নিবন্ধবিজ্ঞান-প্ৰযুক্তি

হাতীপটি তাৰকাৰাজ্যৰ আটাইতকৈ বেগী তৰাটো-(পঙ্কজ বৰুৱা)

বিশ্বব্ৰহ্মাণ্ডৰ বুকুত অযুত ৰহস্য লুকাই আছে আৰু নিতৌ নতুন নতুন ৰহস্যৰ তথ্য উদ্ঘাটন কৰি আছে বৈজ্ঞানিকসকলে৷ আমাৰ তাৰকাৰাজ্যত এনে এক তৰা আৱিষ্কাৰ কৰিছে যাৰ পৰিভ্ৰমণ গতিৰ কথা জানিলে আচৰিত হ’ব৷ নক্ষত্ৰটোৰ গতি প্ৰতি ছেকেণ্ডত ২৪০০০ কিঃমিঃ অৰ্থাৎ, প্ৰতি মিনিটত ১৪ লাখ ৪০ হাজাৰ কিঃমিঃ বেগেৰে গতি কৰিব পাৰে৷ আমাৰ বিশ্বব্ৰহ্মাণ্ডখন প্ৰায় ২০০ কোটি আলোকবৰ্ষ যোৰা এক বিশাল খালী ঠাইৰে পৰিপূৰ্ণ। যাক ‘কেবিছি ৰিক্ত’ (KBC Void) বুলি কোৱা হয় আৰু ইয়াৰ মাজতে থকা হাতীপটি নামৰ তাৰকাৰাজ্যখনত, পৃথিৱী নামৰ ক্ষুদ্ৰ গ্ৰহটিতেই আমাৰ বাস৷ এতিয়ালৈকে আৱিষ্কাৰ হোৱা ব্ৰহ্মাণ্ডৰ আটাইতকৈ বিশাল খালী বা ৰিক্ত স্থানটোৱে হ’ল ‘কেবিছি ৰিক্ত’ ৷ ২০১৩ চনত Ryan Keenan, Amy Barger আৰু Lennox Cowie নামৰ তিনিজন বৈজ্ঞানিকে এই খালী স্থানৰ আৱিষ্কাৰ কৰিছিল। তেওঁলোকৰ নামানুসৰি এই খালী স্থানৰ নাম KBC ৰখা হয়৷ আপুনি জানি আচৰিত হ’ব যে এই খালী স্থানত মানে এতিয়ালৈকে আৱিষ্কাৰ হোৱা এই ‘কেবিছি’ নামৰ বিশাল ৰিক্তস্থানলৈ পৃথিৱীৰ পৰা দূৰত্ব হ’ল শূন্য কিঃমিঃ৷ আচৰিত লাগিছে নহয়নে? হয় এই দূৰত্ব শূন্য কিঃমিঃ। কাৰণ এই সুবিশাল ৰিক্ত স্থানতে আমাৰ হাতীপটি তাৰকা ৰাজ্য আমাৰ সৌৰজগত সূৰ্য্য, চন্দ্ৰ আৰু আমাৰ পৃথিৱীৰ অৱস্থান৷ আমাৰ হাতীপটি তাৰকাৰাজ্যখন আচলতে ‘কেবিছি’ নামৰ এই বিশাল ৰিক্তস্থানৰ কেন্দ্ৰৰ পৰা কেইহাজাৰমান আলোকবৰ্ষ দূৰৈতহে অৱস্থিত৷ ইয়াৰ অৰ্থ এইটোৱ যে আমি মানৱ জাতিও ব্ৰহ্মাণ্ডৰ এনে এক স্থানত আছোঁ। যাৰ নিজৰ তাৰকাৰাজ্যৰ সমষ্টিটোৰ বাদে বাকী সকলো দিশে কেৱল ৰিক্ততাই বিৰাজ কৰিছে ৷ ‘কেবিছি’ ৰিক্ত স্থানত থকা আমাৰ এই হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰত ”ছেজিটেৰিয়াছ-এ’ নামৰ এক বিশাল কৃষ্ণ গহ্বৰ আছে যি আমাৰ তাৰকাৰাজ্যৰ সকলোবোৰ গ্ৰহ, নক্ষত্ৰ, ধূমকেতু, উপগ্ৰহ, নীহাৰিকা, উল্কাকে আদি কৰি সকলোবোৰক নিজৰ প্ৰচণ্ড মধ্যাকৰ্ষণ বলৰ দ্বাৰা ধৰি ৰাখিছে যি দৰে আমাৰ সৌৰজগতৰ সূৰ্য্যই সকলো গ্ৰহ, বামন গ্ৰহ, ধূমকেতু আদিবোৰক ধৰি ৰাখিছে। আৰু এইবোৰে সূৰ্যক প্ৰদক্ষিণ কৰাৰ দৰেই হাতীপটি তাৰকাৰাজ্যত থকা সকলো পিণ্ডই এই বিশাল ‘ছেজিটেৰিয়াছ-এ’ নামৰ কৃষ্ণ গহ্বৰটোক প্ৰদক্ষিণ কৰি আছে৷ আমাৰ হাতীপতি তাৰকাৰাজ্যৰ কেন্দ্ৰ ভাগক ‘ছেজিটেৰিয়াছ তৰকাপুঞ্জ’ (Sagittarius Constellation on) বোলা হয় আৰু ইয়াতে এক বিশাল তৰা “ছেজিটেৰিয়াছ-এ” অৱস্থিত। যি এটা বৃহৎ আকাৰৰ ক’লা দানৱ যাক কৃষ্ণগহ্বৰ বোলা হয়, ইয়াৰ পৰিসীমা প্ৰায় ৪ কোটি ৪০ লাখ কিঃমিঃ৷ আমাৰ সৌৰজগত হাতীপটি তাৰকাৰাজ্য ‘অৰিয়ন চাইগনাচ’ বাহুত অৱস্থিত৷ আমাৰ সূৰ্যই প্ৰতি ছেকেণ্ডত ২৩০ কিঃমিঃ বেগেৰে হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰক পৰিক্ৰমা কৰি আছে আৰু সূৰ্যক এবাৰ এই পৰিক্ৰমা সম্পূৰ্ণ কৰিবলৈ প্ৰায় ২৪ কোটি বছৰ লাগে৷ হাতীপটি তাৰকাৰাজ্যখনৰ প্ৰতিটো বস্তু প্ৰতি ছেকেণ্ডত ৬০০ কিঃমিঃ বেগেৰে আগুৱাই আছে এই হিচাপত আমি প্ৰতি ঘন্টাত প্ৰায় ২১ লাখ ৬০ হাজাৰ কিঃমিঃ আগবাঢ়ি গৈ আছোঁ। ৰাতিৰ আকাশত উত্তৰা দক্ষিণাকৈ এটা বহল আলিবাটৰ দৰে ছাটি থকা বগা তৰাৰ জাক ৰূপে দেখা যায় ৷ প্ৰাচীন গ্ৰীক কাহিনী মতে দেৱাধিপতি জিউছৰ পত্নী হেৰাৰ দুগ্ধধাৰৰ পৰা গাখীৰ পৰি আকাশত এটা বগা বাট হৈছিল, গাখীৰৰ বাট বাবেই তাৰ আন এটা নাম হ’ল ‘মিল্কি ৱে’৷ এই তাৰকা ৰাজ্য মাজডোখৰ বহল আৰু দুই মূৰ ক্ৰমান্বয়ে সৰু হৈ চেপেটা কাঁহীখনৰ দৰে ইয়াৰ ব্যাস প্ৰায় ১.৪০ লাখ আলোকবৰ্ষ ৷ হাতীপটি তাৰকা ৰাজ্যৰ জন্ম আজিৰ পৰা প্ৰায় ১৩শ কোটি বছৰৰ আগত হৈছিল ৷ সংস্কৃত শাস্ত্ৰত হাতীপটি তাৰকাৰাজ্যক স্বৰ্গৰ পবিত্ৰ নদী বুলি আখ্যা দিছে ৷ বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ বস্তুৱে গতিশীল, তাৰে কিছুমানৰ গতি কম কিছুমানৰ অতি বেছি ৷ অলপতে বৈজ্ঞানিকসকলে আমাৰ হাতীপটী তাৰকাৰাজ্যৰ ‘ছেজিটেৰিয়াছ-এ’ কৃষ্ণ গহ্বৰক নিচেই কাষেৰে পৰিভ্ৰমণ কৰা এটা তৰা আৱিষ্কাৰ কৰে যি এতিয়ালৈকে আৱিষ্কাৰ হোৱা সকলোবোৰ মহাকাৰ্ষীয় পিণ্ডতকৈ দ্ৰুতবেগী৷ আমাৰ সূৰ্য্যতকৈ ৪০ লাখগুণ বেছি ভৰযুক্ত বিশাল ‘ছেজিটেৰিয়াছ-এ’ কৃষ্ণগহ্বৰক এবাৰ প্ৰদক্ষিণ কৰিবলৈ সময় লাগে ২৪ কোটি বছৰ আনহাতে এই নতুন আৱিস্কৃত নক্ষত্ৰটোক সময় লাগে মাত্ৰ ১০ বছৰ ৷ নতুন কৈ আৱিষ্কাৰ হোৱা এই তৰাৰ নাম ৰখা হয় S62 ৷ এই তৰাই পোহৰৰ গতিৰ ৮% বেগেৰে গতি কৰে৷ S62 নক্ষত্ৰৰ গতিৰ ব্যাখ্যা কেপলাৰৰ গতি সুত্ৰ বা নিউটনৰ মধ্যাকৰ্ষণ সুত্ৰৰ দ্বাৰা সম্ভৱ নহয় ইয়াৰ ব্যাখ্যা আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ দ্বাৰাহে দিব পাৰি ৷ S62 নক্ষত্ৰৰ আৱিষ্কাৰৰ আগলৈকে ‘ছেজিটেৰিয়াছ’ কৃষ্ণগহ্বৰক পৰিক্ৰমা কৰা আটাইতকৈ ওচৰৰ নক্ষত্ৰ S2 বুলি ভবা হৈছিল যি প্ৰতি ১৬ বছৰত ‘ছেজিটেৰিয়াছ-এ’ক এবাৰ প্ৰদক্ষিণ কৰিছিল৷ ২০১৮ চনত S2 ‘ছেজিটেৰিয়াছ-এ’ কৃষ্ণগহ্বৰৰ আটাইতকৈ ওচৰত আছিল৷ ‘ছেজিটেৰিয়াছ-এ’ ক পৰিক্ৰমা কৰা নক্ষত্ৰবোৰৰ ভিতৰত সৰ্বাধিক অধ্যয়ন কৰা নক্ষত্ৰটোৱে হ’ল S2 ৷ ২০১৮ চনত S2 নক্ষত্ৰ ‘ছেজিটেৰিয়াছ-এ’ ৰ আটাইতকৈ ওচৰত থকাৰ সময়ত বৈজ্ঞানিকসকলে আপেক্ষিকতাবাদৰ এক প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰাৰ সুবিধা পায় যাক মহাকৰ্ষীয় ৰঙাসৰণ(Gravitational Redshift) বুলি কোৱা হয়৷ আমি যদি বল এটাক বতাহত ওপৰলৈ দলিয়াই দিওঁ ইয়াৰ গতি ক্ৰমান্বয়ে ধীৰ হৈ আহিব কিন্তু আমি যদি পোহৰক ওপৰলৈ যাব দিওঁ ইয়াৰ কিন্তু গতি ধীৰ নহয়। মধ্যাকৰ্ষণ বলে ইয়াৰ শক্তি কিন্তু কম কৰি দিব। যেতিয়া পোহৰে অধিক মধ্যাকৰ্ষণ বল সম্পন্ন কোনো বস্তুৰ পৰা বাহিৰলৈ ওলাই আহিব ধৰে তেতিয়া পোহৰৰ ফ’টন কণাৰ তৰংগদৈৰ্ঘ্যৰ বৰ্ণালী বিশ্লেষণত ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ্যৰ দিশে গতি কৰে৷ এই প্ৰভাৱক গৱেষণাগাৰত পৰীক্ষণ কৰি দেখা গৈছিল যদিও বাস্তৱ জীৱনত S2 নক্ষত্ৰই এই পৰিঘটনাক অৱলোকন কৰাৰ সুবিধা দিয়ে ২০১৮ চনত৷ যি দৰে ধাৰণা কৰা হৈছিল সেইদৰেই কৃষ্ণগহ্বৰৰ কাষ চপাৰ লগে লগেই S2 নক্ষত্ৰৰ পোহৰ ক্ৰমান্বয়ে ৰঙালৈ পৰিবৰ্তন হৈ পৰে ৷ S62 নক্ষত্ৰৰ ভৰ সূৰ্য্যৰ ভৰতকৈ দুগুণ আৰু ই প্ৰতি ১০ বছৰত ‘ছেজিটেৰিয়াছ-এ’ কৃষ্ণ গহ্বৰক এবাৰ প্ৰদক্ষিণ কৰে৷ কৃষ্ণ গহ্বৰটোৰ একেবাৰে কাষ চপাৰ সময়ত এই নক্ষত্ৰৰ পৰিভ্ৰমণ গতি পোহৰৰ গতিৰ ৮% পৰ্যন্ত পায়গৈ এই সময়তে সময়ৰ বিস্তাৰণৰ কথা আহি পৰে, মধ্যাকৰ্ষণ বা আপেক্ষিকতাবাদৰ নীতি অনুসৰি দুই ভিন্ন ঘড়ীয়ে ভিন্ন সময় দেখাব ৷ বৈজ্ঞানিক সকলৰ মতে S62 ত এঘণ্টা আমাৰ পৃথিৱীত ১০০ মিনিটৰ সমান হ’ব৷ ২০২২ চনত S62 ‘ছেজিটেৰিয়াছ-এ’ কৃষ্ণ গহ্বৰৰ আটাইতকৈ কাষ চাপিব সেই সময়তে পুনৰ আপেক্ষিকতাবাদৰ সুত্ৰক পুনৰ অৱলোকন কৰি সঠিকতাৰে ইয়াক নিৰূপণ কৰিব পাৰিব আৰু হয়টো বহু ন ন তথ্য পোহৰলৈ আহিব ৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *