অনুবাদপ্ৰবন্ধ

ভাৰতৰ ৰাষ্ট্ৰদ্ৰোহ দমন আইন আৰু কঠোৰ হৈছে নেকি?— (মূল অমিতাভ ভট্টশালী, অনুবাদ: কিশোৰ শৰ্মা)

ভাৰত চৰকাৰে ব্ৰিটিছ আমোলৰ ৰাষ্ট্ৰদ্ৰোহ আইন বাতিল কৰি নতুন ৰাষ্ট্ৰদ্ৰোহ আইন প্ৰৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছে। যি দৰে প্ৰস্তাৱিত আইনখনত ৰাষ্ট্ৰদ্ৰোহৰ সংজ্ঞা বৰ্তমানৰ আইনখনৰ তুলনাত বহুখিনি সম্প্ৰসাৰিত হৈছে, তেনেদৰে নূন্যতম শাস্তিৰ সময়সীমাও বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

কেৱল মাত্ৰ ৰাষ্ট্ৰদ্ৰোহ দমন আইনখনেই যে সলনি কৰাৰ কথা কোৱা হৈছে, এনে নহয়। সংসদত দাখিল কৰা বিধেয়কসমূহত ভাৰতৰ ফৌজদাৰী (অপৰাধমূলক ন্যায়) বিচাৰ প্ৰক্ৰিয়াতো পৰিৱৰ্তন অনাৰ কথা কোৱা হৈছে।

অৱশ্যে আটাইতকৈ বেছি ৰাষ্ট্ৰদ্ৰোহ সংক্ৰান্তীয় আইন পৰিৱৰ্তনক লৈহে আলোচনা হৈছে।

চলিত ৰাষ্ট্ৰদ্ৰোহ দমন আইনৰ কাৰণে বাক্-স্বাধীনতা ক্ষুণ্ণ হৈছিল বুলি চৰকাৰে যুক্তি আগবঢ়ালেও আইনজীৱীসকলে মন কৰিছে যে প্ৰস্তাৱিত আইনখনত সেই স্বাধীনতা আৰু বেছি খৰ্ব হোৱাৰহে আশংকা আছে । তেওঁলোকৰ মতে, প্ৰস্তাৱিত ৰাষ্ট্ৰদ্ৰোহ সংক্ৰান্তীয় আইনখন অধিক কঠোৰ।

বৰ্তমানৰ ৰাষ্ট্ৰদ্ৰোহ দমন আইনৰ যে অপব্যৱহাৰ হৈছে, সেয়া কেবাটাও গোচৰৰ ৰায়ত স্পষ্টহৈ উঠিছে লগতে কেন্দ্রীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাত এই কথা জনাইছিল।

ইয়াৰ পাছতে যোৱা বছৰ ভাৰতৰ তদানীন্তন মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠৰ নিৰ্দেশ মৰ্মে যেতিয়ালৈকে চৰকাৰে ৰাষ্ট্ৰদ্ৰোহ আইনখনৰ পুনৰ্বিবেচনাৰ কাম শেষ নকৰে তেতিয়ালৈকে এই আইনৰ অধীনত সকলো বিচাৰাধীন গোচৰ, আপীল আৰু সকলো আইনী কাৰ্য্যবিধি স্থগিত ৰখা হৈছিল ।

লগতে উচ্চতম ন্যায়ালয়ৰ সেইখন বিচাৰপীঠে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক বৰ্তমানৰ ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত নতুনকৈ গোচৰ ৰুজু কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছিল ।

হঠাৎ সংসদত নতুন আইন দাখিল

ৰাষ্ট্ৰদ্ৰোহ আইন সন্দৰ্ভত আলোচনা অব্যাহত থকাৰ সময়তে গৃহমন্ত্ৰী অমিত শ্বাহে কিছু অপ্ৰত্যাশিত ভাবেই সংসদৰ বৰ্ষাকালীন অধিবেশনৰ অন্তিম দিনটোত তিনিখন বিধেয়ক উত্থাপন কৰে, য’ত ইণ্ডিয়ান পেনেল কোড বা আই পি চি, ক্ৰিমিনেল প্ৰসিডিউৰ কোড বা চি আৰ পি চি আৰু ইণ্ডিয়ান এভিডেঞ্চ এক্ট ౼ এই তিনিখন আইনৰ সলনি নতুন তিনিখন আইন অনাৰ কথা কোৱা হৈছে । শ্ৰীযুত শ্বাহে দাখিল কৰা বিধেয়ক অনুসৰি ভাৰতীয় দণ্ডবিধিৰ নাম সলনি হৈ সেইটো হ’বলৈ গৈ আছে ভাৰতীয় ন্যায় সংহিতা, ক্ৰিমিনেল প্ৰচিডিউৰ ডিউৰ কোডৰ নাম হ’ব ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ইণ্ডিয়ান এভিডেঞ্চ এক্টৰ প্ৰস্তাৱিত নতুন নাম হ’ব ভাৰতীয় সাক্ষ্য অধিনিয়ম।

ফৌজদাৰী মোকৰ্দমাৰ বিচাৰ প্ৰক্ৰিয়া, সাক্ষ্য গ্ৰহণ আৰু শাস্তিৰ ম্যাদ সকলো নিৰ্ভৰ কৰে আইপিচি, চিআৰপিচি হয় আৰু এভিডেঞ্চ এক্টৰ ওপৰত।

নতুন নামেৰে আইন সমূহ অনাৰ বাবে বিধেয়কখন উত্থাপন কৰাৰ পাছতেই বিধেয়কখন নিৰ্বাচিত সমিতিলৈ প্ৰেৰণ কৰিছে, যাতে বিস্তাৰিত আলোচনাৰ অন্তত পুনৰ সংসদলৈ আনিব পৰা যায়।

অত বছৰে ভাৰতত ‘দেশদ্ৰোহ’ বা ‘ৰাষ্ট্ৰদ্ৰোহ’ৰ দৰে অপৰাধৰ বিচাৰ আৰু শাস্তিৰ ক্ষেত্ৰত বৰ্তমানৰ ভাৰতীয় ফৌজদাৰী দণ্ডবিধিৰ ১২৪এ ধাৰা ব্যৱহাৰ কৰি অহা হৈছিল ।

আইন সলনি কৰাৰ কাৰণ কি?

সংসদত এই সংশোধনীৰ পোষকতা কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “বাতিল কৰা সকলো আইন ব্ৰিটিছ প্ৰশাসনক সুৰক্ষা আৰু শক্তিশালী কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। মূল ধাৰণা আছিল শাস্তি দিয়াৰ, ন্যায় বিচাৰ কৰা নহয়। সেই আইনসমূহৰ ঠাইত যি তিনিখন নতুন আইন প্ৰৱৰ্তন কৰা হৈছে, তাৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ কথাই ভবা হৈছে।”

লগতে তেওঁ আৰু কয়, “লক্ষ্যটো শাস্তি দিয়া নহয়, ন্যায় বিচাৰ কৰাহে । অপৰাধ বন্ধ কৰাৰ প্ৰৱণতা গঢ়ি তুলিবলৈ শাস্তি প্ৰদান কৰা হ’ব।”

ব্ৰিটিছ আমোলৰ যিবোৰ আইন প্ৰত্যাহাৰ কৰি নতুন আইনৰ প্ৰস্তাৱ দিয়া হৈছে, তাৰ ভিতৰত আটাইতকৈ বেছি আলোচিত হৈছে ৰাষ্ট্ৰদ্ৰোহ দমন আইনখনৰ পৰিৱৰ্তনকলৈ ।

ৰাষ্ট্ৰদ্ৰোহৰ সংজ্ঞা সলনি

প্ৰস্তাৱিত নতুন আইনখনত ৰাষ্ট্ৰদ্ৰোহৰ বিষয়টো সংহিতাৰ ১৫০ নং ধাৰাৰ অন্তৰ্গত ।

বৰ্তমানৰ আইনখনত ৰাষ্ট্ৰদ্ৰোহৰ যি সংজ্ঞা আছে, তাতকৈ প্ৰস্তাৱিত আইনখনত সংজ্ঞাটি অধিক দীঘলীয়া হৈছে। ইয়াত ৰাষ্ট্ৰদ্ৰোহৰ সংজ্ঞা দিওঁতে কোৱা হৈছে যে কোনো ব্যক্তিয়ে যদি “জানি-বুজিয়েই, মুখেৰে বা লিখিতভাৱে অথবা কোনো আকাৰ ইংগিতেৰে বা ইলেক্ট্ৰনিক মাধ্যমত বা অৰ্থনৈতিক ভাবে অথবা যিকোনো উপায়েৰে উত্তেজনা সৃষ্টিৰ চেষ্টা কৰে, বিচ্ছিন্নতাবাদী কাৰ্যকলাপ, সশস্ত্ৰ বিদ্ৰোহ বা অন্তৰ্ঘাতমূলক কোনো কাম কৰে, যিটো ভাৰতৰ ঐক্য, সাৰ্বভৌমত্ব বা অখণ্ডতাৰ বাবে বিপদ হৈ উঠিব পাৰে” এনে অপৰাধৰ বাবে নূন্যতম সাত বছৰৰ শাস্তি আৰু সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড।

প্ৰস্তাৱিত আইনখনত ৰাষ্ট্ৰদোহৰ সংজ্ঞাত যিবোৰ শব্দ যোগ কৰা হৈছে, তাৰ ভিতৰত উল্লেখযোগ্য শব্দসমূহ হৈছে ‘বিচ্ছিন্নতা’, ‘সশস্ত্ৰ বিদ্ৰোহ’, অন্তৰ্ঘাতমূলক কাৰ্য’, ইত্যাদি।

বৰ্তমান যি ৰাষ্ট্ৰদ্ৰোহ আইন চলি আছে তাতেও যাৱজ্জীৱন কাৰাদণ্ড বা তিনি বছৰৰ কাৰাদণ্ডৰ কথা আছে লগতে অপৰাধীৰ জৰিমনাও হ’ব পাৰে।

এজন দোষমুক্ত ‘দেশদ্ৰোহীৰ’ মতামত

কলিকতাৰ মানৱ অধিকাৰ কৰ্মী প্ৰসূণ চেটাৰ্জীক বৰ্তমানৰ ৰাষ্ট্ৰদ্ৰোহ আইন অনুসৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে মাওবাদীৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। দহ বছৰৰ কাৰাদণ্ডৰ অন্তত তেওঁক দোষমুক্ত কৰা হৈছিল।

শ্ৰীযুত চেটাৰ্জীয়ে কৈছিল, “নতুন আইনখনৰ বিষয়ে মই যিখিনি পঢ়িলোঁ, তাতে মোক যিখন আইনৰ অধীনত শাস্তি দিয়া হৈছিল, সেই আইনখনত নূন্যতম তিনি বছৰৰ শাস্তিৰ কথা আছিল, এই আইনখনত ইয়াক সাত বছৰ কৰা হৈছে, লগতে জৰিমনাৰ কথাও কোৱা হৈছে, যিটো বৰ্তমানৰ আইনখনতো আছে। যাৱজ্জীৱন কাৰাদণ্ড আগৰ আইনখনতো আছিল, যিটো মোক দিয়া হৈছিল আৰু সেইটোৱেই হৈছে প্ৰস্তাৱিত আইনখনৰ সৰ্বোচ্চ শাস্তি।’’

 চেটাৰ্জীয়ে কৈছিল যে “এইটো গৰম কেৰাহীৰ পৰা জলন্ত আঙঠাত জপিওৱাৰ দৰে বিষয় ।”

ৰাষ্ট্ৰদ্ৰোহ আইন বাতিল কৰা হোৱা নাই

প্ৰসুন চেটাৰ্জীয়ে আৰু জনাইছিল যে, চলিত ৰাষ্ট্ৰদ্ৰোহ আইনখনত যিবোৰ ধাৰা আছে সেইবোৰক প্ৰত্যাহাৰ কৰাৰ কথা কোৱা হৈছে যদিও সন্ত্ৰাস দমন আইন বা ইউ এ পি এ ৰ সকলো ধাৰা এতিয়াও কাৰ্যকৰী হৈ আছে। সেইবোৰৰ কোনো পৰিৱৰ্তনৰ কথা কোৱা হোৱা নাই। এই মানৱ অধিকাৰ কৰ্মী প্ৰসুন চেটাৰ্জীয়ে জনাইছে যে ’’বৰ্তমানৰ আই পি চিৰ মতে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ যিজন ব্যক্তিয়ে উত্থাপন কৰে সেইজন ব্যক্তিয়েই অভিযোগ প্ৰমাণ কৰিব লাগিব, কিন্তু সন্ত্ৰাসবাদ দমন আইন অনুসৰি নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰাৰ দায়িত্ব অভিযুক্তৰ ওপৰত থাকে।

সংসদ আৰু উচ্চতম ন্যায়ালয়ৰ সদস্য তথা কলিকতা উচ্চ ন্যায়ালয়ৰ আইনজীৱী বিকাশ ৰঞ্জন ভট্টাচাৰ্যই কৈছিল, ‘ৰাষ্ট্ৰদ্ৰোহ আইন প্ৰত্যাহাৰ কৰা হৈছে বুলি কোৱা হৈছে, কিন্তু সেয়া নহয়। ইয়াৰ বিপৰীতে অধিক কঠোৰ আইন প্ৰণয়ন কৰা হৈছে। প্ৰস্তাৱিত আইন অনুসৰি চৰকাৰৰ বিৰুদ্ধে কোনো আন্দোলন, কোনো প্ৰতিবাদ কৰিব নোৱাৰিব। সকলো ৰাষ্ট্ৰদ্ৰোহৰ আওতালৈ আহিব।”

দেশদ্ৰোহ আইনৰ অপব্যৱহাৰ

মানৱ অধিকাৰ কৰ্মী আৰু বিভিন্ন উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে দীৰ্ঘদিন ধৰি ব্ৰিটিছ আমোলৰ দেশদ্ৰোহৰ আইন পুনৰ্বিবেচনাৰ কথা কৈ আহিছে। মানৱ অধিকাৰ সংগঠনসমূহে অভিযোগ কৰে যে বৰ্তমানৰ যি ৰাষ্ট্ৰদ্ৰোহ আইন আছে তাৰ ব্যাপক অপপ্ৰয়োগ কৰা হয় চৰকাৰ বিৰোধীৰ ওপৰত ।

১৮৬০ চনত যেতিয়া ইণ্ডিয়ান পেনেল কোড বা আই পি চি আইনত পৰিণত হৈছিল তেতিয়া ৰাষ্ট্ৰদ্ৰোহ বিষয়টো নাছিল। ১৮৭০ চনত আই পি চিৰ সংশোধনীৰ জৰিয়তে ৰাষ্ট্ৰদ্ৰোহ বিষয়টো যুক্ত কৰা হয়। এই আইনখন ১৮৪৮ চনৰ ইংলিছ ট্ৰিজন ফেলনি এ্ক্টৰ আৰ্হিত তৈয়াৰ কৰা হৈছিল, যাতে ভিন্ন মত পোষণকাৰী, বিদ্ৰোহী কাৰ্যকলাপৰ সৈতে মোকাবিলা কৰিব পৰা যায় ।

ব্ৰিটিছ যুগত ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত স্বাধীনতা সংগ্ৰামীক গ্ৰেপ্তাৰ কৰা হৈছিল।

কিন্তু স্বাধীনতাৰ পাছতো এই আইনখন বলবৎ হৈ থাকিল, বিভিন্ন আদালতত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ দিয়াৰ বাবে চৰকাৰ বাৰে বাৰে সমালোচিত হ’বলগীয়া হৈছে।
অনলাইন পোৰ্টেল ‘আৰ্টিকেল ১৪’ -এ এক প্ৰতিবেদনত দেখুৱাইছে যে ২০১০ চনৰ পৰা ১৩ হাজাৰ লোকৰ বিৰুদ্ধে ৮০০ টা দেশদ্ৰোহৰ অভিযোগ লিপিবদ্ধ কৰা হৈছে।

জাতীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ তথ্য অনুসৰি ২০১৪ চনত ৪৭টা গোচৰ ৰুজু হৈছিল ৰাষ্ট্ৰদ্ৰোহৰ, তাৰে ৫ বছৰৰ পাছত ২০১৯ চনত ৯৩টা গোচৰ ৰুজু হয় । যদিও বিচাৰৰ অন্তত মাত্ৰ তিনি শতাংশ গোচৰতহে শাস্তি প্ৰদান কৰা হয়।

সাম্প্ৰতিক সময়ত দেশদ্ৰোহৰ অভিযোগত অভিযুক্ত হোৱাসকলৰ ভিতৰত আছে মানৱ অধিকাৰ কৰ্মী, আইনজীৱী, ছাত্ৰ নেতা, মুছলমান কৰ্মী (Activist) সহ চৰকাৰী নীতি বা কাৰ্যকলাপৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা ব্যক্তিসকল।

(উৎস: বিবিচি নিউজ বাংলা, কলকাতা, ১৪ আগষ্ট, ২০২৩)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *