অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (চতুৰ্থ সংখ্যা)

অন্ধবিশ্বাস, ৰোগ আৰু কৰ’না ভাইৰাছ (প্ৰসেনজিৎ চৌধুৰী)

বাৰাণ্ডাতে বহি আড্ডা মাৰি আছিলোঁ। বার্ধক্যৰ নিত্যসংগী অসুখ-আলস্য-অক্ষমতা আছেই। তাৰ লগতে আগ্রাসী কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে কেউপিনে ‘লকডাউন’। মানুহৰ চিঞৰবাখৰ, গাড়ীৰ সশব্দ উপদ্ৰৱ, বাইকৰ বেপৰোৱা হুংকাৰ— একো নাই। চৰাই-চিৰিকটিৰ কলধ্বনিয়ে যেন এক নিৰুৎপাত প্রাক-আধুনিক প্রশান্ত পৰিৱেশ সৃষ্টি কৰিছে। এনে নিথৰ-নিস্তব্ধ বাতাৱৰণত আড্ডাই মনটো ঈষৎ সজীৱ কৰে, হয়তো সাময়িকভাৱে দুশ্চিন্তাৰ পৰা পলায়নৰ পথো সুগম কৰে। এই পৰিৱেশত নিৰাপদজনক দূৰত্বত বহি অর্থাৎ সামাজিক ব্যৱধান নহয়, কায়িক ব্যৱধানেৰে নিয়ম-নিষ্ঠাৰে আড্ডা মাৰি থাকোঁতে হঠাৎ ভাইৰাছভীতা প্রতিবেশী মহিলা এগৰাকীয়ে অলপ উদ্বিগ্নতাৰে ক’লে, ‘খুৰা, এটা খবৰ পাইছোঁ। জন্মৰ লগে লগে কেঁচুৱা এটাই ক’লে— পৃথিৱীখন ধ্বংস হ’ব, তোমালোকে তিনিগছি চাকি জ্বলোৱা। কথাষাৰ কৈয়েই কেঁচুৱাটো মৰি থাকিল”। এই নাভূত-নাশ্রুত কাহিনীটোৰ বার্তা স্পষ্ট- তিনি গছি চাকি জ্বলালে চৰম বিপর্যয় (কৰ’না ভাইৰাছৰ) পৰা ৰক্ষা পোৱা যাব।

ভাইৰাছাতংকই বিহ্বল কৰা মহিলাগৰাকীৰ কথা শুনি অকণো আচৰিত নহ’লোঁ। ভয়, উদ্বেগ, অনিশ্চয়তাই অস্থিৰ কৰা বাতাৱৰণত আজগুবী আখ্যানত মানুহে কোনো সংশয় নোহোৱাকৈ বিশ্বাস কৰাটো খুবেই স্বাভাৱিক। আমাৰ মানুহৰ মনৰ দলৈকে অন্ধবিশ্বাস শিপাই আছে। সাধাৰণ মানুহৰ কথা বাদেই দিছোঁ, উচ্চ শিক্ষিত লোক— আনকি ফ’ৰেইন-ফেৰৎ বিজ্ঞানীও ইয়াৰ কবলত পৰা দেখা যায়। ৰোগব্যাধিয়ে যেতিয়া জনসমাজক বাৰুকৈ আতংকিত কৰে, যেতিয়া দুৰ্ভাৱনা-দুশ্চিন্তাই সর্বগ্রাসী ৰূপ ধাৰণ কৰি মানুহৰ যুক্তিবোধৰ ন্যূনতম ভূমিকাকো শিথিল কৰি পেলায়, তেতিয়া অন্ধবিশ্বাসৰ প্ৰসাৰ অধিক উজু, দ্রুত আৰু ব্যাপক হৈ পৰে। এই প্রক্রিয়াটোৰ সর্বপ্রধান কাৰণ মানুহৰ মৃত্যু-ভীতি। মৃত্যু মানৱ-জীৱনৰ নিশ্চিত পৰিণতি, কিন্তু এই নিশ্চিত পৰিণতিৰ কোনো নিশ্চয়তা নাই। এই অনিশ্চয়তাই মৃত্যু-ভীতিৰ প্রকোপ-পৰাক্ৰম বঢ়ায়। ৰোগ, দুর্ঘটনা, প্রাকৃতিক দুর্যোগ আদিৰ সৈতে যুক্ত বহু অন্ধবিশ্বাসে এই ভীতিৰ পৰাই পুষ্টি আহৰণ কৰি জীয়াই থাকে।

স্মৰণাতীত কালৰে পৰা বেমাৰ-আজাৰৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে যে কিমান অভাৱনীয় আৰু উদ্ভট উপায় উদ্ভাৱন কৰিছিল / কৰিছে তাৰ অসংখ্য আমোদজনক নমুনা কিতাপে-পত্ৰই পোৱা যায়। কৰ’না ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰিবলৈও আমাৰ এচাম মানুহে এনে কেতবোৰ উপায়ক উৎসাহেৰে প্রশ্রয় দিয়া দেখা গৈছে। বহুতে ভাবিছে, বিশেষ কিছুমান মন্ত্র/ প্রার্থনা উচ্চাৰণ কৰিলেই ভয়াৱহ ভাইৰাছৰ পৰা নিষ্কৃতি পোৱা যাব। এই প্রার্থনা-নিৰ্ভৰ পদ্ধতিৰ পুৰাতনীয়া নিদর্শন অথর্ব বেদৰ ‘তকমন’ সূত্রত আছে। ‘তকমন’ এবিধ জ্বৰ। এই জ্বৰে আক্ৰমণ কৰা ক্লিষ্ট ৰোগীৰ হৈ অথর্ব বেদত প্রার্থনা জনোৱা হৈছে— তকমনে এই ৰোগীক ত্যাগ কৰি মুজবৎ প্রভৃতি দেশৰ দাসী আৰু শূদ্ৰসকলক যেন ভক্ষণ কৰে। ৰোগ নিৰাময়ৰ এই জাতীয় প্রার্থনা-নিৰ্ভৰ পদ্ধতি আজিও বেছ জনপ্রিয় যদিও অন্য অঞ্চলৰ মানুহ ৰোগাক্রান্ত হোৱাটো আজিকালি নিশ্চয় কোনেও কামনা নকৰে। অৱশ্যে এই কথা অনস্বীকার্য যে আধুনিক চিকিৎসাৰ প্ৰসাৰৰ ফলত প্রার্থনাই পূর্বৰ আধিপত্য কিছু পৰিমাণে হেৰুৱাইছে। সম্প্রতি খুব কমসংখ্যক লোকে কেৱল প্রার্থনা বা অন্য প্রকাৰৰ অলৌকিক চিকিৎসা / পদ্ধতিৰ সহায়ত নিজকে ৰোগমুক্ত কৰিব বিচাৰে। খুব সম্ভৱ আমাৰ দেশৰ অধিকাংশ মানুহে ৰোগৰ পৰা নিষ্কৃতি পাবলৈ সমান্তৰালভাৱে দুটা পদ্ধতি অৱলম্বন কৰে— এফালে পূজা-পাতল, প্রার্থনা, জৰা-ফুকা, তাবিজ, মন্ত্র আদিৰ ওপৰত নিৰ্ভৰতা, আনফালে আধুনিক চিকিৎসা। ধর্মীয় বিশ্বাস আৰু লোক-পৰম্পৰাৰ সৈতে জড়িত প্রথম পদ্ধতিটোৰ লগত মানুহৰ আশৈশৱ সম্পর্ক, তাৰ আৱেগিক আবেদনো গভীৰ।

কৰ’না ভাইৰাছে অকস্মাতে সূচনা কৰা আতংকময় পৰিৱেশত অন্য কেতবোৰ অমূলক বিশ্বাসৰো প্রাদুর্ভাৱ পৰিলক্ষিত হৈছে। বহুতে ভাবিছে, সজোৰে আৰু পৰম উচাহেৰে খোল, তাল, ঘণ্টা, থালী আদি বজালে প্রাণনাশক ভাইৰাছৰ পশ্চাদপসৰণ আৰম্ভ হ’ব। সমাজ-বিকাশৰ আদ্য পর্যায়ত যাঠি-জোং লৈ হিংস্র জন্তু-জানোৱাৰৰ পৰা নিজকে বচাবলৈ মানুহে সশব্দ সমূহীয়া অভিযান চলাইছিল। আমাৰ নগৰৰ অথবা মহানগৰৰ স্মার্ট নাগৰিকসকলে  ঘণ্টা, থালী আদি বজাই আয়োজন কৰা ভাইৰাছ-বিতাড়নৰ প্ৰয়াসত এই আদিম অভিযানৰ অৱশেষ বিদ্যমান। ভীতি-উদ্রেককাৰী বিকট শব্দ শুনিলে অপশক্তি পলাব— এইধৰণৰ জনবিশ্বাসৰ উল্লেখ আমি বেণুধৰ ৰাজখোৱাৰ ৰচনাত পাওঁ— ভূত-প্রেতক ভয় দেখুৱাবলৈ হাতী ধৰোতাসকলে হাবিত বন্দুক মাৰে। ব্রীগছ নামৰ লেখকজনৰ কিতাপৰ পৰা জনা যায় যে উত্তৰ প্ৰদেশৰ চমাৰসকলে বেমাৰ-আজাৰক খেদি পঠিয়াবলৈ অন্যান্য অনুষ্ঠানৰ লগতে তিনিবাৰ বন্দুকো মাৰে। আমোদজনক কথা হ’ল, সৌ সিদিনা একৈশ শতিকাৰ স্মার্ট ভাইৰাছ-বিতাড়ণকাৰীসকলে সমজাতীয় পদ্ধতি প্রয়োগ কৰি এক ধৰণৰ গোষ্ঠী-হিষ্টিৰিয়াৰ সূচনা কৰিছিল।

প্রসংগক্রমে উল্লেখ্য, অন্ধবিশ্বাসৰ এনে সমূহীয়া অভিব্যক্তিৰ আঁৰত একাংশ মানুহৰ ৰাজনৈতিক উদ্দেশ্য থকাটো আচৰিত নহয়। কৰ’নাৰ পৰা কেন্সাৰলৈ সকলো ৰোগৰ নিৰাময়ৰ সূত্র গো-মূত্র— এই অভিনৱ তত্ত্বৰ নেপথ্যৰ যি প্রেৰণা, তাৰ এটা উৎস সাংস্কৃতিক ৰাজনীতি হোৱাটোও সম্ভৱ।

কৰ’না ভাইৰাছ মানুহৰ অস্তিত্বৰ প্ৰতি ভাবুকিস্বৰূপ। ইয়াৰ সংহাৰী সম্প্রসাৰণে উন্নত দেশবোৰকো সংকটৰ মুখলৈ ঠেলি দিছে। আনহাতে বিজ্ঞানৰ কান্ধত হাত থৈ অটল আত্মপ্রত্যয়েৰে বিজ্ঞান-কৰ্মীসকল ৰোগটোৰ মুখামুখি হৈছে। ভাইৰাছৰ গঠন তথা লক্ষণ আৰু সম্প্ৰসাৰণৰ গতিগোত্র অনুধাৱন কৰি তাক বাধা দিবলৈ তেওঁলোকে অহর্নিশে চেষ্টা চলাই গৈছে। এনে এক উৎকণ্ঠাপূর্ণ বিপন্ন অৱস্থাত ঈশ্বৰ-বিশ্বাসী মানুহে প্রার্থনা, উপাসনা, পূজা-পাতল আদি পৰম্পৰাগত ধর্মাশ্রয়ী উপায়ৰ জৰিয়তে ৰোগটোৰ আক্রমণ প্রতিহত কৰিবলৈ চেষ্টা কৰাটো খুবেই স্বাভাৱিক। দয়াময় আৰু সর্বশক্তিমান ঈশ্বৰে নিশ্চয় আমাক ৰক্ষা কৰিব— এই ধৰণৰ স্বস্তিদায়ক ইচ্ছাপূৰণমূলক ধাৰণাই বোধহয় অসহায়-অস্থিৰ ব্যক্তি-মনক কিঞ্চিৎ সাহস দিয়ে, আত্মবিশ্বাস বঢ়ায়। পিচে অপ্রিয় হলেও এটা কথা ক’ব লাগিব— মনন-ৰহিত মাত্রাধিক ঈশ্বৰনিৰ্ভৰতা তথা ধর্মীয় আনুষ্ঠানিকতাই বিজ্ঞান-নির্দেশিত চিকিৎসা আৰু কাম্য সতর্কতামূলক ব্যৱস্থাৰ প্রতি আওকণীয়া মনোভাবৰ জন্ম দিব পাৰে। কৃপাপ্রার্থী কোনোবাই ভাবিব পাৰে— পূজা কৰিছোঁ, নামাজ পঢ়িছোঁ, ঈশ্বৰ-আল্লা-গডৰ মাহাত্ম্য কীর্তন কৰিছোঁ, গতিকে ভয়ৰ কোনো কাৰণ নাই। এইসকল নিষ্ঠাৱান লোকক শ্রদ্ধাসহকাৰে ক’ব পাৰি যে ভাইৰাছৰ সংক্ৰমণৰ ভয়ত ধর্মীয় প্রতিষ্ঠানবোৰতো বিশ্বাসীৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। এনে নির্দেশে নির্দেশ দিওঁতাৰ অনিচ্ছা সত্ত্বেও বহুতৰ বাবে অপ্রীতিদায়ক সত্য এটাৰ প্রতি আমাৰ দৃষ্টি আকর্ষণ কৰে। সত্যটো হ’ল, ধর্মীয় প্রতিষ্ঠানৰ প্ৰাংগণত, গোট খোৱা ঈশ্বৰমুখী আৰু ধর্মনিষ্ঠ লোকসকলক সর্বনাশী সংক্ৰমণৰ পৰা সর্বশক্তিমান ঈশ্বৰে/ দেৱদেৱীসকলে ৰক্ষা কৰিব নোৱাৰে। উদ্বেগৰ বিষয়, এই জাতীয় অপ্রিয়-অস্বস্তিকৰ বিষয়বোৰ সাধাৰণতে ঈশ্বৰবিশ্বাসীৰ মনলৈ নাহে আৰু কেতিয়াবা আহিলেও নানাধৰণৰ যুক্তি উদ্ভাৱন কৰি তেওঁলোকে স্বীয় বিশ্বাসক ৰক্ষণাবেক্ষণ দিয়ে।

পৰিশেষত কওঁ, কৰ’না ভাইৰাছৰ সৈতে যুঁজিবলৈ হ’লে বৈজ্ঞানিক গৱেষণা, নাগৰিকৰ সামাজিক দায়বদ্ধতা আৰু ৰাষ্ট্রৰ সদিচ্ছাৰ উপৰি বিজ্ঞানমনস্কতাৰো প্রয়োজন। কাৰণ আমাৰ মন-মনন বিজ্ঞানমনস্কতাৰ ছেনিটাইজাৰেৰে অযুক্তি-মুক্ত কৰিব পাৰিলেহে ৰোগব্যাধিৰ নিয়ন্ত্রণ তথা নিৰাময়ৰ ক্ষেত্ৰত পৰিষ্কাৰ আৰু দ্বিধাৰহিত স্থিতি লোৱাটো সম্ভৱ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *