অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ(পঞ্চম সংখ্যা)

জিনৰ যোগেদি ৰোগৰ উত্তৰাধিকাৰ লাভ – ( ড০ খৰ্গেশ্বৰ ভূঞা)

যোৱা বছৰৰ জুলাই মাহত কলকতাৰ এখন চিকিৎসালয়ত এবিধ বেমাৰ চিনাক্তকৰণ কৰা হৈছিল। বেমাৰটোত ৰোগীৰ হাত-ভৰিত কঁপনি উঠে আৰু খোজকাঢ়িলেই ভাৰাসাম্য হেৰুৱায়। চিকিৎসক সকলে প্ৰথমে সেয়া পাৰ্কিনচন ৰোগ বুলি ভাৱিছিল যদিও পিছত তথ্যৰ পৰা জনা গ’ল ৰোগটো আচলতে ‘স্পাইন ছেৰিব্ৰেল এটাক্ৰিয়া’ আৰু ই এটা বিশেষ জিনৰ বাবে হয়। লক্ষণীয় কথাটো হ’ল চিকিৎসালয়ত সেই সময়ত থকা ১১০ জন তেনে ৰোগীৰ ভিতৰত ১০৯ জনেই হৈছে মাৰোৱাৰী সম্প্ৰদায়ৰ আৰু সকলোৰে উপাধি আগৰৱালা। ইয়াৰ পৰা সহজেই অনুমান কৰিব পাৰি যে এইটো এটা বংশগত ৰোগ।

জীৱৰ সকলো বৈশিষ্টি জিন বা ডি এন এ এই নিয়ন্ত্ৰণ কৰে। মানুহৰ শৰীৰত প্ৰায় তিনিশ  কোটি ডি এন এ থাকে, অৱশ্যে ইয়াৰে বেছি ভাগেই সক্ৰিয় নহয়। দহ শতাংশ বা তাতোকৈ কম হে সক্ৰিয়। মানুহৰ (বা আন জীৱৰ) একোটা বৈশিষ্ট্য (যেনে চকু নীলা হ’ব নে দহা হ’ব) এটা বা একাধিক ডি এন এ-ই নিয়ন্ত্ৰণ কৰিব পাৰে, ওলোটাকৈ  একেটা ডি এন এ -ই কে’বাটাও বৈশিষ্ট্য নিয়ন্ত্ৰণত অংশ ল’ব পাৰে। অৱশ্যে এই কথাবোৰ ইমান সৰলভাৱে ব্যাখ্যা কৰিব নোৱাৰি। যোৱাটো শতিকাৰ শেষৰ দশকতে থিৰ কৰা হৈছিল যে ১৫ বছৰৰ ভিতৰত হিউমেন জিনম প্ৰজেক্ট্ৰৰ দ্বাৰা তিনিশ কোটি  ডি এন এৰ কোনডালৰ কি ভূমিকা সেয়া নিৰ্ণয় কৰা হ’ব। প্ৰথম অৱস্থাত ভবা হৈছিল  যে ইমান বৃহৎ সংখ্যক জিনৰ গতি-বিধি নিৰ্ণয় কৰাতো সীমিত সময়ৰ ভিতৰত অসম্ভৱ কাম। পিছে কম্পিউটাৰৰ অভাৱনীয় উন্নতিৰ ফলত ভবাতকৈয়ো কম সময়ৰ ভিতৰতে প্ৰকল্পটো সম্পূৰ্ণ হ’ল। ২০০৫ চনৰ আগতেই সম্পূৰ্ণ তিনিশ কোটি ডি এন এৰ নক্সা বিজ্ঞানীৰ হাতলৈ আহিল। জৈৱ বংশানুবিদসকলে ভালকৈয়ে জানে যে তেওঁলোকে অসাধ্য সাধন কৰিছে।

কোনবিধ জিনে কি শাৰীৰিক বিকৃতিৰ সৃষ্টি কৰে বা কি বেমাৰ আনে বা কি বৈশিষ্ট্যৰ গঢ় দিয়ে , সেই কথা হিউমেন জিনম প্ৰজেক্টৰ যোগেদি জনা হ’ল যদিও মানুহে সকলো বেমাৰ ভাল কৰিব পৰা হ’ল বা সকলো বৈশিষ্ট নিয়ন্ত্ৰণ কৰিব পৰা হ’ল – এই কথা নহয়। এজন অতি অভিজ্ঞ ডাক্তৰে কৈছিল, ‘আজিকালি লক্ষণৰ যোগেদি বেমাৰৰ চিনাক্তকৰণ, ৰোগ নিৰাময়ৰ বাবে দৰকাৰ হোৱা বিভিন্ন ঔষধৰ নাম, ঔষধৰ সংযুক্তি, ভাল আৰু বেয়া পাৰ্শ্বক্ৰিয়া আদিৰ বিষয়ে ইণ্টাৰনেটত পোৱা যায়, বহুতো ডাক্তৰে সেইবোৰ চায়েই বেমাৰৰ চিকিৎসা কৰিবলৈ লৈছে। কিন্তু কিতাপ বা নেটত থকা মতেই যদি বেমাৰ ভাল কৰিব পাৰি, তেন্তে তাৰ বাবে ডাক্তৰেই নালাগে, সাধাৰণ জ্ঞান চাই যিকোনোৱেই নেট চাই ডাক্তৰ হৈ যাব পাৰে। বাস্তৱত কথাটো শুদ্ধ নহয় বুলি সকলোৱেই জানে’। ইয়াৰ বহুতো কাৰণৰ ভিতৰত এটা হ’ল- প্ৰতিজন মানুহৰ শৰীৰতে বেমাৰৰ কাৰকে বিভিন্ন ধৰণে কাম কৰে, বিভিন্নজনৰ শীৰৰ ৰোগক বাধা দিব পৰা বা নোৱাৰাক লৈ বিভিন্ন হ’ব পাৰে।

জিন বা ডি এন এৰ ক্ষেত্ৰতো একে কথা। সাধাৰণতে ধৰি লোৱা হয় যে মানুহৰ (বা আন জীৱৰ) বিভিন্ন বৈশিষ্ট্য নিৰ্ভৰ কৰে দুটা কাৰকৰ ওপৰত- জিন, যিটো বংশানুক্ৰমে আহে আৰু আনটো হ’ল পৰিবেশ। পিছে কোনটো কাৰকৰ কাৰ ক্ষেত্ৰত কিমান প্ৰভাৱ সেয়া নিৰ্ণয় কৰাটো প্ৰায় অসম্ভৱ। জিনৰ প্ৰভাৱত শান্ত স্বভাৱৰ হোৱা মানুহ এজনে কেতিয়াবা পৰিস্থিতিৰ তাড়নাত নৰহত্যাও কৰি পেলাব পাৰে। ওলোটাকৈ জিনৰ প্ৰভাৱত খঙাল হোৱা মানুহ নিজ চেষ্টাৰে শান্ত হৈ যাব পাৰে।

যৌন প্ৰজননৰ ক্ষেত্ৰত পুৰুষ আৰু স্ত্ৰীৰ যোগেদি বিভিন্ন বৈশিষ্ট্যৰ জিন সন্তানৰ শৰীৰলৈ উত্তৰাধিকাৰসূত্ৰে আহে, ইয়াৰে এবিধ জিনে (পুৰুষ বা স্ত্ৰীৰ পৰা অহা) বৈশিষ্ট্য গঢ় দিয়ে, আনবিধ জিন সুপ্ত হৈ থাকি যায়। এজন শ্বেতাংগ  পুৰুষে কৃষাংগ নাৰীক বিবাহ কৰিলে সন্তান বগা বা ক’লা হ’ব (বগা-ক’লাৰ মধ্যমীয়া ৰঙৰ নহব); যদি বগা হয়, ক’লা গুণটো সন্তানৰ দেহত সুপ্ত হৈ থাকি যাব আৰু পাছৰ প্ৰজন্মত কোনোবা সন্তান ক’লা বৰ্ণৰ হ’ব। সেয়েহে জিনৰ বৈশিষ্ট্যৰ যোগেদি উপৰি পুৰুষৰ চিনাক্তকৰণ কৰাটো সম্ভৱ। বেমাৰ সৃষ্টি কৰা জিন ব্যক্তিগৰাকীৰ বাবে অশুভ হ’লেও বিজ্ঞানীৰ বাবে এনে জিনৰ পথ পৰিক্ৰমা কৰাতো সহজ বাবে শুভ ফলদায়ক।

হিউমেন জিনম প্ৰকল্পৰ যোগেদি মানুহৰ জিনৰ গতি-প্ৰকৃতি জনা গ’লেও সেয়াই সৰ্বস্ব নোহোৱাৰ আন এটা কথা হ’ল জিনৰ উৎপৰিৱৰ্তন বা মিউটেচন, অৰ্থাৎ জিনৰ বৈশিষ্ট সলনি হৈ থাকে। এনে পৰিৱৰ্তন স্থায়ী হৈ গ’লেই নতুন জীৱৰ সৃষ্টি হয় আৰু পৃথিৱী জৈৱ বৈচিত্ৰৰে ভৰা হৈছে এইটো কাৰণেই। জিন সম্পৰ্কীয় ৰোগৰ পম খেদি বংশৰ ধাৰা নিৰ্ণয় কৰিব পাৰি। এই ক্ষেত্ৰত বংশগত ব্যাধি হিমোফিলিয়াৰ (তেজ গোট মৰাৰ ক্ষমতা নাইকিয়া হোৱা) উদাহৰণ ল’ব পাৰি। ৰাণী ভিক্টোৰিয়াৰ এই ব্যাধি আছিল, কিন্তু তেওঁৰ আগতে ব্ৰিটিছ পৰিয়ালৰ কাৰো দেহতেই এই ৰোগ থকাৰ প্ৰমাণ নাছিল। জিনৰ বিকৃতিৰ ফলত হোৱা এই ৰোগ আকস্মিক বুলিয়েই ধৰা হয়, অৰ্থাৎ যিটো জিনে এই বেমাৰৰ জন্ম দিয়ে,সেই জিনৰ পূৰ্বতে তেনে ক্ষমতা নাছিল। জিনবিধৰ নতুনকৈ হোৱা পৰিব্যক্তি বা উৎপৰিৱৰ্তনৰ ফলতহে তেনে ঘটনা ঘটিল, এই উৎপৰিৱৰ্তন ব্ৰিটিছ ৰাজপৰিয়ালৰ দেহত দুশমান বছৰৰ আগতেই হৈছিল। ধৰা হয় যে ভিক্টোৰিয়াৰ পিতৃ ডিউক অৱ কেণ্ট এডাৱাৰ্ডৰ ৰাজসিক অণ্ডকোষত এই পৰিব্যক্তি সম্পূৰ্ণ হৈছিল। একে ধৰণৰ কথা আগৰৱাল উপাধিৰ লোকসকলৰ বংশানুক্ৰমিক ব্যাধি স্পাইন ছেৰিবেলাৰ এটোক্সিয়াৰ ক্ষেত্ৰতো হ’ব পাৰে, অৰ্থাৎ এশমান বছৰৰ আগতে পৰিয়ালৰ কোনোবা ব্যক্তিৰ দেহত জিনৰ পৰিব্যক্তিৰ যোগেদি বেমাৰ সৃষ্টি কৰা জিনবিধে তেনে ক্ষমতা লাভ কৰিছিল।

হিমোফিলিয়াৰ বংশানু বা জিনৰ বাস হৈছে  X ক্ৰোমোজমৰ ওপৰত, অৰ্থাৎ ই হৈছে লিংগ-সংযুক্ত। হিমোফিলিয়াত আক্ৰান্ত হ’বলৈ হ’লে এজন পুৰুষে উত্তৰাধিকাৰী সূত্ৰে সেই জিনৰ এটা প্ৰতিলিপি লাভ কৰিব লাগিব, স্ত্ৰীৰ বাবে লাগে দুটা তেনে X ক্ৰোমোজমৰ। সেয়েহে স্বামী-স্ত্ৰীৰ দুয়োজনৰে গাত যদি হিমোফিলিয়া সৃষ্টি কৰা জিনবিধ থাকে, তেন্তে কন্যা সন্তানৰ এই ৰোগ হ’ব, আনহাতে স্ত্ৰী-পুৰুষ যিকোনো  এজনৰ এনে জিন থাকিলেই পুত্ৰ সন্তানৰ সেই ৰোগ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। অৰ্থাৎ হিমোফিলিয়া ৰোগত কন্যাতকৈ পুত্ৰ বেছি আক্ৰান্ত হয়। তিনি হেজাৰ বছৰৰ আগতেই ইহুদীসকলে এই তথ্য জানিছিল। ল’ৰাৰ চুন্নত বা লিংগত্বক ছেদন কৰাৰ সময়ত যদি বেছিকৈ তেজ ওলায়, তেন্তে সেই পিতৃ-মাতৃৰ পৰৱৰ্তী পুত্ৰসকলৰ লিংগত্বক ছেদন কৰিবলৈ নিদিছিল। উল্লেখযোগ্যভাৱে তেনেসকলৰ ভগ্নীৰ পুত্ৰৰ সেই সমস্যা হয়, তেওঁলোককো তেনে কৰিবলৈ দিয়া নহয়।

দৃশ্যমান ক্ৰিয়াৰ বাদেও হিমোফিলিয়াৰ ক্ষেত্ৰত বহুতো সুক্ষ্ম ক্ষতি হয়। তেনে শিশুৰ শৰীৰত ক’লা দীঘলীয়া দাগ পৰে, দেহৰ ভিতৰতো ৰক্তপাত হ’ব পাৰে, ফলত অস্থি-সন্ধিৰ ক্ষতি হৈ শিশুৰ মৃত্যু হ’ব পাৰে। কিছু বছৰৰ আগলৈকে এনে শিশুৰ নিৰ্ঘাত মৃত্যু হৈছিল, আজিকালি ৰোগৰ হাৰ কমিল।

ৰাণী ভিক্টোৰিয়াৰ নাতি-নাতিনীৰ কে’বাজনৰো এই ৰোগ হৈছিল। লিওপোল্ড নামেৰে তেওঁৰ এজন পুত্ৰ হৈছিল ৰোগ বিধৰ চিকাৰ। ৰাজপৰিয়ালৰ ইতিহাসৰ পৰা দেখা যায় যে বিয়েট্ৰিছ আৰু এলিচ নামৰ তেওঁৰ দুগৰাকী কন্যা এই ৰোগৰ বাহিকা আছিল। ৰাণীয়ে নিজেও কৈছিল- ‘আমাৰ দুখী পৰিয়ালৰ ওপৰত এই ৰোগে অত্যাচাৰ কৰিছে যেন লাগে। মই জনাত ইয়াতকৈ বেয়া ৰোগ আৰু নাই’। তেওঁৰ স্পেনীয় বংশধৰ ল’ৰাহঁতৰ গাত ক’লা দাগ পৰাৰ ভয়ত ৰাজকীয় উদ্যানৰ গছবোৰ ঢাকি ৰখা হৈছিল। এই ৰোগত ভোগাসকলৰ ভিতৰত  আছে ৰাছিয়াৰ জাৰ নিকোলাছ আৰু ভিক্টোৰিয়াৰ নাতিনী ৰাণী আলেকজান্দ্ৰাৰ পুত্ৰ এলেক্সিছ। হিমোফিলিয়া বংশানু ব্ৰিটিছ ৰাজপৰিয়ালৰ পৰা অদৃশ্য হোৱা বুলি ধৰা হ’লেও ৰাণী ভিক্টোৰিয়াৰ তিনিশমান জীৱিত বংশধৰৰ ভিতৰত এতিয়াও কেইজনমানৰ এই ৰোগ আছে। অনুমান কৰা হয় যে ব্ৰিটেইনত প্ৰতি পাঁচ হেজাৰ ভিতৰত এজনকৈ এনে ৰোগী আছে।

জনশ্ৰুতি মতে আন এজন ব্ৰিটিছ নৃপতি তৃতীয় জৰ্জে আন এক ধৰণৰ জিনৰ পৰিব্যক্তি (পৰিৱৰ্তিত ৰূপ) বহন কৰিছিল। পৰফাইৰিয়া বাহক জিনটোৱে মানসিক ৰোগৰ সৃষ্টি কৰে। তৃতীয় জৰ্জৰ উন্মাদ ৰোগৰ বাবে বোধহয় এই জিনেই দায়ী আছিল। আধুনিক কালত জনা যায় যে এই ৰোগ হ’লে প্ৰসাৱ ৰঙা-বেঙুণীয়া হয়। তৃতীয় জৰ্জৰ প্ৰসাৱো ‘পোৰ্ট ৱাইন’ৰ দৰে আছিল বুলি ৰাজপৰিয়ালৰ নথিত আছে।

হিমোফিলিয়াৰ ডি এন এ থকা আৰু নথকা পৰিয়ালৰ জিনৰ তুলনা কৰি দেখা গৈছে যে এই জিনৰ পৰিৱৰ্তন ঘটা বৰ জটিল, কাৰণ তেজ গোট মৰা প্ৰক্ৰিয়াটো কে’বাটাও স্তৰত বিভক্ত আৰু প্ৰ্তিটো স্তৰকেই বেলেগ বেলেগ জিনে নিয়ন্ত্ৰণ কৰে। এইবোৰ জিনৰ পৰিব্যক্তি ঘটিলে বেলেগ বেলেগ ধৰণৰ ( A, B ইত্যাদি, দায়ী জিন-ফেক্টৰ ৮, ৯, ৭ ইত্যাদি) হিমোফিলিয়া ৰোগ হয়। বংশানুবিদসকলে এইবোৰক লৈ কৰা গৱেষণাত বহুতো লক্ষণীয় পৰ্যবেক্ষণ আছে যদিও সদ্যহতে সেইবোৰ বাদ দিয়া হৈছে। হিমোফিলিয়া ৰোগ মাৰাত্মক যদিও এই ৰোগৰ জৰিয়তে ‘আণৱিক ঘড়ী ( একোটা জিনৰ পৰিৱৰ্তন হ’বলৈ  কিমান সময় লাগে তাৰ এক হিচাপ) প্ৰস্তুত কৰাতো সহজ। হিমোফিলিয়াৰ জিন থকা তেজ ৰক্তদানত ব্যৱহাৰ কৰিলে এই ৰোগ সংক্ৰ্মিত হোৱাৰ সম্ভাৱনা থাকে। আণৱিক ঘড়ীয়ে এইডছ বেমাৰৰ আৰম্ভণিৰ সময়ো নিৰ্দেশ কৰিব পাৰে।

বংশানুক্ৰমিকভাৱে প্ৰবাহিত হোৱা অজস্ৰ ৰোগৰ ভিতৰত হিমোফিলিয়া এটা সাধাৰণ উদাহৰণহে,  অৱশ্যে এই ৰোগৰ যোগেদি জিন তত্ত্বৰ বহুবোৰ কথা জনা গৈছে বাবে বেমাৰবিধ বংশানুবিদসকলৰ বাবে অতি আকৰ্ষণীয়। সি যি কি নহওক, আৰম্ভণিতে উল্লেখ কৰা জটিল ৰোগ স্পাইনা চেৰিবেলৰ এটাক্সিয়া (টাইপ- ১২) আপেক্ষিকভাবে বিৰল ৰোগ। ৰোগবিধ ৫০ বছৰ বয়সৰ আগতে ৰোগীৰ গাত ধৰাও নপৰে। কোনবিধ জিনে এই ৰোগৰ সৃষ্টি কৰে সেয়া জনা হ’লেও তাৰ বাবে সকলো লোকৰে ( বিশেষকৈ আগৰৱালসকলৰ) তেজ পৰীক্ষা কৰি থাকিব নোৱাৰি। বিজাণুৰ পৰা হোৱা ৰোগ বীজাণু ধ্বংসৰ ঔষধ দি , ভিটামিনৰ অভাৱ ঘটিলে সেইবোৰ যোগান ধৰি বা শাৰীৰিক বিকৃতি থাকিলে সেইবোৰ অস্ত্ৰোপচাৰৰ দ্বাৰা আঁতৰ কৰি সাধাৰণতে ৰোগ ভাল কৰা হয়। জিনৰ বিকৃতিৰ ক্ষেত্ৰত সেইবিধ আঁতৰাই দিব তাত্ত্বিকভাৱে পাৰিলেও ব্যৱহাৰিকভাৱে কঠিন। তদুপৰি এবিধ জিনৰ অন্য কামো থাকিব পাৰে। এইবোৰ বিষয়ত অৱশ্যে আণৱিক বিজ্ঞানে যথেষ্ট অগ্ৰগতি লাভ কৰিছে।

আগতেই কোৱা হৈছে যে বেমাৰ সৃষ্টি কৰা এবিধ জিন পুৰুষ-স্ত্ৰী দুয়োজনৰ দেহত থাকিলে সন্তানৰ গালৈ সেই জিন প্ৰৱাহিত হৈ বেমাৰৰ সৃষ্টি কৰাৰ সম্ভাৱনা প্ৰৱল। আনহাতে, কেৱল পুৰুষ বা স্ত্ৰীৰ দেহতহে সেই জিন থাকিলে বেমাৰবিধ হোৱাৰ সম্ভাৱনা বহুখিনি কমি যায়। কাৰণ সাধাৰণতে সুস্থ জিনে অসুস্থ জিনক দমাই ৰখাৰ সম্ভাৱনা বেছি হয়। পাৰ্কিন্সন ৰোগসদৃশ আগৰৱালা সকলৰ দেহত ৰোগবিধৰ ক্ষেত্ৰতো ডাক্তৰে কৈছে যে নিজৰ সম্প্ৰদায়ৰ মাজত বিবাহ হোৱাৰ বাবে ৰোগবিধ বাৰে বাৰে হৈছে। আগৰৱালাৰ কোনোৱা উপৰি পুৰুষৰ দেহত পৰিব্যক্তিৰ যোগেদি কঁপনি বেমাৰ সৃষ্টি কৰা জিনৰ উদ্ভৱ হৈছিল আৰু জিনবিধ সন্তান-সন্ততিৰ গালৈ প্ৰবাহিত হৈছিল। ইয়াৰ ফলত প্ৰায় সকলো আগৰৱাল উপাধিৰ ল’ৰা-ছোৱালীৰ দেহত জিনবিধ সোমাই আছিল। একে বংশৰ ল’ৰা-ছোৱালীৰ মাজত বিয়া হোৱাৰ বাবে স্বামী-স্ত্ৰী দুয়োৰে দেহৰ ৰোগী জিনবিধ সন্তানৰ দেহলৈ গৈ বেমাৰৰ আত্মপ্ৰকাশ  ঘটালে, কাৰণ এই জিনক দমাই ৰাখিবলৈ একে ধৰণৰ কোনো সুস্থ জিন নাছিল।

ভাই-ভনীৰ মাজত বিবাহ নিষিদ্ধ হোৱাটো ভাৰতত প্ৰায় প্ৰাচীন কালৰে পৰা চলি আহিছে। ঋকবেদৰ যম-যমী সংবাদ (দশম মণ্ডলৰ দশম সুক্ত)ত যমীয়ে ভ্ৰাতৃ যমৰ লগত সংগম প্ৰাৰ্থনা কৰিছে, কিন্তু যমে এনে মিলন নিষিদ্ধ বুলি সুক্তটোত বুজনি দিছে।  পাছৰ কালতো হিন্দু সমাজত তেজৰ মিল থকা ল’ৰা-ছোৱালীৰ মাজত বিয়া নহয়।  নাৰীৰ ক্ষেত্ৰত সাত পুৰুষলৈ আৰু পুৰুষৰ ক্ষেত্ৰত ন পুৰুষলৈ বিবাহ নহয়। সেইদৰে ব্ৰাহ্মণৰ ক্ষেত্ৰত একে গোত্ৰত বিয়া নহয়, গোত্ৰ মানে বংশ, অৰ্থাৎ এওঁলোকৰ ক্ষেত্ৰত যিমানটা প্ৰজন্মই নহওক একে বংশত বিয়া হোৱাত বাধা আছে। অৰুণাচলৰ কিছুমান জনগোষ্ঠীয়ে এই বাধা মানি চলে। আদি জনগোষ্ঠীত একে উপাধি হ’লেতো ল’ৰা-ছোৱালীৰ মাজত বিয়া নহয়েই, বেলেগ বেলেগ উপাধি কিছুমানৰ মাজতো বিবাহ নিষিদ্ধ। ওলোটাকৈ ইচলামৰ ক্ষেত্ৰত আৰু দাক্ষিণাত্যৰ কেৰেলা, তামিলনাডু আদিতো মোমাই-ভাগিন বা তেনে ওচৰ সম্বন্ধৰ মাজতো বিয়া হয়। আগৰৱালাসকলৰ ক্ষেত্ৰতো নিজ সম্প্ৰদায়ৰ মাজত বিয়া হোৱাৰ পৰম্পৰা আছে বুলি জনা যায়।

উত্তৰাধিকাৰৰ সূত্ৰে জিনৰ যোগেদি ভাল গুণ, বেয়া গুণ, বেমাৰ আদি প্ৰৱাহিত হোৱাৰ ধাৰণা তেনেই আধুনিক; পূৰ্বতে  তেজৰ যোগেদিয়েই সকলোবোৰ প্ৰৱাহিত হোৱা বুলি ধৰা হৈছিল, সেয়েহে ‘তেজৰ সম্পৰ্ক’ আছিল গুৰুত্বপূৰ্ণ। 

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *