নিবন্ধশিল্প-কলা-সংস্কৃতি

গাব্বেহ: এটি চমু অৱলোকন (প্ৰিয়ম হাজৰিকা)

ইৰানিয়ান চলচ্চিত্ৰ পৰিচালক ম’হচেন মাখমালবাফৰ অন্যতম কাব্যিক চিনেমাখন হ’ল গাব্বেহ। ১৯৯৬ চনত নিৰ্মিত ৭৯ মিনিট দৈৰ্ঘ্যৰ এই চিনেমাখন পৰিচালকগৰাকীৰ Poetic Trilogy-ৰ প্ৰথমখন চিনেমা। ইয়াৰে আন দুখন হ’ল— দ্যা চাইলেন্স আৰু দ্যা গাৰ্ডেনাৰ। টকিঅ’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত Best Artistic Contribution Award প্ৰাপ্ত এই চিনেমাখনৰ ভাষা পাৰ্চী।

১৯৫৭ চনত তেহৰানত জন্ম লাভ কৰা মাখমালবাফে ১৫ বছৰ বয়সতে সেই সময়ত ইৰানৰ শাসক শ্বাহ মহম্মদ ৰেজা পাহলভিৰ বিৰুদ্ধে গঠন হোৱা এটা দলত যোগদান কৰিছিল। ১৭ বছৰ বয়সত এজন চৰকাৰী পুলিচৰ হত্যাৰ অপৰাধত তেওঁক কাৰাৰুদ্ধ কৰা হৈছিল। তাৰ পাঁচ বছৰ পিছতে সংঘটিত হোৱা ইৰানিয়ান বিপ্লৱৰ জৰিয়তে তেওঁ কাৰাগাৰৰ পৰা মুক্তি পায় আৰু ২০০৫ চনত তেওঁ নিজৰ জনমভূমি ইৰান পৰিত্যাগ কৰে।

ইৰানৰ ১৯৭৯ চনৰ ইছলামিক মৌলবাদৰ উত্থানে গোটেই দেশতে নেতিবাচক পৰিৱৰ্তনৰ বা বলোৱাৰ লগতে তাৰ চিনেমা জগতখনকো আঁচোৰ মাৰি গৈছিল। নিজৰ দেশতেই নিৰ্মিত চলচ্চিত্ৰসমূহ নিষিদ্ধ কৰা হৈছিল আৰু তাৰেই আলমত পৰিচালক জাফাৰ পানাহিয়ে তেওঁৰ “This is not a film” তথ্যচিত্ৰখন নিৰ্মাণ কৰিছিল য’ত নিজৰ মাতৃভূমিত চিনেমা নিৰ্মাণ কৰি পৰিচালকগৰাকীয়ে সন্মুখীন হোৱা দুৰ্বিসহ পৰিস্থিতিৰ কথা দৃশ্যায়ন কৰিছে। এই নিষ্ঠুৰতাৰ পৰা “গাব্বেহ”ও সাৰি যাব পৰা নাছিল। চলচ্চিত্ৰখনক Subversive অথবা বিনাশক আখ্যা দিয়া হৈছিল আৰু ইছলামৰ এক ধাৰা, ছুফীবাদক প্ৰদৰ্শন কৰাৰ ৰোষত ইৰানত চিনেমাখন নিষিদ্ধ কৰা হয়।

প্ৰকৃতাৰ্থত গাব্বে অথবা গাব্বেহ হ’ল পাৰ্চীসকলে বিশেষভাৱে নিৰ্মাণ কৰা এক ধৰণৰ কঠা বা ধুচা। ইয়াক সাধাৰণতে পাৰ্চীয়ান ৰাগ বা পাৰ্চী কাৰ্পেট বুলি কোৱা হয়। আনহাতে চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰটিৰ নামো ইয়াত গাব্বেহ ৰখা হৈছে। ইৰানৰ এটা অঘৰী (Qashqai tribe) জাতি আৰু তেওঁলোকৰ এই গাব্বেহ নিৰ্মাণৰ কলাৰ ওপৰত ভিত্তি কৰিয়েই কাহিনীটো গঢ় লৈ উঠিছে। অবাস্তৱিক, যাদুকৰী আৰু অগতানুগতিক কিছুমান দৃশ্যাৱলীৰে সৈতে চিনেমাখনত এটা কলাত্মক দিশ পৰিলক্ষিত হৈছে। ইয়াৰ গতিধাৰা কবিতাৰ দৰে। ৰং-বিৰঙী ফুল, নৈ-নিজৰা, নীলা আকাশ, ঘাঁহ-বন, ৰ’দ বতাহ, উজ্জ্বল জিকমিক সাজ পোছাক আৰু গীত মাতেৰে এটি সুন্দৰ কাব্যাত্মক ভংগী উপস্থাপন কৰা হৈছে। ফুলৰ পাপৰিৰ ৰস চেপি সূতা ৰঙীন কৰি নিৰ্মাণ কৰা গাব্বেহৰ কাৰুকাৰ্যৰ আধাৰত গঢ় লোৱা এই তথ্যচিত্ৰখনিক কাব্যিক উপস্থাপন শৈলীৰে অতি নিপুণতাৰে সাধুকথাৰ বা লোককথাৰ ৰূপ দিয়াত পৰিচালকগৰাকী সফল হৈছে।

এই লেখকৰ তুলিকাত গাব্বেহৰ এটি দৃশ্য।

এহাল বয়োজ্যেষ্ঠ দম্পতীৰ কথোপকথনেৰে কাহিনীভাগ আৰম্ভ হয়। তেওঁলোকে কঢ়িয়াই লৈ ফুৰা গাব্বেহখন ধুবলৈ বুলি সুঁতি এটাত নামোতেই যাদুকৰীভাৱে এগৰাকী গাভৰু সেই ঠাইত উপস্থিত হয় আৰু নিজকে গাব্বেহ বুলি পৰিচয় দি দম্পতীহালক নিজৰ জীৱন বৃত্তান্ত বৰ্ণাবলৈ আৰম্ভ কৰে। এনেদৰেই ইয়াৰ কাহিনীভাগ আগবাঢ়ে।

গাব্বেহ নামৰ এই গাভৰুগৰাকীৰ পৰিয়ালৰ অঘৰী জীৱন-যাপন, পাহাৰৰ লুংলুঙীয়া বাটেৰে পোহনীয়া ভেড়া-ছাগলীৰ জাকৰ সৈতে মানুহখিনিৰ জীৱনযাত্ৰা, পৰম্পৰাগত গাব্বেহ নিৰ্মাণৰ কাৰু-কাৰ্য, পাত্ৰীৰ সন্ধানত থকা তাইৰ পঞ্চাছ উৰ্দ্ধৰ খুৰাক, ঘোঁৰাৰ পিঠিত উঠি গাব্বেহক লগ কৰিবলৈ অহা তাইৰ ৰহস্যময়ী প্ৰেমিকজন আৰু বিবাহপাশত আৱদ্ধ হৈ এখন ৰঙীন সংসাৰৰ হাবিয়াস কৰা গাভৰুগৰাকীৰ সংগ্ৰামৰ কাহিনীয়ে হৈছে চিনেমাখনৰ মূল বিষয়বস্তু। অঘৰী পৰিয়ালটোৰ ৰীতি-নীতিয়ে কেনেদৰে গাব্বেহক প্ৰেমৰ পৰা বঞ্চিত কৰিছে সেই কথা পৰিলক্ষিত হয়। গাব্বেহৰ পিতাকৰ মতে তাইৰ খুৰাকৰ বিবাহ আৰু মৃত আইতাকৰ আধৰুৱা গাব্বেহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পিছতহে তাই বিবাহত বহিব পাৰিব। গাব্বেহে নিজৰ জীৱনৰ এই বাধা-বিঘিনিসমূহৰ কথা কৈ দম্পতীহালৰ আগত আৱেগিক হৈ পৰা দেখা যায়।

এইখিনিতে গাব্বেহৰ খুৰাকজনৰ পাঠদানৰ দৃশ্যটো মন কৰিবলগীয়া। প্ৰকৃতিৰ বুকুৰ পৰা বিভিন্ন সমল আঁজুৰি কণ কণ ল’ৰা ছোৱালীবোৰক ৰঙৰ ধাৰণাটো বুজোৱা হয়। এখন হাতত নীলা আৰু আনখনত হালধীয়া ৰং বুলাই সেউজীয়া ৰঙৰ সৃষ্টিৰ কথা দেখুওৱা হয়, পপি ফুলৰ ৰঙা পাপৰি আৰু ঘেঁহুৰ হালধীয়া ফুল হাতত লৈ আবেলি অস্তমিত সূৰুযলৈ আঙুলিয়াই সুমথিৰা ৰঙৰ কথা বুজোৱা হয়। ঠিক একেদৰে নীলা বুজাবলৈ আকাশলৈ আৰু পানীলৈ তেওঁ আঙুলি টোৱায়। তদুপৰি ঘোঁৰাত উঠি মাজৰাতি কুকুৰনেচীয়া বাঘৰ দৰে উকিয়াই গাব্বেহক নিজৰ উপস্থিতিৰ জাননী দিয়া প্ৰেমিকজনৰ আগমনৰ দৃশ্যাৱলীও পৰী দেশীয় সাধু কথাৰ দৰেই সুকীয়া। বাৰে বাৰে চেষ্টা কৰিও প্ৰেমিকজনৰ লগত পলাই যাবলৈ ব্যর্থ হোৱাটোৱে পৰিয়ালৰ কঠোৰ অনুশাসনত বন্দী গাব্বেহৰ জীৱনৰ জটিলতাৰ কথা সূচায়।

যেনেদৰে ভাল আবৃত্তিয়ে কবিতাৰ বিমূৰ্ততাক মূৰ্ত কৰি তোলে ঠিক তেনেদৰে ভাল উপস্থাপন শৈলীয়ে চলচ্চিত্ৰ এখনক সাকাৰ ৰূপ দিয়ে। গাব্বেহৰ ক্ষেত্ৰতো এই নিপুণ উপস্থাপনশৈলী প্ৰকট হৈ উঠিছে যাৰ কাৰণে প্ৰতিটো দৃশ্যাৱলী দৃষ্টিগ্ৰাহ্য হৈ পৰিছে। কাব্যাত্মক ভংগীৰে উপস্থাপন কৰা গাব্বেহৰ সন্তানসম্ভৱা মাতৃৰ জন্মদানৰ দৃশ্যই পৰিচালকৰ সৃষ্টিশীলতাৰ কথা সূচায়। এই দৃশ্যাংশত বিষত চট্‌ফটাই থকা মাতৃৰ অৱস্থা দেখি গাব্বেহে চিঞৰি উঠে (পাৰ্চী ভাষাত): “Love is colour, Man is colour, Woman is colour, Child is colour, Love is pain“।

ইয়াত জীৱন বুলি কওঁতে নিৰ্মীয়মান অৱস্থাত থকা গাব্বেহ এখনৰ ৰঙীন সূতাবিলাক আৰু মৃত্যুৰ কথা কওঁতে ইয়াৰ ক’লা সূতাবিলাক দেখুওৱা হয়।

চিনেমাখনৰ এটি দৃশ্য

এনেদৰেই কাহিনীভাগ আগবাঢ়ি গৈ থাকে আৰু শেষত খুৰাকৰ অনুমতি লৈ গাব্বেহে প্ৰেমিকৰ লগত পলায়ন কৰাৰ সিদ্ধান্ত লয়। কিন্তু দুৰ্ভাগ্যবশতঃ এই কথা পিতাকৰ কাণত পৰে আৰু ঘোঁৰাত উঠি ৰাওনা হোৱা গাব্বেহ আৰু তেওঁৰ প্ৰেমিকলৈ গুলিচালনা কৰে। গাব্বেহ আৰু প্ৰেমিকজনৰ মৃত্যুৰ বাতৰিটো সৰ্বত্ৰে বিয়পি পৰে। সামৰণিত বৃদ্ধ দম্পতীহালক কাহিনী কৈ থকা গাব্বেহে এই কথা ব্যক্ত কৰে যে যদিও তেওঁলোকৰ মৃত্যুৰ বাতৰি বিয়পিছিল, প্ৰকৃতাৰ্থত তেওঁলোকৰ মৃত্যু হোৱা নাছিল। তেওঁৰ পিতাকে আকাশলৈহে গুলিচালনা কৰিছিল আৰু তেওঁলোকৰ মৃত্যুৰ বাতৰি এইকাৰণেই প্ৰচলিত কৰা হৈছিল যাতে গাব্বেহৰ ভগ্নীহঁতে গাব্বেহৰ দৰে পলায়ন কৰাৰ সাহস কোনোদিনে নকৰে।

অন্য এটি দৃশ্য

ৰং, চৰিত্ৰ, কল্পনা আৰু আধ্যাত্মিকতাৰ সমাহাৰে প্ৰেম পৰম্পৰা, পৰিয়াল আৰু সৃষ্টিশীলতাক ন ৰূপ দিয়া মাখমালবাফে চলচ্চিত্ৰখনত জীৱনৰ বাস্তৱিক ৰূপ এটাৰ বিপৰীতে স্বপ্ন সদৃশ ঘটনাৱলীৰে এটা কাল্পনিক লোককথা দৰ্শকৰ মাজলৈ এৰি দিছে। ইয়াৰ প্ৰথম অংশত কাহিনীটোৰ বিষয়ে আওভাও পোৱাটো দৰ্শকৰ পক্ষে জটিল হৈ পৰে যদিও পিছলৈ গান, কবিতা আৰু লোককথাৰ মাজেৰে নিজৰ সুখ-দুখ ব্যক্ত কৰা, গাব্বেহত ৰঙীন সূতাৰে নিজৰ জীৱন গাঁথা ৰচনা কৰা, প্ৰকৃতিৰ কোলাত আশ্ৰিত এই অঘৰী লোকসকলৰ কাহিনী আৰু কাহিনীৰ মাজে মাজে ভাহি অহা পাৰ্চীয় সুৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। বাদ্যযন্ত্ৰৰ সুৰৰ লগতে প্ৰকৃতিৰ বুকুত সৃষ্টি হোৱা সুৰৰ ঝংকাৰে চিনেমাখনক স্বকীয়তা প্ৰদান কৰিছে। বতাহৰ শব্দ, পাহাৰত প্ৰতিধ্বনিত হোৱা সভ্যতাৰ শব্দ, নৈ নিজৰাৰ কুলুকুলু পানীৰ শব্দ, কুকুৰনেছীয়াৰ উকি, ভেড়া-ছাগলীৰ জাকৰ শব্দ, কণ কণ ল’ৰা ছোৱালীৰ চিঞৰ-বাখৰ আদিৰ সমাহাৰে এক অন্যতম ভূমিকা পালন কৰিছে। এই গীত-মাতসমূহে কাহিনীটোক দৃষ্টিগ্ৰাহ্যৰ পৰা শ্ৰৱণগাহ্যলৈ ৰূপান্তৰ কৰি তোলাত সহায় কৰিছে। পৰিচালকৰ মতে চিনেমাখনৰ সৰলতা আৰু প্ৰকৃতিৰ লগত থকা পোনপটীয়া সম্পৰ্কৰ বাবে পশ্চিমীয়া সমাজে বিনা দ্বিধাৰে চিনেমাখন আঁকোৱালি লৈছে। দিনৌ দুখ-দুৰ্দশা আৰু জটিলতাৰে জীৱন অতিবাহিত কৰা পশ্চিমীয়া জনসাধাৰণে চিত্ৰগৃহত গৈ সেই একে দুখ দুৰ্দশা চোৱাৰ বিপৰীতে প্ৰকৃতিৰ সংযোজনেৰে সৃষ্টি হোৱা এক স্বপ্ন সদৃশ কাহিনী উপভোগ কৰি বেছি সকাহ পোৱাৰ ফলতেই গাব্বেহে সেই দেশসমূহত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

আৰু এটি দৃশ্য

শেষত পৰিচালকগৰাকীয়ে গাব্বেহ নিৰ্মাণৰ কাৰু-কাৰ্যৰ ওপৰত কৰা মন্তব্যৰে লেখাটো সামৰণি মাৰিছোঁ—

“Gabbehs have soothing designs somewhat similar to the simple paintings of children. Unfortunately, out of every ten thousand Iranians, only one might have a Gabbeh at this house, or out of every one thousand Iranians, only one might have heard of it. What did we used to sit on forty years ago? A carpet or a kelim. And what is a carpet, except some wool and color and the labor of the weaver? And what is wool, except the labor of a herder? And what is color, except the labor of girls picking flowers in the fields? And don’t we make all of these out of our own labor our own materials here? Gabbeh is one of the most original types of nomadic carpets”।

Sources:

  1. https://asianmoviepulse.com/2018/12/film-review-gabbeh-1997-by-mohsen-makhmalbaf/
  2. https://www.makhmalbaf.com/?q=film/gabbeh
  3. https://en.m.wikipedia.org/wiki/Mohsen_Makhmalbaf
  4. https://photogenie.be/memories-of-a-revolution-how-iranian-cinema-was-shaped-after-the-islamic-revolution-of-1979/

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *