নিবন্ধশিল্প-কলা-সংস্কৃতি

বিদায় ‘গড্ডাৰ’ – (নৱজ্যোতি বৰগোহাঁই)

প্ৰস্তাৱনা :

এই লেখা সদ্য প্ৰয়াত অসাধাৰণ বিপ্লৱী সাংস্কৃতিক কৰ্মী গড্ডাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। এই বিস্ময়কৰ সাংগীতিক প্ৰতিভাৰ মূল্যায়ন এটা অতি জটিল কাম। আমি মাথোঁ কিছু তথ্য পাতি গোটাই, পাৰ্যমানে সেইবোৰ অনুধাৱন কৰি ‘গড্ডাৰ’ নামৰ এই বিৰাট প্ৰতিভাক বুজিবলৈ যত্ন কৰিছোঁ। এই লেখাটো তেওঁৰ সাঙ্গীতিক শিল্প আৰু বিপ্লৱী ৰাজনীতিৰ বৈশিষ্ট্য সম্পৰ্কে এটি চমু টোকা হিচাবে ধৰিব পাৰি। ইয়াত গড্ডাৰৰ অনন্য বিপ্লৱী সাংস্কৃতিক পৰিঘটনাৰ চমু পৰিচিতি, ইয়াৰ ৰাজনৈতিক চৰিত্ৰ আৰু কৰ্মকাণ্ডৰ চমু আভাস আৰু তেওঁৰ গীতৰ বৈশিষ্ট্য সম্পৰ্কে চমু বিশ্লেষণ আগবঢ়াবলৈ যত্ন কৰিছোঁ। গড্ডাৰ শিল্পৰ সম্পৰ্কত নতুন প্ৰজন্মই এক সম্যক ধাৰণা কৰক, তেওঁৰ সংগীত শুনক, বুজক, বজাৰকেন্দ্ৰিক সংস্কৃতিৰ ভয়ানক দিশবোৰ চিনাক্ত কৰক আৰু বিকল্প নতুন পথ নিৰ্মাণত দায়িত্বশীল হৈ উঠক। সেই দৃষ্টি আগত ৰাখিয়েই এই মহৎ শিল্পীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ।


“No death for the song of people’s war”

উক্ত শ্লোগানটো গণযোদ্ধা বিপ্লৱী শিল্পী গড্ডাৰক গণশত্ৰুৱে আক্ৰমণ কৰাৰ সময়ত জনযুদ্ধৰ সংকল্পৰ পৰা জন্ম হৈছিল! ‘গড্ডাৰ’ আছিল তেলেঙ্গানাৰ বিপ্লৱী জনগণৰ এক প্ৰাণশক্তি! গড্ডাৰ ‘ভাৰতীয় বিপ্লৱী সংস্কৃতিৰ প্ৰতীক!

যোৱা ৬ আগষ্ট ২০২৩ তাৰিখে ভাৰতৰ এই অক্লান্ত সাংস্কৃতিক কৰ্মী তথা বিপ্লৱী যোদ্ধাই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় মাগিলে। গড্ডাৰৰ বিয়োগ বিপ্লৱী জন সাংস্কৃতিক আন্দোলন বাবে এক বৃহৎ ক্ষতি, যিয়ে শিল্প আৰু সংস্কৃতিক অত্যাচাৰ আৰু শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ ৰূপ হিচাপে ব্যৱহাৰ কৰি এক সম্পূৰ্ণ প্ৰজন্মৰ কৰ্মীক অনুপ্ৰাণিত কৰিছিল।গড্ডাৰে  নিজৰ গীতৰ জৰিয়তে, ৰাষ্ট্ৰ ক্ষমতা আৰু সামন্তীয় শোষণ সংস্কৃতিৰ বিৰুদ্ধে প্ৰতিৰোধৰ আটাইতকৈ শক্তিশালী কণ্ঠস্বৰ হৈ পৰিছিল। সামাজিক বৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ গড্ডাৰে লোকশিল্পক এক অসাধাৰণ আধুনিক অস্ত্ৰ হিচাবে নিৰ্মাণ কৰিছিল।

দৰিদ্ৰ দলিত শ্ৰমিক লাচুমাম্মা আৰু চেছাইয়াৰ পুত্ৰ গড্ডাৰৰ জন্ম হৈছিল ১৯৪৭ চনৰ ৪ মে’ত তেলেংগানাৰ মেডাক জিলাৰ এখন সৰু গাঁও টুপ্ৰানত। পোছাকি নাম গুম্মাদি বিত্তল ৰাও, কিন্তু বিশাল জনগণৰ বাবে তেওঁ ‘গড্ডাৰ’। পঞ্জাৱত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰোধিতা কৰা স্বাধীনতাৰ পূৰ্বৰ গাডাৰ দলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে তেওঁ গড্ডাৰ নাম গ্ৰহণ কৰিছিল। অভিযান্ত্ৰিক শিক্ষা আধাতে বাদ দি  আশীৰ দশকত গড্ডাৰ আণ্ডাৰগ্ৰাউণ্ড হৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) জনযুদ্ধ গ্ৰুপৰ সদস্য হৈ পৰে। তেওঁ সংগঠনৰ সাংস্কৃতিক শাখাৰ কৰ্মী হিচাবে অতি প্ৰভাৱশালী ৰূপত কাম কৰিবলৈ ধৰে। সমগ্ৰ দেশতে বিশেষকৈ তেলেংগানা অঞ্চলত অতি কম সময়ৰ ভিতৰত গড্ডাৰে বিপুল সংখ্যক লোকৰ  মৰম আৰু সন্মান লাভ কৰাৰ লগে লগে তেওঁ জনগণৰ এজন গণশিল্পী তথা বিপ্লৱী যোদ্ধা হিচাবে পৰিগণিত হয়। ২০১০ চনলৈকে গড্ডাৰে নক্সাল আন্দোলনত সক্ৰিয় হৈ আছিল, পিছলৈ নিজকে আম্বেদকাৰীয়া বুলি পৰিচয় দিছিল । ২০১০ চনত গড্ডাৰে, তেলেংগানা প্ৰজা ফ্ৰণ্ট নামৰ এটা ৰাজনৈতিক দলো গঠন কৰে।

বিখ্যাত বুদ্ধিজীৱী দলিত মুক্তি যোদ্ধা কাঞ্চা ইলাইয়া শ্বেফাৰ্ডে গড্ডাৰৰ বিষয়ে  অতি সুন্দৰকৈ কৈছে – যদি ৰাছিয়াই জন্ম দিছে  এজন গৰ্কী , চীনে  লুচুন , ভাৰতে জন্ম দিছে এজন গড্ডাৰ।

‘গড্ডাৰ’ : তেলেঙ্গানাৰ এক বিপ্লৱী গনসাংস্কৃতিক পৰিঘটনা 

 তেলেংগানাত গড্ডাৰৰ গীতৰ পৰিবেশন আৰু তাৰ লগে লগে  তাৎক্ষণিকভাবে হাজাৰ হাজাৰ মানুহৰ গণ সমাবেশ, আৰু আচৰ্য্যকৰ গণ সক্ৰিয়তা কেৱল এক বিপ্লৱী কলাত্মক গণ অভিব্যক্তি  বুলি কলে ভুল হ’ব, বৰঞ্চ ই এক বিপ্লৱী পৰিঘটনা (phenomenon) হিচাবে চিহ্নিত হৈছিল।

গড্ডাৰ আৰু তেওঁৰ সাংস্কৃতিক সংগঠন “জন নাট্য মণ্ডলী”, চমুকৈ JNM (Jana Natya Mandali) বিশ্বৰ বিপ্লৱী সাংস্কৃতিক সংগ্ৰামক প্ৰতিনিধিত্ব কৰা এক অনন্য সাংস্কৃতিক পৰিঘটনা। এই পৰিঘটনা যেন মানুহৰ সংস্কৃতি আৰু বিপ্লৱী ৰাজনীতিৰ এক শিখৰত উপনীত হোৱা বিন্দু। সেই পৰিঘটনাৰ বাবেই তেলেংগানাৰ জনমানসত –‘গড্ডাৰ’ হৈ পৰিছিল বিপ্লৱী সংগীতৰ অন্য এটি নাম! তেলেগু বিপ্লৱী কবিতাৰ এটি শক্তিশালী চিত্ৰকল্প !

এই বিপ্লৱী সাংস্কৃতিক প্ৰকল্পৰ যোগেদি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰখনৰ বিষয়বস্তু বুলি গণ্য কৰা সাধাৰণ জনগণৰ কাৰ্যকলাপ ৰীতিনীতিবোৰ উলিয়াই আনি গড্ডাৰে ৰাজহুৱা ক্ষেত্ৰখন দখল কৰিলে। ফলত তেওঁৰ এই সাংস্কৃতিক অভিনয়ৰ কাৰ্যকলাপে লাখ লাখ মানুহ ভাৰতৰ আমূল গণতান্ত্ৰিক সংগ্ৰামৰ প্ৰতি প্ৰভাৱিত আৰু আকৰ্ষিত হৈ সংগ্ৰামখনত চামিল হল।

গড্ডাৰে কেৱল গীত নাগায়, তেওঁৰ পৰিবেশিত গীতে বিপ্লৱী গণ চেতনা অংকুৰিত কৰে। কৃষক শ্ৰমিকৰ  জনজীৱনৰ অস্ফুত কণ্ঠ আৰু স্পন্দনশীল শৰীৰ গড্ডাৰে ধাৰণ কৰে আৰু তেওঁৰ পৰিবেশিত গীতৰ ছন্দৰ লগত ই মূৰ্ত হৈ উঠে। তেওঁৰ কলা শৈলীয়ে গঢ়ি তোলা সামাজিক সংযোগে জনগণৰ জ্ঞানক জীৱন্ত কৰি তোলে।

আমাৰ বিশাল সাহিত্যৰ জগতখন কবিতা আৰু চুটিগল্প/ উপন্যাসৰ দৰে ধাৰাত আৱদ্ধ হৈ থকাৰ বিপৰীতে নিৰক্ষৰ জনসাধাৰণ ছপা জগতৰ দ্বাৰা সম্পূৰ্ণৰূপে প্ৰান্তীয়কৃত। তেওঁলোকৰ সৰহসংখ্যকেই নিজৰ সামাজিক আকাংক্ষা আৰু উদ্বেগক গীত আৰু লোকনৃত্যৰ জৰিয়তে মৌখিক ৰূপত প্ৰকাশ কৰে। অতি তাৎপৰ্যপূৰ্ণ কথা যে এই মৌখিক আৰু লিখিত সংস্কৃতিৰ মাজত গড্ডাৰ সাংস্কৃতিক পৰিঘটনাই এক জৈৱিক সংযোগ স্থাপন কৰিছিল।

আধুনিক যুগত মানুহৰ সংস্কৃতি আৰু তেওঁলোকৰ লোকশিল্পৰ ধাৰাবাহিকতা গড্ডাৰৰ সাংস্কৃতিক পৰিবেশনত অতি স্পষ্ট ৰূপত দেখা যায়। সমসাময়িক ডিজিটেল আৰু ইলেক্ট্ৰনিক মাধ্যমৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ মানুহৰ সংস্কৃতিক সজীৱ কৰি তোলাত গড্ডাৰৰ সাংস্কৃতিক সংগঠন JNM-ৰ  ভূমিকা অপৰিসীম।

নান্দনিকতাৰ গতানুগতিক নীতি অনুসৰি গড্ডাৰৰ অভিনয়, গীতৰ পৰিৱেশনৰ মূল্যায়ন কৰাটো কঠিন। বিপ্লৱী চেতনা গড্ডাৰৰ শিল্পৰ নান্দনিকতা বিকাশৰ অন্যতম চৰ্ত। গড্ডাৰৰ শিল্পৰ নান্দনিকতা তেওঁ বিশ্বাস কৰা কাৰ্য্যৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাত নিহিত। গড্ডাৰক তেওঁৰ আদৰ্শৰ মাধ্যমত অনুধাৱন নকৰিলে তেওঁৰ সৃষ্টিৰ প্ৰতি ন্যায় বিচাৰ সম্ভৱ নহয়। তেওঁ কোনো বিচ্ছিন্ন ‘মহান শিল্পী’ নহয়। গড্ডাৰ এটা বিষয়বস্তু আৰু পৰিঘটনা দুয়োটা আৰু লগতে এটা পৰিঘটনাৰ উৎপাদন। কিন্তু গড্ডাৰৰ দৰে এটা পৰিঘটনা যিকোনো ভাষাতে অত্যন্ত বিৰল। সেই অনুসৰি সাহিত্যিক শিল্পীসকলে তেলেগু কবিতাৰ সেই সময়খিনি গড্ডাৰৰ  যুগ বুলি অভিহিত কৰিছে।

গড্ডাৰৰ সংগীতৰ বৈশিষ্ট :
গড্ডাৰৰ সংগীত যেন জনগণৰ প্ৰাণৰ সংগ্ৰামী আকূতি ! গড্ডাৰৰ গীতৰ বেছিভাগেই সহজ-সৰল আৰু আকৰ্ষণীয় সুৰৰে নিৰ্মাণ হয়, যিবোৰ শ্ৰোতা দৰ্শকে  লগতে গোৱাটো সহজ। গড্ডাৰৰ সংগীতৰ সৰলতাই ইয়াক সুলভ আৰু স্মৰণীয় কৰি তোলাত সহায় কৰে, যাৰ ফলত এই গীতবোৰ তৃণমূল পৰ্যায়ৰ আন্দোলন সমূহৰ মাজত বিয়পি পৰে। সেইবাবেই I Salute you, Mother!, Dora’s Bonded Labour আদি গীত অতি জনপ্ৰিয়। Dora মানে এই ‘জমিদাৰ ‘।

গড্ডাৰে  সদায় সংগীতৰ স্বতঃস্ফূৰ্ত প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰায়ে নিৰ্দিষ্ট বিষয় বা পৰিঘটনাক সম্বোধন কৰিবলৈ ঠাইতে গীত সৃষ্টি কৰে আৰু সাম্প্ৰতিক পৰিঘটনা আৰু পৰিস্থিতিৰ লগত ইয়াৰ বিষয়বস্তুৱে বিশেষ স্থান পায়। I won’t come to the government hospital, son! গীতটোত অতি পিচপৰা গাঁৱৰ দৰিদ্ৰ জনতাৰ ৰাজহুৱা চিকিৎসাৰ বিষয়টো আনিছে অতি স্বাভাৱিক কথা বতৰাৰ জৰিয়তে। এনে ধৰণেৰে, এই বিষয়বস্তুৰেও যে গীত ৰচনা কৰিব পাৰি, তেনে চিন্তা শিল্পীৰ স্পষ্ট লক্ষ্য আৰু উদ্দেশ্য লগতে সংগ্ৰামী চেতনাৰ অবিহনে সম্ভৱ নহয়।

গড্ডাৰৰ বহু গীতে আমেৰিকান ব্লুজ সংগীতৰ দৰে কল-এণ্ড-ৰেচপন্স চৰিত্ৰ বহন কৰিছে। এই ধৰণ ইয়াত কিন্তু কোৰাছৰ ৰূপত  অন্তৰ্ভুক্ত, য’ত কোনো মুখ্য গায়ক বা গোটে এটা শাৰী গায় আৰু দৰ্শক বা আন গায়কে আনুষংগিক শাৰীৰে উত্তৰ দিয়ে। এই অংশগ্ৰহণমূলক উপাদানে ঐক্য আৰু সামূহিক কাৰ্য্যৰ ভাৱনাক লালন-পালন কৰে। যিটো গড্ডাৰৰ অন্যতম ৰাজনৈতিক উদ্দেশ্য। Holi , Shining Holi  গড্ডাৰৰ তেনে এটি গীত।

লেটিন আমেৰিকাৰ বিপ্লৱী Nueva  Cancion সংগীতৰ নিৰ্মাণৰ লগত মিল থকা গড্ডাৰৰ সংগীতে প্ৰায়ে আঞ্চলিক ভাষা আৰু লোকবাদ্যৰ ব্যৱহাৰকে ধৰি লোক আৰু পৰম্পৰাগত ভাৰতীয় সংগীতৰ উপাদানসমূহ বহন কৰে। ই বহল দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰাৰ লগতে সাংস্কৃতিক প্ৰামাণ্যতাৰ অনুভূতি জগাই তোলে। Lashkar Bonalu তেনে এটি  লোক পৰম্পৰাক প্ৰাধান্য দিয়া গীত।

এই গুণাগুণবোৰৰ ভিত্তিতেই ক’ব পাৰি যে নিৰ্দিষ্ট গীত আৰু প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰি গড্ডাৰৰ গীতৰ গাঁথনিগত বৈশিষ্ট্যৰ ভিন্নতা থাকিলেও গড্ডাৰৰ সংগীত ভাৰতৰ প্ৰতিবাদ আৰু বিপ্লৱী সংগীতৰ বৃহত্তৰ পৰম্পৰাৰ অংশ‌।

গড্ডাৰৰ সংগীত আৰু বিপ্লৱী ৰাজনীতি :

গড্ডাৰ আৰু বিপ্লৱী ৰাজনীতি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। এটাক আনটোৰ পৰা কেতিয়াও পৃথক কৰিব নোৱাৰি। বিপ্লৱী ৰাজনীতি আৰু পৰিপূৰক ৰূপত সাংস্কৃতিক জগতখনত, নব্বৈৰ দশকত গড্ডাৰে অভূতপূৰ্ব খ্যাতি লাভ কৰিছিল, সেই সময়ছোৱাতেই তেওঁ ‘আণ্ডাৰগ্ৰাউণ্ড’ জীৱনৰ পৰা মুক্ত জগতখনত খোজ পেলাইছিল। পৰৱৰ্তী পৰ্য্যা়য়ত তেওঁ মাওবাদী নামেৰে পৰিচিত হোৱা বিপ্লৱী আন্দোলনৰ অংশ হৈ পৰিছিল। নতুন প্ৰজন্মৰ বাবে গড্ডাৰ মূলতঃ তেলেংগানাত বিপ্লৱী পৰিৱৰ্তনৰ মানসিকতা গঢ় দিয়া ৰাজনীতিৰ প্ৰতীক হৈ পৰিছিল। এই কৰ্মকাণ্ডত অভিনৱ ৰূপত গড্ডাৰৰ সংগীতে মূল ভূমিকা পালন কৰিছিল। অল ইণ্ডিয়া লীগ ফৰ লিটাৰেচাৰ এণ্ড ৰিভল্যুচনেৰী কালচাৰ (AILRC)-ৰ সম্পাদক হিচাপে তেওঁ নতুন গণতান্ত্ৰিক বিপ্লৱ-ৰ সমৰ্থনত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন আৰু আয়োজন কৰি সমগ্ৰ ভাৰত ভ্ৰমণ কৰিছিল‌।

তেওঁ কোনো প্ৰশিক্ষিত গায়ক বা লেখক নাছিল। নিজৰ গীতৰ জৰিয়তে জনসাধাৰণৰ সামাজিক স্মৃতিৰ আমন্ত্ৰণ কৰাৰ লগতে ৰাজনৈতিক কৰ্মৰ প্ৰতি তেওঁ দায়িত্ব জগাই তোলে। তেনে বহু ৰাজনৈতিক-সামাজিক উদ্দেশ্য আগত ৰাখি তেওঁ গীত লিখে আৰু পৰিবেশন কৰে। তেওঁৰ বাবে গীত হৈছে আধিপত্যক প্ৰতিহত কৰাৰ আৰু জনসাধাৰণক নিপীড়নমূলক সামাজিক সম্পৰ্কৰ পৰা মুক্ত কৰাৰ এক অভিনৱ অস্ত্ৰ। তেওঁৰ গীতসমূহে জনসাধাৰণৰ ৰাজনৈতিক সংগ্ৰামৰ সৈতে জড়িত হৈ সংগ্ৰামী জনতাৰ জৈৱিক অনুঘটক হিচাবে কাম কৰে। মূলসুঁতিৰ শিল্পই যেতিয়া খাটিখোৱা জনগণৰ বিষয়ভিত্তিক (subjective) পৰিস্থিতিৰ সৃষ্টিৰে মানসিক আৰাম আৰু সস্তীয়া বিনোদনৰ যোগান ধৰি বাস্তৱ পৰিস্থিতিৰ পৰা আঁতৰাই নিয়ে, তাৰ বিপৰীতে গড্ডাৰৰ শিল্পৰূপে (অভিনৱ সংগীত পৰিবেশনে) বস্তুনিষ্ঠ পৰিস্থিতিৰ (objective condition) সৃষ্টি কৰে আৰু দৰ্শকক চিন্তা কৰিবলৈ বাধ্য কৰে।

তেওঁৰ গীতবোৰ কেৱল বিপ্লৱী গীত বুলি ক’লে অৱমূল্যায়ন হব। এই গীত বহুমাত্রিক উপাদানেৰে ভৰপূৰ, এক বিশেষ বিপ্লৱী কলা। ইয়াৰ অসাধাৰণ পৰিবেশন শৈলীয়ে, স্বতঃস্ফূৰ্তভাৱে তেলেংগানাৰ বিদ্ৰোহী চেতনা প্ৰতিফলিত কৰিছিল আৰু  খাঁটিখোৱা বঞ্চিত মানুহৰ সুপ্ত ৰাজনৈতিক চেতনাক জীৱন্ত ৰূপত প্ৰতিভাত কৰাৰ লগতে বিপ্লৱী ৰাজনৈতিক ঐক্য গঢ় দিছিল।

বিপ্লৱী ৰাজনীতিৰ সময়ৰ শক্তিৰ প্ৰতীক হিচাবে পৰিগণিত হোৱা গড্ডাৰে সামাজিক ৰূপান্তৰৰ প্ৰশ্নত বহু নতুন মাত্ৰা যোগ কৰি গৈছে। তেওঁৰ কবিতা আৰু গীতে সদায় পৰিবৰ্তনৰ বাৰ্তা বহন কৰে।তেনে কেইটামান উল্লেখযোগ্য গীতি কবিতা –  It Will Not Stop. No, It Will Not, Come , My Dalit Brothers ! ,  Under the Jasmine Tree ইত্যাদি।

It Will Not Stop. No, It Will Not গীতটো আৰম্ভ হৈছে এনেদৰে –

 It cannot stop ! It cannot stop ! It will not stop !
This war on hunger will not cease.
Till this corrupt regime ends,
The armed struggle will not halt !
See ! The line of ants has stirred.
The hearts of snakes tremble.
The wolves have curled their tails.
The herds of cows have moved.
The tigers have started running.

উক্ত গীতি কবিতাটোৰ প্ৰথম অংশৰ পৰাই তাৰ ৰেডিকেল ৰাজনৈতিক চৰিত্ৰ আৰু শক্তিশালী গণ আৱেদন অনুমান কৰিব পাৰি। গীতটোৰ এই বাক্য কেইটা মন কৰক –

ইয়াক ৰোধিব নোৱাৰে ! ইয়াক ৰোধিব নোৱাৰে ! ই ৰৈ নাথাকে !  ক্ষুধাৰ বিৰুদ্ধে এই যুদ্ধ স্তব্ধ নহ’য়।
এই দুৰ্নীতিগ্ৰস্ত শাসন ব্যৱস্থা থাকে মানে, সশস্ত্ৰ সংগ্ৰাম বন্ধ নহয় ! চোৱা! পৰুৱাৰ ৰেখাডালে লৰচৰ কৰিছে। সাপৰ হৃদয় কঁপি উঠিছে। ……….

ৰূপান্তৰৰ বীজ বহন কৰা গীতটোৰ প্ৰান্তীয় গণ চেতনা আৰু গতিশীল সংগ্ৰামৰ অপ্ৰতিৰোধ্য আৱেদনে গণমানসত বিপ্লৱৰ জোৱাৰ সৃষ্টি কৰে। আৰু এই গীতৰ গড্ডাৰীয় অভিনৱ পৰিৱেশন শৈলীয়ে চাৰিওফালে পৰিৱৰ্তনৰ ধুমুহা নিশ্চিত কৰি তোলে।

মাৰ্ক্সবাদৰ নীতি অনুসৰিয়েই  গড্ডাৰেও বিশ্বাস কৰে  সমাজ সদায় গতিশীল অৱস্থাত থাকে আৰু ৰূপান্তৰ বুজি পোৱা  শ্ৰমিক শ্ৰেণীয়ে কেতিয়াও মৌন হৈ নাথাকে আৰু উন্নত জীৱনৰ বাবে ব্যৱস্থাটোৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। গতিকে ‘পৰিৱৰ্তন’ তেওঁৰ গীতৰ অন্তৰ্নিহিত নীতি। তেওঁৰ দৃঢ় বিশ্বাস যে এটা বিপ্লৱী দলৰ অধীনত জনসাধাৰণক সংগঠিত কৰি পৰিৱৰ্তন আনিব। সেইবাবেই গড্ডাৰৰ গীতে সংগ্ৰামী শ্ৰোতাৰ লগত সহজে সংযোগ স্থাপন কৰিব পাৰে। তেওঁলোকে হৃদয়ৰ গভীৰ কোণৰ পৰাই গড্ডাৰৰ গীতৰ প্ৰতি সঁহাৰি জনায়। তেওঁলোকে বুজি উঠে, এই গান তেওঁলোকৰ ‘জীৱনৰ গান’ ! এই গানে তেওঁলোকৰ আশা আকাংক্ষাক বৈধতা প্ৰদান কৰিছে। তেওঁলোকক সন্মান জনাইছে। তেওঁলোকৰ মনৰ মলি মামৰবোৰ এই গানে পৰিষ্কাৰকৈ ধুই পেলাইছে। তেওঁলোকক পৱিত্ৰ সংগ্ৰামী দায়িত্ব ল’বলৈ আহ্বান জনোৱা হৈছে।

তেওঁৰ প্ৰিয় গীত ইণ্টিন্টা চিকাটি (প্ৰতিটো ঘৰত আন্ধাৰ), ই কুলামাব্বি(তুমি কি জাতি, মানুহ?), এই গীতবোৰত সামন্তীয় ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিৰোধৰ ধাৰাটোৱে সাধাৰণ জনগণক সাংঘাটিক প্ৰভাৱ পেলাইছিল। এই গীতবোৰ বিভিন্ন ভাষালৈ অনুদিত হৈছিল। ইয়াৰ ফলত আমি কল্পনা কৰিব নোৱাৰা এক সামাজিক আন্দোলনৰ সূচনা হৈছিল যাৰ যোগেদি সমগ্ৰ দেশখনত বহু সংকটৰ সীমা অতিক্ৰম কৰা এক প্ৰবাহৰ সৃষ্টি হ’ল। এই গীতৰ কথাবোৰে প্ৰায়ে  প্ৰতিৰোধ আৰু পৰিৱৰ্তনৰ বাৰ্তা প্ৰেৰণ কৰে। গড্ডাৰে নিৰন্তৰ প্ৰচেষ্টা আৰু অনুশীলনৰ জৰিয়তেহে সেই বহু অসহায়জনৰ কণ্ঠবোৰ আৰু ইয়াৰ জীৱিত বাস্তৱতাক অনুৰণিত কৰিবলৈ সক্ষম হয়।

JNM-এ  দুহেজাৰৰো অধিক গীত নিৰ্মাণ কৰিছে। সমগ্ৰ দেশতে বিভিন্ন দৰ্শকৰ মাজত  এই গীতবোৰ বহু হাজাৰবাৰ পৰিবেশন কৰা হৈছে। বেছিভাগ গীত এতিয়াও জীয়াই আছে। বহু মানুহ আবেগিকভাৱে ইয়াৰ মালিক। JNM-ৰ গীতৰ কিতাপ তিনি লাখতকৈ অধিক সংখ্যক কপি বিক্ৰী হৈছে। অন্ধ্ৰপ্ৰদেশৰ প্ৰায় সকলো গাঁৱতে গড্ডাৰ অতি জনপ্ৰিয়।  বিভিন্ন বিষয়বস্তুক লৈ  তেওঁ তিনি হেজাৰৰো অধিক  গীত লিখিছে।

সামৰণি :
বিশ্বতেই ‘গড্ডাৰ ‘ এক অসাধাৰণ সংগ্ৰামী সত্তা ! এক জীৱন্ত কিংবদন্তি। এক ভাৰতীয় বিপ্লৱী সাংস্কৃতিক  অনুষ্ঠান।
মূলতঃ গড্ডাৰৰ বিপ্লৱী সাংস্কৃতিক পৰিঘটনাই জনগণৰ ৰাজনৈতিক সচেতনতা, সক্ৰিয়তা, সংগঠনিক প্ৰতিবাদ প্ৰতিৰোধ গঢ় দিছিল। প্ৰান্তীয়জনৰ কণ্ঠদান কৰি তেওঁলোকৰ উদ্বেগ আৰু অভিযোগসমূহৰ সমাধানৰ সূত্ৰ নিৰ্মাণৰ সংগ্ৰামক বিকশাই তুলি সেই বিষয়সমূহ বহল দৰ্শকৰ বাবে দৃশ্যমান কৰি তুলিছিল। গড্ডাৰৰ গীত সামাজিক ন্যায়ৰ বাবে যুঁজ দিয়াসকলৰ বাবে আশা আৰু প্ৰেৰণাৰ স্থল। এই গীতবোৰে মানুহক সোঁৱৰাই দিয়ে যে পৰিৱৰ্তন সম্ভৱ আৰু সামূহিক কাৰ্য্যই ইতিবাচক পৰিৱৰ্তন আনিব পাৰে।

এই মহান বিপ্লৱী শিল্পীলৈ ‘মুক্ত চিন্তা’ গণমঞ্চৰ পৰা শেষ সংগ্ৰামী অভিবাদন জনালোঁ।

 তথ্য সূত্ৰ :

১.  My life is a song , by Vasanth Kannabiran
২. Gaddar , The Revolutionary Balladeer is no more. By Vidya Bhushan Rawat
৩. Gaddar, who symbolised revolutionary politics, leaves behind questions on social transformation. By Ajay Gudavarthy
৪. Cultural icon of Telangana, Gaddar’s influence on masses, his poetry and ideological clarity .by  Vidya Bhushan Rawat.
৫.Gaddar Was the Ultimate Expression of Humility, Tenacity and Determination.by Ravi Kanth Devarakonda
৬. Wikipedia
৭. ফটো সমূহ ইণ্টাৰনেটৰ বিভিন্ন ৱেবচাইটৰ পৰা সংগ্ৰহ কৰা হৈছে।

গড্ডাৰৰ কেইটিমান পৰিবেশন-

১) https://youtu.be/UQFav3cfJ4s?si=LttLKUYHni3-Cy4l

 ২)  https://youtu.be/2Kk_uzlDsFw?si=Gq3QpiJ71jXs51ee

৩) https://youtu.be/qodkK-Yy9Yc?si=pVodo6dx2iYp073i

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *