বিবিধ চিন্তা

কাজিৰঙা, এনিমেল কৰিডৰ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু উৰণীয়া সেঁতু – (বুবুল শৰ্মা কাজিৰঙা)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেৱল এখন উদ্যানৰ নাম নহয়, অসমৰ প্ৰতিজন থলুৱা মানুহৰ বাবে অভিমানো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পলসুৱা ভূমি আৰু দক্ষিণত ওখ-চাপৰ গছ, কাঠনি, বাঁহনীৰে ভৰপূৰ কাৰ্বিপাহাৰ। ব্ৰহ্মপুত্ৰ উপত্যকাৰ পলসুৱা ভূমি আৰু দক্ষিণৰ কাৰ্বিপাহাৰৰ সহযোগত সৃষ্টি হোৱা উৎকৃষ্ট প্ৰাকৃতিক তন্ত্ৰই হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঐতিহাসিক আৰু পৰিস্থিতিতান্ত্ৰিক পটভূমি।
এই দুই পৰিস্থিতিতন্ত্ৰৰ মাজেদি ২৬’৩০’ – ২৬’৪৫’ উত্তৰ দ্ৰাঘিমাংশ আৰু ৯৩’০৫’ – ৯৩’৪০ পূব দ্ৰাঘিমাংশত অৱস্থিত ৩৭ নং দক্ষিণ ৰাষ্ট্ৰীয় ঘাইপথটো। আজিৰ আলোচনাত বোকাখাট চহৰৰ পৰা বুঢ়াপাহাৰলৈ ৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ (বহলে প্ৰায় ৭.৫ মিটাৰ) এই চোৱা বাটক ‘স্পৰ্শকাতৰ পথ’ হিচাপে আলোচনাৰ মজিয়ালৈ অনা হৈছে। কাৰণ এই চোৱা বাটৰ ওপৰতে নিৰ্ভৰ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ পশু-পক্ষী, উদ্ভিদকূলক লৈ সৃষ্ট পৰিস্থিতিতন্ত্ৰৰ ভৱিষ্যত আৰু কাজিৰঙাৰ পৰ্যটনৰ সম্ভাৱনা আৰু বিকাশ।কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু জৈৱবৈচিত্ৰ্যই কাজিৰঙাত এটাই উদ্যোগ সৃষ্টি কৰিছে -সেইটো হ’ল পৰ্যটন উদ্যোগ। দেশ-বিদেশৰ পৰা কাজিৰঙালৈ মানুহ আহে জীৱ-জন্তু চোৱাৰ লগতে বাটৰ চৌদিশে কৃষ্ণচূড়া, এজাৰ, সোণাৰু আদিৰে এটা সুস্থ জলবায়ু চাবলৈ। পৰ্যটকৰসকলৰ দেশত, চহৰত অনেক ফ’ৰলেন, এইট লেন, উৰণীয়া সেঁতু আদি আছে। কাজিৰঙালৈ কিয় আৰু কি চাবলৈ পৰ্যটকসকল আহে, সেই কথাটোৰ সৈতে এই অঞ্চলটোৰ উন্নয়ন নিহিত হৈ আছে। কেৱল ফ’ৰলেন হ’লেহে কাজিৰঙাৰ উন্নয়ন হ’ব বুলি অন্ততঃ বিশ্বাস কৰিব নোৱাৰি। যিহেতু কাজিৰঙাৰ গঁড় আৰু কাজিৰঙা প্ৰতিজন অসমীয়াৰ অভিমান। সেয়ে বিষয়টোৰ ক্ষেত্ৰত অসমৰ সচেতন নাগৰিকৰ বক্তব্য লোৱাটো বাঞ্ছনীয়।

ছাত্ৰ অৱস্থাতে ঘাইপথেৰেই খোজকাঢ়ি আমি বিদ্যালয়লৈ যাওঁতে, বিশেষকৈ বাৰিষা কালত প্ৰত্যক্ষ কৰিছিলোঁ – পকী বাটটোত গাড়ীৰ চেপাত যেনিতেনি মৰি থকা সেউজীয়া, হালধীয়া নানা বিচিত্ৰ ৰঙী ভেকুলী, দুই এডাল সৰু-ডাঙৰ আকৃতিৰ সাপ, অসংখ্য বোন্দা কেঁচু, বনমেকুৰী। চৌদিশে কেচেমা কেচেম গোন্ধ। দেউতাক কথাটো কওঁতে দেউতাই কৈছিল – কেৱল ভেকুলী, সাপেই নে? পহু, গাহৰী, বনমেকুৰী, চৰাই…ক’ত কি এই বাটত…! মই শুনি আচৰিত হৈছিলোঁ!

বানপানী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিস্থিতিতন্ত্ৰৰ বাবে বিভিন্ন দিশত গুৰুত্বপূৰ্ণ। কেতিয়াবা যদি আশীৰ্বাদ, কেতিয়াবা কিন্ত অভিশাপো হয়। প্ৰতিবছৰে বানপানীয়ে ধুই নিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক৷ শতাধিক জন্তৰ প্ৰাণহানি ঘটে। হঠাৎ ভয়ংকৰ ৰূপ লোৱা বানপানীৰ পৰা বাচিবলৈ জন্তবোৰ উদ্যানৰ দক্ষিণ দিশে ওখ ঠাই বিচাৰি ঢাপলি মেলে। সাগৰ সদৃশ হয় ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখনৰ ৭০-৮০% অংশ কেতিয়াবা ডুব যায়। যিমান ডাঙৰ বানপানী সিমান মৃত্যু! ১৯৭৩ আৰু ১৯৮৮ চনত উদ্যানৰ ৭০% অঞ্চল ডুব গৈছিল। ১৯৮৮ চনৰ ভয়ংকৰ বানত ৪৮ টা গঁড়, প্ৰায় ৫০০০ টা সুগৰী পহু, ৬৯ টা বনৰীয়া গাহৰি, ৩টা হাতীৰ পোৱালি, ২টা বাঘ আৰু অসংখ্য জীৱ-জন্তৰ কৰুণ মৃত্যু ঘটিছিল। ১৯৯৮ চনত ৩৯ টা গঁড়ৰ মৃত্যু ঘটিছিল বানত। ১৯৮০ – ২০০৮ চনলৈ প্ৰাকৃতিক দুৰ্যোগত ১৬০০ টা কেৱল বিশ্বৰ বিপদাপন্ন প্ৰাণী গঁড়ৰে মৃত্যু ঘটিছিল। প্ৰায় কেইবা কিলোমিটাৰ বাট, পানী ভাঙি হাতী, গঁড়, হৰিণা, বাঘ, মেকুৰী, গাহৰী আদি সাঁতুৰি সাঁতুৰি ওখ ঠাই পাওঁতে ভাগৰত লালকাল দিয়ে। ওখ জনাঞ্চলবোৰতো ভয়। যেনেতেনে পাহাৰ বগোৱাটোৱেই বন্যপ্ৰাণীবোৰৰ লক্ষ্য হৈ পৰে। ঘাইপথটো পাৰ হওঁ বুলিওতো পাৰ হৈ যাব নোৱাৰি। ইখনৰ পিছত সিখন গাড়ী, দ্ৰুতগতিত পাৰ হৈ যায়। আন্তঃৰাষ্ট্ৰীয় এক সংস্থাৰ সমীক্ষা মতে প্ৰতিদিনে কাজিৰঙাৰ মাজেৰে যোৱা এই ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিদিনে প্ৰায় ৬ হেজাৰ গাড়ী পাৰ হৈ যায়।তাৰ মাজতেই প্ৰাণৰ মমতাত প্ৰাণটাকি দৌৰ। বহুতৰ গাড়ীৰ খুন্দাত প্ৰাণবায়ু উৰি যায়। গাড়ীৰ খুন্দাত নিহত হোৱা ডাঙৰ আকৃতিৰ প্ৰাণীবোৰৰ মাজত বেছি সংখ্যক, ভিন ভিন প্ৰজাতিৰ পহু।

২০০৩-২০১৩ চনৰ ভিতৰত গাড়ীৰ খুন্দাত মৃত্যুবৰণ কৰিছিল ২৫০ টা প্ৰজাতিৰ বন্যপ্ৰাণীয়ে। এই বন্যপ্ৰাণীবোৰৰ ভিতৰত দুটাকৈ ঢেকীয়াপতীয়া বাঘ, ৬ টাকৈ নাহৰফুটুকী, হাতী ১টা, ১৩০ টা খুটীয়া পহু(Hog Deer), সুগৰি পহু,কেটেলা পহু, টুপীমুৰীয়া বান্দৰ, হলৌ বান্দৰ আদিৰ পৰা বিভিন্ন সৰীসৃপ আছিল। (১*)

তদুপৰি এই ঘাইপথচোৱাত অৰ্থাৎ এই ৬০ কিলোমিটাৰ এলেকাত ২০০৪ চনৰ মে মাহৰ পৰা ছেপ্তেম্বৰ মাহলৈ Night Driving Method পদ্ধতি প্ৰয়োগ কৰি কৰা এক জৰীপ তথা তদন্তত গাড়ীৰ খুন্দাত ৬৮ টা সৰীসৃপ প্ৰাণীৰ মৃত্যুৰ তথ্য সন্মুখলৈ আহে। গাড়ীৰ চেপাত মৃত্যু হোৱা মুঠ সৰীসৃপৰ ৮৯.৭% ই আছিল সাপ আৰু ১০.২% আছিল জেঠী জাতীয় প্ৰাণী। সাপ সমূহৰ ভিতৰত বিষাক্ত সাপ যেনে – শংখচূড় (Branded Krait), দুস্প্ৰাপ্য ৰাজফেটী(King Cobra), পিট ভাইপাৰৰ পৰা অবিষাক্ত অজগৰ(India rock phyton), পানীত থকা বিভিন্ন সাপ, বইগা বা মেকুৰী প্ৰজাতিৰ সাপ, বিড়ালী চকুৱা বা মেকুৰী চকুৱা সাপ, কাৰ্শলা, বামুণী, মাৰলি, মচোৱাগোম, বিভিন্ন পাহাৰীয়া সাপ, নিগনি সাপ, আদি অনেক প্ৰজাতি সাপ এই মৃত্যুৰ তালিকাত আছে। তদুপৰি জেঠী( Lizard) জাতীয় যেনে- কেকোঁ সাপ, তেজপিয়া, গুঁই, নাইপিয়া আদিৰ মৃত্যু হোৱা দেখা গ’ল। (২*)

সাপবোৰ পকী ৰাস্তাৰে খৰকৈ যাব নোৱাৰাৰ বাবেই সাপৰ মৃত্যুৰ হাৰ বেছি। সৰীসৃপবোৰ প্ৰজননৰ বাবে বা বাৰিষাত ওখ ঠাই বিচাৰি ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হওঁতেই মৃত্যুৰ মুখত পৰে। বিশেষকৈ বিষাক্ত সাপ যেনে ক্ৰেইট, ৰাজফেটী আদিবোৰ নিশাচৰ, সেয়ে নিশাচৰ প্ৰাণীবোৰ বেছিকৈ গাড়ীৰ চেপাত মৰা দেখা যায়। এই ধৰণৰ অস্বাভাৱিক মৃত্যুৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ সৰীসৃপ বৈচিত্ৰ্যতাত ব্যাঘাত হানিছে, সেইটো খাটাং।

কাজিৰঙাৰ প্ৰাকৃতিক পৰিৱেশ কি দৰে দুৰ্বল হৈ পৰিছে, ২০০২-২০১৩ চনলৈ কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা সংগৃহীত কেতবোৰ পৰিসংখ্যাই তাক প্ৰমাণিত কৰি যি তথ্য আগবঢ়াইছে সি কাজিৰঙাপ্ৰেমী সকলৰ বাবে অতি উদ্বেগজনক যেনে –
১/ ২০০২-২০১৩ চনৰ ভিতৰত কাজিৰঙাৰ বন্যপ্ৰাণীৰ বিচৰণস্থলী তথা কৰিডৰসমূহ খণ্ডিত হৈ পৰিছে। বন্যপ্ৰাণীবোৰ কেৱল সংৰক্ষিত এলেকাত থূপ খাই পৰাৰ ফলত বন্যপ্ৰাণীৰ আচৰণ আৰু স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে।
২/ ২০০২ চনত উদ্যানৰ ক’ৰ এৰিয়া আছিল১,১৭৬.৬৯ বৰ্গ কিলোমিটাৰ, ২০১৩ চনত এই ক’ৰ এৰিয়া ৭৪৮.২৮ বৰ্গ কিলোমিটাৰলৈ হ্ৰাস পালে।

উৰণীয়া সেঁতুৰ প্ৰসংগঃ
এই ৰাষ্ট্ৰীয় ঘাইপথটোতে বন্যজন্ত পাৰ হৈ যাবলৈ আছে ৯টাকৈ এনিমেল কৰিডৰ। সেইবোৰ হ’ল- পানবাৰী, হালধীবাৰী, বাগৰী, হাৰমতী, কাঞ্চনজুৰী, আমগুৰি, দেউচূৰ, হাতীদণ্ডী, চিৰাং কৰিডৰ। যাতে বানপানীৰ সময়ত দক্ষিণ দিশৰ ওখ ঠাইলৈ বন্যপ্ৰাণীবোৰ অনায়াসে পাৰ হৈ যাব পাৰে। নিৰাপত্তা বিচাৰি কাজিৰঙাৰ এই পকীবাটো বা পৃথিৱীত গাড়ী নিৰ্মাণ হোৱাৰ বহু যুগৰ আগৰে পৰা বন্যপ্ৰাণীয়ে এই দৰে প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানীৰ সময়ত ওখ স্থান বিচাৰি কাৰ্বিপাহাৰৰ ওখ ঠাইলৈ অহাটো সিঁহতৰ স্বভাৱ। সচেতন নাগৰিক হিচাপে আমাৰ সকলোৰে কৰ্তব্য বন্যপ্ৰাণীৰ এই কৰিডৰসমূহ যথাসম্ভৱ সংৰক্ষণ কৰা।

এই নটা কৰিডৰৰ ভিতৰত কেইটামান কৰিডৰ বিভিন্ন দিশত স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ। পানবাৰী কৰিডৰৰ লগতেই পানবাৰী ৰিজাৰ্ভ ফৰেষ্ট, তদুপৰি চাহবাগিছাবোৰ আছে, তদুপৰি ইয়াত থলুৱা মানুহৰ খেতিবাতি আছে; দ্বিতীয়তে হালধীবাৰী কৰিডৰটো গাতে লাগি আছে কাৰ্বিআংলং। বাৰিষাকালত এই কৰিডৰটোৱেদি পানী পাৰ হয় আৰু গাড়ীৰ খুন্দাত বন্যপ্ৰাণীৰ মৃত্যু হয়। তৃতীয়তে কাঞ্চনজুৰী আৰু আমগুৰি এই এনিমেল কৰিডৰ দুটা যথেষ্ট ডাঙৰ। ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বন্যপ্ৰাণীবোৰ আহি বাট পাৰ হোৱাৰ আগতে বিশাল বনজংঘলত আশ্ৰয় লয়। অঞ্চলটো যথেষ্ট নিৰ্জন, ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’লেই চাহবাগিছা, আনকি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰি এই কৰিডৰত অসমৰ এগৰাকী মন্ত্ৰীয়ে কংক্ৰিটৰ দেৱাল আৰু ঘৰ বনোৱা কাৰ্যই বনবিভাগক সমালোচনাৰ সন্মুখীন কৰিছে। সেয়ে উৰণীয়া সেঁতুৰ ক্ষেত্ৰত বিশ্বৰ বন্যপ্ৰাণী বিশেষজ্ঞ সকলৰ সৈতে বাৰাম্বাৰ আলোচনা মৰ্মেহে আগবাঢ়িব লাগিব। কাৰণ অসমত ৰাস্তা-ঘাট বনোৱাৰ কথা আহিলেই আইনক বুঢ়াআঙুলি দেখুৱাই গছবোৰ কাটি পেলোৱা হয় (অসমৰ প্ৰতিজন মানুহ সাক্ষী বাট বহলোৱাৰ নামত গছ কটা হয় আৰু ৰোপণৰ নামত গছপুলি লগোৱা হয়, কিন্ত ৯০% ই এই গছপুলিবোৰ বাচি নাথাকে। এজোপা পুৰঠ গছে বছৰটোত ১০ জন ব্যক্তিৰ বাবে অক্সিজেনৰ যোগান ধৰে আৰু গাড়ীয়ে সৃষ্টি কৰা বহু কাৰ্বন-ডাইঅক্সাইড্‌ শোষণ কৰি লয়।)

আমি জানো যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান শত সহস্ৰ প্ৰজাতিৰ বন্যপ্ৰাণীৰ বাবে খাদ্যৰ অফূৰন্ত ভৰাঁল, নিৰাপদ আৱাস আৰু প্ৰজননস্থলী। বিশ্বৰ ভিতৰত সৰ্ব্বাধিক ভাৰতীয় এক খড়্গযুক্ত গঁড়ৰ প্ৰধান আৱাসস্থলী; অতি বিপন্ন হৈ পৰা ঢেকীয়াপতীয়া বাঘৰ সৰ্বাধিক ঘনত্ব থকা বনাঞ্চল; সৰ্ব্বাধিক এচীয় বনৰীয়া ম’হ আৰু দুস্প্ৰাপ্য দলহৰিণৰ আৱাসস্থলীৰ ওপৰিও এচীয় হাতীৰ উল্লেখযোগ্য আৱাসস্থলী। প্ৰায় ৫০০ প্ৰজাতিৰ পক্ষীৰ আৱাসস্থলী। ইয়াৰ ভিতৰত আছে ২৫ বিধ বিশ্বৰ বিৰল বিপন্ন চৰাই।

জৈৱ-বৈচিত্ৰ্যতাৰে চহকী আৰু অপৰূপ সৌন্দৰ্যৰ অধিকাৰিণী কাজিৰঙাৰ বুকুলে প্ৰতিবছৰে আগমন ঘটে হাজাৰ-বিজাৰ পৰ্যটকৰ।

২০০৯-১০ চনত পৰ্যটক আছিল ১,১২,৮৪৪ জন
ৰাজহ সংগ্ৰহ হৈছিল ১২৬.৬৮ লাখ
২০১০-১১ চনত পৰ্যটক আছিল ১,১৯,৮৩৯ জন
ৰাজহ সংগ্ৰহ হৈছিল ১৩৬.৭৩ লাখ
২০১১-১২ চনত ১২৪৮২৯ জন আৰু ৰাজহ সংগ্ৰহ হৈছিল ১৪৯.৪৬ লাখ
২০১২-১৩ চনত ১,০১,১৬৫ জন আৰু ৰাজহ সংগ্ৰহ ২০৫.৭৬ লাখ,
২০১৩-১৪ চনত ১২৬২১১ জন ৰাজহ সংগ্ৰহ ২৬৮.৬৬ লাখ
২০১৪-১৫ চনত ১৩১,৩৫৪ জন আৰু ৰাজহ সংগ্ৰহ ২৯৪.৫৯ লাখ
২০১৮-১৯ চনৰ কেৱল অক্টোবৰ মাহলৈ পৰ্যটকৰ সংখ্যা হৈছিল ৬৪০০০ কেৱল ৭০ দিনত ৰাজহ সংগ্ৰহ হৈছিল ১২৭.৩২ লাখ টকা। (৩*)

দেশ বিদেশৰ পৰা গাঠিৰ ধন ভাঙি কাজিৰঙা চাবলৈ আহি পৰ্যটকে ,যেতিয়া গাড়ীৰ খুন্দাত মৃত্যু হোৱা প্ৰাণীবোৰৰ দুৰৱস্হা দেখি কিজানি আচৰিত আৰু হতভম্ব হৈ পৰে যে বিশ্বৰ দুস্প্ৰাপ্য এক খড়্গযুক্ত গঁড়ৰ আৱাসস্থলীৰ কাষৰ বাটটোৱেই ইমান বিপদজনকভাৱে সাজেনে?তাতে যেতিয়া দেখে বন্যপ্ৰাণী অহা-যোৱা কৰা কৰিডৰবোৰত শাৰী শাৰী বাৰ চকীয়া,ওঠৰ চকীয়া ট্ৰাকবোৰ! এইবোৰ প্ৰশ্নৰ উত্তৰ আমাৰ হাতত আছেনে?

কংগো বেচিনত – এটা দশকতে ৬০% হাতী যিদিনা হেৰাই গ’ল, সেইদিনাই গাড়ী অহাযোৱা কৰা বাটৰ বহু অংশ Poaching epedemic বুলি ঘোষণা কৰিবলৈ বাধ্য হ’ল। কাজিৰঙাৰ এই ঘাইপথৰে গাড়ী চলাই যাওঁতে বহু গাড়ীৰ চালকে বনবিভাগ বা চৰকাৰৰ গতিবেগ সম্পৰ্কীয় আইন অমান্য কৰে, অৰণ্যৰ জন্তৱে কিন্ত অৰণ্যৰ আইন মানি চলে – বাঘৰ ভোক নালাগিলে কেতিয়াও চিকাৰ নকৰে ৰাজফেটীয়ে ভোক লাগিলেহে চিকাৰ কৰে। সাপ আৰু কাছই বহুদিন নোখোৱাকৈয়ে থাকিব পাৰে৷ প্ৰকৃতিৰ বাৰ্তা অনুসৰি চৰাই, ভেকুলী,  পোক-পতংগই মাতে, সংগীক আহবান জনাই মিলনৰ বাবে। বাটৰ এইপাৰৰ পৰা সিপাৰলৈ যায় প্ৰজননৰ বাবে।

এটা বাট মানে এটা যুগ। এটা অনিশ্চয়তাৰ যুগো হ’ব পাৰে! উন্নয়নৰ স্বাৰ্থত চৌদিশে বিয়পি পৰিছে মানুহৰ খোজৰ চাপ, হিমালয়ৰ ওখ শৃংগৰ পৰা মহাসাগৰৰ তললৈ, কেৱল বাঢ়ি আহিছে মানুহৰ খোজৰ চাপ! ক্ৰমান্বয়ে বন্যপ্ৰাণীৰ খোজৰ চাপবোৰ নাইকীয়া হৈ আহিছে। ২০১৫ চনত New Yoker নামৰ বিশ্বৰ প্ৰখ্যাত আলোচনীখনত প্ৰকাশ পাইছিল যে – ব্ৰাজিলৰ আমাজনৰ মাজেদি ১৯৭০ চনত Belem আৰু ব্ৰাজিলৰ ৰাজধানী Brasiliaৰ মাজত ১২০০ মাইলৰ যি ঘাইপথৰ সৃষ্টি হ’ল, এই ঘাইপথে অসংখ্য সৰু সৰু পথৰ সৃষ্টি কৰিলে, সৃষ্টি কৰিলে নতুন নতুন চহৰ অঞ্চল আৰু উদ্যোগৰ। ফলত ব্ৰাজিলৰ বৰ্ষাৰণ্যখনৰ ২৫০ মাইল জুৰা বনাঞ্চল চিৰদিনৰ বাবে ধ্বংস হৈ পৰিল। যিসময়ত পথ নিৰ্মাণে সমগ্ৰ পৃথিৱীখনক ৬০০,০০০ টুকুৰাত ভাগ কৰিলে আৰু বন্য জীৱ-জন্তৰ প্ৰাকৃতিক আৱাসস্থলী সমূহলৈ ধ্বংস মাতি আনিলে। এনে ধ্বংসকাৰী বাস্তৱ ছবিখন দেখে কি দৰে দৃঢ়তাৰে কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথটো ফ’ৰলেন লৈ উন্নীতকৰণ কৰাটো বিচাৰোঁ বাৰু কওকচোন। কাৰণ চকুৰ সন্মুখতে বাট বহলোৱাৰ নামত মধ্যপ্ৰদেশৰ পেঞ্চ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল, য’ত এসময়ত ২০০ ঢেকীয়াপতীয়া বাঘে আশ্ৰয় লৈছিল, আজি সেই সজীৱতা এই দুই অৰণ্যত নাই। গুজৰাটৰ বিখ্যাত Kunch Wildlife Sanctuary তথা এচিয়াৰ একমাত্ৰ ফ্লেমিংগ চৰাইৰ প্ৰজননস্থলী -ফ্লেমিংগ চিটিৰ দুৰাৱস্থা আমি দেখিছোঁ। এনে অলেখ উদাহৰণ ভাৰতবৰ্ষতে আছে।

কাজিৰঙাৰ এই অৱস্থা হ’বলৈ দিব নোৱাৰি। বোকাখাত চহৰৰ মাজেৰে ফ’ৰলেন যাওক, তাত কাজিৰঙাৰ বৰ এটা ক্ষতি নহ’ব। কিন্তু কাজিৰঙাৰ ক্ষেত্ৰত বুকুত হাত থৈ কথাষাৰ দ-কৈ ভাৱকচোন। বন্যজন্তু ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ যাব নোৱাৰিলে আমাৰ গাঁৱসমূহলৈ সিঁহত বেছিকৈ সোমাই নাহিবনে? ইতিমধ্যে দেখা গৈছে কাজিৰঙাৰ আশেপাশে থকা পাহাৰ আৰু টিলাবোৰৰ অবাধ ধ্বংস আৰু বিক্ৰীৰ ফলত কাজিৰঙাৰ বিভিন্ন অঞ্চল যেনে কহঁৰা, ইংলেপথাৰ, ম’হপৰা, শ’লমৰালৈ বন্যহস্তী সোমাই অহাৰ ফলত জনতা, বনবিভাগ কাৰো চকুত টোপনি নোহোৱা হৈছে। সেয়ে বিশ্বৰ আকৰ্ষণ ভবিষ্যত সময়তো কাজিৰঙাই লাভ কৰিবলৈ হ’লে – কাজিৰঙাৰ এই ৰাষ্ট্ৰীয় ঘাইপথটোত সেউজ প্ৰাধীকৰণে কোৱাৰ দৰে ঠাইবিশেষে পৰিৱেশবহনক্ষম সুৰংগ ঠাই বিশেষে দুই-এক সেঁতু প্ৰয়োজন সাপেক্ষে হয়তো দিব পৰা যাব। কিন্ত এই ক্ষেত্ৰটো প্ৰয়োজন হ’ব পুংখানুপুংখ জৰীপ৷ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষতি নকৰাকৈ, পৰ্যটনৰ দিশটোক সঠিক পথেৰে পৰিচালিত কৰা স্বাৰ্থত
আমি বিচাৰিম। কেৱল জাকজমক পৰ্যটন ধামখুমীয়াত কাজিৰঙাৰ স্বকীয় ৰূপ-ৰঙ নষ্ট হৈ পৰাৰ ইংগিত ইতিমধ্যে থলুৱা সচেতন নাগৰিকে অনুভৱ কৰিছে। ১৯৩৬ চনত ৰাচেল কাৰ্ছনৰ গ্ৰন্থ Silent Springত উল্লেখ কৰাৰ দৰে যিদৰে ডিডিটি তথা কীট নাশক দ্ৰব্যৰ ব্যাপক জনপ্ৰিয়তাই আমেৰিকালৈ নীৰৱ বসন্ত কঢ়িয়াই আনিছিল – কাজিৰঙাৰ পাহাৰ-জংঘল-পথাৰ ধ্বংস কৰা ডিডিটিৰূপী জাকজমক পৰ্যটনেও যাতে কাজিৰঙালৈ নীৰৱ বসন্ত কঢ়িয়াই নানে তাকে কামনা কৰিছোঁ। এই ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বাৰমাহে ফল-ফুল দিয়া থলুৱা গছ ৰোপণ কৰা হওক। জখলাবন্ধাৰ পৰা কাজিৰঙা অভিমুখী বাটটোত মানৱজাতিক হৃদয় জুৰ পেলোৱা বেঙুনীয়া ফুলৰ এজাৰবোৰ, ৰঙা ৰঙৰ কৃষ্ণচূড়াবোৰ, সেউজীয়া কেনপীবোৰ সদাইয়ে চিৰযৌৱনা হৈ থাকক। গাড়ীৰ খুন্দাত নিৰীহ বন্যপ্ৰাণীৰ তেজেৰে ভিজা বাট এটা আমি নিবিচাৰোঁ। আমি বিচাৰোঁ কাজিৰঙাৰ এই ৰাষ্ট্ৰীয় ঘাইপথটো পক্ষীৰ মাতেৰে মুখৰিত হৈ থাকক!

ড° ভূপেন হাজৰিকাৰ কণ্ঠত বাজি ৰওক সেই কালজয়ী গীতটি – “কাজিৰঙা ভয়াবহ নহয়, নহয় ই অভয়াৰণ্য, ইয়াতকৈও ভয়াবহ জানা, পৃথিৱীৰ জন অৰণ্য!!”

উৎসঃ
১) আৰটিআই কৰ্মী ৰোহিত চৌধুৰীয়ে বনবিভাগৰ পৰা পোৱা তথ্য। যাৰ সহায়ত তেওঁ উচ্চতম ন্যায়ালয়ৰ ওচৰত এই পথটো ফ’ৰলেন উন্নীতকৰণৰ বিৰুদ্ধে আবেদন কৰে।
২) A preliminary report of Reptalian Mortality on road due to Vechicular movements near Kaziranga National park(May to September’2004)
৩) ৬/৭/২০১৬ ৰত্না ভৰালী তালুকদাৰ, www.nezine.com. Published on 6.7.16.

৪)The Vanishing by Preran Singh Bindra
৫) বিশ্বৰ বিপদাপন্ন প্ৰাণী গঁড়- লিখক বুবুল শৰ্মা
Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *