নিবন্ধশিল্প-কলা-সংস্কৃতি

লেটিন আমেৰিকাৰ ‘নতুন গান’-(নৱজ্যোতি বৰগোহাঁই)

(প্ৰস্তাৱনা: আজি অসম মুলুকত চাৰিওদিশে হিন্দুত্ববাদী ফেচিষ্ট আগ্ৰাসনে ছানি ধৰিছে। তাৰ বিৰুদ্ধে বিভিন্ন বিধৰ প্ৰতিৰোধ সংগ্ৰাম আগবঢ়াই নিয়াৰ সময় সমাগত। এই প্ৰতিৰোধ সংগ্ৰামত সংগীত যে এবিধ অতি শক্তিশালী অস্ত্ৰ হ’ব পাৰে সেই কথা অসম মুলুকত সংগ্ৰামী শিল্পীসকলে ভালদৰে বুজিবলৈ, উপলব্ধি কৰিবলৈ যেন এতিয়াও বহুত বাকী। ঠিক একে সময়তে ‘সংগীত’ক জনগণৰ শত্ৰু পক্ষইও ওলোটাই ব্যৱহাৰ কৰিব যে পাৰে সেই কথাও বুজাটো অত্যন্ত জৰুৰী। অসমত শাসক মহলে বহু পৰিমানে এই কামটোকে দুজনমান “বেপাৰী গায়ক”ৰ দ্বাৰা কৰি আছে। “আমুক চিনেমাখনৰ সংগীত মই কৰিছোঁ, অসমৰ ৰাইজে এই চিনেমাখন চিনেমাহলত গৈ চাবলৈ মই আহ্বান জনালোঁ। চাবলৈ নগ’লে মই ঘৰত গৈ পিতিম।” – বিহুৰ সংগীতানুষ্ঠানৰ মঞ্চৰ পৰা এনে আহ্বান কৰিছে এজন ”স্বনামধন্য” অসমৰ “বেপাৰী গায়কে”!! এই গায়কে কাৰ স্বাৰ্থত, কিয়, কি গীত গাব পাৰে, সচেতন শ্ৰোতা মাত্ৰেই সুস্থ মগজুৰে বুজিবলৈ, ভাবিবলৈ যত্ন কৰাটো যুগুত। এই কথা এজন সুস্থ সংস্কৃতিবান মানুহৰ বাবে জৰুৰী বুলি বিবেচিত হ’ব লাগে। দুৰ্ভাগ্য  যে আজিৰ তাৰিখত অসম মুলুকত এই  ‘সংস্কৃতি’ অতি প্ৰভাৱশালী! আৰু ই ফেচিষ্ট শক্তিৰ অনুগামী।

ভাৰত ৰাষ্ট্ৰই ভুৱা অপৰাধত যেতিয়া গণ আন্দোলনৰ পৰা শতাধিক শিল্পী, সাহিত্যিক, সাংবাদিক, সমাজ কৰ্মীক কাৰাগাৰলৈ নিক্ষেপ কৰে! যেতিয়া ষ্টেন স্বামীৰ দৰে ৮০ বছৰীয়া  বৰ্ষীয়ান সমাজ কৰ্মীক বিনা বিচাৰে কাৰাগাৰত মৃত্যু মুখলৈ ঠেলি দিয়া হয়, G.N. Saibabaৰ দৰে ৯০% শাৰীৰিকভাৱে অক্ষম শিক্ষবিদ, বিপ্লৱী সমাজ কৰ্মীক কাৰাগাৰত তিল তিল কৈ হত্যা কৰাৰ চক্ৰান্তৰে বন্দী কৰি ৰখা হয়, তেনে ক্ষেত্ৰত আমাৰ সাংস্কৃতিক বিদ্ৰোহৰ স্বৰূপ কি হ’ব ?

এই পৰিপ্ৰেক্ষিতত লেটিন আমেৰিকাৰ জনগণৰ সংগ্ৰামী ইতিহাসত সাংস্কৃতিক আন্দোলন তথা বিপ্লৱী ‘সংগীত’ৰ যি ঐতিহাসিক ভূমিকা তাৰ আলোচনা অতি প্ৰাসংগিক বুলি অনুভৱ কৰি, এই চমু পৰিচিতি সুলভ আলোচনাৰ পাতনি মেলিছোঁ। লেটিন আমেৰিকাৰ ৰাজনৈতিক ইতিহাসত বহুকেইজন একনায়কত্ববাদীৰ বিৰুদ্ধে জনগণে সংগ্ৰাম কৰিব লগা হৈছিল। সেই সংগ্ৰামত সাংস্কৃতিক বিদ্ৰোহ আছিল অতি শক্তিশালী তথা অসাধাৰণ। চিলিত মাৰ্ক্সবাদী বিপ্লৱী নেতা ছালভাদুৰ এলেণ্ডেৰ নেতৃত্বত প্ৰথম শান্তিপূৰ্ণ গণতান্ত্ৰিক উপায়েৰে সমাজবাদী চৰকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামত সংগীতৰ এনে ভূমিকা আছিল যে, সেই সংগ্রামৰ মূল শ্লোগান আছিল- “You can’t have a revolution without songs.”। ইয়াৰ পৰাই এনে সংগ্ৰামত  সংগীতৰ ভূমিকা অনুধাৱন কৰিব পাৰি।

মই এই বিষয়ত অভিজ্ঞ আলোচক নহয় যদিও,  নিজৰ আগ্ৰহৰ ওপৰত আস্থা ৰাখি পাৰ্যমানে বিষয়টো পাঠকক চিনাকি কৰি দিবলৈ যত্ন কৰিম। লেখাটোত মই আলোচনা কৰিবলৈ যত্ন কৰিম-

১. লেটিন আমেৰিকাৰ বিপ্লৱী সংগীতৰ চমু পৰিচয় সুলভ ইতিহাসৰ কিছু তথ্য।

২. লেটিন আমেৰিকাৰ  বিদ্ৰোহী সংগীতৰ বৈশিষ্ট্য।

৩. লেটিন আমেৰিকাৰ কেইজনমান বিপ্লৱী সংগীত শিল্পীৰ শিল্প কৰ্মৰ চিনাকি।

ইত্যাদি ইত্যাদি…..

আগলৈ আশা ৰাখিম যাতে, ইয়াৰ গুৰুত্ব উপলব্ধি কৰি জনগণৰ স্বাৰ্থত বিজ্ঞ মহলে এই বিষয়ত অধিক চৰ্চাৰে আমাৰ চিন্তাক সমৃদ্ধ কৰিব।)

Songs are funny things. They can slip across borders. Proliferate in prisons. Penetrate hard shells. I always believed that the right song at the right moment could change history. -Pete Seeger

“He took his pain and turned it into something beautiful. Into something that people connect to. And that’s what good music does. It speaks to you. It changes you.” –  Hannah Harrington, Saving Jun

ওপৰৰ উক্তি দুটাই অতি স্পষ্ট আৰু সূক্ষ্মভাৱে কৈছে ‘সংগীতে’ ইতিহাস সলাই দিব পাৰে, সংগীতে তোমাক সলনি কৰিব পাৰে!! … লেটিন আমেৰিকাৰ সংগীত তাৰ এটা জ্বলন্ত উদাহৰণ।

লেটিন আমেৰিকাৰ ইতিহাস মূলতঃ ইউৰোপীয় উপনিৱেশৰ বিৰুদ্ধে সংগ্ৰামৰ ইতিহাস, আমেৰিকান সাম্ৰাজ্যবাদৰ বিৰুদ্ধে বিৰামহীন ৰক্তাক্ত সংগ্ৰামৰ ইতিহাস‌। লেটিন আমেৰিকাক এনে এখন ভূমি হিচাপে সংজ্ঞায়িত কৰিব পাৰি যাৰ ভৱিষ্যতেই একমাত্ৰ সকলো সম্ভাৱনাৰ স্থল। যিহেতু ঐতিহাসিক সময়বোৰে পৃথিৱীৰ এই অংশটোক নিপীড়নৰ ভৱিষ্যত প্ৰদান কৰিছিল, ইয়াৰ সকলো অতীত আছিল এক পৰিচয়ৰ সন্ধানত আত্ম-চেতনাৰ প্ৰত্যাশা !!

যিকোনো স্থান (place) আৰু সময় (time)ত, ক্ষমতা অধিকাৰ কৰাৰ বাবে যুঁজ দিয়াৰ এক সাধাৰণ উপায় হৈছে প্ৰতিবাদৰ অভিব্যক্তি। প্ৰতিবাদ সদায় বিভিন্ন প্ৰকাৰৰ কলাৰ (Art form) সৈতে সম্পৰ্কিত। ‘কলা’ হৈছে বিশেষাধিকাৰপ্ৰাপ্ত এক বাহন, যাৰ যোগেদি যুঁজৰ স্থিতি নিৰূপণ কৰিব পাৰি। ‘কলা’ই এই ক্ষেত্ৰত সংগ্ৰামী আদৰ্শৰ সহায়ক, কিছুমান নীতিৰ এক সংহতি হিচাবেও অবস্থান কৰে। লেটিন আমেৰিকাৰ সংগ্ৰামী জনগণৰ বাবে ‘সংগীত’ হৈছে তেনে এবিধ ‘কলা’ যি তেওঁলোকৰ সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ যুঁজৰ আহিলা হৈ পৰিছিল।

‘প্ৰতিবাদ’ হৈছে লেটিন আমেৰিকাৰ জনগণৰ প্ৰায় জীৱনশৈলী। ৰাজনৈতিক সংঘাত, যুদ্ধ, আক্ৰমণ আৰু দমন আদি, বিগত শতিকাৰ পৰা বৰ্তমানলৈকে হোৱা নিৰন্তৰ অভিজ্ঞতাই তেওঁলোকৰ এই জীৱনশৈলী তিলতিলকৈ গঢ় দিছে। ‘প্ৰতিবাদ’ তেওঁলোকৰ জীয়াই থকাৰ চৰ্ত। সংগ্ৰামৰ বিভিন্ন পদ্ধতিক লৈ তেওঁলোকৰ যি নিৰন্তৰ পৰীক্ষা নিৰীক্ষা তাৰ মাজেৰে ‘সংগীতে’ও প্ৰতিবাদীৰ মাধ্যম হিচাবে আজি এটা বিশেষ স্তৰত উপনীত হৈছেগৈ।

লেটিন আমেৰিকাৰ প্ৰায়বোৰ দেশেই স্পেইনৰ উপনিৱেশ আছিল। স্পেইন আৰু লেটিন আমেৰিকাৰ ৰাজনৈতিক সংগ্ৰামী জনজীৱনৰ প্ৰতিফলক (mirror) হিচাবে  সংগীতৰ এটা অতি দীঘলীয়া ইতিহাস আছে। ইয়াৰ ইতিহাস খুচৰিলে দেখা যায় যে, ইউৰোপৰ উপনিৱেশ হিচাবে গঢ় লৈ উঠা লেটিন আমেৰিকাৰ দেশবোৰত, বিভিন্ন বিধৰ সংগীত সৃষ্টিৰ আঁৰত, থলুৱা পৰম্পৰাগত লোকসংস্কৃতিৰ লগতে ইউৰোপ আৰু আফ্ৰিকাৰ এক জটিল আৰ্থ-ৰাজনৈতিক তথা সাংস্কৃতিক প্রক্রিয়াই বিশেষভাৱে প্ৰভাৱ পেলাই আহিছে। স্পেইনৰ উপনিৱেশে দিয়া স্পেনিজ ভাষা আৰু বাদ্যযন্ত্ৰ— স্পেনিজ গীটাৰখন লেটিন আমেৰিকাৰ সংগীতৰ অন্যতম মৌলিক উপাদান। ঠিক সেইদৰে ইউৰোপীয় বণিকে বাণিজ্যৰ কাম কাজত ব্যৱহাৰৰ  বাবে লগত লৈ অহা আফ্ৰিকাৰ দাসসকলৰ পৰম্পৰাগত ধৰ্মীয় সংগীত শৈলীৰ— Africans  traditional beats and unique sounds of drumming  সাংস্কৃতিক উপাদানসমূহে লেটিন আমেৰিকাৰ সংগীতক সমৃদ্ধ কৰিছিল। সেইবাবে বিখ্যাত মেক্সিকান-আমেৰিকান গিটাৰিষ্ট কাৰ্লছ শান্তানাই কৈছিল— “First of all, the music that people call Latin or Spanish is really African. So Black people need to get the credit for that.”। ইয়াৰ উপৰিও ৫০ ৰ দশকৰ পাছত আফ্ৰিকান-আমেৰিকান জেজ সংগীতো লেটিন আমেৰিকাৰ সংগীত শৈলী নিৰ্মাণত প্ৰভাৱ পেলাব ধৰে। বিভিন্ন পৰ্যায়ত এই বাহ্যিক উপাদানবোৰে লেটিন আমেৰিকাৰ সংগীতৰ বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল।

লেটিন আমেৰিকান সংগীতৰ বিৱৰ্তনত বাহ্যিক প্ৰভাৱ একমাত্ৰ নিৰ্ণায়ক কাৰক নাছিল। ইয়াৰ সামাজিক পৰিস্থিতি আৰু অৰ্থনৈতিক জটিলতাইও  এক বৃহৎ ভূমিকা পালন কৰিছিল। সামাজিক শ্ৰেণী বৈষম্য, ৰাজনৈতিক অস্থিৰতা, অৰ্থনৈতিক শোষণ, প্ৰব্ৰজন আদি কাৰকবোৰ আৰ্জেণ্টিনা, মেক্সিকো, চিলি আদি দেশত “নতুন সংগীত”ৰ সৃষ্টিত মূল অনুঘটক আছিল। পৰম্পৰাগত স্থানীয় সংগীতৰ গৌৰৱ আৰু ৰাষ্ট্ৰীয় পৰিচয়ৰ গভীৰ অনুভূতিৰে তথা ঔপনিৱেশিক শোষণ মুক্ত ”নতুন সমাজ” গঢ়াৰ তাড়নাই, সংগ্রামৰ হাথিয়াৰ তথা জনগণৰ লগত যোগাযোগৰ অতি প্ৰভাৱশালী মাধ্যম হিচাবে লেটিন আমেৰিকাৰ সংগীতক নতুন মাত্ৰা প্ৰদান কৰিছিল।

সংগীত কেৱল মনোৰঞ্জন নহয়; ই ৰাজনৈতিক মূল্যবোধ, যি স্মৃতি আৰু অনুভূতিক মূৰ্ত কৰে, আৰু ই এনে এক ক্ষেত্ৰ গঠন কৰে যাৰ ভিতৰত ৰাজনৈতিক ধাৰণা আৰু সামাজিক পৰিচয়বোৰ দৃঢ়তাৰে, প্ৰতিৰোধ কৰা হয়, প্ৰতিদ্বন্দিতা কৰা হয়, মীমাংসা কৰা হয় আৰু পুনৰ আলোচনা কৰা হয়

এনে বিবিধ ধাৰণা তথা এক বিশেষ সমাজ-ৰাজনৈতিক প্ৰেক্ষাপটত,  থলুৱা লোকসংস্কৃতিৰ গৰ্ভৰ পৰা লেটিন আমেৰিকাৰ সংগীতৰ ইতিহাসৰ এক বিশেষ সন্ধিক্ষণত, বহু কেইজন সংগ্ৰামী শিল্পীৰ নেতৃত্বত, চিলি, আৰ্জেণ্টিনা, উৰুগুৱে আৰু কিউবা আদি দেশত Nueva cancion (New song) আৰু কিউবাত nueva trova  নামৰ এবিধ জনপ্ৰিয় সংগীতৰ জন্ম হয়। ই মূলতঃ বাওঁ ৰাজনীতিৰ দ্বাৰা প্ৰভাৱিত তথা সামাজিকভাৱে প্ৰতিশ্ৰুতিবদ্ধ গীতিকথাৰে পৰিপুষ্ট  আৰু লেটিন আমেৰিকাৰ লোকসংগীত শৈলীৰ আধাৰত গঢ় লৈ উঠা এবিধ অতি জনপ্ৰিয় সংগীত। এই সংগীতে ৬০-৭০ দশকত বিশেষকৈ চিলি, আৰ্জেণ্টিনা, উৰুগুৱে আদি দেশত  গণতন্ত্ৰপন্থী ৰাজনৈতিক আন্দোলনৰ এক বিশেষ চালিকা শক্তি  আৰু সমাজতান্ত্ৰিক সংগঠনসমূহৰ গণসংগ্ৰামৰ অতি শক্তিশালী হাথিয়াৰ হৈ উঠিছিল। Nueva Cancion গীতবোৰ সদায় সমাজৰ হিতৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। সংগ্ৰামী ঐক্য প্ৰতিষ্ঠা আৰু সমাজ পৰিৱৰ্তনৰ স্বাৰ্থত যেন “An instrument of understanding, it prompts us to decipher a sound form of knowledge.”

চিলিত ভায়লিতা পাৰা (Violeta Parra)
আৰ্জেণ্টিনাৰ মাৰ্চিডিজ চোছা (Mercedes Sosa )

লেটিন আমেৰিকাত,  আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ সংগীতৰ যি সাম্ৰাজ্যবাদী ব্যৱসায়িক আধিপত্য তাৰ বিৰুদ্ধে তথা, সাম্ৰাজ্যবাদ বিৰোধী সংগ্ৰামৰ লক্ষ আগত ৰাখি, সামাজিক আৰু ৰাজনৈতিক বিষয়ক কেন্দ্ৰ কৰি এই “নতুন গানৰ আন্দোলন” (Nueva cancion movement) গঢ় লৈ উঠিছিল। এই গীত লেটিন আমেৰিকাৰ খাটিখোৱা শ্ৰমজীৱী কৃষক শ্ৰমিকৰ মাজৰ সংগ্ৰামী ঐক্য তথা শ্ৰেণী সচেতনতা গঢ় দিয়াৰ লগতে দৈনন্দিন জীৱনৰ জীয়াই থকাৰ প্ৰেৰণা স্বৰূপ হৈ উঠিছিল। এই গীতবোৰৰ বিষয়বস্তুত মুখ্যতে স্থান পাইছিল – দৰিদ্ৰতা, সামাজিক সবলীকৰণ, গণতন্ত্ৰ, মানৱ অধিকাৰ, সাম্ৰাজ্যবাদ, ধৰ্ম, আৰু লেটিন আমেৰিকিয় পৰিচয় (identity) ইত্যাদি।

চিলিত ভায়লিতা পাৰা (Violeta Parra), আৰ্জেণ্টিনাৰ আটাহুয়ালপা য়ুপাঙ্কি (Atahualpa Yupanqui) আৰু মাৰ্চিডিজ চোছা (Mercedes Sosa) আদি শিল্পীয়ে লেটিন আমেৰিকাৰ ৰাজনৈতিক আৰু সাংস্কৃতিক জগতখনত জোৱাৰৰ সৃষ্টি কৰিছিল। আটাহুয়ালপা য়ুপাঙ্কি আৰু মাৰ্চিডিজ চোছাৰ দৰে শিল্পীসকলে তেওঁলোকৰ দেশৰ পৰম্পৰাগত সংগীত পুনৰুদ্ধাৰ কৰিবলৈ কাম কৰিছিল আৰু চিলিৰ প্ৰখ্যাত লোকগায়িকা ভায়োলেটা পাৰাই এই গানবোৰ চিলিলৈ লৈ আহিছিল।

আৰ্জেণ্টিনাৰ আটাহুয়ালপা য়ুপাঙ্কি (Atahualpa Yupanqui)
চিলিৰ ভিক্টৰ জাৰা (Victor Jara)

এইদৰেই নুৱেভা কেনচিয়ন সংগীত এক “ৰাজনৈতিকভাৱে সচেতন আন্দোলন” হৈ পৰে, যিয়ে বিশেষকৈ উত্তৰ আমেৰিকাৰ পপ সংস্কৃতিৰ প্ৰভাৱৰ সৈতে যুঁজি থকা “লেটিন আমেৰিকান পৰিচয়” গ্ৰহণ কৰে।

চিলিৰ ভিক্টৰ জাৰা এই Nueva Cancion আন্দোলনৰ অন্যতম সংগ্ৰামী শিল্পী আছিল‌। (ক্ৰমশঃ)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *