অনুবাদপ্ৰবন্ধ

জাতিৰ অবলুপ্তি (মূল: Annihilation of caste, B.R Ambedkar ) অনুবাদ: ৰঞ্জিত বড়া)

৷৷ দ্বিতীয় প্ৰকাশৰ আগকথা৷৷

লাহোৰৰ জাত-পাত টোড়ক মণ্ডলৰ বাবে মই যুগুত কৰা ভাষণটি হিন্দু সম্প্ৰদায়ে আগ্ৰহেৰে গ্ৰহণ কৰাত মই অভিভূত হৈছোঁ। ভাষণটিৰ ইংৰাজী প্ৰকাশটি [১৫০০ খন] দুটা মাহৰ ভিতৰত শেষ হ’ল। গুজৰাটী আৰু তামিল ভাষালৈও অনুবাদ হ’ল। মাৰাঠী, হিন্দী, পঞ্জাৱী আৰু মালয়ালম ভাষালৈও অনুবাদৰ কাম চলি আছে। তথাপি ইংৰাজী প্ৰকাশটি দ্বিতীয়বাৰ ছপাব লগা হ’ল। ঐতিহাসিক গুৰুত্ব আৰু প্ৰভাৱৰ কথালৈ লক্ষ্য ৰাখি ভাষণটিৰ মূল পাঠ একেই ৰাখিলোঁ; যদিওবা মোক পৰামৰ্শ দিয়া হৈছিল ইয়াক প্ৰবন্ধৰ ৰূপ দিবলৈ। এই প্ৰকাশৰ সৈতে মই দুটা অতিৰিক্ত পাঠ গাঁথি দিছোঁ। প্ৰথমটোত মহাত্মা গান্ধীয়ে হৰিজন কাকতত আগবঢ়োৱা মোৰ ভাষণটিৰ সমালোচনা আৰু জাত-পাত টোড়ক মণ্ডলৰ সভ্য মান্যবৰ সন্তৰামৰ পত্ৰখন তুলি দিছোঁ। দ্বিতীয়টোত মই মহাত্মা গান্ধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ তুলি দিছোঁ। গান্ধীৰ উপৰি অন্য বহুজনে মোৰ অভিভাষণটিৰ দৃষ্টিভংগীৰ কঠোৰ সমালোচনা কৰিছে। কিন্তু মই এই সমস্ত সমালোচনা সত্ত্বেও গান্ধীতে সীমাবদ্ধ থকাটো উচিত বুলি ভাবিলোঁ। অৱশ্যে এনেকুৱা নহয় যে গান্ধীৰ বক্তব্য ইমানেই শক্তিশালী যে যাৰ প্ৰত্যুত্তৰ নিদিলেই নহয়। প্ৰত্যুত্তৰ এই বাবেই দিছোঁ, কাৰণ বহুতৰ মতে হিন্দু গান্ধী ইমান ডাঙৰ প্ৰবক্তা যে গান্ধীৰ বক্তব্য সম্পৰ্কত তৰ্কৰ কোনো অৱকাশ নাথাকে তথা গান্ধীক কোনেও প্ৰশ্ন নকৰিব। কিন্তু পৃথিৱীখন সেইসকলৰহে যি তৰ্কযুদ্ধ কৰিব পৰাকৈ খামীডাঠ আৰু নিজ স্থিতিত অটল। সমাজে এই তৰ্কবাজ বিদ্ৰোহীসকলক খাটিৰ কৰে নে নকৰে তাক লৈ মই মূৰ নঘমাওঁ। মই তেতিয়াই সন্তোষ লভিম যদিহে মই হিন্দুসকলক উপলব্ধি কৰাব পাৰিম যে হিন্দুসকলেই ভাৰতৰ ৰুগ্ন অৱস্থাৰ বাবে দায়ী আৰু তেৰাসবৰ অৱস্থাই ভাৰতৰ বাকীসকলৰো সুখ আৰু সমৃদ্ধিৰ পথ ৰূদ্ধ কৰি পেলাইছে।

বন্ধুসকল,

জাত-পাত টোড়ক মণ্ডলৰ সভ্যসকলৰ ওচৰত মই অতি দুঃখিত, যি মোক এই অধিৱেশনখনিৰ সভাপতিত্ব কৰিবলৈ সাদৰ নিমন্ত্ৰণ জনালে। মই নিশ্চিত, মোক সভাখনিৰ মূল সভাপতি হিচাপে বাছনি কৰি মণ্ডলৰ সভ্যসকল বহু প্ৰশ্নৰ সন্মুখীন হ’ব। লাহোৰত অনুষ্ঠিত হোৱা এখন সভালৈ বোম্বাইৰ পৰা এজন মানুহক সভাৰ সভাপতিত্ব কৰিবলৈ কিয় নিমন্ত্ৰণ জনোৱা হ’ল, মণ্ডলে ইয়াৰ উত্তৰ নিশ্চয় দিবলগাত পৰিব। মোৰ বিশ্বাস, জাত-পাত টোড়ক মণ্ডলে সভাপতিত্ব কৰিবলৈ মোতকৈ যোগ্য এজন ব্যক্তি বিচাৰি পালেহেঁতেন। মই হিন্দুসকলক সমালোচনা কৰিছোঁ। হিন্দুসকলে দেৱতা জ্ঞান কৰা মহাত্মা গান্ধীৰ কতৃৰ্ত্বক মই আঙুলি টোঁৱাইছোঁ। মই হিন্দুসকলৰ বিদ্বেষৰ পাত্ৰ। হিন্দুসকলে মোক তেওঁলোকৰ বাগিচাৰ সাপ গণ্য কৰে। ৰাজনৈতিক হিন্দুসকলে মণ্ডলক নিঃসন্দেহে জবাবদিহি কৰিব মোৰ দৰে এজনক এনে এক আসনত অধিষ্ঠিত কৰাত। এয়া এক দুঃসাহসিক কাৰ্য। ৰাজনৈতিক হিন্দুসকলে এই কাৰ্যক অৱমাননা বুলি গণ্য কৰিলেও মই স্বাভাৱিক বুলিয়ে ভাবিম। সাধাৰণ ধাৰ্মিক হিন্দুসকল মোক এই আসন দিয়াত অসন্তুষ্ট হ’ব। জাত-পাত টোড়ক মণ্ডল জবাবদিহি হ’ব পাৰে সভাৰ মূল সভাপতি বাছনি সম্পৰ্কীয় শাস্ত্ৰীয় বিধান ভংগ কৰাৰ বাবে। শাস্ত্ৰীয় বিধানমতে কেৱল ব্ৰাহ্মণহে বাকী তিনিটা বৰ্ণৰ গুৰু আসনৰ বাবে যোগ্য। বৰ্ণানাম ব্ৰাহ্মণো গুৰুঃ হৈছে এক শাস্ত্ৰীয় বিধান। সেয়ে, জাত-পাত টোড়ক মণ্ডলে জানে, কাৰ পৰা শিক্ষা ল’ব লাগে আৰু কাৰ পৰা নালাগে। শাস্ত্ৰই এজন হিন্দুক বিদ্বান হ’লেও যিকোনো মানুহক গুৰু মানি লোৱাত বাধা প্ৰদান কৰিছে। মহাৰাষ্ট্ৰৰ ব্ৰাহ্মণ সন্ত ৰামদাসে এই সন্দৰ্ভটো অধিক স্পষ্ট কৰি গৈছে, যি শিৱাজীক এক হিন্দু-ৰাজ প্ৰতিষ্ঠাৰ বাবে অনুপ্ৰাণিত কৰিছিল। মাৰাঠী ভাষাত বিৰচিত সন্ত ৰামদাসৰ সমাজ-ৰাজনীতি-ধৰ্মীয় কাব্য-নিবন্ধ ‘দাসবোধ’ত হিন্দুসকলক উদ্দেশ্যি কৈছেঃ পণ্ডিতপ্ৰবৰ হ’লেও এজন অন্ত্যজক আমি গুৰু হিচাপে গ্ৰহণ কৰিব নোৱাৰোঁ। এই সমস্ত প্ৰশ্নৰ উত্তৰ কি বুলি দিব সেয়া মই জাত-পাত টোড়ক মণ্ডললৈ এৰিলোঁ। মণ্ডলেহে ভালকৈ জানিব উচ্চবৰ্ণৰ জনসমূহক উদ্দেশ্যি ভাষণ ৰাখিবলৈ সভাৰ সভাপতি বাছনি কৰিবলৈ বোম্বাই পোৱাৰ কাৰণ; যিজন হিন্দু-বিৰোধী আৰু অস্পৃশ্য শূদ্ৰ। আপোনালোকে মোক ক’বলৈ অনুমতি প্ৰদান কৰিব যে এই নিমন্ত্ৰণ মই মোৰ আৰু মোৰ অস্পৃশ্য ভাতৃ-ভগ্নীহঁতৰ ইচ্চাৰ বিৰুদ্ধে গ্ৰহণ কৰিছোঁ। মই ভালদৰে জানো যে মই হিন্দুসকলৰ চকুৰ কূটা দাঁতৰ শূল। হিন্দুসকলৰ মানত মই কোনো মহান বিদ্বান মনীষী নহয়। এই সমস্ত কথা-বতৰা জানিয়েই মই সচেতনভাৱেই তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখিছোঁ। হিন্দুৰ ওপৰত মোৰ মত জাপি দিয়াৰ কোনো আগ্ৰহ নাই। মই মোৰ নিজ স্থানৰ পৰাই মই পোষণ কৰা দৃষ্টিভংগী সম্পৰ্কত অভিমত প্ৰকাশ কৰি আহিছোঁ।

ইতিমধ্যে মোৰ কথা-কামে ব্যাপক পৰিসৰত অসন্তুষ্টিৰ সৃষ্টি কৰিছে। হিন্দুসকলৰ চকুৰ আঁতৰত থাকি যি কৰি আছোঁ সেয়া তেওঁলোকৰ সমুখত কৰাৰ আগ্ৰহ মোৰ মুঠেই নাই। আজি এই স্থানত মোৰ উপস্থিতিৰ কাৰণ আপোনালোকৰ আগ্ৰহহে, মোৰ ইচ্ছা নহয়। আপোনালোক সমাজ সংস্কাৰৰ লক্ষ্যত ব্ৰতী হৈছে। এনে কামে মোক সদায়ে আকৰ্ষণ কৰি আহিছে। সেয়ে এই সুযোগ মই গ্ৰহণ কৰিলোঁ। বিশেষকৈ মই আপোনালোকৰ সহায় হ’ব পাৰিম বুলি ভবাৰ বাবে। আজি মই যি বক্তব্য ৰাখিম সি আপোনালোকৰ সমস্যা সমাধান কৰিব পাৰে নে নোৱাৰে, তাক বিচাৰ কৰাৰ দায়িত্ব আপোনালোকৰ। মোৰ প্ৰত্যাশা এয়াই যে আপোনালোকৰ আগত সমস্যাটো সন্দৰ্ভত মোৰ মতামত ব্যক্ত কৰিম।

ভাৰতত সমাজ সংস্কাৰৰ পথ স্বৰ্গাৰোহনৰ পথৰ দৰেই নানা জটিলতাৰে জৰ্জৰিত। ভাৰতত সমাজ সংস্কাৰৰ বন্ধুতকৈ সমালোচকৰ সংখ্যা অধিক। সমালোচকসকলো স্পষ্টকৈ দুটা শিবিৰত বিভক্ত। এটা শিবিৰত ৰাজনৈতিক সংস্কাৰকসকল আৰু আনটোত আছে সমাজবাদীসকল।

এটা সময়ত এই কথা মানি লোৱা হৈছিল যে সামাজিক গতিশীলতা অবিহনে কোনো ক্ষেত্ৰতে স্থায়ী প্ৰগতি সম্ভৱ নহয়; হিন্দু সমাজো গতিশীল নাছিল কু-সংস্কাৰ সৃষ্ট ক্ষতিকাৰক ভূমিকাৰ ফলত। সেয়ে কু-সংস্কাৰসমূহক সমূলঞ্চে নাশ কৰিবলৈ নিৰলস প্ৰচেষ্টা চলাবই লাগিব। ‘ছ’চিয়েল কনফাৰেন্সৰ গঠন জাতীয় কংগ্ৰেছৰ জন্মৰ সমসাময়িকভাৱে হোৱাটোৱে উক্ত প্ৰসংগৰ গ্ৰহণযোগ্যতা সূচায়। যেতিয়া জাতীয় কংগেছে ৰাজনৈতিক সংগঠনৰ ত্ৰুটি-বিচ্যুতিৰ ওপৰত নজৰ ৰাখিছিল, ছ’চিয়েল কনফাৰেন্সে হিন্দু সমাজৰ সামাজিক ভুল-ভ্ৰান্তি দূৰ কৰাত ব্ৰতী আছিল। কিছুদিন ধৰি কংগ্ৰেছ আৰু ছ’চিয়েল কনফাৰেন্সে উমৈহতীয়া কৰ্মসূচীৰে কাম কৰাৰ উপৰি একেটা মণ্ডপতে বাৰ্ষিক অধিৱেশনো অনুষ্ঠিত কৰিছিল।

কিন্তু অতি শীঘ্ৰেই দুয়োটা দলেই পৃথক সত্তা গঢ়াত লাগি গ’লঃ এটাই ৰাজনৈতিক সংস্কাৰ আৰু আনটোৱে সমাজ সংস্কাৰ। দুয়োটাৰ মাজত তীব্ৰ সংঘাত সৃষ্টি হ’ল। ৰাজনৈতিক সংস্কাৰৰ পক্ষত থকা দলে জাতীয় কংগ্ৰেছ আৰু সামাজিক সংস্কাৰৰ পক্ষত থকা দলে ছ’চিয়েল কনফাৰেন্সক সমৰ্থন দিলে। এনেদৰে দুয়োটা দলেই বিৰোধী শিবিৰলৈ পৰিণত হ’ল। সমাজ সংস্কাৰে ৰাজনৈতিক সংস্কাৰতকৈ অগ্ৰাধিকাৰ পাব লাগে নে নালাগে ইয়াক লৈয়ে সংঘাতৰ সূত্ৰপাত হ’ল। এটা দশকজুৰি যুঁজখন চলি থাকিল কোনো এটা পক্ষৰ জয়-পৰাজয় অবিহনে।

অৱশ্যে ক্ৰমান্বয়ে ছ’চিয়েল কনফাৰেন্সৰ বেলি ডুবিবলৈ ধৰিলে। ছ’চিয়েল কনফাৰেন্সৰ অধিৱেশনসমূহত সভাপতিত্ব কৰা ভদ্ৰলোকজনে খেদ প্ৰকাশ কৰিলে যে সংখ্যাগৰিষ্ঠ শিক্ষিত হিন্দুৰ ৰাজনৈতিক ভিত্তি সবল কাৰণে সমাজ সংস্কাৰৰ কথাত তেওঁলোক নিৰ্বিকাৰ। ফলস্বৰূপে কংগ্ৰেছৰ সভা-সমিতিত মানুহৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিলে আৰু আনফালে ছ’চিয়েল কনফাৰেন্সৰ সৈতে থকা মানুহৰ সংখ্যা কমি যাবলৈ ধৰিলে।

ক্ৰমান্বয়ে ৰাজনৈতিক মহলৰ সক্ৰিয় বিৰোধত ছ’চিয়েল কনফাৰেন্সৰ স্থিতি দুৰ্বল হ’বলৈ ধৰিলে। বাল গংগাধৰ তিলকৰ নেতৃত্বত ছ’চিয়েল কনফাৰেন্সে কংগ্ৰেছৰ সৌজন্যত একেটা মণ্ডপতে সভা পতাৰ ব্যৱস্থাটোও উঠাই দিয়া হ’ল। বিৰোধৰ মাত্ৰা এই পৰ্যায় পালেগৈ যে ছ’চিয়েল কনফাৰেন্সে নিজাকৈ মণ্ডপ সাজি সভা অনুষ্ঠিত কৰিব বিচৰাত সেই মণ্ডপ জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰা হ’ল। এনেকৈয়ে কালক্ৰমত ৰাজনৈতিক সংস্কাৰৰ পক্ষত থকাসকল জয়ী হ’ল আৰু ছ’চিয়েল কনফাৰেন্স কালৰ বুকুত হেৰাই গ’ল।

১৮৯২ চনত এলাহাবাদত অনুষ্ঠিত কংগ্ৰেছৰ অষ্টম অধিৱেশনত সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জীৰ ভাষণটো ছ’চিয়েল কনফাৰেন্সৰ মৃত্যুক উপলক্ষ্য কৰি দিয়া যেনেই লাগে— যিটো কংগ্ৰেছৰ মনোভাবৰ এক দৃষ্টান্তস্বৰূপ। সভাপতি বেনাৰ্জীয়ে কৈছিল:

“সেইসকলৰ কথা শুনাৰ মোৰ ধৈৰ্য নাই, যি ভাবে যে সমাজ ব্যৱস্থাৰ সংস্কাৰ নোহোৱালৈকে আমি ৰাজনৈতিক স্বৰাজৰ বাবে যোগ্য নহ’ম। মই দুয়োটাৰে মাজত যোগসূত্ৰটো বিচাৰি নাপাওঁ। আমি এই কাৰণেই ৰাজনৈতিক স্বৰাজৰ বাবে যোগ্য নহওঁ নেকি যে আমাৰ বিধবাসকল অবিবাহিত হৈ ৰয় আৰু আমাৰ কন্যা সন্তানক অন্য দেশৰ তুলনাত কম বয়সত বিয়া দিয়া হয়? আমাৰ পত্নী আৰু ছোৱালীহঁতে গাড়ী চলাই ফুৰা-চকা কৰিব নোৱাৰে? কাৰণ আমি আমাৰ ছোৱালীহঁতক পঢ়িবলৈ অক্সফ’ৰ্ড আৰু কেমব্ৰিজলৈ নপঠাওঁ?” (হাতচাপৰিৰে দৰ্শকৰ সমৰ্থন)

উমেশ চন্দ্ৰ বেনাৰ্জীয়ে ৰাজনৈতিক সংস্কাৰৰ হকে ৰখা মত মই দাঙি ধৰিছোঁ। বহুতে কংগ্ৰেছৰ জয়ত সুখী হ’ল। কিন্তু যিসকলে সমাজ সংস্কাৰৰ গুৰুত্ব বুজি পায় তেওঁলোকে প্ৰশ্ন কৰা উচিত যে বেনাৰ্জীৰ যুক্তি তৰ্কাতীত নে? ই এই কথা প্ৰমাণ কৰে নে যে জয় কংগ্ৰেছৰেই হ’ল? এই কথাই প্ৰমাণ কৰে নে যে ৰাজনৈতিক সংস্কাৰৰ ক্ষেত্ৰত সমাজ সংস্কাৰৰ কোনো ভূমিকা নাই? কথাষাৰ বুজাত সহায়ক হ’ব মই যদি অন্য এটা দিশ তুলি ধৰোঁ। মই অস্পৃশ্যসকলক কৰা ব্যৱহাৰৰ এখন ছবি তুলি ধৰিম মোৰ বক্তব্যৰ সমৰ্থনত।

মাৰাঠা দেশত পেচৱাসকলৰ শাসনকালত অস্পৃশ্যসকলক ৰাজপথ ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল, কাৰণ অস্পৃশ্যৰ গাৰ ছাঁ লাগি কোনো হিন্দুৰ জাত যাব পাৰে। অস্পৃশ্যসকলে হাতত বা ডিঙিত এডাল ক’লা ৰচী পিন্ধি থাকিব লাগিছিল, যাতে ভুলক্ৰমে কোনো হিন্দু সংস্পৰ্শলৈ আহি অপবিত্ৰ হৈ নাযায়। পেচৱাৰ ৰাজধানী পুণেত অস্পৃশ্যসকলে এডাল বাঁঢ়নী কঁকালত আঁৰি ল’ব লাগিছিল, যিডালে তেওঁলোকৰ পদধূলা শাৰী যাবঃ ফলত সেই পথে অহা-যোৱা কৰা কোনো হিন্দু পথচাৰী অশুচি নহ’ব। ঠিক তেনেকৈ ডিঙিত এটা মাটিৰ পাত্ৰ আঁৰি ল’ব লাগিছিল; কিয়নো অস্পৃশ্যৰ থু মাটিত পৰিলে, সেই থু গচকি কোনো হিন্দুৰ পবিত্ৰতা নষ্ট হোৱাৰ সম্ভাৱনা আছিল।

এতিয়া মই অতি শেহতীয়া কেইটামান ঘটনাৰ কথা ক’ম। মধ্য ভাৰতৰ বালাই নামৰ এটা অস্পৃশ্য সম্প্ৰদায়ৰ কথা ক’লে মোৰ কাম সিজিব। ১৯২৮ চনৰ জানুৱাৰীত টাইমচ অৱ ইণ্ডিয়াত এটা বাতৰি প্ৰকাশ হৈছিল। বাতৰিটোত কোৱা হৈছিল যে, ইন্দোৰ প্ৰদেশৰ কাল’টা, ৰাজপুত, ব্ৰাহ্মণ, পেটেল, পাটোৱাৰী আদি উচ্চবৰ্ণৰ হিন্দুৱে কিছুমান অৱশ্য পালনীয় নিয়ম বান্ধি দিছিল যদিহে বালাইসকলে এই সম্প্ৰদায়সমূহৰ গাঁৱত বাস কৰিব বিচাৰে; সেই নিয়মবোৰ হ’ল:

[১] বালাইসকলে সোণালী পট্টিৰ পাগুৰি পিন্ধিব নোৱাৰিব।

[২] তেওঁলোকে ৰঙীন বা জকমকীয়া পট্টিৰ চুৰীয়া পিন্ধিব নোৱাৰিব।

[৩] বালাইসকলে গাঁৱত কোনো হিন্দু ঢুকালে, দূৰত্ব যিমানেই নহওক লাগে সেই খবৰ মৃতকৰ ইষ্ট-কুটুম্বক জনাবগৈ লাগিব।

[৪] হিন্দুসকলৰ বিয়াত বৰযাত্ৰীৰ আগত আৰু বিবাহ অনুষ্ঠানৰ সময়ত নৃত্য-গীত কৰিব লাগিব।

[৫] বালাই তিৰোতাই সোণ-ৰূপৰ গহনা পিন্ধিব নোৱাৰিব, লগতে জকমকীয়া কাপোৰ-কানিও।

[৬] বালাই তিৰোতাই হিন্দু তিৰোতাৰ অশৌচ কালত সম্পূৰ্ণ যত্ন ল’ব লাগিব।

[৭] বালাইসকলে মজুৰিবিহীনভাৱে কাম কৰিব লাগিব। এজন হিন্দুৱে ইচ্চানুসৰি যি দিয়ে তাকেই গ্ৰহণ কৰিব লাগিব।

[৮] যদিহে বালাইসকলে এই নিয়মসমূহ মানিবলৈ সন্মত নহয়, তেনে গাঁৱৰ পৰা বাজ কৰি দিয়া হ’ব।

বালাইসকলে এইসমূহ মানিবলৈ অস্বীকাৰ কৰিলে। ফলত হিন্দুসকলে এওঁলোকৰ বিৰুদ্ধে লাগি গ’ল। বালাইসকলক গাঁৱৰ কুঁৱাৰ পানীৰ পৰা বাৰণ কৰিলে আৰু গৰু-গাইক পথাৰত চৰিবলৈ নিদিয়া হ’ল। হিন্দুৰ খেতি পথাৰৰ মাজেদি যাবলৈ নিদিয়া হ’ল আৰু হিন্দুৰ খেতি-মাটিৰ আৱেষ্টনীত থকা বালাইৰ নিজৰ খেতি-মাটিত প্ৰৱেশ কৰিবলৈ নিদিয়া হ’ল। বৰং বালাইসকলৰ খেতি-মাটিত হিন্দুসকলে নিজৰ গৰু-গাই মেলি দিলে। ইন্দোৰৰ আদালতত আবেদন জনাইও কোনো সুফল নোপোৱাত বালাইসকলে পিতৃভূমি এৰি পুত্ৰ-পৰিবাৰসহ অন্য ঠাইলৈ গুচি যাবলৈ বাধ্য হ’ল।

যোৱা বছৰ গুজৰাটৰ কৱিঠাত এটা ঘটনা ঘটি গ’ল। কৱিঠাৰ হিন্দুসকলে গাঁৱৰ অস্পৃশ্যসকলৰ সন্তানক চৰকাৰ পৰিচালিত বিদ্যালয়লৈ যোৱাটো বাৰণ কৰিলে। হিন্দুসকলৰ ইচ্ছাৰ বিৰুদ্ধে নাগৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ অস্পৃশ্যসকল কেনে দুৰৱস্থাৰ সন্মুখীন হৈছিল, তাৰ ব্যাখ্যা নিস্প্ৰয়োজন। গুজৰাটৰ আহমেদাবাদৰ জেনো গাঁৱতো এটা ঘটনা ঘটিছিল। ১৯৩৫ চনৰ নৱেম্বৰ মাহত কেইগৰাকীমান অৱস্থাসম্পন্ন অস্পৃশ্য তিৰোতাই ধাতুৰ পাত্ৰত পানী কঢ়িয়াবলৈ লৈছিল। হিন্দুসকলে অস্পৃশ্যই ধাতুৰ পাত্ৰ ব্যৱহাৰ কৰা কথাটোক তেওঁলোকৰ মৰ্যাদা লঘু কৰা বুলি গণ্য কৰি তিৰোতাকেইগৰাকীক প্ৰহাৰ কৰিলে।

শেহতীয়াকৈ জয়পুৰ প্ৰদেশৰ চাকৱাৰা গাঁৱৰ এটা ঘটনাৰ বাতৰি পালোঁ। বাতৰিটোৰ মতে চাকৱাৰা গাঁৱৰ তীৰ্থভ্ৰমণ কৰি ঘূৰি অহা এজন অস্পৃশ্যই ধৰ্মীয় ভাবনাৰ বশৱৰ্তী হৈয়ে গাঁওবাসীক এসাঁজ ভাত খুৱাবলৈ যোগাৰ কৰিলে। গৃহস্থগৰাকীয়ে (তীৰ্থভ্ৰমণকাৰী) আমন্ত্ৰিত অতিথিগণক এসাঁজ সুস্বাদু ভাত খুৱাবলৈ ইচ্ছা কৰিলে, য’ত ঘিঁউ-মৌও থাকিব। কিন্তু, আমন্ত্ৰিত গাঁওবাসীয়ে যেতিয়া আহাৰ গ্ৰহণ কৰিবলৈ ল’লে, তেতিয়াই এখিনি হিন্দুৱে হাতত লাথি-যাঁঠি লৈ আহি সকলো লণ্ড-ভণ্ড কৰি পেলালে। সমবেত অস্পৃশ্যসকলে প্ৰাণৰ মমতাত সেই আহাৰ গ্ৰহণ নকৰি পলাবলৈ বাধ্য হ’ল। কিয় এনে এক জঘন্য কাণ্ড সংঘটিত কৰা হ’ল নিৰাপত্তাহীন এখিনি অস্পৃশ্যৰ ক্ষেত্ৰত? যুক্তি দৰ্শোৱা হ’ল যে ঘিঁউ-মৌ খুৱাব আৰু খাব পৰা স্তৰলৈ অস্পৃশ্যসকল উন্নীত হোৱা নাই। নিঃসন্দেহে ঘিঁউ-মৌ ধনীক শ্ৰেণীৰ বাবেহে। কিন্তু কোনেও ভবা উচিত নহ’ব যে ঘিঁউ-মৌ ভক্ষণ কৰাটো উচ্চ সামাজিক মৰ্যাদাৰ চিন। ইয়াৰ অৰ্থ হ’ল: অস্পৃশ্যই ঘিঁউ-মৌ ব্যৱহাৰ কৰিব নোৱাৰিব যদিওবা তেওঁ ঘিঁউ-মৌ ক্ৰয় কৰিবলৈ সমৰ্থৱান। যিহেতু এয়া হিন্দুসকলৰ প্ৰতি এক অৱজ্ঞাসূচক কাৰ্য। এয়া ঘটিছিল ১৯৩৬ ৰ পহিলা এপ্ৰিলৰ ফালে।

কেইটামান সত্য ঘটনা উল্লেখ কৰাৰ পিছত এতিয়া মই সমাজ সংস্কাৰৰ প্ৰসংগলৈ আহোঁ। মই উমেশ চন্দ্ৰ বেনাৰ্জীৰ কথাৰ আঁত ধৰিয়েই ৰাজনৈতিক হিন্দুসকলক সোধোঁ যে, অস্পৃশ্যসকলৰ দৰে দেশৰ এক বৃহৎ জনসমূহক আপোনাসৱে ৰাজহুৱা বিদ্যালয়ত পঢ়াত বাধা প্ৰদান কৰি আপোনাসৱ ৰাজনৈতিক স্বতন্ত্ৰতাৰ বাবে কিহৰ ভিত্তিত যোগ্য? দেশৰ অস্পৃশ্য জনতাক ৰাজহুৱা কুঁৱাৰ পানী ব্যৱহাৰ নিষেধ কৰি আপোনালোক ৰাজনৈতিক স্বতন্ত্ৰতাৰ দাবীদাৰ হ’ব পাৰে নে? অস্পৃশ্যসকলক ৰাজহুৱা বাট-পথ ব্যৱহাৰ কৰিবলৈ নিদি আপোনাসৱে কি ৰাজনৈতিক স্বতন্ত্ৰতা আনিব? অস্পৃশ্যসকলক মন পছন্দৰ সাজপাৰ-গহনা পৰিধান কৰিবলৈ নিদি আপোনাসৱে কেনে ধৰণৰ ৰাজনৈতিক স্বতন্ত্ৰতাৰ কথা কৈছে? যিখন দেশত অস্পৃশ্যসকলে মন পছন্দৰ এসাঁজ ভাত খাব নোৱাৰে সেয়া কেনেধৰণৰ ৰাজনৈতিক স্বতন্ত্ৰতা? মই এনেকুৱা অজস্ৰ প্ৰশ্ন কৰিব পাৰোঁ। কিন্তু ইমানেই যথেষ্ট। এইসমূহ প্ৰশ্নৰ উত্তৰ উমেশ চন্দ্ৰ বেনাৰ্জীয়ে কি বুলি দিব… মই নিশ্চিত, কোনো সংবেদনশীল মানুহে এই প্ৰশ্নসমূহৰ সদৰ্থক উত্তৰ দিব নোৱাৰে। জন ষ্টুৱাৰ্ট মিলৰ মতে এখন দেশে অন্য এখন দেশক শাসন কৰাৰ অধিকাৰ নাই বুলি বিশ্বাস কৰা প্ৰতিজন কংগ্ৰেছীয়েই মানি ল’ব লাগিব যে এটা শ্ৰেণীয়ে আন এটা শ্ৰেণীক শাসন কৰাৰ অধিকাৰো নাই।

তেনেহ’লে ছ’চিয়েল ৰিফ’ৰ্ম পাৰ্টি যুঁজখনত হাৰিলে কেনেকৈ? এই কথা ভালদৰে বুজিবলৈ সমাজ সংস্কাৰকসকলে কি ধৰণৰ সংস্কাৰৰ বাবে সংগ্ৰাম কৰিছে তাক জনাটো প্ৰয়োজন। এই প্ৰসংগত দুটা দিশ সম্পৰ্কত আমি স্পষ্ট হ’ব লাগিব; এটা হ’ল হিন্দু পৰিয়াল ব্যৱস্থাৰ সংস্কাৰ আৰু আনটো হ’ল হিন্দু সমাজ ব্যৱস্থাৰ আমূল সংস্কাৰ। প্ৰথমটো, বিধবা বিবাহ, বাল্যবিবাহ আদি সম্পৰ্কীয়; আনটো হ’ল জাতি-ব্যৱস্থাৰ সম্পূৰ্ণ নিপাত। ছ’চিয়েল কন্‌ফাৰেন্স কেৱল উচ্চবৰ্ণৰ হিন্দু পৰিয়ালৰ সংস্কাৰৰ কামত নিয়োজিত। ছ’চিয়েল কন্‌ফাৰেন্স উচ্চবৰ্ণৰ হিন্দুৰ অনুষ্ঠান আছিল, যি জাতি-ব্যৱস্থাৰ নিপাতৰ প্ৰয়োজন অনুভৱেই কৰা নাছিল, নিপাতৰ বাবে যুঁজাটোতো দূৰৰে কথা। এওঁলোকৰ বৈধব্য, বাল্য বিবাহ আদি দূৰ কৰাৰ প্ৰৱণতা স্বাভাৱিক আছিল, কাৰণ এই সমস্যাবোৰে হিন্দু পৰিয়ালক জুৰুলা কৰিছিল। অৱশ্যে এওঁলোকে হিন্দু সমাজ ব্যৱস্থাৰ সংস্কাৰৰ বাবে আগ্ৰহ প্ৰকাশ কৰা নাছিল। ছ’চিয়েল ৰিফ’ৰ্ম পাৰ্টিৰ যুঁজখন হিন্দু পৰিয়ালৰ সংস্কাৰতে সীমাবদ্ধ আছিল। তেওঁলোকৰ যুঁজখন জাতি ব্যৱস্থাৰ ধ্বংসৰ দৰে সমাজ সংস্কাৰৰ হকে নাছিল। সংস্কাৰকসকলে জাতি ব্যৱস্থা নিপাতৰ হকে কোনো পদক্ষেপ লোৱা নাছিল। ছ’চিয়েল ৰিফ’ৰ্ম পাৰ্টিৰ পৰাজয়ৰ মূল কাৰণো এইটোৱেই।

মই নিশ্চিত যে কোনো যুক্তি-তৰ্কই ৰাজনৈতিক সংস্কাৰ কৰ্মই সমাজ সংস্কাৰতকৈ অধিক প্ৰাধান্য পোৱাৰ সত্যতাক সলনি কৰিব নোৱাৰে। কিন্তু মোৰ যুক্তি অমূল্য নহ’লেও, অৱশ্যেই মূল্যৱান। সমাজ সংস্কাৰকসকলে কিয় যুঁজখনত ঘাটি খালে মোৰ যুক্তিত ইয়াৰ উত্তৰ নিহিত আছে। ৰাজনৈতিক সংস্কাৰ পাৰ্টিৰ বিজয় কিমান সীমাবদ্ধ আছিল সেই কথাও মোৰ যুক্তিয়ে বুজাত সহায় কৰিছে। হিন্দু পৰিয়াল ব্যৱস্থাৰ সংস্কাৰতে সীমিত সমাজ সংস্কাৰৰ ধাৰণাৰ বাবে সমাজ সংস্কাৰে ৰাজনৈতিক সংস্কাৰতকৈ অধিক প্ৰাধান্য পোৱা উচিত নহয় বুলি পোষণ কৰা দৃষ্টিভংগীৰ অন্তৰালৰ মূল কথা। কাৰ্ল মাৰ্ক্সৰ বন্ধু তথা সহযোগী ফাৰ্ডিনাণ্ড লাছালিয়ে কৈছিল যে, “ৰাজনৈতিক সংবিধান প্ৰণেতাসকলে সামাজিক শক্তিসমূহক অৱজ্ঞা কৰিব নোৱাৰিব। “সাংবিধানিক বিধি-বিধানসমূহ অধিকাৰমূলক নহয়, বৰঞ্চ শক্তিমূলকহে। এখন দেশৰ প্ৰকৃত সংবিধানখন দেশত থকা শক্তিৰ প্ৰকৃত অৱস্থাতহে নিহিত থাকে; ৰাজনৈতিক বিধি-বিধানৰ মূল্য আৰু স্থায়িত্ব তেতিয়াহে থাকে যেতিয়া এখন সমাজত সাব্যস্ত শক্তিৰ অৱস্থা ইবিলাকে নিখুঁটভাৱে প্ৰকট কৰে।”

কিন্তু আমি প্ৰুচিয়ালৈ যোৱাৰ প্ৰয়োজন নাই। প্ৰমাণ ইয়াতেই আছে। বিভিন্ন শ্ৰেণী আৰু সম্প্ৰদায়ক নিৰ্দিষ্ট অনুপাতত ৰাজনৈতিক ক্ষমতা প্ৰদানৰ সাম্প্ৰদায়িক বঁটাৰ তাৎপৰ্য্য কি? মোৰ দৃষ্টিত, ৰাজনৈতিক সংবিধানে সামাজিক সংগঠনৰ গুৰুত্ব মানি লোৱাতে ইয়াৰ তাৎপৰ্য্য নিহিত আছে। ইয়াৰ পৰা প্ৰমাণ হয় যে যিসকল ৰাজনীতিকে ৰাজনৈতিক সমস্যা সামাজিক সমস্যা প্ৰভাৱাধীন বুলি মানি নলৈছিল তেওঁলোকে সংবিধান প্ৰণয়ন কৰিবলৈ যাওঁতে সামাজিক সমস্যাৰ গুৰুত্বক স্বীকাৰ কৰিবলৈ বাধ্য হ’ল। সেয়ে কোৱা বাহুল্য যে সাম্প্ৰদায়িক বঁটা সমাজ সংস্কাৰৰ প্ৰতি নিৰ্বিকাৰ আৰু অৱহেলাৰেই পৰিণাম। এয়া ছ’চিয়েল ৰিফ’ৰ্ম পাৰ্টিৰ বাবে একপ্ৰকাৰৰ বিজয় যি সমাজ সংস্কাৰৰ গুৰুত্বক প্ৰাথমিকতা প্ৰদান কৰিছিল। অৱশ্যে, বহুতে মোৰ এই বিচাৰক গ্ৰহণ নকৰিব। প্ৰচলিত ধাৰণাটো হ’ল, সাম্প্ৰদায়িক বঁটা ভিত্তিহীন আৰু এয়া সংখ্যালঘু আৰু আমোলাতন্ত্ৰৰ মাজৰ এক অসুস্থ বুজাপৰাৰেই পৰিণাম।

পুনৰ আয়াৰলেণ্ডৰ কথালৈ আহোঁ। আইৰিছ হোম ৰোল আন্দোলনৰ ইতিহাসে কি সূচায়? আলেষ্টাৰ আৰু দক্ষিণ আয়াৰলেণ্ডৰ প্ৰতিনিধিসকলৰ মাজত হোৱা আলোচনা কালত আয়াৰলেণ্ডৰ প্ৰতিনিধি মিঃ ৰেডমণ্ডে আলেষ্টাৰলৈ আগবঢ়োৱা ৰাজনৈতিক ৰক্ষাকৱচৰ প্ৰস্তাৱক আলেষ্টাৰৰ প্ৰতিনিধিয়ে কৈছিল: “গুলী মাৰক আপোনালোকৰ ৰক্ষাকৱচ, আমি কোনো চৰ্তত আপোনালোকৰ শাসন মানি নলওঁ।”

ভাৰতবৰ্ষত যিসকলে সংখ্যালঘুৰ দায়-দোষ দেখি থাকে তেওঁলোকে ভবা উচিত যে আলেষ্টাৰবাসীৰ স্থিতিকে যদি ভাৰতৰ সংখ্যালঘুসকলেও ল’লেহেঁতেন তেনেহ’লে সংখ্যাগুৰুৰ ৰাজনৈতিক আকাংক্ষাৰ কি দশা হ’লহেঁতেন? মূল প্ৰশ্নটো হ’লে যে আলেষ্টাৰবাসীয়ে এনে স্থিতি কিয় লৈছিল? মই দিব পৰা উত্তৰটো হ’ল যে আলেষ্টাৰ আৰু দক্ষিণ আয়াৰলেণ্ডৰ মাজত কেথলিক-প্ৰটেষ্টাণ্ট ধৰ্মপন্থাক লৈ সামাজিক সমস্যাই বিৰাজ কৰিছিল; যিটোক মই জাত-পাতৰ সমস্যা বুলিয়ে ভাবোঁ। হোম ৰোল যে ৰোম ৰোল হ’বগৈ সেই কথা মনত ৰাখিয়েই আলেষ্টাৰবাসীয়ে ৰাজনৈতিক ৰক্ষাকৱচৰ প্ৰস্তাৱ অস্বীকাৰ কৰিছিল। এয়া কেথলিক আৰু প্ৰটেষ্টাণ্টৰ জাত-পাত জাতীয় সামাজিক সমস্যাৰেই প্ৰভাৱ, যি ৰাজনৈতিক সমস্যা সমাধানত বাধাস্বৰূপে থিয় দিছিল। নিশ্চিতভাৱে এই দৃষ্টান্তকো প্ৰত্যাহ্বান জনোৱা হ’ব। লগতে ইয়াকো সাম্ৰাজ্যবাদীৰ চক্ৰান্ত বুলি কোৱা হ’ব। কিন্তু মোৰ তথ্য-দৃষ্টান্তৰ ভাণ্ডাৰ শেষ হৈ যোৱা নাই। মই ৰোমৰ ইতিহাসৰ পৰা দৃষ্টান্ত তুলি ধৰিম। ইয়াক কোনেও মন্দমতিৰ চক্ৰান্ত বুলিব নোৱাৰিব। ৰোমৰ ইতিহাসৰ জ্ঞান থকাসকলে জানে যে ৰোমৰ প্ৰজাতান্ত্ৰিক সংবিধানে আমাৰ সাম্প্ৰদায়িক বঁটাসদৃশ লক্ষণ বহন কৰিছিল। যেতিয়া ৰোমৰ ৰাজতন্ত্ৰৰ পতন ঘটিল, ৰোমৰ ৰাজক্ষমতাক কনচুল আৰু পণ্টিফেক্স মেক্সিমাচঃ দুটা ভাগত ভাগ কৰা হ’ল। কনচুলৰ ওপৰত ৰজাৰ ধৰ্মনিৰপেক্ষ কতৃৰ্ত্ব ন্যস্ত কৰা হ’ল আৰু পণ্টিফেক্স মেক্সিমাচৰ ওপৰত ৰজাৰ ধৰ্মীয় কতৃৰ্ত্ব ন্যস্ত কৰা হ’ল। এই প্ৰজাতান্ত্ৰিক সংবিধানে দুজন কনচুলৰ দিহা দিছিল, এজন পেট্ৰিচিয়ান আৰু আনজন আছিল প্লেবিয়ান। এইখন সংবিধানেই পণ্টিফেক্স মেক্সিমাচৰ অধীনত থকা পুৰোহিতৰ অৰ্ধেক প্লেবিয়ান আৰু বাকী অৰ্ধেক পেট্ৰিচিয়ান থাকিব বুলি বিধান দিছিল। ৰোমৰ প্ৰজাতান্ত্ৰিক সংবিধানত সাম্প্ৰদায়িক বঁটা সদৃশ এই ব্যৱস্থাৱলী কিয় আছিল? ইয়াৰ উত্তৰ হ’ল যে প্ৰজাতান্ত্ৰিক ৰোমৰ সংবিধানে পেট্ৰিচিয়ান আৰু প্লেবিয়ানসকলৰ মাজৰ সামাজিক বিভাজনক স্বীকাৰ কৰি লৈছিল, যি দুটা পৃথক জাতিৰ ৰূপ লৈছিল। মুঠতে, ৰাজনৈতিক সংস্কাৰবাদীসকলৰ দৃষ্টিভংগী যিয়েই নহওক লাগে, তেওঁলোকে সংবিধান এখন ৰচনা কৰিবলৈ যাওঁতে প্ৰচলিত সমাজ ব্যৱস্থা সৃষ্ট সমস্যাক আওকাণ কৰিব নোৱাৰে।

মোৰ বক্তব্যৰ সমৰ্থনত দাঙি ধৰা সামাজিক আৰু ধৰ্মীয় সমস্যাৰ ৰাজনৈতিক তাৎপৰ্য্য বিশেষত্বপূৰ্ণ। কিন্তু, এনেকৈ ভবা উচিত নহ’ব যে ইটোৰ ওপৰত সিটোৰ প্ৰভাৱ অতি সীমিত। বৰঞ্চ, ঐতিহাসিকভাৱে তাৎপৰ্য্যপূৰ্ণ কথাটো হ’ল যে সামাজিক আৰু ধৰ্মীয় বিপ্লৱ ৰাজনৈতিক বিপ্লৱৰ পূৰ্বে সংঘটিত হয়।

মাৰ্টিন লুথাৰে আৰম্ভ কৰা ধৰ্মীয় সংস্কাৰে ইউৰোপত ৰাজনৈতিক জাগৰণৰ বাবে উপযুক্ত পৰিৱেশ গঢ়িছিল। ইংলেণ্ডত পিউৰিটানবাদে ৰাজনৈতিক স্বতন্ত্ৰতাৰ পথ প্ৰশস্ত কৰিছিল। পিউৰিটানবাদে এখন নতুন বিশ্ব প্ৰতিষ্ঠা কৰিছিল। পিউৰিটানবাদেই আমেৰিকাৰ স্বাধীনতাত মূল ভূমিকা লৈছিল, যি পিউৰিটানবাদ আছিল এক ধৰ্মীয় আন্দোলন। মুছলিম বিশ্বৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। এক ৰাজনৈতিক সাম্ৰাজ্য গঠনৰ পূৰ্বে পয়গম্বৰ মহম্মদৰ নেতৃত্বত মুছলিম সমাজত সামগ্ৰিকভাৱে ধৰ্মীয় বিপ্লৱ সংঘটিত হৈছিল। আনকি ভাৰতৰ ইতিহাসেও ইয়াক সমৰ্থ কৰে। চন্দ্ৰগুপ্ত মৌৰ্যৰ নেতৃত্বত ৰাজনৈতিক বিপ্লৱ সংঘটিত হোৱাৰ পূৰ্বে গৌতম বুদ্ধই ধৰ্মীয় আৰু সামাজিক বিপ্লৱৰ সূচনা কৰিছিল। শিৱাজীৰ ৰাজনৈতিক বিপ্লৱো মহাৰাষ্ট্ৰৰ সাধু-সন্তৰ ধৰ্মীয় আৰু সামাজিক সংস্কাৰৰ পিছতহে সম্ভৱ হৈছিল। শিখসকলৰ ৰাজনৈতিক উত্থানো গুৰুনানক নেতৃত্বাধীন ধৰ্মীয় আৰু সামাজিক বিপ্লৱৰ পিছৰ ঘটনাহে। আৰু অধিক দৃষ্টান্তৰ প্ৰয়োজন নাই। এইবোৰেই প্ৰমাণ কৰে যে সমূহৰ ৰাজনৈতিক স্বতন্ত্ৰতাৰ পূৰ্বচৰ্ত হ’ল মানুহৰ স্বাধীন চিন্তা আৰু চেতনা।

ভাৰতৰ সমাজতন্ত্ৰীসকলে গ্ৰহণ কৰা ইতিহাসৰ অৰ্থনৈতিক দৃষ্টিকোণক এনেকৈয়ে প্ৰত্যাহ্বান জনাব পাৰি। মোৰ বিচাৰত সমাজতন্ত্ৰৰ বাবে ইতিহাসৰ অৰ্থনৈতিক দৃষ্টিকোণৰ প্ৰয়োজন নাই, সম্পদৰ সমবিতৰণক প্ৰকৃত সংস্কাৰ বুলি ভাবি বাকীবিলাকক উলাই কৰাৰ যুক্তি নাই। মই সমাজতন্ত্ৰীসকলক সুধিব খোজোঁ— সমাজ ব্যৱস্থাৰ সংস্কাৰ অবিহনে আপোনাসবে অৰ্থনৈতিক সংস্কাৰ আনিব পাৰিব নে? ভাৰতৰ সমাজতন্ত্ৰীসকলে এই প্ৰশ্নক গুৰুত্বসহকাৰে নলয়। কিছু দিনৰ আগতে মোৰ এজন বন্ধুলৈ এজন সমাজতন্ত্ৰীয়ে লিখা পত্ৰৰ কিয়দংশ তুলি ধৰিছোঁ। তেওঁ লিখিছিল, “মোৰ দৃঢ় বিশ্বাস যে ভাৰতত আমি এখন মুক্ত সমাজ গঢ়ি তুলিব নোৱাৰিম যেতিয়ালৈকে এটা শ্ৰেণীয়ে আন এটাক কৰা অত্যাচাৰ আৰু দমন অব্যাহত থাকিব। সমাজতান্ত্ৰিক আদৰ্শত বিশ্বাসী এজন হিচাপে মই বিভিন্ন শ্ৰেণী আৰু সম্প্ৰদায়ৰ সম-মৰ্যাদাত বিশ্বাস কৰোঁ। মই ভাবোঁ যে ইয়াকে লৈ অন্যান্য সমস্যা সমাধানৰ সমাজতন্ত্ৰই একমাত্ৰ পথ।” এতিয়া মই সুধিব বিচৰা প্ৰশ্নটো হ’ল— সমাজতন্ত্ৰী এজনৰ বাবে এই কথা কোৱাটোৱেই যথেষ্ট নে “মই বিভিন্ন শ্ৰেণী আৰু সম্প্ৰদায়ৰ সম-মৰ্যাদাত বিশ্বাস কৰোঁ।” ক’বলৈ গ’লে, সমাজতন্ত্ৰ সম্পৰ্কত বিস্তৰ আলোচনাৰ বাট বন্ধ কৰিবলৈ এনেকুৱা বিশ্বাসেই যথেষ্ট। যদিহে সমাজতন্ত্ৰ কেৱল এক আদৰ্শ তথা অলীক কল্পনা নহয় বৰঞ্চ এক প্ৰায়োগিক কৰ্ম-আঁচনি, তেনে এজন সমাজতন্ত্ৰীৰ বাবে সাম্যত বিশ্বাস কৰা কথাটোৱেই মূল কথা নহয়। এজন সমাজতন্ত্ৰীৰ বাবে মূল প্ৰশ্নটো হ’ল যে ব্যৱস্থা আৰু নীতিৰ দোহাই এটা শ্ৰেণীয়ে আন এটাক কৰা দমন-উৎপীড়নক তেওঁ কি ভাবে লয়; নে শ্ৰেণী বিভাজনক ভিত্তি কৰি অত্যাচাৰ আৰু অৱদমন চলি থাকিবলৈ দিব। মোৰ দৃষ্টিভংগী স্পষ্ট কৰিবলৈ সমাজতন্ত্ৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত কাৰকসমূহ বিশ্লেষণ কৰোঁহক। এটা কথা স্পষ্ট যে সমাজতন্ত্ৰীসকলে কোৱা অৰ্থনৈতিক সংস্কাৰ অসম্ভৱ যদিহে ক্ষমতা হস্তগত কৰাৰ বিপ্লৱ সংঘটিত নহয়। আৰু সেই বিপ্লৱো হ’ব লাগিব সৰ্বহাৰাৰ দ্বাৰাহে। মই সুধিব খোজা প্ৰথম প্ৰশ্নটো হ’ল: ভাৰতৰ সৰ্বহাৰাই এই বিপ্লৱ আনিবলৈ একেখন মঞ্চতে সমবেত হ’ব নে? এনেকুৱা এক কাৰ্য সাধন কৰিবলৈ মানুহক কিহে অনুপ্ৰাণিত কৰিব? মোৰ মতে অন্য কথাতকৈ সমতা, ভ্ৰাতৃত্ব আৰু সৰ্বোপৰি ন্যায়ৰ অনুভৱে এজন মানুহক তাৰ সহকৰ্মী এজনৰ সৈতে একাত্ম কৰিব সৰ্বাহাৰাৰ বিপ্লৱ সংঘটিত কৰাত। বিপ্লৱ সফল হোৱাৰ পিছত সম-মৰ্যাদা প্ৰাপ্তি আৰু জাতি-ধৰ্মৰ ভিত্তিত বৈষম্যৰ স্বীকাৰ নোহোৱাৰ নিশ্চয়তা নোপোৱালৈকে কোনো মানুহে সম্পদৰ সম-বিতৰণৰ বাবে কৰা বিপ্লৱত অংশগ্ৰহণ নকৰে। মোৰ বিচাৰত— বিপ্লৱক নেতৃত্ব দিয়া এজন সমাজতন্ত্ৰীয়ে তেওঁ জাত-পাতত বিশ্বাস নকৰোঁ বোলা আশ্বাসেই যথেষ্ট নহয়। সেই আশ্বাসৰ ভিত্তি অতি মজবুত হ’ব লাগিব, যি ভিত্তি সহযোদ্ধাসকলৰ ইজনৰ প্ৰতি সিজনৰ মনোভাৱ ব্যক্তিগত পৰ্যায়ৰ সমতা আৰু ভ্ৰাতৃত্ববোধৰ আধাৰত হ’ব। ভাৰতৰ সৰ্বহাৰাই কেৱল ধনী আৰু দৰিদ্ৰৰ মাজৰ বৈষম্যৰ বাদে অন্য কোনো বিভাজন মানি নলয় বুলি ক’ব পৰা যায় নে? ভাৰতৰ দৰিদ্ৰই জাতি-ধৰ্ম, উচ্চ-নীচ আদি কোনো বিচাৰ মানি নলয় বুলি ক’ব পৰা যায় নে? যদিহে জাত-পাত, উচ্চ-নীচ আদি বৈষম্য মানি লয় তেনেহ’লে এনেকুৱা সৰ্বহাৰাৰ পৰা ধনীক শ্ৰেণীৰ বিৰুদ্ধে কি ধৰণৰ এখন মঞ্চ আশা কৰিব পাৰি? বিপ্লৱ কেনেকৈ সম্ভৱ যদিহে সৰ্বহাৰা এখন সন্মিলিত মঞ্চত সমবেত হ’ব নোৱাৰে? যুক্তিৰ খাতিৰতেই ধৰি লোৱা হওক যে সৌভাগ্যক্ৰমে বিপ্লৱ সংঘটিত হ’ল আৰু সমাজতন্ত্ৰীসকলে ক্ষমতা দখল কৰিলে কিন্তু তেওঁলোকে বিশেষ সমাজ ব্যৱস্থাই সৃষ্টি কৰা সমস্যাৰ সৈতে মোকাবিলা কৰিব নালাগিব নে? উচ্চ-নীচ, শুচি-অশুচি কুসংস্কাৰৰ বাছ-বিচাৰ মানি চলা ভাৰতৰ সৈতে সম্পৰ্কৰহিতভাৱে এখন সমাজতন্ত্ৰী ভাৰতৰাষ্ট্ৰ এক ছেকেণ্ডৰ বাবেও কেনেকৈ টিকি থাকিব সেয়া মোৰ বোধগম্য হোৱা নাই। যদিহে সমাজতন্ত্ৰীসকল তাত্ত্বিক কথা-বতৰাতে সীমাবদ্ধ নাথাকে, যদিহে সমাজতন্ত্ৰীসকলে সমাজতন্ত্ৰক সাকাৰ ৰূপ দিব খোজে, তেতিয়াহ’লে তেওঁলোকে স্বীকাৰ কৰিবই লাগিব যে সমাজ সংস্কাৰৰ প্ৰসংগই প্ৰাথমিকতা পাবই লাগিব। ইয়াৰ গত্যন্তৰ অন্য একো নাই। ভাৰতত প্ৰচলিত সমাজ ব্যৱস্থা, যাৰ সৈতে মোকাবিলা সমাজতন্ত্ৰীসকলে কৰিব লাগিব, সেয়ে যদিহে সমাজ সংস্কাৰৰ কথা অৱহেলা কৰে তেনে বিপ্লৱ কেতিয়াও সম্ভৱ নহয়। যদিহে সৌভাগ্যবশতঃ বিপ্লৱ সংঘটিত হয়ো সামাজিক সমস্যাৰ স’তে যুঁজ-বাগৰ কৰি থাকিব লাগিব। মোৰ মতে বিপ্লৱ সংঘটিত কৰিবলৈ এক বাস্তৱসন্মত আঁচনিৰ প্ৰয়োজন তৰ্কাতীত। বিপ্লৱৰ আগতেই জাত-পাতৰ সংস্কাৰ নহ’লে সমাজতন্ত্ৰীয়ে বিপ্লৱৰ পিছত জাত-পাতৰ কথা-বতৰাতে লাগি থাকিব লাগিব। এটা কথা নিশ্চিত যে যেতিয়ালৈকে জাত-পাতৰ দৰে চয়তানী সমাজ-ব্যৱস্থা টিকি থাকিব ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ-সমতা কেতিয়াও সম্ভৱ নহ’ব। দুখৰ কথাটো হ’ল যে আজিও জাত-পাতৰ পক্ষত থকা অসংখ্য মানুহ আছে। যুক্তি দৰ্শোৱা হয় যে জাতি ব্যৱস্থা শ্ৰমবিভাজনৰ অন্য এক ৰূপহে। যদিহে শ্ৰমৰ বিভাজন আধুনিক সমাজ এখনৰ বাবে অপৰিহাৰ্য্য তেনে জাতি ব্যৱস্থা ভুল হ’ব নোৱাৰে। এই মতৰ বিৰুদ্ধে প্ৰথম যুক্তিটোৱেই হ’ল যে জাতি ব্যৱস্থা কেৱল শ্ৰমৰ বিভাজন নহয়। জাতি ব্যৱস্থাই শ্ৰমজীৱী মানুহকো বিভাজিত কৰে। আধুনিক সমাজ এখনক নিশ্চিতভাৱে শ্ৰম বিভাজন জৰুৰী। কিন্তু কোনো সভ্য সমাজত শ্ৰমজীৱীৰ মাজত এনে অস্বাভাৱিক শ্ৰম বিভাজনৰ ব্যৱস্থা নাই। জাত-পাতৰ ব্যৱস্থা কেৱল শ্ৰমজীৱীৰ বিভাজনেই নহয়, যি শ্ৰম বিভাজনৰ পৰা সম্পূৰ্ণ পৃথক— এই ব্যৱস্থা এনে ধৰণৰ যি উচ্চ-নিম্ন বিভাজনক বিধিসন্মত কৰে। পৃথিৱীৰ কোনো দেশতে শ্ৰম বিভাজনৰ এনে ব্যৱস্থা নাই। এই শ্ৰম বিভাজন স্বতঃস্ফূৰ্ত নহয়, ই স্বাভাৱিক প্ৰবৃত্তিগতও নহয়। মন পছন্দৰ এক বৃত্তিগত জীৱন গঢ় দিবলৈ ব্যক্তিক সামাজিক আৰু ব্যক্তিগত দক্ষতাৰ প্ৰয়োজন। জাতি ব্যৱস্থাত এই নীতি ভংগ কৰা হয়, যিহেতু ব্যক্তিৰ ওপৰত পূৰ্বনিৰ্ধাৰিত কৰ্ম ন্যস্ত থাকে, যিটো ব্যক্তিৰ মৌলিক প্ৰতিভাৰ ভিত্তিত কৰা নহয়; বৰঞ্চ পিতৃ-মাতৃৰ সামাজিক মৰ্যাদাৰ ভিত্তিত কৰা হয়। অন্য এটা দৃষ্টিকোণৰ পৰা চালে দেখা যায় যে জাতি ব্যৱস্থাৰ ফলশ্ৰুতি বৃত্তিৰ এই শ্ৰেণীবিভাজন অতি মাৰাত্মক।

শিল্প-উদ্যোগ কাহানিও একেই নাথাকে। শিল্প উদ্যোগৰ দ্ৰুত তথা তাৎক্ষণিক পৰিৱৰ্তন ঘটে। এই পৰিৱৰ্তনৰ লগে লগে ব্যক্তিয়েও নিজৰ বৃত্তি সলনি কৰিবলৈ স্বাধীন হ’ব লাগে। এনে স্বাধীনতা ব্যতিৰেকে ব্যক্তিয়ে পৰিৱৰ্তিত পৰিস্থিতিত নিজকে খাপ খুৱাই লৈ জীৱিকা আহৰণ কৰাটো অসম্ভৱ কথা। জাতি ব্যৱস্থাই হিন্দুসকলক বিচৰা ধৰণে বৃত্তি আহৰণ কৰাত বাধা প্ৰদান কৰিছে। যদিহে বংশানুক্ৰমে সেই যোগ্যতা আহৰণ কৰা নাই এটা নতুন বৃত্তিত নিয়োজিত হোৱাতকৈ নাখাই মৰি যোৱাটোকে এজন হিন্দুৱে মানি লৈছে, তেনে সেয়া নিতান্তই জাতি ব্যৱস্থাৰ বাবেই হৈছে। এই বংশানুক্ৰমিক বৃত্তি আহৰণৰ ব্যৱস্থাৰ বিধানকেই দেশৰ নিবনুৱা সমস্যাৰ অন্যতম কাৰণ বুলিব পাৰি। জাতি ব্যৱস্থাৰ আন এটা গুৰুতৰ ত্ৰুটিও আছে। জাতি ব্যৱস্থাৰ অৱদান শ্ৰম বিভাজন ব্যক্তিৰ পছন্দক ভিত্তি কৰি হোৱা নাছিল। ব্যক্তিৰ ৰুচি-অভিৰুচিৰ ইয়াত স্থান নাই। এয়া কপালৰ লিখনৰ ওপৰত নিৰ্ভৰশীল। ভাৰতত এনে বহুতো বৃত্তি আছে যিবিলাকক হিন্দুসকলে মৰ্যাদাহীন বুলি গণ্য কৰে, যিটোৱে নিয়োজিতসকলক নাৰাজ কৰে। সেয়ে এনে বৃত্তিৰ পৰা হাত সাৰি থকাৰ নিৰলস প্ৰচেষ্টা স্বাভাৱিক। যিটো হিন্দু ধৰ্মৰ ধ্যান-ধাৰণাৰে ফল। যিটো ব্যৱস্থাত ব্যক্তিয়ে নিজৰ মন-মগজু খটাই কাম কৰিব নোৱাৰে তাত কি ধৰণৰ দক্ষতা আশা কৰিব পাৰি? সেয়ে এক অৰ্থনৈতিক সংগঠন হিচাপে জাতি ব্যৱস্থা ক্ষতিকৰ, যিহেতু এই ব্যৱস্থাত মানুহৰ স্বাভাৱিক শক্তি-সামৰ্থক সামাজিক নীতি-নিয়মৰ শৃংখলেৰে দমন কৰি ৰখা হয়। কিছুলোকে জাতি ব্যৱস্থাৰ পক্ষত জৈৱিক ৰেখা অংকন কৰিছে। কোৱা হৈছে যে জাতি ব্যৱস্থাৰ উদ্দেশ্য হ’ল জাতি আৰু ৰক্তৰ বিশুদ্ধতা ৰক্ষা কৰা। নৃততত্ত্ববিদসকলৰ মতে পৃথিৱীৰ ক’তো বিশুদ্ধ জাতি নাই। পৃথিৱীৰ সকলো জাতিৰ মাজত তেজ-পূজৰ সংমিশ্ৰণ ঘটিছে। মিঃ ডি. আৰ. ভাণ্ডাৰকাৰে তেখেতৰ গৱেষণা পত্ৰ Foreign Elements in the Hindu Population-ত কৈছে যে, “ভাৰতত বাহিৰৰ কোনো জাতিৰ প্ৰভাৱ নথকা শ্ৰেণী বা জাতি নায়েই। বহিঃজাতিৰ ৰক্ত কেৱল যুদ্ধবাজ ৰাজপুত আৰু মাৰাঠাৰ গাতেই নহয়, ব্ৰাহ্মণসকলৰ গাতো আছে; যিসকলে নিজকে ভাৰত বৰ্হিভূত যিকোনো ধৰণৰ প্ৰভাৱৰ পৰা মুক্ত বুলি ভাবে।” জাতি ব্যৱস্থাক জাতিগত তথা ৰক্তৰ বিশুদ্ধতা ৰক্ষাৰ উপায় হিচাপে কেতিয়াও গণ্য কৰিব নোৱাৰি। দৰাচলতে ভাৰতৰ বিভিন্ন জাতিসমূহৰ তেজ-পূজ আৰু সাংস্কৃতিক সংমিশ্ৰণৰ বহু পিছতহে জাতি ব্যৱস্থাৰ উৎপত্তি হৈছিল। চাবলৈ গ’লে, ইমানবোৰ জাতিগত বা নৃগোষ্ঠীগত বিশেষত্বৰ ধাৰণা সত্যৰহে বিকৃতি। পাঞ্জাৱী ব্ৰাহ্মণ আৰু মাদ্ৰাজী ব্ৰাহ্মণৰ মাজত কি ধৰণৰ নৃগোষ্ঠীয় সাদৃশ্য আছে? বেংগলৰ অস্পৃশ্য আৰু মাদ্ৰাজৰ অস্পৃশ্যৰ মাজত কি ধৰণৰ নৃগোষ্ঠীয় সাদৃশ্য আছে? পঞ্জাৱৰ ব্ৰাহ্মণ আৰু চামাৰৰ মাজত কি ধৰণৰ নৃগোষ্ঠীগত পাৰ্থক্য আছে? মাদ্ৰাজৰ ব্ৰাহ্মণ আৰু পাৰিয়াৰ মাজত কি ধৰণৰ নৃগোষ্ঠীগত পাৰ্থক্য আছে? নৃগোষ্ঠীয়ভাৱে পঞ্জাৱৰ ব্ৰাহ্মণসকল পঞ্জাৱৰ চামাৰসকলৰ গুৰি একেটাই। ঠিক তেনেকৈ মাদ্ৰাজৰ ব্ৰাহ্মণ আৰু পাৰিয়াসকলৰো নৃগোষ্ঠীয় উৎস একেটাই। জাতি ব্যৱস্থাই নৃগোষ্ঠীয় বিভাজনৰ সীমাৰেখা টানিব নোৱাৰে। জাতি ব্যৱস্থা একে জনগোষ্ঠীয় সমূহৰ এক সামাজিক বিভাজনহে। ইয়াক নৃগোষ্ঠীয় বিভাজনৰ এক ঘটনা বুলি গণ্য কৰিলে প্ৰশ্ন উঠিব পাৰে যে বিভিন্ন জাতিৰ মাজত অসবৰ্ণ বিবাহৰ জৰিয়তে ৰক্তৰ সংমিশ্ৰণ হ’বলৈ দিয়া হ’লে ভাৰতত কি ক্ষতি সংঘটিত হ’লহেঁতেন? নিঃসন্দেহে মানুহ জন্তুতকৈ সম্পূৰ্ণ পৃথক। বিজ্ঞানে মানুহ আৰু জন্তুক দুটা ভিন্ন প্ৰজাতি বুলি স্বীকৃতি দিছে। কিন্তু, জাতিগত বিশুদ্ধতাত বিশ্বাসী বিজ্ঞানীয়েও ন দি নকয় যে ভিন্ন জাতিসমূহে ভিন্ন প্ৰজাতি সংগঠন কৰে। দৰাচলতে মানুহৰ জাতি এটাই। সেয়ে মানুহৰ মাজত হোৱা জৈৱিক সম্পৰ্কৰ ফলত নতুন প্ৰজন্ম আহে, যি বন্ধ্যা নহয়। জাতি ব্যৱস্থাৰ পক্ষত থকাসকলে বংশগত আৰু সু-প্ৰজননজ্ঞ সম্পৰ্কে অৰ্থহীন আলাপ কৰে। সুপ্ৰজননৰ মৌলিক নীতি মতেই চলিলে খুউব কমেইহে জাতি ব্যৱস্থাৰ বিৰোধিতা কৰিব; কাৰণ সুচিন্তিত জৈৱিক সম্পৰ্কৰ দ্বাৰা নিজ জনগোষ্ঠীৰ উত্তৰণ কোনেও নিবিচৰাকৈ নাথাকিব। কিন্তু জাতি ব্যৱস্থাই সুচিন্তিত জৈৱিক সম্পৰ্কক কেনেকৈ নিষ্কণ্টক কৰে বুজা নাযায়। জাতি ব্যৱস্থা এটা ঋণাত্মক সামাজিক ব্যৱস্থা। জাতি ব্যৱস্থাই বিভিন্ন জাতিৰ মানুহক অসবৰ্ণ বিবাহ সম্পন্ন কৰাত নিষেধহে কৰিছে। এইটো এটা যোগাত্মক কথা নহয়। যদিহে জাতিগত বিবাহত সুপ্ৰজনন সম্ভৱ তেনে উপ-জাতিৰ ক্ষেত্ৰতো এই কথা খাটিব লাগিব। মই ভাবোঁ এনে এটা বিষয় সন্দৰ্ভত তৰ্ক কৰাটো অৰ্থহীন। যদিহে জাতিৰ অৰ্থ নৃগোষ্ঠীয় সমূহ তেনে উপ-জাতিসমূহৰ বিশেষত্ববোৰেই নৃগোষ্ঠীয় সমূহৰ বিশেষত্ব হ’ব নোৱাৰে; কাৰণ উপ-জাতিবোৰ হ’ল একেটা নৃগোষ্ঠীৰে অনুমানসিদ্ধ উপ-বিভাজন। ফলস্বৰূপে, উপ-জাতিবোৰৰ মাজৰ অসবৰ্ণ-বিবাহ আৰু অসবৰ্ণ-ভোজনৰ বিৰুদ্ধে থকা বাধা জাতিৰ ৰক্তৰ বিশুদ্ধতা ৰক্ষাৰ উদ্দেশ্যে হ’বই নোৱাৰে। যদিহে উপ-জাতিত সুপ্ৰজনন সম্ভৱ নহয়, তেনে জাতিৰ মাজৰ সম্পৰ্কত সুপ্ৰজনন সম্ভৱ বুলি সন্তুষ্টি লভাৰ কোনো অৰ্থ নাই। আৰু যদিহে জাতিৰ মাজৰ সম্পৰ্কত সুপ্ৰজনন সম্ভৱ, তেনে অসবৰ্ণ বিবাহৰ বিৰুদ্ধে থকা বাধাৰ উদ্দেশ্য বুজা উচিত। কিন্তু জাতি আৰু উপ-জাতিৰ মাজত ভোজনৰ ক্ষেত্ৰত সমানেই নিষেধ প্ৰদানৰ উদ্দেশ্য কি? সমজুৱা ভোজনেতো ৰক্ত দূষিত নকৰে আৰু সেইটো এটা জাতিৰ উত্তৰণ বা অৱনতিৰ কাৰণো হ’ব নোৱাৰে। এই কথাই ইয়াকে প্ৰমাণ কৰে যে জাতিৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। প্ৰকৃততে, জাতি ব্যৱস্থা এটা সমাজ ব্যৱস্থাহে। যিটোৱে এখিনি হিন্দুক দাম্ভিক আৰু স্বাৰ্থপৰ কৰি তুলিছে।

জাতিয়ে অৰ্থনৈতিক স্বচ্ছলতা নিদিয়ে। জাতিয়ে নৃগোষ্ঠীগত উন্নয়নও নাসাধে আৰু সাধিবও নোৱাৰে। অৱশ্যে জাতিয়ে এটা কাম কৰিছে। ই হিন্দুসকলক সংগঠনহীন আৰু হতোদ্যম কৰিছে।

আমি স্বীকাৰ কৰি ল’বলগা প্ৰথম আৰু প্ৰাথমিক কথাটোৱেই হ’ল যে হিন্দু সমাজ কেৱল এক কল্পনাহে। “হিন্দু” নামটোৱেই এটা বিদেশী নাম। এই নামটো মুছলমানসকলে ভাৰতৰ থলুৱা মানুহক বুজাবলৈ ব্যৱহাৰ কৰিছিল। মুছলমানসকলৰ আগমনৰ আগতে কোনো সংস্কৃত পুথি-পাঁজিত ইয়াক পোৱা নাযায়। হিন্দুসকলে এটা সমূহীয়া পৰিচয়ৰ প্ৰয়োজন অনুভৱ কৰা নাছিল। কাৰণ তেওঁলোকৰ সম্প্ৰদায়ৰ সংগঠন সম্পৰ্কে ধাৰণাই নাছিল। হিন্দু সমাজ বুলি কোনো সমাজ নাই। এয়া মূলতঃ বিভিন্ন জাতিৰ সংগ্ৰহহে। প্ৰতিটো জাতিয়েই নিজস্ব অস্তিত্বৰ প্ৰতিহে সচেতন। নিজ জাতি বৰ্তি থকাৰ কথাটোৱেই সৰ্বশেষ কথা। জাতিয়ে আনকি সংঘবদ্ধ হ’বলৈও নিদিয়ে। হিন্দু-মুছলমানৰ সংঘৰ্ষৰ বাদে আন সময়ত এটা জাতিয়ে অন্য জাতিৰ লগত সম্পৰ্কিত বুলিও পাহৰি থাকে। সকলো সময়তে প্ৰতিটো জাতিয়েই নিজকে আনৰ পৰা বিচ্চিন্ন কৰি ৰাখিবলৈ চেষ্টা জাৰি ৰাখে। প্ৰতিটো জাতিয়ে কেৱল নিজৰ মাজতে খোৱা-বোৱা, বিয়া-বাৰুয়েই নকৰে, পোছাক-পৰিচ্চদৰ ক্ষেত্ৰতো আন জাতিতকৈ বেলেগকৈ পৰিধান কৰে। দৰাচলতে এজন আদৰ্শ হিন্দু নিজৰ গাঁততে জীৱন কটোৱা এটা এন্দুৰৰ নিচিনা। হিন্দুসকলৰ মাজত সমাজতাত্ত্বিকসকলে কোৱা “consciousness of kind”-ৰ অভাৱ বাৰুকৈয়ে সুলভ। হিন্দুসকলৰ মাজত নিজৰ জাতিগত চেতনাহে বিদ্যমান। এইটোৱেই কাৰণ যাৰবাবে হিন্দুসকলে এখন সমাজ বা এটা জাতি গঢ়িব পৰা নাই। এনেকুৱা বহুতো ভাৰতীয় আছে যাৰ স্বজাতিপ্ৰেমে ভাৰতীয়সকলক এটা জাতি বুলি স্বীকাৰ নকৰে, বৰঞ্চ এক আকাৰহীন জনসমূহ বুলিহে গণ্য কৰে। বিভিন্ন ৰীতি-নীতি, বিশ্বাস, আচাৰ-অনুষ্ঠান একে হোৱা বাবেই হিন্দুক এক সামাজিক সংগঠন বুলিব নোৱাৰি। এনে কৰিবলৈ গ’লে সমাজ সংগঠনৰ প্ৰাথমিক চৰ্তসমূহকে ভুলকৈ বুজা হ’ব। মানুহে একে ঠাইতে সহবাস কৰিলেই এখন সমাজ হৈ নাযায়। হাজাৰ মাইল দূৰতত্বত থাকিলেও মানুহ এজন এখন সমাজৰ পৰা বাদ নপৰে। ঠিক তেনেকৈ ৰীতি-নীতি, বিশ্বাস আদিৰ মিলেই সমাজ এখন সংগঠনৰ বাবে যথেষ্ট নহয়। ইটাৰ গাঁঠনিৰ দৰেই মানুহৰ ক্ষেত্ৰতো প্ৰজন্ম প্ৰজন্ম ধৰি পৰম্পৰাগতভাৱে কথা-কাম চলি থাকিব পাৰে। সংস্কৃতিৰ ব্যাপ্তি ঘটে আৰু সেয়ে বিভিন্ন আদিম জনগোষ্ঠীৰ মাজত ৰীতি-নীতি, বিশ্বাস আদিৰ মিল দেখা যায়। কিন্তু এই মিল থকাৰ বাবেই আদিম জনগোষ্ঠীবোৰে সমাজ সংগঠন কৰা বুলিব নোৱাৰি। কাৰণ কিছুমান কথা-বতৰাত মিল থকাটোৱেই সমাজ সংগঠন কৰাৰ বাবে যথেষ্ট নহয়। মানুহে সমাজ সংগঠন এই কাৰণেই কৰে কাৰণ তেওঁলোকৰ কিছুমান বস্তু-কথাত উমৈহতীয়া কতৃৰ্ত্ব আছে। উমৈহতীয়া কতৃৰ্ত্ব থকাটো কিছুমান কথাত মিল থকাতকৈ বহু বেলেগ। আৰু উমৈহতীয়া কতৃৰ্ত্ব স্থাপনৰ একমাত্ৰ পথটোৱেই হ’ল ইজন-সিজনৰ মাজৰ যোগাযোগ। সেয়ে ক’ব পাৰি সমাজ এখনৰ ধাৰাবাহিকতা ৰক্ষা যোগাযোগৰ জৰিয়তেহে সম্ভৱ। মুঠৰ ওপৰত, মানুহ সহমতৰ ভিত্তিত চলিলেও সমাজ সংগঠনৰ বাবে সেয়া যথেষ্ট নহয়। একেধৰণৰ আচাৰ-অনুষ্ঠান সম্পাদনেই এখন সমাজ হ’বলৈ পৰ্যাপ্ত নহয়। এই কথা প্ৰমাণ কৰে হিন্দুসকলে পালন কৰা বিভিন্ন উৎসৱ-পাৰ্বণে। একে জাতীয় উৎসৱ-পাৰ্বণৰ পালনে বিভিন্ন জাতিসমূহক এডাল এনাজৰীৰে বান্ধি ৰাখিব পৰা নাই। এক সংহত সমূহ হ’বলৈ, মানুহ এনে সামূহিক কৰ্মত নিয়োজিত হ’ব পাৰিব লাগিব যি আন দহজনৰ দৰে তেওঁকো সেই একেই আৱেগৰ বশৱৰ্তী কৰে। মানুহক সামূহিক কৰ্মত সমভাগী কৰিব লাগিব, যাতে তেওঁ সমূহৰ সফলতা-বিফলতাক নিজৰ বুলি অনুভৱ কৰি সমাজ সংগঠনত জড়িত হ’ব। কিন্তু জাতি ব্যৱস্থাই সামূহিক কৰ্মৰ বিৰোধ কৰে আৰু সামূহিক কৰ্মক বিৰোধ কৰি হিন্দুসকলক সমাজ সংগঠন কৰি এক সংঘবদ্ধ জীৱনশৈলীৰ লগতে নিজ অস্তিত্বৰ প্ৰতি সচেতন হোৱাত বাধা প্ৰদান কৰে।

হিন্দুসকলে অসামাজিক দল বা সমূহক প্ৰায়েই সমাজ-বিৰোধী বুলি বিভিন্ন দোষাৰোপ কৰি থাকে। কিন্তু তেওঁলোকে পাহৰি যায় যে এই সমাজ-বিৰোধী শক্তি জাতি ব্যৱস্থাৰেই নীচ স্বৰূপ। এটা জাতিয়ে অন্য এটা জাতিৰ বিৰুদ্ধে বিদ্বেষপূৰ্ণ স্তুতি গায় ঠিক জাৰ্মানসকলে ইংৰাজৰ বিৰুদ্ধে মহাযুদ্ধৰ সময়ত গোৱাৰ দৰেই। হিন্দুশাস্ত্ৰসমূহ জাতিগত পুৰুষনামাজ্ঞৰে পৰিপূৰ্ণ। য’ত এটা জাতিৰ মূলক মহৎ আৰু এটাৰ মূলক নীচ বোলা হৈছে। সমাজ-বিৰোধী শক্তি কেৱল জাতিতে সীমাবদ্ধ নহয়। ই গভীৰ হৈ গৈ আছে আৰু উপ-জাতিসমূহৰ পাৰস্পৰিক সম্পৰ্ককো বিষাক্ত কৰিছে। মোৰ ৰাজ্যত গোলক ব্ৰাহ্মণ, দেউৰুখ ব্ৰাহ্মণ, কাৰাড়া ব্ৰাহ্মণ, পলাচী ব্ৰাহ্মণ আৰু চিতপাৱন ব্ৰাহ্মণ সকলোৱে নিজকে ব্ৰাহ্মণৰ উপ-জাতি বুলি দাবী কৰে। কিন্তু সমাজ-বিৰোধী শক্তি এই ব্ৰাহ্মণসকলৰ মাজতো আছে, যেনেকৈ অ-ব্ৰাহ্মণসকলৰ মাজত আছে। ইয়াত আশ্বৰ্যজনক একো নাই। সমাজ-বিৰোধী শক্তি সকলোতে পোৱা যায় য’ত এটা গোটৰ “নিজস্ব স্বাৰ্থ” নিহিত থাকে। যি অন্য গোটৰ স’তে পাৰস্পৰিক মিলামিছা সম্পূৰ্ণ বন্ধ কৰি দিয়ে। কাৰণ ইয়াৰ মূল উদ্দেশ্যই হ’ল ন্যস্তস্বাৰ্থ সুৰক্ষা কৰা। ব্ৰাহ্মণসকলৰ প্ৰাথমিক চৰ্তই হ’ল ব্ৰাহ্মণৰ স্বাৰ্থৰ সুৰক্ষা আৰু অব্ৰাহ্মণৰো প্ৰাথমিক কামেই হ’ল অ-ব্ৰাহ্মণৰ স্বাৰ্থৰ সুৰক্ষা। সেয়ে হিন্দুসকল কেৱল বিভিন্ন জাতিৰ সমূহেই নহয়, এওঁলোক কিছুমান যুদ্ধবাজ গোট যি নিজৰ জাতিগত স্বাৰ্থৰ প্ৰতিহে সচেতন। জাতিৰ অন্য এটা অতি দুখজনক বৈশিষ্ট্য আছে। আজিৰ অ-ব্ৰাহ্মণ জাতিসমূহে ব্ৰাহ্মণসকলক তেওঁলোকৰ পূৰ্বপুৰুষে কৰা কৰ্মৰ বাবে ক্ষমা নকৰে। ইয়াৰ বাবে কোন জগৰীয়া? নিশ্চয়কৈ জাতি ব্যৱস্থাই জগৰীয়া।

ভাৰতত আদিবাসী জনগোষ্ঠীৰ সংখ্যা প্ৰায় তেৰ নিযুত। নতুন সংবিধানৰ পৰা এইসকলৰ বহিষ্কৰণৰ যুক্তিযুক্ততাৰ প্ৰসংগ বাদ দিলেও, বাস্তৱটো হ’ল যে এই দেশত আদিবাসীসকল তেওঁলোকৰ আদিম অনুন্নত অৱস্থাতে থাকিল, যিখন দেশে হাজাৰ হাজাৰ বছৰ প্ৰাচীন সভ্যতাক লৈ গৌৰৱবোধ কৰে। আদিবাসীসকল কেৱল অসভ্যই নহয়, তেওঁলোকে গ্ৰহণ কৰা বৃত্তিয়ে তেওঁলোকক অপৰাধীৰ শাৰীত থিয় কৰায়। সভ্যতাৰ জয়জয়-ময়ময় দিনত তেৰ নিযুত মানুহে বৰ্বৰ জীৱন জী আছে আৰু বংশানুক্ৰমিক অপৰাধীৰ জীৱন কটাইছে। কিন্তু হিন্দুসকলে এই কথাক লৈ লজ্জাবোধ নকৰে। মোৰ মতে এই পৰিঘটনা বিশ্বতে বিৰল।

এই লজ্জাজনক অৱস্থাৰ কাৰণ কি? আদিবাসীসকলৰ জীৱনৰ মান উন্নত কৰি মৰ্যাদাসম্পন্ন জীৱন যাপনৰ বাবে প্ৰচেষ্টা কৰা নহ’ল কিয়? আদিবাসীসকলৰ এই অৱস্থাৰ বাবে হিন্দুসকলে এটা আৰোপিত ধাৰণা দিব খুজিব যে আদিবাসীসকল জন্মগতভাৱেই মূঢ়। হিন্দুসকলে স্বীকাৰ নকৰে যে আদিবাসীসকলৰ বৰ্বৰ অৱস্থাৰ বাবে তেওঁলোকেই দায়ী; কাৰণ আদিবাসীসকলক আধুনিক চিকিৎসা, শিক্ষা, সংস্কাৰ আদি প্ৰদান কৰা হোৱা নাই। কিন্তু ধৰা হওক এজন হিন্দুৱে খ্ৰীষ্টান মিছনেৰীসকলে আদিবাসীসকলৰ বাবে কৰা কামকে কৰিলে, হিন্দুজন সফল হ’লহেঁতেন নে? মই ভাবোঁ নহ’লহেঁতেন। কাৰণ আদিবাসীসকলৰ জীৱনৰ মান উন্নত কৰা মানে তেওঁলোকক নিজৰ বুলি আঁকোৱালি লোৱা। এনে কাৰ্য্য হিন্দু এজনৰ বাবে কেনেকৈ সম্ভৱ হ’ব পাৰে? এজন হিন্দুৰ গোটেই জীৱন জাতি ৰক্ষাৰ নামত পাত হৈ যায়। এজন হিন্দুৰ বাবে তেওঁৰ জাতিতকৈ মূল্যৱান একো হ’ব নোৱাৰে। যিকোনো মূল্যৰ বিনিময়ত তেওঁ জাতি ৰক্ষা কৰিবই লাগিব। বৈদিক যুগৰ অৱশিষ্ট নীচ অনাৰ্যৰ স’তে মিলামিছা কৰি এজন হিন্দু জাতিচ্যুত হ’ব নোৱাৰে। অৱশ্যে এনেকুৱা নহয় যে হিন্দুসকল মানৱীয় চিন্তা-চেতনাৰহিত, কিন্তু সমস্যাটো হ’ল যে কোনো চেতনাই এজন হিন্দুক নিজৰ জাতিগত বিশুদ্ধতা ৰক্ষাৰ পৰা বাৰণ কৰিব নোৱাৰে। সেয়ে জাতি ব্যৱস্থাই হ’ল সভ্যতাৰ জয়জয়-ময়ময় দিনতো বৰ্বৰ আদিবাসীসকল বৰ্বৰ হৈ থকাৰ মূল কাৰণ। যাৰ বাবে হিন্দুসকল লজ্জিত-অনুতপ্ত একো নহয়। হিন্দুসকলে উপলব্ধিয়ে কৰা নাই যে এই আদিবাসীসকলেই হ’ল সম্ভাৱ্য বিপদৰ উৎস। যদিহে এই বৰ্বৰসকল বৰ্বৰ হৈয়ে থাকে তেওঁলোকে হিন্দুসকলৰ একো হানি-বিঘিনি ঘটাব নোৱাৰে। কিন্তু যদি অনা-হিন্দুৱে আদিবাসীসকলৰ সংস্কাৰ সাধে আৰু ধৰ্মান্তৰিত কৰে তেওঁলোক হিন্দুৰ শত্ৰুৰ শাৰীলৈ উন্নীত হ’ব। যদিহে এয়াই হয় হিন্দুসকলে নিজৰ লগতে জাতি ব্যৱস্থাক ধন্যবাদ জনাব লাগিব।

হিন্দুসকলে কেৱল বৰ্বৰ আদিবাসীসকলক উন্নত মানৰ জীৱন যাপন কৰিবলৈ মানৱিক প্ৰচেষ্টা নচলোৱাই নহয়, উচ্চবৰ্ণৰ হিন্দুসকলে উদ্দেশ্যপূৰ্ণভাৱেই নিম্ন জাতিসমূহক উচ্চ জাতিৰ সাংস্কৃতিক স্তৰলৈ উন্নীত কৰোৱা নাই। মই দুটা দৃষ্টান্ত দাঙি ধৰিম। এটা সোণাৰ আৰু আনটো হ’ল পাথাৰে প্ৰভু। দুয়োটা সম্প্ৰদায়েই মহাৰাষ্ট্ৰত জনাজাত। অন্যান্য সম্প্ৰদায়সমূহৰ দৰেই এই দুটা সম্প্ৰদায়েও এটা সময়ত ব্ৰাহ্মণসকলৰ আচাৰ-আচৰণ অৱলম্বন কৰিবলৈ প্ৰচেষ্টা চলাইছিল। সোণাৰসকলে ব্ৰাহ্মণসকলৰ দৰেই ধূতি পিন্ধিবলৈ ল’লে আৰু নমস্কাৰ জনাবলৈ ধৰিলে। যিটো ব্ৰাহ্মণসকলৰ বিশেষত্ব। কিন্তু ব্ৰাহ্মণসকলে এই অনুকৰণ পছন্দ নকৰিলে। পেচৱাৰ ক্ষমতাসীন কতৃৰ্ত্বৰ হতুৱাই সোণাৰসকলৰ এই প্ৰচেষ্টাত নাকী লগোৱা হ’ল। ব্ৰাহ্মণসকলে আনকি ইষ্ট ইণ্ডিয়া কোম্পানীৰ পাৰিষদৰ জৰিয়তে বোম্বাইৰ সোণাৰসকলৰ প্ৰতি নিষেধাজ্ঞাও জাৰি কৰিলে। এটা সময়ত পাথাৰে প্ৰভু সম্প্ৰদায়ৰ মাজত বিধবা বিবাহৰ ৰীতি প্ৰচলন আছিল। এই ৰীতিক নীচ বুলি গণ্য কৰাৰ লগতে ব্ৰাহ্মণ্য ৰীতিৰ পৰিপন্থী বুলি উঠাই দিব বিচৰা হ’ল। কিন্তু পেচৱাসকলে বিধবা বিবাহৰ পক্ষহে ল’লে আৰু ব্ৰাহ্মণ্য ৰীতি পালনৰ পৰা পাথাৰে প্ৰভুক বাৰণ কৰিলে। হিন্দুসকলে মুছলমানসকলক অস্ত্ৰৰ দ্বাৰা ধৰ্ম বিস্তাৰ কৰাৰ বাবে সমালোচনা কৰে। হিন্দুসকলে অনুসন্ধিৎসু খ্ৰীষ্টানসকলকো নিন্দা কৰে। কিন্তু কোন ভাল আৰু আমাৰ অধিক আদৰণীয়: মুছলমান আৰু খ্ৰীষ্টান যি অনিচ্চুক মানুহক ডিঙি কাটি মুক্তিৰ পথ প্ৰশস্ত কৰিছিল নে হিন্দুসকল, যি আমাক পোহৰৰ বাট নেদেখুৱাই আন্ধাৰত নিমজ্জিত কৰি ৰাখিব বিচাৰিছিল: যি আমাক বৌদ্ধিক আৰু সামাজিক উত্তৰাধিকাৰৰ পৰা বঞ্চিত কৰিছিল? মই ক’বলৈ কুণ্ঠাবোধ নকৰোঁ যে যদিহে মুছলমানসকল নিষ্ঠুৰ, তেনে হিন্দুসকল নীচ; নীচতা নিষ্ঠুৰতাতকৈ মাৰাত্মক।

হিন্দুধৰ্ম মিছনেৰী [ধৰ্মমত প্ৰচাৰত দৃঢ়প্ৰতিজ্ঞ] ধৰ্ম আছিল নে নাছিল ই এক বিতৰ্কিত বিষয়। বহুতৰ মতে হিন্দুধৰ্ম কেতিয়াও মিছনেৰী ধৰ্ম নাছিল। কিছুমানৰ মতে ই মিছনেৰী আছিল। এসময়ত হিন্দুধৰ্ম যে মিছনেৰী আছিল তাক স্বীকাৰ কৰিব লাগিব। মিছনেৰী নোহোৱা হ’লে সমগ্ৰ ভাৰত উপ-মহাদেশত ইয়াৰ বিস্তাৰ সম্ভৱ নহ’লহেঁতেন। আৰু আজি যে হিন্দুধৰ্ম মিছনেৰী নহয় এই সত্যকো মানি ল’ব লাগিব। সেয়ে প্ৰশ্নটো হিন্দুধৰ্ম মিছনেৰী আছিল নে নাছিল নহয়। মূল প্ৰশ্নটো হ’লঃ হিন্দুধৰ্ম মিছনেৰী ধৰ্ম হৈ নাথাকিল কিয়? মোৰ উত্তৰ শুনক। জাতি ব্যৱস্থা প্ৰৱৰ্তনৰ সময়ৰ পৰাই হিন্দুধৰ্মৰ মিছনেৰী ভূমিকা নাইকিয়া হ’ল। ধৰ্মান্তৰকৰণৰ স’তে জাতিৰ সামঞ্জস্য নাই। হিন্দুধৰ্ম গ্ৰহণ কৰা এজনৰ সামাজিক জীৱনত কি স্থান হ’ব সেইটো এক সমস্যা। কোনটো জাতিত অন্তৰ্ভুক্ত কৰিব? অহিন্দুক হিন্দুত দীক্ষিত কৰাত এইটোৱেই আটাইতকৈ ডাঙৰ সমস্যা। এটা ক্লাব বা সংঘৰ নিচিনাকৈ জাতিৰ সদস্য পদ সকলোৰে বাবে মুকলি নহয়। জাতিৰ নিয়মমতে ইয়াৰ সদস্য পদ কেৱল জন্মগতভাৱেহে পাব পাৰি। জাতি স্বায়ত্বশাসিত; নতুনকৈ কাৰোবাক গ্ৰহণ কৰিবলৈ জাতিক কোনেও বাধ্য কৰিব নোৱাৰে। বিভিন্ন জাতিৰ সংঘ হিচাপে হিন্দু সমাজ আৰু প্ৰতিটো জাতি আত্মিক সম্বন্ধৰে বান্ধ খাই থকাৰ বাবে হিন্দুধৰ্মত ধৰ্মান্তৰকৰণৰ কোনো স্থান নাই। সেয়ে জাতি ব্যৱস্থাই হিন্দুধৰ্মৰ প্ৰসাৰত বাধাৰ সৃষ্টি কৰিছে আৰু আন সম্প্ৰদায়কো আঁকোৱালি লোৱাৰ পৰা বিৰত ৰাখিছে। যেতিয়ালৈকে জাতি ব্যৱস্থা বৰ্তি থাকিব, হিন্দুধৰ্ম মিছনেৰী হ’ব নোৱাৰে আৰু “শুদ্ধিকৰণ” মূৰ্খামি আৰু অসাৰ প্ৰতিপন্ন হৈ ৰ’ব।

যিবোৰ যুক্তিৰ ভিত্তিত শুদ্ধিকৰণ অসাৰ প্ৰতিপন্ন হৈছে সেইবোৰেই হিন্দুসকলৰ সমাজ সংগঠনো অসম্ভৱ কৰি তুলিছে। হিন্দুৰ সমাজ সংগঠন সম্ভৱ কৰিবলৈ হ’লে হিন্দুসকলে মন-মগজুৰ পৰা ভীতি আৰু কাপুৰুষালি আঁতৰাব লাগিব। স্বাভাৱিকতে প্ৰশ্ন হয়: শিখ আৰু মুছলমানসকলে ইমান শক্তি ক’ৰ পৰা আহৰণ কৰে যি তেওঁলোকক সাহসী আৰু নিৰ্ভীক কৰি তোলে? মোৰ মতে এয়া শাৰীৰিক শক্তি, খাদ্যাভাস আৰু সামৰিক অনুশীলনৰ বাবে হোৱা নাই। এয়া সম্ভৱ হৈছে সামূহিক দায়বদ্ধতাৰ বাবেহে। এজন শিখ বিপদত পৰিলে আন দহজন শিখ ওলাই আহিব, ঠিক তেনেকৈ এজন মুছলমান বিপদত পৰিলে আন দহজন মুছলমান ওলাই আহিব উদ্ধাৰ কৰিবলৈ। হিন্দুৰ ক্ষেত্ৰত এয়া অসম্ভৱ। এজন বিপদগ্ৰস্ত হিন্দুক সহায় কৰিবলৈ আন হিন্দু ওলাই নাহে। শিখ আৰু মুছলমানৰ সংঘবদ্ধ জীৱন যাত্ৰাই কাকো অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিয়ে। কিন্তু হিন্দুৰ ক্ষেত্ৰত এয়া সম্ভৱ নহয়। শিখ আৰু মুছলমানসকলৰ মাজত এক সামাজিক বান্ধোন আছে যি তেওঁলোকৰ ভাই ভাই সম্পৰ্ক গঢ়ে। হিন্দুসকলৰ মাজত এই বান্ধোন নাই আৰু এজন হিন্দুৱে আন এজনক ভাই বুলি নাভাবে। সেয়ে শিখসকলে ক’ব পাৰে যে এজন শিখ বা খালচা হাজাৰজনৰ সমান। ঠিক তেনেকৈ এজন মুছলমান জাক জাক হিন্দুৰ সমান। এই পাৰ্থক্য মূলতঃ জাতি ব্যৱস্থাৰে ফল। জাতি ব্যৱস্থা যিমান দিনলৈকে থাকিব হিন্দুৰ সমাজ সংগঠন সম্ভৱ নহ’ব আৰু সমাজ সংগঠন নহ’লে হিন্দুসকল দুৰ্বল হৈয়ে ৰ’ব।

হিন্দুসকলে নিজকে বৰ সহনশীল বুলি জাহিৰ কৰে। মোৰ মতে এয়া মিছা। বহু ক্ষেত্ৰত হিন্দুসকল অসহিষ্ণু আৰু যদিহে কিছু কিছু ক্ষেত্ৰত সহনশীল সেয়া মাত্ৰ বিৰোধ কৰাৰ শক্তি নথকাৰ বাবেহে বা বিৰোধ কাৰ্যৰ প্ৰতি নিৰ্লিপ্ত বাবেহে। এই নিৰ্লিপ্ততা হিন্দুসকলৰ স্বভাৱৰ ইমানেই অবিচ্ছেদ্য অংশ হৈ পৰিছে যে এজন হিন্দুৱে অপমানৰ উপৰি ভুল কথাকো বিনম্ৰতাৰে সহ্য কৰিব। নিৰ্লিপ্ততাবাদ অতি নিকৃষ্ট বেমাৰ যি মানুহলৈ সংক্ৰমিত হ’ব পাৰে। হিন্দুসকল ইমান নিৰ্লিপ্ত কিয়? মোৰ মতে এই নিৰ্লিপ্ততাবাদ জাতি ব্যৱস্থাৰেই পৰিণতি যি এটা মহৎ উদ্দেশ্যৰ বাবেও হিন্দুক সংগঠিত আৰু সহযোগিতামূলক হ’বলৈ নিদিয়ে।

সমূহৰ মান-মৰ্যাদা, কৰ্তৃত্ব আৰু স্বাৰ্থৰ বিপৰীতে ব্যক্তিৰ নিজস্ব মত, বিশ্বাস, স্বাধীনতা, স্বাৰ্থৰ দাবীয়ে সকলো সংস্কাৰৰ আৰম্ভণি সূচনা কৰে। কিন্তু সংস্কাৰৰ ধাৰাবাহিকতা নিৰ্ভৰ কৰে সমূহে এনে ব্যক্তিৰ দাবীক কিমান পৰিসৰ প্ৰদান কৰে তাৰ ওপৰত। যদিহে সেই সমূহৰ এনে ব্যক্তিৰ স’তে আচৰণ সহিষ্ণু আৰু মুক্ত-মনৰ হয় আৰু শেহান্তত আন সকলকো নিজৰ মতৰ পক্ষলৈ অনাত সফল হয়। অন্যহাতে, যদিহে সেই সমূহ অসহিষ্ণু হয় আৰু এনে ব্যক্তিক নস্যাৎ কৰিবলৈ যিকোনো পথ অৱলম্বন কৰিবলৈ কুণ্ঠাবোধ নকৰে তেনে সেই সমূহ ধ্বংসপ্ৰাপ্ত হ’ব আৰু সংস্কাৰ সমাধিস্থ হয়। জাতিৰ নিয়ম ভংগকাৰী এজনক জাতিচ্যুত কৰাৰ প্ৰশ্নাতীত অধিকাৰ জাতি এটাৰ আছে। জাতিচ্যুতি যিহেতু সকলো ধৰণৰ সামাজিক সম্পৰ্কৰ পৰা বঞ্চিতকৰণ সেয়ে শাস্তিৰ এই ৰূপৰ মৃত্যুৰ স’তে খুউব কম পাৰ্থক্যহে থকা বুলিব পাৰি। সন্দেহ নাই যে জাতিৰ খোলা ভাঙি হিন্দুৱে ব্যক্তি স্বাধীনতা দাবী কৰিবলৈ সাহ নকৰে। এয়া সত্য যে মানুহ লগেভাগে আগবাঢ়িব নোৱাৰে। কিন্তু এই কথাও সত্য যে মানুহে অকলশৰেও একো সাধিব নোৱাৰে। ব্যক্তিয়ে চিন্তাৰ মিল থকা মানুহৰ এখন সমাজ গঢ়িব লাগিব। যদিহে ব্যক্তিয়ে নিজৰ মতে নোৱাৰে তেনে তেওঁ আনৰ মতেই চলিব লাগিব, আনকি সম্পূৰ্ণ আত্মসমৰ্পণো কৰিব লগাত পৰিব পাৰে। কাৰণ মানুহ সমাজ অবিহনে জীয়াই থাকিব নোৱাৰে৷ জাতিয়ে মানুহৰ অসহায় অৱস্থাৰ সুবিধা ল’বলৈ সদায় সাজু থাকে আৰু জাতিৰ নিয়ম আখৰে আখৰে পালন কৰাত গুৰুত্ব আৰোপ কৰে। এজন সংস্কাৰকৰ জীৱন নৰকসদৃশ কৰিবলৈ এটা জাতিয়ে সহজেই চক্ৰান্ত ৰচনা কৰিব পাৰে। যদিহে চক্ৰান্ত ৰচনা কৰাটো অপৰাধ, মই বুজি নাপাওঁ, জাতিৰ নীতি-বিৰুদ্ধ কাম কৰাৰ বাবেই এজন ব্যক্তিক সমাজচ্যুত কৰাৰ দৰে এক নীচ কৰ্মক প্ৰচলিত আইনমতে শাস্তিযোগ্য অপৰাধ বুলি গণ্য কৰা নহয় কিয়? কিন্তু, আনকি আইনেও প্ৰতিটো জাতিক স্বতন্ত্ৰতা প্ৰদান কৰিছে। জাতি ধৰ্মান্ধৰ হাতত সংস্কাৰক আৰু সকলো ধৰণৰ সংস্কাৰ নিঃশেষৰ কাৰণে এক শক্তিশালী অস্ত্ৰত পৰিণত হৈছে।

হিন্দুসকলৰ নীতিগত কথাৰ ওপৰত জাতিৰ প্ৰভাৱ বৰ দুখজনক। জাতিয়ে সামূহিক উদ্যমক ধ্বংস কৰি পেলালে। জাতিয়ে সামূহিক পৰোপকাৰৰ চেতনাক নিঃশেষ কৰি পেলালে। জাতিয়ে সমজুৱা মতামত অসম্ভৱ কৰি তুলিলে। এজন হিন্দুৰ সমাজ তেওঁৰ জাতিৰ মানুহখিনিহে। তেওঁ কেৱল নিজৰ জাতিৰ মানুহৰ প্ৰতিহে দায়বদ্ধ। তেওঁৰ আনুগত্য জাতিতেই সীমাবদ্ধ। হিন্দুৰ সদাচাৰ জাত-পাত জৰ্জৰিত আৰু নৈতিকতাৰ পৰিসীমাও জাতিতে আৱদ্ধ। যোগ্যজনৰ প্ৰতি কোনো সহানুভূতি নাই। গুণৱানজনৰ প্ৰতিও প্ৰশংসা নাই। আতুৰজনৰ প্ৰতিও কোনো বদান্যতা নাই। সহানুভূতি, প্ৰশংসা, বদান্যতা সকলো নিজ জাতিৰ মানুহতে সীমাবদ্ধ। হিন্দুৱে এজন মহান আৰু সৎ মানুহক স্বীকৃতি দিয়াৰ উপৰি তেওঁৰ অনুগামী হ’ব নে? এজন মহাত্মাৰ কথা বাদি দি উত্তৰটো হ’ব যে হিন্দুৱে নিজৰ জাতিৰ মানুহকহে মান্যতা দিব। ব্ৰাহ্মণে এজন ব্ৰাহ্মণ নেতাকহে মানি ল’ব, কায়স্থই কায়স্থ আৰু বাকী জাতিৰ ক্ষেত্ৰতো কথা একেই। নিজৰ জাতিৰ মানুহ নহ’লে যিকোনো গুণী মানুহৰ মোল বুজাৰ সামৰ্থ্য হিন্দুৰ নাই। হিন্দুৰ সামগ্ৰিক নৈতিকতা জনজাতীয় নৈতিকতাৰ সমানেই নীচ। ভুল হওক শুদ্ধ হওক নিজৰ জাতি মানুহ, ভাল হওক বেয়া হওক নিজৰ জাতিৰ মানুহ। কথাটো ভুলৰ স’তে আছোঁ নে শুদ্ধৰ স’তে আছোঁ নহয়, কথাটো হ’ল নিজৰ জাতিৰ স’তে আছোঁ নে নাই সেইটোহে। নিজ জাতিৰ স্বাৰ্থত থাকিবলৈ গৈ হিন্দুসকলে দেশদ্ৰোহ আচৰা নাই নে?

জাতি ব্যৱস্থা উৎপাদিত দুখজনক পৰিণামৰ এই দীঘলীয়া কাহিনী শুনি আপোনালোকৰ মাজৰ কোনোবা বিৰক্ত হ’লেও মই আশ্বৰ্য্যবোধ নকৰোঁ। এই কথাত নতুনত্ব একো নাই। সেয়ে মই সমস্যাটোৰ গঠনাত্মক দিশৰ ফালে যাম। আপোনালোকক কৰিব লগা প্ৰশ্নটোৱেই হ’ল যে আপোনালোকে যদিহে জাতি ব্যৱস্থা নিবিচাৰে আপোনালোকৰ আদৰ্শ সমাজখন কোনখন? যদিহে এই প্ৰশ্নটোকে আপোনালোকে মোক সোধে, মই কওঁ: স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধৰ ভিত্তিত সংগঠিত সমাজ এখনেই আদৰ্শ সমাজ। আৰু নহ’ব বা কিয়? ভ্ৰাতৃত্ববোধক লৈ আপত্তি ক’ত? মই কোনো আপত্তিৰ থল নেদেখোঁ। এখন আদৰ্শ সমাজ গতিশীল হ’ব লাগিব, এঠাইত সংঘটিত পৰিৱৰ্তন অন্য ঠাইলৈ বোৱাই নিব পৰাকৈ সেই সমাজত বিভিন্ন ধাৰা থাকিব লাগিব। আদৰ্শ সমাজ এখনত সামূহিক স্বাৰ্থৰ প্ৰাধান্য থাকিব লাগিব। গণতন্ত্ৰৰ অন্য এটা নামেই হ’ল ভ্ৰাতৃত্ববোধ। কেৱল চৰকাৰ গঠনেই গণতন্ত্ৰ নহয়। গণতন্ত্ৰ মূলতঃ সংঘবদ্ধ জীৱনৰ এক প্ৰণালী। স্বাধীনতাক লৈ আপত্তি আছে নেকি? খুউব কমেইহে জীৱন-সম্পত্তিৰ অধিকাৰ সম্পৰ্কীয় স্বাধীনতাক লৈ আপত্তি দৰ্শায়। তেনেহ’লে এজন ব্যক্তিক নিজৰ ক্ষমতাৰ ফলপ্ৰসূ আৰু উপযুক্তভাৱে ব্যৱহাৰৰ স্বাধীনতা প্ৰদান কৰা নহয় কিয়? জাতি ব্যৱস্থাৰ সমৰ্থকসকলে যি জীৱন-সম্পদৰ অধিকাৰ প্ৰতিষ্ঠাৰ স্বাধীনতাক মান্যতা দিয়ে সেইসকলে কিন্তু বৃত্তি নিৰ্বাচনৰ অধিকাৰৰ স্বাধীনতাক অগ্ৰাহ্য কৰে। কিন্তু বৃত্তি নিৰ্বাচনৰ স্বাধীনতাক অগ্ৰাহ্য কৰা মানে দাসত্বক চিৰস্থায়ী হ’বলৈ দিয়া। কিয়নো দাসত্ব মানে কেৱল স্বীকৃত পৰাধীনতাই নহয়। ইয়াৰ মানে হ’ল সমাজৰ এনে এক অৱস্থা য’ত কিছুমান মানুহক বলপূৰ্বক আনৰ মতে জীয়াই থাকিবলৈ বাধ্য কৰে। দাসত্বৰ বৈধতা নথকা সমাজতো এনে অৱস্থা বিদ্যমান। জাতি ব্যৱস্থাত কিছুমান মানুহক এনে নিৰ্দেশনা মানিবলৈ বাধ্য কৰা হয় যিবোৰ তেওঁলোকৰ ইচ্ছাৰ পৰিপন্থী। সমতাক লৈ কিবা আপত্তি আছে নেকি? ফৰাচী বিপ্লৱৰ শ্ল’গানৰ অতি বিতৰ্কিত অংশটোৱেই আছিল এইটো। সমতাৰ ধাৰণাক লৈ আপত্তি সবল হ’ব পাৰে আৰু মানি ল’ব লাগিবই যে সকলো মানুহ সমান নহয়। পিছে, তাতে কি হ’ল? সমতাৰ ধাৰণা কল্প-কাহিনী নহ’ব পাৰে, কিন্তু আমি সমতাৰ নীতিক স্বীকাৰ কৰিবই লাগিব। কিন্তু প্ৰশ্ন হ’ল, আমি সকলো মানুহ সমান নহয় কাৰণেই মানুহক ব্যৱহাৰো এনেকৈয়ে কৰিম নেকি? সমতাৰ বিৰোধীসকলে এই প্ৰশ্নটোৰ উত্তৰ দিব লাগিব।

এজন মানুহৰ শক্তি-সামৰ্থ্য তিনিটা কথাৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰথমতে শাৰীৰিক উত্তৰাধিকাৰ। দ্বিতীয়তে পৰিয়ালৰ যত্ন, শিক্ষা, বৈজ্ঞানিক জ্ঞানৰ আলমত সামাজিক উত্তৰাধিকাৰ বা প্ৰতিভা যি মানুহক বৰ্বৰতকৈ উন্নত জীৱন প্ৰদান কৰে। তৃতীয়তে নিজৰ শক্তি-সামৰ্থ্য। ব্যক্তিবাদীসকলৰ দৃষ্টিভংগীৰে চালে মানুহক অসম ব্যৱহাৰ অন্যায় নহয় যিহেতু সকলো মানুহৰ শক্তি-সামৰ্থ্য সমান নহয়। কিন্তু প্ৰত্যেক মানুহৰ শক্তি-সামৰ্থ্যৰ পূৰ্ণ বিকাশৰ বাবে যিমান পৰা যায় সিমান উদ্‌গনি যোগোৱাটো একান্তই বাঞ্ছনীয়। কিন্তু প্ৰথম দুটা কথাৰ ভিত্তিত চালে মানুহক অসম ব্যৱহাৰ কৰিলে কিনো হ’ব যিহেতু মানুহৰ মাজত সমতা নাথাকেই। এটা কথা স্পষ্ট যে সেইসকল মানুহ যাৰ পক্ষত জন্ম, শিক্ষা, নামী পৰিয়াল, ব্যৱসায় আৰু পৈত্ৰিক সম্পত্তি আছে সেইসকলেই দৌৰটোত আগবাঢ়িব। কিন্তু ইবিলাকৰ ভিত্তিত নিৰ্বাচন প্ৰকৃততে সক্ষমৰ নিৰ্বাচন নহ’ব। এয়া বিশেষ সুবিধাপ্ৰাপ্তৰহে নিৰ্বাচন হ’ব।

কিন্তু কিছুমান এনেকুৱা সংস্কাৰক আছে যি সম্পূৰ্ণ পৃথক আদৰ্শ পোষণ কৰে। এইসকলক আৰ্যসমাজী বুলি জনা যায় আৰু এওঁলোকৰ সমাজ সংগঠনৰ আদৰ্শৰ ভিত্তি হ’ল চতুবৰ্ণ। অৰ্থাৎ ভাৰতৰ চাৰি হাজাৰ জাতিক চাৰিটা সামাজিক শ্ৰেণীত ভাগ কৰা। এই ধাৰণাক অধিক আকৰ্ষণীয় কৰিবলৈ আৰু বিৰোধীক নিৰস্ত্ৰ কৰিবলৈ চতুবৰ্ণৰ অগ্ৰণী প্ৰবক্তাসকলে কয় যে চতুবৰ্ণ ব্যৱস্থাৰ ভিত্তি জন্ম নহয় বৰঞ্চ গুণহে। সৰ্বপ্ৰথমেই মই স্বীকাৰ কৰিবই লাগিব যে চতুবৰ্ণৰ ভিত্তি গুণ হোৱা সত্ত্বেও মই এই আদৰ্শৰ মত গ্ৰহণ কৰিব নোৱাৰোঁ। প্ৰথম কথা হ’ল, যদিহে নিজৰ গুণৰ ভিত্তিত এজন ব্যক্তিয়ে হিন্দু সমাজত নিজৰ ঠাই উলিয়াই লয়, তেনেহ’লে মই বুজি নাপাওঁ আৰ্যসমাজীসকলে মানুহক ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ লেবেল লগোৱাত কিয় গুৰুত্ব দিয়ে। এজন গুণী-জ্ঞানী মানুহে ব্ৰাহ্মণৰ লেবেল অবিহনেও সা-সন্মান পাবই। এজন সৈনিকেও ক্ষত্ৰিয়ৰ লেবেল অবিহনেই সম্ভ্ৰম আদায় কৰিবই। যদিহে ইউৰোপীয় সমাজে সৈনিক আৰু কৰ্মচাৰীক কোনো লেবেল অবিহনে সন্মান যাচিব পাৰে, তেনে হিন্দুসকলে কিয় নোৱাৰে সেইটো এটা প্ৰশ্ন, যিটো কথা আৰ্যসমাজীসকলে গুৰুত্বপূৰ্ণ বুলি ভবা নাই। এই লেবেলবোৰৰ ধাৰাবাহিকতাক লৈও আপত্তি আছে। সকলো ধৰণৰ সংস্কাৰ মানুহৰ মানুহ আৰু বস্তুজগতৰ প্ৰতি থকা ধাৰণা, আৱেগ আৰু মনোভাৱৰ পৰিৱৰ্তনত নিহিত থাকে। এয়া স্বাভাৱিক অভিজ্ঞতাই কয় যে কিছুমান বিশেষ নাম কিছুমান বিশেষ ধাৰণা আৰু আৱেগৰ স’তে জড়িত থাকে, যি এজন ব্যক্তিৰ মানুহ আৰু বস্তুৰ প্ৰতি থকা মনোভাৱ নিৰ্ণয় কৰে। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ আদি নামবোৰক লৈ হিন্দুৰ মন-মগজুত নিৰ্দিষ্ট ধাৰণা আছে। সেই ধাৰণাৰ ভিত্তি মানুহৰ জন্মগত পৰিচয়। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ আদি নামবোৰ যেতিয়ালৈকে চলি থাকিব হিন্দুসকলে ইবিলাকৰ ভিত্তিতেই উচ্চ আৰু নিম্ন বিভাজন মানি সেইমতে কৰ্তব্যও কৰি যাব। হিন্দুসকলক এইবিলাক শিক্ষাৰ পৰা বাৰণ কৰিবই লাগিব। কিন্তু এয়া কেনেকৈ সম্ভৱ যদিহে পুৰণি লেবেলবোৰ প্ৰচলিত থাকে আৰু মানুহৰ মন-মগজুৱে পুৰণি ধাৰণাবোৰকে পুহি থাকে। যদিহে নতুন ধ্যান-ধাৰণা মানুহে মনত পোষণ কৰিব লাগে তেনে নতুন নামকৰণৰ প্ৰয়োজন। পুৰণি নাম চলাই থাকিলে সংস্কাৰ অসাৰ হৈ পৰিব। জন্মগত পৰিচয় ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ আদি লেবেল লগাই মানুহৰ গুণভিত্তিক চতুবৰ্ণ ব্যৱস্থা চলি থকাটো এক প্ৰকাৰৰ ফান্দহে।

মোৰ মতে প্ৰাচীন ধাৰণাৰ সৈতে চতুবৰ্ণ একেবাৰেই গ্ৰহণযোগ্য নহয় আৰু মোৰ সমগ্ৰ সত্তাই ইয়াৰ বিৰুদ্ধে বিদ্ৰোহ কৰি উঠে। কিন্তু মই কেৱল আৱেগৰ ভিত্তিত চতুবৰ্ণৰ বিষয়ে আপত্তি দৰ্শাব নিবিচাৰোঁ। এনে বহু সঠিক ভিত্তি আছে যাৰ বাবে মোৰ এই বিৰোধিতা গঢ় লৈ উঠিছে। এই আদৰ্শৰ ওপৰত কৰা এটা পৰীক্ষাই মোক পতিয়ন নিয়াইছে যে সামাজিক সংগঠনৰ এক ব্যৱস্থা হিচাপে চতুবৰ্ণ ব্যৱস্থা অব্যৱহাৰিক, ক্ষতিকৰ আৰু এক দুখজনক বিফলতা হিচাপে পৰিগণিত হৈছে। ব্যৱহাৰিক দিশৰ পৰা চতুবৰ্ণ ব্যৱস্থাই বহুতো জটিলতাৰ উদ্ভৱ কৰে যিবোৰ সাধাৰণতে ইয়াৰ প্ৰবক্তাসকলে গুৰুত্ব দিয়া দেখা নাযায়। জাতিক ভিত্তিস্বৰূপে লোৱা নীতিসমূহ বৰ্ণক ভিত্তিস্বৰূপে লোৱা নীতিতকৈ মৌলিকভাৱে পৃথক। এই নীতিসমূহ কেৱল মৌলিকভাৱে পৃথকেই নহয় মৌলিকভাৱেও বিৰোধী। প্ৰথমটো যোগ্যতা ভিত্তিক। যিয়ে জন্মসূত্ৰে যোগ্যতাৰ প্ৰসংগলৈ নহাকৈয়ে সমাজত এক পদমৰ্যাদা আহৰণ কৰে তেওঁক কিদৰে সেই পদমৰ্যাদা পৰিত্যাগ কৰিবলৈ বাধ্য কৰিব? এজন মানুহ যিয়ে জন্মসূত্ৰে নিম্ন মৰ্যাদাৰ গৰাকী হৈছে, তেওঁক যোগ্যতাৰ বাবে উচ্চ পদমৰ্যাদা দিবলৈ মানুহক কিদৰে বাধ্য কৰিব? ইয়াৰ বাবে আপোনালোকে প্ৰথমে জাতিগত ব্যৱস্থাটোক ভাঙি দিব লাগিব যাতে বৰ্ণ ব্যৱস্থা প্ৰতিষ্ঠা কৰিব পাৰা। জন্মৰ ভিত্তিত গঢ়ি উঠা চাৰি হাজাৰ জাতিৰ ধাৰণা নাইকিয়া কৰি যোগ্যতাৰ ভিত্তিত বৰ্ণ ব্যৱস্থা কেনেকৈ গঢ়ি তুলিব? এইটোৱেই হৈছে প্ৰথম জটিলতা যিটোক চতুবৰ্ণৰ প্ৰবক্তাসকলে গুৰুত্ব প্ৰদান কৰিব লাগিব। দ্বিতীয় এটা জটিলতাও আছে যদিহে তেওঁলোকে চতুবৰ্ণ ব্যৱস্থাটোক সফল ব্যৱস্থা হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে।

চতুবৰ্ণ ব্যৱস্থাই পূৰ্বধাৰণা কৰি লয় যে মানুহক নিৰ্দিষ্ট চাৰিটা শ্ৰেণীত শ্ৰেণীৰ্ভুক্ত কৰিব পাৰি। এইটো সম্ভৱ নে ? এই সংক্ৰান্ততে চতুবৰ্ণৰ আদৰ্শটো প্লেট’নিক আদৰ্শৰ কিছু ওচৰচপা বুলি অনুভৱ হয়। প্লেট’ৰ মতে প্ৰাকৃতিকভাৱে মানুহ তিনি শ্ৰেণীৰ। তেওঁ বিশ্বাস কৰিছিল যে মানুহক কিছুমান ক্ষুধাই বশ কৰি ৰাখে। প্লেট’ৱে তেওঁলোকক শ্ৰমিক আৰু ব্যৱসায়ী শ্ৰেণীভুক্ত কৰিছিল। তেওঁৰ মতে আন কিছুমান লোক ক্ষুধাৰ পৰা মুক্ত আৰু তেওঁলোকৰ এক নিৰ্ভীক মানসিকতা থাকে। তেওঁলোকক তেওঁ যুদ্ধত ৰক্ষক আৰু শান্তিৰ অভিভাৱক হিচাপে চিহ্নিত কৰিছে। বাকী লোকসকলে বিভিন্ন কথাৰ অন্তৰালত থকা সাৰ্বজনীন কাৰণবোৰ বুজি পায়। প্লেট’ই তেওঁলোকক মানুহৰ বাবে আইন-প্ৰণেতা হিচাপে শ্ৰেণীৰ্ভুক্ত কৰিছে। প্লেট’ৰ ‘ৰিপাব্লিক’ৰ ক্ষেত্ৰত যি সমালোচনা কৰা হৈছে সেই সমালোচনাখিনি চতুবৰ্ণ ব্যৱস্থাৰ ক্ষেত্ৰতো খাটে। ব্যক্তিৰ সমষ্টিক মাত্ৰ কেইটামান স্পষ্ট সীমাবদ্ধ শ্ৰেণীত শ্ৰেণীৰ্ভুক্ত কৰাৰ মতটো মানুহ আৰু ইয়াৰ ক্ষমতাৰ প্ৰতি এক উপৰুৱা দৃষ্টি বুলি প্লেট’ৰ মতাদৰ্শক মূলতঃ সমালোচনা কৰা হৈছে। প্ৰত্যেক ব্যক্তিৰে এক অনন্য মৌলিকতা আছে। প্ৰত্যেকেই নিজেই এটা শ্ৰেণী গঢ়িব পাৰে সেই সন্দৰ্ভত প্লেট’ৰ হয়তো বোধ নাছিল। এজন ব্যক্তিৰ যে সক্ৰিয় প্ৰৱণতাসমূহক অপৰিসীমভাৱে বিচিত্ৰতা দিয়াৰ আৰু এই প্ৰৱণতাসমূহ সংযোজন কৰাৰ সক্ষমতা আছে তাক তেওঁ স্বীকৃতি দিয়া নাই। তেওঁৰ মতে ব্যক্তিগত বিধি-বিধানত বিভিন্ন প্ৰকাৰৰ মানসিকতা বা ক্ষমতা আছে। এই সকলোবোৰ দেখদেখকৈ ভুল। আধুনিক বিজ্ঞানে দেখুৱাইছে যে ব্যক্তিৰ সমষ্টিক মাত্ৰ কেইটামান স্পষ্ট সীমাবদ্ধ শ্ৰেণীত শ্ৰেণীবদ্ধ কৰাটো মানুহৰ প্ৰতি এক উপৰুৱা দৃষ্টিৰ ফল, কোনো গভীৰ চিন্তাৰ ফল নহয়। ফলস্বৰূপে, ব্যক্তিৰ গুণৰ লগত ইয়াৰ শ্ৰেণীবদ্ধতাৰ মিল নাথাকে, যিহেতু ব্যক্তিৰ গুণসমূহ খুউব বিচিত্ৰ। প্লেট’ৰ ৰিপাব্লিক যিবোৰ কাৰণতে বিফল হৈছিল চতুবৰ্ণ ব্যৱস্থাও সেই একে কাৰণতে বিফল হ’ব। প্ৰধানতঃ মানুহক এক নিৰ্দিষ্ট শ্ৰেণীৰ বুলি সেই শ্ৰেণীৰ ভিতৰতে আবদ্ধ কৰি ৰখাটো সম্ভৱ নহয়। সেই যে চাৰিটা শ্ৰেণী চাৰি হাজাৰটা জাতিলৈ পৰিণত হ’ল সিয়েই প্ৰমাণ কৰে যে মানুহক নিখুঁতভাৱে চাৰিটা নিৰ্দিষ্ট শ্ৰেণীত শ্ৰেণীবদ্ধ কৰি ৰখাটো অসম্ভৱ।

চতুবৰ্ণ ব্যৱস্থা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তৃতীয় এক জটিলতাও আছে। ধৰি লোৱা হ’ল এই ব্যৱস্থা প্ৰতিষ্ঠা হ’ল। ইয়াৰ পাছত চতুবৰ্ণ ব্যৱস্থা কিদৰে চলাই নিব? চতুবৰ্ণৰ কাৰ্য-ব্যৱস্থা সফলভাৱে চলাই নিবলৈ হ’লে এক প্ৰয়োজনীয়তা হ’ল যে ব্যক্তিগত ব্যৱস্থা বাহাল ৰাখিব লাগিব যিয়ে ইয়াৰ শাখাৰ জৰিয়তে ব্যৱস্থাটো চলাই নিব পাৰিব। চতুবৰ্ণ ব্যৱস্থাই বাৰে বাৰে নিয়মভংগকাৰীৰ সন্মুখীন হোৱাটো নিশ্চিত। নিয়মভংগকাৰী কাৰ্যৰ বাবে শাস্তি বা দণ্ডৰ ব্যৱস্থা নকৰালৈকে মানুহে তেওঁলোকৰ নিজস্ব শ্ৰেণীৰ প্ৰতি আনুগত্য বজাই নাৰাখিব৷ মানুহৰ আচৰণৰ বৈপৰীত্যৰ বাবে সমগ্ৰ ব্যৱস্থাটো ভাগি পৰিব। চতুবৰ্ণ ব্যৱস্থাই ইয়াৰ নিজৰ স্বভাৱজাত শ্ৰেষ্ঠত্বৰ বাবে বৰ্তি থাকিব নোৱাৰে। ইয়াক আইনৰ দ্বাৰাহে বলবৎ কৰিব পৰা যাব।

ৰামায়ণত ৰামে শম্বুকক হত্যা কৰাৰ কাহিনীৰ দ্বাৰা এই কথা প্ৰমাণ হয় যে দণ্ডবিধি ব্যৱস্থা অবিহনে চতুবৰ্ণৰ আদৰ্শটো বুজিব নোৱাৰি। কিছু লোকে শম্বুকক বিনা কাৰণত হত্যা কৰা বুলি ৰামক দোষাৰোপ কৰিব বিচাৰে। কিন্তু ৰামক দোষাৰোপ কৰা মানে সামগ্ৰিক অৱস্থাটোক ভুলকৈ বুজা বুলি ধৰিব লাগিব। ৰামৰাজ্যৰ ৰাজত্ব চতুবৰ্ণ ব্যৱস্থাৰ ওপৰত আধাৰিত আছিল। ৰজা হিচাপে ৰামে চতুবৰ্ণ ব্যৱস্থা বাহাল ৰাখিবলৈ বাধ্য আছিল। সেয়েহে তেওঁ শম্বুকক হত্যা কৰি চতুবৰ্ণ ব্যৱস্থা বৰ্তাই ৰখাটো তেওঁৰ দায়িত্ব আছিল। শম্বুক আছিল এজন শূদ্ৰ যিয়ে নিজৰ শ্ৰেণী সীমাৰেখা অতিক্ৰম কৰি ব্ৰাহ্মণ হ’বলৈ মন মেলিছিল। সেইবাবেই ৰামে শম্বুকক হত্যা কৰিছিল। এই উদাহৰণে দেখুৱাই দিছে যে চতুবৰ্ণ ব্যৱস্থা বৰ্তাই ৰাখিবলৈ দণ্ডবিধিৰ আৱশ্যক। কেৱল দণ্ডবিধিয়েই নহয়, মৃত্যুদণ্ডৰ ব্যৱস্থা থকাটোও প্ৰয়োজনীয়। সেইবাবেই ৰামে কম শাস্তি প্ৰদান কৰা নাছিল। সেইসূত্ৰেই মনুস্মৃতিত যিসকল শূদ্ৰই বেদৰ বাণী শুনে বা গায় সেইসকলৰ জিভা কাটি দিয়া বা কাণত গৰম ধাতু লগাই দিয়াৰ দৰে শাস্তিৰ বিধান দিছে। চতুবৰ্ণৰ সমৰ্থকসকলে এটা কথাৰ নিশ্চিতি প্ৰদান কৰিব লাগে যে আধুনিক সমাজত মনুস্মৃতিত থকা শাস্তিৰ বিধানবোৰ বলবৎ কৰিবলৈ পতিয়ন নিয়াব পাৰিব।

চতুবৰ্ণ ব্যৱস্থাত নাৰীসকলৰ ভূমিকা কি হ’ব এই সন্দৰ্ভত ইয়াৰ প্ৰবক্তাসকলে বিশেষ বিবেচনা কৰা নাই যেন বোধ হয়। নাৰীসকলকো ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰি শ্ৰেণীতে বিভক্ত কৰা হ’ব নে? অথবা তেওঁলোকক তেওঁলোকৰ স্বামীৰ মৰ্যাদা উপভোগ কৰিবলৈ দিয়া নহ’ব নেকি? যদিহে বিবাহসূত্ৰেই নাৰীয়ে এক মৰ্যাদা লাভ কৰে তেন্তে চতুবৰ্ণৰ অন্তনিৰ্হিত নীতি যি মানুহৰ মৰ্যাদা যোগ্যতাৰ ওপৰত ভিত্তি কৰিহে হ’ব, তাৰ কি হ’ব? যদিহে তেওঁলোককো যোগ্যতা অনুসৰিহে শ্ৰেণীবদ্ধ কৰা হয় তেন্তে এই শ্ৰেণীবিভাগ প্ৰকৃত হ’ব নে নামমাত্ৰ হ’ব? যদিহে ই নামমাত্ৰ হয় তেন্তে ই হ’ব অলাগতিয়াল আৰু প্ৰবক্তাসকলে স্বীকাৰ কৰিব লাগিব যে ব্যৱস্থাটো নাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। যদিহে প্ৰকৃত হয় তেন্তে চতুবৰ্ণৰ প্ৰবক্তাসকলে এই ব্যৱস্থা প্ৰৱৰ্তনৰ ফলত হ’ব পৰা যিকোনো ধৰণৰ ফলৰ বাবে সাজু হয় নে? তেওঁলোকে মহিলা পুৰোহিত বা মহিলা সৈনিক গ্ৰহণ কৰিবলৈ সাজু থাকিব লাগে। হিন্দু সমাজে ইতিমধ্যে শিক্ষয়িত্ৰী আৰু মহিলা আইনজীৱীৰ সৈতে অভ্যস্ত হৈ পৰিছে। হয়তো মহিলা সুৰা বিক্ৰেতা বা কচাইৰ সৈতেও অভ্যস্ত হৈ পৰিব। কিন্তু এগৰাকী মহিলাক পুৰোহিত বা সৈনিক হিচাপে মানি ল’বলৈ হ’লে মানুহজন যথেষ্ট সাহসী হ’ব লাগিব। কিন্তু মহিলাৰ ক্ষেত্ৰত চতুবৰ্ণ ব্যৱস্থা প্ৰৱৰ্তন কৰিলে তেনে এটা যুক্তিসিদ্ধ ফলেই পোৱা যাব। ইমানবোৰ জটিলতাৰ পাছতো মই ভাবোঁ কেৱল আজন্ম মূঢ়জনেহে আশা আৰু বিশ্বাস ৰাখিব যে চতুবৰ্ণই সফলতাৰে পুনৰুজ্জীৱিত হ’ব।

চতুবৰ্ণ ব্যৱস্থাটোক সম্ভৱপৰ বুলি ধৰি ল’লেও মই এই ব্যৱস্থাটোক আটাইতকৈ বিদ্বেষপূৰ্ণ বুলি ক’ম। ব্ৰাহ্মণে জ্ঞানৰ চৰ্চা কৰিব, ক্ষত্ৰিয়ই অস্ত্ৰ ল’ব, বৈশ্যই বেপাৰ-বাণিজ্য কৰিব আৰু শূদ্ৰই উপৰোক্ত সকলোকে সেৱা আগবঢ়াব; যদিওবা এয়া শ্ৰম বিভাজনৰ এক ব্যৱস্থা। এইটো এটা আমোদজনক প্ৰশ্ন যে এই তত্ত্বই শূদ্ৰৰ আৱশ্যকতা নাই বুলি অথবা শূদ্ৰ থাকিব নালাগে বুলি প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছে নেকি? চতুবৰ্ণৰ প্ৰবক্তাসকলে তেওঁলোকৰ যুক্তি প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ মতে, শূদ্ৰসকলক সহায় কৰিবলৈ যেতিয়া অন্য তিনিটা বৰ্ণৰ লোকসকল আছে, তেনেস্থলত তেওঁলোকে সম্পত্তি আহৰণ কৰিবলৈ কিয় কষ্ট কৰিব লাগে? পঢ়া-লিখাৰ সমস্যাৰ ক্ষেত্ৰত সহায় কৰিবলৈ যিহেতু ব্ৰাহ্মণসকল আছেই, তেন্তে শূদ্ৰসকলে শিক্ষা গ্ৰহণ কৰাৰ আৱশ্যক কি? ক্ষত্ৰিয়সকলে নিৰাপত্তা প্ৰদান কৰিবলৈ থকাৰ পাছতো শূদ্ৰসকলে হাতত অস্ত্ৰ তুলি লোৱাৰ প্ৰয়োজন কি? ইয়াৰ পৰা এইটোকে বুজা যায় যে চতুবৰ্ণৰ তত্ত্বই শূদ্ৰক এক প্ৰতিপালিত শিশু হিচাপে আৰু অন্য তিনিটা বৰ্ণক ইয়াৰ অভিভাৱক হিচাপে গণ্য কৰিছে। এনেদৰে বুজা যায় যে চতুবৰ্ণ এক সৰল, প্ৰগতিশীল আৰু আকৰ্ষণীয় সূত্ৰ। চতুবৰ্ণৰ অন্তৰ্নিহিত এই ধাৰণাটোক সঠিক বুলি ধৰি ল’লেও মোৰ মতে এই ব্যৱস্থাটো সম্পূৰ্ণ অপ্ৰমাদী বা অভ্ৰান্ত নহয়। যদিহে ব্ৰাহ্মণ, বৈশ্য আৰু ক্ষত্ৰিয়সকলে তেওঁলোকৰ বাবে নিৰ্ধাৰিত কামসমূহ জ্ঞান আহৰণ কৰা, আৰ্থিক কাম-কাজত জড়িত হোৱা আৰু যোগ্য সৈনিক হোৱাত ব্যৰ্থ হয়, তেতিয়া কি হ’ব? বিপৰীত ধৰণে ধৰি লোৱা হ’ল তেওঁলোকে নিজ নিজ কৰ্তব্য ঠিকেই পালন কৰিলে, কিন্তু শূদ্ৰসকলৰ প্ৰতি বা পৰস্পৰৰ প্ৰতি থকা কৰ্তব্যৰ প্ৰতি পিঠি দিয়ে; তেতিয়া শূদ্ৰসকলৰ কি হ’ব যদিহে বাকী তিনিটা বৰ্ণই শূদ্ৰক সহায় কৰিবলৈ অস্বীকাৰ কৰে বা বশ কৰি ৰাখিবলৈ তিনিওটা বৰ্ণই চেষ্টা কৰে? শূদ্ৰৰ স্বাৰ্থক কোনে ৰক্ষণাবেক্ষণ দিব বা বৈশ্য আৰু ক্ষত্ৰিয়ই যেতিয়া শূদ্ৰৰ অজ্ঞতাৰ সুবিধা ল’ব, ব্ৰাহ্মণে ৰক্ষণাবেক্ষণ দিব? শূদ্ৰৰ স্বাধীনতা কোনে ৰক্ষা কৰিব বা ব্ৰাহ্মণ আৰু বৈশ্যই লুটি-পুতি খালে ক্ষত্ৰিয়ই ৰক্ষা কৰিব নে? এটা বৰ্ণৰ আনটো বৰ্ণৰ ওপৰত পাৰস্পৰিক নিৰ্ভৰশীলতা অৱশ্যাম্ভাৱী। এনে নিৰ্ভৰশীলতা কিছু সময়ত সমৰ্থনযোগ্যও হৈ উঠে। কিন্তু একেবাৰে অপৰিহাৰ্য্য প্ৰয়োজনীয়তাবোৰৰ বাবে কিয় এজন মানুহ আনৰ ওপৰত নিৰ্ভৰশীল হ’ব লাগে? প্ৰত্যেকৰে শিক্ষা থাকিব লাগে। প্ৰতিৰক্ষাৰ বাবে অস্ত্ৰ-শস্ত্ৰ সকলোৰে থকাটো উচিত। এইখিনি হৈছে এজন মানুহে নিজস্ব ধৰণেৰে জীয়াই থাকিবলৈ প্ৰয়োজনীয় সৰ্বোচ্চখিনি। এইটো কেনেধৰণৰ কথা যে এজন শিক্ষিত আৰু সশস্ত্ৰ চুবুৰীয়াই অন্য এজন অশিক্ষিত আৰু নিৰস্ত্ৰ লোকক সকলো সময়তে সহায় কৰিব/ গোটেই তত্ত্বটোৱেই দুৰ্বোধ্য। এই প্ৰশ্নবোৰৰ প্ৰতি চতুবৰ্ণৰ প্ৰবক্তাসকলে গুৰুত্ব দিয়া দেখা নাযায়৷ কিন্তু এইবোৰ খুউব প্ৰাসংগিক প্ৰশ্ন৷ চতুবৰ্ণ ব্যৱস্থাটোত বিভিন্ন বৰ্ণৰ মাজত থকা সম্পৰ্কটো শিশু আৰু অভিভাৱকৰ মাজৰ সম্পৰ্ক এটা নিহিত হৈ আছে যদিও এইটো স্বীকাৰ কৰিবই লাগিব যে ইয়াত অভিভাৱকে কৰা যিকোনো ভুলৰ পৰা শিশুৰ স্বাৰ্থ ৰক্ষণাবেক্ষণ দিব পৰা ব্যৱস্থা নাই। যদিওবা শিশু আৰু অভিভাৱকৰ মাজৰ সম্পৰ্কৰ ভিত্তিত চতুবৰ্ণ ধাৰণাটো প্ৰতিষ্ঠিত, কাৰ্যতঃ যে এই সম্পৰ্কটো মালিক আৰু গোলামৰহে তাত কোনো সন্দেহ নাই। ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যসকল তেওঁলোকৰ এই পাৰস্পৰিক সম্পৰ্কক লৈ সুখী নহয় যদিও একেলগে কাম কৰিবলৈ আপোচ কৰিছে। ব্ৰাহ্মণে ক্ষত্ৰিয়ক তোষামোদ কৰে আৰু দুয়োটা বৰ্ণই বৈশ্যসকলক স্বনিৰ্ভৰশীলতাৰে জীয়াই থাকিবলৈ দিয়ে। কিন্তু এই তিনিও বৰ্ণই শূদ্ৰক বহতীয়া কৰি ৰাখিবলৈ ঐকমত পোষণ কৰে। শূদ্ৰক সম্পত্তি আহৰণ কৰিবলৈ দিয়া নহয় যাতে বাকী তিনি বৰ্ণৰ পৰা ই স্বাধীন হৈ উঠিব নোৱাৰে। শূদ্ৰক জ্ঞান আহৰণ কৰাত বাধা দিয়া হয় যাতে ইয়াৰ স্বাৰ্থৰ প্ৰতি সজাগ দৃষ্টি ৰাখিব নোৱাৰে। শূদ্ৰক অস্ত্ৰ-শস্ত্ৰ ৰখাৰ ক্ষেত্ৰতো বাধা দিয়া হয় যাতে ই বিদ্ৰোহ কৰিব নোৱাৰে। শূদ্ৰসকলক ট্ৰাইৱাৰনিকাসকলে কেনে ধৰণৰ ব্যৱহাৰ কৰিছিল মনু-সংহিতাত উল্লেখ আছে। সামাজিক অধিকাৰৰ প্ৰসংগত মুন-সংহিতাই আটাইতকৈ বিখ্যাত আইন। যিকোনো ঠাইৰ যিকোনো ধৰণৰ সামাজিক অন্যায় ইয়াৰ আওতাত পৰে। কিয় সাধাৰণ মানুহখিনিয়ে তেওঁলোকক কৰা সামাজিক অন্যায়বোৰ সহ্য কৰিছিল? বিশ্বৰ বিভিন্ন দেশত সামাজিক বিপ্লৱে গা কৰি উঠিছিল। ভাৰতবৰ্ষত কিয় এটা সামাজিক বিপ্লৱে গা কৰি উঠা নাছিল: এই প্ৰশ্নটোৱে মোক অহৰহ আমনি কৰে। ইয়াৰ উত্তৰ হিচাপে মই কেৱল এটাই বিচাৰি পাওঁ আৰু এইটো হৈছে হিন্দুধৰ্মৰ নিম্ন শ্ৰেণীৰ লোকসকলক সম্পূৰ্ণৰূপে অসমৰ্থ কৰি তোলা হৈছিল যাতে চতুবৰ্ণ ব্যৱস্থাৰ বিৰুদ্ধে কোনো পদক্ষেপ ল’ব নোৱাৰে। তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ ৰাখিব নোৱাৰিছিল আৰু অস্ত্ৰ অবিহনে বিদ্ৰোহ অসম্ভৱ। তেওঁলোক সকলোৱে হালোৱা অথবা হালোৱা হ’বলৈ বাধ্য কৰা হৈছিল আৰু তেওঁলোকৰ নাঙলটোক তৰোৱাললৈ ৰূপান্তৰিত কৰিবলৈ দিয়া হোৱা নাছিল। তেওঁলোকৰ কোনো ধৰণৰ অস্ত্ৰ নাছিল আৰু সেয়েহে সকলোৱে তেওঁলোকৰ ওপৰত প্ৰভুত্ব খটাব পাৰিছিল। চতুবৰ্ণ ব্যৱস্থামতে তেওঁলোকে শিক্ষগ্ৰহণ কৰিব নোৱাৰিছিল। সেয়েহে তেওঁলোকে পৰিত্ৰাণৰ উপায় জনা নাছিল বা বিচাৰি উলিয়াব পৰা নাছিল। নিম্ন শ্ৰেণীত ওপজাটো তেওঁলোকৰ শাস্তি বুলি আৰু মুক্তিৰ মাধ্যম আৰু উপায় নোহোৱা হেতুকে চিৰন্তন দাসত্বকে তেওঁলোকে গ্ৰহণ কৰিছিল যিটোক তেওঁলোকে ভাগ্যৰ লিখন বুলি মানি লৈছিল। এইটো সত্য যে ইউৰোপতো শক্তিশালী শ্ৰেণীটোৱে দুৰ্বল শ্ৰেণীটোক বঞ্চিত কৰি শোষণ কৰিবলৈ সংকোচ কৰা নাছিল। কিন্তু ইউৰোপত আমাৰ ভাৰতৰ হিন্দুসকলৰ দৰে শক্তিশালী শ্ৰেণীটোৱে দুৰ্বলসকলক ইমান লজ্জাজনকভাৱে অসহায় কৰি পেলোৱা নাছিল। ইউৰোপত শক্তিশালী আৰু দুৰ্বলসকলৰ মাজত প্ৰায়ে প্ৰবলতৰ ৰূপত সামাজিক দ্বন্দ্ব হৈছিল যিটো ভাৰতত হৈ উঠা নাছিল। ইয়াৰোপৰি ইউৰোপত দুৰ্বলসকলৰ সৈন্য বাহিনীৰ স্বাধীনতাৰ ক্ষেত্ৰত আছিল ‘শাৰীৰিক অস্ত্ৰ’, পীড়নৰ ক্ষেত্ৰত আছিল ‘ৰাজনৈতিক অস্ত্ৰ’ আৰু শিক্ষাৰ ক্ষেত্ৰত আছিল ‘নৈতিক অস্ত্ৰ’। এই তিনিবিধ অস্ত্ৰ কেতিয়াও ইউৰোপত শক্তিশালীসকলে দুৰ্বলসকলৰ পৰা কাঢ়ি লোৱা নাছিল। অৱশ্যে ভাৰতত প্ৰচলিত চতুবৰ্ণ ব্যৱস্থাত এই সকলোবোৰ অস্ত্ৰৰ পৰা সাধাৰণ জনগণক বঞ্চিত কৰা হৈছিল। চতুবৰ্ণ ব্যৱস্থাতকৈ অধিক মৰ্যাদা হানিকৰ সামাজিক ব্যৱস্থা একো হ’ব নোৱাৰে। এই ব্যৱস্থাটোৱ যিকোনো ধৰণৰ ফলদায়ক কাৰ্যকলাপ কৰাৰ ক্ষেত্ৰত মানুহক নিশকতীয়া, অচল আৰু পংগু কৰি তোলে। এইটো কোনো অতিৰঞ্জিত কৰি কোৱা কথা নহয়। ইতিহাসত ইয়াৰ সপক্ষে পৰ্যাপ্ত প্ৰমাণ আছে। ভাৰতৰ ইতিহাসত মাত্ৰ এছোৱা সময়কহে স্বাধীনতা, মহানতা আৰু সুখ্যাতিৰ সময় বুলি ক’ব পাৰি। সেয়া হৈছে মৌৰ্য সাম্ৰাজ্যৰ সময়ছোৱা। বাকী সময়ছোৱাত দেশে পৰাজয় আৰু অন্ধকাৰত নিমজ্জিত আছিল। কিন্তু এই মৌৰ্য যুগতেই চতুবৰ্ণ ব্যৱস্থা সম্পূৰ্ণৰূপে বিলোপ কৰা হৈছিল যেতিয়া দেশৰ সাধাৰণ জনতা হিচাপে পৰিচিত শূদ্ৰসকলে ওলাই আহিছিল আৰু দেশ শাসন কৰিছিল। পৰাজয় আৰু অন্ধকাৰৰ সময়ছোৱাত অৱশ্যে চতুবৰ্ণ ব্যৱস্থাটো দেশৰ অধিকসংখ্যক লোকৰ মাজত একেবাৰে উচ্চ পৰ্যায়লৈকে বিয়পি পৰিছিল।

চতুবৰ্ণ কেৱল এক ধাৰণা নহয়। ই বেদৰ সমানেই পুৰণি। আৰ্য সমাজে তেওঁলোকৰ দাবীসমূহ বিবেচনা কৰিবলৈ কোৱাৰ এইটোও এটা কাৰণ। সামাজিক সংগঠনৰ এক ব্যৱস্থা হিচাপে ইয়াৰ অতীত বিচাৰ কৰিলে দেখা যাব যে ইয়াক প্ৰয়োগ কৰা হৈছিল কিন্তু ই বিফল হৈছিল। কিমানবাৰ যে ব্ৰাহ্মণসকলে ক্ষত্ৰিয়সকলক পুলিয়ে-পোখাই নিঃশেষ কৰাৰ চেষ্টা কৰিছিল/ কিমানবাৰ যে ক্ষত্ৰিয়সকলে ব্ৰাহ্মণসকলক নিপাত কৰাৰ চেষ্টা চলাইছিল/ মহাভাৰত আৰু পুৰাণৰ পাতে পাতে ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ সংঘাতৰ কাহিনীৰ আভাস পোৱা যায়। বাটত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় দুয়োজন মুখামুখি হ’লে কোনে প্ৰথমে অভিবাদন জনাব আৰু কোনে প্ৰথমে বাট এৰি দিব এনেধৰণৰ তৰল বিষয়ক লৈও দুয়োটা বৰ্ণৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।

ব্ৰাহ্মণসকলেই কেৱল ক্ষত্ৰিয়সকলৰ বাবে চকুৰ কূটা নাছিল, ক্ষত্ৰিয়সকলো ব্ৰাহ্মণসকলৰ বাবে চকুৰ কূটাসদৃশ আছিল। এইটো দেখা যায় যে ক্ষত্ৰিয়সকল স্বেচ্চাচাৰী হৈ উঠে আৰু চতুবৰ্ণ ব্যৱস্থাৰ অন্তৰ্গত নিৰস্ত্ৰ সাধাৰণ জনতাই এই স্বৈৰতন্ত্ৰৰ পৰা মুক্তি পাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। ‘ভাগৱত’ত স্পষ্টকৈ দিয়া আছে যে কৃষ্ণই এটা পৱিত্ৰ কৰ্মৰ বাবেই অৱতাৰ গ্ৰহণ কৰে আৰু সেই কৰ্ম আছিল ক্ষত্ৰিয়সকলক নিঃশেষ কৰা। বিভিন্ন বৰ্ণৰ মাজত থকা প্ৰতিদ্বন্দ্বিতা আৰু শত্ৰুতাৰ ইমানবোৰ ঘটনাৰ সাক্ষ্য থকাৰ পাছতো মই বুজিব পৰা নাই কিদৰে হিন্দু সমাজ ব্যৱস্থাত এই চতুবৰ্ণ ব্যৱস্থাক এক আদৰ্শগত ব্যৱস্থা বুলি ৰূপায়িত কৰিবলৈ চেষ্টা কৰিব পাৰে; মই সেইসকলৰ লগত জড়িত থকাৰ সূত্ৰে যিসকলে আপোনাৰ অবিহনে আছে আৰু আপোনাৰ আদৰ্শৰ প্ৰতি যাৰ বিদ্বেষ যথেষ্ট মুকলি। ইয়াৰোপৰি এনে লোক আছে যিসকল না আপোনাৰ অবিহনে আছে না আপোনাৰ লগত আছে। মই দ্বিধাগ্ৰস্ত আছিলোঁ যে মই তেওঁলোকৰ দৃষ্টিৰে চোৱা উচিত হ’বনে নহয়। কিন্তু যথেষ্ট বিবেচনাৰ অন্তত মই এক সিদ্ধান্তত উপনীত হ’লোঁ যে উচিত হ’ব আৰু তাৰো দুটা কাৰণ আছে। প্ৰথমটো কাৰণ হৈছে তেওঁলোকৰ জাতিগত সমস্যাৰ প্ৰতি মনোভাৱ কেৱল নিৰপেক্ষতা নহয়, বৰঞ্চ ই এক সশস্ত্ৰ নিৰপেক্ষতা। দ্বিতীয়তে সম্ভৱতঃ তেওঁলোকে এক বুজনসংখ্যক লোকক প্ৰতিনিধিত্ব কৰিছে। এইসকলৰ ভিতৰত এচাম লোক আছে যিয়ে হিন্দুসকলৰ জাতি ব্যৱস্থাটোত কোনোধৰণৰ অস্বাভাৱিকতা বা ঘৃণনীয় বিচাৰি পোৱা নাই। এইসকল হিন্দুৱে মুছলমান, শিখ আৰু খ্ৰীষ্টিয়ানসকলৰ কথা আঙুলিয়ায় আৰু সেই ধৰ্মসমূহতো জাতি ব্যৱস্থা আছে বুলি সন্তোষ লভে। এই প্ৰশ্নটো বিবেচনা কৰিলে আপোনালোকে বিচাৰি পাব যে এই পৃথিৱীত ক’তোৱেই মানৱ সমাজ একজাতিক নহয়। ই সদায়েই বহুজাতিক। কৰ্মক্ষেত্ৰত এই পৃথিৱীত এটা সীমাত ব্যক্তি আৰু আনটো সীমাত সমাজ। এইবোৰৰ মাজতে কম-বেছি পৰিমাণে সহযোগিতামূলক শৃংখলাত; যেনে— পৰিয়াল, বন্ধুত্ব, সহযোগী সংগঠন, যৌথ ব্যৱসায়, ৰাজনৈতিক দল, চোৰ-ডকাইতৰ দল আদি সকলোবোৰ থাকে। এই সৰু গোটবোৰ সচৰাচৰ দৃঢ়ভাৱে একত্ৰিত হৈ থাকে আৰু জাতিৰ দৰেই আছুতীয়া হৈ থাকে। তেওঁলোকৰ এক সংকীৰ্ণ আৰু পুংখানুপুংখ নিয়মাৱলী থাকে যিটো প্ৰায়ে সমাজবিৰোধী হয়। ইউৰোপেই হওক বা এছিয়াই হওক প্ৰত্যেকখন সমাজৰে ই এটা সত্য। এইটো নিৰ্ধাৰণ কৰিব লাগে যে এনে এখন সমাজেই আদৰ্শ সমাজ বুলি ক’ব পাৰি নেকি? এই গোটবোৰ যিহেতু প্ৰত্যেক সমাজতে থাকেই সেয়েহে ইয়াত আছে নে নাই সেয়া প্ৰশ্নাতীত। এইটো ঠিক কৰিব লাগে যে আদৰ্শ সমাজ এখন কেনে হ’ব লাগে।এই গোটসমূহে সচেতনভাৱে ভগাই লোৱা স্বাৰ্থসমূহ কিমান বেছি আৰু বিচিত্ৰ? সংগঠনৰ অন্য ধৰণৰ গঠনৰ সৈতে হোৱা প্ৰক্ৰিয়া কিমান পূৰ্ণ আৰু মুক্ত? পৃথক পৃথক গোট আৰু শ্ৰেণীসমূহৰ শক্তিৰ পৰিমাণ একত্ৰিত শক্তিতকৈ বেছি নেকি? এই দলগত জীৱনৰ স’তে কি সামাজিক তাৎপৰ্য সংলগ্ন হৈ আছে? ইয়াৰ পুংখানুপুংখ অনুশীলন আৰু সুচলতাৰ বিষয় নে ধৰ্মৰ বিষয়? এনেধৰণৰ প্ৰশ্নৰ আঁত ধৰিয়েই আমি সিদ্ধান্ত ল’ব লাগিব যে অহিন্দুসকলৰ জাতি ব্যৱস্থাৰ লগত হিন্দুসকলৰ জাতি ব্যৱস্থা একে হয়নে? যদিহে আমি এনেধৰণেৰে এহাতে মুছলমান, খ্ৰীষ্টিয়ান আৰু শিখসকলৰ জাতি ব্যৱস্থা আৰু আনহাতে হিন্দুসকলৰ জাতি ব্যৱস্থা বিবেচনা কৰোঁ তেন্তে দেখা যাব যে অহিন্দুসকলৰ জাতি প্ৰথা হিন্দুসকলৰ জাতি প্ৰথাতকৈ মৌলিকভাৱেই পৃথক। প্ৰথমতেই এক বান্ধোন হিন্দুসকলৰ মাজত বিদ্যমান নহয় যিয়ে তেওঁলোকক একেলগ কৰি ৰাখে; কিন্তু অহিন্দুসকলৰ মাজত তেওঁলোক একেলগ কৰি ৰাখিবলৈ বহুত ধৰণ আছে। এখন সমাজৰ শক্তি উক্ত সমাজত থকা বিভিন্ন দলসমূহৰ মাজত থকা মিলা-মিচাৰ সম্ভাৱনীয়তা আৰু যোগাযোগৰ উপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। এইটোৱেই হৈছে কাৰ্লাইনে কৈ যোৱা ‘আৱশ্যকীয় যোগসূত্ৰ’, এডাল ৰবৰৰ সূতাৰ দৰে যিয়ে বিভাজিত উপাদানবোৰক একে ঠাইলৈ আনে আৰু একত্ৰিত কৰে। হিন্দুসকলৰ মাজত এনে কোনো ঐক্যৱদ্ধ শক্তি নাই যিয়ে জাতিৰ দ্বাৰা হোৱা বিভাজনৰ বিৰুদ্ধাচৰণ কৰিব। ইয়াৰ বিপৰীতে অহিন্দুসকলৰ মাজত এনে বহু আৱশ্যকীয় যোগসূত্ৰ আছে যিবোৰে তেওঁলোকক একতাৰে বান্ধি ৰাখিছে। পুনৰ এই কথাও মনলৈ আহে যে যদিওবা হিন্দুৰ দৰেই অহিন্দুসকলৰ মাজতো জাতি প্ৰথা আছে, হিন্দুসকলৰ দৰে অহিন্দুসকলৰ মাজত জাতিৰ একে সামাজিক তাৎপৰ্য নাই। এজন মুছলমান বা শিখক সোধকচোন তেওঁ কি? তেওঁ ক’ব যে তেওঁ এজন মুছলমান অথবা শিখ। তেওঁ নিজৰ এটা জাতি আছে যদিও তাৰ কথা তেওঁ নকয় আৰু আপুনি তেওঁৰ উত্তৰত সন্তুষ্ট হ’ব। তেওঁ যেতিয়া আপোনাক ক’ব তেওঁ এজন মুছলমান, আপুনি কোন সতেৰে সুধিবলৈ যাব যে তেওঁ ছিয়া নে চুন্নী; শ্বেখ নে ছয়ীদ; খাটিক নে পিঞ্জাৰী? যেতিয়া তেওঁ নিজকে এজন শিখ বুলি ক’ব আপুনি তেওঁক নোসোধে যে তেওঁ জাট নে ৰুডা; মাজবি নে ৰামদাসী। কিন্তু এজন ব্যক্তিয়ে যদি নিজকে হিন্দু বুলি কয় আপুনি সন্তুষ্ট হ’ব নোৱাৰে। আপুনি তেওঁৰ জাতিৰ বিষয়ে জানিবলৈ ব্যাকুল হ’ব। কিয়? কাৰণ হিন্দুসকলৰ মাজত জাতি ইমান আৱশ্যক যে সেইটো নজনাকৈ আপুনি নিশ্চিত হ’ব নোৱাৰে তেওঁ কেনে ধৰণৰ ব্যক্তি? যদিহে জাতি প্ৰথা উলংঘা কৰাৰ পৰিণাম বিবেচনা কৰা যায় তেন্তে দেখা যাব যে হিন্দুসকলৰ বাবে জাতিৰ যি সামাজিক তাৎপৰ্য আছে সেয়া অহিন্দুসকলৰ মাজত নাই। শিখ আৰু মুছলমানসকলৰ মাজতো জাতি আছে যদিও জাতি প্ৰথা উলংঘা কৰাৰ পৰিণামস্বৰূপে এজন ব্যক্তিক শিখ বা মুছলমানসকলে সমাজচ্যুত নকৰে। দৰাচলতে এঘৰীয়া বা সমাজচ্যুত কৰাৰ ধাৰণাটো শিখ বা মুছলমানসকলৰ বাবে আচহুৱা। কিন্তু হিন্দুসকলৰ ক্ষেত্ৰত কথাটো একেবাৰে বেলেগ। জাতিৰ নিয়ম উলংঘা কৰিলে সমাজচ্যুত হোৱাটো হিন্দু সমাজত নিশ্চিত। ই হিন্দু আৰু অহিন্দুসকলৰ মাজত জাতিৰ সামাজিক তাৎপৰ্যৰ পাৰ্থক্য দেখুৱাই দিয়ে। এইটো হৈছে দ্বিতীয়টো পাৰ্থক্য। তৃতীয়টো কাৰণ অলপ গুৰুত্বপূৰ্ণ অহিন্দুসকলৰ মাজত থকা জাতিৰ কোনো ধৰ্মীয় আনুগত্য নাই; কিন্তু হিন্দুসকলৰ মাজত নিশ্চিতভাৱেই আছে। অহিন্দুসকলৰ মাজত জাতি মাথোঁ এক প্ৰথা, কোনো পবিত্ৰ অনুষ্ঠান নহয়। তেওঁলোকে ইয়াক উদ্ভাৱন কৰা নাছিল। তেওঁলোকৰ বাবে ই এক ভাৱধাৰা মাথোঁ। তেওঁলোকে জাতিক এক ধৰ্মমত হিচাপে ধৰি লোৱা নাই। হিন্দু সমাজত ধৰ্মই জাতিৰ বিচ্ছিন্নতা আৰু পৃথকীকৰণক ইয়াৰ উৎকৃষ্টতা বুলি গ্ৰহণ কৰিবলৈ বাধ্য কৰিছে। কিন্তু অহিন্দুসকলক জাতিৰ প্ৰতি তেনে এটা মনোভাৱ ল’বলৈ ধৰ্মই বাধ্য কৰা নাই। যদিহে হিন্দুসকলে এই জাতি প্ৰথা উলংঘন কৰিব বিচাৰে, ধৰ্মই ইয়াৰ বাটত হেঙাৰ হৈ থিয় দিয়ে। কিন্তু হিন্দুসকলৰ ক্ষেত্ৰত এনে নহয়। তেওঁলোকৰ জীৱনত জাতিয়ে কেনে ধৰণৰ স্থান অধিকাৰ কৰি আহিছে আৰু তেওঁলোকৰ অন্য কোনো ‘আৱশ্যকীয় যোগসূত্ৰ’ আছে নেকি যিয়ে জাতিগত অনুভৱটোক গুৰুত্ব হ্ৰাস কৰি সামূহিক অনুভৱৰ পৰ্যায়লৈ লৈ যাব পাৰে: তেনে কথা ভালদৰে নজনাকৈয়ে অহিন্দুসকলৰ মাজতো জাতি ব্যৱস্থা বিদ্যমান বুলি নিজকে প্ৰবোধ দিবলৈ যোৱাটো হ’ব এক ভয়ানক ভ্ৰান্ত ধাৰণা। যিমান সোনকালে হিন্দুসকলে এই ভ্ৰান্ত ধাৰণাৰ পৰা ওলাই আহিব পাৰে সিমানেই   ভাল।

জাতিয়ে হিন্দু সমাজত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি কৰা নাই বুলি আন একাংশই এই বিষয়টো বিবেচনাৰ বাবে যোগ্য নহয় বুলি ক’ব বিচাৰে। এই হিন্দুসকলে এইবুলি প্ৰবোধ ল’ব বিচাৰে যে হিন্দুসকল এতিয়াও প্ৰবৰ্তি আছে আৰু ইয়ে প্ৰমাণ কৰে যে তেওঁলোক বৰ্তি থাকিবৰ বাবে যোগ্য। প্ৰফেছৰ এছ. ৰাধাকৃষ্ণনে তেওঁৰ Hindu view of Life নামৰ গ্ৰন্থত এই বিষয়ে ভালদৰে ব্যাখ্যা কৰিছে। হিন্দুত্ববাদৰ প্ৰসংগ দাঙি ধৰি তেওঁ কৈছে, ‘‘এই সভ্যতা ক্ষণস্থায়ী নহয়। ইয়াৰ ঐতিহাসিক তথ্য চাৰিহাজাৰ বছৰতকৈও অধিক প্ৰাচীন আৰু তেতিয়াই ই এক সভ্যতাৰ স্তৰলৈ উন্নীত হৈছিল যিটো এতিয়াও নিৰৱচ্চিন্নভাৱে চলি আছে, যদিওবা এটা সময়ত ই লেহেম হৈ পৰিছিল। আধ্যাত্মিক চিন্তা-চৰ্চা আৰু অভিজ্ঞতাৰ চাৰি-পাঁচটা সহস্ৰাব্দৰ হেঁচা আৰু প্ৰত্যাহ্বানৰ বিৰুদ্ধে থিয় দি আছে। যদিওবা ইতিহাসৰ আৰম্ভণিৰে পৰা ভাৰতলৈ বিভিন্ন জাতি-জনগোষ্ঠী আৰু সংস্কৃতিৰ মানুহে প্ৰব্ৰজিত হৈ আহিছে, হিন্দুত্ববাদেই ইয়াৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি আহিছে আৰু আনকি ৰাজনৈতিক ক্ষমতাৰে বলীয়ান ধৰ্মান্তৰকৰণৰ বিশ্বাসেও বুজনসংখ্যক হিন্দুক বিচলিত কৰিব পৰা নাছিল। হিন্দু সংস্কৃতিত কিছু সজীৱতা আছে যিবোৰ ইয়াতকৈ অধিক ক্ষমতাশালী সমসাময়িক মতবাদৰ ক্ষেত্ৰত সেয়া দেখা পোৱা নাযায়। ৰসবোৰ এতিয়াও বৈ আছে নে নাই চাবলৈ গছ এজোপা ফালি চোৱাতকৈ হিন্দুত্ববাদক দ্বিখণ্ডিত কৰাৰো কোনো প্ৰয়োজন নাই।” তেওঁ যি কৈছে সেয়া মননশীলতাৰে প্ৰতিষ্ঠা কৰিবলৈ আৰু পাঠকৰ মনত ৰেখাপাত কৰিবলৈ প্ৰফেছৰ এছ. ৰাধাকৃষ্ণণৰ নামটোৱেই যথেষ্ট। কিন্তু মই মোৰ মনৰ কথাবোৰ ক’বলৈ দ্বিধাবোধ নকৰোঁ। কাৰণ, মোৰ ভয় হয় যে, তেওঁৰ এই বক্তব্য এটা বিদ্বেষপূৰ্ণ যুক্তি ঃ বৰ্তি থকাটোৱেই প্ৰমাণ কৰে যে বৰ্তি থাকিবৰ বাবে যোগ্যতা আধাৰ হৈ পৰিব পাৰে। মোৰ বাবে এতিয়া প্ৰশ্নটো এইটো নহয় যে এটা জাতি জীয়াই থাকিব নে মৰিব; প্ৰশ্নটো হ’ল ই কিদৰে জীয়াই থাকিব? বৰ্তি থকাৰো বিভিন্ন প্ৰকাৰৰ ধৰণ আছে। কিন্তু সকলোবোৰ সমানে সন্মানজনক নহয়। এজন ব্যক্তিৰ লগতে সমাজৰ বাবেও সাধাৰণভাৱে জীয়াই থকা আৰু স্বাচ্চন্দ্যৰে জীয়াই থকাৰ মাজত গুৰুতৰ পাৰ্থক্য আছে। এখন যুদ্ধত যুঁজ কৰা আৰু গৌৰৱেৰে জীয়াই থকাটো এটা ধৰণ। পিছ হুঁহকি গৈ, আত্মসমৰ্পণ কৰি আৰু বন্দীত্বৰ জীৱন আঁকোৱালি লৈ জীয়াই থকাটোও এটা ধৰণ। এই যে তেওঁ আৰু তেওঁৰ মানুহখিনি জীয়াই আছে বুলি প্ৰবোধ লোৱাটো এজন হিন্দুৰ বাবে অৰ্থহীন হ’ব। তেওঁ প্ৰকৃততে বিবেচনা কৰিব লাগে যে কেনেধৰণৰ জীৱন জীয়াই আছে। যদি এইটো কৰে, মই নিশ্চিত যে তেওঁ কেৱল বাচি থকাৰ বাবেই যি অহংকাৰ আছিল সেয়া নাইকিয়া হ’ব। এজন হিন্দুৱে সদায় এক পৰাভূতৰ জীৱন জীয়াই আহিছে আৰু তেওঁৰ সন্মুখত জীৱনটো চিৰন্তন হৈ দেখা দিছে যদিও তেওঁ তেনেদৰে জীয়াই থকা নাই, বৰঞ্চ সনাতন মৃত্যুৰ দিশে গৈ আছে। এইটো এনে এক বৰ্তি থকাৰ ধৰণ যাৰ বাবে সত্যক স্বীকাৰ কৰিব নোখোজা প্ৰতিজন সদাচাৰী হিন্দুৱে লজ্জিত অনুভৱ কৰিব। মোৰ মতে এইক্ষেত্ৰত কোনো সন্দেহ নাই যে সামাজিক গাঁথনি সলনি নকৰালৈকে বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাযাব। সমাজক প্ৰতিৰক্ষা বা প্ৰত্যাক্ৰমণৰ বাবে আগবঢ়াই নিব নোৱাৰে। আপুনি জাতি ব্যৱস্থাৰ আধাৰত একোৱেই গঢ়ি তুলিব নোৱাৰে। জাতিৰ আধাৰত গঢ়ি তোলা যিকোনো বস্তু ভাগি পৰিব আৰু ই কেতিয়াও পূৰ্ণ নহয়।

এতিয়া বিবেচনাৰ বাবে বাকী থকা একমাত্ৰ প্ৰশ্নটো হ’ল: কেনেদৰে হিন্দুৰ সামাজিক গাঁথনিলৈ সংস্কাৰ আনিব পৰা যাব? কেনেদৰে জাতি ব্যৱস্থা নিঃশেষ কৰিব পাৰি? এইটো এটা অত্যাধিক গুৰুত্বপূৰ্ণ প্ৰশ্ন। এক দৃষ্টিভংগী অনুসৰি জাতি ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিবলৈ হ’লে প্ৰথম পদক্ষেপ হিচাপে উপ-জাতিসমূহৰ বিলোপ সাধন কৰিব লাগিব। জাতিসমূহৰ মাজত থকাতকৈও উপ-জাতিসমূহৰ মাজত আচৰণ আৰু মৰ্যাদাৰ অধিক সাদৃশ্য আছে বুলি এক ধাৰণাৰ ভিত্তিত এই দৃষ্টিভংগী প্ৰতিষ্ঠিত। মই ভাবোঁ এইটো এটা ভ্ৰান্তিমূলক ধাৰণা। দক্ষিণ ভাৰতৰ ব্ৰাহ্মণসকলৰ তুলনাত উত্তৰ আৰু মধ্যভাৰতৰ ব্ৰাহ্মণসকলৰ সামাজিক মৰ্যাদা নিম্ন খাপৰ। উত্তৰ আৰু মধ্যভাৰতৰ ব্ৰাহ্মণসকলে মূলতঃ ৰান্ধনি আৰু পানীভাৰীৰ কাম কৰে, আনহাতে অন্যসকলে সমাজৰ উচ্চ পৰ্যায়ৰ স্থান দখল কৰে। আনহাতে উত্তৰ ভাৰতৰ বৈশ্য আৰু কায়স্থসকল বৌদ্ধিক আৰু সামাজিকভাৱে দক্ষিণ ভাৰতৰ ব্ৰাহ্মণসকলৰ সমপৰ্যায়ৰ। ঠিক একেধৰণে খাদ্যাভাসৰ ক্ষেত্ৰতো তেওঁলোকৰ মাজত সাদৃশ্য নাই; দক্ষিণ ভাৰতৰ ব্ৰাহ্মণসকল নিৰামিষভোজী হোৱাৰ বিপৰীতে কাস্মাৰ আৰু বংগৰ ব্ৰাহ্মণসকল আমিষভোজী। আনহাতে দক্ষিণ ভাৰতৰ ব্ৰাহ্মণসকলৰ খাদ্যাভাসৰ লগত গুজৰাটী, মাৰোৱাৰী, বণিয়া আৰু জৈনসকলৰ দৰে অব্ৰাহ্মণসকলৰ খাদ্যাভাসৰ কিছু মিল আছে। ইয়াত কোনো সন্দেহ নাই যে এটা জাতিৰ পৰা আন এটা জাতিলৈ যোৱাৰ প্ৰক্ৰিয়াটো সহজ হোৱাৰ পৰিপ্ৰেক্ষিতত, উত্তৰ ভাৰতৰ ব্ৰাহ্মণৰ লগত দক্ষিণ ভাৰতৰ ব্ৰাহ্মণসকলৰ সমন্বয় সাধনতকৈ, উত্তৰৰ কায়স্থ আৰু দক্ষিণ ভাৰতৰ অন্য অব্ৰাহ্মণসকলৰ সৈতে দাক্ষিণাত্যৰ দ্ৰাবিড়মূলীয় অব্ৰাহ্মণসকলৰ সমন্বয় সাধন অধিক সম্ভৱপৰ। উপ-জাতিসমূহৰ সমন্বয় সাধন সম্ভৱ বুলি ধৰি ল’লেও উপ-জাতিসমূহৰ বিলোপ সাধনৰ প্ৰক্ৰিয়াই যে জাতি ব্যৱস্থাৰ বিলোপ সাধন কৰিব তাৰ কি নিশ্চয়তা আছে? ইয়াৰ বিপৰীতে এনেও হ’ব পাৰে যে উপ-জাতিসমূহৰ বিলোপ সাধনৰ পৰ্যায়তে এই প্ৰক্ৰিয়াটো শেষ হৈ যাব পাৰে। তেনেক্ষেত্ৰত উপ-জাতিসমূহৰ বিলোপ সাধনে জাতিসমূহক অধিক শক্তিশালী কৰি তোলাৰ লগতে অধিক ক্ষমতাশালী কৰি তুলিব আৰু ফলস্বৰূপে ই অধিক ক্ষতিকাৰক হৈ উঠিব পাৰে। সেয়েহে এই বিধান সম্ভৱপৰ নাইবা ফলপ্ৰসূ নহয় আৰু সহজেই ভুল প্ৰমাণিত হ’ব। জাতি ব্যৱস্থাৰ বিলোপ সাধনৰ বাবে আন এক কাৰ্যব্যৱস্থা হৈছে বিভিন্ন জাতিৰ মাজত হোৱা অসবৰ্ণ বিবাহ। তেজৰ সম্বন্ধই অকলেই আপোনভাৱৰ জন্ম দিব পাৰে আৰু তেজৰ সম্বন্ধ নোহোৱালৈকে জাতি ব্যৱস্থাই সৃষ্টি কৰা সৰ্বোচ্চ বিচ্ছিন্নতাবাদী প্ৰৱণতাবোৰ বা এঘৰীয়া হোৱাৰ প্ৰৱণতাবোৰ শেষ হ’ব বুলি আশা কৰিব নোৱাৰি। অহিন্দুসকলৰ তুলনাত হিন্দুসকলৰ মাজত অসবৰ্ণ-বিবাহ ইয়াৰ সামাজিক জীৱনত উপযুক্তভাৱেই বৃহৎ শক্তিৰ এক উপাদান হ’ব লাগে। যিখন সমাজ ইতিমধ্যেই বিভিন্ন বান্ধোনেৰে ভালদৰে বান্ধ খাই আছে, তাত বিবাহ মাথোঁ এক সাধাৰণ ঘটনা। কিন্তু যিখন সমাজ বিভিন্ন ভাগত বিভক্ত তাত বিবাহে বান্ধোন সুদৃঢ় কৰাত অত্যাৱশ্যকীয় ভূমিকা গ্ৰহণ কৰে। জাতি ব্যৱস্থা ভংগ কৰিবলৈ হ’লে প্ৰকৃত বিধান অসবৰ্ণ-বিবাহ। আন একোৱেই জাতিৰ দ্ৰাৱক হিচাপে কাম নকৰে। আপোনালোকৰ জাত-পাত-টোড়ক মণ্ডলে এই পথটো উপযোগী বুলি গ্ৰহণ কৰিছে।

এইটো জাতি ব্যৱস্থাৰ ওপৰত এটা পোনপটীয়া আৰু প্ৰত্যক্ষ আঘাত। মই আপোনালোকৰ সঠিক বিশ্লেষণ আৰু হিন্দুসকলক তেওঁলোকৰ ভুলসমূহ আঙুলিয়াই দিয়াৰ সাহস দেখুওৱাৰ বাবে অভিনন্দন জনাইছোঁ। সমাজৰ বিৰোধিতা কৰা এজন সংস্কাৰক চৰকাৰৰ বিৰোধিতা কৰা এজন ৰাজনীতিবিদতকৈ অধিক প্ৰশংসনীয়। আপোনালোকে সঠিকভাৱেই বিশ্লেষণ কৰিছে যে যেতিয়াই বিভিন্ন জাতিৰ মাজত ভোজন আৰু অসবৰ্ণ-বিবাহ এক সাধাৰণ বিষয় হৈ পৰিব, জাতি এক কাৰ্যকৰী শক্তিত পৰিণত হ’ব। আপোনালোকে ৰোগৰ প্ৰকৃত কাৰণ বিচাৰি উলিয়াইছে। কিন্তু আপোনালোকে দিয়া নিদান ৰোগটোৰ বাবে সঠিক বিধান হয়নে? আপোনালোকে নিজকে এই প্ৰশ্ন কৰা উচিত; কিয় অধিক সংখ্যক হিন্দুৱে ৰাজহুৱা ভোজন আৰু অসবৰ্ণ-বিবাহ নকৰে? কিয় এনে হয় যে আপোনাৰ উদ্দেশ্য জনপ্ৰিয়তা নাপায়? এই প্ৰশ্নৰ এটাই মাথোঁ উত্তৰ আছে আৰু সেইটো হ’ল ৰাজহুৱা ভোজন আৰু অসবৰ্ণ-বিবাহৰ ধাৰণা হিন্দুসকলৰ পৱিত্ৰ ধৰ্মমত আৰু বিশ্বাসৰ সম্পূৰ্ণ বিপৰীত। জাতি এখন ইটাৰ দেৱাল অথবা তাঁৰৰ বেৰাৰ দৰে নহয় যিয়ে হিন্দুসকলৰ মিলা-মিচাৰ পৰা আঁতৰাই ৰাখিছে আৰু ইচ্চা কৰিলেই ভাঙি পেলাব পৰা যাব। জাতি হৈছে এটা ধাৰণা, মানুহে মনত লৈ ফুৰা এক মনোভাৱ। সেয়ে জাতি ধ্বংস কৰা মানে এক কায়িক বাধাক ধ্বংস কৰা নুবুজায়। ই হ’ব মানুহৰ ধাৰণাৰ পৰিৱৰ্তন৷ জাতি বেয়া হ’ব পাৰে। জাতিৰ বাবেই মানুহে মানুহৰ প্ৰতি অমানৱীয় হোৱাৰ দৰে অপকৰ্ম কৰিবলৈ আগবাঢ়িব পাৰে। যি কি নহওক, এইটো স্বীকাৰ কৰিবই লাগিব যে হিন্দুসকলে অমানৱীয় কাৰণত জাতি ব্যৱস্থা ধৰি ৰখা নাই। তেওঁলোকে জাতি ব্যৱস্থা ধৰি ৰখাৰ কাৰণ হৈছে তেওঁলোক গভীৰভাৱে ধৰ্মবিশ্বাসী। জাতি ব্যৱস্থা মানি চলাটো মানুহৰ ভুল হ’ব নোৱাৰে। তেওঁলোকৰ ধৰ্মত কি ভুল আছে যিয়ে এই জাতিৰ ধাৰণাটোক এক শিকনি দিছে। যদি এইটো সঠিক হয় তেন্তে জাতি ব্যৱস্থা মানি চলা লোকসকল শত্ৰু নহয় যাক আপুনি কাবু কৰিব লাগিব, শত্ৰু হ’ল সেই শাস্ত্ৰসমূহ (Shastras) যিয়ে তেওঁলোকক জাতিগত ধৰ্মৰ শিক্ষা দিছে৷ ৰাজহুৱা ভোজন অথবা অসবৰ্ণ-বিবাহ নকৰা মানুহক সমালোচনা কৰা আৰু ইতিকিং কৰা, অথবা নৈমিত্তিকভাৱে ৰাজহুৱা ভোজন অনুষ্ঠিত কৰা আৰু অসবৰ্ণ-বিবাহ সমাপন কৰি ইপ্সিত লক্ষ্যত উপনীত হোৱাটো এক ব্যৰ্থ প্ৰক্ৰিয়া। প্ৰকৃত বিধান হ’ব শাস্ত্ৰৰ পৱিত্ৰতাৰ প্ৰতি থকা বিশ্বাসক শেষ কৰিব লাগিব। যদি আপোনালোকে শাস্ত্ৰসমূহক মানুহৰ বিশ্বাস আৰু মতৰ ওপৰত প্ৰভাৱ পেলাবলৈ দিয়ে তেন্তে কেনেকৈ সফলতা লাভৰ আশা কৰিব পাৰে? শাস্ত্ৰৰ পৱিত্ৰতা আৰু আশিসৰ প্ৰতি মানুহৰ বিশ্বাসক মঞ্জুৰী দিয়াত শাস্ত্ৰসমূহৰ কৰ্তৃত্বৰ প্ৰতি প্ৰশ্ন অৱতাৰণা নকৰি আৰু অযুক্তিকৰ আৰু অমানৱীয় কাৰ্যৰ বাবে দোষাৰোপ আৰু সমালোচনা কৰাটো সামাজিক সংস্কাৰ আগবঢ়াই নিয়াৰ এক বিসংগতিপূৰ্ণ পথ হ’ব। মহাত্মা গান্ধীকে ধৰি অস্পৃশ্যতা দূৰীকৰণৰ বাবে কাম কৰি থকা সংস্কাৰসকলে উপলব্ধি কৰিব নিবিচাৰে যে মানুহৰ কাৰ্যসমূহ মূলতঃ শাস্ত্ৰসমূহে দিয়া শিকনিৰ ফলস্বৰূপে তেওঁলোকৰ মনত থকা বিশ্বাসৰ ফল আৰু মানুহৰ আচৰণৰ পৰিৱৰ্তন নহ’ব যেতিয়ালৈকে তেওঁলোকৰ শাস্ত্ৰসমূহৰ পৱিত্ৰতাৰ প্ৰতি থকা বিশ্বাস শেষ নহ’ব। আচৰিত হ’বলগীয়া কোনো কথা নাই যে এনেধৰণৰ প্ৰচেষ্টাই কোনো ফল নিদিয়ে। আপোনালোকেও অস্পৃশ্যতা দূৰীকৰণৰ বাবে কাম কৰি সংস্কাৰসকলৰ দৰেই আওবাটে যোৱা যেন অনুভৱ কৰিছোঁ৷ ৰাজহুৱা-ভোজন আৰু অসবৰ্ণ-বিবাহ আয়োজন কৰাটো জোৰ কৰি খুওৱাৰ দৰেই কৃত্ৰিম। প্ৰথমে শাস্ত্ৰসমূহৰ কতৃৰ্ত্বৰ কবলৰ পৰা প্ৰতিজন পুৰুষ আৰু মহিলাকে মুক্ত কৰক আৰু তেওঁলোকৰ মনবোৰ শাস্ত্ৰৰ দ্বাৰা প্ৰতিষ্ঠিত মাৰাত্মক ধাৰণাবোৰৰ পৰা মুক্ত কৰক, আৰু তেতিয়া তেওঁলোকে আপোনালোকে নোকোৱাকৈয়ে ৰাজহুৱা-ভোজন আৰু অসবৰ্ণ-বিবাহ কৰিব।

অন্যথা বাৰেভচহু কথাৰে সমিধান বিচৰাটো অৰ্থহীন হ’ব। মানুহক এইটো কোৱাও নিষ্প্ৰয়োজন যে শাস্ত্ৰসমূহে সেইবোৰ নকয় যিবোৰ তেওঁলোকে ক’ব বুলি বিশ্বাস কৰা হয়, আক্ষৰিকভাৱে পঢ়া হয় বা যুক্তিসিদ্ধভাৱে ব্যাখ্যা কৰা হয়৷ শাস্ত্ৰসমূহ মানুহে কিদৰে বুজিছে বা লৈছে সেইটোহে গুৰুত্বপূৰ্ণ।আপোনালোকে বুদ্ধই লোৱা স্থিতিটো ল’ব লাগিব। আপোনালোকে সেই স্থিতি ল’ব লাগিব যিটো গুৰু নানকে গ্ৰহণ কৰিছিল। আপোনালোকে কেৱল শাস্ত্ৰসমূহ আঁতৰালেই নহ’ব; গুৰু নানক বা বুদ্ধৰ দৰেই ইবিলাকৰ কৰ্তৃত্বক অস্বীকাৰ কৰিব লাগিব। আপোনালোকে হিন্দুসকলক এই কথা ক’বলৈ সাহস কৰিব লাগিব যে তেওঁলোকৰ ভুলটো হৈছে তেওঁলোকৰ ধৰ্ম, যিয়ে তেওঁলোকৰ মনত জাতিৰ পৱিত্ৰতাৰ ধাৰণাৰ জন্ম দিলে। আপুনি সেই সাহস দেখুৱাব পাৰিবনে?

আপোনালোকৰ সফলতা লাভৰ আশা কিমান? সামাজিক সংস্কাৰ বিভিন্ন ভাগত বিভক্ত। ইয়াৰে এক প্ৰকাৰৰ সংস্কাৰ মানুহৰ ধৰ্মীয় বিশ্বাসৰ লগত জড়িত নহয়, সম্পূৰ্ণৰূপে ধৰ্মনিৰপেক্ষ। এক প্ৰকাৰ সংস্কাৰ মানুহৰ ধৰ্মীয় বিশ্বাসৰ লগত জড়িত৷ এনেধৰণৰ সংস্কাৰৰ দুই প্ৰকাৰৰ ভিন্নতা থাকে। ইয়াৰে এক প্ৰকাৰৰ সংস্কাৰ ধৰ্মীয় ৰীতি অনুসৰি চলে আৰু আৰু ইয়াৰ ধৰ্মৰ পৰা আঁতৰি যোৱাসকলক তেওঁলোকৰ মাজলৈ ঘূৰি আহিবলৈ আৰু তেওঁলোকক অনুসৰণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। দ্বিতীয় প্ৰকাৰৰ সংস্কাৰে ধৰ্মীয় নীতিসমূহৰ ওচৰ চপাটো বাদেই, সেই ৰীতিসমূহৰ পোনপটীয়াকৈ বিৰোধিতা কৰে আৰু মানুহক এইবোৰৰপৰা আঁতৰি আহিবলৈ আৰু এই ৰীতিসমূহৰ কতৃৰ্ত্বক অস্বীকাৰ কৰিবলৈ আৰু এইবোৰৰ বিপৰীতে কাম কৰিবলৈ আহ্বান জনায়। জাতি হৈছে শাস্ত্ৰসমূহৰ দ্বাৰা অনুমোদনপ্ৰাপ্ত কিছু নিৰ্দিষ্ট ধৰ্মীয় বিশ্বাসৰ নিৰপেক্ষ ফল, যিবোৰত অলৌকিক জ্ঞানেৰে বিভূষিত ঐশ্বৰিক গুণসমৃদ্ধ সাধুপুৰুষৰ কতৃৰ্ত্ব আছে আৰু সেয়েহে এনে কতৃৰ্ত্ব পাপ নকৰাকৈ অমান্য কৰিব নোৱাৰি বুলি বিশ্বাস কৰা হয়। জাতি ব্যৱস্থাৰ বিলোপ সাধনৰ দৰে সংস্কাৰ কাৰ্য তৃতীয় ভাগত পৰে। মানুহক তেওঁলোকৰ জাতি ত্যাগ কৰিবলৈ কোৱা মানে তেওঁলোকৰ ধৰ্মীয় বিশ্বাসৰ বিপৰীতে যাবলৈ কোৱা বুজাব। এইটো নিশ্চিত যে প্ৰথম আৰু দ্বিতীয় প্ৰকাৰৰ সংস্কাৰ কাৰ্য যথেষ্ট সহজ। কিন্তু তৃতীয়বিধ সংস্কাৰ এক সাংঘাতিক কাৰ্য, প্ৰায় অসম্ভৱ। হিন্দুসকলে সামাজিক শৃংখলাৰ ক্ষেত্ৰত পৱিত্ৰতা বজাই ৰাখে। জাতিৰ এক ঐশ্বৰিক ভিত্তি আছে। সেয়েহে আপুনি এই পৱিত্ৰতা আৰু ঈশ্বৰত্ব বিলোপ কৰিব লাগিব যাৰ ভিত্তিত জাতি ব্যৱস্থা বৰ্তি আছে। বিশ্লেষণৰ শেষত ইয়াকে ক’ব পাৰি যে আপোনালোকে শাস্ত্ৰৰ আৰু বেদৰ কৰ্তৃত্ব নিঃশেষ কৰিব লাগিব।
জাতি বিলোপ সাধনৰ পথ আৰু মাধ্যমৰ প্ৰশ্নটোত মই গুৰুত্ব এইবাবেই দিছোঁ : কাৰণ মই ভাবোঁ, আদৰ্শৰ বিষয়ে জনাতকৈ সঠিক পথ আৰু মাধ্যম জনাটো অধিক গুৰুত্বপূৰ্ণ। যদি আপোনালোকে সঠিক পথ আৰু মাধ্যম নাজানে তেন্তে আপোনালোকৰ সকলো প্ৰয়াস ব্যৰ্থ হোৱাটো নিশ্চিত। যদি মোৰ বিশ্লেষণ সঠিক হয় তেন্তে আপোনালোকৰ কামটো অস্বাভাৱিক হ’ব। আপোনালোকে নিজেই ক’ব পাৰিব যে লক্ষ্যত উপনীত হ’বলৈ যোগ্য হয়নে নহয়।
মোৰ ধাৰণাত এইটো একেবাৰেই অসম্ভৱ কাম। মই কিয় এনেদৰে ভাবিছোঁ আপোনালোকে হয়তো জানিবলৈ বিচাৰিব। মই এনেদৰে ভবাৰ বহুতো কাৰণ আছে যদিও গুৰুত্বপূৰ্ণ বুলি ভবা কেইটামান কাৰণ মই উল্লেখ কৰিম।
প্ৰথম কাৰণটো হৈছে, ব্ৰাহ্মণসকলে এই প্ৰশ্নটোৰ প্ৰতি দেখুওৱা বৈৰীমূলক মনোভাৱ৷শ। ব্ৰাহ্মণসকলে ৰাজনৈতিক সংস্কাৰ আৰু কিছু কিছু ক্ষেত্ৰত আৰ্থিক সংস্কাৰৰ বাবে আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। কিন্তু জাতিগত প্ৰাচীৰ ভঙাৰ ক্ষেত্ৰত তেওঁলোকক উৎসাহ প্ৰদান কৰাও দেখা নাযায়। ভৱিষ্যতে কেতিয়াবা ব্ৰাহ্মণসকলে এই বিষয়ত নেতৃত্ব ল’ব বুলি আশা কৰিব পাৰিনে ? মোৰ মতে নোৱাৰি৷ আপোনালোকে ইয়াৰ কাৰণো সুধিব পাৰে। আপোনালোকে হয়তো যুক্তি দৰ্শাব যে ব্ৰাহ্মণসকলে সামাজিক সংস্কাৰৰ পৰা নিজকে আঁতৰাই ৰখাৰ কোনো কাৰণ নাই। আপোনালোকে হয়তো এই বুলিও যুক্তি দিব যে ব্ৰাহ্মণসকলে জাতিক হিন্দু সমাজৰ অভিশাপ বুলি জানে আৰু এটা সচেতন শ্ৰেণী হিচাপে ই ইয়াৰ পৰিণামৰ প্ৰতি উদাসীন হ’ব বুলি আশা কৰিব নোৱাৰি। আপোনালোকে এনেদৰেও যুক্তি দৰ্শাব পাৰে যে নিৰপেক্ষ ব্ৰাহ্মণ আৰু ধৰ্মযাজক ব্ৰাহ্মণসকলৰ ভিতৰত যদি যাজকসকলে জাতি-ব্যৱস্থা উলংঘা কৰাসকলৰ হৈ দণ্ড তুলি নলয় তেন্তে বাকীসকলে ল’ব। এই সকলোবোৰ নিশ্চিতভাৱে বিশ্বাসযোগ্য। কিন্তু এইটো কথা পাহৰি যোৱা হয় যে জাতি ব্যৱস্থাৰ বিলোপ সাধনে ব্ৰাহ্মণসকলৰ ওপৰত বৰ বেয়াকৈ প্ৰভাৱ পেলোৱাটো খাটাং। গতিকে ব্ৰাহ্মণসকলে তেওঁলোকৰ যশস্যা আৰু ক্ষমতাৰ অৱসান ঘটাব পৰা আন্দোলন এটাৰ নেতৃত্ব দিবলৈ সন্মতি দিব বুলি আশা কৰাটো কিমান যুক্তিসংগত? ঠিক তেনেদৰে যাজক ব্ৰাহ্মণসকলৰ বিৰুদ্ধে হ’ব লগা আন্দোলনত নিৰপেক্ষ ব্ৰাহ্মণসকলে ভাগ ল’ব বুলি আশা কৰাটো যুক্তিসংগত হ’বনে? মোৰ বিচাৰত নিৰপেক্ষ আৰু যাজক ব্ৰাহ্মণসকলৰ মাজত পাৰ্থক্য বিচৰাটো অৰ্থহীন হ’ব। সিহঁত ইমানে আপোন যে একেটা শৰীৰত দুটা বাহুৰ দৰে আৰু এটাই আনটোৰ অস্তিত্ব ৰক্ষাৰ বাবে যুঁজাটো খাটাং। এই আপাহতে মই প্ৰফেছৰ ডাইচিয়ে (Prof Dicey) তেওঁৰ English Constitution ত সংসদৰ প্ৰকৃত সীমাৱদ্ধতাৰ বিধায়িনী সৰ্বোচ্ছ ক্ষমতাৰ দিয়া গভীৰ মন্তব্যটো মনত পেলাব বিচাৰিছোঁ। তেওঁ কৈছিলঃ যিকোনো সাৰ্বভৌম ক্ষমতাৰ দ্বাৰা বিশেষকৈ সংসদৰ দ্বাৰা পৰিচালিত হ’বলগীয়া প্ৰকৃত কাৰ্যসমূহ প্ৰধানতঃ দুই ধৰণৰ সীমাবদ্ধতাই নিয়ন্ত্ৰণ কৰি ৰাখে। এইবোৰৰ ভিতৰত এটা বাহ্যিক আৰু আৰু আভ্যন্তৰীণ সীমাবদ্ধতা। সাৰ্বভৌমত্বৰ প্ৰকৃত ক্ষমতাৰ প্ৰতি অহা বাহ্যিক সীমাৱদ্ধতা হ’ল যে ইয়াৰ প্ৰজাই বা অধিক সংখ্যক প্ৰজাই আইন বিৰুদ্ধাচৰণ বা আইন অমান্য কৰাৰ সম্ভাৱনা বা নিশ্চয়তা থাকে‌।

সাৰ্বভৌমত্ব প্ৰয়োগৰ ক্ষেত্ৰত আভ্যন্তৰীণ সীমাৱদ্ধতাৰ সাৰ্বভৌম ক্ষমতাৰ ধাৰণাৰ পৰাই আহে। আনকি এজন একনায়কত্ববাদী শাসকেও তেওঁৰ ক্ষমতাসমূহ প্ৰয়োগ কৰে তেওঁৰ চৰিত্ৰ অনুযায়ী, যি চৰিত্ৰ তেওঁ বাস কৰা সময়ছোৱাত সমাজত বৰ্তি থকা নৈতিকতাৰ লগতে সেই সময়ৰ পৰিৱেশ-পৰিস্থিতিৰ প্ৰভাৱত গঢ় লৈ উঠে। এজন চুলতানে মুছলমানসকলৰ ধৰ্মটো সলাব নোৱাৰে; যদি সলনি কৰিব পাৰেও তেন্তে মুছলমান ধৰ্মটো আঁতৰাই পেলাব বুলি ভবাটো একেবাৰেই অবান্তৰ হ’ব। চুলতানৰ ক্ষমতা প্ৰয়োগৰ আভ্যন্তৰীণ সীমাৱদ্ধতা বাহ্যিক সীমাৱদ্ধতাৰ দৰেই শক্তিশালী। মানুহে কেতিয়াবা কিছু অবান্তৰ প্ৰশ্ন উত্থাপন কৰে যে পোপে কিয় সংস্কাৰৰ কাম হাতত নলয়? প্ৰকৃত উত্তৰটো হ’ল যে কোনো পৰিৱৰ্তনকামী লোক পোপ নহয় আৰু পোপ হোৱা ব্যক্তিজন পৰিৱৰ্তনকামী হ’ব নিবিচাৰে। মই ভাবোঁ এইধৰণৰ কথাসমূহ ভাৰতৰ ব্ৰাহ্মণসকলৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য হ’ব। পোপ হোৱা ব্যক্তিজন যিদৰে সংস্কাৰকামী হ’ব নিবিচাৰে ঠিক তেনেদৰেই ভাৰতৰ ব্ৰাহ্মণসকলেও সংস্কাৰকামী হ’ব নিবিচাৰে।

আপোনালোকৰ মাজৰে কোনোবাই ক’ব যে জাতি ব্যৱস্থাৰ বিৰুদ্ধে যুঁজখনত ব্ৰাহ্মণে নেতৃত্ব দিবলৈ আগবাঢ়ি আহক বা নাহক সেইটো বৰ ডাঙৰ কথা নহয়। মোৰ বিচাৰত এই মত গ্ৰহণ কৰিলে সম্প্ৰদায়টোৰ বৌদ্ধিক শ্ৰেণীৰ ভূমিকাক অৱজ্ঞা কৰা হ’ব। ইতিহাস সৃষ্টিৰ ক্ষেত্ৰত মহান ব্যক্তিসকলৰ তত্ত্ব আপোনালোকে স্বীকাৰ কৰক বা নকৰক, ইমানখিনিটো মানি ল’ব লাগিবই যে প্ৰতিখন দেশতে বৌদ্ধিক শ্ৰেণীটোৱেই অতিকৈ প্ৰভাৱশালী।বৌদ্ধিক শ্ৰেণীটোৱেই হ’ল সেইটো শ্ৰেণী যি দূৰদৰ্শী, যি সঠিক পৰামৰ্শ আৰু নেতৃত্ব দিব পাৰে। পৃথিৱীৰ কোনো দেশতে সৰ্বসাধাৰণ মানুহে শুদ্ধ চিন্তা আৰু কৰ্মৰে জীৱন যাপন নকৰে। সৰ্বসাধাৰণে ব্যাপকভাৱে বৌদ্ধিক শ্ৰেণীকে অনুকৰণ আৰু অনুসৰণ কৰে। এনেকৈ ক’লে অতিৰঞ্জিত কৰা নহ’ব যে এখন দেশৰ ভৱিষ্যৎ বৌদ্ধিক সম্প্ৰদায়ৰ ওপৰতে নিৰ্ভৰ কৰে। যদিহে বৌদ্ধিক সম্প্ৰদায় সৎ, মুক্ত আৰু স্বাৰ্থৰহিত হয় দেশৰ সংকট কালত বৌদ্ধিক সম্প্ৰদায়েই সঠিক পদক্ষেপ লৈ নেতৃত্ব দিব পাৰে। এটা কথা সঁচা যে বৌদ্ধিকতা কোনো গুণ নহয়। ই কেৱল এক পন্থাহে আৰু পন্থাৰ অৱলম্বন উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰে যিটো এজন বুদ্ধিজীৱীয়ে অনুসৰণ কৰে। একোজন বুদ্ধিজীৱী ভাল মানুহ হ’ব পাৰে, কিন্তু তেওঁ সহজেই দুৰাত্মা হৈ উঠিব পাৰে। একেদৰে এটা বৌদ্ধিক সম্প্ৰদায় অতি উচ্চগুণ সম্পন্ন মানুহ হ’ব পাৰে; উপকাৰী, বিপথগামী মানৱজাতিৰ উদ্ধাৰকৰ্তাও হ’ব পাৰে। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীতো হ’ব পৰে। দুখজনক কথাটো হ’ল যে বৌদ্ধিক সম্প্ৰদায় বুলিলে ব্ৰাহ্মণ জাতিকে বুজা যায়। এই বৌদ্ধিক সম্প্ৰদায় দেশতকৈ এটা জাতিৰ প্ৰতিহে দায়বদ্ধ। ইবিলাক অতি দুৰ্ভাগ্যজনক কথা। কিন্তু সত্যটো হ’লে যে ব্ৰাহ্মণসকলেই হিন্দুৰ বৌদ্ধিক সম্প্ৰদায়। ব্ৰাহ্মণসকল কেৱল বৌদ্ধিক সম্প্ৰদায়েই নহয়, এওঁলোকক বাকী হিন্দুসকলে অতি আদৰ-সাদৰো কৰে। হিন্দুসকলক শিকোৱা হয় যে ব্ৰাহ্মণসকল মৰ্ত্যৰ দেৱতা। কেৱল ব্ৰাহ্মণসকলহে দীক্ষাদাতা হ’ব পাৰে।
এনেকুৱা এটা বৌদ্ধিক শ্ৰেণীৰ হাততে যেতিয়া এটা সম্প্ৰদায়ৰ কতৃৰ্ত্ব থাকে যিটোৱে জাতি ব্যৱস্থাৰ সংস্কাৰৰ বিৰুদ্ধে অৱস্থান কৰে, মোৰ দৃষ্টিত তেতিয়া জাতি ব্যৱস্থা নিপাতৰ সকলো প্ৰচেষ্টা বিফল হোৱাৰ সম্ভাৱনাই অধিক। মোৰ দ্বিতীয় যুক্তিটো স্পষ্ট হ’ব যদিহে আপুনি মন কৰে যে জাতি ব্যৱস্থাৰ দুটা দিশ আছে। ই মানুহক ভিন ভিন সম্প্ৰদায়ত ভাগ কৰে। দ্বিতীয়তে ই সম্প্ৰদায়সমূহক ইটোৰ ওপৰত সিটোকৈ এক ক্ৰমবিন্যাসত সামাজিক মৰ্যাদা প্ৰদান কৰে। প্ৰত্যেকটো জাতিয়েই গৰ্ব কৰে আৰু সন্তুষ্টি লভে যে তেওঁলোক আনতকৈ উচ্ছ খাপৰ। যিমানেই উচ্ছ খাপৰ জাতি হ’ব সিমানেই বেছি অধিকাৰ ভোগ কৰিব আৰু যিমানেই নিম্ন খাপৰ হ’ব সিমানেই কম অধিকাৰ ভোগ কৰিবলৈ পাব। জাতিসমূহৰ এই ক্ৰমবিন্যাসেই জাতি ব্যৱস্থাৰ বিৰুদ্ধে একেখন মঞ্চত সংগঠিত হোৱাটো অসম্ভৱ কৰি তুলিছে।

যদিহে এটা জাতিয়ে তাতকৈ উচ্চ জাতি এটাৰ স’তে ভোজন আৰু বিবাহৰ অধিকাৰ দাবী কৰে, কুচক্ৰান্তকাৰীসকলে তৎক্ষণাতে কয়, যাৰ মাজত ব্ৰাহ্মণো আছে, যে ৰাজহুৱা-ভোজন আৰু অসবৰ্ণ-বিবাহ নিম্ন জাতিৰ স’তেহে স্বীকৃত/ এই সকলো জাতি ব্যৱস্থাৰ দাস। কিন্তু সকলো দাসৰ মৰ্যাদা সমান নহয়। সৰ্বহাৰাৰ অৰ্থনৈতিক বিপ্লৱ সাধন কৰিবলৈ কাৰ্ল মাক্সে কৈছিল, “শিকলিডালৰ বাহিৰে তোমালোকৰ হেৰুৱাবলৈ একো নাই।” কিন্তু বিভিন্ন জাতিসমূহৰ মাজত সামাজিক আৰু ধৰ্মীয় অধিকাৰসমূহ কম-বেছি পৰিমাণে এনেকুৱা কৌশলেৰে বণ্টন কৰা আছে যে জাতি ব্যৱস্থাৰ বিৰুদ্ধে যুঁজিবলৈ হিন্দুসকলৰ ক্ষেত্ৰত কাৰ্ল মাক্সৰ্ৰ শ্ল’গান অসাৰ। জাতিয়ে স্বতন্ত্ৰ কতৃৰ্ত্বৰ এটা ক্ৰমবিন্যাসিত ব্যৱস্থা গঠন কৰে। যি নিজৰ নিজৰ মৰ্যাদাক লৈ সচেতন। আৰু যি জানে যে যদিহে এই ব্যৱস্থাৰ স্বাভাৱিক ভগন ঘটে কিছুমানে আন কিছুমানতকৈ অধিক সা-সন্মান আৰু ক্ষমতা হেৰুৱাব। সেয়ে, সামৰিক ভাষাত ক’বলৈ গ’লে, জাতি ব্যৱস্থাৰ ওপৰত আক্ৰমণ কৰিবলৈ হিন্দুসকলৰ এক স্বাভাৱিক সামৰিক কুচ-কাৱাজ অসম্ভৱ।

আপোনালোকে যুক্তিৰ পক্ষত থাকি জাতি ব্যৱস্থা যুক্তি-বিৰুদ্ধ বুলি প্ৰত্যাখ্যান কৰিবলৈ হিন্দুসকলক ক’ব পাৰিব নে ? এই কথাই এটা প্ৰশ্ন উত্থাপন কৰেঃ এজন হিন্দু নিজৰ যুক্তিৰ পক্ষত থাকিব পৰাকৈ স্বাধীন নে? যুক্তিৰ বাবে ইয়াত অকণো ঠাই নাই। এজন হিন্দুৱে বেদ, স্মৃতিশাস্ত্ৰ বা নীতিশাস্ত্ৰ কোনোবা এখন মানি চলিব লাগিব। ইয়াৰ বাহিৰে তেওঁ বেলেগ একো মানি চলিব নোৱাৰিব। যদিহে বেদ আৰু স্মৃতিশাস্ত্ৰৰ অৰ্থ সন্দৰ্ভত কিবা সন্দেহ জাগে তেতিয়া কেনেকৈ ইয়াৰ পাঠৰ ব্যাখ্যা দাঙি ধৰা হ’ব ? মনুৱে এই সম্পৰ্কত নিজৰ মত প্ৰকাশ কৰিছে। মনুৰ নীতি মতে, বেদ আৰু স্মৃতিশাস্ত্ৰৰ ব্যাখ্যাৰ ক্ষেত্ৰত যুক্তিবাদ সম্পূৰ্ণভাৱে নিষিদ্ধ। এই ক্ষেত্ৰত যুক্তিবাদক নাস্তিকতাবাদৰ সমানেই পাপকৰ্ম বুলি গণ্য কৰা হৈছে আৰু ইয়াৰ শাস্তি হিচাপে সমাজচ্যুতিৰ দিহা দিছে। সেয়েহে, বেদ বা স্মৃতিশাস্ত্ৰৰ আওতাত থকা কোনো প্ৰসংগত এজন হিন্দুৱে যুক্তিসংগত চিন্তাৰ আশ্ৰয় ল’ব নোৱাৰে। আনকি যেতিয়া বেদ আৰু স্মৃতিশাস্ত্ৰৰ মাজত কোনো কথাত দ্বন্দ্ব ঘটে তেতিয়াও সেই দ্বন্দ্বৰ সমাধান যুক্তিলৈ এৰি দিয়া নাই। যেতিয়া দুখন শ্ৰুতিৰ মাজত দ্বন্দ্ব আহে, দুয়োখনকে সমান বুলি গণ্য কৰিব লাগিব। যিকোনো এখনক মানি চলিব লাগিব। দুয়োখনৰ মাজৰ কোনখন যুক্তিসিদ্ধ তাক বিচাৰ কৰিব নোৱাৰিব।

মনুৱে কৈছে,“যেতিয়া শ্ৰুতি আৰু স্মৃতিৰ মাজত দ্বন্দ্ব আহিব, শ্ৰুতিক মানি চলিব লাগিব।” কিন্তু এই ক্ষেত্ৰতো দুয়োখনৰ কোনখন যুক্তিসিদ্ধ তাক বিচাৰ কৰাৰ চেষ্টা কৰিব নোৱাৰিব আকৌ, যেতিয়া দুখন স্মৃতিশাস্ত্ৰৰ মাজত দ্বন্দ্ব আহিব, মনু-স্মৃতিক মানি ল’ব লাগিব। ইয়াতো যুক্তিৰ স্থান নাই। শ্ৰুতি আৰু স্মৃতিশাস্ত্ৰই কোনো প্ৰসংগত দিয়া নিৰ্দেশনাক এজন হিন্দুৱে নিজৰ যুক্তিৰে চালি-জাৰি চাবলৈ স্বাধীন নহয়। মহাভাৰততো এই নীতিৰ কথা আছে।

এজন হিন্দুৱে এই নিৰ্দেশনাসমূহ মানি চলিবই লাগিব। জাতি আৰু বৰ্ণই আচল কথা, যি বেদ আৰু স্মৃতিশাস্ত্ৰ পৰিচালিত। ইয়াত যুক্তিৰ স্থান নাই। যিমানলৈ জাতি আৰু বৰ্ণৰ কথা আছে, কেৱল শাস্ত্ৰই হিন্দুসকলক কোনো প্ৰশ্ন সম্পৰ্কত যুক্তিৰ ব্যৱহাৰৰ অনুমতি প্ৰদান নকৰাকৈ থকাই নহয়, হিন্দুসকলে নিজেও জাতি আৰু বৰ্ণভিত্তিক বিশ্বাসৰ আধাৰক যুক্তিৰে পৰীক্ষা কৰিবলৈ কোনো সুৰুঙা নাৰাখে।
যিমান দূৰলৈ জাতি আৰু বৰ্ণৰ কথা নিহিত আছে, হিন্দুক শাস্ত্ৰই অকল যুক্তিসংগত বাচ-বিচাৰ কৰিবলৈ অনুমোদন নজনোৱাই নহয়, হিন্দুসকলে নিজেও জাতি আৰু বৰ্ণৰ মৌলিক ভিত্তিৰ যুক্তিক গ্ৰহণযোগ্য বুলি স্বীকাৰ কৰি লয়। অৱশ্যে ৰে’ল আৰু বিদেশ ভ্ৰমণৰ দৰে কিছুমান বিশেষ মুহূৰ্তত হিন্দুসকলে জাত-পাতৰ পৰিধি অতিক্ৰম কৰাৰ পাছতো জীৱনৰ বাকী সময়খিনি জাতিৰ বিশুদ্ধতা ৰক্ষাৰ প্ৰচেষ্টাৰ কথাই অহিন্দুক হাঁহিৰ খোৰাক যোগায়। এই ঘটনাৰ ব্যাখ্যাই হিন্দুসকলৰ যৌক্তিক চিন্তাৰ আন এটা শৃংখলিত দিশ উন্মোচিত কৰে। ৰে’ল যাত্ৰা আৰু বিদেশ ভ্ৰমণ উপলক্ষ এজন হিন্দুৰ বাবে জীৱনৰ দুৰ্যোগসদৃশ। এজন হিন্দুৱে স্বাভাৱিকতে নিজকে প্ৰশ্ন কৰিব লাগে, যদিহে তেওঁ সকলো সময়তে জাতিগত বিশুদ্ধতা ৰক্ষা কৰিব নোৱাৰে তেনে কিয় জাতিগত পৰিচয় বজাই ৰখা উচিত। কিন্তু এনে প্ৰশ্ন নকৰে। প্ৰথম খোজত জাতিগত নিয়ম ভংগ হ’লে, দ্বিতীয় খোজত কোনো প্ৰশ্ন অবিহনে জাতিৰ নিয়ম ৰক্ষা কৰাত লাগি যায়। এই আশ্বৰ্যজনক আচৰণৰ ভিত্তি হ’ল শাস্ত্ৰনিবন্ধিত নিয়ম, যি এজন হিন্দুক যিমান দূৰ সম্ভৱ জাতি ৰক্ষা কৰি চলিবলৈ নিৰ্দেশনা দিয়ে আৰু নোৱাৰিলে প্ৰায়শ্চিত্তৰ দিহা দিয়া হৈছে।

বহুতো মানুহ আছে যি জাতি ব্যৱস্থা আৰু অস্পৃশ্যতাৰ নিপাতৰ বাবে কাম কৰি আহিছে। সেইসকলৰ ভিতৰত ৰামানুজ, কবীৰ আদি বিশেষভাৱে উল্লেখযোগ্য। আপোনালোকে এইসকল সংস্কাৰকৰ কৰ্মৰ প্ৰতি আকৰ্ষিত হৈ হিন্দুসকলক এওঁলোকৰ অনুগামী হ’বলৈ ক’ব পাৰিব নে ? এইটো সত্য যে মনুৱে শ্ৰুতি আৰু স্মৃতিৰ লগতে সদাচাৰৰ বিধি-বিধান প্ৰদান কৰিছে। সদাচাৰক শাস্ত্ৰতকৈও উচ্চ স্থান দিয়া হৈছে। কিন্তু সদাচাৰৰ অৰ্থ কি? যদিহে কোনোৱে সদাচাৰ মানে শুদ্ধ বা ভাল বুলি ভাবি লৈছে, তেনে তেওঁ ভুল ধাৰণা লৈছে। সদাচাৰ মানে ভাল কৰ্ম বা ভাল মানুহৰ কৰ্ম নহয়। ইয়াৰ মানে হ’ল ভালে-বেয়াই পৌৰাণিক ৰীতি-নীতি।

যুক্তি আৰু নৈতিকতা সংস্কাৰৰ অস্ত্ৰভাণ্ডাৰৰ দুটা অতিকৈ শক্তিশালী অস্ত্ৰ। এই অস্ত্ৰৰ ব্যৱহাৰৰ পৰা বঞ্চিত কৰা মানে কাৰ্য সম্পাদনৰ বাবে অক্ষম কৰি তোলা। যদিহে মানুহ কোনটো কথা যুক্তিসন্মত বিচাৰ কৰিবলৈ স্বাধীন নহয়, কেনেকৈ আপোনালোকে জাতি ব্যৱস্থা নিপাত কৰিব ? জাতি ব্যৱস্থাৰ চৌপাশ আৱৰি থকা দেৱালখন অতি মজবুত আৰু যি বস্তুৰে এইখন নিৰ্মাণ কৰা হৈছে তাত অভ্ৰভেদী যুক্তি আৰু নৈতিকতাৰ কোনো অৱস্থিতি নাই। এইখন দেৱালৰ ভিতৰত ব্ৰাহ্মণ সেনাই অৱস্থান কৰি আছে যি হ’ল বৌদ্ধিক শ্ৰেণী আৰু হিন্দুৰ স্বাভাৱিক নেতৃত্ব। ব্ৰাহ্মণসকল, যি কেৱল ভেৰোণীয়া সৈনিকেই নহয়, গৃহভূমিৰ হকে যুঁজি থকা সৈনিকো। আপোনালোকে ধাৰণা কৰিব পাৰিছেই নে যে মই কিয় হিন্দুসকলৰ মাজৰ জাতি ব্যৱস্থা নিপাত অসম্ভৱ বুলি কৈছোঁ। জাতি ব্যৱস্থালৈ ভাঙোন আহিবলৈ যুগ যুগ সময় লাগিব। কিন্তু এই কৰ্ম সম্পাদন কৰোঁতে সময়েই লাগক বা সোনকালেই সাধিত হওক, আপোনালোকে পাহৰিব নালাগিব যে যদিহে আপোনালোকে জাতি ব্যৱস্থালৈ ভাঙোন আনিব বিচাৰিছে তেনে আপোনালোকে বেদ আৰু শাস্ত্ৰসমূহৰ ক্ষেত্ৰত বিস্ফোৰক প্ৰয়োগ কৰিব লাগিবই। যি যুক্তি আৰু নৈতিকতাৰ ভূমিকাক অস্বীকাৰ কৰে। আপোনালোকে শ্ৰুতি আৰু স্মৃতি ভিত্তিক ধৰ্মক ধ্বংস কৰিবই লাগিব।

ধৰ্মৰ ধ্বংস বোলোতে মই কি বুজাব খুজিছোঁ কিছুমানে কথাটো বুজি নাপাব পাৰে। কিছুৱে ইয়াক বিদ্ৰোহ বুলিব পাৰে আৰু কিছুৱে বৈপ্লৱিক বুলিব পাৰে। সেয়ে, মোৰ কথাখিনি স্পষ্ট কৰা যাওক। মই নাজানো আপোনালোকে নীতি আৰু নিয়মৰ মাজৰ তফাৎ মানে নে নামানে। কিন্তু মই মানো। নিয়ম ব্যৱহাৰিক, নিয়ম হ’ল স্বাভাৱিকতে নিৰ্দেশ অনুযায়ী কাম কৰাৰ কিছুমান উপায়। কিন্তু নীতি হ’ল বুদ্ধিসংক্ৰান্ত। নীতি হ’ল কোনো বস্তু বা কথা বিচাৰ-বিবেচনা কৰাৰ উপযুক্ত পদ্ধতি। নিয়মে ব্যক্তিক কি ধৰণৰ কৰ্মত প্ৰবৃত্ত হ’ব লাগে তাক কয়। নীতিয়ে কোনো নিৰ্দিষ্ট কৰ্মৰ নিৰ্দেশনা নিদিয়ে। নিয়মে কয় কি কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে। নিয়ম আৰু নীতিৰ এই পাৰ্থক্যই কৰ্মৰ গুণগত আৰু বস্তুগত পাৰ্থক্য নিৰ্ণয় কৰে। ভাল বুলি কোৱা কোনো কাম নিয়মমাফিক কৰা আৰু নীতিৰ ভিত্তিত ভাল কৰা দুটা বেলেগ কথা। নীতি ভুল হ’ব পাৰে কিন্তু নীতিভিত্তি কৰ্ম চেতনাযুক্ত আৰু দায়বদ্ধ। নিয়ম শুদ্ধ হ’ব পাৰে কিন্তু নিয়মমাফিক কৰ্ম যান্ত্ৰিক। ধৰ্মীয় কৰ্ম শুদ্ধ নহ’ব পাৰে কিন্তু ধৰ্মীয় কৰ্ম দায়বদ্ধ হ’বই লাগে। এই দায়বদ্ধতাক অনুমোদন জনাবলৈ ধৰ্ম মূলতঃ নীতিসন্মত কথাই হ’ব লাগিব। ধৰ্ম কেতিয়াও নিয়মৰ কথাহে হ’ব নোৱাৰিব। যেতিয়াই ধৰ্ম নিয়মলৈ পৰ্যবসিত হয়, ই ধৰ্ম হৈ নাথাকেগৈ। কাৰণ ই দায়বদ্ধতাশূন্য হৈ পৰে যিটো ধৰ্মীয় কাৰ্যৰ মূল কথা। এই হিন্দু ধৰ্ম কি ? হিন্দুধৰ্ম এখিনি নীতি নে নিয়ম ? বেদ আৰু স্মৃতিশাস্ত্ৰত থকা মতে হিন্দুধৰ্ম কিছুমান যাগ-যজ্ঞ, সামাজিক, ৰাজনৈতিক আৰু স্বাস্থ্যবিধি সম্পৰ্কীয় বিধি-বিধানৰ বাদে আন একো নহয়। হিন্দুসকলে ধৰ্ম বুলিলে যি বুজে সেয়া অজস্ৰ নিৰ্দেশ আৰু নিষেধ অবিহনে বেলেগ একো নহয়। ধৰ্ম শব্দটো বেদত যিদৰে ব্যৱহাৰ কৰিছে তাৰ অৰ্থ এয়াই যে কিছুমান ধৰ্মীয় বিধি আৰু আচাৰ-অনুষ্ঠানেই ধৰ্ম। সহজ ভাষাত, হিন্দুসকলে যাক ধৰ্ম বুলি কয় সেয়া আচলতে আইনহে, যাক বিধিসন্মত শ্ৰেণী-নৈতিকতাও বুলিব পাৰি। এই বিধি-বিধানসমূহক ধৰ্ম বুলিবলৈ মই অপাৰগ। এই বিধি-বিধানসমূহৰ সৰ্বপ্ৰথম কু-প্ৰভাৱটোৱেই হ’ল ইবিলাকক ধৰ্ম হিচাপে মানুহৰ আগত দাঙি ধৰা হ’ল। মানুহক স্বাধীন নৈতিক জীৱনৰ পৰা বঞ্চিত কৰিলে। ইবিলাকত আদৰ্শৰ প্ৰতি কোনো আনুগত্য নাই, আছে কেৱল আদেশ-নিৰ্দেশৰ প্ৰতিহে। কিন্তু এই বিধি-বিধানসমূহৰ অতিকৈ ঋণাত্মক কথাটোৱেই হ’ল যে ইয়াত সন্নিবিষ্ট আইন-কানুন অতীত, বৰ্তমান আৰু ভৱিষ্যতেও একেই থাকিব। ইবিলাক ইমান ন্যায়ৰহিত যে একেখিনি বিধি-বিধানেই প্ৰতিটো শ্ৰেণীৰ বাবে একে নহয়। কিন্তু এই অন্যায়ক যুগমীয়া কৰিবলৈ প্ৰতিটো প্ৰজন্মৰ বাবে ইয়াক নিদান হিচাপে দিয়া হৈছে। আপত্তিজনক কথাটো হ’ল এই নিয়মক চূড়ান্ত আৰু স্থায়ী বৈশিষ্ট্য প্ৰদান কৰা হৈছে। ব্যক্তিৰ অৱস্থা আৰু পৰিস্থিতিৰ লগে লগে সুখ-সন্তোষৰো পৰিৱৰ্তন ঘটে আৰু বিভিন্ন মানুহ তথা সময়ৰো পৰিৱৰ্তন ঘটে। সেইটোৱেই কথা হ’লে, মানৱ জাতিয়ে সনাতন বিধি-বিধান কেনেকৈ মানি চলিব? সেয়েহে, মই ক’বলৈ কুণ্ঠাবোধ নকৰো যে এনেকুৱা এটা ধৰ্মৰ অৱসান ঘটাবই লাগিব আৰু এনেকুৱা এটা ধৰ্মৰ অৱসানৰ কামত ব্ৰতী হোৱাটো অধৰ্ম নহয়। এইটো এটা জৰুৰী পদক্ষেপ। যেতিয়া মানুহৰ মনৰ পৰা এই ভুল ধাৰণা নাইকিয়া হ’ব আৰু মানুহে উপলব্ধি কৰিব যে তেওঁলোকে যিটোক ধৰ্ম বুলি কৈছে সেইটো ধৰ্ম নহয়, বৰঞ্চ আইনহে তেতিয়া আপোনালোকে ইয়াক সংশোধন বা নিঃশেষ কৰিব পৰাৰ এক অৱস্থাত উপনীত হ’ব। যিমান দিনলৈ মানুহে ইয়াক ধৰ্ম বুলি মানি চলিব মানুহ কোনো পৰিৱৰ্তনৰ বাবে প্ৰস্তুত নহ’ব, কাৰণ ধৰ্মৰ ধাৰণাটোৱেই হ’ল পৰিৱৰ্তনৰ স’তে খাপ নোখোৱা। কিন্তু আইনৰ ধাৰণা পৰিৱৰ্তনৰ ধাৰণাৰ স’তে ৰজিতা খায় আৰু মানুহে যেতিয়া জানিব যে ধৰ্ম বুলি কৈ থকাটো আচলতে প্ৰাচীন আইনহে, তেতিয়া মানুহ পৰিৱৰ্তনৰ বাবে প্ৰস্তুত হ’ব যিহেতু মানুহে জানে আৰু মানি লয় যে আইন সলনি কৰিব পাৰি।

নিয়মসৰ্বস্ব ধৰ্মক মই গৰিহণা দিয়া মানে মোৰ মতক এনেকৈ বুজিব নালাগিব যে মই ধৰ্মৰ প্ৰয়োজনীয়তা নুই কৰিছোঁ। অন্যহাতে, মই আইৰিচ ৰাজনীতিজ্ঞ এডমাণ্ড বাৰ্কৰ স’তে সহমত পোষণ কৰোঁ। তেওঁ কৈছিল, “প্ৰকৃত ধৰ্ম হ’ল সমাজৰ বুনিয়াদ, যিটোৰ ভিত্তিত সকলো প্ৰকৃত গণতান্ত্ৰিক চৰকাৰ নিৰ্ভৰশীল।” মই যেতিয়া এই প্ৰাচীন নিয়মবোৰ বাতিল কৰিবলৈ কওঁ, মই এই প্ৰত্যাশাৰে কওঁ যে ইবিলাক নিয়মৰ ঠাই নীতিভিত্তিক ধৰ্মই ল’ব, যিটোৱে প্ৰকৃত ধৰ্ম বুলি দাবী কৰিব পাৰিব। আচলতে ধৰ্মৰ প্ৰয়োজনীয়তাৰ কথা মই ইমান গভীৰভাৱে বিশ্বাস কৰোঁ যে ধৰ্মীয় সংস্কাৰৰ বাবে প্ৰয়োজনীয় কথাবিলাক কি হ’ব তাক থুলমূলকৈ ক’ব বিচাৰোঁ। মোৰ মতে ধৰ্মীয় সংস্কাৰৰ বাবে নিম্নোল্লিখিত কথাকেইটাই মুখ্য হোৱা উচিত : [1] হিন্দুধৰ্মৰ এখনেই সৰ্বজনগ্ৰাহ্য পুথি থকা উচিত যিখনক সকলো হিন্দুৱে মানি চলিব। ইয়াৰ মানে : বেদ, স্মৃতি, পুৰাণ আদি পৱিত্ৰ আৰু কতৃৰ্ত্বশীল পুথিসমূহ বিধিসন্মতভাৱে বাতিল কৰিব লাগে। এই পুথিসমূহত থকা ধৰ্মীয় আৰু সামাজিক বিধি-বিধানসমূহৰ প্ৰচাৰ কৰিলে দণ্ড বিহিব লাগে। [2] হিন্দুসকলৰ মাজত থকা পুৰোহিতালি নাশ হোৱাটো উচিত আছিল। কিন্তু এইটো যিহেতু অসম্ভৱ, সেয়ে পুৰোহিতালি বংশগত হ’ব নালাগিব। প্ৰতিজন হিন্দুৱেই পুৰোহিতৰ দায়িত্ব পালন কৰিবলৈ যোগ্য বিবেচিত হ’ব লাগিব৷শ। আইনীভাৱে এই ব্যৱস্থা কৰিব লাগে যে ৰাষ্ট্ৰ নিৰ্ধাৰিত এটা পৰীক্ষাত উত্তীৰ্ণ নহ’লে কোনো হিন্দুক পুৰোহিত বুলিব পৰা নাযাব আৰু ৰাষ্ট্ৰ প্ৰদত্ত প্ৰমাণ-পত্ৰ লৈহে পুৰোহিতৰ দায়িত্ব পালন কৰিব পৰিব। [3] প্ৰমাণ-পত্ৰবিহীন পুৰোহিতে সম্পন্ন কৰা কোনো অনুষ্ঠান বৈধ বুলি গণ্য কৰা নহ’ব আৰু প্ৰমাণ-পত্ৰবিহীনভাৱে পুৰোহিতৰ কাৰ্য কৰা এজন ব্যক্তিক জৰিমনা বিহা হ’ব। [4] পুৰোহিত এজন ৰাষ্ট্ৰৰ সেৱক হ’ব লাগিব আৰু তাৰ নৈতিকতা, বিশ্বাস, উপাসনা সম্পৰ্কীয় কথাবিলাক ৰাষ্ট্ৰৰ নিয়মৰ অধীন হ’ব লাগিব। লগতে দেশৰ অন্যান্য নাগৰিকৰ দৰে তেৱোঁ সাধাৰণ আইন-কানুনৰ অধীন হ’ব লাগিব। [5] ৰাষ্ট্ৰৰ প্ৰয়োজন অনুসাৰে আইনৰ দ্বাৰা পুৰোহিতৰ সংখ্যা সীমিত কৰিব লাগে। এনে চিন্তা মৌলিক যেন লাগিব পৰে। কিন্তু ইয়াত একো বৈপ্লৱিক কথা-বতৰা নাই। ভাৰতত প্ৰতিটো বৃত্তিয়েই বিধিগত নিয়ন্ত্ৰণ থাকে। নিজৰ বৃত্তিত ব্ৰতী হোৱাৰ আগতে অভিযন্তা-চিকিৎসক-উকিল সকলোৱে দক্ষতা দেখুৱাবই লাগিব। বৃত্তিগত জীৱন কালত সকলোৱে দেশৰ আইন-কানুন মানি চলাই নহয় তেওঁলোক জড়িত থকা বৃত্তিবোৰৰ নীতিসমূহো পালন কৰিব লাগে। একমাত্ৰ পুৰোহিতৰ বৃত্তিতহে দক্ষতাৰ স্থান নাই। হিন্দুৰ পুৰোহিতৰ বৃত্তিটোহে এনেকুৱা এটা বৃত্তি যি কোনো নীতি-নিয়মৰ অধীন নহয়। এজন পুৰোহিত বুৰ্বক হ’ব পাৰে, শাৰীৰিকভাৱে ছিফিলিচৰ দৰে কোনো জটিল ৰোগত আক্ৰন্ত হ’ব পাৰে, নৈতিকভাৱে দেউলীয়া হ’ব পাৰে; কিন্তু সেইজনেই মন্দিৰত দেৱতা পূজাৰ পৱিত্ৰ অনুষ্ঠান পৰিচালনা কৰিবলৈ যোগ্য হয়। এনেকুৱা হিন্দু সমাজতহে সম্ভৱ হ’ব পাৰে, কাৰণ পুৰোহিত এজনৰ বাবে পুৰোহিত জাতিত জন্ম ল’লেই যথেষ্ট। গোটেই কথাবোৰেই ঘৃণনীয় আৰু ইয়াৰ কাৰণ হ’ল হিন্দুৰ পুৰোহিত শ্ৰেণীটো কোনো আইন তথা নৈতিকতাৰ অধীন নহয়। ই কোনো কৰ্তব্যক স্বীকাৰ নকৰে। ই কেৱল অধিকাৰ আৰু বিশেষ সুবিধাৰ কথাহে জানে। এয়া এক মহামাৰী যিটো সৰ্বশক্তিমানজনে হিন্দুসকলৰ মাজত মানসিক আৰু নৈতিক অৱক্ষয়ৰ বাবে মেলি দিয়া যেন লাগে। পুৰোহিত শ্ৰেণীটোক মই কোৱা ধৰণৰ কিছুমান বিধি-বিধানৰ অধীনলৈ আনিবই লাগিব। এনে কাৰ্যই পুৰোহিত শ্ৰেণীটোক বেয়া কৰ্ম কৰাত বাধা প্ৰদান কৰাৰ লগতে মানুহক বিপথে পৰিচালিত কৰাৰ পৰাও বিৰত ৰাখিব। এনে কাৰ্যই হিন্দু সমাজক গণতান্ত্ৰিক কৰি তুলিব। ব্ৰাহ্মণ্যবাদক নিশ্চিতভাৱে নিঃশেষ কৰাৰ লগতে জাতি ব্যৱস্থাকো নিপাত কৰিব যিটো ব্ৰাহ্মণ্যবাদৰে এক অৱতাৰস্বৰূপ। ব্ৰাহ্মণ্যবাদ হ’ল বিহ যি হিন্দুধৰ্মক নষ্ট কৰি পেলালে। আপোনালোকে ব্ৰাহ্মণ্যবাদক নিঃশেষ কৰিলেহে হিন্দুধৰ্মক ৰক্ষা কৰিব পাৰিব। এই সংস্কাৰৰ বিৰোধ কোনো শিবিৰৰ পৰা হোৱা অনুচিত। আনকি আৰ্যসমাজীসকলেও এই সংস্কাৰক আদৰণি জনোৱা উচিত, কাৰণ এয়া তেওঁলোকৰে নীতি, গুণ আৰু কৰ্মৰ প্ৰয়োগহে।

আপোনালোকে যিয়েই কৰক বা নকৰক, আপোনালোকৰ ধৰ্মক এক নতুন মতাদৰ্শগত ভিত্তি প্ৰদান কৰিবই লাগিব- যি স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধৰ স’তে সামঞ্জস্যপূৰ্ণ হ’ব। এনেকুৱা ধৰ্ম নীতিৰ ভিত্তি গঢ়িবলৈ আপোনালোকে বিদেশৰ পৰা একো ধাৰ কৰাৰ প্ৰয়োজন নাই। উপনিষদৰ পৰাই এই নীতিসমূহ আহৰণ কৰিব পাৰে। সম্পূৰ্ণ পুনঃগঠন অবিহনেও এই ভিত্তি গঢ়িব পাৰি। অৱশ্যে মই কোৱাতকৈও অধিক গুৰুত্বপূৰ্ণ সাল-সলনি কৰিব লাগিব। ইয়াৰ মানে হ’ল, জীৱনৰ মৌলিক ধাৰণাৰ সাৰ্বিক পৰিৱৰ্তন। ইয়াৰ মানে হ’ল জীৱনৰ প্ৰমূল্যৰ সামগ্ৰিক পৰিৱৰ্তন। ইয়াৰ অৰ্থ হ’ল মানুহ আৰু জগত সম্পৰ্কে দৃষ্টিভংগী আৰু মনোভাৱৰ সম্পূৰ্ণ পৰিৱৰ্তন। ইয়াৰ মানে হ’ল ধৰ্মান্তৰকৰণ; কিন্তু যদিহে আপোনালোকে এই শব্দটো ভাল নাপায়, মই কওঁ, ইয়াৰ মানে নতুন জীৱন। কিন্তু নতুন জীৱনে এটা মৃত দেহত প্ৰাণ পাব নোৱাৰে। নতুন জীৱনে এটা নতুন দেহতহে প্ৰাণ পাব পাৰে। নতুন দেহৰ অৱস্থিতিৰ বাবে পুৰণি দেহৰ মৃত্যু অনিবাৰ্য আৰু তেতিয়াহে নতুন জীৱনে প্ৰাণ পাব পাৰে। সৰলভাৱে ক’বলৈ গ’লে, নতুন প্ৰাণৱন্ত হ’বলৈ আৰম্ভ কৰাৰ আগতে পুৰণিৰ সক্ৰিয়তা শেষ হ’বই লাগিব। মোৰ কথাৰ অৰ্থ এয়াই আছিল যেতিয়া মই আপোনালোকক শাস্ত্ৰৰ কতৃৰ্ত্ব বাতিল কৰিবই লাগিব আৰু শাস্ত্ৰসৰ্বস্ব ধৰ্ম ধ্বংস কৰিব লাগিব বুলিছিলোঁ।

মই আপোনালোকৰ বহু সময় ল’লোঁ। মোৰ কথা শেষ কৰাৰ সময় হৈ গ’ল। এইখিনিতে মই ৰ’বলৈ পোৱা হ’লে ভাল হ’লহেঁতেন। কিন্তু সম্ভৱতঃ হিন্দুসকলৰ গুৰুত্বপূৰ্ণ প্ৰসংগ এটা সম্পৰ্কত এইটোৱেই মোৰ হিন্দু দৰ্শকৰ আগত অন্তিমটো ভাষণ। সেয়েহে, শেষ কৰাৰ আগতে হিন্দুসকলৰ সমুখত মই কেইটামান প্ৰশ্ন উত্থাপন কৰিবলৈ ভাল পাম, যিকেইটাক মই গুৰুত্বপূৰ্ণ বুলি ভাবিছোঁ আৰু হিন্দুসকলক বিবেচনা কৰিবলৈ আহ্বান জনালোঁ।
সৰ্বপ্ৰথমে, হিন্দুসকলে বিবেচনা লাগিব নৃতত্ত্ববিদসকলৰ মত গ্ৰহণ কৰিব নে যে বিশ্বাস, ৰীতি-নীতি, নৈতিকতা আৰু দৃষ্টিভংগী সন্দৰ্ভত কোনো নৃতাত্ত্বিক ধাৰণা নাই। যি পৃথিৱীৰ বিভিন্ন মানুহৰ মাজত বিদ্যমান সত্ত্বেও তেওঁলোকৰ মাজত মিল নাথাকে; বা, কি ধৰণৰ নৈতিকতা, বিশ্বাস, ৰীতি-নীতি আৰু দৃষ্টিভংগীয়ে অতি সুন্দৰ ফল দেখুৱাইছে তাক বিচাৰি উলিয়াবলৈ চেষ্টা কৰাটো প্ৰয়োজন নে, যি এইবিলাকৰ গৰাকীক তেওঁলোকৰ প্ৰগতি, সবলীকৰণ আৰু আধিপত্য প্ৰতিষ্ঠা কৰোৱাত সফল হৈছে।

নৈতিকতা আৰু ধৰ্ম কেৱল পছন্দ আৰু অপছন্দৰ কথা নহয়। আপুনি যি ধৰণৰ নৈতিকতা পছন্দ নকৰে, সেইটোকে যদিহে এখন দেশত সাৰ্বজনীনভাৱে মানি চলা হয় সেই দেশখনক পৃথিৱীৰ বুকুত সবাতোকৈ শক্তিশালী দেশ হিচাপে গঢ়িব পাৰে। আপুনি বেয়া পোৱা সত্ত্বেও এনে এখন দেশ শক্তিশালী হ’ব পাৰে। আনহাতে, আপোনাৰ পছন্দৰ নৈতিকতা আৰু ন্যায়ৰ এক আদৰ্শক, যদিহে এখন দেশত সাৰ্বজনীনভাৱে মানি চলে, তেনে দেশখনক আগুৱাই নিয়াত সফল নহ’ব পাৰে। অৱশেষত আপোনাৰ নৈতিকতা আৰু আদৰ্শ জীৱন সত্ত্বেও দেশ এখন অন্তৰ্হিত হ’ব। সেয়ে, হিন্দুসকলে নিজ স্বাৰ্থৰ খাতিৰতে নিজ ধৰ্ম আৰু নৈতিকতাক প্ৰশ্ন কৰিব লাগিব। দ্বিতীয়তে, হিন্দুসকলে বিবেচনা কৰিব লাগিব যে তেওঁলোকৰ সমস্ত সামাজিক ঐতিহ্য ৰক্ষা কৰি চলিব নে যোগাত্মক বিলাকহে বাছি ল’ব আৰু ভৱিষ্যৎ প্ৰজন্মলৈ সঞ্চাৰিত কৰিব। তৃতীয়তে, হিন্দুসকলে বিবেচনা কৰিব লাগিব যে তেওঁলোকে অতীজক ইয়াৰ আদৰ্শৰ ভিত্তি বুলি উপাসনা কৰিব নে নাই। যি নীতিয়ে বৰ্তমানৰ জীৱন যাপন আৰু সমৃদ্ধিত অৰিহণা নোযোগায়, বৰ্তমানক তৰাং আৰু ভৱিষ্যতক সুদূৰ বুলি গণ্য কৰে। এনে এক নীতি প্ৰগতি বিৰুদ্ধ হোৱাৰ উপৰি জীৱনৰ সৱল আৰু সুদৃঢ় প্ৰবাহৰ বাবে অন্তৰায়। চতুৰ্থতে, হিন্দুসকলে বিবেচনা কৰিব লাগিব: তেওঁলোকে মানি লোৱাৰ উপযুক্ত সময় হোৱা নাই নে যে স্থায়ী, যুগমীয়া, সনাতন বুলি একো নাই; সকলোৱেই পৰিৱৰ্তিত অৱস্থাত আছে, পৰিৱৰ্তনেই ব্যক্তি আৰু সমাজ জীৱনৰ নিয়ম। পৰিৱৰ্তনশীল সমাজ এখনত প্ৰাচীন প্ৰমূল্যৰ অবিৰত বিপ্লৱ চলি থাকিব লাগিব আৰু হিন্দুসকলে মানি ল’বই লাগিব যে যদিহে মানুহৰ কৰ্মৰ মানদণ্ড বিচাৰৰ মাপ-কাঠি থাকিবই লাগে, তেনে সেই মানদণ্ডক সংশোধন কৰিবলৈও সাজু থাকিব লাগিব।

মই স্বীকাৰ কৰিবই লাগিব যে এই ভাষণ যথেষ্ট দীঘলীয়া হৈছে। ইয়াৰ বাবে মোৰ ক্ষতিপূৰণ কি হ’ব তাক আপোনালোকে বিচাৰ কৰিব। মই মোৰ ধ্যান-ধাৰণা সাৱলীলভাৱে প্ৰকাশ কৰিলোঁ। জাত-পাত টোড়ক মণ্ডলক মোৰ পৰামৰ্শ দিবলৈ একো নাই, কিন্তু অধ্যয়ন আৰু গভীৰ চিন্তনেই আপোনালোকৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব। এই দৃষ্টিভংগী এনে এজন মানুহৰ মতামত, যাৰ কোনো শক্তি-ক্ষমতা নাই। যাৰ সমস্ত ৰাজহুৱা কাৰ্য-কৰ্ম দৰিদ্ৰ আৰু শোষিতৰ মুক্তিৰ বাবে। ৰাষ্ট্ৰীয় সাংবাদিক আৰু নেতাৰ পৰা যি পুৰস্কাৰ হিচাপে পাইছে সেয়া কেৱল ধাৰাসাৰ নিন্দা আৰু গালি-গালাজ। কাৰণটো বেলেগ একো নহয়, তেওঁলোকে অলৌকিক ঘটনা সংঘটিত কৰাৰ কামফেৰাত মই যোগদান নাই কৰা। মই স্বেচ্চাচাৰীৰ স্বৰ্ণৰে শোষিতক মুক্ত কৰাৰ কথা আৰু ধনীৰ টকাৰে দৰিদ্ৰক উন্নত কৰাৰ দৰে চলনাময় কথা নকওঁ। মোৰ দৃষ্টিভংগীৰ পক্ষত মই যথেষ্ট যুক্তি-তথ্য দাঙি ধৰিলোঁ। এইবিলাকে আপোনালোকৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন কৰাৰ সম্ভাৱনা নাই। কিন্তু, আপোনালোকে কৰে নে নকৰে, তাৰ দায়িত্ব সম্পূৰ্ণৰূপে আপোনালোকৰ ওপৰত। আপোনালোকে জাতি ব্যৱস্থা সমূলঞ্চে নাশ কৰিবলৈ প্ৰচেষ্টা চলাবই লাগিব। যদিহে মই কোৱা ধৰণে নহয়, তেনে আপোনালোকৰ নিজৰ ধৰণে। মই দুঃখিত, মই আপোনালোকৰ লগত নাথাকিম। মই এটা বেলেগ সিদ্ধান্ত লৈছোঁ। যিটোৰ পক্ষত যুক্তি দৰ্শাই থকাৰ বাবে এই ঠাই সঠিক নহয়। কিন্তু যদিওবা মই আপোনালোকৰ পৰা আঁতৰি যাম, মই আপোনালোকৰ কৰ্ম-কাণ্ড লক্ষ্য কৰি থাকিম। আৰু সদৰ্থক কামত মই আপোনালোকক মোৰ সহযোগ আগবঢ়াই যাম। আপোনালোকৰ এটা জাতীয় দায়িত্ব আছে। নিঃসন্দেহে হিন্দুসকলৰ বাবে জাত-পাত শ্বাস-প্ৰশ্বাসৰ দৰে। কিন্তু হিন্দুসকলে বায়ু দূষিত কৰি পেলালে আৰু শিখ, মুছলমান আৰু খ্ৰীষ্টানো আক্ৰান্ত হৈছে। সেয়েহে, আপোনালোকে জাত-পাতৰ সংক্ৰমণত ভোগা সকলোৰে পৰা সমৰ্থন দাবী কৰিব পাৰে। আপোনালোকৰ লক্ষ্য স্বাধীনতা প্ৰাপ্তিৰ লক্ষ্যতকৈও কঠিন। স্বাধীনতাৰ বাবে যুঁজোতে সমগ্ৰ দেশেই আপোনালোকৰ স’তে আছে। কিন্তু জাতি ব্যৱস্থাৰ বিৰুদ্ধে যুঁজোতে গোটেই দেশ তথা নিজৰ মানুহৰ বিৰুদ্ধে যুঁজিব লাগিব। তত্ৰাচ এইখন যুঁজ স্বাধীনতাৰ যুঁজতকৈ গুৰুত্বপূৰ্ণ। সেই স্বাধীনতা অৰ্থহীন, যদিহে ইয়াক ৰক্ষা কৰিব পৰা নাযায়। স্বাধীনতা ৰক্ষা কৰাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সেই স্বাধীনতাৰ তলত হিন্দুসকলক সুৰক্ষা প্ৰদান কৰাটো। মোৰ মত হ’ল: হিন্দুৰ সমাজ যেতিয়া জাত-পাতহীন হ’ব তেতিয়াহে হিন্দুসকলে নিজকে সুৰক্ষা দিবলৈ সক্ষম হ’ব। এই আন্তৰিক সক্ষমতা অবিহনে, হিন্দুসকলৰ ৰাজনৈতিক স্বাধীনতা দাসত্বৰ দিশে এখোজ পৰিগণিত হ’ব। অৱশেষত আপোনালোকৰ সফলতা কামনা কৰি মই সামৰণি মাৰিলোঁ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *