বিবিধ চিন্তা

কমৰেড হৰেনদাৰ সান্নিধ্যত-  (নৰেন বৰা)

অত্যন্ত দুখৰ খবৰ—কমৰেড হৰেন্দ্ৰনাথ বৰঠাকুৰ, মানে হৰেনদা, চিৰদিনৰ বাৰে আমাৰ মাজৰ পৰা আঁতৰি গ’ল যোৱা ২৪ জুনৰ সন্ধিয়া। আৰু কেইটামান বছৰ থকা হলে তেখেতে নিশ্চয় ভালেখিনি সৃষ্টিশীল কাম কৰি যাব পাৰিলেহেঁতেন আৰু আমাৰ সমাজে নিঃসন্দেহে বহুখিনি পালেহেঁতেন। পিচে আমি বঞ্চিত হলোঁ।

হৰেনদাক অষ্টম দশকৰ আৰম্ভণিৰে পৰা পাই আহিছোঁ—এৰাধৰাকৈ সুদীর্ঘ চাৰিটা দশক। বিশেষকৈ ১৯৮৫ চনত যোৰহাটত অনুষ্ঠিত হোৱা সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ দ্বিতীয় অধিবেশনৰ প্ৰস্তুতিপর্ব চলি থকাৰ পৰাই ঘনিষ্ঠভাৱে পাওঁ। পিচলৈ নবম দশকৰ পৰা আমাৰ ওপৰত “বিকল্প”ৰ দায়িত্ব অর্পৰ্ণৰ পিচত হৰেনদাৰ লগত ঘনিষ্ঠতা বৃদ্ধি পায়। হৰেনদাই বিকল্পত নিয়মীয়াকৈ লিখিবলৈ লয় আৰু গুৰুত্বপূৰ্ণ লেখাসমূহ অসমীয়ালৈ অনুবাদ কৰি দিয়ে। তদুপৰি তেওঁ বিভিন্ন সংখ্যাত কি কি বিষয় থাকিব, সেই সম্পর্কে আৰু পত্রিকাখন উন্নত কৰা সন্দৰ্ভত বিভিন্ন সময়ত দিহা-পৰামৰ্শ আৰু পৰিকল্পনাৰে আমাক সহায় কৰিছিল।

হৰেনদাই “বিকল্প প্রকাশন”-ৰ পৰা বিভিন্ন সময়ত প্ৰকাশ কৰি অহা গ্রন্থ-পুস্তিকা আদি অনুবাদ কৰি দিছিল; কমৰেড বিনোদ মিশ্রৰ ৰচনাৱলীৰ অসমীয়া সংস্কৰণ প্ৰকাশৰ ক্ষেত্ৰত হৰেনদাই অনুবাদকৰ্মৰ উপৰিও সম্পাদনাৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ কথা কেতিয়াও পাহৰিব নোৱাৰোঁ।

হৰেনদাই অসমীয়া ভাষা শুদ্ধকৈ লিখা আৰু শুদ্ধ বানানৰ ওপৰত চোকা নজৰ ৰাখিছিল। মানুহে সচৰাচৰ লিখি থকা ভুলবোৰ আঙুলিয়াই দিছিল তেখেতে। “এহাতেদি”, “আনহাতেদি” আদি শব্দৰ বিপৰীতে “এফালেদি”, “এপিনেদি”,  “আনফালেদি / আনপিনেদি” শব্দ ব্যৱহাৰ কৰা, বাংলা “ও” ব্যৱহাৰৰ পৰা বিৰত থকা, বাংলাকৰণ অথবা ইংৰাজীকৰণ পৰিহাৰ কৰাকে ধৰি বিভিন্ন সময়ত ভিন ভিন পৰামৰ্শ আগবঢ়াইছিল।

হৰেনদাৰ কর্মক্ষেত্ৰখন আছিল বিস্তৃত। শিশু-সাহিত্যলৈ তেওঁৰ অৱদান প্রচুৰ। অসম সাহিত্য সভাৰ সর্বেশ্বৰ কটকী শিশু সাহিত্য বঁটা আৰু সাহিত্য অকাদেমিৰ শিশু সাহিত্য বঁটাৰে তেওঁ সন্মানিত হয়। তেওঁ একাধাৰে শিক্ষক, লেখক, কবি, নাট্যকাৰ, শিশু-সাহিত্যিক, গীতিকাৰ, অনুবাদক, সমালোচক, বক্তা, চিত্রশিল্পী আৰু ভাস্কর্য শিল্পী। তেওঁৰ সৃষ্টিৰাজিৰ মাজেৰে শোষণ-নিপীড়ন, দমন-নির্যাতন, বঞ্চনা-বৈষম্য আৰু সামাজিক অন্যায়ৰ বিৰুদ্ধে নিনাদিত হয় প্ৰৱল প্রতিবাদ।

তেওঁ আছিল বিজ্ঞান-বিশ্বাসী আৰু তেওঁৰ আদৰ্শ আছিল সাম্যবাদ। বিজ্ঞানক সামন্তীয় বা ভাৱবাদী দৃষ্টিৰে নহয়, যথার্থ বৈজ্ঞানিক দৃষ্টিভংগীৰে চাইছিল আৰু সেয়ে তেওঁ উদাত্তকণ্ঠে ক’ব পাৰিছিল—“বিজ্ঞান মানে অজ্ঞানতাৰ / বান্ধোনৰ পৰা মুক্তি। …..সীমাহীন ৰহস্যৰ ভাঙি পাৰাপাৰ/ অচিৰেই বিজ্ঞানে আনিব জোৱাৰ”।

তেওঁ আছিল বৌদ্ধিক, সৃষ্টিশীল কর্ম আৰু ব্যৱহাৰিক সাংগঠনিক কাম-কাজৰ মাজত চীনৰ প্ৰাচীৰ থিয় কৰাই নির্দিষ্ট ভূমিকাৰ পৰা আঁতৰি থকা সুবিধাবাদৰ বিৰোধী। মানুহৰ মাজত থাকি, বিপদে-আপদে মানুহৰ কাষত থিয় দি মানুহৰ বাবে অন্তৰখুলি কাম কৰাৰ হেঁপাহ আছিল বাবেই তেওঁ বিপদকালত কেতিয়াবা চাহ শ্ৰমিকৰ কাষলৈ, কেতিয়াবা কলিয়ৰী শ্রমিক, কেতিয়াবা উচ্ছেদিত কৃষক, কেতিয়াবা বানাক্ৰান্ত ৰাইজ, কেতিয়াবা বিস্ফোৰণত ক্ষতিগ্রস্তসকলৰ কাষলৈ ঢাপলিয়াই গৈছে।

তেখেতৰ সৈতে সান্নিধ্যৰ কথা দীঘলীয়া নকৰি চমুকৈ মাথোঁ এটা কথা কৈ থওঁ। ১৯৯৩ চনৰ ১৯ নৱেম্বৰত টিপং কলিয়ৰীত খনিৰ ভিতৰত বিস্ফোৰণ ঘটি ৯জন শ্রমিকৰ মৃত্যু হৈছিল। ঘটনাৰ সবিশেষ তথ্য সংগ্রহৰ বাবে “বিকল্প”-ৰ তফৰ পৰা এটি তদন্তকাৰী গোট পঠোৱা হৈছিল। গোটটোত আছিল কমৰেড অনিল কুমাৰ বৰুৱা, হৰেন্দ্ৰনাথ বৰঠাকুৰ আৰু মই। আমি মাকুমত হৰেনদাক লৈ পৰিবহণ নিগমৰ বাছেৰে টিপং কলিয়ৰীলৈ গৈছিলোঁ আৰু ক্ষতিগ্রস্ত পৰিয়ালৰ লগতে শ্রমিকসকলক সাক্ষাৎ কৰি ঘটনাৰ সবিশেষ বুজ লৈছিলোঁ। সুৰক্ষা ব্যৱস্থাৰ গাফিলতিৰ ফলতেই বিস্ফোৰণ হোৱা বুলি শ্ৰমিকসকলে স্পষ্টভাৱে জনাইছিল। নিঃসন্দেহে সেয়া আছিল শ্ৰমিকৰ জীৱনক লৈ কৰা নির্দয় খেলা। সেই সময়ত সৃষ্টি হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত কর্তৃপক্ষই তদন্তৰ ভিত্তিত দোষীক কঠোৰশাস্তি বিহাৰ প্রতিশ্রুতি দিছিল যদিও মূৰকত একো নহ’লগৈ।

হৰেনদাই শ্ৰমিকসকলৰ লগত অতি আত্মীয়তাৰে কথাবার্তা পাতিছিল আৰু তেওঁলোকৰ ভাৱ-ভাষা, প্রতিবাদ, ঐক্য-বিভাজন, আচাৰ-আচৰণ, আশা-আশংকা, আতংক-অবিশ্বাস অতি সূক্ষ্মভাৱে পর্যবেক্ষণ কৰিছিল। নিহত শ্ৰমিকৰ পৰিয়ালসমূহ ধর্মীয় কর্মকাণ্ডত ব্যস্ত থকা আৰু শ্ৰমিকৰ আবাসিক অঞ্চলত থকা সৰু সৰু মন্দিৰবোৰ দেখি আমাৰ বুজিবলৈ বাকী নাথাকিল যে সেয়া কর্তৃপক্ষৰ শ্ৰমিকসকলক আফিঙৰ দৰে মায়াজালেৰে বান্ধি ৰখাৰ কৌশলৰ বাহিৰে আন একো নহয়। কমৰেড অনিলদাই হৰেনদাক এই সম্পর্কে লিখিবলৈ ক’লে। মইও জোৰ দিলোঁ। হৰেনদাই ইতিমধ্যে অন্ধবিশ্বাসৰ বিৰুদ্ধে কেইটামান কবিতা লিখিছে বুলি জনালে।

তদন্তৰ শেষত আমি তিনিচুকীয়ালৈ ঘূৰি আহিলোণ পৰিবহণ নিগমৰ ৰঙা বাছত। তিনিজনীয়া ছিটটোত আমি তিনিওজন একেলগে। সেইখিনি সময়ত চলন্ত বাছতে অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে আমি বহু কথা পাতিলোঁ। অনিলদাই হৰেনদাক অন্ধবিশ্বাসৰ বিৰুদ্ধে এখন গ্রন্থ ৰচনা কৰিবলৈ পৰামর্শ দিলে। মই ছপা, সম্পাদনাৰ আদি যাৱতীয় কামখিনি কৰাৰ দায়িত্ব ল’লোঁ। সেই সম্পর্কে মাজে মাজে হৰেনদালৈ ফোন কৰোঁ। ইয়াৰ ফলশ্ৰুতিত হৰেনদাৰ “বিজ্ঞানে আনিব জোৱাৰ” নামৰ মূল্যবান কবিতা পুথিখন কেইমাহমানৰ ভিতৰতে মার্চ, ১৯৯৪ত প্রকাশ পায়। হনেদাৰ দৰে প্ৰচাৰবিমুখ, গ্রন্থৰচনাৰ কথা শুনিলে সাত জাপমৰা লোককো গ্রন্থ ৰচনা কৰিবলৈ কমৰেড অনিলদাই এনেকৈয়ে বাধ্য কৰাইছিল।

হৰেনদা আছিল আদৰ্শৰ প্ৰশ্নত অচল-অটল। হৰেনদাৰ পৰা আমি এইক্ষেত্ৰত শিকিবলগীয়া বহুত আছে। তেওঁ ব্যক্তিবাদ, আত্মপ্রতিষ্ঠাকামী চিন্তা-চৰ্চাৰ ঘোৰ বিৰোধী। সমূহীয়া স্বার্থক সদায় উৰ্দ্ধত ৰাখিছিল। দৃঢ়তাৰে গণতান্ত্রিক কেন্দ্রীকতাৰ নীতিসমূহ অনুসৰণ কৰিছিল—পার্টি শৃংখলা মানি চলিছিল। দলৰ কেন্দ্রীয় নিয়ন্ত্রণ আয়োগৰ সন্মানীয় সদস্য হিচাপে কার্যনির্বাহ কৰা হৰেনদাই তত্বৰ অনুশীলনৰ ওপৰত সর্বাধিক জোৰ দিছিল আৰু নিজে বিভিন্ন শ্রেণী-অংশৰ ৰাইজৰ লগত যুক্ত হৈছিল।

গুৱাহাটীৰ “সাগৰিকা পথ”-ৰ কাৰ্যালয়ত এবাৰ আজৰি পৰত কেইজনমান সতীর্থৰ লগত হৰেনদাই বিষ্ণু ৰাভা সম্পর্কে আলোচনা কৰি থকা শুনিছিলোঁ। হৰেনদাই কৈছিল, শ্রমিক-কৃষকক সংগঠিত কৰাৰ বাবে যদি বিষ্ণু ৰাভাই কেইটামান গীত কমাইও লিখিব লগা হ’ল, তেনেহলে তাৰ পৰা কাৰো ক্ষতি হোৱা নাছিল। বৰঞ্চ সেইখিনি নকৰাহ’লেহে ক্ষতি হ’লহেঁতেন। এনেদৰে আজৰিৰ সময়খিনি কামত লগাই হৰেনদাই সতীৰ্থৰ চিন্তাজগত আলাোকিত কৰা দেখিছিলোঁ।

তেওঁৰ সৃষ্টিশীল লেখাসমূহত যেনেকৈ বাস্তৱৰ বিমূৰ্তায়ন ঘটিছে, তেনেকৈ বহু লেখাত ফুটি উঠিছে বিশেষৰ সাধাৰণীকৰণ। প্রাসংগিকতা ৰক্ষা কৰি তেওঁ বিভিন্ন সময়ত অনুবাদ কৰা লেখাসমূহ, তাত্বিক নিবন্ধসমূহ, সেয়া ভগৎ সিঙৰ “মই কিয় নাস্তিক হ’লোঁ” ’অথবা “গোৰখ পাণ্ডেৰ কবিতা” যিয়েই নহওক কিয়, অসমীয়া ভাষাৰ ভঁৰাললৈ মূল্যবান অৱদান।

সর্বোপৰি, হৰেনদাই বৌদ্ধিক আৰু সাংগঠনিক কামৰ মাজত সঠিক সমন্বয় সাধন কৰিছিল। বাস্তৱে তেওঁৰ অভিজ্ঞতা অর্জনৰ একা-বেঁকা পথত নানা বিধি-পথালি দিছে যদিও তাক অতিক্ৰম কৰি আগুৱাই গৈছে। প্রাপ্ত অভিজ্ঞতাক সৃজনশীলতাৰ আলোকেৰে বৌদ্ধিক বৰভেটিত দক্ষতাৰে স্থাপন কৰাৰ প্রচেষ্টা চলোৱাত হৰেনদাই কোনো দিনে ত্রুটি কৰা নাই।

আমাৰ বাবে, ভৱিষ্যৎ প্রজন্মৰ বাবে কমৰেড হৰেনদা সদায় আদর্শনীয় হৈ ৰ’ব৷ হৰেনদালৈ গভীৰ শ্রদ্ধাঞ্জলি যাচিলোঁ।

(‘বিকল্প’ পত্ৰিকাৰ ‘হৰেন্দ্ৰনাথ বৰঠাকুৰ বিশেষ সংখ্যা’ত প্ৰকাশিত নিৱন্ধটি প্ৰগতিশীল সাংস্কৃতিক কৰ্মীজনলৈ শ্ৰদ্ধাঞ্জলি জনাই ডিজিটেল মাধ্যমত প্ৰকাশ কৰা হ’ল‌।)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *