বিজ্ঞান-প্ৰযুক্তি

জেমছ ৱেব মহাকাশ দূৰবীন হ’ব নেকি মানৱসৃষ্ট প্ৰথমটো ‘টাইম মেছিন’?-(ভাৰ্গৱ বৰঠাকুৰ)

বিশ্বব্ৰহ্মাণ্ডত আমাৰ সৃষ্টিৰ ৰহস্য কি? বিশ্বব্ৰহ্মাণ্ডখন কিয় সৃষ্টি হৈছিল? পৃথিৱীৰ দৰে জীৱ থকা গ্ৰহ বিশ্বব্ৰহ্মাণ্ড আৰু আছে নে? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিয়ে বিজ্ঞানীসকলে নিৰলস অধ্যয়ন চলাই আহিছে৷ এনে ধৰণৰ অধ্যয়নৰ বাবেই সময়ে সময়ে বিজ্ঞানীসকলক প্ৰয়োজন হৈছে নৱ্য নতুন বৈজ্ঞানিক যন্ত্ৰ-পাতি তথা নতুন প্ৰযুক্তিৰ৷ মহাকাশ বিজ্ঞানীসকলৰ অবিচিন্ন অংগ স্বৰূপ তেনে এক অত্যধুনিক প্ৰযুক্তিৰ নাম ‘হাবল স্পেচ টেলিস্কোপ’৷ বিগত ৩০ বছৰে বিশ্বব্ৰহ্মাণ্ডৰ সম্পৰ্কত ‘হাবল স্পেচ টেলিস্কোপ’ (Hubble space telescope) ৰ পৰা আমি বহু তথ্য জানিবলৈ সক্ষম হ’লো৷ ‘হাবল স্পেচ টেলিস্কোপ’-ৰ পৰাই বিজ্ঞানীসকলে আমাৰ দৃশ্যমান বিশ্বব্ৰহ্মাণ্ডৰ বয়স কিমান, আৰম্ভণিৰ বিশ্বব্ৰহ্মাণ্ডখন দেখাত কেনেকুৱা আছিল, আমাৰ সৌৰ জগতখন কেনেকৈ সৃষ্টি হৈছিল ইত্যাদি বহু গুৰুত্ব পূৰ্ণ তথ্যৰ সন্ধান কৰাত সফল হৈছে৷ নিশ্চিত ভাৱেই মানৱসৃষ্ট বৈজ্ঞানিক সঁজুলি সমূহৰ ভিতৰত অন্যতম চমৎকাৰী আৱিষ্কাৰ ‘হাবল স্পেচ টেলিস্কোপ’! কিন্তু বৰ্তমানেও এনেকুৱা কিছুমান প্ৰশ্ন আছে যাৰ উত্তৰ দিবলৈ ‘হাবল স্পেচ টেলিস্কোপ’ সক্ষম নহয়৷ যেনে – মহাবিশ্বৰ প্ৰথমটো তাৰকাৰাজ্য বা তৰাৰ সৃষ্টি কেনেকৈ হৈছিল, বিশ্বব্ৰহ্মাণ্ডখন উৎপত্তিৰ কিছু সময়ৰ পাছত দেখিবলৈ কেনেকুৱা আছিল, কৃষ্ণ পদাৰ্থ আৰু কৃষ্ণ শক্তি আচলতে কি? তথা ইয়াৰ ৰহস্য কি? এনেধৰণৰ বহু প্ৰশ্নৰ উত্তৰ সন্ধান কৰিবলৈ ‘হাবল স্পেচ টেলিস্কোপ’ তকৈ অধিক শক্তিশালী টেলিস্কোপৰ প্ৰয়োজন হ’ব৷ তদুপৰি আমাক এটা নতুন টেলিস্কোপ লাগে কাৰণ প্ৰত্যেক বস্তুৰে এটা নিৰ্দিষ্ট কাৰ্যক্ষম সময় থাকে যাৰ পাছত ইয়াৰ স্বাভাৱিক কাৰ্যক্ষমতা কমি আহে৷ এই সকলোবোৰ দিশ চালি-জাৰি চাই ‘ইউৰোপীয়ান স্পেচ এঞ্জেছি’ আৰু ‘কেনেডিয়ান স্পেচ এঞ্জেছি’ ৰ সহযোগত নাছাই এটা উচ্চ ক্ষমতাসম্পন্ন ‘টেলিস্কোপ’ সাঁজি উলিয়াইছে৷ যাৰ নাম ৰখা হৈছে “ জেমছ ৱেব মহাকাশ দূৰবীন” (James Webb space telescope) যাৰ দ্বাৰা “হাবল টেলিস্কোপ’ ৰ সীমাবদ্ধতাৰ পাৰ ভাঙি বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কত বহু নতুন বৈজ্ঞানিক তথ্যৰ সংগ্ৰহ কৰিব পৰা হ’ব৷ যোৱাটো বৰ্ষৰ ২২ ডিচেম্বৰত সফলতাৰে উৎক্ষেপন কৰা এই অত্যধুনিক “টেলিস্কোপ”টোৰ নাম নাছাৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা মহাকাশ বিজ্ঞানী-অভিযন্তা James Edwin Webb ৰ সন্মানৰ্থে ৰখা হৈছে৷

১৯৯০ চনৰ পৰাই ‘হাবল স্পেচ টেলিস্কোপে’ যোগান ধৰা অহৰহ তথ্যৰ পৰাই বুজা গৈছিল আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰিত স্বৰূপ তথা সম্প্ৰসাৰিত গতিৰ বিষয়ে৷ ‘হাবল টেলিস্কোপৰ’ ৰ পৰাই আমি গ’ম পাইছিলো যে আমাৰ বিশ্বব্ৰহ্মাণ্ডখন আজিৰ পৰা ১৩.৮ বিলিয়ন বছৰ আগতেই সৃষ্টি হৈছিল। এনেধৰণৰ বহু তথ্য আছে যিবোৰ ‘হাবল টেলিস্কোপ’ অবিহনে হয়তো আমি গম নাপালোঁহেঁতেন৷ আজি আমি যিমানবোৰ বিশ্বব্ৰহ্মাণ্ডৰ ছবি দেখিবলৈ সক্ষম হৈছোঁ অধিকাংশই ‘হাবল স্পেচ টেলিস্কোপৰ।অৱশ্যে আমি দেখা ৰঙীন ছবিবোৰ আৰু বিজ্ঞানীসকলে সংগ্ৰহ কৰা ছবিবোৰৰ মাজত পাৰ্থক্য আছে৷ চুপাৰন’ভা, ব্লেকহ’ল, নীহাৰিকা আদিৰ যিবোৰ ৰঙীন ছবি আমি দেখিবলৈ পাওঁ সেইবোৰ আচলতে ‘মহাকাশ সংস্থাই’ প্ৰকাশ কৰা Artistic illustration হে৷ কিন্তু ‘মহাকাশ সংস্থা ‘সমূহে টেলিস্কোপেৰে তোলা অশোধিত(Raw) ফুটেজবোৰ চিধাচিধি প্ৰকাশ নকৰি ‘Artistic Illustration’ কৰাৰ প্ৰয়োজনেই বা কি? আচলতে স্পেচ টেলিস্কোপবোৰে তোলা প্ৰায়বোৰ ছবিতেই কিছুমান অতি জটিল তথ্য সংযোজন হৈ থাকে৷ তদুপৰি স্পেচ টেলিস্কোপৰ ফটোবোৰত লক্ষ্যবস্তুৰ আকাৰো একেবাৰে সৰুকৈ দেখিবলৈ পোৱা যায়৷ যিবোৰ সাধাৰণ মানুহৰ সহজে বোধগম্য নহয়৷ গতিকে ‘স্পেচ টেলিস্কোপ‘ৰ দ্বাৰা সংগ্ৰহ কৰা তথ্যৰ আধাৰতেই, অতি সাৱধানতাৰে ‘আৰ্টিছ’ এজনে কম্পিউটাৰত সাধাৰণ মানুহে বুজি পোৱাকৈ সেই ছবিবোৰক আকৰ্ষণীয় ৰঙীন ছবিলৈ পৰিণত কৰি দিয়ে৷ বৈজ্ঞানিক তথ্যৰ মতে গ্ৰহটো যদি বৰফৰে আবৃত হয় তেন্তে artistic illustration ত গ্ৰহটোত বগা ৰঙেৰে দেখুৱা হয়। ঠিক তেনেদৰে গ্ৰহটো যদি পানীৰ সন্ধান পোৱা হৈছে তেন্তে Artistic Illustration ত গ্ৰহটো নীলা ৰঙেৰে দেখুৱা হয়৷ অৰ্থাৎ ‘মহাকাশ সংস্থাই প্ৰকাশ কৰা ফটোবোৰ সম্পূৰ্ণৰূপে বৈজ্ঞানিক তথ্যৰ ওপৰত প্ৰতিষ্ঠিত, আৰ্টিছ এজনে ফটোবোৰত নিজৰ মতেই যিকোনো গঠন বা ৰঙ সানিব নোৱাৰে৷

আমাৰ বিশাল বিশ্বব্ৰহ্মাণ্ডৰ এনে কিছুমান ঠাই আছে য’ত ‘হাবল’ ৰ দৰে টেলিস্কোপৰ দ্বাৰা তথ্য সংগ্ৰহ কৰাত অসুবিধা আহি পৰে৷ উদাহৰণস্বৰূপে ‘মহাবিশ্বৰ প্ৰচুৰ ধূলিময় স্থানৰ পাছফালে অৱস্থান কৰা তৰাবোৰৰ ছবি ই সংগ্ৰহ কৰিব নোৱাৰে৷ এনেধৰণৰ বহু অসুবিধাৰ বাবেই বিজ্ঞানীসকলৰ “JWST” ৰ দৰে অতি শক্তিশালী টেলিস্কোপৰ চিন্তা মনলৈ আহিল৷ JWST আকাৰত ‘হাবল টেলিস্কোপ’ তকৈ বহুগুণে ডাঙৰ৷ ‘হাবল টেলিস্কোপ’ ৰ মূখ্য দাপোণৰ দৈঘ্য ২.৪ মিটাৰ কিন্তু JWSTৰ মূখ্য দাপোণৰ দৈঘ্য ৬.৫ মিটাৰ৷হাবল টেলিস্কোপক এনে ভাৱে বনোৱা হৈছিল যে মহাকাশ অভিযন্তাই মহাকাশতেই গৈ যাতে ইয়াৰ যন্ত্ৰ-পাতিৰ মেৰামতি কৰিব পাৰে৷ বৰ্তমানলৈকে পাঁচটা মহাকাশ অভিযানেৰে ইয়াৰ কম্পিউটাৰ, লেন্স, মাইক্ৰ’চিপ তথা অনান্য বৈজ্ঞানিক যন্ত্ৰপাতিৰ ‘আপগ্ৰেড’ কৰা হৈছে৷ কিন্তু JWST-ত তেনেধৰণৰ সুবিধা নাই অৰ্থাৎ মহাকাশত এৰি দিয়াৰ পাছত ই নিজৰ চোৱাচিতা নিজেই কৰিব লাগিব৷ এনে ধৰণে নিৰ্মান কৰাৰ মূল দিশটো হ’ল; ‘JWST’ ক এক বিশেষ প্ৰকাৰৰ পোহৰক ধৰি ৰাখিবলৈ সঁজা হৈছে৷ ‘হাবল স্পেচ টেলিস্কোপ’ক ‘অল্ট্ৰা ভায়’লেট (UV), দৃশ্যমান পোহৰ(visible lights) তথা কিছু পৰিমানৰ Infra Red (IR) পোহৰক সংগ্ৰহ কৰিবলৈ নিৰ্মান কৰা হৈছিল৷ কিন্তু JWST-ক কেৱল অৱলোহিত (infrared) পোহৰক সংগ্ৰহ কৰিবলৈহে বনোৱা হৈছে৷ অৰ্থাৎ ই এটা অত্যান্ত ঠাণ্ডা টেলিস্কোপ হ’ব, যিয়ে প্ৰায় (-২৩০°C) ডিগ্ৰী চেন্ট্ৰীগ্ৰেডত কাম কৰিব লাগিব৷ যিহেতু আমি জানো উষ্ণতাযুক্ত বস্তুৱে অৱলোহিত(IR) তৰংগ বিকিৰণ কৰে, গতিকে অৱলোহিত টেলিস্কোপটোৰ সংবেদনশীলতাক (sensitivity) সঠিক কৰি ৰাখিবলৈ টেলিস্কোপটোকে ঠাণ্ডা কৰি ৰাখিব লাগিব৷ নহ’লে ই নিজৰ তাপৰ বাবেই ইমান উজ্বলহৈ পৰিব যে বেলেগ বস্তুৰ পৰা অহা পোহৰ ধৰি ৰাখিব নোৱাৰিব৷ যাৰ বাবে বিজ্ঞানী-অভিযন্তা সকলে ইয়াৰ সংসূচক (detector) বোৰক ঠাণ্ডা কৰি ৰাখিবলৈ Cryogenics নামৰ বিশেষ অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগ কৰা হৈছে৷ JWST ইঞ্জিনিয়াৰিং এটা অপূৰ্ব উদাহৰণ হৈ ৰব৷ যিহেতু ইয়াক সাধাৰণ উষ্ণতাত নিৰ্মান কৰা হৈছে কিন্তু ই কাম কৰিব লাগিব অত্যন্ত ঠাণ্ডা পৰিবেশত৷

JWST ক এনে ভাৱে বনোৱা হৈছে ইয়াৰ দ্বাৰা বিশ্বব্ৰহ্মাণ্ডৰ অতীতৰ সময়ক পৰ্যবেক্ষণ কৰিব পৰা হ’ব৷ যেনে: বিশ্বৰ আৰম্ভণিৰ কিমান পাছত তৰা আৰু তাৰকাৰাজ্যৰ সৃষ্টি হৈছিল? এইখিনিতে বহুতৰে মনত প্ৰশ্ন জাগিব পাৰে বিশ্বব্ৰহ্মাণ্ডৰ অতীতক আকৌ আমি কেনেকৈ জানিম? ইয়াৰ উত্তৰ হ’ব পোহৰৰ সহায়ত৷ হয় পোহৰৰ সহায়ত৷ সহজ ভাষাত কথাটো এনেধৰণৰ– ধৰাহ’ল এখন তাৰকাৰাজ্য আছিল। যাৰ জন্ম হৈছিল ১৩ কোটি বছৰৰ আগত৷ সেই তাৰকা ৰাজ্যৰ পোহৰ সেই সময়ৰ পৰাই এতিয়ালৈকে বিশ্বব্ৰহ্মাণ্ডত বিয়পি আছে৷ আমি সেই ১৩ কোটি বছৰৰ আগৰ তাৰকাৰাজ্যৰ পোহৰ যদি আমাৰ বৰ্তমানত ধৰি ৰাখিব পাৰো তেন্তে আমি সেই ১৩ কোটি বছৰৰ আগৰ তাৰকা ৰাজ্যখনক দেখিবলৈ সক্ষম হ’ম৷ অৰ্থাৎ কথাটো এনেকুৱা ধৰণৰ ২০০ মিলিয়ন বছৰৰ আগতে পৃথিৱীৰ পৰা যোৱা পোহৰক যদি আমি ধৰি ৰাখিব পাৰিলোঁ হয় তেন্তে ডাইন’ছৰৰ পৃথিৱীখন কেনেকুৱা আছিল তাকো চাব পাৰিলোঁ হয়৷ যিহেতু আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণ হৈ আছে, প্ৰতিখন তাৰকাৰাজ্য, প্ৰতিটো তৰকাপুঞ্জকে মূখ্য কৰি প্ৰতিটো ব্ৰহ্মাণ্ডীয় বস্তু ইটোৰ পৰা সিটো ক্ৰমে দূৰ আঁতৰি গৈ আছে৷ যিদৰে আমাৰ কাষৰ পৰা আঁতৰি যোৱা ৰেল গাড়ীৰ শব্দ ক্ৰমে আমাৰ পৰা কমি যায় ঠিক সেইদৰে আমাৰ পৰা আঁতৰি যোৱা প্ৰাচীন তাৰকাৰাজ্য বা তৰাৰ পোহৰো আমালৈ আহোঁতে আহোঁতে ধূসৰ হৈ শেষত অৱলোহিত তৰংগত পৰিণত হয়৷ যাক বৈজ্ঞানিক ভাষাত ৰঙা সৰণ (Red shifted object) বুলি কোৱা হয়৷ এনেধৰণৰ তৰা বা তাৰকা ৰাজ্যবোৰক সাধাৰণ টেলিস্কোপেৰে চাব পৰা কঠিন হৈ পৰে৷ কিন্তু অৱলোহিত(IR) সংসূচক যুক্ত শক্তিশালী টেলিস্কোপে ইয়াক সহজে চিনিব পাৰে৷ যিহেতু JWST এটা IR টেলিস্কোপ যাৰ দ্বাৰা সহজতেই প্ৰাচীন তৰা, তাৰকাৰাজ্য ইত্যাদিক চিনিব পৰা যাব৷ আশা কৰামতে JWST ৰ দ্বাৰা ‘হাবল টেলিস্কোপ‘তকৈ ১০০ মিলিয়ন বছৰ পিছৰ প্ৰাচীন বিশ্বব্ৰহ্মাণ্ডখনক অতি সহজে চিনাক্ত কৰিব পৰা হ’ব৷ যাৰ বাবেই ইয়াক বহুতে ‘টাইম মেছিন’ৰূপেও নামাকৰণ কৰিছে।

যিহেতু JWST অতি ঠাণ্ডা পৰিবেশত কাম কৰাৰ বাবে বনোৱা হৈছে গতিকে ইয়াক ‘হাবল টেলিস্কোপ’তকৈ বহু দূৰৈত উৎক্ষেপণ কৰা হ’ব৷ অৰ্থাৎ পৃথিৱীৰ পৰা ১.৫ মিলিয়ন কিলোমিটাৰ দূৰত্বত JWST ক উৎক্ষেপন কৰা হ’ব৷ সূৰ্যৰ তাপ তথা মহাকাশ আৱৰ্জনাৰ পৰা হাত সাৰিবলৈ JWST ত পাঁচটা ফলক যুক্ত এখন টেনিছ ক’ৰ্টৰ সমান “sun shield” সংস্থাপন কৰা হৈছে৷ উল্লেখযোগ্য যে JWST উৎক্ষেপণৰ কেইবা বছৰ পাছতো ‘হাবল টেলিস্কোপো মহাকাশত সক্ৰিয় হৈ থাকিব৷ বিজ্ঞানীসকলে হাবল আৰু JWST দুয়োটা দূৰবীনৰ সহায়ত একেলগে মহাবিশ্বৰ বহুতো ৰহস্যৰ সন্ধান কৰাৰ চেষ্টা কৰিব৷ নিশ্চিতভাৱেই JWST-ৰ উৎক্ষেপণে মহাকাশ বিজ্ঞানত এক নতুন দিগন্তৰ সূচনা কৰিব!

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *