বিবিধ চিন্তা

ব্লেক এণ্ড লাভ্‌লী – (প্ৰিয়ম ডি জ্যোৎস্না)

শিৰোনামটো দেখি হয়তো সকলোৰে মনত হয়তো এনে এটা ভাৱৰে উদয় হ’ব যে মই এতিয়া কৃষ্ণাঙ্গ লোকসকলক কেন্দ্র কৰি সহানুভূতি সহিতে তেওঁলোক যে সুন্দৰ তাক পাঠকসমাজৰ সন্মুখত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিম। কিন্তু মই লেখাটো সহানুভূতিৰে লিখা নাই, লিখিছোঁ সহমর্মিতাৰে। John Connolly এ কৈছিল – ” The nature of humanity , it’s essence , is to feel another’s pain as one’s own, and to act to take that pain away.” সহানুভূতি (sympathy) আৰু সহমৰ্মিতা(empathy) ৰ মাজত যথেষ্ট প্ৰভেদ পৰিলক্ষিত হয়। দুয়োটা ধাৰণাই মানুহৰ অনুভূতিপ্ৰৱণ মনটোক প্ৰতিনিধিত্ব কৰে যদিও এটা ধাৰণাৰ মাজতহে প্ৰকৃত অৰ্থত দয়া নিহিত হৈ আছে। সহানুভূতিয়ে এনে এক মানসিকতাক সূচায় য’ত এজন মানুহ বা এটা সমুদায়ৰ যিকোনো এটা পৰিস্থিতি প্ৰকৃতাৰ্থত সম্পূৰ্ণকৈ হৃদয়ঙ্গম নকৰাকৈ কোনোৱে দুখ প্ৰকাশ কৰে। অন্যহাতে সহমৰ্মিতাই সেই দুখ-শোকবোৰৰ সৈতে নিজকে একাকাৰ কৰি দি সেই দুখৰ সমান দাবীদাৰ হৈ উঠাক সূচায় । সহমৰ্মিতাৰ বাবে মানসিক কাৰ্যদক্ষতা আৰু কল্পনাশক্তিৰ প্ৰয়োজন হয়। কিন্তু সহানুভূতিক কেৱল ওঁঠৰ সামান্য কম্পন অথবা লৰ-চৰ আৰু স্বীকৃতিৰ প্ৰয়োজন। সেইকাৰণে মানৱ সমাজত সহানুভূতিতকৈ সহমৰ্মিতাৰ স্থান উচ্চ। Black Lives Matter ,আজিকালি এক উভয়নিষ্ঠ বাক্যলৈ ৰূপান্তৰিত হৈছে। তথাপি মোৰ কাৰণে প্ৰায় আটাইবোৰ বিষয়ে নতুন, যাক কিছু নব্য চিন্তা-চেতনাৰে আলোচনা কৰাৰ থল আছে। অলপদিনৰ আগতে এনে এটা বিষয়ত বন্ধু এজনৰ সৈতে আলোচনা কৰি থাকোঁতে তেওঁ মোক বিখ্যাত আমেৰিকান লেখিকা হাৰ্পাৰ লীৰ ১৯৬০ চনত প্ৰকাশিত বহুল পঠিত পুলিৎজাৰ বঁটাৰে সন্মানিত উপন্যাস To kill a Mockingbird ৰ এটা উদ্ধৃতি দি কৈছিল – “You never really understand a person until you consider things from his point of view…Until you climb inside of his skin and walk around in it.. ” তেনেকৈ আন কেবাখনো বিখ্যাত কিতাপৰ কথা মোৰ মনলৈ আহিল। তাৰ ভিতৰত ১৯৫২ চনত প্ৰকাশিত Frantz Fanon ৰ “Black Skin, White Masks” কিতাপখন উল্লেখযোগ্য। কিতাপখনৰ ” The Black man wants to be White ” বাক্যটো হয়তো ভৱিষ্যতেও গুৰুত্বপূৰ্ণ হৈ থাকিব। লেখকে এই গ্ৰন্থখনত কৃষ্ণাঙ্গ লোকৰ জীৱন, মন,চিন্তা-ভাৱনা আৰু অনুভৱক প্ৰৱল তাত্ত্বিক, লাক্ষণিক, সাহিত্যিক আৰু ৰাজনৈতিক বিশ্লেষণৰ মাজেৰে নিখুঁতকৈ বৰ্ণনা কৰিছে। কিতাপখনত কৃষ্ণাঙ্গ লোকসকল শ্বেতাঙ্গ হ’বৰ বাবে মন মেলাৰ কথা উল্লেখ কৰা হৈছে। কিয়নো তেওঁলোকে বিশ্বাস কৰে যে বগা ৰঙটোৱে শক্তিক প্ৰতিফলিত কৰে। কিন্তু আমাৰ সমাজত এই শক্তিৰ উপৰিও বগা ৰঙটো সৌন্দর্যৰ প্ৰতীক বুলি প্ৰায় গণ্য কৰা হয়। আগতে বিদ্যালয়ত মোৰ ছালৰ ৰং সামান্য ক’লা হোৱাৰ বাবেই কোনো কোনো বন্ধু-বান্ধৱীয়ে তাচ্ছিল্যসূচকভাৱে নিজৰ ছালৰ ৰঙৰ লগত তুলনা কৰি কিবা এষাৰ কোৱাৰ উপৰিও দূৰৈৰ কোনোবা আত্মীয়ই “ছোৱালীজনী ক’লা হ’ল পায় ” – এই কথাষাৰে শিশুৰ মনোজগতত কি প্ৰভাৱ পেলাব বিচাৰ নকৰি বিনাদ্বিধাৰে কৈ পেলাইছিল । মাৰ ওচৰত গৈ ছালৰ ৰঙক লৈ অভিযোগ দিয়াৰ উপৰিও গালত জিলিকাই তুলিছিলো পানীৰ ক্ষুদ্র ক্ষুদ্র কণিকা। তৎমুহূৰ্ততে মায়ে মোৰ চকুৰ সন্মুখত মুকলি দিছিল কৰ্মনিৰ্ভৰ সফলতাৰ অবিস্মৰণীয় সৌন্দর্যৰ ক’লা অথচ উজ্জ্বল প্ৰতিভাবোৰৰ বিখ্যাত চিত্ৰবোৰ। ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰীধাৰী মায়ে মোৰ সজল দুচকুলৈ চাই কৈছিল – ” The true beauty is person’s best inherent qualities of character and mind.” যদি আমি বগা ৰঙৰ মানুহবোৰক ক’লা ৰঙৰ মানুহৰ দৰে ব্যৱহাৰ কৰোঁ তেতিয়া কথাবোৰ কেনেকুৱা হ’ব ভাবি চাইছোঁনে? ধৰি লোৱা হ’ল আপুনি বহুত বগা। আপুনি গাখীৰ খাই আছে। আপোনাৰ ঘৰৰ কোনোবা এজন সদস্য আহি আপোনাক ক’ব – ” আকৌ গাখীৰ খাইছ’? আৰু বগা হ’লে বৰ বেয়া কথা হ’ব। নাকটো বন্ধ কৰি চাহ একাপ খা যা আৰু মই মেহেন্দীৰ প্ৰলেপ এটা তৈয়াৰ কৰি থৈছোঁ, আধা ঘন্টাৰ বাবে মুখত সানি থ’বি।একদম ধুনীয়া ক’লিজনী হৈ পৰিবি।” আকৌ ধৰি লোৱা হ’ল বাতৰিকাকতত কইনাৰ সন্ধানত কোনোবাই বিজ্ঞাপন দিছে – ” Looking for a tall, dusky bride.. ” মাকে জীয়েকক সান্ত্বনা দিছে – ” তই ইমান বগা নহয় দে। তই তেনেই সামান্যহে বগা ( light whitish) বা তই হালধীয়াবৰণৰ( yellowish)।” কোনোবাই প্ৰথমবাৰ লগ পাই কৈছে – ” তোমাক ফটোবোৰত বেছি ক’লা যেন দেখি।” টিভিত ১০ টকীয়া ” Dark and Lovely ” বা বাকী ডাৰ্কনেছ ক্ৰীমবোৰৰ বিজ্ঞাপন চলি আছে – ” এইটো ঘঁহক আৰু মাত্ৰ ১০ দিনতে ক’লা ধুনীয়া ৰঙৰ অধিকাৰী হৈ পৰক। ” হাস্যাত্মক আৰু অদ্ভুত নহয়নে? যদি এইটো হাস্যাত্মক তেতিয়াহ’লে ক’লা ৰঙৰ মানুহবোৰৰ লগত এই কথাবোৰ তেনেই সাধাৰণ কথা হিচাপে কিয় বিবেচনা কৰা হয় বা ক’লা ৰঙৰ মানুহখিনিক এনেকৈ ক’লে অদ্ভুত যেন কিয় অনুভৱ নহয়? আমেৰিকাৰ এজন কৃষ্ণাঙ্গ চিকিৎসক জুনৌ ৰবিন্সে ২০১৪ চনত তেওঁৰ এটা প্ৰৱন্ধত লিখিছিল – ” I have no need for your sympathy, I welcome your empathy, yet require neither to grow into the highest version of human being the creator would intend me to become. ” তেওঁৰ মতে বাহিৰৰ পৰা লক্ষ্য কৰিলে তেওঁলোকৰ জীৱনবোৰত বহুত বেছি কষ্ট আছে যেন নালাগে। এটা সুন্দৰ পৰিয়াল, এটা আৰামদায়ক ঘৰ আৰু এক গভীৰ সামাজিক বন্ধন। কিন্তু আভ্যন্তৰীণ ব্যৱস্থাটো সম্পূৰ্ণভাৱে পৃথক। ভিতৰৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে প্ৰতিপদে তেওঁলোকে তেওঁলোকৰ সমুদায় আৰু ছালৰ ৰঙক লৈ কৰা তিৰস্কাৰ,অপমান আৰু নিন্দাৰ লগত যুঁজ-বাগৰ কৰি জীৱন অতিবাহিত কৰিব লাগে। ট্ৰেভন মাৰ্টিনৰ ঘটনাটো হয়তো প্ৰায় সকলোৰে জ্ঞাত। ২০১২ চনৰ ২৬ ফেব্রুৱাৰীত আফ্ৰিকান আমেৰিকান কৃষ্ণাঙ্গ ট্ৰেভনক জৰ্জ জিমাৰমেন নামৰ এজন শ্বেতাঙ্গই গুলিয়াই হত্যা কৰিছিল। জিমাৰমেনৰ দেউতাক আছিল এজন শ্বেতাঙ্গ লোক আৰু মাক আছিল হিস্পৈনিক (The term Hispanic refers to people, cultures, or countries related to Spain,Spanish language, culture, or people.) । এই ঘটনাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰজাতিৰ ৰূপৰেখা আৰু আত্মৰক্ষা আইনক ক্ষেত্ৰ কৰি স্থান পাইছিল। জিমাৰমেনক শেষত Second degree murder ভিত্তিত দোষী সাব্যস্ত কৰা হৈছিল।২০১৩ চনৰ ১৩ জুলাইৰ পৰা ফেচবুকত ট্ৰেভনক সমৰ্থন কৰি আমেৰিকান নাগৰিক অধিকাৰ সুৰক্ষাৰ অন্যতম কাৰ্যকৰ্তা এলিচিয়া গাৰ্জাই বিখ্যাত “Black lives matter” শীৰ্ষক পৰিভাষাৰ প্ৰচাৰ চলাইছিল যি পিছত সবৰ্ত্ৰে এক আলোচনাৰ বিষয় হৈ পৰিছিল। তেনেকৈ মাৰ্ক ব্ৰাউন আৰু এৰিক গাৰ্নাৰৰ ঘটনাটোৰ সময়ত গ্ৰেণ্ডজুৰীৰ পদচ্যুতিৰ ঘটনাই নিঃসন্দেহে মাৰ্টিন লুথাৰ জুনিয়ৰৰ সেই বিখ্যাত ভাষণৰ কিয়দাংশটোৰ বিৰুদ্ধাচৰণ কৰা দেখা যায় – “We hold these truths to be self -evident, that all men are created equal. ” ভাৰতত ঋকবেদৰ সময়ত বৈশ্য আৰু শূদ্ৰ সমাজৰ মানুহক নিম্নখাপৰ আখ্যা দিয়াৰ লগতে তেওঁলোকৰ ছালৰ ৰং ক’লা আছিল বুলি কোনো কোনো ঠাইত কোৱা হয়। তেনেকৈ আৰ্যসকলক বগা আৰু দস্যুসকলক ক’লা ৰঙৰ বুলি ব্যাখ্যা কৰা দেখা যায়। অৱশ্যে অতুলনীয় শক্তি আৰু সাহসৰ বাহক বিষ্ণুৰ প্ৰতীক শ্ৰীকৃষ্ণক কিন্তু ক’লা ৰঙৰ বুলিয়েই বৰ্ণনা কৰা হৈছে। তেনেকৈ মহাভাৰতৰ প্ৰমুখ নাৰী চৰিত্ৰ দ্ৰৌপদীকো “young, dark and beautiful ” বুলি বৰ্ণনা কৰা হৈছে। তাৰোপৰি দেৱী পাৰ্বতী আৰু কালীকো “dark but exceedingly beautiful” বুলি আখ্যা দিয়া হয়। যিমানেই বগা-ক’লাৰ মাজত প্ৰভেদ নাৰাখোঁ বা নাই বুলি ক’লেও অলপ দিনৰ আগতে ছ’চিয়েল মিডিয়াত বিয়পি পৰা এটা প’ষ্টে কেনেকৈ সৰুৰে পৰা ক’লা আৰু বগা ৰঙৰ ধাৰণাটোৱে আমাৰ মনত ক্ৰমান্বয়ে গঢ় লয় তাকে সূচায়। প্ৰথম-দ্বিতীয় শ্ৰেণীৰ ইংৰাজীৰ কিতাপত বগা ৰঙক প্ৰতিনিধিত্ব কৰা মহিলাগৰাকীক “beautiful ” আৰু শাৰী পিন্ধা ক’লা ৰঙৰ মানুহগৰাকীক “ugly” বুলি সৰু ল’ৰা- ছোৱালীৰ মনত প্ৰতিষ্ঠা কৰিলে মানুহবোৰৰ পৰা আৰু কি আশা কৰিব পৰা যায়? ১৯৩৯ চনতে Jane Bolin নামৰ মহিলাগৰাকী প্ৰথম কৃষ্ণাঙ্গ মহিলা বিচাৰক হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ লগতে তেওঁ য়েল আইন বিদ্যালয় ( Yale Law school) ৰ পৰা স্নাতক ডিগ্ৰীধাৰী প্ৰথম কৃষ্ণাঙ্গ মহিলা হিচাপে পৰিগণিত হৈছিল। ঘৰুৱা হিংসা-সমস্যাৰ সমাধানৰ উপৰিও যোগ্যতা থাকিও যিসকল লোকে কেৱল তেওঁলোকৰ ছালৰ ৰঙৰ বাবে কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছিল তেওঁলোকৰ বাবে আজীৱন কাম কৰি গৈছিল। আৰু আজি ক’ত ২০২১ আৰু তেতিয়াৰ ১৯৩৯ ? ১৯৫৫ চনৰ ২ মাৰ্চৰ আলাবামা ৰাজ্যৰ এটা কাহিনী ক’ৰবাত পঢ়িবলৈ পাইছিলোঁ। সেই ঠাইবোৰত তেতিয়া শ্বেতাঙ্গ লোকসকল বাছত উঠিলে কৃষ্ণাঙ্গ লোকসকলে তেওঁলোকক নিজৰ ছিটটো এৰি দিব লগা হৈছিল। এবাৰ ১৫ বছৰীয়া Claudette Colvin নামৰ কৃষ্ণাঙ্গ কিশোৰীগৰাকী বিদ্যালয়ৰ পৰা বাছত ঘৰৰ অভিমুখে ৰাওনা হৈছিল। তেনেসময়ত শ্বেতাঙ্গ মহিলা এগৰাকীৰ বাবে চালকজনে তাইক ছিটটো এৰি দিবলৈ কোৱাত তাই জাঙুৰ খাই উঠিছিল আৰু তাই ছিটটোৰ ভাড়া দিয়াৰ লগতে তাইৰ সাংবিধানিক অধিকাৰৰ কথা নিঃসংকোচে কৈ পেলাইছিল।যোৱা ২০ বছৰত প্ৰেৰণা হৈ থিয় দিয়া সকলৰ কথা হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। তাৰ ভিতৰত কেনিয়াৰ Wangari Maathai উল্লেখযোগ্য। তেওঁ ২০০৪ চনত শান্তিৰ নোবেল পুৰস্কাৰ লাভ কৰা প্ৰথমগৰাকী কৃষ্ণাঙ্গ মহিলা। ইয়াৰোপৰি তেওঁ পূব আৰু মধ্য এছিয়াৰ প্ৰথমগৰাকী ডক্টৰেট ডিগ্ৰীধাৰী মহিলা। এই কথাবোৰ সমাজখনত নতুনকৈ প্ৰতিষ্ঠা কৰিব লগা নাই। কৃষ্ণাঙ্গ, নিগ্ৰো, ক’লা, ডাৰ্ক, ব্লেক বিউটি, চক’লেটৰ ৰঙ – এই শব্দবোৰেৰে বাকী লোকসকলৰ পৰা এওঁলোকক বেলেগ বুলি প্ৰমাণ কৰাৰো প্ৰয়োজনীয়তা নাই। প্ৰয়োজন আছে কেৱল আমাৰ মন আৰু মগজুক নিকা কৰি তোলাৰহে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *