অনুবাদকবিতা

কৰ্ণ (মূল বাংলা : সব্যসাচী দেব; অসমীয়া ভাঙনি : খগেশ সেন ডেকা)

(১)
তেনেহ’লে সময়, অৰ্জুন!
দ্বৈৰথ যুদ্ধৰ
উত্তৰৰ ভূখণ্ড জুৰি পৰমায়ু হন্তাৰক ছাঁ,
বুকুৰ নিভৃতৰ পৰা উঠি আহে অৰণ্য-তৃষ্ণা,
সমস্ত বৃক্ষমূল জুৰি প্ৰতিহিংসাই ঢালে বিষ,
অতদিনে, অৰ্জুন, অতদিনে
মুখামুখি তোমাত আৰু মোত৷

তিলতিলকৈ কৰিছোঁ শোধ অযাচিত জন্মৰ ঋণ,
উজাই বাইছোঁ অতদিনে আকাংক্ষাৰ ভূৰ,
আজি সেই ধ্ৰুৱলগ্ন;
চোৱাঁ, এই মধ্যাহ্নৰ বেলা কনিষ্ঠ আঙুলিৰে মই ধৰি ৰাখিছোঁ সমগ্ৰ পৃথিৱী
নাই মোৰ একাঘ্নী আয়ুধ, হেৰুৱালোঁ কবচ-কুণ্ডল ছদ্মৱেশী ভিক্ষুকৰ হাতত,
আৰু নাই একো, এনেকি জীৱনৰ নিচা
বিলাই দিছোঁ সেয়া যোৱাটো সন্ধিয়া;

অস্তগামী সূৰ্যক আঁৰ কৰি, সন্মুখত মোৰ
জননী কুন্তীয়ে মাগিলেহি পঞ্চপুত্ৰৰ প্ৰাণ,
তেওঁৰ চকুৰ মিনতি তোমাৰেই বাবে হে অৰ্জুন;
তেতিয়াই জানিলোঁ, যদি জয়ী হওঁ সমস্ত জীৱন জুৰি
মই বহন কৰিব লাগিব অভিশাপ— মোৰেই মাতৃৰ;
এইবাৰ লগ্ন উপস্থিত, তৃতীয় পাণ্ডৱ৷ অন্তিম খেল;
বাজি থাকিল যি কোনো এজনৰ জীৱন, তুলি লোৱা ধনুৰ্বাণ,
এই খেলত নাই কোনো পৰিত্ৰাণ, কাৰো নাই তোমাৰ কিংবা মোৰ৷

(২)
মোক এটি মাত্ৰ মুহূৰ্ত ভিক্ষা দিয়া,কৌন্তেয়;
সমগ্ৰ শৰীৰ গধুৰ হৈ আহিছে শিলৰ দৰে,
দীৰ্ঘ কাল ধৰি আছোঁ সমৰ ক্ষেত্ৰত৷
সমবেত জনতাৰ অট্টহাস্য, আচাৰ্যৰ প্ৰত্যাখ্যান, তোমাৰ বক্ৰ বিদ্ৰূপ,
ইয়াৰ মাজত তোমাক প্ৰথম দেখিছিলোঁ মই ক্ৰীড়াংগনত
জানো মোৰ প্ৰতিদ্বন্দ্বী কোনো নাই ভাৰত ভূমিত তোমাৰ বাহিৰে
প্ৰবল স্পৰ্ধাত দিছিলোঁ দ্বন্দ্বযুদ্ধৰ আহ্বান,
কিন্তু বিনাযুদ্ধে তুমি পিন্ধি ল’লা শ্ৰেষ্ঠত্বৰ বৰমাল্য
আৰু এবাৰ কাংক্ষিতা ৰমণীকো জিনি লৈ গৈছিলা তুমি
মোৰ অৱনত দৃষ্টিৰ সন্মুখৰ পৰা,
শ্যামলাংগী যজ্ঞকন্যাই মোক ওভতাই পঠিয়াইছিল
সূতপুত্ৰক বৰণ নকৰোঁ বুলি;
তথাপিতো নকৰিলোঁ স্থিৰ মোৰ পথ,
বাৰে বাৰে মোক সোঁৱৰাই দিয়া হৈছে মই সূতপুত্ৰ
বাৰে বাৰে পাহৰিব খুজিছোঁ মই সেই পৰিচয়;

অধিৰথে দিছিল স্নেহ; সামান্য নাৰী ৰাধা
মাতৃত্বৰ অমৃত ঢালি পূৰ্ণত্ব দিছিল মোক
আৰু প্ৰতি মুহূৰ্তে আস্বাদন কৰি কৰি সেই ভালপোৱা
মই ভাবিছোঁ, ইয়াত নহয়, মোৰ স্থান পাণ্ডু-ৰাজগৃহত;
মোৰ যি আকাংক্ষা, তাক অৰ্জন কৰিবলগীয়া হৈছে
মিথ্যাৰ আঁৰত৷ ব্ৰাহ্মণৰ ছদ্মৱেশ ধৰি আহৰণ কৰিছোঁ অস্ত্ৰজ্ঞান,
বিদ্ৰূপৰ প্ৰতিবাদৰূপে বজ্ৰমুষ্টি তুলি এৰি অহা নাই ক্ৰীড়া-ভূমি,
দুৰ্যোধনৰ অনুগ্ৰহ বৰণ কৰি, আত্মবঞ্চনাৰ মোহত নিজক পাহৰি
আৰোহণ কৰিছোঁ ছদ্ম-ক্ষত্ৰিয়ৰ সিংহাসনত৷
আৰু বিনিময়ত বিলাই দিছোঁ মোৰ স্বাধীনতা৷

বিশাল সভাগৃহত দুঃশাসনৰ লোলুপ হস্তাগ্ৰই
যেতিয়া কাঢ়ি নিছিল দ্ৰৌপদীৰ লজ্জা
মুহূৰ্তৰ বাবে মোৰ তূণৰ পৰা হাতলৈ উঠি আহিছিল এপাট শৰ
মোৰ কাংক্ষিতাৰ অপমানত—
ক্ষণিকতে কৰতালিত ব্যস্ত হৈছিল মোৰ দুহাত;
কাৰণ দুৰ্যোধন মোৰ উপকাৰী পৰম বান্ধৱ, মোৰ প্ৰভু৷
প্ৰতিক্ষণে দুৰ্যোধনৰ ভ্ৰূকুটিয়ে স্থিৰ কৰি দিছিল মোৰ কৰ্তব্য
আৰু প্ৰতিক্ষণে নিজৰ অক্ষম ভিৰুতা ঢাকি ৰাখিবলৈ
উচ্চস্বৰে প্ৰচাৰ কৰিছোঁ মোৰ শৌৰ্যৰ অহংকাৰ৷

তাৰ পাছত উপস্থিত এই মহালগ্ন৷ প্ৰত্যাৱৰ্তনৰ নাই কোনো পথ;
দুয়ো পক্ষ ভাৰত-যুদ্ধত, এফালে মোৰ অন্নদাতা, আনফালে মোৰ জন্মদাতৃৰ পঞ্চপুত্ৰ৷ মাজত মই সূতপুত্ৰ,
ৰাধাৰ সন্তান, যুদ্ধোন্মুখ শিৱিৰ কোনোটোৰে মই একো নহওঁ, অন্নৰ দাসত্বই
তথাপি টানি নিয়ে স্বেচ্ছাবৃত শিকলিৰ বন্ধনলৈ
যুদ্ধভূমিৰ পৰা দূৰৈত, ভগ্ন কুটীৰত, মাথোঁ দীৰ্ঘশ্বাস
পেলায় এগৰাকী নাৰী, যাৰ নাম ৰাধা, যাৰ স্বামী সাধাৰণ ৰথৰ সাৰথি৷
মাজে মাজে সেই দীৰ্ঘ প্ৰশ্বাসে চুই গৈছে মোক; ভাবিছোঁ সেয়া বোধহয় উত্তৰৰ হিমেল বতাহ৷ কাণত বাজেহি উচুপনিৰ শব্দ
ভাবিছোঁ সেয়া বোধহয় সুদূৰ দক্ষিণ সমুদ্ৰৰ তৰংগ-উচ্ছ্বাস৷

আৰু প্ৰতিটো সন্ধিয়া
সূৰ্য-বন্দনাৰ ছলেৰে নমাবলৈ চাইছোঁ
মোৰ অপৰাধৰ ভাৰ;
চতুৰ্দিশে গাঢ় হৈ নামি আহিছে
শ্মশানৰ অন্ধকাৰ;

তথাপি উভতি যোৱা নাই স্বদেশলৈ৷

(৩)
কোনো নাই আত্মীয়-বান্ধৱ, সিহঁতক নিজেই ফিৰাই পঠিয়াইছোঁ
পৰিৱৰ্তে বিচাৰিছোঁ কৌৰৱ-সন্মান,
যি আছিল স্বজন, ৰূঢ় অস্বীকাৰেৰে বিমুখ কৰিছোঁ তাক
পাহৰিছোঁ স্বস্থান;
মই পাহৰিছিলোঁ, সেই হেতু এই মুহূৰ্তত মোকো পৰিত্যাগ কৰিছে
মোৰ অভ্যস্ত বিদ্যাই, আজন্ম লালিত আয়ুধ-বিদ্যাই;
অৰ্জুন, মেদিনী নহয়, ৰথচক্ৰ গ্ৰাসিছে মোৰ মোৰেই দ্বিধাই৷

(৪)
প্ৰচণ্ড পিয়াহ ওঁঠ পুৰি নামি গৈছে বুকুৰ ভিতৰলৈ
সন্মুখত কোন তুমি?
অৰ্জুন!
অলপ আঁতৰি থিয় হোৱা, মোক চাবলৈ দিয়া বিদায় বেলাৰ সূৰ্য৷
আৰু কাৰ মুখ হাউলি পৰিছে মেৰ চকুৰ ওপৰত!

মোক ক্ষমা কৰিবা, পিতা অধিৰথ;
আৰু অৰ্জুন, মোৰ তূণৰ পৰা তুলি লোৱা এপাট বাণ
ধনুত লগোৱা গুণ,সুদূৰ গংগাৰ পাৰৰ নিস্তব্ধ কুটীৰত
একাকিনী ৰাধাৰ চৰণত জনাই দিয়া মোৰ প্ৰণাম৷

আৰু হে মৃত্তিকা, জীৱনত এই প্ৰথম মূৰ থ’লোঁ
তোমাৰ কোলাত; মোক গ্ৰহণ কৰা৷

উৎস গ্ৰন্থ : দেবদুলাল বন্দ্যোপাধ্যায়  অমিয় চট্টোপাধ্যায় সম্পাদিত বিষয় : আবৃত্তি

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *