নিবন্ধশিল্প-কলা-সংস্কৃতি

BICYCLE THIEVES-অৰ কথাৰে— (তৰালী শৰ্মা)

ভিট্ট’ৰিঅ’ ডি চিকা ( Vittorio De Sica) নামৰ ইটালীৰ পৰিচালকজনে দ্বিতীয় মহাসমৰৰ পিছৰ ইটালীৰ আৰ্থ- সামাজিক অৱস্থাৰ পটভূমিত নিৰ্মিত Bicycle Thieves নামৰ চলচিত্ৰখনত ইটালীত আৰম্ভ হোৱা নব্য বাস্তৱবাদৰ বৈশিষ্ট পৰিলক্ষিত হয়। চলচিত্ৰত নব্য বাস্তৱবাদৰ ভূমুকিয়ে সমাজৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক পৰিৱেশক বাস্তবায়িত কৰে। এই চলচ্চিত্ৰসমূহ বাস্তৱৰ শক্তিশালী প্ৰেক্ষাপটত নিৰ্মিত বাবে এইবোৰে বাস্তৱৰ কঠিন ৰূপটোক সুন্দৰকৈ চিত্ৰিত কৰিবলৈ চেষ্টা চলাইছিল। এই চলচ্চিত্ৰখনে সামাজিক ন্যায়ৰ বিষয়বস্তু সামৰি লৈছে আৰু শ্ৰমিক শ্ৰেণীৰ জীৱন পৰিচালনা কৰা সামাজিক আৰু অৰ্থনৈতিক গাঁথনিটোৰ সমালোচনা কৰিছে। ই মানৱতাবাদী মতাদৰ্শ প্ৰতিফলিত কৰে আৰু অধিক সমতাপূৰ্ণ সমাজৰ আহ্বান জনায়। ১৯৪৮ চনত নিৰ্মান হোৱা নব্য বাস্তৱবাদী ছবি Bicycle Thieves এ দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়চোৱাত ইটালীত বৃদ্ধি পোৱা দৰিদ্ৰতা, নিবনুৱা সমস্যা, চৌৰ্যবৃত্তি আদিৰ লগতে মানুহৰ নৈতিকতাৰ স্খলনকো উপস্থাপন কৰিছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইটালীৰ পুনৰ জন্ম সমাজবাদী স্বৰ্গ হিচাপে নহয়, বৃহৎ নিবনুৱা সমস্যাৰে আগুৰি থকা পুঁজিবাদী নৰক হিচাপেহে হৈছিল যদিও যুদ্ধৰ পিছৰ উত্থান তেতিয়াও আৰম্ভ হোৱাই নাছিল । ছবিখনে প্ৰচলিত আদৰ্শবাদ আৰু বিষাদ বিহ্বল পৰিস্থিতি এটাৰ মাজত অহা-যোৱা কৰি থাকে। এই চলচিত্ৰখনৰ কাহিনী ভাগ আগবাঢ়িছে দ্বিতীয় মহাসমৰৰ পিছৰ সময়ছোৱাত ৰোম চহৰৰ বাসিন্দা Antonio Ricci ক‌ কেন্দ্ৰ কৰি। ৰিছিয়ে নিজৰ সহধৰ্মিনী মাৰিয়া, পুত্ৰ ব্ৰুনো আৰু তেওঁৰ সৰু ল’ৰাটোৰ দায়িত্বভাৰ গ্ৰহণৰ বাবে কামৰ সন্ধানত ঘূৰি ফুৰিছিল। যুদ্ধোত্তৰ ইটালীত নিবনুৱাৰ হাৰ অধিক। দুবছৰ নিবনুৱা হৈ থকাৰ পিছত অৱশেষত এণ্টনিঅ’ ৰিচিক পোষ্টাৰ হেংগাৰ হিচাপে চাকৰিৰ প্ৰস্তাৱ দিয়া হয়। তেওঁ কামটোৰ সন্ধান পাইছিল যদিও কামটোৰ বাবে তেওঁৰ প্রয়োজন হৈছিল এখন চাইকেলৰ। কিন্তু আর্থিক দুৰৱস্থাৰ বাবে তেওঁলোকে চাইকেল এখন কিনিবলৈ ও অপাৰগ। কিন্তু পৰিয়ালটো পোহপাল দিবলে চাকৰিটোৰো অতিকেই প্ৰয়োজন। সেয়ে মাৰিয়াই বিচনা চাদৰ কেইখন মান বিক্রী কৰি পোৱা টকাৰে চাইকেলখন কিনাৰ সিদ্ধান্ত লয়। সেই অনুসাৰে চাইকেলখন সি ক্রয় কৰে আৰু চাকৰিটো লবলৈ সক্ষম হয়। ইয়াত শ্ৰমিক শ্ৰেণীক লৈ এক উল্লেখযোগ্য বাৰ্তা আছে । এনে ধাৰণাবোৰ স্পষ্ট হৈ পৰে যেতিয়া এন্টনিঅ’ আৰু তেওঁৰ পত্নী মাৰিয়াই এন্টনিঅ’ৰ চাইকেলখন কিনাৰ বাবে নিজৰ বিচনা চাদৰবোৰ বিক্ৰী কৰি দিয়ে। তাত তেওঁলোকে প্ৰত্যক্ষ কৰে যে দালালজনে এন্টনিঅ’ আৰু মাৰিয়াৰ বিচনা চাদৰকেইখনেই কেবল তাত ৰখা নাই আৰু বহু শতাধিক তেনে কাপোৰেৰে বিশাল আলমাৰিটোৰ চেটটো ভৰি আছিল । গতিকে এইটো কেৱল মাত্ৰ এটা ব্যক্তিগত সমস্যা নহয়, বৰং ইটালীৰ হাজাৰ হাজাৰ লোকৰ কাহিনী একে ।


এন্টনিঅ’ৰ চাকৰিৰ প্রথম দিনটোতে তেওঁ চাইকেলখন থৈ জখলা এডালত উঠি পোষ্টাৰ লগাই থকা সময়ত এজন ডেকা ল’ৰাই তেওঁৰ চাইকেলখন আজুৰি লৈ যায় । যেতিয়া তেওঁৰ চাইকেলখন চুৰি হয়, তেতিয়া তেওঁ আৰু তেওঁৰ পুত্ৰই ৰোমৰ ৰাজপথত খোজ কাঢ়ি ঘূৰি ফুৰিছিল চাইকেলখনৰ সন্ধানত । যেতিয়া আৰক্ষীয়ে তেওঁক কৈছিল যে চাইকেলখনৰ ক্ৰমিক নম্বৰটো দিলেহে তেওঁলোকে ৰিচিৰ গোচৰটো‌ পঞ্জীয়ন কৰিব পাৰিব, তেতিয়া এণ্টনিঅ’ই তেওঁৰ এজন বন্ধু আৰু ডাঙৰ পুত্ৰ কিশোৰ ব্ৰুনোক কাষত লৈ ৰোমৰ ৰাস্তাই ঘাটে চাইকেল খন বিচাৰি ফুৰিছিল যিটো আছিল সাগৰৰ বুকুত মাণিক বিচৰাৰ দৰে কথা, কিয়নো চাইকেলখন এতিয়া ৰোমৰ যিকোনো ঠাইতে থাকিব পাৰে। কিন্তু এণ্টনিঅ’ই চাইকেলখনক তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ জীয়াই থকাৰ অৱলম্বন হিচাপে গ্ৰহণ কৰিছে, গতিকে চাইকেলখনৰ অবিহনে এন্টনিঅ’ৰ পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা হ’ব। গতিকে পেটৰ ভাত মুঠিৰ তাগিদাত এন্টনিঅ’ই তেওঁৰ সন্ধান কাৰ্য অব্যাহত ৰাখে। অৱশেষত এণ্টনিঅ’ই চোৰজনক বিচাৰি উলিয়াবলৈ সক্ষম হয় যদিও কোনো প্ৰমাণ নোহোৱা বাবে তেওঁ তাক এৰি দিব লগীয়া হয় । কিন্তু তেওঁ আৰু তেওঁৰ পুত্ৰই এইটো ভালকৈ জানে যে, চাইকেলখন অবিহনে এণ্টনিঅ’ই নিজৰ চাকৰিটো ৰাখিব নোৱাৰিব। এণ্টোনিও ই চাইকেলখন বিচাৰি উলিওৱাৰ সকলো প্ৰকাৰ চেষ্টা চলাইছিল যদিও চাইকেলখন বিচাৰি উলিয়াব নোৱাৰিলে। এই গোটেই সময়ছোৱাত এন্টনিঅ’ই বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁৰ পৰিয়ালক নিজৰ অসহায় অৱস্থাৰ কথা প্ৰকাশ কৰিব পৰা নাছিল। কৰ্মসংস্থাপনহীনতা, নিজৰ একমাত্ৰ জীৱিকাৰ অৱলম্বন চাইকেলখন হেৰুওৱা এই সকলো কথাই এন্টনিঅ’ ক ভাৰাক্ৰান্ত কৰি ৰাখিছিল আৰু সেয়ে এটা মূহুৰ্তত তেওঁৰ পুত্ৰ ব্ৰুণোৰ ওপৰত হাত তোলে। আৰু এই কথাত ব্ৰুণোৱে আঘাত পায় আৰু দেউতাকৰ প্ৰতি অভিমানে তাৰ মন ঘেৰি ধৰে। গতিকে ৰিচিয়ে ব্ৰুণোক সহজ কৰোৱাৰ বাবে এখন ৰেস্তোৰাঁলৈ লৈ যায় আৰু কিছু সময়ৰ বাবে পাহৰি থাকে তেওঁলোকৰ অসহায় অৱস্থাটো। অতি উল্লাসৰ এই দৃশ্য এটাত তেওঁলোকে ৰেষ্টুৰেণ্ট এখনত খাইছে, ব্ৰুনোক আনকি অলপ ৱাইন খাবলৈও দিছিল; ল’ৰাটোৱে পাস্তা খাই থকা পৰিয়াল এটালৈ অতি আশাৰে চাই আছিল আৰু দেউতাকে তেতিয়া তাক কৈছিল, “তেনেকৈ খাবলৈ মাহত অন্ততঃ এক মিলিয়ন লিৰা লাগে।” আৰু সেই সময়তেই তেওঁ উপলব্ধি কৰে যে তেওঁ যদি নিজৰ পৰিয়ালটোক এটা ভাল জীৱন দিব বিচাৰে তেন্তে তেওঁ তেওঁৰ চাইকেলখন বিচাৰি উলিয়াবই লাগিব। এণ্টনিঅ’ আৰু ব্ৰুনোৱে ভৰি থকা ফুটবল ষ্টেডিয়াম এখনৰ বাহিৰৰ কাৰ্বত অসহায়ভাৱে‌ বহি আছিল। শ শ চাইকেলে এই যুটিটোক আগুৰি ধৰিছিল আৰু এণ্টনিঅ’ৰ চকু পৰিছিল দূৰৈত থকা এখন অনাদৃত চাইকেলত । মানুহক পৰিস্থিতিয়ে কি ধৰণে নিয়ন্ত্ৰণ কৰে তাৰ উদাহৰণ হৈছে এন্টনিঅ’ । চাইকেলখন ঘূৰাই পোৱাৰ কোনো আশা সি দেখা নাই, এইফালে পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব, জীৱন সংগ্ৰামত বিপৰ্য্যস্ত এন্টনিঅ’ৰ মূৰত হঠাৎ চাইকেলবোৰ দেখি খেয়াল আহিছিল যে সি যদি তাৰ পৰা এখন চাইকেল কেনেবাকৈ লৈ যাব পাৰে তেন্তে তাৰ সকলো সমস্যাৰ অন্ত পৰিব। কিন্তু তেওঁৰ মনত ভাল বেয়াৰ অন্তৰ্দন্দ আৰম্ভ হৈ যায় । এনে এক অৱস্থাত তেওঁ এবাৰ আগলৈ এবাৰ পিছলৈ খোজ কাঢ়ি কেইবাৰমান অহা-যোৱা কৰাৰ পিছত ব্ৰুনোক ষ্ট্ৰীটকাৰ এখন লৈ ঘৰলৈ যাবলৈ কিছু টকা দি দিলে । তাৰ পিছত তেওঁ গৰাকীহীন চাইকেলখনৰ কাষ চাপি সেইখন‌ লৈ পলাব লওঁতেই মানুহবোৰে তৎক্ষণাত চিঞৰ-বাখৰ আৰম্ভ কৰি দিয়ে। মানুহবোৰে এন্টনিঅ’ক আক্ৰমণ কৰে আৰু ব্ৰুনোৱে দেউতাকক সেই অৱস্থাত দেখি কান্দি কান্দি কান্দি ভিৰ ঠেলি মাজলৈ দৌৰি গৈছে । মানুহকেইজনে এণ্টনিঅ’ক থানালৈ নিবলৈ উদ্যত হৈছে যদিও চাইকেলৰ মালিকে ব্ৰুনোক লক্ষ্য কৰি, আৰু এণ্টনিঅ’ৰ বিৰুদ্ধে অভিযোগ নিদিয়াৰ সিদ্ধান্ত লয়। ওভতনি পথত এণ্টনিঅ’ আৰু ব্ৰুনোৱে ভিৰৰ মাজেৰে খোজ কাঢ়িছে আৰু এণ্টনিঅ’ই লাজতে মূৰ তল কৰিছে। ব্ৰুনোৱে কান্দি কান্দি দেউতাকৰ হাতখনত ধৰিছে, আৰু সিহঁতে ঘৰলৈ খোজ কাঢ়ি গৈ থাকে। এইখিনিতেই চিনেমাখনৰ অন্ত পৰিছে ।


চিনেমাখনত ব্ৰুনো চৰিত্ৰটোত অভিনয় কৰা Enzo Staiola ৰ অভিনয় মন কৰিবলগীয়া। ১০-১১ বছৰীয়া Enzo Staiola ৰ বাস্তৱধৰ্মী অভিনয়ে দৰ্শকক আপ্লুত কৰি পেলাইছে। ব্ৰুণোৰ চৰিত্ৰটোৱে আমাক মাজিদ মাজিদিয়ে পৰিচালনা কৰা ” Children of Heaven” আৰু Priyadarshan এ ‘ Children of Heaven ‘ ৰ কাহিনীটোৰ আধাৰত নিৰ্মাণ কৰা ছবি ‘ Bumm Bumm Bole’ ৰ শিশু চৰিত্ৰ একাদিক্ৰমে আলি আৰু পিনুৰ কথা মনত পেলাই দিয়ে। দুয়োখন ছবিতেই দুয়োটি শিশু চৰিত্ৰই নিজৰ ভনীয়েকৰ জোতাযোৰ হেৰুওৱাৰ পিছত যিধৰণে তাইক এযোৰ জোতা আনি দিয়াৰ বাবে বিভিন্ন ধৰণে চেষ্টা কৰিছে আৰু নিজৰ পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ কথা উপলব্ধি কৰিবলৈ সক্ষম হৈছে। এটা দৃশ্যত পিনুৱে দেউতাকৰ লগত চাইকেলত উঠি কামৰ সন্ধানত চহৰৰ আঢ্যবন্ত মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিছে , ঘৰৰ বিভিন্ন কামত মাক-দেউতাকক সহায় কৰিছে। ঠিক সেইদৰে Bicycle Thieves ৰ শিশু চৰিত্ৰ Enzo Staiola এ ও নিজৰ দায়িত্ববোধ সম্পৰ্কে সজাগ। নিজৰ পৰিয়ালৰ দুৰ্যোগৰ সময়ত যে পৰিয়ালৰ প্ৰতিজন সদস্যই নিজে নিজে দায়িত্বশীল হোৱা উচিত। ঠিক তেনেদৰে সমাজৰ দুৰ্যোগৰ সময়ত সমাজৰ প্ৰতিজন সচেতন ব্যক্তিয়ে দায়িত্বশীল হোৱাটো প্ৰয়োজনীয়।
চলচ্চিত্ৰখনত কেমেৰাৰ ব্যৱহাৰ মন কৰিবলগীয়া। গোটেই চলচ্চিত্ৰখনতে ক্ল’জ-আপ শ্বটত এন্টনিঅ’ৰ মুখখন দেখুওৱা হৈছে আৰু প্ৰতিটো শ্বটে তেওঁ অনুভৱ কৰা গভীৰ হতাশা আৰু ক্লান্তি উন্মোচন কৰে। ই সঁচাকৈয়ে দৰ্শকক এণ্টনিঅ’ৰ সৈতে সম্পৰ্ক স্থাপন কৰাত সহায় কৰিছে আৰু দৰ্শকক তেওঁ অনুভৱ কৰা ধৰণে অনুভৱ কৰায়। ছবিখনৰ কেইবাটাও অংশৰ লং শ্বট ব্যৱহাৰ কৰা হৈছে। উদাহৰণস্বৰূপে, ছবিখনৰ শেষত এণ্টনিঅ’ই চাইকেল এখন পাবলৈ ইমানেই উদগ্ৰীৱ হৈ পৰিছে যে তেওঁ চাইকেল এখন চুৰি কৰাৰ সিদ্ধান্ত লয়। এই দৃশ্যটোৰ বাবে এটা লং শ্বটে ষ্টেডিয়ামৰ বাহিৰত শ শ চাইকেলেৰে ভৰ্তি এটা বিশাল চাইকেল ষ্টাণ্ড উন্মোচন কৰিছে আৰু কোনেও তাত চাইকেল চুৰি কৰাৰ কথা উল্লেখ কৰা নাই যদিও ইয়াত কেমেৰাৰ এই শ্বটোৱে দৰ্শক ক এন্টনিঅ’ৰ মনৰ ভিতৰত চলি থকা দ্বন্দটোৰ উমান দিবলৈ সক্ষম হৈছে।

Bicycle Thieves ৰ পৰিসৰ বুজিলে ইটালীৰ নব্যবাস্তৱবাদৰ ছবিবোৰে কেনেধৰণৰ কাহিনী আৰু বিষয়বস্তু অন্বেষণ কৰিছিল তাৰ এটা ভাল আভাস পোৱা যায় । তুলনামূলকভাৱে কম সময়ৰ বাবে আৰু হয়তো ইয়াৰ অন্তৰ্গত মাত্ৰ মুষ্টিমেয় সংখ্যক ছবি থকাৰ পিছতো ই চিনেমা ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ আন্দোলন। প্ৰথম আৰু প্ৰধান কথাটো হ’ল ইটালীৰ নব্যবাস্তৱবাদে দৈনন্দিন কাহিনীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, ষ্টুডিঅ’ৰ ভিতৰত বা বাহিৰত কৃত্ৰিম পৰিৱেশ সৃষ্টি নকৰি বাস্তৱ জীৱনৰ লগত সংগতি থকা কিছু স্থান নিৰ্বাচন কৰি তাত দৃশ্যগ্ৰহণ কৰা হৈছিল আৰু প্ৰায়ে আৰ্থিক অনাটনৰ বাবে প্ৰতিষ্ঠিত অভিনেতাসকলক বাদ দি কিছু অপেছাদাৰী শিল্পীক নিৰ্বাচন কৰা দেখা গৈছিল। De Sica ই ভাৱে যে প্ৰতিটো কায়িক স্থানৰ সামাজিক, আৱেগিক আৰু নৈতিক মাত্ৰা আছে । এই কায়িক স্থানবোৰে কাহিনীটোৰ মুখ্য চৰিত্ৰটোৰ অধ্যায়টোৰ ক্লাইমেক্সত উপনীত কৰোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা থাকে। ১৯৪০ চনৰ দ্বিতীয়াৰ্ধত ইটালীত ৰাজনৈতিক আৰু সামাজিক উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু স্থানীয় চলচ্চিত্ৰ উদ্যোগটোও শেষত সামাজিক , অৰ্থনৈতিক সকলো পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত হৈছিল। যুদ্ধই অৰ্থনীতিত প্ৰভাৱ পেলায়, আনুষ্ঠানিক ভাৱে যুদ্ধৰ অন্ত পৰা বুলি ঘোষণা কৰাৰ পিছতো কিন্তু অৰ্থনৈতিক স্থিৰাৱস্থা ঘূৰি অহা নাছিল আৰু ইটালীৰ আৰ্থিক অৱস্থা একেবাৰে সুস্থিৰ নাছিল। সেইবাবেই এনে অৰ্থনৈতিক অস্থিৰতাৰ ফলত চিনেমা এখন নিৰ্মাণৰ নামত ব্যয়বহুল বিনিয়োগ কৰাটো কঠিন হৈ পৰিছিল । ইয়াত এটা সহজ কাহিনীৰ মাধ্যমেৰে জটিল বিষয়বস্তু আৰু ধাৰণাসমূহ উন্মোচন কৰিবলৈ চেষ্টা কৰা হৈছে, একেখিনি সময়তে এই কাহিনীটো গতিশীল, প্ৰাসংগিক আৰু শ্ৰমিক শ্ৰেণীৰ জীৱনৰ সংগ্ৰামক অতি মৰ্মস্পৰ্শীভাৱে তুলি ধৰিবলৈ সক্ষম হৈছে। ইয়াত অভিনয়ৰ ক্ষেত্ৰত নতুন অভিনেতা-অভিনেত্ৰীসকলে অতিকে বাস্তৱভাৱে অভিনয় কৰিছে আৰু ইয়ে চিনেমাখনক এক বিশেষ মৰ্য্যদা দিছে। Bicycle Thieves নিঃসন্দেহে এখন অতি প্ৰাসংগিক ছবি, মুক্তিৰ ৭৬ বছৰৰ পাছতো ইয়াৰ প্ৰভাৱ নিস্তেজ হৈ যোৱা নাই । গতিকে প্ৰশ্ন হয় যে Bicycle Thieves অইনবোৰ চিনেমাৰ তুলনাত কিয় ব্যতিক্ৰম আৰু কোনবোৰ দিশে চিনেমাখনক আজিও প্ৰাসংগিক কৰি ৰাখিছে ? পূৰ্ব প্ৰচলিত ধাৰা অনুসৰি তথাকথিত যি নায়ক -নায়িকাৰ ধাৰণাক প্ৰত্যাহ্বান জনোৱা যেন বোধ হয় কিয়নো সাধাৰণতে নায়কজন সকলো দোষ মুক্ত, সমাজৰ দ্বাৰা বিবেচিত তথাকথিত perfectionist হয়। কিন্তু ইয়াত তাৰ এটা বিপৰীত ছবি দৃষ্টিগোচৰ হৈছে। কিয়নো চিনেমাখনত এন্টনিঅ’ক এজন বিফল,‌হতাশাগ্ৰস্ত , নিৰাশাবাদী পুৰুষ হিচাপেহে উপস্থাপন কৰিছে। চিনেমাখনৰ আৰম্ভণিতেই দেখা গৈছে শ শ লোকে চৰকাৰী কাৰ্যালয় এটাৰ সন্মুখত ভিৰ কৰিছেহি এই আশাত যে কিজানিবা তেওঁৰ নামটো কিবা কামৰ বাবে নিক্ষেপ কৰা হ’ব পাৰে কিন্তু সেই একে সময়তে এন্টনিঅ’ই একেবাৰে উদাসীনভাৱে বহি আছিল কাৰ্যালয়টোৰ পৰা কিছু নিলগত। চিনেমাখনৰ শেষৰ ফালেও এন্টনিঅ’ই যিটো পথ নিৰ্বাচন কৰিছে সেয়াও গৰিহণা যোগ্য। তেওঁৰ ক্ষেত্ৰত যেতিয়া একেই ঘটনাটো ঘটিছিল তেতিয়া তেওঁ চোৰজনক গৰিহণা দিছিল কিন্তু শেষত তেওঁ ও সেই একেই পথে বাছি লৈছে। গতিকে ইয়াত এটা প্ৰশ্ন হ’ব পাৰে যে এন্টনিঅ’ই যিহেতু চাইকেলখন চুৰি কৰাৰ চেষ্টা কৰিছিল, আৰু সমাজৰ দৃষ্টিত চুৰি কৰাটো এটা দোষনীয় কাম তেন্তে ইয়াত নৈতিক, অনৈতিকৰ বিচাৰটো কেনেদৰে হ’ব। আচলতে নৈতিক আৰু অনৈতিকৰ ধাৰণাটো কোনো বদ্ধমূল ধাৰণা নহয়, ই পৰিস্থিতি সাপেক্ষ। এন্টনিঅ’ক চুৰি কৰিবলৈ বাধ্য কৰোৱাৰ বাবে আচলতে জগৰীয়া কোন? এন্টনিঅ’ নিজেই নে এই সমাজ ব্যৱস্থা ? মানুহ সামাজিক জীৱ । মানুহৰ সমূহ কাৰ্য-কলাপ নিয়ন্ত্ৰণ কৰে সেই দেশৰ আৰ্থ-সামাজিক পৰিস্থিতিয়ে । এয়া কেৱল এন্টনিঅ’ৰ কাহিনী নহয়, এয়া সমাজ ব্যৱস্থাই ভুল পথ বাচি লবলৈ বাধ্য কৰোৱা হেজাৰজন এন্টনিঅ’ৰ কাহিনী আৰু চলচ্চিত্ৰখনৰ নামটো অৰ্থাৎ Bicycle Thieves টো এই ক্ষেত্ৰত সঠিক হৈছে যেন বোধ হয়। ইয়াৰোপৰি আমি যদি লক্ষ্য কৰো দেখিম যে আজিৰ পৰা ৭৬ বছৰৰ আগৰ অৰ্থাৎ যি সময়ত চিনেমাখন নিৰ্মাণ হৈছিল তেতিয়াৰ শ্ৰমিকসকলৰ যি অৱস্থা আৰু আজিৰ শ্ৰমিক শ্ৰেণীৰ যি অৱস্থা তাৰ কোনো পৰিবৰ্তন ঘটা নাই। ইয়াৰ লগত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সকলোবোৰ দিশ সাঙোৰ খাই আছে। গতিকে সমাজত যেতিয়ালৈ শ্ৰেণীগত শোষণ চলি থাকিব তেতিয়ালৈ Bicycle Thieves ৰ দৰে চিনেমাৰ প্ৰাসংগিকতাও থাকিব।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *