অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (দ্বিতীয় সংখ্যা)

থলুৱা অৰ্থনীতি আৰু কেইজনমান উদ্যমী অসমীয়া-(দিগন্ত চহৰীয়া)

অসমৰ উত্তৰণৰ অন্যতম চৰ্ত হৈছে অৰ্থনৈতিক স্বাৱলম্বিতা। অৰ্থনৈতিক স্বাৱলম্বিতাইহে অসমক সুজলা-সুফলা কৰি তুলিব পাৰিব। এক সবল অৰ্থনৈতিক ভেটিৰ আধাৰতহে গঢ়ি উঠিব আনন্দৰাম ঢেকিয়াল ফুকনৰ সপোনৰ অসম। মূলতঃ জাতি এটাৰ ভবিষ্যত বহু পৰিমাণে অৰ্থনৈতিক ভেটিৰ ওপৰতে নিৰ্ভৰশীল। কেইজনমান উদ্যমী অসমীয়াই শেহতীয়াকৈ এইকথা হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। অৰ্থনৈতিক বিপ্লৱেৰে অসমক হাবি গুচাই ফুলবাৰী কৰি তুলিব বিচৰা তেনে দুজন উদ্যমী অসমীয়া হৈছে মনোৰম গগৈ আৰু দেৱাংগপল্লৱ শইকীয়া।অসমীয়া জাতিক স্বনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে হাতে-কামে লাগি গৈছে দুয়োগৰাকী উদ্যমী অসমীয়াই।অসমীয়া এটা গৌৰৱময় জাতি হিচাপে তিষ্ঠি থাকিবলৈ হ’লে সম্পদৰ ওপৰত স্ব নিয়ন্ত্ৰণ থকাই নহয়, এক অৰ্থনৈতিক বিপ্লৱৰ অতীব প্ৰয়োজন। ৰাজ পথত টায়াৰ জ্বলাই আন্দোলন কৰিলেই কাম নিসিজে। ইয়াৰ পৰিৱৰ্তে আমি কৰ্মমুখী হোৱা উচিত। কৃষিকৰ্মৰ বাবে অসম উৰ্বৰা ভূমি। প্ৰাকৃতিক সম্পদেৰেও অসম চহকী। ইয়াৰ উপৰি আছে অসমৰ এক সুকীয়া অনন্য খাদ্য সম্ভাৰ। অসমত থকা প্ৰতিটো জাতি-জনগোষ্ঠীৰ সুকীয়া খাদ্যাভ্যাস আৰু খাদ্যসম্ভাৰ বিশ্বৰ ভিতৰতে সৰ্বোৎকৃষ্ট বুলিব পাৰি। পিছে বিশ্বৰ বজাৰত অসমৰ থলুৱা খাদ্যসম্ভাৰ এক শক্তিশালী আইটেম হিচাপে আজিও গঢ়ি উঠা নাই। এটাসময়ত অসমৰ সামাজিক ব্যৱস্থাই সকলোকে স্বনিৰ্ভৰশীল কৰি ৰাখিছিল। খেতি-বাতিৰে নদন-বদন আছিল প্ৰায় প্ৰতিঘৰ লোক। নথকা সকলকো গাঁৱৰ মানুহে সহায় কৰিছিল। অসমীয়া জাতি ব্যৱসায়িক মানসিকতাৰ নাছিল, আছিল স্বনিৰ্ভৰশীল। কিন্তু বৃটিছসকল অহাৰ পিছতে অসমৰ সামাজিক পৰিকাঠামো সলনি হ’ল। আমদানি হ’ল কেঞা গোলাৰ। বৃটিছসকলে ব্যৱসায়ৰ বাবে এচাম লোকক আনি অসমত বহুৱালে, কানিৰে কানীয়া কৰিলে অসমীয়াক। অসমৰ অৰ্থনীতিলৈ পৰিৱৰ্তন আহিল। এই পৰিৱৰ্তনে অসমীয়াক এটা পৰনিৰ্ভৰশীল জাতিলৈ পৰ্যবসিত কৰিলে।এতিয়া পুৱাৰ জলপান হিচাপে বহু অসমীয়াৰ ঘৰত লুচি-চবজি চলে।অসমীয়াৰ পাকঘৰত এতিয়া ‘বিলাতী’খাদ্যসম্ভাৰৰ ভিৰ। ৰেষ্টুৰেণ্টবোৰতো অসমীয়া থালি বুলি উত্তৰ ভাৰতীয় খাদ্যহে গ্ৰাহকক যোগান ধৰা হৈ আহিছে। হোটেলবোৰতো পুৱা পুৰী-চবজি, পৰঠা বা ছিংৰাৰ চাহিদা বেছি। ৰোল, চাওমিন, পিজ্জা খোৱাটো চহৰবাসী অসমীয়াৰ গৌৰৱ। মুক্ত অৰ্থনীতি আৰু বিশ্বায়নৰ যুগত মানুহৰ খাদ্যাভ্যাস সলনি হোৱাটো ডাঙৰ কথা নহয়।ভাল লগা বিদেশী খাদ্য খোৱাত কোনোৱে আপত্তি কৰিব নোৱাৰে। কিন্তু আমাৰ চহকী আৰু উৎকৃষ্টমানৰ খাদ্যক উপেক্ষা কৰাও উচিত নহয়। আমিতো পুৱা চাহৰ লগত ঘিলা পিঠা, তিল পিঠাও খাব পাৰো। সেইদৰে আবেলি জলপান হিচাপে দৈ খমলাৰে কোমল চাউল, চিৰা বা সান্দহগুড়িও খাব পাৰোঁ। বৰ্তমান ব্যস্ত জনজীৱনৰ বাবে এই খাদ্যসম্ভাৰ সদায়ে প্ৰস্তুত কৰা সম্ভৱ নহয় বাৰু। সেয়ে ব্যৱসায়িক ভিত্তিত এই থলুৱা খাদ্যসম্ভাৰ প্ৰস্তুত কৰি বিশ্বত প্ৰতিষ্ঠা কৰাৰ সময় সমাগত। অন্যথা অসমতে এলাগী হ’ব অসমৰ পৰম্পৰাগত খাদ্যপ্ৰণালী। আমাৰ খাদ্যসম্ভাৰক এক প্ৰণালীবদ্ধ মাৰ্কেটিঙৰ জৰিয়তে বিশ্বত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আগবাঢ়ি আহিছে ‘থলগিৰি:অসমীয়া হোৱাৰ গৌৰৱ’-এ। বিশিষ্ট সাংবাদিক মনোৰম গগৈৰ মানসপুত্ৰ ‘থলগিৰি:অসমীয়া হোৱাৰ গৌৰৱ’। অসমৰ গাঁৱৰ শ্ৰমজীৱী কৃষক ৰাইজৰ অৰ্থনৈতিক ভেটি সবল কৰিবলৈ এক প্ৰণালীবদ্ধ, দীৰ্ঘকালীন, বাস্তৱবাদী পৰিকল্পনাৰ নাম হৈছে থলগিৰি। নিজৰ মানস পুত্ৰ সন্দৰ্ভত মনোৰম গগৈৰ স্পষ্ট মত—-গাঁৱৰ অৰ্থনৈতিক ভেটি সবল কৰাই থলগিৰিৰ প্ৰধান লক্ষ্য। লগতে অসমীয়া খাদ্যসম্ভাৰ, বস্ত্ৰ বিশ্বত প্ৰতিষ্ঠা কৰিব বিচাৰে তেওঁ। মনোৰম গগৈৰ মতে, প্ৰাকৃতিক গেছ, তেল, কয়লা আৰু চাহেই অসমৰ প্ৰধান সম্পদ নহয়।এইবোৰৰ উপৰি অতি সাৰুৱা কৃষি উপযোগী মাটি, নদী, জান-জুৰি, বিল-পিতনি আদিও অসমৰঅন্যতম সম্পদ। এইবোৰৰ সদ্ব্যৱহাৰ কৰাৰ ওপৰত জোৰ দি আহিছে মনোৰম গগৈয়ে। সম্পদৰ যথোপযুক্ত ব্যৱহাৰৰে অসমৰ গ্ৰাম্য অৰ্থনীতিক নতুন ৰূপত তুলি ধৰাটো’থলগিৰি: অসমীয়া হোৱাৰগৌৰৱ’ৰ অন্যতম কাৰ্যসূচী।অসমৰ পৰম্পৰাগত থলুৱা খাদ্যসম্ভাৰক বজাৰলৈ উলিয়াই অনাৰ ক্ষেত্ৰত ‘থলগিৰি’য়ে সৰ্বপ্ৰথমে গুৰুত্ব আৰোপ কৰিছে। ইতিমধ্যে থলগিৰিয়ে অসমৰ বিভিন্ন অঞ্চললৈ গৈ সজাগতাৰ আয়োজন কৰিছে। পৰম্পৰাগত জলপান, পিঠা-পনাৰ বাণিজ্যিকীকৰণৰ বাবেও কাৰ্যপন্থা যুগুত কৰিছে থলগিৰিয়ে। গুৱাহাটীৰ আমবাৰীৰ উগ্ৰতাৰা মন্দিৰৰ ওচৰত থলগিৰিয়ে মুকলি কৰিছে থলুৱা খাদ্যসম্ভাৰ, বস্ত্ৰ আৰু থলৱাভাৱে উৎপাদিত বিভিন্ন সামগ্ৰীৰ বিপণী। ‘থলগিৰি: দ্য এথনিক হাব’নামৰ বিপণীয়ে ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিছে। যোৱা ১৪ ডিচেম্বৰত মুকলি হোৱাৰ পিছতে প্ৰতিদিনে গ্ৰাহকৰ ভিৰ লাগিছে বিপণীত। অসমৰ জাতি মাটি ভেটিৰ সুবাস ল’বলৈ বিদেশী পৰ্যটকেও ভিৰ কৰিছে থলগিৰিত। ক্ৰমাৎ চাহিদা বৃদ্ধি পাইছে থলগিৰিৰ সুস্বাদু খাদ্যসম্ভাৰৰ। গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে বৈ উলিওৱা বস্ত্ৰ সম্ভাৰ, অসমৰ চিত্ৰশিল্পী-ভাস্কৰ্যশিল্পীৰ সৃষ্টিৰাজি, লেখক-লেখিকাৰ নিৰ্বাচিত গ্ৰন্থসম্ভাৰ, ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা বিভিন্ন চাহপাত বিপণীৰ অন্যতম আকৰ্ষণ। সেইদৰে হুৰুম, কোমল চাউল, বোকা চাউল, বিভিন্ন প্ৰকাৰৰ সুস্বাদু পিঠা-পনা, থলুৱাভাৱে উৎপাদিত বিভিন্ন জাতৰ চাউলৰ চাহিদাও ক্ৰমাৎ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে বস্ত্ৰসম্ভাৰৰ ক্ষেত্ৰত মনোৰম গগৈক সহযোগ কৰিছে ফেশ্বন ডিজাইনাৰ গৰিমা গাৰ্গ শইকীয়াই।’থলগিৰি: অসমীয়া হোৱাৰ গৌৰৱ মনোৰম গগৈৰ এক বৃহৎ প্ৰকল্প। থলুৱা সম্পদেৰে কৰ্মসংস্কৃতিক প্ৰাধান্য দি এক সাৰ্থক আৰু যুগান্তকাৰী অৰ্থনৈতিক আন্দোলন গঢ়ি তোলাৰ ক্ষেত্ৰত মনোৰম গগৈৰ থলগিৰি নিঃসন্দেহে পথিকৃৎ হৈ ৰ’ব।একেদৰে অৰ্থনৈতিক বিপ্লৱৰ বাট কাটিছে ‘টীম খাৰখোৱা’ই। ‘টীম খাৰখোৱা’ক জনপ্ৰিয় ব্ৰেণ্ড কৰি তুলিছে দুই উদ্যমী যুৱক দেৱাংগপল্লৱ শইকীয়া আৰু অনুপম চৌধুৰীয়ে। অৱশ্যে ‘খাৰখোৱা’ৰ ধাৰণা আছিল দেৱাংগপল্লৱ শইকীয়াৰ। এক কথাত দেৱাংগপল্লৱ শইকীয়াৰ মানসপুত্ৰ হৈছে ‘খাৰখোৱা’। ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যৱসায় সম্প্ৰসাৰণৰ অভিনৱ কিটিপ আয়ত্ত কৰি এতিয়া সফল যুৱ উদ্যোগীৰূপে পৰিগণিত হৈছে দেৱাংগপল্লৱ শইকীয়া। ‘থলগিৰি’ৰ দৰে ‘খাৰখোৱা’ও এতিয়া অসমৰ থলুৱা খাদ্যসম্ভাৰৰ অন্যতম ব্ৰেণ্ডত পৰিণত হৈছে। ‘টীম খাৰখোৱা’ই অসমৰ ঔষধি গুণসম্পন্ন পৰম্পৰাগত খাদ্যসম্ভাৰক যথোপযুক্ত মাৰ্কেটিঙৰ জৰিয়তে নতুন অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে।প্ৰথমতে ফেচবুকৰ জৰিয়তে খাদ্য বিক্ৰী কৰা ‘খাৰখোৱা’ই শেহতীয়াকৈ বহুকেইখন বিপণী মুকলি কৰিছে। ৰাজ্যৰ ৭০ টা স্থানত উপলব্ধ‘খাৰখোৱা’ৰ আইটেম। গুৱাহাটীৰ বেলতলাৰ লগতে অসমৰ ভিন্ন প্ৰান্তত আছে ‘খাৰখোৱা’ৰ বিপণী।‘থলগিৰি: দ্য এথনিক হাব’তো উপলব্ধ‘খাৰখোৱা’ই প্ৰস্তুত কৰা ভিন্ন প্ৰকাৰৰ খাদ্যসম্ভাৰ।বিশেষকৈ ‘খাৰখোৱা’ই উৎপাদন কৰা বিভিন্ন প্ৰকাৰৰ আচাৰ,ত্ৰিফলাৰ চাহিদা সৰ্বাধিক।এবছৰ পূৰ্বে প্ৰতিষ্ঠা কৰা ‘খাৰখোৱা’ সদ্যহতে দুটা ভাগত বিভক্ত ।এটা হৈছে ‘খাৰখোৱাৰ এসাঁজ’ ।জন্মদিন,বিয়া-সবাহ আদি যিকোনো অনুষ্ঠানত ‘খাৰখোৱাৰ এসাঁজে’ খাদ্যৰ যোগান ধৰি আহিছে।আনটো হৈছে ‘খাৰখোৱা ফুডছ’।‘খাৰখোৱা ফুডছ’ত আছে ৪৫ বিধ থলুৱা খাদ্যসম্ভাৰ।‘খাৰখোৱা’ৰ নিজাববীয়াকে খাদ্য প্ৰস্তুত কৰা কাৰখানাটো আছে নগাঁৱৰ মাজ জাজৰিত।গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে তৈয়াৰ কৰা খাদ্য সামগ্ৰী উচিত মূল্যত ক্ৰয় কৰি গাঁৱৰ অৰ্থনৈতিক ভেটিও গঢ়ি তোলাৰ কামত ব্ৰতী হৈছে টীম খাৰখোৱা।সম্প্ৰতি টীম খাৰখোৱাই বিদেশলৈ খাৰখোৱাৰ খাদ্য সামগ্ৰী ৰপ্তানিৰ বাবে কাম আৰম্ভ কৰিছে।ইয়াৰ বাবে প্ৰয়োজনীয় অনুমতি পালেই বিদেশলৈ ৰপ্তানি হ’ব টীম খাৰখোৱাই প্ৰস্তুত কৰা অসমৰ পৰম্পৰাগত খাদ্যসম্ভাৰ।

মনোৰম গগৈৰ থলগিৰি,দেৱাংগপল্লৱ আৰু অনুপম চৌধুৰীৰ টীম খাৰখোৱাই পৰম্পৰাগত খাদ্যৰ মাৰ্কেটিঙৰ জড়িয়তে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সবল কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান নিঃসন্দেহে স্বীকৃত হৈ থাকিব। ‘থলগিৰি:অসমীয়া হোৱাৰ গৌৰৱ’আৰু টীম খাৰখোৱা বিশ্বৰ জাকত জিলিকা ব্ৰেণ্ড হৈ ৰওক-এয়াই আমাৰ আশা।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *