৬ষ্ঠ বছৰ(প্ৰথম সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাষষ্ঠ বছৰ

অন্ধবিশ্বাস আৰু পৰম্পৰাগত সমাজ ব্যৱস্থা -(ভবেন দাস)

আমাৰ সমাজ ব্যৱস্থাটোৰ কোঁহে কোঁহে সোমাই পৰা অন্ধবিশ্বাসবোৰৰ পৰা কেনেদৰে নিজকে আঁতৰাই ৰাখিব পাৰি তাক লৈ ভিন্ন ভিন্ন ধৰণৰ লেখা পঢ়িছোঁ আৰু সমাজত সংঘটিত হোৱা বিভিন্ন ধৰণৰ ঘটনা আমি দেখিবলৈ পাইছোঁ। ইয়াৰ প্ৰতিকাৰৰ বাবে আমি কি কৰা উচিত? সেইয়াহে মন কৰিবলগীয়া বিষয়। বিভিন্ন কাকত-আলোচনীৰ পাতত পোৱা যায় যে অন্ধবিশ্বাসৰ হেঁচাত বলি হৈ সময়ে সময়ে বহুতো মানুহে নিজৰ জীৱন পৰ্যন্ত হেৰুৱাইছে। এই সমস্যাই মাজে মাজে সমাজত এক ভয়াৱহ ৰূপ ধাৰণ কৰে। মধ্যযুগতো কুসংস্কাৰ-অন্ধবিশ্বাস-অনাচাৰ-অবিচাৰেৰে ভৰা সময়ছোৱাত দেশৰ এক শ্ৰেণী মানুহে দেশৰ মানুহকে ঠগ-প্ৰবঞ্চনা কৰি লুটি-পুতি খোৱাৰ পৰা বিদ্বেষ-বিভাজনেৰে সামাজিক বিশৃংখলাৰ সৃষ্টি কৰাত যি অজ্ঞতা-মূঢ়তা-অযুক্তি-অমানৱীয়তাৰ কদৰ্য পৰিবেশ তৈয়াৰ হৈছিল, তাৰ বাবে ধৰ্মৰ সুযোগ ল’ব পৰা পৰিস্থিতিৰ বাবে ধৰ্মও কলংকিত হৈ পৰিছিল। জ্ঞান বিৰাগী ধূৰ্ত আৰু নিৰ্দয় লোকৰ দ্বাৰা ধৰ্মৰ নেতৃত্ব লোৱাৰ মাধ্যমেৰে সমাজক বিপথে পৰিচালনা কৰাৰ কুফল হিচাপে আজিও ঠাইভেদে অন্ধ বিশ্বাসৰ বলি হোৱা ঘটনা পৰিলক্ষিত হয়। আনহাতে ব্ৰহ্মগুপ্ত, আৰ্যভট্ট, ভাস্কৰাচাৰ্য, যাজ্ঞবল্ক্য, ভৰদ্বাজ, চৰক, কালিদাস, বাৎসায়ন, চাণক্য, বিক্ৰমাদিত্য আদি বিবিধ দিশৰ মেধাৱী-মনীষী সকলৰ পৰিচয় পাহৰি পাশ্চাত্যৰ চকুত লাজ লগাকৈ বিদ্যাহীন দেশ হিচাপে পৰিচিত হ’ব লগা হৈছিল৷ যি হিন্দু-আৰৱীয় পদ্ধতিৰ ভেটিত গাণিতিক সমাধানবোৰ সম্পন্ন হোৱাৰ সুবাদতেই সমগ্ৰ বিশ্বতেই হিন্দু-আৰৱীয় পদ্ধতিৰ সাংখ্যিক ধাৰণাটো প্ৰৱৰ্তিত হ’ল, সেয়াও ভাৰতীয়ক মনত কৰাই দিব লগা হ’ল সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা দিগ্বিজয়ৰ উদ্দেশ্যে আহি শাসনভাৰ লোৱা ইংৰাজসকলেহে তথাপিও যেন পুনৰ বোধ ক্ষমতা হেৰুৱাই পেলাইছে সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত।
সমাজত প্ৰচলিত পৰম্পৰাগত লোক-বিশ্বাস আৰু নিয়মে কিমানৰ প্ৰাণ কাঢ়িছে তাৰ উপযুক্ত প্ৰমাণ দিবলৈ হয়তো বেছি দূৰ যাব লগা নহয়। টোপনি ভাও ধৰা মানুহক যিদৰে জগাবলৈ কষ্ট হয় ঠিক একেদৰে টোপনি নহাৰ কথা চিন্তা কৰি টোপনি ক্ষতি নকৰিবলৈ দিয়া ডাক্তৰী পৰামৰ্শ দিয়া নিচিনা। অন্ধবিশ্বাসক নুই কৰি যেন সমাজৰ কোনো কামত আগবাঢ়িব নোৱাৰে তেনে মনোভাৱ গাঁৱত এতিয়াও সূলভ। কিন্তু চিৰদিনৰ বাবে অন্ধবিশ্বাসৰ পৰা মুক্ত কৰিব পৰাটো সিমান সহজ কথাও নহয় যেন অনুভৱ হয়। সমাজৰ একাংশ নীতি নিয়মৰ বাবেই এতিয়াও বহুতো শিক্ষিত মানুহেই অন্ধবিশ্বাসৰ বলি হ’ব লগা হয়। এটা কথা স্বীকাৰ কৰিব লাগিব যে সকলো পৰিঘটনাৰে কাৰণ আৰু ফলৰ সম্পৰ্ক সন্ধানেই সকলো বিজ্ঞানৰ মৌলিক আধাৰ। আপোনাৰ মনৰ এচুকত সাধাৰণ জ্ঞানৰ উকটোৱেও কিবা এটাৰ এটা কাৰণ বিচাৰিব। “কাৰণ” বিচাৰি পাবলৈ অসমৰ্থ হ’লেই, পৰিঘটনা এটা লোকবিশ্বাস নাইবা কোনো দেৱ-দেৱতাৰ কাম হৈ পৰে। মানৱ সভ্যতাৰ আৰম্ভণিৰ অধ্যায়বোৰত এনে বেছিকৈ ঘটিছিল। এনে বিশ্বাসবোৰ সকলোধৰণৰ ব্যাখ্যা আৰু যুক্তিক খণ্ডন কৰি পাৰিবাৰিক আৰু সামাজিক সম্পৰ্কক প্ৰভাৱান্বিত কৰা গুৰুত্বপূৰ্ণ কাৰক হিচাপে পৰিগণিত হ’বলৈ আৰম্ভ কৰে আৰু পাছলৈ একেবাৰে অপ্ৰাসংগিক কাকতালীয় ঘটনাৰ বিশ্লেষণো এইবোৰৰ আধাৰতে কৰাৰ প্ৰৱণতা এটা গঢ় লৈ উঠে আৰু এক নীৰল গতিৰে চলি আছে আৰু চলি থাকিব যদি ইয়াৰ সমাধানৰ ব্যৱস্থা নকৰে ।

কিন্তু প্ৰযুক্তিৰ ক্ষেত্ৰত দেশে বহুদূৰ আগবাঢ়িছে যদিও যিজন নৱ-ভাৰতৰ স্ৰষ্টা বুলি খ্যাত বিশিষ্ট বিজ্ঞানী ৰাষ্ট্ৰপতি এপিজে আব্দুল কালাম দেৱৰ সপোন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আধাৰত এখন নতুন ভাৰত গঢ়াৰ সপোন দেখিছিল তাৰ যেন বিপৰীতে কিছু কাৰ্য দেখিবলৈ পোৱা গৈছে। য’ত দেশৰ ৰাজনৈতিক মহলে বিজ্ঞানৰ সকলো যুক্তি আৰু তত্ত্ব মষিমূৰ কৰি নমামী গংগাৰ দৰে অনুষ্ঠান পাতি চৰকাৰী ভাৱে লাখ লাখ টকা খৰচ কৰি সাধাৰণ মানুহৰ মাজত অন্য এক ধাৰাৰ সৃষ্টি কৰিছে। সামাজিক অন্ধবিশ্বাস আৰু কুসংস্কাৰ যিবোৰে আমাৰ জীৱনত প্ৰভাৱ পেলায় আহিছে – সেইবোৰ কি আৰু কিয় হৈছে তাৰ কোনো সুদুত্তৰ নাই। যেতিয়া ব্যক্তিগত অন্ধবিশ্বাসৰ পৰা গৈ ক’লা যাদু নাইবা কিবা ‘অতি-প্ৰাকৃতিক শক্তি’-ৰ প্ৰভাৱত খৰাং হোৱা নাইবা সামাজিক দুৰ্ভাগ্য কঢ়িয়াই অনা, আন কোনো ঘটনা সংঘটিত কৰা বুলি বিশ্বাস কৰা ধৰণৰ সামাজিক কুসংস্কাৰৰ ৰূপ লয়গৈ তেতিয়াই সমাজৰ সদস্য সকলৰ মনত ঘৃণা আৰু শত্ৰুতাৰ সৃষ্টি হয়। যি ডাইনী সন্দেহত নিৰপৰাধী কাৰোবাক হত্যা জাতীয় ঘৃণনীয় অপৰাধৰ জন্ম দিয়ে। ডাইনী বিশ্বাসৰ কুসংস্কাৰ দেশৰ বহুকেইখন ৰাজ্যতে এটা বহু দিনীয়া সমস্যা আৰু ই গুৰুতৰ মানৱাধিকাৰ লঙ্ঘনৰ ৰূপ লৈ এক বৃহৎ প্ৰত্যাহ্বান হৈ থিয় দিছে। অসমত ডাইনী তন্ত্ৰ-মন্ত নামে খ্যাত। এগৰাকী নাৰী বা বহুতো সময়ত পুৰুষকো সম্প্ৰদায় এটাৰ সদস্য সকলে ডাইনী নাম দিয়ে আৰু সম্প্ৰদায়টোৱে মুখামুখি হোৱা সকলো ধৰণৰ বেয়া কাৰ্যৰ বাবে এই লোক জনকে দোষী সাব্যস্ত কৰে। মানুহৰ, বিশেষকৈ শিশুৰ মাজত দুৰাৰোগ্য বেমাৰ বিয়পোৱা বুলি অপবাদ জাপি দিয়া হয়। ডাইনী বুলি ‘চিহ্নিত’ মানুহ গৰাকীক অপমান, লাঞ্ছনা আৰু মানসিক তথা শাৰীৰিক নিৰ্যাতনৰ পৰিকল্পনা ৰচিত হয়। এনেকুৱা পৰিস্থিতিও আহে য’ত ‘ডাইনী’ গৰাকীক এঘৰীয়া কৰাৰ উপৰিও ৰাজহুৱাভাৱে দৈহিক আক্ৰমণ কৰি আঘাত হানিবলৈ মান্যতা দিয়া হয়। মহামাৰী জাতীয় সংকটকে ধৰি, প্ৰাকৃতিক বা অন্য দুৰ্যোগৰ দ্বাৰা গাঁও এখন আক্ৰান্ত হোৱাৰ সমস্ত দোষৰ অপবাদ নাৰী এগৰাকীৰ ওপৰত জাপি দিয়াৰ মনোবৃত্তিয়ে সমাজত অন্ধবিশ্বাস বা সামাজিক কুসংস্কাৰৰ ভূমিকাকে দৰ্শায় ইয়াৰ বিপৰীতেও কিন্তু তাৰে এচামৰ জৰিয়তে কোনো অন্ধবিশ্বাসী কাৰুকাৰ্য্য কৰা পৰিলক্ষিত হয় যিটো পৰম্পৰাগত উৎসৱ হিচাপে নামাকৰণ কৰিব বিচাৰে য’ত পশু পক্ষী নিধন যজ্ঞ কৰে। এনে বিষবাষ্পৰ বিস্তাৰণ ৰোধ কৰিবলৈ আমি এক বৈজ্ঞানিক চিন্তাধাৰা আৰু মনোবৃত্তি সমৃদ্ধ সামাজিক পৰিবেশ গঢ়ি তুলিব লাগিব যাতে সম্প্ৰদায় তথা সামাজিক স্তৰত এই অন্ধবিশ্বাস আতৰাব পৰা যায়। সামাজিক স্তৰত প্ৰচলিত পূৰ্ব-ধাৰণা সমূহক, কু-সংস্কাৰবোৰক প্ৰতিৰোধ কৰি আমি সামাজিক বান্ধোন আৰু শক্তিক এনে এক যোগাত্মক পৰিৱৰ্ত্তন দিব লাগিব যাতে অন্ধবিশ্বাসৰ জৰিয়তে সাধাৰণ খাটি খোৱা মানুহ শ্ৰেণীক কষ্ট দিয়াৰ পৰিবেশৰ অন্ত পৰে। ইয়াৰ বাবে আপোনাৰ ঘৰখনৰ পৰাই এক সুদৃঢ় পদক্ষেপ ল’ব লাগিব। আহকচোন আমি এক সংকল্প লওঁ মুক্ত চিন্তাৰ আলোচনীৰ মজিয়াৰ পৰা য’ত সমাজত চলি অহা পৰম্পৰাগত অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰ আঁতৰ কৰি এখন সুস্থ সমাজ গঢ় দিব পাৰোঁ ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *