কেন্দ্ৰীয় নিবন্ধ

বিষ্ণুপ্ৰসাদ ৰাভাৰ ইতিহাস চেতনা-(টুনুজ্যোতি গগৈ)

বিংশ শতিকাৰ আৰম্ভণিতে অসমত আধুনিক বা আনুষ্ঠানিক ইতিহাস-চৰ্চাৰ এক সুষম পৰিৱেশ গঢ় লৈ উঠিছিল। পাশ্চাত্যৰ সভ্যতা-সংস্কৃতিৰ প্ৰভাৱত আৰু দীৰ্ঘ দিনৰ পৰাধীনতাৰ বন্ধ্যা পৰিৱেশত আধুনিক শিক্ষাৰে শিক্ষিত আৰু নব্য উত্থিত অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৱে নিজৰ অতীতলৈ ঘূৰি চোৱাৰ এক আন্তৰিক তাগিদা অনুভৱ কৰিছিল। ১৯১২ চনত ‘কামৰূপ অনুসন্ধান সমিতি’ গঠন হোৱাৰ পাছত প্ৰাচীন নথি-পত্ৰ বা ঐতিহাসিক সমলৰ সন্ধানত ৰাজ্যখনৰ ভালে কেইগৰাকী বিদ্বান ব্যক্তি ইতিহাস চৰ্চাৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। সেইসকলৰ ভিতৰত ড সূৰ্য কুমাৰ ভূঞা, কনকলাল বৰুৱা আদি অন্যতম আছিল। অৱশ্যে, তেওঁলোকৰ বেছিভাগৰ বাবেই ইতিহাস-চৰ্চা পেছাগত বৃত্তি নাছিল। তেওঁলোকে মূলতঃ অতীত অসমৰ শৌৰ্য-বীৰ্য পুনৰুদ্ধাৰৰ মাজেৰে জাতীয় চেতনা শক্তিশালী কৰি তোলা আৰু ব্ৰিটিছ সাম্ৰাজ্যবাদৰ সৈতে যুঁজ দি হৃত স্বাধীনতা আহৰণ কৰা — এই দুটা লক্ষ্য সন্মুখত ৰাখি ইতিহাস-চৰ্চাত ব্ৰতী হৈছিল। পৰৱৰ্তী সময়ত অসম সাহিত্য সভাৰ জন্ম, গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপন, অসম প্ৰকাশন পৰিষদ গঠন আদি পৰিঘটনাৰ ফলত অসমত আধুনিক ইতিহাস-চৰ্চাই এক নতুন গতি লাভ কৰিবলৈ সক্ষম হয়। কিন্তু, অসমত আশা কৰাৰ দৰে বস্তুনিষ্ঠ ইতিহাস চৰ্চাই অদ্যাপি প্ৰসাৰ লাভ কৰা নাই। ড অমলেন্দু গুহ, ড হীৰেন গোহাঁই, প্ৰসেনজিৎ চৌধুৰী আদি আঙুলিৰ মূৰত গণিব পৰা কেইগৰাকীমান ব্যক্তিয়েহে বস্তুনিষ্ঠ ইতিহাস চৰ্চাত ব্ৰতী হৈ অসম ইতিহাসৰ কেতবোৰ নতুন দিশ উন্মোচন কৰিছে। এইসকলৰ কোনোজনেই কিন্তু ইতিহাসৰ আনুষ্ঠানিক ছাত্ৰ নাছিল।

গুৰুত্বপূৰ্ণ কথাটো হ’ল যে অসমত বস্তুনিষ্ঠ ইতিহাস চৰ্চাই আনুষ্ঠানিক ৰূপ পোৱাৰ পূৰ্বেই বিষ্ণু প্ৰসাদ ৰাভাই বস্তুনিষ্ঠ ইতিহাস চৰ্চাৰ বাট কাটিছিল। সৰ্বসাধাৰণৰ মুক্তিৰ স্বাৰ্থত নিজৰ জীৱন উৎসৰ্গা কৰা আৰু ৰাজনৈতিক তথা সাংস্কৃতিক কৰ্মী হিচাবে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঢপলিয়াই ফুৰা সৈনিক শিল্পী ৰাভাই প্ৰণালীবদ্ধভাৱে ইতিহাস-চৰ্চা কৰিবলৈ পৰ্যাপ্ত সময় আৰু সুযোগ পোৱা নাছিল। তথাপি, তেৱেঁই অসমৰ ইতিহাসক পৰম্পৰাগত সাম্ৰাজ্যবাদী-ঔপনিৱেশিক আৰু ভাৰতীয় বৈদিক জাতীয়তাবাদী দৃষ্টিভংগীৰ পৰা মুক্ত কৰিব খুজিছিল। তেওঁ বস্তুনিষ্ঠ ইতিহাস চৰ্চাৰ প্ৰতি আগ্ৰহী হোৱাৰ মূল কাৰণ আছিল মাৰ্ক্সবাদৰ প্ৰভাৱ। উল্লেখ্য যে বিংশ শতিকাৰ তৃতীয় দশকত ভাৰতবৰ্ষৰ সামাজিক-ৰাজনৈতিক জগতত মাৰ্ক্সবাদী সাম্যবাদ দৰ্শনে এক নতুন চিন্তা-চেতনাৰ সূচনা কৰিছিল আৰু পঞ্চম দশকৰ মাজভাগত অৰ্থাৎ ১৯৪৫ চনত বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সান্নিধ্যলৈ অহা বিষ্ণু ৰাভায়ো সেই দৰ্শন আঁকোৱালি লৈ তেওঁৰ চিন্তা-চেতনাৰ পৰ্বান্তৰ ঘটাইছিল। মাৰ্ক্সবাদে ৰাভাৰ ৰাজনৈতিক চেতনাক পৰিপক্ব আৰু বাস্তৱমুখী কৰি তোলাৰ লগে লগে তেওঁৰ ইতিহাস চেতনাক প্ৰদান কৰিলে এক নতুন আয়তন।

ৰাভাৰ ৰাজনৈতিক চেতনা আৰু ইতিহাস চেতনা একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বাবে তেওঁৰ ইতিহাস চেতনাৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ পূৰ্বে তেওঁৰ ৰাজনৈতিক চেতনাৰ বিষয়ে কিছু কথা নক’লেই নহয়। জীৱনৰ আগছোৱাত  তৎকালীন জাতীয়তাবাদী চিন্তা-চেতনাৰ পৰিৱেশৰ প্ৰভাৱত ৰাভাই বৃহত্তৰ অসম অথবা বৰ অসমৰ কল্পনা কৰিছিল। তেওঁ অসমত শংকৰী দৰ্শন আৰু সংস্কৃতিৰ পুনৰুত্থানৰ জৰিয়তে অসমৰ সকলো জনগোষ্ঠীৰ উপৰি নগা, মণিপুৰী, খাচি আদি উত্তৰ-পূৰ্বাঞ্চলৰ জাতি-জনগোষ্ঠীসমূহক সামৰি এখন বৰ অসম গঢ়াৰ সপোন দেখিছিল। কিন্তু, মাৰ্ক্সবাদত দীক্ষা লোৱাৰ পাছত ৰাভাই নতুনকৈ উপলব্ধি কৰিলে যে ব্ৰিটিছ-ভাৰতীয়, অসমীয়া-বঙালী, বড়ো-মিচিং— এনে সাম্প্ৰদায়িক পৰিচয় আৰু চিন্তা বাস্তৱ পৰিস্থিতিক বুজিবৰ বাবে আৰু তাক পৰিৱৰ্তন কৰিবৰ বাবে যথেষ্ট হ’ব নোৱাৰে। কেৱল ভাৰতীয় পৰিচয়ৰ মাজত নহয়; অসমীয়া বা বড়ো পৰিচয়ৰ মাজতো এপিনে শোষক-শাসক শ্ৰেণী আছে আৰু আনপিনে শোষিত-শাসিত শ্ৰেণী আছে। শোষক-শাসকৰূপী ধনী জমিদাৰ-পুঁজিপতি শ্ৰেণীটোৱে অসমীয়া বা বড়ো ভাষা-সংস্কৃতিক ৰক্ষা নকৰে। তেওঁ কল্পনা কৰা বৰ অসমৰ ব্ৰহ্মপুত্ৰ-সদৃশ বাৰে ৰহণীয়া ভাষা-সংস্কৃতিৰ ৰথখন চলাই নিয়ে নিষ্পেষিত-নিপীড়িত হালোৱা-হজুৱা, তল-মজলীয়া শ্ৰেণীৰ সংখ্যাগৰিষ্ঠ জনতাইহে। তেনে কাৰণতে পৰিণত বয়সত ৰাভাই উপলব্ধি কৰিলে যে বৰ অসম নিৰ্মাণৰ প্ৰক্ৰিয়া মাৰ্ক্সকথিত শ্ৰেণীসংগ্ৰামৰ পথতহে সম্ভৱ; বিশুদ্ধ জাতীয়তাবাদী পথেৰে নহয়।

থলুৱা ঐতিহ্য আৰু পৰম্পৰাৰ সৈতে নিবিড় সম্পৰ্ক থকা ৰাভাই মাৰ্ক্সবাদক অসমীয়া বা ভাৰতীয় পৰম্পৰাৰে ব্যাখ্যা কৰিবলৈ সততে প্ৰয়াস কৰিছিল। সেই বাবে এই বহিৰাগত দৰ্শনক অসমৰ তৎকালীন জনসাধাৰণে আদৰি ল’বলৈ উদ্বুদ্ধ হৈছিল। তেওঁ হাতত অস্ত্ৰ লৈ ফুৰাৰ সম্পৰ্কত কৈছিল যে ভাৰতীয় ঐতিহ্যৰ প্ৰতীক শ্ৰীকৃষ্ণয়ো দুস্কৃতি নাশিবৰ বাবে সুদৰ্শন চক্ৰ ধাৰণ কৰিছিল। তেওঁ অসমৰ প্ৰাচীন সমাজ ব্যৱস্থাৰ মাজত উপলব্ধ সাম্যবাদী উপাদানবোৰ সন্ধান কৰি সেইবোৰ জনপ্ৰিয় কৰিবলৈ প্ৰচেষ্টা চলাইছিল। তেনে এক থলুৱা উপাদান পঞ্চায়তীৰাজৰ বিষয়ে তেওঁ গীতৰ জৰিয়তে উত্থাপন কৰি জনসাধাৰণৰ মাজত পঞ্চায়তীৰাজৰ ধাৰণা প্ৰচাৰ কৰিছিল।

সি যি হওক, বিষ্ণু প্ৰসাদ ৰাভাৰ কাপৰপৰা বিশুদ্ধ ইতিহাস বা বুৰঞ্জী বিষয়ক গ্ৰন্থ, প্ৰবন্ধ আদি খুব কমেই প্ৰসৱ হৈছিল। তেওঁৰ বিস্তৃত ৰচনা সম্ভাৰৰ ভিতৰত কেৱল ‘সৰ্বানন্দ সিংহ, ৰাঘৱ সিংহ আৰু মায়ামৰীয়া বিদ্ৰোহ’ গ্ৰন্থখনকেই পূৰ্ণাংগ বুৰঞ্জীমূলক গ্ৰন্থ বুলি ক’ব পাৰি। এই গ্ৰন্থখনত তেওঁ সৰ্বানন্দ সিংহ আৰু ৰাঘৱ সিংহ চৰিত্ৰ দুটাক কেন্দ্ৰ কৰি ঐতিহাসিক মোৱামৰীয়া বিদ্ৰোহৰ ঘটনাৱলীৰ উপৰি আহোম ৰাজত্বৰ শেষৰ চোৱা ইতিহাসক সামৰি লৈছে। মোৱামৰীয়াসকলে কেনেকৈ সংগঠিত হৈ যুদ্ধ কৰিবলৈ গৈছিল, কি বুলি ৰণধ্বনি দি শত্ৰুপক্ষৰ মাজত আতংকৰ সৃষ্টি কৰিছিল, গুৰুৰ প্ৰতি তেওঁলোকৰ ভক্তি কেনে অচল আছিল — এই সকলোবোৰ তেওঁ পুংখানুপুংখভাবে বৰ্ণনা কৰিছে। গ্ৰন্থখনিত সৰ্বানন্দ সিংহ, কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা আদি ব্যক্তিসকলৰ চৰিত্ৰ যথাযথভাবে ফুটাই তোলাৰ লগতে বিভিন্ন ঠাইৰ ইতিবৃত্তও বৰ্ণনা কৰিছে।

মোৱামৰীয়া বিদ্ৰোহৰ বস্তুনিষ্ঠ অধ্যয়নে এই কথা পোহৰলৈ আনিছে যে কেৱল ধৰ্মীয় সংঘাতৰ ফলতেই মোৱামৰীয়া বিদ্ৰোহ উদ্ভৱ হোৱা নাছিল, আহোম ৰাজতন্ত্ৰৰ অৰ্থনৈতিক শোষণেও বিদ্ৰোহত সাৰ-পানী যোগান ধৰিছিল। ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ ‘মোৱামৰীয়া গণ-অভ্যুত্থান’ (১৯৯৮), দ০ দেৱব্ৰত শৰ্মাৰ ‘মোৱামৰীয়া মহবিদ্ৰোহ : এক ত্ৰি-মাত্ৰিক গণ-অভ্যুত্থান’ (২০১৮) আদি গ্ৰন্থত মোৱামৰীয়া বিদ্ৰোহৰ আঁৰৰ কাৰণসমূহ যুক্তি সহকাৰে বৰ্ণিত হৈছে। কিন্তু, ৰাভাই ‘সৰ্বানন্দ সিংহ, ৰাঘৱ সিংহ আৰু মায়ামৰীয়া বিদ্ৰোহ’ শীৰ্ষক গ্ৰন্থখনত অৰ্থনৈতিক শোষণৰ প্ৰসংগটো এবাৰৰ বাবেও উত্থাপন নকৰাত আৰু গ্ৰন্থখনত বৰ্ণিত অলৌকিক ঘটনাবোৰৰো কোনো বাস্তৱসন্মত ব্যাখ্যা নিদিয়াত তেওঁৰ ইতিহাস চেতনাই পূৰ্ণতা লাভ নকৰিলে। মাৰ্ক্সবাদত দীক্ষা লোৱাৰ পাছত এই বুৰঞ্জীখন প্ৰণয়ন কৰা হ’লে তেওঁ নিশ্চয় আহোম ৰাজতন্ত্ৰৰ অৰ্থনৈতিক শোষণৰ প্ৰসংগটো ব্যাখ্যা কৰিলেহেঁতেন আৰু বুৰঞ্জীখনত তেওঁৰ বস্তুনিষ্ঠ দৃষ্টিভংগীও ফুটি উঠিলহেঁতেন।

বুজা গ’ল, উল্লিখিত গ্ৰন্থখন প্ৰণয়নৰ সময়ত ৰাভা জাতীয়তাবাদী শিবিৰৰ এজন অন্যতম প্ৰতিনিধি আছিল। ‘বিষ্ণু প্ৰসাদ ৰচনা সম্ভাৰ’ৰ এক টোকাত উল্লেখ আছে যে ৰাভাই এই গ্ৰন্থখন পানীতোলাত ১৯৪৩ চনৰ ২৮ জুলাইত লিখিবলৈ আৰম্ভ কৰিছিল।  একেখন ৰচনা সম্ভাৰত ৰাভাই ১৯৪৪-৪৫ চনত উজনি অসম ভ্ৰমণ কৰাৰ লগতে অবিভক্ত ডিব্ৰুগড় জিলাৰ লংকেশ্বৰ গোহাঁই, জগত চন্দ্ৰ হাজৰিকা আদিৰ সহযোগত পুৰণি পুথি-পাঁজি গোটাই মৰাণ-মটক বুৰঞ্জী ৰচিছিল বুলি উল্লেখ থাকিলেও অনুমান কৰিবলৈ অসুবিধা নহয় যে ৰাভাই বুৰঞ্জীখন বিপ্লৱী কমিউনিষ্ট পাৰ্টিত যোগদান কৰাৰ পূৰ্বেই ৰচনা কৰিছিল। জাতীয়তাবাদী ঐতিহাসিকসকলে মোৱামৰীয়া বিদ্ৰোহৰ প্ৰতি বিৰূপ মনোভাৱ পোষণ কৰাৰ সময়তে এই বিদ্ৰোহক লৈ এখন পূৰ্ণাংগ বুৰঞ্জী ৰচনা কৰাটো এক তাৎপৰ্যপূৰ্ণ ঘটনা আছিল।

‘সৰ্বানন্দ সিংহ, ৰাঘৱ সিংহ আৰু মায়ামৰীয়া বিদ্ৰোহ’ গ্ৰন্থত ৰাভাৰ বস্তুনিষ্ঠ ইতিহাস চেতনা পৰিলক্ষিত নহ’লেও তেওঁক নিঃসন্দেহে প্ৰান্তীয় ইতিহাস চৰ্চাৰ বাটকটীয়া ঐতিহাসিক বুলি অভিহিত কৰিব পাৰি। কিয়নো, ৰাভাই মায়ামৰীয়া বা মোৱামৰীয়া বিদ্ৰোহক লৈ বুৰঞ্জী প্ৰণয়ন কৰাৰ সময়ত অসমৰ বেছিভাগ জাতীয়তাবাদী কবি-সাহিত্যিক মূলতঃ আহোম-কোচ ৰাজত্বৰ অতীত গৌৰৱ স্মৰণত ব্যস্ত হৈ আছিল। তেওঁলোকে অসম বুৰঞ্জীৰ উল্লেখযোগ্য চৰিত্ৰ লচিত বৰফুকন, চিলাৰায়, মূলাগাভৰু, জয়মতী আদিক সৃষ্টিশীল সাহিত্যত স্থান দি অসমবাসীৰ সুপ্ত জাতীয় চেতনা জগাই তুলিবলৈ প্ৰয়াস কৰিছিল। এইসকল কবি-সাহিত্যিকৰ লগতে তৎকালীন বহু ঐতিহাসিকে মোৱামৰীয়া বিদ্ৰোহৰ দৰে প্ৰজা বিদ্ৰোহ বা সৰ্বানন্দ সিংহৰ দৰে বিদ্ৰোহী চৰিত্ৰক উপেক্ষা কৰিয়েই চলিছিল। তেওঁলোকৰ বেছিভাগেই বিশ্বাস কৰিছিল যে মোৱামৰীয়া বিদ্ৰোহৰ ফলতে অসম ধ্বংস হ’ল। এনে ভ্ৰান্ত বিশ্বাসৰপৰা লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে প্ৰতিষ্ঠিত সাহিত্যিকো মুক্ত হ’ব পৰা নাছিল। বেজবৰুৱাই ‘বীণ বৰাগী’ কবিতাটিত লিখিছিল —‘যদিহে গাইছে/বদন ফুকনে/কেনেকৈ আনিলে মান?/ কেনেকৈ মৰাণে/অসম ধ্বংসিলে/যদিহে গাইছে গান?/মণিৰাম পিয়লিৰ/মৰণ বাতৰি যদি/তোৰ বীণে গায়?/মানা কৰ তাক/বৰাগী ককাই ঐ!/শোকে মোক উথলায়।’

ৰাভাই জীৱন কালত মাথোন এখন পূৰ্ণাংগ বুৰঞ্জীমূলক গ্ৰন্থ প্ৰণয়ন কৰিলেও তেওঁৰ বহু ৰচনা, প্ৰবন্ধ, অভিভাষণ আদিত ইতিহাস চৰ্চাৰ নিদৰ্শন পোৱা যায় আৰু সিবোৰত তেওঁৰ বস্তুনিষ্ঠ দৃষ্টিভংগী কম-বেছি পৰিমাণে ফুটি উঠিছে। তেওঁ ‘অসমীয়া কৃষ্টিৰ চমু আভাস’, ‘অতীত অসম’, ‘জনজাতীয় সংস্কৃতিত শিৱ’ আদি লেখাসমূহত খণ্ডিত ৰূপত হ’লেও ইতিহাসৰ বিভিন্ন প্ৰসংগ উপস্থাপন কৰিছে। ৰাভাৰ ইতিহাস চৰ্চাৰ পৰিসৰ কেৱল অসম বা উত্তৰ-পূৰ্বাঞ্চলতে আবদ্ধ নাছিল; তেওঁ চীন, ছোভিয়েট ৰাছিয়া আদি কমিউনিষ্ট দেশসমূহৰ বিভিন্ন বিপ্লৱৰ ইতিহাস আৰু কমিউনিষ্ট সংগঠনবোৰৰ বিষয়ে বিস্তৃতভাবে অধ্যয়ন কৰি কেইবাটাও মূল্যবান টোকা লিখি থৈ গৈছিল। বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰৰ ‘ৰাজনৈতিক বিচিত্ৰা’ আৰু ‘তলসৰা’ শীৰ্ষক শিতান দুটাত সন্নিৱিষ্ট লেখাসমূহতো তেওঁ সাম্যবাদী বিপ্লৱৰ ইতিহাসৰ উপৰি অন্যান্য সমসাময়িক ৰাজনৈতিক উত্থান-পতনৰ বিষয়ে আলোচনা কৰি গৈছে।

এইখিনিতে ক’ব লাগিব যে বিষ্ণু প্ৰসাদ ৰাভাৰ ৰচনা সম্ভাৰত সন্নিৱিষ্ট বেছিভাগ লেখাই অসম্পূৰ্ণ আৰু পূৰ্বে অপ্ৰকাশিত। ৰাভাই জীৱন কালতে সেই লেখাসমূহ নিজে প্ৰকাশৰ ব্যৱস্থা কৰি যাব পৰা হ’লে নিঃসন্দেহে বহু লেখাই পূৰ্ণাংগ, পুনৰ্লিখিত আৰু সংস্কৃত অৱস্থাত পোৱা গ’লহেঁতেন। তেওঁৰ বেছিভাগ ৰচনা বা লেখা নিতান্তই চুটি চুটি। বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰৰ মুখ্য সম্পাদক যোগেশ দাসৰ মতে—‘এইবিলাক টোকা হিচাপেই লিখা হৈছিল নে ৰাভাদেৱৰ কিছুমান ৰচনাৰ ভঙ্গীয়েই এনেকুৱা আছিল, সেইটো নিশ্চিত কৰিব পৰা নগ’ল। … ৰাভাদেৱৰ নিচিনা অত্যন্ত ব্যস্ত ব্যক্তি আৰু কলা, সাহিত্য, ৰাজনীতি আদি বিভিন্ন ক্ষেত্ৰত বিচৰণ কৰা এজন লোকৰ হয়তো ইচ্ছা থকা সত্ত্বেও বহুত লেখা চমুতে সামৰিব লগাত পৰিছিল।’

সি যি হওক, বিষ্ণু প্ৰসাদ ৰাভাৰ বস্তুনিষ্ঠ ইতিহাস চেতনা ‘মানৱ জাতি’, ‘অতীত অসম’ আদি প্ৰবন্ধত সুন্দৰকৈ ফুটি উঠিছে। ‘মানৱ জাতি’ শীৰ্ষক প্ৰবন্ধত তেওঁ পৃথিৱীৰ উৎপত্তি, মানৱ জাতিৰ ক্ৰমবিৱৰ্তন, আদিম সাম্যবাদী সমাজ ব্যৱস্থা আদি সম্পৰ্কত বিজ্ঞানসন্মত ব্যাখ্যা আগবঢ়াই থৈ গৈছে। প্ৰবন্ধটো পঢ়ি সহজেই অনুমান কৰিব পাৰি যে তেওঁ ডাৰউইনৰ বিৱৰ্তনবাদ তত্ত্বৰ সৈতে সুপৰিচিত আছিল আৰু ফ্ৰেডৰিক এংগেলছৰ পৰিয়াল, ব্যক্তিগত মালিকানা আৰু ৰাষ্ট্ৰৰ উৎপত্তি  (ইংৰাজী সংস্কৰণ, ১৯০২)ৰ নিচিনা মূল্যবান গ্ৰন্থ খৰছি মাৰি অধ্যয়ন কৰিছিল। সেইদৰে, ‘অতীত অসম’ প্ৰবন্ধত তেওঁৰ নৃতাত্ত্বিক আৰু ভূতাত্ত্বিক জ্ঞানৰ গভীৰতা ফুটি উঠিছে। তেওঁ বিৱৰ্তনবাদৰ আলোকত অসমৰ প্ৰাচীন অধিবাসীসকলৰ ইতিহাস বস্তুনিষ্ঠভাবে অনুসন্ধান কৰাৰ লগতে অতীত অসমৰ ভূ-তাত্ত্বিক ৰূপৰেখা প্ৰাঞ্জল ভাষাত বৰ্ণনা কৰিছে।

 ‘অসমীয়া কৃষ্টি’ শীৰ্ষক অভিভাষণখনত ৰাভাই অবিভক্ত অসমলৈ বিভিন্ন মানৱ প্ৰজাতিৰ প্ৰব্ৰজন, তেওঁলোকৰ বিবিধ সাংস্কৃতিক অৱদান, অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আদি বিভিন্ন প্ৰসংগ বিক্ষিপ্ত ৰূপত বৰ্ণনা কৰিছে। অৱশ্যে, এই অভিভাষণখনত তেওঁ কিছুমান পুৰাকথাকো ইতিহাসৰ সমল হিচাবে প্ৰক্ষেপ নকৰা নহয়। উদাহৰণস্বৰূপে, শ্ৰীকৃষ্ণ অসমলৈ আহি ভীষ্মকৰ কন্যা ৰুক্মিণীক হৰণ কৰা বা বাণৰ জীয়ৰী ঊষাক অনিৰুদ্ধলৈ বিয়া পাতি নিয়া আদি কাৰ্যই অসমত আৰ্য সভ্যতা বিস্তাৰ কৰিছিল বুলি বৰ্ণনা কৰিছে। কিন্তু, এনে কথাবোৰৰ কোনো ঐতিহাসিক ভিত্তি নাই। শদিয়ালৈ চুতীয়াসকলৰ প্ৰব্ৰজন ঐতিহাসিক সত্য হ’লেও অসমৰ শদিয়া অঞ্চলত বিদৰ্ভ নামে ৰাজ্য থকাটো ইতিহাসে স্বীকাৰ নকৰে। ‘ৰমন্যাসিক ঐতিহাসিকসকলে অসমৰ প্ৰাচীন জনগোষ্ঠীসমূহক আৰ্যীকৰণ কৰাৰ স্বাৰ্থতে বৰ্তমানৰ মহাৰাষ্ট্ৰৰ বিৰ্দভক তুলি আনি শদিয়াত এখন কল্পিত বিৰ্দভ ৰাজ্যৰ সৃষ্টি কৰিছিল। তেওঁলোকে উত্তৰ ভাৰতৰ হিড়িম্বাক ডিমাপুৰলৈ আনি, ঊৰিষ্যাৰ চিত্ৰাংগদাক মণিপুৰলৈ আনি আৰু পুনাৰ অঞ্চলৰ উষাক তেজপুৰলৈ আনি আধুনিক ইতিহাস ৰচনাৰ নামত কাল্পনিক কাহিনীহে লিখিছিল। হিন্দু ধৰ্মৰ পুৰা কাহিনীৰ আধাৰত প্ৰাচীন অসমৰ ইতিহাস লিখিবলৈ গৈ আৰ্য সভ্যতাক গৰিমময় ৰূপ দিয়াৰ বিপৰীতে অসমৰ প্ৰাচীন জনগোষ্ঠীসমূহৰ সভ্যতা-সংস্কৃতিক চৰম উপেক্ষা কৰা হ’ল।’ 

লক্ষণীয় যে বিংশ শতিকাৰ প্ৰাৰম্ভতে কাকত-আলোচনীৰ পাতত অসমৰ কেইবাটাও মংগোলীয় জনগোষ্ঠীৰ সুকীয়া ঐতিহাসিক বিৱৰণ প্ৰকাশ হৈছিল। সেই বিৱৰণবোৰ পঢ়ি ৰাভা সন্তুষ্ট হোৱা নাছিল বাবেই তেওঁ ‘জনজাতীয় সংস্কৃতিত শিৱ’ নামৰ ৰচনাখনত কৈছিল যে অসমৰ পৰ্বত আৰু ভৈয়ামৰ জনজাতিসকলৰ বিষয়ে ভালকৈ ‘তাত্ত্বিক’ আৰু ‘তাথ্যিক’ আলোচনা তথা ‘গুঢ় গৱেষণা’ হোৱা নাই। বহু পণ্ডিতে জনজাতিসকলৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে মূলতঃ বেদ, বেদান্ত, উপনিষদ, পুৰাণ আদিক সাৰথি কৰি গৱেষণাত মনোনিৱেশ কৰাৰ ফলত অনেক সমস্যা আৰু বিসংগতিৰ সৃষ্টি হৈ আহিছে। তেওঁৰ মতে, এই সমস্যা আৰু বিসংগতিবোৰ আঁতৰ কৰিবলৈ হ’লে গৱেষকসকল ‘জনজাতিৰ হিয়াৰ আমঠু, কলিজাৰ এডুখৰি আৰু বুকুৰ এফাল হ’বলৈ শিকিব লাগিব।’ তেওঁ একেখন ৰচনাত আৰু কৈছিল—‘এটা জাতিৰ লগত আন এটা জাতিৰ সমন্বয় হ’বলৈ হ’লে পৰস্পৰৰ ভিতৰত উভয়ৰ বিষয়ে সম্পূৰ্ণ জ্ঞান থকা উচিত। নিজৰ ধৰ্ম, কৃষ্টি, সমাজ আৰু সংস্কৃতিৰ উপৰি আনৰ ধৰ্ম, কৃষ্টি, সমাজ আৰু সংস্কৃতিৰ বিষয়ে গভীৰ জ্ঞান থকা উচিত। পৰস্পৰৰ ভিতৰত অকৃত্ৰিম আৰু আন্তৰিক শ্ৰদ্ধা ৰাখি কালৰ ৰথৰ চকাৰ অগ্ৰগতিৰ তালে তালে প্ৰগতিৰ অসীম বাটেদি অগ্ৰসৰ হোৱা উচিত।’

অসমৰ সৰু-বৰ জনগোষ্ঠীসমূহৰ সৈতে মধুৰ আৰু গভীৰ সম্পৰ্ক গঢ়ি তোলা ৰাভাই সঠিকভাবেই উপলব্ধি কৰিছিল যে এই জনগোষ্ঠীসমূহৰ মাজত অকৃত্ৰিম আৰু অযান্ত্ৰিক সমন্বয় নঘটিলে অসমৰ প্ৰগতি সম্ভৱপৰ নহয়। জনগোষ্ঠীসমূহৰ মাজত নিৰ্ভেজাল সমন্বয়ৰ পৰিৱেশ ৰচনা কৰাৰ স্বাৰ্থতে তেওঁ অসমীয়া জাতিসত্তা আৰু সংস্কৃতিৰ ৰাজহাড়সদৃশ জনগোষ্ঠীসমূহে সমাধিকাৰ আৰু সমমৰ্যাদা লাভ কৰাটোত সদায়ে গুৰুত্ব দিছিল। আৰ্যসকলৰ অসম আগমনৰ পাছৰ পৰাই নিজ জন্মভূমিত সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে অবদমিত, অত্যাচাৰিত আৰু অৱহেলিত হৈ অহা জনজাতীয়সকলৰ প্ৰতি আধুনিক বৰ্ণহিন্দু অসমীয়া নেতৃত্বৰ দৃষ্টিভংগী হ’ব লাগিছিল উদাৰ আৰু বন্ধুত্বপূৰ্ণ। কিন্তু, স্বাধীনতাৰ আগে-পিছে অসমৰ  ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনতেই হওক বা ৰাজনৈতিক ক্ষেত্ৰখনতেই হওক অগ্ৰণী নেতাৰ ৰূপত আত্মপ্ৰকাশ কৰা বেছিভাগ বৰ্ণহিন্দুৰ আচাৰ-ব্যৱহাৰ আৰু চিন্তা-চৰ্চাত চূড়ান্ত আধিপত্যবাদী মনোভাব আৰু জনগোষ্ঠী বা জনজাতি বিদ্বেষ ফুটি উঠিছিল।

এই বৰ্ণহিন্দু অসমীয়া সমাজখনৰ আধিপত্যবাদক যে জনজাতীয় নেতৃত্বই সহজে মানি লৈছিল, এনে নহয়; বৰং বৰ্ণহিন্দু অসমীয়াৰ জাত্যাভিমানক প্ৰত্যাহ্বান জনাই ১৯২৯ চনত অসমলৈ অহা চাইমন কমিচনৰ ওচৰত অসমৰ জনজাতি আৰু অনগ্ৰসৰ সম্প্ৰদায়ৰ তৰফৰপৰা এখন স্মাৰকপত্ৰ দাখিল কৰিছিল। স্মাৰক পত্ৰত সদৌ অসম কছাৰী যুৱ সংঘৰ সাধাৰণ সম্পাদক যাদৱ চন্দ্ৰ খাখলাৰীয়ে বড়ো-কছাৰীক অহিন্দু বুলি গণ্য কৰাৰ বাবে দাবী জনাইছিল। প্ৰভুত্বশীল সম্প্ৰদায়ৰ দ্বাৰা অৱদমিত-অত্যাচাৰিত-অৱনত জনজাতিসকলৰ আত্মচেতনা জগাই তুলিবলৈ ৰাভাই এনেদৰে আহ্বান জনাইছিল —

‘ট্ৰাইবেল! জাগ ট্ৰাইবেল!

তিয়াগি ঘুমটি তোৰ পাহৰাই নিয়া

নয়ন কুসুম মেল।

…   …  … … … … … ….

জাগিব লাগিব তই কছাৰী, মিকিৰ,

খাচী, ৰাভা, গাৰো, মিৰি, কুকী, নগা, বীৰ

খামটি, মিচিমি, আবৰ, লালুং, লুচাই,

চিংফৌ, চিনটেং, মণিপুৰী, তাই,

টিপৰা, ডিমাছা, অকা, দফলা ককাই

চুটীয়া, মদাহী, দেউৰী, টোটোলা, কোচ

হাজং, বৰাহী

জাগিব লাগিব তই জাগ

ল-চোঁ আগভাগ;

পাতিব লাগিব নৱ মেল

জাগ ট্ৰাইবেল।’

ৰাভাই ‘চিফুং বাঁহীৰ সুৰ’ শীৰ্ষক ৰচনাখনত আকৌ কৈছিল— ‘বোপা বেজাৰ নকৰিবা, কৰি জানো কিবা লাভ পাবা? শকতি গঢ়ি লোৱা; তেহে। তোমাৰ নিচিনা তেজ ফুটো ফুটো টল-মল ডেকাই ইচ্ছা কৰিলে কিনো কৰিব নোৱাৰে। অ’ আন হিন্দু-অসমীয়াই তোমাক ঘিণ কৰে বুলি। তোমাকতো ঘিণ কৰা নাই, ঘিণ কৰিছে সিহঁতে নিজকেই। কাৰণ, চোৱা, অসমীয়া কৃষ্টি কোৱা, কলা কোৱা, সাহিত্য কোৱা, সংগীত কোৱা, নৃত্য কোৱা প্ৰায়েই হয় খছাৰীৰ পৰা ধাৰ লোৱা নাইবা খছাৰীৰ আশ্ৰয় বা সহায় লৈ পোৱা। মাধৱ কন্দলিয়ে প্ৰথম অসমীয়া কবিতা পুথি ‘ৰামায়ণ’ লিখিলে কাৰ আদেশত? বৰাহী-খছাৰী মানিকফাৰ আদেশত নহয়নে? সাতঘৰ বামুণ আৰু সাতঘৰ কায়স্থ অসমলৈ কোনে আনিছিল? খছাৰী ৰমাকান্ত মেচ ওৰফে নীলধ্বজৰ খেনবংশীয় দুৰ্ল্লভ নাৰায়ণ মেচে নহয়নে? যদি আজি বামুণ কায়স্থহঁতে ঘিণেৰে তোমাক ছেই ছেই লেই লেই কৰে, ক’বা— ‘বোপাহঁত? এতিয়া আমাক হীন দেখি ঘিণ কৰিছা। একালত কিন্তু আমিয়েই তোমালোকক অসমলৈ আনিছিলো।’ যাক লৈ আজিও অসমীয়াই গৌৰৱ অনুভৱ কৰে, সেই মহাপুৰুষীয়া কৃষ্টি, কলা-সাহিত্য, নৃত্য-গীত আৰু ধৰ্ম কাৰ আশ্ৰয়ত আৰু অনুপ্ৰেৰণাত ৰচিত আৰু গঠিত হৈ অসমীয়া জাতিক সঞ্জীৱিত কৰি আছে? খছাৰী হাৰীয়া মেচৰ নাতিয়েক নৰনাৰায়ণৰ নহয়নে? তাকে কৈছোঁ কোনেও তোমাক অৱহেলা কৰিব নোৱাৰে, যদিওবা কৰে সি নিজেই অৱহেলিত হ’ব। সেই কাৰণেই কওঁ শুনা— ‘খছাৰী জাতি জীয়াই থাকিলে, অসমীয়া জাতিও জীয়াই থাকিব; খছাৰী জাতি মৰিলে অসমীয়া জাতিও মৰিব; আৰু লগে লগে পৃথিৱীৰ বুকুৰ পৰা অসম নামও চিৰকালীন মোছ খাই যাব। কাৰণ বৰ্তমান অসমৰ খছাৰী জাতি প্ৰাচীন কামৰূপৰ পৰা কামৰূপীয়া আৰু আজিৰ অসমৰ আচল অসমীয়া।’১০

বিষ্ণু প্ৰসাদ ৰাভাই অসমৰ জনজাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত দুটা দিশত অধিক গুৰুত্ব দিছিল — তাৰে এটা সাংস্কৃতিক আৰু আনটো অৰ্থনৈতিক। ড পৰমানন্দ মজুমদাৰৰ মতে— ‘জনজাতীয়সকলৰ হেৰাই যাব ধৰা সাংস্কৃতিক ঐতিহ্যক তুলি ধৰাৰ ৰাভা পক্ষপাতি আছিল। তাক সংৰক্ষণ কৰাৰো তেওঁ পোষকতা কৰিছিল। তেওঁ দেখিছিল যে ক্ৰমাৎ বাঢ়ি অহা আৰ্যপ্ৰীতিয়ে আমাৰ জাতিটোৰ গৌৰৱপূৰ্ণ অতীত মষিমূৰ কৰিব আৰু সাংস্কৃতিকভাৱে অসমত ভাৰসাম্যহীন অৱস্থা এটাৰ সৃষ্টি কৰিব। এনে ক্ষেত্ৰত মাটিৰ কৃষ্টিক উজলাই ৰাখিবলৈ আমি সকলোৱে সচেষ্ট হ’ব লাগিব। তেওঁৰ মত আছিল — অসমীয়া সমাজক একগোট কৰি গোটাব পাৰিলেহে আমাৰ আৰ্থিক, ভাষা আৰু সংস্কৃতিৰ উন্নতি হ’ব আৰু আমি জীয়াই থাকিব পাৰিম। জাতি-জনজাতিৰ ভিতৰত থানবান হ’লে প্ৰত্যেক জনগোষ্ঠী মৰিব। মূলতঃ এনে দৃষ্টিভংগী আগত ৰাখিয়েই সাম্যবাদী ৰাভাই জনজাতিসকলৰ অতীত ইতিহাসৰ প্ৰতি বস্তুনিষ্ঠ দৃষ্টি নিক্ষেপ কৰাৰ প্ৰয়াস কৰিছিল।’১১

অসমৰ জনজাতীয় বা জনগোষ্ঠীয় সমস্যাৰ সম্পৰ্কত ৰাভাই আগবঢ়াই থৈ যোৱা আলোকসন্ধানী আৰু দূৰদৰ্শী মন্তব্যসমূহ আজিও প্ৰাসংগিক হৈ আছে। লক্ষণীয় যে ৰাভাৰ এনে মন্তব্য বা চিন্তাসমূহ কিতাপগন্ধী নাছিল, জনজাতিসমূহৰ প্ৰতি থকা নিবিড় আত্মিক অনুভূতিয়েহে তেওঁৰ দৃষ্টিভংগীক এক নতুন মাত্ৰা দিছিল। এই প্ৰসংগত তেওঁ আধুনিক নৃ-বিজ্ঞানী সমাজৰ প্ৰকাৰ্যত্মবাদীসকলৰ অনুগামী আছিল বুলি ক’লেও অত্যুক্তি কৰা নহ’ব নিশ্চয়। ড ভূপেন হাজৰিকাই ৰাভাৰ চিন্তা-চৰ্চাৰ মৌলিকত্বৰ সম্পৰ্কত কৈছিল — ‘… ৰাভাই কেতিয়াও কিতাপৰ কথা নকৈছিল। তেওঁৰ যিটো তাণ্ডৱ নৃত্য আছিল, সেইেটা ‘ধাধা ধিনতা, তাতা তাকে, তিনতা, তেতে কেতে গেদে ঘিনে — এইেটা তালত তেওঁ নাচিছিল। যদিও তেওঁ কিছুমান জাঁপ দিছিল, সেয়া আছিল জনজাতীয় নাচৰ ভংগী। সেই বাবে ড ৰাধাকৃষ্ণণ জীয়াই থাকোঁতে বেনাৰস বিশ্ববিদ্যালয়ত ইমান সন্মান বিষ্ণু ৰাভাই পাইছিল।’১২

লক্ষণীয় যে ড হাজৰিকাই ‘ৰাভাই কেতিয়াও কিতাপৰ কথা নকৈছিল’ বুলি ক’লেও ৰাভাৰ গ্ৰন্থ অধ্যয়নৰ গভীৰতা তেওঁৰ ৰাজনৈতিক লেখাসমূহতে পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰৰ ‘ৰাজনৈতিক বিচিত্ৰা’ শিতানত সন্নিৱিষ্ট ‘সমাজতন্ত্ৰবাদ হ’লে কি লাভ’, ‘মে দিৱস’, ‘ছোচিয়েলিষ্ট-সমাজ আৰু কমিউনিষ্ট সমাজৰ পাৰ্থক্য’, ‘ডাইলেটিক’, ছোভিয়েটৰ নাৰী’ আদি লেখাসমূহ ৰাভাৰ গভীৰ অধ্যয়নৰ ফচল আছিল। ৰাভাৰ দ্বাৰা সৃষ্ট ‘চিখলা ৰাজ্য’, ‘ৰাজমালা’, ‘বড়ো সমাজ’ আদি বিভিন্ন জনগোষ্ঠী তথা সংস্কৃতি বিষয়ক লেখাসমূহ পঢ়ি চালেই অনুমান কৰিব পাৰি যে তেওঁ প্ৰকাশিত বা অপ্ৰকাশিত ৰূপত উপলব্ধ বিভিন্ন বুৰঞ্জী পুথিও অধ্যয়ন কৰিছিল। ৰাভাই অধ্যয়নপ্ৰসূত জ্ঞানৰ সৈতে বাস্তৱ অভিজ্ঞতা আৰু আত্মিক উপলব্ধিৰ সংমিশ্ৰণ ঘটাইছিল বাবেই তেওঁৰ চিন্তা-চৰ্চাত মৌলিকত্ব পৰিলক্ষিত হৈছিল। সন্দেহ নাই, তেওঁ প্ৰণালীবদ্ধভাৱে ইতিহাস-চৰ্চা কৰিবলৈ প্ৰয়োজনীয় সময় আৰু সুবিধা পোৱা হ’লে অসমৰ ইতিহাস-চৰ্চাৰ ক্ষেত্ৰখন বহু পৰিমাণে সমৃদ্ধ হ’লহেঁতেন।

তথ্য উৎস :

১. বিষ্ণু প্ৰসাদ ৰাভা ৰচনা সম্ভাৰ; পৃ.- ৭১১

২. বড়া, ডাঃ সৰ্বেশ্বৰ : বিষ্ণু প্ৰসাদ ৰাভা ৰচনা সম্ভাৰ; পৃ.- ব

৩. https://www.youtube.com/watch?v=3PbdNWShHN0

৪. ভূমিকা : বিষ্ণু প্ৰসাদ ৰাভা ৰচনা সম্ভাৰ; পৃ.-ণ

৫. গগৈ, টুনুজ্যোতি : বস্তুনিষ্ঠ ইতিহাস চৰ্চা : এক অৱলোকন, চকৰী ফেঁটী বুৰঞ্জীৰ নজ্বলা অধ্যায়, তৃতীয় প্ৰকাশ, ২০১৯, জে এছ পাব্লিকেশ্বনছ্‌, পৃ.-২১

৬/৭. বিষ্ণু প্ৰসাদ ৰাভা ৰচনা সম্ভাৰ; পৃ.-১০০৬

৮. কলিতা, কিশোৰ কুমাৰ ঃ অসমৰ জাতি-জনগোষ্ঠীৰ ঐক্যৰ প্ৰসংগ আৰু ৰাভাৰ দৃষ্টিভংগি, https://assam.nenow.in/

৯. বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, প্ৰথম খণ্ড, পৃ.-১৮৯-৯০

১০. বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, দ্বিতীয় খণ্ড, পৃ.-৯৪৮

১১. অসমৰ জনজাতি সমস্যা : ৰাভাৰ দৃষ্টিভংগী; বৌদ্ধিক বিচাৰ ; প্ৰথম বছৰ, নৱম সংখ্যা; জুন, ২০১৮ চন, পৃঃ ২৩, ২৭-২৮।

১২. বিষ্ণু ৰাভাৰ সান্নিধ্যত, http://bouddhikbichar.com/2017/06/05

সমল গ্ৰন্থ :

১. দাস, যোগেশ (মুখ্য সম্পাঃ) ঃ বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ (১ম আৰু ২য় খণ্ড), ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ, তেজপুৰ, দ্বিতীয় মুদ্ৰণ, ২০০৮ চন।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *