-কাৰখানা কেনেবাকৈ ডাঙৰৰ কাণত পৰিলে সকলো শেষ হ’ব। বালি চাপৰিৰ খেলো সেইদিনাইৰপৰা বন্ধ হ’ব। খর্ব হ’ব সিহঁতৰ অবাধ স্বাধীনতা। তাতে বীণাপাণিৰ মাকজনী যিহে কালী গোসাঁনীৰ দৰে। তাই এইবোৰ কথা কেনেবাকৈ গম পালে সিহঁতক উৰি উৰি খাব৷

অৱশেষত যেনিবা কাজিয়া-পেঁচালৰ অন্ত পৰিল। ভাগে ভাগে খেলা আৰম্ভ হ’ল। এজাক চঞ্চল দুৰন্ত শিশুৰ হাঁহি-খিকিন্দালিত শীতৰ শীর্ণ ধনশিৰিৰ বালি চাপৰি জীৱন্ত হৈ উঠিল। সিহঁতৰ চিঞৰ-বাখৰ, হাঁহি আৰু ধনশিৰিৰ ‌ঢৌ একাকাৰ হৈ যেন বৈ যাবলৈ ধৰিলে।

শীত অহাৰ লগে লগে যোগেশ্বৰহঁতৰ গাঁওখন নদীৰ পাৰৰপৰা বহুত দূৰলৈ আঁতৰি যায়। পাৰত বালিচৰ পৰে। বিশাল বালিচৰ। সজা ভাঙি ওলাই অহা চৰাইৰ দৰে সিহঁতে তেতিয়া বালিচৰত ঢপলিয়াবলৈ ধৰে। সিহঁতৰ চিঞৰ-বাখৰ দূৰণিলৈ আঁতৰি যোৱা গাঁওখনৰ ডাঙৰবোৰৰ কাণত নপৰে। যোগেশ্বৰহঁতৰ অবাধ স্বাধীনতা।

বাৰিষা ধনশিৰিৰ পানীয়ে বালিচৰটো বুৰাই পেলায়। সিহঁতৰ ক্রীড়াংগনৰ ওপৰেদি আৰম্ভ হয় ধনশিৰিৰ কোবাল সোঁতৰ খেলা৷ এসময়ত ভৰ বাৰিষাত নদীখনৰ প্ৰবল সোঁতত ডাঙৰ ডাঙৰ কাঠ উটি আহিছিল। ৰছী একোডালৰ আগত লোৰ হাকোটা লগাই গাঁৱৰ মানুহে কাঠ ধৰিছিল। কাঠবোৰ শুকুৱাই ফালি মুঠা মুঠাকৈ বান্ধি সিপাৰৰ নগৰখনলৈ নাৱেৰে কঢ়িয়াই নি সিহঁতে বিক্ৰী কৰিছিল। এতিয়া আগৰ দৰে কাঠ উটি নাহে। মানুহৰ খৰি বিকা ব্যৱসায়ো বন্ধ হ’ল।

বালিৰ ওপৰত খুঁটি তিনডাল পুতি দুটামানে ক্রিকেট আৰম্ভ কৰিলে। যদুৱে এটা মূৰৰপৰা পুৰণি ফপৰা টেনিছ বল এটা বাউলিং কৰাত লাগিল। যোগেশ্বৰে ঢপলা কাঠ এচটাৰে বেটিং কৰিছে। ‘ডালডা' উইকেট কিপাৰ। বেটত বল লাগক বা নালাগক, সিহঁতৰ অংগী-ভংগী কিন্তু তেণ্ডুলকাৰ-আজাহাৰ-কুম্লেৰ দৰে। কোনোবা আউট হোৱাৰ লগে লগে ইটোৱে সিটোৱে হাতৰ তলুৱা চপৰিয়াব। উৱলি যোৱা পেণ্টত বলটো কেইবাবাৰো ঘঁহি ঘঁহি বাউলিং কৰিব। নাইবা ৱেষ্ট ইণ্ডিজ দলটোৰ দৰে চাম্বা নৃত্য কৰিব।

আন দুটামানে হিন্দী চিনেমাৰ অনুকৰণত কেৰাটি, কুমফু, বক্সিঙত লাগিল। ভৰি-হাত জোকাৰি মুখেৰে ‘টইচুম ইচুম’ শব্দ কৰিবলৈ ধৰিলে। ঘূৰি ঘূৰি মৰা কিক্‌ বক্সিঙৰ কোবত কোন ক’ত উফৰি পৰিছে ঠিকনা নাই। টেপু আৰু ইন্দ্ৰই জেং দুডাল এ. কে. ৪৭ কৰি “টিউ টিউ’ শব্দৰে গুলীয়াগুলী আৰম্ভ কৰি দিলে। মুখত জনপ্রিয় হিন্দী চিনেমাৰ ডায়েলগ।

ছোৱালীবোৰে ঘূৰণীয়াকৈ বালিৰ ওপৰত বহি বিয়ানাম গাইছে। দুজনীমানে কাগজ এখনৰ ওপৰত থোৱা নিমখ এজেবাত বগৰী, জলফাই আদি লগাই টকালি পাৰি খাইছে। মামণিয়ে ৰবাব টেঙা এটা আনিছিল খাবলৈ। সেইটো কেতিয়া কেনেকৈ পেলুৱে চুৰ কৰি লৈ গ’ল তাই গমেই নাপালে। ইতিমধ্যে সি সেইটো ফুটবলৰূপে খেলাত লাগি গৈছে। মাজতে খেলা এৰি সি টেঙা খাই থকাকেইজনীৰ ওচৰলৈ আহি “আই ঐ দেহি, যাওঁ মৰি, লেটেকু, পনিয়ল দেখি পকা পকা” বুলি সিহঁতক জোকাবলৈ ধৰিলে। ছোৱালীকেইজনীয়ে ক্রিকেট খেলি থকা যোগেশ্বৰক চিঞৰি গোচৰ দিলে, “দেখিছনে বায়ন, ই আমাক আকৌ জোকাইছে৷” পেলু মুহূর্ততে সেইখিনিৰপৰা অন্তৰ্ধান হ’ল।

আমনি লগাত ক্রিকেট খেল বন্ধ হ’ল। আৰম্ভ হ’ল ভাওনা। যদু আৰু অনন্তই ভৰি আগুৱাই পিছুৱাই ধনু যুদ্ধত প্রবৃত্ত হ’ল। অন্তহীন যুদ্ধ। যোগেশ্বৰে মুখেৰেই খোল বজাই যুদ্ধৰ ছেও দিলে, “তাওঁ তাচতাওঁ, খিতি তাখি তাওঁ, ৰিদ্‌ধেই তাতাক ধেই”। “ধেই” বুলি কোৱাৰ লগে লগে দুই ধনুৰ্ধৰে পৰস্পৰলৈ শৰ নিক্ষেপ কৰিলে। এনেতে হাতত পুৰণা চাইকেলৰ ফ্রি হুইল এটা সোঁহাতৰ তৰ্জনী আঙুলিত ঘূৰাই ঘূৰাই কৃষ্ণৰূপী পেলুৰ প্ৰবেশ ঘটিল। মুখৰপৰা ওলাল, “য়ে হেই হামাৰি সুদৰ্শন চক্ৰ।” যদু আৰু অনন্তই তাক তাৰপৰা খেদি পঠালে। ভীষণ ধনুযুদ্ধ চলি থাকিল।

যুদ্ধক্ষেত্ৰৰপৰা খেদা খাই পেলু কিছু দূৰত গৈ নদীৰ পাৰত বহি সিপাৰৰ আলেখলেখ চাবলৈ ধৰিলে। হঠাতে তাৰ মুখখন উজ্জ্বল হ’ল। সি যোগেশ্বৰক চিঞৰ এটা মাৰি মাতিলে, “অই বায়ন, আহি গ’ল দানি। বেগাই আহ। আহি গ’ল দানি।”

পেলুৰ চিঞৰত ধনুযুদ্ধ বন্ধ হ’ল । যোগেশ্বৰহঁত দৌৰি আহি পেলুৰ ওচৰ পালেহি। পেলুৱে নদীখনৰ সিপাৰলৈ আঙুলিয়াই দেখুৱালে। লগে লগে তাৰ সুৰত সুৰ মিলাই বাকীকেইটাও চিঞৰিবলৈ ধৰিলে, “আহি গ’ল দানি, আহি গ’ল দানি।”

ছোৱালীবোৰেও নাচ-গান এৰি সিপাৰলৈ চালে। যোগেশ্বৰে কাণ উনাই সিপাৰৰ শব্দবোৰ কি ভাষাৰ অনুমান কৰিবলৈ যত্ন কৰিলে। এবাৰ পেলুক সুধিলে, “কি শুনিছ? 'বল হৰি হৰি বল’ নে, ‘ৰাম নাম সৎ হেয়’ ?” পেলুৱে একো উত্তৰ দিব নোৱাৰিল। ‘ডালডা’ইহে ক’লে, “ইমান দূৰৰপৰা একো ধৰিব নোৱাৰি।” ‘বল হৰি, হৰি বল’ বুলিলে যোগেশ্বৰহঁতৰ কৰিবলৈ একো নাই। সিহঁতে আকৌ খেলাত ধৰিব। কিন্তু যদি ‘ৰাম নাম সৎ হেয়’। আহি গ’ল দানি। আৰু কোনো কথা নাই। সিহঁত চিধাই নদীৰ পানীত জঁপিয়াই পেট সাঁতোৰ দি সিটো পাৰ পাবগৈ। ‘ৰাম নাম সৎ হেয়’ বুলি ধ্বনি দিলে যোগেশ্বৰহঁতে ধৰি লয় সেইটো কোনোবা মাৰোৱাৰী মানুহ খৰি দিবলৈ আনিছে। মাৰোৱাৰী শ যাত্ৰা হ’লেই সিহঁতৰ আহি যায় ‘দানি’। মাৰোৱাৰী শ যাত্ৰাত ভঙা পইচা দলিয়াই যায়। যোগেশ্বৰহঁতে দলিওৱা পইচাবোৰ বোটলে।

আজিৰ শ যাত্রাটো বঙালী, মাৰোৱাৰী কাৰো নহয়। কি জাতিৰ মানুহ মৰিলনো তেন্তে? নদীৰ সিপাৰে সেইখন শ্মশানত অসমীয়া মানুহে সাধাৰণতে খৰি নিদিয়ে। যোগেশ্বৰহঁত বিমোৰত পৰিল। ইমান মানুহ আহিছে। গাড়ী-মটৰ ঢেৰ। যোগেশ্বৰে চকুৰ ঠাৰেৰে পেলুলৈ ইঙ্গিত দিলে, “কি ভাবিছ? যাবি নে নেযাৱ?”

পেলুৰ মুখ গহীন। সি একো উৱাদিহ উলিয়াব পৰা নাই । “অই বায়ন, চাইকে আহোগৈ ব’ল। তেতিয়াহে আচল কথা গম পাম। চব যাব নেলাগে। তই, মই, যদু আৰু পুতুল বছ।”

যোগেশ্বৰে পেলুৰ কথামতে যদু আৰু পুতুলক চোলা-কাপোৰ খুলিবলৈ নির্দেশ দিলে। তৎক্ষণাত কেউটাই কাপোৰ-কানি খুলি থৈ ধনশিৰিৰ পানীত জপং জপংকৈ জঁপিয়াই পৰিল। সিহঁত সাঁতোৰাত পাকৈত। ভৰ বাৰিষাতো সিহঁতে হেলাৰঙে ধনশিৰি ইপাৰ-সিপাৰ হয়। এতিয়া শীতৰ ধনশিৰি শুকাই-খীণাই সৰু জুৰি এটা হৈ পৰিছে । খন্তেকতে যোগেশ্বৰহঁত সিটো পাৰ পালেগৈ।

সিটো পাৰৰ গৰাত উঠি সিহঁতৰ মন মৰি গ’ল। খৰি দিবলৈ অনা মানুহটো মাৰোৱাৰী নহয়, অসমীয়াহে। পেলুহঁতৰ কাণসমনীয়া এটাই শুকান বাঁহখৰি এমুঠাৰ আগত জুই ধৰাই আগে আগে আহি আছে। লগে লগে অসংখ্য মানুহ, গাড়ী-মটৰ। সুন্দৰ সাজ-পাৰ পিন্ধা মানুহবোৰ দেখি যোগেশ্বৰহঁতে ধৰিব পাৰিলে যে মৃত ব্যক্তি চহকী মানুহ।

নদীৰ পানীৰপৰা যোগেশ্বৰহঁত পাৰলৈ উঠা কার্য দুই-এজনে লক্ষ্য কৰি আছিল। শকত, পেটুৱা, ফিৰফিৰীয়া ধুতী-পাঞ্জাবি পিন্ধা মানুহ এটাই সিহঁতক সুধিলে, “অই, তহঁত ক’ৰ ল’ৰা?”

মানুহটোৰ মাতটো বৰ হুটা। সুৰটো সিহঁতে বৰ ভাল নাপালে, কিবা যেন অৱজ্ঞাৰ ভাব এটা আছে।

পেলুৱে সিহঁতৰ গাঁওখনলৈ আঙুলিয়ালে, “সেইখন গাঁৱৰপৰা আহিছো। এইয়ানো পিছে আজি কোন ঢুকাল ?”

হুটা মাতে ওলোটাই তাক মাতিলে, “তহঁতক কেলেই হুঁ।”

“ইনেই সুধিছো। সুধিলে কিবা জগৰ লাগে নেকি?” হুটা মাতে তালৈ পেন্দুৱাকৈ চালে— “আও, বাটলুগুটিৰ বৰ কথা দেখোন। কেচেমা-কেচেম গোন্ধাইছে গোটেইকেইটাক। ভাগ ইয়াৰপৰা।”

পেলুৱে “বৰ এক্কেবাৰে” বুলি নদীত জাঁপ দিলে। জাঁপ দিয়াৰ আগে আগে “পেটুৱাকা পেট্‌ গাড়ী লেট” বুলি হুটা মাতৰ কাণত পৰাকৈ সি চিঞৰিলে। লগে লগে যোগেশ্বৰহঁতেও বেং জঁপিওৱাদি নদীলৈ জাঁপ দিলে। গৰাৰ ওপৰৰপৰা সিহঁতলৈ লক্ষ্য কৰি দলি দুটামান আহিছিল। যোগেশ্বৰহঁতে লগে লগে পানীত বুৰ মাৰি সিটো পাৰ পালেগৈ।

সিটো পাৰত ৰৈ থকা ল’ৰা-ছোৱালীবোৰে সিহঁতকেইটাক ঘেৰি ধৰিলে, “কোন মৰিল অ’ বায়ন? মাৰোৱাৰী নে অসমীয়া?”

যোগেশ্বৰৰ খং উঠিছিল। কেটেপাখন অনা হ’লে পেটুৱাটোৰ টিকাত সি আজি বাটলুগুটি মাৰিলেহেঁতেন। অশ্লীল শব্দ এটা উচ্চাৰণ কৰি সি ক’লে, “বাদ দে......। য’ৰে মানুহ মৰে মৰক। বৰ একেবাৰে টাউনীয়া দেখুৱাইছে।” পেলুৰ মুখত খিক্‌খিক্‌ হাঁহি। “মোক এটাই যিটোহে দম দিলে। এইচাত পেট তাৰ।”

“মাৰোৱাৰী নহয় বুইছ। অসমীয়া। মাৰেৱাৰী হ’লে পইচা দলিয়ায়। অসমীয়া হ’লে ফুচ্‌টোও নাপাৱ।”

ইন্দ্ৰই প্রস্তাৱ দিলে, “ভাওনাতে আকৌ ধৰো তেন্তে আহ।”

আৰম্ভ হ’ল ‘অভিমন্যু বধ’ ভাওনা। অভিমন্যুৰূপী যদুৱে হাতত এছাৰি এডালকে ধেনুৰূপে লৈ বচন গালে, “অইনাইভাৱে সপ্তৰথীয়ে বেৰি ধৰিছা যদিও, এই অভিমন্যুৰ গাত এক বিন্দু ৰক্ত থকালৈকে প্রাণপণে যুদ্ধ কৰি যাম।”

এজন সপ্তৰথীয়ে জাঁপ এটা মাৰি প্ৰত্যাহ্বান জনালে, “ধৰ তেন্তে অস্ত্ৰ আজি, নকৰি পলম।”

তয়া-ময়া যুদ্ধ আৰম্ভ হ’ল। যোগেশ্বৰে মুখেৰে খোলৰ ছেও তুলিলে। যুদ্ধৰ ছেও। তাওঁ তাচ্‌ তাওঁ, খিতিকি তাখি তাওঁ.......।”

বীণাহঁতে তেতিয়া দল বান্ধি “কঁকাল খামুচীয়া...” গাবলৈ আৰম্ভ কৰি দিছে। ধনশিৰিৰ বালি চাপৰি ৰজনজনাই উঠিল।

ভাওনা কৰি যোগেশ্বৰৰ আমনি লাগিছিল। তাৰ আজি একো ভাল লগা নাই। মাৰোৱাৰী শ যাত্ৰা এটাও নাহিল। পেটুৱাটোৰ গালি খালে এনেয়ে। ভাওনা এৰি সি বালিৰ ওপৰতে গুজুং মাৰি বহি মুখৰ আগেদি বৈ যোৱা নদীখনলৈ চাই ৰ’ল। সিপাৰৰ চিতাত তেতিয়া জুই জ্বলিছে। বাঁহ ফুটিছে। মাজে মাজে গৰৈমাছ পোৰাৰ দৰে গোন্ধ এটা বতাহত ভাহি এইপাৰলৈ বৈ আহিছে। পেলুৱে আহি তাক ক’লেহি, “দেখিছ। বায়ন, সিহঁতে আমাক কেঁচা মাছ গোন্ধাইছে বুলিছিল। এতিয়া দেখোন সিহঁতৰ ফালৰপৰাহে পোৰা মাছৰ গোন্ধ আহিছে।”

পেলুৰ কথাত যোগেশ্বৰে একো নামাতিলে। তাৰ মন-চন একেবাৰে ভাল নহয়। তাৰ কাৰোবাৰ ওপৰত খং উঠিছে। কুলক্ষণীয়া দিন। মাৰোৱাৰী শ যাত্রা হোৱা হ’লে দুইপইচামান পাই বিড়ি কিনি হুপিব পাৰিলেহেঁতেন। তেতিয়া হ’লেও মনটো অলপ পাতল লাগিলহেঁতেন।

চিগাৰেট হোপাৰ দুৰ্বাৰ ইচ্ছা দমাব নোৱাৰি যোগেশ্বৰে পেলুক বিচাৰিলে। পেলু ওচৰত নাই। দূৰৈত গান গাই থকা ছোৱালীজাকৰ দলটোক সি হাতেৰে কিবা এটা অংগী-ভংগী কৰি জোকাইছে। যোগেশ্বৰৰ মাত শুনি সি তৎক্ষণাত য়ামাহা চলাই তাৰ ওচৰত ব্রেক মাৰি ৰ’লহি।

যোগেশ্বৰে তাৰ মুখলৈ বৰ কাতৰভাৱে চালে, “তই কিবা আনিছ নে? আছে যদি এটা দে না।”

পেলু গহীন হ’ল। অসুৰ যোগেশ্বৰৰ কাণতলীয়া চৰ সি পাহৰা নাই। সি গহীনাই ক’লে, “আছে এটা, কিন্তু তোক নিদোঁ। তই ছোৱালীৰ ফলীয়াহে।”

—“তাৰ মানে তোৰ আছে?”

পেলুৱে একো উত্তৰ নিদিলে। যোগেশ্বৰে তাক কাবৌ কোকালি কৰিবলৈ ধৰিলে। “আজি মাত্র দে ভাই, তোৰ ভৰিত ধৰিছো। আজিৰপৰা তোক একো নকওঁ। যোগেশ্বৰৰ কাবৌ কোকালিত পেলু গলিল। সি ক’লে, “এটাহে আছে। প্রথমে মই হুপিম। তাৰ পাছতহে তই পাবি”।

যোগেশ্বৰ মান্তি হ’ল। পেলুৱে বালিৰ ওপৰত থৈ দিয়া ছাৰ্টটোৰ চুৰি পকেটৰপৰা অতি সাৱধানেৰে এটা চাৰমিনাৰ, জুইশলা কাঠি, জুইশলাৰ ভঙা বাহ উলিয়ালে। সন্তৰ্পনে জুইশলা কাঠি জ্বলাই সি চিগাৰেটত সুখটান দিলে। তাৰ নাকে-মুখে ধোঁৱা ওলাল। যোগেশ্বৰে তাৰ পালৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি ৰ’ল। কেইবাটাও দীঘলীয়া হোপা মাৰি পেলুৱে চিগাৰেটটো যোগেশ্বৰলৈ আগ বঢ়ালে। যোগেশ্বৰে আথে-বেথে চিগাৰেটৰ টুকুৰাটো লৈ হুপিবলৈ ধৰিলে।

ছোৱালীৰ জাকটোৱে দূৰৈৰপৰা সিহঁতে চিগাৰেট হোপা চাই আছিল। বীণাপাণিয়ে ক’লে, “দেখিছ। দেখিছ। সিহঁতে আকৌ বিড়ি খাইছে। যোগেশ্বৰৰ মাকক কৈ দিম ৰ’বি।”

পুতলীয়ে বাধা দিলে। —“ঘৰত নলগাবি অ’ই। বায়নে থ’ব। এইবিলাক পেলুৰ কাম বুজিছ। কেলেই মনত নাই, সিহে প্রথমে বিড়ি খোৱা উলিয়াইছিল৷”

“থ, থ, তই যোগেশ্বৰৰ ফলীয়া হৈতো ক’বিয়েই। সিয়ো কমটো নহয়। দুইটা একে৷”

ইতিমধ্যে যোগেশ্বৰে চাৰমিনাৰৰ টুকুৰাটো গুৰিলৈকে হুপি বাকী অংশ নদীলৈ দলিয়াই দিলে। খন্তেক ৰৈ সি ক’লে, “যাওঁ বুজিছ, তোলন। তই যাবি নে?”

ইমান সোনকালে ঘৰলৈ ওভতাৰ পেলুৰ অকণো ইচ্ছা নাছিল। সি একো উত্তৰ নিদিলে। যোগেশ্বৰে তাক আকৌ এবাৰ লগ ধৰিলে। পেলুৱে ক’লে, “তই গলে যা। মই এতিয়াই নেযাওঁ৷”

–“তাৰ মানে তোৰ আৰু চিগাৰেট আছে? মই গুচি গ’লে মনে মনে খাবি ন? ৰ, মই তোৰ চোলাটো চাওঁ৷”

পেলু নির্বিকাৰ। সি যোগেশ্বৰক বাধা নিদি ক’লে, “চা চা কিমান মন যায় চাই থাক। এটা আছিল খালো। কাইলৈ কিন্তু তই খুৱাব লাগিব। মই কেবাদিনো খুৱালো।”

যোগেশ্বৰে জানে, পেলুৱে মাকৰ বাকচৰপৰা মাজে মাজে পইচা চুৰ কৰে। যোগেশ্বৰৰ সেইটো সুবিধা নাই। সিহঁতৰ অৱস্থা পেলুহঁততকৈ বেয়া। তাৰ মাকে লোকৰ পথাৰত ৰোৱা-তোলা কৰি যি কেইটা পইচা পায় তাকে বৰ আতৌ-পিতোকৈ থয়। যোগেশ্বৰৰ সেই পইচা চুৰ কৰিবলৈ সত নাযায়। বাপেকটো তাৰ মস্ত ভঙুৰা। কাম-বন একো নকৰে। দিন-ৰাতি কেৱল ভাঙৰ খোলাত মছগুল হৈ থাকে। শুকান-উবান মাকজনীলৈ যোগেশ্বৰৰ বৰ দুখ লাগে। ইমান কষ্ট কৰি মাকজনীয়ে দুবেলা দুসাঁজৰ যোগাৰ কৰে। সেই পইচা সি বাৰু কেনেকৈ চুৰ কৰিব?

“সৌ নাটেশ্বৰীজনীলৈ চা বায়ন। তাই কেনেকৈ কঁকাল ভাঙিছে।”

পেলুৰ খিক্‌খিক্‌ হাঁহিত যোগেশ্বৰৰ চিন্তাৰ সূত্ৰডাল ছিগি গ’ল। কিছু দূৰৈত মামণি বোলাজনীয়ে হিন্দী চিনেমাৰ গান এটাৰ তালে তালে কঁকাল ভাঙি নাচিছে। পেলুৱে দুই হাতেৰে AK-47 লোৱা ভংগী কৰি তাইলৈ গুলি এৰিলে। —চু...ই...ট ধিচিওঁ। মামণি কিন্তু নমৰিল। তাই নাচিয়ে থাকিল। এইবাৰ সি AK-47 বাদ দি নদীৰ পাৰে পাৰে ঢপলিয়াই বহুত দূৰ পালেগৈ। যোগেশ্বৰেও এখোজ দুখোজকৈ গাঁৱৰ ফালে যাবলৈ ধৰিলে। তাৰ ভোক লাগিছে। ভোকটো চৰি আহিলে যোগেশ্বৰৰ মাকলৈ বেছিকৈ মনত পৰে। সি ভোক লাগিছে বুলি ক’লেই, “ৰ’বি দেই  সোণ” বুলি মাকে কিবা এটা নহয় কিবা এটা তাক খাবলৈ দিয়েই। খুদকণ এটা নথকা ঘৰখনত মাকে যে ক’ৰপৰা কেনেকৈ যোগাৰ কৰে সি একো উৱাদিহ উলিয়াব নোৱাৰে। মাকে যেন যাদু কৰিহে খোৱা বস্তুবোৰ উলিয়াইছে। মাকলৈ মনত পৰাৰ লগে লগে তাৰ খোজবোৰ খৰ হ’বলৈ ধৰিলে।

হঠাৎ “বায়ন অ’ই নেযাবি, ঘূৰি আহাঁ” বুলি মৰা পেলুৰ চিঞৰত যোগেশ্বৰ ৰৈ গ’ল। কি হ’ল? এইবাৰ আকৌ কি ওলাল? পেলুৱে নদীখনলৈ চাই চিঞৰিছে, “আহি গ’ল দানি, আহি গ’ল দানি।” বাকীবোৰেও খেল বন্ধ কৰি পেলুৰ লগত উজান দিলেহি, - “আহি গ’ল দানি, আহি গ’ল দানি।” যোগেশ্বৰে সিটো পাৰলৈ চালে। ক’তা? একো নাই দেখোন? কি দানিৰ কথা কৈছে পেলুৱে? পেলুৱে নদীখনৰ উজনিৰ ফালে আঙুলিয়াই ক’লে, “অ’ই কণা সৈফালে চা। কি দেখিছ? ডাঙৰ কাঠ এডাল উটি অহা নাইনে ? প্রথমে মইহে দেখিলো তেও”। পেলুৱে কঁকাল ঘূৰাই নাচিবলৈ ধৰিলে – “কাঠ কিন্তু মোৰ আৰু বায়নৰ মাজতহে ভাগ হ’ব, কৈ দিছো।”

পেলু টেঙৰ। সি জানে, যোগেশ্বৰৰ সহায় নহ’লে সি অকলে কাঠ পাৰলৈ আনিব নোৱাৰে।

সৰুপোনাই গোৰগোৰালে, “ইস! নদীত উঠা কাঠহে তেও। দেখিলেই তোৰ হৈ যাব নেকি? অকলে তুলি আন চাওঁ। বায়নক আকৌ লগত সাঙুৰিছ কেলৈ ?”

—“এই চালা জেঠী, পেকপেকাই নাথাকিবি। নদীলৈ গতিয়াই দিম বাপেকে৷”

‘জেঠী’ বোলাত সৰুপোনা জাঙুৰ খাই উঠিল। “অ’ই জেঠী জেঠী নক’বি দেই। চেলা ছোৱালীৰ চৰ খোৱা। সি মোক নদীলৈ গতিয়ায়! সাহ আছে যদি গাত হাত দি চাচোন।” সৰুপোনাই কেৰেটিৰ প'জ ল’লেই। পাকঘূৰণি এটা মাৰি সি ভৰিৰে কিক্‌ এটাও মাৰিছিল। ভাগ্যে পেলুৰ গাত নেলাগিল।

যোগেশ্বৰৰ ধমকিত দুইটা তাপ মাৰিল। বহুত দূৰৰপৰা উটি অহা কাঠটুকুৰালৈ চাই যোগেশ্বৰে ক’লে, “সেইডাল সঁচাই কাঠ জানো? অন্য কিবা যেনহে দেখাইছে দেখোন?”

—“কাঠ নহয় কিটো হ’ব? ডাঙৰ কাঠ। ওচৰ চাপিলেহে গম পাবি।”

কাঠ বুলি ভবা বস্তুটো নৈৰ সোঁতে ওচৰ চপাই আনিলে। সিহঁতে দেখিলে সেইডাল কাঠ নহয়। এটা জেকেটহে। পানীত ওপঙি অহা চামৰাৰ দামী জেকেট। যোগেশ্বৰে কাল বিলম্ব নকৰি পানীত জাঁপ দিলে। কিছু দূৰ সাঁতুৰি গৈ জেকেটটোত ধৰি টান মাৰোতেই সি জিকাৰ খাই উঠি চিঞৰিলে, “জেকেটটোৰ তলত এটা মৰাশ আছে ঐ, কি কৰো? আই কি কৰো বেগতে ক?”

পেলুৱে পাৰৰপৰা চিঞৰিলে, “খবৰদাৰ! এৰি নিদিবি বায়ন। আজি দানিয়েই দানি । তাক পাৰলৈ লৈ আন, ঐ বায়ন”।

তাৰ নিৰ্দেশক্রমে যোগেশ্বৰে জেকেটটো ধৰি শ-টো লাহে লাহে পাৰলৈ আনিলে। শ-টোৰ মূৰটোৰে সৈতে গাটো পাৰৰ বালিলৈ টানি তুলিলে। ঠেং দুটা পানীৰ মাজতে সোমাই ৰ’ল। এটা ডেকা ল’ৰাৰ মৰাশ। শকত, বগা, ধুনীয়া। মুখখন দাঢ়িৰে ঢাক খোৱা। হাত-ভৰিবোৰ ইতিমধ্যে ঠৰঙা দিছে। শ-টো সামান্য ফুলিছে যদিও গোন্ধোৱা নাই।

মৰাশটো দেখি ছোৱালীজাকে চিঞৰত গগন ফালি ঘৰৰ ফালে দৌৰ ধৰিছিল। হাতত জেওৰা এডাল লৈ যোগেশ্বৰে সিহঁতক দম দি ওভোটাই আনিলে, “কোনো যাব নোৱাৰ। এজনী যাচোন, পিঠিত জেওৰা খৰি ফালিম।”

ছোৱালীজাক সুৰসুৰকৈ আকৌ উভতি আহিল। বায়নৰ আজি যিহে কালান্তক মূৰ্তি কি কৰে ঠিকনা নাই। ভয়ত বিতত হৈ ছোৱালীজাকে বিস্ফাৰিত নেত্ৰে যোগেশ্বৰ-পেলুহঁতৰ কাণ্ড-কাৰখানা চাবলৈ ধৰিলে। যোগেশ্বৰে জানে – ছোৱালীজাক গাঁৱলৈ গ’লেই মৰাশটোৰ কথা উলিয়াব। লগে লগে গাঁৱৰ মানুহেৰে চাপৰিটো ভৰি পৰিব। দুটামান যাওক আকৌ পুলিচত খবৰ দিবলৈ।

পেলুৱে যোগেশ্বৰৰ কাণে কাণে কিবা এটা কোৱাৰ লগে লগে তাৰ মুখখন উজ্জ্বল হ’ল। পেলুৱে তাক ভাল কথাষাৰ মনত পেলাই দিলে। এবছৰমানৰ আগতে এইখিনিতে এনেকৈয়ে উটি অহা মৰাশ এটা পাৰলৈ আনি, তাৰ পকেট খেপিয়াই ৰেব খুৰাই পঞ্চাছ টকীয়া নোটৰ বাণ্ডিল এটা পাইছিল। খুৰাই টকাৰ বাণ্ডিলটো নিজৰ পকেটত ভৰাই শ-টো ভৰিৰে হেঁচুকি পানীলৈ আকৌ ঠেলি দিছিল। ৰেব খুৰা আৰু তাৰ লগৰকেইটা গাঁৱৰ এক নম্বৰ গুণ্ডা। সকলোৱে সিহঁতলৈ ভয় কৰে। পাৰত ৰৈ থকা বাকী মানুহবোৰক ৰেব খুৰাই সাৱধান বাণী শুনালে, “এইবোৰ কথা পুলিচক কোনেও ঘুণাক্ষৰেও নজনাবি। যোৰে যোৰে সাঙুৰিব। কোনোবাই জনালে কথা বেয়া হ’ব কৈ দিলো।” মানুহবোৰ ভয়তে কথাটো পুলিচক জনাবলৈ সাহ নকৰিলে।

আজিও যদি তেনেকুৱা টকাৰ বাণ্ডিল এটা সিহঁতে পাই যায়! আহি গ’ল দানি! পেলু সঁচাকৈ বৰ টেঙৰ দেই। যোগেশ্বৰৰ মৰসাহ। সি শ-টোৰ ওচৰলৈ গৈ শ-টোৰ জেকেটটো খুলি দিলে। মানুহটোৰ গায়ে-মূৰে শেলাই, জাবৰ-জোঁথৰ লাগি আছিল। মানুহটোৰ সোঁকুমটো ভগা। সেইফালেদি বগা মগজু ওলাই আহিছে। ছোৱালীজাকে “আই অ’ মা, আই অ’ বৌটি” বুলি ইজনীয়ে সিজনীক গবা মাৰি ধৰি উচুপিবলৈ ধৰিলে। সিহঁতৰ অৱস্থাটো দেখি পেলুৰ আনন্দই নধৰা হ’ল। সি খিক্‌ খিক্‌কৈ তাৰ স্বাভাৱিক হাঁহিটো মাৰি মৰা শ-টোৰ কাষত বহি তাৰ জেকেটৰ পকেটকেইটাত হাত ভৰাই খেপিয়ালে। বীণাহঁতে আৰু বাকী ল’ৰাবোৰ তাৰ কামবোৰ চাই থাকিল।

যোগেশ্বৰে তাক সুধিলে, “কিবা পালিনে?”

পেলুৱে একো উত্তৰ নিদি সাৱধানে তাৰ সোঁহাতখন মৰাশটোৰ ছাৰ্টৰ পকেটত সুমুৱাব খোজোতেই চিঞৰ মাৰি উঠিল। লগে লগে সি হাতখন বাহিৰলৈ উলিয়াই আনিলে। পেলুৰ হাঁহি উঠি গ’ল। তাৰ হাতৰ মুঠিত মস্ত লেধাই শামুক এটা। তাৰ হাতৰ শামুকটো দেখি ছোৱালীজাকে ঘিণত ছিঃ ছিঃ কৰি উঠিল। পেলুৱে শামুকটো সিহঁতৰ গাৰ ফালে দলিয়াই দিলে। ছোৱালীজাকে ছিঃ বুলি চিঞৰ মাৰি আঁতৰি দিয়াত শামুকটো বালিৰ ওপৰত পৰি ৰ’ল। লাৱণ্যই পেলুক বিভিন্ন বিশেষণযুক্ত এজাউৰি গালি বর্ষণ কৰিলে।

পেলুৱে যোগেশ্বৰক ক’লে, “জেকেটৰ পকেটত একো নাপালো বায়ন। চোলাৰ জেপতো শামুকহে। কি কৰো?”

যোগেশ্বৰে কিবা এটা ক’ব খোজোতেই পেলুৱে আকৌ ক’লে, “ইস ৰাম ইয়াৰ বুকুখন দেখোন তেনেই থকা-সৰকা। ধেৰ গুলী খাইছে। ৰেব খুৰাই পোৱাটোতকৈও বেছি। এইটোক নদীত আকৌ এৰি দে বুজিছ, বায়ন৷”

ল’ৰা-ছোৱালী গোটেইকেইটাই একেলগে ক’লে, “এৰি দে বায়ন, এৰি দে৷”

যোগেশ্বৰে সিহঁতৰ কথা নুশুনি ক’লে, “ইয়াক ওভোতাই দে। পেণ্টৰ বেক পকেটকেইটাত চা, তাৰ পাছত এৰি দিবি।” যোগেশ্বৰৰ হুকুমত যদু আৰু ইন্দ্ৰই শ-টো লুটিয়াই দিলে। তাৰ জিনছ পেণ্টৰ বেক পকেট দুটা ওলাই পৰিল। লগে লগে পেলুৱে হাত ভৰালে। — “এই পাই গ’লো।” সকলোৱে পেলুৰ হাতলৈ চালে। তাৰ হাতত এটা মনিবেগ। যোগেশ্বৰে এক থাপ মাৰি বেগটো তাৰপৰা কাঢ়ি ল’লে। কেউটাই যোগেশ্বৰক বেঢ়ি ধৰিলে। যোগেশ্বৰে মনিবেগটোৰ চেইনডাল খুলি ভিতৰখন চোৱাৰ লগে লগে তাৰ ওঁঠ দুটা হতাশাত বেল্টি খাই গ’ল৷ -“ইয়াতো একো নাই, ধুৎ৷” সি বেগটো ওভোতাই দিয়াত বেগটোৰপৰা এখন সৰু ফটো ওলাই নদীৰ পাৰৰ বালিত পৰিল। পেলুৱে লৰালৰিকৈ ফটোখন বালিৰপৰা বুটলি ফুৱাই হাতেৰে চাফা কৰিলে। ল’ৰাবোৰে তাক বেৰি ফটোখন জুমি চাবলৈ ধৰিলে। পেলুৱে খিক্‌খিক্‌কৈ বদমাচী হাঁহিটো মাৰিলে, “এইখন চা, মানুহটোৰ ঘৈণীয়েকৰ ফটো।”

ফটো বুলিলত ছোৱালীজাক ওচৰ চাপি আহিল। সময় যোৱাৰ লগে লগে সিহঁতৰ ভয়, ঘিণ আগতকৈ কমিবলৈ ধৰিলে। সিহঁতেও ফটোখন জুপিবলৈ ধৰিলে।

—“তোৰ চকু দুটা পেলু, চকু নহয় টকৌ গুটি।”

–“কেলেই ঘৈণীয়েক নহয়নো কোন তেনে ?”

–“এই বুঢ়ী মানুহজনী সি ঘৈণীয়েক পালে।”

এইবাৰ যোগেশ্বৰহঁতেও ফটোখন ভালকৈ চাবলৈ ধৰিলে। এৰা হয়তো এইখন এজনী বয়সীয়া মানুহৰ ফটো।

–“তাৰ পকেটত এইখন কাৰ ফটো হ’ব পাৰে বাৰু?”

–“কেলেই? কাৰ হ’বনো আৰু? তাৰ মাকৰ।”

মাকৰ? মাকৰ বুলি কোৱাত যোগেশ্বৰ থৰ লাগি ৰৈ গ’ল। সি এবাৰ ফটোখনলৈ, এবাৰ দাঢ়িৰে ভোবোকাৰ ডেকাটোৰ মুখখনলৈ চালে। হঠাৎ তাৰ বুকুৰ ভিতৰখন এটা বুজাব নোৱৰা দুখত হাহাকাৰ কৰি উঠিল। নানা প্রশ্নই তাক জুমুৰি মাৰি ধৰিলে। ক’ৰনো মানুহ এইটো? কোনেনো তাক এইদৰে গুলীয়ালে? আই ঐ দেহি, মাকক বেচেৰাই খুউব ভাল পায় বাবে ফটোখন সি পকেটত লৈ ফুৰিছিল। মাকলৈ মনত পৰিলে বোধহয় উলিয়াই চায়। যোগেশ্বৰে বাকীবিলাকৰ মুখলৈ চালে। চঞ্চল ল’ৰা-ছোৱালীবোৰে থৰ হৈ শ-টোলৈ চাই আছে। আনকি পেলুও। প্রত্যেকৰে মুখবোৰ কিবা এটা বুজাব নোৱৰা দুখত ওন্দোল খাই উঠিছে।

যোগেশ্বৰে আলফুলকৈ ফটোখন মনিবেগটোত সুমুৱাই ডেকাটোৰ বেক পকেটত পুনৰ ভৰাই দিলে। তাৰ পাছত সি শ-টো টানি নদীত উটুৱাই দিব খুজিলে। পেলুৱে তাক আকৌ বাধা দিলে, “অকণমান ৰ’বি বায়ন, কাম আছে।”

এইবাৰ পেলুৱে আকৌ কি চং উলিয়ায়? সকলোৱে পেলুৰ মুখলৈ কৌতূহলেৰে চালে।

– “মানুহটো দেখিবলৈ ইমান ধুনীয়া চা৷ এতিয়াই যেন সি জী উঠিব। এতিয়াই যেন সি মাত মাতিব। এনেকুৱা লগা নাইনে তহঁতৰ?”

বীণাপাণিয়ে মাজতে ক’লে, “এৰা পায়। মানুহটো সাইলাখ আমাৰ চন্দ্ৰ দাইটিৰ দৰে।”

লগে লগে পেলুৰ প্ৰত্যাক্ৰমণ আৰম্ভ হ’লেই : “থ, থ তোৰ চন্দ্ৰ দাইটি। চন্দ্ৰ দাইটিক আমি যেন দেখাহে নাই। এই ধকধকীয়া বগা মানুহটোক তাই চন্দ্ৰ দাইটিয়েক পালে। তোৰ চন্দ্ৰ দাইটি কেৰাহীৰ পোকৰ।”

বীণাপাণি ফেঁটীসাপৰ দৰে ফোঁচ্‌কৈ উঠিল। – “অ’ই দাইটিৰ কথা তেনেকৈ নক’বি দেই ল’ৰা। ঠিক নহ’ব।”

যোগেশ্বৰে পেলুক ডবিয়ালে৷ - “তোলন, তই ছোৱালীৰ লগা চুপতি মাৰিবি নে কিবা এটা কৰিবি ? মই কিন্তু শ-টো পানীত উটুৱাম।”

–“ৰ’বি, ৰ’বি অকমান ৰ’বি” বুলি পেলু লৰালৰিকৈ দৌৰি গৈ গছপাত এসোপা ছিঙি আনিলে। ইন্দ্ৰই তাক সুধিলে, “কি কৰ সেইসোপাৰে?”

–“তহঁতে চাই থাক মই কি কৰো। তহঁতে খালি মোৰ লগে লগে গাই যাবি।”

যোগেশ্বৰে বুজিলে পেলুৰ অভিনৱ খেল এই আৰম্ভ হ’ব। সি তাক সুধিলে, “আমি গাম বাৰু। গালেনো কি হ’ব?”

পেলুৰ মুখখন অস্বাভাৱিকভাৱে গহীন। সি ক’লে, “কনক ওজাক জৰা তহঁতি দেখা নাই? মই কনক ওজাই জৰাদি তাক জাৰিম। তাৰ মাকক মাতিম। চাবি তাৰ মাক আহি ওলাবহি। মাক আহি ওলালেই সি জী উঠিব। তহঁতে খালি মোৰ লগত চিঞৰি চিঞৰি গাবি।”

তাৰ কথাত বাধা দি কোনোবা এটাই ক’লে, “থ, থ মৰা মানুহনো ক’ৰবাত জী উঠেনে?”

—“চুপ।” যোগেশ্বৰৰ ভেকাহিত সকলো চুপ হ’ল।

—“তোলন, তই কি কৰিব খুজিছ বেগেতে কৰ। অ’ই তহঁতে তোলনৰ লগে লগে সি যি গায়, গাই যাবি।”

পেলু আচৰিতভাৱে গহীন। হাতত তাৰ বনপাত এসোপা। খোজে-কাটলে তেনেই কনক ওজা। সি শ-টোৰ ওপৰত বনপাতেৰে কোব এটা মাৰিলে। তাৰ পাছত বাকীবিলাকলৈ চাই নির্দেশ দিলে, “মই যেনেকৈ গাম ঠিক তেনেকৈ গাবি। সি জী উঠিব চাবি।”

পেলুৰ কথাত গভীৰ আত্মবিশ্বাসৰ সুৰ। তাৰ কথাত বাকীবোৰৰো বিশ্বাস হ’ল। বোধহয় কিবা এটা হ’ব। বিশেষকৈ যোগেশ্বৰৰ। সি তীব্র দৃষ্টিৰে পেলুৰ ফালে চাই আছে। সকলোৱে ধ্বনি দিবলৈ সাজু হ’ল। পেলুৱে ছন্দ মিলাই ধ্বনি দিলে সিহঁত আনন্দত উন্মাদ হৈ যায়। ধ্বনিৰ সুৰে সুৰে সিহঁতৰ অংগ-প্রত্যগংবোৰ ছন্দায়িত হয়। সুৰৰ লহৰে লহৰে সিহঁত আত্মহাৰা হৈ নাচে। সিহঁতৰ ধ্বনিত আজি মৰা মানুহটো যদি জী উঠে।

পেলুৱে শ-টোৰ গাত গছপাতেৰে কোবাই কোবাই গালে : “মা অ’ মা। বাকীবোৰেও তাৰ লগে লগে সমান জোৰেৰে চিঞৰিলে “মা অ’ মা।”

পেলুৱে আকৌ গালে, “মা অ’ মা। এইফালে আহ,  তোৰ পুতেৰ শুই আছে এবাৰ আহি চা।”

বাকীবোৰেও সুৰ লগাই গালে, “মা অ’ মা এইফালে আহ, তোৰ পুতেৰ শুই আছে এবাৰ আহি চা।”

পেলুৱে দুগুণ জোৰেৰে চিঞৰিলে, “মা অ’ মা বুকু ভৰাই চা৷ ডেকা পুতেৰে মাতি আছে বেগাই আহি যা”......

সকলোৱে দুগুণ উৎসাহেৰে পেলুৰ সুৰৰ প্ৰতিধ্বনি তুলিছে। যোগেশ্বৰে একো মতা নাই। সি থৰ হৈ শ-টোলৈ চাই আছে। চকু দুটা তাৰ পানীৰে চপচপীয়া। বুকুখন যেন কিহবাই মুচৰি আছে। ধ্বনি দি থকা পেলুৰ মাতটো থোকাথুকি। তাৰ দুগালেদি সৰ সৰকৈ চকুপানী বৈছে। ল’ৰা-ছোৱালী সকলোৱে উচুপিছে। সিহঁতৰ লগে লগে ধনশিৰিখনেও যেন উচুপি উচুপি গাইছে - মা অ’ মা ...।

পেলুৰ গাত দেও লম্ভিছে। হাতৰ গছপাতবোৰ জোকাৰি জোকাৰি সি নাচিছে গাইছে – “মা অ’ মা । বেগেতে আহি নৈ পাৰত শুই আছো এবাৰ আহি চা৷”

যোগেশ্বৰৰ ভাব হ’ল যেন সিও গুলী খাই মৰি গৈছে। নৈপাৰত তাৰ শ-টো পৰি আছে। তাৰ মাক ঢপলিয়াই নৈৰ পাৰলৈ আহিছে। যোগেশ্বৰে ছয়া-ময়াকৈ দেখিছে তাৰ মাকৰ লগে লগে তোলন, ইন্দ্র, যদু, বীণাপাণি, মামণিহঁতৰ মাকবোৰো নদীৰ পাৰলৈ ঢপলিয়াইছে। সিহঁতে শ-টোক আলফুলকৈ তুলি ধৰিছে। তাৰ মাকৰ কোলাত শ-টোৰ মূৰটো। মাকে আলফুলকৈ মূৰটো পিহি দিছে।

পেলুৰ কথা ঠিক! সিহঁতৰ ধ্বনিৰ লহৰে লহৰে শ-টো উজ্জ্বল হৈ উঠিছে। দাঢ়িকোচাৰ মাজৰ চকুদুটা জীৱন্ত হৈ জিলিকিছে। সি হাঁহিছে! সি হাঁহিছে!! সি..... সি এতিয়াই উঠি বহিব। যোগেশ্বৰে উন্মাদৰ দৰে চিঞৰি উঠিল, “তোলন তই চলাই যা । তই গাই যা সি জী উঠিছে।”

*       *       *       *       *

আৰু ঠিক তেতিয়াই ডেকাটোৰ বুকুৰপৰা এৰুৱাই আনি বালিলৈ দলিয়াই দিয়া শামুকটোৱে সকলোৰে অলক্ষিতে লাহে লাহে বালিৰ ওপৰতে বগাবলৈ আৰম্ভ কৰিছে।

 

Share Button
Print Friendly, PDF & Email

No Comments : "সৰু ধেমালি বৰ ধেমালি - (জেহিৰুল হুছেইন)"

Leave a Comment

Your email address will not be published. Required fields are marked *