অতিথি সম্পাদকৰ চ'ৰাঅষ্টম বছৰ প্ৰথম সংখ্যা

দুর্ভিক্ষ, সত্যজিৎ আৰু ‘অশনি সংকেত’ (প্ৰসেনজিৎ চৌধুৰী)

কিছুমান স্মৃতিয়ে আজীৱন মানুহৰ লগ নেৰে। অৱশ্যে তেনে স্মৃতি সদায় সুখপ্রদ আৰু সুষম নহ’বও পাৰে। জীৱন-যাতনাৰ অভিজ্ঞতা আৰু / বা পৰ্যবেক্ষণেও মানুহৰ মানস-পটত সাঁচ বহুৱাই গভীৰভাৱে। শৈল্পিক সৃজন বা বুদ্ধিজৈৱিক এষণাৰ ইন্ধন হিচাপে সেইধৰণৰ স্মৃতি কেতিয়াবা সক্রিয় থাকিব পাৰে, প্রচ্ছন্নভাৱে হ’লেও। মানৱ-দৰদী সমাজ-বিজ্ঞানী অমর্ত্য সেনৰ অমূল্য জীৱন-পৰিক্ৰমত আমি ইয়াৰ সাক্ষ্য পাওঁ। ১৯৪৩ চনত সর্বগ্রাসী দুর্ভিক্ষই যি দুর্বিপাক বংগলৈ মাতি আনিছিল তাৰ কিছু অভিজ্ঞতা তেওঁ লাভ কৰিছিল বাল্যকালতেই। চৰিতকাৰৰ ভাষাত দুর্ভিক্ষ-দাৰিদ্ৰই তেওঁৰ মনত যি ৰেখাপাত কৰিছিল তাৰ পৰা ড° সেন আজিও মুক্ত হ’ব পৰা নাই’ (ধৰণীধৰ গােস্বামী, পৃঃ ৭৭)। সেই সময়ৰ সকৰুণ দৃশ্য আৰু হৃদয়বিদাৰক বৃত্তান্তবোৰৰ স্মৃতিয়ে পৰৱৰ্তীকালত অমর্ত্য সেনক দুর্ভিক্ষ-অধ্যয়নৰ প্রতি আগ্রহী কৰি তুলিলে। গ্রন্থাকাৰে প্ৰকাশিত তেওঁৰ সুপাঠ্য স্মৃতিকথাত অন্তর্ভুক্ত ‘The Last Famine’ শীর্ষক অধ্যায়টো পঢ়িলে বুজিব পাৰি বংগৰ ভয়ংকৰ দুর্ভিক্ষই কিদৰে সংবেদনশীল সেনৰ আৱেগ আৰু চিন্তাৰ পৃথিৱীত আছুতীয়া আলোড়ন তুলিছিল।

দুর্ভিক্ষ সন্দৰ্ভত প্রচলিত ধাৰণাবােৰক প্ৰত্যাহ্বান জনাই নতুন দৃষ্টিকোণৰ পৰা বিষয়টো চালি-জাৰি চাইছে অমর্ত্য সেনে। আত্মজৈৱনিক গ্রন্থখনৰ এঠাইত তেওঁ লিখিছে : ‘Starvation is a characteristic of people not being able to buy enough food in the market—not of there being not enough food in the market’ (A. Sen P.117)। সেনে “buy” শব্দটোৰ ওপৰত বিশেষ গুৰুত্ব দিছে, কিয়নো অধিকাংশ ক্ষেত্ৰত জনসাধাৰণৰ ক্রয়ক্ষমতা কমি গ’লে দুর্ভিক্ষৰ প্রকোপ বাঢ়ি যায়। অন্যত্র তেওঁ এই মত পোষণ কৰিছে যে অর্থনৈতিক অৱস্থাৰ সামগ্রিক অৱনতিৰ সময়ত দুর্ভিক্ষ অৱশ্যেই হ’ব পাৰে, “কিন্তু অর্থনীতি যখন স্ফীট অৱস্থায়, তখনও হতে পাৰে দুর্ভিক্ষ, যেমন হয়েছিল বাংলায় ১৯৪৩ সালে, যুদ্ধকালীন প্রচেষ্টা-জনিত স্ফীট অর্থব্যৱস্থাৰ মধ্যে (অমর্ত্য সেন, পৃঃ১২৭)। বংগৰ দুর্ভিক্ষৰ কাৰণানুসন্ধানৰ প্রসংগত সেনে মানুহৰ ক্ষীয়মান ক্রয়ক্ষমতা, অসৎ মজুতকাৰীৰ ভূমিকা, যুদ্ধৰ কাৰণে খাদ্যদ্রব্যৰ ক্রমবর্ধমান মূল্য আদিৰ কথা উল্লেখ কৰিছে (A. Sen, P.117; Richa Saxena, P.100)। আনহাতে সেনৰ সজাগ আৰু সংবেদনশীল দৃষ্টিত ধৰা পৰিছে দুর্ভিক্ষৰ শ্ৰেণী-চৰিত্ৰ। তেওঁৰ প্রাঞ্জল আৰু পোনপটীয়া বক্তব্য হ’ল— সমাজৰ নিম্নবর্গৰ নিঃস্ব মানুহখিনিকহে ক্ষুধাৰ দৈত্যই গ্রাস কৰে (A. Sen, P.120, ; Richa Saxena, P.94)।

অমর্ত্য সেনে স্মৃতিকথাত উল্লেখ কৰা ব্যক্তিগত অভিজ্ঞতাখিনি শান্তিনিকেতনতেই সীমিত। দুর্ভিক্ষৰ মাজত— বা যিকোনো অনিশ্চয়তাৰে ভৰা শংকাপূর্ণ সময়ত— উৰাবাতৰিয়ে উদ্বেগ-পীড়িত সাধাৰণ মানুহৰ চিন্তা আৰু আচৰণক বহু পৰিমাণে পৰিচালিত কৰে। বংগৰ দুর্ভিক্ষৰ কালতো এনে ঘটনা ঘটিছিল। সেই সময়ত মানুহৰ মাজত এই গুজব বিয়পি পৰিল যে কলিকতাত দুর্ভিক্ষপীড়িত মানুহৰ কাৰণে খাদ্যৰ ব্যৱস্থা কৰা হৈছে। নিৰুপায়-নির্বল মানুহবোৰ কলিকতালৈ গৈ নিজকে আৰু আপোনজনক বচাবলৈ উদ্গ্রীৱ হৈ পৰিল। কলিকতামুখী এই মানুহচামৰ কৰুণ কাতৰোক্তি শান্তিনিকেতনত পঢ়ি থকা অমর্ত্য সেনে শুনিছিল, কাৰণ অজস্ৰ অৱসন্ন মানুহ শান্তিনিকেতন হৈহে কলিকতালৈ গৈছিল।

নিৰন্ন মানুহৰ নিৰৱচ্ছিন্ন সোঁতে কলিকতাত কি অকল্পনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছিল তাৰ হৃদয়স্পর্শী বিৱৰণ পাওঁ বুৰঞ্জীকাৰ তপন ৰায়চৌধুৰীৰ আত্ম-চৰিতত। তেওঁ লিখিছে, বাটে-ঘাটে মৃত বা অর্ধ-মৃত মানুহ পৰি থকাটো প্রাত্যাহিক ঘটনা হৈ পৰিল। চাউলৰ সলনি ক্ষুধা-ক্লিষ্ট ম্রিয়মান মানুহে কেৱল “ফ্যান দাও গো, ফ্যান দাও” বুলি প্রাণ-ভিক্ষা কৰিব ধৰিলে (তপন ৰায়চৌধুৰী, পৃঃ১২৬-২৭)। এই দুর্ভিক্ষৰ কাৰণ সম্পর্কে ৰায়চৌধুৰীৰ মন্তব্য তাৎপৰ্যপূর্ণ—“ওই ভয়াবহ ঘটনা সম্পূর্ণভাবেই মানুষেৰ তৈৰি। ইংৰাজ সৰকাৰেৰ অবিশ্বাস্য গাফলতি আৰু কিছু দেশি মানুষেৰ অন্তহীন লোভেৰ পৰিণাম এই দুর্ভিক্ষ (তপন ৰায়চৌধুৰী, পৃঃ ১২৯)। আশ্চৰ্যজনক কথা হ’ল, কলকাতাৰ আমোদ-প্রমোদৰ পৃথিৱীখন দুর্ভিক্ষৰ কাৰণে অকণো ম্লান নপৰিল, “বৰং ফুৰ্তিৰ জোয়াৰ ফেঁপে ফুলেই উঠেছিল” (তপন ৰায়চৌধুৰী, পৃঃ১২৭)। আমি “আশ্চর্যজনক” বুলিলেও প্রকৃততে এনে মনুষ্যত্বৰহিত মনোভাবত আচৰিত হ’বলগীয়া একো নাই। গাঁৱৰ পৰা অহা নিঃস্ব-নিৰক্ষৰ অন্ন-প্রার্থী মানুহৰ কাৰণে মহানগৰৰ বিনোদনপ্রিয় বিত্তৱান শ্রেণীটোৱে সমবেদনা অনুভৱ নকৰাটোৱেই স্বাভাৱিক (অৱশ্যে শ্রদ্ধেয় ব্যতিক্রম নিশ্চয় আছিল।)।

১৯৪৩ চনৰ দুর্ভিক্ষৰ সময়ত অমর্ত্য সেনৰ বয়স মাত্র দহ। সত্যজিৎ ৰায় তেতিয়া বাইছ বছৰীয়া চফল ডেকা। কিন্তু তেওঁ—আন বহুতৰ দৰে–দুর্ভিক্ষৰ কবলত পৰি কক্‌বকাই থকা আর্ত মানুহৰ প্রতি সহমর্মিতা প্রদর্শন কৰা নাছিল। সত্যজিতৰ চৰিতকাৰ এণ্ড্ৰু ৰবিনছনে কৈছে যে এই নির্লিপ্ততাৰ বাবে ‘he always felt sense of shame about it’ (A. Robinson, P.51)। সত্যজিতে নিজৰ নির্লিপ্ততাৰ সপক্ষে যুক্তি দাঙি ধৰি ৰবিনছনক কৈছিল যে ভোকাতুৰ মানুহৰ আৰ্তৰৱ শুনি শুনি বা মৃত্যুৰ দৃশ্য দেখি দেখি মানুহ অভ্যস্ত হৈ পৰিছিল–“one gets used to ultimately’ (A. Robinson, P.51)। তেওঁ সেই সময়ত নিজৰ জীৱনক লৈ ব্যস্ত, পশ্চিমীয়া সংগীতৰ সমুদ্রত আশীর্ষ নিমজ্জিত। ৰবিনছনক তেওঁ জনাইছে যে দুর্ভিক্ষজনিত বিপৰ্যয়টো ইমানেই ডাঙৰ সমস্যা যে সুচাৰুৰূপে তাৰ সমাধান কৰাটো সম্ভৱ নাছিল। সত্যজিতে অৱশ্যে অকপটচিত্তে স্বীকাৰ কৰিছে যে ‘if one said I was a little callous about the famine, one would not be far wrong’ (A. Robinson, P.52)। ধাৰণা হয়, যুৱাৱস্থাৰ এই আত্মনিমগ্নতাজনিত নির্লিপ্ততাৰ অন্যতম উৎস সত্যজিতৰ এলিটসুলভ মানসিকতা। হয়তো তেওঁৰ অন্তর্মুখী ব্যক্তিত্বও নির্লিপ্ততাৰ কাৰণে কিছু পৰিমাণে দায়ী। পৰৱৰ্তী কালত অৱশ্যে সত্যজিতৰ মনন আৰু মনোভাবলৈ উল্লেখনীয় পৰিৱৰ্তন আহে। ইয়াৰ এটা প্রমাণ– ১৯৬১ চনতেই তেওঁ দুর্ভিক্ষ-কেন্দ্রিক চলচ্চিত্র কৰাৰ কথা ভাবিছিল। বাৰ বছৰৰ পিছত তেওঁ নিৰ্মাণ কৰে ‘অশনি সংকেত’ (১৯৭৩) (Marie Seton, P.290)। এণ্ড্ৰু ৰবিনছনে এইখন চলচ্চিত্র নির্মাণৰ আঁৰত অপৰাধবোধৰ তাড়না দেখা পাইছে (A. Robinson, P. 206)। এই মনস্তাত্বিক ব্যাখ্যা যদি কিছু পৰিমাণেও সত্য হয় তেনেহ’লে আমি নিশ্চয় এই সিদ্ধান্তত উপনীত হ’ব পাৰিম— ১৯৪৩ চনৰ দুৰ্ঘোৰ দুর্ভিক্ষই কেৱল অমত্য সেনৰ বৌদ্ধিক যাত্রাতেই নহয়, সত্যজিৎ ৰায়ৰ সৃজনতো ইন্ধন যোগাইছিল– পলমকৈ, পৰোক্ষভাৱে।

‘অশনি সংকেত’ৰ পটভূমি নিভাঁজ গ্রাম্য সমাজ। তপন ৰায়চৌধুৰীয়ে তেওঁৰ সুখপাঠ্য আত্মচৰিতত কলিকতাৰ বুকুত বুভুক্ষা আৰু বিনোদনৰ যি কুশ্রী সহঅৱস্থানৰ বিৱৰণ দিছে তাৰ চলচ্চিত্রায়নৰ সুযোগ ‘অশনি সংকেত’ত নাই। চিনেমাখন আৰম্ভ হয় নৈসর্গিক সৌন্দৰ্য্যৰ সৌম্য দৃশ্যৰে। সত্যজিতে যেন প্রকৃতিৰ প্ৰাচুৰ্য্যৰ বিপৰীতে মনুষ্যসৃষ্ট কদৰ্য্যৰ্তাৰ সকৰুণ কাহিনী এটা ক’বলৈ বিচাৰিছে– ‘Ray seeks a contrast between the bounty of nature and the terror of man-made famine’ (C. Dasgupta, P.100)। লক্ষনীয়, প্রকৃতিৰ এই বদান্যতাৰ মাজতেই কলীয়া ডাৱৰে ভুমুকি মাৰে, আকাশত দেখা যায় যুঁজাৰু বিমান। ‘অশনি সংকেত’ত ক্ষুধা-পীড়িত মানুহৰ দুখ-দুর্ভাবনা দেখুওৱা হৈছে, স্ক্ৰীণত কেতিয়াবা তথ্য হিচাপে ভাহি উঠিছে চাউলৰ ক্রমবর্ধমান মূল্যৰ খবৰ, দুর্গতজনৰ হাহাকাৰৰ সংক্ষিপ্ত সংবাদ, কংকালসাৰ মানুহৰ কৰুণ ছবি। কিন্তু এইবোৰ কতো মাত্রাধিকভাৱে উপস্থাপন কৰা হোৱা নাই, অতিনাটকীয়তাক প্রশ্রয় দি দর্শকৰ মন জয় কৰাৰ বহুব্যৱহৃত কৌশল অৱলম্বন কৰাৰ পৰাও পৰিচালক বিৰত আছে। এই সংযম আচলতে সত্যজিতীয় শৈলীৰেই অচ্ছেদ্য বৈশিষ্ট্য।

‘অশনি সংকেত’ত দুর্ভিক্ষৰ দৈত্যটো হঠাতে আহি মানুহক সচকিত কৰা নাই। দর্শকে – আৰু চৰিত্ৰবোৰেও— লাহে লাহে দুর্ভিক্ষৰ সংহাৰী ৰূপ উপলদ্ধি কৰিব ধৰে। আহিবলৈ ধৰা দুর্ভিক্ষৰ পূর্বাভাস—অশনি সংকেত—মোতি নামৰ ছোৱালীজনীৰ মৃত্যুৰ জৰিয়তে দেখুওৱা হৈছে চিনেমাখনৰ অন্তিমাংশত। মন কৰিবলগীয়া কথা, ‘অশনি সংকেত’ত খাদ্যাভাৱত মৃত্যু হোৱা একমাত্র চৰিত্ৰ মোতি। তেওঁ অস্পৃশ্যা, বর্ণবাদী সমাজৰ উন্নাসিকতাৰ বলি। এই কথাটোৱে অমর্ত্য সেনৰ এষাৰ অর্থবহ উক্তিলৈ মনত পেলাই দিয়ে—’Like almost all famines, the Bengal Famine of 1943 was a class-based calamity. No one who came from a relatively well-off family….. had any difficulty in surviving a calamity that took millions of lives’ (A. Sen, P.120)। সত্যজিতে ক্ষুধাজনিত মৃত্যুৰ একমাত্র দৃষ্টান্তটো নিম্নবর্গৰ প্রান্তিকায়িত মানুহৰ মাজৰ পৰা আনিছে। ই ‘class-based calamity’-ৰ আচল স্বৰূপ উদঙাই দেখুৱাইছে।

গাঁওখনত সন্মান-সমীহৰ পাত্র বর্ণশ্রেষ্ঠ ব্রাহ্মণ গংগাচৰণ চক্ৰৱৰ্তী। কেৱল দুর্বোধ্য শ্লোকোচ্চাৰণেৰে পূজা-পাতল কৰাই নহয়, তেওঁ গাঁৱৰ ল’ৰাবোৰক প্রাথমিক শিক্ষাৰ পাঠ পঢ়ায়, কেতিয়াবা ৰুগীয়া লোকক দেশীয় ঔষধো দিয়ে। পদানুক্রমবদ্ধ সমাজত এনে এগৰাকী পূজনীয় লোকৰ প্ৰভাৱ-প্রতিপত্তি অক্ষয় হৈ থকাটোৱেই স্বাভাৱিক। পিছে খাদ্যাভাৱে গংগাচৰণৰ পৰিয়াললৈ মাতি আনিলে অপ্রত্যাশিত সংকট। এই সংকটৰ দেখ দেখ সংকেত তেওঁ পায় গাঁৱৰ গেলামালৰ দোকানত। হাতত বটল লৈ গংগাচৰণ গৈছিল তেল আনিবলৈ। দোকানীয়ে কিন্তু সন্মানীয় গংগাচৰণক তেল দিব নোৱাৰিলে। গংগাচৰণৰ মুখমণ্ডললৈ উৎকণ্ঠা-মিশ্রিত গাম্ভীৰ্য্য নামি আহিল। দোকানৰ পৰা ওলায়েই তেওঁ শুনিলে আকাশেৰে উৰি যোৱা যুঁজাৰু বিমানৰ শব্দ। খাদ্যাভাৱৰ খবৰ আৰু যুঁজাৰু বিমানৰ শব্দৰ মিশ্ৰনৰ জৰিয়তে সত্যজিতে আচলতে আগত দুর্ভিক্ষৰ লগত যুদ্ধৰ যোগাযোগৰ ইংগিত দিব বিচাৰিছে। পৰৱৰ্তী এটা দৃশ্যত দেখা যায় ওচৰৰ গাঁৱৰ পৰা গংগাচৰণৰ ঘৰলৈ অহা এজন খাদ্য-প্রার্থী বৃদ্ধ ব্রাহ্মণে গংগাচৰণৰ আগত খাদ্যাভাৱৰ কাৰণ ব্যাখ্যা কৰিছে। তেওঁৰ ব্যাখ্যাৰ দুটা উল্লেখযোগ্য কথা হ’ল— যুদ্ধৰ ফলত ব্রহ্মদেশৰ পৰা চাউল অহা বন্ধ হৈছে আৰু ভাৰতৰ চৰকাৰে সৈন্যৰ কাৰণে চাউল সংগ্রহ কৰিছে। বীক্ষণীয় বিষয় হ’ল, ‘অশনি সংকেত’ত বৃদ্ধ ব্রাহ্মণে ব্যক্ত কৰা ব্যাখ্যাৰ লগত অমর্ত্য সেন আৰু তপন ৰায়চৌধুৰীৰ দুর্ভিক্ষ সংক্রান্তীয় কেতবোৰ উক্তিৰ সাদৃশ্য দেখা যায়।

ক্ষুধাৰ বিভীষিকাত বিপন্ন বোধ কৰা মানুহৰ মূল্যবোধৰ পুৰণিকলীয়া পৃথিৱীখনত খহনীয়া আৰম্ভ হয়— অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত, পৰিস্থিতিৰ হেঁচাত। ‘অশনি সংকেত’ত সত্যজিৎ ৰায়ে ইয়াৰ আভাস দিছে তেওঁৰ স্বকীয় ভংগীৰে। গ্রাম্য সমাজৰ সহজ-সৰল জীৱনৰ ছন্দ-পতনৰ বাস্তৱ ছবিখন প্ৰকট হৈ উঠে চাউলৰ দোকানত সংঘটিত লুট-পাতৰ দৃশ্যত। এই বিশৃঙ্খলাৰ মাজত গণ্যমান্য গংগাচৰণক এজন লোকে ঠেলা মাৰি পেলাই দিয়ে। গংগাচৰণৰ এই পতন যথার্থপক্ষে তেওঁৰ সামাজিক অৱনমনৰ প্ৰতীকী উপস্থাপন—’The brahmin’s person is no longer inviable’ (C. Dasgupta, P.99)। অপ্রত্যাশিত অভিজ্ঞতাত গংগাচৰণ স্তম্ভিত, তেওঁৰ শৰীৰৰ নিৰুদ্যম ভাষাত নৈৰাশ্য। পৰৱর্তী দৃশ্যতো আমি সামাজিক অৱনমনৰ অন্য এটা দৃষ্টান্ত দেখো। অভাৱ-অনাটনৰ পৰা নিষ্কৃতি পোৱাৰ আশাত গংগাচৰণৰ পত্নী অনংগাই আনৰ ঘৰত ঢেঁকি দিবলৈ বিচাৰোঁতে উচ্চবর্ণসুলভঅহংবোধৰ পৰিচয় দি গংগাচৰণে কৈছিল—“ছোট জাতেৰ মেয়েৰ সংগে তুমি যাবে ধান বানতে”? এইজন বর্ণগর্বী মানুহ ভূপতিত হোৱাৰ পিছত স্ক্ৰীণত ভাহি উঠে তেওঁৰ প্রিয় পত্নীয়ে আনৰ ঘৰত ঢেঁকি দি থকাৰ দৃশ্য। এই শ্ৰমৰ বিনিময়ত তেওঁ পালে দুষ্প্রাপ্য চাউল। আপদ কালত পুৰণি প্ৰমূল্যৰ অনমনীয় বন্ধন ক্রমে শিথিল হৈ পৰাৰ একাধিক নমুনা আমি ‘অশনি সংকেত’-ত পাওঁ। কোনো সন্দেহ নাই, ক্ষুধাৰ গ্ৰাসত পৰা সমাজখনত ধর্মীয় পৰম্পৰাই গংগাচৰণক পিন্ধাই দিয়া মৰ্য্যদাৰ মুকুট প্রায় ভূলুণ্ঠিত। চলচিত্ৰখনৰ প্রথমাংশত পোৱা সন্মানসম্ভ্ৰমৰ পৰা তেওঁ বঞ্চিত। বংগৰ দুর্ভিক্ষৰ প্রসংগত অর্মত্য সেনে কৈছে যে দুর্ভিক্ষৰ সময়ত কেতিয়াবা ধনবিত থাকিলেও খাদ্য-দ্রব্য সংগ্রহ কৰাটো সম্ভৱ নহ’ব পাৰে। এই ৰূঢ় সত্যৰ সাক্ষ্য ‘অশনি সংকেত’-ত আছে (অৱশ্যে গংগাচৰণক বিমুখ কৰা ব্যৱসায়ীজনে তেওঁক মাছে-ভাতে খুৱাবলৈ হেলা কৰা নাই। এই বদান্যতাৰ আঁৰত আছে পাৰলৌকিক লাভৰ লোভ— ব্রাহ্মণ-ভোজনে পূণ্যৰ পৰিমাণ বঢ়ায়)।

১৯৪৩ চনৰ দুর্ভিক্ষত লাখ লাখ মানুহৰ মৃত্যু হৈছিল। ‘অশনি সংকেত’-ত পিছে আমি মাত্র এটা মৃত্যুহে দেখোঁ। ‘Except obliquely in its last shot, Distant thunder [অশনি সংকেত’] makes no attempt to suggest the appalling scale of its theme, death by starvation…’ (Marie Seton, P.290)। ‘অশনি সংকেত’-এ মৃত্যুতকৈ অন্য কেতবোৰ দিশৰ ওপৰতহে গুৰুত্ব দিছে। ঐতিহ্যবাহিত ধর্মীয় মূল্যবোধৰ ক্ৰমাৱক্ষয়ৰ কথা আমি ইতিপূর্বে উল্লেখ কৰিছোঁ। এই দিশটোৰ ধৰ্ম-নিৰপেক্ষ ৰূপটোও ‘অশনি সংকেত’ৰ দুই-এঠাইত দাঙি ধৰা হৈছে। উদাহৰণ হিচাপে ছোটকিৰ কথা উল্লেখ কৰা যায়। এই প্রাণোচ্ছল ছোৱালীজনীয়ে কেৱল ভীতিপ্রদ ভৱিষ্যতৰ আশংকাত নিজে অকণো পছন্দ নকৰা মানুহ এজনৰ লগত অৱশেষত দ্বিধাগ্রস্ত মনেৰে গুচি যায়। মুখৰ এফালে দৃষ্টিকটু দাগ থকা মানুহজনে আচলতে চাউলৰ লোভ দেখুৱাই ছোটকিৰ সন্মতি আদায় কৰে। ক্ষুধাই মানুহক কিমান মনুষ্যত্বহীন কৰি পেলাব পাৰে তাৰ এটা নিকৰুণ নমুনা আমি প্রত্যক্ষ কৰোঁ মোতিৰ মৃত্যুৰ দৃশ্যত। গছৰ তলত পৰি থকা মৃতপ্রায় মোতিক ব্রাহ্মণী অনংগাই খোৱা বস্তু দি যায়—নিৰাপদ দূৰত্বৰ পৰা। মোতিয়ে কিন্তু সেই আহাৰ খাব নোৱাৰিলে। অস্পৃশ্যা মোতিৰ মৃত্যুৰ লগে লগে জোপ লৈ থকা ছোৱালী এজনীয়ে মনে মনে আহি খোৱা বস্তুখিনি লৈ যায়। ক্ষুধাৰ তাড়নাত পীড়িতা ছোৱালীজনীৰ দৃষ্টিত মোতিৰ মর্মান্তিক মৃত্যুতকৈ দুর্লভ খাদ্যৰ গুৰুত্ব বেছি। অমর্ত্য সেনে তেওঁৰ স্মৃতি কথাত কৈছে : “The famine generated a kind of moral degeneration in people ravaged by circumstances beyond their control” (A. Sen, P. 121)। তৰাং ভাবোচ্ছ্বাস পৰিহাৰ কৰি এই উক্তিৰ সত্যতা সত্যজিতে দেখুৱাইছে মোতিৰ মৃত্যুৰ দৃশ্যত—কেইটামান অর্থপূর্ণ শ্বটৰ জৰিয়তে।

‘অশনি সংকেত’ত প্রতিফলিত প্ৰমূল্যৰ অৱক্ষয়ৰ বিষয়টো আমি একাধিকবাৰ উল্লেখ কৰিছোঁ। এই প্রসংগত এই কথাও ক’ব লাগিব যে প্ৰমূল্যৰ সকলো অৱক্ষয় ক্ষতিকাৰক বা নিন্দনীয় নহয়, কিয়নো প্রগতিৰ এটা পূর্ব চর্তই হ’ল ঐতিহ্যবাহিত কেতবোৰ বিশ্বাস আৰু বিধানৰ সংস্কাৰ অথবা উৎপাটন। সত্যজিৎ ৰায়ে তেওঁৰ ‘অশনি সংকেত’ত সংকটৰ সময়ত পুৰণি ব্রাহ্মণ্যবাদী ভাবধাৰাৰ অনমনীয়তা তথা জনসাধাৰণৰ ওপৰত তাৰ প্ৰভাৱ ক্ৰমে শিথিল হৈ পৰাৰ আভাস দিছে বিভিন্ন ঘটনাৰ জৰিয়তে। ই মান্ধাতাৰ আমোলৰ মূল্যবোধৰ কাম্য ক্ষয়প্রাপ্তিৰ প্রতিফলন। জাত-পাতৰ প্ৰশ্নটোক সত্যজিতে আওকান কৰা নাই৷ ওচৰৰ গাঁৱৰ বৃদ্ধ ব্রাহ্মণজনে নিজৰ বৰ্ণ-পৰিচয় দিহে পানী বিচাৰিছে—“খাবাৰ জল দিতে পাৰ? আমি ব্রাহ্মণ”। এয়া পদানুক্রমবদ্ধ গ্রাম্য সমাজৰ বাস্তৱ ছবি। গংগাচৰণৰ মনোভাবত বর্ণগর্বী ধাৰণা বিদ্যমান। ইয়াৰ ইংগিত ‘অশনি সংকেত’ত বেছ সুলভ। ধর্মধৃত গ্রাম্য সমাজত নিজৰ মান-মৰ্য্যদা অক্ষুন্ন ৰখাটো যে জৰুৰী সেই কথা তেওঁ অনংগাক বুজাইছে। অনংগাই অৱশ্যে সেই সকীয়নিলৈ কাণ নিদি আনৰ ঘৰত ঢেঁকি দিবলৈ যায়। অভিজ্ঞতালব্ধ শিক্ষা আৰু পৰিস্থিতিৰ হেঁচাত গংগাচৰণৰ উপলব্ধিও ক্রমে উদ্ভাসিত হ’ব ধৰিলে। এটা ঘৰুৱা দৃশ্যত তেওঁ অনংগাক আন্তৰিকতাৰে এইবুলি কৈছে—খেতিয়কে কষ্ট কৰে, আমি সিহঁতৰ মূৰৰ ওপৰত বহি খাওঁ। এই আত্ম-তিৰস্কাৰ মানসিক উত্তৰণৰ দ্যোতক।

‘অশনি সংকেত’ৰ শেষৰ পিনে গংগাচৰণৰ আচৰণত ইপ্সিত ভাবান্তৰৰ ইতিবাচক চিত্ৰখন প্রকট হয়। গছৰ তলত অস্পৃশ্যা মোতিৰ নিসাৰ-নিস্পন্দ দেহাটো পৰি আছে। গংগাচৰণে লাহেকৈ মোতিৰ হাতখন তুলি লৈ না‌ড়ী-স্পন্দন পৰীক্ষা কৰে। বৰ্ণশ্রেষ্ঠ গংগাচৰণৰ এই স্পর্শই যেন তেওঁক অনতিক্রম্য সমস্ত অন্তৰায়ৰ উৰ্ধলৈ লৈ গ’ল, তেওঁৰ এন্ধুকলীয়া মানস-ভূমি উদ্ভাসিত হ’ল মানৱীয় ঔদার্য্যেৰে। পিছে ইয়াতেই ক্ষান্ত নাথাকি তেওঁ অস্পৃশ্যা মোতিৰ শৱ সৎকাৰ কৰাৰ কথা চিন্তা কৰে। অৱশ্যে খাটাং সিদ্ধান্ত লোৱাৰ আগতে গংগাচৰণে অনংগাৰ মতামত বিচাৰে। স্বামীৰ তুলনাত আৰম্ভণিৰে পৰা মুকলি মনৰ পৰিচয় দি অহা অনংগাই সন্মতিসূচক সঁহাৰি দিয়ে। আপাতদৃষ্টিত তুচ্ছ যেন লগা এই দৃশ্যটোৰ সামাজিক তাৎপৰ্য সূদুৰপ্ৰসাৰী। সত্যজিতৰ দৃষ্টিত গংগাচৰণৰ ব্যতিক্রমী সিদ্ধান্তটো হ’ল— “a big step forward, an enormously progressive gesture” (A. Robinson, P.214)। এইখিনিতে আমি ‘সদ্গতি’ৰ অন্তিমাংশলৈ মনত পেলাব পাৰোঁ। সমালোচকৰ ভাষাত ‘সদ্গতি’ হ’ল ‘Ray’s angriest film’ (C. Dasgupta, P.116)। এই চুটি চিনেমাখনত ব্রাহ্মণ দম্পতীৰ উৎকট উন্নাসিকতা অটুট আছে শেষলৈকে। ব্রাহ্মণ পণ্ডিত ঘাসিৰামৰ নির্দেশত লঘোণে-ভোকে অমানুষিক পৰিশ্ৰম কৰি মৃত্যুমুখত পৰে অস্পৃশ্য দুখী। তেওঁৰ মৃতদেহটো স্পর্শ নকৰাকৈ এডাল ৰছীৰে বান্ধি চোঁচৰাই নি আবর্জনাৰ মাজত পেলাই থৈ আহে ঘাসিৰামে। লক্ষনীয়, খ্যাদাভাৱৰ সমূহীয়া অভিজ্ঞতাই গংগাচৰণৰ মানসিক উত্তৰনৰ বাট মুকলি কৰিছে। ‘সদগতি’ত বর্ণনির্বিশেষে সকলোকে স্পর্শ কৰা তেনে কোনো সংকট নাই।

স্বাভাৱিক সময়ত মানুহৰ কিছুমান চৰিত্রগত বৈশিষ্ট্যই আত্মপ্রকাশৰ সুযোগ নাপায়। কিন্তু সমস্যাই চাৰিওফালৰ পৰা যেতিয়া আগুৰি ধৰে, জীৱন ৰক্ষাৰ পৰিচিত বাটবোৰ যেতিয়া বন্ধ হৈ পৰে তেতিয়া অদৃষ্টপূর্ব দক্ষতাৰে মানুহ সচেষ্ট হৈ পৰা দেখা যায়। মানৱ-প্ৰকৃতিৰ এই দিশটোৰ প্রতিফলন আমি ‘অশনি সংকেত’ত দেখা পাওঁ অনংগা আৰু তেওঁৰ সখীদ্বয়ৰ ব্যক্তিত্বত। সংকটকালত সন্মানীয় গংগাচৰণ নির্বান্ধৱ, নিঃসহায়। সখী দুগৰাকীৰ লগত সৌহাদ্যপূর্ণ সম্পর্ক থকা অনংগাৰ মন-মেজাজ কিন্তু আপেক্ষিকভাৱে বিভ্রাট-বিমুক্ত। ধৈৰ্য্য, বুদ্ধিমত্তা, বাস্তৱবোধ আৰু মানসিক দৃঢ়তাৰ পৰিচয় দি তেওঁ ক্ষুধাৰ কৰাল গ্রাসৰ পৰা নিজকে বচাবলৈ যত্ন কৰিছে। অস্তিত্ব ৰক্ষাৰ এই অবিৰত যুঁজত অনংগাই সখীৰ সৈতে শামুক, অৰণ্যৰ আলু আদি সংগ্রহ কৰাত ব্যস্ত—যেন সমাজ-বিকাশৰ অতিক্রান্ত স্তৰ এটালৈ উভতি গৈ তেওঁলোক হৈ পৰিছে খাদ্য-সংগ্ৰহকাৰী। ফিল্মজ্ঞ চিদানন্দ দাশগুপ্তই এই দিশটোৰ ওপৰত আলোকপাত কৰি কোৱা কথাখিনিৰ মর্মার্থ প্রণিধানযোগ্য, “The camaraderie and the immense strength in adversity that the women display is extraordinary ….. The woman fend for themselves, forage for food, protect one another….. Not once do they appear as helpless and vulnerable as the men’ (C. Dasgupta, PP, 101-102)। ক্ষুধা নিবৃত্তিৰ নিৰলস প্রয়াসৰ মাজেৰে তেওঁলোকৰ স্বাভাৱিক বন্ধুত্ব যেন উন্নীত হয় ভগ্নীত্বলৈ (sisterhood)।

বৃহৎ পটভূমিত দুর্ভিক্ষ চলচ্চিত্রায়ন ‘অশনি সংকেত’ত নাই। প্রকৃতপক্ষে চলচ্চিত্ৰখনত সত্যজিতে আহিবলৈ ধৰা বিপদ-বিপৰ্যয়ৰ— অশনিৰ—আগজাননীহে জঞ্জলিত জীৱনৰ বৃত্তান্তৰ আধাৰত উপস্থাপন কৰিছে। অৱশ্যে এই বৃত্তান্তৰ পৰিসৰ বৰ বহল নহয়— এখন গাঁৱৰ মুষ্টিমেয় মানুহৰ আশংকা-আহুকালৰ মাজতেই ই সীমিত। কাহিনীৰ মোখনি মৰাৰ পূর্বে সত্যজিতে বোধহয় হতাশাৰ তমসাৰ বিপৰীতে আশাৰ ৰেঙণিৰ আভাস দিব বিচাৰিছে—অনংগাৰ কথাৰ পৰা গংগাচৰণে জানিব পৰে যে তেওঁৰ পত্নী সন্তানসম্ভৱা। পিছে ইয়াতেই চিনেমাখন ওৰ পৰা নাই। একেবাৰে শেষ শ্বটত দেখা যায় সর্বগ্রাসী দুর্ভিক্ষৰ মর্মন্তুদ পৰিণামৰ সমাচাৰ সদৰী কৰা এটা সংক্ষিপ্ত নৈব্যক্তিক বিবৃতি—“১৯৪৩ সালে বাংলা দেশে মানুষেৰ সৃষ্টি এই ভয়াবহ দুর্ভিক্ষে প্রায় পঞ্চাশ লক্ষ নৰনাৰীৰ মৃত্যু হয়”। দৰ্শকৰ উদ্দেশ্যে প্রক্ষিপ্ত এই বিবৃতিৰ পৃষ্ঠভূমি অৱশ্যে উকা নহয়, স্ক্ৰীণত আমি দেখো অজস্র দুর্গত মানুহৰ ছায়াবৎ ইমেজ। লক্ষনীয়, এনে পোনপটীয়া বিবৃতি সত্যজিতৰ চলচ্চিত্রত দুর্লভ। সমালোচকসকলে এই ঋজু আৰু দ্ব্যর্থহীন বিবৃতিক প্রশংসাৰ চকুৰে চোৱা নাই (C. Dasgupta, P. 101 ; Marie Seton, P.292)। যি বহুমাত্রিক ব্যঞ্জনা আৰু ইংগিতধর্মী উপস্থাপনা সত্যজিতীয় শৈলীৰ বৈশিষ্ট্য তাৰ সৈতে দুর্ভিক্ষ সংক্রান্তীয় বিবৃতিটো খাপ নোখোৱাৰ বাবে সম্ভৱতঃ সমালোচকসকল অসন্তুষ্ট। পিছে সত্যজিতে নিশ্চয় যথেষ্ট বিচাৰ-বিবেচনাৰ পিছতহে নিকট অতীতৰ বুৰঞ্জীৰ পৰা বুটলি অনা তথ্যটো অশনি সংকেত’ৰ পুচ্ছাংশত যোগ দিছিল। অনুমান কৰিব পাৰি, সত্তৰৰ দশকৰ দৰ্শকক দুর্ভিক্ষৰ অভাৱনীয় সাংখ্যিক চেহেৰা দেখুওৱাটো তেওঁ উচিত বুলি ভাবিছিল। লগতে তেওঁ বিবৃতিটোত এই ইংগিত দিবলৈও পাহৰা নাছিল যে এচাম নির্বিবেক, অর্থলিপ্সু আৰু অপৰিণামদর্শী লোকে সাধাৰণ মানুহক ক্ষুধাজনিত মৃত্যুৰ গহ্বৰলৈ ঠেলি পঠিয়াইছিল নির্মম নিলিপ্ততাৰে।

গ্রন্থপঞ্জী

A. Robinson, Satyajit Ray: The Inner Eye, London 2021
Marie Seton, Portrait of a Director : Satyajit Ray, Gurungram, 2003
C. Dasgupta, The Cinema of Satyajit Ray, New Delhi, 1994
A. Sen, Home in the world : A Memoir, U.K. 2021
Richa Saxena, Amartya Sen : A Biography, Delhi, 2021
অমর্ত্য সেন, জীবনযাত্রা ও অর্থনীতি, কলকাতা, ১৪০৫ বংগাব্দ
তপন ৰায়চৌধুৰী, বাঙালনামা, কলকাতা, ২০১৯
ধৰণীধৰ গোস্বামী, জোনাক বিচৰা মানুহজন, গুৱাহাটী, ২০১১

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *