বিজ্ঞান-প্ৰযুক্তি

স্তনৰ কৰ্কট আৰু মেৰীৰ কথা — (ড° ৰুবুল মাউত)

স্তনৰ কৰ্কট (Breast Cancer) আৰু ডিম্বাশয়ৰ কৰ্কট (Ovarian Cancer)— এই দুবিধ ৰোগৰ বিষয়ে নুশুনা লোক হয়তো খুব কমেই ওলাব। এই দুবিধ ৰোগত বিশ্বত প্ৰতি বছৰে প্ৰায় তিনি নিযুত নতুন ৰোগী ধৰা পৰে; প্ৰতি আঠ গৰাকী মহিলাৰ এগৰাকীয়ে জীৱনকালত স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ শংকা থাকে। চিকিৎসাবিজ্ঞানৰ ব্যাপক অগ্ৰগতিৰ পাছতো বছৰি আধা নিযুততকৈ অধিক ৰোগীৰ মৃত্যু হয় বিশ্বব্যাপী।

এই ভয়াবহ ৰোগ দুবিধ বশ কৰাৰ তেন্তে উপায় কি? কি কাৰণে হ’বলৈ পায় এই ৰোগ? ইয়াৰ জিনীয় কাৰণবোৰ কি? সেইবোৰ জানিলে আমি এই ৰোগ প্ৰতিহত কৰিব পাৰিমনে? অদূৰ ভৱিষ্যতে নাৰীয়ে পাবনে স্থায়ী মুক্তি এই বিভীষিকাময় ৰোগৰপৰা?

এই প্ৰশ্নবোৰৰ উত্তৰ সন্ধানৰ বাবেই আজিৰ এই লেখা লিখিবলৈ লৈছোঁ। এই প্ৰসংগত ক’বলৈ লৈছোঁ এগৰাকী অসাধাৰণ নাৰী তথা প্ৰখ্যাত বিজ্ঞানীৰ শিহৰণকাৰী অম্বেষণ, যাৰ নাম হৈছে মেৰী-ক্লেয়েৰ কিং (Mary-Claire King), যাৰ যুগান্তকাৰী আৱিষ্কাৰে যেন দিব খুজিছে নাৰীৰ কৰ্কট ৰোগৰ এক স্থায়ী সমাধান।

যোৱা শতিকাৰ সত্তৰ দশকলৈকে মানৱ ৰোগত, বিশেষকৈ কৰ্কট ৰোগত যে বংশগতীয় (জিনীয়) কাৰণ থাকিব পাৰে, সেই কথা ভালকৈ জনাই হোৱা নাছিল। সত্তৰ দশকৰ (1970s) শেষৰ ফালে মাইকেল বিশ্বপ (Michael Bishop) আৰু হেৰ’ল্ড ভাৰ্মুছৰ (Harold Varmus) গৱেষণাই দেখুৱাইছিল যে কৰ্কট ৰোগ হ’ব পাৰে ভাইৰাচৰ পৰা অহা মানৱ জিনৰ বিসংগতিৰ বাবে– যাৰ বাবে বিশ্বপ আৰু ভাৰ্মুছক 1989 চনত ন’বেল বঁটা দিয়া হৈছিল। কিন্তু বিশেষ বিশেষ কৰ্কটৰোগত– যেনে স্তনৰ আৰু ডিম্বাশয়ৰ– এনে জিনীয় কাৰক যে থাকিব পাৰে সেই কথা ভালকৈ অনুধাৱন কৰিব পৰা হোৱা নাছিল।

কিন্তু তথ্য মতে জনা গৈছিল যে এটা পৰিয়ালত যদি মাতৃ এগৰাকীৰ স্তনৰ অথবা ডিম্বাশয়ৰ কৰ্কটত আক্ৰান্ত হৈছিল, তেন্তে কন্যা অথবা নাতিনী-আজু নাতিনী পৰ্যন্ত এই ৰোগে দেখা দিয়াৰ প্ৰবল আশংকা থাকে। এই তথ্যকে আধাৰ হিচাপে লৈ মেৰীয়ে (মেৰী-ক্লেয়েৰ কিঙে) ধৰি লৈছিল যে এই ৰোগৰ এক সুনিৰ্দিষ্ট জিনীয় কাৰণ থাকিবই। ফলত 1974 চনৰ পৰাই এই সন্দৰ্ভত তেওঁ গৱেষণা আৰম্ভ কৰিছিল। সেই সময়ত এনে ৰোগৰ জিনীয় কাৰণ বিচাৰি উলিওৱাটো ইমানেই দুঃসাধ্যৰ আছিল যে এই কাৰ্যক এখন বৃহৎ সাগৰত এটি সামান্য মাছ বিচাৰি উলিওৱা অভিযানৰ সৈতে তুলনা কৰিব লগা হৈছিল, তকো প্ৰয়োজনীয় আহিলা-পাতি নোহোৱাকৈ।

এই কাম কিয় ইমান দুঃসাধ্যকৰ?

প্ৰথম কথা আমাৰ কোষৰ ভিতৰত থাকে প্ৰায় তিনিশ কোটি আখৰেৰে লিখিত (Nucleotide) জিনৰ সমষ্টি (যাক জিনম বুলি কোৱা হয়) – যিবোৰ কথা সেই সময়ত জ্ঞাত হোৱা নাছিল। কিন্তু অনুমান কৰা হৈছিল যে এশ-দুশ হাজাৰমান জিন হয়তো আমাৰ কোষত আছে। তাৰ পৰা স্তনৰ কৰ্কট ৰোগ সৃষ্টিকাৰী জিনটো বাছি উলিয়াব লাগে। এই জিনবোৰে আকৌ কোষৰ ভিতৰত মানুহে গাঁও পাতি থকাৰ দৰে থাকে। এই গাঁওবোৰক ক্ৰম’জ’ম (Chromosomes) বুলি কোৱা হয়। মানৱ কোষত এনেকুৱা 23 যোৰ ক্ৰম’জ’ম থাকে– অৰ্থাৎ 23 খন গাওঁ থাকে বুলি ধৰি ল’ব পাৰি। এই গাঁওবোৰৰ দৈৰ্ঘ্যও আকৌ বেলেগ বেলেগ। উদাহৰণ স্বৰূপে, এক নম্বৰ ক্ৰম’জ’মত প্ৰায় চাৰি হাজাৰ জিনে বাস কৰে – ঠিক একেখন গাঁওতে চাৰি হাজাৰ পৰিয়াল থকাৰ দৰে। ঠিক তেনেকৈ একৈশ নম্বৰ ক্ৰম’জ’মত থাকে দুই-তিনিশমান জিন। এই জিনৰ ঘৰবোৰৰ মাজত আকৌ থাকে অজস্ৰ হাবি-জঙ্গল (যাক আমি এতিয়া Non-coding বা Junk DNA বুলি কওঁ)। এই কথাবোৰ 70-80 দশকত জনা হোৱা নাছিল, মাত্ৰ জনা হৈছিল যে আমাৰ কোষত 23 যোৰ ক্ৰম’জ’ম থাকে। স্তনৰ কৰ্কট ৰোগত যদি কোনোবা জিন জড়িত হৈ আছে তেন্তে এই 23 যোৰ ক্ৰম’জ’মতে এশ-দুশ হাজাৰ জিনৰ মাজতে থাকিব আৰু তাক বিচাৰি উলিয়াব লাগিব। কিন্তু কেনেকৈ?

ঠিক যেন এটা অঞ্চলৰ 23 খন গাঁওৰ 100 হাজাৰমান মানুহৰ ঘৰৰ কোনোবা এটাত বাঘ এটা সোমাই আছে; কোনো হাই-উৰুমি নাই; কেনেকৈ উলিয়াব?

মেৰীয়ে তেনেই সীমিত প্ৰযুক্তিৰে, এঢাপ-এঢাপকৈ আগবাঢ়োঁতে প্ৰায় 17 বছৰ লাগিছিল মাত্ৰ এইটো নিশ্চিত কৰিবলৈ যে স্তনৰ কৰ্কট ৰোগৰ অন্তৰালত বিশেষ জিন এটা আছে। 1990 চনত Science নামৰ জাৰ্ণেলত প্ৰকাশিত এখন গৱেষণা পত্ৰত মানৱ কোষৰ 17 নম্বৰ ক্ৰম’জ’মৰ এক বিশেষ অঞ্চলত স্তনৰ কৰ্কটৰোগৰ জিনৰ অৱস্থিতিৰ কথা ঘোষণা কৰে মেৰীয়ে। এই অঞ্চলটো আছিল বিশ নিযুত দৈৰ্ঘ্যৰ নিউক্লিয়টাইডেৰে গঠিত (20 Mega base), ডাঠ হাবি-জংঘলেৰে পৰিপূৰ্ণ (Junk DNA), আৰু ইয়াত কেইবাশ সম্ভাব্য জিন বাস কৰাৰ সম্ভাৱনা আছিল। অৰ্থাৎ স্তনৰ কৰ্কট ৰোগৰ জিনৰ অৱস্থিতিৰ কথা ঘোষণা কৰিলেও আচল কামটো তেতিয়াও বাকী আছিল— জিনটোৰ সঠিক স্থান বিচাৰি উলিওৱা।

মেৰীৰ এই গৱেষণা পত্ৰই চিকিৎসা বিজ্ঞানত বিশেষকৈ জেনেটিক্সত এক ধৰণৰ হুৱাদুৱা লগাইছিল। কি এই জিন? দেখিবলৈ কেনেকুৱা? কিয় এই জিনে স্তনৰ কৰ্কট মাতি আনে? ইত্যাদি ইত্যাদি…

ইতিমধ্যে মেৰীয়ে এই সম্ভাৱ্য জিনৰ নাম ৰাখিছিল BRCA (Breast Cancer gene)।

BRCAক উদ্ঘাটন কৰিবলৈ আকৌ এক অভিযান আৰম্ভ হ’ল 1990 চনত। মাত্ৰ এইবাৰ অভিযানত নামি পৰিল অখংখ্য প্ৰতিদ্বন্দী গৱেষক। ঠিক যেন 17 নম্বৰ গাঁৱৰ বিশেষ অঞ্চলৰ মানুহ এঘৰত লুকাই থকা বাঘটো বিচাৰি উলিয়াবলৈ বিভিন্ন ফৈদৰ মাজত লগা হুৱাদুৱা, প্ৰতিযোগিতা!

বিজ্ঞানৰ ইতিহাসত এই প্ৰতিযোগিতাক কোৱা হয় –The Race to Clone BRCA।

ইয়াৰ মূল দুটা ফৈদৰ এটাৰ নেতৃত্ব দিছিল মেৰীয়ে যাৰ সৈতে আছিল Francis Collins’ৰ দৰে প্ৰখ্যাত সহযোগী (Collaborator), আনটোৰ নেতৃত্বত আছিল Mark Skolnick আৰু Myriad Genetics নামৰ কোম্পানীটো। মুঠ এশজনমান বিজ্ঞানীয়ে পৰৱৰ্তী চাৰি বছৰ চলাই গৈছিল এই অভিযান। এই অভিযানৰ ঘটনাবোৰ বৰ ৰোমাঞ্চকৰ, কিন্তু সকলো কথা ইয়াত উল্লেখ কৰাটো সম্ভৱ নহ’ব, ইচ্ছুক পঢ়ুৱৈয়ে ইয়াৰ কিয়দংশ 2014 চনত Science জাৰ্ণেলত প্ৰকাশিত মেৰীৰ ‘The Race to Clone BRCA1’ নামৰ লেখাটোত পঢ়িব পাৰিব। সি যি নহওক, এই চাৰি বছৰত বিজ্ঞানীসকল এঢাপ এঢাপকৈ আগবাঢ়ি গৈছিল— Linkage analysis নামৰ প্ৰযুক্তিৰে প্ৰথমে 20 Mega base ৰ পৰা আৰম্ভ কৰি কৰ্কটৰ জিন থকাৰ ফালে যাত্ৰা কৰি শেষত 1 Mega base দৈৰ্ঘ্যত উপস্থিত হৈছিলগৈ। এই 1 Mega baseত তন্ন তন্ন কৈ বিচাৰ আৰম্ভ হৈছিল—ক’ত আছে এই স্তনৰ কৰ্কট সৃষ্টিকাৰী দৈত্যৰূপী জিন? মেৰী আৰু সহযোগী বিজ্ঞানী সকলে পৰীক্ষা কৰি এই অঞ্চলত পোন্ধৰটামান জিন পাইছিল। কিন্তু এই অঞ্চলত থকা Complex DNA structure ৰ বাবে BRCA1’ক বিচাৰি পোৱাটো বৰ কঠিন হৈ পৰিছিল…

অৱশেষত BRCA1 বিচাৰি পাইছিল মেৰীৰ প্ৰতিদ্বন্দীসকলে—Mark Skolnick আৰু Myriad Genetics নামৰ কোম্পানীটোৱে, 1994 চনত। অৰ্থাৎ অৱশেষত মেৰী যেন হাৰি গৈছিল, যদিও মেৰীয়েই নিৰ্ণয় কৰি থৈছিল BRCA’ৰ স্থান আৰু নাম।

BRCA1ৰ পিছতে ইয়াৰ ভগ্নী জিনস্বৰূপ BRCA2 আৱিষ্কাৰ হৈছিল। পিছত এই দুই জিনে কেনেকৈ কোষৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰে, আৰু এই জিনত থকা বিসংগতি তথা মিউটেশ্যনে কেনেকৈ স্তনৰ আৰু ডিম্বাশয়ৰ কৰ্কট মাতি আনে তাৰ বিস্তৃত অধ্যয়ন হৈছিল। গম পোৱা গ’ল যে মহিলাৰ কোষত BRCAৰ মিউটেশ্যন থাকিলে জীৱনৰ এটা সময়ত মহিলাগৰকী এই দুবিধ কৰ্কটৰোগত আক্ৰান্ত হোৱাটো প্ৰায় আশী-নব্বৈ শতাংশই নিশ্চিত। ফলত যি মহিলাই আগতিয়াকৈ BRCA পৰীক্ষা (BRCA mutation screen) কৰাই যদি গম পায় যে দেহৰ কোষত মিউটেশ্যন আছে, তেন্তে বিশেষ অস্ত্ৰোপচাৰৰ যোগেদি স্তন বা ডিম্বাশয় উঠাই দিলে সেই মহিলাৰ এই দুবিধ কৰ্কটৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা প্ৰায় নব্বৈ শতাংশ। [শেহতীয়াকৈ হলীউদৰ প্ৰখ্যাত অভিনেত্ৰী এঞ্জেলিনা জ’লীয়ে BRCA মিউটেশ্যনৰ কথা আগতীয়াকৈ গম পাই স্তন উঠাই দি ভৱিষ্যতে Breast cancer নোহোৱাটো নিশ্চিত কৰিছিল।]

মেৰীৰ নিৰৱছিন্ন গৱেষণাৰ অন্তত আবিষ্কৃত BRCAই নাৰীৰ কৰ্কটৰোগৰ ক্ষেত্ৰত যুগন্তকাৰী ভূমিকা গ্ৰহণ কৰিছিল। PARP inhibitor নামৰ এক নতুন ঔষধে যি BRCA মিউটেশ্যন থকা কৰ্কট কোষ ধ্বংস কৰে, মহিলাসকলক দিছিল জীৱন দান। ইত্যাদি ইত্যাদি।

অৱশ্যে মেৰীৰ এই একৈশবছৰীয়া অভিযানৰ অন্তত মহিলা সকলৰ বাবে আনি দিয়া ব্যাপক প্ৰতিশ্ৰুতি-সম্ভাৱনা-আশাৰ পিছতো BRCA মিউটেশ্যনৰ পৰীক্ষাৰ যোগেদি কৰ্কট ৰোগ প্ৰতিৰোধ কৰাটোত দুটা প্ৰতিবন্ধকতা আহি পৰিছিল। প্ৰথম—Myriad Genetics নামৰ কোম্পানীটোৱে BRCA জিনৰ পেটেণ্ট কৰিছিল যাৰ বাবে মহিলা সকলে যদি BRCA মিউটেশ্যনৰ পৰীক্ষা কৰিব খোজে, তেন্তে বৃহৎ অৰ্থ ভৰিব লাগে। ফলত মেৰীয়ে এই কোম্পানীৰ একাধিপত্যৰ বিৰুদ্ধে যুঁজিবলগীয়া হৈছিল আৰু অৱশেষত 2013 চনত আমেৰিকাৰ ছুপ্ৰিম কৰ্টে এই পেটেণ্ট অবৈধ বুলি ঘোষণা কৰিছিল। বিজ্ঞানৰ সাৰ্বজনীন কল্যাণৰ বিৰুদ্ধে এই পেটেণ্ট যেন এটুকুৰা ক’লীয়া ডাৱৰ আছিল। দ্বিতীয়তে, BRCA মিউটেশ্যনৰ পৰীক্ষা কৰিবলৈ জিনৰ অনুক্ৰমণ (gene sequencing) পদ্ধতি ব্যৱহাৰ কৰিব লাগে। এই পদ্ধতিৰ বিকাশ যোৱা বিশ বছৰতহে দ্ৰুত গতিৰে হৈছে। উদাহৰণ স্বৰূপে, 2000 চনত সম্পূৰ্ণ হোৱা হিউমেন জিনম প্ৰজেক্টত প্ৰায় তিনি বিলিয়ন আমেৰিকান ডলাৰ খৰচ হৈছিল, কিন্তু এনে অনুক্ৰমণ আজিৰ দিনত এশ ডলাৰতে সম্ভৱ।

Genome sequencing ৰ দ্ৰুত প্ৰসাৰৰ পিছতো যেন বিশ্বৰ প্ৰত্যেক নাৰীয়ে এই সুবিধা ভোগ কৰিবলৈ এতিয়াও বহু বাকী। নক’লেও হ’ব যে চিকিৎসা বিজ্ঞানৰ এনে পদ্ধতিবোৰ বিশ্বৰ গাঁৱে-ভূঞে উপলভ্য হ’বলৈ হ’লে নতুন প্ৰজন্মৰ চিকিৎসক-বিজ্ঞানী-ব্যৱসায়ী-প্ৰশাসক সকলো আগবাঢ়ি আহিব লাগিব। সৃষ্টি কৰিব লাগিব ব্যাপক জনজাগৰণ। এইখিনি কৰিব পাৰিলে ভৱিষ্যতে নিশ্চিত হ’ব যে কোনো নাৰীয়ে BRCA মিউটেশ্যনৰ বাবে হ’বলগীয়া কৰ্কট ৰোগত মৃত্যুমুখত পৰিবলগীয়া নহ’ব।

…আৰু বহু কথা কোৱাৰ অৱকাশ আছিল—বিশেষকৈ মেৰীৰ কথা। BRCA আৱিষ্কাৰৰ বাদেও মানৱ সভ্যতালৈ তেওঁৰ অৱদানৰ কথা জানিলে বিস্ময়াভিভূত হ’ব। 1980 চনৰ আশে-পাশে আৰ্জেণ্টিনাত মিলিটেৰী শাসকে চৰকাৰৰ বিৰুদ্ধাচৰণ কৰা সকলক দমন কৰিবলৈ চলাইছিল এক হত্যালীলা— হাজাৰ হাজাৰ লোকক বন্দী কৰি হত্যা কৰা হৈছিল। বন্দী কৰা হৈছিল এই লোকসকলৰ কণ কণ সতি-সন্ততিকো। এই কুশাসন অন্ত পৰাৰ পিছত এই শিশুবোৰৰ (অলপ ডাঙৰ হোৱাৰ পিছত) ককাক-আইতাক তথা সম্বন্ধীয় কোন তাক বিচাৰি উলিয়াবলৈ অনুৰোধ কৰা হৈছিল মেৰীক। মেৰীয়ে নিজৰ লেবৰেটৰীত Mitochondrial DNA sequencingৰ নতুন প্ৰযুক্তি বিকাশ আৰু প্ৰয়োগেৰে শ-শ পৰিয়ালক পুনৰ্মিলন কৰোৱাইছিল। Schizophrenia ৰ দৰে ৰোগৰ বহু তৰপীয়া জিনীয় কাৰণ বিচাৰি উলিয়াইছিল। পেলেষ্টাইনৰ লোকৰ Hearing lossৰ জিনীয় কাৰণ বিচাৰি উলিয়াইছিল। ভিয়েটনামৰ…।

মোৰ দৃষ্টিত ডo মেৰী-ক্লেয়েৰে কিং মানৱ ইতিহাসৰ এগৰাকী শ্ৰেষ্ঠ নাৰী—মেৰী ক্যুৰিৰ দৰেই এগৰাকী শ্ৰেষ্ঠ বিজ্ঞানী। সেইবাবে প্ৰত্যেক বছৰে যেতিয়া চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা কৰা হয় তেতিয়া উদগ্ৰীৱতাৰে চাওঁ তেওঁৰ নাম আছে নেকি বুলি। সত্তৰ ঊৰ্দ্ধৰ বয়সতো এতিয়াও প্ৰতি বছৰে কৰি গৈছে অনবদ্য আৱিষ্কাৰ তেওঁৰ ৱাশ্বিংটন বিশ্ববিদ্যালয় গৱেষণাগাৰত।

শেষত এটা কথা কৈ সামৰিব বিচাৰিছোঁ—এসময়ত হয়তো বিশ্বৰ কোণে কোণে প্ৰত্যেক যুৱতীয়ে ওচৰৰ হাস্পতালত গৈ সম্ভাৱ্য কৰ্কট ৰোগৰ (স্তনৰ আৰু ডিম্বাশয়ৰ) আগজাননি ল’বলৈ BRCA পৰীক্ষা কৰাবলৈ যাব—আৰু আগতীয়াকৈ গম পাই প্ৰয়োজনীয় ব্যৱস্থা লৈ কৰ্কটমুক্ত হোৱাটো নিশ্চিত কৰিব, আৰু তেতিয়া ক’ব– Thank you God!

তেতিয়া সেই নেপথ্যৰ God আন কোন নহয়, সেয়া ডo মেৰী-ক্লেয়েৰ কিং।

[বি:দ্ৰ: এই লেখাত স্তনৰ কৰ্কট কোষৰ আনবোৰ মিউটেশ্যন যেনে – Her2, Estrogen receptor আদিৰ বিষয়ে লিখা হোৱা নাই।]

(ইতিপূৰ্বে ‘দৈনিক অসম’ত প্ৰকাশিত লেখাটোৰ গুৰুত্বলৈ লক্ষ্য ৰাখি লেখকৰ অনুমতি সাপেক্ষে মুক্ত চিন্তাৰ পাঠকলৈ আগবঢ়োৱা হ’ল।)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *