নিবন্ধশিল্প-কলা-সংস্কৃতি

গীতৰ পুনৰগায়ন আৰু অসমীয়া সংগীত জগতৰ ভৱিষ্যৎ উত্তৰাধিকাৰৰ প্ৰশ্ন (প্ৰাগজ্যোতি গগৈ)

পুৰণি অসমীয়া গীতৰ পুনৰগায়ন/ নৱৰূপায়ণৰ ক্ষেত্ৰত পাতিবলগা বহু কথাই থাকে। এই লেখাটিত তেনে আনুষংগিক দিশসমূহ সাঙুৰি নিজা সাধ্যানুসাৰে কিছুকথা আলচিবৰ চেষ্টা কৰা হৈছে। এই লেখাটিক পৰীক্ষামূলক ধৰণৰ এক প্ৰচেষ্টা বুলি ধৰি ল’লেই ভাল পাম।

মূল আলোচনালৈ যোৱাৰ আগতে আমি প্ৰথম বিশ্ব সাংগীতিক ক্ষেত্ৰখনত পুৰণি গীতৰ নৱনিৰ্মাণ কিম্বা পুনৰগায়নৰ কেতবোৰ উদাহৰণ চালিজাৰি চাব পাৰোঁ‌–

আমেৰিকান সংগীতজ্ঞ Woody Guthrie ৰ এটা বিখ্যাত গান, This land is your land. একেটা গানৰেই  Pete Seeger – ৰৰো version এটা আছে।  সুৰটো একেই যদিও দুয়োটাৰে সোৱাদটো ভিন্ন। এই সোৱাদৰ ভিন্নতাখিনি হ’ল দুয়োজন গায়কৰ নিজস্বতা।

Pete Seeger – ৰ এটা গান where have all flowers gone। একেটা গানেই আকৌ Joan Baez য়ে নিজস্বতা বজাই পৰিৱেশন কৰিছে। সুৰটো একেই আছে, কিন্তু Joan ৰ কণ্ঠত অপেৰেটিক সোৱাদ এটা আহিছে, এই সোৱাদটোৱেই Joan ৰ বিশেষত্ব অনুৰূপে সেই ভাৰ্জনটোৰো।

Hedy west ৰ এটা গান Five Hundred Miles। একেটা গানেই Joan Baez -ৰ ভাৰ্জনটোৰ সুৰটো অলপ বেলেগ। পৰৱৰ্তী বা সমসাময়িক যিসকলে গানটো পৰিৱশন কৰিছে তেওঁ‌বিলাকে জোৱানৰ সুৰ ধৰিয়েই পৰিৱেশন কৰে। এই উদাহৰণটোৰ পৰা আমি সুৰৰ সালসলনিৰ দিশটো পালো। Oscar Hammerstein II ৰ এটা বিখ্যাত গান Ol’ Man River। পল ৰবছনে এই গানটো বিভিন্ন সময়ত, আনকি গানৰ কথাংশই সালসলনি কৰি পৰিৱেশন কৰিছিল। এইখিনিতে আমি গীতৰ কথাংশও সলনি কৰিব পৰা নিদৰ্শনটো পালো। ইয়াতে আকৌ এটা কথা থাকিব। সেই নিৰ্দিষ্ট গানটো ৰবছনৰ মুখত শুনি শুনি আমাৰ এনে নালাগেই যে গানটো ৰবছনৰ নহয়। আৰু গীতৰ কথাংশৰ সলনি কৰিব পৰা অধিকাৰখিনি ৰবছনৰ সংগীত জগতৰ প্ৰতি থকা অৱদানৰ পৰাই তেখেতে পাইছে। ইয়াত এই কথাটো মনকৰিবলগীয়া।

গানৰ কথাংশৰ সালসলনিৰ আন এটা গান হ’ল, ডিলানৰ Hard Rains A Gonna Fall। লোককবিতাৰ আৰ্হিত নিৰ্মিত এই গানটোৰ দ্বিতীয় শাৰীটো সলাই  তেওঁ‌ Darling Young One কৰিছিল। সেই একেটা গানৰেই আকৌ ৰক ভাৰ্জন এটাও আছে।

Willie Dixon ৰ এটা ব্লুজধৰ্মী গীত, I can’t quit you baby।  একেটাই গান Otis Rush য়েও পৰিৱেশন কৰিছে নিজা ষ্টাইলত। একেটা গানৰেই আকৌ Led Zeppelin – ৰ ভাৰ্জন এটাও আছে।

Dylan ৰ আন এটা গান, Knocking On Heavens  Door।  এই গানটোৰ Guns N’ Roses ৰ ভাৰ্জন এটাও আছে অলপ ৰকসু‌ৰীয়া। ডিলানৰ ভাৰ্জনটোতকৈ এইটো অলপ বেলেগ। Guns N’ Roses – ৰ ভাৰ্জনটোত অলপ পাংকসুৰীয়া ঠাচ এটা আছে। যিটো Guns & Roses – ৰ বিশেষত্ব।

Modern Chicago Blues – ৰ জনকৰূপে গণ্য কৰা Muddy Water – ৰ এটা ব্লুজধৰ্মী গান, My Home is in the Delta। একেটাই গান Buddy Guy য়ে পৰিৱেশন কৰিছে নিজা ষ্টাইলত। সুৰটো একেই আছে। ইনচট্ৰুমেণ্টেলখিনি অলপ সালসলনি হৈছে।  দুয়োটা গানৰে সোৱাদ ভিন্ন।

ইংলিছ ৰকবেণ্ড The Rolling Stones ৰ এটা গান, Sympathy for the Devil, একেটা গানেই কভাৰ(cover) কৰিছে Ozzy Osbourneয়ে। একেটাই গানৰ Motorheadৰ ভাৰ্জন এটাও আছে। কেউটাৰে সো‌ৱাদ আৰু মেজাজ ভিন্ন।

এনেকুৱা পুনৰগায়নৰ অলেখ অজস্ৰ উদাহৰণ আছে। ভাৰতীয় সংগীতৰ ক্ষেত্ৰতো এনে নিদৰ্শন দেধাৰ আছে।

আমীৰ খুশ্ৰুৱে লিখা আৰু পাছলৈ বুল্লে শ্বাহে পুনঃ সম্পাদন কৰা “দমা দম মস্তকলণ্ডৰ”  নামৰ কাৱালীধৰ্মী গানটোৰ নুৰ জেহানৰ ভাৰ্জন এটা আছে। নুচৰত ফাতেহ আলী খানৰ ভাৰ্জন এটাও আছে। একেটাই গানৰ আবিদা পাৰবিনৰ ভাৰ্জন এটা আছে। ৰুণা লাইলাৰ ভাৰ্জনো আছে। আৰু অলেখ অজস্ৰ ভাৰ্জন আছে বিভিন্ন সুৰৰ বিভিন্ন মেজাজৰ।

একেই আমীৰ খুশ্ৰুৱেই লিখা গীত “চাপ তিলক”টো বিভিন্ন সময়ত বিভিন্ন গায়কে নিজা নিজা ষ্টাইলত সু‌কীয়া সুকীয়াকৈ পৰিৱেশন কৰি আহিছে।

ওস্তাদ বড়ে গোলাম আলীৰ কণ্ঠত জনপ্ৰিয় হোৱা “কা কৰু সজনী আয়েনা বালম” নামৰ গানটোৰ বলিউডী ভাৰ্জন এটাও আছে য়েচুদাসৰ কণ্ঠৰ। এই দুয়োটাৰে লিৰিকচটো কিন্তু সু‌কীয়া। বলীউডৰটো তুলনামূলকভাৱে বড়ে গোলামৰ ভাৰ্জনটোতকৈ পাতলসু‌ৰীয়া। ৰাগ আৰু স্বৰগমৰ খেলটো ইয়াত তেনেকৈ নাই।

একেজন গায়কৰে একেটা গান কেতিয়াবা ষ্টুডিঅ’ত পৰিৱেশনো বেলেগ ধৰণৰ হ’ব পাৰে আৰু ষ্টেজ পাৰফৰ্মেঞ্চৰ বেলিকাও বেলেগ হ’ব পাৰে। এইখিনিতে এটা কথা আহিব, এইযে গানৰ সুৰ কিম্বা কথাংশৰ সালসলনিৰ কথাটো আহিল এই কামটো সদায়েই উত্তম বুলি পৰিগণিত নহ’বও পাৰে। সদায়েই উত্তম হ’ব লাগিবই বুলিও কোনো হয়তো কথা নাথাকিব পাৰে। এইটো একধৰণৰ এক্সপেৰিমেণ্ট হিচাপেও ল’ব পৰা যায় হয়তো, কিন্তু ইয়াতে আকৌ এটা প্ৰশ্নৰ সংযোজন হ’ব পাৰে যে এটা পুৰণি গানৰ লিৰিকচৰ সালসলনিৰ প্ৰসংগটো কেনেধৰণৰ হয়? এইখিনিতে আমি পল ৰবচনৰ অল্ড মেন ৰিভাৰ নামৰ গানটোৰ প্ৰসংগ টানি আনিব পাৰোঁ‌। গানটো ৰবছনৰ নাছিল। কিন্তু তেখেতৰ কণ্ঠত গানটো শুনি শুনি এনে নালাগেই যে গানটো তেওঁ‌ৰ নিজা নহয়। তেখেতে সেই গানৰ আত্মিক সত্তাটো বুজি গানটোক নিজৰ কৰি লৈছিল। সেই সূত্ৰেই সেই অধিকাৰখিনি গানটোৱে তেওঁ‌ক দিছিল। তেওঁ‌বিলাক হ’ল সংগীতৰ মহান সাধক।

গানৰ একোটা নিজস্ব শৰীৰ থাকে। এক আত্মিক ধৰণৰ অৱস্থিতি থাকে। যুগজয়ী গান এটাক পুনৰগায়ন/ নৱৰূপায়ণৰ ৰূপদি একোটা কভাৰ ভাৰ্জন কৰোঁতে এই কথাটো মন দিয়া নিতান্তই উচিত বুলি ভাৱোঁ‌ যাতে গানটোৰ সেই শৰীৰী সত্তা কিম্বা আত্মিক ৰূপটো হেৰাই নাযায়। পুৰণি গান এটাৰ নৱনিৰ্মাণৰ বেলিকা বহুতো কথা আহিব পাৰে। গায়কজনৰ দক্ষতাৰ কথা আহিব প্ৰথম। সাংগীতিক জগতত তেখেতৰ অৱদানৰ কথা আহিব। এই অৱদান বোলোতে আকৌ মন কৰিবলগীয়া কথাটো হ’ল সংগীতক লৈ তেওঁ‌ আচলতে কিমান দায়ৱদ্ধ? তেওঁ‌ অকল পপুলাৰেই (যদি পপুলাৰ গায়ক হয়) নে? নে তেওঁ‌ প্ৰকৃততেই এজন সংগীত সাধক। এজন প্ৰকৃত সংগীত সাধক নহ’লে পুনৰনিৰ্মাণৰ কামটো যথাযথ হৈ নুঠে। এইখিনিৰ উপৰঞ্চি আমাৰ বোধেৰে জনাৰগত বৈশিষ্টবোৰেও ইয়াত কাম কৰে বা কৰাৰ থল আছে (অৱশ্যে এই কথাখিনি অসমীয়া গানৰ পুনৰগায়নৰ ক্ষেত্ৰত পাতিবলৈ অসুবিধা। অসুবিধা এইবাবেই যে অসমীয়াত পুনৰগায়নৰ তেনে কোনো উৎকৃষ্ট উদাহৰণ নাই।) বেলেগ এটা জনাৰৰ কোনো সংগীতজ্ঞই বেলেগ এটা জনাৰৰ গান এটা পৰিৱেশন কৰিলেও কেতবোৰ বেমেজালি দেখা যায়। এই জনাৰৰ বৈশিষ্ট্যগত পাৰ্থক্যৰ কথাটো আগত ৰাখি আমি এনেকৈ ভাৱিব পাৰোঁ নেকি যে সিজনাই তেন্তে সেই কামটো কিয় কৰিলে? মানে এটা বেলেগ জনাৰৰ মানুহ হৈ আন এটা জনাৰৰ গান এটা পুনৰনিৰ্মাণৰ বাবে কিয় বাছি ল’লে? তেতিয়া পুৰণি গায়কজনৰ প্ৰতি তেওঁ‌ৰ শ্ৰদ্ধাৰ কথাটো আহিব পাৰে। তেওঁ‌ৰ পুৰণিজনৰ প্ৰতি থকা শ্ৰদ্ধা, সন্মান কিম্বা ভক্তিৰ বাবেই হয়তো কামটোৱে তেওঁ‌ক প্ৰৰোচিত কৰিলে বা কামটোৰ প্ৰতি তেখেত আগ্ৰহী হ’ল। এইখিনিতে আকৌ দুটা কথা আহিল, শ্ৰদ্ধা আৰু ভক্তি। শ্ৰদ্ধাটো বাৰু থাকিবই, থকাটোৱেই বাঞ্ছনীয়, কিন্তু ভক্তিৰ কথাটোত অলপমান বেমেজালিয়ে দেখা দিব পাৰে। যদি তেখেতে পুৰণি গায়কজনাৰ গানৰ আত্মিক সত্তাটো উপলব্ধি কৰিব নোৱাৰি, গানৰ গূঢ়াৰ্থ বুজিব নোৱাৰাকৈয়ে পুৰণিজনৰ প্ৰতি থকা অপৰিসীম ভক্তিৰ বাবে যদি গান এটাক ৰিমেক বা নৱনিৰ্মাণৰ বাবে বাছি লয় তেন্তে সি নিতান্তই এক অবিবেচক ধৰণৰ কাৰবাৰ হ’ব (এয়া হয়তো নহয়, হোৱাটোও নিবিচাৰোঁ‌, এক সম্ভাৱনীয় দিশৰ কথাহে উনুকিয়ালোঁ।)

গানৰ যি শৰীৰ আৰু আত্মিক ধৰণৰ অৱস্থিতি, সেইখিনি উপলব্ধি কৰিব নোৱৰাকৈ, গান এটাৰ ভিতৰখিনিলৈ যাব নোৱৰাকৈ, গানৰ কথাংশৰ প্ৰতিটো বস্তু খুটিনাটি মাৰি জানি নোলোৱাকৈ গান এটাৰ নৱৰূপায়ণৰ দিশে যাবই নোৱাৰি। কিন্তু এই সকলোবোৰ মৰ্মে মৰ্মে বুজি উঠিলেও এটা কথা অৱশ্যেই লাগিব সেইটো হৈছে প্ৰকৃত সংগীত সাধনা।

এইখিনিতে আৰু এটা কথা থাকিব পাৰে।

পুৰণি গান এটা গোৱাৰ ক্ষেত্ৰত হয়তো কেতবোৰ অসুবিধাৰ সন্মুখীন হয় গায়কসকলে। সেইটো হ’ল গানটো কেনেকৈ গাম? হয় নে নহয় আচলতে? এই প্ৰশ্নটোৱে মাজে মাজে খুন্দিয়ায় থাকে। চাবলৈ গ’লে এক সাধাৰণ কথা। গান এটা কেনেকৈ গাম, সেইটো এজন গায়কৰ বাবে সাধাৰণ কথা যেনেই। (এনেয়ে গান এটা পৰিৱেশন কৰাৰ কথা বেলেগ। কিন্তু পুনৰগায়নৰ ক্ষেত্ৰত এই অসুবিধাটো বোধহয় আহিব।) কিন্তু এইখিনিতে কিছুমান দিশ থাকিব পাৰে। পুৰণি গান এটা গাওঁতে এতিয়াৰ গায়কে পূৰ্বৰজনৰ কণ্ঠ অনুকৰণ কৰি গাব নেকি? যদি অনুকৰণ কৰে তেন্তে কিমানখিনি কৰিব আৰু কেনেধৰণেৰে কৰিব? এই অনুকৰণটো আকৌ যদি হুবহু একেই হৈ যায় তেতিয়া আকৌ সেই নিৰ্দিষ্ট গায়কজনৰ নিজস্বতাটো ক’ত থাকিব? আকৌ অনুকৰণৰ পৰা মুক্ত হৈ এক নিজস্ব শৈলীৰে গানটো যদি পুনৰনিৰ্মাণ কৰিবলৈ যায় তেন্তে গানটোৱে যদি পূৰ্বৰ ফিলিংছখিনি হেৰুৱাই পেলায় তেতিয়া কি হ’ব? পূৰ্বৰ গায়কজনৰ কণ্ঠ যদি গলগলীয়া হয় আৰু বৰ্তমানৰ জনৰ কণ্ঠ যদি অলপ পাতলীয়া ধৰণৰ হয় তেন্তে এইজনাই কোনটো ভকেল ধৰিব? যদি নিজৰ ভকেলেৰে গানটো গায় তেন্তে পূৰ্বৰ গলগলীয়া গাম্ভীৰ্যৰে ভৰা গান এটাৰ ফিলিংছখিনি হেৰাই যোৱাৰ ভয় থাকিব নেকি? পুৰণি গান এটা গোৱাৰ ক্ষেত্ৰত এইসমূহ মন কৰিবলগীয়া দিশ বুলি ভাৱোঁ‌।

এতিয়া এই নৱৰূপায়ণ কিম্বা পুনৰগায়নৰ কথাখিনি যদি আমি অসমীয়া সংগীতৰ ক্ষেত্ৰত চাবলৈ যাওঁ তেতিয়া পাতিবলৈ অলপ অসুবিধা। পুৰণি অসমীয়া গানবোৰৰ পুনৰগায়নৰ বিষয়টো অলপ স্পৰ্শকাতৰ। স্পৰ্শকাতৰ এইবাবেই যে অসমীয়া সংগীতৰ নৱৰূপায়ণৰ ক্ষেত্ৰত উৎকৃষ্ট উদাহৰণ তেনেকৈ নাই, তেনেকৈ মানে নায়েই। পুনৰগায়নৰ নামত বাদ্যযন্ত্ৰৰ প্ৰদূষণেৰে যিধৰণৰ ৰিমিক্স গান নিৰ্মিত হয় বা হ’ব ধৰিছে, গানৰ ৰুচিবোধ থকা কোনো ব্যক্তিৰ বাবে সেয়া মুঠেই হজম নোহোৱা বিধৰ। আৰু এইটো হোৱাটোৱেই স্বাভাৱিক। পুনৰগায়ন কি কাৰণে লাগে বুলিলে কেইবাটাও কথা আহি পৰে। পুৰণি গানৰ নৱনিৰ্মাণ কৰাটো এইবাবেই দৰকাৰী যেন লাগে যে পুৰণি গান এটাক বৰ্তমানৰ প্ৰেক্ষাপটৰে মিলাই নতুনকৈ চোৱাৰ কথাটো ইয়াত সোমাই থাকে। যদি কোনো এজন পুৰোধা ব্যক্তিৰ গানৰ নৱনিৰ্মাণ/পুনৰগায়ন হোৱা নাই তেন্তে সংগীত জগতৰ প্ৰতি সিজনাৰ অৱদানক উলাই কৰাৰ দৰেই কথা আমাৰ বোধেৰে। এইখিনিতে আকৌ এটা কথা আহিব পাৰে যে গান এটা পুৰণি হ’লে প্ৰাসংগিকতা হেৰুৱাই পেলায় নেকি? যিহেতুকে আমি নৱনিৰ্মান কিম্বা পুনৰগায়নৰ কথা পাতি আছোঁ। যুগজয়ী গানবোৰৰ ক্ষেত্ৰত প্ৰাসংগিকতা হেৰুৱাই পেলোৱাৰ প্ৰশ্নই নাহে আমাৰ বোধেৰে।

কিছুৱে হয়তো এইখিনিতে গান এটাক নৱনিৰ্মাণ বা পুনৰগায়নৰ বিৰোধিতা কৰিব পাৰে, কিন্তু ই একধৰণৰ গোড়ামিৰহে পৰিচায়ক হ’ব পাৰে। লগতে ইয়াত ভক্তিৰ গোন্ধটোও পোৱা যাব পাৰে। (এই ভক্তিৰ গোন্ধটোৰ কথাটো কি সেয়া বিচাৰৰ ভাৰ আপোনাসৱৰ হাতত এৰিলোঁ।)

এই কথাবোৰ চালিজাৰি অসমীয়া সংগীত জগতৰ বৰ্তমানৰ ৰেহ-ৰূপ বোৰ প্ৰত্যক্ষ কৰি পুনৰগায়নৰ দৰে কথাবোৰ একধৰণৰ বাতুলামী যেনহে লাগে। অসমীয়াত সফল পুনৰগায়নৰ উদাহৰণ নাই। সেয়ে অসমীয়া গানৰ ক্ষেত্ৰত পুনৰগায়ন নালাগে বা ইয়াৰ বিৰুদ্ধাচাৰণ কৰাটোৰ কাজেই যুক্তিযুক্ততা থকা যেনেই লাগে। জয়ন্ত, ভূপেনৰ গানৰ সফল পুনৰগায়ন কৰিব পৰাকৈ অসমৰ সাংগীতিক জগতত যোগ্য উত্তৰাধিকাৰীৰ অভাৱ।

Smule, starmaker ইত্যাদিত কিছুৱে গান এটা পৰিৱেশন কৰোঁ‌তে আমি কেতিয়াবা দেখিবলৈ পাওঁ যে কিছুৱে গানটোৰ শব্দ ভুলকৈ পৰিৱেশন কৰে। কেতিয়াবা এনেকুৱাও হয় যে গানৰ কথাখিনি আপলোড কৰাজনেই ভুলকৈ দিয়ে। লিৰিকচৰ এই বেমেজালিটো খুবেই বিৰক্তিকৰ। গান এটাৰ শব্দ ভুলকৈ গোৱাটো সহ্যৰ বাহিৰত। লিৰিকচৰ ভুলৰ কথাটো বাৰু বেলেগ কথা। কিন্তু সুৰৰ সালসলনিৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হ’ব পাৰে যে সেইটো কাম কৰিব পৰা নাযায় নেকি? এইক্ষেত্ৰত গানটোক আমি অলপ বেলেগ ষ্টাইলত পৰিৱেশন কৰিব পাৰি নেকি বুলি একধৰণৰ এক্সপেৰিমেণ্ট কৰিব পৰা নাযায় নেকি?

নহ’লে মূল সুৰটো একেই ৰাখি ঠায়ে ঠায়ে কিছু অংশত অলপ নিজা সংযোজন ( লিৰিকচৰ নহয়) কৰিব পৰা যায় নেকি? এই কথাখিনি পাতিবলৈ হ’লে আমি Hedy west – ৰ পূৰ্বতে কোৱা গানটোৰ প্ৰসংগ টানি আনিব পাৰোঁ‌। সুৰ সলনিৰ এক্সপেৰিমেণ্টটোৰ ক্ষেত্ৰত Hedy west ৰ Five Hundred miles টোৰ Joan Baez ৰ ভাৰ্জনটোৰ কথা টানি আনিব পাৰোঁ‌। পল ৰবচনৰ কথাটো টানি আনিব পাৰোঁ‌। তেখেতৰ অল্ড মেন ৰিভাৰৰ লিৰিকচৰ সালসলনিৰ কথাটো টানি আনিব পাৰোঁ‌। সেই মহান সংগীতজ্ঞসকলৰ সাংগীতিক প্ৰতিভাৰ দিশটো টানি আনিব পাৰোঁ‌। স্বাভাৱিকতে গান এটা গাবৰ বেলিকা গানটোৰ বেকগ্ৰাউণ্ড, গানটোৱে কি অৰ্থ বুজাইছে, গানটোৰ খুটি খুটিনাটি বুজি গানটোৰ সৈতে একাত্ম হ’ব নোৱাৰিলে, গানটোৰ ভিতৰলৈ সোমাব নোৱাৰিলে গান এটা ঠিকমতে পৰিৱেশন কৰাটো সম্ভৱপৰ হৈ নুঠে। সেইখিনিতে মূল গানটোক ফুল জাষ্টিছ দিব নোৱাৰে গায়কজনে। দুখৰ গান এটা পুনৰনিৰ্মাণ বা এনেয়ে গাবলৈ হ’লে সেই গানটোত থকা পূৰ্বৰ দুখখিনি ফুটি উঠাটো খুবেই জৰুৰী। আৰু এইক্ষেত্ৰত কণ্ঠৰ গভীৰতা কিম্বা ভকেল কোৱালিটিখিনিও বিবেচনাযোগ্য হ’ব। যিখিনিক আওকাণ কৰিব পৰা নাযায়। উচ্চাৰণৰ বেলিকাও বহু কথা আহিব। কিন্তু এই সকলোখিনিৰ বাবে আমাক লাগিব এজন প্ৰকৃত সংগীত সাধক। যিয়ে এই কামটো সূচাৰুৰূপে কৰিব পাৰে। বৰ্তমান অসমীয়া সংগীত জগতৰ ক্ষেত্ৰত, সংগীতজ্ঞসকলৰ ক্ষেত্ৰত কথাবোৰ এনেকুৱা যে ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ গানৰ বেলিকা গানটো যথাযথ গাব পৰাটোৱেই এক সাংঘাতিক ধৰণৰ কাম। কাৰণ এইবোৰ গানৰ কোনো এক্সপেৰিমেণ্ট কৰিব পৰাকৈ অসমীয়া সংগীত জগতত কোনো সুযোগ্য উত্তৰাধিকাৰীৰ অভাৱ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *