নিবন্ধবিজ্ঞান-প্ৰযুক্তি

বিকিৰণবিহীন পৃথিৱী সম্ভৱনে?- (ড০ লক্ষ্যজ্যোতি বৰঠাকুৰ)

কিছুদিনৰ আগতে ফুৰিবলৈ বুলি মামাৰ ঘৰলৈ গৈছিলো। তামোল কাটি কাটি মোৰ লগত কথা পাতি থকা আইতাই কথাৰ মাজতে যথেষ্ট ক্ষোভত কলে “ঘৰৰ বাৰীখনত ইমানবোৰ তামোল গছ থকাৰ পিছতো এতিয়া বাপুতিসাহোন তামোলখনো কিনিহে খাব লগা হৈছে। ঔষধত দিবলেও তামোল এটা নালাগিলে”।

তেখেতৰ ক্ষোভৰ কাৰণনো কি বুজ লোৱাৰ আগতেই ভিতৰৰ পৰা মামী আৰু নাইনত পঢ়া নয়না ওলাই আহিল।আৰম্ভ কৰিলে “নকবা আৰু বুইছা । ইমান মানা কৰাৰ পিছতো তোমাৰ মোমায়েৰাই মোবাইলৰ টাৱাৰটো বাৰীৰ চুকতে বহুৱালে। এতিয়া এই টাৱাৰৰপৰা ওলোৱা বিকিৰণৰ ফলত বাৰীত তামোল নাৰিকল আদিতো নলগা হলেই, মানুহ কেইটাৰ স্বাস্থ্যক লৈয়ো চিন্তা হবলৈ ধৰিছে”। মামীয়ে ক’লে।

“মোবাইল টাৱাৰৰ পৰা নিৰ্গত হোৱা বিকিৰণে আমাৰ অপকাৰে কৰে বুলি তোমাক কোনে কলে মামী?’’

“এইবোৰ কথা আজিকালি সকলোৱেই জানে। টেলিভিশ্বন, বাতৰিকাকত, সামাজিক মাধ্যম আদিটো এনেধৰণৰ খবৰ বিভিন্ন সময়ত প্ৰচাৰ হয়।“ এইবাৰ নয়নাই মাত লগালে।

‘’কেতিয়াবা এনেকুৱা লাগে এইবোৰ সকলো বাদ দি ল’ৰা-ছোৱালী দুটাক লৈ একেবাৰে বিকিৰণ বিহীন কোনোবা ঠাইলৈ গুচি যাম”। এইবাৰ মামীয়ে ক’লে।

মোবাইলৰ টাৱাৰৰ পৰা নিৰ্গত হোৱা বিকিৰণে মানুহ তথা আন আন জীৱৰ বিভিন্ন ক্ষতিসাধন কৰে, আজিৰ এই ঔদ্যোগীকৰণৰ দিনত মানুহৰ শৰীৰটো নিতৌ বিভিন্ন ক্ষতিকাৰক ৰশ্মিৰ দ্বাৰা আক্ৰান্ত হয়, নিউক্লীয়েৰ পাৱাৰ প্লাণ্ট (Nuclear Power Plant)ৰ ওচৰৰ অঞ্চলসমূহ মুঠেই বাসোপযোগী নহয় ইত্যাদি ধাৰণা নইনা,  মামী আৰু আইতাৰ দৰে আন বহুতৰে আছে। কিন্তু এইধৰণৰ কথাসমূহৰ কিবা বৈজ্ঞানিক ভিত্তি আছেনে?

তেওঁলোকক উদ্দেশ্যি কলো “বিশ্বব্ৰহ্মাণ্ডত এনেকুৱা কোনো স্থান নাই যি সকলো ধৰণৰ বিকিৰণৰ পৰা সম্পূৰ্ণ ভাৱে মুক্ত। বিকিৰণ সকলোতে আছে, ই প্ৰকৃতিৰ এক এৰাব নোৱাৰা অংগ। আকাশ, বতাহ, মাটি সকলোতে ই আছে”। সকলোৱে আচৰিত হৈ মোলৈ চালে।

“কেৱল মোবাইলৰ টাৱাৰ বা নিউক্লীয়েৰ পাৱাৰ প্লাণ্টৰ ওচৰে-পাজৰেহে বিকিৰণ পোৱা যায় সেয়া মুঠেই নহয়; আমি খোৱা খাদ্য, পানী, বাস কৰা ঘৰ আদি সকলোতেই বিকিৰণ আছে। আনহে নালাগে আমাৰ দেহৰ ভিতৰতো বিকিৰণৰ উপস্থিতি পোৱা যায়”।

‘’অলপ বহলাই কোৱাছোন দাদা’’ এইবাৰ নয়নাই ক’লে।

তাইৰ চকুত আগ্ৰহ দেখি মই আকৌ আৰম্ভ কৰিলো “ সূৰ্যই আমাক পোহৰ দিয়ে, শক্তি দিয়ে; সূৰ্য আছে বাবেই পৃথিৱীত জীৱ আছে। কিন্তু তুমি জানানে সূৰ্যয়ো বিভিন্ন বিকিৰণ নিৰ্গত কৰে? অতিবেঙুনী, অৱলোহিত আদি বিদ্যুত-চুম্বকীয় তৰংগসমূহ সূৰ্যৰ ৰশ্মিৰ অবিচ্ছেদ্য অংগ। যেতিয়ালৈকে সুৰ্যই পোহৰ দি থাকিব, তেতিয়ালৈকে এই বিকিৰণসমূহো পৃথিৱীৰ পৰিবেশত থাকিব। গতিকে  নিজেই ভাবাচোন বিকিৰণ মুক্ত ঠাই বিছাৰি তুমি যাবা কলৈ”?

নয়না আৰু মামীয়ে চকুৰ পলক নেপেলোৱাকৈ মোৰ কথা শুনিছে, চকুত অপাৰ আগ্ৰহ আৰু কৌতুহল। ময়ো আগ্ৰহী শ্ৰোতা পাই দুগুণ উৎসাহেৰে কবলৈ ধৰিলো “পৃথিৱীত উপলব্ধ সকলো বস্তু পৰমাণুৰ দ্বাৰা গঠিত। মানুহ, চৰাই, জীৱ-জন্তু আদিৰ পৰা আৰম্ভ কৰি, কাঠ, শিল, বালি, ধাতু, স্ফটিক আদি নিৰ্জীৱ বস্তু পৰ্যন্ত সকলোবোৰেই পৰমাণুৰ দ্বাৰা গঠিত। পৰমাণুসমূহ লগলাগি বিভিন্ন মৌল গঠন কৰে। এই মৌলসমূহৰ মাজত বিভিন্ন ধৰণৰ জৈৱিক তথা অজৈৱিক পৰিঘটনা চলি থাকে। এই পৰিঘটনাসমূহত বহুত সময়ত শক্তিৰ উৎপন্ন হয় আৰু মৌলসমূহে এই শক্তিক বিকিৰণ হিচাপে পৰিবেশলৈ এৰি দিয়ে। মৌলৰ ধৰ্ম অনুযায়ী নিৰ্গমণ কৰা বিকিৰণৰ তাৰাতম্য অৱশ্যেই ঘটে। সেয়ে কিছুমান পদাৰ্থৰনপৰা নিৰ্গত হোৱা বিকিৰণৰ পৰিমাণ বেছি, আন কিছুমানৰ কম। ইয়াৰ উপৰিও আমাৰ প্ৰকৃতিত এনেকুৱা বহুতো মৌল আছে যিসমূহে তেজস্ক্ৰিয়তা দেখুৱায়।”

“তেজস্ক্ৰিয়তা মানে?” নয়নাই সুধিলে।

“আগতেই কৈছো যে প্ৰ্কৃতিত উপলব্ধ সকলো বস্তুয়েই পৰমাণুৰ দ্বাৰা গঠিত। এই পৰমাণুসমূহ আকৌ ইলেকট্ৰন, প্ৰটন আৰু নিউট্ৰন নামৰ তিনিবিধ প্ৰাথমিক কণাৰ দ্বাৰা গঠিত। ইয়াৰে প্ৰটনসমূহ হ’ল ধণাত্মক আধান যুক্ত আৰু ইলেকট্ৰনসমূহ ঋণাত্মক আধান যুক্ত। নিউট্ৰনসমূহ আকৌ প্ৰশম কণা, অৰ্থাৎ ইহঁতৰ কোনো আধান নাথাকে। একেবাৰে সহজ অৰ্থত কবলৈ হ’লে পৰমাণুৰ কেন্দ্ৰত প্ৰটন আৰু নিউট্ৰনসমূহ একেলগে থুপ খাই পৰমাণুৰ নিউক্লিয়াছ গঠন কৰে আৰু এই নিউক্লিয়াছৰ চাৰিওফালে ইলেকট্ৰনসমূহে পৰিভ্ৰমণ কৰি থাকে। সাধাৰণতে নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা সমান। কিন্তু প্ৰকৃতিত এনেকুৱা বহুত মৌল আছে যাৰ নিউক্লিয়াছত থকা নিউট্ৰনৰ সংখ্যা প্ৰট্ৰনতকৈ বেছি। এনেধৰণৰ নিউক্লিয়াসমূহৰ সুস্থিৰতা কম হয় আৰু এনে অসুস্থিৰ নিউক্লিয়াছৰ পৰা বিদুৎ-চুম্বকীয় বিকিৰণৰ লগতে α, β আদি কণিকাৰ নিৰ্গমণ হৈ থাকে। এনেধৰণৰ মৌলসমূহক তেজস্ক্ৰিয় মৌল বোলা হয়। এনেধৰণৰ তেজস্ক্ৰিয় মৌল গছ, শিল, মাটি, পানী আদি সকলোতে থাকে আৰু এইবোৰৰপৰা অহৰহ বিকিৰণ ঘটিয়েই থাকে”।

“আমাৰ দেহৰ ভিতৰতে ট্ৰিচিয়াম, কাৰ্ৱন-১৪, পটেচিয়াম-৪০ আদি তেজস্ক্ৰিয় মৌল থাকে। এই মৌলসমূহ আমি খোৱা আহাৰ, পানী বা উশাহত লোৱা বতাহ আদিৰ মাধ্যমেৰে আমাৰ দেহত প্ৰৱেশ কৰে। ইয়াৰ উপৰিও ৰেডন নামৰ আন এবিধ তেজস্ক্ৰিয় গেছক আমি দৈনন্দিন জীৱনত সদায়েই লগ পাই থাকো। ৰেডন গেছৰ নিৰ্গমণ পৃথিৱীৰ পৃষ্ঠভাগৰ পৰা হয়। ঘৰ বনাবলৈ ব্যৱহাৰ কৰা বালি, শিল, চিমেণ্ট আদিতো ৰেডন গেছ থাকে। গতিকে নিশ্চয় সহজেই অনুমান কৰিব পাৰিছা যে পৃথিৱীৰ সকলো জীৱই এই প্ৰাকৃতিকভাৱে ঘটি থকা তেজস্ক্ৰিয় বিকিৰণ বিলাকৰ সদায় মুখামুখি হৈ থাকে। ইয়াৰ উপৰিও, আমাৰ পৃথিৱীৰ পৰিবেশলৈ বৰ্হিবিশ্বৰ পৰা আন আন মহাজাগতিক ৰশ্মি (cosmic ray) অহৰহ আহিয়েই থাকে”।

মোৰ কথাত নয়না কিছু পৰিমাণে আশ্বস্ত হৈছিল যদিও ডাৱৰ সম্পূৰ্ণৰূপে তেতিয়াও আতৰা নাছিল।

“তাৰমানে তুমি কব খুজিছা মোবাইল টাৱাৰটো দুৰৰে কথা, নিউক্লিয়েৰ পাৱাৰ প্লাণ্টৰ ওচৰত থাকিলেও মানুহৰ একো ক্ষতি নহয়”।

“মই ক’ব খুজিছো নিউক্লিয়েৰ পাৱাৰ প্লাণ্টৰ ওচৰত থকা ব্যক্তি এজনৰ দেহত সোমোৱা বিকিৰণৰ পৰিমাণ প্লাণ্টৰ পৰা দূৰত থকা ব্যক্তি এজনৰ দেহত সোমোৱা বিকিৰণতকৈ খুব বেছি নহয়। কেৰেলাৰ দক্ষিণ ফালৰ সাগৰীয় অঞ্চসমূহত যথেষ্ট পৰিমাণৰ তেজস্ক্ৰিয় মৌল আছে। সেইবাবে এই অঞ্চলসমূহত নিৰ্গমণ ঘটা বিকিৰণৰ পৰিমাণ আমাৰ দেশৰ “গড় বিকিৰণ” ৰ পৰিমাণতকৈ প্ৰায় ছয় গুণ মান বেছি। এই পৰিমাণ ভাৰতবৰ্ষৰ যিকোনো নিউক্লিয়েৰ পাৱাৰ প্লাণ্টৰ ওচৰ-পাজৰৰ অঞ্চলতকৈ নিশ্চিত ভাৱে বহুত বেছি”।

“বিকিৰণৰ পৰিমাণক ছিভাৰ্ট (sievert) নামৰ এককৰ দ্বাৰা জোখা হয়। যদি ধৰি লোৱা হয় যে এই পৃথিৱীত কোনো মানৱসৃষ্ট বিকিৰণৰ উৎস নাই, তেতিয়াও আমাৰ দেহত বিভিন্ন প্ৰাকৃতিক উৎসৰ পৰা এক বুজন পৰিমাণৰ বিকিৰণৰ প্ৰৱেশ ঘটে। এই পৃথিৱীত বাস কৰাৰ সুবাদতে আমি বছৰি প্ৰায় ২৪০০ মাইক্ৰছিভাৰ্ট (2400 microsievert/year) পৰিমাণৰ প্ৰাকৃতিক বিকিৰণৰ মুখামুখি হ’ব লগা হয়। কেৰেলা আদি সাগৰীয় অঞ্চলসমূহত এই মাত্ৰা ইয়াতকৈয়ো বেছি। বিমান যাত্ৰা কৰাৰ সময়তো আমি কিছু বেছি পৰিমাণৰ বিকিৰণৰ মুখামুখি হ’ব লগা হয়। ৮ ঘণ্টাৰ বিমান যাত্ৰাত এজন ব্যক্তিৰ দেহত প্ৰায় ২০০ মাইক্ৰছিভাৰ্ট বিকিৰণ প্ৰৱেশ কৰে।”

“এই সকলোবিলাক প্ৰাকৃতিক বিকিৰণৰ উপৰিও আমি আজিকালি বিভিন্ন ধৰণৰ মানৱ-সৃষ্ট কৃত্ৰিম বিকিৰণৰ মুখামুখি হৈ থাকো। সাধাৰণ বুকুৰ X-Ray এখন কৰাওতেই আমাৰ দেহত প্ৰায় ৫০ মাইক্ৰছিভাৰ্ট পৰিমাণৰ বিকিৰণ প্ৰৱেশ কৰে। যদি এজন ব্যক্তিৰ এবাৰ মাত্ৰ CT-Scan কৰা হয়, তেওঁ প্ৰায় ৬০০০ মাইক্ৰছিভাৰ্ট পৰিমাণৰ বিকিৰণৰ দ্বাৰা আক্ৰান্ত হয়। সকলোতকৈ মজাৰ কথাটো হ’ল ভাৰত চৰকাৰৰ “আণৱিক শক্তি নিয়ন্ত্ৰণ বৰ্ড”(Atomic Energy Regulatory Board) ৰ মতে এজন ব্যক্তিৰ দেহটো এবছৰত ১০০০ মাইক্ৰছিভাৰ্ট (1000 microsievert/year) পৰিমাণতকৈ বেছি বিকিৰণৰ দ্বাৰা আক্ৰান্ত হোৱা অনুচিত। ইয়াৰ অৰ্থ তেনেহলে এইটো নেকি যে CT-Scan কৰালে এজন ৰোগীৰ দেহৰ সাংঘাতিক ক্ষতিসাধন হয়? আচলতে “আণৱিক শক্তি নিয়ন্ত্ৰণ বৰ্ডে” ইচ্ছাকৃত ভাৱে আমাৰ দেহে গ্ৰহণ কৰিব পৰা বিকিৰণৰ সৰ্বাধিক মানটো যথেষ্ট কমাই নিৰূপণ কৰিছে। আচলতে মানৱ দেহে ইয়াতকৈ বহু বেছি বিকিৰণ সহ্য কৰিব পাৰে আৰু সেইবাবেই CT-Scan আদিয়ে ৰোগী এজনৰ দেহৰ ক্ষতি সাধিব নোৱাৰে। ইয়াৰ উপৰিও এনেধৰণৰ বিকিৰণসমূহে তাৎক্ষণিকভাৱে দেহৰ অপকাৰ নকৰে। অৰ্থাৎ বন্দুকৰ গুলি এটাৰ দৰে বিকিৰিত ৰশ্মি এডালে দেহত প্ৰ্ৱেশ কৰাৰ লগে লগে আমাৰ শৰীৰটোক ফালি চিৰি পেলাব নোৱাৰে। গতিকে দেহত বেছি পৰিমাণৰ বিকিৰণ প্ৰৱেশ কৰিলেও ইয়াৰ পৰা হ’ব পৰা বেয়া প্ৰভাৱসমূহক প্ৰশমিত কৰিবলৈ আমাৰ দেহটোৱে যথেষ্ট সময় পায়”।

“মোবাইল টাৱাৰটো বাদেই দিয়া, তুমি যদি ভাৰতৰ নিউক্লীয়েৰ পাৱাৰ প্লাণ্ট এটাৰ ওচৰতো বাস কৰা, তেতিয়াও তোমাৰ দেহত প্ৰতি বছৰত মাত্ৰ ০.০০১ মাইক্ৰছিভাৰ্ট পৰিমাণৰ বেছি বিকিৰণহে প্ৰ্ৱেশ কৰিব। অৱশ্যে এনে প্লাণ্টবিলাকত নিউক্লীয়েৰ শক্তি উৎপাদন কৰি থকা সময়ত নিৰ্গমণ হোৱা বিকিৰণৰ মান কিছু বৃদ্ধি হয়। কিন্তু এই বিকিৰণ যাতে বাহিৰলৈ নাহে তাৰবাবে সকলো ধৰণৰ ব্যৱস্থা লোৱা হয়। নিউক্লীয়েৰ শক্তি উৎপন্ন হোৱা ৰিয়েক্টৰসমূহৰ (Reactors) বেৰবোৰ অন্যন্ত শক্তিশালী আৰু সুৰক্ষিত। ইয়াৰ উপৰিও যিকোনো নিউক্লীয়েৰ পাৱাৰ প্লাণ্টৰ ১.৬ কি.মি. ব্যাসাৰ্ধৰ ভিতৰৰ এলেকাতো “সুৰক্ষিত অঞ্চল” বুলি গণ্য কৰা হয় আৰু এই এলকাত মানুহৰ বসতি নিষিদ্ধ। এই “সুৰক্ষিত অঞ্চল” ত কিন্তু বিভিন্ন চৰাই, জন্তু আদি কোনো অসুবিধা নোহোৱাকৈ বাস কৰে। ইমানৰ পিছতো জনসাধাৰণৰ সুৰক্ষাৰ কথা ভাবিয়েই নিউক্লীয়েৰ পাৱাৰ প্লাণ্টসমূহে ইয়াৰ ৩০ কি.মি. ব্যাসাৰ্ধৰ ভিতৰৰ অঞ্চলটোৰ মাটি, পানী, বায়ু, খাদ্য-বস্তু, অণুজীৱ আদিৰ নমুনা নিয়মিতভাৱে সংগ্ৰহ কৰি “বিকিৰণ বিশেষজ্ঞ”(Radiation Expert)ৰ দ্বাৰা পৰীক্ষা কৰাই কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা যাতে নঘটে তাৰ প্ৰতি সচেতন হৈ থাকে।”।

“তেনেহলে মোবাইল টাৱাৰ সমূহৰ পৰা অপকাৰী বিকিৰণ ওলাই বুলি টিভি, সামাজিক মাধ্যম আদিত কিয় প্ৰচাৰ হয়”? ইয়াৰ বিৰুদ্ধে জনা-বুজা ব্যক্তিয়ে কিয় মাত নামাতে?”

“এনেধৰণৰ ভিত্তিহীন বা-বাতৰি আমাৰ দেশত একেবাৰে সাধাৰণ কথা। মোবাইলৰ বিকিৰণে আমাৰ দেহত ঘটাব পৰা অপকাৰিতা সম্পৰ্কে সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো বৈজ্ঞানিক সকলে অধ্যয়ন কৰিছে। ভাৰতীয় চিকিৎসা গৱেষণা সংস্থাই (Indian Council of Medical Research) এই সম্পৰ্কে অধ্যয়ন কৰিবলৈ বিভিন্ন প্ৰ্তিষ্ঠানক কেইবাটাও প্ৰ্কল্প প্ৰদান কৰিছিল। এই অধ্যয়ন সমূহে মোবাইলৰ বিকিৰণে আমাৰ অপকাৰ কৰে বুলিয়েই মতপোষণ কৰিছে। কিন্তু এইসমূহ ফলাফল কিছু ভূৱা পত্ৰিকাতহে প্ৰকাশ হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত এইবোৰৰ কোনো গুৰুত্ব নাই। আনকি মোৱাইলৰ বিকিৰণৰবাবে পইতাচোৰাৰ দেহত বিৰূপ প্ৰভাৱ পৰে বুলি ২০১৭ চনৰ ডিচেম্বৰ মাহৰ “Current Science” নামৰ পত্ৰিকাখনত প্ৰকাশ পোৱা এটি লেখাৰ বৈজ্ঞানিক ভিত্তি যথেষ্ট দুৰ্বল আৰু সন্দেহজনক বুলি দাবী কৰি আমেৰিকাৰ Texas Health Science Centre ৰ বিজ্ঞানী ড বিজয়লক্ষ্মীৰ এটি লেখা একেখন পত্ৰিকাতে ২০১৮ চনৰ এপ্ৰিল মাহত প্ৰকাশ পায়। ভাৰতীয় চিকিৎসা গৱেষণা সংস্থাৰ মতেও তেওঁলোকে কৰা অধ্যয়নত মোবাইলৰপৰা নিৰ্গমন হোৱা বিকিৰণে জীৱসমূহৰ কিবা ক্ষতি কৰে বুলি নিশ্চিত ফলাফল পোৱা নাই। কিন্তু এনেধৰণৰ অপপ্ৰচাৰ বিভিন্ন মাধ্যমৰ জৰিয়তে চলিয়েই আছে। ২০১৮ চনত মুক্তি পোৱা ৰজনীকান্তৰ চিনেমা ২.০ তো মোবাইল ফোনৰবাবেই পক্ষীকুল ধ্বংস পোৱা বুলি দেখুওৱা হৈছে। প্ৰ্কৃততে কিন্তু এনেধৰণৰ কথা সমূহ নিত্যান্তই কল্পনাপ্ৰসূত; আজিৰ তাৰিখত ইয়াৰ যথাযোগ্য বৈজ্ঞানিক ভিত্তি নাই”।

“নয়না তুমি জনানে বাৰু বিকিৰণক চিকিৎসা, কৃষি আদি ক্ষেত্ৰত বহুলভাৱে ব্যৱহাৰ কৰা হয়”।

“কেঞ্চাৰ বেমাৰৰ চিকিৎসাত ইয়াক ব্যৱহাৰ কৰা নহয় জানো”?

“হয়, কেঞ্চাৰ ৰোগীক দিয়া ৰেডিয়থেৰাপী নামৰ চিকিৎসাবিধত বিকিৰণ বহুলভাবে ব্যৱহাৰ হয়। তাৰোপৰি X-Ray, CT-Scan আদি পদ্ধতিবোৰে বহুতো জটিল ৰোগ প্ৰাৰম্ভিক অৱস্থাতে চিনাক্ত কৰি কিমান মানুহৰ প্ৰাণ ৰক্ষা কৰিছে ভাবাচোন! ইয়াৰ উপৰিও কৃষি ক্ষেত্ৰতো বিকিৰণ প্ৰয়োগ কৰি সুফল পোৱা যায়। বিকিৰণে উন্নত জাতৰ বীজ প্ৰস্তুত কৰাত সহায় কৰাৰ লগতে ইয়াৰ ব্যৱহাৰে শস্যৰ উৎপাদনো বৃদ্ধি কৰে। ইয়াক খাদ্য সংৰক্ষণতো আজিকালি ব্যৱহাৰ কৰা হয়। বিকিৰণ প্ৰয়োগ কৰি পিয়াঁজ, আলু আদিক বেছি দিন বেয়া নোহোৱাকৈ ৰাখিব পাৰি। বিকিৰণে খাদ্য দ্ৰৱত অণুজীৱ সৃষ্টিতো বাধা দিয়ে। সেইবাবে মছলা আদিৰ সংৰক্ষণতো ইয়াক বহুলভাবে ব্যৱহাৰ কৰা হয়। পৰিবেশ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰতো বিকিৰণে সহায় কৰে। ছালফাৰ ডাই অক্সাইড, নাইট্ৰ্জেন ডাই অক্সাইড আদি পৰিবেশ বিনিষ্টকাৰী গেছ কিছুমানৰ বিভংগণৰ বাবে বিকিৰণৰ ব্যৱহাৰ কৰা হয়। তুমি জানি হয়তো ভাল পাবা যে আজিকালিৰ ননষ্টিক (non-stick)বাচন বৰ্তন বোৰত খোৱা বস্তু লাগি নধৰিবৰ বাবে β-বিকিৰণৰ প্ৰয়োগ কৰা হয়। এনেধৰণৰ আৰু বহুতো ক্ষেত্ৰত বিকিৰণ ব্যৱহাৰ কৰা হয়”।

“তাৰমানে তোমাৰ মতে এই মোবাইল টাৱাৰটোৱে আমাৰ একো ক্ষতি নকৰে”। মামীয়ে সুধিলে।

“ক্ষতি কৰিব বুলি ক’ব পৰাকৈ অন্ততঃ আজিৰ তাৰিখত আমাৰ হাতত কোনো সঠিক বৈজ্ঞানিক তথ্য আৰু প্ৰমাণ নাই”।

“আজি তোমাৰ পৰা বহুত নজনা কথা জানিলো দিয়া। তোমাক বহুত বহুত ধন্যবাদ”। নয়নাৰ চকুত আনন্দ ফুটি উঠিল। বিজ্ঞানৰ কথাবোৰ জানি তাই এনেয়ো খুব ভাল পায়।

“অকল ধন্যবাদেৰে ন’হব। ইমান সময় কথাকৈ মোৰ ডিঙি শুকাই গৈছে। আৰু একাপ চাহ খুৱাব লাগিব”।

আহা আহা বুলি কৈ মামী হাহিঁ হাহিঁ ভিতৰলৈ সোমাই গ’ল।  বাৰীত তামোল সৰি আছে নেকি চাই আহো বুলি নয়নাও উঠি গ’ল।

আইতাক কলো “ ভালকৈ তামোল এখন কাটক আইতা। চাহ কাপ খাই আহি আছো”।

আইতায়ো সোলা হাহিঁতো মাৰি ক’লে “ হ’ব বোপাই হ’ব। তই চাহকণ খাই আহগৈ যা”।

ময়ো চাহৰ আশাত ভিতৰলৈ সোমাই গলো।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *