নিবন্ধশিল্প-কলা-সংস্কৃতি

গানে কিয় টানে মানুহৰ প্ৰাণ- (বৰ্ণালী বৰুৱা দাস)

ভিন ভিন কাণ ভিন ভিন গান:

১) কুলি-কেতেকীয়ে গান গায়‌। কুলিকেতেকীয়েই অকল নহয়, আন চৰাই চিৰিকতিৰ বিবিধ সুৰ আমি শুনিয়েই থাকোঁ‌। সংগী বিচাৰি, খাদ্য বিচাৰি বা কেতিয়াবা শত্ৰু দেখিও বিচিত্ৰ সুৰত চৰায়ে গান গায়‌। কিন্তু মানুহে যে গান গায় সেয়া জানো চৰাইবোৰে গোৱা গানৰ দৰে? কেৱল এইবোৰ প্ৰাকৃতিক প্ৰয়োজনতে মানুহে গান গায় নে? নে ‘কেৱল মানুহৰ আছে গান’?

২) ই জুবিনৰ গান ভাল পায়‌। ই আকৌ জুবিনৰ মাতটোকে শুনিব নোৱাৰে‌। তেওঁৰ কাণত পাপনৰ গানেহে অমৃত ঢালিব পাৰে‌। ই ভূপেন-জয়ন্ত-খগেন আদিৰ গানৰ বাহিৰে আনবোৰক গান বুলি মানি লবলৈ টান পায়‌। ই আকৌ বেছিদিন একেটা গান শুনিব নোৱাৰে‌। নতুন লাগে‌। এতিয়া কালি ৰিলিজ হোৱা গান এটা কাণত ঠিলা মাৰি থৈছে‌।

৩) আৰু ভিন্ন প্ৰান্তৰ‌। কোনেও কাৰো ভাষা নুবুজে‌। অথচ য়ে গান গালে য়ে তাৰ সুৰ, তাল, মান, লয় আদি অনুভৱ কৰিব পাৰে‌। একেদৰে য়ে গালে য়েও কব নোৱৰাকৈ ভৰিৰে তাল ৰাখি যায়‌। সুৰৰ লহৰত দোলে‌।

৪) ই গানৰ সুৰ এবাৰ শুনিলেই হল‌। টুপুককৈ সুৰটো মনত ৰাখি গাই দিব পাৰে‌। পিছে সমস্যাটো হল গানৰ কথাবোৰ পাহৰি যায়‌। সন্মুখত লিখি নললেই নহয়‌। ৰ আকৌ সুৰ বৰকৈ মনত নাথাকে‌। কিন্তু গানৰ কথাখিনি বহুদিনৰ পাছতো এটা বৰ্ণৰো ইফাল সিফাল নোহোৱাকৈ কৈ দিব পাৰে‌।

গানৰ বাবে থকা মানুহৰ এই ভিন ভিন কাণৰ কথাকেই পাতিব খুজিছোঁ। অৰ্থাৎ গানৰ ক্ষেত্ৰত ব্যক্তিগত আৰু সামাজিক ৰুচিবোধৰ পাৰ্থক্যৰ কথা‌। ওপৰৰ প্ৰশ্নবোৰৰ উত্তৰ বিচৰাৰ যোগেদিয়েই আমি এই পাৰ্থক্যৰ কথা আলোচনা কৰিব পাৰোঁ। আৰু তাৰ লগতে গান এটাৰ জনপ্ৰিয়তাত কি কাৰকে ক্ৰিয়া কৰে তাকো বুজিবলৈ চেষ্টা কৰিবও পাৰোঁ। কিন্তু মূল কথালৈ যোৱাৰ আগতে গানৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ কথা খুব চমুকৈ উল্লেখ কৰা উচিত হ’ব‌।

ক’ৰ পৰা কেনেকৈ আহিল গানবোৰ?

Divje Babe Flute (উৎস https://www.classicfm.com/discover-music/instruments/flute/worlds-oldest-instrument-neanderthal-flute/)

সংগীতৰ বয়স আধুনিক মানুহতকৈও বেছি‌। সংগীতৰ প্ৰাচীনত্বৰ কথা ক’বলৈ ভাৰতীয় শাস্ত্ৰত ব্ৰহ্মা, নাৰদ, শিৱ আদিৰ পৌৰাণিক আখ্যানক সাঙোৰা হয়‌। পিছে শাস্ত্ৰই ঢুকি পোৱাৰ বহু আগৰে পৰাই সংগীত মানুহৰ লগত আছে‌। সংগীত শুনিবলৈ হাতৰ মুঠিত মাইক্ৰচিপচ নাছিল সঁচা‌। পিছে চিকাৰজীৱী আদিম মানুহেও নিজৰ কণ্ঠতেই হওক বা কোনো আদিম বাদ্যতেই হওক, সংগীত কঢ়িয়াই ফুৰিছিল‌। ১৯৯৫ চনত উত্তৰ-পশ্চিম চ’লভেনিয়াত উদ্ধাৰ হোৱা Divje Babe Flute নামৰ হাড়ৰ বাঁহীটোৱেই ইয়াৰ প্ৰমাণ‌। ফুটাৰ দূৰত্ব আৰু শাৰীৰ বিশেষত্বলৈ চাই ইয়াক ‘নিয়েণ্ডাৰথেলৰ বাঁহী’ নাম দিয়া হৈছে‌। বিশেষজ্ঞৰ মতে ইয়াৰ বয়স ৪০ হাজাৰ বছৰৰো অধিক‌। সম্ভৱ এইটো বাদ্যই এতিয়ালৈকে উপলভ্য সবাতোকৈ পুৰণি সংগীত বাদ্য‌। জন্তুৰ হাড়ত নিৰ্দিষ্ট দূৰত্বত ফুটা কৰি ইয়াক সজা হৈছিল‌। আমাৰ নিয়েণ্ডাৰথেল ককাহঁতে সেই বাঁহীত তোলা সুৰ শুনিবলৈ আমি নাপালোঁ যদিও এটা কথা ক’ব পৰা যায় যে সংগীতৰ বয়স আমাৰ বয়সতকৈ বেছি‌। বাহ্যিক বাদ্যত সুৰ তোলাৰ আগতে নিশ্চিতভাৱে নিজৰ লগতে থকা কণ্ঠৰ সুৰ আৰু পুৰণি‌। আনকি বহু নৃতাত্বিকে ক’ব খোজে যে ভাষাৰ উদ্ভৱৰ আগতেই বিভিন্ন উচ্চ আৰু নিম্ন সুৰ কণ্ঠৰ পৰা উলিয়াই আদিম মানৱে ইজনে সিজনক যাবতীয় ইংগিত আদি দিছিল‌। সমূহীয়া শ্ৰমৰ ছন্দ, লয় আৰু সুৰৰ ভিত্তিতেই সৃষ্টি আৰু বিকাশ হৈছিল লোক-সংগীতসমূহৰ‌। বিৱৰ্তনৰ ফলত মানুহৰ স্বৰযন্ত্ৰ বা ভ’কেল কৰ্ডৰ বিকাশৰ লগে লগে ক্ৰমে সুৰবোৰ দ্বিস্বৰিক, ত্ৰিস্বৰিক, চতু:স্বৰিক, পঞ্চস্বৰিক আদিলৈ বিকাশ হৈ গৈ থাকে‌। সামূহিক শ্ৰমৰ ছন্দত স্বত:স্ফূৰ্তভাৱে খাপ খাই পৰা সুৰ, লয়, ছন্দৰ সমন্বয়েৰে সৃষ্টি হয় লোক-সংগীতবোৰ‌। শ্ৰমৰ ছন্দ আৰু সুৰটো বুজাবলৈ হেমাংগ বিশ্বাসে শ্ৰমিকসকলে কাম কৰি থাকোঁতে সমূহীয়াকৈ তোলা তলৰ দ্বিস্বৰিক ( সা – পা ) ধ্বনি সমষ্টিটোৰ  উদাহৰণটো দিছিল—

মাৰ যোৱানা- হেইচ্চা
জোৰ সে মাৰ- হেইচ্চা —‌।

শ্ৰমৰ লগত সংযোজিত বাবেই পাহাৰৰ ওপৰলৈ কান্ধত হোৰা এটা লৈ উঠি গৈ থকা জনজাতীয় মানুহ এজনৰ কণ্ঠত সৃষ্ট সুৰ, ছন্দৰ সৈতে ভটিয়নী সোঁতত নাও মেলি দিয়া নাৱৰীয়া এজনৰ কণ্ঠ-সৃষ্ট সুৰ, ছন্দৰ পাৰ্থক্য আহি পৰে‌। আকৌ ভৌগোলিক স্থান অনুসৰি হোৱা শ্ৰমৰ ভিন্নতাৰ বাবে কণ্ঠনলী বা স্বৰযন্ত্ৰৰ এনাটমিৰ ভিন্নতাও পৰিলক্ষিত হয়‌। অঞ্চলভেদে সুৰৰ তাৰতম্যৰ ইয়ো এক কাৰণ‌।

কিন্তু এই ভিন্নতাবোৰৰ পাছতো পৃথিৱীৰ প্ৰায়বোৰ লোক-সংগীতৰ এক সাৰ্বজনীন আৱেদন থাকে‌। প্ৰকৃতিৰ সৈতে নিবিড় একাত্মতাই যি সুৰ স্বত:স্ফূৰ্তভাৱে মানুহৰ কণ্ঠৰ পৰা নি:সৃত কৰায় সিয়েই ইয়াক সকলোৰে আপোন কৰি তোলাত সহায় কৰে‌। লোক-সংগীতসমূহৰ এই সাংগীতিক ভিন্নতা আৰু সাৰ্বজনীনতাৰ বিষয়ে বহু গৱেষকে বিশদভাৱে আলোচনা কৰিছে‌। মানৱ ইতিহাসত সংগীতৰ বিৱৰ্তনৰ কথা ক’বলৈ যাওঁতেহে এইখিনি প্ৰসংগক্ৰমে আলোচনালৈ আহিছে‌।

সি যি নহওক, মানৱ সমাজ সভ্যতাৰ বিকাশৰ লগে লগে বিশেষকৈ উৎপাদন ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে যেতিয়া মানুহৰ হাতত কিছু অৱসৰ সময় গোট খালে, সেইসময়ত নিৰলে সংগীতৰ বাবেও সুকীয়া চৰ্চা আৰম্ভ হ’ল‌। স্বৰৰ বিভিন্ন সজ্জাৰে শাস্ত্ৰীয় সংগীতৰ আগমন ঘটিল‌। সংগীতৰ ব্যাকৰণেৰে সিদ্ধ এইসমূহক উচ্চাংগ সংগীত আখ্যা দিয়া হ’ল‌। লোক-সংগীত আৰু উচ্চাংগ সংগীত দুয়োটাই দুটা সুকীয়া ধাৰা ৰূপেৰে বিকাশ লাভ কৰি গৈ থাকিল‌। আন এটা সুকীয়া ধাৰা ৰূপে বিকশিত হ’ল লঘূ সংগীতৰ‌। পশ্চিমীয়া সংগীতৰ পৰিপ্ৰেক্ষিততো লোক-সংগীত আৰু ধ্ৰপদী সংগীতৰ উপৰিও ৰক্‌, পপ, জাজ, হিপ্‌ হপ্‌ আদি ভিন্ন ধাৰাৰ বিকাশ হৈ থাকিল‌। মানুহৰ কণ্ঠ নি:সৃত স্বৰসমষ্টিৰ বিবিধ সজ্জা (পাৰমুটেচন কম্বিনেচন)ৰে সৃষ্ট এই সুৰবোৰত অৰ্থবহ কথাৰ সংযোজনেৰে গানবোৰ হ’ল‌। সমগ্ৰ মানৱ জাতিৰ সংগীতৰ জান জুৰি নদীৰে ভৰি গ’ল সংগীতৰ  পাৰাপাৰহীন মহাসাগৰখন‌। আদিম অৱস্থাৰ পৰা এতিয়ালৈকে যি সাগৰত মানুহে অক্লান্তভাৱে সাঁতুৰি আহিছে‌‌। নি:সংগ নিৰাশ মুহূৰ্তত কাৰোবাক দিছে জীয়াই থকাৰ অমল প্ৰেৰণা‌। কাৰোবাক দেখুৱাই গৈছে প্ৰগতিৰ নতুন দিগন্ত‌। গানেই যেনেকৈ দিছে শ্ৰম কৰাৰ আনন্দ, গানেই দিছে শ্ৰমিকৰ আনন্দ কাঢ়ি নিয়া শোষকৰ বিৰুদ্ধে গৰ্জি উঠাৰ অমোঘ প্ৰেৰণা‌।

গান কিয় জনপ্ৰিয় হয়?

গান মানুহে কিয় ভাল পায়? সকলো গানে সকলো মানুহকে আকৰ্ষণ নকৰে কিয়? বহু গানৰ মাজত কিছুমান গানহে কিয় বহুলভাৱে জনপ্ৰিয় হয়? উচ্চাংগ সংগীতৰ বেলিকাই হওক বা জনপ্ৰিয় লঘূ সংগীতৰ বেলিকাই হওক, এইটো এটা প্ৰাথমিক প্ৰশ্ন‌। সংগীতৰ ৰুচি বা সোৱাদ বহু পৰিমাণে ব্যক্তিগত আৰু বহু পৰিমাণে সামাজিক‌। সেয়েহে সংগীতৰ ৰুচি সম্পৰ্কীয় প্ৰশ্নবোৰো দুয়োটা ভিত্তিৰে বিচাৰ কৰাৰ এক সমন্বিত পদ্ধতিৰ দৰকাৰ‌। সংগীতৰ ৰুচিৰ উৎস মূলত: তিনিটা –

১) বাহ্যিক শব্দ আৰু মানৱ মগজুত তাৰ ক্ৰিয়া:  পদাৰ্থ বিজ্ঞানৰ নীতি অনুসৰি শব্দৰ ভৌতিক ধৰ্ম আৰু সেই শব্দৰ প্ৰতি মানুহৰ শৰীৰবিত্তীয় উদ্দীপনাৰ ওপৰত নিৰ্ভৰ কৰি সংগীতৰ ৰুচি‌বোধ নিৰ্ণয় হ’ব পাৰে। মানৱ মগজুৰ কিছু অংশই এটা সংগীত সংশাধন যন্ত্ৰ (Music processing machine) ৰ দৰেই কাম কৰে‌। গতিকে শব্দ এটা কি ৰূপত আহি মানৱ মগজুৰ সংগীত সংশাধন যন্ত্ৰটোত সোমাই কি ৰূপেৰে উদ্দীপিত কৰিব সেইটো এটা মূল প্ৰশ্ন‌।

২) সাংস্কৃতিক সামাজিক ক্ৰিয়া: সৰুৰে পৰা যিবোৰ সংগীত শুনি শুনি মানুহ এজন ডাঙৰ হয়, সেইবোৰৰ প্ৰতি মানুহৰ এক স্বাভাৱিক আকৰ্ষণ থাকে‌। আকৰ্ষণ নহ’লেও অন্তত: পৰিচিত আপোনজনৰ ওচৰত পোৱা আৰাম তেনে সংগীতৰ সুৰে আনি দিয়ে‌। মাকৰ কোলাত কেঁচুৱাতে শুনা নিচুকনি গীতৰ সুৰে মানুহক এই আৰাম আৰু নিৰাপত্তাৰ আশ্বাস এটা অজানিতেই আনি দিয়ে‌। মাটিৰ সুৰৰ প্ৰতি মানুহৰ স্বাভাৱিক আকৰ্ষণৰ কাৰণো এইটোৱেই‌। কিন্তু তাৰ লগতে নতুনৰ প্ৰতিও মানুহৰ এক চিৰন্তন হাবিয়াস থাকে‌। সদায় শুনি থকা সুৰ এটাৰ মাজত হঠাতে আগেয়ে নুশুনা ধৰণৰ সুৰ এটা শুনিলে ক্ষন্তেকৰ বাবে হ’লেও উৎকৰ্ণ হৈ পৰা যায়। এই পৰিচিত আৰু অপৰিচিতৰ টনাটনিত সংগীতৰ সুৰে মানুহৰ মনত এটা সুন্দৰ আলোড়নৰ সৃষ্টি কৰে‌। অসমৰ প্ৰেক্ষাপটতো অতিকৈ জনপ্ৰিয় হোৱা কিছুমান গীতৰ জনপ্ৰিয়তাৰ আঁৰত এই প্ৰক্ৰিয়াটোৰ উপস্থিতি ভালদৰেই অনুভৱ কৰা যায়‌।

৩) পাৰিপাৰ্শ্বিক আৰু জিনগত ক্ৰিয়া: এই পাৰিপাৰ্শ্বিকতাই শ্ৰোতাৰ শ্ৰেণী চৰিত্ৰৰ লগতে সামাজিক পৰিৱেশ পৰিস্থিতিকো সামৰি লয়‌। আনহাতে জিনীয় কাৰক বুলি কওঁতে ব্যক্তিগত ভিন্নতাৰ লগতে জাতিগত বৈশিষ্ট্যৰ কথাও অবধাৰিতভাৱে আহি পৰে‌।

গান বা সামগ্ৰিকভাৱে সংগীতৰ ৰুচিবোধ সম্পৰ্কীয় উপৰিউক্ত উৎসসমূহৰ জড়িয়তেই ভিন্নতাবোৰ আহে‌। এই ভিন্নতাৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াটো খুব সহজ নহ’লেও বিভিন্নজনে ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰি আছে‌। কেতবোৰ পৃথক পৃথক ধাৰাৰে গানৰ ব্যক্তিগত বা সামাজিক ৰুচিবোধৰ প্ৰশ্নবোৰৰ উত্তৰ বিচৰা দৃষ্টিগোচৰ হয়‌। তাৰে কিছুমান বিশুদ্ধ বিজ্ঞানৰ দৃষ্টিকোণেৰে, আৰু কিছুমান সমাজতাত্বিক দৃষ্টিকোণেৰে কৰা বিচাৰ‌। আচলতে এই দুয়োটা দৃষ্টিকোণেই পৃথকভাৱে স্বয়ংসম্পূৰ্ণ নহয়‌। দুয়োটাৰ সমন্বিত অধ্যয়নেহে বিষয়টোৰ বস্তুনিষ্ঠ বিশ্লেষণত সহায় কৰিব। কিন্তু মানুহৰ জ্ঞান অৰ্জনৰ প্ৰাতিষ্ঠানিক ব্যৱস্থাই বিজ্ঞান আৰু মানৱিকী বিদ্যা (কলাশাখা)ৰ মাজত যি এক সুউচ্চ প্ৰাচীৰ নিৰ্মাণ কৰি থৈছে সি প্ৰায় সকলো বিষয়ৰ দৰেই এই ‘সংগীতৰ ৰুচি’ৰ বিষয়েও খণ্ডিত জ্ঞানেই আমাক দিয়ে‌। এই খণ্ডিত জ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত সিদ্ধান্তসমূহো সেইকাৰণে ভুল বা খণ্ডিত হৈ পৰে‌। সেয়েহে ‘গানে কিয় টানে মানুহৰ প্ৰাণ’ এই শীৰ্ষক আলোচনাটিত এই দুই পৃথক বিশ্লেষণৰ বা অধ্যয়নৰ বিষয়ে অলপ পৰিচয়মূলক কথা আগবঢ়াব খুজিছোঁ। আশাকৰোঁ সংগীতৰ ব্যক্তিগত আৰু সামাজিক ৰুচিবোধৰ বিষয়ে কিছু প্ৰশ্নৰ উত্তৰ আমি পাম‌। তাৰ লগতে বিশ্বায়নৰ এই নব্য পুঁজিবাদী সমাজত বাণিজ্যিক সংস্কৃতিয়ে পৃষ্ঠপোষকতা কৰা ‘জনপ্ৰিয় সংস্কৃতি’ত গান এটা কিয় জনপ্ৰিয় হয় তাৰ পূৰ্ণাংগ আলোচনাতো ই কিছু হ’লেও সহায় কৰিব‌।

বিশুদ্ধ বিজ্ঞানৰ দৃষ্টিকোণ:

শ্ৰৱণ প্ৰক্ৰিয়াটো বতাহৰ মাজেৰে অহা শব্দ তৰংগই মানুহৰ কাণৰ পৰ্দাত আঘাট কৰাৰ যান্ত্ৰিক প্ৰক্ৰিয়াই মাথোঁ নহয়‌। কাৰণ সেই শব্দ তৰংগই কাণৰ ভিতৰত মগজুলৈ বৈ যাওঁতে এক বোধ-শক্তি ৰূপে যায়‌। সেয়ে এই সাংগীতিক বোধ-শক্তিৰ বিষয়ে মনোশাব্দিক (Psychoacoustic) বিজ্ঞানত বিস্তৃত অধ্যয়ন কৰা হয়‌। অৱশ্যে মনোশাব্দিক বিজ্ঞানত কেৱল সাংগীতিক শব্দই নহয়, তাৰ লগতে অন্যান্য শব্দইও মানুহৰ মনোজগতত কেনেকুৱা উপলব্ধি আনে তাৰ অধ্যয়ন কৰা হয়‌। অন্যান্য শব্দ মানে ডাঙৰ শব্দ বা হুলস্থূল (Noise) হ’ব পাৰে নাইবা কাৰোবাৰ কথন (speech) আদিও হ’ব পাৰে‌। মনোশাব্দিক বিজ্ঞান হৈছে বিজ্ঞানৰ কেইবাটাও বিভাগৰ এক সংমিশ্ৰিত বিজ্ঞান‌। সেইবোৰ হৈছে, – মানৱ মনোবিজ্ঞান, পদাৰ্থ বিজ্ঞান, জীৱবিদ্যা, শৰীৰতত্ত্ব, শব্দ বিজ্ঞান, ইলেকট্ৰনিক ইঞ্জিনিয়াৰিং আৰু কম্পিউটাৰ বিজ্ঞান‌। আকৌ আধুনিক স্নায়ু বিজ্ঞানৰ ফালৰ পৰাও মানুহৰ মন-মগজুত সংগীতৰ প্ৰভাৱৰ বিষয়ে বিস্তৃত অধ্যয়ন হৈছে‌। চিকিৎসা বিজ্ঞানতো সংগীতক ব্যৱহাৰ কৰাৰ উদাহৰণ আছে‌। মস্তিষ্ক, সংগীত আৰু শব্দ সম্পৰ্কীয় আন্তৰ্জাতিক গৱেষণাৰ প্ৰতিষ্ঠানে (BRAMS – International Laboratory for Brain, Music and Sound Research) সংগীত শুনিলে মস্তিষ্কৰ কোনবোৰ অংশ সক্ৰিয় হয় তাৰ মেপিং কৰিবলৈও সক্ষম হৈছে‌। BRAMS ৰ প্ৰতিষ্ঠাপক সঞ্চালিকা ড০ ইজাবেল পেৰাচ (Isabelle Peretz)ৰ মুখ্য সম্পদনাত প্ৰকাশ পোৱা Frontiers in Auditory Cognitive Neuroscience-ৰ উপৰিও বিভিন্ন বৈজ্ঞনিক পত্ৰিকাত তেওঁৰ লগতে Robert J. Zatorre আৰু বহুকেইজন বিশিষ্ট বৈজ্ঞানিকে সংগীত আৰু মানৱ মগজু সম্পৰ্কীয় অতি বিশদ আৰু মৌলিক গৱেষণা পত্ৰ প্ৰকাশ কৰি আছে‌। এনে কিছু গৱেষণাত দেখা গৈছে যে সংগীত শুনিলে অধিক সংখ্যক মানুহৰে মগজুৰ Right temporal lobe অংশটো অধিক সক্ৰিয় হৈ পৰে‌। কিবা কাৰণত মগজুৰ সেই অংশ নষ্ট হ’লে তেনে মানুহে আগেয়ে শুনা সংগীতৰ সুৰ মনত পেলাব নোৱৰা হয়, কিন্তু গানৰ কথাখিনি পঢ়িবলৈ দিলে সেইখিনি স্মৰণ কৰিব পাৰে‌। এইটোৰ সৈতে প্ৰথমে উল্লেখ কৰা এটা প্ৰশ্নৰ সম্পৰ্ক স্থাপন কৰিব পাৰি‌। প্ৰশ্নটো আছিল, কিয় কিছুমান লোকে সহজে গানৰ সুৰ মনত ৰাখে আৰু আন কিছুৱে গানৰ কথা‌। সেই অনুসৰি গানৰ ব্যক্তিগত ৰুচিবোধৰ ক্ষেত্ৰতো এই কাৰকে প্ৰভাৱ পেলাব পাৰে‌।

সংগীতক এক বিৱৰ্তনীয় অভিযোজন ৰূপে ব্যাখ্যা কৰাৰ প্ৰয়াসো বৈজ্ঞানিক বিশ্লেষণৰ এক অংশ‌। সংগীতৰ কোনো জিন বিৱৰ্তনীয়ভাৱে মানৱ কোষে বহন কৰিছে নেকি? এই প্ৰশ্নৰ উত্তৰ বিচাৰি যথেষ্ট গৱেষণা হৈছে‌। মানৱ জিন’ম প্ৰকল্পৰ দ্বাৰা সফলভাৱে মানুহৰ জিনত সাংকেতিকভাৱে লিপিৱদ্ধ হৈ থকা চাৰিত্ৰিক বৈশিষ্ট্যবোৰ চিনাক্ত কৰা হৈছে। ১৯৯০ চনত আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা মানৱ জিন’ম প্ৰকল্পৰ এই সফলতাৰ আঁত ধৰি ২০০০ চনত ‘সংগীত জিন’ম প্ৰকল্প’ এটা আৰম্ভ কৰা হয়‌। এই প্ৰকল্পত মানুহৰ সাংগীতিক নিৰ্যাসৰ মূল উৎস, জেনেটিক বৈশিষ্ট্যৰ আধাৰত গাণিতিকভাৱে গানবোৰক বিভিন্ন শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰি তালিকা প্ৰস্তুত কৰা হয়‌। সংগীতসমূহক ৫ টা বিভাগত অধ্যয়ন কৰা হৈছে, – পপ/ৰক, ইলেক্ট্ৰনিক/ হিপ-হপ, জাজ সংগীত, বৈশ্বিক সংগীত আৰু ধ্ৰুপদী সংগীত‌। দেখা গৈছে যে এই সংগীতসমূহৰ বাবে যিবোৰ বৈশিষ্ট্যৰ প্ৰয়োজন, সেইবোৰ মানুহৰ দেহৰ বিভিন্ন জিনৰ সৈতে তুলনীয়‌। সেই অধ্যয়নৰ আধাৰত পোৱা গৈছে যে, ধ্ৰুপদী সংগীতৰ বাবে প্ৰায় ৪৫০ টা জিন থাকে, পপ আৰু ৰকৰ বাবে থাকে প্ৰায় ১৫০ টা জিন, ৰেপৰ বাবে ৩৫০ টা আৰু জাজ সংগীতৰ বাবে ৪০০ টা জিন থাকে‌। এই সংগীত জিনম প্ৰকল্পটোৰ আমেৰিকাৰ পেণ্ড’ৰা ৰেডিঅ’ই পেটেণ্ট লাভ কৰিছে‌। এতিয়া এই পেণ্ড’ৰা ৰেডিঅ’ই সংগীত জিনম প্ৰজেক্টৰ গৱেষণালব্ধ তথ্যখিনিৰ ভিত্তিত মানুহৰ ৰুচি অনুযায়ী সংগীত হিচাপে ধৰা হৈছে‌।

বৰ্তমান সময়ত মানৱৰ জিনোমৰ লগতে এপিজিনোমৰ গৱেষণাইও অগ্ৰগতি লাভ কৰিছে‌। কাৰণ দেখা গৈছে যে জিনগত মেক আপ আৰু পৰিৱেশগত কাৰণবোৰৰ মাজত এক আন্ত:সম্পৰ্ক আছে‌। এপিজিনোমৰ গৱেষণাত এই ব্যাখ্যা কৰিবলৈ চেষ্টা কৰে‌। খুব সৰল অৰ্থত কোষত থকা সৰু সৰু অণুবোৰৰ সৈতে ডি এন এ’ই ক্ৰিয়া কৰি কেনেকৈ জিনবোৰ সক্ৰিয় বা নিস্ক্ৰিয় কৰে তাক বুজিবলৈ চেষ্টা কৰা হয়। জেনেটিক, এপিজেনেটিক আৰু নন জেনেটিক উপাদানবোৰৰ মাজত জীৱন জুৰি, প্ৰজন্ম জুৰি থকা আন্ত:সংযোগবোৰ বুজিব পাৰিলে কোনো সংগীতৰ প্ৰতি মানুহ এজনৰ সংবেদনশীলতাক ব্যাখ্যা কৰিবলৈ সহজতৰ হ’ব‌। গতিকে এপিজিনোমিক অধ্যয়নেও সংগীতৰ ৰুচিবোধৰ প্ৰশ্নবোৰৰ মীমাংসাত এক নতুন ৰূপ দিব।

সংগীতৰ এপিজিনোমিক অধ্যয়নৰ ক্ষেত্ৰখনত নতুন নতুন ধ্যান-ধাৰণা আহি আছে‌। এতিয়াও বহু প্ৰশ্ন অমীমাংসিত‌। আনহাতে সংগীত জিমোম প্ৰকল্পক লৈ কিছু বিতৰ্কও নোহোৱা নহয়‌। তথাপি মানুহৰ সাংগীতিক ৰুচিৰ বাবে জেনেটিক শিপাৰ কথাটোৰ বৈজ্ঞানিক ভিত্তিক অগ্ৰাহ্য কৰিব নোৱাৰি‌।

মানৱ বিবৰ্তনত পৰ্যায়ক্ৰমে সৃষ্ট দ্বিস্বৰিক, ত্ৰিস্বৰিক, চতু:স্বৰিক আদি সুৰৰ সৈতে মানুহৰ কণ্ঠনলী আৰু ভকেল কৰ্ডৰ বিকাশৰ সম্পৰ্কৰ জৈৱ বিৱৰ্তনিক ব্যাখ্যা কৰা হৈছে‌ এই বিশুদ্ধ বিজ্ঞানৰ ফালৰ পৰাই‌।

সমাজতাত্বিক দৃষ্টিকোণ:

সংগীতৰ জনপ্ৰিয়তাৰ সমাজতাত্ত্বিক বিশ্লেষণত সাধাৰণতে চৌপাশৰ পৰিৱেশ পৰিস্থিতিত কেনেকৈ মানুহৰ মনত কোনো এক বিশেষ সংগীতে এক আনুভূতিক প্ৰক্ৰিয়াক গতি দিয়ে তেনে বিশ্লেষণ আগবঢ়োৱা হয়‌। এই আলোচনাত সাধাৰণতে সুৰতকৈ গানৰ কথাংশই প্ৰাধান্য পায়‌ অধিক। তাৰ ওপৰত ভিত্তি কৰি গানক প্ৰেম বিষয়ক, প্ৰকৃতি বিষয়ক, সমাজ ৰাজনীতি বিষয়ক আদি বিভাগত বিভক্ত কৰা হয়‌। আৰ্থ-সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰোতাৰ সংগীতৰ ৰুচিবোধ গঢ় লয়‌ বুলিয়েই বহু সমাজতাত্বিক বিশ্লেষকে মত আগবঢ়ায়।

গানৰ কথাই সাধাৰণতেই স্ৰষ্টাৰ শ্ৰেণী চৰিত্ৰ বহন কৰে‌। আৰু শ্ৰোতাইও নিজৰ শ্ৰেণী অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰিয়েই গান এটা গ্ৰহণ বা বৰ্জন কৰে‌। অত্যাচাৰী শোষকৰ বিৰুদ্ধে গৰ্জি উঠা গীত এটিৰ কথাই এজন নিপীড়িত মানুহক যেনেকৈ আকৰ্ষণ কৰিব তেনেকৈ শোষকক আকৰ্ষণ নকৰিব‌। জীৱন যুদ্ধত পদে পদে ব্যৰ্থ হোৱা নি:সংগ মানুহ এজনে তেনে জীৱন যুদ্ধৰ জীয়া ছবি মূৰ্ত হোৱা গানত যিদৰে একাত্মবোধ কৰিব, আন এজনৰ উপলব্ধিয়ে সেইখিনি কথা ঢুকি নাপাবও পাৰে, গতিকে সেই গীতৰ প্ৰতি তেওঁ কোনো ধৰণৰ আকৰ্ষণ অনুভৱ নকৰিব পাৰে‌।

এইখিনিতে বিশ্বায়নৰ হাত ধৰি সোমাই পৰা বাণিজ্যিক সংস্কৃতিৰ বাবে যিবোৰ গান সৃষ্টি হৈছে সেইবোৰৰ জনপ্ৰিয়তা সম্পৰ্কত দুটামান কথা থোৰতে কৈ লোৱা দৰকাৰ‌। সমাজৰ অধিকাংশ মানুহক ক্ষন্তেকীয়া ভোগ-বিলাসত ব্যস্ত ৰাখি জীৱনৰ অভাৱ অভিযোগৰ প্ৰতি অসচেতন কৰি ৰখাৰ সুকৌশলী উপায় হিচাপেই যে খুব তৰল কথাৰ গানবোৰৰ উৎপাদনক উৎসাহ যোগোৱা হয় সেইটো সত্য‌। এই বিষয়ে প্ৰগতিশীল চিন্তা চৰ্চাৰে সমৃদ্ধ অনেক বিশ্লেষণ সততেই পঢ়িবলৈ পোৱা যায়‌। কিন্তু গণ ভোগৰ বাবে উৎপাদিত এই বাণিজ্যিক সংস্কৃতিক সাম্প্ৰতিক সময়ত আন ধৰণেৰেও বিশ্লেষণ কৰাৰ প্ৰচেষ্টা পৰিলক্ষিত হৈছে‌। নক’লেও হ’ব যে, বিশাল প্ৰযুক্তিগত উন্নতিয়ে আনি দিয়া গান শুনাৰ সুযোগ সুবিধা আদিৰ কথা ইয়াত আহিবই‌। লগতে আহিব তাৰকা গায়কৰ প্ৰতি থকা অনুৰাগ, যৌন উদ্দীপক কণ্ঠ আৰু ধ্বনিগত প্ৰক্ষেপন আদিৰ কথাও। এইখিনিক আলোচনালৈ নানি কেৱল তৰল কথাৰে পেৰ’ডি জাতীয় কিছুমান সৃষ্টিক উচ্চ শ্ৰেণীৰ সাংস্কৃতিক আধিপত্যৰ বিপৰীতে নিম্নবৰ্গৰ সংস্কৃতিৰ প্ৰতিফলন ৰূপে বিশ্লেষণ কৰিবলৈ যোৱাটো ভুল‌। আৰু সেই দৃষ্টিকোণেৰে গান এটিৰ জনপ্ৰিয়তাৰ কাৰণ ব্যাখ্যা কৰাও ভুল‌। ভাষাৰ কাৰচাজিৰে এনে বিশ্লেষণে ক্ষন্তেকীয়া চমক সৃষ্টি কৰিব পাৰে‌। কিন্তু প্ৰাতিষ্ঠানিক স্থিতাৱস্থাকামী সংস্কৃতিৰ বিপৰীতে যি এক বিকল্প প্ৰগতিশীল সংস্কৃতিৰ ধাৰা তাক এইধৰণৰ আলোচনাই ক্ষতিতো কৰিব‌ই, লগতে জনপ্ৰিয় সংস্কৃতিক বুজি উঠি তাৰ মাজতেই বৈকল্পিক সংস্কৃতিৰ অংকুৰণৰ প্ৰচেষ্টাতো ই বাধা দিব‌। কাৰণ এই প্ৰচেষ্টাত জনপ্ৰিয়তাৰ কাৰণ অনুসন্ধানৰ পথটোৱেই ভুল‌।

নৃ-সাংগীতিক (Ethno musicological) দৃষ্টিকোণ:

এই দৃষ্টিকোণত কিছু পৰিমাণে বিশুদ্ধ বিজ্ঞান আৰু মানৱিকী বিদ্যাৰ সংমিশ্ৰণ ঘটিছে‌। নৃ-সংগীত বিদ্যাক নৃ-গোষ্ঠীবোৰে কি দৰে সংগীত সৃষ্টি কৰে তাৰ অধ্যয়নৰ বিভাগ বুলিব পাৰি‌। ১৯৫০ চনৰ আৰম্ভণিতে যদিও এই অধ্যয়ন কেৱল অ-পশ্চিমীয়া সংগীতৰ অধ্যয়নতে সীমাৱদ্ধ আছিল, লাহে লাহে পৃথিৱীৰ সকলো সংগীতৰ অধ্যয়নকে ই সামৰি ল’লে‌। পশ্চিমীয়া সংগীত, শৈল্পিক সংগীত (Art music) আৰু জনপ্ৰিয় সংগীতৰ বিশ্লেষণকো ই সামৰি ল’লে‌। কিন্তু দুখৰ বিষয় সংগীতৰ সুৰ ছন্দ আৰু কথাৰ সামগ্ৰিক বিশ্লেষণেৰে আগবঢ়োৱা সংগীতৰ নৃবৈজ্ঞানিক সমাজতাত্ত্বিক ব্যাখ্য আন ভাষাত হৈছে যদিও অসমত খুব কম‌। নৃ-গোষ্ঠীয় সংগীত আদিৰ সংগ্ৰহতেই এই কাম সাধাৰণতে সামৰি থোৱা যেন হৈছে‌। আলোচনা হ’লেও খুব বেছি তাৰ কথাংশক লৈহে হয়‌। সেয়ে এইবোৰৰ জনপ্ৰিয়তাৰ মূল কাৰকবোৰ বিশ্লেষণ কৰাত সীমাৱদ্ধতা আহি পৰে‌। এই ক্ষেত্ৰত বিৰল ব্যতিক্ৰম হৈছে হেমাংগ বিশ্বাস‌। আচলতে অসমত হেমাংগ বিশ্বাসক এই বিশ্লেষণৰ পথিকৃত বুলিবই পাৰি‌। “লোক সংগীত সমীক্ষা: বাংলা ও আসাম” গ্ৰন্থখনৰ উপৰিও তেওঁ এই বিষয়ত বহুতো গৱেষণামূলক কাম কৰি থৈ গৈছে‌। শ্ৰমৰ সৈতে সংগতি ৰাখি বিভিন্ন জনগোষ্ঠীৰ মাজত সৃষ্টি হোৱা লোক সুৰবোৰে লাভ কৰা সাৰ্বজনীন জনপ্ৰিয়তাৰ ব্যাখ্যা আগবঢ়াওঁতে তেখেতে শ্ৰম সৃষ্ট সুৰ আৰু ছন্দৰ কথা কৈছে‌। লোক সুৰৰ জনপ্ৰিয়তাত বা সাৰ্বজনীন গ্ৰহণযোগ্যতাত গানৰ কথা গৌণ হৈ পৰে‌। সেইবুলি লোক সংগীতবোৰৰ দ্বাৰা লোক কবিয়ে বা লোক গায়কে কৈ যোৱা জীৱন যাত্ৰাৰ বিভিন্ন ভাৱ অনুভূতিৰ কথাও তেখেতে উপেক্ষা কৰা নাই‌। সেইখিনিৰ সমাজতাত্ত্বিক গভীৰ বিশ্লেষণো আগবঢ়াইছে‌। হেমাংগ বিশ্বাসে লোক-সংগীতৰ নৃ-সাংগীতিক বিশ্লেষণ কৰিছিল‌। এই একে পদ্ধতি জনপ্ৰিয় লঘূ সংগীতৰ বেলিকাও গ্ৰহণ কৰিব পৰা যায়‌।

সামৰণি:

সামাজিক আৰু জৈৱিক – এই দুই অস্তিত্বৰেই এজন পূৰ্ণাংগ মানুহ হয়‌। মানুহৰ সামাজিক অস্তিত্বক প্ৰায় অস্বীকাৰ কৰি কেৱল জৈৱিক অস্তিত্বক প্ৰধান হিচাপে প্ৰদৰ্শন কৰা যিদৰে ভুল তাৰ বিপৰীতে সামাজিক অস্তিত্বকেই মূল বুলি কোৱাও ভুল‌। ‘গানে কিয় টানে মানুহৰ প্ৰাণ’ এই প্ৰশ্নৰ উত্তৰ শুদ্ধভাৱে বিচাৰিব নাজানিলে এক বৈকল্পিক সংস্কৃতিৰ সপোন সদায় সপোন হৈয়ে ৰ’ব‌। কথা, সুৰ, ছন্দ, কণ্ঠ, বাদ্য, এই সকলোবোৰৰে এক সমন্বিত ৰূপ ‘গান’‌। আনকি বৰ্তমান তাৰ লগত যোগ হোৱা ভিডিঅ’ মাধ্যমটোকো অগ্ৰাহ্য কৰি কেৱল কাণ নিৰ্ভৰ বিশুদ্ধতাবাদী শ্ৰোতা হ’বলৈ কাকো আহ্বান জনাই লাভ নাই‌। সংগীত শুনাৰ যন্ত্ৰবোৰৰো প্ৰযুক্তিগত উন্নতি হৈছে‌। শ্ৰোতাৰ হাতত যেনেদৰে আছে সমূহীয়াভাৱে শুনিব পৰা উচ্চ প্ৰাবল্যৰ ডি জে বক্স‌ তেনেদৰেই আছে গাতে লাগি থকা আপোনজনেও নুশুনাকৈ অকলে নিৰলে শুনিব পৰা অত্যাধুনিক হে’ড ফ’ন‌। এইবোৰ তুলনামূলকভাৱে সহজলভ্যও‌। গতিকে কোনটো যন্ত্ৰৰ সৈতে কোনটো গানৰ সংগীত সজ্জা খাপ খায় তাৰ ওপৰতো নিৰ্ভৰ কৰিব গানটোৰ গ্ৰহণযোগ্যতা‌। বিজ্ঞান আৰু প্ৰযুক্তিৰ গৱেষণালব্ধ ফলক কেনেকৈ মানৱৰ সামূহিক কল্যাণৰ সাপেক্ষে ব্যৱহাৰ কৰিব পাৰি তাৰ উপায় চিন্তা কৰা প্ৰয়োজন‌। বিজ্ঞানৰ গৱেষণাক কৰ্পৰেট গোষ্ঠীয়ে ব্যৱসায়িক স্বাৰ্থত আত্মসাৎ কৰিবলৈ সদা প্ৰস্তুত‌। সংগীতৰ ক্ষেত্ৰত ইয়াৰ প্ৰকৃষ্ট উদাহৰণ হ’ল ওপৰত আলোচনা কৰা সংগীত জিনম প্ৰকল্পটো‌, যিটোৰ পেটেণ্ট লাভ কৰিছে পেণ্ড’ৰা ৰেডিঅ’ নামৰ আমেৰিকাৰ প্ৰতিষ্ঠানটোৱে‌। অদূৰ ভৱিষ্যতে মানুহৰ ৰুচিবোধক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত কৰিবলৈ হয়তো পেণ্ড’ৰা ৰেডিঅ’তকৈও আৰু অধিক শক্তিশালী, আৰু অধিক পৰিকল্পিত প্ৰতিষ্ঠানে বিজ্ঞানৰ আৱিষ্কাৰক নিজৰ স্বাৰ্থত সুন্দৰভাৱে ব্যৱহাৰ কৰিব‌। এই আগ্ৰাসনৰ প্ৰতিমুখে থিয় হ’বলৈ হ’লে বিকল্প সাংস্কৃতিক কৰ্মীয়েও এনে কৌশলক অৱজ্ঞা কৰি আওপুৰণি সজ্জাৰে সংগীতক শ্ৰোতাৰ কাণত বিদ্ধ কৰি মন-মগজুক আলোড়িত কৰিব নোৱাৰিব‌।

Print Friendly, PDF & Email

2 thoughts on “গানে কিয় টানে মানুহৰ প্ৰাণ- (বৰ্ণালী বৰুৱা দাস)

  • Nabajyoti Borgohain

    “গানে কিয় টানে মানুহৰ প্ৰাণ” এটা অতি গুৰুত্বপূৰ্ণ আৰু চিন্তা উদ্বেগকাৰী প্ৰবন্ধ। অসমীয়া ভাষাত এই বিষয়ক লেখা অতি নগণ্য। ‘গান’ বিষয়টোৰ সমাজ জীৱনত প্ৰভাৱৰ সম্পৰ্কে লেখিকাই আধুনিক বস্তুনিষ্ঠ বাখ্যা আগবঢ়াবলৈ সক্ষম হৈছে বুলিব পাৰি। ই এটা অতি জটিল বিষয়। প্ৰবন্ধটোত আলোচিত দিশবোৰৰ সম্পৰ্কত বিস্তৰ গৱেষণা চলি আছে, যিবোৰ অত্যন্ত মনোগ্ৰাহী । এইবোৰৰ ওপৰত আৰু বেছি বাছি আলোচনা হব লাগে।
    এটি ‘গীত’ কাৰোবাৰ ভাল লগা নলগা কথাটো বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যদিয়ো কিন্তু, ই এটা নির্দিষ্ট মুহূৰ্তত এজন শ্ৰোতাৰ ওপৰত প্ৰভাৱিত বিভিন্ন কাৰকৰ লব্ধ ফল। আমি এই কাৰকবোৰ পৃথক পৃথক ভাৱে আলোচনা কৰিব পাৰো, যদিয়ো ইয়াৰ লব্ধ ফলাফল নিৰ্ণয়ৰ কথাটো একেসময়তে জৰুৰী হৈ পৰে। যিটো এটা অতি জটিল বিষয়। ইয়াৰ ওপৰতো বিস্তৰ গৱেষণা চলি আছে।
    যিকি নহওঁক মোৰ ধাৰণা, এই লেখটো অসমীয়া গীতি সাহিত্যৰ এটা গুৰুত্বপূৰ্ণ সংযোজন হিচাবে চিহ্নিত কৰিব পাৰি।

    Reply
  • হীৰেন গোহাঁই

    ‘কাণেৰ ভিতৰ্ দিয়া মৰমে পশিল’———এইটোৱেই সঙ্গীতৰ সাৰ কথা।আন‌ সকলো কথা বাদ দিলেও এইটো চিধাই অনুভৱ‌ কৰা সত্য। জৈৱিক আৰু বাহ্যিকৰ অপূৰ্ব সঙ্গতি।তাৎক্ষণিক।
    সঙ্গীতৰ বাবে দৃশ্য চমকৰ প্ৰয়োজন অঙ্গাঙ্গী হ’ব নোৱাৰে।বলিউদী গানৰ‌ অনুকৰণত আমাৰ‌
    মাজত গানৰ‌ তালে তালে নচা বৰ‌ প্ৰয়োজন ‌‌
    বুলি ধাৰণা নহয়।ডাইলান আৰু বহু গায়ক গায়িকাই তাৰ দৰকাৰ অনুভৱ‌ কৰা নাই। কিছুমান ‌‌গানতহে সি শুৱায়।প্ৰায়ে‌ গানৰ‌ তৰলতা
    ঢকাৰহে কৌশল।
    ভাটিয়ালী কি কেৱল‌ শ্ৰমৰ‌ উপাদান? শ্ৰম‌ জুৰোৱাৰো উপাদান।শ্ৰম‌‌ আৰু‌ বিশ্ৰাম,একেটা প্ৰক্ৰিয়াৰ ছন্দ।
    বৰ্ণালিক কথাবোৰ ভাবি চাবলৈ অনুৰোধ কৰিছোঁ। জীৱনৰ দৰে গান‌ বহূদিশপূৰ্ণ, কিন্তু ‌এক।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *