৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাগল্প-কবিতাষষ্ঠ বছৰ

চিৰঞ্জীৱী (দীপ জ্যেতি দাস)

কিছুদিন ধৰি অমৰ চৌধুৰী বৰ দোদুল্যমান অৱস্থাত পৰি আছে। ভাত খাওঁতে আজিকালি তেওঁৰ হাতখন কব নোৱাৰাকৈয়ে কাঁহী আৰু মুখৰ মাজত ৰৈ যায়; ৰাতি শুই থাকোঁতে ৰাস্তাৰ কুকুৰে ভুকিলে আজিকালি তেওঁৰ টোপনি ভাঙি যায়—তাৰ পিছত তেওঁৰ আৰু টোপনি নাহে—মুখত যিকেইটা গালি সেই সময়ত মনলৈ আহে, সেইকেইটাকে কুকুৰকেইটাক পাৰি পাৰি অমৰ চৌধুৰী বিছনাত বহি থাকে। সেই ভাজে তেওঁৰ পুৱতি নিশালৈ কথাটো মনলৈ আহি থাকে। ৰাতিপুৱা চশমাযোৰ পিন্ধি কুঁজা হৈ বিছনাত বহি আঙুলিৰে বাতৰি কাকতৰ শাৰীবোৰ পঢ়ি যাওঁতে হঠাৎ তেওঁৰ আঙুলিবোৰ ৰৈ যায়—তেওঁৰ কথাটো মনলৈ আহে। তাৰ পিছত তেওঁ একেথিৰে বহু সময়লৈ সম্মুখলৈ চাই ৰয়, কথাটো ভাবি এইকণ সময়ত তেওঁৰ মনটো আৰু অধিক অস্থিৰ হয়। বহুসময় পিছত—এহ যি হয় হব আৰু—এনেকুৱা এটা ভাবত তেওঁ বাতৰি কাকতখন জাপি-জুপি থৈ দিয়ে। এনেকৈয়ে তেওঁৰ বাতৰি কাকত পঢ়া পৰ্বটো সিমানতে সামৰণি পৰে।

অংকন : অৰুণিমা গোস্বামী

মুঠতে অমৰ চৌধুৰীয়ে কোনো কামতেই আজিকালি মন বহুৱাব পৰা নাই। চৌধুৰী অকলশৰীয়া মানুহ—ঘৈণীয়েক জীয়াই থাকোঁতে ঘৰৰ ইটো সিটো কাম কৰিবলৈ অনা সৰুকণেই তেওঁক এতিয়া ভাত ৰান্ধি বাঢ়ি দিয়ে, নাম মাত্ৰ কাপোৰ কানিখিনি ধুই দিয়ে—তাকে খাই আৰু সেইখিনি পিন্ধিয়েই অমৰ চৌধুৰী জীয়াই আছে। বহুবছৰ আগতে তেওঁৰ এজনী শুৱনি ঘৰধৰা ঘৈণী আছিল, তেওঁ ৰান্ধি দিয়া ভাত সৰুকণে আজি ৰন্ধা ভাতৰ দৰে সেকেতা নাছিল! কিন্তু চৌধুৰীৰ ঘৈণীয়েকৰ সেই অমৃত ভাতমুঠি খোৱাৰ বেছিদিনৰ ভাগ্য নহ’ল—সিহঁতৰ প্ৰথম সন্তানটো জন্মৰ সময়তে প্ৰসৱবেদনাত চিঞৰি চিঞৰি তেওঁ এই পৃথিৱীৰ পৰা বিদায় ললে! মৃত সন্তান এটা ভূমিষ্ঠ কৰি শ্ৰীমতীৰ পৰা স্বৰ্গীয় হোৱা ঘৈণীয়েকৰ শৱদেহটো চাবলৈ চৌধুৰীৰ বিৰাট কষ্ট হ’ল—সেইকাৰণেই নেকি নেজানোঁ, চৌধুৰীয়ে পুনৰ বিয়া নকৰোৱাৰেই সিদ্ধান্ত ললে। সৰুকণৰ সেকেতা ভাত তেতিয়াৰে পৰা চৌধুৰীৰ ভাল লাগি আহিল। এই ঘটনাটোৰ পিছৰ পৰাই কিন্তু মৰণলৈ তেওঁৰ বিৰাট ভয়  হ’ল। চৌধুৰীৰ সংসাৰ বুলিবলৈ তেতিয়া মাথোন বাকী থাকিল তেওঁ নিজে, সৰুকণ, ভেটি মাটিখিনি, তাৰ কাষতে চালি দি সাজি লোৱা তক্তা কাঠৰ ব্যৱসায়খিনি আৰু সদৌ শেষত দূৰদৰ্শী বাপেকে কিনি থৈ যোৱা ৰাস্তাৰ কাষৰ দুকঠা মাটিখিনি। এই দুকঠা মাটিকলৈয়ে আমাৰ এইটো কাহিনী।

অমৰ চৌধুৰীৰ বাপেক দয়মন্ত চৌধুৰী অতিশয় চালাক মানুহ আছিল। সেই সময়ত তেওঁ মাত্ৰ মেট্ৰিক পাছ আছিল যদিও জিলাখনৰ চৰকাৰী বিদ্যালয় এখনত অসমীয়া মাষ্টৰৰ চাকৰিটো পাবলৈ সক্ষম হৈছিল। তেওঁৰ কপাল তেতিয়া ফুলিল যেতিয়া চৰকাৰৰ মন্ত্ৰী এজনে ঘোষণা কৰিলে যে অসমত থাকি অসমীয়া ভাষা ক’ব আৰু লিখিব নাজানিলে অসমত চৰকাৰী চাকৰি আৰু দিয়া নহ’ব! এই ঘোষণাটোৰ কিছুদিন পিছতেই মাৰৱাৰী বস্তিৰ কেইজনমান অভিভাৱক আহি দয়মন্ত চৌধুৰীৰ ঘৰত উপস্থিত হ’ল—সিহঁতৰ ইংৰাজী মাধ্যমত পঢ়া সন্তানকেইটাক দয়মন্ত চৌধুৰীয়ে অলপ অসমীয়া দেখুৱাই দিব লাগে। কিংকৰ্তব্যবিমূঢ়, ধৃষ্টদ্যুম্ন, স্বতন্ত্ৰ—এনেবোৰ শব্দৰ যুক্তাক্ষৰ  মুখে মুখে ভাঙিব পৰা বুলি দয়মন্ত চৌধুৰীৰ চহৰত আগৰ পৰাই এক বিশেষ নাম আছিল! মাৰোৱাৰী ল’ৰাকেইটাক পঢ়ুৱায়ে তেওঁ কিছু টকা সাচিলে—সেই টকাৰেই পিছত নাতিপুতিৰে ঘৰ নধৰা হ’ব বুলি ভাবি দয়মন্ত চৌধুৰীয়ে গাঁৱতে  অলপ মাটি কিনিব খুজিছিল। পিছত তেওঁ দেখিলে যে চৰকাৰে ৰাস্তাটো বনোৱাৰে পৰা চহৰখন আগ বাঢ়ি আহিছে, দহ-বিছ বছৰৰ পিছত ৰাস্তাৰ কাষৰ মাটিৰ দাম সোণৰ সমান হ’ব! এনে সময়ত কিছু দাম দি হ’লেও ৰাস্তাৰ কাষৰ মাটি কিনাহে ভাল—সেয়ে তেওঁ অলপ দূৰ হ’লেও মুখ্য চহৰখনৰ অলপ দূৰৈৰ দুকঠা মাটি কম দামত পাই তাকে কিনি থলে। পিছত হ’লেও কেতিয়াবা কামত আহিব।

এনে এক সময়তে অমৰ চৌধুৰীয়ে হায়াৰ চেকেণ্ডাৰী পৰীক্ষা ফেইল মাৰিলে। বাপেক দয়মন্ত চৌধুৰীয়ে দগধা পুতেকক আকৌ এবাৰ পৰীক্ষাত বহি চাবলৈ কৈছিল—কিন্তু অমৰ চৌধুৰীৰ কিবা এটা জেদ লাগিল; তেওঁ পঢ়ি-শুনি মহাজন নোহোৱাটোৱে ঠিক কৰিলে! তাকে দেখি দয়মন্ত বুঢ়াই কিছুদিন হুমুনিয়াহ কাঢ়ি কটালে। পিছত এদিনাখন চহৰৰ দুকঠা মাটিৰেই তেওঁৰ একমাত্ৰ পুতেকে পিছলৈ মূৰ তুলি খাবলৈ নোৱাৰিব বুলি বিবেচনা কৰি দয়মন্ত বুঢ়াই ভেটি মাটিৰ কাষতেই চালি এখন তুলিলে, ৰিটায়াৰমেণ্টৰ টকাৰে কিছু তক্তা কাৰ্বি আংলঙৰ পৰা অৰ্ডাৰ দি চালিখনত তেওঁৰ তক্তাৰ ব্যৱসায়টো লাহেকৈ আৰম্ভ কৰি দিলে। গাঁও অঞ্চল যদিও সেই সময়ত বহুতে পকী ঘৰ বনাবলৈ লোৱাত কাঠ আৰু তক্তাৰ ব্যৱসায়টো ভাল চলিল। সেইটো কামত পুতেকেও হাত উজান দিলে।

কাঠৰ ব্যৱসায়ৰ কাৰবাৰতে ইখন সিখন গাঁও ঘূৰি ফুৰোঁতেই অমৰ চৌধুৰীয়ে এদিন কেউকিছু বুলিবলৈ নোহোৱা লক্ষ্মী ছোৱালী এজনী পাইছিল। কিবা এটা মৰম লগাত কিছুদিন পিছতেই চৌধুৰীয়ে ছোৱালীজনী এদিন ৰাতি পলুৱাই আনি বাপেকৰ ওচৰত সেৱা ললেহি। দয়মন্ত বুঢ়াই সামাজিকভাৱে পুতেকৰ বিয়াখন পাতি দিবলৈ হেপাহ এটা কৰি থৈছিল যদিও সি তেনেকৈ পলুৱাই অনাত বুঢ়াৰ ক’বলৈ একো নোহোৱা হল। বিশেষকৈ সেই সময়ত বুঢ়াৰ স্বাস্থ্য পৰি আহিছিল।

দুমাহমান বোৱাৰীয়েকৰ হাতৰ ভাত খায়ে দয়মন্ত বুঢ়া গ’লগৈ। যোৱাৰ সময়ত তেওঁ পুতেকলৈ থৈ গ’ল ভেটিমাটিৰ সৈতে কাঠৰ ব্যৱসায়কণ আৰু পিছত বেচি খাব পৰাকৈ চহৰৰ ৰাস্তাৰ কাষত পৰা মাটি দুকঠা।

ইয়াৰ পাছৰ অমৰ চৌধুৰীৰ জীৱন কাহিনী বৰ বেছি দীঘলীয়া নহয়। অমৰ চৌধুৰীয়ে পৰম তৃপ্তিৰে কিছুদিন ঘৈণীয়েকৰ মৰমৰ হাতৰ ভাত খালে, ঘৈণীয়েকৰ গা ভাৰি হোৱাৰ কিছুদিন পিছতেই ঘৰৰ ইটো সিটো কৰি দিবলৈ তথা কাঠৰ ব্যৱসায়ত কিছু সহায় হোৱাকৈ সিখন গাঁৱৰ পৰা সৰুকণ নামৰ ঘাটমাউৰা ল’ৰা এটাক ৰাখিলেহি। আৰু তাৰ কিছুদিন পিছতেই মৃত সন্তান এটা প্ৰসৱ কৰি ঘৈনীয়েক গ’লগৈ! তাকে দেখি চৌধুৰীৰ আৰু কাঠৰ ব্যৱসায়ত আগৰ দৰে মন নবহা হ’ল, সকলো বস্তুতে বিৰাগ জন্মা হ’ল। এনেকৈয়ে চৌধুৰীৰ ব্যৱসায় লাহে লাহে পৰি আহিল।

চৌধুৰীৰ চন্দুকৰ তলি দেখা পোৱা হৈছিলহে মাত্ৰ—এনে এটা দিনতে অমৰ চৌধুৰীৰ চোতালত আহি উপস্থিত হ’লহি ধৰ্ম সিং। প্ৰকাণ্ড মোছ একোছাৰে ধৰ্ম সিং গুজৰাটৰ পিনৰ মানুহ। সৰুতেই খাবলৈ নোপোৱা বাপেকৰ  লগত কাজিয়া কৰি ঘৰৰ পৰা পলাই পাঞ্জাৱ বডি ট্ৰাক এখনত উঠি কোনোমতে অসম আহি পাইছিল ধৰ্ম সিং! সেইখন ট্ৰাকতে চাউলৰ বস্তা নমোৱা কাম কৰি এটকা দুটকাকৈ সাঁচি ধৰ্ম সিঙে অতি সোনকালে মাৰোৱাৰীপট্টীত পান-তামোল-গুটখাজাতীয় সামগ্ৰীৰ দোকান এখন দিবলৈ সক্ষম হৈছিল। দহ বছৰৰ ভিতৰত সেইখন দোকান হোটেল এখনলৈ উন্নীত হৈছিল। ব্যৱসায়ৰ মস্তিষ্ক জাতিসূত্ৰে পোৱা ধৰ্ম সিঙে পিছৰ কেইটা বছৰত সেইখন হোটেলৰ পৰাই দোপদোপকৈ উন্নতি কৰিব পাৰিছিল। পিছত তেওঁ চহৰত আৰু তিনিখন হোটেল আৰু দুখন বেকাৰী কিনি লৈছিল ।

এনেহেন চতুৰ ব্যৱসায়িক মানুহ এজনে অমৰ চৌধুৰীৰ চোতাল গছকাত কাঠৰ কিবা বিজনেছ  বুলিয়েই চৌধুৰীয়ে প্ৰথমে ভাবিলে। সৰুকণে কৰি দিয়া চাহকণ খাই কথা পাতোতেহে তেওঁৰ ধাৰণা সলনি হ’ল! ধৰ্ম সিং হৈছে উচ্চাকাংক্ষী মানুহ। কিছু সময় নিজৰ উচ্চাকাংক্ষাৰ বিৱৰণ শুনাই ধৰ্ম সিঙে চিধা চিধি কথাটো উলিয়ালে, তেওঁৰ অমৰ চৌধুৰীয়ে পিতৃসূত্ৰে পোৱা ৰাস্তাৰ মাটি দুকঠা বৰকৈ পছন্দ হৈছে! পছন্দ মানে কিছু বেছি দাম দি হলেও তেওঁ মাটিখিনি কিনিবলৈ সাজু। ধৰ্ম সিঙে সেই মাটিডোখৰত চহৰলৈ মানুহ আহিলেও ৰাতি থাকিব পৰাকৈ ৰেছিডেন্সিয়েল হোটেল এখন খুলিব।

কথাটো শুনি অমৰ চৌধুৰীয়ে কিছু সময় তলকা মাৰিলে। হয়তো! তেওঁৰ উত্তৰাধিকাৰ বুলিবলৈ সতি-সন্ততি কোনোৱেই নাই! মাক-বাপেকৰ দূৰবংশীয় সম্পৰ্কীয় বুলিবলৈও বৰ বিশেষ নাই—আছে যদিও তেওঁলোকৰ নামত মাটিখিনি লিখি দি মৰিবলৈ অমৰ চৌধুৰী ইমান উদাৰ নহয়। তেওঁৰ কাঠৰ ব্যৱসায় বেয়া হৈ আহিছে, বুকুখনো হেঁচা মাৰি মাৰি ধৰে মাজে মাজে। এনে সময়ত মাটিখিনি বেছি দি কিছু টকা সাঁচি নথলে পিছত সেইখিনিৰ কি হয় একো ঠিকনা নাই! চৌধুৰীয়ে কথাটো ভালেই পালে!

অমৰ চৌধুৰীয়ে এপষেকমানলৈ কথাটো জুকিয়াই জুকিয়াই বিবেচনা কৰি চালে। এই সম্পৰ্কে তেওঁ দুই-এজনৰ লগত আলোচনা কৰি পৰামৰ্শও ল’লে।  কিন্তু তাতেই গণ্ডোগলটো লাগিল। এই আলোচনাৰ প্ৰধান পাৰ্শ্বক্ৰিয়া এইটো হ’ল যে কথাটো অতি সোনকালে ৰাষ্ট্ৰ হৈ পৰিল। অনা-অসমীয়া এজনক মাটি বেচিবলৈ ওলাই জাতিটোক খালে বুলি কিছুমানে বদনাম কৰিলে, কিছুমানে আকৌ বাপেকৰ জহত বহি বহি খাইছে বুলি চৌধুৰীৰ বদনাম গালে। কিছুমানৰ বাবে ধৰ্ম সিঙৰ পাহাৰসদৃশ টকা পইছাৰ উৎস কৌতূহলৰ বিষয় হৈ উঠিল। বহুতে তাৰ অন্তৰালত গভীৰ এক অনৈতিক কাৰ্যকলাপ কল্পনা কৰিলে।

চৌধুৰীৰ এই মাটি বিক্ৰী কৰিবলৈ ওলোৱা কাৰ্যটোত কিন্তু আইটাইতকৈ বেয়া পালে সনাতন কলিতাই। সনাতনৰ লগত অমৰ চৌধুৰীৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই যদিও চৌধুৰীৰ মাটিখিনিৰ লগত সনাতন কলিতাৰ ডেৰ কঠা মাটিৰ সীমা পৰে। সেই সূত্ৰেই অমৰ চৌধুৰীৰ লগত তেওঁৰ সম্পৰ্ক। মণ্ডল বা তেনেলোকৰ কাম থাকিলে সনাতন কলিতাৰ অমৰ চৌধুৰীৰ ওচৰলৈ অহা হয়, তেতিয়া তেওঁ চাহ-মিঠাই খাই পৰস্পৰৰ সম্পৰ্ক অধিক গাঢ় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। চৌধুৰীয়েও   আপদে-বিপদে মানুহৰ প্ৰয়োজন বহুত বুলি সনাতন কলিতক বহুত মান-সন্মান কৰে। তদুপৰি সনাতন আছিল জ্ঞানী মানুহ—তেওঁৰ পুৰাণ-মহাভাৰতৰ বহুত কথাৰে জ্ঞান আছিল, সেই কাহিনী মানুহক শুনাই সনাতনে বহুতো যশ অৰ্জন কৰিছিল।

কিন্তু এই সনাতনৰেই টোপনি নোহোৱা হ’ল যেতিয়া তেওঁ শুনিলে অমৰ চৌধুৰীয়ে গুজৰাটৰ কোনোবা এজন ব্যৱসায়ীক হোটেল বনাবলৈ মাটি বেছিবলৈ ওলাইছে! খবৰটো শুনিয়েই তেওঁ গাটো বিজবিজালে, কিছুদিনলৈ অফিচত কোনোপধ্যেই মন বহুৱাব নোৱাৰা হ’ল। টেলিভিছনত মহাভাৰতৰ এটা খণ্ডও চাবলৈ নাপাহৰা সনাতন কলিতাই যুধিষ্ঠিৰৰ পাশা খেলত হোৱা বিপৰ্যয় দেখিও ৰস নোপোৱাৰ অৱস্থা হ’ল। তেওঁৰ  কপালৰ গাঁঠি অনবৰত কোচ খাই থাকে, ইমান দিনে সোৱাদ পাই অহা ঘৈনীয়েকে ৰান্ধি দিয়া সেই টেঙাৰ আঞ্জাৰ জোলতো তেওঁ সোৱাদ আজিকালি নাপায়। চাৰিওপিনে অশান্তি আৰু অশান্তি! যেন অলপ আগতেহে কুৰুক্ষেত্ৰ যুদ্ধৰ সমাপ্তি ঘটিছে!

সনাতনে সঘনে তেওঁৰ চাকৰিৰ অৱসৰলৈ কিমানটা বছৰ আছে আঙুলিৰ মূৰত গণিবলৈ ধৰিলে।

সনাতনৰ এই অশান্তিৰ কাৰণ আছিল। তেওঁৰ ল’ৰা-ছোৱালী ডাঙৰ হোৱাই নাই—আৰু সিহঁতে যিটো মগজুলৈ এই ধৰাত জন্ম লৈছে, তাক দেখি সনাতনৰ লগা নাই যে তেওঁ কিবা এটা নকৰিলে তেওঁৰ সতি-সন্ততিয়ে কিবা কৰি খাব পাৰিব! ছোৱালীজনীৰ বাৰু যেনতেন, কিন্তু ল’ৰাজনৰ বাবেতো কিবা এটা কৰি থৈ যাব লাগিব।

সেয়ে তেওঁ ঠিক কৰিছিল, ৰিটায়াৰমেণ্টৰ টকাৰে চৌধুৰীৰ কাষৰ তেওঁৰ মাটিখিনিত হোটেল এখন খুলিব। বেছি ডাঙৰ নহ’লেও কথা নাই, কিয়নো দুই চহৰক সংযোগ কৰা ৰাস্তাটোৰ কাষ কিয়, চহৰৰ উপকন্ঠৰ বহু দূৰ-দূৰলৈ থাকিবলৈ হোটেল পাবলৈ নাই। এনে অৱস্থাত তেওঁৰ মাটিখিনিত হোটেলৰ সমান ভাল ব্যৱসায় আন একোৱেই হ’ব নোৱাৰে।

কিন্তু এখন হাবিত যেনেকৈ দুটা বাঘ একেলগে থাকিব নোৱাৰে, ঠিক একেদৰেই একে ঠাইতে দুখন হোটেলো একেলগে থাকিব নোৱাৰে। তাতে ধৰ্ম সিং বেপাৰী মানুহ, তাৰ বিজনেছৰ ব্ৰেইনৰ লগত কলিতাৰ বুদ্ধি তুলনা কৰাটো হাতী আৰু মাখিক তুলনা কৰাৰ সৈতে একে কথা। ধৰ্ম সিঙে হোটেল খুলিলে যে সনাতন কলিতাৰ সপোনৰ হোটেলখন ৰসাতলে যাব—তাক অনুধাৱন কৰিবলৈ সনাতন কলিতাৰ বেছিদিন নালাগিল।

সেইটো কাৰণেই তেওঁৰ চাৰিওফালে অশান্তি লগা আৰম্ভ হ’ল।

কেইদিনমান অনা-অসমীয়াবোৰে বজাৰ দখল ধৰি থলুৱাসকলৰ পেটৰ ভাত মাৰিলে বুলি সনাতন কলিতাই ঘৈণীয়েকৰ আগত দপদপনি মৰিবলৈ ধৰিলে। ঘৈণীয়েকে নো আৰু কি ক’ব! দুদিনমান  তেওঁৰ চোকা মুখখনেৰে চৈধ্য পুৰুষ উজাৰি গুৱাল গালি পাৰিছিল, পিছত মনে মনে থকা হ’ল।

এনে এক পৰিস্থিতিতে এদিন সনাতন কলিতাই পুৱাই গা পা ধুই মনৰ শান্তিৰ উদ্দেশ্যে বাপুদেউৰ ওচৰত গ’ল।

বাপুদেও চহৰৰে বয়োজ্যেষ্ঠ ব্যক্তি, তেওঁ এজন সাধু। মূৰত পাগুৰি, পিন্ধনত শ্বেত বস্ত্ৰ আৰু দীঘল দীঘল পকা পকা ডা‌ড়িৰে বাপুদেওক দেখিলে পিতামহ ভীষ্মক দেখাযেনহে লাগে। বাপুদেৱে কথা কম কয়, কিন্তু যেতিয়া কয়, মানুহে মুখ মেলি তধা লাগি ৰৈ যায়—তেওঁৰ লগত যুক্তি-তৰ্ক কৰিবলৈ মানুহ পোৱাতো দূৰৰ কথা—তেওঁৰ চকুলৈ চাই কথা ক’বলৈও এই চহৰৰ কাৰো জ্ঞান হোৱা নাই। বাপুদেৱে যেতিয়া প্ৰৱচন শুনায়, তেতিয়া এনে লাগে যেন পুৰণি দিনৰ কোনোবা মহা তেজস্বী ঋষি-মুনিয়ে ৰজাক মহাকাব্যহে শুনাইছে। বেদ-বেদান্ত তেওঁৰ নখ দৰ্পণত—ৰামায়ণ মহাভাৰতৰ শ্লোক তেওঁৰ মুখত লাগিয়েই থাকে। কেতিয়াবা কেতিয়াবাতো বাপুদেৱে শ্লোকৰ উদ্ধৃতি দিওঁতে শ্লোকটো কোনখন বেদৰ কোনটো অধ্যায়, কিমান নম্বৰ শ্লোক—সেই পৰ্যন্ত কৈ দিয়ে। বহুদিন তেওঁৰ সাক্ষাৎকাৰ ল’বলৈ বহুদূৰৈৰ সাংবাদিক পৰ্যন্ত অহা চহৰৰ মানুহে দেখিছে। কোনো কোনোৱে ধ্যানমগ্ন অৱস্থাত বাপুদেওৰ পিছ পিনে দৈৱিক জ্যোতি এটা দেখা পোৱা বুলিও কয়। বহুতৰ মতেতো বাপুদেউ স্বয়ং ভগৱানৰ অৱতাৰ! কলি যুগত মানুহক পাপৰ পৰা তৰিবলৈয়ে তেওঁৰ জন্ম হৈছে। এনেবোৰ কাহিনী শুনিয়েই চহৰৰ পৰম নাস্তিক মানুহেও বাপুদেওৰ ভক্তিত গদগদ হৈ উঠে। চহৰখনত ক’ত কিমান মঠ-মন্দিৰ সাজি বাপুদেৱে মানুহখিনিক পাপৰ পৰা বছাইছে তাৰ হিচাপ নাই।

বাপুদেউ অৱশ্যে এই চহৰৰ নাছিল। তেওঁ ক’ৰ মানুহ, ক’ৰ পৰা আহিল কোনেও ক’ব নোৱাৰে—বাপুদেৱৰ মতেও সমগ্ৰ পৃথিৱীখনেই তেওঁৰ ঘৰ। তেওঁ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘূৰি ফুৰে। এইখন চহৰৰ শান্ত-সমাহিত পৰিৱেশ তেওঁৰ পছন্দ। সেইকাৰণে এইখন চহৰতে আহি কিছুদিন জিৰাইছেহি। তদুপৰি বাপুদেৱে কয়—তেওঁক এইখন চহৰলৈ আহিবলৈ স্বয়ং ভগৱানে আদেশ দিছে। ইয়াত হেনো ভগৱান বাস কৰে। ভগৱানে তেওঁক চহৰখনৰ কোনখিনিত বাস কৰে, তাক নজনালেও সময় আহিলে জনাব বুলি কৈ থৈছে! তাকে শুনি মানুহেও ভালেই পালে, অকল ভাল পোৱাই নহয়, তেওঁ থাকিবলৈ মন্দিৰৰ কাষতেই আশ্ৰমৰ দৰে ব্যৱস্থাও কৰি দিলে।

সেই আশ্ৰমত বাপুদেওৰ ওচৰত ৰাতিপুৱাৰ পৰাই মানুহৰ ভিৰ হৈ থাকে। যদিও তেওঁ চহৰখনলৈ অহা দহ বছৰেই হ’ল, তথাপি তেওঁৰ  ওচৰলৈ অহা মানুহৰ ভিৰ আজিলৈকে কমা নাই। এই ভিৰৰ মাজতে সঘনে দেখিবলৈ পোৱা এজন মানুহ আছিল সনাতন। বাপুদেওক অকলশৰীয়াকৈ লগ পোৱাৰ অধিকাৰ পৰ্যন্ত সনাতনৰ আছিল—ইমানেই আছিল গুৰুৰ প্ৰতি সনাতনৰ প্ৰেম-ভক্তি!

সনাতনে শেষত গৈ এদিন অকলশৰীয়াকৈ বাপুদেউক লগ ধৰি মনৰ অৱস্থা জনালে।

বাপুদেৱে কিছু সময় সনাতনে আগ বঢ়োৱা পাঁচশ টকা বেপৰুৱাভাৱে চালে, তাৰ পিছত কিবা এটা ভাবি তেওঁৰ চকু তিৰবিৰাই উঠিল। ইয়াৰ পিছত বাপুদেৱৰ মুখেৰে যিখিনি উপদেশ ওলাল—সেয়া শুনি সনাতন কলিতাৰ সকলো চিন্তা-ভাবনা নোহোৱা হৈ গ’ল।

তাৰ এদিন পিছত অমাৱশ্যাৰ মাজৰাতি বিৰাট ওজনৰ কিবা এটা মৰাপাটৰ বস্তাত ভৰাই সনাতনে তেওঁৰ মাটিখিনিলৈ গৈছিল। বস্তাত ভৰাই নিয়া বস্তুটো বহু ডাঙৰ ডিম্বাকৃতিৰ শিল যেন লাগিছিল। সিদিনা ৰাতি মানুহবোৰ শুই নথকা হ’লে চুবুৰিৰ মানুহে চৌধুৰীৰ মাটিৰ পৰা কোৰ মৰা শব্দ শুনিলেহেতেন।

তাৰ দুদিন পিছতেই ঘটি গল ঘটনাটো।

অমৰ চৌধুৰীৰ মাটিত স্বয়ং মহাদেৱ ওলাল! লিংগৰূপত প্ৰকট হোৱা ভগৱানক চাবলৈ মেলা চোৱা মানুহৰ দৰে সমাগম হ’ল। ৰুমা পেহী আহিল হাতত ঠগী লৈ, হেমেন খুৰা আহিল ধূপ এপেকেট লৈ। ক’ৰ পৰা নো যে ইমান মানুহ আহিল! শইকীয়াৰ জীয়েকে ভগৱানক চাবলৈ মাকক খাটিবলৈ ধৰিলে, কিন্তু তাইৰ অসুবিধা হৈ থকাত পাপ লাগিব বুলি মাকে যাবলৈ নিদিলে। সুৰুঙা বুজি সৰুকণেও ঠাই ডোখৰলৈ আহি দণ্ডাৱত হৈ সেৱা এটা কৰি আহিলে। ভিৰ দেখি কিছুমান পিলিঙীয়া ডেকাই হৈ চৈ কৰি নামঘৰৰ পৰা বৰকাঁহযোৰ আনিছিল। তিৰোতাৰ উৰুলি, নাম, বৰকাঁহৰ শব্দৰে ঠাইখন মুহূৰ্ততে ৰজনজনাই উঠিল।

চহৰৰ পৰা অহা কিছুমান মানুহে গাড়ী ৰখাই কি হৈছে তাৰ উমান ল’লে। তেওঁলোকৰ প্ৰশ্নৰ উত্তৰবোৰ দিছিল পিলিঙা অমলে,“বাপুদেৱে যোৱাৰাতি সপোন দেখিলে যে এইখিনি ঠাইত ভগৱান আছে। তেওঁক উলিয়াই আনি মন্দিৰ সাজিবলৈ নিৰ্দেশ দিছে, নহ’লে সকলোৰে অনৰ্থ হ’ব। আজি পুৱা বাপুদেৱে কোৱা ঠাইখিনিত খান্দোতে সঁচাসচিকৈ শিৱ লিংগৰদৰে বিৰাট ক’লা শিল এটা পোৱা গৈছে…..”। পিলিঙা অমলে লগতে ঠাইখিনিলৈ আঙুলিয়াই দেখুৱাই সেৱা এটা জনালে। তাৰ লগৰ ইন্দ্ৰই এই বুলিও যোগ দিলে যে মাটি খন্দাৰ সময়ত শিলটোক প্ৰকাণ্ড ফেঁটী এডালে মেৰিয়াই ধৰি আছিল।

কিছু সময় পিছত বাপুদেউ আহিল। পিছে পিছে গাড়ীবোৰত আহিল তেওঁৰ ভক্তবোৰ। তাৰ মাজত সনাতনকো দেখা গ’ল। তাৰ মুখত মিচিকিয়া হাঁহি! বাপুদেৱে গাড়ীৰ পৰা নমাৰ লগে লগে মানুহে জয়ধ্বনি দিলে।

বাপুদেৱে গুৰুগম্ভীৰ খোজেৰে ক’লা শিলটোৰ দিশে গমন কৰিলে। এক মুহূৰ্তৰ বাবে ঠাইখনত নিৰ্জনতা আহিল, বৰকাঁহ বজোৱা বন্ধ হ’ল, বাপুদেউৰ দুয়োপিনে মানুহে হাতযোৰ কৰি থিয় হৈ ৰ’ল, বাপুদেউ শিলছটাৰ ওচৰলৈ আহি থিয় হ’ল, কামিজৰ পৰা সেন্দুৰ অকণ উলিয়ালে, সেই সেন্দুৰ শিলছটাত সানি আটাহ পাৰি উঠিল,“বম বম ভোলা”..!”‌ মুহূৰ্ততে ৰাইজৰ জয়ধ্বনি আৰু বৰকাঁহৰ শব্দৰে ঠাইখিনি পুনৰ ৰজনজনাই উঠিল। সনাতনে লগে লগে নিজৰ লগত অনা গাখীৰ একলহ শিলছটাত ঢালি দিলে।

সেইদিনাখন অমৰ চৌধুৰীৰ ঘৰলৈ বহুত মানুহ আহিল। সকলোৱে অমৰ চৌধুৰী বহু ভাগ্যৱান বুলি চুলি চিঙি আশীৰ্বাদ দিলে। কোনোবা জন্মৰ পূণ্যৰ ফলতহে ভগৱানে অমৰ চৌধুৰীৰ মাটিত দেখা দিছে বুলি কোৱা হ’ল। চৌধুৰীয়েযে মাটিখিনি বেচিবলৈ ওলাইছিল, সেইটো কথা সকলোৱে জানিও নজনা ভাও ধৰিলে। সকলোৱে মাথোন তেওঁৰ ভাল হওঁক বুলি আশীৰ্বাদ দি গ’ল ।

তাৰ পিছত কিন্তু কথাবোৰ ডাঙৰ হৈ গ’ল। ৰাইজে ইতিমধ্যে চালি এখন তুলি মহাদেৱৰ ওপৰত পানী নপৰাৰ ব্যৱস্থা কৰিছে। চাকি এগছ দিনে নিশাই জ্বলি থকা হ’ল। সনাতনে সেই চাকিগছ জ্বলাই ৰখাৰ ব্যৱস্থা কৰিলে। জাক জাক মানুহ আহিয়েই থাকিল, ৰাস্তাৰে পাৰ হৈ যোৱা সকলো মানুহেই ঠাইখিনি দেখিলে হাতযোৰ কৰি সেৱা হ’ল। অমৰ চৌধুৰীকো সকলোৱেই দেখিলেই ভাগ্যৱান বুলি গুণ বখানিবলৈ ধৰিলে। তেওঁৰ প্ৰতি যেন মানুহৰ শ্ৰদ্ধা বাঢ়ি যাবলৈ আৰম্ভ কৰিলে। কথা ইমানখিনি পালেগৈ যে এদিন চৌধুৰীয়ে গেলামাল দোকানত আলু-পিয়াঁজ আনিবলৈ গৈছিল, চৌধুৰীয়ে পইচা দিবলৈ লওতে দোকানী প্ৰবীণে কলে,“হেই দাদা, এইবোৰ কি কৰে! আপোনাৰ পৰা মই আকৌ পইচা লমনে? যাৰ ঘৰত স্বয়ং মহাদেৱে বাস কৰে, তেওঁৰ পৰা পইচা লৈ ৰৌ ৰৌ নৰকত পৰিমনে”?

অমৰ চৌধুৰী বৰ বিপাঙত পৰিল। ইতিমধ্যে ৰাইজে ‘তোমাৰ দেউতা বিৰাট দানী মানুহ আছিল বোপাই’— এনেজাতীয় কথা উলিয়াব ধৰিছেই। বুঢ়া বুঢ়া শৰণ লোৱা মানুহৰ সংখ্যা তেওঁৰ ঘৰত বাঢ়িবলৈ ধৰিলে। অমৰ চৌধুৰীৰ মাটিৰ দলিল ইতিমধ্যে সাজু হৈ গৈছে। তেওঁ দুখন নাও দুখন ভৰি যেন হ’ল। ইপিনে কাঠৰ ব্যৱসায় বেয়া হৈ আহিছে, ধৰ্ম সিঙক মাটিখিনি নেবেচিলে তেওঁৰ বাকী জীৱন খাবলৈয়ে নুজুৰিব। তদুপৰি আজিকালি তেওঁৰ বুকুখন হেঁচা মাৰি ধৰা হৈছে! মৰণ নোহোৱা ব্ৰহ্মকাহটো আহিলে চৌধুৰীয়ে কুহুৰ কুহুৰ কৰি লেৱেজান হৈ পৰে—শৰীৰৰ ভিতৰৰ সকলো অংগ-প্ৰত্যংগ, না‌ড়ি-ভুৰু সেই কাঁহটোৰ লগত ওলাই আহিব খোজে—সেইকণ সময়ত সৰুকণে বালি অলপ গৰম কৰি টোপোলা বান্ধি চৌধুৰীৰ বুকুত নিদিলেই নহয়। এনে অৱস্থাত কি সতে অমৰ চৌধুৰীয়ে সোণহেন মাটিখিনি ৰাইজক এৰি দিয়ে? আনপিনে চৌধুৰীয়ে জানে যে মাটিখিনি ধৰ্ম সিঙক বেচি দিলে ৰাইজে তেওঁক সুদাই নেৰিব। গোটেই মানুহখিনি নিজৰ অস্তিত্বৰ প্ৰতি অতি সন্ত্ৰস্ত—অনাঅসমীয়া এজনৰ তাত মাটিৰ দান বিচাৰি নাযায়। ইপিনে অমৰ চৌধুৰী ইমান উঠিও অহা নাই যে তেওঁ সেই মৃত দেউতাকৰ বয়সৰ বুঢ়া মানুহকেইজনৰ পৰা টকা খোজাৰ সাহস কৰিব!

এইটো কাৰণতে আজি কিছুদিন ধৰি অমৰ চৌধুৰী দোদুল্যমান অৱস্থাত পৰি আছে। ভাত খাওঁতে ভাত মুঠি হাতত ৰৈ যায়, কুকুৰৰ ভুকভুকণিত টোপনি ভাগি যায়, বাতৰি কাকত পঢ়িলে তেওঁৰ আঙুলিবোৰ ৰৈ যায়।

শেষত এদিন অমৰ চৌধুৰীৰ ঘৰলৈ সনাতন আহিল। সৰুকণে কৰি দিয়া চাহকণত সৰুকৈ সোহা  এটা মাৰি চৌধুৰীয়ে ক’লে,“আপোনাকনো আৰু কি ক’ম কলিতা! মোৰ অৱস্থা দেখিছেই! কাঠ বুলিবলৈ যিখিনি আছিল, সেয়াও লাহে লাহে পাকঘৰৰ জুহালত লুকাই যাব ধৰিছে। মাটিখিনি বিনা মূল্যত দান কৰি গ’লে বাচি থকা দিনকেইটাত মই খাম কি? ভগৱানৰ কৃপাত দেউতাৰ জহতে ইমান দিন খালোঁ—এতিয়া মোৰ টকা বুলিবলৈ ফুটা কৰি এটাও নাই! আজিকালি মোৰ গাটোও সিমান বাৰু নাথাকে। ভগৱানে নকৰক, কালি-পৰহিলে এটা বেমাৰ হওঁক—গৰম পানী অকণ কৰিবলৈও টকা নাইকিয়া হ’ব…”। চৌধুৰীৰ মুখেৰে হুমুনিয়াহ এটা ওলাই আহিল, তেওঁৰ চকুযোৰ সেমেকি উঠিছিল। তেওঁ তলমূৰ হৈ ৰ’ল।

এইবাৰ চাহৰ পিয়লাটো লাহেকৈ টিপয়খনত থৈ সনাতনে ক’বলৈ আৰম্ভ কৰিলে,“মাৰ্কণ্ডেয় মুনিৰ কাহিনী শুনিছা? বাপুদেৱে আমাক শুনাইছিল …।

শুনা…, ভৃগু ঋষিৰ বংশত জন্মা মহান ঋষি মৃকান্দুৰ সতি-সন্ততি নোহোৱাত বহুকাল কঠোৰ তপস্যা কৰি মহাপ্ৰভুক সন্তুষ্ট কৰে। মহাদেৱে কিন্তু বৰদানৰ সময়ত এনে এক চৰ্ত ৰাখি সুধিলে যে তেওঁলোকক পৰম গুণী-জ্ঞানী কিন্তু মাত্ৰ ষোল্ল বয়সৰ আয়ুসৰ সন্তান এটা লাগিব নে এশ বছৰৰ দীৰ্ঘায়ু লাভ কৰা মূৰ্খ সন্তান এটা লাগিব? মৃকান্দু ঋষি আৰু তেওঁৰ পত্নী মাৰুদ্মতিয়ে ষোল্ল বছৰ আয়ুসৰ কিন্তু গুণী-জ্ঞানী সন্তান এটাই কামনা কৰিলে”।

“মহাদেৱৰ আশীৰ্বাদত মাৰুদ্মতিৰ গৰ্ভত মাৰ্কণ্ডেয় ঋষিৰ জন্ম হ’ল”, সনাতনে কৈ গ’ল”— মাৰ্কণ্ডেয় আছিল মহাদেৱৰ পৰম ভক্ত। মাৰ্কণ্ডেয়ৰ জ্ঞান-দৰ্শন, ৰূপ-জেউতিৰে ঋষিৰ ঘৰ ভৰি থকা হ’ল। কিন্তু ঋষিৰ মনত সদায়ে এটা দুখ—, মাত্ৰ ষোল্ল বছৰতে ঋষিয়ে যে তেওঁৰ গুণৱান পুত্ৰক হেৰুৱাব”!

সনাতনে চাহত সোহা মাৰি মাৰি কৈ গ’ল,“মাৰ্কেণ্ডেয়ৰ আয়ুস চাপি অহাৰ লগে লগে মাক-দেউতাকৰ টোপনি নোহোৱা হ’ল। মৰ্কেণ্ডেয়ই তেতিয়া সকলো কথা বুজি সকলো ভগৱানৰ ওপৰত থাপি নদীৰ পাৰত শিৱ লিংগ এটা স্থাপন কৰি তাতে মহাপ্ৰভুৰ ধ্যানত মগ্ন হ’ল”।

“ইপিনে সময় অহাত যমৰাজে তেওঁৰ দুজন যমদূতক পঠিয়ায় দিলে মাৰ্কেণ্ডেয়ৰ আত্মাটো আনিবলৈ। কিন্তু হৰৰ ধ্যানত মগ্ন মাৰ্কেণ্ডেয়ক চুবৰ সাহস নো কাৰ! বিফল যমদূত শুদা মুখ লৈ যমপুৰী পালেহি”!

“মাৰ্কেণ্ডয়ৰ প্ৰাণ ল’বলৈ এইবাৰ ম’হৰ পিঠিত উঠি আহিল স্বয়ং যমৰাজ”!

“যমৰাজৰ যমমূৰ্তি দেখিয়েই মাৰ্কণ্ডেয়ই শিৱ লিংগটো সাৱট মাৰি ধৰিলে। ফলত যমৰাজৰ যমজৰী গৈ মাৰ্কণ্ডেয়ৰ ডিঙিৰ লগতে শিৱলিংগটোকো মেৰিয়াই ধৰিলে”।

“এনেতে এটা সাংঘাতিক কাণ্ড সংঘটিত হ’ল। কাণ তাল মাৰি শিৱলিংগটো ফাটি প্ৰকট হ’ল স্বয়ং কালভৈৰৱ…”, সনাতনে ওপৰলৈ চাই সেৱা এটা কৰিলে।

“কালভৈৰৱৰ ৰূপ দেখি সকলোৰে থৰকাছুটি হেৰাল। জীৱজন্তু ফৰিং ছিটিকা দিলে, সাগৰত প্ৰলয়ৰ সূচনা হ’ল। দেৱ-দেৱী, গান্ধাৰ আকাশত একত্ৰিত হল অনাগত পৰিণাম চাবলৈ…’।

“যমৰাজৰ মৃত্যু হ’ল। এইবাৰহে মহা বিপাঙত পৰিল দেৱগণ! মৰ্ত্যলোকত কাৰোৰে মৃত্যু নহ’লে অনর্থ হৈ যাব! সৃষ্টিৰ ভাৰসাম্য বিনষ্ট হৈ যাব! সকলোৱে কালভৈৰৱৰ স্তুতি কৰিবলৈ ধৰিলে।

“দেৱতাৰ এই স্তুতিত কালভৈৰৱ সন্তুষ্ট হ’ল। তেওঁ যমৰাজক পুনৰ জীৱন দান দিলে। কিন্তু মহাদেৱে তেতিয়া এয়াও চৰ্ত দিলে যে মাৰ্কণ্ডেয়ক মৃত্যুয়েও চুব নোৱাৰিব। তাৰ পিছৰে পৰা মহাদেৱৰ কৃপাত তেওঁ এই ধৰাত সাতো যুগে অমৰ হৈ ৰ’ল, তেওঁ চিৰঞ্জীৱী হোৱাৰ আশীৰ্বাদ লাভ কৰিলে”।

মাৰ্কণ্ডেয়ৰ কাহিনী শেষ হ’ল। সনাতনে সোঁহাতখন কপালত লগালে, তাৰ পিছত ওম নমো শিৱায় জাতীয় শব্দ উচ্চাৰণ কৰিলে। তাৰ পিছত চাহত অন্তিম সোহাটো মাৰি সনাতনে,“যাৰ আশীৰ্বাদত স্বয়ং মৃত্যুয়েও হাৰ মানে, তেওঁৰ আশীৰ্বাদ তুমি লাভ কৰাৰ সৌভাগ্য লাভ কৰিছা। স্বয়ং মহাদেৱ আহি তোমাৰ ঘৰত প্ৰকট হৈছেহি! তোমাৰ আয়ুস চিৰঞ্জীৱীৰ আয়ুসৰ সমান! ৰোগ জৰাই তোমাক কি চুব! তোমাৰ ধন-সম্পত্তি থবলৈ ঠাই নাইকিয়া হ’ব! মাটিখিনি মন্দিৰৰ নামত দি দিয়া। ভগৱানে তোমাৰ মংগল কৰক…”।

এইবাৰ সনাতন উঠিল। বাৰাণ্ডাত আকৌ বাবে “কথাটো ভাবি চাবা” বুলি কৈ সনাতনে বিদায় ললে। অমৰ চৌধুৰীয়ে বহু পৰলৈ সনাতন যোৱালৈ চাই ৰ’ল।

পিছদিনা সৰুকণে গৈ ধৰ্ম সিঙক কৈ থৈ আহিলেগৈ—অমৰ চৌধুৰীয়ে মাটি বিক্ৰী নকৰে।

মাটিখিনি ৰাইজক লিখি দিবৰ দিনা ৰাইজে মূৰৰ চুলি চিঙি অমৰ চৌধুৰীক দীৰ্ঘজীৱী হ’বলৈ আশীৰ্বাদ দিছিল।

ৰাইজে মন্দিৰ বনোৱাৰ নামত টকা সংগ্ৰহ কৰিলে। এই কামত আগভাগ ললে সনাতনে নিজেই। মন্দিৰ পৰিচালনা সমিতি গঠন কৰা হ’ল—তাৰো সভাপতি সনাতনক পতা হ’ল। চাৰিওপিনে মন্দিৰ বনোৱাৰ বাবে দানপত্ৰ ৰখা হ’ল। শীঘ্ৰে বহু টকা জমা হ’ল। হবৰে কথা! অমৰ চৌধুৰীৰ মাটিত শিল-বালি-ইটা পৰিল। চাওতে চাওতে এবছৰ ভিতৰতে মন্দিৰ এটা গঢ় লৈ উঠিল। মন্দিৰত ৰঙা ৰং লাগিল, বেৰ দিয়া হ’ল। সকলো হৈ উঠাৰ পিছত বেৰত সৰুকৈ এখন মাৰ্বলৰ ফলক লিখা হ’ল—, তাত লিখা আছিল,’“ভূমি দাতা—শ্ৰীযুত অমৰ চৌধুৰী”।

সনাতনৰো হঠাৎ জানোঁ ক’ৰ পৰা ইমান টকা আহিল, ৰিটায়াৰমেণ্ট নলওঁতেই তেওঁ মন্দিৰৰ কাষৰ মাটিত হোটেল বনাবলৈ শিল বালি পেলালে।

যথা সময়ত মন্দিৰ উদ্বোধন কৰাৰ দিনটো আহিল। উদ্বোধক হিচাপে আমন্ত্ৰণ কৰা হ’ল বাপুদেৱক। চহৰৰ সকলো মানুহ মন্দিৰটোৰ উদ্বোধন চাবলৈ আহিল।

আহিব নোৱাৰিলে মাথোন অমৰ চৌধুৰী!

মন্দিৰ উদ্বোধন হ’ব, তাকো অমৰ চৌধুৰীয়ে দান কৰা মাটিত! আগদিনাখনৰ পৰাই চৌধুৰীৰ তত্ নাইকিয়া হ’ল। কিবা কামত লাগিব বুলি চৌধুৰীয়ে সৰুকণকো আগদিনাখনেই মন্দিৰলৈ পঠিয়াই দিলে।

ৰাতিপুৱা আহি সৰুকণে দেখিলে, বিছনাৰ পৰা অমৰ চৌধুৰীৰ মূৰটো ওলমি আছে। পকাত এডোঙা তেজ!

ততাতৈয়াকৈ এম্বুলেন্স মতা হ’ল—দুজনমান মানুহ গৈ চৌধুৰীক হাস্পাতালত ভৰ্তি কৰালে। ইপিনে শুভমুহূৰ্ত উকলি যাব বুলি ৰাইজেও ভূমিদাতাৰ অনুপস্থিতিতে অমৰ চৌধুৰীৰ আশু আৰোগ্য কামনা কৰি মন্দিৰটো উদ্বোধন কৰিলে।

চাৰিদিন হাস্পাতালৰ বিচনাত পৰি থাকি অমৰ চৌধুৰীৰ যেতিয়া হুচ্ আহিল, তেতিয়াই তেওঁ মন্দিৰৰ কথা সুধিলে। গম পালে, মন্দিৰ কুশলে-মংগলে উদ্বোধন হৈ গ’ল। কিন্তু অমৰ চৌধুৰীৰ বাবেহে কিবা বেলেগ যেন ৰৈ আছিল!

চৌধুৰীয়ে ভালদৰে বহিব আৰু কথা ক’ব পৰা হোৱাত ডাক্তৰে তেওঁক বহুৱাই ধীৰে-স্থিৰে খবৰটো দিলে—চৌধুৰীৰ হাঁওফাঁওত চৌধুৰীয়ে উচ্চাৰণ কৰোঁতে দাঁত ভাঙি যোৱা তথা আগতে নুশুনা বেমাৰ এটা ধৰা পৰিছে! ইয়াৰ চিকিৎসা এইখন ৰাজ্যত নাই! বাহিৰত অপাৰেশ্যন কৰিবলৈ যাব লাগিব।

আঠ-ন লাখ মান টকাৰ প্ৰয়োজন হ’ব!

অমৰ চৌধুৰী সম্পূৰ্ণ নীৰৱ হৈ ৰ’ল। তেওঁৰ মনত পৰিল—ধৰ্ম সিঙেও তেওঁৰ মাটিখিনিৰ বিনিময়ত ন লাখ টকা দিবলৈ সাজু হৈছিল!

পুনৰ ৰাইজৰ টকা সংগ্ৰহ কৰা হ’ল। দাতা অমৰ চৌধুৰীৰ চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা ন লাখ টকাৰ বাবে “মুক্তহস্তে দান কৰক” বুলি কিছুদিন চিঞৰা হ’ল যদিও এইবাৰ বেছি টকা নুঠিল।

আগৰবাৰ মন্দিৰৰ পইচা উঠোৱা সনাতনৰ এতিয়া বহুত কাম! তেওঁ যাব নোৱাৰিলে।

যোৱাবাৰ মন্দিৰ বনোৱাৰ নামত পাঁচ হাজাৰ টকা দিয়া বিনয় কলিতাৰো ল’ৰাক বাহিৰলৈ পঠিয়াওতে বহুত টকা খৰচ হৈছিল, তেওঁ মাত্ৰ পাঁচশ টকা দিব পাৰিলে। ৰুমা পেহীৰ মাহৰ শেষৰ অৱস্থা একেবাৰে বেয়া—তেওঁ মাত্ৰ এশ টকাহে দিব পাৰিলে। অজিৎ শৰ্মাৰ আজিকালি ব্যৱসায় বেয়া হৈছে—তেৱোঁ দুশ টকাহে দিলে। এনেকৈ সকলো মিলি মাত্ৰ ঊনৈশ হেজাৰ টকাহে যোগান হ’ল। সেইখিনি টকাৰে বাহিৰলৈ যোৱা টিকটৰ পইচাও নোলায়। টকা উঠোৱা মন্দিৰ-সমিতিৰ মানুহেও অমৰ চৌধুৰীৰ বাবে মন্দিৰত প্ৰাৰ্থনা কৰাৰ বিশেষ ব্যৱস্থা একো কৰিব নোৱাৰিলে।

শেষত এদিন ধৰ্ম সিঙে আহি অমৰ চৌধুৰীক বিচনাতে পাঁচ হেজাৰ টকা দি থৈ গ’ল। এইখিনিয়েই কোনো মানুহে চৌধুৰীৰ নামত দিয়া সৰ্বাধিক পৰিমাণৰ টকা। বিছনাত কেঁকাই কেঁকাই পৰি থকা চৌধুৰীয়ে টকাখিনি লোৱাৰ সময়ত ভাবিছিল, মন্দিৰৰ বাবে মাটি দান নকৰি চিৰঞ্জীৱী হৈ থকাৰ আশা নকৰাই ভাল আছিল নেকি! তেওঁৰ চকুৰে পানী ওলাই আহিল।

তাৰ পিছদিনাই অমৰ চৌধুৰীৰ মৃতদেহ বিছনাত পৰি থকা ৰাইজে দেখা পাইছিল।

*********

অমৰ চৌধুৰীৰ মৃত্যুৰ কিছুদিন পিছতেই ৰুমা পেহীহঁতে চৌধুৰীৰ আত্মাৰ সদগতিৰ উদ্দেশ্যে নাম এখন পাতিছিল। সৰুকৈ সভা এখনো হৈছিল। তাত সনাতনে ভাষণ দিছিল,“মানুহজন বহু সোনকাল গ’ল! কিন্তু যোৱাৰ সময়তো কম পুণ্য কৰি থৈ গ’লনে? এৰা! মানুহৰ ভেলটোহে মৰণশীল, আত্মা কিন্তু অবিনাশী….অমৰ চৌধুৰীৰ দৰে মহান আত্মা অবিনাশী! তেওঁৰ আত্মা চিৰঞ্জীৱী…!

সনাতনে পৰম সন্তুষ্টিৰে সন্মুখলৈ চালে। সন্মুখত প্ৰসাদ লৈ ৰাইজ বহি আছিল যদিও সনাতনৰ চকু তাৰ বহু পিছপিনে থকা তেওঁৰ মাটিলৈহে গৈছিল। সনাতনৰ সপোনৰ হোটেলখনৰ বাবে নতুনকৈ খুটা পোতা হৈছিল, তাৰ ৰডবোৰ বতাহত লাহে লাহে কঁপি আছিল…।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *