কেন্দ্ৰীয় নিবন্ধ

ড০ হীৰেন গোহাঁই :: অসমীয়া জাতীয় জীৱন আৰু অন্যান্য (মহেন্দ্ৰ বৰা)

সাম্প্রতিক অসমৰ জাতীয় জীৱনৰ আটাইতকৈ বিতর্কিত ব্যক্তিজনেই হ’ল ড হীৰেন গোহাঁই। | ড গোহাঁয়ে বিতর্ক খেদি ফুৰে নে বিতৰ্কই তেওঁক খেদি ফুৰে এই কথা কিন্তু বিবেচনা কৰিবলগীয়া। বিগত পঞ্চাছ বছৰ ধৰি অসম তথা ভাৰতবৰ্ষৰ এনে এটা ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, বৌদ্ধিক বা সাহিত্য সম্পর্কীয় বিষয় নাই যি বিষয়ত তেওঁ আলোকপাত কৰা নাই। অসমীয়া ভাষা আৰু ইংৰাজী ভাষাত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পর্যায়ৰ বাতৰিকাকত আৰু আগশাৰীৰ আলোচনী একাংশত তেওঁ লিখা প্রবন্ধ আৰু টিপ্পনী বোধহয় গণি শেষ কৰিব পৰা নাযায়। সহজকৈ ক’বলৈ হ’লে ড হীৰেন গোহাঁয়ে প্রত্যেক দিনে এটাকৈ প্রবন্ধ লিখে। তাৰ মাজতে তেওঁ ৰাজহুৱা সভা সমিতি, সমাৱেশ, ধর্মঘট, বৌদ্ধিক আলোচনাচক্ৰ আৰু জটিল ৰাজনৈতিক সমস্যাৰ বৈঠবাৰতো অংশগ্রহণ কৰি আহিছে। অশীতিপৰ এজন সাংসাৰিক ব্যক্তিৰ কাৰণে ই কম কথা নহয়।

মানুহজন সদায়েই জনতাৰ কাষত 

হীৰেন গোহাঁই ইংৰাজী সাহিত্যৰ বিশ্ববিশ্রত পণ্ডিত আৰু গৱেষক। অৱশ্যে তেওঁ ইংৰাজীৰ তুলনাত অসমীয়াতেই সৰহ লিখিছে। ইয়াতে নিহিত হৈ আছে দেশ, জাতি আৰু মাতৃভূমিৰ প্ৰতি থকা তেওঁৰ অকৃত্রিম ভালপোৱা আৰু হিয়াৰ টান। ইচ্ছা কৰা হ’লে তেৱোঁ সহপাঠী ড’ গায়ত্রী চক্রবর্তী স্পিভাকৰ দৰে বিদেশৰ নামজ্বলা বিশ্ববিদ্যালয়ৰ অধ্যাপক হৈ আন্তর্জাতিক সমালোচক হ’ব পাৰিলেহেঁতেন।

এক আপোচহীন অক্লান্ত যোদ্ধা

হীৰেন গোহাঁইৰ গৱেষণা গ্রন্থ পঢ়া পাঠক মাত্রেই স্বীকাৰ কৰিব তেওঁৰ প্রজ্ঞা, প্রতিভা, ধৈর্য, অধ্যয়নৰ বিস্তৃতি, চিন্তাৰ মৌলিকতা, সাহসিকতা আৰু বিজ্ঞানমনস্কতা। তেওঁৰ গৱেষণা গ্রন্থই ইউৰোপীয় পণ্ডিতৰ মাজত চাঞ্চল্য সৃষ্টি কৰিছিল। আনকি লীৱিছ, এলিয়ট, লুক্কাছ, টেৰি ঈগলটন আদিৰ পৰা কিছু আঁতৰি মৌলিকভাৱে তেওঁ লিখা প্ৰৱন্ধবোৰে পেৰী এণ্ডাৰছনৰ দৰে সমালোচকৰ পৰা প্রশংসা বুটলিবলৈ সক্ষম হৈছিল। লণ্ডনৰ পৰা ডগোহাঁয়ে বিলাতী সুৰ আৰু আভিজাত্য অনা নাই; তেওঁৰ বৌদ্ধিক বিস্তৃতিত সমাজবাদী বাস্তবতা, মাৰ্ক্সবাদ আৰু ভাৰতীয়ত্ব সদায় বিৰাজমান। ছাত্ৰ অৱস্থাৰে পৰা তেওঁ অসমীয়া, সংস্কৃত আৰু বাঙালী সাহিত্যৰ চোতালত বিচৰণ কৰি আহিছে। ইংৰাজী সাহিত্য অধ্যয়নে তেওঁক দান কৰিলে আন্তৰ্জাতিক, গতিশীল, বস্তুনিষ্ঠ আৰু তুলনামূলক বিচাৰ ক্ষমতা। স্বাধীনোত্তৰ ভাৰত আৰু অসমৰ ৰাজনীতি, সমাজনীতি, অর্থনীতি, ইতিহাস আৰু জনগোষ্ঠীয় সমস্যা সম্পর্কে  ড গোহাঁই অতি সংবেদনশীল। সাহিত্য, কলা আৰু সংস্কৃতিৰ অতীত আৰু বর্তমান তেওঁৰ মজ্জাগত। সাহিত্য, সংস্কৃতি আৰু কলাক তেওঁ কাহানিও সমাজ জীৱনৰ পৰা বিচ্ছিন্ন কৰি চোৱা নাই। সমাজ আৰু অৰ্থনীতিৰ বিভিন্ন উপাদানে কেনেদৰে কলাৰ বিষয়বস্তু আৰু শৈলীত প্ৰভাৱ বিস্তাৰ কৰে এই সম্পর্কে তেওঁ সদা সচেতন। অর্থনীতিৰ লগত ইতিহাস আৰু লোকবিশ্বাসো সাঙোৰ খাই আছে। পৰিৱৰ্তনকামী আৰু সামাজিকভাৱে দায়বদ্ধ লেখকৰ সপক্ষেহে ড গোহাঁই থিয় হৈ আছে। এই কাৰণে তেওঁক কোনো কোনোৱে মার্ক্সবাদী, কমিউনিষ্ট বা বিপ্লৱী বুলি ক’ব খোজে। এই কথা মানি লোৱা ভুল হ’ব যে ড গোহাঁই মার্ক্সবাদ, কমিউনিজম বা কমিউনিষ্টৰ অন্ধ সমর্থক। দল আৰু দলীয় কর্মীৰ ক্রটি-বিচ্যুতিসমূহ তেওঁৰ সদায় সাহসেৰে আঙুলিয়াই দি আহিছে; যাৰ কাৰণে তেওঁ বাম শিবিৰৰ দ্বাৰা বিভিন্ন সময়ত কটু ব্যৱহাৰৰ সন্মুখীনো হৈছে।

সমাজৰ সা-সুবিধা আৰু উন্নয়নৰ সুযোগ মাত্র একাংশৰ হাতত থাকিব লাগে বুলি ভবাসকলে ড গোহাঁইৰ দৃষ্টিভংগীক শ্রদ্ধা নজনোৱাটোৱেই স্বাভাৱিক। তেওঁলোকে মনেপ্রাণে নিবিচাৰে যে পীড়িত-শোষিত আৰু নিম্ন শ্ৰেণীৰ লোকেও সমঅধিকাৰ পাওঁক। নীতিনীতি, ধর্ম-ভাগ্য আৰু কুসংস্কাকেই পাকে-প্ৰকাৰে শাস্ত্রৰ উদ্ধৃতি দি তেওঁলোকে ৰক্ষণাবেক্ষণ দি আহিছে। ধৰ্মক নিৰপেক্ষভাবে সমালোচনা কৰিবৰ বাবে তেওঁলোকৰ সাহস নাই। ব্যক্তিগত উন্নতি, পদবী, খ্যাতি আৰু প্ৰচাৰৰ বাসনা নেওচা দি অহৰহ সমাজৰ নিম্নশ্রেণীৰ লোকৰ উত্তৰণৰ হকে মাত মাতি অহা ড° গোহাঁই উচ্চবর্ণ আৰু ৰক্ষণশীল আৰু স্থিতাবস্থা বিচৰা শ্ৰেণীটোৰ অপ্রিয়ভাজন।

একাংশই বিচাৰে অধ্যাপক আৰু সাহিত্যিক সমাজ ৰাজনীতি আৰু সমাজনীতিৰ স্পৰ্শকাতৰ প্রশ্নৰ পৰা দূৰত থকাটো ভাল। বৌদ্ধিক পৰিমণ্ডল বুলি ক’লে বিদ্যায়তনিক ক্ষেত্ৰত প্রয়োজনীয় কেতবোৰ গ্ৰন্থ অধ্যয়ন, প্রণয়ন, গৱেষণা আৰু তৎসংশ্লিষ্ট তত্ত্বকেতবোৰৰ মাজত পাণ্ডিত্যৰ কচৰৎ বুলিহে তেওঁলোকে ভাবে। ৰাষ্ট্ৰ, চৰকাৰ, ৰাজনীতি, শ্রেণী-স্বার্থ আদিৰ কথা তাত নাথাকে। এনে দৃষ্টিকোণৰ পৰা ড হীৰেন গোহাঁই বুদ্ধিজীৱী নহয়। নিজৰ বিদ্যা-বুদ্ধিৰ বজাৰ দৰৰ দ্বাৰা উন্নতমানৰ জীৱন ধাৰণ কৰিব পৰা, অর্থাৎ চকুত লগাকৈ জীয়াই থকাজনহে সুলভ দৃষ্টি বুদ্ধিজীৱী। তাকে নকৰি অধ্যয়ন, মনন, গৱেষণা, আলোচনা আৰু বিতৰ্কৰ মাধ্যমেৰে জাতীয় আৰু ৰাষ্ট্ৰীয় সমস্যা সম্পর্কে বস্তুনিষ্ঠ, বিজ্ঞানসম্মত আৰু সংস্কাৰধর্মী মতামত ব্যক্ত কৰোঁতাজনক বুদ্ধিজীৱী বুলি নকৈ ‘বিপজ্জনক’ বুলি কোৱাহে চতুৰ লোকৰ কাম।

হীৰেন গোহাঁই চিন্তাবিদ নে বুদ্ধিজীৱী তাক আলোচনা কৰা আমাৰ উদ্দেশ্য নহয়। নিজস্ব বিচাৰধাৰা আৰু চিন্তাৰ মৌলিকতাৰ ফালৰ পৰা তেওঁ অসমীয়া উচ্চ শিক্ষিত সমাজৰ আটাইতকৈ প্রিয় ব্যক্তি। নির্বাচন খেলিলে তেওঁ ৱার্ড মেম্বাৰ হ’ব নোৱাৰাটোও খাটাং। অথচ এনে এজন মানুহক আমি ভয় (?) কৰা লোকসকলেও ভয় কৰে। কিয়? অসমৰ জাতীয় জীৱনৰ বিগত পঞ্চাছ বছৰ ধৰি দেথা নিয়া ঘাই সমস্যাসমূহৰ ওপৰত ড০ হীৰেন গোহাঁয়ে কৰি অহা মন্তব্য বা শংকাবোৰ আজি নব্বৈ শতাংশই সত্য বুলি প্রমাণিত হৈছে। সোঁতৰ বিপৰীতে সাহসেৰে থিয় হৈ মানুহক সম্ভাব্য বিপদ সম্পর্কে সতর্ক কৰি দিয়া স্বভাৱটোৰ বাবেই তেওঁক নলিনীধৰ ভট্টাচাৰ্যই ‘অসমৰ বিৱেক’ আখ্যা দিছিল। অহৰহ নির্ভীক আৰু স্পষ্ট কণ্ঠৰে তেওঁ প্রতিবাদ কৰি আহিছে অন্যায়, শোষণ, দুর্নীতি, ভণ্ডামি, সন্ত্ৰাস আৰু সাম্প্রদায়িকতাৰ বিৰুদ্ধে। তেওঁৰ দৰে এনে সাহস খুব কম অসমীয়াৰেহে আছে। সংগীত আৰু নাটকৰ দিশটো বাদ দিলে সংগ্রামী সত্ত্বাৰ পিনৰ পৰা তেওঁ জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাৰ সতীর্থ। মেধা আৰু প্ৰতিভাক কেৱল নিজৰ বৈষয়িক উন্নতিৰ স্বাৰ্থত ব্যৱহাৰ নকৰি সমাজ জীৱনৰ বাবেও খৰচ কৰাৰ ক্ষেত্ৰত ড হীৰেন গোহাঁই স্মৰণীয় ব্যক্তি হৈ ৰ’ৰ। দেশ, জাতি, ভাষা, মানুহ আৰু সাংস্কৃতিক ঐতিহ্যৰ হকে যুদ্ধ কৰি তেওঁ বহু হেৰুৱাইছে; পাবলগীয়া বহু আছিল। তথাপি একাংশই তেওঁৰ কলমত স্বার্থ আৰু প্ৰচাৰৰ গন্ধ পায়! চাৰিকুৰি বছৰ গৰা এজন আন্তর্জাতিক পণ্ডিতে জীৱনত উপাচার্য, ৰাজ্যপাল, জ্ঞানপীঠ বা পদ্মবিভূষণৰ দৰে একো সন্মানেই নাপালে। অসম সাহিত্য সভাৰ সভাপতি পদ লাভ কৰাটো দূৰৈৰে কথা৷ ৰাজপথত মূৰৰ তেজ পেলাই, সাঁচতীয়া ধনেৰে বাতৰি-আলোচনী উলিয়াই তেওঁ হেনো এচাম যুৱকক পথভ্রষ্ট হৈ কৰিছে! ড হীৰেন গোহাঁইক ঊৰ্ধ্ববাহু হৈ সমালোচনা কৰা বহু পণ্ডিত / সাহিত্যিকে তেওঁ লিখা গ্রন্থসমূহ ভালদৰে পঢ়াই নাই। অপ্রিয় হলেও এষাৰ কথা কব লাগিবঃ তেওঁৰ ইংৰাজী আৰু অসমীয়া বুজিব লাগিলে মগজটো বজৰুৱা হ’লে নহ’ব। তেওঁৰ গৱেষণাগ্রন্থৰ কথা বাদ দি আমি ‘কীৰ্তনপুথিৰ ৰসবিচাৰ’, ‘সাগৰতলিৰ শংখ’, ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা” আৰু জ্যোতিপ্রসাদ, বিষ্ণুৰাভা, বীণা বৰুৱা আদি সন্দৰ্ভত লিখা প্রবন্ধবোৰ পঢ়িব পাৰোঁ। জধে-মধে দেশী-বিদেশী সাহিত্যৰ উদ্ধৃতি দি পাণ্ডিত্য দেখুওৱা মানুহ ড° গোহাঁই নহয়। গমি-পিতি চাইহে তেওঁ আনৰ মন্তব্য গ্রহণ কৰে। সত্তৰ আৰু আশীৰ দশকৰ গ্রন্থসমূহৰ তুলনাত তেওঁৰ শেহতীয়া গ্রন্থ, বিশেষকৈ আত্মজীৱনীৰ খণ্ড চাৰিটা জনপ্রিয় হোৱাৰ মূলতে হ’ল তেওঁৰ গভীৰ জীৱনবোধ আৰু উপলব্ধিৰ সততা। পণ্ডিত, বুদ্ধিজীৱী, সাহিত্যিক আৰু শিল্পী আমাৰ সমাজত বহু আছে কিন্তু কথা আৰু কামৰ মাজত মিলা নাই। নিজৰ আদৰ্শত অটল হৈ থাকিৰ পৰা গুণ বহুতৰ নাই। পাণ্ডিত্য যশস্যা, পদৱী আৰু ধন লাভৰ বাবে নহৈ সমূহৰ মংগলৰ বাবেহে হোৱা উচিত। ড হীৰেন গোহাঁইৰ দৃষ্টিৰ বিশালতাক চুব পৰা বুদ্ধিজীৱী আৰু পণ্ডিত অসমত নাই৷ তেওঁকৈ সৰহ গ্ৰন্থ পঢ়া লোক আছে, কিন্তু তেওঁলোকে নিলিখে। একাংশেই পঢ়ে আৰু লিখে ঠিকেই, ৰাইজৰ কাষত থিয় নিদিয়ে। আন একাংশই নিশ্চয় এই তিনিওটাই কৰে, কিন্তু ৰাজনৈতিক দর্শন সলাই নিজৰ স্বার্থ সিদ্ধি কৰে। ব্রিটিছৰ বিৰুদ্ধে টু’ শব্দ এটাও উচ্চাৰণ নকৰা একাংশ নিভাঁজ পণ্ডিত, গৱেষক, সাহিত্যিক আৰু শিল্পী অসমত আছিল। স্বাধীনোত্তৰ অসমতো প্রতিবাদী কণ্ঠৰ বিৰোধিতা কৰা শ্রমিক-কৃষক আৰু দলিত-সংখ্যালঘুৰ দুর্দশাক আওকাণ কৰা গণবিচ্ছিন্ন, সুৰক্ষিত পণ্ডিত, কবি, বুদ্ধিজীবী, নাট্যকাৰ, সাংবাদিক ঢেৰ ওলাইছে। তেওঁলোক খাটি সৰস্বতীৰ সেৱক; আনফালে চকু দিবৰ সময় নাই।

হীৰেন গোহাঁই ব্যতিক্রম। তেওঁ সমাজ জীৱনৰ কোনো কথা আওকাণ কৰিব নোৱাৰে। সেইবাবে তেওঁৰ ভিতৰৰ নিৰঞ্জন ফুকনজন হেৰাই গ’ল। বহু সাহিত্যিক আছে যাৰ ৰাজনৈতিক, ঐতিহাসিক আৰু বৌদ্ধিক জ্ঞানৰ গভীৰতা নাই। দেশীয় আৰু আন্তর্জাতিক, আনকি স্বাস্থ্য সম্পর্কীয় তথ্যও ড গোহাঁইৰ নখ দৰ্পণত। সকলো বিষয়ক লৈ সাহসী আৰু দূৰদৰ্শী প্রবন্ধ লিখাৰ অন্তৰালত তেওঁৰ খ্যাতিৰ বাসনা নাই; আছে মানৱজাতিৰ প্ৰতি থকা বিশুদ্ধ প্রেমৰ টান। ইয়াৰ বাবেই তেওঁ ধৰ্ম জাতি, ভাষাৰ ঊৰ্ধত উঠিব পাৰিছে। তেওঁ গোড়া নহয়, নিজৰ পূৰ্বৰ লেখাৰো তেওঁ বিশ্লেষণ কৰিছে পৰৱৰ্তী সময়ত।

সমালোচক হিচাপে ডগোহাঁই আৰু সূক্ষ্ম। সৃষ্টিৰ (সাহিত্য কর্মৰ) অন্তৰালত থকা মানুহজন (লেখক), তেওঁৰ দৰ্শন, মনস্তত্ত্ব, ভণ্ডামি আৰু সততা ডগোহাঁয়ে তৎক্ষণাত ধৰিব পাৰে। বুদ্ধিৰ (দুৰ্বুদ্ধিহে সৰহ) মাজত থকা সুবিধাবাদ আৰু সাধুবাদৰ মাজত থকা ভণ্ডামিবোৰ তেওঁ ধৰা পেলাব পাৰে বাবেই সাহিত্য জগতত তেওঁৰ শত্রু সৰহ। আজিলৈকে স্পষ্ট ৰূপত কোনেও তেওঁৰ সমালোচনাত্মক দৃষ্টিভংগী খণ্ডন কৰিব পৰা নাই। তাৰ কাৰণে তেওঁক হকে-বিহকে আক্রমণ কৰা লোকৰ সংখ্যাও বাঢ়িছে। তেওঁৰ ৰচনাত তীব্র শ্লেষ, বক্রোক্তি, ব্যংগ আৰু অসহ্যকৰ আক্ৰমণৰ কাৰণ ইয়ো এটা। হাস্যৰস আৰু ৰোমাণ্টিক শব্দ নির্বাচন আৰু প্রাকৃতিক পৰিৱেশ বর্ণনাত ড হীৰেন গোহাঁই সিদ্ধহস্ত।

সকলোবোৰ গুণ থকাৰ পাছতো কিন্তু তেওঁ যুদ্ধংদেহী, অকলশৰীয়া। জাতীয় জীৱনৰ সংঘাতৰ সময়ত তেওঁ কাকো ৰেহাই দিয়া নাই; কাকো ঘৃণাও কৰা নাই। ইয়াৰ মাজত কিন্তু তেওঁৰ কোনো ‘সুবিধাবাদ’ নাই। ড হীৰেন গোহাঁইক গালি পৰাটো সহজ; একাংশ ভাৰতমাতাৰ ভক্ত, ওঁঠ টিপিলে গাখীৰ ওলোৱা যুৱকৰ ফেচবুকত আপডেট হোৱা মন্তব্য পঢ়ি হাঁহি উঠে। আপোনালোকে ড গোহাঁইৰ ‘উত্তৰণৰ সাধনা’, ‘সৃষ্টি আৰু যুক্তি’, ‘সমাজ আৰু সমালোচনা’, ‘সাহিত্যৰ সত্য’, ‘ভাবীকালৰ খনিকৰ’ আদি গ্রন্থ পঢ়ক।

বিগত চাৰিটা দশক ধৰি লুইতৰ পাৰ জিলিকোৱা বিশ্ববিদ্যালয়খনৰ বহু পণ্ডিত ছাত্র ড গোহাঁইক গালি পাৰিয়েই বিখ্যাত হল। এৰাতিৰ ভিতৰত পৰীক্ষাৰ নম্বৰৰ তুলনাত তাহানিৰ ড গোহাণই তৃণসদৃশ। আচৰিত কথা এইটোৱেই যে অৰ্ধশতিকা ধৰি অসমে দ্বিতীয়জন ড হীৰেন গোহাঁইক জন্ম দিব পৰা নাই। শেহতীয়া ৰাজনৈতিক আৰু জাতীয় বিতর্কসমূহে তেওঁক জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ লগতে ঠাই দিয়ে। শ্রমিক-কৃষক আৰু মেহনতী ৰাইজৰ মাজত তেওঁ এক চিনাকি নাম; এক বিপ্লৱী কণ্ঠ। এনে স্বীকৃতিৰ বাৰে তেওঁ কোটি টকা খৰচ কৰি মিথ্যাচাৰৰ আশ্ৰয় লৈ নির্বাচন খেলিবলগীয়া হোৱা নাই। দিল্লী-দিছপুৰৰ চকী এদিন ভাঙিব, ড গোহাঁইৰ কলম কেম্ব্ৰিজতো চলিব।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *