কেন্দ্ৰীয় নিবন্ধসাক্ষাৎকাৰ

ক্ষীৰধৰ বৰুৱাৰ সৈতে সাক্ষাৎকাৰ-(সাক্ষাৎগ্ৰহণঃ ভাস্কৰ ভূঞা)

আপুনি অসমৰ এগৰাকী জনপ্ৰিয় বিজ্ঞান সাহিত্যিক৷ বিজ্ঞান সাহিত্যক সাধাৰণ জনতাৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি আপুনি কাম কৰি আহিছে৷ অসমত বিজ্ঞানসন্মত মানসিকতা গঠনৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট অৱদান আছে৷ বহুকেইখন গ্ৰন্থ আৰু হেজাৰতকৈয়ো অধিক প্ৰবন্ধ লিখি আপুনি অসমৰ সচেতন পাঠক সমাজৰ মাজত পৰিচিত হৈ পৰিছে৷ আপুনি অসমৰ লগতে ভাৰতবৰ্ষৰ বহুকেইটা বিজ্ঞানকেন্দ্ৰিক সংগঠনৰ সৈতেও জড়িত৷ প্ৰথমেই ‘মুক্ত চিন্তা’ ই- আলোচনীৰপৰা আপোনাক অভিনন্দন জনালোঁ৷ এই সাক্ষাৎকাৰত আমি মূলতঃ আপোনাৰ ব্যক্তিগত জীৱনৰ কিছু কথা জানিব বিচাৰিম৷ তাৰ লগে লগে আপুনি জড়িত হৈ থকা বিজ্ঞান সাহিত্যৰ ক্ষেত্ৰখনৰ সৈতে সম্পৰ্কিত কিছু বিষয় আলোচনা কৰিম৷ সুধিবলগীয়া বহুটো প্ৰশ্নৰ উত্তৰ আপুনি ইতিমধ্যেই আপোনাৰ লেখাৰ জৰিয়তে দি থৈছে৷ তথাপি, অসমৰ নতুন প্ৰজন্মটোৱে অনলাইন মাধ্যমত পঢ়িব পৰাকৈ এনে কিছু বিষয় পুনৰ আপোনাৰ মুখেৰে শুনাটো উচিত হ’ব বুলি অনুভৱ কৰিছোঁ৷

প্ৰশ্নঃ আপোনাৰ শৈশৱৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ৷ শৈশৱত আপুনি পোৱা শৈক্ষিক-সামাজিক পৰিৱেশটোৰ কথাও কিছু জনাব৷

উত্তৰঃ এসময়ৰ অবিভক্ত দৰং জিলাৰ (বৰ্তমানৰ শোণিতপুৰ জিলাৰ) জামুগুৰিহাটৰ এটা কৃষক পৰিয়ালত ১৯৪৭ চনৰ ১ ছেপ্টেম্বৰত মোৰ জন্ম হৈছিল৷ মোৰ শৈশৱ আছিল বৈচিত্ৰ্যময়৷ মই পঢ়া-শুনাত মনোযোগী হোৱাৰ উপৰি ছবি অঁকা আৰু লিখাৰ প্ৰতিও আগ্ৰহী আছিলোঁ৷ গাঁৱৰ পুথিভঁৰালৰ পুথিৰ উপৰি ‘আৱাহন’ আদি আলোচনীবোৰ পঢ়িছিলোঁ৷ ঘৰতে পোৱা টেবুল ঘড়ী, ছাইকেলৰ বেটাৰী লগোৱা হৰ্ন আদি খুলি-মেলি সেইবোৰৰ কাৰুকাৰ্য চাই আনন্দ পাইছিলোঁ৷ মই স্কুলৰ অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে কলৰ ভূৰ এখনত এটা যান্ত্ৰিক ব্যৱস্থা লগাই আমাৰ ঘৰৰ সন্মুখত থকা পুখুৰীটোত চলাই গাঁৱৰ মানুহক দেখুৱাই আচৰিত কৰিছিলোঁ৷ সেই সময়ৰ দশম শ্ৰেণীৰ ঐচ্চিক বিজ্ঞানৰ পাঠ্যপুথি ‘প্ৰৱেশিকা বিজ্ঞান’ (অধ্যাপক চন্দ্ৰমল কাকতি) মোৰ অতি প্ৰিয় গ্ৰন্থ আছিল৷ মই অষ্টম শ্ৰেণীৰপৰাই সেই পুথিখন পঢ়ি বিজ্ঞানৰ মৌলিক কথাবোৰ বুজিবলৈ চেষ্টা কৰিছিলোঁ৷ তাৰ ভিত্তিতেই টেলিগ্ৰাফৰ এটা কাৰ্যকৰী মডেল তৈয়াৰ কৰি শিক্ষকসকলক দেখুৱাই প্ৰশংসা আৰু উৎসাহ পাইছিলোঁ৷ প্ৰধান শিক্ষক ছাৰে কৈছিলঃ ‘‘তই আগলৈ ‘ছায়েণ্টিষ্ট’ হ’ব পাৰিবি৷’’ কিন্তু বিজ্ঞানী হ’ব নোৱাৰিলোঁ৷

প্ৰাথমিক স্কুলত মোৰ এগৰাকী ঘৰুৱা শিক্ষকে মোক ‘পঢ়াশালিৰপৰা বিশ্বব্ৰহ্মাণ্ডলৈ’ আৰু ‘শিক্ষক সহচৰ’ নামৰ দুখন অনূদিত পুথি পঢ়িবলৈ দিছিল৷ সেই দুখন গ্ৰন্থৰপৰা মই বিজ্ঞান আৰু সাধাৰণ জ্ঞানৰ বহুত কথা শিকিব পাৰিছিলোঁ৷ হাইস্কুলত মোক এজন বিজ্ঞানৰ শিক্ষকে দিয়া সা-সৰঞ্জামৰ সহায়ত মই এটা সৰু ‘ঘৰুৱা পৰীক্ষাগাৰ’ তৈয়াৰ কৰি লৈছিলোঁ৷ তাত মই কিতাপত থকা ৰসায়নৰ কিছুমান পৰীক্ষা-নিৰীক্ষা কৰি আনন্দ পাইছিলোঁ৷

নৱম শ্ৰেণীত থাকোঁতে মই আগ্ৰহী লগৰীয়াৰ সৈতে ‘ছাত্ৰবন্ধু’ নামৰ এখন (কাৰ্বন পেপাৰ ব্যৱহাৰ কৰি) হাতেলিখা মাহেকীয়া কাকত(৫ পৃষ্ঠাৰ) উলিয়াইছিলোঁ৷ তাত এতিয়াৰ বিশিষ্ট সাংবাদিক আৰু মোৰ সহপাঠী নিত্য বৰায়ো লিখিছিল৷ সেই কাকতৰ ‘সম্পাদকলৈ চিঠি’ শিতানত এবাৰ এজন ছাত্ৰই ‘স্কুলত খোৱাপানীৰ অসুবিধা’ শীৰ্ষক এখন চিঠি লিখিছিল৷ কাৰণ, তেতিয়া আমি স্কুল চৌহদৰ কুঁৱাৰপৰা বাল্টিৰে পানী উঠাই খাব লাগিছিল৷ সেই চিঠি পঢ়ি প্ৰধান শিক্ষক মহাশয়ে মোক মতাই নি হাতত ছেকনিৰে পিটি কৈছিলঃ ‘‘জাৰ্নেলিষ্ট ওলাইছ৷’’ মই ‘জাৰ্নেলিষ্ট’ শব্দটো প্ৰথমবাৰৰ বাবে তেতিয়াই শুনিছিলোঁ৷

সেই সময়ৰ মোৰ দুখন হাতেলিখা পুথি আছিল ‘শলিতা’ (গল্প সংকলন) আৰু ‘কোৱাভাতুৰী’ (ব্যংগ কবিতা সংকলন)৷ স্কুলীয়া ছাত্ৰাৱস্থাতেই ‘অসম বাণী’ কাকতখন নিয়মীয়াকৈ পঢ়াৰ উপৰি দশম শ্ৰেণীত ইংৰাজী ‘ব্লিট্‌জ’, ‘কেৰিয়াৰ্ছ এণ্ড ক’ৰ্চেছ’ আৰু বাংলা ‘লোকসেৱক’ নামৰ এখন বাতৰিকাকত পঢ়িছিলোঁ৷ ইংৰাজীৰ শিক্ষকে ছেক্‌ছপিয়েৰৰ গল্প পঢ়াওঁতে তেওঁৰ অন্য নাটকবোৰৰ কথা কৈছিল৷ মই উৎসাহিত হৈ ছিলঙৰ ‘চপলা বুক ষ্টল’ৰপৰা মগাই আনিছিলোঁ ‘কমপ্লিট ৱৰ্কছ অৱ ছেক্‌ছপিয়েৰ’, যিখন পুথি এতিয়াও মোৰ হাতত আছে৷ সংস্কৃত শিক্ষকে উৎসাহ দিছিলঃ ‘‘নিজৰ ভাষাটো শুদ্ধকৈ জানিবলৈ সংস্কৃতৰ শুদ্ধ জ্ঞান লাগিব৷’’ গণিতৰ শিক্ষকে কৈছিলঃ ‘‘বিজ্ঞান পঢ়িবলৈ গণিত জানিব লাগিব৷’’ ফলস্বৰূপে, মই প্ৰৱেশিকা পৰীক্ষাত সংস্কৃত, উচ্চ আৰু সাধাৰণ গণিতত তিনিটা ‘লেটাৰ’সহ উত্তীৰ্ণ হৈছিলোঁ৷

স্বাধীনতা লাভৰ ঠিক পাছৰ সময়ছোৱাত কংগ্ৰেছৰ একছত্ৰী প্ৰভাৱ থাকিলেও প্ৰজা ছ’ছিয়েলিষ্ট পাৰ্টি (পিএছপি) আৰু কমিউনিষ্ট পাৰ্টিৰ প্ৰভাৱো কম নাছিল৷ মহাত্মা গান্ধী আৰু বিনোৱা ভাবেৰ প্ৰভাৱ বিশেষকৈ গাঁও অঞ্চলত ভালকৈ অনুভৱ কৰিছিলোঁ৷ গ্ৰাম্যাঞ্চলত পুথিভঁৰালৰ স্থাপনে জনসাধাৰণক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মাইছিল৷ আধুনিক শিক্ষা পদ্ধতি, বিজ্ঞান-প্ৰযুক্তিৰ বিকাশ আৰু প্ৰগতিৰ প্ৰভাৱ সমাজৰ সৰহভাগ ক্ষেত্ৰত পৰা দেখিছিলোঁ৷এইখিনি কথাৰপৰাই মোৰ শৈশৱ আৰু কৈশোৰৰ জামুগুৰিহাট অঞ্চলৰ শৈক্ষিক আৰু সামাজিক পৰিৱেশৰ কিছু আভাস পোৱা যায়৷

প্ৰশ্নঃ বিজ্ঞান মানসিকতা গঠনৰ ধাৰণাবোৰ বা এজন যুক্তিবাদী ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিবলৈ আপুনি কেনেদৰে প্ৰেৰণা লাভ কৰিছিল? আপোনাৰ এই যাত্ৰাটোৰ বিষয়ে কিছু কথা কওক৷

উত্তৰঃ ছাত্ৰাৱস্থাত মই জ্ঞানৰ সন্ধানত কলা-সাহিত্য, ধৰ্ম আৰু বিজ্ঞান তিনিওটাৰে প্ৰতি আকৰ্ষিত হৈছিলোঁ৷ মানুহৰ নৈতিক চৰিত্ৰ গঠনৰ বাবে ধৰ্মৰ প্ৰয়োজন বুলি এটা বিশ্বাস হৈছিল৷ কিন্তু, আধ্যাত্মিক বা ঐশ্বৰিক চিন্তাৰ স্থান তাত নাছিল৷ মানুহ মাত্ৰেই অনুসন্ধিৎসু যুক্তিবাদী শিশুৰূপেই জন্ম গ্ৰহণ কৰে৷ পৰৱৰ্তী কালত পাৰিবাৰিক আৰু সামাজিক পৰিৱেশেহে বিজ্ঞান-মানসিকতাৰ বিকাশত বাধা জন্মায়৷ প্ৰকৃতিত ঘটি থকা পৰিঘটনা, সামাজিক পৰিস্থিতি আৰু বৈজ্ঞানিক তথ্য-তত্ত্ব সম্বলিত কলা-কৌশলৰ সূক্ষ্ম নিৰীক্ষণেই মোৰ যুক্তিবাদী চিন্তা-চৰ্চাৰ মূল উৎস যেন লাগে৷

হাইস্কুলত থাকোঁতেই মই ঘৰৰ কাষৰ বৰদেউতা এজনৰ প্ৰভাৱত পৰি অনুকূল ঠাকুৰৰ দীক্ষা গ্ৰহণ কৰিছিলোঁ৷ দেউতাই মোৰ সেই আগ্ৰহ দেখি সত্ৰৰ গোসাঁইৰ শৰণ লোৱাৰ ব্যৱস্থা কৰি দিছিল৷ একে সময়তে জামুগুৰিৰ সন্তান আৰু তেতিয়াৰ গুৱাহাটীবাসী ৰাধিকামোহন ভাগৱতীৰ তত্ত্বাৱধানত আৰু আমাৰ স্কুলৰ বিজ্ঞান শিক্ষকগৰাকীৰ পৰিচালনাত স্কুলত গঠন কৰা ‘সত্যাৰ্থী সমাজ’তো অন্তৰ্ভুক্ত হৈছিলোঁ৷ এই সমাজত নিয়মীয়াকৈ গীতা পাঠ আৰু যোগাসন-প্ৰাণায়াম আদি কৰিব লাগিছিল৷

এইবোৰে মোৰ ধৰ্ম তথা আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষণ বঢ়াব নোৱাৰিলে৷ অনুকূল ঠাকুৰৰ উক্তি কিছুমান আকৰ্ষণীয়৷ বুঢ়া সত্ৰাধিকাৰৰ মূৰ্তি আৰু ভাৱৰীয়াৰ মুখা সজাৰ প্ৰতিভা আছিল অতুলনীয় আৰু আকৰ্ষণীয়৷ মই পঢ়া ‘শ্ৰীমদ্ভগৱত গীতা’খনৰ অনুবাদক আছিল পদাৰ্থবিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ উপাধিধাৰী অসমীয়া ৰাধানাথ ফুকন৷ তেখেতে গীতাৰ দাৰ্শনিক দিশটোৰ ব্যাখ্যা দিবলৈ গৈ পদাৰ্থবিজ্ঞানৰ তত্ত্ব কিছুমান বিশ্লেষণ কৰিছে৷ গতিকে, এই তিনিটা পৰিস্থিতিৰপৰা মোৰ জ্ঞানৰ পৰিধিহে কিছু বাঢ়িল৷ কিন্তু, ধৰ্ম বা আধ্যাত্মিকতা, অন্ধবিশ্বাসে মোক প্ৰভাৱিত কৰিব নোৱাৰিলে৷

প্ৰশ্নঃ বিশ্বাস আৰু অন্ধবিশ্বাসৰ পাৰ্থক্যবোৰ আপুনি কেনেদৰে চিহ্নিত কৰিব বিচাৰে? আমি জানো যে ব্যক্তিভেদে বিশ্বাস আৰু অন্ধবিশ্বাসৰ পাৰ্থক্য, সংজ্ঞা আদি বেলেগ বেলেগ পৰ্যায়ৰ হয়৷ কোনোৱে বিশ্বাস বুলি মানিব খোজা কথা এটা আকৌ কাৰোবাৰ বাবে অন্ধবিশ্বাস হৈ পৰে৷ এই ক্ষেত্ৰত দুয়োটা অভিধাৰ কিছু সামগ্ৰিক বিশেষত্ব নিৰ্মাণ কৰিব নোৱাৰিনে?

উত্তৰঃ মোৰ দৃষ্টিত সৰল অৰ্থত, যি বিশ্বাসৰ বৈজ্ঞানিক ভিত্তি নাই, সেয়ে অন্ধবিশ্বাস (superstition)৷ আভিধানিক সংজ্ঞা মতে, অন্ধবিশ্বাস হ’ল যুক্তিৰে সমৰ্থন কৰিব নোৱৰা বিশ্বাস৷ বিবেচনা নকৰাকৈ মানি থকা পৰম্পৰাগত ৰীতি-নীতিবোৰো অন্ধবিশ্বাস বা অন্ধ-সংস্কাৰ৷ কোনো অজ্ঞাত বস্তুৰ প্ৰতি থকা অহৈতুক ভয় বা ভক্তিকো অন্ধবিশ্বাস বোলা হয়৷ সেই অৰ্থত, ঈশ্বৰ, আত্মা, পৰজন্ম, ভূত-প্ৰেত-ডাইনী আদিৰ অস্তিত্বৰ বিশ্বাসো অন্ধবিশ্বাস৷

মানুহৰ অজ্ঞানতাজনিত অন্ধবিশ্বাসবোৰ সমাজত আৰম্ভণিৰেপৰাই চলি আছে৷ মানুহে জ্ঞানৰ অভাৱত অন্ধবিশ্বাস বুলি ভাবি অহা কিছুমান প্ৰাকৃতিক পৰিঘটনাৰ বৈজ্ঞানিক দিশটো জনাৰ পাছতো ঘৰুৱা আৰু সামাজিক পৰিৱেশৰ প্ৰভাৱৰ বাবে মানুহ অন্ধবিশ্বাসৰপৰা মুক্ত হ’ব নোৱাৰে৷ উদাহৰণস্বৰূপে, স্কুলৰ বিজ্ঞানত সূৰ্য আৰু চন্দ্ৰ গ্ৰহণৰ বিষয়ে শিক্ষকে বুজোৱাৰ পাছতো কিছুমান শিক্ষাৰ্থী আৰু শিক্ষকে গ্ৰহণৰ সময়ত অজ্ঞান মানুহৰ দৰেই আচৰণ কৰা দেখা যায়৷ জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞানৰ পাৰ্থক্য জনাৰ পাছতো বহুতে বাতৰিকাকত-আলোচনীত প্ৰকাশিত ‘ৰাশিফল’ত চকু ফুৰোৱা দেখা যায়৷ বৰ্তমান নমামি ব্ৰহ্মপুত্ৰ, ভূমি-পূজন, পূজা-যজ্ঞেৰে কাৰ্যালয়ত প্ৰৱেশ আদিৰ দৰে অন্ধবিশ্বাস বৰ্তাই ৰখাৰ চৰকাৰী প্ৰচেষ্টাই শিক্ষিত-অৰ্ধশিক্ষিত-অশিক্ষিত সকলো লোকৰ মাজৰ অন্ধবিশ্বাসত সাৰ-পানী যোগাইছে৷

বিজ্ঞানী আৰু বিজ্ঞান জগতৰ অন্ধবিশ্বাসমূলক কাম-কাজেও কেতিয়াবা জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে৷ ‘ভাৰতীয় মহাকাশ গৱেষণা সংস্থা’ৰ বিজ্ঞানীয়ে প্ৰতিটো ৰকেট বা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ পূৰ্বে তিৰুপতি মন্দিৰত ৰকেটৰ মডেল এটা লৈ পূজা-অৰ্চনা কৰে আৰু নাৰিকল ভাঙে৷ কিন্তু, সকলো বিজ্ঞানীয়ে এই ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগ নবঢ়ায়৷

কণিকা-পদাৰ্থবিজ্ঞানত এবিধ বিৰল পদাৰ্থ কণিকাক ৰূপকীয় অৰ্থত ‘ঈশ্বৰ কণিকা’ (God particle) বোলা হয়৷ কিন্তু, ইয়াকে ‘বিজ্ঞানীসকলে ঈশ্বৰক কণিকাৰ ৰূপত বিচাৰি পালে’ (‘Scientists have found ‘God’ in the form of particles.’) বুলি কৰা বিজ্ঞসকলৰ উক্তিয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰে৷ গতিকে, এনে পৰিস্থিতিত বিশ্বাস-অন্ধবিশ্বাসৰ গ্ৰহণযোগ্য নতুন অভিধা এটা সৃষ্টি কৰাটো সহজ নহয়৷

প্ৰশ্নঃ দীৰ্ঘদিন ধৰি আপুনি অসমত বিজ্ঞান-মানসিকতা গঠনৰ বাবে সাহিত্যৰ লগতে সংগঠক ৰূপে কাম কৰি আহিছে৷ এই দীঘলীয়া অভিজ্ঞতাৰ আধাৰত কওকচোন- আপুনি ইমানদিনে কেনে ধৰণৰ ইতিবাচক আৰু নেতিবাচক পৰিৱেশ এটা অসমত লাভ কৰিছে৷

উত্তৰঃ মোৰ বিজ্ঞান-প্ৰযুক্তি বিষয়ক লেখাবোৰত বিজ্ঞান-প্ৰযুক্তিৰ তথ্য, পদ্ধতি, ন-পুৰণি আৱিষ্কাৰ-উদ্ভাৱন আৰু সেইবোৰৰ মানৱ সমাজ তথা জীৱজগতত প্ৰভাৱ, পৰিৱেশ সম্পৰ্কে ন-পুৰণি ধাৰণা, পৰিৱৰ্তন আদি বিভিন্ন বিষয় সামৰি লোৱা হয়৷ সেই ৰচনাবোৰে কিদৰে পঢ়ুৱৈৰ মনত প্ৰভাৱ পেলায় তাক তেওঁলোকে মাজে-সময়ে মোৰ সৈতে কৰা যোগাযোগৰপৰা গম পোৱা যায়৷ ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীৰপৰা অশীতিপৰ কবিৰাজ আৰু পদাৰ্থবিজ্ঞানৰ অধ্যাপকলৈকে বিভিন্নজনে মোৰ লেখাৰ তথ্য-পাতিৰদ্বাৰা নিজৰ ভুল শুধৰাই লোৱা বুলি জনোৱাৰ উদাহৰণো আছে৷ অন্যহাতে, ‘বিজ্ঞান জেউতি’ৰ সম্পাদক হৈ থাকোঁতে জ্যোতিষবিদ্যাই প্ৰচাৰ কৰা অন্ধবিশ্বাসৰ বিষয়ে প্ৰবন্ধ প্ৰকাশ কৰাৰ বাবে মোক পদাৰ্থবিজ্ঞানৰ এজন অভিজ্ঞ অধ্যাপক আৰু কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে সমালোচনা কৰিছিল৷

পৰীক্ষা-নিৰীক্ষাৰ প্ৰদৰ্শন, চিত্ৰ, কাৰ্টুন আদি সমৃদ্ধ জনপ্ৰিয় বক্তৃতাই অন্ধবিশ্বাসৰ বিপৰীতে বিজ্ঞান-মানসিকতাৰ প্ৰচাৰত পোনপটীয়া প্ৰভাৱ পেলাব পাৰে বুলি ধাৰণা হয়৷ এই ক্ষেত্ৰত সাংগঠনিক প্ৰচেষ্টাৰ সফলতা বেছি বুলি ক’ব পাৰি৷ উদাহৰণস্বৰূপে, ‘অসম বিজ্ঞান সমিতি’ৰ জৰিয়তে কৰি অহা অন্ধবিশ্বাস-কুসংস্কাৰ বিৰোধী কাৰ্যসূচী, সৰ্বভাৰতীয় পৰ্যায়ৰ ‘ভাৰত জনবিজ্ঞান যাত্ৰা (১৯৮৭)’, আৰু আমাৰ ‘আকাশ’ সংগঠনৰ কাৰ্যসূচীৰ সফলতাই তাৰ প্ৰমাণ দিয়ে৷ মই ১৯৮০ চনৰপৰা বৰ্তমানলৈকে কৰি অহা ৰাজহুৱা সাংগঠনিক কাম কিছুমানে মানুহৰ মাজত বিজ্ঞান-মানসিকতাৰ প্ৰচাৰত সহায় কৰা যেন অনুভৱ হয়৷ ১৯৮০ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পূৰ্ণ সূৰ্যগ্ৰহণৰ সময়ত ‘অসম বাণী’ত সেই সম্পৰ্কে বিস্তৃত প্ৰবন্ধ লিখিছিলোঁ৷ সেইদিনা সকলো মানুহ বন্ধ কোঠাত সোমাই থকাৰ সময়ত মই সেই গ্ৰহণৰ ফটো গ্ৰহণ কৰিছিলোঁ৷ সেইদৰে, ১৯৮৬-৮৭ চনত তিনি মাহ ধৰি হেলিৰ ধূমকেতুৰ ৰাজহুৱা প্ৰদৰ্শন কৰোৱা হৈছিল বিশ্বনাথ চাৰিআলিত৷ ১৯৯৫ আৰু ২০০৯ চনতো সূৰ্য গ্ৰহণৰ ৰাজহুৱা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছিল৷ আনকি, গ্ৰহণ চলি থকা অৱস্থাতে দৰ্শকে আহাৰ গ্ৰহণ কৰি ‘গ্ৰহণৰ সময়ত আহাৰ খাব নাপায়’ বোলা অন্ধবিশ্বাসটো অমূলক বুলি প্ৰমাণ কৰিছিল৷

১৯৯৫ চনত গোটেই দেশতে (আনকি, বিদেশৰো গণেশ মন্দিৰবোৰত) গণেশ দেৱতাই গাখীৰ খোৱা বুলি জনৰৱ প্ৰচাৰ হৈছিল৷ শুনিছিলোঁ, বিশ্বনাথ চাৰিআলিতো কোনো কোনো মন্দিৰত, দোকানত আৰু মানুহৰ ঘৰত গণেশে গাখীৰ খাইছে৷ সেই সময়ত মই অধ্যাপক ৰাণা হাজৰিকাৰ সৈতে কিছুমান দোকান আৰু মানুহৰ ঘৰলৈ গৈ দেখুৱাইছিলোঁ : গণেশে গাখীৰ খোৱা যেন লগা সেই বৈজ্ঞানিক পৰিঘটনাটোনো প্ৰকৃততে কি৷ গাঁৱৰ কাম কৰা মহিলা মালতীয়েও কৈছিল, ‘ইমান দিনে কোনো দেৱতাই প্ৰসাদ খোৱা নাই৷ দেৱতালৈ আগ বঢ়োৱা বস্তু আমিহে খাওঁ৷’ মই কলেজৰ শ্ৰেণীতো প্ৰদৰ্শন কৰিছিলোঁ : জুলীয়া বস্তুৰ পৃষ্ঠটান আৰু কৈশিক ক্ৰিয়া নামৰ ধৰ্মৰ কাৰণে গণেশৰ দাঁতৰ ওপৰেদি গাখীৰ উঠি যোৱাৰ ফলত গাখীৰ খোৱা যেন দেখি৷

নাটক প্ৰদৰ্শনো অন্ধবিশ্বাসৰ বিপৰীতে বৈজ্ঞানিক মানসিকতাৰ প্ৰচাৰৰ উত্তম মাধ্যম হ’ব পাৰে৷ মই ২০০৯ চনত অনুবাদ কৰা বাৰ্ট’ল্ট ব্ৰেখটৰ ‘গেলিলিঅ’ গেলিলি’ নামৰ নাটকখন উজনি অসমৰ কোনো কোনো ঠাইত ‘চোতাল নাট’ হিচাপে প্ৰদৰ্শন কৰি সফল হোৱা বুলি নাট্যকাৰ-অভিনেতা সপোনজ্যোতি ঠাকুৰে জনাইছিল৷প্ৰশ্ন সোধা আৰু কিবা এটা কৰি প্ৰমাণ চোৱাটো শিশুৰ জন্মগত প্ৰবৃত্তি৷ এয়া বৈজ্ঞানিক মানসিকতাৰ লক্ষণ৷ শিশুক পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে আনন্দময় পদ্ধতিৰে বিজ্ঞানৰ মৌলিক জ্ঞানৰ শিক্ষা দিলে তেওঁলোকৰ মাজৰপৰাই বৈজ্ঞানিক মানসিকতা থকা যুক্তিবাদী ব্যক্তিৰ সৃষ্টি হ’ব বুলি অশা কৰোঁ৷ এই পদ্ধতি প্ৰয়োগ কৰি মই সৰ্বাধিক সফল হৈছোঁ বুলি অনুভৱ কৰোঁ৷

প্ৰশ্নঃ ঈশ্বৰ সম্পৰ্কীয় ধাৰণাটোক লৈ আপোনাৰ স্থিতি সম্পৰ্কে কিছু কথা বহলাই কওক৷ বিশ্বাস আৰু অন্ধবিশ্বাসৰ মূল গুৰিটো এই‘ঈশ্বৰ’ নামৰ ধাৰণাটোৰ সৈতে সংপৃক্ত৷ যুক্তিবাদী বা বিজ্ঞান-মানসিকতাৰ অধিকাৰী হ’বলৈ হ’লে ঈশ্বৰ সম্পৰ্কীয় ধাৰণাটোক লৈ মানুহৰ স্থিতি কেনে হ’ব লাগে বুলি আপুনি অনুভৱ কৰে?

উত্তৰঃ এতিয়াও মোৰ গৃহিণীয়ে আমাৰ দূৰৈত থকা ল’ৰা-ছোৱালী দুটিৰ জন্মদিনত ‘নেদেখাজন’লৈ এগছি বন্তি আৰু ধূপ-ধূনা জ্বলাই প্ৰসাদ আগবঢ়াই ওচৰ-চুবুৰীয়াক সেই প্ৰসাদৰ পাত একোখন দি আহে৷ সন্তানৰ কল্যাণ কামনা কৰি এইখিনি কৰাৰ বাহিৰে দৈনন্দিন জীৱনত ধৰ্ম নাইবা ঈশ্বৰৰ নামত কোনো ভক্তিমূলক চিন্তা-চৰ্চা, কথা-বাৰ্তা বা ক্ৰিয়াকৰ্ম ঘৰখনত নচলে৷ ব্যক্তিগতভাৱে, ধৰ্মীয় ধ্যান-ধাৰণা আৰু ঈশ্বৰ বিশ্বাসৰ ওপৰত মোৰ কোনো আস্থা নাই৷ এই সম্পৰ্কে অন্য প্ৰশ্নৰ উত্তৰত কিছু অভিজ্ঞতাৰ বিষয়ে কোৱা হৈছে৷ অৱশ্যে, ধৰ্মীয় পন্থাৰ লগত জড়িত জীৱজগতৰ কল্যাণমূলক বিজ্ঞানসন্মত ধাৰণা থাকিলে সেয়া আমি বিজ্ঞানসন্মত পদ্ধতিৰে কাৰ্যকৰী কৰা উচিত বুলি ভাবোঁ৷ ইয়াৰ এটা উদাহৰণ হ’ল বৃক্ষপূজা আৰু বৃক্ষৰ সংৰক্ষণ৷

অতীজত মানুহে স্বভাৱগত অনুসন্ধিৎসা, নিজৰ নিৰাপত্তা বা সুৰক্ষা, জীৱন যাত্ৰাৰ দিক্‌নিৰ্দেশনা, কল্যাণকামী চিন্তা আদিৰ কাৰণে এজন সৃষ্টিকৰ্তা বা ঈশ্বৰৰ কল্পনা কৰি লৈছিল আৰু সেই ধাৰণা সমাজৰ সৰহ ভাগৰ মনত আজিও বিদ্যমান৷ প্ৰকৃতি সম্পৰ্কে মানুহৰ জ্ঞানৰ অভাৱৰ কাৰণেই ঈশ্বৰৰ অস্তিত্বৰ কল্পনাৰ আশ্ৰয় লয়৷ মানুহে ভাবে যে এই বিনন্দীয়া, বৈচিত্ৰ্যময়, সুপৰিকল্পিত, শৃংখলাবদ্ধ প্ৰাকৃতিক জগতখনৰ সৃষ্টিৰ আঁৰত নিশ্চয় কোনোবা অদৃশ্য খনিকৰৰ হাত আছে৷ ঈশ্বৰেই জীৱক বিপদ-বিঘিনি, ৰোগ, শত্ৰু আদিৰপৰা সুৰক্ষা দি ৰাখিব পাৰে, সৎপথেৰে যাবৰ বাবে দিক্‌নিৰ্দেশনা দিব পাৰে, জগতৰ কল্যাণ সাধন কৰিব পাৰে বুলি ধাৰণা কৰা হয়৷ কিন্তু, মানু্‌হে জানে যে এয়া মাথোঁ সৎ বিশ্বাসহে, ইয়াৰ সত্যতা নাই৷ এনে বিশ্বাস দুৰ্বল মনৰ ব্যক্তিৰ প্ৰেৰণা তথা সন্তুষ্টিহে৷ ঐশ্বৰিক শক্তিত থকা বিশ্বাসৰ ফলতেই ধৰ্মবিশ্বাস আৰু লগতে অন্য অন্ধবিশ্বাসৰো জন্ম হ’ব পাৰে, কেতিয়াবা এটা অন্ধবিশ্বাস মানি ল’লে আন এটা অন্ধবিশ্বাসো মানি ল’ব লগা হয়৷ গতিকে, ঈশ্বৰ আৰু ধৰ্মবিশ্বাস যুক্তিবাদ বা বিজ্ঞান-মনস্কতাৰ পৰিপন্থী বুলি অনুভৱ কৰোঁ৷

প্ৰশ্নঃ ৰাজনৈতিক পৃষ্ঠপোষকতাত শেহতীয়াকৈ অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামি বহু পৰিমাণে বাঢ়িছে বুলি যদি কওঁ, তেন্তে আপোনাৰ ক’বলগীয়া? বিজ্ঞানৰ প্ৰসাৰ-প্ৰচাৰ আৰু মানুহক যুক্তিবাদী হিচাপে গঢ়ি তোলাত এখন চৰকাৰৰ দায়িত্ব বা ভূমিকা কেনে হোৱাটো বিচাৰে?

উত্তৰঃ সাধাৰণতে সমাজৰ সৰহভাগ মানুহৰে অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামি থকা দেখা যায়৷ ধৰ্মনিৰপেক্ষ ৰাজনৈতিক পৰিৱেশৰ বাবে সেয়া সচৰাচৰ নিয়ন্ত্ৰিত হৈ থাকে, বেছিকৈ প্ৰকাশ নাপায়৷ কিন্তু, বৰ্তমান আমাৰ দেশত তাৰ বিপৰীতটো হোৱাত অন্ধবিশ্বাস, ধৰ্মীয় গোড়ামি আৰু সাম্প্ৰদায়িকতা বেছি প্ৰকট হৈ উঠা দেখা গৈছে৷ চৰকাৰে এই ক্ষেত্ৰত একপক্ষীয়ভাৱে নগৈ সকলোৰে গ্ৰহণযোগ্য উদাৰ নীতি গ্ৰহণ কৰা উচিত৷ প্ৰকল্প এটা উদ্বোধন কৰাৰ নামত কৰা ভূমি-পূজন, যাগ-যজ্ঞ আদিৰ দৰে অযুক্তিকৰ আৰু অবিজ্ঞানসন্মত কাম-কাজে সমাজত যুক্তিবাদ প্ৰচাৰ কৰাৰ পৰিৱৰ্তে অন্ধবিশ্বাস আৰু ধৰ্মীয় অন্ধতা বৃদ্ধি কৰে৷ ভূমি পূজাত গুৰুত্ব দিয়াসকলে ভূমি আৰু ভূ-জল সংৰক্ষণ, ভূমি প্ৰদূষণ ৰোধ কৰা আদিত কিমান গুৰুত্ব দিছে? এই কথাবোৰ ৰাইজেও ভাবি চাব লাগে।-

প্ৰশ্নঃ আপুনি ‘বিজ্ঞান জেউতি’ আলোচনীখন ১৯৯৯ চনৰপৰা ২০০১ চনলৈকে সম্পাদনা কৰিছিল৷ এই বিজ্ঞান আলোচনীখনৰ সম্পাদক হিচাপে বিষয়বস্তু আৰু ইয়াৰ প্ৰসাৰক লৈ আপুনি সুখী আছিলনে? এজন সম্পাদক হিচাপে আলোচনীখনক লৈ আপুনি কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল?

উত্তৰঃ অসম বিজ্ঞান সমিতিয়ে ৰাজ্যখনত বিজ্ঞান জনপ্ৰিয়কৰণৰ অন্যতম সহায়ক হিচাপে ১৯৬১ চনৰ ছেপ্টেম্বৰ মাহৰপৰা তিনিমহীয়া হিচাপে বিজ্ঞান জেউতি প্ৰকাশ কৰিছিল৷ প্ৰথমগৰাকী সম্পাদক আছিল অধ্যাপক মিনধৰ বৰঠাকুৰ৷ পাছলৈ দুমহীয়াকৈ প্ৰকাশ হোৱা বিজ্ঞান জেউতিয়েই দীৰ্ঘতম কাল নিয়মীয়াকৈ আজিলৈকে প্ৰকাশ হৈ থকা একমাত্ৰ অসমীয়া আলোচনী৷ ১৯৬৭ চনতেই এই আলোচনীত মোৰ প্ৰবন্ধ, কাৰ্টুন আৰু ৰেখাচিত্ৰ প্ৰকাশ পাইছিল৷ মই ১৯৬৩ চনত কটন কলেজত পঢ়িবলৈ গৈ পাণবজাৰৰ কিতাপৰ দোকানত বিজ্ঞান জেউতিখন কিনিছিলোঁ৷

১৯৯৯ চনত প্ৰথমবাৰৰ বাবে বিজ্ঞান জেউতিৰ সম্পাদনাৰ দায়িত্ব গুৱাহাটীৰ বাহিৰৰ ব্যক্তি হিচাপে মোক দিয়া হৈছিল৷ কলেজৰ অধ্যাপনাৰ কামত বাধা পৰে বুলি আশংকা কৰি মই সেই দায়িত্ব ল’ব খোজা নাছিলোঁ যদিও সেই সময়ৰ সমিতিৰ সভাপতি ড॰ চন্দ্ৰ মোহন শৰ্মা আৰু মোৰ বন্ধু-সহপাঠী ড॰ দীনেশ চন্দ্ৰ গোস্বামীৰ হেঁচাত পৰি মই সন্দেহভৰা মনেৰে সেই দায়িত্বভাৰ কান্ধ পাতি লৈছিলোঁ৷ প্ৰথম তিনিটা সংখ্যা গুৱাহাটীলৈ গৈ সম্পাদনা কৰিছিলোঁ৷ পাছত মই নিজে ঋণ লোৱা ধনেৰে কম্পিউটাৰ-স্কেনাৰ-প্ৰিণ্টাৰ কিনি লৈ ঘৰতে পে’জ-মেকাপৰ পৰ্যায়লৈকে কাম কৰি, ছপাৰ বাবে গুৱাহাটীৰ প্ৰেছলৈ প্ৰেৰণ কৰি, মাত্ৰ দুদিনমানৰ বাবে গুৱাহাটীলৈ গৈছিলোঁ৷ এই অভিজ্ঞতাৰ বাবে মই পৰৱৰ্তী সময়ত ‘বিশ্বকোষ’ সম্পাদনাৰ কাম (২০০০-২০০২) বিশ্বনাথ চাৰিআলিৰ নৱপুৰ গাঁৱৰ ঘৰতে থাকি সহজে কৰিব পৰা হৈছিলোঁ৷

মই সম্পাদকৰ দায়িত্ব লোৱাৰ সময়ত বিজ্ঞান জেউতি বিশেষকৈ এখন উচ্চ মানবিশিষ্ট বিদ্যায়তনিক জনপ্ৰিয় আলোচনী হিচাপে পৰিচিত আছিল৷ মই আলোচনীখনক এটা নতুন মাত্ৰা দি শিক্ষাৰ্থীৰ লগতে জনসাধাৰণৰ মাজলৈ নিয়াৰ প্ৰচেষ্টা হাতত লৈছিলোঁ৷ সেই উদ্দেশ্যে নিয়মীয়া শিতানৰ উপৰি ‘মোৰ দৃষ্টিত বিজ্ঞান’, ‘কিৰিষণা’, ‘স্মৰণ’, ‘মগজুৰ খোৰাক’, ‘ঘৰুৱা বিজ্ঞান’, ‘স্বাস্থ্য’, ‘বিনোদন’, ‘বিজ্ঞান-কাৰ্টুন’ আদি কেইটামান আকৰ্ষণীয় নিয়মীয়া শিতান খোলা হৈছিল৷ ‘মোৰ দৃষ্টিত বিজ্ঞান’ শিতানত বিশেষকৈ শিক্ষা আৰু পেছাত বিজ্ঞানৰ সৈতে পোনপটীয়াকৈ জড়িত নোহোৱা বিশিষ্ট ব্যক্তিসকলৰ বিজ্ঞান সম্পৰ্কীয় দৃষ্টিভংগী প্ৰকাশ কৰা হৈছিল৷ এই শিতানত মোৰ সম্পাদনাত প্ৰকাশ হোৱা বিজ্ঞান জেউতিৰ তেৰটা সংখ্যাত বাৰগৰাকী বিশিষ্ট ব্যক্তিৰ বক্তব্য প্ৰকাশ পাইছিল৷ সেইসকল আছিল যথাক্ৰমে, নৱকান্ত বৰুৱা, ড॰ হীৰেন গোহাঁই, শৰৎ চন্দ্ৰ সিংহ, লক্ষ্যধৰ চৌধুৰী, চৈয়দ আব্দুল মালিক, তিলক হাজৰিকা, হীৰেন ভট্টাচাৰ্য, নীলপৱন বৰুৱা, পুষ্পলতা দাস, ড॰ হেৰম্ব কান্ত বৰপূজাৰী, অজিৎ বৰুৱা আৰু হোমেন বৰগোহাঞি৷ ‘কিৰিষণা’ত কৃষি, পশুপালন, পশুচিকিৎসা সম্পৰ্কীয় লেখা আৰু বাতৰি প্ৰকাশ পাইছিল৷

আলোচনীখনৰ ব্যৱসায়িক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পাণবজাৰ, বাছ ষ্টেণ্ড, ৰে’ল ষ্টেশ্যন আদিৰ কিতাপৰ দোকানতো যাতে বিজ্ঞান জেউতি সহজে পোৱা যায়, তাৰ ব্যৱস্থা কৰা হৈছিল৷ আনকি, শাখাবোৰলৈও যাতে বিজ্ঞান জেউতি নিয়মীয়াকৈ পঠোৱা হয়, তাৰ প্ৰতিও চকু দিয়া হৈছিল৷ এনে প্ৰচেষ্টাৰ ফলতেই সেই দুবছৰত বিজ্ঞান জেউতিৰ বিক্ৰী দুহাজাৰ কপি বৃদ্ধি হৈছিল৷ এতিয়া বিজ্ঞান জেউতি অধিক উন্নত ৰূপত ছপা হৈ প্ৰকাশ পায়, কিন্তু পঢ়ুৱৈৰ হাতত নপৰেগৈ বুলি বহুতে অভিযোগ কৰা দেখা যায়৷-

প্ৰশ্নঃ আপুনি অসম বিজ্ঞান লেখক সংস্থাৰ সভাপতিৰ পদত দুবছৰ কাল আছিল৷ অসমত এই সংস্থাটোৰ স্থিতিক লৈ আপুনি সন্তুষ্টনে? নৱপ্ৰজন্মক এই সংস্থাটোৰ সৈতে জড়িত কৰাবলৈ আপোনালোকে কেনে ধৰণৰ পদক্ষেপ লৈছে? সংস্থাটো আৰু কিছু গতিশীল হ’ব লাগিছিল বুলি আপুনি নাভাৱেনে?

উত্তৰঃ ‘অসম বিজ্ঞান লেখক সংস্থা’ নামৰ অনুষ্ঠানটো ড॰ দীনেশ চন্দ্ৰ গোস্বামীৰ প্ৰচেষ্টাত ১৯৯৯ চনত গঠন কৰা হৈছিল৷ এই সংস্থাই জন্মলগ্নৰেপৰা বিজ্ঞান লেখকৰ প্ৰশিক্ষণ কৰ্মশালা, আলোচনাচক্ৰ আৰু জনপ্ৰিয় বক্তৃতানুষ্ঠানৰ আয়োজন কৰাৰ উপৰি এতিয়ালৈকে কুৰিখনৰো অধিক জনপ্ৰিয় বিজ্ঞানৰ পুথি প্ৰকাশ কৰিছে৷ ড॰ দীনেশ চন্দ্ৰ গোস্বামীয়ে প্ৰতিষ্ঠাপক সভাপতিৰূপে প্ৰথম দুবছৰ (২০০০-২০০২) কাম চলোৱাৰ পিছত (২০০২-২০০৪) চনৰ কাৰ্যকালৰ বাবে মই সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিলোঁ৷ মই জনপ্ৰিয় বক্তৃতা, আলোচনাচক্ৰ আদিৰ লগতে গ্ৰন্থ প্ৰকাশ, প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব দিছিলোঁ৷ মোৰ কাৰ্যকালত প্ৰকাশ হোৱা ১৪ খন পুথি হ’ল জনবিজ্ঞান পুস্তিকা (৩ খন), বিজ্ঞান চেতনা পুস্তিকা (৬ খন), বিজ্ঞান কাৰ্টুন সংকলন (১ খন), আৰু স্মৃতিগ্ৰন্থ (৪ খন)৷ ২০০৪ চনৰ ২৫-২৮ নৱেম্বৰত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অৰ্থ-সাহায্যত এখন ৰাজ্যিক ভিত্তিক ৪ দিনীয়া বিজ্ঞান সাহিত্যৰ অনুবাদ কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল৷ সেই প্ৰশিক্ষণ কৰ্মশালাত ৰাজ্যখনৰ ৫৫গৰাকী ন-পুৰণি লেখকে অংশ গ্ৰহণ কৰিছিল৷ সংস্থাৰ ২০০৩-২০০৫ কাৰ্যকালৰ (সভাপতি ড॰সোণেশ্বৰ শৰ্মা) কাৰ্যক্ৰমৰ অন্তৰ্গত ‘পুতলা নাচৰ জৰিয়তে বিজ্ঞান জনপ্ৰিয়কৰণ’ শীৰ্ষক ৫ দিনীয়া প্ৰশিক্ষণ কৰ্মশালাখনো মোৰ পৰিচালনাত ২০০৬ চনৰ ২৪-২৮ মে’ তাৰিখে বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত কৰা হৈছিল৷ কৰ্মশালাত প্ৰস্তুত কৰা পুতলাৰ সহায়ত অন্ধবিশ্বাস-কুসংস্কাৰ দূৰীকৰণৰ প্ৰচেষ্টাৰে স্থানীয় নাট্যমন্দিৰত পুতলা নাচৰ ৰাজহুৱা প্ৰদৰ্শনো কৰা হৈছিল৷বৰ্তমান এই সংস্থাৰ সদস্যৰ সংখ্যা আগৰ তুলনাত বৃদ্ধি পাইছে৷ কিন্তু, আগৰ তুলনাত কাম-কাজ বিশেষভাৱে হৈছে বুলি ক’ব নোৱাৰি৷ বিষয়বাবৰ দায়িত্ব ল’বলৈ ইচ্ছা কৰা ব্যক্তি আৰু কৰ্মীৰ অভাৱ দেখা যায়৷ নতুন লেখক তথা কৰ্মী সৃষ্টি কৰিবলৈ বিজ্ঞান লেখাৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰি লেখকসকলক শুদ্ধ দিক্‌-নিৰ্দেশনা দিয়াটো প্ৰয়োজনীয়৷ কিন্তু, এনে কাৰ্যসূচী সম্প্ৰতি বিৰল হৈ পৰিছে৷ প্ৰকাশিত গ্ৰন্থৰাজিৰো প্ৰচাৰ নোহোৱাৰ ফলত পাঠকৰ হাতত পৰা নাই৷

প্ৰশ্নঃ বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে আপুনি কাৰ্টুনৰ ব্যৱহাৰ কৰিছিল৷ অসমত এই বিষয়ত আপুনিয়েই বোধহয় নেতৃস্থানীয় ব্যক্তি হিচাপে কাম কৰিছে৷ কাৰ্টুনৰ ব্যৱহাৰে আপোনাৰ বক্তব্যবোৰক কেনেদৰে সহায় কৰে বুলি অনুভৱ কৰে? শেহতীয়াকৈ, আলোচনী বা সাহিত্যত কাৰ্টুনৰ বিকাশ সম্পৰ্কে আপোনাৰ ধাৰণা?

উত্তৰঃ মই প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতে ‘অসম বাণী’ত ‘বাপট’ নামৰ দক্ষিণ ভাৰতৰ এজন কাৰ্টুনিষ্টে অঁকা ‘বান্দৰ পেহা’ নামৰ এটা কমিক ষ্ট্ৰিপ প্ৰকাশ পাইছিল৷ সেইটো দেখি মই কাৰ্টুনৰ প্ৰতি আকৃষ্ট হৈছিলোঁ৷ কাৰ্টুন বা ব্যংগচিত্ৰ আৰু কেৰিকেচাৰ বিজ্ঞান প্ৰচাৰৰ মাধ্যম হোৱাৰ বহু পূৰ্বেই সাহিত্য, ৰাজনীতি আদিত ব্যৱহৃত হৈছিল৷ কিছুমান গুহাচিত্ৰতো কাৰ্টুন দেখা যায়৷ আমাৰ গণেশ, দুৰ্গা, ৰাৱণ আদিতো পৌৰাণিক ব্যংগচিত্ৰৰ ধাৰণা লুকাই আছে৷ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ‘বাঁহী’ত অঁকা কাৰ্টুনেই অসমীয়া সাহিত্যত প্ৰথম কাৰ্টুনৰ প্ৰয়োগ৷ ইংৰাজ চিত্ৰশিল্পী উইলিয়াম হগাৰ্থ (১৬৯৭-১৭৩৪) আছিল আধুনিক কাৰ্টুনৰ পিতৃস্বৰূপ৷ কলেজত পঢ়ি থাকোঁতে ‘শংকৰছ উইকলি’ত শংকৰৰ, ‘টাইমছ অৱ ইণ্ডিয়া’ত আৰ. কে. লক্ষ্মণৰ, আৰু গুৱাহাটীৰ জিলা পুথিভঁৰালত বিদেশী শিল্পীৰ কাৰ্টুন দেখি অনুপ্ৰাণিত হৈছিলোঁ৷‘বিজ্ঞান জেউতি’ত মোৰ প্ৰথম কাৰ্টুন ১৯৬৭ চনত প্ৰকাশ হোৱাৰ আগতেই আলোচনীখনত দোস্ত হবিবুৰ ৰহমানৰ (ব্যংগ সংগীত-শিল্পী) দুটা কাৰ্টুন প্ৰকাশ পাইছিল৷ তাৰো আগতে ১৯৬৪-৬৬ চনত কটন কলেজৰ প্ৰদৰ্শনীত বিজ্ঞান-কাৰ্টুন প্ৰদৰ্শন কৰি একাদিক্ৰমে তিনি বছৰ বিশেষ পুৰস্কাৰ পাইছিলোঁ৷ পৰৱৰ্তী কালত ‘বিজ্ঞান জেউতি’ৰ উপৰি ‘অসম বাণী’, ‘সাদিন’ আৰু অন্যান্য কাকতত মোৰ বিজ্ঞান কাৰ্টুন প্ৰকাশ পাইছিল৷ প্ৰান্তিকৰ ‘বিজ্ঞান-বৰ্ণালী’ত (১ ফেব্ৰুৱাৰি, ২০১১) মোৰ ‘বিজ্ঞানৰ কাৰ্টুন আৰু কাৰ্টুনৰ বিজ্ঞান’ নামৰ এটা প্ৰবন্ধ প্ৰকাশ পাইছিল৷ ‘একোখন ছবিয়ে হাজাৰটা শব্দ প্ৰকাশ কৰে’ বুলি এষাৰ কথা আছে৷ বিজ্ঞানৰ কিছুমান কঠিন তথ্য, সমস্যা আদি কাৰ্টুন আৰু কমিকছৰ মাধ্যমে সহজবোধ্য কৰি তোলে৷ সেইকাৰণে, বিজ্ঞান-কাৰ্টুনে বিজ্ঞান জনপ্ৰিয়কৰণ তথা বৈজ্ঞানিক মানসিকতাৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ কেইবছৰমানৰ আগতে ‘অবিকল’ নামৰ এখন কাৰ্টুন আলোচনী প্ৰকাশ পাইছিল৷ বৰ্তমান কেইবাগৰাকীও সুদক্ষ কাৰ্টুনিষ্টে অসমৰ কাকত-আলোচনীত সমসাময়িক ঘটনাপ্ৰবাহক কেন্দ্ৰ কৰি ব্যংগচিত্ৰ প্ৰকাশ কৰি আছে৷ ‘সাতসৰী’ আলোচনীত সুমন্ত বৰুৱাই নিয়মীয়াকৈ অঁকা বিজ্ঞান-প্ৰযুক্তি, বিজ্ঞান-মনস্কতা, আৰু সামাজিক-ৰাজনৈতিক বিষয়ৰ কাৰ্টুনসমূহ উল্লেখযোগ্য৷ তেওঁ আগতে ‘বিজ্ঞান জেউতি’ত প্ৰায় ছবছৰ ধৰি বিজ্ঞান আৰু বিজ্ঞান-মানসিকতা সম্পৰ্কীয় কাৰ্টুন অংকন কৰিছিল৷

প্ৰশ্নঃ শেহতীয়াকৈ, নব্য মাধ্যম বা ছ’ছিয়েল মিডিয়াৰ যুগত বিজ্ঞান-মানসিকতাৰ বাবে কৰিবলগীয়া কাৰ্যকলাপবোৰো নব্য মাধ্যমসমূহৰদ্বাৰা অসমতো প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ প্ৰয়োজন অনুভৱ নকৰেনে? জ্যোতিষ বা ৰেইকী আদি বিষয়বোৰ ছ’ছিয়েল মিডিয়াৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজত যেনেকৈ বিয়পিছে, তাৰ তুলনাত বিজ্ঞান আৰু যুক্তিবাদৰ কথাবোৰৰ কিন্তু প্ৰচাৰ আৰু প্ৰসাৰ হোৱা নাই৷ এই বিষয়ে আপোনাৰ অভিমত?উত্তৰঃ সম্প্ৰতি যিকোনো বিষয়ৰ জ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ছ’ছিয়েল মিডিয়া এটা অতি সক্ৰিয় আৰু সুবিধাজনক মাধ্যম৷ ইউ-টিউবৰ দৰে দৃশ্য-শ্ৰব্য মাধ্যমৰ সহায়ত আন বিষয়ৰ দৰে বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতা প্ৰচাৰমূলক কাৰ্যকলাপবোৰ পৰীক্ষা-নিৰীক্ষা প্ৰদৰ্শন কৰি আমোদজনক ৰূপত প্ৰচাৰ কৰিব পৰা যায়৷ অসমত কিছু সংখ্যক ব্যক্তিয়ে এনে প্ৰচেষ্টা চলাই সফল হোৱা দেখা গৈছে৷ অন্যহাতে, কোনো কোনো ব্যক্তি আৰু সংগঠনে অন্ধবিশ্বাসমূলক কথা বা প্ৰদৰ্শনৰদ্বাৰা জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰাও দেখা গৈছে৷ উদাহৰণস্বৰূপে, কিছু দিনৰ আগতে কোনোবা এজন বাবাৰ নামত এটা পৰিঘটনা প্ৰদৰ্শন কৰা হৈছিল৷ তাত, তুলসীৰ পাতকেইটামান ঠাৰিৰে সৈতে ধৰি গিলাচত থকা পানীৰ কাষলৈ আনিলে পানীখিনিয়ে পাতখিনি আকৰ্ষণ কৰি অনা দেখা গৈছিল৷ এজন দৰ্শকে ঘটনাটো দেখি মোক ফোন কৰি তাৰ কাৰণ সুধিছিল৷ মই তেতিয়া পৰীক্ষাটো নিজে কৰি চাই তেওঁলৈ ভিডিঅ’ পঠিয়াই দেখুৱাইছিলোঁ : তুলসী পাতৰ আগটোৱে পানী স্পৰ্শ কৰিলে পানীৰ পৃষ্ঠটান (surface tension) আৰু, পানী আৰু পাতৰ মাজৰ আকৰ্ষণ বলৰ (adhesive force) কাৰণে পাতটো পানীত অলপমান ডুবিব খোজে৷ লগতে, হাতখনেৰে কৌশলেৰে পাতটো পানীলৈ সামান্যভাৱে ঠেলিও দিয়ে৷ ফলত, পানীয়ে তুলসীৰ পাত টানি অনা যেন দেখি৷

প্ৰশ্নঃ আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে এম.ফিল. ডিগ্ৰী লাভ কৰিছিল৷ বিশ্ববিদ্যালয়খনৰ বিদ্যায়তনিক দিশটোৰ বিষয়ে আপোনাৰ অভিমত কি? বিশেষকৈ, পৰিৱেশ সজাগতা আৰু বিজ্ঞান-মানসিকতা গঠনৰ ক্ষেত্ৰত এই উচ্চ শিক্ষানুষ্ঠানখনে যেনে ধৰণে উদ্যোগ গ্ৰহণ কৰিব লাগিছিল, কাৰ্যক্ষেত্ৰত তেনে দেখা নাযায়৷ এই বিষয়ে আপোনাৰ মতামত কি?

উত্তৰঃ মই ১৯৭০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ৰসায়নবিজ্ঞানত এম.এছছি. পাছ কৰি বিশ্বনাথ কলেজত অধ্যাপনা কৰি থাকোঁতে ১৯৭৩-৭৪ চনত স্নাতক শ্ৰেণীৰ বাবে ৰসায়ন বিজ্ঞানৰ ৪খন পাঠ্যপুথি ৰচনা কৰিছিলোঁ৷ তাৰ পাছতো ড॰ পৱিত্ৰ কুমাৰ শৰ্মাৰ তত্ত্বাৱধানত ‘ৰসায়ন শিক্ষা সমাজ’ৰ আলোচনী ‘ৰসায়ন শিক্ষা’ৰ সম্পাদনাকে ধৰি কিছুমান কাম-কাজত ব্যস্ত হৈছিলোঁ৷ মই জনাত বিশ্ববিদ্যালয়খনৰ বিদ্যায়তনিক দিশটো উন্নত৷ কিন্তু, বিজ্ঞানকে ধৰি জনপ্ৰিয় সাহিত্য প্ৰকাশনৰ ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লেখীয়া পৰিৱেশ এটা মোৰ চকুত পৰা নাই৷ এসময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশবিজ্ঞান বিভাগৰ কিছুমান কাৰ্যসূচীয়ে গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীকো চুইছিলগৈ৷ তেনে কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মই এবাৰ নিজৰ অঞ্চলটোৰ ছাত্ৰীৰ দল এটাৰদ্বাৰা স্থানীয় শাক-বনৰ অধ্যয়ন এটা কৰাইছিলোঁ৷ সম্প্ৰতি, শিক্ষানুষ্ঠানটোত উচ্চ পৰ্যায়ৰ গৱেষণামূলক কাম চলি থকাটো প্ৰশংসনীয়৷ কিন্তু, কিছুমান কামে শিক্ষানুষ্ঠানটোৰ নৈতিক বৈশিষ্ট্যত আঘাত হনা পৰিলক্ষিত হৈছে৷ ইয়াৰ এটা শেহতীয়া উদাহৰণ হ’ল ‘দা কাশ্মীৰ ফাইল্‌ছ’ কথাছবিখন চাবৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অৰ্ধছুটীৰ ঘোষণা কৰাটো৷প্ৰশ্নঃ আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ত এম. ফিল. উপাধিৰ বাবে ‘Environmental Impact Analysis and Assessment of Bokajan Cement Factory’ বিষয়ত গৱেষণা কৰিছিল৷ এই অধ্যয়নৰপৰা আপুনি কেনে ধৰণৰ সিদ্ধান্তত উপনীত হৈছিল? চমুকৈ কিছু কথা কওঁক৷উত্তৰঃ মই ১৯৮৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশবিজ্ঞান বিভাগত এম.ফিল. ডিগ্ৰীৰ (তেতিয়া সকলো অধ্যাপকৰ বাবে বাধ্যতামূলক আছিল) বাবে এটা গৱেষণামূলক কাম কৰিছিলোঁ৷ বিষয় আছিল ‘বোকাজান ছিমেণ্ট কাৰখানাৰ পাৰিৱেশিক প্ৰভাৱ বিশ্লেষণ আৰু মূল্যায়ন’৷ এই অধ্যয়নত মই পৰিৱেশ, প্ৰদূষণ, আৰু প্ৰদূষণ নিয়ন্ত্ৰণ তথা দূৰীকৰণ সম্পৰ্কে বিস্তৃত জ্ঞান আহৰণ কৰাৰ সুযোগ পাইছিলোঁ৷ ছিমেণ্টৰ ধূলিয়ে অনবৰত আৱৰি থকা বৃহৎ অঞ্চল এটাৰ পৰিৱেশৰ মাটি, পানী, উদ্ভিদৰ উপৰি মানুহ আৰু অন্যান্য প্ৰাণীৰ স্বাস্থ্যৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰা হৈছিল৷ মই দেখিছিলোঁ যে ছিমেণ্ট কোম্পানিটোৱে দিনৰ ভাগত কেন্দ্ৰীয় চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ নিৰ্দেশ অনুসৰি চিমনিৰে ওলোৱা ধূলিৰ ধোঁৱা কমাই ৰাখে, আৰু ৰাতি সেই নিৰ্গমন প্ৰচণ্ডভাৱে চলিবলৈ দিয়ে৷ উদ্যোগটোৰ বিভাগীয় কৰ্মচাৰীক সুধিও তাৰ সঠিক পোৱা নাছিলোঁ৷ মই সেই অভিজ্ঞতাৰ বিষয়ে বাতৰি কাকতত লিখিছিলোঁ৷মোৰ এই অধ্যয়নৰ কালত ভাৰতৰ বিশিষ্ট পৰিৱেশবিদ ড॰ জি. ডি. আগৰৱালক (G.D. Agarwal, ১৯৩২-২০১৮) লগ পাইছিলোঁ৷ তেখেতে ভাৰত আৰু বাংলা দেশৰ বিভিন্ন ঠাইৰ ছিমেণ্ট কাৰখানাবোৰৰ পাৰিৱেশিক অধ্যয়ন কৰি আছিল৷ তেখেতে মোৰপৰা কাৰখানাটোৰ ৰাসায়নিক প্ৰদূষণ বিশ্লেষণৰ তথ্যপাতি লৈছিল আৰু মোক তেখেতে সংগ্ৰহ কৰা বায়ুমণ্ডলীয় প্ৰদূষণৰ বতৰবৈজ্ঞানিক তথ্যপাতি দিছিল৷-

প্ৰশ্নঃ অসমত সাম্প্ৰতিক সময়ত জনপ্ৰিয় বিজ্ঞান সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনক লৈ আপুনি সন্তুষ্টনে? নতুন প্ৰজন্মৰ লেখকসকলে বিজ্ঞান আৰু যুক্তিবাদৰ ক্ষেত্ৰত লেখা-মেলা কৰিবলৈ আগ বাঢ়ি আহিবলৈ আপুনি কিদৰে অনুপ্ৰাণিত কৰিব? এই ক্ষেত্ৰত আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনে ধৰণৰ?

উত্তৰঃ অসমত বিজ্ঞান শিক্ষাৰে শিক্ষিত ব্যক্তিৰ সংখ্যা বৃদ্ধি হোৱাৰ তুলনাত বিজ্ঞান লেখকৰ সংখ্যা বঢ়া নাই৷ বিজ্ঞান-প্ৰযুক্তিৰ এইহেন বিকাশ তথা প্ৰগতিৰ যুগত লিখিবলগীয়া বিষয়ৰ অভাৱ নাই৷ এসময়ত বহুতে অভিযোগ কৰিছিল অসমীয়া বৈজ্ঞানিক পাৰিভাষিক শব্দৰ অভাৱ বুলি৷ সেই অভাৱ দূৰ কৰাৰ ক্ষেত্ৰত ব্যক্তি-সংগঠন কাৰো সঁহাৰি নাপাই মই দহবছৰীয়া একক প্ৰচেষ্টাৰে প্ৰস্তুত কৰি উলিয়ালোঁ ‘অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষ’ (প্ৰকাশঃ জানুৱাৰি, ২০২২; পৃষ্ঠা – ১৩৪৪)৷ এতিয়ালৈকে আমি কৰি থকা বিজ্ঞান বিষয়ৰ লেখা-মেলা, প্ৰদৰ্শন, প্ৰশিক্ষণ আদি কামবোৰ আগ্ৰহী ব্যক্তিৰ বাবে প্ৰেৰণাদায়ক হ’লে নিজকে ধন্য মানিম৷ এনেধৰণৰ প্ৰচেষ্টা ভৱিষ্যতলৈও সাধ্যমানে চলাই যাব পাৰিম বুলি আশা কৰিছোঁ৷-

প্ৰশ্নঃ অসমত যুক্তিবাদৰ প্ৰসাৰ আৰু বিজ্ঞানসন্মত মানসিকতা গঠনৰ বাবে ‘মুক্ত চিন্তা’ ই-আলোচনীখনে কিছু কাম কৰি আছে৷ আলোচনীখনলৈ আপোনাৰ কিবা পৰামৰ্শ?

উত্তৰঃ ২০১৫ চনতে এখন ই-আলোচনী প্ৰকাশৰ পৰিকল্পনা কৰি আজিলৈকে নিষ্ঠাৰে প্ৰকাশ কৰি থকাৰ বাবে ‘মুক্ত চিন্তা’ৰ সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক ওলগ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ৷ আলোচনীখনত বিজ্ঞান, অন্ধবিশ্বাস, বৈজ্ঞানিক মানসিকতা সম্পৰ্কীয় লেখাৰ লগতে এইবোৰ বিষয়ৰ পৰীক্ষা-নিৰীক্ষাভিত্তিক প্ৰদৰ্শন, ব্যংগাত্মক ৰচনা, ৰূপক, কাৰ্টুন, কমিক্‌ছ আদি প্ৰকাশ কৰিলে অধিক আকৰ্ষণীয় আৰু ফলপ্ৰসূ হ’ব বুলি ভাবোঁ৷ বিশিষ্ট লেখকৰ ৰচনা, আৰু গ্ৰন্থৰ অনুবাদ ধাৰাবাহিকৰূপে প্ৰকাশ কৰিলেও পঢ়ুৱৈৰ উপকাৰত আহিব৷ এই ক্ষেত্ৰত এলবাৰ্ট আইনষ্টাইনৰ ‘Ideas and Opinions’ নামৰ পুথিখনৰ নাম উল্লেখ কৰিলোঁ৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *